Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Notes, College and University Answer Bank of Education for BA, and Post Graduate Notes and Guide Available here, Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus eg. Dibrugarh University and Guwahati University so that you can easily browse through different College and University Guide and Notes here. Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া Question Answer can be of great value to excel in the examination.
Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া
Sociological Foundations of Education Unit 3 Education, Social Aspects and Socialization Process Notes cover all the exercise questions in UGC Syllabus. The Sociological Foundations of Education Unit 2 শিক্ষা, সামাজিক দিশ আৰু সামাজিক প্রক্রিয়া provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
10. What is social stratification: Which factors are mainly responsible for underlying social stratification.
উত্তৰঃ সাধাৰণতে স্তৰীকৰণে এখন সমাজৰ মানুহবিলাকক শ্ৰেণী আৰু প্ৰস্থিতি অনুযায়ী ভাগ কৰাকে সূচায়। স্তৰীকৰণ শব্দটোৰ ইংৰাজী প্রতিশব্দ (Stratification) শব্দটো ‘Strata’ শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থই হ’ল (Class) শ্রেণী। কোনো এখন সমাজৰ ব্যক্তিসকলক তেওঁলোকৰ সাদৃশ্য, বৈসাদৃশ্য আৰু বৈষম্যৰ ওপৰত ভিত্তি কৰি ‘উচ্চৰ পৰা নিলৈ ক্রমবৰ্দ্ধমান ৰূপত সজাব পাৰি। সামাজিক স্তৰীকৰণ এনে এক পদ্ধতি যাৰ যোগেদি সমাজৰ ব্যক্তিসকলক কোনো নির্দিষ্ট শ্রেণী বা গোটত ভাগ কৰিব পৰা যায়। ই বিশ্ব গ্ৰুতিখন সমাজতেই প্রতিফলিত হয়। কিয়নো ব্যক্তিগত বৈষম্য অনুযায়ী প্রত্যেক ব্যক্তিয়েই সমাজত বেলেগ বেলেগ ভূমিকা পালন কৰে আৰু সেই অনুসৰি প্ৰত্যেকৰে সামাজিক প্রস্থিতি (Status) ৰ মানদণ্ডও বেলেগ বেলেগ হোৱা দেখা যায়।
বিভিন্ন ব্যক্তিৰ সংমিশ্ৰণতে এখন সমাজ গঠিত হৈছে। এখন সমাজৰ সকলো ব্যক্তিৰ সামাজিক স্থান একে নহয়। ব্যক্তিয়ে সমাজত দুই ধৰণেৰে প্ৰস্থিতি লাভ কৰে—জন্মগত সূত্ৰে আৰু নিজৰ কৰ্ম, গুণ, অন্তনিৰ্হিতি প্ৰতিভাৰ যোগেদি। এনেদৰেই ব্যক্তিয়ে এটা সামাজিক প্ৰস্থিতিৰ পৰা অন্য এটা প্ৰস্থিতিলৈ ৰূপান্তৰিত হ’ব পাৰে, সমাজৰ লোকসকল উচ্চ নিম্ন, ধনী-দুখীয়া আদি বিভিন্ন স্থানত বিভক্ত হয়। গতিকে সামাজিক স্তৰীকৰণৰ ক্ষেত্ৰত প্ৰস্থিতিৰ ভূকি খুবেই গুৰুত্বপূৰ্ণ।
সামাজিক স্তৰীকৰণৰ সংজ্ঞা সন্দৰ্ভত বিভিন্নজনে বিভিন্ন ধৰণেৰে মতামত দিছে।সমাজতত্ত্ববিদসকলে এই প্ৰসংগত নিৰূপণ কৰা সংজ্ঞাসমূহ আমি নিম্নলিখিত ধৰণেৰে উপস্থাপন কৰিব পাৰো
P.A. Sorokin ৰ মতে, “সামাজিক স্তৰীকৰণ হৈছে সমাজৰ জনসংখ্যাক উচ্চ বা নিম্ন শ্রেণী হিচাপে পদানুক্রমিক সংস্তৰণ কৰাৰ এক ব্যৱস্থা। ব্যক্তিক নিম্ন সামাজিক সদস্য হিচাপে প্ৰতিষ্ঠিত কৰোতে পোৱা অধিকাৰ আৰু সুবিধাৰ ভিত্তিত স্তৰীকৰণ বর্তি থাকে।” (Social stratification means the differentiation of a given population into hierarchically super imposed classes, stratification involves distribution of unequal rights and privileges among the members of society.)
আৰ. ডব্লিউ মুৰেৰ মতে, “সামাজিক স্তৰীকৰণ হৈছে সমাজক ‘উচ্চ’ বা ‘নিম্ন’ হিচাপে বিভক্ত কৰা এটা দিগন্তমুখী সামাজিক ব্যৱস্থা ।”
(Social stratification is a horizontal division of society
into, ‘higher’ and ‘lower’ social units.) গিলবার্টৰ্টৰৰ মতে, “সামাজিক স্তৰীকৰণ সমাজৰ স্থায়ী শ্রেণীবিভাজন বা গোট য’ত প্রত্যেকেই সিহঁতৰ বশ্যতা আৰু প্ৰাধান্যতাৰ ভিত্তিত ইটো সিটোৰ সৈতে সু-সম্পর্কিত হৈ একেলগ হৈ থাকে।” (Social stratification is the division of society into permanent groups or categories linked with each other by relationship of superiority and subordination.)
Young and Meck ৰ মতে, “বেছিভাগ সমাজতে মানুহক উচ্চৰ পৰা নিম্নলৈ শ্ৰেণীবিভাগ কৰা হয়।এনে শ্রেণী বিভাজনৰ প্ৰক্ৰিয়াকে সামাজিক স্তৰীকৰণ বোলা হয় ।” (In most societies, people classify one another into categories and more these categories from the higher to the lower. The process of defining such categories is called social stratification.)
