Parvati Prasad Barua Biography | পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জীৱনী 

পাৰ্ৱতি প্ৰসাদ বৰুৱা (Parvati Prasad Barua) আছিল অসমীয়া সাহিত্যৰ এগৰাকী উজ্জ্বল নক্ষত্র। তেওঁ গীতিকবি, কবি, নাট্যকাৰ, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতা হিচাপে জনাজাত। বিশেষকৈ তেওঁ “গীতিকবি” ৰূপে অধিক পৰিচিত। ১৯৪০ চনত তেওঁ চতুৰ্থখন অসমীয়া ছবি ৰূপহী নিৰ্মাণ কৰি উলিয়াইছিল আৰু নিজেই এই ছবিত অভিনয়ো কৰিছিল।

ছাত্ৰ জীৱনত তেওঁ ‘থুপিতৰা’ নামৰ এখন হাতেলিখা আলোচনী প্ৰকাশ কৰিছিল। পিছলৈ এই আলোচনী বন্ধ হোৱাৰ পিছত, তেওঁৰ ভায়েক মোক্ষদা প্ৰসাদৰ সম্পাদনাত ‘ঘৰ-জেউতি’ প্ৰকাশ পায়। ১৯৬১ চনত গোৱালপাৰাত অনুষ্ঠিত অসম সাহিত্য সভাৰ সংগীত সন্মিলনত তেওঁ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল।

Parvati Prasad Barua Biography | পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জীৱনী 

নাম: পাৰ্ৱতি প্ৰসাদ বৰুৱা

জন্ম: ১৯ আগষ্ট, ১৯০৪

জন্মস্থান: শিৱসাগৰ, অসম

মৃত্যু: ৭ জুন, ১৯৬৪

পেচা: কবি, গীতিকাৰ, নাট্যকাৰ

ভাষা: অসমীয়া

পত্নী: পদ্মা কুমাৰী 

পাৰ্ৱতি প্ৰসাদ বৰুৱা (Parvati Prasad Barua) ৰ জন্ম, পৰিয়াল আৰু বংশ পৰিচয়

১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে শিৱসাগৰ জিলাত পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ ৰাধিকাপ্ৰসাদ বৰুৱা আছিল অসম কাউন্সিলৰ সদস্য আৰু তেওঁ ‘ৰায় চাহেব’ উপাধিত ভূষিত হৈছিল। পাৰ্ৱতি প্ৰসাদৰ মাতৃ আছিল হিমলা বৰুৱা, যিনি যোৰহাটৰ বিষ্ণুৰাম বৰুৱাৰ কন্যা।

তেওঁৰ বংশধৰ কৃষ্ণদাসৰ পৰা আৰম্ভ হৈছিল, যি বৰভূঞাৰ লহকৰ ভূঞাৰ বংশধৰ আছিল। কৃষ্ণদাসৰ পুত্ৰ যাদুৰাম বৰুৱাই “বৰ ভাণ্ডাৰ বিষয়া” উপাধি লাভ কৰিছিল। পাছলৈ এই বংশত দুৰ্গাপ্ৰসাদৰ জ্যেষ্ঠ পুত্ৰ ৰাধিকাপ্ৰসাদৰ ঘৰত জন্ম লয় পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ।

তেওঁৰ ভাই-ভনীকেইজন হ’ল—ভগৱতীপ্ৰসাদ, কমলা, কামাখ্যাপ্ৰসাদ, মোক্ষদপ্ৰসাদ, সুধালতা আৰু প্ৰতিমা। ১৯৩৪ চনত তেওঁ পদ্মা কুমাৰী বৰুৱাক বিবাহ কৰে। তেওঁলোকৰ জীয়ৰী সান্ত্বনা বৰুৱা আৰু পুত্ৰ প্ৰণৱিৰাম বৰুৱা আছিল।

