Mental Health Issues Unit 2 Education and Mental Health

Mental Health Issues Unit 2 Education and Mental Health Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Mental Health Issues Unit 2 Education and Mental Health to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Mental Health Issues Unit 2 Education and Mental Health Question Answer can be of great value to excel in the examination.

Join Telegram channel

Mental Health Issues Unit 2 Education and Mental Health

Mental Health Issues Unit 2 Education and Mental Health Notes cover all the exercise questions in UGC Syllabus. The Mental Health Issues Unit 2 Education and Mental Health provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Education and Mental Health

EDUCATION

MENTAL HEALTH ISSUES

মানসিক স্বাস্থ্যৰ বিচাৰ্য বিষয়সমূহ

Q.1. What is meant by adjustment? Discuss adjustment as a process.

উত্তৰঃ এটা সুস্থ আৰু স্বভাবিক ব্যক্তিত্বৰ শিশু গঢ় দি তুলাটো আমাৰ সিকলোৰে কাম্য যদিও বাস্তৱ ক্ষেত্ৰত এই লক্ষ্য সাধন কৰাটো সহজ কথা নহয়।আনকি সুস্থ আৰু স্বাভাৱিক ব্যক্তিনো কোন আৰু প্ৰকৃত লক্ষণনো কেনে এই কথাৰ সন্তোষজনক আৰু সৰ্বসন্মত ব্যাখ্যা এটা পোৱাটো কঠিন।কোনো এক বিশেষ সামাজিক আৰু সাংস্কৃতিক জনগোষ্ঠীৰ লোকে এক বিশেষ ৰীতিৰ ক্ৰিয়াৰ আচৰণ যদি স্বাভাৱিক আৰু গ্ৰহণযোগ্য বুলি বিবেচনা কৰে আন এক জনগোষ্ঠীৰ লোকৰ বাবে সি স্বাভাৱিক আৰু সুস্থ বিবেচিত হৈ নুঠিবও পাৰে।নৃতত্ব বিজ্ঞানত এনে বহুতো উদাহৰণ পোৱা যায় যাৰ দ্বাৰা এই কথা স্পষ্টভাৱে কব পাৰি যে মানুহৰ তথাকথিত’স্বাভাৱিক’আৰু’গ্রহণযোগ্য’বুলি বিবেচিত আচৰণৰ মাজত বিশেষ পাৰ্থক্য আছে।ইয়াৰ গুড়িতেই হৈছে আমাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ৰীতি-নীতি আৰু নৈতিক বিচাৰ-বিবেচনাবোৰৰ মাজত থকা ভিন্নতা।

প্ৰতিটো শিশুৱেই জন্মৰ পিছত সমাজৰ এক বিশেষ সাংস্কৃতিক জীৱনৰ পৰিবেশটোৰ মাজত সোমাই পৰে আৰু তাৰ লগত অকাত্মবোধ ভাব গঢ়ি তোলাৰ চেষ্টা কৰে।তাৰ খোৱা-বোৱা,পিন্ধা-উৰা,আচাৰ-আচৰণৰ পৰা আৰম্ভ কৰি মনৰ ভাব-অনুভূতি, অভিপ্ৰায়, প্ৰয়োজন আৰু মানসিক চিন্তাধাৰালৈ ই সামৰি লয়।সমাজৰ নীতি -নিয়ম আৰু বাধা-নিষেধসমূহৰ অনুৱৰ্তী কৰি তাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ নিয়ন্ত্ৰণ কৰে।দেহ-মনৰ জৈৱিক প্ৰয়োজন,আশা-আকাংক্ষা, কামনা-বাসনা আৰু অভিপ্ৰায়বোৰ নিজ পৰিবেশত যথাসম্ভৱ পূৰণৰ চেষ্টা কৰে।সেইবাবে শিশুৰ মনো-দৈহিক প্ৰয়োজনবোৰ আৰু সামাজিক পৰিস্থিতি আৰু বিধি-বিধানবোৰৰ মাজত সমতা স্থাপন কৰি এক সন্তোষজনক অৱস্থা লাভ কৰাই হৈছে ব্যক্তিত্ব সমায়োজন।আমাৰ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক শিক্ষা ব্যৱস্থাৰো মূল উদ্দেশ্য হৈছে শিশোৱে তাৰ সামাজিক আৰু সাংস্কৃতিক জীৱনধাৰাৰ লগত ভালদৰে পৰিচিত হোৱা, তাৰ লগতে নিজকে খাপ খুৱাই লোৱা আৰু তাৰ অনুগামী হৈ চলা।এনে কৰিব পৰা অৱস্থা এটাকে ব্যক্তি সমায়োজন বুলিব পাৰি আৰু ইয়ে হৈছে সৰ্বসাধাৰণৰ বিবেচনাত এক স্বাভাৱিক অৱস্থা।মন কৰিবলগীয়া যে এনে সমায়োজন কৰিবৰ বাবেই শিক্ষা-ব্যৱস্থা সমাজৰ দ্বাৰা সুপৰিকল্পিতভাৱে ৰচনা কৰা হয়, উদ্দেশ্যপ্ৰণোদিতভাৱে নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰা হয়।ইয়াৰ অনুগামী হৈ নচলা অথবা ইয়াৰ পৰা ব্যতিক্ৰম আৰু বিচ্যুত হৈ পৰা ব্যক্তিৰ অৱস্থা এটাকে অস্বাভাৱিক আচৰণ বোলা হয়।এনে লোকৰ ব্যক্তিত্ব অপসমাযোজিত বুলি বৰ্ণনা কৰা হয়।

