লালবাহাদুৰ শাস্ত্ৰী জীৱনী – স্বাধীন ভাৰতৰ দ্বিতীয় জন প্ৰধান মন্ত্ৰী | Lal Bahadur Shastri

লালবাহাদুৰ শাস্ত্ৰী | Lal Bahadur Shastri Essay in Assamese | Biography of Lal Bahadur Shastri in Assamese | লালবাহাদুৰ শাস্ত্ৰী বিষয়ে জীৱনী | লালবাহাদুৰ শাস্ত্ৰী বিষয়ে ৰচনা | লালবাহাদুৰ শাস্ত্ৰীৰ চমু পৰিচয়।

Join Telegram channel

লালবাহাদুৰ শাস্ত্ৰী (Lal Bahadur Shastri)  আছিল এজন অমায়িক আৰু অবিচলিত ব্যক্তিত্বৰ অধিকাৰী ব্যক্তি । সৰলতাক প্ৰতীক শাস্ত্ৰীয়ে প্ৰতি মুহুৰ্তত দেশৰ উন্নয়নৰ বাবে কাম কৰিছিল। জীৱনৰ প্ৰতিটো সমস্যাৰ লগত সাহসেৰে সন্মুখীন হোৱা শাস্ত্ৰীয়ে কেতিয়াবা নিজৰ সততা ত্যাগ কৰা নাছিল। নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অধিকাৰী তথা স্থিতপ্ৰজ্ঞতা গুণৰ বাবে  সকলোৰে মাজত প্ৰিয় লালবাহাদুৰ শাস্ত্ৰী আছিল স্বাধীন ভাৰতৰ দ্বিতীয় জন প্ৰধান মন্ত্ৰী

লালবাহাদুৰ শাস্ত্ৰী

লালবাহাদুৰ শাস্ত্ৰী জীৱনী | Lal Bahadur Shastri Biography

নামলালবাহাদুৰ শাস্ত্ৰী (Lal Bahadur Shastri[1])
জন্ম চন১৯০৪ চনৰ ২ অক্টোবৰ চন
জন্ম স্থানউত্তৰ প্ৰদেশৰ বাৰাণাসী জিলাৰ মোগলচৰাই গাঁও
পৰিয়ালপিতৃ: শাৰদা প্ৰসাদ শ্ৰীবাস্তৱ
মাতৃ: ৰাম দুলাৰী দেৱী
পত্নী: ললিতা দেৱী
শিক্ষা১) বাৰাণসীৰ হৰিশচন্দ্ৰ বিদ্যালয়
২) মহাত্মা গান্ধী কাশী বিদ্যাপীঠ, বাৰাণাসী    
বঁটাভাৰত ৰত্ন (১৯৬৬ চন)
মৃত্যু ১৯৬৬ চনৰ ১১ জানুৱাৰী

Also Read: জীৱনী: লালা লাজপত ৰায়- স্বাধীনতা সংগ্ৰামী  | Lala Lajpat Rai

লালবাহাদুৰ শাস্ত্ৰী প্ৰাৰম্ভিক জীৱন | Early Life of Lal Bahadur Shastri

১৯০৪ চনৰ ২ অক্টোবৰত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা সাত মাইল আঁতৰত মোগলচৰাই নামেৰে এটা সৰু অঞ্চলত লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল৷ শাস্ত্ৰীৰ পিতৃ কৰ্মসূত্ৰে এগৰাকী  শিক্ষক আছিল। কিন্তু শাস্ত্ৰীৰ ডেৰ বছৰ বয়সত তেওঁৰ পিতৃয়ে ইহলীলা সম্বৰণ কৰিছিল৷ পিতৃৰ মৃত্যুৰ পিছত তিনিটা সন্তানৰ সৈতে নানান প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ফলত মাতৃ ৰামদুলাৰী দেৱী নিজৰ পিতৃৰ গৃহলৈ গুচি গৈছিল। কঠোৰ ঘাত-প্ৰতিঘাতৰ মাজেৰে পাৰ হৈছিল লালবাহাদুৰ শাস্ত্ৰীৰ শৈশৱ। অভাৱ অনাটনৰ মাজত ডাঙৰ হোৱা লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰখৰ ৰ’দতো জোতা নোহোৱাকৈ বহুদূৰ খোজ কাঢ়ি বিদ্যালয়লৈ গৈছিল। আনকি নাৱেৰে পাৰ হ’বলৈ হাতত পইচাৰ নাটনি হোৱা বাবে নদী সাঁতুৰি পাৰ হৈও বিদ্যালয়লৈ গৈছিল লাল বাহাদুৰ শাস্ত্ৰী। তথাপিও তেওঁ জীৱন যুঁজত কেতিয়াও হাৰ মনা নাছিল।

