Niketan Class 6 Social Chapter 21 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

Niketan Class 6 Social Chapter 21 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 21 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ and select need one.

Niketan Class 6 Social Chapter 21 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 21 কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ Solutions for All Subjects, You can practice these here.

কৃষি, উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ

Chapter – 21

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। মানুহৰ বৃত্তিসমূহ কি কি অর্থনৈতিক ক্ষেত্ৰৰ অন্তর্ভুক্ত ? 

উত্তৰঃ মানুহৰ বৃত্তিসমূহ তিনিটা অর্থনৈতিক ক্ষেত্ৰৰ অন্তর্ভুক্ত । সেইকেইটা হ’ল কৃষিখণ্ড , উদ্যোগখণ্ড আৰু সেৱাখণ্ড । 

প্রশ্ন ২। সেৱাখণ্ড বুলিলে কি বুজা ? সেৱাখণ্ডত প্রযুক্তিৰ প্ৰভাৱ আলােচনা কৰা ।

উত্তৰঃ সেৱাখণ্ড বুলি ক’লে আমি সেইবােৰ ব্যৱস্থাক বুজো যিবােৰে পােনপটীয়াকৈ কোনাে সামগ্রী উৎপাদন নকৰে যদিও পৰােক্ষভাৱে উৎপাদনত সহায় কৰে আৰু বিভিন্ন অভাৱ পূৰণ কৰে । 

সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ :- সেৱাখণ্ডত বর্তমান প্রযুক্তিৰ ব্যৱহাৰে গােটেই বিশ্বতে এক আলােড়ন সৃষ্টি কৰিছে । বর্তমান সেৱা কাৰ্যৰ ক্ষেত্ৰত অতি ব্যাপকভাৱে প্ৰযুক্তিৰ ব্যৱহাৰ হ’বলৈ লৈছে । সকলাে ধৰণৰ সেৱা কার্য এই ক্ষেত্ৰৰ অন্তর্ভুক্ত । 

কেইটামান সেৱা কার্যত প্রযুক্তিৰ ব্যৱহাৰ — 

( ক ) শিক্ষা সেৱাত প্রযুক্তিৰ ব্যৱহাৰ :- বর্তমান শিক্ষা ব্যৱস্থাত নতুন নতুন প্রযুক্তিৰ প্রয়ােগ হ’বলৈ ধৰিছে । শিক্ষা ব্যৱস্থাটো কেৱল শিক্ষক আৰু বিদ্যালয়ৰ মাজত আৱদ্ধ হৈ নাথাকি বিভিন্ন মাধ্যমেৰে শিক্ষাদানৰ ব্যৱস্থা আৱিষ্কৃত হৈছে । বর্তমান বিভিন্ন দৃশ্য – শ্রাব্য , সামগ্ৰীৰ জৰিয়তে ঘৰতে বহি শিক্ষা লাভ কৰিব পৰা গৈছে । ৰেডিঅ’, টেলিভিছনৰ বিভিন্ন কার্যসূচী , অডিঅ ’ টেপ , ভিডিঅ ’ টেপ আদিৰ জৰিয়তে শ্ৰেণীকোঠাত তথা ঘৰতে বহি বহুতাে দিশত শিক্ষা লাভ কৰিব পাৰি । আজি-কালি শিক্ষাৰ কাৰ্যসূচীত ইণ্টাৰনেট , কম্পিউটাৰ , প্রজেক্টৰ আদিৰ ব্যৱহাৰ দ্রুতগতিত বৃদ্ধি পাইছে । এইদৰে প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত শিক্ষা ব্যৱস্থাত ব্যাপক পৰিৱৰ্তন সাধন হৈছে । 

