Niketan Class 7 Science Chapter 13 গতি আৰু সময়

Niketan Class 7 Science Chapter 13 গতি আৰু সময় is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Science Chapter 13 গতি আৰু সময় and select need one.

Niketan Class 7 Science Chapter 13 গতি আৰু সময়

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Science Chapter 13 গতি আৰু সময় Solutions for All Subjects, You can practice these here…

গতি আৰু সময়

Chapter – 13

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


A. জ্ঞানবৰ্দ্ধক প্রশ্ন (Knowledge based Questions ) :-

১। দ্রুতি মানে কি ?

উত্তৰঃ প্রতি একক সময়ত বস্তু এটাই অতিক্ৰম কৰা দূৰত্বই হৈছে দ্ৰুতি।

২। সময় মানে কি ?

উত্তৰঃসময় হৈছে ঘড়ীৰ সহায়ত লোৱা জোখ।

৩। সৰল দোলক কি ?

উত্তৰঃ পাতল আৰু প্ৰসাৰণ হ’ব নোৱাৰা সূতাৰ সহায়ত বিন্দুসম অথচ ভৰযুক্ত এটা বস্তু ওলোমাই দিলে এটা সৰল দোলক পোৱা হয়।

৪। সময় জোখা কেইবিধমান সঁজুলিৰ নাম লিখা।

উত্তৰঃ ডিজিটেল ঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী, সূর্য ঘড়ী, পানী ঘড়ী, বালি ঘড়ী ।

৫। দূৰত্ব সময় লেখ বুলিলে কি বুজা ?

উত্তৰঃদূৰত্ব-সময় লেখৰ সহায়ত বস্তুৰ গতি চিত্ৰকাৰে প্ৰকাশ কৰিব পাৰি ।

B. ক্ৰিয়াকলাপ সম্বন্ধীয় প্রশ্ন (Activity based Question ) :-

১। তোমাৰ আচাৰ্য্যৰ সহায়লৈ এটা বালি ঘড়ী (Sand Clock) সাজা।

২। এটা ছেকেণ্ড পেণ্ডুলাম সাজা যাৰ দোলন কাল দুই ছেকেণ্ড।

উত্তৰঃ আচাৰ্য্যৰ সহায়ত বালি ঘড়ী সাজিব লাগিব।

উত্তৰঃ আচাৰ্য্যৰ সহায়ত ছেকেণ্ড পেণ্ডুলাম সাজি উলিয়াব লাগিব। তলত চিত্র দিয়া হ’ল –

চিত্র: ছেকেণ্ড পেণ্ডুলাম যাৰ দোলন কাল ছেকেণ্ড।

C. চমু প্রশ্ন (Short Answer Question) :-

১। তলত দিয়া গতিবোৰ কি চিনাক্ত কৰা 

(ক) পোন ৰাষ্টাৰে গৈ থকা ঘোঁৰা গাড়ী এখনৰ গতি।

উত্তৰঃ বেগবান গতি

(খ) শিশু এটিয়ে আনন্দতে ঘূৰি নাচি-বাগি থকা গতি।

উত্তৰঃ ধীৰ গতি।

(গ) দোলনাত চলি থকা শিশু এটিৰ গতি।

উত্তৰঃ ধীৰ গতি।

(ঘ) বৈদ্যুতিক ঘণ্টাত হাতুৰীৰে মৰা গতি।

উত্তৰঃ বেগবান গতি।

২। আমাৰ সময়ৰ জোখৰ আৱশ্যক কিয় ?

উত্তৰঃকিছুমান কাৰ্য নির্দিষ্ট সময়ৰ ব্যৱধানত হয়। সেইবাবে আমাৰ সময়ৰ জোখৰ আৱশ্যক হয়।

৩। বৰ্তমান সময়ৰ জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম লিখা। 

উত্তৰঃ বৰ্তমান সময়ৰ জোখ লোৱা কেইবিধমান সঁজুলিৰ নাম হ’ল – ডিজিটেল ঘড়ী, ঘড়ী, জেপঘড়ী, টেবুল ঘড়ী, দেৱাল ঘড়ী।

৪। কেতিয়া এটা বস্তুৱে গতি কৰা বুজায় ?

