Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

উত্তৰঃ ১৯৯৬ চনৰ মে’ মাহত অনুষ্ঠিত একাদশ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে ভাল ফলাফল প্ৰদৰ্শনত ব্যর্থ হয়। এই দলে মাত্র ১৪º খন আসনহে দখল কৰিবলৈ সমৰ্থ হয়। সেই সময়ত অনুষ্ঠিত কেইখনমান ৰাজ্যৰ বিধানসভা নিৰ্বাচনত (অন্ধ্র প্রদেশ, হাৰিয়ানা, কেৰেলা, তামিলনাড়ু, পশ্চিম বংগ, পণ্ডিচেৰী) কংগ্ৰেছ দলে বেয়াকৈ মুখ ঠেকেচা খায়। ১৯৯৬ চনত । জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনত কোনোমতেহে জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল।

১৯৯৬ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়তে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ কন্দলৰ সৃষ্টি হয়। তামিলনাডুৰ কংগ্ৰেছ নেতাসকলে কংগ্ৰেছৰ পৰা পৃথক হৈ তামিল মানিলা কংগ্ৰেছ গঠন কৰি বাওঁপন্থী { ভাৱধাৰাৰ কংগ্ৰেছী নেতা মাধৱৰাও সিন্ধিয়াই এই দলৰ নেতৃত্ব লয়। ১৯৯৬ চনৰ জুন মাহত কংগ্ৰেছ দলে বি এছ পি দলৰ সৈতে মিত্ৰতা কৰে আৰু উত্তৰ প্ৰদেশ বিধান সভা নিৰ্বাচনৰ পাছত মায়াৱতীক উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী পতাৰ সিদ্ধান্ত লোৱা হয়। এই নিৰ্বাচনত কংগ্ৰেছ বিএছপি মিত্র জোঁটে মাত্র ১০০ খন আসন লাভ কৰে (বিএছপি ৬৭ + কংগ্ৰেছ ৩৩)। 

বিজেপি সমতা পার্টি মিত্ৰজোঁটে ১৭৪ খন (বিজেপি ১৭২ + সমতা পাৰ্টি ২) আসন লাভ কৰে। এই ক্ষেত্ৰত কংগ্ৰেছ দলে ইউনাইটেড ফ্রণ্ট (সমাজবাদী পাৰ্টী, BKKP, JD, কংগ্ৰেছ (আই), চিপিএম আৰু চিপিআই)ৰ সমৰ্থন লাভৰ পৰা বঞ্চিত হ’ল। বিএছপিৰ লগত দলৰ সম্পৰ্কতো ঘূণে ধৰিবলৈ আৰম্ভ কৰিলে৷ পাছত ১৯৯৭ চনৰ মাৰ্চ মাহত বিএছপিয়ে বিজেপিৰ লগত হাত : মিলালে আৰু মায়াৱতীক মুখ্যমন্ত্ৰী হিচাপে লৈ উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিলে। ১৯৯৭ চনৰ ফেব্ৰুৱাৰী মাহত কংগ্ৰেছ দল আন এটা বিপৰ্যয়ৰ সন্মুখীন হ’ল যেতিয়া পঞ্জাৱ বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছে এছ এ ডি-বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে ভাল ফলাফল দেখুৱাব নোৱাৰিলে৷

কংগ্ৰেছ দলে মুঠ ১১৭ খন আসনৰ মাত্ৰ ১৪ খন আসনহে লাভ কৰিবলৈ সমৰ্থ হ’ল৷ কংগ্ৰেছ দলৰ আন্তঃকন্দল আৰু পি ভি নৰসিংহ ৰাও, চিদাম্বৰম, কল্পনাথ ৰায় আৰু অন্যান্য কেইবাজনো নেতাৰ ওপৰত দুৰ্নীতিৰ অভিযোগে দলটোক দুৰ্বল কৰি পেলাইছিল। 

আনকি কংগ্ৰেছ অধ্যক্ষ পদ পি ভি নৰসিংহ ৰাওৰ পৰা সীতাৰাম কেশৰীলৈ পৰিৱৰ্তন কৰিও তেওঁলোকে ভাৱমূর্তি উজ্জ্বল কৰিব নোৱাৰিলে। ১৯৯৭ চনৰ এপ্ৰিল মাহত কংগ্ৰেছ দলে এইচ ডি ডেৱেগোড়া নেতৃত্বাধীন ইউনাইটেড ফ্ৰন্ট চৰকাৰৰ পৰা সমর্থন প্রত্যাহাৰ কৰাৰ ফলত এক সাংবিধানিক সংকটৰ সৃষ্টি হয়। এই সংকটৰ পৰা ৰক্ষা পাবলৈ ইউনাইটেড ফ্ৰন্ট চৰকাৰখনৰ নেতৃত্বৰ বাবে ইন্দ্ৰ কুমাৰ গুজৰালক প্ৰধান মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হয়। কংগ্ৰেছ দলে এই নতুন চৰকাৰখনক সমর্থন জনাবলৈ আগবাঢ়ি আহিল আৰু দুয়োটা দলৰ মাজত সু-সম্পৰ্ক ৰক্ষা কৰিবলৈ ‘কংগ্ৰেছইউনাইটেড ফ্ৰণ্ট ষ্টিয়েৰিং কমিটী’ গঠন কৰে। যদিও এনেধৰণৰ পদক্ষেপে কংগ্ৰেছ দলৰ ভাৱমূর্তি উজ্জ্বল কৰিব নোৱাৰিলে। দলটো লাহে লাহে দুৰ্বল হৈ গৈ থাকিল। ১৯৯৭ চনৰ মে’ জুন মাহত কংগ্ৰেছ অধ্যক্ষ নির্বাচনক কেন্দ্ৰ কৰি দলটোৰ ভিতৰ চ’ৰাত 