আন্দোলনকাৰী হিচাপে লালবাহাদুৰ শাস্ত্ৰী | Lal Bahadur Shastri as a Freedomfighter

লালবাহাদুৰ শাস্ত্ৰী আছিল মহাত্মা গান্ধীৰ অহিংসা নীতিত বিশ্বাসী এজন ব্যক্তি। কেৱল অহিংসা নীতিয়ে নহয় তেওঁ মহাত্মা গান্ধীৰ “কঠোৰ পৰিশ্ৰম প্ৰাৰ্থনাৰ সমকক্ষ” এই কথাষাৰতো বিশ্বাস ৰখাৰ লগতে এই কথাষাৰ কৰ্মলৈ ৰূপান্তৰ কৰিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। ১৯২০ চনত মাত্ৰ ১৬ বছৰ বয়সতে লাল বাহাদুৰ শাস্ত্ৰীয়ে মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল। আন্দোলনত অংশগ্ৰহণ কৰি শাস্ত্ৰীয়ে কম বয়সতে কাৰাবাস খাটিব লগীয়া হৈছিল। অৱশ্যে কাৰাবন্দী জীৱন অতিবাহিত কৰাৰ ফলত লাল বাহাদুৰ শাস্ত্ৰী সংগ্ৰামৰ ক্ষেত্ৰখনত বহু পৰিমাণে অভিজ্ঞ হৈ উঠাৰ লগতে পৰিপক্কও হৈ উঠিছিল এইখিনি সময়ত।

গুৰুত্বপূৰ্ণ কথা যে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিভিন্ন প্ৰতিষ্ঠান গঠন কৰা হৈছিল। তাৰ ভিতৰত অন্যতম আছিল বাৰাণসীৰ কাশী বিদ্যাপীঠ। এই কাশী বিদ্যাপীঠত লাল বাহাদুৰ শাস্ত্ৰীয়ে পাঠদান গ্ৰহণ কৰিছিল। গুৰুত্বপূৰ্ণ কথা যে এই বিদ্যাপীঠে তেওঁক স্নাতক ডিগ্ৰী হিচাপে শাস্ত্ৰী উপাধি প্ৰদান কৰিছিল। জাতিভেদ প্ৰথা (Caste Practice) বিৰোধী লালবাহাদুৰ শাস্ত্ৰীয়ে তেতিয়া জন্মসূত্ৰে আহৰণ কৰা শ্ৰীবাস্তৱ উপাধিটো ত্যাগ কৰি  শাস্ত্ৰী উপাধিটোৰেই পৰৱৰ্তী সময়ত নিজৰ চিনাকি দিছিল।

জাতিভেদ প্ৰথাৰ লগতে লালবাহাদুৰ শাস্ত্ৰী যৌতুক প্ৰথাৰো বিৰোধী আছিল। ১৯২৭ চনত সম্পূৰ্ণ পৰম্পৰাগতভাৱে তেওঁৰ গৃহ চহৰৰ কাষৰ মিৰ্জাপুৰৰ ললিতা দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল৷ কিন্তু বিয়াৰ সময়ত শহুৰৰ ঘৰৰ পৰা কৰা বাৰ -বাৰ অনুৰোধ সত্বেও যৌতুক গ্ৰহণ কৰা নাছিল। অৱশ্যে পৰৱৰ্তী সময়ত শহুৰৰ ঘৰৰ অনুৰোধৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মাত্ৰ পাঁ‌চ য়াৰ্ড (১ য়াৰ্ড = ০.৯১৪ মিটাৰ) খদ্দৰ কাপোৰ গ্ৰহণ কৰিছিল।  