পাৰ্ৱতি প্ৰসাদ বৰুৱা (Parvati Prasad Barua) ৰ শিক্ষা জীৱনৰ আৰম্ভণি

পাৰ্বতী প্ৰসাদ বৰুৱাই নিজৰ শিক্ষা জীৱন আৰম্ভ কৰিছিল শিৱসাগৰৰ ফুলেশ্বৰী ল’ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰ জৰিয়তে। ১৯২১ চনত তেওঁ কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু কলেজীয়া জীৱনৰ সূচনা কৰে। যেতিয়া তেওঁ আই.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হয়, তেতিয়া বিজ্ঞান শাখাৰ পৰা কলা শাখালৈ মন সলাই লয়। ১৯২৫ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে কলকাতা গুচি স্কটিছ চাৰ্চ কলেজত বি.এ শ্ৰেণীত নামভৰ্তি কৰে। সেই সময়ত তেওঁক সৈতে বিনন্দ চন্দ্ৰ বৰুৱা, তুলসীনাৰায়ণ শৰ্মাৰ দৰে প্ৰতিভাশালী ছাত্ৰ-সহপাঠী আছিল।

কলেজীয়া দিনতে তেওঁ অসম ছাত্ৰ সন্মিলনত অংশ লৈছিল, য’ত সেই সময়ৰ সম্পাদক আছিল ডিম্বেশ্বৰ নেওগ। শিক্ষা জীৱনৰ সময়তে সাহিত্যৰ প্ৰতি তেওঁৰ উৎসাহ আৰু সক্ৰিয়তা আগলৈ গৈ অসাধাৰণ অৱদানৰ ৰূপ লৈছিল।

পাৰ্ৱতি প্ৰসাদ বৰুৱা (Parvati Prasad Barua) ৰ কৰ্মজীৱন আৰু সমাজৰ প্ৰতি অনুৰাগ

শিক্ষা সমাপ্তিৰ পাছত পাৰ্বতী প্ৰসাদ বৰুৱাই নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল চাহ বাগিচাৰ জগতত। তেওঁৰ ককাক দুৰ্গাপ্ৰসাদ আছিল অভয়াপুৰীৰ এজন খ্যাতনামা চাহ ব্যবসায়ী। ১৯২৯ চনত তেওঁ মোমায়েকৰ ‘সৰু-চৰাই’ চাহ বাগিচাত এপ্ৰেণ্টিছ হিচাপে কৰ্মৰত হৈ কাম শিকিবলৈ আৰম্ভ কৰে। পিছত যোৰহাটৰ তিনিখন বাগিচাৰ মেনেজাৰ হিচাপে কৰ্মভাৰ লয় আৰু ৭ বছৰ ধৰি ৰজাবাৰী চাহ বাগিচাৰ মেনেজাৰ হিচাপেও কাম কৰে।

১৯৩৯ চনত তেওঁ ৰাইডাং চাহ বাগিচা ক্ৰয় কৰে আৰু ৰজাবাৰীৰ পৰা অৱসান লয়। ১৯৪৭ চনত সোণালী চাহ বাগিচা ক্ৰয় কৰি সেয়া নিজে চলাবলৈ আৰম্ভ কৰে। তেওঁৰ জীৱনৰ অন্তিম দিনবোৰ সোণাৰিৰ সোণালী পামত অতিবাহিত হৈছিল। লগতে, তেওঁ কিছু সময়ৰ বাবে লোকেল ব’ৰ্ডৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছিল।

সাহিত্য আৰু সমাজসেৱাতো তেওঁ সমানে জড়িত আছিল। ১৯২৯ চনৰ শৰত কালত ‘জোনাকী মেল’ নামৰ সাহিত্যিক গোট গঠন কৰি সাহিত্য চর্চাৰ এক অনন্য দৃষ্টান্ত স্থাপন কৰে। এই মেলৰ যোগেদি অসম সাহিত্য সভাৰ সৈতে ঘনিষ্ঠ সম্পর্ক গঢ়ি তোলে আৰু মহেশ্বৰ নেওগৰ সভাপতিত্বত অসম সাহিত্য সভাৰ ভৱন নিৰ্মাণৰ বাবে তেওঁ পঞ্চাশ হাজাৰ টকা অনুদান আগবঢ়াই নিজৰ ককায়েক ভগৱতীপ্ৰসাদ বৰুৱাৰ নামত ভৱন নিৰ্মাণৰ উদ্যোগ লয়।