কেইবাটাও সৰু ভাগ হৈ দলটো অধিক দুৰ্বল হৈ পৰে।

(ক) বিজেপি নেতৃত্বাধীন বহুদলীয় এন ডি এ জোঁট (১৯৯৯-২০০৪) (Rule of BJP led Multi Party NDA Coalition (1999-2004) : ১৯৯৮ চনৰ মাৰ্চৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে মাত্র ১৪১ খন আসন আৰু ২৫.৮২ শতাংশ ভোট লাভ কৰে। এই দলে দ্বিতীয় বৃহৎ দল (১৮২ খন আসন) হিচাপে নিৰ্বাচিত হয় আৰু বিৰোধী দল হিচাপে স্বীকৃতি পায়। এই নির্বাচনত ছোনীয়া গান্ধীয়ে কংগ্ৰেছ দলৰ হৈ ষ্টাৰ কেম্পেইনাৰ হিচাপে প্ৰচাৰ চলাই যদিও তেওঁৰ প্ৰচেষ্টাই দলটোক আগবঢ়াই নিয়াত বিশেষ সহায় নকৰিলে ৷ পাছত ছোনীয়া গান্ধী কংগ্ৰেছ দলৰ অধ্যক্ষ হয় আৰু কেইজনমান পুৰণা কংগ্ৰেছী নেতাই দলটোত পুনৰ যোগদান কৰে। তেওঁ দলটোক সক্ষম কৰি তুলিবলৈ চেষ্টা কৰে যদিও একো উন্নয়ন সাধন কৰিব নোৱাৰিলে। ত্রয়োদশ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে মাত্র ১১২ খন আসন লাভ কৰে। ১৯৯৯ চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা এই নির্বাচনতে কংগ্ৰেছ দলে সর্বনিম্ন আসন লাভ কৰে অৱশ্যে এই দলে লাভ কৰা ভোট শতাংশ হিচাপে ২ শতাংশ বেছি আছিল। ফলস্বৰূপে, কংগ্ৰেছ দল দ্বিতীয় সর্ববৃহৎ দল হিচাপে স্বীকৃত হয় আৰু ছোনীয়া গান্ধী ত্রয়োদশ লোকসভাৰ বাবে বিৰোধী দলৰ নেতা নির্বাচিত হয় ।

২০০০ চনত প্ৰায় কেইখনমান ৰাজ্যত কংগ্ৰেছ দলৰ অৱস্থা ভাল হয় আৰু ১৭ খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত – ৰাজস্থান, মধ্য প্রদেশ, জম্মু-কাশ্মীৰ (পিডিপিৰ সৈতে জোঁট বন্ধন কৰি), হিমাচল প্রদেশ, পঞ্জাৱ, উত্তৰাখণ্ড, মণিপুৰ, অসম, দিল্লী, কৰ্ণাটক (জেডিএছৰ সৈতে জোঁট বন্ধন), মহাৰাষ্ট্ৰ (এনচিপিৰ সৈতে জোঁট) কেৰেলা, মেঘালয় আৰু পণ্ডিচেৰীত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰে।

২০০৩ চনৰ কংগ্ৰেছ দলে ৰাজস্থান, মধ্য প্রদেশ আৰু ছত্তিশগড়ত ক্ষমতা হেৰুৱায়৷ এই দলে মাত্ৰ দিল্লীতহে ক্ষমতা দখল কৰে। ইয়াৰ পাছত কংগ্ৰেছ দলে বিজেপি নেতৃত্বাধীন এনডিএৰ বিৰুদ্ধে নতুন ৰণনীতি তৈয়াৰ কৰে। তেতিয়া এই দলে অন্য দলৰ লগত জোঁট বন্ধন কৰিবলৈ ধৰে। ফলস্বৰূপে, ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে কংগ্ৰেছ দলে RJD, LSJP, NCP, DMK, TRS, RP আৰু অন্যান্য দলৰ লগত জোঁট বন্ধন কৰিলে।

