Psychological Foundations Of Education Unit 4 ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য

Psychological Foundations Of Education Unit 4 ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Psychological Foundations Of Education Unit 4 ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Psychological Foundations Of Education Unit 4 ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য Question Answer can be of great value to excel in the examination.

Psychological Foundations Of Education Unit 4 ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য

Join Telegram channel

Psychological Foundations Of Education Unit 4 ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য Notes cover all the exercise questions in UGC Syllabus. The Psychological Foundations Of Education Unit 4 ব্যক্তিত্ব আৰু মানসিক স্বাস্থ্য in India provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Personality And Mental Health

EDUCATION

PSYCHOLOGICAL FOUNDATIONS OF EDUCATION

শিক্ষা মনোবিজ্ঞানৰ ভিত্তি

1. ব্যক্তিত্ব মানে কি? What is personality?

Ans:- ব্যক্তিত্বৰ ইংৰাজী ‘Personality’ শব্দটো লেটিন ভাষাৰ ‘Persona’ শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ হৈছে পুৰণি গ্রীক নাটকৰ অভিনেতাসকলে চৰিত্ৰ ৰূপায়ণ কৰিবৰ বাবে প্ৰয়োগ কৰা ‘মুখা’ বা ‘musk’৷ এজন মানুহৰ শৰীৰৰ গঠন, আচৰণৰ প্রকৃতি, বিভিন্ন দিশত থকা প্রবণতা, আগ্রহ, মনোভাব, বৌদ্ধিক সামৰ্থ আদি লক্ষণসমূহৰ একগোট হোৱা ধাৰণাটোৱেই হ’ল ব্যক্তিত্ব।

2. ব্যক্তিত্বৰ যিকোনো তিনিটা সংজ্ঞা লিখা? Write any three definition of personality.

Ans:- (ক) বিখ্যাত মনোবিদ গর্ডন আলপৰ্টে তেওঁৰ গ্ৰন্থ personality: A Psychological ত ব্যক্তিত্বৰ সংজ্ঞা দি কয়, “ব্যক্তিৰ অন্তনির্হিত দেহ-মানসিক প্ৰক্ৰিয়াৰ লগত তেওঁৰ পৰিৱেশৰ অভিনৱ ৰূপত হোৱা সমাযোজন গতিশীল সংগঠনেই হৈছে ব্যক্তিত্ব।”

(খ) মৰ্টন প্রিন্সৰ The Unconscious গ্ৰন্থখনৰ মতে, “ব্যক্তিত্ব হৈছে ব্যক্তিৰ অন্তনিৰ্হিত জৈৱিক প্ৰৱণতা, তাড়না, ক্ষুধা আৰু প্ৰবৃত্তি আদি আৰু অভিজ্ঞতাৰ দ্বাৰা আয়ত্ত কৰা প্ৰৱণতাবোৰৰ সমষ্টি।”

(গ) এ.এ. ৰবেকৰ মতে, “ব্যক্তিত্ব হৈছে এজন ব্যক্তিৰ আটাইবিলাক প্রজ্ঞানাত্মক, ভাবাত্মক আৰু ক্ৰিয়াত্মক আৰু দৈহিক বৈশিষ্ট্যসমূহৰ এনে এক সংহতিত সংগঠন যি আনৰ আগত অতি স্পষ্ট আকৃতিত প্রকাশ পায়।”

3. ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহ কি কি? What are the characteristics of personality?

Ans:- (ক) ব্যক্তিত্ব হৈছে দৈহিক আৰু মানসিক দুয়োপ্ৰকাৰৰ গুণেৰে তৈয়াৰী এক সুকীয়া সত্তা।

(খ) ব্যক্তিয়ে নিজ পৰিৱেশৰ লগত সমাযোজনৰ পৰিণতিয়েই ব্যক্তিত্ব।

(গ) ব্যক্তিত্ব গতিশীলহে, স্থিৰ বা অপৰিৱৰ্তনীয় নহয়।

(ঘ) ব্যক্তিৰ দেহ-মানসিক গুণসমূহৰ বিকাশৰ প্ৰতি থকা এক আত্ম-সচেতনকাৰী মনোভাৱেই হৈছে ব্যক্তিত্ব।

(ঙ) সামাজিক পৰিৱেশ তথা সমাজৰ ৰীতি-নীতি, আচাৰব্যৱহাৰ আৰু ভাৱ-আদৰ্শই ব্যক্তিসত্তাৰ বিকাশ বা ব্যক্তিত্ব গঢ়ি তোলাত সহায় কৰে।

(চ) ব্যক্তিৰ দেহ-মানসিক সংলক্ষণবোৰৰ এক সু-সংগঠিত আৰু সু-সমন্বিত অৱস্থাকে ব্যক্তিত্ব বুলি কোৱা হয়।

(ছ) প্ৰতিজন লোকৰে ব্যক্তিত্বত নতুনত্ব আৰু স্বকীয় বৈশিষ্ট্য থাকে। সেয়ে এজনৰ ব্যক্তিত্বৰ লগত আন এজনৰ বিশেষ কোনো সাদৃশ্য নাথাকে।

(জ) ব্যক্তিত্বই এটা বিশেষ আচৰণক নুবুজায়, ই সেই আচৰণৰ অন্তৰালত থকা জৈৱ-মানসিক সংগঠনক বুজায়।

(ঝ) ব্যক্তিয়ে বিভিন্ন পৰিস্থিতিত প্ৰদৰ্শন কৰা বহিঃ আচৰণৰ যোগেদি তেওঁৰ ব্যক্তিত্বই প্রকাশ লাভ কৰে।

(ঞ) এজন লোকৰ ব্যক্তিত্ব গঠনত আনুভূতিক দিশৰ প্ৰভাৱ প্রজ্ঞানাত্মক দিশতকৈ অধিক স্পষ্ট।

(ট) ব্যক্তিৰ ব্যক্তিত্বৰ যি সমাজ আৰু সংস্কৃতিৰ মাজত তেওঁ বসবাস কৰে তাৰ প্ৰভাৱ বিদ্যমান।

4. মানসিক স্বাস্থ্যবিধিৰ অৰ্থ কি? What is Meaning of Mental Hygiene?

Ans:- প্রত্যেক ব্যক্তিয়েই জীৱনত নিজৰ নিজৰ শৰীৰ আৰু মন — এই দুয়োটা যিমান পাৰি সিমান সুন্দৰ অৱস্থাত ৰাখিবলৈ যত্নপৰ হোৱা উচিত। শৰীৰৰ যেনেকৈ স্বাস্থ্য আছে, ঠিক তেনেকৈ মনৰো স্বাস্থ্য আছে। বিভিন্ন কাৰণত শৰীৰৰ যেনেকৈ স্বাস্থ্য হানি হ’ব পাৰে ঠিক তেনেকৈ বিকাশৰ বাবে উপযুক্ত বাতাবৰণ নাপালে মনৰো স্বাস্থ্য হানি হ’ব পাৰে। শাৰীৰিক স্বাস্থ্যৰক্ষাৰ নিয়ম-কানুনৰ দৰে মানসিক স্বাস্থ্যৰক্ষাৰ বাবেও নিয়ম-কানুনৰ ব্যৱস্থা আছে। মানসিক স্বাস্থ্য হানি হ’লে তাৰ চিনাক্তকৰণ আৰু চিকিৎসাৰো ব্যৱস্থা আছে।

প্ৰতিষেধকমূলক ব্যৱস্থা আৰু শীঘ্ৰ চিকিৎসাৰ জৰিয়তে মানসিক ৰোগ হ্ৰাস কৰিবলৈ আৰু মানসিক স্বাস্থ্যৰ উন্নতি সাধন কৰিবলৈ হাততে লোৱা ব্যৱস্থাসমূহেই হ’ল মানসিক স্বাস্থ্যবিধি বা স্বাস্থ্যবিজ্ঞান।

[Mental hygiene consists of the measures that are adopted to reduce the incidence of mental illness through prevention and early treatment and to promote mental health.]

ওপৰত দিয়া এনে ধৰণৰ সংজ্ঞাৰপৰা এই কথা সহজে উপলব্ধি কৰিব পাৰি যে মানসিক স্বাস্থ্যবিজ্ঞান দৰাচলতে মনোবিজ্ঞানৰ এটা উপভাগ নহয়, ই মূলতঃ মানুহৰ মানসিক স্বাস্থ্যৰ উন্নতি কল্পে কৰা এটা আন্দোলনহে। এই আন্দোলনত মনোবিজ্ঞানৰ, বিশেষকৈ অসুস্থ মনোবিজ্ঞানৰ, বহুতো তথ্যপাতি উপযুক্তভাৱে প্ৰয়োগ কৰিবৰ বাবে সূক্ষ্মভাৱে চালি-জাৰি চাবলগীয়া হয়।

5. মানসিক স্বাস্থাবিজ্ঞানৰ লক্ষ্য কি কি? What are the Objectives or aims of Mental Hygiene?

Ans:- মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল লক্ষ্য তিনিটা —

(ক) সংৰক্ষণমূলক [Conservative]

(খ) প্ৰতিৰোধমূলক [Preventive]

(গ) প্ৰতিকাৰমূলক [Curative]

স্বাভাৱিক পৰিবেশত ডাঙৰ-দীঘল হ’বলৈ সুবিধা পালে অধিকাংশ শিশুৰেই স্বাভাৱিকভাৱে বিকাশ সাধন হয়। কিন্তু যেতিয়াই শিশুৰ পৰিৱেশত অস্বাভাৱিক শক্তিয়ে ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে তেতিয়াই শিশুৰ আচৰণত অস্বাভাৱিকতাই দেখা দিয়ে। শিশুৰ সহজাত মানসিক সংগঠনত যাতে কেনা লাগিব নোৱাৰে, প্রতিকূল পৰিৱেশৰ হেঁচাত যাতে শিশুৰ স্বাভাৱিক আচৰণ বিকৃত হ’ব নোৱাৰে তাৰ প্ৰতি চকু ৰখাই হ’ল মানসিক স্বাস্থ্যবিজ্ঞানৰ প্রথম কাম । ঘৰ, বিদ্যালয়, খেলপথাৰ তথা শিশুৰ পৰিবেশৰ বিভিন্ন শক্তিসমূহ শিশুৰ বৰ্দ্ধনৰ বাবে অনুকূল কৰি ৰখাই হ’ল মানসিক স্বাস্থ্যবিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যসূচীৰ প্ৰধান দিশ।

সংৰক্ষণমূলক কাৰ্যসূচীত শিশুৰ ব্যক্তিগত সমস্যা বা চাহিদাৰ প্রতি মনোযোগ দিয়া নহয়, মনোযোগ দিয়া হয় মানসিক স্বাস্থ্যৰক্ষাৰ বাবে প্রয়োজনীয় নীতি-নিয়মবিলাক সামূহিক উপকাৰৰ বাবে পালন কৰাতহে। আনহাতে, প্ৰতিৰোধমূলক ব্যৱস্থাত ব্যক্তিৰ নিজস্ব সমস্যা, চাহিদা, বৈশিষ্ট্যসমূহৰ প্ৰতি বিশেষ চকু ৰখা হয় আৰু সেইবিলাক সামূহিক উপকাৰৰ বাবে পালন কৰাতহে। আনহাতে, প্ৰতিৰোধমূলক ব্যৱস্থাত ব্যক্তিৰ নিজস্ব সমস্যা, চাহিদা, বৈশিষ্ট্যসমূহৰ প্ৰতি বিশেষ চকু ৰখা হয় আৰু সেইবিলাক বিবেচনাৰ ওপৰত ভিত্তি কৰিহে কাৰ্যসূচী অৱলম্বন কৰা হয়। বিশেষকৈ যি সকল ব্যক্তিৰ মানসিক স্বাস্থ্যহানি হোৱাৰ উপক্ৰম হৈছে সেইসকলৰ মানসিক স্বাস্থ্যহানি হ’বলৈ নিদিয়াকৈ ৰখাটোৱেই প্ৰতিৰোধমূলক ব্যৱস্থাৰ ঘাই উদ্দেশ্য।

উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থাৰ অভাৱ হ’লে বহুত শিশুৰে মানসিক সংগঠনত বিজুতি ঘটিব পাৰে আৰু তেওঁলোকৰ মানসিক স্বাস্থ্যহানি হ’ব পাৰে। তেনে ক্ষেত্ৰত তেওঁলোকৰ কাৰণে প্ৰতিকাৰমূলক ব্যৱস্থা লোৱা অতি প্রয়োজন। প্রথম অৱস্থাত হয়তো শিক্ষকে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি নিজেই কিছু প্ৰতিকাৰমূলক ব্যৱস্থা ল’ব পাৰে। কিন্তু যদি দেখা যায় যে শিক্ষাৰ্থীৰ মানসিক ব্যাধি কিছু জটিল প্ৰকৃতিৰ, তেন্তে শিক্ষকে অবিলম্বে বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰি উন্নত আৰু বিশেষধর্মী চিকিৎসাৰ ব্যৱস্থা কৰা প্ৰয়োজন।

মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ মানে সমাজত ই কি সেৱা আগবঢ়াব পাৰে, কি কাৰ্যসূচী হাতত ল’ব পাৰে? ৰাইজৰ মানসিক স্বাস্থ্য উন্নত কৰিবলৈ হ’লে আৰু মানসিক স্বাস্থ্যহানি ৰোধ কৰিবলৈ হ’লে যি সুস্থ কাৰ্যসূচী প্রয়োজন হ’ব সেই কাৰ্যসূচীৰ প্ৰধান দিশ হ’ল তিনিটা—

(ক) বহল ভিত্তিত সৰ্বজনীন শিক্ষাৰ ব্যৱস্থা কৰা। [Wide ranging efforts at public education]

(খ) মানসিক বিভ্ৰাট ধৰা পেলোৱা আৰু তাৰ চিকিৎসা কৰা। (Recognition of mental disturbance and their treatment)

(গ) সৃজনীমূলক আত্ম-বিকাশৰ বাবে সা-সুবিধা বৃদ্ধি কৰা।

[Promotion of facilities for creative self-expression]

তলত এই তিনিটা দিশ আলোচন কৰা হৈছে-

(ক) সার্বজনীন শিক্ষা : মানসিক স্বাস্থ্য উন্নতিৰ হকে হাতত লোৱা শিক্ষা আঁচনিৰ বহল ভাগ হ’ব দুটা : প্ৰথম হ’ল মানুহৰ মাজত মানসিক বিকাৰ সম্বন্ধে বহুতো সংস্কাৰ আঁতৰ কৰা আৰু দ্বিতীয় হ’ল ঘৰ, বিদ্যালয়, ৰাজহুৱা অনুষ্ঠান, উদ্যোগ-প্রতিষ্ঠান, জন-সংযোগৰ মাধ্যম আদিৰ জৰিয়তে ৰাইজৰ মাজত মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতি-নিয়মসমূহ প্ৰচলন কৰিবলৈ চেষ্টা কৰা।

সাধাৰণ মানুহৰ মাজত মানসিক বিকাৰ বা অসুস্থতা সম্বন্ধে থকা ভুল ধাৰণাবিলাক এনেধৰণৰ—

১। মানসিক অসুস্থতা আনুবংশিক। [Mental illness is inherited]

২। মানসিক অসুস্থতা দূৰাৰোগ্য। [Mental illness is incurable]

৩। মানসিক অসুস্থতাই কোনো জাননী নিদিয়াকৈ আক্রমণ কৰে। [Mental illness attacks without warning]

৪। মানসিক অসুস্থতা এক দুৰ্ণাম আৰু নিন্দনীয় [Mental illness is a disgrace]

৫। মানসিক অসুস্থতা এটা মাত্ৰ বেমাৰ [Mental illness is a single disease]

৬। মানসিক অসুস্থতাৰ হেতু হ’ল কাম প্ৰবৃত্তি [Sex is the cause of mental illness]

আধুনিক মনোবিদ আৰু ৰোগ চিকিৎসকসকলে গৱেষণা কৰি দেখিবলৈ পাইছে যে ওপৰত উল্লেখ কৰা এই ধাৰণাসমূহ ভিত্তিহীনঃ গতিকে মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্যসূচীয়ে মানুহৰ মাজত যুগ যুগ ধৰি চলি অহা এনেবিলাক ভুল ধাৰণা আঁতৰাব লাগিব, কাৰণ এইবিলাকে মানসিক বিকাৰ ধৰা পেলোৱাত আৰু চিকিৎসা কৰাৰ ক্ষেত্ৰত ভীষণ বাধার সৃষ্টি কৰিব পাৰে।

ল’ৰা-ছোৱালী নিজ নিজ পৰিয়ালত থাকি ডাঙৰ-দীঘল হয়। পিতৃ-মাতৃৰ লগত তেওঁলোকৰ সম্বন্ধ মধুৰ হ’লে আৰু পৰিয়ালৰ পৰিৱেশ সকলো ফালৰপৰা স্বাস্থ্যবিজ্ঞানসন্মত হ’লে সেই পৰিয়ালত ল’ৰা-ছোৱালীৰ বাক্তিত্ব স্বাস্থ্যৱান হৈ গঢ়ি উঠে। পৰিয়ালতেই তেওঁলোকে এজন স্বকীয় ব্যক্তি হিচাপে নিজৰ মূল্য বুজিবলৈ সুবিধা পায় আৰু আগলৈ বহল পৃথিৱীখনৰ সন্মুখীন হ’বৰ বেলিকা প্রয়োজন হোৱা মনোভাৱ, দৃষ্টিভংগী আদি তেওঁলোকে সৰুতেই পৰিয়ালৰ পৰা আয়ত্ত কৰে। সেইবাবে পৰিয়ালে, বিশেষকৈ পিতৃ মাতৃয়ে চকু দিয়া উচিত যাতে ল’ৰা-ছোৱালীয়ে ডাঙৰ হ’বলৈ এটা সুস্থ বাতাবৰণ পাব পাৰে, তেওঁলোকে যাতে সকলো সময়তে মৰম চেনেহ, সুৰক্ষা আৰু আত্ম-প্ৰত্যয় অনুভৱ কৰিব পাৰে। ল’ৰা-ছোৱালীৰ এনেবিলাক চাহিদা আৰু এই চাহিদাসমূহ পূৰণ কৰাৰ নীতি-নিয়ম সম্বন্ধে পৰিয়ালক অৱগত কৰোৱাব পৰাকৈ স্বাস্থ্যবিজ্ঞানে উপযুক্ত কাৰ্যসূচী হাতত লোৱা প্ৰয়োজন।

(খ) মানসিক বিভ্ৰাটৰ চিনাক্তকৰণ আৰু চিকিৎসা

মানসিক অসুস্থতা এটা মাত্ৰ বেমাৰ নহয়। ই বহুত সৰু-সুৰা সমস্যাৰ এক সামগ্ৰিক ৰূপ। দ্বিতীয়তে, মানসিক অসুস্থতাই কোনো জাননি নিদিয়াকৈ হঠাতে আক্রমণ নকৰে; ই লাহে লাহে আৰম্ভ হয় আৰু বৃদ্ধি পায়। মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্যসূচীয়ে মানসিক অসুস্থতা ধৰা পেলাবৰ বাবে আৰু তাৰ আশু চিকিৎসাৰ বাবে চেষ্টা কৰা দৰকাৰ।

আমি সকলোৱে জানো যে গুৰুতৰ শাৰীৰিক অসুখ হঠাতে আহি নপৰে; প্ৰথম অৱস্থাত জ্বৰ, কাহ, পানীলগা, মূৰ-কামোৰণি আদি লক্ষণে দেখা দিয়ে। এই লক্ষণ বিলাকৰ প্ৰতি সময়তে সঁহাৰি নজনালে তলে তলে আচল ডাঙৰ বেমাৰটোৱে অবাধে আগ বাঢ়িবলৈ সুবিধা পায়। মানসিক অসুস্থতাৰ ক্ষেত্ৰতো একেই কথা প্রযোজ্য । মানসিক অসুস্থতাৰ প্ৰথম অৱস্থাৰ ‘লক্ষণবিলাক এনে ধৰণৰ হ’ব পাৰেঃ অলপতে খং উঠা, টোপনি নহা, ভোক নলগাঁ, নিজৰ স্বাস্থ্য সম্বন্ধে অযথা চিন্তা হোৱা, কোনো কাৰণ নোহোৱাকৈ কিছুমান শাৰীৰিক অক্ষমতাই দেখা দিয়া, সামান্য কথাতে অত্যধিক প্রতিক্রিয়া দেখুওৱা, ভিত্তিহীনভাৱে সন্দেহী হোৱা, ইত্যাদি। দেখা দিওঁতেই এইবিলাক লক্ষণৰ প্ৰতি সচেতন হৈ উপযুক্ত প্ৰতিৰোধমূলক ব্যৱস্থা হাতত ল’লে ব্যক্তিক পাছলৈ গুৰুতৰ মানসিক অসুস্থতাৰ ভুক্তভোগী হোৱাৰপৰা ৰক্ষা কৰিব পাৰি।

মানসিক অসুস্থতাত ভোগা ব্যক্তিক চিনাক্তকৰণ কৰি মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্যসূচীয়ে উপযুক্ত চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিব পাৰে। অসুস্থতাৰ মাত্ৰা কম হ’লে আৰু ইয়াৰ প্ৰকৃতি তুলনামূলকভাৱে সৰল হ’লে, শৈক্ষিক, বৃত্তিমূলক আৰু বৈবাহিক ক্ষেত্ৰত লিপ্ত থকা উপদেশদাতা সকলেই প্রয়োজনীয় চিকিৎসা দিব পাৰে। কিন্তু অসুস্থতাৰ প্ৰকৃতি আৰু মাত্ৰা জটিল হ’লে সেইসকল ব্যক্তিক দক্ষ মনোৰোগ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰোৱা নিতান্ত প্রযোজন।

(গ) ৰাইজৰ মাজত সা-সুবিধা বৃদ্ধিকৰণ

আধুনিক জগতৰ ব্যক্তিৰ হাতত অৱসৰ সময় বহুত। কিন্তু এই অৱসৰ সময়ৰ সু-ব্যৱহাৰ নাজানিলে ব্যক্তিৰ বাবে ই এক ডাঙৰ অভিশাপ স্বৰূপ হৈ উঠিব পাৰে। বৰ্তমান যুগত দেখা যায় যে বহুত লোকেই টেলিভিশ্বন আৰু চিনেমা চাই অৱসৰ সময় কটায়। কিন্তু এইবিলাক হ’ল নিষ্ক্রিয় চিত্তবিনোদন; মানসিক স্বাস্থ্যৰক্ষাৰ বাবে প্রয়োজন সক্রিয় চিত্তবিনোদনৰ। দুর্ভাগ্যৰ কথা এইটোৱেই যে প্ৰত্যেকটো পৰিয়ালে নিজে অকলে তেওঁলোকৰ বাঢ়ি অহা ল’ৰাছোৱালীৰ বাবে খেলা-ধূলা, গান-বাজনা, শাৰীৰিক ব্যায়াম, সাহিত্য চর্চা আদি কাৰ্যসূচী হাতত ল’ব নোৱাৰে। সেইবাবে মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য্যসূচীয়ে প্ৰতি চুবুৰীতে আৰু বিদ্যালয়তে এনেবিলাক কাৰ্যৰ সা-সুবিধা গঢ়ি তুলিবলৈ চেষ্টা কৰা প্ৰয়োজন৷

6. মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ লিখা? Write about the scope of mental hygiene.