দেশপ্ৰেমৰ ক্ষেত্ৰতো পাৰ্বতী প্ৰসাদ পিছ পৰা ব্যক্তি নহয়। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ সময়ত ড° ভূপেন হাজৰিকাৰ সৈতে জনসচেতনতা বৃদ্ধিৰ উদ্দেশ্যে দেশপ্ৰেমমূলক গীত গাই গুৱাহাটীৰ ৰাস্তাত ট্ৰাকত উঠি ঘূৰি ফুৰিছিল।

পাৰ্ৱতি প্ৰসাদ বৰুৱা (Parvati Prasad Barua) ৰ সাহিত্যিক অৱদান 

শিৱসাগৰৰ নাট্যমঞ্চত সঙ্গীতৰ সৈতে জড়িত থাকোতে পাৰ্বতী প্ৰসাদে নৃত্যনাটিকা ‘লখিমী’ আৰু গীতি-নাটিকা ‘সোণৰ সোলেং’ ৰচনা কৰিছিল। অসমৰ সংগীত-সাহিত্যৰ নৱজাগৰণত তেখেতৰ অৱদান অনস্বীকাৰ্য। ‘গুণগুণনি’, ‘লুইতী’, ‘শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল’ আদি গীতৰ সংকলনৰে তেখেতে অসমীয়া সংগীতক নতুন দিশ দেখুৱাইছিল। তেওঁৰ সৃষ্টিগীতসমূহ “পাৰ্বতী সংগীত” নামেৰে খ্যাত।

তেখেতৰ প্ৰকাশিত উল্লেখযোগ্য সাহিত্য-কৃতি সমূহ হ’ল:

কবিতা, গীত আৰু সুৰীয়া নাট:

  • মৌ টোকাৰী (১৮৪৮ শক, অপ্ৰকাশিত)
  • লখিমী (৫ আঘোণ, ১৮৫৩)
  • খেল ভঙা খেল (নৱেম্বৰ, ১৯৬৯)
  • সোণৰ সোলেঙ (ব’হাগ, ১৮৭৭)
  • গুণগুণনি (১৮৭৯ শক)
  • ভঙা টোকাৰীৰ সুৰ (ব’হাগ, ১৮৮১)
  • লুইতী (ব’হাগ, ১৮৮১ শক)
  • শুকুলা ডাৱৰ ঐ কঁহুৱা ফুল (১৯৬৩)
  • ময়াপী (অপ্ৰকাশিত গীতৰ সংকলন)
  • সুৰ চানেকি

গদ্য ৰচনা:

  • কলা-সংস্কৃতি
  • সমিধান
  • ৰূপকোঁৱৰৰ কথা
  • শিল্প সম্পৰ্কে একাষাৰ
  • শিক্ষকসকললৈ বিদায় সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ
  • সম্বৰ্ধনাৰ প্ৰত্যুত্তৰ
  • জোনাকী মেল

পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ নাট্য আৰু চলচ্চিত্ৰ জগতত যাত্ৰা

৯ বছৰ বয়সতে, ১৯১৩ চনত, পাৰ্ৱতি প্ৰসাদ বৰুৱাই প্ৰথমবাৰৰ বাবে নাট্যজগতত নিজৰ প্ৰতিভাৰ আভাস দিয়ে। জয়সাগৰ পুখুৰীৰ পাৰত অনুষ্ঠিত জয়মতী উৎসৱত তেওঁ ‘লাই কোঁৱৰ’ৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰে। ইয়াৰ পিছতেই তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটত চিত্ৰলেখাৰ, বেজবৰুৱাৰ ‘চক্ৰধ্বজ সিংহ’ নাটত লাচিতৰ, ‘বিসৰ্জন’ত ৰামৰ আৰু ‘ৰাজনটী’ত পালকৰ ভূমিকাত অভিনয় কৰি অভিনেতা হিচাপে যথেষ্ট প্ৰশংসা লাভ কৰে।

