Niketan Class 6 Assamese Chapter 1 শ্রীকৃষ্ণই পিপৰা গুচোৱা

Niketan Class 6 Assamese Chapter 1 শ্রীকৃষ্ণই পিপৰা গুচোৱা is the answer to each chapter is provided in the list so that you can easily browse throughout different chapters Shankardev Shishu Niketan Class 6 Assamese Chapter 1 শ্রীকৃষ্ণই পিপৰা গুচোৱা and select need one.

Niketan Class 6 Assamese Chapter 1 শ্রীকৃষ্ণই পিপৰা গুচোৱা

Also, you can read the Assam Board book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of Shankardev Sishu Niketan All Subject Solutions. Here we have given Assam Board Shankardev Vidya Niketan Class 6 Assamese Chapter 1 শ্রীকৃষ্ণই পিপৰা গুচোৱা Solutions for All Subjects, You can practice these here.

শ্রীকৃষ্ণই পিপৰা গুচোৱা

Chapter – 1

সমাজ বিজ্ঞান

SHANKARDEV SISHU VIDYA NIKETAN

অনুশীলনী


প্রশ্ন ১। শব্দ – অর্থ  

শব্দঅর্থ 
গােৱালীগােপী , গুৱালিনী অথবা গােপিনী
লৱণুমাখন
টেণ্টনটেটোন , ধূর্ত
নিদাৰুণীদয়া – মায়া নথকা তিৰােতা
ভাণ্ডিলাফাঁকি দিলে , ছল কৰিলে
বৎসপােৱালি ( ইয়াত গৰুৰ পােৱালি অর্থাৎ দামুৰি / দমৰা )
কনিষ্ঠ সৰু/ ভায়েক

প্রশ্ন ২। চমু উত্তৰ দিয়া –

( ক ) শিশু শ্রীকৃষ্ণ গুৱালিনীৰ ঘৰত কিয় সােমাইছিল ? 

উত্তৰঃ শিশু শ্রীকৃষ্ণই গুৱালিনীৰ ঘৰত মাখন চুৰ কৰি খাবলৈ সােমাইছিল । 

( খ ) মাখন চুৰ কৰি হাতেলােটে ধৰা পৰি শ্ৰীকৃষ্ণই গুৱালিনীক কি কৰা বুলি কৈছিল ? 

উত্তৰঃ মাখন চুৰ কৰি হাতেলােটে ধৰা পৰি শ্ৰীকৃষ্ণই গুৱালিনীক মাখনত লাগি থকা পৰুৱাবােৰ গুচাই থকা বুলি কৈছিল ।

( গ ) শ্রীকৃষ্ণই গুৱালিনীৰ ঘৰত কিয় সােমাৱা বুলি কৈছিল ? 

উত্তৰঃ শ্রীকৃষ্ণই ভুলতে নিজৰ ঘৰ বুলি ভাবি গুৱালিনীৰ ঘৰত সােমােৱা বুলি কৈছিল । 

( ঘ ) শ্রীকৃষ্ণই কেঁচুৱাটোক টোপনিৰ পৰা কি কাৰণত জগােৱা বুলি কৈছিল ? 

উত্তৰঃ ‘ গৰুৰ পােৱালিটো বিচাৰি নাপাই সেই কথা সুধিবলৈ কেঁচুৱাটোক টোপনিৰ পৰা জগােৱা বুলি কৈছিল ।

( ঙ ) অৱশেষত গােপিনীয়ে শ্রীকৃষ্ণৰ কথাৰ উত্তৰ দিব নােৱাৰিলে কিয় ? 

উত্তৰঃ অৱশেষত শ্রীকৃষ্ণই যেতিয়া বুদ্ধি কৰি গােপিনীৰ মুখত লৱণু সানি দি গােপিনীকে চোৰ সজালে তেতিয়া গােপিনীয়ে শ্রীকৃষ্ণৰ কথাৰ আৰু একো উত্তৰ দিব নােৱাৰিছিল । 

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। কবিতাটিৰ মূল কথাখিনি নিজৰ ভাষাত লিখা । 

