Niketan Class 7 Assamese Chapter 11 লােভ

Niketan Class 7 Assamese Chapter 11 লােভ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 7 Assamese Chapter 11 লােভ and select need one.

Niketan Class 7 Assamese Chapter 11 লােভ

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 7 Assamese Chapter 11 লােভ Solutions for All Subjects, You can practice these here…

কপালেহে গােপাল

Chapter – 11

অসমীয়া

SHANKARDEV SISHU VIDYA NIKETAN

TEXTUAL QUESTIONS AND ANSWERS


প্রশ্ন ১। অতি চমু উত্তৰ দিয়া-

( ক ) গল্পটিৰ লেখকজনৰ নাম কি ? 

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা । 

( খ ) তামসিক প্রকৃতিৰ লােক বুলি কাক কোৱা হৈছে ? 

উত্তৰঃ আসুৰিক প্রবৃত্তিৰ মানুহক কোৱা হৈছে ।

( গ ) সন্তান বৎসল মাক মানে কাক বুজাইছে ?

উত্তৰঃ শ’ল মাছটোক বুজাইছে ।

(  ঘ ) লুভীয়া স্বভাৱৰ ল’ৰাটোৱে বৰলৰ টোপেৰে বৰশীটো ক’ত পেলাইছিল ? 

উত্তৰঃ পােনাবাহৰ মাজত পেলাইছিল ।

( ঙ ) সমাজিকা মানে কি ? 

উত্তৰঃ সপােন । 

( চ ) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র কবিতাপুথিখনৰ নাম কি ? 

উত্তৰঃ কদমকলি ।

প্রশ্ন ২। মাছটোৰ অৱস্থা কি হৈছিল লিখা । 

উত্তৰঃ বৰশীৰে বামলৈ তুলি অনাত মাছটোৱে কষ্টত আৰু মৃত্যুকাল উপস্থিত ভাবি ছটফটাবলৈ ধৰিছিল । লেখকে মাছটো মাৰি পেলােৱাৰ উদ্দেশ্যে মাটিত থেকেচা মাৰি দিয়াত মাছটোৱে মুখেৰে কাপ কাপ শব্দ কৰিছিল আৰু তাৰ প্রায় মৰো মৰাে অৱস্থা হৈছিল । অৱশেষত লেখকে মাছটো ঘৰলৈ লৈ গৈছিল আৰু গধূলি লেখকৰ মাকে সেই শল মাছটোক মূলা দি আঞ্জা ৰান্ধিছিল। 

প্রশ্ন ২। “ এই দুই দৃশ্যই মােৰ অন্তৰৰ নিভৃত কোঠালিৰ নিভৃত চুকটোত থকা কিবা এটা সচেতন বস্তুত অলপ খােচা বিন্ধা কৰা যেন পালাে ” — লেখকৰ অন্তৰত আঘাত কৰা দৃশ্য দুটা কি আছিল ? 

উত্তৰঃ লেখকৰ অন্তৰত আঘাত কৰা এটা দৃশ্য হৈছে শল মাছটোৰ দৃশ্য । বৰশীৰে তুলি বামলৈ অনা শল মাছটোৱে ছটফটাই থকাত লেখকে মাছটোক মাটিত থেকেচি দিছিল । ক্ষন্তেক পিছতে মাছটোৱে মুখেৰে কাপ কাপ কৰিছিল আৰু ধিমিকি – ধিমিকি মাত্র তাৰ ধাতু লৰি আছিল । মাছটোৰ এই দৃশ্যটোৱে লেখকৰ অন্তৰত আঘাত কৰিছিল । 

লেখকৰ অন্তৰত আঘাত কৰা আনটো দৃশ্য হৈছে — পােনাবাহৰ দৃশ্য । পােনাবাহৰ মাকজনীক বৰশীৰে তুলি আনি মাটিত থেকেচি দিয়াৰ পিছত লেখকৰ চকু পােনাবাহত পৰিছিল । অলপ আগলৈ মাকৰ লগত আনন্দত নাচি – বাগি থকা অজলা পােনাবাহ এতিয়া মাতৃহীন , অনাথ । পােনাবাহৰ এই দৃশ্যটোৱেও লেখকৰ অন্তৰত আঘাত কৰিছিল । 

প্রশ্ন ৩। লেখকে কিয় ৰুচিৰে সৈতে আঞ্জা খাব পৰা নাছিল ? 

