Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি

Join Telegram channel

Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

২৮৷ ভাৰতবৰ্ষৰ নিৰ্বাচন ব্যৱস্থাটোৰ সংস্কাৰৰ কাৰণে পৰামৰ্শ সমূহ উল্লেখ কৰা। (Mention the suggestions for reforming the electoral system in India.)

উত্তৰঃ আমাৰ দেশত নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা আছে যদিও, এই নির্বাচন ব্যৱস্থাৰ আসোঁৱাহ আছে ৷ নিৰ্বাচন ব্যৱস্থাৰ সংস্কাৰৰ কাৰণে তলত কিছু পৰামৰ্শ উল্লেখ কৰা হ’ল—

(ক) আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাত ধনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। ৰাজনৈতিক দল আৰু দলীয় নেতাসকলে পুঁজিপতিসকলৰ পৰা নিৰ্বাচনৰ কাৰণে ধন সংগ্ৰহ কৰে। ফলত তেওঁলোকে পুঁজিপতিসকলৰ সন্তুষ্টিৰ প্ৰতি লক্ষ্য ৰাখি কাৰ্যনিৰ্বাহ কৰিবলগা হয়। পুঁজিপতি সকলৰ পৰা ধন সংগ্ৰহ কৰা নিয়ম বন্ধ কৰিব পাৰিলে নির্বাচিত সদস্যসকলে স্বাধীনভাৱে কাৰ্যনিৰ্বাহ কৰিব পাৰিব।

(খ) নিৰ্বাচনৰ ফলাফলৰ বিষয়ত ধনৰ ভূমিকা হ্ৰাস কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে প্ৰতিজন প্ৰাৰ্থীৰ কাৰণে কিমান পৰিমাণৰ ধন খৰচ কৰিব পাৰি তাৰ সীমা নিৰ্ধাৰণ কৰা উচিত ৷ নিৰ্ধাৰিত পৰিমাণতকৈ বেছি ধন খৰচ কৰা প্ৰাৰ্থীক শাস্তি দিয়াৰ ব্যৱস্থা থকা উচিত। 

(গ) নিৰ্দিষ্ট আইনৰ জৰিয়তে ৰাজনৈতিক দলসমূহক হিচাব ৰখাৰ কাৰণে বাধ্য কৰা উচিত ৷ ৰাজনৈতিক দলসমূহে খৰচ কৰাৰ ধনৰ হিচাপ নিৰ্বাচনী আয়োগৰ ওচৰত দাখিল কৰাৰ ব্যৱস্থা থকা উচিত।

(ঘ) প্ৰতিজন ভোটাৰক নিজৰ নিজৰ ফটোসহ পদবীৰ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা উচিত। এই ব্যৱস্থাই জাল ভোটদান কৰা ব্যৱস্থা বন্ধ কৰিব পাৰে।

(ঙ) ভোটাৰসকলৰ ভোটদান কৰাৰ সুবিধাৰ কাৰণে ভোটাৰ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা | উচিত। প্রত্যেক সমষ্টি আৰু ভোটাৰ কেন্দ্ৰৰ কাৰণে পৰ্যবেক্ষক নিয়োগ কৰা উচিত। 

(চ) কোনো ৰাজনৈতিক দলে যাতে চৰকাৰী ক্ষমতা প্রয়োগ কৰি নিৰ্বাচনৰ সময়ত সুবিধা গ্ৰহণ কৰিব নোৱাৰে, সেই উদ্দেশ্যে নিৰ্বাচনৰ আগতে ৰাষ্ট্ৰপতিৰ শাসন প্ৰয়োগ কৰা উচিত ৷

(ছ) আমাৰ দেশত বেছি সংখ্যক লোক অশিক্ষিত, ফলত ভালেমান ভোট নষ্ট হয়। এই ব্যৱস্থা বন্ধ কৰাৰ উদ্দেশ্যে ইলেকট্রনিক ভোটিং মেচিন ব্যৱহাৰ কৰা উচিত।

(জ) ৰাজনীতিৰ পৰা অপৰাধীসকলক বহিষ্কাৰ কৰাৰ উদ্দেশ্যে অপৰাধত জড়িত ব্যক্তিক নিৰ্বাচিত প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা থকা উচিত। এনে ব্যক্তিয়ে নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে ৰাজনৈতিক ক্ষমতা প্রয়োগ কৰি অপৰাধমুক্ত হ’বলৈ চেষ্টা কৰিব পাৰে। সেয়েহে সামাজিক ন্যায় প্রতিষ্ঠা কৰা স্বাৰ্থৰ খাতিৰত এনে ব্যক্তিক নিৰ্বাচনৰ প্রতিদ্বন্দ্বিতা কৰাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা থকা উচিত।

(ঝ) শাসনৰ দায়িত্বত থকা দলে যাতে চৰকাৰী শাসনতন্ত্ৰ প্ৰয়োগ কৰি নিৰ্বাচনত সুবিধা। গ্ৰহণ কৰিব নোৱাৰে, সেই বিষয়ত সতর্কতা অৱলম্বন কৰা উচিত।

(ঞ) ভোটৰ কেন্দ্ৰত যাতে কোনো লোকে বলপূর্বক ব্যৱহাৰ কৰিব নোৱাৰে, সেইবাবে প্ৰয়োজনীয় সংখ্যক পুলিচৰ ব্যৱস্থা কৰা উচিত।

(ট) মুখ্য নির্বাচন আয়ুক্তক উচ্চতম আদালতৰ প্ৰধান বিচাৰপতি, প্রধানমন্ত্ৰী আৰু লোকসভাৰ বিৰোধী দলৰ নেতাৰ লগত আলোচনা কৰি নিয়োগ কৰা পদ্ধতি প্ৰচলন কৰা উচিত।

(ঠ) সংবিধানত মুখ্য নির্বাচন আয়ুক্তৰ কোনো ধৰণৰ অৰ্হতাৰ বিষয়ে উল্লেখ কৰা নাই৷ সেয়েহে উপযুক্ত মুখ্য নির্বাচন আয়ুক্তক নিয়োগ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বিধানমণ্ডলে গ্রহণ কৰা আইনত মুখ্য নির্বাচন আয়ুক্তৰ অৰ্হতা, চাকৰিৰ ম্যাদ আৰু চাকৰিৰ ব্যৱস্থাবলীক নিৰ্ধাৰণ কৰা উচিত।

২৯৷ ভাৰতীয় ভোটাৰৰ আচৰণৰ প্ৰভাৱ পেলোৱা উপাদানসমূহ ব্যাখ্যা কৰা ৷ (Explain the factors influencing the behavior of Indian voters.)

উত্তৰঃ আমাৰ দেশৰ ভোটাৰ সকলৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা উপাদানসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ধৰ্মৰপ্ৰভাৱঃ আমাৰ দেশত ধৰ্মীয় আদৰ্শই ভোটাৰসকলৰ আচৰণৰ ওপৰত ভালেখিনি প্ৰভাৱ বিস্তাৰ কৰে৷ প্ৰাৰ্থী নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ভোটদানৰ সময়লৈকে ভোটাৰসকলে নিজৰ নিজৰ ধৰ্মৰ লোকক প্রতিনিধি নির্বাচিত কৰি পঠোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। ভোটাৰসকলে নিজৰ ধৰ্মৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে।

(খ) জাতিৰ প্ৰভাৱঃ আমাৰ দেশৰ মানুহৰ মাজত ধৰ্মৰ বিষয়ত বিভিন্নতা থকাৰ নিচিনা বিষয়তো বিভিন্নতা আছে। চহৰনগৰ অঞ্চলত জাতিৰ প্ৰভাৱ কিছু পৰিমাণে কমি আহিছে যদিও গাঁও অঞ্চলত জাতিভেদৰ প্ৰভাৱ কমা নাই। ভাৰতবৰ্ষত বিভিন্ন অঞ্চলত ভোটাৰৰ ওপৰত জাতিৰ প্ৰভাৱ দেখা যায়। যেনে-উত্তৰ প্ৰদেশত ৰাজপুত, ব্ৰাহ্মণ, যাদৱ, জাঠ; বিহাৰৰ ব্রাহ্মণ-কায়স্থ, ৰাজপুত; তামিলনাডুত ব্রাহ্মণ-অব্রাহ্মণ; কৰ্ণাটকত লিঙ্গায়েত, ভোকালিংগা আদি জাতিৰ ভিত্তিত নিৰ্বাচনী আচৰণ নিয়ন্ত্ৰণ কৰে৷

(গ) সম্প্ৰদায়ৰ প্ৰভাৱঃ সাম্প্রদায়িক চিন্তাধাৰায়ো ভোটাৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে৷ ভোটাৰসকলে নিজৰ সম্প্ৰদায়ৰ লোকক প্রতিনিধি হিচাবে নিৰ্বাচিত কৰা কামনা কৰে। আমাৰ দেশত কোনো কোনো অঞ্চলত সাম্প্ৰদায়িক ৰাজনীতি প্রচলন থকা দেখা যায়। উদাহৰণস্বৰূপে অন্ধ্ৰপ্ৰদেশত তেলেগু সম্প্ৰদায়ৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে এন.টি. ৰামাৰাওৱে “তেলেগু দেশম” দলৰ সৃষ্টি কৰিছিল ৷

(ঘ) ভাষাৰ প্ৰভাৱঃ ভাষাই প্রত্যক্ষ আৰু পৰোক্ষভাৱে ভোটাৰসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। ভাষা নিৰ্বাচনৰ ফলাফল নির্ণয় কৰাৰো উদাহৰণ আছে। যেনে- হিন্দী ভাষাৰ প্রতি কেন্দ্ৰীয় চৰকাৰৰ অনুকূল ধাৰণা আৰু এই ভাষাক সৰ্বভাৰতীয় ভাষা হিচাবে প্রতিষ্ঠা কৰিবলৈ চেষ্টাৰ ফলত ১৯৫৭ চনত তামিলনাডুৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয় হৈছিল। ভাষাৰ কাৰণে অসমত আন্দোলন হোৱাৰ উদাহৰণ আছে।

(ঙ) শ্ৰেণীৰ প্ৰভাৱঃ জাতি, ধৰ্ম, ভাষা আদিৰ নিচিনা শ্ৰেণীগত চিন্তাধাৰায়ো আমাৰ দেশৰ ভোটাৰসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। শ্রমিক শ্ৰেণীৰ ভোটাৰসকলে সাম্যবাদী আদর্শ সমৰ্থন কৰা দলসমূহৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰে। আনহাতে ধনীশ্ৰেণীৰ ভোটাৰসকলে পুঁজিবাদৰ প্ৰতি সমর্থন জনোৱা ৰাজনৈতিক দলৰ প্ৰাৰ্থীক সমৰ্থন কৰি ভোটদান কৰা দেখা যায়।

(চ) পৰিয়াল আৰু বন্ধুগোষ্ঠীৰ প্ৰভাৱঃ আমাৰ ভোটদাতাৰ ৰাজনৈতিক আচৰণ নিৰ্ণয় কৰাত পৰিয়াল আৰু বন্ধুগোষ্ঠীৰ ভূমিকাও কম নহয়। আন আন দেশৰ নিচিনা আমাৰ দেশতো পৰিয়ালৰ সদস্যকল পাৰিবাৰিক ৰাজনৈতিক ধাৰাৰ প্ৰতি সমর্থন জনায়। সেইদৰে বন্ধুবান্ধবসকলৰ প্ৰভাৱেও ভোটাৰৰ ৰাজনৈতিক আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

(ছ) আৰ্থিকশক্তিৰ প্ৰভাৱঃ ভোটদাতাৰ ৰাজনৈতিক আচৰণ নিৰ্ণয় কৰাৰ বিষয়ত আর্থিক শক্তিয়েও গুরুত্বপূর্ণ প্রভাৱ বিস্তাৰ কৰে। আমাৰ দেশৰ অধিকাংশ ভোটাৰ অশিক্ষিত। তেওঁলোকে নিজৰ বিচাৰ-বুদ্ধি প্ৰয়োগ কৰি ভোটদান কৰিবলৈ শিকা নাই। দুখীয়াৰ দুখ মোচনৰ বাবে নানা ধৰণৰ আঁচনিৰ উল্লেখ কৰা হয় যদিও তেওঁলোকৰ দুখ নকমে বৰং বাঢ়িহে আছে। সেয়েহে নিৰ্বাচনৰ সময়ত কিবা এবিধ পালেই তেওঁলোক সন্তুষ্ট হয় আৰু তেনে প্ৰাৰ্থীৰ প্ৰতি সমর্থন জনায়। পুঁজিপতি সকলেও নিজৰ স্বাৰ্থৰক্ষাৰ কাৰণে দলৰ প্ৰতি আর্থিক সাহায্য আগবঢ়ায়। অর্থাৎ আর্থিক শক্তিয়েও ভোটদাতাৰ আচৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে ৷

