Niketan Class 6 Assamese Chapter 10 পার্থ-সাৰথি শ্রীকৃষ্ণ

Niketan Class 6 Assamese Chapter 10 পার্থ-সাৰথি শ্রীকৃষ্ণ is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 10 পার্থ-সাৰথি শ্রীকৃষ্ণ and select need one.

Niketan Class 6 Assamese Chapter 10 পার্থ-সাৰথি শ্রীকৃষ্ণ

Join Telegram channel

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 10 পার্থ-সাৰথি শ্রীকৃষ্ণ Solutions for All Subjects, You can practice these here.

পার্থ-সাৰথি শ্রীকৃষ্ণ

Chapter – 10

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী

প্রশ্ন ১। শব্দ – অর্থ 

শব্দঅর্থ
উপনীতউপস্থিত , আহি পােৱা
ওলোটা দূতএকেজন দূতকে আন পক্ষয়ে দূতৰূপে কামত লগােৱা
বৰণ কৰাঅভ্যর্থনা কৰা কাৰ্য , মনােনয়ন কৰা 
সমাচাৰখবৰ , বার্তা , বাতৰি
সন্ধি স্থাপনদুটা বিৰােধী পক্ষৰ মাজত মিল ঘটোৱা 
বাঞ্ছাইচ্ছা , কামনা 
অবাবতেঅকাৰণতে , প্রয়ােজনহীনভাৱে , বিনা কাৰণত , অযথা
উলটিউভতি , ঘূৰি
পুনৰপিআকৌ
অনতি পলমেসােনকালে , শীঘ্ৰে
চৰাচৰজগত , পৃথিৱী
ছেগতেসুযােগ , সুবিধা
কৃষ্ণাগ্রজকৃষ্ণৰ ককায়েক
গুপুতআনে নজনা , লুকোৱা , অইনৰ আঁৰ কৰি কৰা
কালহৰণসময় নষ্ট , কালক্ষয়
দিহাপৰামর্শ , নির্দেশ , বুজাই থােৱা 
অভিভূতলালকাল , বিগলিত , বিহ্বল , পৰাভূত , বিতত
জাগৰণ সাৰপোৱা , জাগি উঠা 
অগ্রগণ্যপ্রধান , প্রথমে উল্লেখযােগ্য
ঠাৱৰস্থিৰ , ঠিক
দিঠকসাৰে থকা অৱস্থা , বাস্তৱ
ম্লানমলিন , বিমর্ষ , নিষ্প্রভ
ভৰি পথানবিছনাৰ যিফালে ভৰি থাকে
পাশকাটিঘূৰি , মুখ ঘূৰাই চাই
হেলেন বৈঠকআউজি বহা 
সমিধানউত্তৰ
শিতানবিছনাত মূৰ ৰখা ফাল
আথেবেথেব্যস্তভাৱে
সন্দিহানসন্দেহভৰা , বিশ্বাস – অবিশ্বৰ মাজত
চিতমন
সৌহৃদ্যআন্তৰিকতা , সু – সম্পর্ক
বিচলিতঅস্থিৰ , লৰচৰ হােৱা
প্রত্যুৎপন্নমতিউপস্থিত বুদ্ধি থকা , ততালিকে বুদ্ধি উলিয়াই কাম কৰিব বা কথা ক’ব পৰা ।
চম্ভালিসংযত কৰি , দমন কৰি , বশ কৰি , সমাধা কৰি
ধনিষ্ঠামানােঅকণমানাে , অলপমানাে
অবুদদহকোটি
প্রতিশ্রুতপ্রতিজ্ঞাবদ্ধ , কথা দি থােৱা , দিম      বুলি স্বীকাৰ কৰা
ততালিকেতৎক্ষণাৎ , পলম নকৰাকৈ
আতিথ্যমন্দিৰঅতিথিশালা
সাৰথ্যসাৰথি হিচাপে সংগদিয়া , ৰথৰ লগৰীয়া হােৱা
অক্ষয় কীর্তিচিৰযুগমীয়া সুখ্যাতি
বাসনাকামনা , ইচ্ছা
অন্তর্যামীজীৱৰ মনত যিয়ে পৰিচালনা কৰিব পাৰে ; আত্মাৰ নিয়ামক , জগতৰ সকলাে বস্তুকে নিয়ন্ত্রণ কৰিব পৰা শক্তিধাৰী
সুকীয়াবেলেগ
পােনেইপােনতে , প্ৰথমতে
সমিচাৰমুখে মুখে দিয়া উত্তৰ , লিখিতভাৱে দিয়া সমাচাৰ
হৃষ্টচিত্তেহৰিষমনে , আনন্দিত হৈ , প্রফুল্লমনে

প্রশ্ন ২। চমু প্রশ্নোত্তৰ –

( ক ) শ্রীকৃষ্ণই দুর্যোধনৰ দূতক কি কামৰ কাৰণে পাচিলে ? 

