Rethinking Development Unit 2 Theorizing Development

Rethinking Development Unit 2 Theorizing Development, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Rethinking Development Unit 2 Theorizing Development Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Rethinking Development Unit 2 Theorizing Development Question Answer can be of great value to excel in the examination.

Rethinking Development Unit 2 Theorizing Development

Join Telegram channel

Rethinking Development Unit 2 Theorizing Development Notes cover all the exercise questions in UGC Syllabus. The Rethinking Development Unit 2 Theorizing Development provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

3. ৰ’ষ্ট’ৰ উন্নয়নৰ স্তৰসমূহৰ বিষয়ে আলোচনা কৰা ? 

উত্তৰঃ ৰ’ষ্ট’ৰ উন্নয়নৰ স্তৰ সমূহঃ অর্থনৈতিক উন্নয়ন হ’ল এক বহু বিস্তাৰিত প্ৰক্ৰিয়া। আর্থিক আৰু অনার্থিক বহু উপাদানৰ সৈতে অর্থনৈতিক উন্নয়নৰ ধাৰণা জড়িত হৈ আছে। সেয়ে অর্থনীতিবিদ W.W. Rostow এ বহুতো আর্থ-সামাজিক আৰু আনুষ্ঠানিক উপাদানৰ সহায়ত অর্থনৈতিক উন্নয়নৰ ব্যাখ্যা দাঙি ধৰিবলৈ প্ৰয়াস কৰিছে। তেখেতে ১৯৯০ চনত প্ৰকাশ পোৱা তেওঁৰ বিখ্যাত The Stages of Economic Growth ত অর্থনৈতিক উন্নয়ন সম্পর্কে ব্যাখ্যা আগবঢ়াইছে। তেওঁ উল্লেখ কৰিছে যে এখন দেশ উন্নয়নৰ পথত আগবাঢ়ি যাওঁতে নানা স্তৰ অতি অতিক্ৰম কৰিব লগা হয়। Rostow ৰ এই ব্যাখ্যাত কার্লমার্ক্সৰ ঐতিহাসিক বস্তুবাদৰ আভাস পোৱা যায়।

WW. Rostow য়ে অর্থনৈতিক উন্নয়নৰ স্তৰ সমূহক মূলতঃ পাঁচটা ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল—

১) পৰম্পৰাগত সমাজ ব্যবস্থা।

২) অর্থনৈতিক উন্নয়নৰ প্ৰাক্‌-স্তৰ।

৩) অর্থনৈতিক উন্নয়নৰ স্তৰ।

৪) পূৰ্ণতা প্ৰাপ্তিৰ স্তৰলৈ অগ্ৰসৰৰ স্তৰ।

৫) সর্বোচ্চ উপভোগৰ স্তৰ।

১) পৰম্পৰাগত সমাজ ব্যৱস্থা :- পৰম্পৰাগত সমাজ ব্যৱস্থা বুলিলে সাধাৰণতে এনেকুৱা এখন সমাজৰ কথা বুজা যায়, য’ত অর্থনৈতিক, ৰাজনৈতিক, সামাজিক, প্রযুক্তিবিদ্যা আৰি সকলো দিশতে পিছপৰা। এনে সমাজ সমূহ সাধাৰণতে আধুনিকতাৰ পৰসৰ গৰ। বহু দূৰ আঁতৰত ৰষ্ট’ৱে মত প্ৰকাশ কৰিছে যে পৰম্পৰাগত সমাজ নিউটনৰ প্ৰাক্‌ কালৰ সীমিত উপাদান কৌশলেৰে গঢ় লৈ উঠা এক আওপুৰণি সমাজ। এনে সমাজত বৈজ্ঞানিক চিন্তাধাৰাৰ অভাৱ আৰু সমগ্ৰ সমাজ ব্যৱস্থা অন্ধবিশ্বাস আৰু কু-সংস্কাৰে পৰিপূৰ্ণ। সীমিত সংখ্যক সৰল আৰু ঘৰুৱা সা-সৰঞ্জামেৰে অৰ্থনৈতিক কাম-কাজসমূহ পরিচালিত হয় বাবে তেওঁলোকে কেৱল ঘৰুৱা সামগ্ৰীৰে চাহিদা পূৰণ পাৰিছিল। অৱশ্যে এনে সমাজ সম্পূর্ণ স্থবিৰ নহয় । এই স্তৰত উৎপাদনৰ স্তৰ, বাণিজ্য, জনসংখ্যা, আয়, উপাৰ্জন আদি দিশসমূত পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। পৰম্পৰাগত সমাজৰ পিছপৰি থকাৰ মূল কাৰণ হ’ল – বিজ্ঞান প্রযুক্তি কৌশলৰ উপযুক্ত জ্ঞান আৰু কৌশলৰ অভাৱ। এনে সমাজৰ অর্থনীতি সম্পূৰ্ণ কৃষিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোক বিশেষকৈ ধর্মীয় আৰু আধ্যাত্মিক ধ্যান-ধাৰণাৰ প্ৰতিহে বেছি আগ্রহী। এই সমাজখনত দুটা শ্ৰেণীত, বিভক্ত হোৱা দেখা যায়— 