সামাজিক স্তৰীকৰণৰ উপাদান—
সামাজিক স্তৰীকৰণত বিভিন্ন উপাদানে প্ৰভাৱ বিস্তাৰ কৰে। এই উপাদানসমূহ সামাজিক স্তৰীকৰণৰ মূল আধাৰ স্বৰূপ। তলত এই উপাদানসমূহৰ সম্পৰ্কে আলোচনা কৰা হ’ল
১। জাতি (Caste) :- ই সামাজিক ভৰীকৰণৰ এক মুল উপাদান। জাতিগত প্ৰথাৰ বাবেই সমাজত মানুহক উচ্চ আৰু নিম্ন শ্ৰেণীত।ভাগ্ কৰা হয়। উচ্চ জাতি অথবা আভিজাত্য পৰিয়ালত জন্মগ্ৰহণ কৰা ব্যক্তিক আন ব্যক্তিয়ে উচ্চ সন্মান যাচে বা সমাজতো উচ্চ স্থান পায়। গতিকে জন্ম প্রদত্ত গুণ গৰিমাৰ দ্বাৰা কিছুমান মানুহে উচ্চ জাতত আৰু কিছুমানে নিম্ন জাতত সমাজত প্ৰস্থিতি লাভ কৰিবলৈ সক্ষম হয়।
২। ধর্ম (Religion) :- ধৰ্মৰ ফলতো সমাজৰ ব্যক্তিসকলক বিভিন্ন গোটত শ্রেণীবিভাগ কৰিব পৰা যায়। আমাৰ সমাজত কিছুমান ধৰ্মক অতি উচ্চ খাপৰ বুলি গণ্য কৰা হয় আৰু কিছুমান খাপক অতি নিম্ন খাগৰ বুলি গণ্য কৰা হয় । গতিকে উচ্চ ধর্মীয় সম্প্রদায়ত জন্ম গ্ৰহণ কৰা লোকৰ স্থান আৰু নিম্ন ধর্মীয় সম্প্রদায়ত জন্ম গ্ৰহণ কৰা লোকৰ মাজত পার্থক্য পৰিলক্ষিত হয়। এনেদৰেই ধৰ্মৰ ফলতো সামাজিক স্তৰীকৰণৰ উদ্ভৱ হয়।
৩। অর্থনৈতিক প্রস্থিতি :- সমাজত ব্যক্তিক অর্থনৈতিক প্ৰস্থিতিৰ ওপৰত ভিত্তি কৰিয়েই ধনী আৰু দুখীয়া এই দুই শ্ৰেণীত ভাগ কৰা হৈছে।ব্যক্তিক উচ্চ, নিম্ন আৰু মধ্যবিত্ত এই তিনি-শ্ৰেণীত ভাগ কৰাৰমূলতে হলে সেই সমাজৰ ব্যক্তিসকলৰ জীৱন ধাৰণৰ মানদণ্ড । গতিকে যিমানেই ব্যক্তিৰ অৰ্থনৈতিক দিশ সৱল হ’ব জীৱন ধাৰণৰ মানদণ্ডও উন্নত হ’ব আৰু এই অর্থনৈতিক দিশে সেয়েহে সামাজিক স্তৰীকৰণত প্ৰভাৱ পেলায় বুলি ক’ব পাৰি।।
৪। ৰাজনৈতিক অৱস্থা :- ৰাজনৈতিক সা-সুবিধা, দায়িত্ব আৰু কৰ্তব্যৰ বাবেও শাসক শ্রেণীয়ে সমাজৰ অন্যান্য দুর্বল শ্রেণীক শোষণ কৰা পৰিলক্ষিত হৈছে। এনে অৱস্থাই সমাজৰ দায়িত্ব থকা লোকসকলৰ অধিক উচ্চ আৰু অন্যান্য সকলক নিম্ন পর্যগডিত ভাগ কৰে। এনে উচ্চ-নীচ ক্ষমতাই সামাজিক স্তৰীকৰণত সহায় কৰে।
৫। লিঙ্গ বৈষম্য (Sex Difference) :- কিছুমান সমাজত লিঙ্গ বৈষম্য পৰিলক্ষিত হয়। পুৰুষসকলক অতি উচ্চ স্থান প্ৰদান কৰা হয়। আৰু মহিলা সকলক অতি নিম্ন খাপৰ বুলি গণ্য কৰা হয় । গতিকে লিঙ্গ পার্থক্যই সমাজত বিভাজনৰ সৃষ্টি কৰে আৰু স্তৰীকৰণত সমল যোগায়।
৬। বৃত্তিমূলক যোগ্যতা (Vocational Efficiency) :- বহুত সময়ত আমি লক্ষ্য কৰোঁ যে ব্যক্তিৰ বৃত্তীয় যোগ্যতাই সামাজিক প্রস্থিতি নির্ণয় কৰাত সহায় কৰে। প্রত্যেক ব্যক্তিয়েই নিজস্ব যোগ্যতাৰ ভিত্তিত সমাজৰ হকে কাম কৰে, সেৱা আগবঢ়ায়। উদাহৰণস্বৰূপে এজন অভিযন্ত্ৰা বা চিকিৎসক সদায়েই এজন শিক্ষকতকৈ সমাতে উচ্চ স্থান লাভ কৰে নিজৰবৃত্তীয় যোগ্যতাৰ ভিত্তিত। গতিকে সমাজত এনে বৃত্তিগত মর্যাদাৰ ভিত্তিতো বিভিন্ন সামাজিক গোটত ভাগ কৰা হৈছে।
৭। প্রজাতীয় উপাদান :- প্রজাতীয় বিভিন্নতাই সমাজত সামাজিক স্তৰীকৰণ প্ৰক্ৰিয়াৰ উদ্ভৱ কৰে। কিছুমান অঞ্চলত প্ৰজাতীয় বৈশিষ্ট্যই লোক সকলৰ মাজত উচ্চ-নীচ ভাব সৃষ্টি কৰে। যেনে :- আমেৰিকাৰ শ্বেতবৰ্ণ আৰু কৃষ্ণবৰ্ণ লোকসকলৰ মাজত ব্যক্তিগত বৈষম্য পৰিলক্ষিত হয় যিয়ে সামাজিক স্তৰীকৰণ প্ৰক্ৰিয়াৰ উদ্ভৱ কৰে।
৮। দক্ষতা (Efficiency) :- প্রত্যেক সমাজতে একশ্ৰেণীৰ লোকে অন্য এক শ্ৰেণীতকৈ উচ্চ প্ৰস্থিতিত অধিষ্ঠিত হৈ থাকে। এইয়া কেৱলমাত্র সম্ভৱপৰ হৈ উঠে ব্যক্তিজনৰ দক্ষতাৰ বাবেহে। কিয়নো, সকলো ব্যক্তিৰে দক্ষতা একে নহয়। গতিকে সক্ষম হয়।
11. Discuss the relationship between education and social stratification.
উত্তৰঃ শিক্ষা আৰু সামাজিক স্তৰীকৰণৰ মাজত এক ওতঃপ্রোত সম্বন্ধ আছে। কিয়নো শিক্ষা এনে এক প্রক্রিয়া যিয়ে সামাজিক স্তৰীকৰণ অনাত সহায় কৰে। সমাজৰ ব্যক্তিসকলৰ মাজত থকা বৈশিষ্ট্য, প্ৰস্থিতি, ভূমিকা আদি নিৰূপণত শিক্ষাই সহায় কৰে। সামাজিক স্তৰীকৰণৰ সহায়ত সমাজৰ ব্যক্তিসকলক উচ্চ-নিম্ন আদি শ্ৰেণীত ভাগ কৰিব পৰা যায়। সমাজৰ উচ্চ নিম্ন স্থান অনুসৰিয়েই মানুহে অধিকাৰ আৰু সা-সুবিধা লাভ কৰে। এনে অসমতা আৰু বিভিন্নতাই সামাজিক স্তৰীকৰণকে সূচায়।শিক্ষা এনে এক শক্তিশালী মাধ্যম যিয়ে সমাজৰ ব্যক্তিসকলৰ জীৱন-ধাৰণৰ মানদণ্ড সলনি কৰাত সহায় কৰে, ব্যক্তিৰ সচেতনতাবৃদ্ধি কৰে, অৰ্থনৈতিক উন্নয়নত সমল যোগায় লগতে শিক্ষাই ব্যক্তিৰ ব্যক্তিগত বৈষম্য অনুযায়ী প্রস্থিতি (Status) নিৰ্ণয় সহায় কৰে। ভাৰতীয় সমাজত প্ৰধানকৈ ৰ্ত্তৰীক্ৰণ ব্যক্তিগত ব্যৱস্থা, ধৰ্ম আৰু অৰ্থনৈতিক প্ৰস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰূপণ কৰিব পাৰি। সাধাৰণতে ক’বলৈ গ’লে স্তৰীকৰণ এক দৃঢ় প্রক্রিয়া যাক সহজে সলনি কৰিব পৰা। নাযায়। উদাহৰণস্বৰূপে ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি— ভাৰতীয় সমাজৰ ব্ৰাহ্মণক আটাইতকৈ উচ্চ স্থানত ৰখা হৈছে। গতিকে, ব্ৰাহ্মণৰ ঘৰত জন্মগ্রহণ কৰা সকলৰ শিক্ষা দীক্ষা কম হ’লেও তেওঁলোকে ব্ৰাহ্মণৰ প্ৰস্থিতিয়েই লাভ কৰে। এই স্থান ক্ষত্রিয়, শুদ্ৰ আৰু বৈশ্যই ল’ব নোৱাৰে।
12. What is mean by “Social mobility’. What are its types Discuss the relationship between social mobility and education.
উত্তৰঃ সামাজিক গতিশীলতা হ’ল- মানৱ সমাজৰ বিভিন্ন দিশত পৰিৱৰ্তন অন্য এক সামাজিক প্রক্রিয়া । এই প্ৰক্ৰিয়াৰ মাধ্যমেদি এটা সামাজিক শ্রেণীয়ে অন্য এটা সামাজিক শ্ৰেণীলৈ উর্ধ্বমুখী বা অধঃমুখীভাৱে অথবা সমাস্তৰালভাৱে গতি কৰা এটা সামাজিক প্ৰক্ৰিয়া । সামাজিক গতিশীলতাৰ সম্পৰ্কে বিভিন্ন দার্শনিকে বিভিন্ন মতামত আগবঢ়াইছে।
সামাজিক গতিশীলতাৰ সংজ্ঞা (Definitions of Social Mobility) :-
সামাজিক গতিশীলতাৰ বিদগ্ধ পণ্ডিত ছ’ৰকিনৰ মতে— “ব্যক্তি বা সামাজিক উদ্দেশ্য আৰু মূল্যক যদি মানুহে মানবীয় কাৰ্যৰ দ্বাৰা এটা ৰূপৰ পৰা অন্য এটা ৰূপলৈ পৰিৱৰ্তিত কৰে তাকে সামাজিক গতিশীলতা বুলি বুজা যায়।” (By social mobility is meant any transition of an indi vidual from one position to another is a constellation of social group and strata.)
