⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Niketan Class 6 Science Chapter 10 পানী

Niketan Class 6 Science Chapter 10 পানী is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Science Chapter 10 পানী and select need one.

Niketan Class 6 Science Chapter 10 পানী

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class VI Science Chapter 10 পানী Solutions for All Subjects, You can practice these here.

পানী

Chapter – 10

বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

১। কি কি কামত পানীৰ প্ৰয়োজন হয় ?

 উত্তৰ: পানীৰ প্ৰয়োজন হোৱা কামবোৰ হ’ল –

(ক) কাপোৰ ধোৱাৰ বাবে পানী লাগে।

(খ) বাচন বৰ্তন ধোৱাৰ বাবে পানী লাগে ৷

(গ) ভাত, আঞ্জা ৰন্ধাৰ বাবে পানী লাগে ৷

(ঘ) চাহ বনোৱাৰ বাবে পানী লাগে।

(ঙ) গা-ধোৱাৰ বাবে পানীৰ প্ৰয়োজন।

(চ) যিকোনো বস্তু পৰিস্কাৰ কৰিবলৈ পানী লাগে।

(ছ) মটৰ, বাইক, গাড়ী ধুবলৈ পানী লাগে।

(জ) ঘৰৰ মজিয়া পৰিস্কাৰ কৰাৰ বাবে পানী লাগে।

(ঝ) ঘৰ নিৰ্মাণৰ বাবে পানী লাগে।

(ঞ) ফুলৰ টাব আৰু শাক-পাচলিৰ খেতিৰ বাবেও পানীৰ প্ৰয়োজন হয় ইত্যাদি।

২। পানীৰ আন এটা নাম জীৱন কিয় ?

উত্তৰ: আমি যিদৰে বায়ু নহ’লে জীয়াই থাকিব নোৱাৰো ঠিক তেনেদৰে পানী নহ’লেও জীয়াই থকা সম্ভৱ নহয়।দিনটোৰ প্ৰায় প্ৰতিটো কামৰ বাবেই আমাক পানীৰ প্ৰয়োজন হয়। আমাৰ খাদ্য তৈয়াৰ কৰিবলৈও পানীৰ প্রয়োজন ৷ তাৰোপৰি গা ধোৱা, কাপোৰ ধোৱা, দালি চাউল, শাক-পাচলি ধুবলৈ পানীৰ প্ৰয়োজন। মুঠতে পানী অবিহনে প্রাণীৰ জীৱন অসম্ভৱ। সেয়েহে কোৱা হয় পানীৰ আন এটা  নাম জীৱন।

৩। পানীত কি কি বীজাণু থাকে ?

উত্তৰ: পানীত বেক্টেৰিয়া, ভাইৰাচ, প্ৰ’ট’জ’ৱা আদি বীজাণু থাকে।

৪। পানী দূষিত হোৱাৰ কাৰণ কি কি ?

উত্তৰ: পানী দূষিত হোৱা কাৰণবোৰ হ’ল –

(ক) অপৰিস্কাৰ ঠাইৰ পানী দূষিত হয়।

(খ) কুৱাৰ পানীত জাবৰ-জোঁথৰ পৰিলে পানী দূষিত হয় ৷

(গ) নলা, নর্দমাৰ পৰা বেয়া পানী ওচৰৰ কুৱা বা নাদত সোমালে পানী দূষিত হয়।

(ঘ) দমকলৰ পানী ৰাসায়নিক দ্রব্য মিহলি হোৱাৰ ফলত দূষিত হয়।

(ঙ) চৰকাৰে যোগান ধৰা টেপৰ পানীত অতিৰিক্ত ব্লিচিং পাউডাৰ দ্ৰৱীভূত হৈ থাকিলেও পানী দূষিত হয়।

৫। পানী চক্র কাক বোলে বুজাই লিখা।

উত্তৰ: সূৰ্য্যৰ তাপত ভূ-পৃষ্ঠৰ পানী ভাপ হৈ ওপৰলৈ গুচি যায়।নদ নদী, খাল, বিল, পুখুৰী, জলাহ আদিৰ পানী ভাপহৈ ওপৰলৈ উৰি যায়। এনেকৈয়ে ওপৰৰ ভাপ জমা হৈ এক গোট হয় আৰু ঠাণ্ডা বায়ুৰ পৰশত মেঘ বা ডাৱৰ হয়। বতাহত মেঘ ইফালে সিফালে ভাঁহি ফুৰে আৰু ওখ পাহাৰ সমূহত ঠেকা খাই বৰষুণ আকাৰে ভূ-পৃষ্ঠলৈ নামি আহে আৰু এই প্রক্রিয়াটোক জলচক্র বা পানী চক্র বোলে।