Ans:- মানসিক স্বাস্থ্য-বিজ্ঞানৰ পৰিসৰ অতি বহল ধৰণৰ। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰৰ কথা সুন্দৰভাৱে বুজিব পাৰি। মানসিক সমস্যাসমূহ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্যবিজ্ঞানে সহায় কৰে। সকলোধৰণৰ মানসিক বিশৃংখলৰপৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ কাৰণে মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ। ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰতো সহায় আগবঢ়ায়।

মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰদ্বাৰা ব্যক্তিত্বৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়েও সুন্দৰভাবে উপলব্ধি কৰিব পাৰি। প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিতো মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় আগবঢ়ায়। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সু-সামঞ্জস্য প্ৰক্ৰিয়াৰে ব্যক্তিত্ব বিকাশৰ গুৰুত্ব আৰু প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি । মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাযোজনৰ প্ৰক্ৰিয়াৰ কথাবোৰো ভালদৰে উপলব্ধি কৰিব পাৰি। মানসিক স্বাস্থ্য-বিজ্ঞানে সমাযোজন প্রক্রিয়াৰ দ্বাৰা নানা ক্রিয়া বিধি অর্থাৎ মানসিক অথবা প্ৰতিৰক্ষা ব্যৱস্থা (Mental or defence mechanism) যিবোৰ মানসিক উত্তেজনা বা দ্বন্দৰ (tension or conflict) উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক স্বাস্থ্যৰ বাবে গ্ৰহণ কৰা হয়, সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়৷ এনে ব্যৱস্থাসমূহ হৈছে— অৱদমন, নিৰোধ, বোধন, অৱৰোহণ, পৰিৱৰ্তন, উন্নীতকৰণ, যুক্তিকৰণ (repression, suppression, inhibition, regression, conversion, sublimation, rationalisation) ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাযোজনৰ প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্রিকভাৱে মানসিক স্বাস্থ্যবিজ্ঞানৰ পৰিসৰ মূলতঃ প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পর্কযুক্ত হৈ আছে।

7. মানসিকভাৱে সুস্থ ব্যক্তি এজনৰ লক্ষণসমূহ কি কি?

What are the criteria of mentally healthy person?

Ans:- সাধাৰণতে যিবোৰ লোকে জীৱন প্ৰক্ৰিয়াৰ নানা অৱস্থাৰ লগত কোনো গুৰুতৰ সমস্যাহীনভাৱে সমাযোজন কৰিবলৈ সমর্থ হয় তেনেবোৰ লোকক মানসিকভাৱে স্বাস্থ্যৱান লোক বুলি ক’ব পাৰি। জীৱনৰ নানা পৰিবেশ, পৰিস্থিতি আৰু কাৰ্যকলাপৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত মানসিকভাৱে স্বাস্থ্যৱান লোক এগৰাকীয়ে কোনো অস্বাভাৱিকতা প্ৰদৰ্শন নকৰে। এনে লোকসকল ব্যক্তিত্ব সমাযোজনৰ কোনো গুৰুতৰ সমস্যাৰ দ্বাৰা আক্ৰান্ত নহয়। সংক্ষিপ্তভাৱে এনে লোকসকলেই মানসিক দিশৰ পৰা স্বাস্থ্যবান।

(ক) শাৰীৰিকভাৱে স্বাস্থ্যবান।

(খ) মনোবৈজ্ঞানিকভাবে শক্তিশালী।

(গ) আৱেগিভাৱে স্থিৰ।

(ঘ) সামাজিকভাৱে সু-সমাযোজিত।

(ঙ) সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অতি আত্মবিশ্বাসী প্ৰকৃতিৰ।

মানসিকভাৱে স্বাস্থ্যবান লোকসকলৰ বৈশিষ্ট্যাৱলী (Characteristics of Mentally Healthy Individual)

মানসিকভাৱে স্বাস্থ্যবান লোকসকলৰ বিশেষ কিছুমান বৈশিষ্ট্য আছে। এনে বৈশিষ্ট্যসমূহ হৈছে তলত দিয়া ধৰণৰ—

(ক) এওঁলোক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী।

(খ) এওঁলোক আৱেগিভাৱে স্থিৰ।

(গ) এওঁলোক শাৰীৰিকভাবে সবল প্ৰকৃতিৰ।

(ঘ) এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই।

(ঙ) এওঁলোক মানসিক ৰোগৰ পৰা মুক্ত।

(চ) এওঁলোক অতি শক্তিশালী প্রনোদানমূলক (Motivational) শক্তিৰ অধিকাৰী।

8. মানসিক স্বাস্থ্যবিজ্ঞানৰ বিভিন্ন সংজ্ঞাসমূহ দাঙি ধৰা?

Different definitions of Mental Hygiene.

Ans:- মনোবিজ্ঞানীসকলে মানসিক স্বাস্থ্য বিজ্ঞানৰ নানা সংজ্ঞা আগবঢ়াইছে। এনে সংজ্ঞাসমূহৰ বিশেষ কিছুমান সংজ্ঞাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল—

কোভিলেৰ মতে, ‘মানসিক স্বাস্থ্যবিজ্ঞান নিবাৰণ আৰু শীঘ্ৰ চিকিৎসাৰ মাজেৰে মানসিক স্বাস্থ্যৰ উন্নতি ঘটোৱাৰ বাবে মানসিক অসুস্থতাৰ ঘটনা দমনৰ বাবে উপযুক্ত কাৰ্যপন্থা সন্নিৱিষ্ট কৰি লোৱা বিজ্ঞান।

ক্ৰো আৰু ক্ৰোৰ দৃষ্টিভংগী অনুসৰী, ‘মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিজ্ঞান যিয়ে মানৱ কল্যাণৰ সৈতে জড়িত আৰু মানুহৰ সম্পৰ্কৰ সকলো ক্ষেত্রকে সমৰি লয়।

হেড্‌ফিল্ডৰ মতে, ‘মানসিক স্বাস্থ্য-বিজ্ঞান মানসিক স্বাস্থ্যৰ ৰক্ষা কৰা আৰু মানসিক বিকাৰ নিবাৰণ কৰা প্ৰক্ৰিয়াৰ সৈতে জড়িত বিজ্ঞান।

ওপৰত উল্লেখ কৰা সংজ্ঞাসমূহ অনুধাবন কৰি আমি সংক্ষিপ্তভাৱে আমাৰ নিজস্ব ধ্যান ধাৰণাৰে মানসিক স্বাস্থ্য-বিজ্ঞানক সুস্থ মানসিক স্বাস্থ্যৰ ওপৰত জোৰ দিয়া আৰু মানৱ কল্যাণৰ কার্যকলাপ সামৰি লোৱা বিজ্ঞান হিচাপে অভিহিত কৰিব পাৰো। সুন্দৰ মানবীয় সম্পৰ্কৰ সকলোবোৰ গুৰুত্বপূৰ্ণ কথা বতৰাকে ই সামৰি লয়।

9. মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞানৰ গুৰুত্ব কি?

Importance of Mental Health and Hygiene.

Ans:- সকলো লোকৰ বাবে মানসিক স্বাস্থ্য-বিজ্ঞানৰ বিশেষ গুৰুত্ব আছে। সুস্থ মানসিক স্বাস্থ্য অবিহনে কোনো মানুহে শান্তিপূর্ণ আৰু সুখী জীৱন যাপন কৰিব নোৱাৰে। গতিকে, মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞানৰ গুৰুত্ব উপলব্ধি কৰাৰ বাবে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞান সকলোৰে বাবে জৰুৰী। মানসিক স্বাস্থ্যৰ জ্ঞান আৰু স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানে আমাক তলত দিয়া ধৰণে সহায় কৰে।

(ক) মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।

(খ) নিজকে মানসিকভাৱে স্বাস্থ্যবান কৰি ৰখাৰ কৌশলসমূহ জনাত সহায় কৰে।

(গ) মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যাৱলীৰ বিষয়ে জনাত সহায় কৰে।

(ঘ) মানসিক সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে উপায় বিচাৰি লোৱাত সহায় কৰে।

সমান্তৰালভাৱ মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানে আমাক তলত দিয়া কথাবোৰ উপলব্ধি কৰাত সহায় কৰে —

(ক) মানসিক ৰোগসমূহ কম বেছি পৰিমাণে বংশানুক্রমিকভাৱে হস্তান্তরিত হয়।

(খ) মানসিক ৰোগ কেতিয়াও জীৱনৰ কোনো বেয়া কামৰ ফল হিচাপে উদ্ভৱ নহয়।

(গ) পূর্ব-লক্ষণ হিচাপে এনে ৰোগৰ সৃষ্টি নহয়।

(ঘ) উপযুক্ত চিকিৎসাৰ সহায়ত মানসিক ৰোগসমূহ নিৰাময় কৰিব পাৰি ।

(ঙ) মানসিক ৰোগসমূহৰ চিকিৎসা সম্ভৱ।

(চ) মানসিক ৰোগসমূহে অস্বাভাৱিকভাৱে আচৰণ কৰিবলৈ বাধ্য কৰায়।

10. গৃহই শিশুৰ মানসিক স্বাস্থ্যৰক্ষাত কেনেদৰে সহায় কৰে? How a home help the children for keeping mental health?

Ans:- শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ স্থান হৈছে গৃহ পৰিবেশ। সুস্থ গৃহ পৰিবেশে মানসিক স্বাস্থ্যৰ এক সুস্থ বুনিয়াদ গঠন কৰে। শিশুৰ বিভিন্ন আবেগিক প্রয়োজন সমূহ পৰিয়ালৰ লোকসকলে পূৰণ কৰিবৰ বাবে যথাসম্ভৱ যত্নপৰ হ’ব লাগে। ইয়াৰ বাবে পৰিয়ালৰ লোকসকলৰ মাজত বুজা-পৰাৰ এক আন্তৰিক সম্পৰ্ক থাকিব লাগে। শিশুৱে গৃহ পৰিবেশত এক নিৰাপত্তাৰ ভাব উপলব্ধি কৰিব লাগে। এই নিৰাপত্তাবোধে শিশুৰ মনত আত্মবিশ্বাসৰ ভাব জাগ্ৰত কৰি সুস্থ আৰু শক্তিশালী ব্যক্তিত্ব গঠনত সহায় কৰে। গৃহ পৰিৱেশ সাধাৰণতে অৱদমন মুক্ত হ’ব লাগে। অর্থাৎ অসুস্থ অৱদমনৰ প্ৰভাৱৰ পৰা শিশুক আঁতৰাই ৰাখিব লাগে। সেইদৰেই গৃহ পৰিবেশত পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ প্ৰতি গ্ৰহণ কৰা অনুশাসন ব্যৱস্থাৰ ওপৰত শিশুৰ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে। মুঠতে গৃহ পৰিবেশত শিশুৰ স্বাস্থ্য ৰক্ষাৰ বাবে তলত উল্লেখ কৰা দিশসমূহৰ প্ৰতি চকু দিব লাগে—

১। শিশুক উপযুক্তভাৱে মৰম আৰু ভালপোৱা প্ৰদান কৰিব লাগে।

২। শিশুক সততে সমালোচনা কৰিব নালাগে বা আনৰ লগত তুলনা কৰিব নালাগে।

৩। শিশুৰ ভৱিষ্যৎ সম্পর্কে অত্যাধিক উদ্বিগ্ন হ’ব নালাগে।

৪। গৃহ পৰিবেশ সদায় গণতান্ত্রিকবিধৰ হ’ব লাগে।

৫। শিশুৰ যুক্তিসংগত প্ৰয়োজনসমূহ যথাসম্ভৱ পূৰণ কৰিব লাগে।

৬। শিশুৰ মনত আত্মবিশ্বাসৰ ভাব গঢ়ি তুলিব লাগে।

৭। গৃহ পৰিবেশৰ অনুশাসন ব্যৱস্থা অত্যন্ত কঠোৰ অথবা একেবাৰে নিয়ন্ত্রণহীন হ’ব নালাগে।

৮। প্রয়োজন সাপেক্ষে শিশুক নির্দেশনা প্ৰদান কৰিব লাগে।

11. বিদ্যালয়ত মানসিক স্বাস্থ্যৰক্ষাৰ ব্যৱস্থাসমূহ কি কি? What are the remedies of a child to keeps good mental health in school?

