Niketan Class 8 Social Chapter 16 ১৮৫৭ চনৰ বিদ্রোহ

Niketan Class 8 Social Chapter 16 ১৮৫৭ চনৰ বিদ্রোহ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Social Chapter 16 ১৮৫৭ চনৰ বিদ্রোহ and select need one.

Niketan Class 8 Social Chapter 16 ১৮৫৭ চনৰ বিদ্রোহ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Social Chapter 16 ১৮৫৭ চনৰ বিদ্রোহ Solutions for All Subjects, You can practice these here…

১৮৫৭ চনৰ বিদ্রোহ

Chapter – 16

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

প্রশ্ন ১: উত্তৰ লিখা –

( ক ) স্বত্ব বিলােপ নীতি কোনে প্রৱৰ্তন কৰিছিল ? 

উত্তৰঃ লর্ড ডেলহাউছীয়ে । 

( খ ) ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল ? 

উত্তৰঃ মঙ্গল পাণ্ডে । 

( গ ) ঝান্সিত বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ? 

উত্তৰঃ ঝান্সীৰ ৰাণী লক্ষ্মীবায়ে ।

( ঘ ) ভাৰতৰ শেষ মােগল সম্রাট কোন আছিল ? 

উত্তৰঃ বাহাদুৰ ছাহ ।

( ঙ ) কোন চনত মণিৰাম দেৱানক ফাঁচী দিয়া হৈছিল ? 

উত্তৰঃ ১৮৫৮ চনত । 

প্রশ্ন ২: খালী ঠাই পূৰ কৰা –

( ক ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল ____। 

উত্তৰঃ চর্বীযুক্ত কার্টিজ বা টোটা ব্যৱহাৰৰ নিৰ্দেশ। 

( খ ) লক্ষ্ণৌত বিদ্ৰোহৰ নেতৃত্ব দিছিল ____।

উত্তৰঃ বেগম হজৰৎ মহলে । 

( গ ) মহাৰাণী ভিক্টোৰীয়াৰ ঘােষণা পত্ৰৰ দ্বাৰা ভাৰতৰ গবৰ্ণৰ জেনেৰেল জনৰ উপাধি হয় ____ ।

উত্তৰঃ ভাইচৰয় বা ৰাজপ্রতিনিধি । 

( ঘ ) বৃটিছ প্রশাসনৰ বিৰুদ্ধে মাতমতা প্রথম আহােম ৰাজকোৱৰ জন হ’ল ____।

উত্তৰঃ গােমধৰ কোৱঁৰ । 

( ঙ ) মণিৰাম দেৱানৰ লগত ____ কো ফঁটী দিয়া হৈছিল । 

উত্তৰঃ পিয়লি বৰুৱা । 

প্রশ্ন ৩: শুদ্ধ উত্তৰ বাছি উলিওৱা –

( ক ) মংগল পাণ্ডেৰ লগত নানা চাহেব / তান্তীয়া টোপী / ঈশ্বৰী পাণ্ডেক ফাঁচী দিয়া হৈছিল । 

উত্তৰঃ ঈশ্বৰী পাণ্ডেক ।

( খ ) কানপুৰত বিদ্ৰোহৰ নেতৃত্ব দিছিল কোৱপ সিং / নানা চাহেব / আহম্মদ উল্লাছাহে ।

উত্তৰঃ নানা চাহেবে । 

( গ ) চিপাহী বিদ্রোহক ভাৰতৰ প্রথম স্বাধীনতা যুদ্ধ বুলি কৈছে ৰমেশ চন্দ্র মজুমদাৰ / চাভাৰকাৰ / অশােক মেহতাই । 