কৰ্মজীৱন | Professional Life

১৯৪৭ চনত ভাৰতবৰ্ষ স্বাধীনতাৰ পৰৱৰ্তী সময়ত কংগ্ৰেছ শাসনলৈ অহাৰ পিছত ভাৰতৰ স্বাধীনতা সংগ্ৰামত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা লালবাহাদুৰ শাস্ত্ৰীক তেওঁৰ গৃহ চহৰ উত্তৰ প্ৰদেশৰ সংসদীয় সচিব নিযুক্ত দিছিল। ১৯৫১ চনত লাল বাহাদুৰ শাস্ত্ৰী নতুন দিল্লীলৈ অহাৰ পিছত কেন্দ্ৰীয় কেবিনেটৰ বিভিন্ন পদ- ১৯৫২ চনত ৰে’ল, পৰিবহণ আৰু যোগাযোগ মন্ত্ৰী; ১৯৫৯ চনত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী; ১৯৬১ চনত গৃহ মন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।

অৱশ্যে কেৱল মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব পালন কৰাই নহয়, লাল বাহাদুৰ শাস্ত্ৰীয়ে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেও বিভিন্ন ধৰণৰ কাম হাতত লৈছিল। ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে বৃহৎ সফলতা লাভ কৰাৰ অন্তৰালত শাস্ত্ৰীৰ অৱদানো অপৰিসীম।

গুৰুত্বপূৰ্ণ কথা যে, শাস্ত্ৰীয়ে ৰেল মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত অন্ধ্ৰ প্ৰদেশৰ Mahbubnagar এক ৰে’ল দূৰ্ঘটনা সংঘটিত হৈছিল। এই দূৰ্ঘটনাত ১১২ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাইছিল। শাস্ত্ৰীয়ে এই সময়ত দূৰ্ঘটনাৰ সকলো দায়িত্ব স্বীকাৰ কৰি ৰে’ল মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল৷ লাল বাহাদুৰ শাস্ত্ৰীৰ এই পদত্যাগে দেশত সাংবিধানিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আদৰ্শ স্থাপন কৰিছিল৷

ৰেলমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ পিচত তেখেতৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰিছিল। সেই সময়ত সাধাৰণভাবে  পৰিয়ালটো চলাবলৈয়ো তেখেতৰ হাতত পইছা অভাৱ হৈছিল। এই সময়খিনিত কুলদীপ নায়াৰৰ পৰামৰ্শ মতে বাতৰি কাকতত প্ৰবন্ধ লিখি শাস্ত্ৰীয়ে কেইটামান উপাৰ্জন কৰি পৰিয়াল ভৰণ পোষণৰ দায়িত্ব পালন কৰিছিল।

Also Read: জীৱনী: মহাত্মা গান্ধী- জাতিৰ পিতা | Mahatma Gandhi

কীৰ্তিস্তম্ভ | Achievements

সদায় ৰাইজৰ হকে কাম কৰাৰ মনোবৃত্তি পুহি ৰখা শাস্ত্ৰীয়ে ভাৰতৰ গৃহমন্ত্ৰী হৈ থকা সময় দুৰ্নীতি নিবাৰণৰ বাবে পোন প্ৰথমবাৰৰ বাবে K. Santhanam ক সভাপতি হিচাপে নিযুক্তি দি দুৰ্নীতি নিবাৰক কমিটি‘ (Committee on Prevention of Corruption) গঠন কৰিছিল ১৯৬৪ চনত। 

ইতিবাচক কথা যে, ভাৰতৰ পৰিবহন মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা সময়ত লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰথম পৰিবহন বিভাগত মহিলা দ্ৰাইভাৰ আৰু মহিলা কণ্ডাক্টৰ নিয়োগ কৰাৰ পৰম্পৰাৰ সূচনা কৰিছিল। 