উত্তৰঃ বৰশীৰে তুলি আনি মাটিত থেকেচি দিয়াৰ পাছত শল মাছটোৰ যিটো দৃশ্য হৈছিল , সেইটোৱে লেখকৰ মনত আঘাত দিছিল । আনহাতে মাতৃহীন হােৱা অনাথ , অজলা পােনাবাহৰ দৃশ্যইও তেওঁৰ মনত আঘাত দিছিল । গধূলি মাকে সেই শল মাছটোৰে ৰন্ধা আঞ্জা খাবলৈ দিয়াত লেখকে বুকুৰ মাজত কিবা এক যন্ত্রণা অনুভৱ কৰিছিল । সেয়েহে , তেওঁ ৰুচিৰে সৈতে আঞ্জা খাব পৰা নাছিল । 

প্রশ্ন ৪। সপােনত লেখকে কি দেখিছিল লিখা । 

উত্তৰঃ লেখকে সপােনত দেখিছিল যে তেওঁৰ শােৱাপাটীৰ চাৰিওফালে অসংখ্য কেঁচুৱা ল’ৰাই তেওঁক বেঢ়ি ধৰি কান্দিব ধৰিছে । লেখকে কেঁচুৱা ল’ৰাহতক ক’ৰপৰা আহিছে , সিহঁতৰ হৈছে কি , কান্দিছেই বা কিয় – আদি প্রশ্ন সুধিলে । কেঁচুৱাবােৰে তেতিয়া ক’লে যে লেখকে এতিয়া সিহঁতক নিচিনাই হ’ল আৰু কিয় কান্দিছে তাকো সুধিছে । তেওঁ বৰ নিষ্ঠুৰ , লুভীয়া আৰু পাপী মানুহ ৷ তেওঁৱেই সিহঁতৰ দুখীয়া মাকক মাৰি সিহঁতক মাউৰা কৰিছে । মাকক নামাৰি সিহঁতকেই তেওঁ মাৰিব পাৰিলেহেঁতেন । এতিয়া সিহঁতে তেওঁৰ হাতত মৰিবলৈ আহিছে । গতিকে লেখকে কেচুৱাবােৰক মাৰি খাব লাগে , নহ’লে সিহঁতে লেখকক শুদাই নেৰে । 

প্রশ্ন ৫। সপােনত কেঁচুৱা ল’ৰাহতে লেখকক কি কৈছিল ? 

উত্তৰঃ সপােনত কেঁচুৱা ল’ৰাহতে লেখকক কৈছিল যে তেওঁ সিহঁতক চিনি নােপােৱাৰ ভাও ধৰিছে । সিহঁতে কিয় কান্দিছে তাকো সুধিছে । তেওঁ বৰ নিষ্ঠুৰ , লুভীয়া আৰু পাপী । তেওঁৱেই সিহঁতৰ দুখীয়া মাকক মাৰি সিহঁতক মাউৰা কৰিছে । মাকক নামাৰি সিহঁতক তেওঁ মাৰিব পাৰিলেহেঁতেন । এতিয়া সিহঁত সকলােৱে তেওঁৰ হাতত মৰিবলৈ আহিছে।গতিকে লেখকে সিহঁতক মাৰি খাই পেলাব লাগে , নহ’লে কেঁচুৱাবােৰে তেওঁক শুদাই নেৰে । 

প্রশ্ন ৬। “ পপীয়া ; লুভীয়া ! তই আমাকো মাৰি পেলা । ” — ইয়াত পপীয়া , লুভীয়া বুলি কোনে কাক কৈছে ? 

