⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

ৰামপ্ৰসাদ বিসমিল জীৱনী – স্বাধীনতা সংগ্ৰামৰ এটা উল্লেখযোগ্য নাম | Ram Prasad Bismil

ৰামপ্ৰসাদ বিসমিল | Ram Prasad Bismil Essay in Assamese | Biography of Ram Prasad Bismil in Assamese | ৰামপ্ৰসাদ বিসমিল বিষয়ে জীৱনী | ৰামপ্ৰসাদ বিসমিল বিষয়ে ৰচনা | ৰামপ্ৰসাদ বিসমিলৰ চমু পৰিচয়।

প্ৰায় ২০০ বছৰীয়া ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষ একেদিনাই মুক্তি পোৱা নাছিল। ইয়াৰ অন্তৰালত আছিল ভাৰতৰ জনতাৰ স্বাধীনতা প্ৰতি প্ৰয়াসী মনোভাৱ। ভাৰতৰ জনতাই ঐক্যবদ্ধ ভাৱে ব্ৰিটিছৰ বিৰুদ্ধে এক বিপ্লৱৰ সূচনা কৰিছিল। আৰু এই বিপ্লৱত অংশগ্ৰহণ কৰিছিল বৃহত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীয়ে। দেশৰ স্বাৰ্থত এই স্বাধীনতা আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি দেশপ্ৰেমৰ এক নজিৰ সৃষ্টি কৰিছিল এইসকল যুৱক যুৱতীয়ে। বৃটিছৰ বিৰুদ্ধে সূচনা হোৱা স্বাধীনতা সংগ্ৰামৰ এগৰাকী শক্তিশালী সেনানী তথা ভাৰতৰ স্বাধীনতা সংগ্ৰামত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এজন উল্লেখযোগ্য ব্যক্তি হ’ল ৰামপ্ৰসাদ বিসমিল (Ram Prasad Bismil)। ৰামপ্ৰসাদ বিসমিলৰ সমগ্ৰ জীৱটোৱেই উৰ্চগা কৰিছিল দেশৰ বাবে।

ৰামপ্ৰসাদ বিসমিল

ৰামপ্ৰসাদ বিসমিল জীৱনী | Ram Prasad Bismil Biography

নামৰামপ্ৰসাদ বিসমিল (Ram Prasad Bismil[1])
জন্ম চন১১ জুন, ১৮৯৭ চন
জন্ম স্থানশ্বাহজাহানপুৰ, উত্তৰ-প্ৰদেশ
অভিভাৱকপিতৃৰ নাম- মুৰুলীধৰ
মাতৃৰ নাম- মুলমতী দেৱী
শিক্ষা১) ইংলিছ মিছন স্কুল
২) চৰকাৰী বিদ্যালয়, শ্বাহজাহানপুৰ
মৃত্যু১৯ ডিচেম্বৰ, ১৯২৭ চন

Also Read: জীৱনী: বদন চন্দ্ৰ বৰফুকন – অসম বুৰঞ্জীৰ খলনায়ক | Badan Chandra Borphukan

ৰাম প্ৰসাদ বিসমিল প্ৰাৰম্ভিক জীৱন

ৰাম প্ৰসাদ বিসমিলৰ জন্ম হৈছিল উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰৰ এটা নিম্ন মধ্যবিত্ত ব্ৰাক্ষ্মণ পৰিয়ালত ১৮৯৭ চনৰ ১১ জুন‌ তাৰিখে। তেওঁৰ পিতৃৰ নাম হ’ল মুৰলিধৰ আৰু মাতৃৰ নাম হ’ল মুলমতী। সাত বছৰ বয়সত ৰাম প্ৰসাদ বিসমিলক তেওঁৰ পিতৃয়ে ঘৰতে হিন্দী ভাষাৰ ওপৰত শিক্ষা প্ৰদান কৰিছিল ইয়াৰ বিপৰীতে বিসমিলে উৰ্দু ভাষাৰ ওপৰত শিক্ষা গ্ৰহণ কৰিছিল মৌলৱীৰ পৰা। ইয়াৰ পৰৱৰ্তী সময়ত ইংৰাজী মিছন স্কুলত নামভৰ্তি কৰে ৰামপ্ৰসাদ বিসমিলে আৰু এই বিদ্যালয়ৰ পৰাই  প্ৰথম বিভাগত অষ্টম শ্ৰেণী পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত বিসমিলে শ্বাহজাহানপুৰৰ এখন স্থানীয় চৰকাৰী বিদ্যালয়ৰ পৰা পৰৱৰ্তী বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰে। 