(খ) দুখন কংগ্ৰেছ নেতৃত্বাধীন বহুদলীয় ইউ. পিএ. জোঁট চৰকাৰ (২০০৪–২০১৪) (Two Congress led Multi Party UPA) : চতুৰ্দশ লোকসভা নির্বাচন (এপ্রিল, ২০০৪)ত কংগ্ৰেছ দলে তুলনামূলকভাৱে ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হয়। দলটোৱে অকলেই ১৯৯৯ চনৰ ১১৩ খন আসনৰ বিপৰীতে ২০০৪ চনত ১৪৫ খন আসন লাভ কৰে। ইয়াৰ সহযোগী ফলসমুহেও কিছু পৰিমাণে ভাল ফলাফল দেখুৱাবলৈ সমৰ্থ হয়। কংগ্ৰেছ নেতৃত্বাধীন মিত্র জোঁটে ২১৭ খন লোকসভাৰ আসন লাভ কৰে আৰু বাওঁপন্থী দলসমূহে বাহিৰৰ পৰা দিয়া সমর্থনত ২২ মে’, ২০০৪ চনত চৰকাৰ গঠন কৰে। আঠ বছৰ বিৰতিৰ মূৰত কংগ্ৰেছ দল পুনৰ কেন্দ্ৰৰ ক্ষমতালৈ আহে। এই দলে অন্ধ্রপ্রদেশ বিধান সভা নিৰ্বাচনত সুন্দৰ জয়ৰ মুখ দেখে। কর্ণাটকতো এই দলে জেডি (এছ) ৰ লগত জোঁট বন্ধন কৰি চৰকাৰ গঠন কৰে (২০০৭ চনত কৰ্ণাটকত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ আছিল)। মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে NCP ৰ লগত জোঁট বন্ধনেৰে চৰকাৰ গঠন কৰিবলৈ সমৰ্থ হয়। 

২০০৯ চনত কংগ্ৰেছ দলে নেশ্যনেল কনফাৰেন্সৰ লগত জোঁট বন্ধনেৰে জম্মু-কাশ্মীৰতো চৰকাৰ গঠন ২০০৯ চনত কংগ্ৰেছে লোকসভা নির্বাচন আৰু কেইখনমান প্ৰদেশৰ বিধান সভা নিৰ্বাচনত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হয়। লোকসভা নির্বাচনত এই দলে ২০৮ খন আসনত জয়েৰে যথেষ্ট আগ বাঢ়িবলৈ সমর্থ হয়। ইউপিএ ৰ সহযোগী দলে ২৬২ খন আসন লাভ কৰাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন এনডিএ দলে ১৫৭ খন আসনহে লাভ কৰিবলৈ সমর্থ হয়৷ ক্রমাগতভাৱে ই দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰত ক্ষমতা দখল কৰে। ই লগতে দিল্লী, হাৰিয়ানা, ৰাজস্থান, মহাৰাষ্ট্ৰ (এনচিপি- কংগ্ৰেছ জোঁট), অসম, জম্মু-কাশ্মীৰ (এনচি-কংগ্ৰেছ জোঁট) আৰু অন্য কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতক্ষমতা লাভ কৰে। ২০১১ চনৰ মে’ত পশ্চিম বংগ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছ-কংগ্রেছ মিত্ৰজোঁটে চিপিএম নেতৃত্বাধীন বাওঁমৰ্চাক হেৰুৱাই চৰকাৰ গঠন কৰে। এই মৰ্চা ক্ষমতালৈ আহি কংগ্ৰেছ দলক অতিৰিক্ত ক্ষমতা প্ৰদান কৰে ৷ কিন্তু কেইমাহমানৰ পাছতে কংগ্ৰেছ-টিএমচি জোঁট ভংগ হয় আৰু কংগ্ৰেছ পশ্চিমবংগত বিৰোধী দল হৈ পৰে ৷

৫৩। ভাৰতীয় ৰাজনীতিত কংগ্ৰেছ দলৰ বৃহৎ পতনৰ কাৰণবোৰ আলোচনা কৰা ৷ (Discuss the reasons for the massive decline of by the Congress party in Indian Politics.)