( খ ) চিকিৎসা সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰ :- চিকিৎসা সেৱাৰ ক্ষেত্ৰত ব্যাপকভাৱে প্রযুক্তিৰ ব্যৱহাৰ হ’বলৈ ধৰিছে । প্রযুক্তিৰ ব্যৱহাৰৰ ফলত চিকিৎসা সেৱাই চমকপ্রদ সফলতা লাভ কৰিছে । বিভিন্ন দুৰাৰােগ্য ৰােগৰ ঔষধ আৱিষ্কাৰ হৈছে । বসন্ত , প্লেগ , কলেৰা আদি মহামাৰীসমূহ নিয়ন্ত্রিত হৈছে । শল্য চিকিৎসাৰ ক্ষেত্ৰত হােৱা উন্নতিৰ বাবে হৃৎপিণ্ড , বৃক্ক , মগজু আদি শৰীৰৰ অতি গুৰুত্বপূর্ণ অংগৰ অস্ত্রোপচাৰ কৰিব পৰা হৈছে । আনকি এজন লােকৰ বৃক্ক , চকু , হৃৎপৃণ্ড আদি আন এজন লােকৰ শৰীৰত স্থাপন কৰাটোও সম্ভৱ হৈছে । কৃত্রিম অংগ তৈয়াৰ কৰি পংগু লােক শৰীৰত সেইবােৰ সংযােগ কৰি তেওঁলােকৰ শাৰীৰিক অক্ষমতা হ্রাস কৰাৰ ব্যৱস্থা কৰা হৈছে । সেইদৰে দৃষ্টিশক্তি হ্রাস পােৱা লােকৰ বাবে চশমা , কাণেৰে নুশুনা লােকৰ বাবে শ্ৰৱণ সহায়ক যন্ত্ৰ আৰু হৃদপিণ্ড দুর্বল হােৱা লােকৰ বাবে পেছমেকাৰ ব্যৱহাৰ হ’বলৈ ধৰিছে । এই সকলােবােৰ সম্ভৱ হৈছে চিকিৎসা সেৱাত ব্যৱহাৰ হােৱা নতুন প্রযুক্তিৰ বাবে । 

( গ ) পৰিৱহন সেৱাত প্রযুক্তিৰ ব্যৱহাৰ :- প্রযুক্তিৰ ব্যৱহাৰে বর্তমান সময়ত পৰিবহন অতি সহজ আৰু খৰতকীয়া কৰি তুলিছে । পৰিবহন কেইবা প্ৰকাৰৰ — পথ পৰিবহন , জল পৰিবহন আৰু আকাশী পৰিবহন । পৰিবহনৰ ক্ষেত্ৰত চকাৰ আৱিষ্কাৰ এটা উল্লেখনীয় অৱদান।চাইকেল , ৰিক্সা , বাছ , মটৰগাড়ী , ৰেল গাড়ী আদিৰ সহায়ত মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা হ’ল । 

উৰাজাহাজেৰে মানুহ এখন ঠাইৰ পৰা আন এখন বহু দূৰৰ ঠাইলৈ অতি কম সময়তে যাব পৰা হ’ল । জাহাজেৰে নদী , সাগৰ , মহাসাগৰৰ বুকুৰে গধুৰ বস্তুবােৰ অনা – নিয়া কৰিব পৰা হ’ল । এইদৰে পৰিবহন ব্যৱস্থাই মানুহৰ যাত্রা সুচল কৰাৰ উপৰি কেঁচামাল , খাদ্য – দ্রব্য আদি অনা – নিয়াত সহায় কৰে । এইদৰে উন্নত পৰিবহন ব্যৱস্থাই গােটেই পৃথিৱীখনকে ওচৰ চপাই গ্ন’বেল ভিলেজত পৰিণত কৰিছে । 