উত্তৰঃ চাভাৰকাৰে ।

( ঘ ) মণিৰাম দেৱানক ফঁচি দিয়া হৈছিল / কলিকতা / শিৱসাগৰ / যােৰহাটত । 

উত্তৰঃ যােৰহাটত । 

প্রশ্ন ৪: চমুটোকা লিখা –

( ক ) ঝালীৰ ৰাণী লক্ষ্মীবাঈ ।

উত্তৰঃ ৰাণী লক্ষ্মী বাঈ আছিল ঝান্সিৰ ৰজা গংগাধৰ ৰাওৰ পত্নী । তেওঁলােকৰ পুত্র সন্তান নাছিল । এজন তোলনীয়া পুতেক আছিল । গদাধৰ ৰাওৰ মৃত্যুৰ পিছত লক্ষ্মী বায়ে তেওঁলােকৰ তােলনীয়া পুতেকক ৰজা পাতিব বিচাৰিলে । কিন্তু ইংৰাজ গৱৰ্ণৰ জেনেৰেল ডেলহাউচীয়ে স্বত্ব বিলােপ নীতিৰ গইনা লৈ ঝান্সী বৃটিছৰ সাম্রাজ্য ভুক্ত কৰিলে । এই কথাত বিতুষ্ট হৈ লক্ষ্মীবাঈ জাঙুৰ খাই উঠিল আৰু ইংৰাজৰ বিৰুদ্ধে চলি থকা ১৮৫৭ চনৰ বিদ্রোহত তেও জপিয়াই পৰিল । তেওঁৰ প্রধান সহযােগী আছিল তান্তীয়া টোপী । বিদ্রোহত ঝন্সীৰাণী লক্ষ্মীবাঈৰ বীৰত্ব আৰু সাহসে সকলােকে চমক খুৱাইছিল । আনকি তেওঁৰ বীৰত্বৰ কথা বৃটিছ বাহিনীৰ সেনাপতিয়েও শলাগিবলগীয়া হৈছিল । অসীম বীৰত্বৰে যুদ্ধ কৰি শেষত তেওঁ যুদ্ধক্ষেত্রত প্রাণ দিবলগীয়া হয় । 

( খ ) এনফিল্ড ৰাইফল ।

উত্তৰঃ ১৮৫৭ চনত ইংৰাজৰ বিৰুদ্ধে হােৱা বিদ্ৰোহৰ মুখ্য কাৰণটোৱেই আছিল এনফিল্ড ৰাইফল । এনফিল্ড ৰাইফলৰ টোটাবিলাকৰ ওপৰত একো একোখন ঢাকণি আছিল আৰু ৰাইফলত টোটাবিলাক সােমােৱাৰ সময়ত ঢাকণিখনৰ মূৰটো দাতেঁৰে কামুৰি এৰুৱাবলগীয়া হৈছিল । ঢাকণি বিলাক গৰু আৰু গাহৰিৰ চৰ্বীৰে তৈয়াৰ কৰা হৈছিল বুলি সেই সময়ত এটা গুজব ওলাইছিল । গাহৰি মুছলমান সকলৰ অখাদ্য আৰু গৰু হিন্দুৰ অভক্ষ্য বাবে ভাৰতীয় চিপাহীয়ে ইয়াক ব্যৱহাৰ কৰিব নুখুজিলে । তেওঁলােকৰ ধৰ্ম নষ্ট কৰাৰ বাবে ইংৰাজে এই ফন্দি কৰা বুলি তেওঁলােকে ধৰি ললে আৰু ইয়াৰ ব্যৱহাৰৰ বিৰােধিতা কৰিলে । বহমপুৰ , বেৰেকপুৰ আদি সেনা – চাউনিত প্রতিবাদ হ’ল । কোম্পানী চৰকাৰেও বিহিত ব্যৱস্থা লবলৈ ধৰিলে । মঙ্গলপাণ্ডে নামৰ এজন চিপাহীয়ে বিদ্রোহ ঘােষণা কৰি এজন ইংৰাজ বিষয়ালৈ গুলীবর্ষণ কৰিলে।মঙ্গল পাণ্ডেক ইংৰাজে ফাঁচী দিলে । এইদৰেই বিদ্ৰোহৰ অগনি জ্বলি উঠিল ইংৰাজৰ বিৰুদ্ধে ।

( গ ) মণিৰাম দেৱান ।

উত্তৰঃ মণিৰাম দেৱান এগৰাকী সম্রান্ত বা অভিজাত শ্ৰেণীৰ অসমীয়া আছিল । এই সকল লােক ইংৰাজৰ দ্বাৰা প্ৰতাৰিত হৈছিল । আহােম ৰাজসভাত মধ্যবিত্ত এই অভিজাত শ্ৰেণীটোৱে যি সা – সুবিধা পাইছিল , ইংৰাজৰ আমােলত তেওঁলােকে সেই সকলােবােৰ হেৰুৱাইছিল । এওঁলােক অসন্তুষ্ট হৈ পৰিছিল । 

