Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ

Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Join Telegram channel

Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ

Sociological Foundations of Education Unit 3 Role of Education in Social Changes and Development Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 3 শিক্ষা সামাজিক পৰিৱৰ্তন আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.


8. Describe the Role of the school in developing the measures of community?

উত্তৰঃ বিদ্যালয়ক এক ক্ষুদ্র সমাজস্বৰূপে আখ্যা দিব পাৰি । সমাজৰ ইচ্ছা-আকাংক্ষা আৰু প্ৰয়োজনসমূহ বিদ্যালয়ৰ কাৰ্য্যাৱলীৰ মাজেদিয়েই প্রতিফলিত হোৱা দেখা যায়। এক সামাজিক অনুষ্ঠান হিচাপে বিদ্যালয়ৰ মুখ্য কাম হৈছে ভৱিষ্যতৰ সু-নাগৰিকসকলক গঢ় দি তোলা। এই সু-নাগৰিকসকলেই সাম্প্রদায়িক বিকাশত অৰিহণা যোগাব পাৰে। প্ৰগতিশীল দেশবিলাকত সদ্যহতে কিছুমান আধুনিক শ্ল’গান পৰিলক্ষিত হয়। যেনে-Let us study the community, use the community, serve the community and involve the community in the educational process.” গতিকে বর্তমান সময়ত বিদ্যালয়ে সম্প্রদায়ক বাদ দি আগুৱাই যোৱাটো সম্ভৱ নহয়। সেয়েহে বিদ্যালয় আৰু সম্প্ৰদায়ৰ মাজত এক মধুৰ সম্পৰ্ক গঠন কৰাটো অতীব আৱশ্যক। ইয়াৰ বাবে শিক্ষানুষ্ঠানত কিছুমান শিক্ষণীয় কৌশল (Educational strategies) হাতত লোৱাটো বাঞ্ছনীয় । তলত এই সম্পর্কে উল্লেখকৰা হ’ল—

(ক) ছাত্ৰ-ছাত্ৰীৰ সক্রিয় অংশগ্রহণে বিদ্যালয় আৰু সমাজৰ মাজত এক সু-সম্পর্ক গঠন কৰাত সহায় কৰিব পাৰে। বিভিন্ন ধৰণৰ সাম্প্রদায়িক উন্নয়নৰ কাৰ্যসমূহত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিব লাগে। যেনে-ৰাস্তাঘাট নির্মাণ, পানী যোগান, সভা সমিতি জৰীপ কাৰ্য আদি।

(খ) দ্বিতীয়তে, ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক প্রজেক্ট (Educational project) সমূহৰ লগত সংগতি ৰাখি গ্ৰাম্য সম্প্ৰদায়ৰ, সামাজিক, আৰ্থিক, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক দিশসমূহৰ সৈতে পৰিচয় ঘটাব লাগে। এনে ধৰণৰ কাৰ্যসূচীসমূহৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মনত সাম্প্রদায়িক বিকাশৰ ভাৱ জাগ্রত কৰি তুলিব পৰা যাব।

(গ) শিক্ষানুষ্ঠানৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহত সমাজৰ লোকসকলৰ অংশগ্রহণেও বিদ্যালয় আৰু সাম্প্ৰদায়িক উন্নয়নৰ মাজত মধুৰ সম্পৰ্ক সানিব পাৰে। কিয়নো সমাজৰ লোকসকলৰ লগত ছাত্র ছাত্ৰীৰ ঘনিষ্ঠতাই সামাজিক সমস্যাসমূহ আলোকপাত কৰাত সহায় কৰে।

(ঘ) সামাজিক আৰু বয়স্ক শিক্ষাকেন্দ্ৰসমূহৰ স্থাপনে সম্প্ৰদায় আৰু বিদ্যালয়ৰ মাজত এক ওচৰ সম্পৰ্ক স্থাপন কৰে। সমাজৰ প্রত্যেক ব্যক্তিকে শিক্ষাৰ দ্বাৰ স্বাৱলম্বী কৰি জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰি তোলাটো সাম্প্রদায়িক বিকাশৰ পৰিচায়ক।

(৬) বিদ্যালয়ত শিক্ষক-অভিভাৱকৰ সভা (Parent-teacher Association) অনুষ্ঠিত কৰাটো খুবেই গুৰুত্বপূৰ্ণ। কিয়নো ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহৰ সৈতে অভিভাৱকসকল সদ। সচেতন হোৱা উচিত আৰু সেই অসুবিধা সমূহ দূৰ কৰিলেহে ছাত্ৰ-ছাত্ৰীৰ সুস্থ বিকাশ সম্ভৱপৰ হৈ উঠিব। গতিকে শিক্ষক-অভিভাৱকৰ সভাই ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ মাজত একতাৰ জৰীৰে বান্ধি ৰখাত সহায় কৰে। অবিৰতভাৱে, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মূল্যায়নতো অৰিহণা যোগায়। ইয়াৰ উপৰি অভিভাৱকসকল হৈছে সমাজৰ একো একোটা অংশ। গতিকে সমাজৰ উন্নয়নৰ ক্ষেত্ৰত আৰু দেখা দিয়া সমস্যাৱলীসমূহৰ বিষয়ে অৱগত হ’ব পৰাকৈ সুস্থ বৈজ্ঞানিক ভাৱধাৰাৰ বিকাশ সাধনত এনে সভাই সহায় কৰে।

(চ) বিভিন্ন ধৰণৰ সমুদায় সম্পদ (Community resources) সমূহৰ সৈতে শিক্ষানুষ্ঠানৰ শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদান কৰাটো প্রয়োজন। এই সমুদায় সম্পদসমূহ ভৌগোলিক, সাংস্কৃতিক,ঐতিহাসিক, প্রযুক্তিবিদ্যামূলক আদি বিভিন্ন ধৰণৰ হ’ব পাৰে। গতিকে ছাত্ৰ-ছাত্ৰীক সচৰাচৰ বা প্রয়োজনসাপেক্ষে গাও অঞ্চল, অভয়াৰণ্য, যাদুঘৰ, মঠ মন্দিৰ, মছজিদ, বৈজ্ঞানিক কাৰাখানা, ঔদ্যোগিক, ক্ষেত্র, বেংক, বজাৰ ক্ষেত্ৰ আদিসমূহৰ সৈতে পৰিচয় ঘটাব লাগে। এনে ধৰণৰ সম্পদ সমূহৰ উন্নতি সাধন আৰু সংৰক্ষণ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ লগতে সচেতন কৰা উচিত।

(ছ) ৰাষ্ট্ৰীয় সংহতি আৰু একতাৰ ভাৱ স্থাপনৰ বাবে বিদ্যালয়ত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উৎসৱসমূহ পালন কৰাত ছাত্ৰ-ছাত্ৰীক সদাই উৎসাহিত কৰিব লাগে। এনে ধৰণৰ উৎসৱসমূহৰ পালনেও সাম্প্রদায়িক বিকাশত সহায় কৰে।

গতিকে দেখা গ’ল যে, সাম্প্রদায়িক বিকাশত শিক্ষাই অনির্বচনীয় ভূমিকা পালন কৰিছে। বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন গোষ্ঠী, জনগোষ্ঠীয় সংমিশ্ৰণৰ ফলত এক বিৰাট সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হৈছে। লগে লগে বিভিন্ন ধৰণৰ সাংস্কৃতিক মিলনৰ ফলত সমস্যাই দেখা নিদিয়াও নহয়। সেয়েহে এইক্ষেত্ৰত শিক্ষাই সমগ্ৰ উত্তৰ-পূব ভাৰতৰ সাম্প্রদায়িক বিকাশত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। বৰ্তমান শিক্ষা বহুল প্ৰসাৰৰ লগে লগে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে এক আমূল পৰিৱৰ্তন সাধন হৈছে। ফলত গোষ্ঠীগত আৰু সাম্প্রদায়িক বৈষম্যসমূহ কিছু পৰিমাণে হ্রাস হোৱা পৰিলক্ষিত হৈছে। শিক্ষাই সকলোৰে মণত এক সুস্থ ভাৱধাৰা, বৈজ্ঞানিক চিন্তাধাৰাৰ ভাৱ উদ্বুদ্ধ কৰি এক সুন্দৰ জীৱন-যাপনৰ বাবে প্ৰস্তুত কৰি তোলে। গতিকে উত্তৰ-পূৰ্বাঞ্চলৰ সাম্প্রদায়িক বিকাশত শিক্ষাৰ ভূমিকা এক মাইলৰ খুঁটি। 

9. What are the main characteristics of social change.

উত্তৰঃ (ক) সামাজিক পৰিৱৰ্তন বিশ্বজনীন প্ৰকৃতিৰ ই সকলো সমাজতেই হয়। পৌৰাণিক বা সভ্য যিকোনো সমাজেই কাহানিও স্থবিৰ হৈ নাথাকে । সমাজ সদায় গতিশীল প্রকৃতিৰ।

(খ) সামাজিক পৰিৱৰ্তন এক ধাৰাবাহিক প্রক্রিয়া । অৱশ্যে সময় আৰু সমাজভেদে— ‘ইয়াৰ ধাৰা আৰু গতিত ভিন্নতা পৰিলক্ষিত হ’লেও ই কাহানিও স্থবিৰ হৈ পৰা প্ৰক্ৰিয়া নহয়।

