Niketan Class 6 Social Chapter 10 আদি প্রস্তৰ যুগ

Niketan Class 6 Social Chapter 10 আদি প্রস্তৰ যুগ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Social Chapter 10 আদি প্রস্তৰ যুগ and select need one.

Niketan Class 6 Social Chapter 10 আদি প্রস্তৰ যুগ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Social Chapter 10 আদি প্রস্তৰ যুগ Solutions for All Subjects, You can practice these here.

আদি প্রস্তৰ যুগ

Chapter – 10

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। অতি চমুকৈ উত্তৰ লিখা— 

( ক ) কেতিয়াৰ পৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল ? 

উত্তৰঃ ইতিহাসে ঢুকি নােপােৱা কালৰে পৰা পৃথিৱীত মানুহৰ বসতি আৰম্ভ হৈছিল ।

( খ ) মানব সভ্যতাৰ আদিম স্তৰটোক কি যুগ হিচাবে নামকৰণ কৰা হৈছে ? 

উত্তৰঃ মানব সভ্যতাৰ আদিম স্তৰটোক আদি প্রস্তৰ যুগ হিচাপে নামকৰণ কৰা হৈছে । 

( গ ) আদিম যুগৰ মানুহে ক’ত বাস কৰিছিল ? 

উত্তৰঃ আদিম যুগৰ মানুহে গছৰ তলত বা গুহাত বাস কৰিছিল । 

( ঘ ) আদি প্রস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা সঁজুলি আৰু অস্ত্র-শস্ত্রবােৰ কেনেকুৱা আছিল ? 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা সঁজুলিবােৰ শিলেৰে তৈয়াৰী গঢ় গতি নােহােৱা ভােটা আৰু খহটা আছিল । 

প্রশ্ন ২ঃ খালী ঠাই পূৰকৰা— 

( ক ) আদি প্রস্তৰ যুগৰ মানুহবোৰ আছিল …………….। 

উত্তৰঃ অঘৰী । 

( খ ) আদি প্রস্তৰ যুগৰ মানুহে গছৰ তলত বা …………….. বাস কৰিছিল । 

উত্তৰঃ গুহাত । 

( গ ) আদিম যুগৰ মানুহবােৰ প্ৰধানকৈ আছিল চিকাৰীবা ……………….।

উত্তৰঃ খাদ্য সংগ্রহকাৰী । 

( ঘ ) আদি প্রস্তৰ যুগৰ মানুহে খাদ্যবস্তুবিলাক ……………….. খাইছিল। 

উত্তৰঃ কেচাই । 

( ঙ ) সম্ভৱতঃ এইযুগত ……………….. সৎকাৰ কৰাৰ ব্যৱস্থা নাছিল। 

উত্তৰঃ শৱদেহ । 

প্রশ্ন ৩ঃ শুদ্ধ বাক্যটোত বাছি উলিওৱা –

( ক ) আদি প্রস্তৰ যুগৰ মানুহবােৰে বিভিন্ন ধাতুৰ অস্ত্র-শস্ত্র আৰু সঁজুলি তৈয়াৰ কৰি লৈছিল । 

উত্তৰ অশুদ্ধ । 

( খ ) আদি প্রস্তৰ যুগৰ মানুহে চিকাৰৰ সন্ধানত বা খাদ্য বিচাৰি সঘনে ঠাই সলনি কৰিবলগীয়া হৈছিল । 

