🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Niketan Class 6 Social Chapter 22 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

Niketan Class 6 Social Chapter 22 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 22 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ and select need one.

Niketan Class 6 Social Chapter 22 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 22 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ Solutions for All Subjects, You can practice these here.

চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ

Chapter – 22

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। দুটা শব্দত উত্তৰ লিখা— 

( ক ) দুখন পুৰণি ভাৰতীয় ৰাজ্যৰ নাম । 

উত্তৰঃ মগধ , কনৌজ ।

( খ ) দুজন একনায়কৰ নাম । 

উত্তৰঃ হিটলাৰ , মুছ’লিনী । 

( গ ) দুখন সীমিত ৰাজতন্ত্রৰ নাম । 

উত্তৰঃ ভূটান , থাইলেণ্ড । 

( ঘ ) দুজন আহােম ৰজাৰ নাম । 

উত্তৰঃ চুকাফা , শিৱসিংহ । 

( ঙ ) দুখন গণতান্ত্রিক ৰাষ্ট্রৰ নাম । 

উত্তৰঃ ভাৰতবৰ্ষ , আমেৰিকা যুক্তৰাষ্ট্র । 

প্রশ্ন ২। দুই বা তিনিটা বাক্যত উত্তৰ লিখা— 

( ক ) চৰকাৰে আমাৰ বাবে কি কৰে ? 

উত্তৰঃ চৰকাৰে জনসাধাৰণৰ সর্বতাে প্রকাৰৰ কল্যাণ সাধন আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে কাম কৰে । আমাৰ নিৰাপত্তা , খােৱা – বােৱা , যােগান , শিক্ষা , স্বাস্থ্য , ঘৰ – দুৱাৰ , যাতায়াত , শান্তি – প্রগতি ৰক্ষা আদি বিভিন্ন কাম-কাজ চৰকাৰে সম্পাদন কৰে ।

( খ ) ভাৰতে কাৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল ? কিমান দিনৰ বাবে তেওঁলােকে আমাৰ দেশখন শাসন কৰিছিল ? 

উত্তৰঃ ভাৰতে ইংৰাজৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল । হংৰাজে আমাৰ দেশখন ২০০ বছৰ শাসন কৰিছিল । 

( গ ) ন্যায় বিভাগৰ কাম কি ? 

উত্তৰঃ এখন ৰাষ্ট্ৰত ন্যায় বিভাগে , বিচাৰ কার্য সম্পাদন কৰে । এই বিভাগে আইন বিভাগ আৰু কাৰ্যপালিকাৰ কামৰ ভাল – বেয়া বিচাৰ কৰি জনসাধাৰণক ন্যায় প্রদান কৰে । 

( ঘ ) একনায়কতন্ত্র মানে কি ? এনে শাসনৰ অধীনত ব্যক্তিৰ স্বাধীনতা থাকেনে ? 

উত্তৰঃ যিবিলাক দেশত এজন নেতাই দেশখনৰ শাসন কার্য পৰিচালিত কৰে , তেনে শাসন ব্যৱস্থাক একনায়কতন্ত্র বােলে ৷ এনে ব্যৱস্থাত নেতাগৰাকীয়ে জনস্বার্থতকৈ নিজ স্বার্থকহে গুৰুত্ব দিয়া দেখা যায় । 

একনায়কতন্ত্রত ব্যক্তিৰ স্বাধীনতা নাথাকে । 

প্রশ্ন ৩। ( ক ) পাঠটোত পােৱা ৫ টা মূল কথা বিচাৰি ৫ টা বাক্যত লিখা । 

উত্তৰঃ পাঠটোত ৫ টা মূল কথা হল— চৰকাৰ ৰাষ্ট্ৰ ব্যৱস্থাৰ প্রধান প্রশাসনীয় অনুষ্ঠান । আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত কেন্দ্রীয় চৰকাৰ , ৰাজ্যত ৰাজ্যিক আৰু স্থানীয় পর্যায়ত স্বায়ত্ত শাসিত পৰিষদ , পৌৰ নিগম , পৌৰসভা , পঞ্চায়ত আদি আছে । চৰকাৰী নীতি – নিয়মক আইন বােলা হয় । দেশৰ আইনসভাই এনে আইন প্রস্তুত কৰে । দেশৰ শাসনকার্য চলােৱা বিভাগটো হৈছে কাৰ্য পালিকা আৰু ভাল – বেয়া বিচাৰ কৰাৰ লগতে বিভিন্ন গােচৰ মীমাংসা কৰি জনগণক ন্যায় প্রদান কৰা বিভাগটো হৈছে বিচাৰ বিভাগ । 

( খ ) চৰকাৰৰ তিনিটা শাখাই কি কি কাম কৰে ? 