Ans:- সুস্থ-সবল সমাজ এখন গঢ়াৰ বাবে মানসিক স্বাস্থ্যৰ প্রয়োজনীয়তা অধিক। শান্তিপূর্ণ জীৱন অতিবাহিত কৰাৰ বাবে মানুহক সুস্থ মানসিক স্বাস্থ্যৰ প্ৰয়োজন। সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ আমি কেতিয়াও শান্তিপূর্ণ জীৱন অতিবাহিত কৰিব নোৱাৰো। গতিকে বিদ্যালয়সমূহে আমাৰ সমাজত ভৱিষ্যত্ৰ নাগৰিকসকলৰ স্বাস্থ্য শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। মানসিক ৰোগৰ পৰা মুক্তি পোৱাৰ বাবে স্বাস্থ্য আৰু স্বাস্থ্য-বিজ্ঞানৰ প্ৰণালীবদ্ধ জ্ঞানৰ প্ৰয়োজন অধিক। স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে মানসিক ৰোগ নিৰাময় কৰাৰ বাবে ল’বলগীয়া উপায়সমূহৰ জ্ঞান প্ৰদান কৰে।

সামাজিক অনুষ্ঠান হিচাপে মানুহৰ বিদ্যায়তনিক আৰু সামাজিক জীৱনৰ বিকাশৰ বাবে বিদ্যালয়ে নানা ধৰণৰ ভূমিকা পালন কৰে। সমান্তৰালভাবে মানসিক অসুস্থতা নিবাৰণ কৰা আৰু মানসিক জীৱনৰ সংৰক্ষণ আৰু বিকাশৰ বাবে বিদ্যালয়ে নানা ধৰণৰ ভূমিকা পালন কৰে। চমুকৈ এই সকলোবোৰৰ বাবে বিদ্যালয়ে তলত দিয়া ভূমিকাসমূহ পালন কৰে –

(ক) বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি সামৰ্থ আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

(খ) সুস্থ মানসিক স্বাস্থ্যৰ মূল্য উপলব্ধিত সহায় কৰে।

(গ) মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে।

(ঘ) ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থৰ বিকাশত সহায় কৰে।

(ঙ) সকলো লোককে আবেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায়।

(চ) উপযুক্তভাৱে সমাযোজন কৰা প্ৰয়োজনীয়তা উপলব্ধি কৰা আৰু ইয়াৰ বাবে প্ৰয়োজনীয় উপায়সমূহৰ বিষয়ে জনাত সহায় কৰে।

(ছ) শান্তিপূর্ণ জীৱন যাপনৰ বাবে সকলো প্ৰকাৰৰ মূল্যবোধৰ মূল্য উপলব্ধিত সহায় কৰে।

(জ) বিদ্যালয়ে সু-সামঞ্জস্য আৰু ভাৰসাম্যপূর্ণ ব্যক্তিত্বৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায় আগবঢ়ায়।

12. শিক্ষকৰ মানসিক সু-স্বাস্থ্যৰ লক্ষণসমূহ কি কি?

What are the characteristics of mentally health teacher?

Ans:- (ক) বিদ্যালয় কর্তৃপক্ষই শিক্ষকক নেতৃত্ব দানৰ কৰ্তৃত্ব প্ৰদান কৰিব লাগে। শিক্ষকৰ এনে নেতৃত্ব একনায়কত্ববাদী কৰি তোলাৰ পৰিৱৰ্তে গণতান্ত্রিক বিধৰ যাতে হৈ উঠে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।

(খ) সমাজত শিক্ষাৰ্থীৰ স্থান-মান, অর্থনৈতিক মানদণ্ড, চাকৰিৰ সা-সুবিধা, পদোন্নতি, ভ্ৰমণৰ সা-সুবিধা আদিৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি শিক্ষকৰ মনৰ পৰা হতাশা, নিৰাশা, ব্যর্থতা, শিক্ষকতাৰ প্রতি বিতৃষ্ণা, নীচাত্মিকাবোধ আদি ভাববোৰ গুচোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(গ) শিক্ষকক শিক্ষাদানৰ প্ৰতি অধিক মনোযোগী কৰি তুলিবৰ বাবে শিকনীয় পৰিৱেশ, দৰমহা, অন্যান্য সা-সুবিধা আদিৰ আকর্ষণীয় কৰি তোলাৰ ব্যৱস্থা কৰিব লাগিব।

(ঘ) শিক্ষকৰ মনত গতানুগতিক শিক্ষাই সৃষ্টি কৰা অৱসাদ, বিৰক্তি, অমনোযোগিতা আদি ভাব গুচাই নতুন উৎসাহ-উদ্দীপনা আৰু প্ৰণোদন ভাব সৃষ্টি কৰিবৰ বাবে কৰ্মৰত শিক্ষকক উপযুক্ত প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) শিক্ষকৰ মানসিক স্বাস্থ্যৰক্ষাৰ বাবে বিভিন্ন অৱসৰ বিনোদনৰ কার্যসূচী, যেনে–শিক্ষামূলক ভ্রমণ, সাংস্কৃতিক ভ্ৰমণ আৰু সন্মিলন, গ্রীষ্মকালীন আৰু শীতকালীন শিবিৰ স্থাপন, উদীয়মানকৰণ আঁচনি আদি গ্ৰহণ কৰি সেইবোৰত সক্রিয় অংশগ্ৰহণৰ সুবিধা দিব লাগে।

(চ) শিক্ষকক বিদ্যালয়ত স্বাধীনভাৱে আৰু আত্ম-বিশ্বাসেৰে কাম কৰাৰ সুযোগ প্রদান কৰিব লাগে।

(ছ) শিক্ষকৰ সুস্থ মানসিক স্বাস্থ্যৰক্ষাৰ বাবে বিভিন্ন উন্নয়নমূলক ক্রিয়া আঁচনি, যেনে— সাক্ষৰতা অভিমান, প্ৰদূষণ নিয়ন্ত্রণ অভিযান, বিনামূলীয়া চিকিৎসা সেৱাৰ অভিযান, বনানিকৰণ, পথ নির্মাণ, সাংস্কৃতিক অনুষ্ঠান আদিৰ বাবে নেতৃত্ব দিয়াৰ ব্যৱস্থা কৰিব লাগে।

(জ) শিক্ষাৰ্থীৰ সমস্যা, অনগ্ৰসৰতা আদি সম্পর্কে উপযুক্ত সমাধান ব্যৱস্থা ল’বৰ বাবে শিক্ষক-শিক্ষার্থী-অভিভাৱকৰ মাজত সহযোগিতা, আলোচনা-বিলোচনা আদিৰ ব্যৱস্থা কৰিব লাগে।

(ঝ) শিক্ষকৰ ভৱিষ্যত অৰ্থনৈতিক নিৰাপত্তাৰ বাবে ভৱিষ্যনিধি, পেঞ্চন, চিকিৎসাৰ সা-সুবিধা, মাহিলী দৰমহাৰ নিশ্চয়তা, ভ্ৰমণৰ ছুটী আৰু বানচ প্ৰদান আদিৰ ব্যৱস্থা কৰিব লাগে।

13. শিক্ষকৰ মানসিক অসুস্থতাৰ কাৰণসমূহ কি কি?

What are the causes of teacher’s mental health?

Ans:- (ক) শিক্ষকতা বৃত্তিৰ প্রতি আগ্রহহীনতা আৰু উদাসহীনতা।

(খ) সমাজৰ মান-সন্মান, স্বীকৃতি আদিৰ পৰা বঞ্চিত হোৱা।

(গ) অসুস্থ সামাজিক মনোভাৱ তথা শিক্ষকজনৰ প্ৰতি সমাজৰ লোকৰ নেতিবাচক মনোভাৱ।

(ঘ) আর্থিক দৰিদ্ৰতা আৰু ক্ষমতাহীনতা।

(ঙ) গতানুগতিকতা, নতুনত্বহীন, পদোন্নতিৰ আশা নথকা।

(চ) অধ্যয়নপুষ্ট মন আৰু নতুন জ্ঞান আহৰণৰ প্ৰতি অনিচ্ছা আৰু উদাসীনতা।

(ছ) কৰ্ম প্ৰেৰণা আৰু উৎসাহ-উদ্দীপনাৰ অভাৱ।

(জ) নিজ কর্তৃত্ব প্রদান আৰু ক্রিয়া সম্পাদনৰ স্বাধীনতাৰ অভাৱ৷

(ঝ) শিকন পৰিস্থিতিৰ দুৰৱস্থ আৰু অনুপযুক্ত শৈক্ষিক পৰিৱেশ।

(ঞ) শিক্ষার্থীক উপযুক্তভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা।

(ট) সামাজিক, ৰাজনৈতিক ক্রিয়া-কলাপত অধিক ব্যস্ত থকা।

(ঠ) শিক্ষকৰ মাজত সহযোগিতাহীনতা ইত্যাদি।

14. গৃহ পৰিৱেশত শিশুৰ মানসিক অসুস্থতাৰ কাৰণসমূহ কি কি?

Ans:- (ক) অত্যধিক মৰম আৰু ভালপোৱা।

(খ) ঘৰুৱা হাই-কাজিয়া।

(গ) অর্থনৈতিক নিৰাপত্তা প্ৰদানত ব্যৰ্থতা।

(ঘ) ঘৰুৱা পৰিৱেশত কঠোৰ অনুশাসন বা অনুশাসনহীনতা।

(ঙ) অত্যধিক গোড়া আৰু পৰিৱৰ্তনক মানি নোলোৱা।

(চ) শিশুৰ প্ৰয়োজন পূৰণত ব্যৰ্থতা।

(ছ) শিশুৰ আৱেগিক নিৰাপত্তাৰ অভাৱ।

(জ) মাক-দেউতাকৰ উচ্ছৃংখল জীৱনযাপন প্রণালী।

(ঝ) উপযুক্ত নির্দেশনাৰ অভাৱ।

(ঞ) শিশুৰ প্ৰতি বিৰূপ মনোভাৱ আৰু কটু সমালোচনা।

(ট) শিশুক অৱহেলা কৰা।

(ঠ) শিশুৰ ভৱিষ্যৎ সম্বন্ধে উদ্বিগ্ন, ইত্যাদি।

15. এজন ব্যক্তিৰ মানসিক অস্বাভাৱিকতা আৰু ৰেগ্গগ্রস্ততাৰ লক্ষণসমূহ কি কি? What are the symptoms of mental abnormality and illness?