উত্তৰঃ শুদ্ধ ।

( গ ) জুইৰ আৱিষ্কাৰ আৰু ব্যৱহাৰে মানৱ সভ্যতাৰ বহুতাে পৰিৱৰ্তন আনে । 

উত্তৰঃ শুদ্ধ ।

( ঘ ) আদি প্রস্তৰ যুগৰ মানুহে সােণ , ৰূপ , তাম আদিৰ আ – অলংকাৰ পৰিধান কৰিছিল । 

উত্তৰঃ অশুদ্ধ । 

( ঙ ) আদি প্রস্তৰ যুগৰ অধিবাসীসকলৰ জীৱন – যাপন বৰ কষ্টকৰ আছিল । 

উত্তৰঃ শুদ্ধ ।

প্রশ্ন ৪। আদি প্রস্তৰ যুগৰ মানুহৰ অস্ত্র-শস্ত্ৰ আৰু সঁজুলিৰ বিষয়ে এটি টোকা লিখা 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে খহটা শিলেৰে তৈয়াৰ কৰি লােৱা অস্ত্র শস্ত্রবােৰৰ কোনাে গঢ় – গতি নাছিল । এইবােৰ ভােটা আকৃতিৰ আৰু খহটা আছিল । আদি প্রস্তৰ যুগৰ মানুহে শিলৰ বাহিৰে অন্য কোনাে ধাতু ব্যৱহাৰ নাজানিছিল । সেইবাবে শিলেৰেই তেওঁলােকে বিভিন্ন সঁজুলি আৰু অস্ত্র – শস্ত্র তেওঁলােকৰ কামত অহাকৈ গঢ় দি লৈছিল । অস্ত্র – শস্ত্ৰৰ দৰে সেই সময়ৰ সঁজুলিবোৰাে ভােটা আৰু খহটা আছিল । শিলৰ উপৰি জীৱ – জন্তুৰ হাড় , দাঁত , শিং আদিও সঁজুলি হিচাপে ব্যৱহাৰ কৰিছিল। চিকাৰ কৰা , মৃত জীৱ – জন্তুৰ ছাল এৰুওৱা , ফল – মূল কটা , হিংস্র জন্তুৰ পৰা আত্ম ৰক্ষা কৰা আদি বিভিন্ন কামত তেওঁলােকে এই সঁজুলি আৰু অস্ত্র – শস্ত্র ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ৫। আদি প্রস্তৰ যুগৰ মানুহে কি কি কাৰণত ঠাই সলনি কৰিছিল সেই সম্পর্কে লিখা । 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহবােৰ আছিল অঘৰী । এই যুগৰ মানুহে ঘৰ সাজি বাস কৰিব নাজানিছিল । মানুহে তেতিয়া গছৰ তলত বা , গুহাত বাস কৰিছিল । সেয়ে তেওঁলােকৰ কোনাে স্থায়ী বসতি নাছিল । আকৌ আদি প্রস্তৰ যুগৰ মানুহে নিজে খাদ্য বস্তুও উৎপাদন আৰু প্ৰস্তুত কৰি ল’ব নাজানিছিল । তেওঁলােক আছিল প্রধানকৈ চিকাৰী অথবা খাদ্য সংগ্রহকাৰী । তেওঁলােকে বনৰীয়া জীৱ – জন্তু চিকাৰ কৰি , মাছ ধৰি , গছৰ ফল – মূল সংগ্রহ কৰি খাদ্যৰ যােগাৰ কৰিছিল । সেয়েহে তেওঁলােকে চিকাৰৰ সন্ধানত বা খাদ্য বিচাৰি সঘনে ঠাই সলনি কৰিব লগা হৈছিল । 

প্রশ্ন ৬। ‘আদি প্রস্তৰ যুগৰ মানুহৰ জীৱন যাপন বৰ কষ্টকৰ আছিল ।’ – কথাষাৰৰ যুক্তিযুক্ততা নিৰূপণ কৰা । 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে হাবি – বননিৰ মাজত অঘৰী জীৱন – যাপন কৰিছিল । তেওঁলােকে নিজে ঘৰ সাজি বাস কৰিব নাজানিছিল আৰু নিজে খাদ্যবস্তু প্রস্তুত আৰু উৎপাদন কৰি ল’বও নাজানিছিল । সেয়েহে তেওঁলােকে খাদ্যবস্তু সংগ্রহ আৰু চিকাৰ কৰিবৰ বাবে হাবিৰ মাজত এঠাইৰ পৰা আন এঠাইলৈ ঘূৰি ফুৰিবলগা হৈছিল । এনেদৰে হাবিয়ে – বননিয়ে ঘূৰি ফুৰোঁতে তেওঁলােক বিভিন্ন প্রাকৃতিক দুর্যোগ যেনে – বতাহ বৰষুণ , ধুমুহা – বজ্রপাত , শিল – বৰষুণ , বনজুই আদিৰ সন্মুখীন হ’বলগা হৈছিল । তদুপৰি অঘৰী জীৱনত আদিম মানুহে অৰণ্যৰ মাজত নানা ধৰণৰ হিংস্র জন্তুৰ আক্ৰমণৰ মুখামুখি হ’বলগীয়া হৈছিল । এনে হিংস্র জন্তুৰ আক্ৰমণত কোনােজনৰ মৃত্যুও হৈছিল । গতিকে ক’ব পাৰি যে , আদি প্রস্তৰ যুগৰ মানুহৰ জীৱন যাপন বৰ কষ্টকৰ আছিল । 

প্রশ্ন ৭। আদি প্রস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা কেইবিধমান সঁজুলিৰ নাম লিখা । 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা কেইবিধমান সঁজুলি হল — খহটা শিলেৰে তৈয়াৰী ভােটা আকৃতিৰ শিল , জীৱ – জন্তুৰ হাড় , দাঁত , শিং আদি । 

অতিৰিক্ত প্ৰশ্নোত্তৰ

( ক ) তলৰ প্ৰশ্নবােৰৰ অতি চমুকৈ উত্তৰ দিয়া – 

প্রশ্ন ১। প্রস্তৰ মানে কি ? 