(জ) দলীয় কাৰ্যসূচীঃ ৰাজনৈতিক দল সমূহৰ কাৰ্যসূচীৰ ভিত্তিতো ভোটাৰ কিছুমানে সিদ্ধান্ত গ্ৰহণ কৰে। নিৰ্বাচনৰ আগতে ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰে। এই ইস্তাহাৰত দলৰ নীতি আৰু কাৰ্যসূচীৰ বিষয়ে উল্লেখ কৰা থাকে। উদাহৰণস্বৰূপে ১৯৭১ চনৰ নিৰ্বাচনত ইন্দিৰা গান্ধীৰ “গৰীৱি হটাও” ধ্বনিয়ে ভোটাৰসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।

(ঝ) নেতাৰভাৱমূৰ্তিঃ নেতৃত্ব স্থানীয় ব্যক্তিৰ ব্যক্তিত্বই ভোটাৰ সকলৰ ৰাজনৈতিক আচৰণ নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । উদাহৰণস্বৰূপে— প্ৰধানমন্ত্রী ইন্দিৰা গান্ধীৰ ভাৱমূৰ্তি কংগ্ৰেছক, অন্ধ্ৰপ্ৰদেশত টি.এন. ৰামাৰাও আৰু তামিলনাডুত এম.জি. ৰাজচন্দ্ৰৰ ব্যক্তিগত ভাৱমূর্তি নির্বাচনত জয়লাভ কৰাত সহায় কৰিছিল ।

(ঞ) ৰাজনৈতিক আদৰ্শঃ দলীয় ৰাজনৈতিক আদর্শ যেনে- কোনো কোনো ৰাজনৈতিক দলে সমাজৰ দ্ৰুত পৰিৱৰ্তন বিচাৰিব পাৰে, কোনো দলে গণতন্ত্ৰৰ প্ৰতি সমৰ্থন জনাব পাৰে আকৌ কোনো দলে ধৰ্মনিৰেপেক্ষ নীতিৰ প্ৰতি সমৰ্থন জনাব পাৰে। দলৰ এই আদর্শই ভোটাৰসকলৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে।

৩০। ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা ৷ (Describe the features of the political party system in India.) 

উত্তৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ হৈছে—

(ক) ভাৰতবৰ্ষত কংগ্ৰেছ, ভাৰতীয় জনতা দল, মার্ক্সবাদী কমিউনিষ্ট দল, সমাজবাদী দল, বহুজন সমাজবাদী দল, জনতা দল আদি কিছুমান দল আছে। ধর্ম, বর্ণ, অঞ্চল বিশেষে বহুতো ৰাজনৈতিক দল গঢ় লৈ উঠিছে৷ অৱশ্যে কিছুমান দল মাত্ৰ নিৰ্বাচনৰ সময়তহে সৃষ্টি হয়।

(খ) ধৰ্ম নিৰপেক্ষতা ভাৰতীয় দলীয় ব্যৱস্থাৰ এটা প্রধান বৈশিষ্ট্য। ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছে। বিভিন্ন ধর্মাবলম্বী লোকেৰে গঠিত ভাৰতবৰ্ষৰ ৰাজনৈতিক দলবোৰ সেইবাবে ধৰ্ম নিৰপেক্ষতা গ্ৰহণ কৰিছে। ৰাজনৈতিক দলবোৰ ধর্ণ-বর্ণ-জাতি নির্বিশেষে সকলো লোককে সদস্য পদ দিয়ে।

(গ) ভাৰতত প্ৰায়বোৰ ৰাজনৈতিক দলৰে সৰহসংখ্যক ৰাজনৈতিক দলৰ প্ৰভাৱ বিশেষ বিশেষ অঞ্চলতহে সীমিত। সৰহ সংখ্যক ৰাজনৈতিক দলৰে তণমূল পৰ্যায়ৰ লগত সংযোগ নাই।

(ঘ) ভাৰতৰ ৰাজনীতিত ব্যক্তি প্রাধান্য পৰিলক্ষিত হয়। ভাৰতবৰ্ষত নীতি বা আদৰ্শতকৈ ব্যক্তিক অধিক প্রাধান্য দিয়া হয় ৷ ভাৰতীয় কংগ্ৰেছত আৰম্ভণিৰে পৰা ব্যক্তি প্রাধান্য পৰিলক্ষিত হয়। 

(ঙ) ভাৰতবৰ্ষত প্ৰায়বোৰ প্ৰভাৱ গোষ্ঠী ৰাজনৈতিক দলৰ দ্বাৰা নিয়ন্ত্রিত হয়।

(চ) ভাৰতৰ প্ৰায়বোৰ ৰাজনৈতিক দলৰ নীতি আদৰ্শৰ অভাৱ দেখা যায়। নির্বাচনী ইস্তাহাৰসমূহত প্ৰায়বোৰ ৰাজনৈতিক দলৰ নীতি-আদৰ্শৰ প্ৰকাশ পায় যদিও জনসাধাৰণৰ স্বাৰ্থ পূৰণ কৰাতকৈ দলীয় স্বার্থ বা ব্যক্তিগত স্বাৰ্থহে পূৰণ কৰা হয় ।

(ছ) দল ত্যাগ ব্যৱস্থা ভাৰতৰ ৰাজনীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য।

(জ) ভাৰতৰ ৰাজনীতিত সন্মিলিত চৰকাৰ গঠনৰ প্ৰৱণতা ক্রমান্বয়ে বৃদ্ধি পাইছে। ভাৰতবৰ্ষৰ বহু সময়ত কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা আহৰণ কৰিব নোৱাৰে তেতিয়া কেইটামান দল মিলি চৰকাৰ গঠন কৰাৰ ব্যৱস্থাই গা কৰি উঠিছে।

(ঝ) ভাৰতৰ ৰাজনৈতিক দলৰ মাজত শক্তিশালী বিৰোধী দলৰ প্ৰভাৱো ইয়াৰ আন এটা বৈশিষ্ট্য । ভাৰতৰ দলীয় ব্যৱস্থা বহুধা বিভক্ত হোৱাৰ বাবে শক্তিশালী বিৰোধী দলৰ অভাৱ পৰিলক্ষিত হয় ।

(ঞ) ভাৰতৰ বিভিন্ন অঞ্চলত ভাষা আৰু জাতিৰ ভিত্তিত আঞ্চলিক দল গঠনৰ প্ৰক্ৰিয়া বৃদ্ধি হোৱাত ৰাজনৈতিক দলসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

(ট) ৰাজনৈতিক দলবোৰে নীতি নিৰ্ধাৰণ কৰোঁতে প্ৰভাৱ গোষ্ঠীৰ স্বাৰ্থ মনত ৰাখি কাম কৰে । ইয়াৰ দ্বাৰা ৰাজনৈতিক দলবোৰে নিজৰ দলীয় স্থিতি মজবুত কৰিবলৈ চেষ্টা কৰে

৩১। ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ দোষ আৰু গুণৰ বিষয়ে আলোচনা কৰা৷ (Discuss the merits and demerits of India’s political party system.)

উত্তৰঃ ভাৰতবৰ্ষ এখন গণতান্ত্রিক দেশ। গণতান্ত্রিক দেশত ৰাজনৈতিক দলবিলাকে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ ৰাজনৈতিক দলৰ গুণ আৰু দোষবোৰ তলত আলোচনা কৰা হ’ল।

ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ গুণসমূহ হ’ল—

(ক) ৰাজনৈতিক দল নোহোৱাকৈ গণতান্ত্ৰিক চৰকাৰ গঠন কৰিব নোৱাৰি৷ সেইদৰে গণতন্ত্ৰৰ কৃতকাৰ্যতাও ৰাজনৈতিক দলৰ ওপৰতে নিৰ্ভৰশীল সেই কাৰণে লৰ্ডব্ৰাইচে কৈছে ৰাজনৈতিক দল অপৰিহাৰ্য। কোনো স্বাধীন ৰাষ্ট্ৰ চৰকাৰ ৰাজনৈতিক দল নহ’লে গঠন হ’ব নোৱাৰে৷

(খ) ৰাজনৈতিক দলে শৃংখলাবদ্ধভাৱে দেশৰ জনসাধাৰণে সন্মুখীন হোৱা সমস্যাবিলাক অধ্যয়ন কৰি সমাধান কৰাত সহায় কৰে। ৰাজনৈতিক দল নাথাকিলে জনসাধাৰণে সংগঠিত ৰূপত নিজৰ মতামত ব্যক্ত কৰিব নোৱাৰে।

(গ) ৰাজনৈতিক দলে জনসাধাৰণক বিনামূলীয়াকৈ ৰাজনৈতিক শিক্ষা দিয়াত সহায় কৰে। তেওঁলোকে সভা সমিতি পাতি গোহাৰি, পুস্তিকা, আলোচনী, বাতৰি কাকত প্ৰকাশ কৰি জনসাধাৰণে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে অৱগত কৰায়।

(ঘ) ৰাজনৈতিক দলে চৰকাৰৰ নীতি আৰু কাৰ্যাৱলী সমালোচনা কৰি ইয়াত দেশৰ ত্রুটিবিলাক আঙুলিয়াই দিয়াৰ উপৰিও অন্য দলৰ নীতি কাৰ্যাৱলী সমালোচনা কৰিও জনসাধাৰণক ৰাজনৈতিকভাৱে শিক্ষিত কৰি তোলে ৷

(ঙ) ৰাজনৈতিক দলে বিৰোধী দল হিচাপে দায়িত্ব পালন কৰি চৰকাৰত অধিক শক্তিশালী আৰু কাৰ্যক্ষম কৰাত সহায় কৰে।

(চ) চৰকাৰৰ বিৰোধী ৰাজনৈতিক দলে শাসনত অধিস্থিত চৰকাৰৰ পতন ঘটিলে চৰকাৰ গঠন কৰি দেশৰ প্ৰশাসন কার্য পৰিচালনা কৰে ৷

(ছ) সংসদীয় গণতন্ত্ৰত ৰাজনৈতিক দল অপৰিহাৰ্য। কাৰণ সাধাৰণতে নিৰ্বাচনত যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৱে চৰকাৰ গঠন কৰিব পাৰে। গতিকে ৰাজনৈতিক দল নোহোৱাকৈ চৰকাৰ গঠন কৰাতো সম্ভৱ নহয় ৷

ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ দোষসমূহ হ’ল—

(ক) ভাৰতৰ দুই এটা ৰাজনৈতিক দলৰ উচ্চ পৰ্যায়ত দলীয় সংগঠন থাকিলেও নিম্ন পর্যায়ত ইয়াৰ সমগঠন বৰ দুৰ্বল। কিছুমান ৰাজনৈতিক দলৰ নামভৰ্তি, ৰেজিষ্ট্ৰিৰ সাংগঠনিক নিৰ্বাচন আৰু হিচাপ পত্ৰ ৰখাৰ কোনো ব্যৱস্থা নাই, কিছুমান ৰাজনৈতিক দলৰ নামকে জনসাধাৰণে নাজানে আৰু কিছুমান ৰাজনৈতিক দল কেৱল নিৰ্বাচনৰ সময়তহে সক্ৰিয় হৈ উঠে।

(খ) সৰ্বভাৰতীয় ৰাজনৈতিক দলবোৰৰ সৰ্বভাৰতীয় পৰ্যায়ত প্ৰভাৱ কমি অহাৰ ফলস্বৰূপে আঞ্চলিক দল আৰু সৰু সৰু দলবোৰ ভাৰতৰ ৰাজনীতিত বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। চৰকাৰ গঠন কৰিবৰ বাবে ৰাজনৈতিক দলে অন্যান্য সৰু সৰু দলৰ সমৰ্থন লাভৰ প্রচেষ্টা কৰিব লগা হয়। কিন্তু সৰু সৰু দলবিলাকে মন্ত্ৰীত্বৰ বিনিময়তহে চৰকাৰক সমৰ্থন দিবলৈ আগবাঢ়িছে। দেশৰ কল্যাণ সাধনতকৈ এনে চৰকাৰে ৰাজনৈতিক দলৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰ্ণতহে ব্যস্ত হৈছে।