জনতাক ছত্ৰ-ভংগ দিয়াবলৈ পুলিচে  পূৰ্ৱৰে পৰা  প্ৰচলন হৈ থকা লাঠী-চাৰ্জ বন্ধ কৰি পানীৰ জেট (Water Jet) ব্যৱহাৰ  কৰাৰ পদ্ধতি প্ৰৱৰ্তন কৰিছিল লালবাহাদুৰ শাস্ত্ৰীয়ে। 

জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ১৯৬৪ চনৰ মে’ মাহত লাল বাহাদুৰ শাস্ত্ৰীয়ে স্বাধীন ভাৰতৰ দ্বিতীয় জন প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল।

ভাৰতৰ বাবে প্ৰত্যাহ্বানমূলক এক সময়তে লালবাহাদুৰ শাস্ত্ৰীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব হৈছিল। ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰাৰ ফলত  অৰ্থনৈতিক ভাবে ভাৰত জুৰুলা হৈ আছিল। ইয়াৰ উপৰিও  নিবনুৱা, খাদ্যৰ অনাটনকে আদি কৰি বিভিন্ন ধৰণৰ সমস্যাই ভাৰতক আগুৰি আছিল। 

প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই ১৯৬৫ চনত পাকিস্তানে ভাৰত আক্ৰমণ কৰিছিল। কিন্তু সেই সময়ত শাস্ত্ৰীয়ে সেই পৰিস্থিতিৰ মোকাবিলা কৰিছিল। তেখেতে সেই সময়ত পাকিস্তানৰ বিপক্ষে এখন পূৰ্ণ-পৰ্যায়ৰ যুদ্ধত অৱতীৰ্ণ হোৱাৰ সাহস কৰিছিল আৰু তেতিয়াই ভাৰতৰ বায়ু সেনা আৰু স্থলসেনাৰ বিচক্ষনতা প্ৰথমবাৰলৈ সকলোৱে সন্মুখলৈ আহিছিল। আৰু এই যুদ্ধত ভাৰত জয়ী হৈছিল। গুৰুত্বপূৰ্ণ কথা যে, ১৯৬৫ চনৰ ভাৰত পাকিস্তান যুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পিছত ১৯৬৬ চনৰ ১০ জানুৱাৰীত  ভাৰত-পাকিস্তানৰ মাজৰ শান্তি চুক্তি টাচকেণ্ট চুক্তি’ স্বাক্ষৰিত হৈছিল। ১৯৬৫ চনত  ভাৰত-পাকিস্তানৰ যুদ্ধৰ সময়ত শাস্ত্ৰীয়ে জয় জোৱান জয় কিষাণ শ্লোগানেৰে সকলোকে উদ্বুদ্ধ কৰিছিল।

লাল বাহাদুৰ শাস্ত্ৰীৰ পৰিকল্পনা আছিল বিশ্বৰ দুই শক্তিশালী দেশ আমেৰিকা আৰু পূৰ্বৰ ছোভিয়েট ৰাছিয়াৰ বশতীয়া নোহোৱাকৈ ভাৰতবৰ্ষক এখন সম্পূৰ্ণ স্বাধীন গণতান্ত্ৰিক দেশ হিচাপে সমগ্ৰ বিশ্বৰ আগত আত্মনিৰ্ভৰশীল ভাৰতবৰ্ষ হিচাপে প্ৰতিষ্ঠা কৰাৰ। শাস্ত্ৰীয়ে ভাৰতৰ আণৱিক শক্তি শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। উল্লেখযোগ্য কথা যে, তেওঁৰ শাসনকালত আণৱিক শক্তি সম্পৰ্কীয় সকলো পৰীক্ষণ-নিৰীক্ষণৰ দায়িত্ব দিছিল নিউক্লীয়েৰ ফিজিচিষ্ট পদ্মভূষণ হোমি জাহাংগীৰ ভাবাক৷  

