Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া

Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Question Answer can be of great value to excel in the examination.

Join Telegram channel

Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া

Sociological Foundations of Education Unit 2 Education, Social Aspects and Socialization Process Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.


19. What Is national and emotional integration. Write about the necessities of national integration.

উত্তৰঃ বৰ্তমান শিক্ষাৰ প্ৰভাৱ কেৱল ব্যক্তিৰ প্ৰয়োজনীয়তাৰ মাজতেই সীমাবদ্ধ থকা নাই, ই এটা জাতি আৰু আন্তর্জাতিক দিশলৈকো সম্প্ৰসাৰিত হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীয় ব্যক্তিসকলৰ মাজত ঐক্য সুংহতি স্থাপন কৰি একতাৰ ডোলেৰে বান্ধি ৰখাত কেৱল মাত্ৰ শিক্ষাইহে সহায় কৰিব পাৰে। ভাৰতবৰ্ষ এখন বিশাল দেশ। বিচিত্ৰতাৰ মাজত একতাই হৈছে ভাৰতীয় সমাজৰ মূল বৈশিষ্ট্য। এই বিচিত্ৰতাৰ মাজত এক্য ৰক্ষাত শিক্ষাৰ ভূমিকা ‘অনির্বচনীয় কিয়নো, শিক্ষাই দেশৰ প্ৰতিজন ব্যক্তিৰ মাজত সুস্থ চিন্তাধাৰাৰ উন্মোচন ঘটাই মানুহ আৰু জাতিৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ভাৱ জগাই তোলে। মুক্তভাৱে চিন্তা কৰিব পৰা সামৰ্থ জাগৃত কৰি কোনো নাগৰিককে বিপথে পৰিচালিত হোৱাত বাধা জন্মায় আৰু আত্মবিশ্বাস আৰু গণতান্ত্রিক মূল্যবোধৰ ভাৱধাৰাৰে আবেগিক তাৰু জাতীয় সংহতি স্থাপনত সহায় কৰিব পাৰে। সেয়েহে বর্তমান সময়ত আবেগিক আৰু জাতীয় সংহতি স্থাপনৰ বাবে শিক্ষাৰ অনবদ্য ভূমিকাৰ কথা নুই কৰিব নোৱাৰি।

এখন দেশৰ লোকসকলৰ সমূহীয়। স্বাৰ্থ পূৰণৰ বাবেই আবেগিক আৰু জাতীয় সংহতিৰ ভাৱধাৰা জগাই তোলাৰ প্ৰয়োজন৷ গতিকে আবেগিক সংহতি হ’ল— ব্যক্তিৰ সামূহিক উদ্দেশ্য, লক্ষ্য বা আদৰ্শৰে পৰিচালিত উচ্চ মানবিশিষ্ট উপলদ্ধি যিয়ে ব্যক্তিৰ নীচ বা ক্ষুদ্ৰ স্বাৰ্থক নগণ্য জ্ঞান কৰে, আন কথাত ক’বলৈ হ’লে ই একাত্ম উপলদ্ধি যাৰ দ্বাৰা সকলো গোষ্ঠী অথবা সাংস্কৃতিক ভেদাভেদ ঐক্যবদ্ধ হয় আৰু বিভিন্ন ধৰ্ম,ভাষা আৰু জাতি আবেগিকভাৱে একত্রিত হয়।

(Emotional integration has been described as a feeling among people to share certain common objectives, pur poses or ideals and giving them high place over smaller or sectional loyalties. In other words it has been defined as a feeling of oneness which’ may transcenal all groups or cul tural differences and synthesis the different religions caste’s and linguistics communities emotionally into a compact whole.)

ভাৰতৰ প্ৰধানমন্ত্রী পণ্ডিত জৱাহবলাল নেহৰুৱে এইক্ষেত্ৰত এনেদৰে মতপোষণ কৰিছিল— কিছু পৰিমাণে ৰাজনৈতিক সংহতি ইতিমধ্যে হৈছে, কিন্তু মইষি বিচাৰিছো যি ইয়াতকৈও অধিক গভীৰ ই হ’ল ভাৰতবাসীৰ মাজত আবেগিক সংহতি স্থাপন যাৰ দ্বাৰা আমি সকলো ভাৰতবাসী আমাৰ বৈচিত্র্যপূৰ্ণ বৈষম্য অটুট ৰাখিও এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে একেলগ হৈ থাকিম।

(Political integration has already taken place to seems extent, but what I am after is something much deeper than that an emotional integration of the Indian people so that we might be welded into one, and made into one strong national unity maintaining at the same time all over won derful diversity.)

আবেগিক সংহতিয়ে ব্যক্তিৰ দেশৰ প্ৰতি আনুগত্য বৃদ্ধি কৰে, দেশপ্রেম বৃদ্ধি কৰে আৰু এনেদৰেই জাতীয় সংহতি দৃঢ় হয়। ইয়াৰ বাবে প্রত্যেকেই ভিন্‌ ভিন্‌ জাতি-উপজাতিৰ বুলি নাভাবি এক ভাৰতীয় বুলি উপলদ্ধি কৰিব পাৰিব লাগিব। পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম, আনুগত্যবে অস্তৰেৰে একেখন দেশৰ বাসিন্দা বুলি অনুভৱ কৰিব পৰাটোৱেই আবেগিক সংহতিৰ মহৎ উদ্দেশ্য।

অন্যহাতেদি,জাতীয় বাৰাষ্ট্ৰীয় সংহতিয়ে এখন ৰাষ্ট্ৰৰ সামাজিক, সাংস্কৃতিক আৰু আদৰ্শগত একতাৰ কথাকে সূচায়। ইয়াৰ বাবে দেশৰ সকলো জনগণে, আবেগিকভাৱে পৰস্পৰে পৰস্পৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগিব। এখন দেশৰ নাগৰিকসকলৰ মাজত এক্যবদ্ধ একাত্মবোধৰ পৰিচয় ঘটাবলৈ ৰাষ্ট্ৰীয় সংহতিৰ একান্তই প্রয়োজন। গতিকে জাতীয় সংহতিয়ে ভিন ভিন গোটবিলাকৰ স্বকীয় বৈশিষ্ট্যকে বুজায়। আবেগিক আৰু জাতীয় সংহতিৰ প্ৰয়োজনীয়তা 

(Necessity of Emotional and National integration)

ভাৰতবৰ্ষ বিভিন্ন জাতি,উপজাতি, জনগোষ্ঠী, উপভাষা আদিৰ সংমিশ্ৰণত গঢ়ি উঠা বিশাল দেশ। এই বিভিন্নতাৰ মাজত একতাবোধ সৃষ্টি কৰিবলৈ জাতীয় সংহতিৰ একান্তই প্রয়োজন। কিয়নো জাতিৰ এটাৰ সামগ্রিক বিকাশৰ ক্ষেত্ৰত সেই জাতিটোৰ আবেগিক আৰু জাতীয় সংহতিয়ে প্ৰভাৱ পেলায়। ইয়াৰ বাবে প্ৰত্যেক ব্যক্তিৰে অন্তৰত একাত্মবোধ ভাৱৰ উদয় হ’ব লাগিব।

তলত আবেগিক আৰু জাতীয় সংহতিৰ প্ৰয়োজনীয়তা সম্পর্কে উল্লেখ কৰা হ’ল—

১ । দেশৰব্যক্তিসকলৰ মাজত আন্তঃসাংস্কৃতিক মনোভাৱ জগাই তোলাৰ ক্ষেত্ৰত ‘আবেগিক আৰু জাতীয় সংহতিৰ প্ৰয়োজন।

২। সুস্থ মনোভাৱ গঢ়ি তুলি বিভিন্ন জাতি উপজাতিৰ লোক সকলৰ মাজত মানৱীয় মূল্যবোধৰ উন্মোচন কৰাই ইয়াৰ ঘাই লক্ষ্য । 