(ক) কৃষক শ্রেণী।  আৰু 

(খ) ধনী শ্রেণী অথবা ভূ-স্বামীসকলৰ ইচ্ছা, অনিচ্ছাৰ ওপৰতেই সমাজখন পৰিচালিত হয়। 

স্বেচ্ছাৰীভাৱে তেওঁলোকে ৰাজনৈতিক অধিকাৰ হস্তগত কৰি সমাজৰ দুখীয়া শ্ৰেণীৰ ষ্ঠ লোকসকলক শোষণ কৰে। পৰম্পৰাগত সমাজব্যৱস্থাৰ উদাহৰণ হিচাপে চীনদেশৰ পূৰ্বৰ ৰাজনৈতিক ব্যৱস্থা। মধ্যপ্রাচ্যৰ সভ্যতা, মধ্যযুগীয় ইউৰোপীয় সমাজ ব্যৱস্থা আদিৰ বিষয়ে ৰ’ষ্ট’ৱে দাঙি ধৰিছে। এইকেইখন দেশৰ অৰ্থনৈতিক অৱস্থা অধ্যয়ন কৰি ৰষ্ট’ৱে অৰ্থনৈতিক উন্নয়নৰ প্ৰধান সমস্যা আৰু তাৰ ‘সমাধানৰ উপায়সমূহ তেওঁৰ উন্নয়নৰ স্তৰ সমূহত দাঙি ধৰিছে।

২) উন্নয়নৰ প্ৰাকৃক্তৰ :- এই স্তৰত পৰম্পৰাগত সমাজ ব্যৱস্থাৰ পৰা উন্নয়নৰ প্ৰাৰম্ভিক স্তৰলৈ গতি কৰাৰ বিষয়ে বর্ণনা কৰা হৈছে। এনে পৰম্পৰাগত সমাজ ব্যৱস্থাৰ পৰা উন্নত হোৱাৰ প্ৰধান উপায় হৈছে বিজ্ঞান আৰু প্ৰযুক্তিগত জ্ঞানৰ আহৰণ। উন্নয়নৰ এই প্ৰাক্ স্তৰত উপনীত হ’বলৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন। কিয়নো, প্ৰাকৃত্তৰত উপনীত হ’ব পৰা যায়। ৰষ্টৱে পৰম্পাৰাগত সমাজ ব্যৱস্থাক দুটা দিশৰ পৰা পৰিবৰ্তন কৰি উন্নয়নৰ প্ৰাকৃতৰত উপনীত হোৱাৰ পৰামৰ্শ ষ্ঠ-আগবঢ়াইছে। এটা হ’ল পৰম্পৰাগত সমাজৰ আৰ্থ-সামাজিক গাঁঠনিৰ। মৌলিক পৰিবৰ্তন আৰু আনটো হ’ল পৰম্পৰাগত সমাজৰ উৎপাদন কৌশলৰ পৰিবৰ্তন।

