মাদাৰ টেৰেছা ৰচনা | Mother Teresa Essay in Assamese

মাদাৰ টেৰেছা ৰচনা | Mother Teresa Essay in Assamese

Join Telegram channel

মাদাৰ টেৰেছা এগৰাকী মহিয়সী নাৰীৰ নাম- কুৰি শতিকাৰ জটিল যুগ-যন্ত্ৰণাৰ মাজত আৰ্তৰ্জনৰ সেৱাৰ বাবে জীৱন উচ্চৰ্গা কৰা এগৰাকী পৰম কৰুণাময়ী সেৱিকাৰ নাম। তেওঁ দেবী নহয় মানৱী, কিন্তু নিপীড়িত জনগণৰ বাবে তেওঁ স্নেহময়ী, চিন্তনী, মহাজননী। ভোকাতুৰক তেওঁ অন্ন দিছিল বস্ত্ৰহীনক বস্ত্ৰ দান কৰিছিল, ৰোগক ঔষধ পথ্য আৰু সেৱাৰে সঞ্জীৱিত কৰি তোলে, আশাহীনৰ সমুখত দাঙি ধৰিছিল জীয়াই থকাৰ প্ৰেৰণা আৰু আনকি মৰণ পথৰ যাত্ৰীৰ মনতো জগাই দিছিল জীৱনৰ প্ৰাণ স্পন্দন।

মাদাৰ টেৰেছা ৰচনা | Mother Teresa Essay in Assamese

জন্ম, শিক্ষা | Birth and Education

যুগোশ্লোভিয়াৰ স্কোপ্‌জে নামৰ চহৰত এটা সচ্ছল কৃষকৰ পৰিয়ালত মাদাৰ টেৰেছাই জন্মগ্ৰহণ কৰিছিল ১৯১০ চনৰ ২৭ আগষ্টত। তেওঁৰ আলবেনীয় পিতৃ-মাতৃয়ে সৰুতে নাম ৰাখিছিল এগনেছ। তেওঁৰ জন্মভূমি সেই সৰু চহৰখনৰ এখন চৰকাৰী স্কুলতে এগ্‌নেছে প্রাথমিক শিক্ষা আৰম্ভ কৰিছিল। স্কুলখনৰ কাষতে আছিল ধৰ্ম-যাজক সকলৰ এটি সংগঠন। কিবা এক হৃদয়ৰ আকৰ্ষণত বাৰবছৰীয়া কিশোৰী এগ্‌নেছে সেই সংগঠনত যোগদান কৰিলে। এই দৰেই ভৱিষ্যতৰ এই মহীয়সী মাতৃয়ে জনগণৰ সেৱাৰ উদ্দেশ্যে যেন দীক্ষা গ্ৰহণ কৰিলে। ১৯২৯ চনত সকলো দ্বিধা-সংশয় পৰিত্যাগ কৰি তেওঁ ঘৰৰপৰা একেবাৰে বাহিৰ ওলাই আহিল বিশ্ব-মানৱৰ সুবিশাল প্ৰংগণলৈ।

কৰ্মজীৱন

কলিকতাতেই কৰ্ম জীৱন আৰম্ভ হৈছিল টেৰেছাৰ। ছেণ্ট মার্গাৰেণ্ট স্কুলৰ শিক্ষয়িত্ৰী ৰূপে যোগ দি বঙালী ছাত্ৰী বিভাগৰ প্ৰধান, তাৰ পিছত কিছুদিন অধ্যক্ষাৰূপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সাময়িকভাৱে ছেণ্ট এনৰ ছোৱালীহঁতৰ পৰিচালিকা হৈও আছিল। ‘১৯৪৬ চনৰ ১০ ছেপ্তেম্বৰত পূজাৰ ছুটীত দাৰ্জিলিঙলৈ গৈছিল এগ্‌নেছ। সেইবাৰেই তেওঁ যেন যীশুৰ আহ্বান শুনিবলৈ পালে। ক্ষুধার্ত, আতুৰ, গৃহহীনসকলৰ কল্যাণৰ বাবে তেওঁ যি সংকল্প ল’লে তাৰ পাছত আৰু উভতি চাব লগীয়া হোৱা নাই।