৩। এখন দেশৰ লোকসকলৰ মাজত সমূহীয়া স্বাৰ্থ অটুট ৰাখি

মিলা-প্ৰীতিৰ ভাৱ জগাই তোলাৰ ক্ষেত্ৰতো আবেগিক বা জাতীয় সংহতিৰ প্রয়োজন। 

৪। জাতায় মূল্যবোধ আৰু গণতান্ত্রিক ভাৱধাৰা অটুট ৰখাৰ ক্ষেত্ৰতো আবেগিক আৰু জাতীয় সংহতিয়ে সহায় কৰে।

৫। বিভিন্ন জাতি উপজাতি আৰু জনগোষ্ঠীয় লোকসকলৰ সন্মিলিত প্ৰচেষ্টাত গঢ়ি উঠা জাতীয় স্থায়িত্বৰ ক্ষেত্ৰতো আৱেগিক আৰু জাতীয় সংহতিৰ প্ৰয়োজনীয়তা আছে।

৬। সামাজিক, সাংস্কৃতিক আৰু আদৰ্শগত একতা ৰক্ষা কৰাৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।

৭। ব্যক্তিসকলৰ মাজত দেশপ্ৰেমভাৱ জগাই তুলি জাতীয় চৈতন্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰতো ই সহায় কৰে। 

৮। ৰাষ্ট্ৰৰ সামগ্রিক উন্নতি সাধন কৰি সাৰ্বভৌম আৰু

জাতীয়তাবোধৰ ধাৰণাত উদ্বুদ্ধ হ’বলৈ প্ৰেৰণা যোগায়।

৯ । দেশৰ ঐক্য ৰক্ষাৰ্থে বিভিন্ন জাতিউপজাতিৰ লোকসকলৰ মাজত সহযোগিতা আৰু বন্ধুত্ব সুলভ মনোভাৱ জগাই তোলাৰ স্বাৰ্থত ইয়াৰ প্রয়োজনীয়তা আছে।

১০। ইয়াৰোপৰি জাতীয় সংহতিৰ প্ৰয়োজন হয় দেশৰ সম্ভাৱনীয় বিপদৰ পৰা ৰক্ষা কৰাৰ স্বাৰ্থত । যেনেঃশত্রুভাবাপন্ন চুবুৰীয়া ৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা।

উপৰোক্ত আলোচনাৰ পৰা আমি ক’ব পাৰো যে দেশৰ ঐক্য সংহতি আৰু অখণ্ডতা ৰক্ষাৰ বাবে আৰু সামগ্রিক উন্নতিৰ বাবে জাতীয় আৰু আবেগিক সংহতি স্থাপন অতীব প্রয়োজন। অর্থনৈতিক, ৰাজনৈতিক, ভৌগোলিক আৰু সামাজিক বৈষম্য থকাৰ স্বত্ত্বেও প্রত্যেককে একেখন দেশৰ বাসিন্দা বুলি ভাবিব পৰা কৰি তোলাটোৱেই আৱেগিক আৰু জাতীয় সংহতি স্থাপনৰ মহৎ উদ্দেশ্য।

20. Write briefly.

(a) Education for peace.

উত্তৰঃ এখন সমাজত বা দেশত তথা বিশ্বত শান্তি বাই ৰাখিবৰ বাবে প্রয়োজন হোৱা বিভিন্ন গুণবোৰ যেনেঃ সহযোগিতা, একতা, ভাতৃত্ববোধ, মূল্যবোধ, অহিংসা, সত্য, ন্যায়, বিশ্বাস, ধৈর্য্য, ত্যাগ, সাইস, সামাজিক কল্যাণৰ মনোভাৱ, সমতা, সৎ আচৰণ, নিৰপেক্ষতা, আন্তজার্তিক, মনোভাৱ, নিষ্ঠা, প্রেম-মৈত্রী: কৰুণী, সাধুতা, নম্রতা, সহিষ্ণুতা, দায়িত্ববোধ, কৰ্তব্যৰ প্ৰতি সচেতন মানৱীয়তা; আনুগতা, সুন্দৰতা, পৱিত্ৰতা আদিবোৰ বিকাশ সাধনৰ বাবে প্ৰদান কৰা শিক্ষাই হৈছে শান্তিৰ বাবে শিক্ষা কাৰণ এই গুণসমূহৰ বিকাশ,সাধন হ’লৈহে মানুহে সমাজত সৌহাদপূৰ্ণভাৱে আৰু কোনো ধৰণৰ অপায়-অমংগল নোহোৱাকৈ শান্তিৰে বসবাস কৰিব পাৰিব।

শিক্ষাত শান্তিৰ বাবে শিক্ষা সম্পৰ্কত গ্ৰহণ কৰা তত্ত্ব বা দৰ্শন প্ৰায়েই নাছিল। কুৰি শতিকাৰ আৰম্ভণিৰ পৰাহে শান্তিৰ বাবে শিক্ষা আঁচনিয়ে কুৰি শতিকাৰ আৰম্ভ জি পৰিবেশীয় দায়িত্ববোধ, সংযোগ কৌশল, অহিংসা, সংঘাত নিবাৰণব কৌশল, গণতন্ত্র, সহনশীলতা, লিংগ সমতা আৰু সকলোৰে মাজত সমতাৰ আৰু সহযোগিতা আদি শব্দবোৰ ব্যৱহাৰ কৰা হৈছে। য’ত এই শব্দবোৰৰ সফল প্রয়োগ হ’ল তাতেই শান্তি বিৰাজ কৰিব। গতিকে শান্তিৰ বাবে শিক্ষা বুলি ক’লৈ শিক্ষাৰ্থীসকলক একতাৰে আৰু কোনো ধৰণৰ বিশৃংখলতা নোহোৱাকৈ বসবাস কৰিবলৈ শিকোৱাকে বুজা যায়।

শিক্ষাৰ যোগেদি শান্তি প্ৰতিষ্ঠাৰ উপায় :- শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰি শান্তি প্রতিষ্ঠা কৰাৰ প্রতি উৎসাহী কৰি তুলিব পাৰি। তলত তাৰে কিছুমান ব্যৱস্থা বা উপায়। উল্লেখ কৰা হ’ল—

১। এখন শান্তিপূর্ণ সমাজ গঢ়ি তুলিবৰ বাবে প্ৰয়োজন হোৱা ন্যায়, সহিষ্ণুতা, আন্তঃসাংস্কৃতিক বুজাবুজি আদি গুণবোৰৰ বিকাশ ঘটাব পৰা মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগে। অৰ্থত শিক্ষাৰ্থীৰ সামাজিক, নৈতিক, সাংস্কৃতিক মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব লাগে।

২। গোলকীয় পৃথিৱীখনৰ সকলো মানুহকে একত্ৰিত কৰি শান্তিপূর্ণ গোলকীয় সম্প্রদায় হিচাপে গঢ়ি তুলিব পৰা মানৱীয় গুণৰ বিকাশৰ বাবে শিক্ষা দিব লাগে। মানৱাধিকাৰ সম্পৰ্কে শিক্ষাৰ্থীক সচেতন কৰি তুলিব লাগে।

৩ শিক্ষাদ্বাৰা প্ৰতিজন শিক্ষাৰ্থীৰ মনত আত্মত্যাগ, সহযোগিতা, নিয়মানুৱৰ্ত্তিতা, নিজৰ কৰ্তবা আৰু দায়িত্বৰ প্ৰতি সচেতন কৰি তুলিব লাগে যাতে প্রত্যেকেই বিভিন্নতা পাহৰি একতাৰ ভাৱেৰে উদ্বুদ্ধ হয়। 

৪। অর্থনৈতিক, সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি সকলো দিশতে সহযোগিতাৰ ভাব জগাই তুলিবৰ বাবে শিক্ষামূলক কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব।