বিখ্যাত দার্শনিকৰ মতে “কোনো এক বিশেষ সামাজিক পৰিস্থিতিপ্রাপ্ত লোকে সামাজিক পৰিস্থিতিৰ পৰিৱৰ্তনেৰে আন এটা শ্ৰেণীত অন্তৰ্ভুক্ত কৰা প্ৰক্ৰিয়াকে সামাজিক গতিশীলতা বুলি কোৱা হয়।
“(Social mobility meansÊ. movement within the social structure.)
William Headrick ৰ মতে- “ব্যক্তিয়ে এটা সামাজিক গোটৰ পৰা অন্য এটা সামাজিক গোটলৈ গতি কৰাকে সামাজিক গতিশীলতা বুলি কোৱা হয়।”
(The movement of person from one social group to another social group.) P. Sorokin ৰ মতে সামাজিক গতিশীলতা প্রধানকৈ দুই প্ৰকাৰৰ—
১। আনুভূমিক গতিশীলতা (Horizontal Mobility).
২। শীর্ষবিন্দুক গতিশীলতা (Vertical mobility).
১। আনুভূমিক গতিশীলতা :- য়েতিয়া সমাজত কিছুমান ব্যক্তিৰ সমাজিক প্ৰস্থিতি এটা বৃত্তিৰ পৰা অন্য এটা বৃত্তিলৈ ৰূপান্তৰিত হয়, তাকেই আনুভূমিক গতিশীলতা বোলে। অর্থাৎ এই গতিশীলতাত প্ৰস্থিতি প্রায় একেই থাকে কিন্তু কাম বা স্থানৰহে পৰিৱৰ্তন হয়। যেনে— এজন চিকিৎসকে যদি ব্যক্তিগত সেৱা ত্যাগ কৰি সেই একে প্রস্থিতি কোনো এক বৃহৎ উদ্যোগ বা নিগমত বেতন ভোগী বৃত্তি গ্ৰহণ কৰে তেওঁৰ তেতিয়া স্থানৰহে পৰিৱৰ্তন ঘটিব, প্ৰকৃতিৰ কোনো পৰিৱৰ্তন নঘটে। এনে গতিশীলতাৰ ক্ষেত্ৰত সাধাৰণতে উচ্চ শ্ৰেণীৰ পৰা নিম্ন শ্ৰেণীলৈ গতি কৰাকে বুজায়।
২। শীর্ষবন্দুক গতিশীলতা :- উচ্চস্তৰৰ পৰা নিম্ন স্তৰলৈ আৰু নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ গতি কৰাটোক উলম্ব বা শীৰ্ষক বিন্দু গতিশীলতা বুলি কোৱা হয়৷ এনে গতিশীলতাক দুটা ভাগত ভগাব পাৰি –
(ক) উর্ধগামী গতিশীলতা ।
(খ) অধঃগামী গতিশীলতা ।
(ক) ঊর্ধগামী গতিশীলতা (Upward Mobility) :- সমাজত যেতিয়া এজন নিম্ন প্রস্থিতি ব্যক্তিয়ে নিজৰ যোগ্যতা বা কৰ্মৰ যোগেদি উচ্চ প্ৰস্থিতি লাভ কৰিবলৈ সক্ষম হয় তেতিয়া তাক উর্ধমুখী গতিশীলতা বোলে। উদাহৰণস্বৰূপে,আমাৰ সমাজত নিম্নখাপৰ বুলি পৰিচিত এজন হৰিজন সম্প্ৰদায়ৰ লোকে নিজৰ দক্ষতা আৰু যোগ্যতাৰ বলত উচ্চ শিক্ষাৰে শিক্ষিত হৈ এখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক পদত নিযুক্তি লাভ কৰাটো উর্ধগামী গতিশীলতাৰ পৰিচায়ক।
(খ) অধঃগামী গতিশীলতা :- যেতিয়া কোনো এজন উচ্চ জাতি বা উচ্চ শ্ৰেণীৰ ব্যক্তিয়ে নিজৰ দক্ষতাৰ অভাৱত অথবা অন্যান্য সামাজিক কাৰণত নিম্ন স্তৰলৈ গতি কৰে, তেনে গতিশীলতাক অধঃগামী গতিশীলতা বুলি কোৱা ইয়৷ উদাহৰণস্বৰূপে, এজন ধনী ব্যক্তি যদিকিবা কাৰণত তেওঁৰ সকলো সম্পত্তি হেৰুৱাই এজন দুখীয়া লোকত পৰিণত হয় তেন্তে তেনে গতিশীলতাক নিম্নমুখী গতিশীলতা আখ্যা দিব পাৰি। ইয়াৰোপৰি এজন বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ ল’ৰাই দি উচ্চ শিক্ষা লাভ নকৰি কোনো এটা চৰকাৰী কাৰ্য্যলিয়ৰ কেৰাণী পদত নিযুক্ত হয়, তেতিয়া তেওঁৰ সামাজিক প্ৰস্থিতি অনুসৰি নিম্নমুখী গতিশীলতাৰ দিশে ধাৱমান হ’ব।
সময়ৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক গতিশীলতাক দুটা ভাগত ভাগ কৰিব পাৰি—
(১) আন্তঃপুৰুষ গতিশীলতা (Intergenerational Mobility).
(২) অনস্তঃপুৰুষ গতিশীলতা (Intragenerational mobility).