উত্তৰঃ কেঁচুৱা ল’ৰাবােৰে লেখকক কৈছে ।

প্রশ্ন ৭। ‘ পানী পছাত ’ আঁৰি থােৱা বৰশীটো লেখকে কি কৰিছিল ? 

উত্তৰঃ দাড়িৰে সৈতে বৰশীটো ডােখৰ ডােখৰকৈ ভাঙি দলিয়াই পেলাইছিল । 

প্রশ্ন ৮। লেখকে শেষত কি বুলি শপত খাইছিল ? কিয় ? 

উত্তৰঃ লেখকে তেওঁৰ জীৱনকালত বৰশীত আৰু হাত নিদিব বুলি শপত খাইছিল । পােনাবাহৰ সৈতে থকা শ’ল মাছটো মাৰি লেখকে অনুশােচনাত ভুগিছিল । সেয়ে তেওঁ তেনেকৈ শপত খাইছিল । 

প্রশ্ন ৯। আমাক এতিয়াই মাৰ , মাৰ , মাৰ , নামাৰিলে তােক আমি নেৰো । ‘ ― কথাষাৰ , কোনে , কাক কেতিয়া কৈছিল বুজাই লিখা । 

উত্তৰঃ কথাষাৰ কেঁচুৱা ল’ৰাবােৰে লেখকক সপােনত কৈছিল । সপােনত লেখকে যেতিয়া কেঁচুৱা ল’ৰাবােৰক সিহতৰ কি হৈছে , কিয় কান্দিছে আদি প্রশ্ন সুধিছিল তেতিয়া কেঁচুৱা ল’ৰাবােৰে নিষ্ঠুৰ , লুভীয়া লেখকেই সিহঁতৰ দুখীয়া মাক ( শ’ল মাছটো ) ক মৰা বুলি কৈ উক্ত কথাখিনি কৈছিল । 

প্রশ্ন ১০। ব্যাখ্যা কৰা –

 ( ক ) “ মােৰ জীৱদ্দশাত মই আৰু বৰশীত হাত নিদিওঁ । ” 

উত্তৰঃ উক্ত কথাফাঁকি লক্ষ্মীনাথ বেজবৰুৱাদেৱে লিখা , আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট ‘ লােভ ’ নামৰ গল্পটিৰ পৰা উদ্ধৃত কৰা হৈছে । শল মাছটো মাৰি অনুতাপত দগ্ধ হােৱা লেখকৰ মানসিক অৱস্থাৰ প্রতিফলন উক্ত কথাষাৰত ফুটি উঠিছে । 

বৰশীৰে তুলি অনা শ’ল মাছটো মাটিত থেকেচি দিয়াৰ পাছত মাছটোৰ অৱস্থা আৰু মাকক হেৰুওৱা পােণাবাহক দেখি লেখকে অন্তৰত বৰ আঘাত পাইছিল । এই গােটেই ঘটনাটোৱে লেখকৰ অৱচেতন মনত গভীৰ সাঁচ বহুওৱাৰ ফলত ৰাতি তেওঁ সপােন দেখিছিল । সপােনত মাছটোৰ পােণাবিলাকে এজাক কেঁচুৱা ল’ৰাৰ ৰূপত আহি লেখকক বেঢ়ি ধৰিছিল । 

সেই কেঁচুৱা ল’ৰাবােৰে লেখকক কৈছিল যে নিষ্ঠুৰ আৰু লুভীয়া লেখকেই সিহঁতৰ দুখীয়া মাকক বিনাদোষতে মাৰিছে যেতিয়া সিহঁতকো মাৰি খাই পেলাওক । তাকে নকৰিলে সিহঁতেও লেখকক সহজে এৰি নিদিয়ে । এই সপােনটো দেখাৰ পিছত সাৰ পাই লেখকে অনুশােচনাত দগ্ধ হৈছিল । সেয়েহে ধলফা দিওতেই শােৱাপাটী এৰি আহি বৰশীটো ডােখৰ ডােখৰকৈ ভাঙি দলিয়াই পেলাই দি জীৱনত আৰু কেতিয়াও বৰশীত হাত নিদিয়াৰ শপত খাইছিল । 

প্রশ্ন ১১। লেখকে সপােনত দেখা পােৱা কেঁচুৱা ল’ৰাবােৰ প্ৰকৃততে কি আছিল ? 

