নেলছন মেণ্ডেলা ৰচনা | Nelson Mandela Essay in Assamese

নেলছন মেণ্ডেলা ৰচনা | Nelson Mandela Essay in Assamese

Join Telegram channel

জিন্দাবাদ মেণ্ডেলা, মেণ্ডেলা জিন্দাবাদ

জিন্দাবাদ মেণ্ডেলা, মেণ্ডেলা জিন্দাবাদ

সাতাইছ বছৰ আৰু সাতটা মাহৰ বন্ধ কাৰাগাৰ ভাঙিলা

জিন্দাবাদ মেণ্ডেলা।

……………………….

কৃষ্ণাংগ মহানায়ক নেলছন মেণ্ডেলা আছিল উচ্চ-নীচৰ ভেদাভেদ ওফৰাই সমন্বয়ৰ সাঁকো বন্ধনেৰে পৃথিৱীত ন-প্রভাত সূচনাকাৰী উদ্দীপ্ত সূৰ্য। বিশ্বব্যাপি বৰ্ণবৈষম্যবাদবিৰোধী সংগ্ৰামৰ প্ৰতীক। এই কিংবদন্তি মুক্তিযোদ্ধা গৰাকীৰ সম্পূৰ্ণ নাম নেলছন ৰোলিহলাহলা মেণ্ডেলা। পিতৃৰ নাম গাড়লা হেনৰী এমফাকানিয়াছৰা আৰু মাতৃৰ নাম নছেকেনি ফেনি মেণ্ডেলা। পত্নী গ্ৰাচা মেণ্ডেলা, উইন মেণ্ডেলা, ইভিনিল মেণ্ডেলা আৰু সন্তান জিন্দজি, জেনানি, মাকাজিৰে, মাকগাথো আৰু থেমবেকিলে।

নেলছন মেণ্ডেলা ৰচনা | Nelson Mandela Essay in Assamese

জন্ম, শিক্ষা বিবাহ | Birth, Education Marriage

দক্ষিণ আফ্ৰিকাৰ ট্রান্সস্কেইৰ কুনু নামৰ গাঁৱত ১৯১৮ চনৰ ১৮ জুলাইত নেলছন মেণ্ডেলাই জন্মগ্রহণ কৰিছিল l থেম্বু ৰাজবংশৰ এক কৃষ্ণাংগ ৰাজপৰিয়ালত। সাতবছৰ বয়সত অশিক্ষিত পিতৃ-মাতৃদ্বয়ে গৰুৰখীয়া মেণ্ডেলাখ প্ৰাথমিক শিক্ষাৰ বাবে স্থানীয় মেথডিষ্ট ব’ৰ্ডিং স্কুললৈ পঠিয়ায় ৷ পাছত কৃষ্ণাংগ আফ্রিকানসকলৰ বৃহত্তম বিদ্যালয় ব্লেকবেৰী ব’ৰ্ডিং ইনষ্টিটিউটত মেণ্ডেলাই মাধ্যমিক শিক্ষা আৰম্ভ কৰে। ১৯৩৭ চনত তেওঁ উচ্চ শিক্ষাৰ বাবে ফ’ৰ্ট বিউফ’ৰ্টৰ ৱেছলেইয়ান কলেজত নাম ভৰ্তি কৰে। ইয়াতে তেওঁ বক্সিং আৰু দীর্ঘ দূৰত্বৰ দৌৰত পাৰদৰ্শিতা দেখুৱায়। ১৯৩৯ চনত কলেজৰ পৰা বিতাড়ণ লয় আৰু ফ’ৰ্ট হাৰে বিশ্ববিদ্যালয়ৰ পৰা সংযোগী পাঠ্যক্ৰমৰ জৰিয়তে কলাত স্নাতক ডিগ্রী হয়। ১৯৪১ চনত জোহান্স বাৰ্গলৈ গৈ আইন অধ্যয়ন কৰিবলৈ লয়। ১৯৪২ চনত উইট ৱাটাৰ্ছ ৰেণ্ড বিশ্ববিদ্যালয়ত আইন বিষয়ত নামভৰ্তি কৰে। কিন্তু তেওঁ বৰ্ণবৈষম্যবাদবিৰোধী বিদ্ৰোহৰ বাবে আইনৰ চূড়ান্তবৰ্ষত তিনিবাৰকৈ অনুতীর্ণ হয় আৰু ১৯৪৯ চনৰ ডিচেম্বৰত সেই আশা ত্যাগ কৰে। পাছত দক্ষিণ আফ্ৰিকাৰ কেপ্টাউনত আইনৰ ডিগ্ৰী ল’বলৈ সক্ষম হয়।