উত্তৰঃ প্ৰায় ২০১১ চনৰ পৰা কংগ্ৰেছ দলৰ জনপ্ৰিয়তা আৰু বিশ্বাসযোগ্যতা কমি আহিবলৈ ধৰে আৰু কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ চৰকাৰখন পতনৰ দিশে আগ বাঢ়ে।

(ক) প্ৰাৰম্ভিক অৱস্থাত, আন্না হাজাৰেৰ নেতৃত্বত দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হয়, তেওঁলোকে চৰকাৰী বিষয়াসকলৰ সকলো ধৰণৰ দুৰ্নীতি ৰোধ কৰিবলৈ জন লোকপাল বিধেয়কখন গ্ৰহণ কৰিবলৈ দাবী জনালে, এনে জনসাধাৰণৰ জনপ্ৰিয় আন্দোলন অদক্ষ হাতেৰে ব্যৱহাৰ কৰাৰ ফলত ইউপিএ চৰকাৰখনৰ ওপৰত কু-প্ৰভাৱ পৰিল। পাছত যেতিয়া বহুকেইটা কেলেংকাৰী—কমনৱেল্থ গেমছ, টু-জি, কয়লাখনি আৱণ্টন, ৱেষ্টলেণ্ড হেলিকপ্টাৰ ক্ৰয় কেলেংকাৰী আৰু আন বহুতো দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিল। ইউপিএ চৰকাৰখনৰ বিশ্বাসযোগ্যতা বহু বেছি পৰিমাণে বিধ্বস্ত হ’ল। তেওঁলোকে সু-শাসনৰ অভাৱ আৰু অপর্যাপ্ত কৰ্মৰাজিহে প্ৰদৰ্শন কৰিলে। ইয়াৰ লগে লগে বস্তুৰ বৰ্ধিত মূল্য বিশেষকৈ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, মুদ্রাস্ফীতি, অর্থনীতিৰ হাৰ নিম্নগামী, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ তুলনাত ভাৰতীয় টকাৰ মূল্য হ্ৰাস সকলো ধৰণৰ উন্নয়নমূলক কাৰ্যসূচী ইউপিএ চৰকাৰৰ কাৰ্যকালত বন্ধ হৈ পৰিল। 

ইউপিএ চৰকাৰৰ দুৰ্বল আৰু গণবিচ্ছিন্ন নেতাসকল, শাসনাধিষ্ঠ দলবোৰ আৰু কংগ্ৰেছ নেতৃত্বৰ মাজত স্পষ্ট বিভেদ সৃষ্টি, টিএমচি আৰু ডিএমকে দল ইউপিএ’ৰ পৰা বাহিৰ ওলাই অহাৰ লগে লগে বাহিৰৰ পৰা সমর্থন দিয়া সমাজবাদী পাৰ্টি আৰু বিএছপিৰ ওপৰত অধিক নিৰ্ভৰশীল হোৱা অদক্ষ শাসন।

(খ) কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীৰ দুৰ্বল নেতৃত্ব, বিশেষকৈ কিছুমান ভাল সিদ্ধান্ত আৰু আঁচনিৰ (খাদ্য সুৰক্ষা আইন, লোকপাল আইন, এনৰেগা)ৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপ ল’ব নোৱৰাৰ বাবে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ’চৰকাৰখনৰ স্থিতি দুৰ্বল হৈ আহিল ৷ একে সময়তে চৰকাৰখনৰ জনপ্ৰিয়তা, সমৰ্থন আৰু কাৰ্যক্ষমতাৰ ক্ষেত্ৰত প্ৰচণ্ড আঘাত পৰিল, বিশেষকৈ ইয়াৰ প্ৰধান প্রতিদ্বন্দ্বী দল বিজেপিৰ হাতত যিটো দলে দক্ষতা আৰু দৃঢ় কর্মপদ্ধতিৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আগবাঢ়ি আহিল ৷ তেওঁলোকে নৰেন্দ্ৰ মোদীক আগন্তুক লোকসভা নিৰ্বাচনত প্রধানমন্ত্রী পদৰ দাবীদাৰ বুলি ঘোষণা কৰিলে। ২০১৩ চনত অনুষ্ঠিত ৰাজ্যিক বিধানসভা সমূহৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ফলাফল বৰ দুৰ্বল আছিল৷

(গ) ২০১৪ চনৰ লোকসভা নির্বাচন উপলক্ষে কংগ্ৰেছ দলে প্ৰধানকৈ লালু প্রসাদ যাদৱৰ আৰজেডি, শাৰদ পাৱাৰৰ এনচিপি, ইউডিএফ (কেৰেলা) আৰু অন্য কেইটামান দলৰ সৈতে নিৰ্বাচনী মিত্ৰতা কৰিলে।বাওঁপন্থী দল প্ৰধানকৈ চিপিএম দলে শ্ল’গান দিলে “কংগ্ৰেছক (Defeat the Congress and Reject the BJP) পৰাজিত কৰা আৰু বিজেপিক বহিষ্কাৰ কৰা।” বিএছপি দলেও কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলৰে বিৰোধিতা কৰাৰ সিদ্ধান্ত ল’লে। এনে পৰিৱেশত কংগ্ৰেছ দলে ইউপিএৰ শক্তি বৃদ্ধি কৰা কঠিন হৈ পৰিল।