১। আন্তঃপুৰুষ গতিশীলতা (Intergenerational Mobility) :- যি সামাজিক গতিশীলতা কেৱল মাত্ৰ দুটা পুৰুষৰ মাজতহে সম্ভৱপৰ তেনে গতিশীলতাক আন্তঃপুৰুষ গতিশীলতা বোলে। এই প্ৰকাৰৰ গতিশীলতা সাধিত হ’বৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হয়। যেনে– এজন চতুর্থ বৰ্গৰ কৰ্মচাৰীৰ ল’ৰা যদি তেওঁব কৰ্ম আৰু যোগ্যতাৰ বলত এজন বিচাৰপতি হয়গৈ তেন্তে তেওঁৰ ক্ষেত্ৰত সেই গতিশীলতা আন্তঃপুৰুষ গতিশীলতা হ’ব। এনে গতিশীলতা যে কেৱল উর্ধমুখী এনে নহয়, নিম্নমুখীও হ’ব পাৰে। অৱৰ্থৎ উচ্চ সামাজিক প্ৰস্থিতিৰ পিতৃৰ সম্ভান নিম্ন প্ৰস্থিতিও পাব পাৰে।।
২। অন্তঃপুৰুষ গতিশীলতা (Intragenerational mobility) :- যি সামাজিক গতিশীলতা কেৱল একেটা পুৰুষৰ মাজতে সংঘটিত হয়। উদাহৰণস্বৰূপে এজন নিম্নবৰ্গৰ কৰ্মচাৰী যদি যোগ্যতাৰ বলত গৈ উচ্চ বৰ্গৰ আমোলা হয়গৈ তেন্তে এই গতিশীলতা হয় অন্তঃপুৰুষ গতিশীলতা। কিয়নো একেটা পুৰুষৰ ভিতৰতে এই পৰিৱৰ্তন ঘটিল। কিছুমান পণ্ডিতে পুনৰ সামাজিক গতিশীলতাক নিম্ন ধৰণেৰে ভাগ
কৰিছে–
(ক) বন্ধ গতিশীলতা ।
(খ) মুক্ত গতিশীলতা ।
(ক) বন্ধ গতিশীলতা (Closed Mobility) :- কেতিয়াবা সমাজত কেৱল জন্মগত প্ৰস্থিতিকে স্বীকাৰ কৰি লোৱা হয়। জন্মৰ জৰিয়তে লাভ কৰা উচ্চ, মধ্য বা নিম্ন আদি সামাজিক স্থানৰ ওপৰত ভিত্তি কৰি বন্ধ গতিশীতা নিৰ্ধাৰণ কৰা হয়। ব্যক্তিয়ে ইচ্ছা কৰিলেই নিম্ন জাতৰ পৰা উচ্চ জাতলৈ গতি কৰিব নোৱাৰে।
(খ) মুক্ত গতিশীলতা :- এনে গতিশীলতাত ব্যক্তিয়ে ইচ্ছা কৰাৰ মতেই সামাজিক স্থানৰ পৰিৱৰ্তন ঘটাব পাৰে, মাথোন অৰ্হতা আহৰণ কৰিব পাৰিলেই হয়। যেনে— নিম্ন জাতিৰ ব্যক্তিয়েও নিজৰ অৰ্হতা আৰু যোগ্যতাৰ বলত উচ্চ স্তৰলৈ গতি কৰিব পাৰে, বৰ্তমান সময়ৰ উন্নয়নকামী সমাজত মুক্ত গতিশীলতাৰলপ্ৰাধান্য পৰিলক্ষিত হয়।
গতিকে উপৰোক্ত আলোচনাৰ পৰা এটা কথা প্রতীয়মান হয় যে সমাজত প্ৰস্থিতি আৰু যোগ্যতাৰ ভিত্তিত বিভিন্ন প্ৰকাৰৰ গতিশীলতা পোৱাযায়। কিন্তু উলম্ব বা শীর্ষবিন্দুক গতিশীলতাৰ প্ৰাধ্যন্য ‘এই ক্ষেত্ৰত বেছি। কিয়নো এনে গতিশীলতাৰ যোগেদিহে ব্যক্তিয়ে উন্নতিৰ পথেদি আগুৱাব পাৰে।
শিক্ষা আৰু সামাজিক গতিশীলতা সম্পর্ক— শিক্ষা আৰু সামাজিক স্তৰীকৰণৰ মাজত এক ওতঃপ্রোত সম্বন্ধ আছে। কিয়নো শিক্ষা এনে এক প্রক্রিয়া যিয়ে সামাজিক স্তৰীকৰণ অনাত সহায় কৰে। সমাজৰ ব্যক্তিসকলৰ মাজত থকা বৈশিষ্ট্য, প্রস্থিতি, ভূমিকা আদি নিৰূপণত শিক্ষাই সহায় কৰে। সামাজিক স্তৰীকৰণৰ সহায়ত সমাজৰ ব্যক্তিসকলক উচ্চ-নিম্ন আদি শ্ৰেণীত ভাগ কৰিব পৰা যায়। সমাজৰ উচ্চ নিম্ন স্থান অনুসৰিয়েই মানুহে অধিকাৰ আৰু সা-সুবিধা লাভ কৰে। এনে অসমতা আৰু বিভিন্নতাই সামাজিক স্তৰীকৰণকে সূচায়।শিক্ষা এনে এক শক্তিশালী মাধ্যম যিয়ে সমাজৰ ব্যক্তিসকলৰ জীৱন-ধাৰণৰ মানদণ্ড সলনি কৰাত সহায় কৰে, ব্যক্তিৰ সচেতনতাবৃদ্ধি কৰে, অৰ্থনৈতিক উন্নয়নত সমল যোগায় লগতে শিক্ষাই ব্যক্তিৰ ব্যক্তিগত বৈষম্য অনুযায়ী প্রস্থিতি (Status) নির্ণয় সহায় কৰে। ভাৰতীয় সমাজত প্ৰধানকৈ ৰ্ত্তৰীক্ৰণ ব্যক্তিগত ব্যৱস্থা, ধৰ্ম আৰু অৰ্থনৈতিক প্ৰস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰূপণ কৰিব পাৰি । সাধাৰণতে ক’বলৈ গ’লে স্তৰীকৰণ এক দৃঢ় প্ৰক্ৰিয়া যাক সহজে সলনি কৰিব পৰা নাযায়। উদাহৰণস্বৰূপে ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি— ভাৰতীয় সমাজৰ ব্ৰাহ্মণক আটাইতকৈ উচ্চ স্থানত ৰখা হৈছে। গতিকে, ব্ৰাহ্মণৰ ঘৰত জন্মগ্রহণ কৰা সকলৰ শিক্ষা দীক্ষা কম হ’লেও তেওঁলোকে ব্ৰাহ্মণৰ প্ৰস্থিতিয়েই লাভ কৰে। এই স্থান ক্ষত্রিয়, শুদ্ৰ আৰু বৈশ্যই ল’ব নোৱাৰে।
13. Examine the role of education in the context of present day social stratification of our society.
Or,
Critically examine the nature of the relationship between education and social stratification.
উত্তৰঃ বৰ্তমান সমাজৰ সামাজিক স্তৰীকৰণ ব্যৱস্থাত শিক্ষা ভূমিকা অতীব গুৰুত্বপূৰ্ণ শিক্ষাৰ প্ৰসাৰতাৰ লগে লগে সমাজ ব্যৱস্থাটো বিভিন্ন ধৰণৰ বিভাজন পৰিলক্ষিত হৈছে। যেনে-শিক্ষিত সমাজৰ আচাৰ-ব্যৱহাৰ, আদৰ্শ, মূল্যবোধ আদিৰ লগত অশিক্ষিত সমাজ এখনৰ ধ্যান-ধাৰণাৰ মাজত আকাশ-পাতাল প্রভেদ দেখিবলৈ পোৱা যায়। গতিকে সমাজৰ যিসকল ব্যক্তিয়ে শিক্ষা-দীক্ষা লাভ কৰি উন্নতি দিশেদি ধাৱমান হৈছে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডও উন্নত। এনে,হোৱাৰ পৰিপেক্ষিতত সমাজত উচ্চ-নীচ, ধনী-দুখীয়া আদি শ্রেণী বিভাজন দেখিবলৈ পোৱা যায়। সাধাৰণতে স্তৰীকৰণে এখন সমাজৰ মানুহবিলাকক শ্ৰেণী আৰু প্ৰস্থিতি অনুযায়ী ভাগ কৰাকে সূচায়। কোনো এখন সমাজৰ ব্যক্তিসকলক তেওঁলোকৰ সাদৃশ্য, বৈসাদৃশ্য আৰু বৈষম্যৰ ওপৰত ভিত্তি কৰি উচ্চৰ পৰা নিম্নলৈ ক্রমবৰ্দ্ধমান ৰূপত সজাব পাৰি। সামাজিক স্তৰীকৰণ এনে এক পদ্ধতি যাৰ যোগেদি সমাজৰ ব্যক্তিসকলক কোনো নির্দিষ্ট শ্রেণী বা গোটত ভাগ কৰিব পৰা যায়। ই বিশ্বৰ প্ৰতিখন সমাজতেই প্রতিফলিত হয়। কিয়নো ব্যক্তিগত বৈষম্য অনুযায়ী প্রত্যেক ব্যক্তিয়েই সমাজত বেলেগ বেলেগ ভূমিকা পালন কৰে আৰু সেই অনুসৰি প্ৰত্যেকৰে সামাজিক প্ৰস্থিতিৰ মানদণ্ডও বেলেগ বেলেগ-হোৱা দেখা যায়।
শিক্ষা আৰু সামাজিক স্তৰীকৰণৰ মাজত এক ওতঃপ্রোত সম্বন্ধ আছে। কিয়নো শিক্ষা এনে এক প্রক্রিয়া যিয়ে সামাজিক স্তৰীকৰণ অনাত সহায় কৰে। সমাজৰ ব্যক্তিসকলৰ মাজত থকা বৈশিষ্ট্য, প্রস্থিতি, ভূমিকা আদি নিৰূপণত শিক্ষাই সহায় কৰে। সামাজিক স্তৰীকৰণৰ সহায়ত সমাজৰ ব্যক্তিসকলক উচ্চ-নিম্ন আদি শ্ৰেণীত ভাগ কৰিব পৰা যায়। সমাজৰ উচ্চ নিম্ন স্থান অনুসৰিয়েই মানুহে অধিকাৰ আৰু সা-সুবিধা লাভ কৰে। এনে অসমতা আৰু বিভিন্নতাই সামাজিক স্তৰীকৰণকে সূচায়।শিক্ষা এনে এক শক্তিশালী মাধ্যম যিয়ে সমাজৰ ব্যক্তিসকলৰ জীৱন-ধাৰণৰ মানদণ্ড সলনি কৰাত সহায় কৰে, ব্যক্তিৰ সচেতনতাবৃদ্ধি কৰে, অর্থনৈতিক উন্নয়নত সমল যোগায় লগতে শিক্ষাই ব্যক্তিৰ ব্যক্তিগত বৈষম্য অনুযায়ী প্রস্থিতি (Status) নির্ণয় সহায় কৰে। ভাৰতীয় সমাজত প্ৰধানকৈ ৰ্ত্তৰীক্ৰণ ব্যক্তিগত ব্যৱস্থা, ধৰ্ম আৰু অৰ্থনৈতিক প্ৰস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰূপণ কৰিব পাৰি। সাধাৰণতে ক’বলৈ গ’লে স্তৰীকৰণ এক দৃঢ় প্ৰক্ৰিয়া যাক সহজে সলনি কৰিব পৰা নাযায়। উদাহৰণস্বৰূপে ভাৰতীয় সমাজৰ জাতি ব্যৱস্থাৰ কথা উল্লেখ কৰিব পাৰি— ভাৰতীয় সমাজৰ ব্ৰাহ্মণক আটাইতকৈ উচ্চ স্থানত ৰখা হৈছে। গতিকে, ব্ৰাহ্মণৰ ঘৰত জন্মগ্রহণ কৰা সকলৰ শিক্ষা দীক্ষা কম হ’লেও তেওঁলোকে ব্ৰাহ্মণৰ প্ৰস্থিতিয়েই লাভ কৰে। এই স্থান ক্ষত্রিয়, শুদ্ৰ আৰু বৈশ্যই ল’ব নোৱাৰে।