ৰষ্ট’ৰ মতে পৰম্পৰাগত সমাজ এখনে নিম্ন স্তৰৰ পৰা উন্নয়নৰ প্ৰাক স্তৰলৈ পৰিবৰ্তিত হোৱা অতি প্রয়োজনীয় বিষয়। প্রথমে কৃষি ভিত্তিক সমাজ এখন ষ্ঠ উদ্যোগ প্রধান সমাজ এখনলৈ পৰিৱৰ্তন হ’ব আৰু উন্নয়নৰ প্ৰাকৃত্তৰত বিজ্ঞান ষ্ঠষ্ঠ ফলত সমগ্ৰ সমাজ তথা দেশখনৰে বিকাশ সম্ভৱ।

ৰ’ষ্ট’ৰৰ মতে কৃষিৰ উৎপাদনে মূলধন গঠনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। তেওঁ উল্লেখ কৰিছে যে কৃষকে পৰম্পৰাগত সমাজক উন্নয়নৰ প্ৰাক স্তৰটো অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত তিনি ধৰণেৰ সহায় কৰে। সেইকেইটা হ’ল—

(ক) কৃষি উৎপাদন বৃদ্ধিৰ ফলত নগৰীয়া জনসাধাৰণৰ খাদ্যৰ চাহিদা পূৰণ কৰাত সহায় কৰে। লগতে খাদ্যৰ ৰপ্তানিৰ জৰিয়তে কুয়িয়ে দেশখনৰ জনসাধাৰণৰ আয়ৰ পৰিমাণ বৃদ্ধি কৰি মূলধন গঠনত সহায় কৰে।

(খ) কৃষিজাত দ্ৰব্যৰ উৎপাদন বৃদ্ধিৰ ফলত কৃষকসকলৰ আয়ৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে তেওঁলোকৰ সঞ্চয়ৰ প্ৰৱণতা বৃদ্ধি পায়। ই তেওঁলোকৰ মূলধন গঠনত সহায় কৰে। উদ্যোগিক দ্ৰব্যৰ প্ৰতি তেওঁলোকৰ চাহিদা বৃদ্ধি হয়। ই উদ্যোগিক বজাৰ সম্প্ৰসাৰণত অৰিহণা যোগায়। 

(গ) কৃষি উৎপাদন বৃদ্ধিয়ে কৃষিৰ ক্ষেত্ৰত আধুনিক কৌশলৰ প্ৰয়োগৰ প্ৰতি জনসাধাৰণক অধিক উৎসাহিত কৰি তোলে। ৰষ্ট’ৰে উন্নয়নৰ প্ৰাকৃত্তৰত অনা-ঔদ্যোগিক দিশতো তিনিটা পৰিবৰ্তনৰ পৰামৰ্শ আগবঢ়াইছে। সেইকেইটা হ’ল— 

(ক) সামাজিক মূলধন, যেনে— যাতায়ত, যোগাযোগ, বাট-পথ আদিৰ সম্প্ৰসাৰণ হ’ব লাগিব। তেওঁ যাতায়তৰ ওপৰত অধিক গুৰুত্ব আৰোগ কৰিছে। কিয়নো যাতায়তৰ উন্নয়নৰ ফলতহে দ্রব্যসমূহ এঠাইৰ পৰা আন এঠাইলৈ নিয়াটো সম্ভৱ।

(খ) কৃষি ব্যৱস্থা এনেদৰে পৰিবৰ্তন কৰিব লাগিব যাতে কৃষিৰ উৎপাদন বৃদ্ধি পায়। বৰ্দ্ধিত জনসাধাৰণৰ বাবে কৃষিৰ উৎপাদন বৃদ্ধি অপৰিহায়।

(গ) বৈদেশিক বাণিজ্য সম্প্ৰসাৰণ হ’ব লাগিব, কাৰণ ৰপ্তানি বাণিজ্যৰ যোগেদি খন পৰিশোধ কৰাত সহায় হয়। অনহাতে ৰঙানি বৃদ্ধি হৈ দেশীয় তথা আজ্ঞৰষ্টীয় বজাৰৰ সম্প্ৰসাৰণ ঘটি উন্নয়নৰ পথ সুচল হোৱাত সহায় কৰে।