(ঘ) কংগ্ৰেছ আৰু তেওঁলোকৰ ইউপিএ জোঁটে বিজেপি নেতৃত্বাধীন অৰ্থাৎ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ’ দলৰ নিৰ্বাচনী প্ৰচাৰত বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ল। বৃহৎ সংখ্যক জনতাই বিজেপিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি দেশৰ বিভিন্ন প্ৰান্তত ‘মোদী ঢৌ’ৰ সৃষ্টি কৰিলে ৷ কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ দলৰ সপক্ষে নামমাত্ৰ সমৰ্থকৰ তুলনাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ শক্তিশালী আৰু ব্যাপক হোৱা পৰিলক্ষিত হ’ল। প্রথম পৰ্যায়ৰ ভোটদান আৰম্ভ হোৱাৰ আগতে ৭ এপ্রিলত হোৱা অপিনিয়ন প’লত আৰু অন্তিম পৰ্যায়ৰ ভোটদানৰ পাছত ১২ মে’ত হোৱা এক্সিট প’লৰ ফলাফলত বিজেপি নেতৃত্বাধীন এনডিএ দল বৃহৎ পৰিমাণে লাভৱান হোৱাৰ সম্ভাৱনা দেখা গ’ল।

(ঙ) লোকসভা নিৰ্বাচনৰ ফলাফল ২০১৪ চনৰ ১৬ মে’ত ঘোষণা কৰে, যিটোৱে সকলোবোৰ প’ল চাৰ্ভেৰ সত্যতা প্রমাণিত কৰি বিজেপি দলক এক স্পষ্ট জনাদেশ প্রদান কৰে, দলটোৱে ৫৪৩ খন লোকসভা আসনৰ ভিতৰত ২৮২ খন আসন লাভ কৰিবলৈ সমর্থ হয়। বিজেপিকে ধৰি এনডিএ’ৰ সকলোবোৰ সহযোগী দলে মুঠ ৩৩৬ খন আসন লাভ কৰে, যিটো নতুন লোকসভাৰ বাবে স্পষ্ট আৰু উপযুক্ত সংখ্যাগৰিষ্ঠতা। নিৰ্বাচনৰ ফলাফল কংগ্ৰেছ দলৰ বাবে মোক্ষম আঘাত হৈ পৰিছিল। কংগ্ৰেছে মাত্র ৪৪ খন লোকসভা আসন লাভ কৰে আৰু ইউপি য়ে মাত্র ৫৯ খন লোকসভাৰ আসন লাভ কৰিবলৈ সমৰ্থ হয় ।

কংগ্ৰেছ দলে লোকসভা নির্বাচনত সৰ্বনিম্ন আসন লাভ কৰে। কেইখনমান ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আনকি এই দলে খাটা খুলিবলৈকে সমর্থ নহ’ল৷ এই ৰাজ্যকেইখন হ’ল— গোৱা, গুজৰাট, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড, নাগালেণ্ড ওৰিষ্যা, ৰাজস্থান, চিকিম, তামিলনাড়ু, ত্ৰিপুৰা, উত্তৰাখণ্ড, অন্ধ্ৰ (চিমান্ধুৰা) এন চি আৰ দিল্লী আৰু কেন্দ্ৰীয় শাসিত আন্দামান-নিকোবৰ, চণ্ডিগড়, দাড্ৰা-নগৰ হাভেলী, দমন আৰু ডিউ, পণ্ডিচেৰী আৰু লাক্ষাদ্বীপ ৷

(চ) ১৯৯৯ আৰু ২০০৪ চনত কংগ্ৰেছ দলে দ্বাদশ আৰু ত্ৰয়োদশ লোকসভাত বিৰোধী দলৰ ভূমিকা ল’ব লগা হয়। এই পৰিস্থিতিয়ে দলটোক কেইটামান আঞ্চলিক আৰু স্থানীয় দলৰ লগত জোঁট বন্ধনৰ বাবে বাধ্য কৰে। এই পৰিৱৰ্তনে কংগ্ৰেছক কিছু হেৰোৱা আসন পুনৰুদ্ধাৰৰ সুযোগ দিয়ে। ২০০৪ আৰু পুনৰ ২০০৯ চনত কংগ্ৰেছ নেতৃত্বৰ জোঁট সংযুক্ত প্রগতিশীল মৰ্চাই একেলেথাৰিয়ে লোকসভা নিৰ্বাচনত দুবাৰকৈ ভাল জয়ৰ মুখ দেখে। কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ’ দলে ২০০৪ ৰ পৰা ২০১৪ চনলৈ ক্ষমতা লাভ কৰে। কিন্তু কংগ্ৰেছ নেতৃত্বাধীন ইউপিএ’ চৰকাৰখনে প্ৰধানকৈ দ্বিতীয়টো কাৰ্যকালত (২০০৯-২০১৪) জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণ কৰিব নোৱাৰিলে আৰু জনপ্রিয়তা হ্রাস পাবলৈ ধৰে ৷ ইউপিএ’চৰকাৰৰ দ্বিতীয় কার্যকালৰ শেষৰ তিনি বছৰ ২০১১-২০১৪ ত কংগ্ৰেছ দলৰ শক্তি বহুত পৰিমাণে কমি যায় । 