(গ) ভাৰতৰ কিছুমান ৰাজনৈতিক দল সম্পূৰ্ণ সাম্প্রদায়িক ভিত্তিত গঢ় লৈ উঠিছে। ভাৰতে স্বাধীনতা লাভ কৰাৰ আগতে সাম্প্রদায়িক ভিত্তিত মুছলিম লীগ গঠিত হৈছিল। মহাৰাষ্ট্ৰৰ শিৱ সেনাক আঞ্চলিক ভিত্তিত গঠিত এটা সাম্প্রদায়িক দল বুলি গণ্য কৰা হয়। ভাৰতৰ বিজেপি দলটোক উদাৰবাদীসকলে এক গোড়া সাম্প্ৰদায়িক দল বুলি অভিহিত কৰে। সাম্প্ৰদায়িক দলবোৰে নিৰ্বাচনৰ সময়ত বা অন্যান্য সময়ত সাম্প্রদায়িক ভিত্তিত প্ৰচাৰ চলাই ভাৰতৰ জাতীয় ঐক্য বিনষ্ট কৰে। ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ ইয়ো এটা দোষ।

(ঘ) ভাৰতৰ কমিউনিষ্ট দলৰ বাহিৰে প্ৰায়বিলাক ৰাজনৈতিক দলৰ ভাৱাদৰ্শৰ ওপৰত গুৰুত্ব নিদি যিকোনো প্ৰকাৰে ক্ষমতা দখলৰ ওপৰত গুৰুত্ব দিয়ে। ৰাজনৈতিক দলবিলাকে নিজ ইস্তাহাৰত ধৰ্ম নিৰপেক্ষতা, গান্ধীবাদী, অহিংস আদি বুলি দাবী কৰিলেও কার্যত তাৰ বিপৰীত আচৰণহে প্ৰদৰ্শন কৰাও দেখা যায়।

(ঙ) ভাৰতৰ ৰাজনৈতিক দলৰ সদস্যসকলে তথা নির্বাচিত সদস্যই ক্ষমতাৰ লোভত পৰি সঘনে দল সালসলনি কৰি চৰকাৰৰ অস্তিত্ব আৰু দলৰ স্থিতি দুৰ্বল কৰি তোলে। সাধাৰণতে কোনো দলৰ সদস্যই নিৰ্বাচনৰ সময়ত টিকট নাপায় বা নিৰ্বাচিত হোৱাৰ পিছত মন্ত্ৰীৰ আসন নাপালে নিজ দল ত্যাগ কৰি আন দলত যোগদান কৰি মন্ত্ৰীসভা পতনৰ চেষ্টা কৰে৷ সেইদৰে দলত্যাগী সদস্যই নতুন দল গঠন কৰি চৰকাৰৰ স্থায়িত্ব বিপদাপন্ন কৰি তোলে৷ ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ এয়া এটা দোষ ।

(চ) ভাৰতত কোনো ব্যক্তিৰ নেতৃত্ব দিব পৰা শক্তিৰ ওপৰত ভিত্তি কৰি ৰাজনৈতিক দল গঠিত হোৱা দেখা যায়। এনে ৰাজনৈতিক দলৰ নেতৃত্ব নেতাজনৰ ওপৰতে নিৰ্ভৰশীল ৷ যিমান দিনলৈকে দলৰ নেতৃত্ব সবল হৈ থাকে, সিমান দিনলৈকে দলীয় সংগঠনো সবল হৈ থাকে। দলৰ নেতাৰ মৃত্যু বা ক্ষমতাচ্যুত হোৱাৰ লগে লগে দলীয় সংগঠনো দুৰ্বল হৈ পৰে। ইয়ো ভাৰতৰ ৰাজনৈতিক দলীয় ব্যৱস্থাৰ এটা প্রধান দোষ ।

৩২। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ কাৰণসমূহ আলোচনা কৰা আৰু ভাৰতৰ ৰাজনীতিত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা সম্পৰ্কে এটি সমালোচনাত্মক আলোচনা আগবঢ়োৱা। (Discuss the origins of regional political parties in India and a critical discussion about the role of regional political parties in Indian politics.)

উত্তৰঃ ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উৎপত্তিৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল—

(ক) সাংবিধানিক ব্যৱস্থাঃ সংবিধানে প্রত্যেক জাতি-গোষ্ঠীৰ নিজস্ব ভাষা, সংস্কৃতি, ঐতিহ্য ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে যদিও এই জাতি সত্তাৰ প্ৰতি সমূচিত ব্যৱহাৰ কৰা নাই বুলিও আঞ্চলিক দল গঠন হয়।

(খ) জাতীয় জীৱনৰ বিভেদকামী উপাদানঃ ভাৰতবৰ্ষৰ জাতীয় জীৱনত বিভেদমূলক উপাদান কিছুমান ব্যক্তিয়ে এনে বিভেদকামী সজীৱ কৰি তুলি জনসাধাৰণৰ সামাজিক, অর্থনৈতিক, সাংস্কৃতিক, ধর্মীয় বৈশিষ্ট্যক ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰতিশ্ৰুতিৰে ৰাজনীতিত প্ৰৱেশ কৰে। জাতীয় একত্ৰীকৰণৰ পৰিৱৰ্তে এনে ব্যক্তিয়ে আঞ্চলিকতা মনোবৃত্তি জাগ্রত কৰি আঞ্চলিক ৰাজনৈতিক দলৰ সৃষ্টি কৰে।

(গ) কংগ্ৰেছ দলৰ মাজত অসন্তোষঃ স্বাধীনতাৰ পিছত কংগ্ৰেছ দলে কেইবাদশক জুৰি শক্তিশালী বিৰোধী দলৰ অনুপস্থিতিত প্ৰভুত্ব বিস্তাৰ কৰিছিল। কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃবর্গই ৰাজ্যিক গোটবোৰক স্বায়ত্বশাসিত গোট হিচাপে ব্যৱহাৰ কৰাত ৰাজ্যিক নেতৃবৰ্গৰ অসন্তুষ্টি বৃদ্ধি পালে। ফলস্বৰূপে, এই নেতাসকলে আঞ্চলিক ভিত্তিত আঞ্চলিক দল গঠন কৰিবলৈ বাধ্য হ’ল।

(ঘ) অর্থনৈতিক বৈষম্যঃ ভাৰতবৰ্ষত সকলো ৰাজ্য সমানে বিত্তীয় সাহায্য লাভ কৰাত বৈষম্য পৰিলক্ষিত হোৱাৰ বাবে জনসাধাৰণৰ মাজত জনমত গঠন হয়। কেন্দ্ৰ চৰকাৰে অর্থনৈতিক বৈষম্য আঁতৰ কৰিব পৰা নাই বুলি অনুভৱ কৰি কিছুমান লোকে এনে বৈষম্য আঁতৰ কৰিবলৈ আঞ্চলিক দল গঠন কৰে।

(ঙ) বিকেন্দ্ৰীকৰণৰ প্ৰৱণতাঃ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত বিধায়িনী, বিত্তীয় আৰু প্রশাসনীয় বিষয়ত কেন্দ্র ক্ষমতাশালী। এই কেন্দ্ৰীয়কৰণ প্ৰৱণতা ৰোধ কৰি বিকেন্দ্ৰীকৰণ প্ৰৱণতাক শক্তিশালী কৰিবলৈ কিছুমান অঞ্চলত আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে।

(চ) বহুত্ববাদী সমাজ ব্যৱস্থাঃ ভাৰতবৰ্ষৰ ঐতিহ্য হ’ল বিভিন্নতাৰ মাজত একতা। ভাৰতবৰ্ষ বিভিন্ন ভাষা, জাতি-উপজাতি, ধর্ম সম্প্ৰদায় আৰু সংস্কৃতিৰ মিলনভূমি। বিভিন্ন জাতি, বৰ্ণ, সম্প্রদায়ে নিজস্ব স্বকীয়তা বিসর্জন নিদিয়াকৈ সহযোগিতাৰ মাজেৰে কাৰ্য সম্পাদন কৰিবলৈ যাওঁতে বিভিন্ন আঞ্চলিক দলে গা কৰি উঠিছে।

(ছ) কেন্দ্ৰীয় নেতৃবৰ্গৰ উদাসীনতাঃ কেন্দ্ৰীয় নেতৃবৰ্গৰ উদাসীনতাই জনসাধাৰণৰ মাজত আস্থা কমাবলৈ ধৰিলে আৰু সময়ত এনে উদাসীনতাই আঞ্চলিকতাবাদৰ জন্ম দিয়ে।

(জ) স্থানীয় সমস্যাঃ সৰ্বভাৰতীয় ৰাজনৈতিক দলবিলাকে কেতিয়াবা স্থানীয় সমস্যাসমূহৰ প্রতি উদাসীন মনোভাৱ পোষণ কৰে। কেতিয়াবা আঞ্চলিক অভিযোগসমূহক সংকীর্ণ বুলি গণ্য কৰা হয় । এনে এটা পৰিৱেশত আঞ্চলিক সমস্যা সমাধানৰ বাৰ্বে আঞ্চলিক দলৰ গঠন হয়।

ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকাঃ ভাৰতৰ ৰাজনৈতিক পদ্ধতিত আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা সম্পর্কে তলত আলোচনা কৰা হ’ল ৷

কোনো এটা ৰাজনৈতিক দলে ৰাজ্যত ভোটাৰসকলে প্ৰদান কৰা মুঠ ভোটৰ শতকৰা ৬ ভাগ পালে বা ৰাজ্য বিধান সভাৰ মুঠ প্রত্যেক ৩০ খন আসনৰ কমেও এখন লাভ কৰিলে বা ৰাজ্য এখনৰ পৰা লোকসভাৰ প্ৰত্যেক ২৫ খন আসনৰ ভিতৰত কমেও এখন আসন লাভ কৰিলে আঞ্চলিক দল বুলি কোৱা হয়। ভাৰতৰ আঞ্চলিক দলবোৰৰ ভিতৰত অসমৰ অসম গণ পৰিষদ, ঝাৰখণ্ড দল, অন্ধ্ৰপ্ৰদেশৰ তেলেগু দেশম, মহাৰাষ্ট্ৰৰ শিৱ সেনা, পঞ্জাৱৰ আকালি দল তামিলনাডুৰ ডি. এম. কে. আৰু এ. আই. ডি. এম. কে., কেৰালাৰ কেৰালা কংগ্ৰেছ, মুছলিম লীগ, ইত্যাদি উল্লেখযোগ্য।

১৯৬৭ চনৰ পিছৰে পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱ ৰাজ্যসমূহত হ্ৰাস পাবলৈ ধৰাৰ লগে লগে প্রদেশ ভেদে নতুন নতুন আঞ্চলিক দলে গা কৰি উঠিছে। বিভিন্ন প্ৰদেশত চৰকাৰ গঠন কৰিব পৰা আঞ্চলিক দলবিলাকে দেশ এখনৰ আৰ্থ-সামাজিক দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰি আহিছে। পশ্চিমবংগ, কেৰালা অন্ধ্র প্রদেশত সাম্যবাদী আঞ্চলিক দলবোৰে মিলিত হৈ চৰকাৰ গঠন কৰি শাসন পৰিচালনা আৰু আৰ্থ-সামাজিক পৰিৱৰ্তনত গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিছে।

ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰত এই দলবোৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় দলবোৰৰ এটা দলেও সংসদীয় নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে আঞ্চলিক দলবোৰে কেন্দ্ৰীয় চৰকাৰ গঠনত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিব পাৰে। চৰকাৰ গঠন কৰাত যেনেকৈ আঞ্চলিক দলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, চৰকাৰক পতন ঘটোৱাতও এই দলবোৰে ভূমিকা গ্ৰহণ কৰে ৷