ভাৰতত শ্বেত বিপ্লৱ আৰু সেউজ বিপ্লৱৰ সূচনা কৰাৰ ক্ষেত্ৰতো লালবাহাদুৰ শাস্ত্ৰীৰ অৱদান আছিল চিৰস্মৰণীয় ৷ কেৱল ১৯ মাহৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্বত থাকি শাস্ত্ৰীয়ে সমগ্ৰ দেশত এক শক্তিশালী নেতৃত্ব প্ৰদান কৰাত সফল হৈছিল।

গুৰুত্বপূৰ্ণ কথা যে প্ৰধানমন্ত্ৰী হৈ থকা সময়চোৱাতো তেখেতৰ ব্যক্তিগত কোনো বাহন নাছিল। পৰিয়ালৰ বাৰম্বাৰ অনুৰোধৰ বাবেহে দৰমহাৰ সঞ্চিত সাতহাজাৰ টকাৰ লগত পাঞ্জাৱ নেচনেল বেংকৰ ঋণ যোগ কৰি এখন ফিয়েট কাৰ লৈছিল। মৃত্যুৰ সময়লৈকে তেখেতৰ গাড়ীখন ঋণ পৰিশোধ কৰি আছিল আৰু তেখেতৰ মৃত্যুৰ পিছৰ পেঞ্চনৰ টকাৰেই অলপ অলপকৈ শাস্ত্ৰীৰ পত্নীয়ে বাকী থকা বেংকৰ ঋণখিনি সম্পূৰ্ণকৈ পৰিশোধ কৰিছিল।

মৃত্যু | Death

দেশক আগবঢ়াই নিয়াৰ মনোভাৱেৰে প্ৰতিটো সময়ত উৰ্চগিত মনোভাৱেৰে কাম কৰা লালবাহাদুৰ শাস্ত্ৰীয়ে ৰহস্যজনকভাৱে ইহলীলা সম্বৰণ কৰিছিল ভাৰত-পাকিস্তানৰ মাজৰ শান্তি চুক্তি ‘টাচকেণ্ট চুক্তি’ স্বাক্ষৰিত হোৱা মাজনিশা অৰ্থাৎ ১১ জানুৱাৰী তাৰিখে। লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত তেওঁৰ পত্নী ললিতা শাস্ত্ৰীয়ে হত্যাৰ অভিযোগ উত্থাপিত কৰিছিল যদিও এই মৃত্যুৰ ৰহস্য আজিও উদ্ঘাটন নহ’ল। এই মৃত্যু এক ৰহস্য হৈয়েই থাকি গ’ল৷

অন্যহাতে লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ তেৰ দিনৰ পিছতেই অৰ্থাৎ ২৪ জানুৱাৰীত ১৯৬৬ চনত এয়াৰ ইণ্ডিয়াৰ এখন বিমানত জেনেভালৈ গৈ থকা অৱস্থাত হোমি জাহাংগীৰ ভাবাৰ বিমানখন হঠাতে আকাশমাৰ্গত বিস্ফোৰণ হোৱাৰ ফলত হোমি জাহাংগীৰ ভাবাই মৃত্যুক সাৱটি ‌লৈছিল। ভাৰতবৰ্ষৰ আণৱিক আঁছনি নেতৃত্ব দিয়া জাহাংগীৰ ভাবাৰ মৃত্যুও এক সুপৰিকল্পিত হত্যাকাণ্ড বুলি সেই সময়ত অভিযোগ উত্থাপিত হৈছিল৷ ইয়াৰ ওপৰিও শাস্ত্ৰীৰ মৃত্যুৰ কিছুদিন পিছতে তেওঁৰ ব্যক্তিগত চিকিৎসক ডাঃ আৰ এন ছোগ আৰু ৰান্ধনি ৰামনাথৰো গাড়ী দূৰ্ঘটনাত পতিত হৈ পৃথকে পৃথকে মৃত্যু বৰণ কৰিছিল৷ 

