Rethinking Development Unit 2 Theorizing Development

Rethinking Development Unit 2 Theorizing Development, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Rethinking Development Unit 2 Theorizing Development Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Rethinking Development Unit 2 Theorizing Development Question Answer can be of great value to excel in the examination.

Rethinking Development Unit 2 Theorizing Development

Join Telegram channel

Rethinking Development Unit 2 Theorizing Development Notes cover all the exercise questions in UGC Syllabus. The Rethinking Development Unit 2 Theorizing Development provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Theorizing Development

SOCIOLOGY

RETHINKING DEVELOPMENT

উন্নয়নৰ পুনৰচিন্তন

1. বহনক্ষম উন্নয়ন বুলিলে কি বুজা ? আলোচনা কৰা ? 

উত্তৰঃ বহনক্ষমতা (Sustainability) :- সাম্প্ৰতিক সময়ত পৰিৱেশ প্ৰদুষণ, জলবায়ু পৰিৱৰ্তনৰ ভাবুকি ইত্যাদি কাৰণৰ বাবে পৰিৱেশীয় বহনক্ষমতাৰ সমস্যাটোৱে অত্যন্ত গুৰুত্ব লাভ কৰিছে। অর্থনৈতিক উন্নয়ন বহনক্ষমতা কৰি তুলিবলৈ পৰিৱেশ সুৰক্ষিত হোৱাতকৈ আগবাঢ়িৱ লাগিব। আমি ইতিমধ্যেই উল্লেখ কৰি আহিছোযে ‘বহনক্ষমতা’ৰ ওপৰত দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনাত জোৰ দিয়া হৈছিল। দ্বাদশ পৰিকল্পনাই এই প্ৰসংগত কৈছিল যে উন্নয়ন প্ৰক্ৰিয়া অতিৰিক্ত শক্তি অবিহনে সম্ভৱ নহয়। আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় শক্তিৰ পৰিৱেশৰ সুৰক্ষা উদ্দেশ্যৰ সামঞ্জস্য স্থাপন কৰিব লাগিব। আৰু ইয়ে শক্তি দক্ষতাপূৰ্ণ কৌশলৰ ব্যৱহাৰ আৰু আৱিস্কাৰৰ প্ৰয়োজনীয়তা সৃষ্টি কৰিব। অর্থনৈতিক উন্নয়ন বহনক্ষম কৰি তুলিবলৈ মাটি পানী আৰু বনাঞ্চলৰ ক্ষতিৰ পৰা আঁতৰত থকাটো অপৰিহাৰ্য দশম পৰিকল্পনা মাটি, পানী আৰু বনাঞ্চল পৰিচালনাৰ ক্ষেত্ৰত অধিক মনযোগ দিবহৈছিল। দ্বাদশ পৰিকল্পনাটো প্রাকৃতিক সম্পদসমূহৰ সঠিক পৰিচালনাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হৈছিল দ্বাদশ পৰিকল্পনাৰ প্ৰত্যেক বছৰতে 1 মিলিয়ন হেক্টৰ ভূমিলৈ সেউজ আৱৰণ বৃদ্ধি কৰা, 30000 MW নৱীকৰণযোগ্য শক্তি ক্ষমতা আহৰণ কৰা, মুঠ ঘৰুৱা উৎপাদন (GDP) বৃদ্ধিৰ প্ৰক্ৰিয়াত উৎপন্ন হোৱা নিৰ্গমন তীব্রতা 2005 চনৰ 20 শতাংশ হ্রাস কৰা ইত্যাদি · লক্ষ্যসমূহ নিৰ্ধাৰণ কৰা হৈছিল।