আঞ্চলিক সমস্যা সমাধানৰ বাবে আঞ্চলিক ৰাজনৈতিক দলবোৰৰ গুৰুত্ব স্বীকাৰ কৰিব লাগিব৷ এনে দলবোৰে জনসাধাৰণক ৰাজনৈতিক অংশ গ্ৰহণৰ অধিক সুবিধা দিয়ে । বৰ্তমান ৰাজ্যিক চৰকাৰৰ কোনো এটা দলে চৰকাৰ গঠন কৰিব নোৱাৰাৰ বাবে আঞ্চলিক দলবোৰে মৰ্চা চৰকাৰ গঠনত আগভাগ লয়। ইয়াৰ দ্বাৰাই আঞ্চলিক দলে নিজৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ চৰকাৰক হেঁচা দিব পাৰে। কিছুমান দেশত আঞ্চলিক দল গঠন কৰি আঞ্চলিক সমস্যা সমাধানৰ বাবে আৰু অঞ্চলৰ আৰ্থ সামাজিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰিব পাৰে। আঞ্চলিক দলবোৰে নিষ্ঠা আৰু সততাৰে কাম কৰিলে কেন্দ্ৰীয় চৰকাৰে কৰিব নোৱাৰা কিছুমান কাম চৰকাৰ গঠন কৰি সম্পাদন কৰিব পাৰে।

আঞ্চলিক সমস্যা সমাধানৰ বাবে আঞ্চলিক ৰাজনৈতিক দলবোৰৰ গুৰুত্ব স্বীকাৰ কৰিবই লাগিব ৷ 

এনে দলবোৰে জনসাধাৰণক ৰাজনৈতিক অংশ গ্ৰহণৰ অধিক সুবিধা দিয়ে ৷ আঞ্চলিক ৰাজনৈতিক দলে নিজৰ অঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰিব পাৰে । জাতীয় ৰাজনৈতিক । দলৰ কামৰ বোজা লাঘৱ কৰিব পাৰে। বিভিন্ন বৰ্ণ, ধৰ্ম, সম্প্ৰদায়ৰ সমন্বয়ত গঠিত হোৱা আঞ্চলিক ৰাজনৈতিক দলে জাতীয় সংহতিৰ বাবে উপযুক্ত বৰঙণি যোগাব পাৰে। আঞ্চলিক সমস্যা সমাধানৰ বাবে আঞ্চলিক ৰাজনৈতিক দলবোৰৰ গুৰুত্ব স্বীকাৰ কৰিবই লাগিব৷ এনে দলবোৰে জনসাধাৰণক ৰাজনৈতিক অংশগ্ৰহণৰ অধিক সুবিধা দিয়ে ।

৩৩। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ বৈশিষ্ট্যবোৰ লিখা। (Write the characteristics of regional political parties in India.)

উত্তৰঃ ভাৰতৰ অঞ্চলিক ৰাজনৈতিক দলৰ বৈশিষ্ট্যবোৰ হ’ল –

(ক) আঞ্চলিক ৰাজনৈতিক দলে কোনো এটা বিশেষ অঞ্চলৰ বা ৰাজ্যৰ জনসাধাৰণৰ অর্থনৈতিক, সামাজিক, সাংস্কৃতিক তথা সমস্যাবোৰ সমাধানৰ প্ৰয়াস কৰে ৷

(খ) আঞ্চলিক দলসমূহে সৰ্বভাৰতীয় দলৰ নীতি আৰু আদৰ্শ বিৰোধিতা কৰে আৰু কেন্দ্ৰ আৰু ৰাজ্যৰ সম্পৰ্ক পুনৰ বিন্যাসৰ দাবী কৰে।

(গ) আঞ্চলিক ৰাজনৈতিক দলবোৰৰ সংগঠন শক্তিশালী হয়। এই দলৰ সংগঠন এটা নিৰ্দিষ্ট অঞ্চল বা এখন ৰাজ্যত সীমাবদ্ধ থাকে।

(ঘ) আঞ্চলিক দলে এটা নিৰ্দিষ্ট অঞ্চলত বা এখন প্ৰদেশত বসবাস কৰা কোনো এটা সম্প্ৰদায়ৰ স্বাৰ্থ আৰু প্ৰাধান্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰে।

(ঙ) আঞ্চলিক দলৰ এটা বৈশিষ্ট্য হৈছে এই দলবোৰে জনসাধাৰণৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি থকা অসন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে আৰু বৰ্তি থাকে ৷

(চ) আঞ্চলিক দলবোৰে জনসাধাৰণক ৰাজনৈতিক অংশ গ্ৰহণৰ সুবিধা দিয়ে ৷ 

(ছ) বৰ্তমান সময়ত আঞ্চলিক ৰাজনৈতিক দলবোৰে কেন্দ্ৰীয় চৰকাৰ গঠনৰ ক্ষেত্ৰত অংশীদাৰ হৈছে।

(জ) আঞ্চলিক ৰাজনৈতিক দলবোৰে এখন প্ৰদেশ বা ৰাজ্যৰ জনসাধাৰণৰ আর্থসামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(ঝ) আঞ্চলিক ৰাজনৈতিক দলে কোনো এটা জাতিৰ, বা সম্প্ৰদায়ৰ বা গোষ্ঠীৰ স্বকীয় অস্তিত্ব ৰক্ষণাবেক্ষণ কৰে।

৩৪৷ ভাৰতৰ ভোটদাতাসকলৰ ভোটদান আচৰণৰ ওপৰত এটা টোকা লিখা। (Write a short note on the voting behaviour of Indian voters.) 

উত্তৰঃ ভোটদাতাৰ আচৰণ প্ৰভাৱিত কৰা কাৰক বা উপাদানসমূহ তলত আলোচনা কৰা হ’ল।

(ক) দলীয় আনুগত্যঃ এটা সময়ত ভাৰতীয় ভোটদাতাসকলে এটা বিশেষ ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য প্রকাশ কৰিছিল। স্বাধীনতাৰ পিছত জনসাধাৰণে কংগ্ৰেছ দল আৰু নেতাসকলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল। ভোটাৰসকলে সেই সময়ৰ নেতাসকলৰ দ্বাৰা প্ৰভাৱিত হৈছিল। দলৰ নেতাসকলৰ প্ৰতি দেখুওৱা অনুগত্যই ভোটাৰ সকলৰ আচৰণত যথেষ্ট প্ৰভাৱ পেলাই।

(খ) ভোটাৰ বেংকঃ ৰাজনৈতিক দল, দলৰ নেতা বা কোনো মধ্যম ব্যক্তিৰ পৃষ্ঠপোষকতাত কিছুমান লোকে কোনো এটা অঞ্চলত বসবাস কৰে। এই লোকসকলক ৰক্ষণাবেক্ষণ দিয়া হয়। প্রয়োজন সাপেক্ষে পৃষ্ঠপোষকসকলৰ ইচ্ছামতে এই লোকসকলে কাম কৰে। পৃষ্ঠপোষকসকলৰ পৰামৰ্শই ভোটাৰ বেংকৰ লোকসকলৰ আচৰণ প্ৰভাৱিত কৰে। 

(গ) ধৰ্মঃ ধৰ্মই ভাৰতৰ ভোটাৰসকলৰ আচৰণত বহুখিনি প্ৰভাৱ পেলায়। হিন্দু মহাসভা, শিৱসেনা, মুছলিম লীগ, জামিয়েত-উলেমা-ই-হিন্দ আদি বহু ৰাজনৈতিক দল সম্প্রদায় বা ধৰ্মৰ নামত গঠিত হৈছে। এই ধর্মীয় উপাদানে ভোটাৰক বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। ধৰ্মীয় নেতাসকলৰ পৰামৰ্শ বা অনুমোদনে ভোটাৰসকলৰ আচৰণক প্ৰভাৱিত কৰে ৷

(ঘ) প্ৰলোভনঃ ৰাজনৈতিক দল কিছুমানে নিৰ্বাচনৰ আগে আগে ভোটাৰসকলৰ মাজত ধন আৰু কিছুমান সামগ্রী বিতৰণ কৰে। অভাৱগ্ৰস্ত আৰু নিৰক্ষৰ লোক বহুতেই প্রলোভনত পৰি বা ধনৰ বিনিময়ত কোনো এটা নিৰ্দিষ্ট ৰাজনৈতিক দলক বা ব্যক্তিক ভোটদান কৰে।

(ঙ) বৈৰাগ্য মনোভাৱঃ শিক্ষিত এচাম ভোটদাতাৰ বৈৰাগ্য মনোভাৱে তেওঁলোকৰ আচৰণত প্ৰভাৱ পেলায় ৷ তেওঁলোকে ভাবে ভোটদান কৰিলেও বা নকৰিলেও দেশৰ একো পৰিৱৰ্তন নহয়।সেইবাবে ভোটদানৰ পৰা তেওঁলোক বিৰত থাকে ৷

(চ) পৰম্পৰাঃ প্রাচীন পৰম্পৰাই ভাৰতৰ ভোটদাতাসকলক প্রকাশ্যে বা অপ্রকাশ্যে প্ৰভাৱান্বিত কৰা দেখা যায়। বহু সময়ত ভোটাৰে আৰ্থ সামাজিক সমস্যালৈ আওকাণ কৰি জাতপাতৰ বিচাৰত ভোট দিয়ে। নিজৰ সম্প্ৰদায় বা জাতৰ লোক হ’লে সেইজন প্রার্থীকে ভোটাৰে ভোট দিয়ে। বিভিন্ন ৰাজনৈতিক দলেও জাত-পাতৰ ভিত্তিতে প্রার্থী মনোনয়ন দিয়ে আৰু নিৰ্বাচনত জাত-পাত, সম্প্ৰদায়ৰ নামত ভোট দিয়ে।

(ছ) অৰ্থনৈতিক আৰু সামাজিক সমস্যাঃ ৰাষ্ট্ৰীয় ঐক্য, অখণ্ডতা বজাই ৰখা, আর্থিক বিকাশ সাধন কৰিব বুলি আস্থা ৰাখিব পৰা ৰাজনৈতিক দলৰ প্ৰতি ভোটদাতাসকল আকর্ষিত হয়। কিন্তু কিছুমান জলন্ত অর্থনৈতিক আৰু সামাজিক সমস্যাই ভোটদাতাসকলক প্ৰভাৱিত কৰে। 

(জ) চৰকাৰৰ কাৰ্যকলাপঃ বাতৰি কাকত, সভা সমিতি, বিৰোধী ৰাজনৈতিক দল আদিয়ে শাসনাধিষ্ঠ দলৰ কাম-কাজৰ খতিয়ান দাঙি ধৰি চৰকাৰৰ সপক্ষে বা বিপক্ষে জনমত গঢ়ি তোলে। চৰকাৰৰ কাম-কাজ ভোটদাতাৰ স্বাৰ্থৰ প্ৰতিকূলে হ’লে ভোটদাতাৰ আচৰণ প্ৰভাৱিত হয়। জৰুৰীকালীন অৱস্থাত হোৱা চৰকাৰৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে ভোটদাতা সজাগ হৈ উঠে। কোনো এটা দলৰ কাৰ্যকলাপে ভোটদাতাৰ আচৰণ প্ৰভাৱিত কৰিলে আন এটা দলৰ চৰকাৰ গঠনৰ বাবে পথ প্রশস্ত হৈ উঠে। এনেদৰেই জনসাধাৰণে চৰকাৰৰ কাম-কাজৰ প্ৰতি সতর্ক দৃষ্টি ৰাখে আৰু নিজৰ আচৰণ প্ৰকাশ কৰে।

(জ) ৰাজনৈতিক সচেতনতাৰ অভাৱঃ একাংশ ভোটদাতা ৰাজনৈতিকভাৱে সচেতন নহয় বাবে এনে শ্রেণী ভোটদাতাই নিষ্ক্ৰিয় আৰু নীতিবাচক আচৰণ প্ৰদৰ্শন কৰে।

(ঝ) নিৰক্ষৰতাঃ ভাৰতৰ বহুতো লোক নিৰক্ষৰ আৰু অজ্ঞ হোৱাৰ বাবে সহজে ৰাজনৈতিক দলবিলাকে ভুল তথ্যৰে পৰিচালনা কৰিবলৈ সুবিধা পায়। ফলত ভোটাৰসকলৰ আচৰণ পৰিৱৰ্তন হৈ ভুল পথেৰে পৰিচালিত হোৱা দেখা যায়।

