Niketan Class 6 Assamese Chapter 11 বৰপেটা

Niketan Class 6 Assamese Chapter 11 বৰপেটা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 11 বৰপেটা and select need one.

Niketan Class 6 Assamese Chapter 11 বৰপেটা

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 11 বৰপেটা Solutions for All Subjects, You can practice these here.

বৰপেটা

Chapter – 11

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
পৰাণ প্রাণ
জুৰাশাত পেলা
পূর্ণব্রহ্মভগৱান
পদ-ৰজপদধূলি
পূতপবিত্র 
ইথানৰএই স্থানৰ
বঠানাও চলােৱা এবিধ কাঠৰ সঁজুলি
বিমলপৱিত্ৰ , নির্মল
নিজাননিস্তব্ধ , নিমাত , নির্জন
জিনিজয় কৰি , ভেদি
শােক – তাপদুখ – কষ্ট , মনৰ অশান্তি
পলাআঁতৰি যা
নাওখেলনাও চলােৱা এবিধ খেল ( অসম আৰু কেৰেলাত প্রসিদ্ধ )
উলাহআনন্দ
ৰোলকোৰ্হাল , ডাঙৰ হাই , হাহাকাৰ
চাবে চাবেবঠাৰ প্ৰতিটো আঘাতত
চউপাশেচাৰিওফালে
মৃদঙ্গসৰু ঢােলৰ দৰে এবিধ বিশেষ বাদ্য
সংকীর্তনবহুতে সমস্বৰে কৰা কীর্তন
ধৰালই ধৰালৈ / পৃথিৱীলৈ
সাম্য মন্ত্র যি মন্ত্রই সকলােকে সমানতাৰ ভাবেৰে বান্ধে বা প্ৰভাৱিত কৰে , সমান কৰা 
থান দেৱস্থান , যি ঠাইত দেৱতা থাকে য’ত ভক্তসকলে পূজা সেৱা কৰে

প্রশ্ন ২। তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া –

( ক ) বৰপেটা ধামক কিয় অসমৰ কাশীপুৰী , দ্বাৰকা , মথুৰাপুৰী বুলি কবিয়ে কৈছে ? 

উত্তৰঃ বৰপেটা ধাম পূর্ণব্রহ্মস্বৰূপ মহাপুৰুষৰ পৱিত্ৰ চৰণ ৰেণুৰ পৰশেৰে উজ্জ্বল । এই ধামৰ আকাশ , বতাহ , সকলাে হৰিনামৰ ধ্বনিৰে মুখৰিত ; সেই বাবেই কবিয়ে বৰপেটা ধামক অসমৰ কাশীপুৰী, দ্বাৰকা , মথুৰাপুৰী বুলি কৈছে। 

( খ ) কাৰ পদ – ধূলিৰে বৰপেটা ধাম পবিত্র তীর্থত পৰিণত হৈছে ? 

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পদ – ধূলিৰে বৰপেটা ধাম পৱিত্ৰ তীর্থত পৰিণত হৈছে । 

( গ ) ক’ত ক’ত হৰিনাম শুনিবলৈ পােৱা যায় ? 

উত্তৰঃ আকাশত , বতাহত , শিশুৰ মুখত , বঠাৰ কোবত নাৱে নাৱে হৰিনাম শুনিবলৈ পােৱা যায় । 

( ঘ ) হৰিনামৰ ধ্বনিয়ে সকলােৰে মনত কেনে প্রভাৱ পেলায় ? 

উত্তৰঃ হৰিনামৰ ধ্বনিয়ে সকলােৰে মনৰ পৰা উচ্চ – নীচ ভেদাভেদ আঁতৰ কৰে । হৰিনামৰ প্ৰভাৱত সকলােৰে মন পৱিত্ৰ হৈ পৰে আৰু সকলাে পাপী – তাপীকে পূজা – উৎসৱ , বলি – বিধান আদিৰ পৰা মুক্ত কৰি আনে । 

( ঙ ) নাও খেল কেতিয়া খেলা হয় ? ‘ হৰিবােল ’, ‘ ৰামবােল ’ বুলি ডেকাইতে কেতিয়া চিঞৰে ? 

উত্তৰঃ নাও খেল ভাদমাহৰ তিথি – উৎসৱত খেলা হয় । ডেকাহঁতে নাও খেলােতে বঠাৰ চাবে চাবে হৰিবােল ’ , ‘ ৰামবােল ’ বুলি চিঞৰে । 

( চ ) মহাপুৰুষজনে কি আদর্শ প্রচাৰ কৰিছিল জনগণৰ মাজত ?