ভাৰতত পৰিৱেশ সুৰক্ষা আৰু বহনক্ষমতা সম্পৰ্কত গ্ৰহণ কৰা ব্যৱস্থাসমূহ হল-

1. পৰিৱেশ বহনক্ষমতাৰ ওপৰত অধিক গুৰুত্ব প্রদান।

2. ইয়াৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত আইনী ব্যৱস্থা।

3. পৰিৱেশ সুৰক্ষাৰ ব্যৱস্থাসমূহ অধিক ফলপ্ৰসু আৰু কাৰ্যক্ষম গ্রহণ কৰি তোলা।

4. আবৰ্জনা ব্যৱস্থপনাৰ বাবে স্থানীয় নিকায়সমূহক পুঁজিৰ যোগান ধৰা।

5. নদী সংৰক্ষণ আঁচনি অধিক শক্তিশালী কৰা।

6. বনজ সম্পদ ব্যৱহাৰ বহনক্ষম কৰি তোলা।

7. জলবায়ুৰ প্ৰত্যাশিত পৰিৱৰ্তনৰ লগত সংগতি ৰাখি কৃষি প্ৰযুক্তিৰ উন্নতি সাধন কৰা।

৪. বায়ু প্ৰদুষণ কমোৱাৰ উদ্দেশ্য Clean Development Mechanism ৰ অধীনত উদগনিমূলক ব্যৱস্থা গ্ৰহণ কৰা। 

9. জলবায়ু পৰিৱৰ্তনৰ লগত সংগতি ৰাখি National Action Plan ৰচনা কৰা ইত্যাদি।

2. ডেনিয়েল লাৰনাৰ আধুনিকীকৰণ তত্ত্বটোৰ এটি সমালোচনাত্মক আলোচনা আগবঢ়োৱা ? 

উত্তৰঃ ডেনিয়েল লাৰনাৰ আছিল এজন আমেৰিকান দার্শনিক। তেওঁ ১৯১৭ চনত জন্মগ্রহণ কৰিছিল। তেওঁ [Modernization Theory]“ ৰ বাবেই প্রসিদ্ধ লাৰনাৰৰ 1958 চনত প্ৰকাশ পোৱা “The passing of Traditional Society Ê. Modernizing the Middle East’ গ্রন্থ ‘Modernization’ সম্পর্কে ব্যাপক ভাৱে আলোচনা কৰিছে।

আধুনিকীকৰণ হৈছে সামাজিক পৰিৱৰ্তনৰ এক উল্লেখযোগ্য কাৰক। আধুনিকীকৰণৰ জৰিয়তে এখন সমাজে পৰম্পৰাগত সমাজ ব্যৱস্থাৰ পৰিবৰ্তে আধুনিকতাক আদৰি লয়। ই সমাজৰ প্ৰত্যেকটো উপাদানলৈ পৰিবৰ্তন কঢ়িয়াই আনে। অর্থনৈতিক দিশ, সামাজিক সাংস্কৃতিক দিশ, সামাজিক মূল্যবোধ আদিৰ ক্ষেত্ৰসমূহ আধুনিকীকৰণৰ ফলস্বৰূপে 

পৰিবৰ্তন হয়। ই পৰম্পৰাগত কৃষি ক্ষেত্ৰৰ পৰা প্ৰাথমিক ঔদ্যোগিক অর্থনীতিলৈ পৰিবৰ্তন সাধন কৰে। পৰম্পৰাগত মূল্যবোধৰ পৰা মুক্তিবাদী চিন্তাধাৰালৈ পৰিৱৰ্তন ঘটায়। ডেনিয়েল লাবনাৰে আধুনিকীকৰণৰ সম্পর্কে ব্যাখ্যা আগবঢ়াইছে। তেওঁৰ মতে মানুহে প্ৰত্যক্ষবাদী মনোভৱ, যাতায়তৰ ক্ষেত্ৰত পৰিবৰ্তন, ক্রমবর্ধমান নগৰীকৰণ, ৰাজনৈতিক আৰু অর্থনৈতিক দিশত ব্যক্তিৰ ব্যাপক যোগদান। সামাজিক গতিশীলতাৰ মাত্রা বৃদ্ধি, যুক্তিবাদী মনোভাৱ আৰু কৰ্ম সাধনৰ প্ৰতি থকা মানুহৰ অভিবিন্যাসকেই আধুনিকীকৰণ বুলি ক’ব পাৰি। আধুনিকীকৰণ হৈছে সামাজিক পৰিৱৰ্তনৰ এনে এটা প্ৰক্ৰিয়া য’ত অনুন্নত আৰু উন্নয়নশীল দেশ সমূহে উন্নত দেশৰ চৰিত্ৰসমূহ গ্ৰহণ কৰে। এই ব্যৱস্থা কার্যক্ষম কৰে যোগাযোগ ব্যৱস্থাই। উন্নত দেশসমূহৰ চৰিত্ৰসমূহ অনুন্নত বা উন্নয়নশীল দেশসমূহে যোগাযোগৰ জৰিয়তে আহৰণ কৰে। উদাহৰণস্বৰূপে আমি ভাৰতীয় লোকসকলৰ কথাই ক’ব পাৰোঁ।

