Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Question Answer can be of great value to excel in the examination.
Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি
Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি Notes cover all the exercise questions in UGC Syllabus. The Political Processes And Institutions In Comparative Perspective Unit 2 নিৰ্বাচন আৰু দলীয় পদ্ধতি provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.
২৬৷ ভাৰতবৰ্ষৰ নিৰ্বাচনী ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা । (Discuss the features of the electoral system in India.)
উত্তৰঃ আমাৰ দেশৰ সংবিধানৰ পঞ্চদশ অধ্যায় নির্বাচন ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে। নির্বাচন ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল—
(ক) দেশৰ নিৰ্বাচনৰ দায়িত্ব কাৰ্যপালিকা বা বিধান মণ্ডলক দিয়াৰ পৰিৱৰ্তে এটা স্বাধীন আৰু নিৰপেক্ষ সংগঠনৰ ওপৰত দিয়া হৈছে। নির্বাচন পৰিচালনাৰ দায়িত্ব নির্বাচনী আয়োগৰ ওপৰত দিয়া হৈছে।
(খ) সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰ পদ্ধতিৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা অন্যতম বৈশিষ্ট্য। আমাৰ দেশৰ সংবিধানে দেশৰ প্ৰাপ্তবয়স্ক সকলো নাগৰিকে ভোটদানৰ অধিকাৰ আছে। ১৮ (ওঠৰ) বছৰ বয়সৰ যিসকল ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, তেওঁলোক সকলোৱে নিৰ্বাচনৰ সময়ত ভোটদান কৰিব পাৰে।
(গ) আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এক বৈশিষ্ট্য এই যে প্রত্যক্ষ আৰু পৰোক্ষ এই দুই ধৰণৰ নিৰ্বাচন ব্যৱস্থাৰ প্ৰচলন আছে। লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ সদস্যসকলক প্রত্যক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। কিন্তু ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষ ভোটৰ দ্বাৰা নিৰ্বাচিত কৰা হয় ৷ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন পৰোক্ষ।
(ঘ) লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰণে একেখন ভোটাৰ তালিকাৰ প্ৰচলন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এক বৈশিষ্ট্য। যিসকল নাগৰিকে ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত ভোটদান কৰে, তেওঁলোকে নিজৰ নিজৰ সমষ্টিৰ লোকসভাৰ সদস্যৰ নিৰ্বাচনতো ভোটদান কৰিব পাৰে।
(ঙ) সমান ভোটাধিকাৰৰ নীতি গ্ৰহণ আমাৰ দেশৰ নিৰ্বাচন ব্যৱস্থাৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য। প্রত্যেক ভোটাৰৰ ভোটৰ মূল্য সমান হিচাপে বিবেচনা কৰা হয় ।