১৯৪৪ চনত প্ৰথমা পত্নী ইভেলিন মেজৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু ১৯৫৮ চনত দুয়োৰে বিচ্ছেদ ঘটে। ১৯৫৮ চনত সমাজকর্মী উইনি মেডিকিজেলাক বিয়া কৰায়। মেণ্ডেলাৰ পৰৱৰ্তী সংগ্রামী জীৱনত উইনিয়ে অনবদ্য ভূমিকা পালন কৰিছিল। উইনিৰ সৈতেও ১৯৯২ চনৰ ১৩ এপ্ৰিলত বিচ্ছেদ ঘটাত মেণ্ডেলাই আশীবছৰীয়া জন্মদিনত গ্ৰাচা মাচেলক বিয়া কৰায়।

Read Also: শচীন ৰমেশ তেণ্ডুলকাৰ ৰচনা | Sachin Ramesh Tendulkar Essay in Assamese

কৰ্মজীৱন

জাতীয় মুক্তিৰ সংগ্ৰামৰ পৰা দেশৰ ক্ষমতালাভলৈকে নেলছন মেণ্ডেলাৰ আছিল বর্ণাঢ্য জীৱন পৰিক্ৰমা। মেণ্ডেলাৰ শৈশৱ কাল গৰখীয়া হিচাপে আৰম্ভ হৈছিল। সমনীয়াৰ সৈতে গৰু চৰোৱাত তেওঁ ব্যস্ত আছিল। ১৯৪১ চনৰ এপ্ৰিলত মেণ্ডেলা জোহান্সবার্গ চহৰত উপস্থিত হয় আৰু তাৰ ‘ক্রাউন মাইনছ’ত তেওঁ নৈশ চকীদাৰ হিচাপে যোগদান কৰে। তাতে তেওঁ দক্ষিণ আফ্ৰিকাৰ পুঁজিবাদী শোষণ ব্যৱস্থাৰ মুখামুখি হয় প্ৰথমবাৰৰ বাবে আৰু তাৰ পৰা এদিন পলায়ন কৰি পাছত জৰ্জ গছ চহৰত থাকিবলৈ লোৱাৰ সময়তে মেণ্ডেলাৰ সাক্ষাৎ ঘটে এ এন চিৰ সদস্য ৱাল্টাৰ ছিহ্বলুৰ সৈতে।

তেনেদৰেই তেওঁ উইটকিন, ছিডেলক্সি আৰু ইডেনমেন নামৰ আইনী প্রতিষ্ঠানত কাম কৰে। এই প্রতিষ্ঠানটোত এ এন চিৰ অনুগত বহু কৰ্মী ভৰি আছিল আৰু তাতে মেণ্ডেলাৰ মনত বর্ণবৈষম্যবাদবিৰোধী প্ৰতিবাদী মনটো প্রোথিত হয় ৷ মেণ্ডেলাই আফ্রিকান নেচনেল কংগ্ৰেছত যোগ দিছিল ১৯৪২ চনত। ইয়াৰ সদস্য হিচাপে সুদীৰ্ঘ ২০ বছৰ ধৰি মেণ্ডেলাই দক্ষিণ আফ্ৰিকাৰ চৰকাৰৰ বিৰুদ্ধে গান্ধীৰ আদৰ্শেৰে শান্তিপূর্ণ অহিংস প্ৰতিৰোধ গঢ়ি তোলে। ১৯৪৩ চনৰ আগষ্টত বৰ্ধিত বাছ ভাড়া প্রত্যাহাৰৰ দাবীত মেণ্ডেলাই ‘বাছ বৰ্জন’ কাৰ্যসূচী এটাৰ নেতৃত্ব দিয়ে আৰু সেয়াই আছিল তেওঁৰ বিপ্লৱী মনটোৰ প্রথম বিস্ফোৰণ ।

