Niketan Class 4 Social Chapter 5 অসমৰ যাতায়াত ব্যৱস্থা

Niketan Class 4 Social Chapter 5 অসমৰ যাতায়াত ব্যৱস্থা, Sankardev Sishu Niketan Chapter 5 অসমৰ যাতায়াত ব্যৱস্থা Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসমৰ যাতায়াত ব্যৱস্থা

Chapter – 5

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১ : চমু উত্তৰ দিয়া―

(ক) অসমত কেই প্ৰকাৰৰ যাতায়াত ব্যবস্থা আছে?

উত্তৰ : অসমত চাৰি প্ৰকাৰৰ যাতায়াত ব্যৱস্থা আছে। সেয়া হ’ল— স্থলপথ, জলপথ, ৰে’লপথ আৰু বিমান পথ।

(খ) তোমাৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ নাম লিখা।

উত্তৰ : ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

(গ) অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰ : লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

(ঘ) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো ক’ৰপৰা ক’লৈ গৈছে? 

উত্তৰ : ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথটো বাইহাটা চাৰিআলিত আৰম্ভ হৈ মঙলদৈ খাৰুপেটীয়া-তেজপুৰ-বিশ্বনাথ চাৰিআলি-নাৰায়ণপুৰ-উত্তৰ লখিমপুৰ-ধেমাজি হৈ জোনাইলৈ গৈছে।

(ঙ) অসমৰ লগত ভাৰতৰ সহযোগী পথ কোনটো? 

উত্তৰ : ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।

প্রশ্ন ২ : অসমত কেই প্রকাৰৰ ৰে’লপথৰ সুবিধা আছে আৰু কি কি ? 

উত্তৰ : অসমত এক প্ৰকাৰৰ ৰে’লপথৰ সুবিধা আছে। সেয়া হ’ল ব্রড গেজ।

প্রশ্ন ৩ : অসমত থকা বিমান বন্দৰকেইটাৰ নাম লিখা। 

উত্তৰ : শালনি, বৰৈয়া, মোহনবাৰী, লীলাবাৰী, কুত্তীৰগ্ৰাম আৰু বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। 

প্রশ্ন ৪ : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন দলঙৰ নাম লিখা।

উত্তৰ : শৰাইঘাট, কলীয়াভোমোৰা আৰু নৰনাৰায়ণ সেতু।

প্রশ্ন ৫ : ব্ৰহ্মপুত্ৰৰ ওপৰৰ কোনকেইখন দলঙত পথ আৰু ৰেলৈ পৰিবহন ব্যৱস্থা আছে ?

উত্তৰ : শৰাইঘাট দলং, নৰনাৰায়ণ সেতু আৰু নির্মীয়মান বগীবিল দলঙত।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : অসমত নিৰ্মাণ কৰি থকা এক্সপ্ৰেছ হাইৱে বা দ্রুতবেগী ৰাজপথটোৰ কি নাম ৰখা হৈছে ?

উত্তৰ : ‘ইষ্ট-ৱেষ্ট-কৰিড’ৰ।

প্রশ্ন ২ : অসমৰ একমাত্ৰ পৌৰনিগমখনৰ নাম লিখা।

উত্তৰ : গুৱাহাটী পৌৰ নিগম। 

প্রশ্ন ৩ঃ অসমৰ কোন কোন নদীত জাহাজ চলে ?

উত্তৰ : ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত।

প্রশ্ন ৪ : অসমৰ এটি নদী বন্দৰৰ নাম লিখা

উত্তৰ : পাণ্ডু নদী বন্দৰ।

প্রশ্ন ৫ : অসমত ৰাষ্ট্ৰীয় পথৰ উপৰি আৰু কি কি পথ আছে?

উত্তৰ : গড়কাপ্টানি পথ, পৌৰ পথ আৰু পঞ্চায়ত পথ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top