উত্তৰঃ শ্রীকৃষ্ণই দুর্যোধনৰ দূতক ওলােটা দূত বৰণ কৰি এই কামৰ বাবে পাচিলে – তেওঁ কৌৰৱ – পাণ্ডৱ দুয়ােপক্ষৰ মাজত সন্ধি স্থাপনহে বাঞ্ছা কৰে। ৰাজ্যৰ কাৰণে অবাবতে ভাই – ককাইৰ মাজত যুদ্ধ হােৱাতে নিবিচাৰে । 

( খ ) দুর্যোধন শ্রীকৃষ্ণৰ ওচৰলৈ কি উদ্দেশ্যে আহিছিল ? 

উত্তৰঃ দুর্যোধনে শ্রীকৃষ্ণক কুৰুক্ষেত্ৰ ৰণত কৌৰৱৰ সেনাপতিৰূপে বৰণ কৰাৰ উদ্দেশ্যে শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈছিল । 

( গ ) অর্জুন কি প্রস্তাৱ লৈ দ্বাৰকালৈ গৈছিল ? 

উত্তৰঃ অর্জুনে শ্রীকৃষ্ণক কুৰু – পাণ্ডৱৰ ৰণলৈ নিমন্ত্রণ জনাবৰ বাবে দ্বাৰকালৈ গৈছিল ।

( ঘ ) দুর্যোধনে আগতে গৈয়াে কি কাৰণে মনতে ভাবি যােৱা প্ৰস্তাৱ কৃষ্ণক দিব নােৱাৰিলে । 

উত্তৰঃ দুর্যোধনে কৃষ্ণৰ ওচৰলৈ গৈ তেওঁৰ শয়নকক্ষত প্রৱেশ কৰি শিতানৰ কাষত পাৰি থােৱা ৰত্নাসনত বহিলগৈ । আনহাতে অর্জুনে পিছত গৈ শ্ৰীকৃষ্ণৰ ভৰিপথানৰ কাষত পাৰি থােৱা সাধাৰণ আসনত বহিলগৈ । গতিকে শ্রীকৃষ্ণই সাৰ পাই প্রথমে অর্জুনকে দেখা পােৱাৰ বাবে তেওঁৰ সতেই প্রথমে কথা পাতিলে আৰু ফলত দুর্যোধনে আগত গৈয়াে মনত ভাবি যােৱা প্ৰস্তাৱ কৃষক দিব নােৱাৰিলে । 

( ঙ ) কৃষ্ণই কি উপায়েৰে দুয়ােকে সন্তুষ্ট কৰিলে ? 

উত্তৰঃ কৃষ্ণই দুর্যোধনক তেওঁৰ দহকোটি নাৰায়ণী সৈন্য দি আৰু অৰ্জুনৰ পক্ষত নিজে থাকি দুয়ােকে সন্তুষ্ট কৰিলে । 

( চ ) অর্জুনে কি বুলি নিৰস্ত্র কৃষ্ণক পাবলৈ বিচাৰিলে ? 

উত্তৰঃ অর্জুনে কৃষক সাৰথি হিচাপে লৈ তেওঁৰে সৃষ্ট দুর্জয় নাৰায়ণী সেনাক জয় কৰি অক্ষয় কীর্তি অর্জন কৰাহে তেওঁৰ বাসনা ; অন্যথা তাত বিপর্যয় ঘটিব বুলি কৈ নিবস্ত্র কৃষ্ণক পাবলৈ বিচাৰিলে । 

প্রশ্ন ৩। ‘পার্থসাৰথি শ্রীকৃষ্ণ ’ পাঠটিত থকা তৎসম শব্দবােৰ বিচাৰি উলিওৱা ৷ 

উত্তৰঃ ‘ পার্থ – সাৰথি শ্রীকৃষ্ণ ’ পাঠটিত থকা তৎসম শব্দবােৰ হ’ল— মর্মে , সমাচাৰ , বাঞ্ছা , কৃষ্ণাগ্রজ , হর্ষচিত্তে , অবুদ , তথাস্তু , অগ্রগণ্য , পাষ কাটি , ম্লান , হৃষ্টচিত্তে । 