14. Discuss the role of education as an instrument of modernization.
উত্তৰঃ আধুনিকীকৰণ বুলিলৈ পুৰণি কিছুমান ৰীতি-নীতিক আবশ্যকীয় উদ্যোগিক অৱস্থালৈ নি পুৰণা প্ৰতিৰূপ আৰু সৌধৰ পৰিৱৰ্ত্তন সাধন কৰি নতুন সৌধ আৰু প্ৰতিৰূপৰ সৃষ্টি কৰাকে বুজা যায়। বৰ্তমানৰ মানৱ সমাজৰ লগত আধুনিক শব্দটোৰ সম্পৰ্ক থকা যেন অনুভব হয়। সামাজিক পৰিৱৰ্তনৰ গতিয়ে প্রাচীন অৱস্থাৰ পৰা বিভিন্ন স্তৰ অতিক্ৰম কৰি বৰ্ত্তমানৰ আধুনিক অৱস্থাৰ মাজত অৱস্থান কৰিছে। কিছুমান উন্নত বা আগবঢ়া সমাজে লাভ কৰা আধুনিক অৱস্থাৰ প্ৰতি আকৃষ্ট হোৱাৰ ফলত আন কিছুমান সমাজে উন্নত সমাজৰ আধুনিকখিনিক আয়ত্ব কৰিবলৈ চেষ্টা চলায় আৰু প্ৰাচীন অৱস্থাৰ পৰিৱৰ্তনৰ জৰিয়তে আধুনিক অৱস্থালৈ উত্তৰণৰ যি দীৰ্ঘদিনীয়া গতি লাভ কৰে তাকে সাধাৰণ অৰ্থত আধুনিকীকৰণ বোলা হয়।
বিভিন্নজনে আধুনিকীকৰণৰ সন্দৰ্ভত বিভিন্ন মতামত দিছে। তাৰ ভিতৰত তলত উল্লেখ কৰা সংজ্ঞাটো উল্লেখনীয়।
গিলবার্টই মুৰেৰ মতে,“আধুনিকীকৰণ এক গতিশীল প্রক্রিয়া। এই প্ৰক্ৰিয়াই পৰম্পৰাগত ৰীতি-নীতিসমূহক উদ্যোগিক অৱস্থালৈ আগুৱাই নিয়ে। এই প্ৰক্ৰিয়াৰ লগত ৰাজনৈতিক আদৰ্শ, ইয়াৰ ফলপ্ৰসূ প্ৰয়োগ, উপযুক্ত জাতীয় অর্থনীতি, স্বাক্ষৰ আৰু দত্ত জনশক্তি, মানৱ সম্পদ,গতিশীল মূল্যবোধ জড়িত হৈ থাকে।”
শিক্ষা আৰু আধুনিকীকৰণঃ (Modernisation and education) শিক্ষা আৰু আধুনিকীকৰণৰ মাজত এক নিবিড় সম্পর্ক আছে। শিক্ষাই ব্যক্তিক জ্ঞান আহৰণত সহায় কৰে। লগতে ই সামাজিক, নৈতিক, আধ্যাত্মিক মূল্যবোধৰ বিকাশ, আগ্ৰহৰ সৃষ্টি, সমযোজন কৰা, বিচাৰ বিশেষণ কৰা আৰু বিভিন্ন কৌশল আয়ত্ব কৰাতো সহায় কৰে। আকৌ শিক্ষাৰ দ্বাৰাহে আধুনিকীকৰণ সম্ভৱ হয়। সমাজত বৰ্তি থকা অজ্বতা, অন্ধবিশ্বাস, নিৰক্ষৰতা আদি আধুনিকীকৰণৰ দ্বাৰাহে আঁতৰ কৰিব পাৰি। শিক্ষাৰ বিকাশ হ’বৰ বাবে দেশে পৰিৱৰ্ত্তৰ্তৰ লগত খাপ খাব পৰাকৈ আধুনিকীকৰণ হ’ব লাগিব। ঠিক সেইদৰেই আধুনিকীকৰণ হ’বৰ বাবে সমাজৰ ব্যক্তিসকল শিক্ষিত, কৌশলী, দক্ষ আৰু প্ৰশিক্ষণপ্রাপ্ত মানৱ সম্পদলৈ ৰূপান্তৰ হ’ব লাগিব। আধুনিকীকৰণে ব্যক্তিৰ স্বকীয় চিন্তা, চেতনা, মৌলিক শক্তি, মানসিক, নৈতিক আৰু আধ্যাত্মিক যোগ্যতাৰ প্রকাশ আৰু বিকাশৰ পথত যথেষ্ট অৱদান আগবঢ়ায়। এই প্রক্ৰিয়াৰ যোগেদি মানুহৰ জীৱন, সমাজ আৰু সংস্কৃতি আৰু সভ্যতাক গতিশীল কৰি তোলাত সহায় কৰে।
যিবিলাক দিশত শিক্ষাক আধুনিকীকৰণে উপযুক্ত আহিলা হিচাপে প্ৰয়োগ কৰাত সহায় কৰে নাইবা যিবোৰ শৈক্ষিক বিকাশৰ কাৰ্যসূচী আধুনিকীকৰণৰ লগত জড়িত সেইবোৰ তলত আলোচনা কৰা হ’ল—
১। আধুনিকীকৰণ প্ৰক্ৰিয়া মানুহৰ লগত জড়িত। এই ক্ষেত্ৰত পৰিৱৰ্ত্তিত পৰিস্থিতিত মানুহৰ মনত সঠিক মনোভাৱ, বিশ্বাস আৰু উপযুক্ত মূল্যবোধ শিক্ষাইহে সহায় কৰিব পাৰে।
২। আধুনিকীকৰণ প্ৰক্ৰিয়া বিভিন্ন ধৰণৰ অভিজ্ঞতাৰে পুষ্ট পাৰদৰ্শী ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল আৰু এনে পাৰদৰ্শী ব্যক্তিৰ সৃষ্টি কৰাৰ ক্ষেত্ৰত শিক্ষাৰ বিকল্প একো হ’ব নোৱাৰে।
৩। শিক্ষাই শিক্ষার্থীসকলক প্ৰস্থিতি লাভৰ নিৰ্দেশনা দিয়ে, আনহাতে আধুনিকীকৰণে এই প্রস্থিতি সম্বন্ধে বৃহৎ সংখ্যক জনসাধাৰণৰ মনত সচেতনতা বৃদ্ধি কৰে।
৪। আধুনিকীকৰণে সমাজৰ পৰম্পৰাগত সামাজিক ভেঁটিত পৰিৱৰ্তন সূচনা কৰে আৰু সমাজৰ পুৰণি ৰীতি-নীতি আৰু বিশ্বাসৰ পৰিৱৰ্তন সাধন কৰে। এইক্ষেত্ৰত উপযুক্ত শিক্ষা অবিহনে পৰিৱৰ্ত্তন সম্ভৱ নহয়।
৫। আধুনিকীকৰণৰ দ্বাৰা নতুন আৱিষ্কাৰ আৰু প্ৰযুক্তিবিদ্যাৰ জ্ঞান লাভ কৰি ব্যক্তিৰ অৰ্হতাৰ বিকাশ সাধন কৰে। এইক্ষেত্ৰত শিক্ষাইহে মানুহক উপযুক্ত পথৰ সন্ধান দিয়ে।
৬। শিক্ষাই সমাজৰ গতিশীলতাক আগুৱাই নিয়ে, কিন্তু আধুনিকীকৰণৰ জৰিয়তে ব্যক্তিৰ মনলৈ আধুনিক অৱস্থাৰ আগমন ঘটে, উপযুক্ত পৰিকল্পনা আৰু সঠিক দিশেৰে শিক্ষাক অৰ্থপূৰ্ণ ৰূপত প্ৰয়োগ কৰিব পাৰি।
৭। আধুনিকীকৰণৰ জৰিয়তে জাতি, বৰ্ণ, ধৰ্ম আৰু ভাষাৰ বৈষম্যৰ সমস্যাৰ সমাধান কৰিব পাৰি। কিন্তু শিক্ষা অবিহনে ই সম্ভৱ নহয়। সেইবাবে দুয়োটাৰ মাজত সম্পর্ক আছে। বৰ্ত্তমান বিজ্ঞান আৰুপ্ৰযুক্তিবিদ্যাৰ যথেষ্ট উন্নতি হৈছে। কিন্তু এই উন্নতিক গ্ৰহণ কৰিবৰ বাবে আধুনিকীকৰণ আৰু শিক্ষাৰ মাজত সু-সম্বন্ধ ৰাখিব লাগিব।