Ans:- মনোবিজ্ঞানীসকলে মানসিক অস্বাভাৱিকতা আৰু ৰোগগ্ৰস্ততাৰ লক্ষণবোৰক বহুলভাৱে চাৰিটা ভাগত ভাগ কৰিছে। এই চাৰিবিধৰ প্ৰতিবিধৰে অন্তৰ্ভুক্ত লক্ষণবোৰক তলত উল্লেখ কৰা হ’ল-

(ক) দৈহিক লক্ষণ : ব্যক্তিৰ মানসিক অস্বাভাৱিকতা আৰু ৰোগগ্ৰস্ততাৰ দৈহিক লক্ষণবোৰ হৈছে—

১। দেহৰ উত্তাপ, উশাহ-নিশাহ আৰু স্নায়ু স্পন্দনৰ পৰিৱৰ্তন।

২। সঘন মূৰ ঘূৰণি, মূৰ কামোৰণি, বমি ভাব ইত্যাদি।

৩। একেবাৰে ভোক নোহোৱা বা অত্যধিক ভোক লগা।

৪। শৰীৰৰ ওজনৰ অস্বাভাৱিক পৰিৱৰ্তন।

৫। অত্যধিক ভাগৰ লগা, ফোপনি, হাঁপানি আৰু কফ হোৱা, কৃত্রিম গাৰ বিষ হোৱা।

৬। সঞ্চালনমূলক ক্রিয়াত সমন্বয়ৰ অভাৱ আৰু কথন আৰু লিখনত বাধাগ্রস্ততা।

(খ) মানসিক লক্ষণ : মানসিকভাৱে ৰোগগ্রস্ততা আৰু অস্বাভাৱিকতা প্ৰদৰ্শন কৰা ব্যক্তিৰ মানসিক লক্ষণবোৰ হৈছে—

১। ভাষা প্ৰয়োগৰ অক্ষমতা, বোধশক্তি হেৰুওৱা।

২। নতুন কথা মনত নোৰোৱা, চিনাকি বিষয় বিকৃতভাৱে মনত পৰা তথা স্মৃতিশক্তি সম্পূৰ্ণৰূপে লোপ পোৱা ।

৩। অযুক্তিকৰ কথা কোৱা আৰু চিন্তা কৰা, বাস্তৱ-অবাস্তৱৰ মাজৰ পাৰ্থক্য নুবুজা, অস্বাভাৱিক চিন্তা কৰা।

৪। নিজৰ সম্বন্ধে নিজে গ্ৰহণ কৰা মনোভাৱ আৰু আনে গ্রহণ কৰিব পৰা মনোভাৱৰ বদ্ধমূল ধাৰণা।

৫। পৰিৱেশৰ লগত থকা নিজ সম্বন্ধ নিৰীক্ষণৰ ক্ষমতা হেৰুওৱা।

৬। অনিষ্টকাৰী নোহোৱা পৰিৱেশৰ প্ৰতি অযুক্তিকৰ ভয়।

৭। অন্যমনস্ক হোৱা, মন উদ্বাউল হোৱা, চিন্তা প্ৰক্ৰিয়াত বাধাপ্রাপ্ত হোৱা।

(গ) আৱেগিক লক্ষণ : মানসিক অস্বাভাৱিক আৰু ৰোগগ্রস্ত লোকৰ আৱেগিক লক্ষণবোৰ নিম্নলিখিত ধৰণৰ—

১। অত্যধিক মনৰ উল্লাস প্রকাশ কৰা।

২। উদাসীনতা আৰু চিন্তাৰ আৱেগ-অনুভূতিহীনতা।

৩। অত্যধিক দুখ-বেদনা, ক্রন্দন আৰু দুখত ভাগি পৰি কথা ক’ব নোৱৰা।

৪। একোটা আৱেগিক পৰিস্থিতিতে পৃথক পৃথক আৱেগ অনুভূতি প্ৰকাশ কৰা।

(ঘ) আচৰণমূলক লক্ষণ : মানসিক ৰোগগ্ৰস্ত আৰু অস্বাভাৱিক ব্যক্তিয়ে তলৰ আচৰণমূলক লক্ষণসমূহ প্ৰদৰ্শন কৰে।

১। অংগ সঞ্চালনমূলক ক্ৰিয়াৰ দ্ৰুততা কমি যোৱা আৰু নিষ্ক্রিয় হোৱা।

২। কথা ক’বলৈ নিবিচৰা বা কম কোৱা।

৩। একেৰাহে বহু সময়লৈকে, খৰকৈ আৰু চিঞৰি চিঞৰি কথা কোৱা।

৪। হাত মুখ ধুই থকা, দাপোণত নিজকে চাই থকা, চুলি ফণিয়াই থকা আদি কামবোৰ বাৰে বাৰে কৰি থকা।

৫। ভৰি জোকাৰি থকা, নখ কামোৰা আঙউলি চুপি থকা, চকু পিৰিকিয়াই থকা, মূৰ জোকাৰি থকা আদি অভ্যক্ত ক্রিয়াক অসুস্থভাৱে প্ৰকাশ কৰা, ইত্যাদি।

16. মানসিক স্বাস্থ্য-বিজ্ঞানৰ প্ৰধান কাৰ্যসমূহৰ বিষয়ে আলোচনা কৰা?

Ans:- মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান কাৰ্যসমূহ মূলতঃ তিনিটা বিশিষ্ট প্ৰক্ৰিয়াৰে আলোচনা কৰিব পাৰি। সেয়া হ’ল—

(ক) প্ৰতিৰোধমূলক কার্য (Preventive Functions): মানসিক স্বাস্থ্যবিজ্ঞানৰ মূল কাম হৈছে মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজনৰ সমস্যাসমূহ নিবাৰণ কৰা। মানসিক স্বাস্থ্যবিজ্ঞানে মানৱ শিশুৰ মানসিক অসুস্থতাৰ কাৰণবোৰ, ব্যক্তিত্বৰ বিকাৰ আৰু সমযোজনৰ সমস্যাসমূহৰ বিষয়ে বুজি পোৱাৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা। মানসিক স্বাস্থ্য, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজন প্ৰক্ৰিয়াৰ জড়িত সমস্যাসমূহ নিবাৰণ কৰাৰ বাবে ল’ব লগা উপায়সমূহ উদ্ঘাটন কৰি উলিওৱাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য-বিজ্ঞানৰ জ্ঞানে বিশেষভাৱে সহায় আগবঢ়ায়। মানৱ শিশুৰ, মানসিক অসুস্থতা, ব্যক্তিত্বৰ বিকাৰ আৰু সমাযোজন সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰাৰ বাবে নিবাৰণমূলক উপায় হিচাপে বিশেষজ্ঞসকলে বিশেষ কিছুমান উপায়ৰ কথা উল্লেখ কৰিছে। এনে উপায়সমূহ হৈছে-

(ক) উপযুক্ত পুষ্টিসাধন।

(খ) কিশোৰ-কিশোৰীসকলৰ বাবে পূৰ্বৱৰ্তী শিক্ষাৰ ব্যৱ কৰা।

(গ) আৱেগিক আৰু সামাজিক প্রয়োজনীয়তা বিকাশ ঘটোৱা।

(ঘ) বৃত্তীয় সমাযোজন।

(ঙ) উপযুক্তভাৱে জীৱন-নিৰ্বাহৰ পদ্ধতিৰ বিষয়ে প্রশিক্ষণ, প্ৰদান কৰা।

(খ) প্ৰতিকাৰমূলক কার্য (Curative Function): মানসিক স্বাস্থ্য-বিজ্ঞানৰ আৰোগ্যমূলক কাৰ্যহে মূলতঃ চিকিৎসা কৌশলসমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। মানসিক স্বাস্থ্য-বিজ্ঞানে মানুহৰ অকল মানসিক অসুস্থতাৰ সমস্যাসমূহ উপলব্ধি কৰা, ব্যক্তিত্বৰ বিকাৰ আৰু সমযোজনৰ সমস্যাসমূহ উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় নকৰে। ই এনে সমস্যাসমূহৰ পৰা হাত সৰাৰ বাবে চিকিৎসা সম্পৰ্কীয় কৌশলসমূহ জনাৰ ক্ষেত্ৰতো আমাক সহায় আগবঢ়ায়।

(গ) সংৰক্ষণমূলক কার্য (Preservative Function): ব্যক্তি আৰু সমাজৰ বাবে মানসিক স্বাস্থ্য সংৰক্ষণ কথাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ। সুস্থ মানসিক স্বাস্থ্য অবিহনে ব্যক্তিগত জীৱন প্ৰক্ৰিয়া তথা সামাজিক জীৱন প্ৰক্ৰিয়াৰ উন্নতি কেতিয়াও সম্ভৱ নহয়। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কার্যকলাপে মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধি আৰু ইয়াৰ সংৰক্ষণৰ বাবে ল’ব লগা উপায়, কৌশল আৰু প্ৰক্ৰিয়াসমূহৰ বিষয়ে প্রণালীবদ্ধ জ্ঞান প্ৰদান কৰে। মানৱ জীৱন আৰু মানৱ সমাজৰ কল্যাণ সাধন কৰাটোৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যৰ মূল লক্ষ্য।

মানসিক স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্যসমূহ – স্বাস্থ্য-বিজ্ঞানৰ লক্ষ্যসমূহ অতি বহল আৰু বিস্তাৰিত প্ৰকৃতিৰ। এনে লক্ষ্যসমূহ আমি তলত দিয়া ধৰণে সুনির্দিষ্টভাৱে উল্লেখ কৰিব পাৰো।

(ক) মানসিক স্বাস্থ্যবিজ্ঞানে মানসিক স্বাস্থ্য সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সহায় কৰে।

(খ) পৰিবেশৰ লগত সুন্দৰভাবে সমযোজন কৰিব পৰা ধৰণে ব্যক্তিত্ব বিকাশৰ বাবে চেষ্টা চলায়।

(গ) ভাৰসাম্য আৰু সু-সামঞ্জস্য ব্যক্তিত্বৰ বিকাশৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক দোষ-ত্রুটিসমূহ নিবারণ কৰাৰ প্ৰচেষ্টা চলায়।

(ঘ) ব্যক্তিত্বৰ বিশৃংখলতাসমূহৰ যিবোৰে মানসিক সমস্যাৰ সৃষ্টি কৰি মানসিক ৰোগৰ কাৰণ হিচাপে পৰিগণিত হয় সেইবোৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়ায়।

17. ব্যক্তিত্বক প্ৰভাৱিত কৰা উপাদানসমূহৰ (Factors influencing personality) বিষয়ে আলোচনা কৰা?