উত্তৰঃ চৰকাৰৰ তিনিটা শাখা হৈছে— আইন প্রণয়ন বিভাগ বা আইনপালিকা , কার্যপালিকা আৰু বিচাৰ বিভাগ । আইন পালিকাই দেশৰ শাসনৰ বাবে প্রয়ােজনীয় । আইন প্রণয়ন কৰে । কাৰ্যপালিকাই আইন প্রয়ােগ অর্থাৎ আইনমতে শাসন চলায় । আনহাতে , আইন বিভাগ আৰু কাৰ্যপালিকাৰ কামৰ ভাল – বেয়া বিচাৰ কৰাৰ লগতে আইনৰ সহায়ত গােচৰ মীমাংসা কৰি জনগণক ন্যায় দান কৰে বিচাৰ বিভাগে।

( গ ) আদিম মানুহে কিয় দল বান্ধি থাকিবলৈ ল’লে আৰু তাৰ ফলত কি কি হ’ল ? 

উত্তৰঃ মানুহ সমাজপ্রিয় প্রাণী । সমাজক বাদ দি মানুহ জীয়াই থাকিব নােৱাৰে । সমাজপ্রিয় স্বভাৱৰ বাবেই মানুহে দল বান্ধি থাকিবলৈ ল’লে । দল বান্ধি থকাৰ ফলত দলপতি বা মুৰব্বীৰ ধাৰণাৰ সৃষ্টি হ’ল আৰু মুৰব্বীৰ কথা দলটোৱে মানি চলিবলৈ ধৰিলে । দলবদ্ধ জীৱন – যাপনৰ ফলত সমাজত কিছুমান নীতি – নিয়মৰ সৃষ্টি হ’ল আৰু সমূহীয়া উন্নয়ন, নিৰাপত্তা আদিৰ বাবে কিছুমান ব্যৱস্থা হ’ল । লাহে লাহে দলবােৰ ডাঙৰ হ’ল আৰু কালক্ৰমত কেইবাটাও ডাঙৰ দল একত্রিত হৈ একোখন ৰাজ্য বা ৰাষ্ট্ৰ হ’ল । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) অতি চমু উত্তৰ দিয়া –

প্রশ্ন ১। চৰকাৰ কি ? 

উত্তৰঃ চৰকাৰ হৈছে ৰাষ্ট্ৰ ব্যৱস্থাৰ প্রধান প্রশাসনীয় অনুষ্ঠান যি জনসাধাৰণৰ কল্যাণৰ অৰ্থে কাম কৰে । 

প্রশ্ন ২। আহােমে অসমত কিমান বছৰ শাসন কৰিছিল ? 

উত্তৰঃ আহােমে অসমত একেৰাহে প্রায় ছশ বছৰ শাসন কৰিছিল । 

প্রশ্ন ৩। কুৰি শতিকাৰ জাৰ্মানীৰ ক্ষমতাশালী একনায়ক জনৰ নাম কি ? 

উত্তৰঃ কুৰি শতিকাৰ জার্মানীৰ ক্ষমতাশালী একনায়কজন হ’ল হিটলাৰ। 

প্রশ্ন ৪। ইটালীৰ ক্ষমতাশালী একনায়ক জনৰ নাম কি ? 

উত্তৰঃ ইটালীৰ ক্ষমতাশালী একনায়কজন আছিল মুছ’লিনী । 

প্রশ্ন ৫। ভাৰতবৰ্ষ কেতিয়া স্বাধীন হৈছিল ? 

উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হৈছিল । 

প্রশ্ন ৬। আধুনিক যুগত একনায়কৰ শাসন চলা কেইখনমান দেশৰ নাম লিখা । 

উত্তৰঃ ছৌদি আৰৱ , ব্রুনেই , ওমান , কাটাৰ আদিত এতিয়াও একনায়কৰ শাসন প্রচলিত আছে ।

প্রশ্ন ৭। ইংৰাজে আমাৰ দেশত কিমান বছৰ শাসন কৰিছিল ? 

উত্তৰঃ ইংৰাজে ভাৰতবৰ্ষত প্রায় ২০০ বছৰ শাসন কৰিছিল । 

প্রশ্ন ৮। আইন কাক বােলে ? 

উত্তৰঃ চৰকাৰী নীতি – নিয়মকে আইন বােলে । 

প্রশ্ন ৯। আইন কোনে তৈয়াৰ কৰে ? 

উত্তৰঃ চৰকাৰৰ আইন প্রণয়নকাৰী বিভাগ আইন পালিকাই আইন তৈয়াৰ কৰে । 

প্রশ্ন ১০। ভাৰতৰ আইনসভাখনৰ নাম কি ? 

উত্তৰঃ ভাৰতৰ আইন সভাখনৰ নাম সংসদ । ( সংসদৰ সদস্যসকলক সাংসদ বােলা হয় । ) 

প্রশ্ন ১১। কার্যপালিকাক কেইটা ভাগত ভগাব পাৰি ? 

উত্তৰঃ কাৰ্যপালিকাক দুটা ভাগত ভগাব পাৰি । 

প্রশ্ন ১২। আমাৰ দেশত নামমাত্র কার্যপালিকা কোন ? 

উত্তৰঃ আমাৰ দেশত নামমাত্র কার্যপালিকা হৈছে ৰাষ্ট্রপতি । 

প্রশ্ন ১৩। আমাৰ দেশত প্রকৃত কাৰ্যপালিকা কোন ? 