সুস্থ সমায়োজন স্থাপন কৰি আমাৰ প্ৰতিক্ৰিয়া আৰু আচৰণ স্বাভাৱিক কৰি তোলাটো সকলোৰে বাবে বাস্তৱ ক্ষেত্ৰত সম্ভৱ হৈ নুঠে।ইয়াৰ বাবে ব্যক্তিত্বৰ কেতবোৰ নিজস্ব গুণ বা ক্ষমতাৰ প্ৰয়োজন।এইবোৰ হৈছে-

(১) ব্যক্তিৰ দৈহিক স্বাস্থ্য আৰু ৰোগমুক্ততা।

(২) মানসিক শান্তি আৰু অসুস্থ আৱেগৰ প্ৰভাৱমুক্ততা।

(৩) ব্যক্তিৰ সাধাৰণ কৰ্মক্ষমতা, অভিজ্ঞতা আৰু কৰ্মপটুতা।

(৪) ব্যক্তিৰ প্ৰতিক্ৰিয়া আৰু আচৰণৰ সামাজিক গ্ৰহণযোগ্যতা।

ব্যক্তিগত ভাৱে এনেবোৰ গুণসম্পন্ন ব্যক্তিত্বইহে নিজৰ চাৰিওফালৰ যিকোনো সামাজিক পৰিৱেশত সহজে সুস্থ সমায়োজন লাভ কৰিব পাৰে।প্ৰক্ৰিয়া হিচাপে 

সমায়োজন (Adjustment as process) : সমায়োজনক এটা প্ৰক্ৰিয়াৰ দৃষ্টিকোণেৰে বিশ্লেষণ কৰিব পৰা যায়।সেই দৃষ্টিকোণৰ পৰা ব্যক্তি আৰু তেওঁৰ চৌপাশৰ পৰিবেশৰ মাজত সংগতি সাধনৰ বাবে সংঘটিত আন্ত:ক্ৰিয়াই হ’ল সমায়োজন।অৰ্থাৎ ব্যক্তিয়ে সন্মুখীন হোৱা নিজৰ পৰিবেশ আৰু পৰিস্থিতিৰ লগত ভাৰসামতা স্থাপনৰ গতিশীল প্ৰক্ৰিয়াটোৱেই সমায়োজন প্ৰক্ৰিয়া হিচাপে সমায়োজন বিষয়ে আলোচনা কৰা-