ভাৰতীয় উদাহৰণস্বৰূপে আমি ভাগ এক অনুকৰণ কৰে। তেওঁলোকৰ আদৰ্শ, তেওঁলোকৰ ভৌতিক, অভৌতিক সাংস্কৃতিক উপাদান সমূহ অনুকৰণ কৰে। নিজৰ পৰম্পৰাগত দিশসমূহ ত্যাগ দি প্ৰীশ্চাত্য কৰি আধুনিক হ’বলৈ চেষ্টা কৰে। লানাৰৰ মতে, আমাক পুৰণী প্ৰক্ৰিয়া এটাৰ বাবেই নতুন নাম এটাৰ প্ৰয়োজন, যিহেতু ইয়াৰ চৰিত্ৰসমূহ অতি গছি ডন সাম্ৰাজ্যবাদৰ সময়ত যি ভৱিষ্যতৰ চিত্ৰ আছিল, সেইসমূহ ঔপনিবেশিকৰ জৰিয়তে ঔপনিবেশিকতাৰ অধিনত থকা ব্যক্তিৰ মাজলৈ পৰিচলন কৰিছিল। সেইবাবে উপনিবেশিকতাৰ অধিনত থকা বিভিন্ন দেশসমূহে সাত্মৰাজ্যবাদীসকলৰ চিন্তা চৰ্চা কৌশলসমূহ গ্ৰহণ কৰিছিল। এনেদৰে অনুন্নত আৰু উন্নয়নশীল দেশসমূহে উন্নত দেশবোৰৰ ‘অর্থনৈতিক আঁহি সমূহ অনুকৰণ কৰিবলৈ আগ্ৰহী হৈ পৰে। ফলত সমাজৰ এক পৰিৱৰ্তন প্ৰক্ৰিয়া আৰম্ভ হয়। লাৰনাৰ তেওঁৰ আধুনিকীকৰণৰ ব্যাখ্যাত অর্থনৈতিক দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ মতে অর্থনৈতিক কার্য-কলাপ সামাজিক পৰিৱৰ্তন সাধন কৰে।

আধুনিকতাই সামাজিক পৰিৱেশ সৃষ্টি কৰে, য’ত প্রস্ফুটিত হোৱা প্ৰতিটো ফলাফল কার্যক্ষম ৰূপত অন্তৰ্ভুক্তি হৈছিল। ইয়াৰ কাৰ্যক্ষম অন্তর্ভূক্তিৰ বাবে লাৰনাৰে উল্লেখ কৰিছে যে উৎপাদনৰ বাবে উন্নত উৎপাদিত আচৰণ আৰু সমগ্ৰ বিশ্বতে ইয়াৰ বিচৰণ ঘটাবৰ বাবে গভীৰভাৱে নীতিবোৰ বুজি পাব লাগিব। ডেনিয়েল লাৰনাৰে অৰ্থনৈতিক কাৰকৰ লগতে অনা-অৰ্থনৈতিক কাৰকৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে। তেওঁৰ তাত্ত্বিক বিশ্লেষণত সকলো সমাজতত্ত্ববিদ একমত নহয় যদিও আধুনিকতাৰ দিশত অনা-আর্থনৈতিক কাৰকৰ আলোচনাক সহমত প্ৰকাশ কৰিছে। এই অনা-অৰ্থনৈতিক কাৰকসমূহ হৈছে— শিক্ষা,জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ হাৰ, পৰিয়ালৰ সংস্কৰণ, গণমাধ্যম।