মণিৰাম দেৱান অৱশ্যে প্রথম অৱস্থাত বৃটিছ প্রশাসনৰ একান্ত সহযােগীয়ে আছিল । তেওঁৰ কৰ্ত্তব্যনিষ্ঠা আৰু বিচক্ষণতাৰ কাৰণে কোম্পাণী চৰকাৰে তেওঁক বিভিন্ন বিষয়বাব দিছিল । আনকি ১৮৩৯ চনৰ জুন মাহত আৰম্ভ অসম চাহ কোম্পানীৰ দেৱান হিচাপেও মণিৰামক নিযুক্তি দিছিল । কিন্তু অতি কম দিনৰ ভিতৰতে কোম্পানী চৰকাৰৰ বৈষম্যমূলক আচৰণৰ বাবে বৃটিছৰ লগত তেওঁৰ মনোমালিন্য হয় । শেষত তেওঁ বৃটিছৰ বিৰুদ্ধে বিদ্রোহত অসমত মুখ্য ভূমিকা পালন কৰিলে । বৃটিছে সকলাে সম্ভেদ লৈ , অৱশেষত ১৮৫৮ চনৰ ২৬ ফ্রেব্ৰুৱাৰীত মণিৰাম দেৱানক যােৰহাটত ফাঁচি দিয়ে । 

প্ৰশ্ন ৫: চিপাহী বিদ্ৰোহৰ কাৰণ বিলাক কি কি আছিল ? চিপাহী বিদ্রোহ ৰাজনৈতিক কাৰণৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহৰ কাৰণবােৰক সাধাৰণতে ৰাজনৈতিক , ধর্মীয় , অর্থনৈতিক সামৰিক আদি বিভিন্ন ভাগত ভগাব পাৰি । 

১। ধর্মীয় কাৰণ :- কোম্পানী চৰকাৰৰ শাসন কালত খৃষ্টান মিছনেৰীসকলে ভাৰতত ব্যাপক হাৰত খৃষ্ট ধৰ্মৰ প্ৰচাৰ অব্যাহত ৰাখিছিল । এইটোৱে ভাৰতীয় মানুহৰ মনত এক শঙ্কাৰ ভাব সৃষ্টি কৰিছিল । তেওঁলােকে ভাবিছিল যে বৃটিছসকলে ভাৰতবৰ্ষক খৃষ্টান দেশলৈ ৰূপান্তৰিত কৰিব । 

২। অর্থনৈতিক কাৰণ :- বৃটিছ ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে মুলতঃ বেহা – বেপাৰৰ বাবে ভাৰতলৈ আহিছিল । গতিকে তেওঁলােকৰ প্রধান লক্ষ্য আছিল আর্থিক লাভ । এই উদ্দেশ্যে এওঁলােকে কিছুমান নীতিৰ প্ৰবৰ্তন কৰি স্থানীয় লােকৰ আর্থিক উন্নতিত মাধমাৰ সােধাইছিল আৰু কোম্পানীৰ অর্থিক উন্নতি সাধিছিল । বেহা – বেপাৰৰ চলেৰে আহি ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী হৈ ৰাজহ নীতিৰ জৰিয়তে জমিদাৰ কৃষক উভয় শ্রেণীক আর্থিক সংকটত পেলাইছিল। ডেলহাউছীৰ ভূমিনীতিয়ে বহুলােকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছিল। ইংলণ্ডত হােৱা শিল্প বিপ্লৱৰ গইনা লৈ অসমৰ কেঁচামাল সৰবৰাহ কৰি সামগ্রী মেচিনত তৈয়াৰ কৰি পুনৰ ভাৰতলৈ আনি কম দামত বজাৰত মেলি দিয়াত ভাৰতৰ কুটীৰ উদ্যোগ ধ্বংসৰ গৰাহত পৰিছিল বাবে সকলাে অসন্তুষ্ট হৈ আছিল । 