(ক) সমায়োজন এক অবিৰত প্ৰক্ৰিয়া (Adjustment is a continuous) : সমায়োজন এবিধ জীৱনজুৰি চলা অবিৰত প্ৰক্ৰিয়া। ইয়াৰ শেষ নাই।মানুহৰ জন্মৰ মুহূৰ্তত পৰা বা তাতকৈ শুদ্ধ কবলৈ গলে মাতৃগর্ভত স্থিতি লোৱাৰ মুহূৰ্তৰে পৰা আৰম্ভ হৈ মৃত্যু পৰ্য্ন্ত সমায়োজন প্ৰক্ৰিয়াটো চলি থাকে।মানুহৰ প্ৰয়োজন আৰু পৰিবেশ পৰিস্থিতিৰ পৰিৱৰ্তন হৈয়েই থাকে।এই পৰিৱৰ্তিত পৰিবেশ-পৰিস্থিতিয়ে অবিৰতভাৱে নতুন নতুন প্ৰত্যাহ্বান আৰু সমস্যাৰ সৃষ্টি কৰে।ফলত, সম্পূৰ্ণৰূপে সমায়োজন বা সম্পূৰ্ণৰূপে সমতুষ্টি পোৱাৰ কথাটো নাহে।এয়া সিদ্ধিলাভৰ এক অবিৰত প্ৰক্ৰিয়া মাথোন।

(খ) সমায়োজন এক দ্বি-পক্ষিক প্ৰক্ৰিয়া : সমায়োজন প্ৰক্ৰিয়াক এবিধ দ্বি-পক্ষিক প্ৰক্ৰিয়া বুলি কোৱা হয়।ইয়াত দুটা পক্ষ থাকে, ব্যক্তিজন নিজে আৰু চৌপাশৰ পৰিবেশ। চৌপাশৰ পৰিবেশ-পৰিস্থিতিৰ সৈতে সামঞ্জস্য নিজে ৰক্ষা কৰিবৰ কাৰণে কেতিয়াবা আমি নিজকে পৰিৱৰ্তন কৰে।বা আন কেতিয়াবা আমাৰ পৰিবেশ-পৰিস্থিতিকহে পৰিৱৰ্তন কৰো।শীতকালৰ লগত ৰাজিতা খোৱাই গৰম কাপোৰ পিন্ধাটো প্ৰথম বিধৰ উদাহৰণ আৰু শীতকালৰ পৰা হাত সাৰিবৰ কাৰণে ঘৰ আৰু কৰ্মস্থানত বাতানুকূল যন্ত্ৰ ব্যৱহাৰ কৰি পৰিবেশটোকে কৃত্ৰিমভাৱে হলেও পৰিৱৰ্তন কৰাটো দ্বিতীয় বিধৰ উদাহৰণ ।মুঠৰ ওপৰত,সমায়োজন প্ৰক্ৰিয়াত পৰিৱৰ্তন আৰু অনুকূলন দুয়োফালৰ পৰাই আহিব পাৰে।

(গ) সমায়োজন হ’ল চাহিদা পূৰণৰ প্ৰক্ৰিয়া :  সুখে শান্তিৰে থাকিবৰ কাৰণে আমাৰ প্ৰয়োজনবোৰ পূৰণ হোৱাটো অতিকে দৰকাৰী।প্ৰয়োজনবোৰ পূৰণ নহলে মানুহ অসুখী আৰু ভাৰসমতাহীন হৈ পৰাৰ সম্ভাৱনা থাকে।চাহিদাবোৰে সৃষ্টি কৰা এই ভাৰসমতাহীন অৱস্থাৰ পৰা মুক্তি লাভ কৰিবৰ বাবে সমায়োজন দৰে প্ৰক্ৰিয়াৰ দৰকাৰ।সমায়োজন প্ৰক্ৰিয়াৰ জৰিয়তে মানুহৰ শাৰীৰিক,মানসিক আৰু সামাজিক চাহিদাবোৰ পৰিতৃপ্ত হয়।

(ঘ) সমায়োজন হ’ল অনুকূলন প্ৰক্ৰিয়া : সমায়োজন প্ৰক্ৰিয়াক উপয়োজন বা অনুকূলন প্ৰক্ৰিয়া বুলি ক’ব পৰা যায়।ইয়াক জীৱবিজ্ঞানৰ ভাষাত উৎপৰিৱৰ্তন বুলিও ক’ব পাৰি।পৰিৱৰ্তিত আৰু প্ৰতিকূল পৰিবেশত খাপ খাবৰ কাৰণে নিজকে পৰিৱৰ্তন আৰু সংশোধন কৰাটোকেই উৎপৰিৱৰ্তন বোলা হয়।সেই দৃষ্টিকোণৰ পৰা সমায়োজনক অনুকূল বা উৎপৰিৱৰ্তনৰ এক প্ৰক্ৰিয়া বুলিব পাৰি।

Q.2. মানসিক স্বাস্থ্যৰ সৈতে সময়োজনৰ সম্বন্ধ ব্যাখ্যা কৰা?