(চ) এলেকাভিত্তিক প্রতিনিধি নির্বাচন আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এক বৈশিষ্ট্য। লোকসভাৰ সদস্যৰ সংখ্যাৰ অনুপাতে দেশখনক নিৰ্দিষ্ট সমষ্টিত ভাগ কৰা হয়, ঠিক একেই দৰে ৰাজ্যিক বিধানসভাৰ সদস্যসংখ্যা অনুপাতে ৰাজ্যখনক কেইটামান সমষ্টিত ভাগ কৰা হয় ৷ দুয়োক্ষেত্ৰত প্রত্যেক সমষ্টিৰ পৰা এজনকৈ প্ৰাৰ্থীৰ লোকসভা আৰু বিধানসভাৰ সদস্য হিচাবে নিৰ্বাচিত কৰা হয় ।
(ছ) ভোটাৰৰ বয়স আৰু বিধানমণ্ডলৰ সদস্যৰ বয়সৰ প্ৰভেদ নির্বাচন ব্যৱস্থাৰ আন এটা বৈশিষ্ট্য। প্রথমে ভোটাৰৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল ২১ বছৰ। কিন্তু ১৯৮৮ চনত, ৬১ নং সংবিধান সংশোধনী আইন মতে ভোটাৰৰ নিম্নতম বয়স ১৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে । কিন্তু লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ প্ৰাৰ্থীৰ বয়স নিৰ্ধাৰণ কৰা হৈছে ২৫ বছৰ। আৰু ৰাজ্যসভা আৰু ৰাজ্যিক বিধান পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছে ৩০ বছৰ ৷
(জ) আইনে নিৰ্ধাৰণ কৰি দিয়া অৰ্হতা থাকিলে, ভাৰতৰ যিকোনো নাগৰিকে নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰে। ৰাজনৈতিক দলৰ সদস্যৰ উপৰিও ব্যক্তিগতভাৱেও নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পৰা যায় ৷
(ঝ) আমাৰ দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য এই যে নিৰ্বাচনৰ বাহিৰে আন কোনো উপায়ে ৰাজনৈতিক পদবী লাভ কৰাৰ ব্যৱস্থা নাই। বিধানমণ্ডলৰ সদস্যসকল নির্বাচিত সদস্য হ’ব লাগে। লোকসভাত ২ জন আৰু ৰাজ্যসভাত ১২ জন মনোনীত সদস্য থাকিব পাৰে।
(ঞ) নিৰ্বাচনী প্ৰচাৰ আমাৰ দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ আন এটা বৈশিষ্ট্য। ক্ষমতাত অধিষ্ঠিত দলে চৰকাৰৰ সদস্যৰ বিষয়ে প্ৰচাৰ কাৰ্য চলায়। প্রত্যেক দলেই জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰে৷
২৭। ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম মানে কি বুজা? ভাৰতবৰ্ষত এই ব্যৱস্থাটো কিয় গ্ৰহণ কৰিছিল? (What do you mean by Fast Past the Post System? Why did India take this step?)
উত্তৰঃ গ্রেট বৃটেইন, ভাৰতবৰ্ষ আদি দেশত প্ৰচলিত ‘ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম’ ব্যৱস্থাৰ যোগেদি স্পষ্ট আৰু সকলোৰে বোধগম্য ৰূপত আটাইতকৈ জনপ্ৰিয় প্ৰাৰ্থীক বাচি উলিওৱাৰ দিহা কৰা হয়। এনে ব্যৱস্থাত অধিক ভোট লাভ কৰা প্ৰাৰ্থীজনেই আসন লাভ কৰে। একক সদস্য সমষ্টিত এই ব্যৱস্থাৰে প্ৰাৰ্থী নির্বাচিত কৰা হয়। একোটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসমূহৰ ভিতৰত যিজনেই অধিকসংখ্যক ভোট লাভ কৰে তেওঁকেই নিৰ্বাচিত বুলি ঘোষণা কৰা হয়। এনে ক্ষেত্ৰত নিৰ্বাচিত হোৱা কাৰণে প্ৰাৰ্থীজনে সংখ্যাগৰিষ্ঠ ভোট অর্থাৎ আধাতকৈ অধিক ভোট লাভ কৰাৰ প্ৰয়োজন নাই, মাত্ৰ সকলো প্ৰাৰ্থীৰ ভিতৰত ভোট পালেই হ’ল। সেয়েহে এই ব্যৱস্থাক ‘ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম’ বুলি কোৱা হয়। ইংলেণ্ডৰ কমন্স সভা, ভাৰতবৰ্ষৰ লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণ কৰা হয় ।
