Niketan Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত

Niketan Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত and select need one.

Niketan Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত Solutions for All Subjects, You can practice these here…

তৰা আৰু সৌৰজগত

Chapter – 18

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS

১। তলৰ বাক্য সমূহ সত্য (স) আৰু অসত্য (অ) হিচাপে চিহ্নিত কৰা।

(ক) চন্দ্ৰ পৃথিৱীৰ এটা কৃত্রিম উপগ্রহ।

উত্তৰ: অ

(খ) বুধ সৌৰজগতৰ ক্ষুদ্রতম গ্রহ।

উত্তৰ: স

(গ) উপগ্ৰহবোৰ সৌৰজগতৰ সদস্য নহয়।

উত্তৰ: অ

(ঘ) নেপচুন সৌৰজগতৰ আটাইতকৈ দূৰত থকাগ্রহ।

উত্তৰ: স

(ঙ) সৌৰজগতত নটা গ্রহ আছে।

উত্তৰ: অ

২। খালী ঠাই পূৰ কৰা

(ক) তৰাবোৰে —– পৰা —– গতি কৰে।

উত্তৰঃ পূবৰ , পশ্চিমলৈ ।

(খ) —— ভাৰতৰ প্রথম কৃত্রিম উপগ্রহ।

উত্তৰঃ আর্যভট্ট ।

(গ) পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ উৎস হ’ল —–।

উত্তৰঃ সূর্য ।

(ঘ) আলোকবৰ্ষ হ’ল পোহৰে —— আতিক্ৰম কৰা দূৰত্ব ৷

উত্তৰঃ এবছৰত ।

(ঙ) —– পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্রহ। 

উত্তৰঃ মঙ্গল ।

৩। সৌৰজগতৰ চিত্ৰ আঁকি তাত গ্ৰহবোৰৰ স্থান দেখুওৱা 

উত্তৰ:

৪। তাৰকাপুঞ্জ মানে কি ? যিকোনো দুটা তাৰকাপুঞ্জৰ নাম লিখা।

উত্তৰ: তাৰকাপুঞ্জ হৈছে কিছুমান তৰাৰ সমষ্টি যাক একোটা বিশেষ চিনাকি ৰূপত দেখা যায়।

দুটা তাৰকাপুঞ্জৰ নাম হ’ল – লিঅ’মেজৰ আৰু সপ্তর্ষিমণ্ডল।

৫। সৌৰজগতৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু গ্ৰহটোৰ নাম লিখা।

উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম হ’ল বৃহস্পতি গ্রহ আৰু আটাইতকৈ সৰু গ্ৰহটোৰ নাম হ’ল  – বুধগ্রহ।

৬। গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্যৰ নাম লিখা।

উত্তৰঃ গ্ৰহৰ বাহিৰে সৌৰজগতৰ আন দুটা সদস্যৰ নাম হ’ল – উপগ্রহ আৰু ধুমকেতু।

৭। বৃহস্পতি গ্ৰহৰ উপগ্ৰহকেইটা।

উত্তৰঃ বৃহস্পতি গ্ৰহৰ উপগ্রহ ৬৮ টা ।

৮। সপ্তর্ষিমণ্ডলৰ সহায়ত কেনেকৈ ধ্ৰুৱতৰাৰ স্থান বিচাৰি উলিয়াব পাৰি ব্যাখ্যা কৰা।

উত্তৰঃ সপ্তর্ষিমণ্ডল এক অতি বিশিষ্ট। তাৰকাপুঞ্জ, যি জহকালি ৰাতিৰ আকাশত প্ৰথম প্ৰহৰত দেখা যায়। এই তাৰকাপুঞ্জত সাতটা বিশিষ্ট তৰা থাকে ৷ 

চিত্ৰত দেখুওৱাৰ দৰে ইয়াৰ সহায়ত ধ্ৰুৱতৰাৰ অৱস্থান নির্ণয় কৰিব পাৰি। সপ্তর্ষিমণ্ডলৰ  শেষৰ ফালে থকা তৰা দুটাৰ মাজেৰে এডাল সৰল ৰেখা কল্পনা কৰিব লাগে ৷ সৰল ৰেখা ডাল উত্তৰ দিশত আগ বঢ়াই দিলে ( তৰা দুটাৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচ গুণ ) ৰেখাডালে আন এটা তৰা পাবগৈ যিটো বেছি উজ্জ্বল নহয়। এইটোৱেই ধ্ৰুৱতৰা । ধ্ৰুৱতৰাক দক্ষিণ গোলাৰ্দ্ধৰ পৰা দেখা নাযায়।

৯। কৃত্রিম উপগ্রহবোৰৰ পৰা কি কি তথ্য লাভ কৰিব পাৰি ?ই কেনেকৈ আমাক সহায় কৰে?

