আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua) আছিল এগৰাকী বিশিষ্ট অসমীয়া সাহিত্যিক, কবি, সাংবাদিক, আৰু শিক্ষক। ১৯০৭ চনত জন্ম গ্ৰহণ কৰা বৰুৱা অসমীয়া সাহিত্যৰ জগতত “বকুল বনৰ কবি” নামেৰে বিখ্যাত। তেওঁৰ সাহিত্যিক যাত্ৰাৰ আৰম্ভণি কলেজীয়া দিনৰে পৰাই হৈছিল, যেতিয়া তেওঁ কবিতা ৰচনাৰ মাধ্যমেৰে নিজৰ চিন্তা আৰু অনুভৱ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পায় খ্যাতনামা সাহিত্যিক ড° লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত সাহিত্য পত্রিকা ‘বাঁহী’ত। কবিতাৰ লগতে তেওঁ সাংবাদিকতা আৰু শিক্ষকৰ ৰূপেও সমাজত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ সাহিত্যৰ লগতে সমাজসেৱা আৰু জ্ঞান-প্ৰসাৰৰ ক্ষেত্ৰতো নিজকে উৎসৰ্গা কৰিছিল।

নাম: আনন্দ চন্দ্ৰ বৰুৱা
উপনাম: বকুল বনৰ কবি
জন্ম: ৩১ ডিচেম্বৰ, ১৯০৭
জন্মস্থান: মৰাণ, অসম
মৃত্যু: ২৭ জানুৱাৰী, ১৯৮৩
আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua) ৰ জন্ম আৰু প্ৰাৰম্ভিক জীৱন
আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম ১৯০৭ চনৰ ৩১ ডিচেম্বৰত অসমৰ মৰাণৰ খুমটাই চাহ বাগিচাত হৈছিল। তেওঁৰ পিতৃ আছিল প্ৰেমধৰ বৰুৱা আৰু মাতৃ ইন্দ্ৰানী দেৱী। তেওঁৰ শৈশৱৰ শিক্ষা ঢেকীয়াখোৱাত আৰম্ভ হয় আৰু পিছলৈ যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অধ্যয়ন কৰিবলৈ যায়। বিদ্যালয়ৰ হাতেলিখা আলোচনীতে তেওঁৰ সাহিত্যিক প্ৰতিভাৰ অংকুৰ দেখা যায়।
১৯২৬ চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত উচ্চ শিক্ষাৰ বাবে বেনাৰসলৈ যায় যদিও পঢ়া সম্পূৰ্ণ কৰিব পৰা নাছিল। সেই সময়ছোৱাতে তেওঁ হাতেলিখা আলোচনী ‘জাহ্নৱী’ত লেখা আৰম্ভ কৰে।
আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua) ৰ ব্যক্তিগত জীৱন
অসমলৈ ঘূৰি আহাৰ পিছত আনন্দ চন্দ্ৰ বৰুৱাৰ বিবাহ হয় প্ৰমীলা দেৱীৰ সৈতে। ব্যক্তিগত জীৱনৰ লগতে তেওঁ সাহিত্য, সমাজসেৱা আৰু সাংবাদিকতাৰ ক্ষেত্ৰতো যথেষ্ট সক্ৰিয় আছিল।
আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua) ৰ কৰ্মজীৱন
১৯৩০ চনত পিতৃৰ মৃত্যুৰ পাছত তেওঁ ‘অসমীয়া’ নামৰ বাতৰি কাকতত সম্পাদক হিচাপে যোগদান কৰে। তিনিচুকীয়াত শিক্ষকতা কৰি কিছুদিনৰ পিছত যোৰহাটত সাপ্তাহিক ‘বাতৰি’ পত্রিকাত সহ-সম্পাদকৰ পদত যোগদান কৰে।
এই বাতৰি কাকতৰ মাধ্যমেই তেওঁ প্ৰথমবাৰৰ বাবে নীলমণি ফুকনক “বাগ্মীবৰ” আৰু জ্যোতিপ্ৰসাদ আগৰৱালাক “ৰূপকোঁৱৰ” উপাধি প্ৰদান কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ ভাৰতীয় বায়ু সেনাত কৰাচীত নিযুক্তি লাভ কৰে।
১৯৪৭ চনত স্বাধীনতাৰ পাছত তেওঁ উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত নিযুক্ত হয় আৰু অবসৰলৈকে তাত কাম কৰি যায়।
আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua) ৰ সাহিত্যিক যাত্ৰা