15. What do you mean by education for national and emotional integration
উত্তৰঃ বর্তমান শিক্ষাৰ প্ৰভাৱ কেৱল ব্যক্তিৰ প্ৰয়োজনীয়তাৰ মাজতেই সীমাবদ্ধ থকা নাই, ই এটা জাতি আৰু আন্তর্জাতিক দিশলৈকো সম্প্ৰসাৰিত হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীয় ব্যক্তিসকলৰ মাজত ঐক্য সুংহতি স্থাপন কৰি একতাৰ ডোলেৰে বান্ধি ৰখাত কেৱল মাত্র শিক্ষাইহে সহায় কৰিব পাৰে। ভাৰতবৰ্ষ এখন বিশাল দেশ। বিচিত্ৰতাৰ মাজত একতাই হৈছে ভাৰতীয় সমাজৰ মূল বৈশিষ্ট্য। এই বিচিত্ৰতাৰ মাজত এক্য ৰক্ষাত শিক্ষাৰ ভূমিকা ‘অনির্বচনীয় কিয়নো, শিক্ষাই দেশৰ প্ৰতিজন ব্যক্তিৰ মাজত সুস্থ চিন্তাধাৰাৰ উন্মোচন ঘটাই মানুহ আৰু জাতিৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতাৰ ভাৱ জগাই তোলে। মুক্তভাৱে চিন্তা কৰিব পবা সামৰ্থ জাগৃত কৰি কোনো নাগৰিককে বিপথে পৰিচালিত হোৱাত বাধা জন্মায় আৰু আত্মবিশ্বাস আৰু গণতান্ত্রিক মূল্যবোধৰ ভাৱধাৰাৰে আবেগিক তাৰু জাতীয় সংহতি স্থাপনত সহায় কৰিব পাৰে। সেয়েহে বর্তমান সময়ত আবেগিক আৰু জাতীয় সংহতি স্থাপনৰ বাবে শিক্ষাৰ অনবদ্য ভূমিকাৰ কথা নুই কৰিব নোৱাৰি।
এখন দেশৰ লোকসকলৰ সমূহীয়। স্বাৰ্থ পূৰণৰ বাবেই আবেগিক আৰু জাতীয় সংহতিৰ ভাৱধাৰা জগাই তোলাৰ প্ৰয়োজন। গতিকে আবেগিক সংহতি হ’ল— ব্যক্তিৰ সামূহিক উদ্দেশ্য, লক্ষ্য বা আদৰ্শৰে পৰিচালিত উচ্চ মানবিশিষ্ট উপলদ্ধি যিয়ে ব্যক্তিৰ নীচ বা ক্ষুদ্ৰ স্বাৰ্থক নগণ্য জ্ঞান কৰে, আন কথাত ক’বলৈ হ’লৈ ই একাত্ম উপলদ্ধি যাৰ দ্বাৰা সকলো গোষ্ঠী অথবা সাংস্কৃতিক ভেদাভেদ ঐক্যবদ্ধ হয় আৰু বিভিন্ন ধৰ্ম,ভাষা আৰু জাতি আবেগিকভাৱে একত্রিত হয়।
(Emotional integration has been described as a feeling among people to share certain common objectives, purposes or ideals and giving them high place over smaller or sectional loyalties. In other words it has been defined as a feeling of oneness which’ may transcenal all groups or cultural differences and synthesis the different religions caste’s and linguistics communities emotionally into a compact whole.)
ভাৰতৰ প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহবলাল নেহৰুৱে এইক্ষেত্ৰত এনেদৰে মতপোষণ কৰিছিল—
কিছু পৰিমাণে ৰাজনৈতিক সংহতি ইতিমধ্যে হৈছে, কিন্তু মইষি বিচাৰিছো যি ইয়াতকৈও অধিক গভীৰ ই হ’ল ভাৰতবাসীৰ মাজত আবেগিক সংহতি স্থাপন যাৰ দ্বাৰা আমি সকলো ভাৰতবাসী আমাৰ বৈচিত্র্যপূৰ্ণ বৈষম্য অটুট ৰাখিও এক শক্তিশালী ৰাষ্ট্ৰ হিচাপে একেলগ হৈ থাকিম।
(Political integration has already taken place to seems extent, but what I am after is something much deeper than that – an emotional integration of the Indian people so that we might be welded into one, and made into one strong national unity maintaining at the same time all over wonderful diversity.)
আবেগিক সংহতিয়ে ব্যক্তিৰ দেশৰ প্ৰতি আনুগত্য বৃদ্ধি কৰে, দেশপ্রেম বৃদ্ধি কৰে আৰু এনেদৰেই জাতীয় সংহতি দৃঢ় হয়। ইয়াৰ বাবে প্রত্যেকেই ভিন্ ভিন্ জাতি-উপজাতিৰ বুলি নাভাবি এক ভাৰতীয় বুলি উপলব্ধি কৰিব পাৰিব লাগিব। পৰস্পৰে পৰস্পৰৰ প্ৰতি মৰম, আনুগত্যবে অস্তৰেৰে একেখন দেশৰ বাসিন্দা বুলি অনুভৱ কৰিব পৰাটোৱেই আবেগিক সংহতিৰ মহৎ উদ্দেশ্য।
অন্যহাতেদি,জাতীয় বাৰাষ্ট্ৰীয় সংহতিয়ে এখন ৰাষ্ট্ৰৰ সামাজিক,
সাংস্কৃতিক আৰু আদৰ্শগত একতাৰ কথাকে সূচায়। ইয়াৰ বাবে দেশৰ সকলো জনগণে, আবেগিকভাৱে পৰস্পৰে পৰস্পৰৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগিব। এখন দেশৰ নাগৰিকসকলৰ মাজত এক্যবদ্ধ একাত্মবোধৰ পৰিচয় ঘটাবলৈ ৰাষ্ট্ৰীয় সংহতিৰ একান্তই প্রয়োজন। গতিকে জাতীয় সংহতিয়ে ভিন ভিন গোটবিলাকৰ স্বকীয় বৈশিষ্ট্যকে বুজায়।
