Niketan Class 5 Assamese Chapter 24 বিস্কুটৰ টোপােলাটো

Niketan Class 5 Assamese Chapter 24 বিস্কুটৰ টোপােলাটো Sankardev Sishu Niketan Chapter 24 বিস্কুটৰ টোপােলাটো Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 24 বিস্কুটৰ টোপােলাটো

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 24 বিস্কুটৰ টোপােলাটো gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

বিস্কুটৰ টোপােলাটো

Chapter – 24

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া –

( ক ) পেচেঞ্জাৰ আৰু এক্সপ্ৰেছ ৰেলগাড়ীৰ মাজত পার্থক্য কি ? 

উত্তৰঃ পেচেঞ্জাৰ ৰেলগাড়ী প্রায় প্রতিটো ষ্টেচনতে ৰয় , কিন্তু এক্সপ্রেচ ৰেলগাড়ী ডাঙৰ ডাঙৰ ষ্টেচন আৰু জংচনতহে ৰয় । 

( খ ) ঘগ্ৰাপাৰ ষ্টেচনত এক্সপ্ৰেছ ৰেলগাড়ী কিয় নৰয় ? 

উত্তৰঃ সৰু ষ্টেচন বাবে । 

( গ ) কণিকা কার্যালয়লৈ কিহেৰে অহা – যােৱা কৰে ? 

উত্তৰঃ ৰেলেৰে অহা – যােৱা কৰে । 

( ঘ ) কণিকাৰ ঘৰত কোন কোন আছে ? 

উত্তৰঃ বয়সীয়া মাক আৰু সৰু ভায়েক আছে । 

( ঙ ) কণিকাৰ হাতৰ মােনাটোত কি কি বস্তু আছিল ? 

উত্তৰঃ বিস্কুটৰ টোপােলা আৰু পানীৰ বটল । 

( চ ) শৰাইঘাট দলংকত আছে ? 

উত্তৰঃ জালুকবাৰী আৰু আমিনগাঁৱৰ মাজত ব্রহ্মপুত্র নদীৰ ওপৰত আছে । 

প্রশ্ন ২। কণিকাৰ ওচৰত বহি থকা ভদ্রলােকজনৰ বিষয়ে তিনিটা বাক্য লিখা । 

উত্তৰঃ ভদ্রলােকজন বয়সীয়াল । 

ভদ্রলােকজন চাফ – চিকুণ , কিন্তু দুখীয়া । 

ভদ্রলােকজনৰ ভােক লাগিছিল । 

কণিকাৰ প্ৰতি ভদ্রলােকজন সহানুভূতিশীল আছিল । 

প্রশ্ন ৩। কণিকাৰ ভদ্রলােকজনৰ ওচৰত ক্ষমা খুজিবলৈ মন গ’ল কিয় ? 

উত্তৰঃ ভদ্রলােকজনৰ ওপৰত কণিকাৰ ভুলবশতঃ খং উঠিছিল । ৰে’লত বহি পানীৰ বটলটো মােনাৰ পৰা উলিয়াবলৈ লওঁতেই তাইৰ ভুল ভাগিছিল । কাৰণ ভদ্রলােকজনে তাইৰ বিস্কুট খােৱা নাছিল , তাইহে ভদ্রলােকজনৰ বিস্কুট খাইছিল । অথচ ভদ্রলোকজনে তাইক কিবা কোৱাটো দূৰৰ কথা শেষ বিস্কুটখনৰ আধা তাইলৈ এৰিছিল । সেই ভদ্রলােকজনেই তাইক বেঞ্চত বহাৰ বাবে ঠাই উলিয়াই দিছিল । সেয়েহে, নিজৰ ভুল ভগাৰ পাছত কণিকাৰ ভদ্রলােকজনৰ ওচৰত ক্ষমা খুজিবলৈ মন গৈছিল । 

প্রশ্ন ৪। কণিকাই নিতৌ ঘগ্ৰাপাৰৰ পৰা মালিগাঁৱলৈ ৰেলেৰে অহা – যােৱা কৰে কিয় ? 

উত্তৰঃ কণিকাৰ ঘৰত বয়সীয়া মাক আৰু সৰু ভায়েক আছে । তেওঁলােক দুয়ােজনকে কণিকাই চোৱা – চিতা কৰিব লাগে । সেয়েহে তেওঁ নিতৌ ঘৰৰ পৰা মালিগাঁৱলৈ ৰেলেৰে অহা – যােৱা কৰে। 

প্রশ্ন ৫। প্রথম স্তম্ভত থকা শব্দবােৰৰ অর্থ দ্বিতীয় স্তম্ভত দিয়া শব্দৰ পৰা বিচাৰি উলিওৱা । 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
লৰা ঢপৰামনে মনে খংকৰা
হেচা – টেপাখঙত একোনাই হােৱা
খং মূৰৰ চুলিৰ আগপােৱা খৰখেদা লগােৱা
গুজৰি – গুমৰিঠেলা-ঠেলি
হৰণ – ভগনদূৰৰ পৰা শুনাকৈ মৰা চিঞৰ 
উকিক্ষয়-ক্ষতি

উত্তৰঃ 

প্রথম স্তম্ভদ্বিতীয় স্তম্ভ
লৰা ঢপৰাখৰখেদা লগােৱা
হেচা – টেপাঠেলা-ঠেলি
খং মূৰৰ চুলিৰ আগপােৱা খঙত একোনাই হােৱা
গুজৰি – গুমৰিমনে মনে খংকৰা
হৰণ – ভগনক্ষয়-ক্ষতি 
উকিদূৰৰ পৰা শুনাকৈ মৰা চিঞৰ

প্রশ্ন ৬। বাক্য ৰচনা কৰা –

          গুজৰি – গুমৰি , চোৱা – চিতা , অহা – যােৱা , হেচা – টেপা , লৰা – ঢপৰা  

উত্তৰঃ গুজৰি – গুমৰি :- কাৰ ওপৰত নাজানাে , দেউতাই পুৱাতে গুজৰি – গুমৰি আছে । 

চোৱা – চিতা :- সৰুৰে পৰা আইতাকেই চোৱা – চিতা কৰিছে । 

অহা – যােৱা :- গগনে সদায় চাইকেলেৰে বিদ্যালয়লৈ অহা – যােৱা কৰে ।

হেঁচা – টেপা :- বাছখন ৰােৱাৰ লগে লগে যাত্রীবােৰে উঠিবলৈ হেঁচা টেপা লগালে যে মই উঠিবই নােৱাৰিলোঁ । 

লৰা-ঢপৰা :- অলপ লৰা – ঢপৰা নকৰিলে বাছখন ধৰিব নােৱাৰিবি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top