(ঞ) চৰকাৰৰ আশ্বাসঃ চৰকাৰৰ আশ্বাসেও বহুসময়ত ভোটাৰসকলক প্ৰভাৱিত কৰা দেখা যায়। যিটো ৰাজনৈতিক দল শাসনত অধিষ্ঠিত থাকে, সেই দলে ভোটদাতাক বিভিন্ন ধৰণৰ আশ্বাস দি ভোট আদায় কৰিবলৈ যত্ন কৰে।

(ট) আঞ্চলিকতাবাদঃ সৰ্বভাৰতীয় ৰাজনৈতিক দলসমূহে প্ৰদেশ সমূহৰ সমস্যা সমাধান কৰাত আগ্রহী নহয় বুলি কেতিয়াবা ভোটদাতাসকলে অনুভৱ কৰিলে ভোটদাতাৰ আচৰণ পৰিৱৰ্তন হয়। আঞ্চলিক ৰাজনৈতিক দলবিলাকৰ উপস্থিতিয়ে ভোটাৰৰ এনে আচৰণত প্ৰভাৱ পেলায়। অসম গণ পৰিষদ দলে অসমৰ বিদেশী অনুপ্ৰৱেশ সমস্যা সমাধান কৰিব পাৰিব বুলি ভোটাৰসকল পতিয়ন গৈছিল৷ এনেদৰে আঞ্চলিকতাৰ মনোভাৱেও ভোটাৰৰ আচৰণলৈ পৰিৱৰ্তন আনে ৷

(ঠ) মৌলিক কর্তব্য : ভোটদান এটা মৌলিক কৰ্তব্য বুলি বহুতেই বিবেচনা নকৰে বাবেই তেনে লোকে ভোটকেন্দ্ৰলৈ গৈ ভোটদান নকৰে৷

(ড) বিপদৰ ভয়ঃ সন্ত্রাসবাদী বা বিচ্ছিন্নতাবাদী সংগঠনসমূহে নিৰ্বাচনৰ সময়ত নিৰ্বাচন বৰ্জনৰ ঘোষণা কৰে। এনে কাৰ্যই ভোটদানৰ আচৰণত প্ৰভাৱ বিস্তাৰ কৰে। অপায়- অমংগলৰ ভয়ত ভোটদাতাসকলে ভোট দিবলৈ নাযায়। ৰিগিং আদি হোৱাৰ ভয়তো এইসকল ভোটদাতা নিষ্ক্ৰীয় হৈ পৰে ৷

(ঢ) ৰাজনৈতিক দলৰ আদৰ্শঃ ৰাজনৈতিক দলৰ আদৰ্শক কেন্দ্ৰ কৰি ভোটদাতাৰৰ আচৰণ পৰিৱৰ্তন হয়। ভাৰতৰ শ্ৰমজীৱি কৃষক, শ্রমিক স্বাৰ্থ ৰক্ষাৰ বাবে কমিউনিষ্ট দলে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। পুঁজিপতিৰ কবলৰ পৰা মুক্তি দানৰ আশ্বাস দিয়া এই বামপন্থী দলে শ্রমিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষাৰ বাবে নিজৰ আদৰ্শ প্ৰচাৰ কৰি আহিছে। এই আদৰ্শসমূহেও শ্রমজীৱি ভোটাৰক বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছে। গতিকে দেখা যায় যে প্রত্যেক নাগৰিকে নিজ নিজ দলৰ আদৰ্শক নিজৰ আদৰ্শ বুলি মানি লয় আৰু সেই মতেই আচৰণ প্ৰদৰ্শন কৰে।

(ণ) স্বাধীন নেতাৰ প্ৰভাৱঃ স্থানীয় নেতাৰ পৰামৰ্শই বহু সময়ত ভোটদাতাসকলৰ আচৰণ প্ৰভাৱিত কৰা দেখা যায়। নেতাৰ পৰামৰ্শমতে ভোটাৰসকলে নিৰ্বাচনত ভোটদান কৰে।

(ত) প্ৰাৰ্থীৰ বৰ্ধিত সংখ্যাঃ অসংখ্য প্ৰাৰ্থী আৰু প্ৰতীক চিহ্নৰ মাজত নিৰক্ষৰ ভোটাৰসকল বিমোৰত পৰে। আৰু একেবাৰে শেষ মুহূৰ্ততহে ভোটাৰসকলে সিদ্ধান্ত গ্ৰহণ কৰি ভোট দান কৰে।

৩৫। ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্ঠীৰ মাজত থকা পার্থক্য উল্লেখ কৰা৷ ভাৰতৰ বিভিন্ন প্ৰভাৱগোষ্ঠীৰ বিষয়ে আলোচনা কৰা। (Mention the difference between a political party and an influential group. Discuss the different groups of influence in India?)

উত্তৰঃ ৰাজনৈতিক দল আৰু প্ৰভাৱগোষ্ঠীৰ পাৰ্থক্য –

(ক) ৰাজনৈতিক দলৰ কাৰ্যসূচী ব্যাপক। কিন্তু, প্ৰভাৱগোষ্ঠীৰ কাৰ্যসূচী সংকীর্ণ।

(খ) ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। আনহাতে, প্ৰভাৱগোষ্ঠীয়ে প্রতিদ্বন্দ্বিতা নকৰে।

(গ) ৰাজনৈতিক দলে চৰকাৰ গঠনৰ পোষকতা কৰে। কিন্তু, প্ৰভাৱগোষ্ঠীয়ে চৰকাৰ গঠন কৰিবলৈ নিবিচাৰে।

(ঘ) ৰাজনৈতিক দল সম্পূৰ্ণ ৰাজনৈতিক সংগঠন। আনহাতে, প্রভাৱগোষ্ঠীবোৰ ৰাজনৈতিক সংগঠন নহয় ।

(ঙ) ৰাজনৈতিক দলে জনসাধাৰণক প্রতিনিধিত্ব কৰে। কিন্তু, প্ৰভাৱগোষ্ঠীয়ে জনসাধাৰণক প্রতিনিধিত্ব নকৰে ৷

(চ) ৰাজনৈতিক দলৰ সংবিধান থাকে ৷ আনহাতে, প্ৰভাৱগোষ্ঠীৰ সংবিধান নাথাকে। ৰাজনৈতিক দল জনসাধাৰণৰ ওচৰত দায়বদ্ধ। কিন্তু, প্ৰভাৱগোষ্ঠী জনসাধৰণৰ ওচৰত দায়বদ্ধ নহয় ।

(জ) ৰাজনৈতিক দলে সামগ্ৰীক কল্যাণৰ বাবে কাম কৰে। আনহাতে, প্ৰভাৱগোষ্ঠীয়ে সামগ্ৰীক কল্যাণৰ কথা চিন্তা নকৰে ।

(ঝ) ৰাজনৈতিক দলবোৰৰ বহল ৰাষ্ট্ৰীয় বা আঞ্চলিক ভিত্তি থাকে ৷ ইয়াৰ কিছুমান উমৈহতীয়া ৰাজনৈতিক আদৰ্শ, নীতি আৰু কাৰ্যসূচী থাকে। ইয়াৰ বহল ভিত্তিক সাংগঠনিক ভিত্তি থাকে। কিন্তু, প্ৰভাৱ গোষ্ঠীয়ে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে চৰকাৰৰ ওচৰত সকলোধৰণৰ হেঁচা প্ৰয়োগ কৰি নিজ স্বাৰ্থ ৰক্ষা কৰিব বিচাৰে।

(ঞ) ৰাজনৈতিক দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। চৰকাৰ গঠন কৰে বা ক্ষমতা দখল কৰিবলৈ চেষ্টা কৰে। লগতে এই দলবোৰে জনমত গঠন কৰিবলৈ যত্ন কৰে। কিন্তু, প্ৰভাৱগোষ্ঠীসমূহ সীমিত বিশেষ স্বাৰ্থক লৈ জড়িত। এইবোৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বা দখল কৰি চৰকাৰ পৰিচালনা কৰিব নিবিচাৰে।

কিছুমান নীতি বা আদৰ্শৰ দোহাই দি কিছুমান ব্যক্তিয়ে অর্থনৈতিক স্বার্থ পূৰণ কৰিবলৈ গঠন কৰা গোট বা সন্থাকে সাধাৰণতে প্ৰভাৱগোষ্ঠী বোলা হয়। প্ৰভাৱগোষ্ঠীসমূহে বিভিন্ন প্ৰকাৰৰ স্বাৰ্থক প্রতিনিধিত্ব কৰে। অৱশ্যে কিছুমান প্ৰভাৱগোষ্ঠীয়ে প্রাকৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ ৰক্ষাৰ বাবেও কাম কৰে৷ প্ৰভাৱগোষ্ঠীয়ে প্ৰশাসনীয় আৰু বিধায়িনী ব্যৱস্থাত প্ৰভাৱ বিস্তাৰ কৰি চৰকাৰৰ নীতি নিৰ্দ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিবলৈ যত্ন কৰে। 

ভাৰতৰ বিভিন্ন প্ৰভাৱগোষ্ঠীৰ বিষয়ে তলত আলোচনা কৰা হ’ল—

(ক) কৃষক সংগঠনঃ ইউনাইটেড কিষান সভা, ৱৰ্কাচ এণ্ড পিজেণ্টছ পাৰ্টি, অল ইণ্ডিয়া কিষান সন্মিলন আদি কিছুমান কৃষক সংগঠনে ভাৰতবৰ্ষত প্ৰভাৱ গোষ্ঠীৰ ভূমিকা গ্ৰহণ কৰি আহিছে। যদিও ভাৰতবৰ্ষত কৃষকৰ সংখ্যাই আটাইতকৈ অধিক তথাপি এই সংগঠনসমূহো ৰাজনৈতিক নেতৃত্বৰ দ্বাৰা পৰিচালিত হয় আৰু ৰাজনৈতিক স্বাৰ্থকহে কৃষক স্বাৰ্থতকৈ অধিক গুৰুত্ব দিয়া হয় । সংগঠনৰ দুৰ্বলতা আৰু অনৈক্য এই দুয়োটাই কৃষক স্বার্থক ব্যাঘাত জন্মায় ৷

(খ) ট্রেড ইউনিয়নঃ শ্রমিক সংঘ বা সংস্থাসমূহ ভাৰতৰ শক্তিশালী প্ৰভাৱগোষ্ঠী। ভাৰতবৰ্ষৰ শ্রমিক সংগঠনসমূহে সংগঠনবোৰৰ পৰিচালক মণ্ডলীৰ বিৰুদ্ধে সংগ্রাম কৰাতকৈ চৰকাৰৰ বিৰুদ্ধেহে সংগ্ৰাম কৰে৷ বেছি ভাগ শ্রমিক সংগঠন গুৰি ধৰে ৰাজনৈতিক নেতা বা ৰাজনৈতিক দলে ৷ প্ৰায় সকলো ৰাজনৈতিক দলৰেই সমৰ্থনত কিছুমান শ্রমিক সংগঠন আছে। এই শ্রমিক সংগঠনবোৰে বিভিন্ন ৰাজনৈতিক দলৰ ওপৰত নিজ স্বাৰ্থৰ বাবে হেঁচা প্ৰয়োগ কৰে। কিন্তু বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈ পৰাৰ বাবে এই শ্রমিক সংগঠন সমূহে চৰকাৰৰ ওপৰত বেছি কাৰ্যকৰী হেঁচা প্ৰয়োগ কৰিব নোৱাৰে। প্ৰভাৱগোষ্ঠীসমূহে শ্ৰমিকৰ বাবে অধিক মজুৰি লাভ কৰা, জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা, স্বাস্থ্যকৰ পৰিৱেশত কাম কৰা, বৃদ্ধ বয়সৰ পেঞ্চন পৰিচালনাত অংশগ্ৰহণৰ দাবী কৰা ইত্যাদিত চৰকাৰৰ হস্তক্ষেপ কৰি শ্ৰমিকৰ সমস্যা সমাধান কৰাত সহায় কৰে।