উত্তৰঃ মানসিক স্বাস্থ্যৰ লগত সময়োজনৰ সম্বন্ধ : 

এজন লোকৰ মানসিক স্বাস্থ্য সুস্থ বা অসুস্থ হৈ উঠাটো নিৰ্ভৰ কৰে তেওঁ নিজ পৰিবেশৰ লগত কৰা সুস্থ বা অসুস্থ সমায়োজন বা সম্বন্ধ স্থাপনৰ ওপৰত।মানুহ হৈছে এক প্ৰতিক্রিয়াশীল জীৱ ।তেওঁ যি ধৰণৰ পৰিবেশ বা পৰিস্থিতি প্ৰাপ্ত হয়, সেই অনুক্ৰমে প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰি উঠে।প্ৰতিজন লোকৰে নিজস্বভাৱে কেতবোৰ দেহ-মানসিক প্ৰয়োজন থাকে।এই প্ৰয়োজনবোৰ দৈহিক, মানসিক, আৱেগিক, সামাজিক আৰু নৈতিকস্বৰূপে বিভক্ত কৰি উঠিব পাৰি।এই ভিন্নমূখী প্ৰয়োজনবোৰৰ আশানুৰূপভাৱে পূৰণ কৰা হৈ উঠিলে সুস্থ সমায়োজন সম্ভৱ হৈ উঠে।এনে প্ৰয়োজনবোৰ আশানুৰূপ পূৰণ হৈ নুঠিলে ব্যক্তিত্বৰ অসমায়োজন হৈ উঠি মানসিক অস্বাভাৱিকতা আৰু ৰোগগ্রস্ততাৰ সৃষ্টি হয়।মানসিক স্বাস্থ্যৰ মনোবিজ্ঞানত ই এক মৌলিক বিবেচনাযোগ্য বিষয়।প্ৰসংগত বিশেষ মন কৰিবলগীয়া কথা হৈছে যে মানুহ কেৱল এক প্ৰতিক্ৰিয়াশীল জীৱই মাথোন নহয়।জৌবিক বিবেচনাৰে মানুহক জীৱশ্ৰেষ্ঠ স্বৰূপে গণ্য কৰা হয়।এই শ্ৰেষ্ঠত্বৰ মূল বিশেষত্ব এয়ে যে মানুহৰ দেহ-মানসিক প্ৰয়োজনবোৰ পুৰণতেই মানুহ ক্ষান্ত নাথাকে।অন্ন-বস্ত্ৰ, বায়ু-পানী আদিৰ মৌলিক প্ৰয়োজন পূৰণৰ উপৰিও বৌদ্ধিক, আৱেগিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক আদি প্ৰয়োজন মানুহে পূৰণ কৰি উঠিব লাগে।সেয়ে হৈ উঠিলে সুস্থ সমযোজিত ব্যক্তিত্বৰ অধিকাৰী মানুহ হৈ উঠিব পাৰে।উদাহৰণস্বৰূপে কলেজ-বিশ্ববিদ্যালয় উচ্চ শিক্ষাই মানুহৰ শৈক্ষিক প্ৰয়োজন বা জ্ঞানৰ প্ৰাপ্তি লাভ কৰিব পাৰে।মৰম-আদৰ-যত্ন,নিৰাপত্তা, পৰ্যাপ্ততা আদিয়ে আৱেগিক প্ৰয়োজন পূৰণ কৰিব পাৰে।সমাজত স্থান-মান,স্বকৃতি,স্বাধীনতা, ক্ষমতা আদিয়ে সামাজিক প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে।সেইদৰে ইতিবাচক মনোভাৱ,উচিত মূল্যবোধ ভাব,গ্ৰহণযোগ্য নৈতিক আদৰ্শ,সজ চৰিত্ৰ আদি নৈতিক অনুকূল পৰিস্থিতিয়ে ব্যক্তিৰ মনত নৈতিক মূল্যবোধ ভাব জগাই তুলিব পাৰে।এনেবোৰ দৃষ্টান্তৰ পৰা এই কথা স্পষ্ট হৈ উঠে যে ব্যক্তিৰ মানসিক স্বাস্থ্য তেওঁৰ বিধিৰ প্ৰয়োজন গ্ৰহণযোগ্যভাৱে পুৰণেৰে পৰিবেশৰ লগত কৰা সুস্থ সমায়োজনৰ ওপৰত।ব্যক্তিৰ মানসিক স্বাস্থ্য ৰক্ষাৰ চাবি-কাঠি সেয়েহে এনে এটা অৱস্থাৰ ওপৰত একান্ত নিৰ্ভৰশীল।ইয়াৰ অন্যথাই মানসিক ৰোগগ্রস্ততাৰে ব্যক্তিত্বৰ অপসমাযোজনত ভুগিবলগীয়া হয়।