‘শোণিত কুঁৱৰী’ নাটকখনৰ সন্দৰ্ভত তেওঁ ‘ৰূপকোঁৱৰ কথা’ত উল্লেখ কৰিছে, “নাটৰ অভিনয়ত গীতৰ সুৰ আৰু নাচৰ ভংগীৰ নতুনত্বই দৰ্শকসকলক ইমান মোহিত কৰিলে যে, তেতিয়াৰ দিনত একে বছৰতে নাটখনি কেইবাবাৰো অভিনীত হৈছিল।”

জ্যোতিপ্ৰসাদ আগৰৱালাই পাৰ্ৱতি প্ৰসাদক তেওঁৰ প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ৰ বাবে আমন্ত্ৰণ জনাইছিল। কিন্তু তেতিয়া তেওঁৰ ককায়েক ভগৱতীপ্ৰসাদৰ অকাল মৃত্যুৱে তেওঁৰ মনত গভীৰ দুখৰ সৃষ্টি কৰিছিল, যাৰ ফলত তেওঁ সেই অভিনয়ৰ সুযোগ গ্রহণ নকৰে।

তথাপি, জীৱনৰ এই শোকাকুল পৰিস্থিতিয়ে তেওঁক ৰখাই ৰাখিব পৰা নাছিল। ১৯৪০ চনত তেওঁ ‘সোণৰ সোলেং’ বিচাৰি ‘ৰূপহী’ নামৰ চতুৰ্থখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কৰে। যদিও কেমেৰাৰ কাৰণত ছবিখন সফল নহয়, তথাপিও ‘ৰূপহী’ ছবিখন এখন সংগীতময় চলচ্চিত্ৰ আছিল। সাতটা গীতৰে সজোৱা ছবিখনৰ সকলো গীতেই পাৰ্ৱতি প্ৰসাদে নিজে লিখিছিল, আৰু ‘হাতৰ হেৰুৱা ধন বাটত হেৰা পায়’ গীতটোত তেওঁ কণ্ঠদানো কৰিছিল।

এই ছবিখনৰ প্ৰযোজনা, চিত্ৰনাট্য, গীত-সংগীত, পৰিচালনা তথা অভিনয় সকলোৰে দায়িত্ব তেওঁ নিজেই লৈছিল। ‘ৰূপহী’ আছিল অসমীয়া চিনেমাৰ ইতিহাসত তেওঁৰ এক অভিনৱ প্ৰয়াস, যি তেওঁৰ নাট্য আৰু চলচ্চিত্ৰ প্ৰতিভাৰ উজ্জ্বল প্ৰমাণ হিচাপে স্মৰণীয় হৈ আছে।

নৃত্যশিল্পীৰ ৰূপত পাৰ্বতি প্ৰসাদ বৰুৱা 

বহুমুখী প্রতিভাৰ অধিকারী পাৰ্বতি প্ৰসাদ বৰুৱাই শোণিত কুঁৱৰী নাটত চিত্ৰলেখা চৰিত্ৰত অভিনয় কৰি নৃত্যশিল্পী হিচাপে যাত্ৰা আৰম্ভ কৰিছিল। তেওঁ সত্ৰীয়া নৃত্যৰ পৰা অনুপ্ৰাণিত হৈ নিজে সৃষ্টিমূলক নৃত্যৰ এক নতুন ধাৰা বিকাশ কৰিছিল। আনন্দ চন্দ্ৰ বৰুৱালৈ এখন চিঠিত তেওঁ উল্লেখ কৰে—

“কলেজৰ পৰা আহি ১৯২৮ চনত শ্বিলঙৰ আছাম ক্লাৱত প্ৰথমবাৰৰ বাবে প্ৰাচ্য নৃত্য, লাস্য আৰু তাণ্ডৱ নাচি যথেষ্ট খ্যাতি অৰ্জন কৰিছিলোঁ।”