উত্তৰঃ লেখকে সপােনত দেখা পােৱা কেঁচুৱা ল’ৰাবােৰ প্ৰকৃততে শ’ল মাছটোৰ পােনাবাহৰ প্রতীক আছিল । লেখকে পােনাবাহকে কেঁচুৱা ল’ৰা এজাকৰ ৰূপত দেখিছিল । 

প্রশ্ন ১২। পাঠত উল্লেখ থকা মাছসমূহৰ নাম লিখা।

উত্তৰঃ মাগুৰ , কাৱৈ , শ’ল , কান্দুলি , শিঙৰা আৰু পুঠি । 

প্রশ্ন ১৩। তলৰ কোনবোৰ চৰায়ে মাছ খায় সিহঁতৰ নামবােৰ বিচাৰি উলিওৱা । 

ফেঁচা , বগলী , শগুণ , হাড়গিলা , চিলনী , শালিকা , মাছৰােকা , কাউৰী , কণামুচৰি , বাঢ়ৈটোকা । 

উত্তৰঃ বগলী , হাড়গিলা , চিলনী , মাছৰোকা আৰু কণামুচৰি ।

প্রশ্ন ১৪। সমার্থক শব্দ লিখা – 

            সপােন , মাউৰা , চিত , পানী , পদুম । 

উত্তৰঃ সপোন      ―        সমাজিক ।

         মাওঁৰা      ―        অনাথ । 

         চিত         ―        হৃদয় , মন , বুদ্ধি । 

         পানী        ―        জল , পানী , নীৰ । 

         পদুম        ―        পংকজ , পদ্ম , শতদল । 

প্রশ্ন ১৫। বাক্য সাজা –

পােনাবাহ , থেকেচা মাৰি , ধিমিকি-ধিমিক , চাঁতকৰে , খােচা – বিন্ধা । 

উত্তৰঃ পােনাবাহ :- পােনাবাহৰ মাকজনীক মাৰি নৰেনে ভাল কাম নকৰিলে । 

থেকেচা মাৰি : – সেইটো মাটিৰ কলহহে ! এনেকৈ থেকেচা মাৰি থৈছে কিয় ? 

ধিমিকি-ধিমিকি :- ধিমিকি – ধিমিকি পােহৰত কোনাে বস্তু স্পষ্টকৈ নেদেখি । 

চাঁতকৰে :- ল’ৰাজনৰ চেহেৰাটো দেখি মােৰ মনত চাঁতকৰে কল্যাণৰ ছবিটো ভাঁহি উঠিছিল । 

খােচা – বিন্ধা :- সি কালি কোৱা কথাষাৰে আজিও মােৰ বুকুৰ ভিতৰত খােচা বিন্ধা কৰি আছে । 

প্রশ্ন ১৬। এটা শব্দত প্ৰকাশ কৰা – 

( ক ) মাছ ধৰাত পাৰ্গত লােক —

উত্তৰঃ মাছুৱৈ ।

(খ ) মাছৰ নিচেই সৰু পােৱালি – 

উত্তৰঃ পােনা ।

( গ ) মাছ থ’বলৈ ব্যৱহাৰ কৰা বাঁহৰ সৰু পাত্র ― 

উত্তৰঃ খালৈ ।

( ঘ ) বৰশীৰে মাছ মাৰিবলৈ ব্যৱহাৰ কৰা বিজলী বাঁহৰ দীঘল যতন― 

উত্তৰঃ চিপ ।

( ঙ ) তমােগুণৰ লােক ― 

উত্তৰঃ তামসিক ।

প্রশ্ন ১৭। ভাব সম্প্রসাৰণ কৰা –

( ক )  “ লােভেই পাপ , পাপেই মৃত্যু । ” 