১৯৪৩ চনত উইটৱাটাৰ্ছ বেণ্ড বিশ্ববিদ্যালয়ত আইন পঢ়ি থকা কালত বর্ণবৈষম্যৰ মুখামুখি হোৱা মেণ্ডেলাৰ কেইবাজনো উদাৰমনা আৰু কমিউনিষ্ট ভাবাপন্ন ইউৰোপিয়ান, ইহুদি আৰু ভাৰতীয় ছাত্ৰৰ লগত সাক্ষাৎ হয়। ইয়াৰ ভিতৰত জ’ছলভা, হেৰী স্কুৱাৰ্জ আৰু ৰুথফাষ্ট অন্যতম। এ এন চিত যোগদান কৰাৰে পৰা ৱাল্টাৰ ছিছুলুৰ ওলাপ্তোত থকা ঘৰত মেণ্ডেলাহঁতৰ আড্ডা জমি উঠিছিল । ৰাজনীতিৰ প্ৰতি আগ্রহী হয় মেণ্ডেলাৰ দৰে বহু যুৱক। ১৯৪৯ চনলৈ তেওঁৰ এই বিপ্লৱী মনটো ভালদৰে ঠন ধৰি উঠে। ১৯৪৮ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনত কেৱল শ্বেতাংগক ভোট দিয়াৰ অনুমতি দিয়া হৈছিল আৰু তাৰে প্রতিবাদত মেণ্ডেলা বিদ্রোহী হৈ পৰে। আৰম্ভ হয় নেচনেল কংগ্ৰেছৰ বেনাৰত বিদ্ৰোহৰ নতুন অধ্যায়।.১৯৫৫ চনৰ ফেব্ৰুৱাৰীত জোহান্সবার্গত অহিংস পদ্ধতিৰে কৃষ্ণাংগৰ এটা সংঘ ভাঙি পেলোৱাৰ প্ৰতিবাদ কৰিবলৈ গৈ ব্যৰ্থ হোৱা নেলছন মেণ্ডেলাই ঘোষণা কৰিছিল- এ এন চি অহিংস নহয়; হিংস্ৰ আৰু সশস্ত্ৰ বিপ্লৱ কৰিলেহে লক্ষ্যত উপনীত হ’ব পাৰি। ইয়াৰ বাবে তেওঁ চীনৰ পৰা অস্ত্ৰ আনিবলৈ ঘনিষ্ঠ সতীর্থ ৱাল্টাৰ ছিছুলুক পৰামর্শ দিয়ে।

বিপ্লৱ আৰু কাৰাবাস

১৯৫৫ চনৰ জুনত ক্লিপ্টাউনত তিনিহাজাৰ প্ৰতিনিধিৰ উপস্থিতিত এখনি অভিৱৰ্তন অনুষ্ঠিত হয়। কিন্তু আফ্ৰিকানাৰ চৰকাৰে এই অভিৱৰ্তন ব্যৰ্থ কৰে৷ পিচে মেণ্ডেলাৰ বাবে এই অভিৱৰ্তনখনৰ গুৰুত্ব পিছলৈ বহুলাংশে বৃদ্ধি পায় আৰু তেওঁ নেতৃত্ব ল’ব পৰা গুণ বৰ্জন কৰে। এই সময়খিনিতে চৰকাৰে তেওঁক ৰাজহুৱা স্থানত উপস্থিত হোৱাত কেইবাবাৰো বাধা নিষেধ আৰোপ কৰে। অধিবক্তা হিচাপে বহুসময়ত চৰকাৰ বিৰোধী কার্যকলাপত লিপ্ত হোৱাৰ বাবে ১৯৫৬ চনত চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰে যদিও প্ৰমাণৰ অভাৱত মুক্তি দিবলৈ বাধ্য হয়। অৰ্থাৎ ১৯৫৬চনৰ ৫ ডিচেম্বৰত মেণ্ডেলাক দেশদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মেণ্ডেলাই ১৯৬১ চনত অহিংস আন্দোলনত বিশ্বাস হেৰুৱাই এটা সশস্ত্র বাহিনী গঠন কৰে আৰু চৰকাৰী বাহিনীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাত তেওঁক গ্ৰেপ্তাৰ কৰে। ১৯৬১ চনৰ ২৯ মাৰ্চত ছবছৰীয়া বিচাৰৰ অন্তত মেণ্ডেলাক দোষমুক্ত ঘোষণা কৰা হয়।