উত্তৰঃ মহাপুৰুষজনে জনগণৰ মাজত উচ্চ – নীচ ভেদাভেদ আঁতৰাই সাম্যমন্ত্ৰৰ আদর্শ প্রচাৰ কৰি থৈ গৈছে ।

( ছ ) অসমীয়া ভাষাক কি উপায়েৰে পূর্ণতা দান কৰিছিল ? 

উত্তৰঃ মহাপুৰুষ জনাই নানা শাস্ত্র সহজ – সৰল ভাষাত সাধাৰণ মানুহে বুজিব পৰাকৈ ব্যাখ্যা কৰি , বৰগীত , অংকীয়া নাট আদি ৰচনা কৰি অসমীয়া ভাষাক পূর্ণতা দান কৰিছিল । 

( জ ) নাৱৰীয়াহঁতে হৰিনাম গাই ক’ত নাও বাই যায় ? 

উত্তৰঃ নাৱৰীয়াহঁতে হৰিনাম গাই বৰনৈৰ বিমল বুকুত নাও বাই যায় । 

প্রশ্ন ৩। বাক্য ৰচনা কৰা –

           শােক – তাপ , পৰাণ , নিজান , সংকীর্তন , সাম্যমন্ত্র , চউপাশে , জুৰা 

উত্তৰঃ শােক – তাপ :- হৰিনাম শুনিলে শােক – তাপ দূৰতে পলায় ।

পৰাণ :- বৰগীতটি শুনি তাৰ পৰাণ জুৰাই গ’ল ।

নিজান :- আমাৰ গাঁওখনৰ কাষত এখন নিজান হাবি আছে । 

সংকীর্তন :- ভাদমহীয়া নামঘৰত ডেকা বুঢ়া সকলাে মিলি সংকীর্তন কৰে । 

সাম্যমন্ত্ৰ :- মহাপুৰুষজনাই জনগণৰ অন্তৰত সাম্যমন্ত্ৰৰ বীজ সিঁচি থৈ গৈছে ।

চউপাশে :- বৰপেটাৰ চউপাশে কেৱল হৰিনামৰ ধ্বনি শুনিবলৈ পােৱা যায় । 

জুৰা :- শুই উঠিয়েই এটি পৰাণ জুৰা বৰগীত শুনিলোঁ । 

প্রশ্ন ৪। এটা শব্দত প্ৰকাশ কৰা –

হাতী চলায় যিয়ে , নাও বায় যিয়ে , পথাৰত গৰু চৰােৱা ল’ৰা , খেতি কৰে যিয়ে , মাটিৰ পাত্ৰ গঢ়া লােক , যি ঘৰত নাম কীর্তন কৰা হয় , বাটে বাটে যােৱা লােক ,

উত্তৰঃ হাতী চলায় যিয়ে :- মাউত । 

নাও বায় যিয়ে :- নাৱৰীয়া। 

পথাৰত গৰু চৰােৱা ল’ৰা :- গৰখীয়া ।

খেতি কৰে যিয়ে :- খেতিয়ক ।

মাটিৰ পাত্ৰ গঢ়া লােক :- কুমাৰ ।

যি ঘৰত নাম কীর্তন কৰা হয় :- কীর্তনঘৰ । 

বাটেবাটে যােৱা লােক :- বাটৰুৱা ।

প্রশ্ন ৫। ‘ক’ স্তম্ভৰ শব্দকেইটাৰ লগত ‘খ’ স্তম্ভৰ শব্দকেইটা মিলাই লিখা ? 

