আর্থিক সকাহৰ অন্য নাম – আত্মসহায়ক গোট ৰচনা | Another Name For Financial Relief is Self-Help Groups Essay in Assamese

আর্থিক সকাহৰ অন্য নাম – আত্মসহায়ক গোট | Another name for financial relief is self-help groups

জীৱন মানেই সংগ্রাম। আমাৰ জীৱনৰ দীঘলীয়া বাটত নানান ঘাত-প্রতিঘাত তথা নানা বিৰুদ্ধ শক্তিয়ে ক্ৰিয়া কৰাৰ ফলস্বৰূপে ব্যৰ্থতা নামি আহে। সেয়েহে এই প্রতিবন্ধকতা আৰু বিৰুদ্ধ শক্তিক পৰাভূত কৰি সফলতা লাভ কৰিবৰ বাবে মানুহে জন্মলগ্নৰে পৰা নিৰৱচ্ছিন্নভাৱে সংগ্রাম কৰি আহিব লগা হৈছে। কেতিয়াবা যিদৰে জীৱন সংগ্ৰামত জয়লাভ কৰিছে, ঠিক সেইদৰে কেতিয়াবা আকৌ পৰাজয়ৰ গ্লানি শিৰত লৈ ব্যাথাহত হ’ব লগা হৈছে। জীৱন গোলাপৰ শয্যা নহয় বা সংসাৰো শীতল পাটী নহয়। এই কথা উপলব্ধি কৰি হৃদয়ত উদ্যম, প্ৰেৰণা আৰু উৎসাহ বান্ধি কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ’ব লাগিব।

কোনো মানুহেই জন্মতে চহকী হৈ নাহে; চহকী হ’বলৈ বা নিজৰ ভৰিত নিজে থিয় দিবলৈ আত্মবলৰ প্ৰয়োজন, অধ্যৱসায়ৰ প্ৰয়োজন। হেন্বী ফোর্ড, আলফ্রেড নোবেল, এন্ড্রু কার্নেগী, বিল গেট্‌ছ, ধিৰুভাই আম্বানী লক্ষ্মী মিট্টল আদি ধনী লোকসকল জীৱনৰ আদি ভাগত অতি দুখীয়া আছিল। এই ব্যক্তিসকলৰ অসীম সাহস, আগ্ৰহ আৰু অধ্যৱসায়ৰ বলতেই পিছলৈ জীৱন বিনন্দীয়া কৰি তুলিছিল।

আর্থিক সকাহৰ অন্য নাম - আত্মসহায়ক গোট ৰচনা Another Name For Financial Relief is Self-Help Groups Essay in Assamese

সম্প্ৰতি আমাৰ দেশত দিনে দিনে জনসংখ্যা দুৰ্বাৰ গতিত বৃদ্ধি হ’বলৈ ধৰিছে, নিবনুৱাৰ সংখ্যা বৃদ্ধি হৈছে। এবেলা এমুঠি খাই জীৱন নিৰ্বাহ কৰাটোৱেই কঠিন হৈ পৰিছে। তথাপি জীয়াই থাকিব লাগিব, জীৱন সংগ্ৰামত অগ্ৰসৰ হ’ব লাগিব আৰু নিজে নিজৰ ভৰিত থিয় দিব লাগিব। ‘আপোন হাত জগন্নাথ’ -বোলা কথাষাৰ বৰ্তমান সময়ত অতি গুৰুত্বপূৰ্ণ। দৰিদ্ৰ লোকসকলে যাতে নিজ প্রচেষ্টাৰে কিবা এটা কৰি জীৱিকা নির্বাহ কৰিব পাৰে, তাৰেই আলম লৈ বৰ্তমান আমাৰ দেশত গঠন হৈছে আত্মসহায়ক গোট। এনে গোট গঠন কৰি স্বনিয়োজনৰ বাট মুকলি কৰি উপাৰ্জনক্ষম হ’বলৈ চৰকাৰেও বিভিন্ন আঁচনি আগবঢ়াই উপকৃত কৰিছে।

আত্মসহায়ক গোট কি? | What is a self-help group?

