Niketan Class 4 Social Chapter 2 অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন

Niketan Class 4 Social Chapter 2 অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন, Sankardev Sishu Niketan Chapter 2 অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন Class 4 Social Science Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Assam Board শংকৰদেৱ শিশু নিকেতন Class 4 সমাজ বিজ্ঞান Question Answer can be of great value to excel in the examination.

Join Telegram channel

অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন

Chapter – 2

SANKARDEV SISHU NIKETAN

প্রশ্নোত্তৰ

প্রশ্ন ১: অসমত বাস কৰা পাঁচটা জনজাতিৰ নাম লিখা।

উত্তৰ : বড়ো, কছাৰী, ৰাভা, গাৰো আৰু মিচিং। 

প্রশ্ন ২: অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ কিদৰে ভাগ কৰিব পাৰি ?

উত্তৰ : অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহক ‘ধর্মীয়, কৃষিমূলক আৰু সামাজিক— এই তিনিটা ভাগত ভাগ কৰিব পাৰি।

প্রশ্ন ৩: অসমৰ জনগোষ্ঠীসমূহৰ প্ৰধান উৎসৱসমূহ লিখা। 

উত্তৰ : বিহু অসমৰ জাতীয় উৎসৱ৷ ইয়াৰ উপৰি অসমত বাস কৰা বিভিন্ন নৃগোষ্ঠীসমূহে পালন কৰা প্ৰধান উৎসৱ হৈছে— হিন্দুসকলৰ দুৰ্গা পূজা, ফাকুৱা, দীপাৱলী, ধৰ্মগুৰুসকলৰ জন্মোৎসৱ, তিথি, মুছলমানসকলৰ ঈদ-উল-ফিতৰ, ফাতেহা ই-দোৱাজ-দাহাম, খ্রীষ্টানসকলৰ বৰদিন, গুড ফ্রাইডে’; আহোমসকলৰ মে-ডাম মে-ফি; চাহ বাগানৰ বনুৱা সম্প্ৰদায়ৰ কৰম আৰু টুচু পূজা; বড়োসকলৰ খেৰাই আৰু বাথৌ পূজা; ডিমাচাসকলৰ ৰাজিনী গাৱা আৰু হানি গাৱা; ৰাভাসকলৰ বাইখো; দেউৰীসকলৰ বিচু; কাৰ্বিসকলৰ ৰংকাৰ আৰু হেচ্ছা আৰু মিচিংসকলৰ আলি-আয়ে লিগাং ৷

প্রশ্ন ৪ : ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা :

‘ক’ অংশ‘খ’ অংশ
১। মিচিংদখনা
২। কাৰ্বিএগে: গাছৰ
৩। দেউৰীৰিগু ৰিজাম্ফাই
৪। ৰাভাপিনিকামফ্লাক জাৰেক
৫। বড়োৰিফান কান্দুং
৬। ডিমাচামেখেলা-চাদৰ

উত্তৰ :

‘ক’ অংশ‘খ’ অংশ
১। মিচিংএগে: গাছৰ
২। কাৰ্বিপিনিকামফ্লাক জাৰেক
৩। দেউৰীমেখেলা-চাদৰ
৪। ৰাভাৰিফান কান্দুং
৫। বড়োদখনা
৬। ডিমাচাৰিগু ৰিজাম্ফাই

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১ : খালী ঠাই পূৰণ কৰা :

(ক) অসমৰ চৰকাৰী ভাষা হ’ল……… ভাষা……….৷

উত্তৰ : অসমৰ চৰকাৰী ভাষা হ’ল আর্য ভাষা অসমীয়া।

(খ) জনজাতীয় লোকৰ সাজ-পাৰ সাধাৰণতে .………. ৰঙৰ হয়। 

উত্তৰ : জনজাতীয় লোকসকলৰ সাজ-পাৰ সাধাণতে উজ্জ্বল বঙৰ হয়।

(গ) অসমৰ জাতীয় উৎসৱ বিহু আৰু ………. সকলৰ আলি-আয়ে লৃগাং হ’ল……….ভিত্তিক উৎসৱ।

উত্তৰ : অসমৰ জাতীয় উৎসৱ বিহু আৰু মিচিং সকলৰ আলি-আয়ে লৃগাং হ’ল কৃষি ভিত্তিক উৎসৱ।

(ঘ) সকলো ধৰ্মৰে মূল …………. একে। 

উত্তৰ : সকলো ধৰ্মৰে মূল মন্ত্র একে।

(ঙ) অসমীয়া শিপিনীয়ে বৈ উলিওৱা অতি আদৰৰ আৰু মৰ্যাদাৰ

উত্তৰ : অসমীয়া শিপিনীয়ে বৈ উলিওৱা গামোচাখন অতি আদৰৰ আৰু মৰ্যাদাৰ প্রতীক।

প্রশ্ন ২ : তলত উল্লেখ কৰা উৎসৱ সমূহৰ কোনটো উৎসৱ কোন জনগোষ্ঠীৰ লিখা―

বাইখো, বাথৌ পূজা, ৰাজিনী গাৱা, কৰম পূজা, বিচু, ৰংকাৰ, মে-ডাম-মে-ফি, আলি-আয়ে লৃগাং

উত্তৰ : 

বাইখোৰাভা জনগোষ্ঠীৰ।
বাথৌ পূজাবড়ো জনগোষ্ঠীৰ।
ৰাজিনী গাব্রাডিমাচা জনগোষ্ঠীৰ।
ক’ৰম পূজাচাহ বনুৱা জনগোষ্ঠীৰ৷
বিচুদেউৰী জনগোষ্ঠীৰ।
ৰংকাৰকাৰ্বি জনগোষ্ঠীৰ।
মে-ডাম-মে-ফিআহোম জনগোষ্ঠীৰ৷
আলি-আয়ে লৃগাংমিচিং জনগোষ্ঠীৰ।

প্রশ্ন ৩ : আধুনিক অসমীয়া সৃজনশীল সংগীত সমৃদ্ধ কৰা পাঁচগৰাকী গীতিকাৰ সুৰকাৰ-শিল্পীৰ নাম লিখা―

উত্তৰ : জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, পাৰ্বতী প্ৰসাদ বৰুৱা, ড° ভূপেন হাজৰিকা আৰু ৰুদ্ৰ বৰুৱা ।

প্রশ্ন ৪ : মুছলমানসকলে পালন কৰা দুটা উৎসৱৰ নাম লিখা—

উত্তৰ : ঈদ-উল-ফিটৰ আৰু ফাতেহা-ই-দোৱাজ দাহাম।

প্রশ্ন ৫ : খ্রীষ্টানসকলে পালন কৰা দুটা উৎসৱৰ নাম লিখা।

উত্তৰ : বৰদিন আৰু গুড ফ্রাইডে।

প্রশ্ন ৬ : অসমৰ পাঁচটা বিখ্যাত মন্দিৰৰ নাম লিখা।

উত্তৰ : গুৱাহাটীৰ উমানন্দ মন্দিৰ, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শিৱসাগৰৰ শিৱদ’ল আৰু ধুবুৰীৰ মহামায়া থান মন্দিৰ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top