উত্তৰঃ আমাৰ দেশত প্রকৃত কাৰ্যপালিকা হৈছে মন্ত্রীপৰিষদ । 

( খ ) উত্তৰ লিখা –

প্রশ্ন ১। চৰকাৰৰ প্ৰধান কামবােৰ কি কি ? 

উত্তৰঃ চৰকাৰৰ প্ৰধান কামবােৰ হৈছে ৰাষ্ট্ৰ , ৰাজ্য বা একোটা একোটা এলেকাৰ শাসন চলােৱা , সেই এলেকাৰ উন্নয়নৰ বাবে কাম কৰা ; ইয়াৰ জনসাধাৰণক বহিঃশত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰা , আইন – শৃংখলা ৰক্ষা কৰা ইত্যাদি । 

প্রশ্ন ২। ৰাজতন্ত্র বুলিলে কি বুজা ? 

উত্তৰঃ ৰজাই চলােৱা শাসনক ৰাজতন্ত্র বােলে । এনে শাসন এজন লোকৰ দ্বাৰা পৰিচালিত । প্রাচীন কালত ৰাজ্যবােৰ সৰু আছিল , মানুহো বেছি নাছিল । আনহাতে সমস্যাসমূহাে জটিল নাছিল । এনে অৱস্থাত ৰাজতন্ত্রই বহুল প্রচলিত শাসন ব্যৱস্থা আছিল ।

প্রশ্ন ৩। অভিজাত তন্ত্র কাক বােলে ? 

উত্তৰঃ যি শাসন ব্যৱস্থাত ৰাজ্যৰ শাসনভাৰ কেইজনমান গুণী – জ্ঞানী ব্যক্তিয়ে গ্রহণ কৰে , তেনে শাসনক অভিজাত তন্ত্র বােলে । এই ব্যৱস্থা এজন ৰজাৰ শাসনতকৈ ভাল বুলি পৰিগণিত হৈছিল যদিও কালক্ৰমত এই ব্যৱস্থাৰ গুৰুত্ব কমি আহিল । 

প্রশ্ন ৪। গণতন্ত্র বুলিলে কি বুজা ? 

উত্তৰঃ গণতন্ত্র হৈছে জনগণে চলােৱা শাসন । এনে শাসন ব্যৱস্থাত ৰাইজেই ৰজা । গণ মানে জনগণ আৰু তন্ত্র মানে শাসন । এনে ব্যৱস্থাত দেশৰ চৰকাৰ বা শাসনযন্ত্ৰৰ ওপৰত সৰ্বসাধাৰণৰ নিয়ন্ত্রণ থাকে । বর্তমান সময়ৰ ৰাষ্ট্ৰবােৰ অতি জনবহুল হােৱা হেতুকে বর্তমান গণতান্ত্রিক শাসন ব্যৱস্থাত ৰাইজৰ দ্বাৰা নির্বাচিত প্রতিনিধিৰ শাসন অর্থাৎ পৰােক্ষ গণতন্ত্র প্রচলন বেছি দেখা যায় । 

প্রশ্ন ৫। কার্যপালিকা কাক বােলে ? কার্যপালিকাৰ ভাগকেইটাৰ বিষয়ে লিখা । 

উত্তৰঃ কাৰ্যপালিকা হৈছে চৰকাৰৰ আইন প্রয়ােগ অর্থাৎ আইন মতে শাসন চলােৱা বিভাগ । প্ৰকৃতাৰ্থত চৰকাৰৰ এই অংগটোৱেই দেশৰ শাসনকার্য চলায় । কাৰ্যপালিকাক দুটা ভাগত ভাগ কৰিব পাৰি । নামমাত্র কার্যপালিকা আৰু প্রকৃত কাৰ্যপালিকা । নামমাত্র কার্যপালিকা হৈছে দেশৰ নামমাত্র মুৰব্বী । নামমাত্র কার্যপালিকাৰ নামত দেশৰ শাসন কার্য চলে যদিও তেওঁ প্ৰকৃতাৰ্থত শাসন নকৰে । ভাৰতৰ ৰাষ্ট্ৰপতি নামমাত্র কাৰ্যপালিকাৰ এটা উদাহৰণ । আনহাতে , যি কাৰ্যপালিকাই প্ৰকৃতাৰ্থত দেশৰ শাসনকার্য চলায় তাকে প্রকৃত কাৰ্যপালিকা বােলে । ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ মন্ত্রীপৰিষদ দেশৰ প্রকৃত কাৰ্যপালিকা । কিছুমান দেশত প্রকৃত কাৰ্যপালিকা আৰু নামমাত্র কার্যপালিকাৰ মাজত বিভাজন পৰিলক্ষিত হয় । আনহাতে কিছুমান দেশত নামমাত্র কার্যপালিকা আৰু প্রকৃত কাৰ্যপালিকাৰ মাজত বিভাজন দেখা নাযায় ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Niketan Class 6 Social Chapter 22 চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top