উত্তৰঃ কৃত্রিম উপগ্ৰহবোৰৰ পৰা বতৰৰ আগজাননী সহায়ত যিকোনো ঠাইৰ স্থান নির্ণয় কৰিব পাৰি। 

দূৰ সংযোগ আৰু দূৰ সংবেদনৰ বাবে কৃত্রিম উপগ্রহই আমাক সহায় কৰে। দূৰদৰ্শন আৰু অনাতাঁৰ তৰংগ প্ৰেৰণৰ বাবে কৃত্রিম উপগ্রহ ই আমাক সহায় কৰে।

১০। চমুটোকা লিখা :

(ক) ধূমকেতু (খ) উল্কা আৰু উল্কা পিণ্ড (গ) গ্রহাণুপুঞ্জ

উত্তৰ: (ক) ধুমকেতু : ধুমকেতুবোৰ হৈছে সৌৰজগতৰ সদস্য। ধুমকেতুবোৰে সূৰ্য্যৰ চাৰিওফালে উপবৃত্তাকাৰ কক্ষ পথেৰে পৰিভ্ৰমণ কৰে। সিহঁতৰ পৰিভ্ৰমণ কাল সাধাৰণতে খুব দীঘলীয়া হয়। ইয়াক সাধাৰণতে এটা উজ্জ্বল মুৰ আৰু দীঘল নেজৰ সৈতে দেখা যায়।

 বহুতো ধুমকেতুৰ নিৰ্ধাৰিত সময়ৰ মুৰে মূৰে আবিৰ্ভাৱ হয়। উদাহৰণ স্বৰূপে হেলিৰ ধূমকেতু প্রায় 76 বছৰৰ মূৰে মূৰে দেখা যায়। ইয়াক 1986 চনত শেষবাৰৰ বাবে দেখা গৈছিল। 

(খ) উল্কা আৰু উল্কাপিণ্ডঃ উল্কা আৰু উল্কাপিণ্ডসমূহ হৈছে আমাৰ সৌৰজগতৰ সদস্য। উল্কাবোৰ হৈছে কিছুমান সৰু সৰু বস্তু যিবোৰ কেতিয়াবা বায়ুমণ্ডলত প্রবেশ কৰে। প্ৰৱেশৰ সময়ত সিহঁতৰ তীব্ৰ গতি থাকে। পৃথিৱীৰ বায়ুমণ্ডলৰ ঘৰ্ষণত ইহঁত উত্তপ্ত হৈ উঠে। ইহঁত ভাস্বৰ হৈ বাষ্পীভূত হয়। সেয়ে উজ্জ্বল পোহৰৰ আঁচডাল মাত্র কিছুসময়ৰ বাবেহে থাকে। 

কিছুমান উল্কা ডাঙৰ, সিহঁত সম্পূৰ্ণৰূপে জ্বলি বাষ্পীভূত হোৱাৰ আগতেই পৃথিৱীত পৰিবহি পাৰে ৷ যিবোৰ বস্তু ভূ-পৃষ্ঠত পৰে হিসেইবোৰক উল্কাপিণ্ড বোলে।

(গ) গ্রহাণুপুঞ্জ : মংগল আৰু বৃহস্পতিৰ কক্ষ পথৰ মাজত এক বৃহৎ ব্যৱধান আছে। এই খালী ঠাইখিনি বহু সংখ্যক সৰু বস্তুৰে ভৰি আছে, এই বিলাকেও সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকে। ইহঁতক গ্রহাণুপুঞ্জ বোলে। কেৱল শক্তিশালী দুবীক্ষণ যন্ত্ৰৰ সহায়তহে গ্ৰহাণুপুঞ্জ দেখিবলৈ পোৱা যায়।

অতিৰিক্ত প্রশ্নোত্তৰ

১। সৌৰজগতখন কিহৰ ঘৰা গঠিত ?

উত্তৰঃ সূৰ্য্য আৰু গ্ৰহ, উপগ্রহ, ধুমকেতু, উল্কা পিণ্ড আৰু গ্ৰহাণুক লৈ সৌৰজগত খন গঠিত হৈছে।

২। আলোক বর্ষ কি ?

উত্তৰ: আলোকবর্ষ হৈছে পোহৰে এবছৰত অতিক্ৰম কৰা দূৰত্ব। সূৰ্যৰ ৰশ্মিয়ে পৃথিৱী পাবলৈ আঠ মিনিট সময় লাগে। অর্থাৎপৃথিৱীৰ পৰা সূর্য আঠ আলোক মিনিট আঁতবত আছে।

৩। আমি দিনত তৰাবোৰ কিয় দেখা নাপাওঁ ?