উত্তৰঃ মানুহৰ ক্ষেত্ৰতে হওঁক বা আন প্ৰাণীৰ ক্ষেত্ৰতে হওঁক লােভ বৰ বেয়া বস্তু । বৰশীত গাঁঠি দিয়া টোপৰ লােভ সামৰিব নােৱাৰি মাছে তাক খাই মৃত্যুক আকোৱালি লয় । চিকাৰীয়ে ফান্দত দি থােৱা খাদ্য খাবলৈ গৈ পশু পক্ষী মৰে । লুভীয়া মানুহে লােভৰ বশবর্তী হৈ আনৰ বস্তু চুৰ কৰে । এনে মানুহে ধৰা পৰিলে মাৰ – কিলটো খায়েই , কেতিয়াবা মৃত্যু মুখতাে পৰে । কিছুমান বেমাৰী মানুহে আকৌ লােভ সামৰিব নােৱাৰি অখাদ্য খাই নিজে নিজৰ মৰণ মাতে । ডায়েবেটিছ ৰােগত ভােগা মানুহ এজনে যদি লােভ সামৰিব নােৱাৰি মিঠাই জাতীয় বস্তু খাই থাকে তেনেহলে তেওঁৰ জীৱনলৈ সােনকালে বিপর্যয় অহাটো নিশ্চিত । সেয়েহে লােভক পাপ বুলি কোৱা হৈছে আৰু পাপ কৰোঁতাজনৰ মৃত্যু অৱধাৰিত বুলি মানুহৰ বিশ্বাস। 

প্রশ্ন ১৮। তুমি জনা দহবিধ থলুৱা মাছৰ নাম লিখা।

উত্তৰঃ দহবিধ থলুৱা মাছ হৈছে —১ ) পুঠি , ২ ) ডৰিকণা , ৩ ) খলিহা, ৪ ) শিঙৰা , ৫ ) কাৱৈ , ৬ ) গৰৈ , ৭ ) চেঙেলী , ৮ ) শিঙি , ৯ ) মাগুৰ আৰু ১০ ) শ’ল । 

প্রশ্ন ১৯। অসমৰ থলুৱা মাছবােৰ হ্রাস হৈ অহাৰ কাৰণ কি বুলি ভাবা লিখা । 

উত্তৰঃ জধে – মধে মাছৰ কণী নষ্ট কৰা , পােণামাছ মৰা , পৰিবেশ বিনষ্ট কৰা , আবাসভূমি বৃদ্ধি , খাল – বিল পুতি পেলােৱা আদি বিবিধ কাৰণত অসমৰ থলুৱা মাছৰ সংখ্যা হ্রাস হৈ আহিছে ।

প্রশ্ন২০। শব্দার্থ লিখা –

পাপৰি , আপ্লুত , অনাহুত , অসংলগ্ন , জীৱদ্দশাত , উদ্রেক , সন্তানবৎসল , অনাথ , সমাজিক ।

উত্তৰঃ পাপৰি ― ফুলৰ সৰু পাহি । 

         আপ্লুত ― অভিভূত হােৱা , নিমগ্ন হােৱা । 

         অনাহূত ― অবাঞ্ছিত , নিজে নিজে অহা । 

         অসংলগ্ন ― অমিল , অসংযত । 

          জীৱদ্দশাত ― জীৱন কালত , জীৱিত অৱস্থাত ।  

          উদ্রেক ― উদয় , মনত ওপজা , সঞ্চাৰ ৷ 

          সন্তানবৎসল ― সন্তানৰ প্রতি ভালপােৱা , স্নেহ । 

          অনাথ ― আশ্রয়হীন , অভিভাৱক নথকা , ৰখীয়া নথকা । 

          সমাজিক ― সপোন ।

Leave a Reply

error: Content is protected !!
Scroll to Top