Q.3. শিশুৰ প্ৰতিৰক্ষা আৰু ব্যক্তিৰ সমায়োজন কৌশলসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ শিশুৰ প্ৰতিৰক্ষা আৰু সমায়োজন কৌশলসমূহ: 

শিশুৰ ব্যক্তিত্ব বিকাশৰ বেলিকা এই প্ৰতিৰক্ষা আৰু সমায়োজন কৌশলবোৰৰ ভূমিকা বিশেষ তাৎপৰ্যপূৰ্ণ ।শিশু কালছোৱাত তাৰ দেহ মানসিক আৰু আৱেগিক প্ৰয়োজন আৰু অভিপ্ৰায়বোৰৰ প্ৰভাৱ স্বাভাৱিকতেই অধিক।এইবোৰৰ প্ৰয়োজন তাৰ পৰিবেশে উপযুক্তভাৱে পূৰণ কৰিব নোৱাৰা হেতুকে সি প্ৰতিৰক্ষাৰ বিভিন্ন কৌশল অৱলম্বন কৰে।শিশু আৰু ব্যক্তিত্ব আৰু আচৰণ ভালদৰে জানিবলৈ হলে এইবোৰৰ সম্ভাৱ্য কৌশলৰ বিষয়ে আমি জনা উচিত।এই সমায়োজন কৌশলবোৰৰ  কেতবোৰ বিশেষ অনিষ্টকাৰী নহয়, বৰং শিশুৰ ব্যৰ্থতাৰ দুখ উপশম কৰাত সি সহায়কাৰী হৈ উঠিবহে পাৰে।কিন্তু আন কেতবোৰ তাৰ ব্যক্তিত্ব বিকাশৰ ক্ষেত্রত বিশেষ অনিষ্টকাৰী হৈ দেখা দিয়ে আৰু সি তাৰ ৰুগ্ন মনৰো পৰিচয় দিয়ে।শিশুৰ এই পৰীক্ষামূলক কৌশলবোৰৰ স্বৰূপ তলত সংক্ষেপে দাঙি ধৰিবলৈ চেষ্টা কৰা হৈছে।