( ঘ ) যােগাযােগ সেৱাত প্রযুক্তিৰ ব্যৱহাৰ :- যােগাযােগ সেৱাত প্ৰযুক্তিৰ ব্যৱহাৰে গােটেই বিশ্বতে এক নতুন যুগৰ সূচনা কৰিছে । আগৰ দিনত মানুহে নিজে গৈ বা চিঠিৰ মাধ্যমত যােগাযােগ কৰিছিল । কিন্তু এতিয়া যােগাযোগ নতুন নতুন মাধ্যমৰ দ্বাৰা আমি ঘৰতে বহি বিশ্বৰ বিভিন্ন প্রান্তত কি কি ঘটনা ঘটি আছে তাক জানিব পাৰোঁ । কৃত্রিম উপগ্রহৰ আৱিষ্কাৰ তথা স্থাপনৰ পিছত মানুহে ম’বাইল ফোন , টেলিভিছন , কম্পিউটাৰ , ইণ্টাৰনেট আদিৰ যােগেদি দেশ – বিদেশৰ বিভিন্ন বা বাতৰি ঘৰতে বহি লাভ কৰাৰ উপৰি বিভিন্ন জনৰ লগত কথা-বার্তা পাতিব পৰা হ’ল । ই – মেইলৰ যােগেদি যিকোনাে খবৰ , ছবি পঠিয়াব পৰা হ’ল । ফেক্স মেচিনৰ সহায়ত তথ্যৰ প্রতিলিপি অইন ঠাইলৈ প্ৰেৰণ কৰিব পৰা হ’ল । 

মুঠৰ ওপৰত আধুনিক প্রযুক্তিয়ে যােগাযােগ ব্যৱস্থাক এনে এটা পর্যায়লৈ লৈ গৈছে যে গােটেই পৃথিৱীখনেই আমাৰ হাতৰ মুঠিত উপলব্ধ হৈছে । 

( ঙ ) বেংক সেৱা আৰু প্ৰযুক্তি :- বেংক হৈছে এটা বিত্তীয় প্রতিষ্ঠান য’ত আমি টকা – পইচা জমা থ’ব আৰু উলিয়াব পাৰে । আজি-কালি নতুন নতুন প্রযুক্তি প্রয়ােগে বেংকৰ কাম – কাজ সুচল আৰু খৰতকীয়া কৰি তুলিছে । যেনে— এন ই এফ টি ( National Electronic Fund Transfer ) ৰ সহায়ত এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ মুহূৰ্তৰ ভিতৰতে পইচা পঠিয়াব পাৰি। এ টি এম ( Automated Teller Machine ) ৰ সহায়ত আমি বেংকলৈ নােযােৱাকৈ নিজৰ একাউণ্টৰ পৰা পইচা উলিয়াব পাৰোঁ । ডেবিট কার্ড ( Debit Card ) ৰ সহায়ত হাতত পইচা নােহােৱাকৈও বিভিন্ন সামগ্রী কিনিব পাৰি । আজি-কালি বেংকে এছ .এম .এছ ( SMS ) ৰ জৰিয়তে গ্রাহকক তেওঁলােকৰ টকা জমা আৰু উলিওৱা সম্পর্কে জনােৱাৰ ব্যৱস্থাও হৈছে ।

প্রশ্ন ৩। কুটীৰ উদ্যোগ কাক বােলে ? 

উত্তৰঃ যিবােৰ শিল্প কম মূলধনেৰে ঘৰুৱাভাৱে প্রতিষ্ঠা কৰিব পাৰি আৰু যন্ত্রৰ ব্যৱহাৰ কম হয় তেনে শিল্প বা উদ্যোগক কুটীৰ শিল্প বােলে । যেনে — হস্ততাঁত শিল্প , বাঁহ শিল্প , কাঁহ – পিতলৰ উদ্যোগ আদি । 

প্রশ্ন ৪। আমাৰ দেশত থকা দুটা বৃহৎ উদ্যোগৰ নাম লিখা । 

উত্তৰঃ আমাৰ দেশত থকা দুটা বৃহৎ উদ্যোগ হ’ল – লাে – তীখা উদ্যোগ, তেল উদ্যোগ । 

প্রশ্ন ৫। পৰিবহন কেইপ্রকাৰৰ আৰু কি কি ? 