(গ) সামাজিক পৰিৱৰ্তন সামাজিক প্ৰকৃতিৰ, ব্যক্তিগত প্ৰকৃতিৰ নহয়। ইয়াৰ প্ৰভাৱ সামাজিক স্তৰত বুজিব পৰা যায়। এজন ব্যক্তিৰ জীৱনত হোৱা পৰিৱৰ্তন সামাজিক পৰিৱৰ্তন নহয়। সমাজতত্ত্বই সামাজিক পৰিৱৰ্তনৰ ওপৰতে গুৰুত্ব আৰোপ কৰে, ব্যক্তিগত পৰিৱৰ্তনৰ ওপৰত নহয়।।

(ঘ) সামাজিক পৰিৱৰ্তনৰ আন এক চৰিত্ৰ হ’লে ই সমৰূপত কেতিয়াও নহয়। অর্থাৎ ইয়াৰ পৰিৱৰ্তনীয় গুণ সময় আৰু সমাজভেদে অসমান উদাহৰণস্বৰূপে নগৰীয়া বা ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন গ্ৰাম্য বা জনজাতীয় সমাজতকৈ ক্ষিপ্ৰ গতিত নহয়।

(৬) ইয়াৰ আন এক বৈশিষ্ট্য হৈছেই চিৰশ্বাশ্বত আৰু অপৰিহাৰ্য প্ৰক্ৰিয়া। ই হৈছে স্বাভাৱিক প্রকৃতিগত প্রক্রিয়া। ইয়াক প্ৰয়োজনীয় প্রক্রিয়া বুলিও আখ্যা দিয়া হয়। পৰিৱৰ্তন সুপৰিকল্পনা অনুযায়ী অথবা প্রকৃতিগতভাৱে হোৱা দেখা যায়।

(চ) সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত পূৰ্বকথন সম্ভৱ নহয়। কেতিয়া, কেনেকৈ, কোনবোৰ কাৰকৰ প্ৰভাৱত, কি স্তৰ বা আৰ্হিত, কিমান ক্ষিপ্ৰতাৰে বা লাহে লাহে পৰিৱৰ্তন হয় তাক আগতিয়াকৈ ক’ব কৰিব নোৱাৰি। ইয়াক মাথো অনুমানহে কৰিব পাৰি। এনে আনুমানিক পৰিৱৰ্তনৰ বিষয়ে সঠিকভাৱে একো ক’ব নোৱাৰি।

(ছ) সামাজিক পৰিৱৰ্তনৰ আন এক উল্লেখযোগ্য চৰিত্ৰ হ’ল ই শিকলিকেন্দ্রীক যোগসূত্ৰত হোৱা দেখা যায়। সমাজৰ এটা দিশত হোৱা পৰিৱৰ্তনে আপোনা-আপুনিভাৱে আন এটা দিশত প্ৰভাৱ পেলায়। যিহেতু সামাজিক অংশবোৰ পাৰম্পৰিক আন্তঃসম্পর্কযুক্ত সেয়ে পৰিৱৰ্তনো শিকলীকেন্দ্রীক হয়। 

(জ) সামাজিক পৰিৱৰ্তন বিভিন্ন কাৰকৰ আন্তঃসম্পর্কযুক্ত সেয়ে পৰিৱৰ্তনো শিকলীকেন্দ্রীক হয়।

(ঝ) সামাজিক পৰিৱৰ্তন বিভিন্নকাৰকৰ আন্তঃক্ৰিয়াৰ ফলস্বৰূপে হয়। প্রযুক্তিগত পৰিৱৰ্তন, অর্থনৈতিক উন্নয়ন, জলবায়ুৰ তাৰতম্য, ভৌগোলিক কাৰক, জনসংখ্যা হ্রাস-বৃদ্ধি ইত্যাদিবোৰৰ সমষ্টিগত প্ৰভাৱত সামাজিক পৰিৱৰ্তন হয়। 

(ঞ) সামাজিক পৰিৱৰ্তনে সলনি বা বদলি কৰে। অৰ্থাৎ পৰিবৰ্তন হোৱা-মানে প্রচলিত ব্যৱস্থাৰ আংশিক সলনি বা পূর্ণ বদূলিকৰণ বুজায়। উদাহৰণস্বৰূপে অতীতৰ যুটীয়া পৰিয়ালৰ ব্যৱস্থা আনৱিক পৰিয়াল ব্যৱস্থালৈ পৰিৱৰ্তন হোৱা অথবা অতীতত পাৰ চৰাইৰ যোগেদি,কৰা যোগাযোগৰ ঠাইত বৰ্তমান ডাকসেৱা, মবাইল আৰু ইণ্টাৰনেটৰ প্ৰচলনৰ কথাক উল্লেখ কৰিব পাৰি।

(ট) সামাজিক পৰিৱৰ্তন বস্তুতাত্বিক । ই এক ভাগকেন্দ্ৰীক প্রক্রিয়া ইয়াৰ সৈতে কোনো ধৰণৰ মূল্যবোধৰ বিচাৰ জড়িত হৈ নাথাকে। পৰিঘটনা হিচাপে সামাজিক পৰিৱৰ্তনক নৈতিক বা অনৈতিক বুলি ক’ব, নোৱাৰি বৰঞ্চ ইয়াক মৌখিক বুলিহে ক’ব পৰা যায়। নীতিগতভাবে ই নিৰপেক্ষ।

(ঠ) সামাজিক পৰিৱৰ্তন আভ্যন্তৰীণ বা বাহ্যিক কাৰকৰ প্ৰভাৱত হোৱা দেখা যায়। 

10. Discuss about the Importance of human resource development.

উত্তৰঃ এখন দেশৰ অৰ্থনৈতিক উন্নয়নত সেই দেশৰ মানৱ সম্পদৰ বিকাশৰ ভূমিকা অতীব গুরুত্বপূর্ণ। কিয়নো, দেশ এখনৰ উৎপাদন ক্ষমতা নিৰ্ভৰ কৰে সেই দেশৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত, উদ্যোগিক যন্ত্রপাতি, দ্রব্য সামগ্রী আদি সঠিকভাবে পৰিচালনা কৰিবলৈ হ’লে মানৱ সম্পদৰ গুৰুত্ব নুই কৰিব নোৱাৰি। গতিকে শ্ৰমিকসকলৰ শক্তি মৰ্যদা আৰু উৎপাদন দক্ষতাৰ ওপৰতেই দেশৰ প্রগতি নিৰ্ভৰশীল। যিমানেই মানৱ সম্পদৰ বিকাশ হ’ব, সিমানেই দেশৰো উন্নতি সৰ্বজনবিদিত। মানৱ সম্পদ বিকাশৰ গুৰুত্ব সম্পর্কে অতি চমুকৈ তলত আলোচনা কৰা হ’ল

১। উদ্যোগিক যন্ত্রপাতিৰ সঠিক পৰিচালনা কৰাঃ বৰ্তমান সময়ত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূর্ব সফল উন্নয়নৰ হেতুকে উৎপাদনৰ ক্ষেত্ৰখনৰ এক আমূল পৰিৱৰ্তন সাধিত হৈছে। নিত্য নতুন আৱিষ্কাৰ আৰু উদ্যোগিক যন্ত্রপাতিসমূহ সঠিকভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত মানৰ সম্পদে সহায় কৰে। দক্ষ, প্রশিক্ষণপ্রাপ্ত আৰু কৌশলী শ্ৰমিকৰ অবিহনে এটা উদ্যোগ জীয়াই থাকিব নোৱাৰে। সেয়েহে মানৱ সম্পদৰ বিকাশৰ গুৰুত্ব স্বীকাৰ কৰিবই লাগিব।

২। উৎপাদনৰ হাৰ বৃদ্ধিঃ মানৱ সম্পদ বিকাশৰ অন্য এক প্রয়োজনীয়তা হৈছে— ই উৎপাদনৰ হাৰ বৃদ্ধি কৰি তোলে। উপযুক্ত দক্ষ কৌশলী, ব্যর্থ, নিপুণ মানৱ শক্তিৰ ওপৰতেই অৰ্থনীতিৰ উৎপাদনৰ ক্ষমতা নিৰ্ভৰশীল। 

৩। জনমূৰি আয় বৃদ্ধি: মানৱ সম্পদ বিকাশে জাতীয় জনমূৰি আয় বৃদ্ধি কৰি তুলি দেশৰ উন্নতিত সহায় কৰে। যিমানেই মানৱ সম্পদৰ বিকাশ হ’ব, সিমানেই মানুহৰ উপাৰ্জনৰ হাৰ বাঢ়িব আৰু দেশৰ জনমূৰি আয় বৃদ্ধি হোৱাত অৰিহণা যোগাব।

৪। ব্যক্তিক উপযুক্ত প্রশিক্ষণপ্রাপ্ত, দক্ষ আৰু কৌশলী কৰি তোলেঃ যিহেতুকে মানৱ সম্পদৰ বিকাশে ব্যক্তিৰ অন্তনির্হিত গুণাৱলী, প্রতিভা, দক্ষতা, ক্ষমতা, জ্ঞান, বুদ্ধি, বুজন ক্ষমতা আদিৰ বিকাশক সাঙুৰি লয়, সেয়েহে এনে বিকাশৰ ফলত ব্যক্তিৰ যিকোনো কামৰ বাবে উপযুক্ত হৈ উঠে।

৫। প্রাকৃতিক সম্পদ সঠিক প্রয়োগঃ আমাৰ ভাৰতবৰ্ষ অফুৰন্ত প্রাকৃতিক সম্পদত চহকী দেশ। আগৰ দিনত ব্যক্তিসকলে প্ৰাকৃতিক সম্পদৰ বিষয়ে ইমান সচেতন নাছিল। কিন্তু বর্তমান একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে প্রাকৃতিক সম্পদসমূহৰ সতিক ব্যৱহাৰৰ বাবে মানুহবিলাক তৎপৰ হোৱা পৰিলক্ষিত হৈছে। কিয়নো প্রাকৃতিক সম্পদৰ-ওপৰতে দেশৰ অৰ্থনীতি যদিও নিৰ্ভৰশীল তথাপিও এইসমূহৰ সঠিক ব্যৱহাৰৰ বাৰৈ মানৱ সম্পদ বিকাশ হ’ব লাগিব।

11. – What are the main objectives of human resource Development?