জাতীয়তাবাদী প্ৰভাৱ

গুৰুত্বপূৰ্ণ কথা যে, ১৮৭৫ চনত দয়ানন্দ সৰস্বতীৰ দ্বাৰা প্ৰতিষ্ঠা হোৱা আৰ্য সমাজত যোগদান কৰিছিল ৰামপ্ৰসাদ বিসমিলে উল্লেখ্য যে দয়ানন্দ সৰস্বতীৰ দ্বাৰা প্ৰতিষ্ঠিত আৰ্য সমাজে বিসমিলৰ জীৱনত গভীৰভাবে ৰেখাপাত কৰিছিল। প্ৰচুৰ জাতীয়তাবাদী আৰু আৰ্য সমাজৰ মিছনেৰী ভাই পৰমানন্দক ১৯১৫ চনত লাহোৰ গোচৰত গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডেৰে দণ্ডিত কৰাৰ কথা ঘোষণা কৰাৰ বাৰ্তাই ৰামপ্ৰসাদ বিসমিলৰ জীৱনত গভীৰভাৱে প্ৰভাৱিত কৰিছিল। আৰু তেতিয়াৰ পৰাই ৰামপ্ৰসাদ বিসমিলৰ মনত বৈপ্লৱিক চিন্তা চৰ্চাই ঠাই লৈছিল। অৱশ্যে পৰৱৰ্তী সময়ত ভাই পৰমান্দৰ শাস্তি লঘু কৰা হয় আৰু মৃত্যুদণ্ডেৰে দণ্ডিত কৰা ঘোষণা স্থগিত ৰখা হয়।

কবিতাপুথি আৰু অন্যান্য ৰচনা 

গুৰুত্বপূৰ্ণ কথা যে, ৰামপ্ৰসাদ বিসমিলে তেওঁৰ বৈপ্লৱিক চিন্তা দৰ্শন সমূহ কবিতাৰ জৰিয়তে বহি: প্ৰকাশ কৰিছিল। উল্লেখ্য যে বিসমিলে ‘Ram’ আৰু ‘Agyat’  ছদ্মনামেৰে উৰ্দু ভাষা আৰু হিন্দী ভাষাত শক্তিশালী দেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছিল। ১৮ বছৰ বয়সতে তেওঁ ‘Mera Janm’ নামৰ এটা কবিতা ৰচনাৰ জৰিয়তে সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে নিজৰ ক্ষোভবোৰ প্ৰকাশ কৰিছিল।

উল্লেখ্য যে কঠোৰ ৰক্ষণশীলতাৰ বিৰোধী ৰামপ্ৰসাদ বিসমিলৰ জীৱনত তেখেতৰ গুৰু স্বামী সোমদেৱে প্ৰভাৱ বিস্তাৰ কৰিছিল।‌ সোমদেৱৰ প্ৰভাৱতেই ব্ৰিটিছ ঔপনিৱেশিক বিৰোধী সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হৈছিল ৰামপ্ৰসাদ বিসমিল। গুৰুত্বপূৰ্ণ কথা যে স্বামী সোমদেৱেই ৰামপ্ৰসাদ বিসমিলক ইটালীৰ বিপ্লৱী সত্বা ‘Mazzini’ ৰ বিভিন্ন ৰচনাৰ লগতে আন আন জাতীয়তাবাদী ব্যক্তিসকলৰ লগত পৰিচয় কৰাই দিছিল। উল্লেখ্য যে ১৯১৬ চনত ৰামপ্ৰসাদ বিসমিলে লক্ষ্ণৌ কংগ্ৰেছ অধিৱেশনত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ  ব্ৰিটিছ বিৰোধী বিপ্লৱী সংগঠন “Matrivedi” ৰ সংস্পৰ্শলৈ আহিছিল।

ইয়াৰ পৰৱৰ্তী সময়ত ১৯১৬ চনতেই ৰামপ্ৰসাদ বিসমিলে “America Ko Swadheenta Kaise Mili” নামৰ এখন কিতাপ প্ৰকাশ কৰিছিল। উল্লেখ্য যে এই কিতাপখনৰ জৰিয়তে বিসমিলে ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে ৰাজনৈতিক স্বাধীনতাৰ প্ৰয়োজনীয়তা কথা আৰু স্বাধীনতাৰ সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তেহে আনিব পাৰি এই কথা ব্যক্ত কৰিছিল। ১৯১৮ চনত “Deshvasiyon Ke Naam Sandesh” নামৰ এখন পত্ৰিকা প্ৰকাশৰ জৰিয়তে দেশৰ জনতাক, সকলো সম্প্ৰদায়ক ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে একেলগে যুঁজিবলৈ আহ্বান জনাইছিল। 