৩) উন্নয়নৰ স্তৰ :- এই ভৰত উন্নয়নৰ এক স্বাভাৱিক প্ৰক্ৰিয়া হৈ পৰে। এখন সমাজৰ ক্ৰমবিকাশৰ চূড়ান্ত ৰূপটোৱেই হ’ল উন্নয়নৰ স্তৰ। ৰাজনৈতিক বিপ্লৱ, কাৰিকৰী কৌশলৰ নতুনত্ব প্ৰৱৰ্তন, দেশক উন্নয়নৰ ভৰত উপনীত হোৱাত সহায় কৰে। ৰষ্ট’ৱে উল্লেখ কৰিছে যে, উন্নয়নৰ স্তৰত অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত সৃষ্টি হোৱা সকলো ধৰণৰ বাধা সমূহ অতিক্ৰম কৰি এখন দেশৰ উন্নয়নৰ পথত অগ্ৰসৰ হয়। উন্নয়নৰ স্তৰত এখন দেশৰ অৰ্থনৈতিক গাঁঠনিৰ পৰিবৰ্তন হৈ স্ব-নিৰ্ভৰশীল উন্নয়নৰ পৰ্যায়ত উপনীত হয়।

৪) পূৰ্ণতা প্ৰাপ্তিৰ স্তৰলৈ অগ্ৰসৰৰ স্তৰ :- ৰষ্ট’ৰ মতে এখন দেশত অর্থনীতিয়ে উন্নয়নৰ স্তৰত উপনীত হোৱাৰ পাছত পৰিপূৰ্ণ স্তৰৰ দিশে অগ্ৰসৰ হোৱা দেখা যায়। উন্নয়নৰ যিটো স্তৰত সম্পদৰ উদঘাটন আৰু ব্যৱহাৰৰ বাবে আধুনিক প্রযুক্তি কৌশল সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হয় পৰিপূৰ্ণতা প্রাপ্তিৰ স্তৰ বুলি ৰষ্ট’ৱে উল্লেখ কৰিছে।

ৰ’ষ্টৱে এই স্তৰটোক উন্নয়নৰ এটা দীৰ্ঘকালীন স্তৰ বুলি উল্লেখ কৰিছে। এই স্তৰত সঞ্চয় আৰু বিনিয়োগ এনে এটা স্তৰত উপনীত হয় যে অর্থনীতিয়ে স্বতস্ফুর্তভাৱে উন্নয়নৰ স্তৰটো অগ্ৰসৰ হ’ব পাৰে। এই স্তৰত মূলধনৰ যোঁগানো বৃদ্ধি পায়। নানা উন্নয়নৰ খণ্ডসমূহে গা কৰি উঠে। গাঁৱলীয়া জীৱন পৰিত্যাগ কৰি নগৰমুখী হয়। শ্ৰমিকসকলৰ প্রকৃত মজুৰিৰ পৰিমাণ বৃদ্ধি হয়। উন্নয়নৰ পৰিপূৰ্ণ স্তৰত কেনেদৰে অৰ্থনৈতিক পৰিবৰ্তন সাধন হয় তাক ৰ’ষ্ট’ৱে তলত দিয়া দিশ সমূহৰ দ্বাৰা দাঙি ধৰিছে– 

(ক) এই স্তৰত শ্ৰমিকসকল অধিক দক্ষতাপূর্ণ হৈ পৰে। তেওঁলোকৰ প্ৰকৃত মজুৰি বৃদ্ধি হোৱাৰ ফলত জীৱনৰ মানদণ্ড উন্নত হয়। লোকসকল নগৰমুখী হয়।

(খ) এই স্তৰত বিভিন্ন খণ্ডত নেতৃত্বৰ পৰিৱৰ্তন দেখা দিয়ে। ঔদ্যোগিক খণ্ডৰ দায়িত্ব এচাম দক্ষ আৰু নিকা পৰিচালকৰ হাতলৈ গতি কৰে। শ্রমিক আৰু মালিকৰ সম্পৰ্ক মধুৰ হয়।