Ans:- এজন লোকৰ ক্ৰমবিকাশৰ কালছোৱাত তেওঁৰ ওপৰত পৰা দুটা বহল দিশৰ যুটীয়া প্রভাবে ব্যক্তিত্বক বিশেষ ৰূপত গঢ় দি তোলে। এই দিশকেইটা হৈছে— বংশগতি আৰু পৰিৱেশ। বংশগতিৰ প্ৰভাব হৈছে স্থিতিশীল আৰু পৰিৱেশৰ প্ৰভাব হৈছে গতিশীল বা পৰিৱৰ্তনীয়। এই দুই দিশৰ সামগ্রিক প্রভাবৰ পাৰস্পৰিকতাৰ পৰিণতিয়েই হৈছে ব্যক্তিত্ব।

বংশগতিৰ প্ৰভাৱ সমূহ (Influence of Heredity):

১। প্রজননজনিত প্রভাব (Genetic influence) : মাতৃৰ পৰিগৰ্ভিত ডিম্বকোষত স্থিতি লাভ কৰা সকলো জৈৱিক গুণ বা সংলক্ষণৰ সমস্তিয়েই বংশগতি। এই বংশগতি হৈছে ব্যক্তিত্ব গঠনৰ জৈৱিক ভিত্তি স্বৰূপ।

২। স্নায়ৱিক যোগ্যতা : ব্যক্তিয়ে জৈৱিক বংশগতিৰেই প্রভাবক বা পৰিণতিস্বৰূপে দেহৰ স্নায়বিক গাঁথনি ব্যক্তিত্বৰ নিৰ্ধাৰণকাৰী গুণৰূপে গণ্য কৰিব পাৰি। ব্যক্তিৰ স্নায়ৱিক গঠন প্ৰক্ৰিয়াই তেওঁৰ পৰিৱেশৰ বিভিন্ন বিষয় আৰু পৰিস্থিতিৰ প্ৰতি কৰা প্ৰতিক্রিয়া আৰু আচৰণ নিৰ্ধাৰণ আৰু পৰিচালনা কৰে। এনে আচৰণৰ দ্ৰুততা, সঠিকতা, পটুতা আৰু গ্রহণযোগ্যতা আদিও ইয়াৰ ওপৰত নিৰ্ভৰ কৰে। ব্যক্তিয়ে পৰিৱেশত কৰা সমাযোজন আৰু জ্ঞান আহৰণ এই স্নায়বিক যোগ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে দেহৰ স্নায়বিক উপযুক্ততাক ব্যক্তিত্ব নিৰ্ধাৰণকাৰী জৈৱিক প্ৰভাবস্বৰূপ বুলি গণ্য কৰিব পাৰি। উল্লেখযোগ্য যে শিক্ষাত অনগ্ৰসৰ শিশু মানসিকভাৱে বাধাগ্রস্থ। জড়ধী, হীনধী, মূড়ধী শিশুসকলৰ দেহৰ স্নায়বিক অক্ষমতা আৰু বিকাগ্ৰস্ততাৰ বাবেই ব্যক্তিত্বৰ বিকাশ বাধাপ্রাপ্ত হৈ পৰে।

৩। বৌদ্ধিক মানদণ্ড : বুদ্ধি বা সাধাৰণ মানসিক যোগ্যতা ব্যক্তিৰ জৈৱিকভাৱে প্ৰভাৱিত হোৱা এক শক্তিশালী গুণ। এই বৌদ্ধিক ক্ষমতাই এজন লোকৰ ব্যক্তিত্ব নিৰ্ধাৰণকাৰী শক্তিস্বৰূপে কাম কৰে। বিভিন্ন পৰিস্থিতিৰ প্ৰতি তেওঁৰ চিন্তা, যুক্তি, বিচাৰ-বিবেচনা, সমস্যাৰ সমাধান ক্ষমতা, জ্ঞান আহৰণৰ ক্ষমতা আদি আৰু তাৰ যোগেদি পৰিৱেশত সমাযোজনা কৰিব পৰা ক্ষমতা আদি এই বুদ্ধিৰ ওপৰত বিশেষ নিৰ্ভৰ কৰে। বুদ্ধি ব্যক্তিৰ এক সংলক্ষণ বা গুণ যদিও ই তেওঁৰ বাবে ব্যক্তিত্ব নিৰ্ধাৰণকাৰী স্বৰূপ হৈ উঠে। বুদ্ধিহীন লোক সকলো ক্ষেত্ৰতে ব্যর্থ, অসমর্থ, অযোগ্য আৰু অপসমাযোজিত হৈ পৰে।

৪। অন্তঃক্ষৰা গ্ৰন্থিৰ প্রভাব : ব্যক্তিত্ব গঠনত অন্তঃক্ষৰা গ্ৰন্থিবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। দেহৰ জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াক পৰিচালনা কৰি এই গ্ৰন্থিবোৰে ব্যক্তিৰ দৈহিক গঠন, আবয়ৱিক বৃদ্ধি, ওজন, উচ্চতা, বুদ্ধি-বৃত্তি, আৱেগ-অনুভূতি, আচৰণ-প্ৰক্ৰিয়া আদি আভ্যন্তৰীণভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰে। এই গ্ৰন্থিবোৰে হৰমন নিঃসৰণ কৰে। এই গ্রন্থিবোৰত অতিক্ষৰণ বা অল্পক্ষৰণে ব্যক্তিৰ দেহ-মনৰ বিকাশক অস্বাভাৱিক কৰি তোলে। গলগ্ৰন্থিৰ অল্পক্ষৰণে ব্যক্তিক উদ্যমহীন, অলস, বুদ্ধিহীন আৰু নিৰাসাবাদী কৰি তোলে।

৫। আৱেগ-অনুভূতিৰ প্রভাব : সকলো লোকৰেই আৱেগৰ অনুভৱ আৰু তাৰ অভিব্যক্তি একে নহয়। ই তেওঁৰ নিজৰ প্ৰকৃতি, দৈহিক আৰু স্নায়বিক গাঁথনি আৰু মস্তিষ্ক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰশীল। মস্তিষ্কৰ হাইপো-থেলামাছ নামৰ অংশই ব্যক্তিৰ আৱেগক নিয়ন্ত্ৰণ কৰে।

পৰিৱেশৰ প্ৰভাৱসমূহ –

১। গৃহ পৰিৱেশ (Home environment) : শিশুৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিক বিকাশৰ দিশত গৃহ পৰিৱেশৰ ভূমিকা অনস্বীকার্য। এইবোৰ যথাস্থানত তাৰ প্ৰয়োজনমতে আমি আলোচনা কৰিছো। এই সকলোবোৰ প্ৰভাৱৰ কেন্দ্ৰস্থ প্রকাশ তথা সামগ্রিক প্রতিফলনেই হৈছে ব্যক্তিত্ব। এই কথাষাৰ কিছু বিশ্লেষণ কৰি আৰু বাস্তৱ দৃষ্টিভংগীৰে ক’ব পাৰি যে শিশুৰ চালুকীয়া আৰু অসহায় অৱস্থাত দেখা দিয়া তাৰ দৈহিক প্রয়োজনবোৰ সি গৃহ পৰিৱেশৰ পৰাই পূৰণ কৰে। এনেবোৰ দৈহিক প্রয়োজন পূৰণৰ সন্তোষজনক অথবা অসন্তোষজনক অৱস্থাই তাৰ মানসিক, বৌদ্ধিক আৰু আৱেগিক জীৱন সেই অনুৰূপে সুস্থ বা অসুস্থভাৱে প্ৰভাৱিত কৰি তোলে। গৃহ পৰিৱেশত শিশুৱে তাৰ সামাজিক জীৱনৰো পাতনি মেলে। পৰিয়ালৰ চাল-চলন, ধৰণ-কৰণ, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, অনুশাসন ব্যৱস্থা আদিয়ে শিশু-ব্যক্তিত্বৰ বাহ্যিক আচৰণৰ দিশটো সামাজিক গ্রহণযোগ্যতাৰ ৰূপত গঢ় দি তোলে। সেইদৰে পৰিয়ালৰ মাজত থকা আস্থা, নিষ্ঠা, বিশ্বাস আদিৰ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱে শিশু ব্যক্তিত্বৰ মানসিক জীৱনৰ গাঁথনি প্রস্তুত কৰি তোলে। পৰিয়ালৰ মাজত লাভ কৰা এনে এটা সামাজিক পৰিস্থিতি আৰু প্ৰভাৱে শিশুৰ নৈতিক জীৱনৰ ন্যায়-অন্যায়, উচিত-অনুচিত আদি বিচাৰ-বিবেচনাৰ মনোভাব আৰু আচৰণ গঢ় দি তোলে। সেইবাবে চমুকৈ ক’ব পাৰি যে শিশুৰ গৃহ পৰিৱেশেই সামগ্রিক ৰূপত তাৰ ব্যক্তিত্বৰ বুনিয়াদ ৰচনা কৰে।

২। শিক্ষানুষ্ঠান (Educational institution) : বর্তমান স্কুলৰ শিক্ষা ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্ব গঠনৰ প্ৰতি অধিক সচেতন। ছাত্ৰৰ ব্যক্তিত্বত যাতে সুস্থ প্ৰভাৱ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্কুলৰ কাৰ্যসূচী আৰু অধ্যয়নৰ বিষয়সূচী সচেতনভাৱে প্ৰস্তুত আৰু পৰিচালনা কৰা হয়। ব্যক্তিত্ব গঠনৰ বাবে স্কুলৰ পৰিৱেশ হৈছে সচেতনভাৱে নিয়ন্ত্ৰিত আৰু পৰিচালিত এক সামাজিক পৰিৱেশ। শিশুৱে স্কুলৰ সামাজিক পৰিৱেশত ব্যক্তিগতভাৱে নিজকে খাপ খুৱাই লবলৈ চেষ্টা কৰে। এনে কাৰ্যত নিজৰ ভাব-অনুভূতি, চিন্তা, অভিজ্ঞতা আদি আনৰ লগত আদান-প্ৰদান কৰা হয়, নিজৰ মানসিক আৰু আৱেগিক অৱস্থা স্কুলৰ সামাজিক পৰিৱেশৰ অনুকূলে গঢ় দি তোলা হয় আৰু ব্যক্তিগত অৱস্থাৰ আৱশ্যকীয় সংশোধন আৰু পৰিৱৰ্তন সাধন কৰা হয়। এইক্ষেত্ৰত শিক্ষকৰ শক্তিশালী ব্যক্তিত্বৰ প্ৰভাৱে ছাত্ৰৰ অনুভূতি, চিন্তা আৰু ক্রিয়া এক বিশেষ ৰূপত গঢ় দি তোলে। শিশুৰ বাবে স্কুলৰ পাঠ্যসূচীৰ বৌদ্ধিক গ্রহণযোগ্যতা, সহ-পাঠ্যসূচীৰ ক্ৰিয়া-কলাপত সক্রিয় সহযোগিতা আৰু শিক্ষকৰ অনুশাসন নীতি আৰু তাৰ কাৰ্যব্যৱস্থা গ্ৰহণ আদিয়েই এই দিশত মুখ্য ভূমিকা গ্ৰহণ কৰে। শিশু-ব্যক্তিত্বৰ ওপৰত পৰা শিক্ষাৰ এই সামগ্রিক প্রভাৱক সেয়েহে চমুকৈ তিনিটা দিশত বিভক্ত কৰিব পাৰি, যেনে— 