উত্তৰঃ দৰাচলতে দিনৰ ভাগতো তৰাবোৰ আকাশত থাকে। সূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে আমি তৰাবোৰ দিনত দেখা নাপাওঁ।

৪। নভোমণ্ডলীয় বস্তু কাক বোলে ? 

উত্তৰঃ তৰা, চন্দ্ৰ, গ্ৰহ আৰু আকাশৰ আন ভালে মান বস্তুক একেলগে নভোমণ্ডলীয় বস্তু বোলে ৷

৫। হাতীপটি বুলিলে কি বুজা ?

উত্তৰঃ হাতীপটি হৈছে বহুত তৰাৰ সমষ্টি। এটা সৰু হাতী পটিত কমেও দহমিলিয়ন তৰা থাকে আৰু এটা বৃহৎ হাতীপটিত এশবিলিয়নতকৈও অধিক তৰা থাকিব পাৰে ৷ জানিব পৰা মতে বিশ্বব্রহ্মাণ্ডত দুশবিলিয়ন বা তাতোধিক হাতী পটি আছে। আমাৰ সৌৰজগতখন মিলকিৱ নামৰ হাতীপটি এটাৰ অংশ।

৬। চমুটোকা লিখা—

(ক) চন্দ্ৰ,

(খ) ইউনোছ,

(গ) শণি,

(ঘ) সূর্য,

(ঙ) পৃথিৱী।

উত্তৰঃ (ক) চন্দ্ৰঃ চন্দ্ৰ হ’ল পৃথিৱীৰ উপগ্রহ। চন্দ্ৰৰ নিজা পোহৰ নাই। সূৰ্যৰ পোহৰ চন্দ্ৰত প্ৰতিফলিত হৈ আমাৰ চকুত পৰিলে আমি চন্দ্ৰটো দেখা পাওঁ।পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰে ৷ পৃথিৱীয়ে আকৌ চন্দ্ৰক লগতলৈ সূৰ্যৰ চাৰিওফালে ঘুৰে ৷ চন্দ্ৰৰ পৃষ্ঠ অনুৰ্বৰ আৰু ধুলিময়। ইয়াত সৰু বৰ গাঁত আৰু ওখ, থিয় পর্বতো আছে ৷ চন্দ্ৰত কোনো বায়ুমণ্ডল নাই। ইয়াত পানীও নাই।

(খ) ইউৰ্নোছঃ ইউৰ্নোছ হ’ল সৌৰজগতৰ এটা গ্রহ। সূৰ্যৰ, পৰাই 19.2AU দুৰত অৱস্থিত। ই পূবৰ পৰা পশ্চিমলৈ ঘুৰে ৷ ইয়াক কেৱল দুৰবীক্ষণ যন্ত্ৰৰ সহায়তহে দেখা পোৱা যায় ৷ ইয়াৰ ঘূর্ণন অক্ষ অতিশয় হেলনীয়া, সেয়ে ইয়াৰ কক্ষীয় গতিত ইয়াক বাগৰি বাগৰি যোৱা যেন দেখি। ইয়াৰ 27 টা উপগ্রহ আছে।

(গ) শনিঃ শনি সৌৰজগতৰ গ্ৰহ। সূৰ্য আৰু শণি গ্ৰহৰ মাজৰ দুৰত্ব হৈছে 9.5AU । অপৰূপ আঙঠিৰ বাবেই সৌৰজগতত এক সুকীয়া স্থান পাইছে ৷ দূৰবীক্ষণযন্ত্ৰৰ সহায়ত ইয়াৰ আঙঠিসমূহ দেখা যায়। ই শিল, গেছ আৰু বাষ্পৰে গঠিত শণি গ্ৰহৰ 62 টা উপগ্রহ আছে। শনি গ্ৰহৰ ঘনত্ব সকলো গ্ৰহৰ তুলনাত কম। পানীৰ ঘনত্বতকৈও ইয়াৰ ঘনত্ব কম।

(ঘ) সূর্য : সূৰ্য হৈছে সৌৰ জগতৰ কেন্দ্ৰ বিন্দু। ই অবিৰ্ত ভাৱে প্ৰচুৰ পৰিমাণৰ তাপ আৰু পোহৰ বিকিৰণ কৰি আছে। সূৰ্যত প্ৰচুৰ পৰিমাণে H, গেছ থাকে। এই H, গেছবোৰ অবিৰত ভাৱে He গেছলৈ সলনি হৈ থাকে। এই প্ৰক্ৰিয়াটোত প্ৰচুৰ পৰিমাণে শক্তি নির্গত হয়। পৃথিৱীৰ প্ৰায় সকলো শক্তিৰ উৎস হ’ল সূর্য। সূৰ্যৰ ৪ টা গ্রহ আছে আৰু এই গ্রহসমূহে সূৰ্যৰ চাৰিও ফালে ঘূৰি থাকে ৷