উত্তৰঃযদি এটা বস্তুৱে কোনো ঠাইৰ পৰা আন এঠাইলৈ স্থান সলনি কৰে তাকে গতিকৰা বুজায়।

৫। সময়ৰ জোখৰ কেইটামান এককৰ নাম লিখা।

উত্তৰঃ সময়ৰ মূল একক হৈছে ছেকেণ্ড। ইয়াৰ চিহ্ন হৈছে ছে (S)। সময়ৰ ডাঙৰ এককবোৰ হ’ল মিনিট ( মিন ) আৰু ঘণ্টা ( ঘ )। ইয়াৰ উপৰিও মাইক্ৰছেকেণ্ড (এক ছেকেণ্ডৰ নিযুতভাগৰ এভাগ ) আৰু নেন’ ছেকেণ্ড ( এক ছেকেণ্ডৰ ১০০ কোটি ভাগৰ এভাগ ) থকা ঘড়ীবোৰ বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়।

D. দীঘল প্রশ্ন (Long Answer Questions):-

১। সুষম বেগত গতিশীল বস্তুৰ দূৰত্ব সময়ৰ লেখ এডাল আঁকা।

উত্তৰঃ

চিত্রঃ সূষম বেগত গতিশীল বস্তুৰ দূৰত্ব সময়ৰ লেখ

২। সৰল দোলক এটাৰ পৰ্যায় কালৰ জোখ কেনেকৈ লোৱা হয় বর্ণনা কৰা ৷

উত্তৰঃ দোলকৰ পৰ্যায়কাল বহুত কম যাৰ বাবে আমাক ষ্টপ ক্লকৰ প্ৰয়োজন ৷ এটা সম্পূর্ণ দোলনৰ সময় নির্ভুলভাৱে উলিওৱাটো সহজ নহয় ৷ গতিকে তলৰ পদ্ধতিটো ব্যৱহাৰ কৰা হ’ল –

(i) এক মিটাৰ দীঘল সূতা এডাল সুদৃঢ় আলম এটাৰ পৰা ওলোমাই ৰখা হ’ল।

(ii) ওচৰত থকা বিজুলী পাংখা বন্ধ কৰি থোৱা হ’ল।

(iii) দোলকৰ পিণ্ডটো ঠিক মাজভাগত স্থিৰ কৰি ৰখা হ’ল আৰু মজিয়াত পিণ্ডটোৰ ঠিক তলতে চিন এটা দিয়া হ’ল।

(iv) তাৰ পিচত পিণ্ডটো সাম্য অৱস্থাৰ পৰা অলপ আঁতৰাই নি চোৱা হ’ল যাতে পিণ্ডটো এৰি দিলেও সুলকি নপৰে। তাৰ পিছত পিণ্ডটো লাহেকৈ এৰি দিয়া হ’ল। চলি থকা সময়ত পিণ্ডটো পুনৰ ঠেলি দিব নালাগে।

(v) পিণ্ডটো সীমান্ত অৱস্থাৰ পৰা সাম্য অৱস্থালৈ গতি কৰোতে Stop Watch টো আৰম্ভ কৰি শূন্যৰ পৰা গণনা কৰা হ’ল। পিণ্ডটো পুনৰ সাম্য অৱস্থান অতিক্রম কৰি পুনৰ আগৰ দিশেৰে সীমান্ত অৱস্থান পাওঁতে 1 গণনা কৰা হ’ল।