প্রশ্ন ৪। তলৰ শব্দৰবােৰ বাক্যত ব্যৱহাৰ কৰা –

           হৰ্ষচিত্তে , আগধৰি , প্রত্যুৎপন্নমতি , চম্ভালি লৈ , বাছনি মত , ধীৰে ধীৰে 

উত্তৰঃ হৰ্ষচিত্তে :- দুর্যোধনে অবুধ নাৰায়ণী সেনা লাভ কৰি হৰ্ষচিত্তে ৰাজ্যলৈ গমন কৰিলে । 

আগধৰি :- কৃষ্ণই গধৰি অৰ্জুনকহে দেখা পাইছিল। 

প্রত্যুৎপন্নমতি :- প্রত্যুৎপন্নমতি গুণৰ বাবে ভৰত সকলােৰে প্রিয়পাত্র।

চম্ভালি লৈ :- খং উঠিলেও নিজকে চম্ভালি লৈহে কথা ক’ব লাগে । 

বাছনি মত :- অর্জুনে বাছনি মত প্রকাশ কৰিলে যে তেওঁ শ্রীকৃষ্ণকে সাৰথি বিচাৰে । 

ধীৰে ধীৰে :- পৃথিৱীলৈ ধীৰে ধীৰে আন্ধাৰ নামি আহিছে । 

প্রশ্ন ৫। চমু টোকা লিখা –

১। উলুক ।

উত্তৰঃ উলুক কৌৰ ৰজা দুর্যোধনৰ ৰাজসভাৰ দূত আছিল । তেওঁক ৰজা দুর্যোধনে শ্রীকৃষ্ণক কুৰুক্ষেত্ৰ ৰণলৈ নিমন্ত্রণ জনাবৰ বাবে দ্বাৰকালৈ পঠাইছিল । উলুকে দুর্যোধনৰ লিখিত অনুৰােধ লৈ দ্বাৰকাত উপস্থিত হৈছিলগৈ । এই উলুককেই আকৌ শ্রীকৃষ্ণই ওলােটাই তেওঁৰে দূত হিচাপে বৰণ কৰিছিল । শ্রীকৃষ্ণই উলুকৰ জৰিয়তেই ৰজা দুর্যোধনলৈ বার্তা পঠাইছিল যে তেওঁ ভাই – ককাইৰ মাজত অনাহকত যুদ্ধ হােৱাতাে নিবিচাৰে। তেওঁ দুয়ােপক্ষৰ মাজত সন্ধি স্থাপনহে বাঞ্ছ কৰে । উলুক আছিল কুৰুক্ষেত্র ৰণৰ সময়ত দুর্যোধন আৰু শ্ৰীকৃষ্ণৰ মাজত বার্তা আদান – প্রদান কৰা এজন কটকী । 

২। অর্জুন ।

উত্তৰঃ পঞ্চপাণ্ডৱৰ ভিতৰত অৰ্জুন আছিল তৃতীয় পাণ্ডৱ । পাণ্ডু ৰজাৰ পত্নী কুন্তীৰ গৰ্ভত দেৱৰাজ ইন্দ্ৰৰ ঔৰসত এওঁৰ জন্ম হয় । অর্জুন আছিল যদুপতি শ্ৰীকৃষ্ণৰ পৰম সখা । মহাভাৰতৰ যুগত অৰ্জুনৰ নিচিনা গুণশালী মহাবীৰ নাছিল । অৰ্জুনৰ কেইবাগৰাকীও পত্নী আছিল।দ্রৌপদী , উলুপী , চিত্রাঙ্গদা আৰু সুভদ্রা । তেওঁৰ পুত্রকেইজনৰ নাম আছিল — শ্রুতকৰ্ম্মা , বব্ৰুবাহন , হৰাবাণ , অভিমন্যু । অর্জুনে গুৰু দ্রোণাচার্যৰ পৰা অস্ত্র বিদ্যা গ্ৰহণ কৰিছিল । তেওঁ গৰুৰ তত্ত্বাৱধানত এজন অপ্রতিদন্দ্বী ধনুৰ্ধৰ হিচাপে খ্যাত হৈ পৰিছিল ৷ তদুপৰি অর্জুনে উলুপীৰ পৰা জলজয়ী বিদ্যা , চিত্ৰৰথ গন্ধৰ্বৰ পৰা চক্ষুষী বিদ্যা লাভ কৰে । অৰ্জুন কুৰুক্ষেত্ৰ ৰণত পাণ্ডৱৰ সর্বপ্রধান সেনাপতি আছিল । 