সততা আৰু নম্ৰতাৰ প্ৰতীক লালবাহাদুৰ শাস্ত্ৰীক মৰণোত্তৰভাৱে ১৯৬৬ চনত ভাৰত ৰত্ন প্ৰদান কৰা হয়। আৰু দিল্লীত শাস্ত্ৰীৰ সোঁৱৰণত “বিজয় ঘাট” নিৰ্মাণ কৰা হৈছিল। ইয়াৰ ওপৰিও তেখেতৰ স্মৃতিত লাল বাহাদুৰ শাস্ত্ৰী নেচনেল একাডেমী অফ এডমিনিষ্ট্ৰেচন (মুছৰি, উত্তৰাখণ্ড)-কে ধৰি কেইবাটাও শিক্ষা প্ৰতিষ্ঠানকে আদি কৰি আন বহুকেইটা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে।

Also Read: জীৱনী: কুমাৰ ভাস্কৰ বৰ্মন- শেষৰজন বৰ্মন ৰজা | Kumar Bhaskar Varman

সামৰণি | Conclusion

ভাৰতবৰ্ষৰ জাতীয় জীৱনৰ প্ৰেক্ষাপটত লালবাহাদুৰ শাস্ত্ৰীৰ প্ৰাসংগিকতা আজিও বিদ্যমান। ত্ৰিশ বছৰতকৈও অধিক সময় সমাজৰ বাবে নিষ্ঠা সহকাৰে কাম কৰিছিল লালবাহাদুৰ শাস্ত্ৰীয়ে। বিনম্ৰ আৰু মৃদুভাষী নেতা গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ দায়িত্ব হাতত লৈ সমগ্ৰ ভাৰতক শক্তিশালী নেতৃত্ব প্ৰদান কৰিছিল ৷ তেখেতৰ সততা, সৰলতা, সাধুতা, সৎসাহস, বিচক্ষণতা আদি সকলোবোৰ গুণ বৰ্তমান সময়ত অতিকৈ প্ৰাসংগিক। অতি কম সময়ৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব পালন কৰি বহু কেইটা নতুন পদক্ষেপৰ জৰিয়তে তেওঁ সমাজত এক নতুন দিগন্তৰ সূচনা কৰিছিল। বৰ্তমান সময়ত যি ৰাজনৈতিক ক্ষেত্ৰখনত মূল্যবোধৰ অৱক্ষয়ৰ সূচনা হৈছে, ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে তেনে এখন সমাজত স্বাধীনোত্তৰ ভাৰতক এক নতুন ৰূপ যত্ন কৰা শাস্ত্ৰীৰ দৰে সবল ব্যক্তিত্বৰ অধিকাৰী ব্যক্তিক অনুকৰণ কৰাটো প্ৰয়োজন হৈ পৰিছে। তেখেত হ’ল এটা আদৰ্শৰ প্ৰতীক।

Also Read: জীৱনী: সুভাষচন্দ্ৰ বসু- নেতাজী | Subhas Chandra Bose

FAQ

১) লালবাহাদুৰ শাস্ত্ৰী কোন আছিল?

উঃ- নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অধিকাৰী তথা স্থিতপ্ৰজ্ঞতা গুণৰ বাবে  সকলোৰে মাজত প্ৰিয় লালবাহাদুৰ শাস্ত্ৰী আছিল স্বাধীন ভাৰতৰ দ্বিতীয় জন প্ৰধান মন্ত্ৰী।

২) লালবাহাদুৰ শাস্ত্ৰীৰ জন্ম কেতিয়া হৈছিল?

উঃ- ১৯০৪ চনৰ ২ অক্টোবৰত।

৩) লালবাহাদুৰ শাস্ত্ৰীক ভাৰত ৰত্ন কেতিয়া আগবঢ়োৱা হৈছিল? 

উঃ- ১৯৬৬ চনত।

৪) ‘জয় জোৱান জয় কিষাণ’  শ্লোগানটো কাৰ?

উঃ-  লালবাহাদুৰ শাস্ত্ৰীৰ।

৫) লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু কেতিয়া হৈছিল?

উঃ- ১৯৬৬ চনৰ ১১ জানুৱাৰীত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top