(গ) ছাত্র সংগঠনঃ প্ৰভাৱগোষ্ঠী হিচাপে স্বাধীনতাৰ আগতে আৰু স্বাধীনতাৰ পিছত ভাৰতত বহুতো ছাত্ৰ-সংগঠনৰ জন্ম হ’ল। ভাৰতৰ ৰাজ্যসমূহত প্রত্যেকতে ছাত্র সংগঠন আছে। অসমত আছু সংগঠনে বিদেশী খেদা আন্দোলনক লৈ চৰকাৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছে। অসমতো বড়ো, মিচিং, কাৰ্বি আদি ছাত্র সংগঠনে ভাষা, সংস্কৃতি, ৰাজনীতি আদি সকলো বিষয়তে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আন্দোলনৰ সূচনা কৰে ৷

(ঘ) অন্যান্য সংগঠনঃ ভাৰতবৰ্ষত সাম্প্রদায়িক, বর্ণ, ধর্ম, জাতি-জনজাতি ভিত্তিত বহুতো প্ৰভাৱগোষ্ঠী আছে। আর্য সমাজ, ইংগ ভাৰতীয় খ্ৰীষ্টীয়ান সন্থা, কেথলিক বিচপৰ এচ’ছিয়েচন, জামাত-ই-ইচলামী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ আদি সংগঠন সমূহে প্ৰশাসনত প্ৰভাৱপেলাই নিজ নিজ স্বার্থ সিদ্ধি কৰি আহিছে। ভাৰতবৰ্ষৰ অন্যান্য পিছপৰা জাতি সন্থা, আদিবাসী সংগঠন, বিভিন্ন জনজাতি সন্মিলন আদিয়ে শিক্ষানুষ্ঠানত, চৰকাৰী চাকৰিত আৰু বিধান সভা আদিত তেওঁলেকৰ সংৰক্ষণ আৰু অধিক প্রতিনিধিত্ব দাবী কৰে৷

(ঙ) ব্যৱসায়িক গোষ্ঠীঃ ভাৰতবৰ্ষত ব্যক্তিগত খণ্ডৰ উদ্যোগবিলাক টাটা, দালমিয়া, বিৰলা, সিংহানিয়া আদি কিছুমান পৰিয়ালৰ দ্বাৰা নিয়ন্ত্রিত হয়। বিভিন্ন সংগঠনৰ যোগেদি ভাৰতবৰ্ষৰ ব্যৱসায়িক গোষ্ঠীয়ে চৰকাৰ অৰ্থনৈতিক নীতিত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে। ব্যৱসায়িক গোষ্ঠীয়ে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ প্ৰশাসনত হেঁচা প্ৰয়োগ কৰে ৷ ভাৰতৰ ৰাজনৈতিক কার্যকলাপ কেনেদৰে পৰিচালিত হয় সেই কথা জানে বাবেই গোষ্ঠীসমূহে ৰাজনীতিবিদ আৰু আমোলাসকলক প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰে,বিধায়ক আৰু মন্ত্ৰীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ এই গোষ্ঠীসমূহে নিৰ্বাচনত ৰাজনৈতিক দলক দান আগবঢ়ায়, ৰাজনৈতিক দলবিলাকে অনুষ্ঠিত কৰা বৃহৎ সভাবিলাকত হোৱা খৰচ যোগান ধৰে । স্বাধীনতাৰ পিছত বহু বছৰ ধৰি কংগ্ৰেছ দলৰ প্ৰতি এই গোষ্ঠীসমূহৰ দান আছিল সৰ্বাধিক ভাৰতীয় ব্যৱসায়িক গোষ্ঠীয়ে ব্যৱসায়িক ব্যক্তিৰ ব্যক্তিগত প্ৰচেষ্টাৰ ওপৰত স্বাৰ্থ পুৰণত অধিক গুৰুত্ব দিয়ে।

৩৬ ৷ ভাৰতৰ বৰ্তমান দলীয় ব্যৱস্থাৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা। (Discuss the advantages and disadvantages of the present party system in India.) 

উত্তৰঃ ভাৰতবৰ্ষ বিশ্বৰ গনতান্ত্ৰিক ৰাষ্ট্ৰ। ইয়াত বহুদলীয় ব্যৱস্থা প্ৰচলন কৰা হৈছে। ভাৰতীয় দসীয় ব্যৱস্থাৰ সুবিধা বোৰ হ’ল –

(ক) ভাৰতীয় দলীয় ব্যৱস্থাই সকলো ধৰণৰ মতামতৰ প্ৰতিনিধিত্বত গুৰুত্ব প্ৰদান কৰে। বিভিন্ন বর্ণ শ্রেণী সম্পদায়ক প্রতিনিধিত্ব কৰা বিভিন্ন দলে তেওঁলোকৰ মতামত ব্যক্ত কৰাৰ সুযোগ পায় ।

(খ) বহুদলীয় ব্যৱস্থা থকাৰ বাবে ভাৰতত ভোটাৰসকলে তেওঁলোকৰ পছন্দৰ দল আৰু প্ৰাৰ্থীৰ হকে ভোটাদন কৰাৰ বাবে সুযোগ লাভ কৰে।

(গ) ভাৰতৰ বিভিন্ন সংস্কৃতি জনগোষ্ঠী ভাষাৰ লোকৰ সমাহাৰ ঘটা বাবে বহুদলীয় ব্যৱস্থা অধিক উপযোগী।

(ঘ) ভাৰতীয় দলীয় ব্যৱস্থাই জনসাধাৰণৰ আঞ্চলিকতাবাদী মনোভাব আৰু প্ৰত্যাশা পূৰণ কৰিব পাৰি।

ভাৰতীয় দলীয় ব্যৱস্থাৰ অসুবিধাবোৰ হ’ল –

(ক) ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ কোনো এটাৰ সাংগাঠনিক ভেটি দৃঢ় নহয় । 

(খ) ভাৰতৰ কোনো ৰাজনৈতিক দলৰ সুস্পষ্ট আঁচনি পৰিকল্পনা বা নীতি থকা দেখা যায় ৷ 

(গ) সুপৰিকল্পিত, সুনির্দিষ্ট দৃঢ় ইস্তাহাৰ অভাব প্ৰতিটো দলৰ মাজত বিৰাজ মান ৷

(ঘ) দল ত্যাগ বা দল বাগৰা ভাৰতৰ ৰাজনৈতিক দলত আন এটা দোষ।

(ঙ) সুনেতৃত্বৰ ভাব ভাৰতৰ দলীয় ব্যৱস্থাৰ আন এটা আসোঁৱাহ । 

(চ) প্ৰকৃত দলীয় আদৰ্শৰ অভাব দলীয় ব্যৱস্থাৰ এটা অন্যতম আসোঁৱাহ ৷

৩৭৷ ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ গঠন, প্রকৃতি আৰু কৰ্মক্ষেত্ৰৰ ভিত্তিত দলবিলাকক কেইটা ভাগত ভাগ কৰিব পাৰি? প্ৰত্যেকটো দলৰ বিষয়ে চমুকৈ লিখা । (How many parties can we divided into based on the structure, nature and function of political parties in India? Give a short description of each.)

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ গঠন, প্রকৃতি আৰু কৰ্মক্ষেত্ৰৰ ভিত্তিত দলবিলাকক দুটা বহল ভাগত ভাগ কৰিব পাৰি— জাতীয় দল আৰু আঞ্চলিক দল। কোনো এটা দলক জাতীয় ৰাজনৈতিক দল হিচাপে স্বীকৃতি দিবলৈ হ’লে সেই দলে কমেও চাৰিখন ৰাজ্যত মুঠ ভোটাৰৰ চাৰি শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হ’ব লাগিব। গতিকে জাতীয় দলৰ সংখ্যা বিভিন্ন সময়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভিত্তি কম বেছি হ’ব পাৰে। ১৯৯৬ চনৰ নিৰ্বাচনৰ সময়ত ভাৰতৰ নিৰ্বাচনী আয়োগে মুঠ ৬ টা দলক জাতীয় দল হিচাবে স্বীকৃতি প্রদান কৰিছিল। এই দল কেইটা আছিল—

(১) ভাৰতীয় জনতা দল।

(২) ভাৰতীয় জাতীয় কংগ্ৰেছ (আই)। 

(৩) ভাৰতৰ কমিউনিষ্ট দল।

(৪) ভাৰতৰ কমিউনিষ্ট দল (মাক্সিষ্ট)।

(৫) জনতা দল। আৰু 

(৬) বহুজন সমাজবাদী দল।

উপৰোক্ত ৰাষ্ট্ৰীয় দলবিলাকৰ উপৰি ভাৰতবৰ্ষত বর্তমান ভালেমান আঞ্চলিক দলে জন্ম লাভ কৰিছে। এই ক্ষেত্ৰত ক’ব পাৰি যে কোনো এটা দলে আঞ্চলিক দলৰ স্বীকৃতি লাভ কৰিবলৈ হ’লে উক্ত দলটোৱে জন্ম লাভ কৰা ৰাজ্যখনৰ নিৰ্বাচনত মুঠ ভোটাৰৰ কমেও ৪ শতাংশ ভোট লাভ কৰিব লাগিব। এই ক্ষেত্ৰত নির্বাচন আয়োগে স্বীকৃতি প্ৰদান কৰা দলবিলাকৰ ভিতৰত আছে— তেলেগু দেশম (অন্ধ্রপ্রদেশ), অসম গণ পৰিষদ (অসম), ঝাৰখণ্ড মুক্তি মৰ্চা (বিহাৰ), মহাৰাষ্ট্ৰবাদী গোমন্তক দল (গোৱা), নেচনেল কনফাৰেন্স (জম্মু আৰু কাশ্মীৰ), মুছলীম লীগ (কেৰেলা), কেৰেলা কংগ্ৰেছ (কেৰেলা), শিৱসেনা (মহাৰাষ্ট্ৰ), মণিপুৰ পিপল্‌চ্চ দল (মণিপুৰ), হিলচ্ পিপল্‌চ ইউনিয়ন (মেঘালয়), মিজো নেচনেল ফ্রন্ট (মিজোৰাম), নাগালেণ্ড পিপল্‌চ কাউন্সিল (নাগালেণ্ড), আকালি দল (পঞ্জাৱ), বহুজন সমাজ দল (পঞ্জাৱ, উত্তৰ প্রদেশ), চিকিম সংগ্ৰাম পৰিষদ (চিকিম), ডি. এম. কে আৰু এ. আই. এল. ডি. এম. কে. (তামিলনাডু), ত্ৰিপুৰা উপজাতি যুৱ সমিতি (ত্ৰিপুৰা), অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক (পশ্চিমবংগ) আদি।

৩৮৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ পিছত কোন কোন ৰাজনৈতিক দলে শাসন কৰিছিল? (Which political parties ruled after India’s independence movement?) 