কিন্তু ১৯৬২ চনৰ ৫ আগষ্টত মেণ্ডেলাক পুনৰ গ্ৰেপ্তাৰ কৰা হয় আৰু এই বছৰৰে নৱেম্বৰত পাঁচবছৰৰ কাৰাদণ্ডেৰে জোহান্সবার্গ মাৰ্ছাল স্কোৱেৰ জেলত ৰখা হয়। প্রায় ১৭৩ জন সাক্ষী, হাজাৰৰো অধিক নথি-পত্ৰ আৰু ফটোগ্রাফ মেণ্ডেলাৰ বিৰুদ্ধে উত্থাপন কৰি আৰম্ভ হয় ঐতিহাসিক ৰিভ’নিয়া বিচাৰ ৷ দেশদ্ৰোহ, চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্র আদি দোষ জাপি দি ১৯৬৩ চনৰ ৯ অক্টোবৰৰ পৰা প্ৰিট’ৰিয়া ছুপ্ৰিম ক’ৰ্টত আৰম্ভ হয় ৰিভ’নিয়া বিচাৰ। ১৯৬৪ চনৰ ১২ জুনত নেলছন মেণ্ডেলাক চৰকাৰবিৰোধী ৰাজনৈতিক কর্মকাণ্ডত জড়িত থকাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ হুকুম দিয়া হয়। কিন্তু তাৰ পূৰ্বে ১৯৬২-১৯৮২ চনলৈ তেওঁক ৰ’বেন দ্বীপৰ এটা নিৰ্জন কুঠৰীত ৰখাৰ হুকুম দিয়া হৈছিল। বৰ্ণবৈষম্যবাদ বিৰোধী সংগ্ৰামৰ নেতাগৰাকীয়ে এই কাৰাগাৰতে ২৭ বছৰ কাল বন্দীজীৱন অতিবাহিত কৰি মুক্তিকামী জনগণৰ মাজত প্ৰেৰণাৰ উৎস হৈ পৰে। কিন্তু ১৯৮২ চনত ৰ’বেন দ্বীপৰ পৰা তেওঁক পুনৰ পলছুমুৰ জে’ললৈ স্থানান্তৰ কৰি ইয়াত ১৯৮৮ চনলৈ ৰখা হয়। এই সময়খিনিতে তেওঁ যক্ষ্মা ৰোগত আক্রান্ত হয় আৰু সেই চনতে মেণ্ডেলাক ভিক্টৰ ভাৰ্ছষ্টাৰ জে’লত ৰখা হয়।

