Niketan Class 5 Assamese Chapter 15 আমৈৰ নাতি

Niketan Class 5 Assamese Chapter 15 আমৈৰ নাতি Sankardev Sishu Niketan Chapter 15 আমৈৰ নাতি Class 5 Assamese Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 15 আমৈৰ নাতি

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class V Assamese Chapter 15 আমৈৰ নাতি gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

আমৈৰ নাতি

Chapter – 15

ASSAMESE

SANKARDEV SISHU NIKETAN

পশ্ন ১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া । 

( ক ) তাৱৈৰ ঘৰ ক’ত ? 

উত্তৰঃ কাৱৈমাৰিত । 

( খ ) আমৈৰ ঘৰ ক’ত ? 

উত্তৰঃ আমগুৰিত । 

( গ ) তাৱৈ আৰু আমৈৰ জীয়েকৰ নাম কি ? তেওঁক কলৈ বিয়া দিয়া হৈছে ? 

উত্তৰঃ জেতুকী । জামুগুৰিলৈ বিয়া দিয়া হৈছে । 

( ঘ ) আমৈ নাতি চাবলৈ যাবলৈ ওলাওঁতে তাৱৈ ক’ত আছিল ? 

উত্তৰঃ হাটত আছিল । 

( ঙ ) বাট হেৰুৱাই আমৈ ক’ত ওলালগৈ ? 

উত্তৰঃ চামগুৰিত । 

( চ ) মেমেৰা মেধিয়ে কি বিচাৰি ফুৰিছিল ? 

উত্তৰঃ দমৰা গৰু । 

( ছ ) লেৰেলা বাপুৰ কি হেৰাইছিল ? 

উত্তৰঃ চেউৰী এজনী । 

( জ ) আমৈৰ জোঁৱায়েকক লেৰেলা বাপুৱে কেনেকৈ চিনি পায় ? 

উত্তৰঃ আমৈৰ জোঁৱায়েক লেৰেলা বাপুৰ যজমান বাবে বাপুয়ে চিনি পায় । 

( ঝ ) আমৈৰ নাতি জন্মিছিলনে ? 

উত্তৰঃ জন্ম নাছিল । 

( ঞ ) লেৰেলা বাপুৱে আমৈৰ জীয়েকৰ ঘৰৰ কোনটো খবৰ আনিছিল ? 

উত্তৰঃ ক’লী গৰুৰ দমৰা পােৱালি জগা খবৰ আনিছিল । 

( ট ) মেমেৰা মেধিয়ে দমৰা গৰুটো ক’ত কিনিছিল ? 

উত্তৰঃ অমৰাগুৰিত ।

( ঠ ) লেৰেলা বাপুৰ ঘৰ ক’ত ? 

উত্তৰ কেৰেলা আটিত । 

প্রশ্ন ২। বাক্য ৰচনা কৰা –

           ঢাপলি মেল , পাত পাত , মূৰে-কপালে , খেচ খেচনি , হাতত সাৰে ভৰিত সাৰে , হায়ৈ বিয়ৈ , কানি-কাপােৰ , মূছকছ , লেৰেলা – চেৰেলা। 

উত্তৰঃ ঢাপলি মেল :- নাতি হােৱা বুলি শুনি আমৈয়ে জীয়েকৰ ঘৰলৈ ঢাপলি মেলিছিল । 

পাত পাত :- মেমেৰা মেধিয়ে দমৰা বিচাৰি গােটেইখন পাত পাত কৰিছিল । 

মূৰে-কপালে :- মূৰে কপালে হাত দি বহি নাথাকি সাহসেৰে সমস্যাৰ সন্মুখীন হ’ব লাগে । 

খেচ খেচনি :- বাপুৱনীৰ খেচ খেচনিত বাপুৱে চেউৰী বিচাৰি ওলাবলৈ বাধ্য হৈছিল । 

হাতত সাৰে ভৰিত সাৰে :- চোৰটোৱে হাতত সাৰে ভৰিত সাৰে আমাৰ ঘৰত সােমাইছিল । 

হায়ৈ বিয়ৈ :- বীণাৰ মাকে সাধাৰণ কথাতে হায়ৈ বিয়ৈখন লগায় ।

কানি-কাপােৰ :- দেউতাই কানি-কাপােৰ পিন্ধি ৰাতিপুৱাই কৰবালৈ ওলাই গৈছে । 

মূছকছ :- কালি প্রার্থনা গাই থকা অৱস্থাতে আমাৰ বিদ্যালয়ৰ ছােৱালী এজনী মূছকছ গৈছিল । 

লেৰেলা – চেৰেলা :- মানুহজন লেৰেলা – চেৰেলা যদিও কাম কৰাত পাকৈত । 

প্রশ্ন ৩। তলত দিয়া বাক্যবােৰত ক্রিয়াপদৰ শুদ্ধ ৰূপ লিখা— 

আৰ্হিঃ সি সন্ধিয়াতে ভাত খায় ; এতিয়া সি ভাত খাই শুলে । 

( প্রয়ােগ কৰিবলগীয়া শব্দঃ খীৰাই , খীৰায় , হেৰুৱায় , হেৰুৱাই ) 

( ক ) বুঢ়ীয়ে বাৰে বাৰে বাট ……………. তেওঁ বাট ……………… চামগুৰিত ওলালগৈ । 

উত্তৰঃ বুঢ়ীয়ে বাৰে বাৰে বাট হেৰুৱায় ; তেওঁ বাট হেৰুৱাই চামগুৰিত ওলালগৈ ।

( খ ) দেউতাই গাই ……………. তেওঁ গাই ……………… গা ধুবলৈ গ’ল ।

উত্তৰঃ দেউতাই গাই খীৰায ; তেওঁ গাই খীৰাই গা ধুবলৈ গ’ল । 

প্রশ্ন ৪। কালি মাথোন আহিলাে মই 

                 জীয়েকৰ ঘৰৰ পৰা , 

           ভাদমহীয়া ক’লী গৰুৰহে 

                     জগিছে দমৰা । 

—এই কথাখিনি কোনে কাক কৈছিল ? ইয়াত কাৰ জীয়েকৰ ঘৰৰ কথা কোৱা হৈছে ? 

উত্তৰঃ কথাখিনি বাপুৱে আমৈক কৈছিল । ইয়াত আমৈৰ জীয়েকৰ (জেতুকীৰ ) ঘৰৰ কথা কোৱা হৈছে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top