নামী লেখক অতুল চন্দ্ৰ হাজৰিকাই তেওঁৰ বিষয়ে লিখিছে, “১৯২৬ চনত পাৰ্বতি প্ৰসাদে সত্ৰীয়া নৃত্যৰ ৰূপত আধাৰিত হৈ প্ৰাচ্য নৃত্য, নিজৰী নাচ (লাস্য) আৰু সৃষ্টি নাচ (তাণ্ডৱ) প্ৰচলন কৰি অসমীয়া নৃত্যৰ জগতত এক নতুন ধাৰাৰ সূচনা কৰিছিল। তেওঁৰ ‘চতাই পৰেবতৰ নাগিনী ছোৱালী’ নৃত্য-নাট্যখন জ্যোতিপ্ৰসাদৰ ‘পদুমকলি’ৰ সমমানৰ শিল্পসৃষ্টিৰূপে বিবেচিত।”

জীৱনৰ অন্তিম পৰ্যায়

পাৰ্বতি প্ৰসাদ বৰুৱাৰ জীৱনৰ অন্ত পৰিল ১৯৬৪ চনত। দুবাৰ ৰক্তচাপজনিত সমস্যাত ভোগাৰ পাছত, ৭ জুন তাৰিখে তেওঁ ইহলোক ত্যাগ কৰে। তেওঁৰ মৃত্যুৱে অসমীয়াৰ সাংস্কৃতিক জগতত এক গভীৰ শুন্যতা সৃষ্টি কৰিছিল।

উপসংহাৰ

পাৰ্ৱতি প্ৰসাদ বৰুৱা আছিল অসমীয়া সাহিত্য, সংগীত, নাট্য, নৃত্য আৰু চলচ্চিত্ৰ জগতৰ এক অনন্য প্ৰতিভা। তেওঁক “গীতিকবি” বুলি বিশেষভাৱে জনা যায়, কিন্তু তেওঁৰ অবদান কেৱল গীত-সংগীততেই সীমাবদ্ধ নহয়। সাহিত্যিক, নাট্যকাৰ, নৃত্যশিল্পী, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সমাজসেৱক—প্ৰত্যেকখন ক্ষেত্ৰতে তেওঁৰ সৃষ্টিশীলতা অসমীয়া সংস্কৃতিক এক নতুন দিশ প্ৰদান কৰিছে।

তেওঁৰ সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি গভীৰ অনুৰাগই অসমীয়া জাতিৰ সাংস্কৃতিক ঐতিহ্য সমৃদ্ধ কৰাৰ লগতে নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ যোৱা পিছতেও তেওঁৰ সৃষ্টিৰে আজিও জনমানসত অমৰ হৈ আছে।

FAQs 

1. পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ জন্ম কেতিয়া হৈছিল?

A: ১৯০৪ চনৰ ১৯ আগষ্ট তাৰিখে।

2. পাৰ্ৱতি প্ৰসাদ বৰুৱা ‘গীতিকবি’ ৰূপে কিয় জনাজাত?

A: তেওঁৰ সৃষ্টি কৰা সংগীতৰ গভীৰতা, সৌন্দৰ্য আৰু জনপ্রিয়তাৰ বাবে তেওঁক “গীতিকবি” নামেৰে সন্মান জনোৱা হয়।

3. পাৰ্ৱতি প্ৰসাদ বৰুৱাৰ প্ৰথম চলচ্চিত্ৰখনৰ নাম কি আছিল?

A: তেওঁ নিৰ্মাণ কৰা প্ৰথম চলচ্চিত্ৰ আছিল ‘ৰূপহী’ (১৯৪০ চন)।

4. তেওঁ কোন চাহ বাগিচাৰ সৈতে জড়িত আছিল?

A: তেওঁ ৰজাবাৰী আৰু সোণালী চাহ বাগিচাৰ সৈতে জড়িত আছিল আৰু নিজে ৰাইডাং চাহ বাগিচা ক্ৰয় কৰিছিল।

5. পাৰ্বতী প্ৰসাদ বৰুৱাই কোন ঠাইত শিক্ষা গ্ৰহণ কৰিছিল?

A: তেওঁ কটন কলেজ আৰু কলকাতাৰ স্কটিছ চাৰ্চ কলেজত অধ্যয়ন কৰিছিল।

Read also: Hiteswar Borboruah Biography | হিতেশ্বৰ বৰবৰুৱাৰ জীৱনী 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top