মেণ্ডেলাৰ মুক্তি আৰু বঁটা

১৯৮৯ চনত বার্লিনৰ প্ৰাচীৰ ভঙাৰ পিছতে মেণ্ডেলাৰ মুক্তিৰ দাবী সৰৱ হয়। অৱশেষত ১৯৯০ চনৰ ২ ফেব্ৰুৱাৰীত তেওঁ কাৰামুক্ত হয় । জে’লৰ পৰা মুক্ত হৈয়ে তেওঁ ডেছমণ্ড টুটুৰ ঘৰত আশ্রয় লয়। গঢ়ি তোলা সংগ্ৰামৰ অন্য এক বীৰত্বপূর্ণ ইতিহাস। তাৰ পাছত জোহান্সবার্গৰ ছ’কাৰ চিটিত একলাখ জনতাৰ সন্মুখত মেণ্ডেলাই দক্ষিণ আফ্ৰিকাত পৰিৱৰ্তনৰ ক্ষণ সমাগত বুলি ঘোষণা কৰে। ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ মেণ্ডেলাই আফ্রিকা মহাদেশ ভ্ৰমণৰ বাবে ওলায়৷ তেওঁ ‘মুক্ত দক্ষিণ আফ্রিকা’ ধ্বনিৰে জাম্বিয়া, জিম্বাব’ৱে, নামিবিয়া, লিবিয়া, আলজেৰিয়া ভ্ৰমণ কৰি ছুইডেন হৈলগুত উপস্থিত হয় আৰু ইংলণ্ডত মাৰ্গাৰেট থেচ্ছাৰক, ফ্রান্সত ফ্রাছোৱা মিট্ৰাৰেণ্ড, আমেৰিকাত জৰ্জ এইচ ডব্লিউ বুশ্বক সাক্ষাৎ কৰি ৰাষ্ট্ৰনেতা হোৱাৰ কছৰৎ আৰম্ভ কৰে। ১৯৯১ চনৰ জুলাইত মেণ্ডেলা এ এন চিৰ সভাপতি নির্বাচিত হয়। ১৯৯২ চনৰ ১৩ এপ্ৰিলত দ্বিতীয়া পত্নী উইনিৰ সৈতে বিবাহ বিচ্ছেদ ঘটে। তেনে সময়তে মেণ্ডেলা আমিনা চাচালিয়া নামৰ এগৰাকী ভাৰতীয় মূলৰ মহিলাৰ প্ৰেমত পৰে। আফ্রিকান নেচনেল কংগ্ৰেছ (এ এন চি)ৰ কৰ্মী ইউচুফ চাচালিয়াব পত্নী আমিনাই ইউচুফৰ মৃত্যুৰ পাছত অকলশৰীয়া জীৱন অতিবাহিত কৰিছিল। কিন্তু মেণ্ডেলাৰ প্ৰেম প্ৰস্তাৱ তেওঁ নাকচ কৰে। সেই প্রস্তাৱ নাকচ নকৰাহ’লে আমিনা হ’লহেঁতেন দক্ষিণ আফ্ৰিকাৰ ‘ফাৰ্ষ্ট লেডী’।

১৯৯৪ চনৰ ২৭ এপ্ৰিলত দক্ষিণ আফ্ৰিকাত প্ৰথমবাৰলৈ এটা মুক্ত সাধাৰণ নির্বাচন অনুষ্ঠিত হয়। সকলোৰে বাবে উৎকৃষ্ট জীৱন’ৰ কথা ঘোষণা কৰা মেণ্ডেলাৰ নেতৃত্বত এ এন চিয়ে ৬২ শতাংশ ভোট লাভ কৰে। তাৰ পাছত ১৯৯৪ চনৰ ১০ মে’ত মেণ্ডেলাই প্ৰিট’ৰিয়াত ৰাষ্ট্ৰপতিৰূপে শপতগ্ৰহণ কৰে। এই শপগ্রহণ অনুষ্ঠানত বিশ্বৰ বিভিন্ন প্ৰান্তৰ চাৰি হাজাৰ প্ৰতিনিধি উপস্থিত আছিল। দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতিৰূপে নেলছন মেণ্ডেলাৰ শপতগ্ৰহণৰ এই দৃশ্য টেলিভিছনযোগে প্রত্যক্ষ কৰিছিল কেইবাকোটি লোকে।

মেণ্ডেলাৰ জীৱন কালত তেওঁ আঢ়ৈশৰো অধিক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল। তাৰ ভিতৰত ১৯৯০ চনত ভাৰতৰ পৰা প্ৰদান কৰা ‘ভাৰত ৰত্ন’ বঁটা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ স্বাধীনতাৰ পদক লাভ কৰে। ভাৰত ৰত্ন’ৰ উপৰি ভাৰতৰ পৰা মেণ্ডেলাই কেইবাটাও বঁটা লাভ কৰে যেনে- জৱাহৰলাল নেহৰু এৱাৰ্ড ফৰ ইণ্টাৰনেচনেল আণ্ডাৰষ্টেণ্ডিং, ইন্দিৰা গান্ধী এৱাৰ্ড ফৰ ইণ্টাৰনেচনেল জাষ্টিচ এণ্ড হাৰমণি, ইণ্টাৰনেচনেল গান্ধী পীচ প্রাইজ ইত্যাদিৰ বাহিৰেও এই মহান নেতাগৰাকীৰ নামেৰে নতুন দিল্লীত এটা পথৰো নামাকৰণ কৰা হৈছে। উল্লেখযোগ্য যে খান আব্দুল গফুৰ খানৰ পাছত নেলছন মেণ্ডেলাই হৈছে ‘ভাৰত ৰত্ন’ লাভ কৰা দ্বিতীয়গৰাকী বিদেশী ব্যক্তি। আন এক আদর্শমূলক কথা যে ১৯৯৩ চনত মেণ্ডেলাই তেতিয়াৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি এফ ডব্লিউ ডি ক্লাৰ্কৰ লগত একেলগে শান্তিৰ নোবেল বঁটা যুটীয়াকৈ গ্ৰহণ কৰিছিল। ১৯৯৫ চনত মেণ্ডেলাই তেওঁৰ বিভিন্ন ভাষালৈ অনুদিত হোৱা “Long Walk to Freedom’ নামৰ গ্ৰন্থখনৰ বাবে এলেন পেটন পুৰস্কাৰ লাভ কৰে।

