ভাৰতৰ জনসংখ্যা ৰচনা | Population of India Essay in Assamese

ভাৰতৰ জনসংখ্যা ৰচনা | Population of India Essay in Assamese

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

আধুনিক বিশ্বত জনসংখ্যাৰ সমস্যা লৈ সকলোৱেই চিন্তাগ্রস্ত। পৃথিৱীৰ ক্ৰমাগত বৰ্দ্ধিত জনসংখ্যালৈ লক্ষ্য কৰি বহুতেই আশংকা কৰিছে যে এদিন হয়তো পৃথিৱীত ভৰি থোৱা ঠাইখিনিৰও অভাৱ হ’ব। কোনো কোনো বিজ্ঞানীয়ে এনে আশংকাও কৰিছে যে জনসংখ্যাৰ আধিক্যত পৃথিৱীয়ে হয়তো এদিন তাৰ ভাৰসাম্য হেৰুৱাই পেলাব। এই আশংকা যদি অমূলক বুলিও প্রমাণিত হয় তথাপি এই ভয় হোৱা অসংগত নহয় যে এদিন হয়তো আই বসুন্ধৰাই তাৰ অসংখ্য সন্তানৰ আহাৰ যোগাৰ কৰিব নোৱাৰিব।

ভাৰতৰ জনসংখ্যা ৰচনা

জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত পাশ্চাত্য দেশ আৰু ভাৰতৰ পাৰস্পৰিক তুলনা- জনসংখ্যা বৃদ্ধিৰ সমস্যাই ভাৰতৰ নিচিনা দুখীয়া দেশলৈ ভয়াবহ পৰিণতি মাতি আনিছে। তাৰ প্ৰধান কাৰণ নতুন নতুন ভূমিৰ আৱিষ্কাৰ আৰু বিস্ময়কৰ শিল্প বিপ্লৱে যেনেদৰে পাশ্চাত্যৰ দেশবোৰত খাদ্যভাৱ দূৰ কৰিছিল ভাৰতত সেইটো সম্ভৱ হোৱা নাই। তদুপৰি পাশ্চাত্য দেশবোৰত গণচেতনাৰ দ্ৰুত উন্মেষ ঘটিছে আৰু জনসংখ্যা প্ৰতিৰোধৰ ক্ষেত্ৰত পৰিয়াল পৰিকল্পনাবিলাক সফলভাৱে কাৰ্যকৰী হৈছে। আনহাতে ভাৰতৰ নিচিনা দুখীয়া দেশ এখন জনসংখ্যাৰ চাপত ভাৰতৰ অৰ্থনীতি অতি জুৰুলা হৈ পৰিছে। পৰাধীন ভাৰতত ইংৰাজ চৰকাৰেও জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে কোনো কাৰ্যকৰী পৰিকল্পনা গ্রহণ কৰা নাই। স্বাধীনতাৰ পিছতো দাৰিদ্ৰ আৰু নিৰক্ষৰতাৰ অভিশাপ ভাৰতৰ পৰা দূৰ হোৱা নাছিল। ফলত এই দেশত জনসংখ্যাৰ হাৰ দ্ৰুত বৰ্দ্ধমান।

অর্থনৈতিক উন্নতিৰ অন্তৰায়

জনসংখ্যা সমস্যা অর্থনৈতিক উন্নতিৰ প্ৰধান অন্তৰায়। উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে ভাৰতে যিবোৰ অৰ্থনৈতিক উদ্যোগ গ্ৰহণ কৰিছে সিবোৰ প্ৰতিটো পদে পদে বাধাৰ সন্মুখীন হৈছে দেশৰ অস্বাভাৱিক জনসংখ্যাৰ আধিক্যৰ ফলত। ক্রমবৰ্দ্ধমান জনসংখ্যাৰ অনুপাতে উৎপাদন ব্যৱস্থা আৰু বণ্টন পদ্ধতি যিদৰে ভাৰসাম্যহীন হৈ পৰিছে, দেশৰ ভৱিষ্যতৰ আশংকা তীব্ৰতৰ হৈছে। যিকোনো দেশৰ জনশীক্তক জনসম্পদ বুলি কোৱা হয়। ভাৰতত যি প্ৰাকৃতিক সম্পদ আছে তাকো জনশক্তিৰ লগত সুস্থ সমন্বয় সাধন কৰি অৰ্থনৈতিক উন্নয়নৰ বলিষ্ঠ পদক্ষেপ গ্রহণ কৰা সম্ভৱ হোৱা নাই। ইয়াৰ কাৰণে প্ৰয়োজন দূৰদৰ্শিতা, চৰকাৰী আৰু বেচৰকাৰী স্তৰত নানাবিধ উদ্যোগ গ্ৰহণৰ তৎপৰতা আৰু সুস্থ পৰিকল্পনা।