ইয়াৰ প্ৰভাৱ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিফলিত হয়, য’ত তেওঁলোকে নতুন লোকসভাত মাত্র ৪৪ খন আসন লাভ কৰে। ই আনকি লোকসভাৰ স্বীকৃতিপ্রাপ্ত বিৰোধী দলৰ সন্মান লাভৰ পৰাও বঞ্চিত হ’ল। কংগ্ৰেছ আৰু ইয়াৰ ইউপিএ সহযোগী দলে এই নিৰ্বাচনত বৃহৎ লোকচানৰ সন্মুখীন হ’ব লগাত পৰে। এই দলে বৰ্তমান কৰ্ণাটক, পঞ্জাৱ, হিমাচল, মেঘালয়, মণিপুৰ আৰু পণ্ডিচেৰীত ক্ষমতা দখল কৰি আছে। বিজেপি আৰু বিজেপি নেতৃত্বাধীন এনডিএ’ ক্ষমতালৈ আহে আৰু নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধান মন্ত্ৰী হয় ।

(ছ) ২০১৫ চনৰ বিহাৰ বিধানসভা নিৰ্বাচনত JD (U) আৰু R.J.D জোঁটে মহাগঠবন্ধন হৈ বিজেপি-নেতত্বাধীন নেচনেল ডেম’ক্রেটিক এলায়েন্সৰ বিৰুদ্ধে যুঁজ দিয়ে। এই নিৰ্বাচনৰ ফলাফলত এই এলায়েন্সে বিহাৰ বিধান সভাৰ মুঠ ২৪৩ খন আসনৰ ভিতৰত ১৭৮ (JDU ৭১, R.J.D ৮০ আৰু কংগ্ৰেছে ২৭ খন) খন আসন লাভ কৰে। তেতিয়া এই জোঁটবন্ধনে সন্মিলিত চৰকাৰ গঠন কৰে। যদিও ২০১৭ চনৰ জুলাই মাহত এই সন্মিলিত চৰকাৰখনে লালু প্রসাদ যাদৱৰ পুত্ৰ উপমুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ অত্যাধিক দুৰ্নীতিৰ অভিযোগত ক্ষমতা হেৰুৱায় যেতিয়া জেডিইউ দলে আৰজেডিৰ সংগ ত্যাগ কৰে। এই সন্মিলিত চৰকাৰখনক আঁতৰাই জেডিইউবিজেপি সংযুক্ত দলে চৰকাৰ গঠন কৰে। জেডিইউ-বিজেপি দলে বর্তমানো ক্ষমতাত আছে। 

২০১৭ চনৰ আগষ্ট মাহত জেডিইউ দলে আকৌ এনডিএ’ত যোগ দিয়ে। ই পাছত ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত বিজেপি দলৰ স্থান শক্তিশালী কৰে, আৰু এই পদ্ধতিয়ে কংগ্ৰেছ দলক বৃহৎ লোকচানৰ সন্মুখীন কৰে। আৰজেডিটিএমচি, এনচিপি আৰু আন বহুকেইটা দলে ভাৰতীয় ৰাজনীতিত বিজেপি নেতৃত্বাধীন এনডিএ’ৰ নতুন প্ৰভাৱশালী স্থিতিৰ সুবিধা ল’বলৈ চেষ্টা কৰিলে। 

(জ) ২০১৭ চনত কংগ্ৰেছে পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত ভাল ফল দেখুৱাবলৈ সক্ষম নহ’ল। ই কেৱল পঞ্জাৱত ১১৭ খনৰ ভিতৰত ৭৭ খন আসন লাভ কৰি ভাল ফল দেখুৱাবলৈ সক্ষম হ’ল ৷ উত্তৰ প্ৰদেশত কংগ্ৰেছ-সমাজবাদী পার্টি জোঁটে মাত্র ৫৪ খন আসন লাভ কৰাৰ বিপৰীতে মুঠ আসন ৪০৩ খনৰ ভিতৰত বিজেপিয়ে ৩২৫ খন আসন লাভ কৰে। ঝাৰখণ্ড, মণিপুৰ আৰু গোৱাত কংগ্ৰেছৰ অৱস্থা আশা কৰাতকৈ বহুত তলত থাকিল। কংগ্ৰেছ দলে বর্তমান কেৱল পঞ্জাৱ, হিমাচল প্রদেশ, কর্ণাটক, মেঘালয়, মিজোৰাম আৰু পণ্ডিচেৰীত ক্ষমতাত অধিস্থিত হৈ আছে। বৰ্তমান অৱস্থাত ভাৰতীয় ভোটৰ ৰাজনীতিত এই দলৰ স্থান অতি দুৰ্বল ৷