উত্তৰঃ ভাৰতবৰ্ষৰ দৰে বিকাশীল বা উন্নয়নশীল দেশত উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণৰ যোগেদি মানুহক সম্পদলৈ ৰূপান্তৰিত কৰি দেশৰ জাতীয় জনমূৰি আয় বৃদ্ধিৰ যোগেদি অর্থনৈতিক উন্নয়নতো গুৰুত্ব আৰোপ কৰা হয়। মানৱ সম্পদ বিকাশৰ কেইটামান নির্দিষ্ট লক্ষ্য পৰিলক্ষিত হৈছে। সেইকেইটা হৈছে—

১। শিক্ষাৰ্থীসকলৰ মাজত:বৃত্তিমূলক, যোগ্যতাৰ বিকাশ সাধন কৰি তোলাটো মানৱ সম্পদ বিকাশৰ উদ্দেশ্য।

২। দৰিদ্ৰতা দূৰীকৰণ আৰু মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰাটো ইয়াৰ লক্ষ্য হিছাপে পৰিগণিত হৈছে। 

৩ । গণতান্ত্রিক মূল্য বাধৰ বিকাশ সাধন কৰি সমাজত সমৃতা, ন্যায়, ভ্রাতৃত্ববোধ স্থাপনৰ যোগেদি সুস্থ সমাজ প্রতিষ্ঠা কৰা। 

৪। শিক্ষাৰ্থীসকলৰ মাজত-বৈজ্ঞানিক-চিন্তাধাৰাৰ ভাব জগাই তুলি সমাজৰ প্ৰগতিত সহায় কৰিব পৰাকৈ যোগ্যৱান কৰি তোলা ৫ । আবেগিক আৰু জাতীয় বুজাপৰাৰ ভাব জগাই তোলা অর্থাৎ

নিজৰ দেশক ভালপোৱাৰ লগতে আন দেশৰ প্ৰতিও শৰদ্ধাভাব জাগৃত কৰা। 

৬। মানৱ সম্পদ বিকাশৰ অন্য এক লক্ষ্য হৈছে ব্যক্তিৰ সুপ্ত প্ৰতিভা-সমূহৰ বিকাশ সাধন কৰা।

৭। ব্যক্তিৰ সংখ্যাগত আৰু গুণগত মানদণ্ডৰ বিকাশৰ যোগেদি

প্ৰকৃত সম্পদ সৃষ্টি কৰাটোও ইয়াৰ লক্ষ্য। ৮। অর্থনৈতিক বাতাবৰণ সৃষ্টিৰ যোগেদি দেশৰ প্ৰগতিত অৰিহণ যোগোৱা। 

12. How can-the process of cultural changes be accelerated through education in North Eastern region? 

উত্তৰঃ বিভিন্ন লোকে লোকাৰণ্য ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল প্ৰধানকৈ আঠখন ৰাজ্য অসম, নাগালেণ্ড; মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশক সামৰি লৈ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক মিলনভূমি হিচাপে পৰিচিত হৈছে। প্ৰত্যেক জনগোষ্ঠীয় লোকৰে এক নিজস্ব সাংস্কৃতিক পৰিচয় আছে। উত্তৰ পূৰ্বাঞ্চলৰ এই আঠোখন ৰাজ্য বিভিন্ন জনগোষ্ঠীয় বসতি অনুসৰিয়ে গঢ় লৈ উঠিছে। ভাৰতৰ পূব দিশত অৱস্থিত সূর্য উঠা দেশ অসম প্রধানকৈ জনজাতি আৰু অজনজাতিৰ সংমিশ্ৰিত ৰাজ্য। আনকেইখন ৰাজ্য প্ৰধানকৈ জনজাতি লোকৰ বসতিভূমি। পাহাৰ আৰু ভৈয়ামৰ বেছিভাগ লোকেই মংগোলীয় জনগোষ্ঠীৰ লোক উত্তৰ পূৰ্বাঞ্চলত ৯ টা ভৈয়ামৰ আৰু ১৪টা পাহাৰীয়া জনজাতি প্ৰধানকৈ অন্তর্ভূক্ত হৈ আছে। ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত বড়ো, কছাৰী তিৱা, মিচিং, সোনোৱাল আদি। তাৰ বিপৰীতে পাহাৰীয়া জনজাতিৰ ভিতৰত কছাৰী, গাৰো, খাছী, নগা, কাৰ্বি, মিজো, পাৱৈ, চিনথেং আদি। বর্তমান বিভিন্ন স্থানত সিঁচৰিত হৈ থকা এই লোকসকলৰ মাজত সাংস্কৃতিক ভাবৰ আদান-প্রদান সংমিশ্রণে এক বিৰাট ভাৰতীয় সংস্কৃতি লৈ উঠাত সহায় কৰিছে। বৰ্ত্তমান সময়ত আধুনিক শিক্ষা ব্যৱস্থা,নগৰীকৰণ; উদ্যোগীকৰণ; ব্যৱসায় বাণিজ্যৰ সফল উন্নয়ন আৰু যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ ফলত জনগোষ্ঠীয় লোকসকলৰ সাংস্কৃতিক ক্ষেত্ৰখনত পৰিৱৰ্তন সাধন হৈছে।

সংস্কৃতিয়ে মানুহৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, শিক্ষা-দীক্ষা, ঘৰ দুৱাৰ, শিল্প-কলা;ধর্ম বিশ্বাস, সাহিত্য আদি সকলো দিশকে সাঙুৰি লয়। সংস্কৃতি হ’ল মানুহৰ সামগ্ৰিক জীৱন প্ৰক্ৰিয়াৰ এক ফলশ্রুতি মাথোন পৰিবেশ পৰিস্থিতি ভেদে সংস্কৃতিৰ ভিন্নতা পৰিলক্ষিত হয় যদিও সংস্কৃতিক এখন বোৱতী নদীৰ লগত-তুলনা কৰিব পাৰি অৰ্থাৎ সময়ে সময়ে সংস্কৃতিৰ পৰিৱৰ্তন হৈয়ে থাকে। ই ঐক্য সার্বজনীন প্ৰক্ৰিয়া। গ্ৰীক দার্শনিকসকলৰ মতে, এই পৃথিৱীত পৰিৱৰ্তনৰ বাহিৰে একোৱেই স্থায়ী নহয়। (There is nothing permanent except change) । এনে পৰিৱৰ্তনৰ ফলতেই আমাৰ সমাজত পুৰণি ৰীতিনীতি; পৰম্পৰা বিশ্বাস আদিৰ পৰিৱৰ্তে নতুন ধ্যান, ধাৰণা আদি গঢ় লৈ উঠে।এক কথাত ক’বলৈ গ’লে বস্তুবাদী আৰু অবস্তুবাদী সকলো দিশৰ পৰিৱৰ্তনেই হ’ল সাংস্কৃতিক পৰিবৰ্তন। সংস্কৃতি এটা পুৰুষৰ পৰা অন্য এটা পুৰুষলৈ হস্তান্তৰিত কৰিব পাৰি।

শিক্ষা হ’ল— সাংস্কৃতিক পৰিৱৰ্তনৰ এটি প্রধান অংগ। বর্তমান একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সফল উন্নয়নত শিক্ষাই সাংস্কৃতিক পৰিৱৰ্তনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শিক্ষাই সংস্কৃতিক উত্তৰ পুৰুষলৈ সংৰক্ষণ কৰাত সহায় কৰে। উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইউখন ৰাজ্যতে ভালেসংখ্যক জনগোষ্ঠীয়ে প্রাচীন কালৰে পৰা বসবাস কৰি আহিছে। সাজপাৰ, মাত-কথা, ধৰ্ম-বিশ্বাস, উৎসৱ বিভিন্ন প্রণালীয়ে প্রত্যেক জনগোষ্ঠীৰে নিজস্ব সমাজ আৰু সংস্কৃতিৰ বীজ অংকুৰণত সহায় কৰে।

সাংস্কৃতিক পৰিৱৰ্তনত শিক্ষাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিসকল পাহাৰীয়া আৰু ভৈয়মীয়া এই দুটা ৰূপত বিস্তৃত হৈ আছে। যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ অভাৱ, শৈক্ষিক সুযোগ সুবিধাৰ পৰা বঞ্চিত, জীৱন-ধাৰণৰ মানদণ্ড, অন্ধবিশ্বাস আদিয়ে এনে লোকসকলৰ আৰ্থ-সামাজিক উন্নয়নত প্ৰভাৱ পেলাইছিল। কিন্তু শিক্ষাৰ প্ৰসাৰৰ লগে লগে উত্তৰ পূৰ্বাঞ্চলত বাস কৰা লোকসকলৰ মানসিক, বৌদ্ধিক বিকাশৰ লগতে সুস্থ চিন্তাধাৰা পৰিৱৰ্তনে সাংস্কৃতিক ক্ষেত্ৰখনৰো পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। 