Read Also: যুৱ – উচ্ছৃংখলতা ৰচনা | Youth – Disorder Essay in Assamese

ভাৰতত জনসংখ্যা বৃদ্ধিৰ কাৰণ

ভাৰতত জনসংখ্যা বৃদ্ধিৰ কাৰণ কেবাটাও। প্ৰথমতে, আমাৰ নিচিনা গ্রীষ্মপ্রধান দেশৰ জলবায়ু স্বাভাৱিকতেই জনসংখ্যা বৃদ্ধিৰ অনুকূল। দ্বিতীয়তে, এই দেশৰ ‘বিবাহ ব্যৱস্থাও জনসংখ্যা বৃদ্ধিৰ অনুকূল। তৃতীয়তে, দাৰিদ্ৰ আৰু নিৰক্ষৰতাও জনসংখ্যা বৃদ্ধিৰ অন্যতম কাৰণ। চতুৰ্থতে, বানপানী আৰু খৰাং নিয়ন্ত্ৰণৰ ফলত দুৰ্ভিক্ষৰ পৰিস্থিতি নিবাৰিত, মৃত্যুহাৰ হ্ৰাসপ্রাপ্ত, মহামাৰী নিয়ন্ত্ৰিত তাৰ ফলত জনসংখ্যা ক্রমবদ্ধমান।

জনসংখ্যা বৃদ্ধি সমস্যাৰ প্ৰতিকাৰ

সেয়ে অবিলম্বে জনসংখ্যা নিয়ন্ত্ৰণ কৰি দেশৰ এই সমস্যাৰ সমাধানৰ কাৰণে তৎপৰ হ’ব লাগিব। প্রথমতে, জনসংখ্যা বৃদ্ধি প্ৰতিৰোধৰ কাৰণে প্ৰয়োজনীয় কর্মসূচীবোৰ গুৰুত্ব সহকাৰে ৰূপায়িত কৰিব লাগিব। এইক্ষেত্ৰত পৰিয়াল পৰিকল্পনা কর্মসূচীক সাৰ্থকভাৱে ৰূপায়নৰ কাৰণে ব্যাপক তৎপৰতাৰ প্ৰয়োজন। দ্বিতীয়তে, দাৰিদ্ৰ আৰু নিৰক্ষৰতাৰ বিৰুদ্ধে গণচেতনা জাগ্ৰত কৰিব পাৰিলে জন্মহাৰ নিয়ন্ত্রণ অধিকাংশ সম্ভৱ হ’ব। তৃতীয়তে, অর্থনৈতিক উন্নয়ণৰ কৰ্মসূচীক জনসংখ্যাৰ লগত সমন্বিত কৰিব লাগিব।

Read Also: Class 11 Education Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

মন্তব্য

প্ৰতিটো সমস্যাৰ সমাধান থাকে। ভাৰতৰ জনসংখ্যা সমস্যাৰো সমাধান আছে। গোটেই দেশজুৰি যিবোৰ সমস্যা, যেনে- দাৰিদ্ৰ, নিৰক্ষৰতা, কুসংস্কাৰ, বিভেদনীতি আৰু সংকীৰ্ণচিত্ততা আমাৰ সমাজক বান্ধি ৰাখিছে তাৰ পৰা মুক্তি পালেই সমগ্ৰ দেশৰ উন্নতি সম্ভৱ। আৰু এই উন্নতিৰ কাৰণে চৰকাৰৰ উপৰি সমগ্ৰ দেশবাসীক কর্মযজ্ঞত জঁপিয়াই পৰিব লাগিব ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top