৩। সামৰিক কাৰণ :-  বৃটিছ সকলে ভাৰতত এখন সাম্রাজ্য গঢ়ি তােলাৰ ক্ষেত্ৰত ইউৰােপীয় সৈন্যসকলৰ লগতে ভাৰতীয় সৈন্যসকলৰ সমানে অৰিহণা আছিল । কিন্তু ভাৰতীয় সৈন্যৰ জীৱন ধাৰণৰ মানদণ্ড নিম্ন পর্যায়ৰ আছিল । কোম্পানী চৰকাৰে তেওঁলােকৰ দা – দৰমহা , পদোন্নতি আদিৰ ক্ষেত্ৰত বৈষম্যমূলক নীতি অৱলম্বন কৰিছিল ৷ সেয়ে তেওঁলােকে ১৮৫৭ চনৰ বিদ্রোহত ভাগ লৈছিল । 

৪। তৎকালীন কাৰণ :- ১৮৫৭ চনৰ বিদ্ৰোহৰ বিভিন্ন কাৰণ আছিল যদিও তৎকালীক কাৰণটোৱেই জ্বলা জুইত ঘিউ ঢালিছিল ।সামৰিক বাহিনীত নতুনকৈ ব্যৱহাৰ কৰিব দিয়া এনফিল্ড ৰাইফল বিলাকৰ টোটাবিলাকৰ ওপৰত একো একোখন ঢাকনি আছিল । ৰাইফলত টোটা বিলাক সুমুৱাৰ সময়ত ঢাকণিখনৰ মূৰটো দাতেঁৰে কামুৰি এৰুৱাব লগীয়া হৈছিল । এই ঢাকনিবিলাক গৰু আৰু গাহৰিৰ চৰ্বীৰে বনােৱা বুলি সেই সময়ত এটা গুজব ওলাইছিল । হিন্দু – মুছলমান উভয়ৰে অভক্ষ গৰু গাহৰিৰ চবৰে নির্মিত এই কার্টিজ ভাৰতীয় চিপাহী সকলে ধর্ম নষ্ট হােৱাৰ আশঙ্কাত ব্যৱহাৰ কৰিব নিবিছাৰিছিল আৰু ইয়াক লৈয়ে বিদ্রোহ আৰম্ভ হৈছিল । 

৫। ৰাজনৈতিক কাৰণ :- ১৮৫৭ চনৰ বিদ্ৰোহৰ বিভিন্ন কাৰণ থাকিলেও মূখ্য কাৰণ আছিল ৰাজনৈতিক । বেহা – বেপাৰৰ চলেৰে অহা বৃটিছসকলে ছলে – বলে – কৌশলে সাম্রাজ্যবাদী মনােভাবেৰে দেশীয় ৰাজ্যসমূহ নিজ সাম্রাজ্যৰ অন্তর্ভুক্ত কৰিছিল । বিভিন্নজন গৱৰ্ণৰ জেনেৰেলে সাম্রাজ্য বিস্তাৰত অৰিহণা যােগাইছিল যদিও লর্ড ডেলহাউছীৰ সাম্রাজ্যবাদী স্বত্ববিলােপ নীতি’য়ে ভাৰতীয় ৰজা আৰু জমিদাৰ সকলৰ ওপৰত সাংঘাটিক কু – প্রভাৱ পেলাইছিল । ৰাজকীয় মর্যাদা কৰ্ত্তন , পেঞ্চন বন্ধ আদি কার্যত মধ্যবিত্ত শ্রেণীটো অসন্তুষ্ট হৈছিল।তাৰােপৰি বৃটিছসকলৰ কুশাসনে ভাৰতীয় সাধাৰণ মানুহখিনিকো অসন্তুষ্ট কৰি তুলিছিল । 

প্রশ্ন ৬: চিপাহী বিদ্ৰোহৰ বিফলতাৰ তিনিটা কাৰণ লিখা । 

উত্তৰঃ চিপাহী বিদ্রোহ সফল নহ’ল । বৃটিছ চৰকাৰে কঠোৰ হাতেৰে এই বিদ্রোহ দমন কৰিলে। এই বিদ্রোহ বিফল হােৱাৰ তিনিটা প্রধান কাৰণ তলত উল্লেখ কৰা হল— 