উত্তৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলটো বিশেষভাৱে জড়িত হৈ ভাৰতবৰ্ষক বৃটিছ শাসনৰ পৰা মুক্ত কৰাত বৰঙণি যোগাইছিল। সেয়ে বহুতো ৰাজনীতি বিজ্ঞানীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক বহুদলীয় ব্যৱস্থাৰ পৰিৱৰ্তে একদলীয় শাসন ব্যৱস্থা বুলি ক’বলৈ প্ৰয়াস কৰিছিল। এইসকলৰ ভিতৰত মাইৰণ ওৱেইনাৰ ৰজনী, কোঠাৰী আদিৰ নাম উল্লেখ কৰিব পাৰি। ১৯৭৭ চনত অনুষ্ঠিত হোৱা সংসদীয় নির্বাচনৰ জৰিয়তে ভাৰতীয় জনতা দলে প্ৰথমবাৰৰ বাবে কংগ্ৰেছৰ পৰা শাসনভাৰ কাঢ়ি ল’বলৈ সক্ষম হৈছিল যদিও জনতা দলত ঘটা আভ্যন্তৰীণ কন্দলৰ ফলত এই দলে কাৰ্যকালৰ আধাতে শাসনভাৰ এৰিবলৈ বাধ্য হ’ল।

ফলত ১৯৮০ চনত অনুষ্ঠিত হোৱা মধ্যকালীন সংসদীয় নিৰ্বাচনৰ জৰিয়তে কংগ্ৰেছ দল পুনৰ শাসনত বহিল। আকৌ ১৯৮৪ চনত সংসদীয় নির্বাচনতো এই দলেই জয়লাভ কৰিবলৈ সক্ষম হ’ল। অৱশ্যে ১৯৮৯ চনত অনুষ্ঠিত হোৱা সংসদীয় নির্বাচনত কংগ্ৰেছ দলে পুনৰ এবাৰ ক্ষমতা হেৰুৱাব লগা হ’ল। কিন্তু এয়ে হলেও বিৰোধী দলৰ এই চৰকাৰখনৰ অৱস্থাও পূৰ্বৰ জনতা চৰকাৰৰ দৰেইহ’ল। 

এই চৰকাৰেও দুবছৰৰ পাছতে শাসনৰ গাদী এৰিবলৈ বাধ্য হ’ল ১৯৯১ চনৰ নিৰ্বাচনত কংগ্ৰেছ দল পুনৰ ক্ষমতালৈ ঘূৰি আহিল। ১৯৯৬ চনৰ নিৰ্বাচনত ১৪ দলীয় বিৰোধী দলৰ চৰকাৰ গঠন হ’ল যদিও এই চৰকাৰো বেছি দিন টিকি থাকিব নোৱাৰিলে ৷ ফলত ১৯৯৮ চনত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগা হ’ল। এই নিৰ্বাচনৰ জৰিয়তে পুনৰ বিৰোধী দলে চৰকাৰ গঠনৰ ক্ষমতা লাভ কৰিলে আৰু বৰ্তমানে কেন্দ্ৰত ভাৰতীয় জনতা দলৰ নেতৃত্বত ২১ দলীয় মৰ্চা চৰকাৰ চলি আছে।

৩৯৷ ভাৰতৰ ৰাজনৈতিক দলবিলাকত দল –বাগৰা ৰাজনীতিয়ে কেনেকৈ প্ৰভাৱ পেলায়? (How does politics of defections put impact on India’s political parties?)

উত্তৰঃ দল-বাগৰা ৰাজনীতি ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। ১৯৬৭ চনত অনুষ্ঠিত হোৱা চতুৰ্থ সাধাৰণ নিৰ্বাচনৰ পিছৰ পৰা সদস্যসকলৰ দল-বাগৰা ৰাজনীতিয়ে জটিল ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰিলে। উল্লেখযোগ্য যে এই নির্বাচনত কংগ্ৰেছ দলে ভালেকেইখন ৰাজ্যত ক্ষমতা হেৰুওৱাৰ লগতে কেন্দ্ৰতো এই দলৰ শক্তি বহু পৰিমাণে কমিল ৷ ফলত ৰাজ্যবিলাকত বিৰোধী দলবিলাকে সংযুক্ত মৰ্চা চৰকাৰ (United Front Government) বা মৰ্চা চৰকাৰ (Coalition Government) গঠন কৰাৰ সুবিধা লাভ কৰিলে ৷ এইদৰে বিৰোধী দলৰ সংযুক্ত চৰকাৰ গঠনৰ লগে লগে ক্ষমতা লাভৰ আশাত বিভিন্ন দলৰ সদস্যই নিজ নিজ দল ত্যাগ কৰি মৰ্চা চৰকাৰৰ অংশীদাৰ দলবিলাকত যোগদান কৰিবলৈ হেতা-ওপৰা লগাবলৈ আৰম্ভ কৰিলে। 

এইদৰে বিভিন্ন দলৰ সদস্যসকলে সঘনে দল সলনি কৰিবলৈ লোৱাৰ ফলত বহুতো ৰাজ্যৰ চৰকাৰ অস্থিৰতাৰ সন্মুখীন হ’বলৈ বাধ্য হ’ল আৰু এটা সময়ত এই বিৰোধী দলৰ চৰকাৰ সমূহৰ পতন সম্ভৱ হৈ উঠিল। এইখিনিতে ক’ব পাৰি যে কেন্দ্ৰৰ ৰাজীৱ গান্ধী চৰকাৰে ১৯৮৫ চনত ৫২ তম সংবিধান সংশোধনীৰ জৰিয়তে দল-বাগৰা ৰাজনীতি ৰোধ কৰাৰ বাবে এখন আইন প্রণয়ন কৰিছিল। এই আইনখনে কিছু সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল যদিও এই আইনৰ কিছুমান দুৰ্বলতাৰ সুযোগ লৈ বিভিন্ন দলৰ সদস্যসকলে দল-বাগৰা ৰাজনীতি বর্তমানেও চলাই থাকিবলৈ সক্ষম হৈছে। এই ধৰণৰ কাৰ্যাৱলীয়ে যে দেশখনৰ ৰাজনীতিত বিৰূপ প্ৰভাৱ পেলাইছে তাত অলপো সন্দেহ নাই।

৪০৷ ভাৰতৰ ৰাজনৈতিক দলবিলাক সাংগঠনিকভাৱে দুৰ্বল কিয়? (Why are the political parties in India organizationally weak?) 

উত্তৰঃ ভাৰতৰ ৰাজনৈতিক দলবিলাক যে সুসংগঠিত নহয় তাৰ অলেখ প্ৰমাণ পোৱা যায়। এইবিলাকৰ ভিতৰত ক’ব পৰা যায় যে ভাৰতৰ ৰাজনৈতিক দলবিলাক নেতাজনৰ ওপৰতে নিৰ্ভৰশীল আৰু এই নেতাজনে তেওঁৰ অনুগতসকলৰ লগত লগ লাগি দলটোক নিজ খেয়ালখুচি মতে পৰিচালনা কৰাতো সম্ভৱ হৈ পৰে। উদাহৰণস্বৰূপে— জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীয়ে কংগ্ৰেছ দলক, চৰণ সিঙে লোক দলক, চন্দ্ৰবাবু নাইডুৱে তেলেগু দেশম দলক, কান্সিৰামে বহুজন সমাজ দলক ইত্যাদি। উল্লেখযোগ্য যে ভাৰতৰ ৰাজনৈতিক দলবিলাক আনকি দলীয় নির্বাচন অনুষ্ঠিত কৰিবলৈও আগ্রহী নহয়। ফলত বহুতো দলে সাংগঠনিক নির্বাচন অনুষ্ঠিত নকৰি মনোনীত বিষয়ববীয়াৰ দ্বাৰাই কাম-কাজ চলাই থকা দেখা যায়। সুখৰ কথা যে ভাৰতৰ নিৰ্বাচন আয়োগৰ পূৰ্বৰ মুখ্য আয়ুক্ত টি. এন. শেষানে এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লৈ ৰাজনৈতিক দলবিলাকক সাংগঠনিক নির্বাচন অনুষ্ঠিত কৰিবলৈ বাধ্য কৰিছিল ৷ 

৪১। ভাৰতত আঞ্চলিক দলৰ উপস্থিতিয়ে কেনেদৰে প্ৰভাৱ পেলায়? (How does the presence of regional parties in India affect?) 

উত্তৰঃ যোৱা দুটা দশকত ভাৰতৰ ৰাজনীতিত ভালেমান আঞ্চলিক দলৰ প্ৰৱেশ ঘটিছে। অৱশ্যে এইটো ঠিক যে কেৱল সংখ্যাগতভাৱেই আঞ্চলিক দলৰ বিকাশ ঘটা নাই। এই দলবিলাকে আশাতীতভাৱে চৰকাৰ গঠন কৰিবলৈও সক্ষম হৈছে। উদাহৰণস্বৰূপে— তেলেগু দেশম (অন্ধ্রপ্রদেশ), ডি.এম. কে. আৰু এ. আই.এল.ডি.এম. কে. (তামিলনাডু), আকালি দল (পঞ্জাৱ), অসম গণ পৰিষদ (অসম), নেচনেল কনফাৰেন্স (জম্মু আৰু কাশ্মীৰ), বহুজন সমাজ পার্টি (উত্তৰ প্ৰদেশ), চিকিম ডেমক্রেটিক ফ্রন্ট (চিকিম), মিজো নেচনেল ফ্রন্ট (মিজোৰাম), অৰুণাচল কংগ্ৰেছ (অৰুণাচল প্ৰদেশ) আদিৰ নাম উল্লেখ কৰিব পাৰি। উল্লেখযোগ্য যে অষ্টম লোকসভা নির্বাচনত আঞ্চলিক দল তেলেগু দেশমে আনকি প্রধান বিৰোধী দল হিচাবে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছিল। 

কেৱল সেয়ে নহয় ১৯৯৬ চনৰ পৰা শেষৰতো নির্বাচনলৈকে আঞ্চলিক দল বিলাকে ৰাষ্ট্ৰীয় ৰাজনীতিত ভাবিব নোৱাৰা ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা দেখা গৈছে। বৰ্তমান এনে এক পর্যায়লৈ আগবাঢ়িছে যে আঞ্চলিক দলৰ সহযোগিতাৰ অবিহনে কেন্দ্ৰত চৰকাৰ গঠন হোৱাতো অসম্ভৱ হৈ পৰিছে। আনকি কেন্দ্ৰৰ এখন চৰকাৰৰ স্থায়িত্বও সম্পূৰ্ণভাৱে নিৰ্ভৰ কৰিছে আঞ্চলিক দলৰ সমৰ্থনৰ ওপৰতে। বৰ্তমান কেন্দ্ৰত ভাৰতীয় জনতা লৰ নেতৃত্বত যিখন চৰকাৰে কাম-কাজ- চলাই আছে সেইখন হৈছে ২১ দলীয় সন্মিলিত চৰকাৰ আৰু এই চৰকাৰত যোগদান কৰা অধিক সংখ্যকেই আঞ্চলিক দল।

৪২। ভাৰতীয় দলীয় ব্যৱস্থাৰ পাঁচটা আসোঁৱাহ লিখা।(Write five defects of Indian party system.) 

উত্তৰঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ পাঁচটা আসোঁৱাহ হ’ল-

(ক) স্বাধীনতাৰ বিগত দশকসমূহৰ অভিজ্ঞতাৰ পৰা এইটো পৰিলক্ষিত হয় যে ভাৰতবৰ্ষত মাথোঁ এটা ৰাজনৈতিক দলে ৰাষ্ট্ৰীয় দৃশ্যপটত চমৎকাৰ সৃষ্টি কৰিছিল । সংগঠন, আদৰ্শ, জনসমৰ্থন আদি ফালৰ পৰা কংগ্ৰেছ দল আছিল সকলোৰে আগত, এনে একক দলৰ আধিপত্য হোৱাৰ বাবে কোনো দলেই সঠিকভাৱে বিকাশ লাভ কৰিব নোৱাৰিলে। অৱশ্যে সম্প্ৰতি ভাৰতীয় জনতা দলে কংগ্ৰেছ দলৰ আধিপত্যক ওফৰাই কেন্দ্ৰ আৰু ৰাজ্যবিলাকৰ ৰাজনীতিত শ্রেষ্ঠত্ব ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।

(খ) দলৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধিঃ ভাৰতত ৰাজনৈতিক দলৰ সীমা সংখ্যা নাই। এনে বহুদল আছে যাৰ প্ৰাৰ্থী কাহিনীও নিৰ্বাচনত জয়ী হ’ব পৰা নাই। এনে অনাৱশ্যকীয় দলবিলাক ৰোধ কৰাটো নিতান্তই প্ৰয়োজনীয় ৷

(গ) দলবিলাকৰ সাংগঠনিক দুর্বলতা : তদুপৰি ভাৰতীয় ৰাজনৈতিক দলবিলাক কোনো এটাৰে সাংগঠনিক ভেঁটি দৃঢ় নহয়। প্রত্যেক দলৰে সোঁপন্থী, বাওঁপন্থী আদি উপদল দেখা যায় ৷ ইয়ে দলবোৰক দুৰ্বল কৰি তোলে ৷

(ঘ) নিয়মানুৱৰ্তিতাৰ অভাৱঃ দলীয় সদস্যসকলৰ মাজত নিয়মানুবত্তিতাৰ অভাৱেও দলীয় ব্যৱস্থাক বাৰুকৈ জুৰুলা কৰিছে। দলীয় সংগঠনৰ সদস্যসকলৰ ওপৰত নিয়ন্ত্রণ নাথাকে৷ দলৰ নীতি-নিয়মসমূহ মানি নচলাটো এক প্ৰকাৰৰ আইনত পৰিণত হৈছে।

(ঙ) ব্যক্তিগত স্বার্থক গুৰুত্ব আৰোপকৰণঃ দলীয় ব্যৱস্থা ব্যক্তিগত আশা-আকাংশা পূৰণ কৰাৰ এক হাতিয়াৰ স্বৰূপ হৈ পৰিছে। বিশেষকৈ শাসনাধিষ্ঠ দলৰ সদস্য সকলে চৰকাৰৰ সকলো সা-সুবিধা গ্ৰহণ কৰিবলৈ যিকোনো মাধ্যম গ্ৰহণ কৰা দেখা যায়। পূৰ্বতে ৰাজনৈতিক পূজাৰ আহিলা হৈ পৰিছে।

৪৩৷ ভাৰতীয় দলীয় ব্যৱস্থাৰ সাম্প্ৰতিক যিকোনো দুটা ধাৰাৰ বিষয়ে লিখা। (Write about any two recent trends in Indian Party System.) 