কংগ্ৰেছ দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল। এই দলৰ এক সোণোৱালী ইতিহাস আৰু ইয়াৰ অন্তৰালত বহুতো সফলতা লুকাই আছে। এই দলটো পুনৰ শক্তিশালী আৰু অধিক সক্ৰিয় হোৱাৰ সক্ষমতা আছে। তাৰবাবে ২০১৪ চনৰ পৰা ই সন্মুখীন হোৱা নিৰ্বাচনী বিপৰ্যয়ৰ পৰ্যালোচনা কৰা প্ৰয়োজন আহি পৰিছে। ই নিশ্চয় ইয়াৰ পূৰ্বৰ সাংগঠনিক গাঁথনি পুনৰুদ্ধাৰ, ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু আন্তঃদলীয় ক্ষমতাৰ গণতান্ত্রিকীকৰণ, ভাৰতীয় ৰাজনীতিত ইয়াৰ শক্তি বৃদ্ধি কৰি, পাই অহা পৰাজয়ক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি দলীয় একতা বজাই ৰাখি অভিজ্ঞ, স্পষ্টবাদী, সেৱাৰ মনোভাৱ থকা প্ৰকৃত জনপ্রিয় নেতৃত্বৰ দিশত গুৰুত্ব আৰোপ কৰিব লাগিব। ই এটা শক্তিশালী, কার্যক্ষম, অনুশাসনশীল দল হ’বলৈ চেষ্টা কৰিব লাগিব লগতে দলৰ ভিতৰত লবী গঠন আৰু প্ৰতিদ্বন্দ্বিতা আদি নিৰ্মূল কৰি শক্তিশালী কেন্দ্রীয় নেতৃত্বৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। তেনে পৰিস্থিতিৰ প্ৰেক্ষাপটত দলটিৰ উজ্জ্বল ভৱিষ্যতৰ সম্ভাৱনা কোনো প্ৰকাৰে নুই কৰিব নোৱাৰি।

৫৪। ভাৰতীয় দলীয় ব্যৱস্থাৰ আসোঁৱাহসমূহ আলোচনা কৰা। (Discuss the defects of Indian Party System.) 

উত্তৰঃ স্বাধীনতাৰ প্ৰায় ৭১ বছৰৰ পাছতো ভাৰতবৰ্ষত সুসংগঠিত ৰাজনৈতিক দলীয় ব্যৱস্থা নহ’ল ৷ সেয়েহে কোৱা হয় ভাৰতত ৰাজনৈতিক দল আছে কিন্তু দলীয় ব্যৱস্থা নাই (India has Political parties but no Party)। ভাৰতীয় দলীয় ব্যৱস্থাৰ মূল আসোঁৱাহসমূহ তলত দিয়া ধৰণেৰে আলোচনা কৰিব পাৰিঃ

(ক) স্বাধীনতাৰ বিগত দশকসমূহৰ অভিজ্ঞতাৰ পৰা এইটো পৰিলক্ষিত হয় যে ভাৰতবৰ্ষত মাথোঁ এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দৃশ্যপটত চমৎকাৰ সৃষ্টি কৰিছিল। সংগঠন, আদর্শ, জন-সমৰ্থন আদিৰ ফালৰ পৰা কংগ্ৰেছ দল আছিল সকলোৰে আগত, এনে একক দলৰ আধিপত্য হোৱাৰ বাবে কোনো দলেই সঠিকভাৱে বিকাশ লাভ কৰিব নোৱাৰিলে। অৱশ্যে সম্প্ৰতি ভাৰতীয় জনতা দলে কংগ্ৰেছ দলৰ আধিপত্যক ওফৰাই কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ ৰাজনীতিত শ্রেষ্ঠত্ব ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।

(খ) দলৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধিঃ ভাৰতত ৰাজনৈতিক দলৰ সীমা সংখ্যা নাই। এনে বহুদল আছে যাৰ প্ৰাৰ্থী কাহানিও নিৰ্বাচনত জয়ী হ’ব পৰা নাই। এনে অনাৱশ্যকীয় দলবিলাক ৰোধ কৰাটো নিতান্তই প্ৰয়োজনীয়।

(গ) দলবিলাকৰ সাংগঠনিক দুর্বলতাঃ তদুপৰি ভাৰতীয় ৰাজনৈতিক দলবিলাক কোনো এটাৰে সাংগঠনিক ভেঁটি দৃঢ় নহয়। প্রত্যেক দলৰে সোঁপন্থী, বাওঁপন্থী আদি উপদল দেখা যায় । ইয়ে দলবোৰক দুৰ্বল কৰি তোলে ৷

(ঘ) নিয়মানুৱৰ্তিতাৰ অভাৱঃ দলীয় সদস্যসকলৰ মাজত নিয়মানুবর্তিতাৰ অভাৱেও দলীয় ব্যৱস্থাক বাৰুকৈ জুৰুলা কৰিছে। দলীয় সংগঠনৰ সদস্যসকলৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে। দলৰ নীতি-নিয়মসমূহ মানি নচলাটো এক প্ৰকাৰৰ আইনত পৰিণত হৈছে।