‘ক’ স্তম্ভ‘খ’ স্তম্ভ
মহিমা খােল
নাওনীচ
পাপীজপি
উচ্চবায়
মহামন্ত্ৰগায়
তালতাপী

উত্তৰঃ 

‘ক’ স্তম্ভ‘খ’ স্তম্ভ
মহিমা গায়
নাওবায়
পাপীতাপী
উচ্চনীচ
মহামন্ত্ৰজপি
তালখােল

প্রশ্ন ১। কবিতাটিৰ সাৰাংশ লিখা ।

উত্তৰঃ বৰপেটাৰ ধর্মীয় পৰিৱেশ আৰু বৰপেটা সত্ৰৰ মহিমা দেখি মুগ্ধ হৈ কবি শৈলধৰ ৰাজখােৱাই বৰপেটা নামৰ কবিতাটি ৰচনা কৰিছে । তেওঁ এই থানকে অসমৰ কাশীপুৰী , দ্বাৰকা আৰু মথুৰাপুৰী বুলি অভিহিত কৰিছে — যি থান পূর্ণব্রহ্মস্বৰূপ মহাপুৰুষৰ পৱিত্ৰ চৰণ ৰেণুৰ পৰশ পাই উজলি উঠিছে । ফলত — ইয়াৰ গছ – পাত , চৰাই – চিৰিকটি , লােক – জন সকলােৱে মুখত সর্বদা হৰিনাম ধ্বনিত হয় । উৎসৱ – পর্ব , বিয়া – সবাহ , খেল – ধেমালি সকলােতে কেৱল হৰিনাম।নাৱৰীয়াৰ বঠাৰ চাবে চাবে হৰিনাম উচ্চাৰিত হৈ দেহৰ ভাগৰ গুচাই মনত বল আনি দিয়ে , অন্তৰ পৱিত্ৰ কৰে । বৰপেটাৰ বিখ্যাত ভাদমহীয়া নাওখেল ঐক্য আৰু মিলনৰ প্রতীক । মহাপুৰুষে প্রচাৰ কৰি থােৱা উচ্চ – নীচ , ভেদাভেদ আঁতৰাই সকলােকে দি থৈ যােৱা সাম্যমন্ত্ৰ হৰিনামৰ প্রভাৱত উজ্জ্বল বৰপেটা সত্ৰৰ প্ৰতিটো ধূলিকণাৰ পৱিত্ৰ পৰশে সকলাে পাপী তাপীকে পূজা – উৎসৱ , বলি – বিধান আদিৰ পৰা মুক্ত কৰি মহাপুৰুষ জনাই অসমীয়া ভাষাকো পূৰ্ণৰূপ দিয়াৰ লগতে অসমীয়া জাতি গঢ়ি তুলিছে। কবিয়ে আশা কৰিছে যেন এই মহামন্ত্র জপি সকলাে পৱিত্ৰ হয় আৰু বিশ্বপ্রেমৰ জ্যোতিৰে সকলাে দীপ্তিমান হৈ উঠে । 

প্রশ্ন ২। কবিগৰাকীৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ শৈলধৰ ৰাজখােৱা : কবি , নাট্যকাৰ । ১৯৮০ চনত ডিব্ৰুগড়ত জন্ম । শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ অসম চৰকাৰৰ অতিৰিক্ত সহকাৰী আয়ুক্তৰূপে বিভিন্ন ঠাইত চাকৰি কৰি ১৯৪৭ চনত অৱসৰ গ্ৰহণ কৰে । কিছুদিন গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোষাধ্যক্কৰূপেও কার্যনির্বাহ কৰিছিল । ছাত্ৰাৱস্থাৰে পৰা সাহিত্য চর্চা কৰা শৈলধৰ ৰাজখােৱা অসমীয়া সাহিত্যত ‘ নিজৰাৰ কবি ’ ৰূপে খ্যাত । প্রকাশিত পুথিঃ ‘ নিজৰা ’, ‘ বিদ্যাৱতী’, ‘ অতীতৰ সোঁৱৰণী ’ আদি । ১৯৬৮ চনৰ ১৭ ডিচেম্বৰত তেখেতৰ ডিব্ৰুগড়ত মৃত্যু হয়। 

প্রশ্ন ৩। কবিয়ে বৰপেটাক অসমৰ কি বুলি কৈছে ? 

উত্তৰঃ কবিয়ে বৰপেটাক অসমৰ কাশীপুৰী , দ্বাৰকা আৰু মথুৰাপুৰী বুলি কৈছে ।

প্রশ্ন ৪। কি শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে ?

উত্তৰঃ হৰিনাম শুনি বাটৰুৱাক কবিয়ে পৰাণ জুৰাই যাবলৈ কৈছে । 

প্রশ্ন ৫। কি শুনি শােক – তাপ দূৰতে পলায় ? 

উত্তৰঃ হৰিৰ মহিমা শুনি শােক – তাপ দূৰতে পলায় ।

প্রশ্ন ৬। কি কি উৎসৱত হৰিনাম গায় ? 

উত্তৰঃ জনম , বিবাহ , বিহু উৎসৱ আৰু তিথি উৎসৱত হৰিনাম গায় । 

প্রশ্ন ৭। তিথি উৎসৱত ডেকাহঁতে কি কৰে ? 

উত্তৰঃ তিথি উৎসৱত ডেকাহঁতে নাও খেলে । 

প্রশ্ন ৮। শৈলধৰ ৰাজখােৱাক কি কবি ৰূপে জনা যায় ? 

উত্তৰঃ শৈলধৰ ৰাজখােৱাক নিজৰাৰ কবি ৰূপে ৰূপে জনা যায় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top