উত্তৰঃ প্রস্তৰ মানে শিল । 

প্রশ্ন ২। কোনখিনি সময়ক প্রস্তৰ যুগ বুলি কোৱা হয় ? 

উত্তৰঃ যি কালত মানুহে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল সেই কালটোকেই প্রস্তৰ যুগ বুলি কোৱা হয় । 

প্রশ্ন ৩। আদি প্রস্তৰ যুগৰ মানুহে কিদৰে খাদ্যৰ যােগাৰ কৰিছিল ? 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে বনৰীয়া জীৱ – জন্তু চিকাৰ কৰি , মাছ ধৰি , গছৰ ফল – মূল সংগ্রহ কৰি খাদ্যৰ যােগাৰ কৰিছিল । 

প্রশ্ন ৪। আদি প্রস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা অস্ত্রশস্ত্র আৰু সঁজুলিবােৰ কিহেৰে নির্মিত ? 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে ব্যৱহাৰ কৰা অস্ত্র – শস্ত্ৰ আৰু সঁজুলিবােৰ শিলেৰে নির্মিত আছিল ।

প্রশ্ন ৫। আদি প্রস্তৰ যুগৰ মানুহে কেনেধৰণৰ সাজ – পাৰ পিন্ধিছিল ? 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে গছৰ বাকলি আৰু জীৱ – জন্তুৰ ছালৰে তৈয়াৰী সাজ – পাৰ পিন্ধিছিল । 

প্রশ্ন ৬। আদি প্রস্তৰ যুগৰ মানুহে কেনে ধৰণৰ আং – অলংকাৰ পৰিধান কৰিছিল ? 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে বিভিন্ন জন্তুৰ হাড় , দাঁত , খােলা আৰু শিলেৰে তৈয়াৰী আং – অলংকাৰ পৰিধান কৰিছিল । 

প্রশ্ন ৭। আদি প্রস্তৰ যুগৰ মানুহবােৰ দেখাত কেনেকুৱা আছিল ? 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহবােৰ দেখাত চুটি – চাপৰ , ক’লা বৰণৰ , চেপেটা নাকৰ আৰু গােটেই শৰীৰ নােমেৰে আগুৰা আছিল । 

( খ ) তলৰ প্রশ্নবােৰৰ চমুকৈ উত্তৰ দিয়া – 

প্রশ্ন ১। প্রস্তৰ যুগক কি কি ভাগত ভাগ কৰা হৈছে লিখা । 

উত্তৰঃ প্রস্তৰ যুগৰ সঁজুলি আৰু অস্ত্র – শস্ত্ৰৰ আকৃতি আৰু নির্মাণ কৌশলৰ ওপৰত ভিত্তি কৰি এই যুগক দুভাগত বিভক্ত কৰা হৈছে । এইভাগ দুটা হ’ল — আদি প্রস্তৰ যুগ আৰু নৱপ্রস্তৰ যুগ । 

খহটা শিলেৰে তৈয়াৰী গঢ় – গতি নােহাৱা ভােটা আকৃতিৰ সঁজুলি আৰু অস্ত্র শস্ত্র ব্যৱহাৰ কৰা যুগটোক আদি প্রস্তৰ যুগ বােলা হয় । আনহাতে , অস্ত্র – শস্ত্ৰ আৰু সঁজুলিবােৰ সুন্দৰ ৰূপে গঢ়ি – পিতি মানুহে যেতিয়া ব্যৱহাৰৰ অধিক উপযােগী কৰি ল’বলৈ শিকিলে , সেই যুগটোক নৱপ্রস্তৰ যুগ বােলা হয় ।

প্রশ্ন ২। আদি প্রস্তৰ যুগৰ মানুহে সঁজুলি আৰু অস্ত্র-শস্ত্রবােৰ কি কি কামত ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ আদি প্রস্তৰ যুগৰ মানুহে চিকাৰ কৰা , মৃত জীৱ – জন্তুৰ ছাল এৰুওৱা , ফল – মূল কটা , হিংস্র জন্তুৰ পৰা আত্মৰক্ষা কৰা আদি বিভিন্ন কামত সঁজুলি আৰু অস্ত্রশস্ত্ৰবােৰ ব্যৱহাৰ কৰিছিল । 

প্রশ্ন ৩। আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্যবােৰ কি কি আছিল ? 

উত্তৰঃ আদিম মানুহে সঁজুলি ব্যৱহাৰ কৰাৰ মূল উদ্দেশ্য আছিল— 

( ক ) খাদ্যবস্তু সংগ্রহ আৰু চিকাৰ কৰিবৰ বাবে । আৰু 

( খ ) অঘৰী জীৱনত হাবিয়ে-বননিয়ে ঘূৰি ফুৰােতে হিংস্র জীৱ – জন্তুৰ আক্ৰমণৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top