৫। জাতীয় সংহতি আৰু আন্তজার্তিক বুজা পৰা, ভাতৃত্ববোধ আদি জগাই তুলিবৰ বাবে উপযুক্ত শৈক্ষিক কাৰ্যসূচী গ্রহণ কৰিব লাগিব। 

৬। সমাজত উদ্ভৱ হোৱা বিভিন্ন সমস্যা যেনেঃ- খাদ্য সমস্যাৰ পৰিবেশীয় সমস্যা, স্বাস্থ্য সম্পৰ্কীয় সমস্যা, দৰিদ্ৰতাৰ সমস্যা ইত্যাদিবোৰ পাৰস্পৰিক সহযোগিতাৰে আৰু দক্ষতাৰে সমাধান কৰিব পৰা পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে শিক্ষাৰ্থীক উপযুক্ত কৰি তোলা।

৭। শিক্ষাৰ দ্বাৰা বাক্তিব মাজত থকা সংঘাত নাইকিয়া কৰিব লাগিব আৰু শিক্ষার্থীক আন্তঃব্যক্তিক সংঘাতবোবে সমাধান কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশিক্ষণ প্রদান কৰিব লাগিব।

৮। শিক্ষার্থীয়ে নিজব দেশক জনাৰ লগতে অন্য দেশ সমূহৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক, কলা-সংস্কৃতি, ভৌগোলিক অৱস্থান ইত্যাদিৰ বিষয়ে জানি-বুজি সমগ্ৰ বিশ্বৰ লগতে পাৰস্পৰিক বৈষম্য দূৰ কৰি সকলোৰে প্ৰতি সহানুভূতিশীল মনোভাৱ গঢ়ি তুলিব পৰাকৈ শিক্ষা পাঠ্যক্ৰম ৰচিত কৰিব লাগে আৰু উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

৯ । বিভিন্ন দেশ আৰু জাতিৰ মাজত সীতিপূর্ণ সহযোগিতাৰ মনোভাৱ জগাই তুলিব পৰাকৈ শিক্ষা ব্যৱস্থাৰ পৰ্যাপ্ত পৰিকল্পনা গ্রহণ কৰি তাক সুচিন্তিতভাৱে বাস্তৱ ৰূপায়নৰ কাৰ্যকৰী ব্যৱস্থা হাতত ল’ব লাগিব।

১০। মানৱ জাতিৰ ব্যক্তিগত স্বাধীনতাক সন্মান জনাই একেলগে কাম কৰাৰ দৃষ্টিভংগী প্ৰদান আৰু সেইবোৰক হিংসা, অত্যাচাৰ আৰু অপমানৰ পৰা আইনগতভাৱে সংৰক্ষণ কৰাৰ শিক্ষা দিব লাগে। শিক্ষাৰ প্ৰসাৰৰ জৰিয়তে বিশ্বত শান্তি স্থাপনৰ লগত জড়িত সংস্থাসমূহৰ “ভিতৰত 

UNO (United Nations Organisation), UNESCO (United Nations Educational Scientific and Cultural Organisation) বিশেষভাৱে উল্লেখযোগ্য।

(b) Educational importance of internationalism. 

উত্তৰঃ আন্তর্জাতিকতাবাদ ধাৰণাটোৰ বিকাশ কুৰি শতিকাৰ পৰাহে হৈছে। দুখনকৈ বিশ্বযুদ্ধ ধ্বংস যজ্ঞৰ বিভীষিকাৰ সন্মুখীন হোৱা বিশ্ববাসীয়ে তৃতীয় বিশ্বযুদ্ধৰ যাতে পাতনি নেমেলে তাৰহে কামনা কৰে। 

বৰ্ত্তমান সময়ত পৃথিৱীৰ প্ৰগিতিশীল চিন্তা ধাৰণত আন্তর্জাতিকতাবাদৰ আদর্শই এক বিশেষ স্থান লাভ কৰিছে। ইয়াৰ দ্বাৰা বিশ্ববাসীৰ মাজত সহযোগিতা, ভ্রাতৃত্ববোধ আৰু বিশ্বশাস্তি প্রতিষ্ঠা হ’ব বুলি আশা কৰিব পাৰি। 

আন্তর্জাতিকতাবাদৰ বিজ্ঞানসন্মত সংজ্ঞা সম্পর্কে আলোচনা কৰাৰ ক্ষেত্ৰত ডঃ ৱালটাৰ লুইচ আৰু অলিভাৰ গল্ডস্মিথে মন্তব্য আগবঢ়াইছে। তেওঁলোকৰ মতামতৰ ভিত্তিত ক’ব পাৰি যে আন্তর্জাতিক মনোভাৱ গঠনে এজন ব্যক্তিক এনে কিছুমান গুণৰ অধিকাৰী কৰি তোলে যাতে নিজৰ সমাজ, সংস্কৃতি আৰু বাষ্ট্ৰৰ উৰ্দ্ধত সমগ্ৰ পৃথিৱীৰ মানৱ সমাজৰ বিকাশৰ বাবে অনুদান আগবঢ়াবলৈ সক্ষম হৈ পৰে।

বৰ্ত্তমান সময়ত জনসংখ্যাৰ বিস্ফোৰণে সমগ্ৰ পৃথিৱীৰ মানৰ জাতিলৈ বিভিন্ন সমস্যাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। মানৱ সমাজত বিভিন্ন অভাৱ অনাটন আৰু দুৰ্নীৰ্তিয়ে শিপা মেলি সকলোকে আগুৰি ধৰা দেখিবলৈ পোৱা গৈছে। ইয়াৰ ফলত বিভিন্ন ৰাষ্ট্ৰ মাজতো যুদ্ধ-বিগ্ৰহৰ সূচনা পাইছে। সেইবাবে এনে এক সন্ধিক্ষণত মানুহৰ মাজত জাতি, ধর্ম, বর্ণ, নির্বিশেষে সমাজ আৰু ৰাষ্ট্ৰৰ পৰিধিৰ উৰ্দ্ধত বুজাপৰা কৰাৰ প্ৰয়োজনীয়তা সকলো লোকে অনুভৱ কৰিছে।

আন্তর্জাতিকতাবাদ ধাৰণাই প্রত্যেক মানুহকে নিজৰ ৰাষ্ট্ৰীয় পৰিসীমা অতিক্রমী এখন মাত্র সমাজৰ সদস্য হিচাপে অনুভৱ কৰিবলৈ উদ্ধুদ্ধ কৰি তোলে যাক আমি সমগ্ৰ বিশ্বজোৰা মানৱ সমাজ আখ্যা দিব পাৰো। এই ধাৰণাই প্ৰতিষ্ঠা লাভ কৰাৰ মূলতে আন এক ধাৰণাৰ প্ৰভাৱ পৰিছে। যি হ’ল-বিশ্বশান্তি। বিশ্বজোৰা শান্তিৰ প্ৰতীক্ষাত বিশ্বৰ প্ৰতিজন মানুহে আন্তর্জাতিকতাবাদৰ বিকাশৰ পথত খোজ দিবলৈ বাধ্য হৈছে।

21. Discuss the. Necessity or Relevance of inter nationalism. 

উত্তৰঃ আন্তর্জাতিকবুজপৰাৰ প্ৰয়োজনীয়তা সম্পৰ্কত তলত আলোচনা কৰা হ’ল—

১। মানৱ সমাজৰ সামগ্ৰিক বিকাশ সাধন কৰি বিশ্বশান্তি প্রতিষ্ঠা কৰিবৰ বাবে আন্তর্জাতিক বুজাপৰাৰ প্ৰয়োজন। 

২। বিশ্বৰ অনুন্নত আৰু পিছপৰা ৰাষ্ট্ৰবোৰৰ বিকশিত কৰাৰ বাবে ইয়াৰ প্ৰয়োজন ৷

৩। প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধৰ দৰে তৃতীয় বিশ্বযুদ্ধৰ যাতে