ভাৰতবৰ্ষই “ফাষ্ট পাষ্ট্য দ্য পোষ্ট চিষ্টেম” নির্বাচনী পদ্ধতি গ্ৰহণ কৰা কেতবোৰ গুৰুত্বপূৰ্ণ কাৰণ তলত উল্লেখ কৰা হ’ল—
(ক) বৃটিছ সংসদীয় ব্যৱস্থাৰ পৰা আহৰণ কৰা অভিজ্ঞতাঃ ঔপনিৱেশিক শাসন কালতেই বৃটিছসকলে সীমিত হাৰত প্ৰতিনিধিত্বমূলক ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল। এই প্রতিনিধিত্বমূলক ব্যৱস্থাও বৃটিছ সংসদীয় ব্যৱস্থাৰ দ্বাৰা প্ৰভাৱান্বিত আছিল। ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বদায়ীসকল তথা জনসাধাৰ ব্ৰিটিছ সংসদীয় ব্যৱস্থাটোৰ সৈতে পৰিচিত হৈ উঠিছিল।
(খ) ভাৰতীয় সমাজৰ বহুত্ববাদী চৰিত্ৰ আৰু তাৰ প্ৰতিনিধিত্বঃ ভাৰতীয় সমাজৰ চৰিত্ৰ অত্যন্ত বৈচিত্ৰপূৰ্ণ। ৰাজনৈতিক ক্ষেত্ৰত তথা নির্বাচনী প্ৰক্ৰিয়াটোত তাৰ প্ৰভাৱ পৰিছে। সেয়েহে ভাৰতবৰ্ষই বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছে৷ এনে ব্যৱস্থাত প্ৰতিটো নিৰ্বাচনত বহুবোৰ ৰাজনৈতিক দলে অংশগ্ৰহণ কৰে।
(গ) প্রতিনিধি আৰু জনসাধাৰণর মাজত প্রত্যক্ষ যোগাযোগঃ ইজৰাইলৰ সংসদীয় নির্বাচনী ব্যৱস্থাত দেখা পোৱা যায় যে আনুপাতিক প্রতিনিধিত্বৰ নীতিয়ে জনসাধাৰণৰ প্ৰতিনিধিৰ মাজত প্রত্যক্ষ যোগাযোগ স্থাপন নকৰে। সেই ব্যৱস্থাত ৰাজনৈতিক দলেহে প্রাধান্য লাভ কৰে । কিন্তু ভাৰতবৰ্ষত প্রত্যক্ষ নিৰ্বাচনৰ বাবে গ্ৰহণ কৰা ‘ফাষ্ট পাষ্ট দ্য পোষ্ট চিষ্টেম’ আৰু এটা সমষ্টিৰ পৰা এজনেই মাত্র প্রতিনিধি নির্বাচিত কৰা ব্যৱস্থাইজনসাধাৰণ আৰু জনপ্রতিনিধিৰ মাজত প্ৰত্যক্ষ যোগাযোগৰ সুবিধা প্ৰদান কৰিছে।
(ঘ) চৰকাৰৰ স্থায়িত্বঃ ইজৰাইলৰ সংসদীয় ব্যৱস্থাৰ ইতিহাসত যিকোনো চৰকাৰেই নিৰ্বাচিত কাৰ্যকালৰ বাবে শাসনত বৰ্তি থকাটো কঠিন। কাৰণ আনুপাতিক প্রতিনিধিত্বৰ পৰিপ্ৰেক্ষিতত বহুদলীয় ব্যৱস্থা থকা দেশখনত কোনো দলেই চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা সাধাৰণতে লাভ নকৰে। সম্প্ৰতি ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰতো কোনো এটা দলেহ নিজাকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰা এটা পৰিস্থিতিৰ উদ্ভৱ হৈছে। অন্ততঃ ১৯৯৬ চনৰ পৰা অনুষ্ঠিত হোৱা ভাৰতবৰ্ষৰ সংসদীয় নিৰ্বাচনত কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই। তৎসত্বেও সাময়িকভাৱে ৰাজনৈতিক অস্থিৰতা বিৰাজ কৰাৰ বাদে সম্প্ৰতি মিত্ৰজোঁটৰ চৰকাৰ সমূহেও নিৰ্ধাৰিত কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ মূল কাৰণ এইয়ে যে ভাৰতবৰ্ষৰ বৰ্তমানৰ নিৰ্বাচনী পদ্ধতিত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও কোনোবা নহয় কোনোবা এটা দলে বৃহৎ সংখ্যক আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আৰু বৃহৎসংখ্যক আসন দখল কৰাৰ দলৰ নেতৃত্বতেই মিত্ৰজোঁটৰ চৰকাৰ পৰিচালিত হৈছে।