৬। বৰষুণৰ পানী কেনেকৈ সংৰক্ষণ কৰিব পাৰি ? লিখা।

উত্তৰঃ ঘৰৰ চালৰ ওপৰত পৰি থকা বৰষুণৰ পানী পাইপ যোগে তলত ডাঙৰ ড্ৰাম বা পাত্ৰত জমা কৰি সংৰক্ষণ কৰিব পাৰি। বৰষুণৰ পানী সংৰক্ষণ কৰি বহুত কামত ব্যৱহাৰ কৰা হয়।

৭। বিশুদ্ধ পানী কেনেকৈ পাব পাৰি লিখা।

উত্তৰ: ফিল্টাৰ ব্যৱহাৰ কৰি বিশুদ্ধ পানী পাব পাৰি।

শুদ্ধ উত্তৰ দিয়া

৮। পানীৰ পৰা কোনটো বেমাৰ হয় ?

(ক) যক্ষ্মা

(খ) কর্কট 

(গ) মেলেৰিয়া 

(ঘ) ডিফথেৰিয়া

উত্তৰ : (ঘ) ডিফথেৰিয়া।

৯। ডাৱৰৰ সৃষ্টি হয় –

(ক) পানীৰ পৰা

  (খ) ভাপৰ পৰা

  (গ) বৰফৰ পৰা

উত্তৰ: (খ) ভাপৰ পৰা

১০। ভূগৰ্ভৰ পানী দূষিত হয়—

(ক) জীৱাষ্মৰ বাবে

  (খ) ৰাসায়নিক দ্রব্যৰ বাবে

  (গ) পাথৰৰ বাবে

উত্তৰঃ (খ) ৰাসায়নিক দ্ৰব্যৰ বাবে।

১১। বৰষুণৰ পানী খোৱাৰ উপযোগী নহয় কাৰণ

(ক) এচিড থাকে 

(খ) ৰাসায়নিক দ্রব্য থাকে 

(গ) বীজাণু থাকে।

উত্তৰ: তিনিওটা সম্ভৱ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। পৃথিৱীৰ কিমান ভাগ পানীৰে আগুৰা ?

উত্তৰ : পৃথিৱীৰ তিনি ভাগৰ দুই ভাগেই পানীৰে আগুৰা।

২। আমাৰ শৰীৰৰ কিমান অংশ পানী ?

উত্তৰ: আমাৰ শৰীৰৰ সত্তৰ শতাংশ পানী।

৩। পানীৰ উৎসৰ বিষয়ে লিখা।

উত্তৰঃ ভূগৰ্ভত প্ৰচুৰ পৰিমাণৰ পানী জমা হৈ আছে। সাগৰ মহাসাগৰ মুঠ পানীৰ নিৰানব্বৈ শতাংশ জমা হৈ আছে। নদ-নদী, খাল-বিল, জান-জুৰিতো পানী আছে ৷ বৰষুণৰ পানীও পানীৰ এটা উৎস।

৪। বিশুদ্ধ পানী কাক বোলে ?

উত্তৰঃ যি পানীত কোনো বেমাৰৰ বীজাণু নাথাকে সেই পানীক বিশুদ্ধ পানী বোলে। বিশুদ্ধ পানীৰ বৰণ আৰু সোৱাদ নাথাকে।

৫। বৰষুণৰ পানীৰে কাপোৰ ধোৱাৰ সুবিধাটো কি ? 

উত্তৰঃ বৰষুণৰ পানীৰে কাপোৰ ধুলে চাবোনৰ খৰচ কম হয় আৰু কাপোৰো অধিক পৰিস্কাৰ হয়।

৬। পানীৰ পৰা কি কি বেমাৰ হয় ? 

উত্তৰ: পানীৰ পৰা হোৱা বেমাৰ সমূহ হ’ল– ডায়েৰিয়া, কলেৰা, জণ্ডিচ, গ্ৰহণী, ডিফ্‌থেৰিয়া, ভাইৰেল আদি ৷ 

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Niketan Class 6 Science Chapter 10 পানী”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top