পুনৰুদ্ৰেক নহয়, তাৰ বাবেই আন্তর্জাতিক বুজাপৰাৰ প্ৰয়োজন।

৪। ৰাষ্ট্ৰবোৰৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিবৰ বাবেও এই বুজাপৰাৰ প্রয়োজন। 

৫। এখন দেশে আন এখন দেশৰ লগত সহযোগিতাৰ ভাৱ জগাই তুলিবৰ বাবেও আন্তর্জাতিক বুজাপৰাৰ প্ৰয়োজন।

22. How can develop internationalism among the pupils?

উত্তৰঃ ১। পত্রবন্ধুত্ব (Pen-friendship) :- পৃথিৱীৰ সকলো ঠাইতে বিভিন্ন ধৰণৰ আলোচনীৰ প্ৰচলন পৰিলক্ষিত হয়। এই আলোচনীসমূহত বিভিন্ন ঠাইৰ বহুতো ব্যক্তিৰ আগ্ৰহ, অভিৰুচি, বয়স আদিৰ প্ৰকাশৰ জৰিয়তে পত্ৰ বন্ধু গঢ়াৰ সুবিধা প্ৰদান কৰা দেখিবলৈ পৌৱা গৈছে। এই পত্ৰবন্ধু গঢ়াৰ ব্যৱস্থাটো আত্তৰ্জাতিক পৰ্যায়লৈ প্ৰসাৰিত কৰাৰ দ্বাৰা বিভিন্ন ৰাষ্ট্ৰ ব্যক্তিসমূহৰ মাজত বন্ধুত্ব গঢ়াৰ সুবিধা কৰিব পাৰি।

২। উপহাৰ আদানপ্রদান (Exchange of Gifts) :- আন্তর্জাতিক মনোভাৱ, বিকাশৰ আন এটা আধুনিক মাধ্যম হৈছে উপহাৰৰ আদান প্রদান ব্যৱস্থা। বিভিন্ন আন্তর্জাতিক দিবসসমূহৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰসমূহে আন ৰাষ্ট্ৰ লগত উপহাৰ প্ৰদান ব্যৱস্থাৰ জৰিয়তে আন্তর্জাতিক সম্বন্ধ অধিক দৃঢ় কৰিব পাৰি।

৩। আন্তর্জাতিক প্রতিযোগিতাৰ আয়োজন (Organisation of International Competition) :- সমাজত সহযোগিতাৰ মনোভাৱে যেনেদৰে বন্ধুত্ব ভাৱৰ বিকাশ সাধন কৰে ঠিক তেনেদৰে প্ৰতিযোগিতাইও বহুতো ক্ষেত্ৰত সম্বন্ধৰ দৃঢ়তা আনে। সেয়েহে আন্তর্জাতিক পর্যায়ত বিভিন্ন সাহিত্য, কলা, ক্রীড়ামূলক প্রতিযোগিতাৰ আয়োজন কৰি বিভিন্ন ৰাষ্ট্ৰৰ ব্যক্তিসকলক একেলগে অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰাৰ ফলত আন্তর্জাতিক ভাৱধাৰাৰ বিকাশ সাধন হ’ব।

৪। আন্তর্জাতিক প্রদর্শনী অনুষ্ঠানৰ আয়োজন (Organisation of International Exhibition) :- বিভিন্ন ৰাষ্ট্ৰৰ মাজত বিভিন্ন বস্তুৰ প্রদর্শনীমূলক অনুষ্ঠান আয়োজনৰ দ্বাৰাও সহৃদয়তা বৃদ্ধি কৰিব পাৰি। কোনো ৰাষ্ট্ৰৰ সৃষ্টিসমূহক প্ৰদৰ্শনীৰ জৰিয়তে আন ৰাষ্ট্ৰৰ ব্যক্তিক পৰিচয় কৰোৱাৰ এই ব্যৱস্থাইও মানুহক আন ৰাষ্ট্ৰৰ বিষয়ে জানিবলৈ উৎসুকতা বৃদ্ধি কৰাত সহায় কৰে।

৫। বিদেশী চিনেমাৰ প্ৰদৰ্শন (Use of Foreign Film) :- বিদেশী চিনেমাৰ প্ৰদৰ্শনৰ জৰিয়তে কোনো এখন ৰাষ্ট্ৰৰ মানুহৰ জীৱন ধাৰণৰ প্রকৃতি, মানদণ্ড আদি বিভিন্ন দিশৰ বিষয়ে অৱগত কৰিব পাৰি। ইয়াৰদ্বাৰা মানুহক পৃথিৱীৰ যিকোনো মানুহৰ সুখ-দুখ, আনন্দ-বেদনা আদিৰ অনুভৱ আৰু উপলদ্ধি কৰাৰ পাৰি।

৬। ৰেডিঅ’ আৰু দূৰদৰ্শন (Radio and Television) :- ৰেডিঅ’ আৰু টেলিভিশ্বন বা এনে আন জনসংযোগ মাধ্যম সমূহৰ ব্যৱহাৰৰ ফলতো বিভিন্ন ৰাষ্ট্ৰৰ মাজত আন্তর্জাতিক শিক্ষাৰ ধাৰণাৰ প্ৰসাৰ ঘটা দেখিবলৈ পোৱা গৈছে।

23. Write short note on.

(a) Education and social mobility.

উত্তৰঃ আধুনিক শিক্ষা দ্রুতগতিত উন্নতি আৰু সম্প্ৰসাৰণে ভাৰতীয় সমাজত গতিশীলতাৰ দিশত প্ৰভাৱ পেলোৱা অন্যতম গুৰুত্বপূৰ্ণ কাৰক। প্ৰাক্‌ বৃটিছকালত ভাৰতীয় সমাজত পৰম্পৰাগত যি শিক্ষ। পদ্ধতি আছিল সেই শিক্ষা কেৱল মাত্ৰ উচ্চ জাতিৰ লোকসকলৰ মাজতহে সীমাবদ্ধ আছিল। প্রায় ষষ্ঠদশ শতিকালৈকে মুষ্টিমেয় তিনিটা জাতিৰ বাহিৰে বাকী শুদ্ৰ আৰু হৰিজনসকলে শিক্ষানুষ্ঠানত শিক্ষা লাভৰ পৰা বঞ্চিত আছিল। সেই সময়ছোৱাত সমাজত যিটো শিক্ষা দিয়া হৈছিল সেইটো জাতিগত বৃত্তিৰ কাৰণে ঘৰতে পোৱা শিক্ষাহে আছিল। কিন্তু ইংৰাজসকলে পৰম্পৰাগত ধৰ্মীয় শিক্ষা তথ। ৰক্ষণশীল শিক্ষাৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষ শিক্ষা পদ্ধতি প্ৰৱৰ্তন কৰিছিল। এনে শিক্ষা পদ্ধতিয়ে দেশৰ জনসাধাৰণৰ মাজত ভ্রাতৃত্ববোধ, সমতা আদি প্ৰতিষ্ঠা কৰি ব্যক্তি স্বাধীনতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিলে। ইয়াৰ ফলত সমাজত গণতান্ত্রিক আদৰ্শই গা কৰি উঠিল আৰু যিকোনো ব্যক্তিয়ে উচ্চ শিক্ষাৰ সহায়ত এটা শ্ৰেণীৰ পৰা অন্য—এটা শ্ৰেণীলৈ গতি কৰিব পৰা হ’ল।

তলত শিক্ষাই কেনেকৈ সামাজিক গতিশীলতা আনিব পাৰে সেই সম্পর্কে আলোচনা কৰা হ’ল— 

১। শিক্ষাই ব্যক্তিৰ মাজত বৈজ্ঞানিক চিন্তাধাৰাৰ সম্প্ৰসাৰণ ঘটাই সমাজত প্ৰচলিত অন্ধ বিশ্বাস, উচ্চ-নীচ আদি ধাৰণাবোৰ দূৰ কৰি সামাজিক গতিশীলতা সৃষ্টি কৰাত অৰিহণা যোগাইছে।