(ঙ) ব্যক্তিগত স্বাৰ্থক গুৰুত্ব আৰোপকৰণঃ দলীয় ব্যৱস্থা ব্যক্তিগত আশা-আকাংশা পূৰণ কৰাৰ এক হাতিয়াৰ স্বৰূপ হৈ পৰিছে। বিশেষকৈ শাসনাধিষ্ঠ দলৰ সদস্য সকলে চৰকাৰৰ সকলো সা-সুবিধা গ্ৰহণ কৰিবলৈ যিকোনো মাধ্যম গ্ৰহণ কৰা দেখা যায়৷ পূৰ্বতে ৰাজনৈতিক পূজাৰ আহিলা হৈ পৰিছে।

(চ) দলীয় আদৰ্শৰ অভাৱঃ বৰ্তমান ৰাজনৈতিক দলসমূহত সুস্থ আদৰ্শ আৰু নীতিৰ অভাৱ পৰিলক্ষিত হয়। ক্ষমতাৰ আকাংক্ষাত দলীয় আদর্শ মুহূৰ্ততে পৰিত্যাগ কৰা হয়। পৰস্পৰৰ বিৰোধিতা কৰি অহা এটা দলে নিৰ্বাচনৰ পাছত মিত্ৰতা কৰা দেখা যায়। এনে এক অৱস্থা পাইছে গৈ যে উত্তৰ প্ৰদেশৰ দৰে এক গুৰুত্বপূৰ্ণ ৰাজ্যত চৰকাৰ দুটা দলৰ মাজত ছমাহৰ মূৰত সাল-সলনি কৰাৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হয়।

(ছ) হিংসাৰ ৰাজনীতিঃ হিংসাই ভাৰতীয় ৰাজনৈতিক দলসমূহত বাৰুকৈয়ে শিপাইছে। নিৰ্বাচনত জয়লাভ কৰাৰ বাবে বহু সময়ত ৰাজনৈতিক দলে হিংসাৰ আশ্ৰয় লয়। বিপৰীত দলৰ প্ৰাৰ্থীক বহু সময়ত হিংসাৰ দ্বাৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা ৰোধ কৰা হয়। সেইবাবে ৰাজনৈতিক দলসমূহে অসামাজিক শক্তিৰ লগত হাত মিলোৱা দেখা যায় ।

(জ) উচ্চ-আদর্শ সম্পন্ন ব্যক্তিৰ অভাৱঃ ভাৰতীয় দলীয় ব্যৱস্থাত নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো ইমান এক ব্যয় বহুল প্ৰক্ৰিয়া হৈ পৰিছে যে আৰ্থিকভাৱে স্বচ্ছল নোহোৱা কোনো ব্যক্তিয়ে নির্বাচনত নামিব নোৱাৰে। ফলশ্ৰুতিত, ৰাজনৈতিক দলত দুৰ্নীতি পৰায়ণ আৰু অসামাজিক কাৰ্য্যত লিপ্ত লোকৰ অবাধ বিচৰণ হৈছে। গোটেই ব্যৱস্থাটো ইমান দুৰ্নীতিপৰায়ণ হৈছে যে কোনো শান্তিপ্রিয় লোকে এনে এটা ব্যৱস্থাৰ অংশীদাৰ হ’বলৈ আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত নহয় ৷

(ঝ) দলত্যাগঃ দলত্যাগ ভাৰতীয় দলীয় ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈ পৰিছে। কোনো ৰাজনৈতিক দলেই এই ব্যৱস্থাৰ পৰা মুক্ত নহয়। ক্ষমতা দখল কৰিবৰ বাবে যি কোনো মূহুৰ্ততে দলত্যাগ কৰিবলৈ কিছুমান সদস্য সদা প্রস্তুত থাকে। ১৯৮৫ চনত দলত্যাগ বিৰোধী আইনৰ জৰিয়তে এই সমস্যা ৰোধ কৰিবলৈ যত্ন কৰা হৈছিল।

(ঞ) আন্তঃ দলীয় গণতন্ত্ৰৰ অভাৱঃ অভাৱেও ভাৰতীয় দলীয় ব্যৱস্থাক বাৰুকৈ জুৰুলা কৰিছে। অধিকভাৱে নেতৃত্ব কেন্দ্ৰিক হোৱা বাবে দলীয় নির্বাচন সহজতে অনুষ্ঠিত নহয়। দলৰ নেতৃবৃন্দই কাৰ্যৰ সমালোচনা কেতিয়াও সহ্য নকৰে। একেজন নেতাই বছৰৰ পিচত বছৰ জুৰি নেতা হৈ থাকিব বিচাৰে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top