৩। নাৰায়ণীসেনা ।

উত্তৰঃ শ্রীকৃষ্ণৰ শৰীৰৰ পৰা ওলােৱা সেনা । পিতৃ শ্রাদ্ধৰ কাৰণে বৰাহচিকাৰ কৰিবলৈ যাওঁতে যেতিয়া তেওঁৰ চিৰশত্ৰু জৰাসন্ধ ৰজাৰ সৈন্যই তেওঁক অকলে পাই বেঢ়ি ধৰিছিল তেতিয়া নাৰায়ণী সেনা নামৰ এই এক অযুত সৈন্য শ্রীকৃষ্ণৰ দেহৰ পৰা বাহিৰ হৈছিল । এই সেনাবিলাকৰ আন এটা নাম সংসপ্তক অর্থাৎ দৃঢ়প্রতিজ্ঞ । 

কুৰুক্ষেত্ৰত কৌৰৱ – পাণ্ডৱৰ মাজত লগা যুদ্ধৰ প্ৰাৰম্ভত শ্রীকৃষ্ণক কাৰ ফলীয়া কৰিব পৰা হয় তাৰ কাৰণে কৌৰৱ – পাণ্ডৱ উভয় পক্ষৰে অৰিয়া – অৰি লাগিছিল । শেষত শ্রীকৃষ্ণই নিজে পাণ্ডৱৰ ফলীয়া হ’ল আৰু দুর্যোধনক এক অযুত নাৰায়ণীসেনা দি সন্তুষ্ট কৰিলে । 

৪। দুর্যোধন ।

উত্তৰঃ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ এশ পুত্ৰৰ ভিতৰত দুর্যোধন আছিল প্রথম পুত্র । পিছলৈ এওঁ হস্তিনাপুৰৰ ৰজা হৈছিল । দুর্যোধনে নিজৰ ৯৯ ভায়েক আৰু খুৰাক পাণ্ডুৰ পাঁচজন পুত্র পঞ্চবাণ্ডৱৰ সৈতে একেলগে ডাঙৰ – দীঘল হৈছিল । প্রথমে কৃপাচার্য আৰু পিছলৈ দ্রোণাচাৰ্যৰ পৰা ধনু বিদ্যা শিকে । দুর্যোধনৰ মােমায়েক আছিল । শকুনি । দুর্যোধনৰ হিংসাপৰায়ণতা আৰু শকুনিৰ কু – অভিসন্ধিৰ ফলতেই মহাভাৰতৰ যুদ্ধ সংঘটিত হৈছিল । দুর্যোধনৰ পত্নীৰ নাম আছিল ভানুমতী । লক্ষ্মণ আৰু লক্ষ্মণা নামেৰে এওঁৰ দুটা পুত্র – কন্যা আছিল । দ্বিতীয় পাণ্ডৱৰ ভীমৰ হাতত দুর্যোধনৰ মৃত্যু হৈছিল । 

৫। শ্রীকৃষ্ণ ।

উত্তৰঃ কৃষ্ণ হৈছে বিষ্ণুৰ পঞ্চম অৱতাৰ । দৈৱকীৰ কোলাত মােমায়েক মথুৰাৰাজ কংসৰ কাৰাগাৰত কৃষ্ণৰ জন্ম হয় । কৃষ্ণৰ পিতৃ বসুদেৱ।নন্দ – যশােদাৰ ঘৰত লালিত – পালিত হয় কৃষ্ণৰ বাল্যকাল । শ্রীকৃষ্ণৰ ৰাজনীতি , যুদ্ধনীতি , সমাজনীতি আদিৰ অগাধ জ্ঞানৰ অধিকাৰী আছিল । তেওঁ বল , বুদ্ধি , কৌশল আদিতাে শক্তিশালী আছিল ।

শ্ৰীকৃষ্ণৰ আঠগৰাকী পত্নী আছিল । প্রথম গৰাকীৰ নাম হ’ল ৰুক্মিণী । তেওঁৰ আশীটি পুত্র সন্তান আৰু চাৰুমতী নামৰ এগৰাকী কন্যা সন্তান আছিল । শ্রীকৃষ্ণৰ লীলাময় জীৱনক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি— 

( ১ ) ব্রজলীলা ।

( ২ ) মথুৰা লীলা । আৰু

( ৩ ) দ্বাৰকা লীলা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top