সাধাৰণতে যিসকল লোক আর্থিকভাৱে অতিকৈ পিছপৰা তেওঁলোকেহে আত্মসহায়ক গোট গঠন কৰি স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ চৰকাৰে অগ্ৰাধিকাৰ দিছে। একোটা আত্মসহায়ক গোটত ৫ৰ পৰা ২০জন পর্যন্ত সদস্য থাকিব পাৰে আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালবোৰৰ পৰা মাত্ৰ এজনহে সদস্য থাকিব পাৰে। সদস্যসকলে আলোচনামর্মে এটি বেংক একাউন্ট, এখন সংবিধান প্রস্তুত কৰি ল’ব লাগিব। প্রতিমাহে উপার্জিত ধনৰ কিছু পৰিমাণে জমা থ’ব লাগিব আৰু প্রয়োজনসাপেক্ষে ঋণপ্ৰদানৰ ব্যৱস্থা গোটবিলাকত থকাৰ ব্যৱস্থা কৰিব লাগিব। তদুপৰি প্ৰতিমাহে সভা আহ্বান কৰি কামকাজ সম্পর্কে আলোচনা আৰু কাৰ্য পৰিচালনাৰ বাবে আঁচনি প্রস্তুতকৰণ আদি বিষয় জৰিত হৈ থাকে।

Read Also: মহিলাৰ অধিকাৰ ৰচনা | Women Rights Essay in Assamese

উপকাৰ | Benefits

আত্মসহায়ক গোট গঠনৰ দ্বাৰা মূলতঃ আর্থিকভাৱে পিছপৰা বা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলে পৰস্পৰ সদস্যৰ সহযোগত উপাৰ্জনৰ এটি পথ লাভ কৰে। সেইদৰে আলোচনা-বিলোচনা বা সভা-সমিতিত অংশগ্ৰহণ কৰাৰ ফলশ্ৰুতিত ৰীতি-নীতি, কাম-কাজ কৰা পদ্ধতি, আইন-কানুন আদিৰ বিষয়ে জ্ঞান হয়। টকা-পইচাৰ লেনদেন, বেংকৰ কাম-কাজ আদিৰো জ্ঞান লাভ কৰে। তদুপৰি সমূহীয়া মূলধনেৰে আৰু সমূহীয়া প্ৰচেষ্টাৰে আগবঢ়াৰ ফলত গোটটোৰ মৃত্যু হোৱাৰ সম্ভাৱনা কম থাকে।