(গ) এই স্তৰত গোটেই সমাজখনতে ঔদ্যোগিকৰণ প্ৰক্ৰিয়াই গা কৰি উঠে। সমাজত নতুন নতুন বস্তুৰ উদ্ভাৱন হয়।

৫) অতি উপভোগৰ স্তৰ :- পৰিপূৰ্ণতা প্ৰাপ্তিৰ পাছত এখন দেশৰ অৰ্থনীতিয়ে অতি উপভোগ স্তৰত উপনীত হোৱা দেখা যায়। এই স্তৰত উপভোগ্য দ্ৰব্য আৰু সেৱাৰ উৎপাদনেই মুখ্য ভূমিকা গ্ৰহণ কৰে। জনসাধাৰণৰ কল্যাণ সাধন কৰা নানা আঁচনিসমূহৰ ক্ষেত্ৰত বিনিয়োগ বৃদ্ধি পাবলৈ ধৰে। এই স্তৰত জনকল্যাণ বৃদ্ধি পোৱাত তিনিটা কাৰকে সহায় কৰিছে বুলি ৰষ্ট’ৱে উল্লেখ কৰিছে। সেই কেইটা হ’ল—

(ক) এই স্তৰত শ্রমিক সকলে অধিক নিৰাপত্তা জিৰণি আৰু আৰামত কাম কৰাৰ সুবিধা লাভ কৰিব পাৰে। ৰষ্ট’ৰ মতে, “The Emergence of the welfare state in one manifestation of society moving beyond the technical Maturing.

(খ) আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বেছি সবল আৰু প্ৰভাৱশালী হৈ পৰা দেখা যায় আৰু ই এখন দেশক কল্যাণকামী ৰাষ্ট্ৰৰ শাৰীটো অগ্ৰসৰ হোৱাত সহায় কৰে।

(গ) এই স্তৰত সম্পদসমূহ উপভোগ্য দ্রব্যৰ উৎপাদনৰ লগতে উপভোগৰ পৰিমাণ বৃদ্ধি হয়।

4. বহনক্ষম উন্নয়নৰ নীতিসমূহ কি কি ?

উত্তৰঃ (ক) ৰাষ্ট্ৰৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ কাৰণে পূর্ণ স্বাধীনতা আছে কিন্তু প্রাকৃতিক সম্পদ ব্যৱহাৰ কৰোঁতে পৰিৱেশীয় অৱক্ষয় কৰিব নোৱাৰে। 

(খ) প্ৰকৃতিৰ লগত সম্পৰ্ক ৰক্ষা কৰি এক স্বাস্থ্যকৰ আৰু উৎপাদনশীল জীৱন ধাৰণৰ অধিকাৰ হৈছে দেশৰ নাগৰিকসকলৰ প্ৰাপ্য অধিকাৰ।

(গ) বৰ্তমানৰ উন্নয়ন প্রক্রিয়াই ভৱিষ্যত প্রজন্মৰ উন্নয়ন আৰু সুস্থ পৰিৱেশৰ ওপৰত কোনো প্রভাৱ পেলাব নালাগে। 

(ঘ) বিশ্বৰ পৰিৱেশ সুৰক্ষাৰ কাৰণে ৰাষ্ট্ৰসমূহে সামূহিক প্ৰচেষ্টাৰ যোগেদি সংৰক্ষণ, সুৰক্ষা আৰু সহযোগিতাৰ সৃষ্টি কৰিব লাগিব। 

(ঙ) ৰাষ্ট্ৰই পৰিৱেশীয় অৱনতি প্ৰতিৰোধৰ কাৰণে সতর্কমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত চৰকাৰে বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

(চ) উপভোগ কার্যই যাতে পৰিৱেশৰ ওপৰত ঋণাত্মক প্রভাৱ নেপেলায় বা প্ৰদূষণৰ সৃষ্টি নকৰে তাক নিশ্চিত কৰিব লাগে।

(ছ) পৰিৱেশ সম্পৰ্কীয় তথ্যসমূহ সকলো জনসাধাৰণ কাৰণে সহজলভ্য কৰিব লাগিব।

1 thought on “Rethinking Development Unit 2 Theorizing Development”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top