তলত শিক্ষাই সাংস্কৃতিক পৰিৱৰ্তনত কেনে ভূমিকা পালন কৰিছে সেই বিষয়ে আলোচনা কৰা হ’ল—

১। সংস্কৃতি উত্তৰ পুৰুষলৈ হস্তান্তৰিত কৰাত সহায় কৰাঃ শিক্ষাৰ দ্বাৰাই সমাজ সংৰক্ষণ হয়। এখন সমাজৰ, এটা জাতিৰ ৰীতি-নীতি, কলা-সংস্কৃতি, আদর্শ, বিশ্বাস আদি শিক্ষাৰ মাধ্যমতেই এটা পুৰুষৰ পৰা অন্য এটা পুৰুষলৈ প্ৰৱাহিত হয়। শিক্ষাই পুৰণি সংস্কৃতি, কৃষ্টি আদি সংৰক্ষিত কৰি সামাজিক জীৱন প্ৰাণৱন্ত কৰি ৰাখে।

২। শিক্ষাই সামাজিক পৰিৱৰ্তন আনেঃ শিক্ষা এনে এক শক্তিশালী মাধ্যম যিয়ে এখন সমাজৰ ব্যক্তিসকলৰ চিন্তা-চৰ্চাৰ বিকাশ সাধন কৰি সেই সমাজৰ পৰিৱৰ্তন সাধনত সহায় কৰে। এটা কথা ঠিক যে সামাজিক পৰিৱৰ্তন মানেই সাংস্কৃতিক পৰিৱৰ্তন। গতিকে সমাজৰ পৰিৱৰ্তনৰ লগে লগে সেই সমাজৰ ৰীতি-নীতি, আদর্শ, ধর্ম বিশ্বাস, লোকাচাৰ, উৎসৱ-পাৰ্বন, পৰম্পৰী আদিৰো পৰিৱৰ্তন হয়।

৩। অন্ধবিশ্বাস দূৰীকৰণত সহায় কৰা: শিক্ষাই সংস্কৃতিৰ এক উপাদান হিচাপে সাংস্কৃতিক পৰিৱৰ্তনৰ গুৰি ধৰে। কিয়নো, শিক্ষাৰ দ্বাৰাই মানুহৰ মাজত থকা অন্ধবিশ্বাস দূৰ কৰি বৈজ্ঞানিক চিন্তাধাৰাৰ উন্মেষ ঘটাব পাৰি যিয়ে পৰিৱৰ্তনশীল সমাজৰ লগত খাপ খাব পৰাকৈ ধ্যান-ধাৰণা, আচাৰ-ব্যৱহাৰ, মূল্যবোধ আদিৰ পৰিৱৰ্তন আনি সমাজখনক নতুন সাজেৰে অলংকিত কৰাত সহায় কৰে।

৪। গণতান্ত্রিক মূল্যবোধ জাগৃত কৰা: ন্যায়, সমতা, বন্ধুত্ব সুলভ মনোভাৱ, সহযোগিতা আদিৰ ভাৱ জাগৃত্‌ কৰি মানুহক একেডাল সূতাৰে বান্ধি ৰাখিবলৈ প্ৰয়াস কৰে কেৱলমাত্র শিক্ষাই। কিয়নো, শিক্ষাৰদ্বাৰা এনে গণতান্ত্রিক মূল্যবোধ জগাই তুলিব পাৰি। সকলোৱে অনৈক্যৰ মাজত ঐক্যৰ ভাৱ গঢ়ি তুলি সমাজ সংস্কৃতিৰ জগতখনত নতুন দিশৰ সূচনা কৰিব পাৰে।

৫। আন্তঃৰাষ্ট্ৰীয় বুজা পৰাৰ ভাব জগাই তোলা: শিক্ষাৰ মাধ্যমত বিশ্ব ভ্রাতৃত্ববোধ আৰু আন্তঃৰাষ্ট্ৰীয় বুজাপৰাৰ ভাব জগাই তুলিব পাৰি৷ নিজৰ দেশব বাবে জাতিটোৰ উন্নতিৰ বাবে আন্তঃজাতিক বুজাপৰাৰ ভাব জগাই তোলাটো খুবেই গুৰুত্বপূৰ্ণ। উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ মাজত একেডাল সাংস্কৃতিক ডোলেৰে বান্ধি ৰখাত শিক্ষাই যথেষ্ট। ভূমিকা পালন কৰিছে।

13. Write a Short Note on.

(a) Education and community development. 

উত্তৰঃ উত্তৰপূৰ্বাঞ্চলৰ সাম্প্রদায়িক বিকাশত শিক্ষাই অভুতুব অৱদান আগবঢ়াইছে। তলত এই সম্পৰ্কে উল্লেখ কৰা হ’ল—

১। সমাজৰ সু-নাগৰিকসকলক গঢ়ি তোলাত শিক্ষাই সহায় কৰে। আমি জানো যে— উপযুক্ত শিক্ষাৰ দ্বাৰা সু-নাগৰিকত্বৰ গুণসমূহৰ বিকাশ সাধন কৰিব পৰা যায়। সেয়েহে কোনো অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত সহযোগিতা, বন্ধুত্বসুলভ মনোভাৱ, ভ্রাতৃত্ববোধ, একতা, ন্যায়পৰায়ণতা আদি ভাৱ জাগৃত কৰি তোলাত শিক্ষাই সহায় কৰিব পাৰে।

২। শিক্ষাৰ দ্বাৰা ব্যক্তিক কোনো কামৰ বাবে উপযুক্ত কৰি গঢ় দি তুলিব পৰা যায়। ব্যক্তিৰ উৎপাদনক্ষমতা বৃদ্ধি হোৱাৰ লগে লগে কোনো সমূহ বা সম্প্ৰদায়ৰ আৰ্থিক বিকাশ সাধন হয়।

৩। শিক্ষাই উত্তৰ-পূৰ্বাঞ্চলৰ সাম্প্রদায়িক লোকসকলৰ জীৱন ধাৰণৰ, মানদণ্ডৰ পৰিৱৰ্তন সাধন কৰি চিন্তাধাৰা, দৃষ্টিভংগী আৰু বিবেচনা আদি প্ৰসাৰ ঘটাই আধুনিকীকৰণ সূচনা কৰে। বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ মাজত ৰীতি-নীতি, খাদ্যাভাস, আচাৰ-ব্যৱহাৰ আদিৰ পৰিৱৰ্তন ঘটাই তাৰ ঠাইত নতুন সংমিশ্রণ ঘটাই আধুনিকীকৰণত শিক্ষাই সহায় কৰে।

৪। শিক্ষাৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত যেনে:- সাম্প্রদায়িক বিকাশত সহায় কৰিব পৰাকৈ ব্যক্তিসকলৰ মাজৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি সচেতনতাৰ মনোভাৱ বৃদ্ধি কৰি তুলিব পাৰি।

৫। সাম্প্রদায়িক আৰু সাংস্কৃতিক আঞ্চলিক বৈষম্য দূৰ কৰি সকলোকে একতাৰ ডোলেৰে বান্ধি ৰখাত একমাত্র শিক্ষাইহে সহায় কৰিব পাৰে। কিয়নো, শিক্ষাৰ দ্বাৰা মানুহৰ মাজত বৈজ্ঞানিক চিন্তা ধাৰাৰ প্ৰসাৰ ঘটাই সুস্থ মনোভাৱ সৃষ্টি কৰিব পৰা যায়।

৬। শিক্ষাই কোনো এটা অঞ্চলৰ লোকসকলৰ মাজত শিক্ষিত হাব বৃদ্ধি কৰি সেই অঞ্চলটো উন্নতিৰ দিশেদি আগুৱাই যোৱাত সহায় কৰিব পাৰে৷ যিমানেই ব্যক্তিসকলে শিক্ষিত হ’ব সিমানেই এখন সমাজো প্ৰগতিৰ দিশোদ ঠাৱমান হ’ব।

৭। শিক্ষাৰ দ্বাৰা ভাষা-সংস্কৃতি এটা পুৰুষৰ পৰা অন্য এটা পুৰুষলৈ

সংৰক্ষণ কৰিব পৰা যায়। উত্তৰ পূৰ্বাঞ্চলৰ সাম্প্রদায়িক মাজত ভাষা-সংস্কৃতিৰ বিকাশত সেয়েহে শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূর্ণ।

৮। শিক্ষাই এটা অঞ্চলৰ বা এখন সমাজৰ লোকসকলৰ মাজত প্ৰচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰি সমাজ এখনৰ মানুহবোৰৰ মাজত মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখি প্ৰগতিৰ দিশেদি আগবাঢ়ি যোৱাত সহায় কৰে।

৯। উপযুক্ত শিক্ষা-দীক্ষাৰ ফলত প্রত্যেকেই স্বাৱলম্বী হৈ সাম্প্রদায়িক বিকাশত অৰিহণা যোগব পাৰে। কিয়নো প্রত্যেককে জীৱিকাৰ পথ সুগম কৰাত সমল যোগায়।

১০। ৰাষ্ট্ৰীয় সংহতি আৰু ঐক্যৰ ভাৱ জগাই তুলি প্ৰত্যেকৰে মাজত ‘আমি ভাৱ’ জাগৃত কৰি তোলাত কেৱল শিক্ষাইহে সহায় কৰিব পাৰে যিটো উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি-জনজাতীয় লোকসকলৰ মাজত খুবেই প্রয়োজনীয়।

(b) Impact of Economic development upon education.