উত্তৰঃ পৰিবহন তিনি প্রকাৰৰ — পথ পৰিবহন , জল পৰিবহন আৰু আকাশী পৰিবহন । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) অতি চমু প্ৰশ্নোত্তৰ :-

প্রশ্ন ১। উদ্যোগ কাক বােলে ? 

উত্তৰঃ যি প্রতিষ্ঠানে কাৰিকৰী কৌশল আৰু প্রযুক্তি খটুৱাই প্রাকৃতিক আৰু কৃষিজাত সামগ্ৰীসমূহ আমাৰ উপভােগ্য সামগ্রীলে ৰূপান্তৰ কৰে , তাকে উদ্যোগ বােলে । 

প্রশ্ন ২। উদ্যোগৰ প্ৰকাৰ কেইটা কি কি ? 

উত্তৰঃ উদ্যোগৰ প্ৰকাৰকেইটা হ’ল — বৃহৎ উদ্যোগ , মজলীয়া উদ্যোগ, ক্ষুদ্র উদ্যোগ আৰু কুটিৰ উদ্যোগ । 

প্রশ্ন ৩। সেৱাখণ্ড বুলিলে কি বুজা ? 

উত্তৰঃ সেৱাখণ্ড বুলি ক’লে আমি সেইবােৰ ব্যৱস্থাক বুজো যিবােৰে পােনপটীয়াকৈ কোনাে সামগ্রী উৎপাদন নকৰে যদিও পৰােক্ষভাৱে উৎপাদনত সহায় কৰে আৰু আমাৰ বিভিন্ন অভাৱ পূৰণ কৰে । 

প্রশ্ন ৪। কৃষিষণ্ডৰ লগত জড়িত বৃত্তিসমূহ কি কি ? 

উত্তৰঃ কৃষিখণ্ডৰ লগত জড়িত বৃত্তিসমূহ হ’ল— খেতি – বাতি , পশুপালন , মীন পালন , দুগ্ধ উৎপাদন ইত্যাদি । 

প্রশ্ন ৫। উদ্যোগ খণ্ডৰ লগত জড়িত বৃত্তিসমূহ কি কি ? 

উত্তৰঃ উদ্যোগখণ্ডৰ লগত জড়িত বৃত্তিসমূহ হ’ল — চাহ উদ্যোগ , কাগজ উদ্যোগ , বস্ত্ৰ উদ্যোগ , তেল উদ্যোগ , মৰাপাট উদ্যোগ , লাে – তীখা উদ্যোগ , বাঁহ – বেত উদ্যোগ , কাঁহ – পিতল উদ্যোগ ইত্যাদি । 

প্রশ্ন ৬। সেৱাখণ্ডৰ লগত জড়িত বৃত্তিসমূহ কি কি ? 

উত্তৰঃ সেৱাখণ্ডৰ লগত জড়িত বৃত্তিসমূহ হ’ল— শিক্ষা , চিকিৎসা , যােগাযােগ পৰিবহন , বেংক , বীমা , আইন , ওকালতি ইত্যাদি ।

প্রশ্ন ৭। ‘ সেউজ বিপ্লৱ ‘ বুলিলে কি বুজা ? 

উত্তৰঃ নিশ্চিত পানী যােগান , উচ্চ উৎপাদনক্ষম বীজৰ ব্যৱহাৰ , ৰাসায়নিক সাৰৰ প্ৰয়ােগ আৰু আধুনিক কৃষি সঁজুলিৰ ব্যৱহাৰৰ ফলত ভাৰতৰ পঞ্জাৱ , হাৰিয়ানা , উত্তৰ প্ৰদেশ আদি ঠাইত কৃষি উৎপাদনৰ ক্ষেত্ৰত যি বিপ্লৱৰ সূচনা হৈছে , সেই বিপ্লৱক ‘ সেউজ বিপ্লৱ ’ বােলা হয় । 