নেলছন মেণ্ডেলাক ঘোৰ সমালোচকসকলে সন্ত্রাসবাদী আৰু কমিউনিষ্ট ভক্ত বুলি কয়। কিন্তু বিশ্বই জানে দক্ষিণ আফ্ৰিকাৰ এইজন কিংবদন্তি নায়ক আৰু বৰ্ণবৈষম্যবাদবিৰোধী তথা ঔপনিবেশিকতাবাদবিৰোধী বিপ্লৱীৰ মানৱ মুক্তি আন্দোলন কিমান শক্তিশালী আছিল। ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা মেণ্ডেলা আছিল এই পদৰ দায়িত্ব লোৱা প্ৰথমজন কৃষ্ণাংগ দক্ষিণ আফ্ৰিকাৰ লোক। দৰিদ্ৰতা দূৰীকৰণ, সামাজিক সংহতি ৰক্ষা, বৈষম্য দূৰ কৰাৰ বাবে মেণ্ডেলাই চলোৱা প্ৰচেষ্টা সকলোৰে মুখে মুখে। তেওঁৰ ভাষ্য আছিল অতি শক্তিশালী। শ্বাস-প্রশ্বাসৰ দৰেই তেওঁৰ প্ৰতিটো কথাত নিহিত হৈ আছিল তাৎপর্য। কৃষ্ণাংগৰ অধিকাৰ আৰু স্বাধীনতাৰ বাবে যুঁজ কৰা মেণ্ডেলাৰ প্ৰধান অস্ত্ৰ আছিল। ১৯৬৪ চনত তেওঁৰ কুটাঘাত আৰু ৰাজদ্ৰোহৰ গোচৰৰ বিচাৰত আত্মপক্ষৰ সমৰ্থনত তেওঁ কৈছিল- ‘মই শ্বেতাংগৰ অৱদমনৰ বিৰুদ্ধে যুঁজ দিছোঁ আৰু মই যুঁজ দিছোঁ কৃষ্ণাংগৰ অৱনমনৰ বিৰুদ্ধে। যিখন সমাজত সকলো লোকে মিলাপ্ৰীতি আৰু সম অধিকাৰেৰে বসবাস কৰিব পাৰে। তেনে এখন গণতান্ত্ৰিক আৰু মুক্ত সমাজৰ মই পোষকতা কৰিছোঁ। এয়া এটা আদৰ্শ আৰু ইয়াৰ বাবেই মই জীয়াই আছোঁ আৰু ইয়াকে মই লাভ কৰিব বিচাৰোঁ। এই আদৰ্শৰ বাবে যদিহে প্রয়োজন হয়, তেন্তে ইয়াৰ বাবে মই মৰিবলৈকো সাজু।

Read Also: Class 10 Science Solution

সামৰণি

এইজন যুগন্ধৰ পুৰুষে কথামতে কাম কৰি পৃথিৱীত মানৱৰ মুকতি আৰু শান্তিৰ বৃক্ষ ৰোপণ কৰিলে । উচ্চ-নীচ কিম্বা বৰ্ণবৈষম্যবাদ বিৰোধী সংগ্ৰামেৰে নিজৰ জয়ধ্বজা উৰুৱালে। মেণ্ডেলাৰ কেইটামান উক্তি মানৱ সমাজৰ বাবে প্ৰাতঃস্মৰণীয়, সেয়া হ’ল- প্ৰথমতে, “শিক্ষাই হৈছে আটাইতকৈ শক্তিশালী অস্ত্ৰ, যাৰ দ্বাৰা আপুনি বিশ্বত পৰিৱৰ্তন আনিব পাৰে।’ দ্বিতীয়তে, সুখৰ দিনত অথবা বিজয়োৎসৱ পালনৰ সময়ত পিচফালৰ পৰা নেতৃত্ব প্ৰদান কৰি আনক আগবাঢ়ি যাবলৈ দিব লাগে। কিন্তু বিপদৰ সময়ত নেতৃত্ব প্রদান কৰিব লাগে সদায় সন্মুখৰ পৰা। তেতিয়াহে আপোনাৰ নেতৃত্বত সকলোৱে প্রশংসা কৰিব।’ তৃতীয়তে, ‘যদিহে আপুনি আপোনাৰ শত্ৰুৰ সৈতে একেলগে শান্তি প্রতিষ্ঠা কৰিব বিচাৰে, তেনেহ’লে আপুনি শত্ৰুৰ সৈতে একেলগে কাম কৰিব লাগিব।