(vi)এনে ধৰণে 20 টা দোলন শেষ হোৱাত Stop Watch টো বন্ধ কৰা হ’ল।

(vii)20 টা দোলন সম্পূর্ণ হওঁতে লগা সময় Stop Watch ৰ পৰা লোৱা হ’ল।

(viii)তাৰ পিছত পর্যবেক্ষণ তালিকাত সন্নিৱিষ্ট কৰা হ’ল।

(ix)তাৰ পিছত 20 টা দোলন সম্পূৰ্ণ কৰোঁতে লগা সময়ৰে ভাগ কৰা হ’ল আৰু ইয়াৰ পৰাই আমি পর্যায় কাল পাওঁ।

৩। লেখ কি ? তুমি এডাল লেখ কেনেকৈ অংকন কৰিবা।

উত্তৰঃ লেখ হ’ল পাৰিসাংখ্যিক ৰৈখিক চিত্র।লেখ অংকন কৰিবলৈ তলত দিয়া নিয়ম সমূহ মানিব লগা হয়। মিলিমিটাৰৰ সৰু বৰ্গক্ষেত্ৰৰ কাগজ সাধাৰণতে লেখৰ বাবে ব্যৱহাৰ কৰা হয়। লেখ আঁকিবলৈ তলত দিয়া ধৰণে কৰিব পাৰি।

(i) এখন লেখ কাকতৰ বাওঁফালে লম্বভাৱে কটা কটি কৰা কৈ x আৰু y অক্ষ দুডাল আঁকি ল’ব লাগে।

(ii) x-অক্ষত স্বতন্ত্র মানবোৰ আৰু y অক্ষত Dependent মানবোৰ বহুওৱাব লাগে।

(iii) ডাঙৰ আৰু সৰু মানবোৰৰ পৰা এটা একক এনেভাৱে ল’ব লাগে যাতে মানবোৰ লেখ কাকতত সংস্থাপন কৰিব পৰা যায়।

(iv) তাৰ পিচত লেখ কাকতত মানবোৰ (x,y) হিচাপে সংস্থাপন কৰিব লাগে।

(v) তাৰ পিছত লেখ কাকতৰ মানবোৰ এডাল মসৃণ লেখেৰে সংযোগ কৰিব লাগে।

(vi) তাৰ পিছত লেখ ডালৰ নামকৰণ কৰিব লাগে।

৪। দুটা ৰেলষ্টেচনৰ মাজৰ দূৰত্ব 200 কিঃমিঃ। এখন ৰেলগাড়ীয়ে ৪ ঘণ্টাত এই দূৰত্ব অতিক্ৰম কৰিলে ৰেলগাড়ীখনৰ দ্ৰুতি নিৰ্ণয় কৰা।

উত্তৰঃ

৫। এখন গাড়ীৰ অডমিটাৰৰ (Odometer) পাঠ 8.00 AM বজাত 50550.0 km পোৱা গ’ল। যদি গাড়ীখনে অড’মিটাৰটোৱে 8.50 AM বজাত 50610.0 km দেখুৱাই গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব।গাড়ীখনৰ সেই সময় দ্রুতি কিঃমিঃত প্ৰকাশ কৰা ৷ লগতে দ্ৰুতি মিঃছে’ নিৰ্ণয় কৰা।

উত্তৰঃ

৬। ৰীতাই তাইৰ ঘৰৰ পৰা স্কুললৈ চাইকেলেৰে যাওঁতে 20 মিনিট লয়।যদি চাইকেলখনৰ দ্ৰুতি 2 মিঃছেঃ-1