উত্তৰঃ আমি জানো যে, শিক্ষা আৰু অৰ্থনৈতিক উন্নয়ন ইপিঠি সিপিঠিৰ নিচিনা, এটাক এৰি আনটো। সম্পূৰ্ণ হ’ব নোৱাৰে। শিক্ষাই যেনেকৈ অর্থনৈতিক উন্নয়নেও এখন দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰত প্রভাৱ পেলায়। কিয়নো, কেৱল অর্থনৈতিক উন্নয়ন হোৱা দেশেহে শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত বেছি-বিনিয়োগ কৰিব পাৰে। অৰ্থনৈতিকভাৱে পিছপৰা এখন দেশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশলসমূহ প্রয়োগতো বাধা আহি পৰিব। ইয়াৰ লগে লগে শিক্ষাৰ লক্ষ্য, উদ্দেশ্য পাঠ্যক্রম প্রস্তুতি, শিক্ষক নিযুক্তি, শিক্ষকৰ প্ৰশিক্ষণ,দৰমহা পাঠ্যপুথিৰ সংস্কাৰ সাধন, শিক্ষণীয় সা-সঁজুলিৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰত অৰ্থনৈতিক উন্নয়নে প্ৰভাৱ বিস্তাৰ কৰে। শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নয়নৰ কাৰণে উপযুক্ত সা-সুবিধা প্ৰদানৰ ক্ষেত্ৰত আৰ্থিকভাৱে স্বচ্ছল দেশ এখনেহে দায়িত্বভাৰ ল’ৰ পাৰে। গতিকে বৰ্তমানৰ শিক্ষক বৃত্তিমুখী আৰু অধিক উৎপাদনমুখী কৰি তুলিবৰ বাবে অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ কথা আমি নুই কৰিব নোৱাৰোঁ। আমি শেষত ক’ব পাৰো যে শিক্ষাৰ ওপৰতেই এখন দেশৰ প্ৰগতি নিৰ্ভৰশীল। ব্যক্তিক অধিক উৎপাদনক্ষম কৰ্মপঢ়ু কৰি তুলিবলৈ আৰু বিকাশৰ জগতখনত সহায় কৰিবলৈ শিক্ষাৰ ভূমিকা অতুলনীয়।

(c) Role of school in community development.

উত্তৰঃ বিদ্যালয়ক এক ক্ষুদ্র সমাজস্বৰূপে আখ্যা দিব পাৰি । সমাজৰ ইচ্ছা-আকাংক্ষা আৰু প্ৰয়োজনসমূহ বিদ্যালয়ৰ কাৰ্য্যাৱলীৰ মাজেদিয়েই প্রতিফলিত হোৱা দেখা যায়। এক সামাজিক অনুষ্ঠান হিচাপে বিদ্যালয়ৰ মুখ্য কাম হৈছে ভৱিষ্যতৰ সু-নাগৰিকসকলক গঢ় দি তোলা। এই সু-নাগৰিকসকলেই সাম্প্রদায়িক বিকাশত অৰিহণা যোগাব পাৰে। প্ৰগতিশীল দেশবিলাকত সদ্যহতে কিছুমান আধুনিক শ্ল’গান পৰিলক্ষিত হয়। যেনে-Let us study the community, use the community, serve the community and involve the community in the educational process.” গতিকে বর্তমান সময়ত বিদ্যালয়ে সম্প্রদায়ক বাদ দি আগুৱাই যোৱাটো সম্ভৱ নহয়। সেয়েহে বিদ্যালয় আৰু সম্প্ৰদায়ৰ মাজত এক মধুৰ সম্পৰ্ক গঠন কৰাটো অতীৰ আৱশ্যক । ইয়াৰ বাবে শিক্ষানুষ্ঠানত কিছুমান শিক্ষণীয় কৌশল (Educational strategies) হাতত লোৱাটো বাঞ্চনীয়। তলত এই সম্পর্কে উল্লেখকৰা হ’ল—

(ক) ছাত্ৰ-ছাত্ৰীৰ সক্রিয় অংশগ্রহণে বিদ্যালয় আৰু সমাজৰ মাজত এক সু-সম্পর্ক গঠন কৰাত সহায় কৰিব পাৰে। বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক উন্নয়নৰ কাৰ্যসমূহত ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিব লাগে। যেনে-ৰাস্তাঘাট নির্মাণ, পানী যোগান, সভা সমিতি জৰীপ কাৰ্য আদি।

(খ) দ্বিতীয়তে, ছাত্র-ছাত্ৰীসকলৰ শৈক্ষিক প্রজেক্ট (Educational project) সমূহৰ লগত সংগতি ৰাখি গ্ৰাম্য সম্প্ৰদায়ৰ, সামাজিক, আৰ্থিক, আৰ্থ-সামাজিক, ৰাজনৈতিক, শৈক্ষিক দিশসমূহৰ সৈতে পৰিচয় ঘটাব লাগে। এনে ধৰণৰ কাৰ্যসূচীসমূহৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মনত সাম্প্ৰদায়িক বিকাশৰ ভাৱ জাগ্রত কৰি তুলিব পৰা যাব।

(গ) শিক্ষানুষ্ঠানৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানসমূহত সমাজৰ লোকসকলৰ অংশগ্রহণেও বিদ্যালয় আৰু সাম্প্ৰদায়িক উন্নয়নৰ মাজত মধুৰ সম্পৰ্ক সানিব পাৰে। কিয়নো সমাজৰ লোকসকলৰ লগত ছাত্ৰ ছাত্ৰীৰ ঘনিষ্ঠতাই সামাজিক সমস্যাসমূহ আলোকপাত কৰাত সহায় কৰে। 

(ঘ) সামাজিক আৰু বয়ষ্ক শিক্ষাকেন্দ্ৰসমূহৰ স্থাপনে সম্প্রদায় আৰু বিদ্যালয়ৰ মাজত এক ওচৰ সম্পৰ্ক স্থাপন কৰে। সমাজৰ প্রত্যেক ব্যক্তিকে শিক্ষাৰ দ্বাৰ স্বাৱলম্বী কৰি জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰি তোলাটো সাম্প্রদায়িক বিকাশৰ পৰিচায়ক।

(৬) বিদ্যালয়ত শিক্ষক-অভিভাৱকৰ সভা (Parent-teacher Association) অনুষ্ঠিত কৰাটো খুবেই গুৰুত্বপূৰ্ণ। কিয়নো ছাত্ৰ-ছাত্ৰীৰ সমস্যাসমূহৰ সৈতে অভিভাৱকসকল সদ। সচেতন হোৱা উচিত আৰু সেই অসুবিধা সমূহ দূৰ কৰিলেহে ছাত্ৰ-ছাত্ৰীৰ সুস্থ বিকাশ সম্ভৱপৰ হৈ উঠিব। গতিকে শিক্ষক-অভিভাৱকৰ সভাই ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শিক্ষকৰ মাজত একতাৰ জৰীৰে বান্ধি ৰখাত সহায় কৰে। অবিৰতভাৱে, ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মূল্যায়নতো অৰিহণা যোগায়। ইয়াৰ উপৰি অভিভাৱকসকল হৈছে সমাজৰ একো একোটা অংশ। গতিকে সমাজৰ উন্নয়নৰ ক্ষেত্ৰত আৰু দেখা দিয়া সমস্যাৱলীসমূহৰ বিষয়ে অৱগত হ’ব পৰাকৈ সুস্থ বৈজ্ঞানিক ভাৱধাৰাৰ বিকাশ সাধনত এনে সভাই সহায় কৰে।

(চ) বিভিন্ন ধৰণৰ সমুদায় সম্পদ (Community resources) সমূহৰ সৈতে শিক্ষানুষ্ঠানৰ শ্ৰেণীকক্ষত ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদান কৰাটো প্রয়োজন। এই সমুদায় সম্পদসমূহ ভৌগোলিক, সাংস্কৃতিক, ঐতিহাসিক, প্রযুক্তিবিদ্যামূলক আদি বিভিন্ন ধৰণৰ হ’ব পাৰে। গতিকে ছাত্ৰ-ছাত্ৰীক সচৰাচৰ বা প্রয়োজনসাপেক্ষে গাও অঞ্চল, অভয়াৰণ্য, যাদুঘৰ, মঠ মন্দিৰ, মছজিদ, বৈজ্ঞানিক কাৰাখানা, ঔদ্যোগিক, ক্ষেত্র, বেংক, বজাৰ ক্ষেত্ৰ আদিসমূহৰ সৈতে পৰিচয় ঘটাব লাগে। এনে ধৰণৰ সম্পদ সমূহৰ উন্নতি সাধন আৰু সংৰক্ষণ শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰাৰ লগতে সচেতন কৰা উচিত।

(ছ) ৰাষ্ট্ৰীয় সংহতি আৰু একতাৰ ভাৱ স্থাপনৰ বাবে বিদ্যালয়ত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰীয় উৎসৱসমূহ পালন কৰাত ছাত্ৰ-ছাত্ৰীক সদাই উৎসাহিত কৰিব লাগে। এনে ধৰণৰ উৎসৱসমূহৰ পালনেও সাম্প্ৰদায়িক বিকাশত সহায় কৰে।

(d) Education and social change.