16. Enumerate the chief obstacles of national integration.
উত্তৰঃ (ক) সচেতনতাৰ অভাৱ (Lack of Awareness) :- জাতীয় আৰু আৱেগিক সংহতিৰ ক্ষেত্ৰত দেখা দিয়া এটা গুৰুত্বপূৰ্ণ সমস্যা হৈছে— মানুহৰ মাজত পাৰস্পৰিক বুজাপৰা আৰু সচেতনতাৰ অভাৱ। কিয়নো জাতীয় আৰু আবেগিক সংহতি সুদৃঢ় কণেৰ ক্ষেত্ৰত সচেতনতাৰ প্ৰভাৱ নুই কৰিব নোৱাৰি।
(খ) সুস্থ বৈজ্ঞানিক চিন্তাধাৰাৰ অভাৱ :- উঠি অহা প্ৰজন্মৰ মাজত সুস্থ বৈজ্ঞানিক চিন্তাধাৰা আৰু উদাৰ দৃষ্টিভংগী নথকাৰ হেতুকে আবেগিক আৰু জাতীয় সংহতি গঠনত বাধা পোৱা দেখা গৈছে।
(গ) অর্থনৈতিক বৈষম্য (Economic Difference) :- অর্থনৈতিক বৈষম্যৰ ফলতো আৱেগিক আৰু জাতীয় সংহতি গঠনত প্রতিবন্ধকতাই দেখা দিয়ে।
(ঘ) আঞ্চলিকতাবাদ (Regionalism) :- অঞ্চলভেদে থকা অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক আৰু শৈক্ষিক বিভিন্নতাই আৱেগিক আৰু জাতীয় সংহতি ৰক্ষা কৰাত এক ভয়াবহ সমস্যাৰ উদ্ৰেক কৰিছে।
৬) সা-সুবিধাৰ ক্ষেত্ৰত থকা সমতাৰ অভাৱঃ সকলো ধৰ্মীয় আৰু ভাষিক সম্প্ৰদায়ৰ লোকসকলৰ মাজত বিভিন্ন সা-সুবিধাৰ ক্ষেত্ৰত থকা সমতাৰ অভাৱেও জাতীয় আৰু আবেগিক সংহতিৰ ক্ষেত্ৰত সমস্যা ৰূপে থিয় দিছে।
17. What educational programme do you suggest to bring about emotional integration
উত্তৰঃ ১৯৬২ চনত ভাৰত চৰকাৰৰ পৰামৰ্শক্রমে ড° সম্পূৰ্ণানন্দৰ নেতৃত্বত আবেগিক সংহতি কমিটি’ (Emotional integration committee) হৈছিল। এই কমিটিৰ মুখ্য উদ্দেশ্য সমূহ হৈছে—
(ক) জাতীয় জীৱনত আবেগিক সংহতি বিকাশত শিকাৰ ভূমিকা অধ্যয়ন কৰা আৰু প্ৰয়োজনীয় দিহা সমূহৰ ব্যৱস্থা করা।
(খ) যুৱ সমাজ, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছবত্ৰীৰ শৈক্ষিক আঁচনিৰ সন্দৰ্ভত আবেগিক সংহতি বৰ্দ্ধন কৰা।। কৰিবলৈ আবেগিক সংহতিৰ কমিটিয়ে বিভিন্ন সমস্যাসমূহ অধ্যয়ন প্ৰধানকৈ চাৰিটা দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল—
(ক) প্ৰশ্নাৱলী ।
(খ) প্রমাণ ।
(গ) ভ্রমণ ।
(ঘ) পাঠ্যপুথি প্ৰশ্নাৱলী ।
ড° সম্পূৰ্ণানন্দ কমিটিয়ে উল্লেখ কৰিছে যে আবেগিক সংহতি জগাই তোলাৰ ক্ষেত্ৰত শিক্ষাই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ বাবে নিম্নলিখিত ব্যৱস্থাসমূহৰ প্ৰতি গুৰুত্ব দিয়া উচিত—
১। বিদ্যালয়ৰ পাঠ্যক্ৰমখন সুপৰিকল্পিত আৰু সু-সংগঠিত হোৱা উচিত। প্রাথমিক, মাধ্যমিক আৰু বিশ্ববিদ্যালয়ৰ পাঠক্ৰমখনত বিভিন্ন ধৰণৰ বিষয়বস্তুসমূহ সন্নিবিষ্ট কৰণত গুৰুত্ব দিব লাগে। যেনে: প্রাথমিক পৰ্য্যায়ত গল্প, কবিতা জাতীয় সংগীত মাধ্যমিক পর্যায়ত ভাষা অধ্যয়ন, সমাজ অধ্যয়ন, নৈতিক বা ধর্মীয় শিক্ষণ আৰু বিশ্ববিদ্যালয় স্তৰত বিভিন্ন ধৰণৰ সমাজ বিজ্ঞানমূলক কার্যসূচী অন্তৰ্ভূক্ত কৰিব লাগে।
২। দ্বিতীয়তে, পাঠ্যক্ৰমৰ বিষয়বস্তুৰ লগতে সহপাঠ্যক্রমিক কার্যাবলী যেনেঃ- খেলা-ধূলা, শিক্ষামূলক ভ্রমণ,বনভোজ, সাহিত্য সংগীত,স্কাউট-গাইড আদিৰ যোগেদি ছাত্ৰ-ছাত্ৰীৰ মাজত একতাৰ ভাব আৰু নেতৃত্ব সুলভ দলগত মনোভাৱ জগাই তোলা যিয়ে আবেগিক সংহতিৰ বিকাশত সহায় কৰিব পাৰে।
৩। প্রাথমিক পয়িৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ বিভিন্ন সত্তৰলৈকে সমাজ অধ্যয়নৰ বিষয়বস্তু অন্তর্ভূক্তি কৰি পৃথিৱীৰ ভৌগোলিক আৰু সাংস্কৃতিক দিশসমূহৰ বিষয়ে শিক্ষার্থীসকলক অৱগত কৰিব পাবি।
৪। পাঠ্যপুথি প্রস্তুতকৰণত বিশেষভাৱে লক্ষ্য ৰখাটো বাঞ্ছনীয় যাতে, তাত শিক্ষার্থীসকলক উদগণি যোগাব পৰা বিষয়বস্তুহে সন্নিবিষ্ট হয় আৰু প্রাথমিক পৰ্যায়ৰ পাঠ্যপুথিসমূহত ছাত্ৰ-ছাত্ৰীক অভিৰোচিত কৰিব পৰাকৈ চিত্ৰৰ সহায় লোৱা উচিত।
৫। ছাত্ৰ-ছাত্ৰীৰ মাজত ভেদা-ভেদ ভাব দূৰ কৰিবৰ অৰ্থে বিদ্যালয়ত ‘ইউনিফৰ্ম’ৰ ব্যৱস্থা কৰিব লাগে।
৬। শিক্ষাৰ্থীসকলৰ মনত দেশপ্রেম ভাৱ জাগৃত কৰাৰ অৰ্থে জাতীয় পতাকা আৰু জাতীয় সংগীতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰিব লাগে।
৭। ইয়াৰোপৰি শিক্ষামূলক ভ্ৰমণৰ কাৰ্যসূচী পাঠ্যক্ৰমৰ লগতে ব্যৱস্থা কৰাটো বাঞ্চনীয়।বিভিন্ন ঠাইৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিষয়ে জ্ঞান লাভ কৰিবলৈ এনে শিক্ষামূলক ভ্রমণ কাৰ্যসূচীৰ গুৰুত্ব অপৰিসীম।
৮। বিদ্যালয়ত জাতীয় দিবসসমূহ যেনেঃ-১৫ আগষ্ট, ২৬ জানুৱাৰী, ২ অক্টোবৰ গান্ধী জয়ন্তী, ৫ চেপ্তেম্বৰ শিক্ষক দিৱস আদিৰ উদ্যাপনৰ সু-ব্যৱস্থা কৰি ছাত্ৰ-ছাত্তীৰ মমত আবেগিক ভাৱধাৰা জাগৃত কৰিব পাৰি।
৯। বিনামূলীয়া শিক্ষা আৰু নামভৰ্ত্তিকৰণত ভেদা-ভেদ ভাৱ
দূৰীকৰণত জোৰ দিব লাগে।
১০। বিভিন্ন ধৰণৰ প্ৰকল্প প্রস্তুতকৰণত ছাত্ৰ-ছাত্ৰীসকলৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে উদগণি যোগাব লাগে।
18. Explain the role of education in promoting national Integration.
Or,
“Write about the educational steps which are taken for the development of national and emotional integration.