এই অনা-অৰ্থনৈতিক কাৰকসমূহে আধুনিকতাৰ ক্ষেত্ৰত বিশেষ বৰঙনি আগবঢ়ায়। উদাহৰত্বৰূপে, শিক্ষা ব্যৱহাৰ হৈ মানুহৰ মানসিকতাৰ উত্তৰণ ঘটাব গাৰে। অৰ্থনৈতিক নীতি, ৰাজনৈতিক নীতিসমূহে সমাজত প্ৰভাৱ পেলোৱাত ব্যৰ্থ হ’ব পাৰে যদি জনসাধাৰণ সেই সমূহে আদৰি ল’ব নোখোজে। আধুনিক শিক্ষাই সমাজলৈ আধুনিকতা অনাত বিশেষ ভূমিকা পালন কৰে। লাৰনাৰে তেওঁৰ ব্যাখ্যাত আধুনিকীকৰণৰ বাবে যোগাযোগ ব্যৱস্থাৰ কথা উল্লেখ কৰিছিল। যোগাযোগ ব্যৱস্থাৰ পৰিবৰ্তনে সমাজলৈ আধুনিকীকৰণ অনাত বিশেষভাৱে সহায় কৰিলে। যোগাযোগ ব্যৱস্থা যিমানেই উন্নত হৈ গৈ থাকিলে সিমানে এখন ঠাইৰ মানুহে আন এখন ঠাইৰ মানুহৰ লগত সহজে সম্পর্ক স্থাপন কৰিব পৰা হ’ল। আৰু এনেকৈয়ে কম উন্নত দেশসমূহে উন্নত দেশসমূহৰ উৎপাদন পদ্ধতি, আদর্শ, সংস্কৃতি আদি অনুকৰণ কৰিবলৈ সুবিধা লাভ কৰিলে।

লাৰনাৰৰ মতে ইউৰোপৰ সাম্ৰাজ্যবাদী দেশসমূহে আধুনিকীকৰণ প্ৰক্ৰিয়াত জড়িত হৈ আছিল আৰু লাহে লাহে অন্যান্য দেশসমূহলৈও ইয়াৰ বিচ্যুৰণ ঘটিছিল। উন্নত দেশসমূহে অনুন্নত দেশসমূহৰ এখন ভৱিষ্যত চিত্ৰ প্ৰদৰ্শন কৰে, সেইবাবে অনুন্নত দেশসমূহে নিজকে উন্নয়নশীল দেশ হিচাবে বিবেচনা কৰাৰ প্ৰৱণতা আহি পৰিল। ফলস্বৰূপে অনুন্নত দেশসমূহে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ৰীতি-নীতি, আদর্শ, প্ৰমূল্য অনুকৰণ কৰাৰ প্ৰচেষ্টা চলায়।

অৱশ্যে লাৰনাৰে ব্যক্ত কৰিছে যে আধুনিকীকৰণ অকল পশ্চিমৰ সাম্রাজ্যবাদী সমাজক অনুকৰণ কৰা প্ৰক্ৰিয়া নইয়। লাবনাৰে উল্লেখ কৰিছে যে- The widespread failure of transitional societies to incorporate modernizing institutions of sufficient amplitude and durability has occasioned reconsideration of the theory and practice of social change under conditions of extreme acceleration.” লাৰনাৰে আধুনিকীকৰণৰক পৰম্পৰাগত সমাজৰ পৰা আধুনিক সমাজলৈ ৰূপান্তৰ প্ৰক্ৰিয়া বুলি উল্লেখ কৰিলেও কিছুমান সংস্থাগত কঠোৰ ৰীতি-নীতিৰে যথেষ্ট বাধাৰ সৃষ্টি কৰে। তথাপিও মানুহে সহমর্মিতাৰে আনৰ ভাৱ অনুভূতিৰ সম্পৰ্কে জড়িত হৈ ৰূপান্তৰকৰণৰ জৰিয়তে আধুনিকীকৰণ প্ৰক্ৰিয়াত জড়িত হৈ পৰে। সহমর্মিতাই উলম্বমূখী গতিশীলতাৰ বাবে অনুপ্ৰেৰণা । সেয়ে দেখা যায়, উন্নয়নৰ ক্ষেত্ৰত আধুনিকাতই বিশেষ ভূমিকা পালন কৰে।

1 thought on “Rethinking Development Unit 2 Theorizing Development”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top