আনন্দ চন্দ্ৰ বৰুৱা একাধাৰে কবি, নাট্যকাৰ, অনুবাদক, আৰু লেখক। তেওঁৰ ৰচনাসমূহে অসমীয়া সাহিত্যক এক নতুন গৰিমা প্ৰদান কৰিছিল। তেওঁৰ লেখাসমূহত প্ৰকৃতিৰ সৌন্দৰ্য, মানৱীয় অনুভূতি আৰু সমাজৰ গভীৰ ব্যাখ্যা দেখা যায়।
কাব্য গ্ৰন্থসমূহ
- পৰাগ
- পুষ্পক
- ৰঞ্জন ৰশ্মি
- সেই নিমাতী পুৱাৰে পৰা
- বকুল বনৰ কবিতা
- পাপৰিৰ পৰিমল
অনুবাদ সাহিত্য
- হাফিজৰ সুৰ
- কুমাৰ সম্ভৱ
- মেঘদূত পূৰ্বমেঘ
- ছোভিয়েট কবিতা
- এছিয়া জ্যোতি
নাটক
- বিজয়া
- বিসৰ্জন
- কমলা কুৱঁৰী
- নল-দময়ন্তী
- নীলাঞ্জন
অপ্ৰকাশিত ৰচনাসমূহ
- পঞ্চমী
- তেজীমলা
- বণিক বন্ধু
- মৃগমায়া
- বাণীপথ
- অসমীয়া সাহিত্য
সামাজিক আৰু সাংস্কৃতিক অৱদান
তেওঁ সাহিত্যৰ উপৰিও এজন সক্ৰিয় সমাজসেৱক, সংগঠক আৰু অভিনেতা আছিল।
- ১৯৩০ চনত “বাণী সন্মিলন” প্ৰতিষ্ঠা কৰে।
- ১৯৪৮ চনত “চিন্তামণি চক্ৰ” প্ৰতিষ্ঠা কৰে।
অসম নাট্য সন্মিলন, যোৰহাট সংগীত বিদ্যালয়, অসম প্ৰতিযোগিতা সমিতি আদিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
সাহিত্য সভাৰ সৈতে সম্পৰ্ক
১৯৬৯ চনত তেওঁ অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনত সভাপতি হিচাপে নিৰ্বাচিত হয়। তেওঁৰ সময়ছোৱাত সাহিত্য সভাৰ দিশা অধিক সুসংগঠিত হয়।
সন্মান আৰু স্বীকৃতি
- ১৯৭০ চনত ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰে।
- ১৯৭৭ চনত “বকুল বনৰ কবিতা” পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
মৃত্যু
আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু ১৯৮৩ চনৰ ২৭ জানুৱাৰীত হয়। তেওঁৰ মৃত্যুতে অসমীয়াসাহিত্য জগত এজনা মহৎ প্ৰাণক হেৰুৱালে।
উপসংহাৰ
আনন্দ চন্দ্ৰ বৰুৱা (Ananda Chandra Barua) আছিল এক অগ্ৰণী সাহিত্যিক, যিয়ে অসমীয়া ভাষা আৰু সাহিত্যক সমৃদ্ধ কৰিলে। তেওঁৰ কাব্যিক ভাষা, নাট্যশৈলী আৰু অনুবাদৰ দক্ষতাই অসমীয়া সাহিত্যক বিশ্ব সাহিত্যৰ সৈতে সংযোগ কৰাইছে। “বকুল বনৰ কবি” নামৰ উপাধিৰে পৰিচিত এই সাহিত্যিকজন আজিও অসমীয়া সাহিত্যপ্ৰেমীৰ হৃদয়ত অমৰ হৈ আছে।
FAQs
1. আনন্দ চন্দ্ৰ বৰুৱাক কিয় “বকুল বনৰ কবি” বোলা হয়?
A: তেওঁৰ বিখ্যাত কাব্য “বকুল বনৰ কবিতা”ৰ বাবে তেওঁ এই উপাধি লাভ কৰে।
2. আনন্দ চন্দ্ৰ বৰুৱাই কোন বছৰত সাহিত্য অকাডেমি বঁটা লাভ কৰে?
A: আনন্দ চন্দ্ৰ বৰুৱাই ১৯৭৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।
3. আনন্দ চন্দ্ৰ বৰুৱাই পদ্মশ্ৰী কেতিয়া লাভ কৰে?
A: আনন্দ চন্দ্ৰ বৰুৱাই ১৯৭০ চনত পদ্মশ্ৰী লাভ কৰে
4. আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম ক’ত হৈছিল?
A: মৰাণৰ খুমটাই চাহ বাগিচাত।
5. আনন্দ চন্দ্ৰ বৰুৱাৰ প্ৰথম কবিতা ক’ত প্ৰকাশ পাইছিল?
A: আনন্দ চন্দ্ৰ বৰুৱাৰ প্ৰথম কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ‘বাঁহী’ আলোচনীত প্ৰকাশ পাইছিল।
Read also: Dr. Nagen Saikia Biography | ড° নগেন শইকীয়াৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.