২। বর্তমান যুগত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই সমগ্র মানৱ সমাজত দ্রুতগতিত উন্নতি আৰু প্ৰসাৰতা লাভ কৰিছে। এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত প্ৰগতি লাভ কৰিবলৈ হ’লে কাৰিকৰী বিদ্যা আৰু অন্যান্য ক্ষেত্ৰত দক্ষতাসম্পন্ন ব্যক্তিৰ অতীব প্রয়োজন। গতিকে ইয়াত প্ৰকৃততে যিসকল ব্যক্তিৰ যোগ্যতা থাকে তেওঁলোককহে জাতি, ধর্ম, বৰ্ণ, উচ্চ-নীচ সম্প্ৰদায়ৰ ভিত্তিত বিচাৰ নকৰাকৈ উপযুক্ত স্থানত নিযুক্তি লাভ কৰিব পাৰে।

৩। শিক্ষাই ব্যক্তিৰ অন্তৰত নিহিত সুপ্ত প্রতিভাসমূহৰ বিকাশ সাধন কৰিব্যক্তিৰ অর্থনৈতিক যোগ্যতাৰ বিকাশ কৰে আৰু নিয়োগৰ জগতখনত খাপ খাব পৰাকৈ দক্ষ, কৌশলী, উৎপাদনক্ষম কৰি তোলে। গতিকে ইয়াৰ ফলত ব্যক্তিয়ে যিকোনো ধৰণৰ বৃত্তি আহৰণ কৰি এটা শ্ৰেণীৰ পৰা অন্য এটা শ্ৰেণীলৈ গতি কৰিব পাৰে।

৪। শিক্ষাই উদ্যোগৰ ক্ষেত্ৰতেই হওক বা কৃষিৰ ক্ষেত্ৰতেই হওক নতুন নতুন আৱিষ্কৃত কৌশল সমূহ গ্ৰহণ কৰাত আৰু সফলভাৱে প্ৰয়োগ কৰাত সহায় কৰে। এই নতুন নতুন কৌশল আৰু পদ্ধতিসমূহ প্রয়োগ কৰিও ব্যক্তিৰ সামাজিক প্ৰস্থানৰ গতি সলনি হ’ব পাৰে। 

৫। শিক্ষাই হৈছে প্ৰধান উপায় যিয়ে ব্যক্তিৰ সুস্থ মনোভাব, ভাবাদর্শ গ্ৰহণ কৰি আধুনিকীকৰণত সহায় কৰিছে আৰু নিম্ন প্ৰস্থিতিৰ পৰা উচ্চ দিশলৈ গতি কৰাৰ ফলত সামাজিক গতিশীলতাই গা কৰি উঠিছে।

৬। বৰ্তমান বিশ্বায়নৰ যুগত মহিলাসকলক শিক্ষাৰ যোগেদি অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, নৈতিক প্ৰমূল্যবোধৰ জ্ঞান প্ৰদান কৰি পুৰুষৰ সমানে সমানে নিয়োগৰ জগতখনত স্থান দখল কৰাত উদগনি যোগাইছে। গতিকে মহিলাৰ সৱলীকৰণৰ ফলত নাৰী সমাজে শিক্ষা লাভ কৰি সামাজিক গতিশীলতাত সহায় কৰিছে।

(b) UNESCO.

উত্তৰঃ আন্তর্জাতিকবুজাপৰা সৃষ্টিৰ জৰিয়তে বিশ্বশান্তিৰ প্ৰতিষ্ঠাৰ বাবে UNESCO ৰ কাৰ্যাৱলীসমূহৰ বিশদ আলোচনা কৰা হ’ল—

১। UNESCO ৰ সৰ্বপ্রথম কাম হৈছে কোনো এখন ৰাষ্ট্ৰৰ সাহিত্য কলা, বিজ্ঞান আদিৰ জ্ঞানসমূহক আন সকলো ৰাষ্ট্ৰৰ মানুহৰ মাজলৈ প্ৰসাৰ ঘটোৱা । 

২। বিভিন্ন ৰাষ্ট্ৰৰ চিন্তাবিদ, বৈজ্ঞানিক,শিক্ষক আৰু শিল্পীসকলক একগোট হোৱাৰ সুবিধা প্ৰদান কৰা যাতে তেওঁলোকে প্রত্যেকে প্রত্যেকৰ ভাৱধাৰা আৰু চিন্তা-চৰ্চাক বিনিময় কৰি শান্তি আৰুন্যায় প্ৰতিষ্ঠাৰ দিশত আগবাঢ়ি যাব পাৰে। 

৩। UNESCO ৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্য হৈছে বিভিন্ন ৰাষ্ট্ৰ মাজত পাৰস্পৰিক সম্পৰ্ক স্থাপনৰ জৰিয়তে বিভিন্ন ব্যক্তিৰ মনৰ পৰা ভয়, কৌতুহলৰ মনোভাৱ আৰু বিশ্বাসৰ অভাৱ দূৰীকৰণ কৰা।

৪। UNESCO ৰ কাৰ্য্যাৱলীৰ অন্য এক দিশ হ’ল বিভিন্ন পিছপৰা দেশসমূহৰ শৈক্ষিক সুবিধাসমূহৰ উন্নতিৰ বাবে বিবেচনামূলক অৰ্থসাহায্যপ্ৰদান কৰা।

৫। পাঠ্যপুথি সমূহ ‘অধিক আত্তৰ্জ’তিক প্যায়িত উপলব্ধ, হোৱাকৈ সংশোধনৰ ব্যৱস্থা কৰাটোও UNESCO ৰ কাৰ্য।

৬। আন্তর্জাতিকৃতাৰাদৰ মনোভাৱ অধিক দৃঢ় কৰাৰ, উদ্দেশ্যে শিক্ষক, শিক্ষার্থীসকলক অন্যান্য, দেশমূহ পৰিভ্ৰমণ কৰাৰ সুবিধা দিয়াও ইয়াৰ কার্য।

৭। বিভিন্ন ৰাষ্ট্ৰৰ মানুহৰ মাজত মৰম-চেনেহ আৰু বন্ধুত্ব ভাৱৰ বিকাশ সাধন কৰাৰ লক্ষ্যৰে বিভিন্ন কলা আৰু সাহিত্য সম্বন্ধীয় প্রদর্শনী অনুষ্ঠিত কৰাৰ ওপৰতো UNESCO ই গুৰুত্ব দিছে।

৮। বিভিন্ন দিশৰ গৱেষণামূলক কাম-কাজৰ বাবে গৱেষক সকলক প্রয়োজন সাপেক্ষে অর্থসাহায্য আৰু অন্যান্য সুবিধা প্ৰদান কৰাটোও ইয়াৰ কাৰ্য ।

আন্তর্জাতিকতাবাদ বিকাশত আৰু বিশ্বত সৰ্বজনীন শান্তি স্থাপনৰ বাবে শিক্ষাক এক অপৰিহাৰ্য আহিলা হিচাপে ব্যৱহাৰ কৰাৰ ওপৰত UNESCO ই গুৰুত্ব দিছে।

(C) Upward and downward mobility.