১। ১৮৫৭ চনৰ চিপাহী বিদ্রোহ সমগ্ৰ ভাৰতবর্ষ জুৰি হােৱা নাছিল । বিশেষ বিশেষ কেইটামান অঞ্চলতহে এই আন্দোলন চলিছিল । 

২। যি সকলে বিদ্ৰোহৰ নেতৃত্ব লৈছিল তেওঁলােকে নিজ বীৰত্ব প্রদর্শন কৰিছিল যদিও ব্যাপকভাবে যুদ্ধ পৰিচালনা কৰা অভিজ্ঞতা তেওঁলােকৰ নাছিল । তাৰােপৰি বিদ্রোহীসকলৰ সৰ্ব ভাৰতীয় পর্যায়ৰ কোনাে নেতা নাছিল যাৰ বাবে সমন্বয় আৰু ঐক্যবদ্ধতাৰ অভাৱ হৈছিল। 

৩। বৃটিছ বাহিনীয়ে যথেষ্ট ধৰণৰ উন্নত অস্ত্র – শস্ত্র ব্যৱহাৰ কৰিছিল । তাৰ পৰিবৰ্ত্তে ভাৰতীয় চিপাহী সকলৰ অস্ত্র – শস্ত্রবােৰ আছিল অতি পুৰণি আৰু অনুন্নত । 

প্রশ্ন ৭: চিপাহী বিদ্ৰোহৰ ফলাফল কি আছিল লিখা। 

উত্তৰঃ চিপাহী বিদ্ৰোহৰ ফলত ভাৰতত কোম্পানী চৰকাৰৰ অৱসান ঘটিল আৰু ইংলেণ্ডৰ পাৰ্লিয়ামেণ্টৰ পােন পটীয়া শাসন ভাৰতত প্ৰৱৰ্তন কৰা হ’ল , ইংলণ্ডৰ সম্রাজ্ঞী মহাৰাণী ভিক্টোৰিয়াৰ ঘােষণা পত্ৰৰ মর্মে । 

ভাৰতত শাসন হিচাপে গৱৰ্ণৰ জেনেৰেল জনকে ৰখা হ’ল কিন্তু তেওঁৰ উপাধি এতিয়াৰে পৰা ভাইচৰয় বা ৰাজ প্রতিনিধি বুলি ঘােষণা কৰা হ’ল। 

সামৰিক বাহিনীত ভাৰতীয় চিপাহীৰ সংখ্যা বেছি হােৱাৰ কাৰণেই বিদ্রোহ সংঘটিত হােৱা বুলি ভাবি বৃটিছ চৰকাৰে সামৰিক বাহিনী পুনৰ গঠন কৰিলে আৰু সৈন্য বাহিনীত ইউৰােপীয় সৈন্যৰ সংখ্যা বৃদ্ধি কৰিলে। 

প্রশ্ন ৮: অসমত চিপাহী বিদ্ৰোহৰ প্রস্তুতি কেনেধৰণে চলােৱা হৈছিল চমুকৈ লিখা । 

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়ত অসমত বিদ্ৰোহৰ প্রস্তুতিহে চলােৱা হৈছিল , সংঘটিত হ’বলৈ নাপালে । এই বিদ্রোহ অসমত ৰাজপৰিয়াল আৰু তেওঁলােকৰ সমর্থকাৰী সম্রান্ত শ্রেণীৰ দ্বাৰাহে আৰম্ভৰ যাে – জা চলিছিল । গতিকে অসমত ইয়াক চিপাহী বিদ্রোহ বুলি কোৱাতকৈ অসমৰ পৰা বৃটিছ শাসন ওফোৰাই পেলােৱাৰ প্রচেষ্টা বুলিহে ক’ব পাৰি । 