বিসমিলে আউৰিয়াৰ এগৰাকী বিদ্যালয়ৰ শিক্ষক গেন্দা লাল দীক্ষিতৰ সৈতে তেওঁলোকৰ সংগঠন,’মত্ৰীবেদী’ আৰু ‘শিৱাজী সমিতি’ক শক্তিশালী কৰিবলৈ ইটাহৱাহ, মৈনপুৰী, আগ্ৰা আৰু শ্বাহজাহানপুৰ জিলাৰ যুৱক-যুৱতীসকলক সংগঠিত কৰিছিল। ইয়াৰ ওপৰিও তেওঁ ১৯১৮ চনৰ ২৮ জানুৱাৰীত বিসমিলৰ কবিতা পুথি ‘Mainpuri ki Pratigya’ জনতাৰ মাজত বিতৰণ কৰিছিল।

বিসমিলে ১৯১৮ চনৰ মৈনপুৰী ষড়যন্ত্ৰত অংশগ্ৰহণ কৰি এজন বিশিষ্ট স্বাধীনতা সংগ্ৰামী হিচাপে তেওঁৰ নাম লিপিবদ্ধ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে

১৯১৯ চনৰ ১ নৱেম্বৰত মৈনপুৰীৰ ন্যায়পালিকা দণ্ডাধীশ বি এছ ক্ৰিছে এই ষড়যন্ত্ৰৰ সকলো অভিযুক্তৰ বিৰুদ্ধে ৰায় ঘোষণা কৰি ষড়যন্ত্ৰত জড়িত থকা সকলোকে গ্ৰেপ্তাৰ কৰিছিল।‌ অথচ বিভিন্ন প্ৰচেষ্টা স্বত্বেও আৰক্ষীয়ে বিসমিলক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল যাৰ পৰিপ্ৰেক্ষিতত তেওঁক পলাতক হিচাপে ঘোষণা কৰা হৈছিল।

১৯২০ চনত ৰামপ্ৰসাদ বিসমিলে ‘Sushil Mala’ নামেৰে এটা ‌প্ৰকাশন প্ৰতিষ্ঠান আৰম্ভ কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ ৰাছিয়াৰ বৈপ্লৱিক আন্দোলনক আধাৰ হিচাপে লৈ ৰচনা কৰা ‘Bolshevikon Ki Kartoot’ নামেৰে এখন উপন্যাস প্ৰকাশ কৰিছিল। ইয়াৰ ওপৰিও তেওঁ ‘Man Ki Lahar’ নামেৰে এটা কবিতা সংকলন আৰু ৰাছিয়াৰ সমাজতান্ত্ৰিক বিপ্লৱী Catherine Breshkovsky ৰ জীৱনী Catherine প্ৰকাশ কৰিছিল। কলমকে ব্ৰিটিছৰ বিৰুদ্ধে শক্তিশালী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অসহযোগ আন্দোলনৰ সময়চোৱাত Swadeshi Rang নামেৰে এটা কবিতাৰ সংকলন প্ৰকাশ কৰিছিল। উল্লেখ্য যে তেওঁ Agyat ছদ্মনামেৰে Aaj, Vartaman, Prabha আদিকে ধৰি কেইবাখনো জাতীয়তাবাদী সাময়িকীত বিভিন্ন লিখা প্ৰকাশ কৰিছিল।

তাৎপৰ্যপূৰ্ণ কথা যে কলমেৰে বিপ্লৱৰ সূচনা কৰিলেও ৰামপ্ৰসাদ বিসমিলৰ স্বাধীনতা সংগ্ৰামৰ আদৰ্শ মহাত্মা গান্ধীৰ আদৰ্শৰ সম্পূৰ্ণ বিপৰীত আছিল আৰু তেওঁ মহাত্মা গান্ধীৰ অহিংসা নীতিৰ ওপৰত বিশ্বাসী নাছিল। তেওঁৰ ধাৰণা আছিল যে অহিংসাৰ জৰিয়তে স্বাধীনতা প্ৰাপ্ত কৰিব পৰা নাযায়। বিভিন্ন ধৰণৰ মতাদৰ্শগত সংঘাত, কংগ্ৰেছৰ বিভিন্ন নেতাৰ সৈতে বৃদ্ধি হোৱা অসন্তুষ্টিৰ বাবে ১৯২৪ চনত ৰামপ্ৰসাদ বিসমিলে শচীন্দ্ৰ নাথ সান্যাল আৰু যদুগোপাল মুখাৰ্জীৰ সৈতে লগ লাগি হিন্দুস্তান ৰিপাব্লিক এছ’চিয়েচন গঠন কৰিছিল আৰু এই এছ’চিয়েচনৰ লগত ভগত সিং আৰু চন্দ্ৰশেখৰ আজাদৰ দৰে নেতা জড়িত হৈ পৰিছিল।