Read Also: নেলছন মেণ্ডেলা ৰচনা | Nelson Mandela Essay in Assamese

মানৱ সেৱা

তেওঁ পৰিধান কৰে নীলা পাৰী দিয়া বগা সূতাৰ শাড়ী, বাঁও কান্ধত পৱিত্ৰ ক্ৰুছৰ চিহ্ন। বিশ্বৰ পীড়িত জনগণৰ মাজত ইমূৰৰপৰা সিমূৰলৈ তেওঁ ঘূৰি ফুৰে। ১৯৫০ চনত তেওঁ “মিছনেৰিজ্‌ অব্ চেৰিটি” গঠন কৰে। মহামান্য পোপে আনন্দেৰে তালৈ স্বীকৃতি প্রদান কৰে। ১৯৫৪ চনত কালীঘাটত স্থাপিত হয় মুমূর্ষুজনৰ বাবে “নিৰ্মল হৃদয়” নামৰ সদন। মৰণ পথৰ যাত্ৰীয়ে ইয়াত লাভ কৰিছে শুবলৈ বিচনা, পেট ভৰাই খাবলৈ খাদ্য আৰু লগতে শুশ্রূষা, মৰিলেও শান্তি আছে তাত। কত জন যে মৰণৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিছে। তেনেকৈ অনাথ শিশুৰ বাবে তেওঁ স্থাপন কৰিলে “নিৰ্মল শিশু ভৱন”। ভাৰতৰ পঁয়ত্রিছখন চহৰ আৰু ভাৰতৰ বাহিৰতো তেওঁ নেতৃত্বত সেৱিকা বাহিনী আৰু সেৱা কৰ্মীৰ বিৰাট দলে কাম কৰি আছে। মাদাৰ টেৰেছাৰ পৰিচালনাত ভাৰততে আছে ৬০ খন স্কুল। ২১৩ খন দাতব্য চিকিৎসালয় আৰু ৫৪টা কুষ্ঠ চিকিৎসা কেন্দ্র।

নিউ ইয়র্ক, অষ্ট্ৰেলিয়াৰ আদিবাসী সকলৰ এলেকালৈ মাদাৰ টেৰেছাৰ কৰ্মথলী বিস্তৃত হৈ আছে। কুন্ঠৰোগীৰ প্ৰতি তেওঁৰ কি গভীৰ মমতা, ঘৃণা নহয়, প্ৰেমেৰেহে কুন্ঠৰোগী সকলৰ সুস্থ জীৱন-যাপনৰ সুবিধা দি সমাজত থাপিব পৰা যায়। এই কথা টেৰেছাই নিজে মর্মে মর্মে বিশ্বাস কৰিছিল আনকো তেনে আচৰণ কৰিবলৈ উদাত্ত আহ্বান জনাইছিল।

স্বীকৃতি

বিশ্বাবাসীয়ে মাদাৰ টেৰেছাৰ এই উদাৰ মানৱতাবাদী দৃষ্টিভংগীৰ বাবে তেওঁলৈ যাচিছে বিভিন্ন সন্মান আৰু উপাধি। ১৯৭১ চনত তেওঁ “পোপ ত্ৰয়োবিংশ শান্তি পুৰস্কাৰ” লাভ কৰিছে ১৯৭২ চনত “নেহেৰু পুৰস্কাৰ” আৰু পিছৰ বছৰত পাইছে আন্তর্জাতিক বুজাবুজিৰ বাবে “টেম্পলটন্ ফাউণ্ডেচন প্ৰাইজ”। তাৰ মাজতে আছে, “গুড্ চামাৰিটান”, “কেনেডী আন্তর্জাতিক শান্তি পুৰস্কাৰ” আৰু “ডক্তৰ অব্ হিউমেন লেটাৰ্ছ”ৰ দৰে সন্মানীয় বঁটা আৰু উপাধি। ১৯৭৯ চনত মাদাৰ টেৰেছাই শান্তিৰ ন’বেল বঁটা লাভ কৰে। ১৯৮০ চনত ভাৰত চৰকাৰে তেওঁক বিৰল “ভাৰত-ৰত্ন” উপাধিৰে ভূষিত কৰে।

Read Also: Class 12 History Solution

সামৰণি

দৰিদ্ৰসকলেই আমাৰ প্ৰকৃত সমাজ৷ তেওঁলোকৰ নিৰাপত্তাই আমাৰ নিৰাপত্তা, তেওঁলোকৰ স্বাস্থ্যই আমাৰ স্বাস্থ্য”- টেৰেছাৰ এই অমৰ বাণীয়ে উদ্বুদ্ধ কৰিছে বিশ্বৰ দীন-দুখীয়াসকলক৷ তেওঁ নিজেই মূৰ্ত্তিমতী কৰুণাৰ প্ৰতীক, মানৱিক প্ৰমূল্যৰ ধাৰক আৰু বাহক, বাৰ্দ্ধক্য সত্ত্বেও ৰুগ্ন স্বাস্থ্যৰ মাদাৰ টেৰেছাই দুঃস্থজনৰ সেৱা কৰি গৈছিল অহৰহ। মাদাৰ টেৰেছা সঁচাকৈয়ে ত্যাগ আৰু সেৱাৰ মহিমাৰে উজলি থকা এক অনন্যা নাৰী। বাৰ্দ্ধক্যৰ বাবেই ১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰত এই গৰাকী মাতৃৰ পৰলোক প্ৰাপ্তি ঘটে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top