উত্তৰঃ গুৱালিনীয়ে কৈছে , মােৰ ঘৰত তুমি কোন ? বনমালীয়ে ক’লে , ‘ মই বলাইৰ কনিষ্ঠ ভাই ।’ গুৱালিনীয়ে সুধিলে , ‘ তুমি ইয়ালৈ কি কাৰণে আহিলা ? ’ নাৰায়ণে কলে , ‘ মই ভুলতে মােৰ ঘৰ বুলি ভাবি আহিলাে ।’ জানিছো , তুমি ঘৰ চিনি নাপাই আহিলা , কিন্তু লৱণুৰ কলহত হাত দিছা কিয় ? ’ হৰিয়ে ক’লে , ‘ গােপী , বৰ চোৰটো বিচাৰি পালি , মই পিপৰা গুচাবলৈহে হাত দিছোঁ । গােপীয়ে ক’লে , ভাল উপকাৰ কৰি আছ ল’ৰা , শুই থকা ল’ৰাটোৰ টোপনি ভাঙিলি কিয় ? ’ হৰিয়ে ক’লে মই দামুৰিটো বিচাৰি নাপালাে , সেইটো কথা সুধিবলৈহে তাক জগালাে ।’ গােপীয়ে ক’লে , ‘শুন টেটোন কানাই , তােৰ মুখ লৱণু লৱণু গােন্ধাইছে কিয় ? কানুৱে ক’লে , ‘ শুনহে নিদাৰুণী গােপী , তােৰ মুখতহে লৱণুৰ গােন্ধ , তইহে চুৰুণী।’ এই কথা শুনি গােপীয়ে উত্তৰ বিচাৰি নাপালে । দামােদৰে মিছা মাতি গােপীক ছলনা কৰিলে । 

প্রশ্ন ২। মাধৱদেৱৰ জন্ম কত হৈছিল ? 

উত্তৰঃ মাধৱদেৱৰ জন্ম উত্তৰ লখিমপুৰৰ ওচৰৰ নাৰায়ণপুৰত লেতেকুপুখুৰী নামে ঠাইত হৈছিল । 

প্রশ্ন ৩। মাধৱদেৱ কাৰ প্রিয় শিষ্য আছিল ? 

উত্তৰঃ মাধৱদেৱ মহাপুৰুষ শংকৰদেৱৰ প্রিয় শিষ্য আছিল । 

প্রশ্ন ৪। শংকৰদেৱে মাধৱদেৱক কি বুলি বুলি সম্বােধন কৰিছিল ? 

উত্তৰঃ শংকৰদেৱে মাধৱদেৱক ‘ বৰাৰ পাে ’ বুলি সম্বােধন কৰিছিল । 

প্রশ্ন ৫। মাধৱদেৱে ৰচনা কৰা একমাত্র নাটখনৰ নাম কি ? 

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা একমাত্র নাটখনৰ নাম ‘ অর্জুন ভঞ্জন ‘ ।

প্রশ্ন ৬। মাধৱদেৱে ৰচনা কৰা এখন ভক্তিমূলক গ্রন্থৰ নাম লিখা ।

উত্তৰঃ মাধৱদেৱে ৰচনা কৰা ভক্তিমূলক গ্রন্থ এখন হ’ল — নামঘােষা । 

প্রশ্ন ৭। মাধৱদেৱে সংস্কৃতৰ পৰা ভাঙনি কৰা এখন পুথিৰ নাম লিখা । 

উত্তৰঃ ‘ ভক্তি ৰত্নাৱলী ‘ । 

প্রশ্ন ৮। মাধৱদেৱে ৰচনা কৰা গীতপ্রধান নাটকেইখনক কি বােলে ? 

উত্তৰঃ ঝুমুৰা । 

প্রশ্ন ৯। মাধৱদেৱে ৰচনা কৰা এখন ঝুমুৰাৰ নাম লিখা । 

উত্তৰঃ চোৰ ধৰা । 

প্রশ্ন ১০। মৃত্যুৰ সময়ত মাধৱদেৱৰ বয়স কিমান আছিল ? 

উত্তৰঃ ১০৭ বছৰ ৩ মাহ । 

প্রশ্ন ১১। মাধৱদেৱৰ মৃত্যু কেতিয়া হৈছিল ? 

উত্তৰঃ ১৫১৭ শকৰ ভাদ মাহৰ সাতাইছ তাৰিখে ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top