উত্তৰঃ ঊর্ধগামী গতিশীলতা :- সমাজত যেতিয়া এজন নিম্ন প্ৰস্থিতিৰ ব্যক্তিয়ে নিজৰ যোগ্যতা বা কৰ্মৰ যোগেদি উচ্চ প্ৰস্থিতি লাভ কৰিবলৈ সক্ষম হয় তেতিয়া তাক উর্ধমুখী গতিশীলতা বোলে।

উদাহৰণস্বৰূপে, আমাৰ সমাজত নিম্ন খাপৰ বুলি পৰিচিত এজন হৰিজন সম্প্ৰদায়ৰ লোকে নিজৰ দক্ষতা আৰু যোগ্যতাৰ বলত উচ্চ শিক্ষাৰে শিক্ষিত হৈ এখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক পদত নিযুক্তি লাভ কৰাটো উর্ধগামী গতিশীলতাৰ পৰিচায়ক।

অধঃগামী গতিশীলতাঃ যেতিয়া কোনো এজন উচ্চ জাতি বা উচ্চ শ্ৰেণীৰ ব্যক্তিয়ে নিজৰ দক্ষতাৰ অভাৱত অথবা অন্যান্য সামাজিক কাৰণত নিম্নস্তৰলৈ গতি কৰে, তেনে গতিশীলতাক অধঃগামী গতিশীলতা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এজন ধনী ব্যক্তি যদি কিবা কাৰণত তেওঁৰ সকলো সম্পত্তি হেৰুৱাই এজন দুখীয়া লোকত পৰিণত হয় তেন্তে তেনে গতিশীলতাক নিম্নমুখী গতিশীলতা আখ্যা দিব। ইয়াৰোপৰি এজন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ল’ৰাই যদি উচ্চ শিক্ষা লাভ নকৰি কোনো এটা চৰকাৰী কাৰ্যাৱলৰ কেৰাণী পদত নিযুক্ত হয়, তেতিয়া তেওঁৰ সামাজিক প্ৰস্থিতি অনুসৰি নিম্নমুখী গতিশীলতাৰ দিশে ধাৱমান হ’ব। 

(d) Horizontal and Vertical mobility.

উত্তৰঃ আনুভূমিক গতিশীলতাঃ যেতিয়া সমাজত কিছুমান ব্যক্তিৰ সামাজিক প্ৰস্থিতি এটা বৃত্তিৰ পৰা অন্য এটা বৃত্তিলৈ ৰূপান্তৰিত হয় তাকে আনুভূমিক গতিশীল বোলে। অৰ্থত এই গতিশীলতাত প্ৰস্থিতি প্রায় একেই থাকে কিন্তু কাম বা নৰহে পৰিৱৰ্তন হয়। যেনে-এজন চিকিৎসকে যদি ব্যক্তিগত সেৱা ত্যাগ কৰি সেই একে প্ৰস্থিতি কোনো এক বৃহৎ উদ্যোগ বা নিগমত বেতন ভোগী বৃত্তি গ্ৰহণ কৰে তেওঁৰ তেতিয়া স্থানৰহে পৰিৱৰ্তন ঘটিব, প্ৰকৃতিৰ কোনো পৰিৱৰ্তন নঘটে। এনে গতিশীলতাৰ ক্ষেত্ৰত সাধাৰণতে উচ্চ শ্ৰেণীৰ পৰা নিম্ন শ্ৰেণীলৈ গতি কৰাকে বুজায়। শীর্ষবিন্দুক গতিশীলতাঃ উচ্চস্তৰৰ পৰা নিম্ন স্তৰলৈ আৰু নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰাটোক উলম্ব বা শীৰ্ষক বিন্দু গতিশীলতা বুলি কোৱা হয়। এনে গতিশীলতাক দুটা ভাগত ভগাব পাৰি—

(ক) উর্ধগামী গতিশীলতা । 

(খ) অধঃগামী গতিশীলতা ।

(ক) উর্ধগায়ী গতিশীলতা :- সমাজত যেতিয়া এজন নিম্ন প্ৰস্থিতিৰ ব্যক্তিয়ে নিজৰ যোগ্যতা বা কৰ্মৰ যোগেদি উচ্চ প্ৰস্থিতি লাভ কৰিবলৈ সক্ষম হয় তেতিয়া তাক উর্ধমুখী গতিশীলতা বোলে। উদাহৰণস্বৰূপে, আমাৰ সমাজত নিম্নখাপৰ বুলি পৰিচিত এজন হৰিজন সম্প্ৰদায়ৰ লোকে নিজৰ দক্ষতা আৰু যোগ্যতাৰ বলত উচ্চ শিক্ষাৰে শিক্ষিত হৈ এখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক পদত নিযুক্তি লাভ কৰাটো উর্ধগামী গতিশীলতাবৰ পৰিচায়ক।

(খ) অধঃগামী গতিশীলতা :- যেতিয়া কোনো এজন উচ্চ জাতি বা উচ্চ শ্ৰেণীৰ ব্যক্তিয়ে নিজৰ দক্ষতাৰ অভাৱত অথবা অন্যান্য সামাজিককাৰণত নিম্নত্তৰলৈ গতি কৰে, তেনে গতিশীলতাক অধঃগামী গতিশীলতা বুলি কোৱা হয়। উদাহৰণস্বৰূপে, এজন ধনী ব্যক্তি যদি কিবা কাৰণত তেওঁৰ সকলো সম্পত্তি হেৰুৱাই এজন দুখীয়া লোকত পৰিণত হয় তেন্তে তেনে গতিশীলতাক নিম্নমুখী গতিশীলতা আখ্যা দিব পাৰি। ইয়াৰোপৰি এজন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ল’ৰাই যদি উচ্চ শিক্ষা লাভ নকৰি কোনো এটা চৰকাৰী কাৰ্য্যালয়ৰ কেৰাণী পদত নিযুক্ত হয়, তেতিয়া, তেওঁৰ সামাজিক প্ৰস্থিতি অনুসৰি নিম্নমুখী গতিশীলতাৰ দিশে ধাৱমান হ’ব।.

24. Discuss the main characteristics of social stratification.

উত্তৰঃ সামাজিক স্তৰীকৰণ এনে এক প্ৰক্ৰিয়া যাৰ যোগেদি কোনো ব্যক্তি, সমূহ বা শ্রেণীবিলাকে,নিজা বৈশিষ্ট,, প্রস্থিতি আদি লাভ কৰিবলৈ সক্ষম হয়। সামাজিক স্তৰীকৰণৰ চাৰিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্যতলত উল্লেখ কৰা হ’ল-

১। সমাজভেদে স্তৰীকৰণৰ প্ৰকৃতি বেলেগ বেলেগ (Different Societies have Different Basis of Stratification) 

এখন সমাজত বাস কৰা প্ৰত্যেক ব্যক্তিয়ে নিজৰ অন্তনিৰ্হিত প্রতিভা, ক্ষমতা, কৰ্ম আৰু যোগ্যতাৰ ভিত্তিত বেলেগ বেলেগ প্ৰস্থিতি আৰু স্থান লাভ কৰে। কিছুমান সমাজত আকৌ জাতিগত মানুহবিলাকৰ মাজত বিভিন্ন গোটত বা শ্ৰেণীত ভাগ হয় অন্যহাতেদি আন কিছুমানত আকৌ ব্যক্তিসকলৰ কৰ্মৰ মানদণ্ড বা প্ৰস্থিতিৰ ওপৰত নতুবা সেই সমাজৰ অর্থনৈতিক দিশৰ ওপৰত ভিত্তি কৰি সামাজিক স্তৰীকৰণ প্রতিফলিত হয়। গতিকে সমাজভেদে সামাজিক স্তৰীকৰণৰ প্ৰকৃতিও বেলেগ বেলেগ।