উত্তৰঃ

৭। তলত দিয়া ক্ষেত্ৰত দূৰত্ব সময়ৰ লেখৰ আকৃতি দেখুওৱা। 

(i) সুষম দ্ৰুতিত গৈ থকা গাড়ী এখন ৷

  (ii) ৰাষ্টাৰ দাঁতিত ৰৈ থকা গাড়ী এখন ৷

উত্তৰঃ (i) সুষম দ্ৰুতিত গৈ থকা গাড়ী  এখনৰ দূৰত্ব সময়ৰ 

লেখ হ’ব পাৰে – 

ধৰা হ’ল,

মাপাংক সময় মিনিট = X অক্ষ 

দূৰত্ব = 1 কিঃমিঃ = Y অক্ষ

.:. দূৰত্ব সময়ৰ লেখ হ’ব

চিত্ৰ: সুষম দ্ৰুতিত গৈ থকা গাড়ী এখনৰ দূৰত্ব সময়ৰ লেখ

(ii) ৰাষ্টাৰ দাঁতিত ৰৈ থকা গাড়ী এখনে যিহেতু কোনো দূৰত্ব অতিক্ৰম নকৰে, গতিকে ইয়াৰ দ্ৰুতি আৰু সময় শূন্য। অর্থাৎ ইয়াত দূৰত্ব সময়ৰ লেখৰ অংকন 0 হ’ব।

৮। তলত চিনত A আৰু B দুখন মানৰ দূৰত্ব সময় লেখ আঁকি দেখুওৱা হৈছে । কোনখন যানৰ বেগ বেছি ?

চিত্ৰঃদুখন গাড়ীৰ গতিৰ দূৰত্ব-সময় লেখ

উত্তৰঃ চিত্ৰত দেখুওৱা মতে ‘A’ যানখনৰ বেগ বেছি। কাৰণ ‘A’ যানখনে কম সময়ত বেছি দূৰত্ব অতিক্ৰম কৰিছে ।

৯। সজাই লিখা :-

AB
1. দ্রুতি1. পিতলৰ বল
2.সৰল দোলক2.সময়ৰ জোখ
3. ঘড়ী3. মিঃছেঃ-1
4. দূৰত্ব সময় লেখ4. দোলন
5. দ্রুতি

উত্তৰঃ

AB
1. দ্রুতি3. মিঃছেঃ-1
2. সৰল দোলক1. পিতলৰ বল
3. ঘড়ী2. সময়ৰ জোখ
4. দূৰত্ব সময় লেখ4. দোলন

১০। কোনো গতিশীল বস্তুৰ সুষম দ্ৰুতি 10 মিঃ/ছেঃ দূৰত্ব সময়ৰ তালিকা এখন বনোৱা আৰু তালিকা অনুসৰি ইয়াৰ লেখচিত্র আঁকা।

উত্তৰঃ10 মিঃ/ছেঃ দূৰত্ব সময়ৰ তালিকাখন তলত প্ৰকাশ কৰা 

হ’ল –

সময় (ছেকেণ্ড)0.01020304050
দূৰত্ব (মিটাৰ)0.012345

চিত্ৰ: 10 মিঃ/ছেঃ দূৰত্ব আৰু সময়ৰ তালিকা

ইয়াৰ লেখ চিত্র :

চিত্ৰ: 10 মিঃ/ ছেঃ দূৰত্ব সময়ৰ লেখ

১১। অসম দ্ৰুতিৰে গতি কৰা কোনো বস্তুৰ দূৰত্ব সময়ৰ এখন তালিকা তলত দিয়া হৈছে। ইয়াৰ লেখ চিত্ৰ আঁকা।

সময় (ছেকেণ্ড)01234
দূৰত্ব (মিটাৰ)0371218

উত্তৰঃ

চিত্ৰ: অসম দ্ৰুতিৰ দূৰত্ব সময়ৰ লেখ চিত্র

১২। A. তলৰ কোনটো সত্য ?

B. দ্ৰুতিৰ একক

(i) কিঃমিঃ/ মিঃলিঃ (ii) মিটাৰ/মিনিট  

(iii) কিঃমিঃ/ঘণ্টা (iv) মিটাৰ/ ছেঃমিঃ

উত্তৰঃ (iii) কিঃমিঃ/ঘণ্টা

2 thoughts on “Niketan Class 7 Science Chapter 13 গতি আৰু সময়”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top