উত্তৰঃ ভাৰতীয় দলীয় ব্যৱস্থাৰ সাম্প্ৰতিক যিকোনো দুটা ধাৰা হ’ল –

(ক) সংযুক্ত চৰকাৰ গঠন (Formation of a Coalition Government) : ভাৰতৰ দলীয় ৰাজনীতিত চৰকাৰ গঠন অবিৰত ধাৰা যদিও ষষ্ঠদশ লোকসভা নিৰ্বাচনৰ পিছৰ পৰা ভাৰতৰ মৰ্চা ৰাজনীতিৰ ধাৰা কিছু পৃথক ৰূপত পৰিলক্ষিত হৈছে, উক্ত নিৰ্বাচনৰ পিছৰ পৰা কেন্দ্ৰত বি.জে.পি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা (National Democratic Alliance) ৰ চৰকাৰ গঠন হৈছে যদিও বি.জে.পিয়ে উক্ত নিৰ্বাচনত আৰু ২০১৯ চনৰ সপ্তদশ লোকস নিৰ্বাচনত সংখ্যাগৰিষ্ঠ দলৰ মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে।

(খ) কংগ্ৰেছ দলৰ দুৰ্বল স্থিতি (Weak Position of Congress) : লোকসভ আৰু কেতবোৰ ৰাজ্যৰ ৰাজ্যিক বিধানমণ্ডলৰ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দল ২০১৪ চনৰ লোকসভা নিৰ্বাচনত এক দুর্বল দল হিচাপে পৰিগণিত হ’ল। এনে এক প্রেক্ষাপটত অনান্য ৰাজনৈতিক দলবিলাকৰ লগত কংগ্ৰেছ দলৰ জোটবন্ধন অধিক শক্তিশালী আৰু সুৰক্ষিতকৰণৰ হকে কংগ্ৰেছ দলৰ আভ্যন্তৰীণ সাংগঠনিক গাঠনি পুন: সংগঠিত কৰাৰ নিতান্তই প্রয়োজনীয়তা আছে।

৪৪। কি কাৰণত কংগ্ৰেছ দলটো স্বাধীনতাৰ পিছত একমাত্ৰ বহু-দলীয় জোঁট সংযুক্ত প্রগতিশীল মৰ্চাৰ নেতা হিচাপে শাসকীয় দল হৈ থাকিল? (Why did the congress party become the ruling party as the only multi-party coalition united progressive front after independence.) 

উত্তৰঃ ১৯৮৯ চনৰ সময়ছোৱাৰ পৰা কংগ্ৰেছ দলে পূৰ্ব্বৰ জনপ্ৰিয়তা হেৰুৱাৰ লগতে দলটোত খহনীয়াৰ সৃষ্টি হয়। লাহে লাহে লোকসভা আৰু বহুতো ৰাজ্যৰ বিধান সভাত এই দলৰ আসনৰ সংখ্যা কমি আহিবলৈ ধৰিলে। ১৯৮৯ চনৰ এই দল জনতা দলৰ হাতত পৰাজিত হয়। যদিও ১৯৯১-১৯৯৬ চনত এই দলে এখন সংখ্যালঘু চৰকাৰ গঠন কৰি দেশ শাসন কৰে। পৰৱৰ্তী সময়ত ইয়াৰ জনপ্ৰিয়তা আৰু শক্তি পুনৰ বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ১৯৯৭ চনৰ পৰা ২০০৪ চনৰ সময়ছোৱাত কংগ্ৰেছ দলে কেন্দ্ৰ আৰু কেইবাখনো ৰাজ্যৰ শাসনৰ পৰা ক্ষমতাচ্যুত হৈ বিৰোধী দলৰ ভূমিকাত অৱতীৰ্ণ ল’ব লগা হয়। কেন্দ্ৰ আৰু বহুকেইখন ৰাজ্যত বহুদলীয় সন্মিলিত চৰকাৰৰ যুগটোৰ আৰম্ভ হ’ল। এনেদৰে দেশত বহুদলীয় পৰম্পৰাত কংগ্ৰেছ দলৰ স্থিতি ক্ৰমাৎ নিম্নগামী হয়। কংগ্ৰেছ দলে সেয়ে বাধ্য হৈ অন্যান্য কেইবাটাও আঞ্চলিক দল আৰু কেইটামান ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা বৃদ্ধি কৰিবলৈ যত্নপৰ হৈছিল। এই সিদ্ধান্তৰ ফলত তেওঁলোক মাত্ৰ এটা বহু-দলীয় জোঁট সংযুক্ত প্ৰগতিশীল মৰ্চাৰ নেতা হিচাপে শাসকীয় দল হৈ থাকিল ৷

৪৫। কি কাৰণত কংগ্ৰেছ দলৰ স্থান নিম্নগামী হয় আৰু ভাৰতত বহুদলীয় জোঁট চৰকাৰ যুগৰ সূচনা হয়? (What is the reason the decline of the Congress party and the for beginning of the era multi-party coalition government in India?)

উত্তৰঃ ১৯৮৪ চনৰ অক্টোবৰ মাহত প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে তেওঁৰ দেহৰক্ষীৰ হাততে প্রাণ দিলে। কংগ্ৰেছ নেতৃত্বত সৃষ্টি হোৱা শূন্যতা পূৰণ কৰিবলৈ ইন্দিৰা গান্ধীৰ জ্যেষ্ঠ পুত্র ৰাজীৱ গান্ধীক দলৰ নেতৃত্ব প্ৰদান কৰা হ’ল। ১৯৮১ চনৰ নৱেম্বৰ মাহত তেওঁ ভাৰতৰ প্রধানমন্ত্ৰীৰ লগতে কংগ্ৰেছৰ অধ্যক্ষ হয়। ১৯৮৪ চনৰ নিৰ্বাচনত তেওঁৰ নেতৃত্বত দলটোৱে এক বৃহৎ জয় লাভ কৰে ৷ এইদৰে লোকসভাৰ ৪১১/৫২৯ আসন অধিকাৰ কৰিবলৈ সক্ষম হয়৷ পুনৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত কংগ্ৰেছ দলৰ আধিপত্য প্রতিষ্ঠিত হ’ল। যদিও ১৯৮৪-৮৯ চনৰ সময়ছোৱাত কংগ্ৰেছী কেন্দ্ৰীয় চৰকাৰখনে তেওঁলোকৰ দুৰ্দান্ত আৰু প্ৰভাৱশালী অস্তিত্ব বজাই ৰাখিব নোৱাৰিলে৷ কিছুমান আঁচনি আৰু সিদ্ধান্ত লোৱাত বিলম্ব কৰা, কংগ্ৰেছৰ দলৰ সদস্যৰ মাজত অন্তঃকন্দল, কোনো কোনো নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, বফৰ্ছ কেলেংকাৰীত জড়িত থকাৰ অভিযোগ, সংৰক্ষিত বনাম অ-সংৰক্ষিত বিষয়ৰ বাদ-বিবাদ, অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ আৰু জনতা দলৰ বাঢ়ি অহা জনপ্রিয়তা (যিটোৱে পাছলৈ জনতা দল নেতৃত্বাধীন নেশ্যনেল ফ্ৰণ্ট অৰ্থাৎ ভাৰতীয় দল ব্যৱস্থাত বহুদলীয় কংগ্ৰেছ বিৰোধী জোঁট বন্ধন গঠন কৰে) আৰু অন্যান্য বহুতো কাৰকৰ ফলত কংগ্ৰেছ দল দুৰ্বল হৈ পৰে আৰু ১৯৮৯ চনৰ নৱেম্বৰ মাহত লোকসভা নিৰ্বাচনত পৰাজিত হয় । প্ৰকৃততে এই ঘটনাই কংগ্ৰেছ দলৰ স্থান নিম্নগামী কৰে আৰু ভাৰতত বহুদলীয় জোঁট চৰকাৰৰ যুগৰ সূচনা কৰে।

৪৬৷ একদলীয় ব্যৱস্থাৰ গুণসমূহ আলোচনা কৰা ৷ (Discuss the quality of one-party system.)

উত্তৰঃ একদলীয় ব্যৱস্থাৰ গুণসমূহ হ’ল –

(ক) ঐক্য আৰু সংহতিঃ এই ব্যৱস্থাত সহজতে জাতীয় ঐক্য আৰু সংহতি ৰক্ষা কৰা যায় । দলীয় স্বাৰ্থ জাতীয় স্বাৰ্থৰ ওপৰত প্ৰাধান্য পায়। একদলীয় ব্যৱস্থাৰ মাধ্যমেদি ৰাষ্ট্ৰৰ একতা বিধান কৰা সম্ভৱ হয় ৷ ৰাষ্ট্ৰ পৰিচালনাৰ ক্ষেত্ৰত কোনো দ্বিমত নাথাকে।

(খ) দ্রুত সিদ্ধান্ত গ্রহণঃ দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এক ব্যৱস্থা উপযোগী। 

(গ) দলীয় শৃঙ্খলাঃ একদলৰ মাধ্যমত দলীয় শৃঙ্খলা ৰক্ষা কৰা সম্ভৱ হয়। বিভিন্ন ধৰণৰ দল থাকিলে বিশৃঙ্খলা আৰু বিভেদ দেখা দিয়ে ।

(ঘ) সংঘাত ৰোধঃ ৰাজনৈতিক সংঘাত একদলীয় ব্যৱস্থাত নাথাকে বুলিহে ক’ব পৰা যায়৷ কঠোৰভাৱত দলীয় শৃঙ্খলা ৰক্ষা কৰা হয় ৷

৪৭। একদলীয় ব্যৱস্থাৰ দোষসমূহ আলোচনা কৰা ৷ (Discuss the demerits of one-party system.) 

উত্তৰঃ একদলীয় ব্যৱস্থাৰ দোষসমূহ হৈছে

(ক) অগণতান্ত্রিকঃ একদলীয় ব্যৱস্থাৰ যিমন গুণেই নাথাকক কিয় ই সম্পূর্ণ অগণতান্ত্রিক। এই ব্যৱস্থাত সমালোচনা কৰাৰ অধিকাৰ কাৰো নাথাকে।

(খ) অধিকাৰ খৰ্ব কৰেঃ একদলীয় ব্যৱস্থাত জনগণৰ প্ৰায় সকলো মৌলিক অধিকাৰ খৰ্ব কৰা হয় ।

(গ) একদলীয় ব্যৱস্থা স্বৈৰাচাৰৰ পৃষ্ঠপোষকঃ এই ব্যৱস্থাত ভিন্নমত আৰু দলক নির্মম ভাবে নির্মূল কৰি স্বৈৰাচাৰ প্ৰতিষ্ঠা কৰা হয় ।

(ঘ) একদলীয় ব্যৱস্থাত ব্যক্তিত্ব বিকাশৰ পৰিপন্থীঃ এই ব্যৱস্থাত সকলোকে দলৰ নির্দেশ আৰু আদেশ বিনা প্রতিবাদে মানি চলিব লগা হয়।

(ঙ) চৰম দুৰ্নীতিপৰায়ণ হ’ব পাৰেঃ একদলীয় ব্যৱস্থাত দলীয় প্রধান চৰম ক্ষমতাশালী হৈ উঠিছে। দেশত বিৰোধী দল নথকাত আৰু দমননীতিৰ বাবে কোনোৱে সমালোচনা কৰিব নোৱাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top