অসহযোগ আন্দোলনৰ বিফলতাৰ পিছত বিপ্লৱীসকল ৰাছিয়াৰ সমাজতান্ত্ৰিক বিপ্লৱ আৰু কৃষক বিপ্লৱৰ জৰিয়তে অনুপ্ৰাণিত হৈ হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েচনৰ জৰিয়তে পুনৰ সংগঠিত হৈছিল, আৰু এই সংগঠনটোৰ লগতে সেই সময়ত ৰামপ্ৰসাদ বিসমিলো ওতঃপ্ৰোত ভাৱে জড়িত থকাৰ উপৰিও এখন পত্ৰিকাৰ জৰিয়তে ঘোষণা কৰিছিল যে তেওঁলোকে ‘মানুহৰ দ্বাৰা মানুহৰ শোষণ’ সমাপ্ত নোহোৱালৈকে সংগ্ৰাম অব্যাহত ৰাখিব।

গুৰুত্বপূৰ্ণ কথা যে ৰামপ্ৰসাদ বিসমিলৰ নেতৃত্বত ১৯২৫ চনৰ ৯ আগষ্ট তাৰিখে জাৰ্মানীৰ পৰা অস্ত্ৰ সংগ্ৰহৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ লক্ষ্ণৌৰ ওচৰত ককোৰিত বিসমিলৰ লগতে তেওঁৰ সহযোগী আশফাকুল্লা খান আৰু অন্যান্যসকলে যাত্ৰীবাহী এখন ৰেল ৰখাই ৰেলৰ কৰ্মচাৰীক বশিভূত কৰি চৰকাৰী কোষাগাৰ লুন্ঠন কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ব্ৰিটিছ শাসকে হিন্দুস্তান ৰিপাব্লিকান এছ’চিয়েচনৰ বহু সদস্যক গ্ৰেপ্তাৰ কৰি কাৰাদণ্ড দি বিচাৰ প্ৰক্ৰিয়া চলাই নিয়া হৈছিল। উল্লেখ্য যে প্ৰায় ১৮ মান আইনী বিচাৰ প্ৰক্ৰিয়া চলাই নিয়াৰ পৰৱৰ্তী সময়ত ৰামপ্ৰসাদ বিসমিল, আশফাকুল্লা খান, ৰোশন সিং আৰু ৰাজেন্দ্ৰ নাথ লাহিড়ীক শাস্তি হিচাপে মৃত্যুদণ্ড ঘোষণা কৰা হয়। 

Also Read: জীৱনী: পদ্মধৰ চলিহা – অসমীয়া সাহিত্যিক | Padmadhar Chaliha

মৃত্যু

ৰামপ্ৰসাদ বিসমিলক ১৯২৭ চনৰ ১৯ ডিচেম্বৰত গোৰখপুৰ কাৰাগাৰত, আশফাকুল্লা খানক ফৈজাবাদ কাৰাগাৰত আৰু ঠাকুৰ ৰোশন সিঙক নয়নী এলাহাবাদ কাৰাগাৰত ফাঁচী দিয়া হৈছিল। অন্যহাতে ৰাজেন্দ্ৰ নাথ লাহিড়ীক দুদিন আগতে গুণ্ডা কাৰাগাৰত ফাঁচী দিয়া হৈছিল। পৰৱৰ্তী সময়ত ৰামপ্ৰসাদ বিসমিলৰ মৃতদেহ হিন্দু নিয়ম অনুসৰি ৰাপ্তি নদীৰ পাৰত দহন কৰা হয়। আৰু বৰ্তমান এই স্থানটোক ৰাজঘাট নামেৰে জনা যায়।