(ঙ) পৃথিৱীঃপৃথিৱী  সৌৰজগতৰ একমাত্ৰ গ্ৰহ যত জীৱৰ অৱস্থিতি আছে। সূৰ্য আৰু পৃথিৱীৰ মাজত থকা যথোচিত দুৰত্বৰ বাবেই এই অনুকূল অৱস্থাৰ সম্ভৱ হৈছে ৷ পৃথিৱীৰ উষ্ণতাৰ পৰিসৰ জীৱনৰ বাবে উপযোগী আৰু ইয়াত পানী পোৱা যায় ৷ পৃথিৱীৰ উপৰিভাগত মাটিতকৈ পানীৰ পৰিমাণ বেছি, ই সূৰ্যৰ পৰা পোৱা পোহৰ প্ৰতিফলন কৰে। পৃথিৱীৰ আবৰ্তনৰ অক্ষতাৰ কক্ষ পথৰ তলৰ লগত লম্বভাৱে নাথাকে ৷ এই হেলনীয়া অৱস্থাটোৰ ববেই পৃথিৱীত ঋতুৰ পৰিবৰ্তন হয় ৷ পৃথিৱীৰ একমাত্র উপগ্রহ হ’ল চন্দ্ৰ।

৭। তলত দিয়া সংক্ষিপ্ত শব্দসমূহ বিস্তাৰিত আকাৰত লিখা।

(ক) GPS (খ) NASA (গ) ISRO

উত্তৰঃ (ক) GPS – Global Positioning System ( গ্লবেল পজিছ’নিং চিষ্টেম )।

 (খ) NASA – National Aeronatics and Space Administration

(নেচ্‌নেল এৰ’নেটিকচ এণ্ড স্পেচ এডমিনিষ্টেছন।)

(গ) ISRO – Indian space Reasearch Organisation 

( ইণ্ডিয়ান স্পেচ ৰিচাৰ্ছ অৰগেনাইজেচন।)

৮। খালী ঠাই পূৰ কৰা ৷

(ক) ——- সৌৰজগতৰ বৃহত্তৰ গ্ৰহ।

উত্তৰঃ বৃহস্পতি ৷

(খ) ৰাতিৰ আকাশত ——- আটাইতকৈ উজ্জ্বল গ্রহ।

উত্তৰঃ শুক্র।

(গ) সূৰ্যৰ পৰা আটাইতকৈ দূৰত থকা গ্ৰহটো হ’ল —— ।

উত্তৰঃ নেপচুন।

(ঘ) ৰঙা ৰঙৰ গ্ৰহটো হ’ল —— ।

উত্তৰঃ মঙ্গল ৷

(ঙ) আকাশত বিশিষ্ট ৰূপ গঠন কৰাতৰাৰ সমষ্টিক —— বোলে।

উত্তৰ: তাৰকা পুঞ্জ ৷

(চ) গ্ৰহৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থকা নাভোমণ্ডলীয় বস্তুক —— বোলে।

উত্তৰ: উপগ্রহ।

৯। তলৰ বাক্য সমূহ সত্য (স) আৰু অসত্য (অ) হিচাপে চিহ্নিত কৰা।

(ক) ধ্রুবতৰা সৌৰজগতৰ সদস্য।

উত্তৰঃ অসত্য।

(খ) ইউৰেনাছ সৌৰজগতৰ আটাইতকৈ দূৰত থকা গ্রহ।

উত্তৰঃ অসত্য ৷

(গ) ইনছেট এটা কৃত্রিম উপগ্রহ।

উত্তৰঃ সত্য।

(ঘ) কালপুৰুষ তাৰকাপুঞ্জ কেৱল দূৰবীক্ষণেৰেহে দেখা যায় ৷

উত্তৰঃ অসত্য।

(ঙ) তৰাবোৰে পূবৰ পৰা পশ্চিমলৈ গতি কৰা যেন লাগে।

উত্তৰঃ সত্য ৷

১০। তলৰ কোনটো সৌৰজগতৰ সদস্য নহয় ?

(ক) গ্রহাণুপুঞ্জ (খ) উপগ্রহ

(গ) তাৰকাপুঞ্জ (ঘ) ধুমকেতু

উত্তৰ : (গ) তাৰকাপুঞ্জ ৷

১১। তলৰ কোমটো সূৰ্যৰ গ্ৰহন হয় ?

(ক) লুব্ধক (খ) বুধ

(গ) শনি (ঘ) পৃথিৱী

উত্তৰঃ (ক) লুব্ধক।

1 thought on “Niketan Class 8 Science Chapter 18 তৰা আৰু সৌৰজগত”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top