প্রশ্ন ৮। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত প্রযুক্তিয়ে কেনেধৰণৰ ভূমিকা পালন কৰিছে লিখা । 

উত্তৰঃ বেপাৰ – বাণিজ্যৰ ক্ষেত্ৰত প্রযুক্তিয়ে এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে । বাণিজ্য সম্পর্কীয় আৱশ্যকীয় তথ্যপাতি অতি সহজতে প্রযুক্তিৰ সহায়ত পাব পৰা হৈছে । বর্তমান প্রযুক্তিৰ ব্যৱহাৰৰ ফলত বাণিজ্যিক লেনদেন কৰা অতি সহজ হৈ পৰিছে । ফলত বাণিজ্য সম্প্রসাৰণ হৈছে আৰু মানুহৰ আয় বৃদ্ধি হৈছে আৰু জীৱনৰ মান ক্ৰমাৎ উন্নত হৈছে ৷ 

প্রশ্ন ৯। এন. ই. এফ. টি. কি ? 

উত্তৰঃ এন. ই. এফ. টি. অর্থাৎ National Electronic Fund Transfer হৈছে – বেংক সেৱাকার্যত ব্যৱহৃত এটা ব্যৱস্থা । উন্নত প্রযুক্তিগত এই ব্যৱস্থাৰ জৰিয়তে বেংকৰ এটা একাউণ্টৰ পৰা আন এটা একাউণ্টলৈ মুহূৰ্তৰ ভিতৰতে পইচা পঠিয়াব পাৰি । 

প্রশ্ন 0। এ. টি. এম. কি ? 

উত্তৰঃ এ. টি. এম. অর্থাৎ Automated Teller Machine হৈছে – এনে এটা ব্যৱস্থা যাৰ জৰিয়তে আমি বেংকলৈ নােযােৱাকৈয়ে নিজৰ একাউণ্টৰ পৰা পইচা উলিয়াব পাৰো । 

প্রশ্ন ১। খালী ঠাই পূৰ কৰা –

( ক ) ………………ৰ ব্যৱহাৰে বর্তমান সময়ত পৰিবহন অতি সহজ আৰু খৰতকীয়া কৰি তুলিছে । 

উত্তৰঃ প্রযুক্তিৰ ব্যৱহাৰে বর্তমান সময়ত পৰিবহন অতি সহজ আৰু খৰতকীয়া কৰি তুলিছে । 

( খ ) পৰিবহনৰ ক্ষেত্ৰত ………………… ৰ আৱিষ্কাৰ এটা উল্লেখনীয় অৱদান । 

উত্তৰঃ পৰিবহনৰ ক্ষেত্ৰত চকাৰ আৱিষ্কাৰ এটা উল্লেখনীয় অৱদান । 

( গ ) উন্নত পৰিবহন ব্যৱস্থাই গােটেই ……………….. কে ওচৰ চপাই ‘ গ্লোবেল ভিলেজ’ত পৰিণত কৰিছে । 

উত্তৰঃ উন্নত পৰিবহন ব্যৱস্থাই গােটেই পৃথিৱীকে ওচৰ চপাই ‘ গ্লোবেল ভিলেজ ‘ ত পৰিণত কৰিছে। 

( ঘ ) ……………….. মেচিনৰ সহায়ত তথ্য প্রতিলিপি অইন ঠাইলৈ প্ৰেৰণ কৰিব পৰা হ’ল । 

উত্তৰঃ ফেক্স মেচিনৰ সহায়ত তথ্যৰ প্রতিলিপি অইন ঠাইলৈ প্ৰেৰণ কৰিব পৰা হ’ল ।

( ঙ ) প্রযুক্তিৰ সুফল লাভ কৰিবলৈ শিক্ষা আৰু ……………….. ৰ আৱশ্যক । 

উত্তৰঃ প্রযুক্তিৰ সুফল লাভ কৰিবলৈ শিক্ষা আৰু প্ৰশিক্ষণৰ আৱশ্যক ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top