২। দৃঢ় নিয়মী আৰু লগতে গতিশীলঃ ভাৰতৰদৰে দেশত ধৰ্ম আৰু জাতিগত ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিশেষকৈ হিন্দু সমাজক জাতিগত ব্যৱস্থাই ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য, শূদ এই চাৰিটা স্তৰত ভাগ কৰিছে। ইয়াৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ সামাজিক স্থান বা প্রস্থিতি বেলেগ বেলেগ হয়। আমাৰ প্ৰচলিত সমাজত ব্ৰাহ্মণৰ স্থান সর্বোচ্চ আৰু শূদ্ৰৰ স্থান সর্বনিম্ন। জন্মৰ দ্বাৰাই এজন ব্যক্তিৰ জাতি নিৰ্ধাৰণ হয়। সেয়েহে জাতি ব্যৱস্থা গতিশীল নহয়। কিন্তু পশ্চিমীয়া দেশবিলাকত শিক্ষাৰ প্ৰচুৰ উন্নতিৰ লগে লগে সমাজত মানুহবিলাকৰ ‘জীৱন-ধাৰণৰ মানদণ্ড, প্রস্থিতি আদিও সময়ে সময়ে পৰিৱৰ্তন হ’বলৈ ধৰে। সেয়েহে আমি ক’ব পাৰো যে সামাজিক স্তৰীকৰণৰ দৃঢ় নিয়মী আৰু লগতে ই গতিশীল।

৩। সামাজিক স্তৰীকৰণে সামাজিক পৰিৱৰ্তনত অৰিহণা যোগায় :- সামাজিক স্তৰীকৰণে কেৱল এখন সমাজকে ভিন্ন স্বৰত ভাগ হোৱাকে নুবুজায়,ই সামাজিক চে পৰিৱৰ্তনতো অৰিহণা যোগীয়। ব্যক্তিৰ সামাজিক প্ৰস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি শিক্ষক, চিকিৎসক, উদ্যোগপতি, ধনী-দুখীয়া মধ্যবিত্ত আদি বিভিন্ন ভাগত ভাগ কৰা হয়। এনে বিভাজনে সমাজত সামাজিক পৰিৱৰ্তন আনে।

৪। সামাজিক স্তৰীকৰণে বৃত্তিমূলক বিভাজন অনাত সহায় কৰে :- সমাজৰ ব্যক্তিসকলৰ উচ্চ-নিম্ন জীৱন-ধাৰণৰ মানদণ্ডৰ ভিত্তিত সামাজিকু স্তৰীকৰণ সৃষ্টি হয়। কিছুমান ব্যক্তিক উচ্চ স্থানত থাকি উচ্চ সামাজিক মানদণ্ড গঠনত সহায় কৰে আন্যহাতেদি কিছুমান ব্যক্তিয়ে নিম্ন স্থানত থাকি-সেৱা আগবঢ়ায়। গতিকে সামাজিক স্তৰীকৰণে বৃত্তিমূলক বিভাজন অনাত যথেষ্ট পৰিমাণে সহায় কৰা পৰিলক্ষিত হয়।

25. Define Social stratification. Describe the’ nature of social stratification.

উত্তৰঃ সামাজিক স্তৰীকৰণৰ সংজ্ঞা সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণেৰে মতামত দিছে। সমাজতত্ত্ববিদসকলে এই প্ৰসংগত নিৰূপণ কৰা সংজ্ঞাসমূহ আমি নিম্নলিখিত ধৰণেৰে উপস্থাপন কৰিব পাৰো-

পি. এ. চ’ৰ’কিনৰ মতে, “সামাজিক স্তৰীকৰণ হৈছে সমাজৰ 

জনসংখ্যাক উচ্চ বা নিম্ন শ্রেণী হিচাপে পদানুক্রমিক সংস্তৰণ কৰাৰ

এক ব্যৱস্থা। ব্যক্তিক নিম্ন সামাজিক সদস্য হিচাপে প্রতিষ্ঠিত কৰোতে পোৱা অধিকাৰ আৰু সুবিধাৰ ভিত্তিত স্তৰীকৰণ বৰ্তি থাকে।”

(Social stratification means the differentiation of a given population into hierarchically super imposed classes, strati fication involves distribution of unequal rights and privileges among the members of society.)

Williamsৰ মতে, “ব্যক্তিক সমতা আৰু শ্ৰেষ্ঠতাৰভিত্তিত কিছুমান গ্রহণযোগ্য মূল্যৰ মাপকানিৰে শ্ৰেণীকৰণ কৰা ব্যৱস্থাটোৱেই হৈছে সামাজিক স্তৰীকৰণ”।

(Social stratification as the ranking of individuals. on a Scale of superiority equality according to. some. commonly accepted basic of valuation.)

R. W. Mooreৰ মতে, “সামাজিক স্তৰীকৰণ হৈছে সমাজক ‘উচ্চ’ বা ‘নিম্ন’ হিচাপে বিভক্ত কৰা এটা দিগন্তমুখী সামাজিক ব্যৱস্থা ।”

(Social stratification is a horizontal division of society into, higher’ and lower” social units.) গিলবাৰ্টৰৰ মতে, “সামাজিক স্তৰীকৰণ সমাজৰ স্থায়ী শ্ৰেণীবিভাজন বা গোট য’ত প্রত্যেকেই সিহঁতৰবশ্যতা আৰু প্ৰাধান্যতাৰ ভিত্তিত ইটো সিটোৰ সৈতে সু-সম্পর্কিত হৈ একেলগ হৈ থাকে।”

য়ং আৰু মেক্ৰৰ মতে, “বেছিভাগ সমাজতে মানুহক উচ্চৰ পৰা নিম্নলৈ শ্রেণীবিভাগ কৰা হয়। এনে শ্রেণী বিভাজনৰ প্ৰক্ৰিয়াকে সামাজিক স্তৰীকৰণ বোলা হয়।”

(In most societies, people classify. one another into categories and more these categories from the higher to the lower. The process of defining such categories is called social stratification.) উপৰোক্ত সংজ্ঞাসমূহ বিশেয়ণৰ অন্তত সামাজিক স্তৰীকৰণ প্ৰকৃতি সম্পর্কে আমি তলত উল্লেখ কৰাৰ ধৰণেৰে ব্যাখ্যা কৰিব পাৰো—

১। সামাজিক স্তৰীকৰণ এক সাৰ্বজনীন প্রক্রিয়া ।

২। ইএক সামাজিক পদ্ধতি, যাৰ যোগেদি ব্যক্তিক উচ্চ বা নিম্ন স্থানত বিভক্ত কৰিব পাৰি ।

৩। ই মানৱ সমাজৰ এক চাৰিত্ৰিক বৈশিষ্ট্য।

৪। প্রস্থিতি য়েই সামাজিক স্তৰীকৰণৰ আধাৰস্বৰূপ।

৫। সমাজৰ ব্যক্তিসকলক কিছু পৰিমাণে স্থায়ীভাৱে শ্ৰেণীকৰণ কৰা হয়।

৬। কিছুমান বিশেষ গুণ বা মানদণ্ডৰ ওপৰত ভিত্তি কৰি সমাজৰ ব্যক্তিসকলক উচ্চ বা নিম্ন আদি স্তৰত ভাগ কৰা হয়।

৭। সমাজভেদে সামাজিক স্তৰীকৰণৰ গতি আৰু প্ৰকৃতি বেলেগ বেলেগ। 

26. Explain the various types of social mobility.

উত্তৰঃ বিভিন্ন জনে সামাজিক গতিশীলতাক বিভিন্ন ভাগে ভাগ কৰিছে-এইবিলাক হ’ল-

P. Sorokin ৰ মতে সামাজিক গতিশীলতা প্রধানকৈ দুই প্ৰকাৰৰ—

১। আনুভূমিক গতিশীলতা (Horizontal Mobility). 

২। শীর্ষবিন্দুক গতিশীলতা (Vertical mobility).