তেতিয়া সেই শত্রুও হৈ পৰিব আপোনাৰ বন্ধু ।’ চতুৰ্থতে, ‘যদিহে আপুনি এজন ব্যক্তিৰ লগত তেওঁ বুজি পোৱা ভাষাত কথা পাতে, তেন্তে সেয়া তেওঁৰ মগজুত সোমায়। কিন্তু যদিহে আপুনি তেওঁৰ ভাষাত কথা পাতে সেয়া সোমায় তেওঁৰ হৃদয়ত।’ সেয়েহে এই মহান মুক্তিপিয়াসী মহানায়কৰ প্ৰতি আদর্শ আমি গ্রহণ কৰা উচিত। এই মহানায়কগৰাকীয়ে পৃথিৱীবাসীক কন্দুৱাই পৰধামলৈ যাত্ৰা কৰিলে ২০১৩ চনৰ ৫ ডিচেম্বৰ তাৰিখ বৃহস্পতিবাৰে পৰিয়ালৰ সদস্যৰ উপস্থিতিত জোহান্সবার্গত থকা নিজা বাসগৃহৰ পৰা। তেওঁ মহাপ্রয়াণত পৃথিৱীবাসীয়ে হেৰুৱালে এপদ মহঙীয়া সম্পদ। ক্ষতি হ’ল পৃথিৱীৰ মানুহৰ বহু আকাংক্ষিত সপোন। এজন দৃঢ়মনা বিপ্লৱী আৰু সংস্কাৰবাদী ৰাজনীতিক হিচাপে বিশ্ব ইতিহাসত সদায় অমৰ হৈ থাকিব তেওঁ। এইগৰাকী আজন্ম বিপ্লৱী আৰু কৃষ্ণাংগ মহানায়কৰ মহাপ্রয়াণৰ লগে লগে বিশ্বজুৰি উঠিছে কান্দোনৰ ৰোল। 

মৃত্যুৰ পাছতো সর্বত্র উঠিছেজিন্দাবাদ মেণ্ডেলা ধ্বনি। মুকুতিৰ সূৰ্যই সমগ্ৰ বাহুৰ অমোঘ শক্তিৰে নিপীড়িত, নেষ্পেষিত জনতাক দেখুৱাইছিল স্বপ্নময় আলোকৰ বাট; সেই সূর্য যেন আজি অস্ত গ’ল পশ্চিম আকাশত। ৰাজনীতি, ধৰ্ম, ক্রীড়া, সংস্কৃতি আদিকে ধৰি সকলো ক্ষেত্ৰৰ সকলো স্তৰৰ মানুহ আজি ম্রিয়মান হৈ পৰিছে। ভাৰত, আমেৰিকা, ব্ৰিটেইন, ৰাছিয়া, চীন আদিৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ উপৰি ৰাষ্ট্ৰসংঘৰ মহাসচিবে দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতিৰ প্ৰয়াণত গভীৰ শোকপ্ৰকাশ কৰে। ভাৰত চৰকাৰে মেণ্ডেলাৰ মৃত্যুত পাঁচদিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰে। ধৰাধামত তেওঁ মৰিও অমৰ হৈৰ’ল। তেওঁৰ আত্মাই পৰধামত শান্তি লভক- সেয়েহে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু আশীৰ্বাদেৰে- জিন্দাবাদ মেণ্ডেলা, মেণ্ডেলা জিন্দাবাদ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top