বৃটিছ প্রশাসনৰ ফল অসমৰ ৰাজনৈতিক , অর্থনৈতিক , সামাজিক সকলাে ক্ষেত্ৰতে পৰিছিল । শােষিত , নিষ্পেষিত লােক সকলে ক্ষোভ প্রকাশৰ সুবিধা বিচাৰি ফুৰিছিল আৰু তেনেতে ভাৰতৰ বিভিন্ন ঠাইত ১৮৫৭ চনত চিপাহীবােৰে কৰা বিদ্রোহে অসমলৈও সুযােগ আনিলে । কিন্তু এই কথা ক’ব লাগিব যে ভাৰতৰ অইন ঠাইৰ দৰে অসমত চিপাহীয়ে নহয় , এগৰাকী সম্রান্ত বংশৰ লােকেহে আন্দোলনৰ গুৰি ধৰিছিল , তেৱেই হ’ল —মণিৰাম দেৱান । 

বৃটিছ প্রশাসনৰ এসময়ৰ একান্ত সহযােগী , বিচক্ষণ , কর্তব্য নিষ্ঠা থকা ব্যক্তি মণিৰাম দেৱানে ইংৰাজ চৰকাৰৰ বিভিন্ন পদবীত অধিষ্ঠিত হৈছিল যদিও শেষলৈ বৃটিছৰ বৈষম্যমূলক আচৰণৰ বাবে চাকৰি ইস্তফা দি বৃটিছ বিৰােধী আন্দোলনৰ নেতৃত্ব দিছিল । তেওঁ অসমৰ ৰজা ভঙা – পৰা ব্যৱস্থাটো পচণ্ড নাছিল আৰু এই সংক্রান্তত প্রথম অৱস্থাত ইংৰাজৰ লগত এলানি আলােচনাত বহি সুফল নােপােৱাত আন্দোলনৰ আঁচনি ৰচনা কৰিছিল । 

এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা আৰু কদৰ্পেশ্বৰ সিংহলৈ বিদ্ৰোহৰ সকলাে খা – খবৰ জনালে । অসমৰ বিভিন্ন ঠাইত থকা চিপাহীসকলৰ লগত যােগাযােগ কৰি সশস্ত্র সংগ্রামৰ বাবে সাজু হ’বলৈ ক’লে । এনে প্রস্তুতি চলাই থকাৰ সময়তে মণিৰাম দেৱানে লিখা কেইখনমান চিঠি শিৱসাগৰ জিলাৰ ডেপুটি কমিছাৰৰ হাতত পৰিল । এই কৌশল ৰচনাৰ অপৰাধত মণিৰাম দেৱানক গ্রেপ্তাৰ কৰি কিছুদিন আলিপুৰ জেইলত ৰখাৰ পিছত অসমলৈ আনি বিচাৰ কৰি ৰাজহৰ অপৰাধত মৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফ্রেব্ৰুৱাৰীত যােৰহাটত ফাঁচি দিয়া হয় । 

প্রশ্ন ৯: ৰমেশ চন্দ্র মজুমদাৰে চিপাহী বিদ্রোহক কিয় জাতীয় বিদ্রোহ নহয় বুলি কৈছে লিখা । 

উত্তৰঃ বিভিন্ন পণ্ডিতে ১৮৫৭ চনৰ চিপাহী বিদ্রোহক ইংৰাজৰ বিৰুদ্ধে ভাৰতৰ জাতীয় বিদ্রোহ বুলি ক’ব বিচাৰে যদিও ঐতিহাসিক ৰমেশ চন্দ্র মজুমদাৰে কিন্তু এই বিদ্রোহক জাতীয় বিদ্রোহ বুলি ক’ব নিবিচাৰে । তেওঁৰ মতে ই কোনাে জাতীয় বিদ্রোহ নাছিল , এই বিদ্রোহ মাত্র ভাৰতৰ কেইখনমান ঠাইতহে সীমাবদ্ধ আছিল । তাৰােপৰি কিছুমান ভাৰতীয় ৰজাই ইংৰাজ সকলকহে সমর্থন দিছিল । চিপাহী সকলৰ বিদ্রোহ বিক্ষিপ্ত আছিল , সমগ্র ভাৰতজুৰি সংগঠিত ভাবে এক বিশেষ নেতৃত্বৰ অধীনত এই বিদ্রোহ হােৱা নাছিল ।

2 thoughts on “Niketan Class 8 Social Chapter 16 ১৮৫৭ চনৰ বিদ্রোহ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top