১। আনুভূমিক গতিশীলতা :- য়েতিয়া সমাজত কিছুমান ব্যক্তিৰ সমাজিক প্ৰস্থিতি এটা বৃত্তিৰ পৰা অন্য এটা বৃত্তিলৈ ৰূপান্তৰিত হয়, তাকেই আনুভূমিক গতিশীলতা বোলে। অর্থাৎ এই গতিশীলতাত প্ৰস্থিতি প্রায় একেই থাকে কিন্তু কাম বা স্থানৰহে পৰিৱৰ্তন হয়। যেনে—এজন চিকিৎসকে যদি ব্যক্তিগত সেৱা ত্যাগ কৰি সেই একে প্রস্থিতি কোনো এক বৃহৎ উদ্যোগ বা নিগমত বেতন ভোগী বৃত্তি গ্ৰহণ কৰে তেওঁৰ তেতিয়া স্থানৰহে পৰিৱৰ্তন ঘটিব, প্ৰকৃতিৰ কোনো পৰিৱৰ্তন নঘটে। এনে গতিশীলতাৰ ক্ষেত্ৰত সাধাৰণতে উচ্চ শ্ৰেণীৰ পৰা নিম্ন শ্ৰেণীলৈ গতি কৰাকে বুজায়।

২। শীর্ষবন্দুক গতিশীলতা :- উচ্চস্তৰৰ পৰা নিম্ন স্তৰলৈ আৰু নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰাটোক উলম্ব বা শীৰ্ষক বিন্দু গতিশীলতা বুলি কোৱা হয় ৷ এনে গতিশীলতাক দুটা ভাগত ভগাব পাৰি-

(ক) উর্ধগামী গতিশীলতা ৷ 

(খ) অধঃগামী গতিশীলতা ৷

(ক) উর্ধগামী গতিশীলতা (Upward Mobility) :- সমাজত যেতিয়া এজন নিম্ন প্রস্থিতি ব্যক্তিয়ে নিজৰ যোগ্যতা বা কৰ্মৰ যোগেদি উচ্চ প্ৰস্থিতি লাভ কৰিবলৈ সক্ষম হয় তেতিয়া তাক উর্ধমুখী গতিশীলতা বোলে৷ উদাহৰণস্বৰূপে,আমাৰ সমাজত নিম্নখাপৰ বুলি পৰিচিত এজন হৰিজন সম্প্ৰদায়ৰ লোকে নিজৰ দক্ষতা আৰু যোগ্যতাৰ বলত উচ্চ শিক্ষাৰে শিক্ষিত হৈ এখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক পদত নিযুক্তি লাভ কৰাটো উর্ধগামী গতিশীলতাৰ পৰিচায়ক।

(খ) অধঃগামী গতিশীলতা :- যেতিয়া কোনো এজন উচ্চ জাতি বা উচ্চ শ্ৰেণীৰ ব্যক্তিয়ে নিজৰ দক্ষতাৰ অভাৱত অথবা অন্যান্য সামাজিক কাৰণত নিম্ন স্তৰলৈ গতি কৰে, তেনে গতিশীলতাক অধঃগামী গতিশীলতা বুলি কোৱা ইয়৷ উদাহৰণস্বৰূপে, এজন ধনী ব্যক্তি যদিকিবা কাৰণত তেওঁৰ সকলো সম্পত্তি হেৰুৱাই এজন দুখীয়া লোকত পৰিণত হয় তেন্তে তেনে গতিশীলতাক নিম্নমুখী গতিশীলতা আখ্যা দিব পাৰি। ইয়াৰোপৰি এজন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ল’ৰাই দি উচ্চ শিক্ষা লাভ নকৰি কোনো এটা চৰকাৰী কাৰ্য্যলিয়ৰ কেৰাণী পদত নিযুক্ত হয়, তেতিয়া তেওঁৰ সামাজিক প্ৰস্থিতি অনুসৰি নিম্নমুখী গতিশীলতাৰ দিশে ধাৱমান হ’ব।

সময়ৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক গতিশীলতাক দুটা ভাগত ভাগ কৰিব পাৰি—

(১) আন্তঃপুৰুষ গতিশীলতা (Intergenerational Mobility). 

(২) অনস্তঃপুৰুষ গতিশীলতা (Intragenerational mobility).

১। আন্তঃপুরুষ গতিশীলতা (Intergenerational Mobility) :- যি সামাজিক গতিশীলতা কেৱল মাত্ৰ দুটা পুৰুষৰ মাজতহে সম্ভৱপৰ তেনে গতিশীলতাক আন্তঃপুৰুষ গতিশীলতা বোলে। এই প্ৰকাৰৰ গতিশীলতা সাধিত হ’বৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। যেনে- এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ ল’ৰা যদি তেওঁব কৰ্ম আৰু যোগ্যতাৰ বলত এজন বিচাৰপতি হয়গৈ তেন্তে তেওঁৰ ক্ষেত্ৰত সেই গতিশীলতা আন্তঃপুৰুষ গতিশীলতা হ’ব। এনে গতিশীলতা যে কেৱল উর্ধমুখী এনে নহয়, নিম্নমুখীও হ’ব পাৰে। অৰ্থৎ উচ্চ সামাজিক প্ৰস্থিতিৰ পিতৃৰ সম্ভান নিম্ন প্ৰস্থিতিও পাব পাৰে।।

২। অন্তঃপুৰুষ গতিশীলতা (Intragenerational mobility) :- যি সামাজিক গতিশীলতা কেৱল একেটা পুৰুষৰ মাজতে সংঘটিত হয়। উদাহৰণস্বৰূপে এজন নিম্নবৰ্গৰ কৰ্মচাৰী যদি যোগ্যতাৰ বলত গৈ উচ্চ বৰ্গৰ আমোলা হয়গৈ তেন্তে এই গতিশীলতা হয় অন্তঃপুৰুষ গতিশীলতা। কিয়নো একেটা পুৰুষৰ ভিতৰতে এই পৰিৱৰ্তন ঘটিল। কিছুমান পণ্ডিতে পুনৰ সামাজিক গতিশীলতাক নিম্ন ধৰণেৰে ভাগ কৰিছে–

(ক) বন্ধ গতিশীলতা (Closed Mobility)।

(খ) মুক্ত গতিশীলতা।

(ক) বন্ধ গতিশীলতা (Closed Mobility) :- কেতিয়াবা সমাজত কেৱল জন্মগত প্ৰস্থিতিকে স্বীকাৰ কৰি লোৱা হয়। জন্মৰ জৰিয়তে লাভ কৰা উচ্চ,মধ্য বা নিম্ন আদি সামাজিক স্থানৰ ওপৰত ভিত্তি কৰি বন্ধ গতিশীতা নিৰ্ধাৰণ কৰা হয়। ব্যক্তিয়ে ইচ্ছা কৰিলেই নিন্ন জাতৰ পৰা উচ্চ জাতলৈ গতি কৰিব নোৱাৰে।

(খ) মুক্ত গতিশীলতা :- এনে গতিশীলতাত ব্যক্তিয়ে ইচ্ছা কৰাৰ মতেই সামাজিক স্থানৰ পৰিৱৰ্তন ঘটাব পাৰে, মাথোন অৰ্হতা আহৰণ কৰিব পাৰিলেই হয়। যেনে— নিম্ন জাতিৰ ব্যক্তিয়েও নিজৰ অৰ্হতা আৰু যোগ্যতাৰ বলত উচ্চ স্তৰলৈ গতি কৰিব পাৰে, বৰ্তমান সময়ৰ উন্নয়নকামী সমাজত মুক্ত গতিশীলতাৰলপ্ৰাধান্য পৰিলক্ষিত হয়।

গতিকে উপৰোক্ত আলোচনাৰ পৰা এটা কথা প্রতীয়মান হয় যে সমাজত প্ৰস্থিতি আৰু যোগ্যতাৰ ভিত্তিত বিভিন্ন প্ৰকাৰৰ গতিশীলতা পোৱাযায়। কিন্তু উলম্ব বা শীর্ষবিন্দুক গতিশীলতাৰ প্ৰাধ্যন্য ‘এই ক্ষেত্ৰত বেছি। কিয়নো এনে গতিশীলতাৰ যোগেদিহে ব্যক্তিয়ে উন্নতিৰ পথেদি আগুৱাব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top