উত্তৰঃ ১৯৬৪-৬৬ চনত গঠিত হোৱা কোঠাৰী আয়োগে শিক্ষাৰ্থীসকলৰ মাজত জাতীয়তা ভাব, এঁঞা পৰম্পৰা আৰু সংস্কৃতি জগাই তোলাৰ অৰ্থে কিছুমান পৰামৰ্শ আগবঢ়াইছিল। এই সমূহ তলত দিয়াব ধৰণেৰে উল্লেখ কৰিব পাৰি ।
(ক) দেশজুৰি সাধাৰণ স্কুল বিকাশ ঘটাব লাগে। সাধাৰণ স্কুলবিলাক ‘পাব্লিক স্কুল’ৰ সমপৰ্যায়ৰ হ’ব লাগিব।
(খ) বিদ্যালয়, মহাবিদ্যালয় সমূহত শৈক্ষিক বিষয়বস্তুণ সমমৰ্য্যদাৰে সমাজ সেৱামূলক ব্র্যসূচীসমূহ অন্তর্ভূক্ত কৰিব লাগে।
(গ) প্ৰতিখন শিক্ষানুষ্ঠানত ‘সামূহিক জীৱনৰ ব্যৱস্থা কৰা উচিত।
(ঘ) বিদ্যালয় আৰু ছাত্ৰীনিবাস অথবা ছাত্রাবাসত শিক্ষার্থীসকলক কৰ্মৰ প্ৰেৰণা যোগোৱাৰ ব্যৱস্থা কৰা।
(৬) শিক্ষার্থীসকলে সামূহিক জীৱনৰ ক্ৰিয়াত যোগদান কৰাৰ লগে লগে জাতীয় উন্নয়নৰ অৰ্থে সেৱা আগবঢ়াব লাগে।
ছাত্ৰ-ছাত্ৰীৰ মাজত জাতীয় সংহতি ভাবৰ বিকাশ আৰু উন্নতিৰ বাবে আমি নিম্নলিখিত ধৰণেৰে শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব
১। শিক্ষাৰ্থীসকলৰ মনত জাতীয়তাবোধৰ ধাৰণাৰ উদ্ৰেক কৰা শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব।
২। প্রত্যেক নাগৰিকে যাতে সু-নাগৰিকত্বৰ বিভিন্ন গুণ যেনেঃ সহযোগিতা, দিয়া ।
৩। প্রত্যেককে জাতি-ধর্ম নির্বিশেষে বাধ্যতামূলক শিক্ষা প্ৰদানৰ যোগেদি সমগ্ৰ ব্যক্তিত্বৰ বিকাশত জোৰ দিয়া। তেহে এখন দেশৰ সামূহিক উন্নয়নৰ ভেঁটি সুদৃঢ় হ’ব।
৪। ব্যক্তিসকলৰ মাজত একতাৰ বান্ধোন কট্কটীয়া কৰাৰ উদ্দেশ্যৰে আবেগিক ঐক্যৰ ধাৰণা জগাই তুলিব লাগিব। প্রত্যেকে আবেগিকভাৱে উপলব্ধি কৰিব লাগিব যে, আমি একেখন দেশৰ বাসিন্দা।
৫ । দেশৰ নাগৰিকসকলৰ মাজত বৃত্তিমূলক শিক্ষাৰ প্ৰৱৰ্তনে আত্মনিৰ্ভৰশীলতা আৰু স্বাৱলম্বীতা বঢ়াই তোলে ফলত প্ৰক্য আৰু সংহতিৰ ভাব সুদৃঢ় হয়।
৬ । আমি জানো যে, দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে সেই দেশৰ যুৱ প্ৰজন্মৰ ওপৰত । গতিকে যুৱ শিক্ষা’ৰ প্ৰৱৰ্তন কৰি ভৱিষ্যত যুৱ প্ৰজন্মৰ উচ্চ আদর্শ, নৈতিকতা, সজ আচৰণ প্ৰতিষ্ঠাৰ চেষ্টা কৰা উচিত। তেহে জাতীয় ঐক্য সংহতি স্থাপনত সহায় হ’ব।
৭। বিদ্যালয়ত সময়ে সময়ে বিভিন্ন কার্যসূচী যেনেঃ-জাতীয় উৎসৱ, দিৱসসমূহ প্ৰতিপালনৰ যোগেদি জাতীয় সংহতি স্থাপনৰ সুস্থ পৰিবেশ গঢ়ি তুলিব লাগে ৷ এইবিলাকৰ লগত জড়িত হৈ নিজৰ ব্যক্তিত্বৰ বিকাশৰ লগতে দেশৰ প্ৰগতিত সহায় কৰিব পৰাকৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰা প্ৰয়োজন ।
৮৷ ধৰ্মনিৰপেক্ষ শিক্ষাৰ যোগেদি প্রত্যেক ধৰ্মাৱলম্বী ব্যক্তিৰ মাজত একতা আৰু জাতীয় সংহৃতিৰ ভাব জগাই তোলাৰ চেষ্টা কৰিব লাগে। গতিকে উপৰোক্ত আলোচনাৰ যোগেদি এটা কথা প্রতীয়মান হৈছে যে-আবেগিক আৰু জাতীয় সংহতি বিকাশত শিক্ষাৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ যোগেদি ছাত্র ছাত্ৰীসকলৰ মাজত একতাৰ ভাব জগাই তুলি আবেগিক আৰু জাতীয় সংহতিৰ বিকাশত গুৰুত্ব আৰোপ কৰিব পাবি। কিয়নো শিক্ষাই—
১। শিক্ষাৰ্থীসকলৰ মনত বহল আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ ভাব জগাই তোলে।
২। শিক্ষাই সুস্থ সবল মনোভাৱ আৰু সু-চিন্তাৰ বিকাশ সাধন কৰি আবেগিক আৰু জাতীয় সংহতি জগাই তোলে।
৩। শিক্ষাৰ্থীসকলৰ মনৰ অজ্ঞানতা দূৰ কৰে।
৪। সু-নাগৰিকত্বৰ গুণসমূহ বিকাশ সাধন কৰি আবেগিকভাবে সবল কৰি তোলে।
৫। জাতীয় চেতনাৰ ভাব উদ্বুদ্ধ কৰে।
৬। গোষ্ঠীগত আৰু অর্থনৈতিক বৈষম্য আৰু ভেদা-ভেদ আঁতৰাই সকলোকে একতাৰ ডোলেৰে বান্ধি ৰখাত সহায় কৰে।
৭। শিক্ষাইসকলোৰে মাজত নিৰক্ষৰতা দূৰ কৰি সহনশীল আৰু উদাৰ দৃষ্টিভংগীৰ ভাব বিস্তাৰ সাধনত অৰিহণা যোগায়।
৮। শিক্ষাই অর্থনৈতিক দিশ সবল কৰি জীৱন ধাৰণৰ মানদণ্ড উন্নত
কৰে যিয়ে সমাজৰ ব্যক্তিসকলৰ মনৰ সামাজিক অসমতা দূৰ কৰি আবেগিক আৰু জাতীয় সংহতিত অৰিহণা যোগায়। ব্যক্তিসকলৰ মাজত সামাজিক সচেতনতা আৰু পাৰস্পৰিক বুজাবুজিৰ ভাব জাগৃত কৰি জাতীয় আৰু আবেগিক সংহতি জগাই তোলে।
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.