Read Also: Class 11 Biology Question Answer

লাভালাভ

আত্মসহায়ক গোট গঠন কৰি সাধাৰণতে চৰকাৰীভাৱে পঞ্জীয়ন কৰি ল’ব লাগে। চৰকাৰ বা আন অনুষ্ঠানে গোটবোৰৰ কাম-কাজৰ ওপৰত নিৰ্ভৰ কৰি ঋণদানৰ ব্যৱস্থা কৰে। প্ৰয়োজনবোধে সদস্যসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থাও চৰকাৰে কৰে। সাধাৰণতে গোটটোৱে কৰিব খোজা কামৰ ওপৰত নিৰ্ভৰ কৰিয়েই বেংক বা আন অনুষ্ঠানে ঋণ প্রদান কৰে। কাম সম্পূৰ্ণ হোৱাৰ পিছত ঋণ পৰিশোধ কৰাৰ লগতে লাভাংশ সদস্যসকলৰ একাউণ্টত জমা হয় আৰু সেই জমা টকাৰে পুনৰ সদস্যসকলৰ আলোচনামর্মে বেলেগ কামত অগ্ৰসৰ হয়। এনেদৰে কৰ্মপন্থা গ্ৰহণ কৰাৰ ফলশ্ৰুতিত নিবনুৱাসকলে কর্মসংস্থাপনৰ সুবিধা লাভ কৰে। সেইদিৰে অঞ্চলভেদে উন্নয়নমূলক কামকাজ সম্পাদনো হয়। গোটবোৰে চৰকাৰে বা বিভাগে নকৰা উন্নয়নমূলক ৰাজহুৱা কাম কৰিবলৈ আগবাঢ়ি আহে বাবে চৰকাৰেও বিনাদ্বিধাই ঋণ প্রদান কৰে। আত্মসহায়ক গোটবোৰ গঠন হোৱাৰ বাবে বৰ্তমান আমাৰ দেশৰ গাঁও অঞ্চলবিলাকত কাপোৰ বোৱা, কুটিৰ শিল্প, ৰেচম শিল্প, মৎস্য উৎপাদন, হাঁহ-পাৰ, কুকুৰা, গৰু-ছাগলী, গাহৰি আদি পালনৰ যোগেদি স্বনিৰ্ভৰশীল হ’বলৈ সুবিধা হৈছে। উল্লেখযোগ্য যে সমূহীয়া প্রচেষ্টা হোৱা বাবে উৎপাদিত সামগ্ৰীসমূহৰ বজাৰ এখনো লাভ কৰিছে; যাৰ বাবে উৎপাদকে উৎপাদিত সামগ্রী উচিত মূল্যত বিক্ৰী কৰিবলৈ সুবিধা লাভ কৰিব পাৰিছে।

সামৰণি

দেশ এখনৰ প্ৰগতি নিৰ্ভৰ কৰে দেশখনৰ আর্থিক স্থিতি কিমান টনকীয়াল। বর্তমান সময়ত অধিক জনসংখ্যা আৰু নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰিছে। এনে পৰিস্থিতিত স্বনিয়োজনৰ অবিহনে এনেবোৰ সমস্যা সমাধানৰ অন্য উপায় নাই। আত্মসহায়ক গোটে এইক্ষেত্ৰত যথেষ্ট ভূমিকা পালন কৰিব। আত্মসহায়ক গোটৰ যোগে কেৱল যে ব্যক্তিগত লোকৰহে কল্যাণ হ’ব এনে নহয় । বৰং বহু ৰাজহুৱা উন্নয়নমূলক কামো সমাধা হয়। গ্রামাঞ্চলৰ আত্মসহায়ক গোটবোৰৰ প্ৰতি চৰকাৰে অধিক গুৰুত্ব আৰোপ কৰিলে নিবনুৱা সমস্যা দূৰ হোৱাৰ লগতে দেশৰ অৰ্থনৈতিক অৱস্থাও নিশ্চয় উন্নত হ’ব। গ্রামাঞ্চলৰ বহু লোক বিভিন্ন হস্তকর্মত পাৰ্গত যদিও আর্থিক দুৰৱস্থাৰ বাবে নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দিবলৈ সুবিধা নাপায়। বর্তমান আত্মসহায়ক গোটবোৰে এই দিশত অগ্ৰাধিকাৰ দি আগুৱাই যাবলৈ সক্ষম হৈছে। অৱশ্যে এই অগ্ৰগতিত চৰকাৰ নাইবা স্বেচ্ছাসেৱী অনুষ্ঠানৰ সহযোগিতা নিতান্তই প্রয়োজন। আমি এটা কথা সদায় লক্ষ্য কৰিব লাগিব যে গোটবোৰৰ সদস্যসকলৰ চৰিত্ৰ নৈতিক হ’ব লাগিব আৰু নিজৰ লগতে সমাজৰ কল্যাণ আদৰ্শৰে উদ্বুদ্ধ হ’ব লাগিব। অন্যথা নির্দিষ্ট লক্ষ্যত উপনীত হোৱাটো সম্ভৱ হৈ নুঠিব।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top