Niketan Class 5 Assamese Chapter 1 মৰমৰ আই

Niketan Class 5 Assamese Chapter 1 মৰমৰ আই Sankardev Sishu Niketan Class 5 Assamese Chapter 1 মৰমৰ আই Question Answer to each chapter is provided in the list so that you can easily browse through different chapters and select needs one.

Niketan Class 5 Assamese Chapter 1 মৰমৰ আই

Join Telegram channel

Sankardev Class 5 Assamese Question Answer can be of great value to excel in the examination. Assam Board Sankardev Sishu Niketan Class 5 Assamese Chapter 1 মৰমৰ আই gives you a better knowledge of all the chapters. You can get solutions to questions of both basic and advanced levels.

মৰমৰ আই

Chapter – 1

ASSAMESE

SANKARDEV SISHU NIKETAN

প্রশ্ন ১। উত্তৰ দিয়া-

( ক ) তােমাক তুলি – তালি কোনে ডাঙৰকৰিলে ? 

উত্তৰঃ আয়ে মােক তুলি – তালি ডাঙৰ কৰিলে । 

( খ ) মৰমৰ আইক আমি কিয় পাহৰিব নােৱাৰাে ? 

উত্তৰঃ আয়ে দুগালত চুমা খাই আমাক তুলি – তালি ডাঙৰ কৰিছে । মৰমতে বুকুত শুৱাই লৈ তেওঁ আমাক টোপনি নিয়াইছিল । নৰিয়াত পৰি কান্দিলে , তেৱো দুখতে কান্দিছিল । অ’ত – ত’ত ধৰি থিয় হ’বলৈ শিকোঁতে কেতিয়াবা পৰি গ’লে আয়ে দৌৰি আহি আমাক নিচুকাইছিল । আমাৰ প্রতি আইৰ এনেকুৱা অসীম মৰম , সেই পূজনীয়া আইজনীক আমি সেয়েহে কেতিয়াও পাৰহিব নােৱাৰোঁ । 

( গ ) সৰুতে তােমাক কোনে নিচুকাইছিল ? 

উত্তৰঃ আয়ে নিচুকাইছিল । 

প্রশ্ন ২। চমু উত্তৰ দিয়া –

( ক ) অ’ত – ত’ত থিয় দিওঁতে শিশুটি পৰিলে মাকে তাক কেনেদৰে নিচুকায় ? 

উত্তৰঃ নাম – গুণ গাই নিচুকায় । 

( খ ) বেমাৰত পৰি শিশুটিয়ে দুখ পালে মাকে কি কৰে ? 

উত্তৰঃ মাকে শিশুটিৰ মুখলৈ চাই হুমুনিয়াহ কাঢ়ি কান্দে । 

প্রশ্ন ৩। নিচুকনি গীত কাক বােলে ? 

উত্তৰঃ সৰু ল’ৰা – ছােৱালীক টোপনি নিয়াবলৈ গােৱা গীতবােৰেই নিচুকনি গীত । এনে গীতক অসমীয়া লােকগীত বুলিও কোৱা হয় । 

প্রশ্ন ৪। “ মােৰ প্রতি এনে যাৰ মৰম অসীম   

              কেনেকৈ যিজনক মই পাহৰিম ? ” 

—এই কবিতাফাকিত ‘ যিজনক ’ বুলি কাক বুজাইছে ? 

উত্তৰঃ মাকক বুজাইছে ?

প্রশ্ন ৫। শব্দার্থ লিখা –

নৰিয়া , তুলি – তালি , যেৱে , স্নেহ , একেথিৰে , ধাৰ , হুমুনিয়াহ , লালকাল , নিচুকা , অসীম , তযু , মউসনা 

উত্তৰঃ    

শব্দঅর্থ
নৰিয়াবেমাৰ
তুলি – তালিলালন – পালন কৰা
যেৱেযেতিয়া
স্নেহ চেনেহ , মৰম
একেথিৰেলৰচৰ নকৰাকৈ
ধাৰসোঁত
হুমুনিয়াহদুখত দীঘলকৈ লােৱা উশাহ
লালকালপ্রায় চেতন নথকা নিচুকা
নিচুকাকান্দোন এৰুৱা
অসীমসীমা নথকা
তযুতােমাৰ
মউসনাসুমধুৰ

প্রশ্ন ৬। খালী ঠাই পূৰণ কৰা –

( প্ৰয়ােগ কৰিবলগীয়া শব্দঃ পূজনীয়া , নাম – গুণ , অসীম , দুগালত , তুলি – তালি ) 

( ১ ) আয়ে মােক ……………….. ডাঙৰ কৰিছে । 

উত্তৰঃ আয়ে মােক তুলি – তালি ডাঙৰ কৰিছে । 

( ২ ) তেওঁ মােৰ মৰমৰ …………………আই । 

উত্তৰঃ তেওঁ মােৰ মৰমৰ পূজনীয়া আই ৷ 

( ৩ ) আয়ে মােক ………………….. গাই নিচুকাইছিল । 

উত্তৰঃ আয়ে মােক নাম – গুণ গাই নিচুকাইছিল । 

( ৪ ) মােৰ প্রতি আহৰ …………………..আই ।

উত্তৰঃ মােৰ প্রতি আইৰ অসীম মৰম । 

( ৫ ) আয়ে মােক …………………. চুমা খাই মৰম কৰিছিল । 

উত্তৰঃ আয়ে মােক দুগালত চুমা খাই মৰম কৰিছিল । 

প্রশ্ন ৭। বাক্য ৰচনা কৰা –

ভাগৰ , লালকাল , পূজনীয় , চেনেহ , একেথিৰে । 

উত্তৰঃ ভাগৰ :- মােৰ বৰ ভাগৰ লাগিছে । 

লালকাল :- ভাইটিয়ে এতিয়া লালকাল দি শুই আছে । 

পূজনীয় :- পূজনীয় শিক্ষাগুৰুসকলক আমি চিৰজীৱন মনত ৰখা উচিত। 

চেনেহ :- আইতাৰ চেনেহৰ কথা মই কেতিয়াও পাহৰিব নােৱাৰিম । 

একেথিৰে :- মাকজনীয়ে কেঁচুৱাটোৰ মুখলৈ একেথিৰে চাই আছে । 

প্রশ্ন ৮। তলত দিয়াবােৰৰ কোনবােৰ শব্দ নহয় বাচি উলিওৱা –

প , ল ’ , দ ’ , ক্ষ , বয় , দয় , কলম , টনপ , বননি , উদয় , ঠকৎ , অচপ , থ ’  

উত্তৰঃ প , ক্ষ , দয় , টনপ , ঠকৎ , অচপ । 

প্রশ্ন ৯। তলত দিয়াবােৰৰ কোনবােৰ বাক্য শুদ্ধ নহয় বাচি উলিওৱা –

( ১ ) আয়ে মােক মৰম কৰে । 

( ২ ) কেঁচুৱাৰ আকাশ তলত । 

( ৩ ) আইৰ মাত মৌসনা । 

( ৪ ) তাত দেউতাৰ নৰিয়া ওখ । 

( ৫ ) আহ । 

( ৬ ) যা । 

( ৭ ) অংক কৰ । 

( ৮ ) ইংৰাজী পঢ়া । 

( ৯ ) বানান খা । 

উত্তৰঃ ( ২ ) কেঁচুৱাৰ আকাশ তলত । 

( ৪ ) তাত দেউতাৰ নৰিয়া ওখ । 

( ৯ ) বানান খা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top