সামৰণি

ৰামপ্ৰসাদ বিসমিল কেৱল এজন স্বাধীনতা সংগ্ৰামী  নাছিল তেওঁ আছিল ভাৰতক প্ৰগতিৰ পথত আগবঢ়ায় নিয়াৰ এটা বাটৰ বাটকটীয়া। খুব কম বয়সতে মৃত্যু হ’লেও তেওঁ সমগ্ৰ ভাৰতীয়ৰ বাবে এজন উজ্জ্বল দীপ্ত সংগ্ৰামীৰ আভা হৈয়ে থাকি যাব। ৰামপ্ৰসাদ বিসমিলৰ আপোচ বিহীন স্থিতি আৰু অফুৰন্ত সাহসে সমগ্ৰ ভাৰতত ব্ৰিটিছ বিৰোধী আন্দোলনত এক নতুন গতি প্ৰদান কৰিছিল। ৰামপ্ৰসাদ বিসমিল হ’ল দেশ প্ৰেম, ত্যাগ আৰু সাহসৰ এক প্ৰতীক, তেওঁ এজন ব্যক্তি নহয় তেওঁ হ’ল এটা অনুষ্ঠান, যি প্ৰতিটো সময়তে দেশৰ বাবে হাঁহিমুখে কৰা আত্মবলিদানৰ কথা সোঁৱৰাই থাকে।

Also Read: জীৱনী: লালবাহাদুৰ শাস্ত্ৰী – স্বাধীন ভাৰতৰ দ্বিতীয় জন প্ৰধান মন্ত্ৰী | Lal Bahadur Shastri

FAQ

১) ৰামপ্ৰসাদ বিসমিলৰ জন্ম ক’ত হৈছিল?

উত্তৰ– ১৮৯৭ চনৰ ১১ জুন তাৰিখে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত জন্ম হৈছিল ৰামপ্ৰসাদ বিসমিলৰ।

২) ৰামপ্ৰসাদ বিসমিলৰ পিতৃ আৰু মাতৃৰ নাম কি?

উত্তৰ– ৰামপ্ৰসাদ বিসমিলৰ পিতৃৰ নাম হ’ল মুৰলিধৰ আৰু মাতৃৰ নাম হ’ল মুলমতী।

৩) ৰামপ্ৰসাদ বিসমিলৰ ছদ্ম কি?

উত্তৰ– ৰামপ্ৰসাদ বিসমিলৰ ছদ্ম নাম হ’ল – Ram আৰু Agyat. উল্লেখ্য যে এই ছদ্মনামেৰে উৰ্দু ভাষা আৰু হিন্দী ভাষাত শক্তিশালী দেশপ্ৰেমমূলক কবিতা ৰচনা কৰিছিল তেওঁ।

৪) ১৮ বছৰ বয়সত ৰামপ্ৰসাদ বিসমিলে ৰচনা কৰা কবিতাটোৰ নাম কি?

উত্তৰ– ১৮ বছৰ বয়সতে ৰামপ্ৰসাদ বিসমিলে ৰচনা কৰা কবিতাটোৰ নাম হ’ল ‘Mera Janm’। এই কবিতাটোৰ জৰিয়তে সাম্ৰাজ্যবাদী শক্তিৰ বিৰুদ্ধে নিজৰ ক্ষোভবোৰ প্ৰকাশ কৰিছিল ৰামপ্ৰসাদ বিসমিলে।

৫) ৰামপ্ৰসাদ বিসমিলৰ মৃত্যু কেনেকৈ হৈছিল?

উত্তৰ– ৰামপ্ৰসাদ বিসমিলক ব্ৰিটিছে ফাঁচীকাঠত ওলোমাই মৃত্যুদণ্ডেৰে দণ্ডিত কৰা হৈছিল। কাৰণ ১৯২৫ চনৰ ৯ আগষ্ট তাৰিখে জাৰ্মানীৰ পৰা অস্ত্ৰ সংগ্ৰহৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ লক্ষ্ণৌৰ ওচৰত ককোৰিত যাত্ৰীবাহী এখন ৰেল ৰখাই ৰেলৰ কৰ্মচাৰীক বশিভূত কৰি চৰকাৰী কোষাগাৰ লুন্ঠন কৰা হৈছিল ৰামপ্ৰসাদ বিসমিলৰ নেতৃত্বত।

৬) কিয় ৰামপ্ৰসাদ বিসমিলে মহাত্মা গান্ধীৰ আদৰ্শক বিৰোধিতা কৰিছিল?

উত্তৰ- মহাত্মা গান্ধীৰ অহিংসা নীতিৰ ওপৰত ৰামপ্ৰসাদ বিসমিল বিশ্বাসী নাছিল। তেওঁৰ ধাৰণা আছিল যে অহিংসাৰ জৰিয়তে স্বাধীনতা প্ৰাপ্ত কৰিব পৰা নাযায়। গতিকে বিসমিলে মহাত্মা গান্ধীৰ আদৰ্শক বিৰোধিতা কৰিছিল।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top