(ক) শিশু আৰু পাঠ্যসূচীৰ সম্বন্ধ। 

(খ) শিশু আৰু শিক্ষকৰ সম্বন্ধ। আৰু 

(গ) শিশু আৰু শিশুৰ মাজত সম্বন্ধ।

৩। সমাজ (Society) : শিশুৰ সামাজিক পৰিসৰ আৰু এই সম্বন্ধীয় ক্রিয়া অভিজ্ঞতা স্বাভাৱিকতেই সীমাবদ্ধ। সেইবাবে শিশুৰ সামাজিক প্ৰভাৱ বোলোতে বয়সস্থসকলে লাভ কৰা ব্যাপক পৰিসৰৰ সামাজিক প্ৰভাৱৰ বিষয়ে ইয়াত বিবেচনা কৰিব পৰা নাযায়। নিচেই চালুকীয়া শিশুৰ বাবে গৃহ পৰিৱেশেই হৈছে তাৰ সামাজিক পৰিৱেশ। পৰিয়ালৰ বিভিন্ন ব্যক্তি আৰু পৰিস্থিতিৰ প্ৰতি সুখ-দুখৰ সামাজিক প্ৰতিক্ৰিয়া কৰি উঠি সি ক্রমে খেলা-ধূলাৰ প্ৰতি আগ্ৰহী হয়। চালুকীয়া অৱস্থাত ই আত্মকেন্দ্ৰিক বিধৰ হ’লেও খেলাই শিশুক সমাজমুখী কৰি গঢ় দি তোলে। ফলস্বৰূপে তাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ আমাৰ চকুত পৰে। এই সময়ৰে পৰা আমি শিশু-ব্যক্তিত্বৰ কথা কওঁ। প্ৰাক্‌-প্রাথমিক আৰু প্ৰাথমিক পৰ্যায়ত কৰা খেলা-ধূলাত শিশুৰ এই সামাজিক ৰূপ অভিব্যক্ত হৈ উঠে। এনে খেলা-ধূলাৰ যোগে শিশুৱে নিজ মনৰ ভাব-অনুভূতি ব্যক্ত কৰে, ভাষাৰ শব্দজ্ঞান বৃদ্ধি পায়, অনুশাসনৰ মনোভাব জাগি উঠে আৰু ক্ৰিয়াৰ সহযোগিতা লাভ কৰিবলৈ শিকে। শিশু-ব্যক্তিত্বৰ প্ৰাৰম্ভিক গাঁথনি আৰু তাৰ অভিব্যক্তি লাভ কৰাৰ ক্ষেত্ৰত খেলাৰ এনেবোৰ সামাজিক অভিজ্ঞতা অতি গুৰুত্বপূর্ণ।

৪। সাংস্কৃতিক প্রভাব (Cultural Influence) : বংশগতিৰ জৈৱিক প্রভাব পৃথিৱীৰ সকলো লোকৰ ওপৰত একেদৰে পৰে। কিন্তু সাংস্কৃতিক উপাদানবোৰৰ প্ৰভাব ভিন ভিন হোৱা বাবে বিভিন্ন সংস্কৃতিয়ে মানুহৰ ব্যক্তিত্বৰ বৈশিষ্ট্যক পৃথক পৃথক ৰূপত গঢ় দি তোলে। ব্যক্তিত্ব গঠনত ভাষা, জ্ঞান-বিজ্ঞান, সামজিক নীতি-নিয়ম, ধর্মীয় আদৰ্শ, জীৱন নিৰ্বাহ পদ্ধতি, আস্থা-নিষ্ঠা, বিশ্বাস আদি উপাদানবোৰৰ প্রভাব থাকে। বর্তমান আন্তর্জাতিক দিশত বিভিন্ন দেশৰ লোকৰ মাজত সাংস্কৃতিক আদান-প্ৰদানৰ যোগে সাংস্কৃতিক প্ৰসাৰণ (Cultural diffusion) লাভ কৰি উঠা বাবে ইয়াৰ প্রভাব আন্তর্জাতিক ৰূপত গঢ় লৈ উঠিছে।

৫। সম্প্ৰদায়ৰ প্ৰভাব (Influence of community) : এটা সম্প্ৰদায় হৈছে এক ক্ষুদ্র সামাজিক গোট। এওঁলোকে একোটা সীমিত ভৌগোলিক অঞ্চলত বসবাস কৰে আৰু তেওঁলোকৰ সদস্যসকলৰ মাজত তেজৰ সম্বন্ধ বা জৈৱিক প্রভাব থাকে। তেওঁলোকৰ আস্থা-নিষ্ঠা, বিশ্বাস-ধৰ্ম, ৰীতি-নীতি, উৎসৱ-পৰ্ব আদিৰ যোগেৰে গঢ়ি তোলা সাংস্কৃতিক প্রভাব, বৈবাহিক সূত্রে স্থাপন কৰা জৈৱিক প্ৰভাব আৰু ভৌগোলিকভাবে একে অঞ্চলতে বসবাস কৰি লাভ কৰি উঠা দেহ-মানসিক সান্নিধ্যই এটা সম্প্রদায়ক অধিক শক্তিশালী সামাজিক গোটস্বৰূপে গঢ়ি তোলে। তেওঁলোকৰ বৃত্তি-ব্যৱসায় আৰু জীৱন নিৰ্বাহ পদ্ধতিৰ মাজতো মিল আছে। বৃত্তীয় জীৱনৰ ওপৰত একোটা সম্প্ৰদায়ৰ এই জৈৱ সাংস্কৃতিক আৰু বৃত্তীয় প্রভাবে অতি শক্তিশালী ৰূপত শিশুৰ ব্যক্তিত্বক গঢ় দি তুলিব পাৰে।

৬। যোগাযোগ মাধ্যমৰ প্রভাব (Influence of Communication media) : কাৰিকৰী বিজ্ঞানৰ অভিনৱ অৱদান স্বৰূপে ইলেক্ট্রনিক মাধ্যমৰ প্ৰয়োগে আমাৰ যোগাযোগ ব্যৱস্থাত অভূতপূর্ব সফলতা লাভ কৰি উঠিছে। টেলিভিছন যন্ত্র সমগ্ৰ বিশ্বৰ আৰ্থিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, মনোৰঞ্জনমূলক বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞান বিষয়ক জ্ঞান· অভিজ্ঞতাৰ দাপোণস্বৰূপ হৈ উঠিছে। বৰ্তমান মানুহে জাতি-ধর্ম, ভাষা-সংস্কৃতি, জ্ঞান-বিজ্ঞান আদি দিশত থকা কোটিকলীয়া ব্যৱধান ক্রমে হ্ৰাস কৰি বিশ্ব সংস্কৃতি তথা বিশ্বায়নৰ দিশলৈ গতি কৰিছে। এই যোগাযোগ মাধ্যম টিভি, কম্পিউটাৰ, চিডি, ম’বাইল সেৱা আদিৰ সুস্থ-অসুস্থ দুয়োটা প্রভাবেই আছে। এইবোৰৰ ব্যৱহাৰৰ যোগেদি অপৰাধ জগতৰ ক্ৰিয়া-কলাপৰ পৰিসৰো বৃদ্ধি হৈছে। ‘চাইবাৰ ক্ৰাইম’ মানৱ সভ্যতাৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে।

18. আৱেগৰ সংজ্ঞা দিয়া। দুটা আৱেগৰ নাম লিখা?

Define emotion. Name two emotions.

Ans:- আৱেগৰ ইংৰাজী প্ৰতিশব্দ হ’ল Emotion। এই Emotion শব্দটো লেটিন ভাষাৰ ‘Emovere’ শব্দৰ পৰা উৎপত্তি হৈছে। যাৰ অৰ্থ হ’ল উত্তেজিত কৰা। উডৱৰ্থে ‘Emovere’ শব্দৰ অৰ্থ অনুসৰি দিয়া সংজ্ঞা মতে, “আৱেগ হ’ল প্ৰাণীৰ এক উত্তেজিত অৱস্থা, আৱেগ অনুভৱ কৰা মানুহজনৰ কাৰণে ই এক অনুভূতিৰ উত্তেজিত অৱস্থা আৰু বাহিৰৰ নিৰীক্ষকৰ কাৰণে ই হ’ল সেই ব্যক্তিজনৰ পেশী আৰু গ্ৰন্থিৰ অনিয়মীয়া কাৰ্য।”

তীব্র অনুভূতিকে আৱেগ বোলা হয়। অর্থাৎ আমাৰ মনত সৃষ্টি হোৱা তীব্র অনুভূতিয়ে যেতিয়া শৰীৰত উত্তেজনাৰ সৃষ্টি কৰে আৰু লগে লগে দেহ-মানসিক পৰিৱৰ্তন সংঘটিত হয়, সেই অৱস্থাটোকে আৱেগ বোলা হয়। খং, দুখ, বেজাৰ, হাঁহ, কন্দা, ভয়, ভালপোৱা, ঘৃণা ইত্যাদি আৱেগ। উদাহৰণস্বৰূপে কিবা কথাত খং উঠিলে খং উঠা মানুহজনৰ মুখ মণ্ডলৰ অভিব্যক্তি সলনি হোৱা, শৰীৰ কঁপিবলৈ ধৰা, চকু-কাণ-মুখ ৰঙা আৰু শিথিল হৈ উঠা আদি দেহিক আৰু মানসিক পৰিৱৰ্তন সংঘটিত হয়।

দুটা আৱেগ হৈছে – 

(ক) ভালপোৱা।

(খ) ঘৃণা।

19. আৱেগৰ বৈশিষ্ট্যসমূহ কি কি?

Ans:- ১। একেটা পৰিৱেশেই বিভিন্ন ব্যক্তিৰ বাবে বিভিন্ন ধৰণৰ আৱেগৰ সৃষ্টি কৰিব পাৰে।

২। আৱেগে আৱেগৰ সৃষ্টি কৰে; যেনে ভালপোৱাৰ পৰা স্নেহ, শ্রদ্ধা, ভয়, ভক্তি আদিৰ সৃষ্টি হয়।

৩। আৱেগ এবাৰ জাগি উঠাৰ পিছত উপশম হ’লেও ইয়াৰ প্ৰভাৱ বহু দিনলৈ মনত ৰৈ যায়।

৪। সকলো আৱেগিক উত্তেজনাৰ কম-বেছি পৰিমাণে শাৰীৰিক অভিব্যক্তি থাকে।

৫। আৱেগ বিভিন্ন উদ্দীপকৰ দ্বাৰা জাগি উঠিব পাৰে।

৬। আৱেগ পৰাশ্রয়ী অর্থাৎ আৱেগ প্রবৃত্তিৰ পৰাই উদ্ভৱ হয়।

৭। বাস্তৱ পৰিৱেশৰ নানা জটিলতাই আৱেগ সৃষ্টি কৰিব পাৰে।

৮। আৱেগ সহজে নিয়ন্ত্ৰণ কৰিব পাৰি।

৯। আৱেগে কোনো কোনো ব্যক্তিৰ কৰ্মদক্ষতা বৃদ্ধি কৰে, কোনোৰ কৰ্মক্ষমতা হ্রাস কৰে আৰু বহুক্ষেত্ৰত একেবাৰে নাইকিয়া কৰে।

১০। বয়স বাঢ়ি অহাৰ লগে লগে আৱেগৰ প্ৰাৱল্য হ্রাস পাই আহে।

১১। আৱেগ সকলো জীৱৰ ক্ষেত্ৰত পৰিলক্ষিত হয় আৰু জীৱনৰ সকলো স্তৰতে জাগৰিত হয়।

20. আৱেগৰ প্ৰকাৰসমূহ কি কি? আলোচনা কৰা?