উত্তৰঃ এখন সমাজৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত শিক্ষাৰ ভূমিকা অনস্বীকার্য। শিক্ষাই হৈছে সামাজিক পৰিৱৰ্তনৰ প্ৰধান বাহক বা আহিলা স্বৰূপ। সামাজিক পৰিৱৰ্তনত শিক্ষাই নিম্নলিখিত কাৰ্যসমূহ সম্পাদনা কৰে।

(১) সুপ্ত প্রতিভাৰ বিকাশ সাধন কৰা: শিক্ষাই ব্যক্তিৰ অস্তৰত নিহিত হৈ থকা সুপ্ত প্রতিভা,শক্তি, সামৰ্থ আদিৰ বিকাশ সাধন কৰি এজন ব্যক্তিক সমাজৰ বাবে দক্ষ আৰু কৌশলী কৰি তোলে। যিয়ে ভৱিষ্যতে সমাজত পৰিৱৰ্তন সাধন কৰিব পাৰে।

(২) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশল সমূহৰ লগত খাপ খুৱাই তোলাত সহায় কৰে: সময়ৰ পৰিৱৰ্তনৰ লগে লগে পৰিৱৰ্তিত সমাজৰ লগত উপযুক্তভাৱে খাপ খাবৰ কাৰণে শিক্ষা ব্যৱস্থাৰো পৰিৱৰ্তন ঘটাবলগীয়া হয়। সেইবাবে বিজ্ঞান, শিল্প আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ লগে লগে বৰ্তমান শিক্ষাৰ উদ্দেশ্য, শিক্ষণ পদ্ধতি, শিক্ষাৰ বিষয়বস্তু আদিৰো পৰিৱৰ্তন প্রয়োজন হৈ পৰে। গতিকে এনে পৰিৱৰ্তিত শিক্ষাইহে আকৌ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নিত্য নতুন কৌশলসমূহৰ সৈতে ছাত্র-ছাত্ৰীসকলক খাপ খুৱাই তোলাত সহায় কৰে, এই উঠি অহা প্ৰজন্মই শেষত আমাৰ সমাজ জীৱনলৈ বিৰল পৰিৱৰ্তন আনিব আৰু ই বৰ্তমানৰ লগতে ভৱিষ্যতৰ সামাজিক উন্নতি আৰু প্ৰগতিত অৰিহণা যোগাব।

(৩) সুনাগৰিক হিচাপে গঢ়ি তোলা: শিক্ষাই হৈছে প্ৰধান বাহক যিয়ে শিক্ষার্থীক প্রয়োজনীয় জ্ঞান প্ৰদান কৰি দেশৰ একোজন সবল ব্যক্তিৰূপে গঢ়ি তোলাত সহায় কৰে। উপযুক্ত শিক্ষাই নাগৰিকসকলৰ মাজত বন্ধুত্বসুলভ মনোভাৱ, সহযোগিতা, সমতা, ন্যায় আদি গুণসমূহৰ বিকাশ সাধন কৰি প্ৰত্যেককে দেশৰ সু-নাগৰিক হিচাপে তৈয়াৰ কৰে। এই নাগৰিক সকলৰ ওপৰতেই এখন সমাজৰ উন্নতি নিৰ্ভৰ কৰে আৰু ই সামাজিক পৰিৱৰ্তনত অৰিহণা যোগাব পাৰে।

(8) শিক্ষার্থীক উপযুক্ত জ্ঞান, কৌশল,দক্ষতা আদি প্ৰদান কৰেঃ শিক্ষাই ব্যক্তিক প্রয়োজনীয় সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ উপযুক্ত জ্ঞান, কৌশল, দক্ষতা আদি প্ৰদান কৰে, যাৰ ফলত প্ৰত্যেক ব্যক্তিয়ে এখন সমাজৰ অৰ্থনৈতিক প্ৰগতিত অৰিহণা যোগাব পাৰে। ব্যক্তিয়ে শিক্ষাৰ সহায়তেই নিজকে প্ৰকৃত মানৱ সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে। এই মানৱ সম্পদৰ ওপৰতেই এখন সমাজৰ পৰিৱৰ্তন নিৰ্ভৰ কৰে।

(৬) শিক্ষাই ব্যক্তিক উৎপাদনক্ষম কৰি তোলেঃ শিক্ষই নাগৰিক সকলক উৎপাদন কৌশলী, কর্মনিপুণ কৰি তোলে। উপযুক্ত শিক্ষাৰে শিক্ষিত হৈ নাগৰিকসকলে আত্মনিৰ্ভৰশীল হ’ব পাৰে আৰু নিৱনুৱা সমস্যা দূৰ কৰিবলৈ সক্ষম হয়। ব্যক্তিৰ উৎপাদন ক্ষমতাৰ ওপৰত এখন সমাজ্জৰ বা দেশৰ অৰ্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে।

(৭) শিক্ষার্থীক সমাজ সচেতন আৰু দেশপ্রেমী কৰি তোলে: শিক্ষাই এখন দেশৰ সমাজ সচেতন আৰু দেশপ্রেমী নাগৰিকসকলক গঢ় দি তোলে। শিক্ষাৰ্থীসকলক সজ আচৰণৰ, ন্যায় পৰায়ণ, সহনশীল মনোভাৱ উদাৰতা মূল্যবোধ আদি প্ৰদান কৰি শিক্ষাৰ্থীসকলক সৎ গুণৰ অধিকাৰী কৰি তোলে। ইয়ে সমাজ পৰিৱৰ্তনতো অৰিহণা যোগায়।

(f) What part played by education in the devel opment of human resource? Write elaborately. 

উত্তৰঃ শিক্ষা এখন সমাজ বা দেশৰ সভ্যতাৰ বাহক আৰু ধাৰক।

কিয়নো, দেশ এখনৰ উন্নতি নির্ভৰ কৰে সৈই দেশৰ শিক্ষা ব্যৱস্থাৰওঁপৰতহে। এটা সময়ত দেশৰ অর্থনীতিবিদসকলে বিশ্বাস কৰিছিল যে- এখন দৈশৰ উন্নতিৰ আঁৰত সেই দেশৰ দলিত আমি থিয় হৈ লক্ষ্য কৰিছো যে, আমি বহুদূৰ আগবাঢ়ি আহিলো সঁচা, কিন্তু সেয়া কেৱল মানৱ সম্পদৰ বিকাশৰ বাবেহে। মানৱ সম্পদৰ প্ৰকৃত বিকাশৰ ওপৰতেই সেই দেশ বা জাতিৰ অর্থনৈতিক উন্নয়ন নিৰ্ভৰ কৰে। এইক্ষেত্ৰত শিক্ষাই হৈছে— প্রধান উপায় ৰা আহিলা যিয়ে মানৱৰ অন্তনিৰ্হিত সুপ্ত প্রতিভা আৰু ক্ষমতাৰ বিকাশ আৰু সংৰক্ষণ কৰিব পাৰি। সেয়েহে বৰ্তমান “সকলোৰে বাবে শিক্ষা” ৰ-ধাৰণা (Education for all) জাগৃত কৰাত প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ বিভিন্ন স্তৰলৈকে অভূতপূর্ব পৰিৱৰ্তন অনাৰ প্ৰয়াস কৰা হৈছে। কিয়নো, শিক্ষাই এজন ব্যক্তিৰ সৃজনীশীল প্রতিভা,দক্ষতা; যোগ্যতা আদিৰ বিকাশ সাধন কৰি ভৱিষ্যতে সু-নাগৰিক হৈ দেশৰ প্ৰগতিত অৰিহণা যোগাব পৰাকৈ ব্যক্তিক কার্যক্ষম, দক্ষ আৰু কৌশলী কৰি তুলিব পাৰে।

শিক্ষা আৰু মানৱ সম্পদৰ বিকাশৰ মাজত এক ওতপ্রোত সম্বন্ধ পৰিলক্ষিত হয়। কিয়নো, শিক্ষাইহে প্রকৃত মানৱ সম্পদৰ বিকাশ সাধন ঘটাব পাৰে। বৰ্তমান আমাৰ পৃথিৱীখন এটা সৰু গোলকলৈ

ৰূপান্তৰিত হৈছে। আধুনিকীকৰণ, গোলকীকৰণ, উদাৰীকৰণ; ব্যক্তিগতকৰণৰ সময়ছোৱাত আমাৰ শিক্ষণ ব্যৱস্থাক কেনেদৰে এই সময়োপযোগী পৰিস্থিতিৰ লগত খাপ খুৱাই উন্নতিৰ শিখৰলৈ আগবঢ়াই নিব পাৰি তাৰ ওপৰতেই আমাৰ দেশৰ প্ৰগতি নিৰ্ভৰশীল। গতিকে শিক্ষাৰ গুণগত মানদণ্ডৰ প্ৰসাৰ ঘটাই বিজ্ঞান প্রযুক্তি আৰু কাৰিকৰী বিদ্যাৰ সকলো দিশকে সাঙুৰি শিক্ষাৰ কাৰ্যক্ৰম প্ৰস্তুত কৰিলেহে প্ৰকৃত মানৱ সম্পদৰ বিকাশ ঘটিব। এই ক্ষেত্ৰত শৈক্ষিক অনুষ্ঠানসমূহক “শৈক্ষিক উদ্যোগ ৰা কাৰখানা” আৰু উদ্যোগিক প্রতিষ্ঠান বুলি অভিহিত কৰিৰ পাৰি য’ত শিক্ষকসকল হৈছে- গঢ়োতা অর্থাৎ শিক্ষকসকলেই শিক্ষার্থী সকলৰ প্ৰতিভাসমূহৰ বিকাশ ঘটাই বিভিন্ন ধৰণেৰে গঢ় দিব পাৰে। অন্তনিৰ্হিত গুণাৱলীৰ বিকাশ সাধন-কৰি ভৱিষ্যত জীৱনৰ বাবে প্রস্তুত কৰি তোলে। বর্তমান শিক্ষাক “মানৱ সম্পদ বিকাশৰ আহিলা” বুলি মত পোষণ কৰা হৈছে।