Ans:- (ক) মুখ্য বা প্রাথমিক আৱেগ (Primary Emotion) : পৰিৱেশৰ প্ৰবৃত্তিমূলক পৰিস্থিতিৰপৰা প্ৰত্যক্ষভাৱে পাব পৰা আৰু আন আৱেগৰ ওপৰত নিৰ্ভৰশীল নোহোৱা আৱেগকে মুখ্য বা প্রাথমিক আৱেগ বুলি কোৱা হয়। মেকডুগেলৰ মতে চৈধ্যতা প্ৰবৃত্তিৰ লগত জড়িত চৈধ্যতা আৱেগ হৈছে মুখ্য বা প্রাথমিক আৱেগ।

(খ) গৌণ বা দ্বিতীয়ক আৱেগ (Secondary Emotion) : একে সময়তে একেটা প্রবৃত্তিমূলক পৰিস্থিতিতে একাধিক আৱেগৰ সংমিশ্ৰণত সৃষ্টি হোৱা আৱেগসমূহক গৌণ বা দ্বিতীয়ক আৱেগ বোলা হয়, যেনে, একেখন ছবি বা একেটা কাহিনীতে অনুভৱ কৰা, ঘৃণা, কৃতজ্ঞতা, আত্মসন্মান আদি।

(গ) অন্যসম্ভূত বা উৎপাদিত আৱেগ (Derived Emotion) : ব্যক্তিমনৰ একোটা মানসিক অৱস্থাৰপৰা উদ্ভৱ হোৱাৰ বাবে ইয়াক উৎপাদিত আৱেগ বোলা হয়। ব্যক্তিমনৰ মাজত পূৰ্বৰপৰা সক্ৰিয় হৈ থকা কোনো ইচ্ছা-আকাংক্ষা, আশা-নিৰাশা, নিশ্চয়তাঅনিশ্চয়তা, আনন্দ, বিশ্বাস, হতাশা, অনুশোচনা, উদাসীনতা ইত্যাদি ভাবৰ পৰাই এইবিধ আৱেগৰ সৃষ্টি হয়।

21. আৱেগ আৰু প্ৰবৃত্তিৰ সম্বন্ধসমূহ কি কি?

relations Between Emotion and Instinct.

Ans:- (ক) দুয়োটাই জন্মসূত্ৰে লাভ কৰা বিশেষ মানসিক অৱস্থা আৰু ক্ষমতা।

(খ) দুয়োটাই জীৱৰ আনুষংগিক মানসিক কার্য।

(গ) প্ৰবৃত্তিৰ পৰাই বহু সময়ত জীৱৰ আৱেগিক চেতনা জাগি উঠে।

(ঘ) প্রত্যেক প্রবৃত্তিৰ লগতে একো একোটা আৱেগ জড়িত হৈ থাকে।

(ঙ) মেকডুগেলৰ মতে প্রবৃত্তি আৰু আৱেগ এটা আনটোৰ আনুষংগিক পর্যায়ক্রম ক্রিয়া অভিজ্ঞতাহে।

(চ) দুয়োটা মানসিক অৱস্থাই আমাক জীৱন নিৰ্বাহৰ বাবে চিন্তা কৰা আৰু কাৰ্যত প্ৰবৃত্ত হ’বলৈ প্ৰেৰণা যোগায়।

22. আৱেগ আৰু প্ৰবৃত্তিৰ পাৰ্থক্যসমূহ কি কি? Difference Between Emotion and Instinct.

Ans:- আৱেগঃ

(ক) আৱেগৰ ফলত সমগ্ৰ দেহত উত্তেজনা পৰিস্ফুট হয়।

(খ) আৱেগ হঠাতে জাগি উঠে।

(গ) আৱেগৰ সম্বন্ধ মনৰ লগত।

(ঘ) আৱেগ এবাৰ জাগৃত হ’লে তাৰ প্ৰভাৱ বহু সময়লৈকে থাকে, অর্থাৎ আৱেগৰ প্ৰভাৱ দীর্ঘস্থায়ী।

(ঙ) আৱেগৰ বাবে প্ৰবৃত্তিৰ প্ৰয়োজন।

(চ) আৱেগিক অভিজ্ঞতা ব্যক্তি সাপেক্ষে।

প্রবৃত্তিঃ

(ক) প্রবৃত্তিৰ ফলত দেহ মানসিক অৱস্থাৰ আভ্যন্তৰীণ ভাগহে উত্তেজিত হয়।

(খ) প্রবৃত্তি হঠাতে জাগিত নুঠে।

(গ) প্ৰবৃত্তিৰ সম্বন্ধ দেহৰ লগত।

(ঘ) প্ৰবৃত্তি জাগৃত হ’লে তাৰ ফল কম সময়ৰ বাবেহে থাকে, অৰ্থাৎ প্ৰবৃত্তিৰ প্ৰভাৱ ক্ষণস্থায়ী।

(ঙ) প্রবৃত্তিয়ে প্রাণীক কৰ্মপ্ৰেৰণা যোগায়।

(চ) প্ৰবৃত্তিৰ বাবে আৱেগৰ প্ৰয়োজন নহ’বও পাৰে।

(ছ) প্রবৃত্তিৰ অভিজ্ঞতা সার্বজনীন।

23. প্রবৃত্তিৰ বৈশিষ্ট্যসমূহ কি কি? Characteristics of Instinct.

Ans:- (ক) প্রবৃত্তি জন্মগত বা অনার্জিত। এইসমূহ সকলো জীৱই জন্মগ্ৰহণৰ লগে লগে উত্তৰাধিকাৰ সূত্ৰে লাভ কৰে।

(খ) জন্মৰ সময়ৰ পৰাই সহজাত প্রবৃত্তিৰ আত্মপ্রকাশ নহয়, ই লাহে লাহে হে প্রকাশ পায়।

(গ) সহজাত প্রবৃত্তি কোনো প্রাণী গোষ্ঠীৰ ক্ষেত্ৰত সার্বজনীন। উদাহৰণস্বৰূপে, মেকুৰীয়ে নিগনি ধৰাটো সহজাত প্রবৃত্তি। বিশ্বৰ সকলো মেকুৰীয়েই নিগনি ধৰে; গতিকে মেকুৰীৰ ক্ষেত্ৰত এইটো সার্বজনীন।

(ঘ) সহজাত প্রবৃত্তি বুদ্ধিমান আৰু বুদ্ধিহীন সকলো ব্যক্তিৰ ক্ষেত্ৰতে সমানে থাকে।

(ঙ) সহজাত প্রবৃত্তি আৰু আৱেগৰ মাজত এক নিবিড় সম্পর্ক আছে।

(চ) প্ৰতিটো প্ৰবৃত্তিৰ অন্তৰালত একো একোটা উদ্দেশ্য নিহিত হৈ থাকে।

(ছ) সহজাত প্রবৃতিবোৰে জাতিৰক্ষা, বংশৰক্ষা আৰু আত্মৰক্ষাৰ উদ্দেশ্য সাধন কৰে।

(জ) প্রবৃত্তিয়ে মানুহক বিভিন্ন কামৰ বাবে প্ৰেৰণা যোগায়।

(ঝ) জীৱই সমগ্ৰ জীৱনতে প্রবৃত্তিৰ প্ৰভাৱ অনুভৱ কৰা দেখা যায়।

24. শ্রেণীকক্ষত আৱেগিক প্ৰশিক্ষণৰ গুৰুত্ব বিচাৰ কৰা? Importance of emotional training in the classroom?

Ans: (ক) শিক্ষাৰ্থীৰ শাৰীৰিক ও মানসিক সুস্থ বিকাশৰ বাবে শিক্ষানুষ্ঠানৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু সুৰুচিপূৰ্ণ হ’ব লাগে। শিক্ষার্থীয়ে যাতে শিক্ষানুষ্ঠানক আপোন কৰি ল’ব পাৰে তাৰ বাবে সুন্দৰ, নির্মল, প্রেমময় আৰু শৃংখলিত পৰিৱেশৰ সৃষ্টি কৰি শিক্ষাৰ্থীৰ আৱেগক সুপৰিচালিত কৰিব পৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

(খ) শিক্ষকে শিক্ষাৰ্থীৰ সন্মুখত এক দয়াবান, হৃদয়বান, সহানুভূতিশীল, সৌহার্দ্যপূর্ণ ব্যৱহাৰৰ লোকৰূপে থিয় দিব লাগে। শিক্ষকৰ নিষ্ঠুৰ, অবিবেচক, কঠোৰ শাসনকাৰী আৰু কটু ব্যৱহাৰে শিক্ষাৰ্থীৰ মাজত ভয়, ক্রোধ, ঘৃণা, সংশয় আদি আৱেগহে জগাই তুলিব। সেয়ে শিক্ষকে শিক্ষাৰ্থীৰ সকলো সমস্যা সহানুভূতিৰে আৰু সচেতনতাৰে সমাধান কৰাত সহায় কৰিব লাগে।

(গ) শিক্ষকে শিক্ষাৰ্থীৰ সুস্থ আৱেগ সৃষ্টিৰ বাবে শিক্ষার্থীক বিদ্রুপ আৰু ব্যংগাত্মক মন্তব্য দিয়া, নিম্ন বুদ্ধিৰ বুলি তেওঁলোকৰ অসামৰ্থতাক নিৰুৎসাহজনক মন্তব্য দিয়া, শিষ্টাচাৰ বৰ্জিত ৰুঢ় আচৰণ প্ৰদৰ্শন কৰা, লঘু দোষত গুৰু শাস্তি দিয়া, কোনো শিক্ষার্থীক বেছি গুৰুত্ব দিয়া, কোনোক অৱহেলা কৰা ইত্যাদিৰ পৰা আঁতৰত থাকিব লাগে।

(ঘ) শিক্ষার্থীক আৱেগিক সুস্থ বিকাশ আৰু আত্মপ্ৰকাশৰ বাবে শিক্ষানুষ্ঠানত খেল-ধেমালি, সাহিত্যানুষ্ঠান, তর্ক প্রতিযোগিতা আৰু তর্কসভা, কবিতা আবৃত্তি, চিত্রাংকন, নৃত্যানুষ্ঠান, নাট্যাভিনয়, সংগীত চর্চা আদি সহ-পাঠ্যক্রমিক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগে। এনে কাৰ্যসূচীয়ে শিক্ষাৰ্থীৰ আত্মমর্যদা, আত্মবিশ্বাস, বন্ধুত্ব ভাব, সহানুভূতি আদি আৱেগসমূহ জগাই তোলাত সহায় কৰে।

(ঙ) শিক্ষাৰ্থীৰ মনত জাতি ধর্ম, বর্ণ, সম্প্রদায়, শ্রেণীভেদে আৱেগিক ঐক্য আৰু সংহতিৰ ভাব জগাই তুলিবৰ বাবে শিক্ষানুষ্ঠানত ৰাষ্ট্ৰীয় আৰু জাতীয় দিৱস, উৎসৱ-পাৰ্বন আদি পালনৰ ব্যৱস্থা কৰিব লাগে।

(চ) অত্যধিক আনন্দ, ঘৃণা, ভয় আদি আৱেগবোৰ বাধ্যতামূলকভাৱে দমন কৰাতকৈ শিক্ষাৰ্থীৰ সু-অভ্যাস গঠনৰ ব্যৱস্থা কৰি সেইবোৰ দমনৰ ব্যৱস্থা কৰিব লাগে। অন্যথা শিক্ষার্থীয়ে মানসিক বিকাৰৰ কবলত পৰিব পাৰে।

(ছ) যৌৱনকালত শিক্ষাৰ্থীৰ প্ৰৱল যৌন আৱেগবোৰৰ সুস্থ বিকাশ আৰু উন্নীতকৰণৰ বাবে উপযুক্ত যৌন শিক্ষা আৰু নৈতিক শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। এনে কৰিলে শিক্ষাৰ্থীসকলে আৱেগক নিয়ন্ত্ৰণ কৰি সংযমী হ’ব পাৰে।

(জ) শিক্ষাৰ্থীৰ সৃজনীমূলক প্ৰতিভাৰ বিকাশ সাধনৰ বাবে সময়ে সময়ে বিভিন্ন প্রতিযোগিতা, আলোচনাচক্র, দেৱাল লিখন ইত্যাদি কাৰ্যসূচীৰ ব্যৱস্থা কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top