মানৱ সম্পদৰ বিকাশত শিক্ষাৰ ভূমিকা নিম্নলিখিত ধৰণেৰে উপস্থাপন কৰিব পাৰি—

১। শিক্ষাৰ্থীৰ আৰ্জিত গুণাৱলীৰ বিকাশ সাধনঃ এটা সদ্য নৱজাত শিশুৱে অধিক সম্ভাৱনীয়তা, প্রতিভা আৰু গুণাগুণ লৈ জন্মগ্রহণ কৰে। শিক্ষাই শিশুৰ এই অন্তর্নিহিত গুণাবলীৰ বিকাশ সাধন কৰাত সহায় কৰে আৰু যোগ্যৱান কৰি তোলে।

২। শিশুৰ দক্ষতা আৰু সৃজনীশীল প্রতিভার বিকাশ সাধনঃ শিক্ষাই সুপ্ত প্রতিভা আৰু সৃজনীশীল ক্ষমতাসমূহ চিনাক্ত কৰি তোলাত সহায় কৰে। নতুন নতুন কৌশল আৱিষ্কাৰ কৰি তুলিব পৰাকৈ দক্ষ আৰু কৌশলী কৰি তোলে।

৩। মানৱ শক্তিৰ গুণগত আৰু পৰিমাণগত বিকাশ সাধন: মানুহৰ গুণগত আৰু পৰিমাণগত বিকাশ সাধন কৰাই শিক্ষাৰ এক পৰম লক্ষ্য। শিক্ষার্থীসকলৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰি যিকোনো কামৰ বাবে দক্ষ কৰি তোলাত শিক্ষাই সহায় কৰে।

৪। উৎপাদনক্ষম কৰি তোলাত সহায় কৰাঃ শিক্ষাই ব্যক্তিক যিকোনো উৎপাদনৰ বাবেই দক্ষ আৰু কৰ্মপটু কৰি তোলে। শিক্ষার্থীসকলক উপযুক্ত প্রশিক্ষণপ্রাপ্ত আৰু কৌশলী কৰি তুলি উৎপাদনৰ জগতখনত অৰিহণা যোগাব পৰাকৈ সক্ষম কৰি তোলে।

৫। বৃত্তিমূলক দক্ষতাৰ বিকাশ সাধন: শিক্ষাই ব্যক্তিক যিকোনো এটা বৃত্তি নিবাৰ্চন কৰি লোৱাত বা যিকোনো বৃত্তিৰ বাবে যোগ্য কৰি তোলাত সহায় কৰে। নিজৰ আগ্ৰহ, অভিপ্রায়, অভিৰুচিৰ সহায়ত ব্যক্তিৰ বৃত্তিমূলক দক্ষতাৰ বিকাশ সাধন কৰি তোলাত শিক্ষাৰ ভূমিকা অপৰিসীম।

৬। সুস্থ অৰ্থনীতিৰ বিকাশ: এখন দেশৰ শিক্ষা ব্যৱস্থাৰ ওপৰতেই সেই দেশৰ মানৱ শক্তিৰ বিকাশ নিৰ্ভৰ কৰে। মানৱ শক্তিৰ বিকাশৰ লগে লগে সুস্থ অর্থনীতিৰ বিকাশ আশা কৰিব পাৰি।

৭। সামাজিক জীৱনৰ পৰিৱৰ্তনঃ উপযুক্ত শিক্ষাই মানৱ সম্পদৰ বিকাশ সাধন কৰি সামাজিক পৰিৱৰ্তনত অৰিহণা যোগায়। কিয়নো শিক্ষাই ব্যক্তিৰ মনৰ অন্ধবিশ্বাস দূৰ কৰি জ্ঞানৰ পোহৰ বিলাই আৰু প্রয়োজনীয় সামাজিক পৰিৱৰ্তন আনিব পৰাকৈ কৌশলী কৰি তোলে।

৮। সু-নাগৰিক চিনাক্তকৰণঃ শিক্ষাই সমাজ আৰু দেশৰ উন্নতিৰ বাবে প্ৰয়োজন হোৱা সচেতন, দেশপ্রেম, কৌশলী ব্যক্তিসকলৰ গঢ় দি তোলাত সহায় কৰে।

(g) Define Human Resource Development. 

উত্তৰঃ হাৰবিচন আৰু মায়াৰচৰ মতে—’সমাজৰ ব্যক্তিসকলৰ আৰু দক্ষতা বৃদ্ধি কৰা প্ৰচেষ্টাকে মানৱ সম্পদ বিকাশ বুলি কোৱা হয়।”

(Human Resource Development is the process of increasing the knowledge, the skill and the capacity of all the people is a society- Harbison and Myers, 1964.)

পিটাৰ ডুকাৰে আকৌ মানৱ সম্পদৰ বিকাশৰ সন্দৰ্ভত এনেদৰে মন্তব্য কৰিছিল—“মানুহ সম্পদ নহয়, মানুহ সম্পদ হিচাপে অভিহিত হ’ব তেতিয়া, যেতিয়া উপযুক্ত প্রশিক্ষণ আৰু বিকাশৰ সহায়ত যিকোনো উৎপাদনশীল কামৰ বাবে যোগ্য হৈ উঠিব।”

(i) Non-material culture.

উত্তৰঃ মানুহৰ চিন্তা-চচ, ধ্যান-ধাৰণা, ৰীতি-নীতি, ধর্মবিশ্বাস আদিৰ যি সংস্কৃতিৰ বিকাশ ঘটে তাকেই অবস্তুবাদী সংস্কৃতি আখ্যা দিয়া প্রকাশ ঘটে। চমু অৰ্থত যিবোৰক অনুভৱ কৰিব পাৰি, অথচ স্পর্শ কৰিব নোৱাৰি, সেইবোৰেই অবস্তুবাদী সংস্কৃতি। বিভিন্ন জাতিজাতি বা জনগোষ্ঠীৰ মাজত অতীতৰ পৰা বৰ্তমানলৈকে এনে সংস্কৃতিয়েই প্ৰভাৱ পেলাই আহিছে।

উত্তৰ পূৰ্বাঞ্চলৰ ভৌতিক আৰু অভৌতিক বা বস্তুবাদী আৰু অবস্তুবাদী দুয়োবিধ সংস্কৃতিৰ পৰিৱৰ্তনৰ মূলতে হৈছে শিক্ষা। কিয়নো— শিক্ষা হ’ল সংস্কৃতিৰ উৎপাদন। 

—শিক্ষাই নতুন সমাজ আৰু গোষ্ঠীৰ বাবে সংস্কৃতিক এটা পুৰুষৰ

পৰা অন্য এটা পুৰুষলৈ হস্তান্তৰিত কৰাত সহায় কৰে।

—শিক্ষাই সাংস্কৃতিক পৰিৱৰ্তনৰ প্ৰধান আহিলা।

(h) Material culture. 

উত্তৰঃ যান-বাহন, ঘৰ-দুৱাৰ, বাদ্যযন্ত, আচবাব-পত্ৰ আদি মানুহৰ দ্বাৰা সৃষ্টি হোৱা বস্তুৱেই হ’ল বস্তুবাদী সংস্কৃতিৰ উদাহৰণ। অর্থাৎ মানৱসৃষ্ট সকলোবোৰ বস্তু এনে সংস্কৃতিৰ অন্তৰ্গত। যিবোৰ বস্তু দৃশ্যমান, হাতেৰে স্পৰ্শ কৰিব পাৰি আৰু পৰিসাংখ্যিক হিচাপে গণনা কৰিব পাৰি সেইবোৰেই হ’ল বস্তুবাদী সংস্কৃতি। অৱশ্যে বস্তুবাদী সংস্কৃতিক বহুতো সমাজতত্ত্ববিদে মানি ল’ব নোখোজে। কিয়নো, সংস্কৃতিৰ সংজ্ঞা অনুসৰি সংস্কৃতিৰ উপাদানসমূহ সকলোৰে সমানে ব্যৱহাৰ আৰু উপভোগ কৰিব পৰা বিধৰ হ’ব লাগিব। ভৌতিক সংস্কৃতিৰ পৰিৱৰ্তন অতি খৰতকীয়া আধুনিক সমাজত পিন্ধন-উন, আচবাব, যত্নচালিত যানবাহন, উৎপাদন সঁজুলি, যন্ত্রপাতি, ঘৰ-দুৱাৰ আদি ভৌতিক সংস্কৃতিৰ বহুখিনি পৰিৱৰ্তন সাধিত হৈছে। এই ক্ষেত্ৰত শিক্ষাই এক শক্তিশালী ভূমিকা পালন কৰে।

(k) Education and community development with special reference to North-East India.

উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰীয়া আৰু ভৈয়ামৰ জনজাতিয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত বৰ্তমান শিক্ষাই এক আমূল পৰিৱৰ্তনৰ সূচনা কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলসমূহত শিক্ষাৰ প্ৰসাৰৰ লগে লগে সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ লগতে আধুনিকীকৰণ, পাশ্চাত্যকৰণ, সংস্কৃতিকৰণ, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়ত ব্যৱস্থাৰ উন্নতি আদিয়ে গা কৰি উঠিছে। ফলত সমাজৰ লোকসকলৰ মাজত সামূহিক আদান প্রদান, সহযোগিতা, প্রতিযোগিতা আদি মনোভাৱৰ বিকাশ সাধন হৈছে। শিক্ষাই উত্তৰ পূৰ্বাঞ্চলৰ অঞ্চলসমূহত কেনে ধৰণৰ সাম্প্ৰদায়িক বিকাশ সাধন কৰিছে সেই বিষয়ে আলোচনা কৰাৰ আগতে সম্প্ৰদায় আৰু সাম্প্রদায়িক বিকাশৰ বিষয়ে থুলমূলকৈ তলত আলোচনা কৰা হ’ল—

যেতিয়া কোনো বৃহৎ বা ক্ষুদ্ৰ সমূহৰ সদস্যসকলে সমূহীয়া উদ্দেশ্য সাধনৰ অৰ্থে একেলগে বসবাস কৰে তেতিয়াই সম্প্ৰদায়ৰ সৃষ্টি হয়। য’ত সকলো লোকৰে মাজত এক উমেহতীয়া স্বার্থ জড়িত হৈ থাকে। অন্যহাতেদি সাম্প্রদায়িক বিকাশ বুলিলে আমি একেটা ভৌগোলিক অঞ্চলত বসবাস কৰা লোকসকলৰ শাৰীৰিক, মানসিক, সামাজিক, আৰ্থিক আদি দিশৰ পৰিৱৰ্তন হৈ সকলোৱে সামূহিক আত্মীয়তাৰ ভাৱত থাকি কলা-সংস্কৃতিৰ বিকাশ সাধন কৰি তোলাকে বুজো৷ উত্তৰ পূব-ভাৰতত বিভিন্ন সম্প্ৰদায়ৰ লোক দেখিবলৈ পোৱা যায়। এই লোকসকলে কোনো নির্দিষ্ট স্থানত বসবাস কৰি এক উমৈহতীয়া স্বাৰ্থৰহকে কাম কৰে। সাধাৰণতে একেটা অঞ্চলত বসবাস কৰা লোকসকলৰ আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি, ভাষা, সংস্কৃতি আৰু অভিন্ন জীৱন-ধাৰণৰ পদ্ধতিৰ ফলত সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত একাত্মতাবোধ সৃষ্টি হয়। এইক্ষেত্ৰত শিক্ষাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

সাধাৰণতে সমাজ বুলিলে কিছুমান বিস্তৃত উমৈহতীয়া লক্ষ্য পূৰণৰ বাবে স্বতঃস্ফুর্তভাৱে সংগঠিত হোৱা সামাজিক আন্তঃসম্পৰ্কৰ জালস্বৰূপ এক বিমূৰ্ত্ত ধাৰণাকে আখ্যা দিব পাবি। কিন্তু Community শব্দটোৰ দ্বাৰা সমাজৰ তুলনাত অধিক মুৰ্ত্ত আৰু নিৰ্দিষ্ট এলেকাব এক মানৱ গোটক বুজোৱা হৈছে। আভিধানিক অৰ্থৰ পৰা দেখিবলৈ পোৱা যায় Community is a group of persons who hold the principle of holding all things in common.” অৰ্থাৎ দ্বাৰা এনে এটা মানুহৰ গোটক বুজোৱা হৈছে যে সদস্যসকলে উমৈহতীয়া স্বত্ব,ৰীতি নীতি, ভোগ দখল মানি চলে।

উত্তৰপূৰ্বাঞ্চলৰ সাম্প্রদায়িক বিকাশত শিক্ষাই অভূতপূর্ব অৱদান আগবঢ়াইছে। তলত এই সম্পৰ্কে উল্লেখ কৰা হ’ল—১। সমাজৰ সু নাগৰিকসকলক গঢ়ি তোলাত শিক্ষাই সহায় কৰে। আমি জানো যে— উপযুক্ত শিক্ষাৰ দ্বাৰা সু-নাগৰিকত্বৰ গুণসমূহৰ বিকাশ সাধন কৰিব পৰা যায়। সেয়েহে কোনো অঞ্চলত বসবাস কৰা লোকসকলৰ মাজত সহযোগিতা, বন্ধুত্বসুলভ মনোভাব, ভ্রাতৃত্ববোধ, একতা, ন্যায়পৰায়ণতা আদি ভাৱ জাগৃত কৰি তোলাত শিক্ষাই সহায় কৰিব পাৰে।

২। শিক্ষাৰ দ্বাৰা ব্যক্তিক কোনো কামৰ বাবে উপযুক্ত কৰি গঢ় `দি তুলিব পৰা যায়। ব্যক্তিৰ উৎপাদনক্ষমতা বৃদ্ধি হোৱাৰ লগে লগে কোনো সমূহ বা সম্প্ৰদায়ৰ আৰ্থিক বিকাশ সাধন হয়।

৩। শিক্ষাই উত্তৰ-পূৰ্বাঞ্চলৰ সাম্প্রদায়িক লোকসকলৰ জীৱন ধাৰণৰ, মানদণ্ডৰ পৰিৱৰ্তন সাধন কৰি চিন্তাধাৰা, দৃষ্টিভংগী আৰু বিবেচনা আদি প্ৰসাৰ ঘটাই আধুনিকীকরণ সূচনা কৰে। বিভিন্ন সম্প্ৰদায়ৰ লোকসকলৰ মাজত ৰীতি-নীতি, খাদ্যাভাস, আচাৰ-ব্যৱহাৰ আদিৰ পৰিৱৰ্তন ঘটাই তাৰ ঠাইত নতুন সংমিশ্রণ ঘটাই আধুনিকীকৰণত শিক্ষাই সহায় কৰে।

৪। শিক্ষাৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত যেনে:- সাম্প্রদায়িক বিকাশত সহায় কৰিব পৰাকৈ ব্যক্তিসকলৰ মাজৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি সচেতনতাৰ মনোভাৱ বৃদ্ধি কৰি তুলিব পাৰি।

৫। সাম্প্রদায়িক আৰু সাংস্কৃতিক আঞ্চলিক বৈষম্য দূৰ কৰি সকলোকে একতাৰ ডোলেৰে বান্ধি ৰখাত একমাত্র শিক্ষাইহে সহায় কৰিব পাৰে। কিয়নো, শিক্ষাৰ দ্বাৰা মানুহৰ মাজত বৈজ্ঞানিক চিন্তা ধাৰাৰ প্ৰসাৰ ঘটাই সুস্থ মনোভাৱ সৃষ্টি কৰিব পৰা যায়।

৬। শিক্ষাই কোনো এটা অঞ্চলৰ লোকসকলৰ মাজত শিক্ষিত হাৰ বৃদ্ধি কৰি সেই অঞ্চলটো উন্নতিৰ দিশেদি আগুৱাই যোৱাত সহায় কৰিব পাৰে। যিমানেই ব্যক্তিসকলে শিক্ষিত হ’ব সিমানেই এখন সমাজো প্ৰগতিৰ দিশোদ ঠাৱমান হ’ব।

৭। শিক্ষাৰ দ্বাৰা ভাষা-সংস্কৃতি এটা পুৰুষৰ পৰা অন্য এটা পুৰুষলৈ সংৰক্ষণ কৰিব পৰা যায়। উত্তৰ পূৰ্বাঞ্চলৰ সাম্প্ৰদায়িক গোটসমূহৰ মাজত ভাষা-সংস্কৃতিৰ বিকাশত সেয়েহে শিক্ষাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

৮। শিক্ষাই এটা অঞ্চলৰ বা এখন সমাজৰ লোকসকলৰ মাজত প্রচলিত অন্ধবিশ্বাস, কু-সংস্কাৰ আদি দূৰ কৰি সমাজ এখনৰ মানুহবোৰৰ মাজত মিলাপ্ৰীতিৰ ভাৱ অটুট ৰাখি প্ৰগতিৰ দিশেদি আগবাঢ়ি যোৱাত সহায় কৰে।

৯। উপযুক্ত শিক্ষা-দীক্ষাৰ ফলত প্রত্যেকেই স্বাৱলম্বী হৈ সাম্প্ৰদায়িক বিকাশত অৰিহণা যোগব পাৰে। কিয়নো প্রত্যেককে জীৱিকাৰ পথ সুগম কৰাত সমল যোগায়।

১০। ৰাষ্ট্ৰীয় সংহতি আৰু ঐক্যৰ ভাৱ জগাই তুলি প্ৰত্যেকৰে মাজত ‘আমি ভাৱ’ জাগৃত কৰি তোলাত কেৱল শিক্ষাইহে সহায় কৰিব পাৰে যিটো উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি- জনজাতীয় লোকসকলৰ মাজত খুবেই প্রয়োজনীয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top