(১) পশ্চাদসৰণ : ,ব্যৰ্থতা আৰু দুখদায়ক পৰিস্থিতিৰ সন্মূখীন হ’বলৈ নিবিচাৰে আৰু তাৰ পৰা আঁতৰি থাকিবলৈ শিশোৱে এই ব্যৱস্থা গ্ৰহণ কৰে।এনে অপসৰণ কাৰ্য দৈহিক আৰু মানসিক দুয়োবিধৰেই হ’ব পাৰে।যেনে শিশোৱে ঘৰত পঢ়া-শুনা কৰিবলৈ টান পোৱা বাবে এই পৰিস্থিতিৰ পৰা দৈহিকভাৱে নিজক আঁতৰাই ৰাখিবলৈ টোপনিৰ আশ্রয় ল’ব পাৰে, ঘনে ঘনে পানী খোৱা বা ইটো-সিটো কৰিবলৈ যোৱাৰ অজুহাতত পঢ়া ঠাইৰ পৰা উঠি যাব পাৰে।শিশুৰ এনেবোৰ পৰিচিত আচৰণ তাৰ দৈহিকভাৱে কৰা পশ্চাদসৰণৰ পৰিলক্ষিত স্বৰূপ।প্ৰাক-কৈশোৰ আৰু কৈশোৰ কালত ল’ৰা-ছোৱালীয়ে শ্ৰেণীৰ পাঠ গ্ৰহণত কঠিনতা অনুভৱ কৰা বাবে অথবা শিক্ষকৰ প্রতি থকা ভয় আৰু ঘৃণাৰ বাবে স্কুলৰ পৰা পলায়ন কৰে।কিশোৰ-কিশোৰীয়ে ঘৰৰ পৰা পলায়ন কৰাৰ কাৰণো হৈছে ব্যৰ্থতাৰ পৰিস্থিতিৰ পৰা মানসিকভাৱে কৰা এই পশ্চাদপসৰণ কার্য।

(২) আক্ৰমণ : ব্যৰ্থতাৰ পৰিস্থিতিৰ পৰা আঁতৰি থকা অথবা পলায়ন কৰাৰ পৰিবৰ্তে সংশিষ্ট ব্যক্তি বা বিষয়ক দৈহিকভাৱে আৰু মৌখিকভাৱে আক্ৰমণ কৰা আচৰণ সচৰাচৰ শিশুৰ বেলিকা দেখা পোৱা যায়।অসহিষ্ণুতা,বিবেচনাহীনতা আৰু নিবুদ্ধিতাৰ হেতুকে ব্যৰ্থতাৰ পৰিস্থিতিত শিশোৱে নিজৰ ক্ৰোধভাব আক্ৰমনাত্মকভাৱে প্ৰদৰ্শন কৰে।সি বিচৰা বস্তুটো নাপালে বা নিদিলে খঙত আন বস্তু দলিওৱা আৰু ভঙা,আনক প্ৰহাৰ কৰা,চিঞৰি কন্দা আৰু মুখেৰে আবাচ্য মাত মতা আদি আচৰণ সচৰাচৰ পৰিলক্ষিত হয়।শিশুৰ কৃত্ৰিমতাহীন আচৰণ আৰু আত্ম নিয়ন্ত্ৰণহীনতাৰ বাবেও এনে হ’ব পাৰে।মন কৰিবলগীয়া যে কোনো কোনো শিশুৱে এনে আক্ৰমণ এক আত্মপীড়নৰ মনোভাৱেৰে নিজৰ প্ৰতিও কৰিব পাৰে।এই অৱস্থাত মাটিত বাগৰি দিয়া, বেৰত কপাল খুন্দিওৱা আদি আচৰণ সচৰাচৰ দেখা পোৱা যায়।

(৩) অৱদমন : ব্যৰ্থতাৰ পৰিস্থিতিত আক্ৰমণ কৰাৰ পৰিবৰ্তে শিশোৱে তাৰ বিপৰীত আচৰণ প্ৰদৰ্শন কৰিব পাৰে।অবদমনৰ অৰ্থ হৈছে মনৰ আপুৰণ হৈ ৰোৱা আৰু ব্যৰ্থকাম হোৱা আশা-আকাংক্ষাবোৰৰ স্মৃতি পাহৰণিৰ যোগে সচেতন মনৰ পৰা আঁতৰাই অচেতন মনত লুকুৱাই ৰখা কাৰ্য।ইয়াৰ ফলত ব্যৰ্থতাৰ বেদনদায়ক অভিজ্ঞতাৰ স্মৃতিৰ পৰা মনক ৰক্ষা কৰিব পাৰি।অৱশ্যে পৰিস্থিতিৰ প্ৰতিকূল অৱস্থাৰ হেতুকে শিশোৱে সঘনে এই অৱদমনৰ আশ্ৰয় লোৱা কাৰ্য তাৰ বাবে মানসিকভাবে ক্ষতিকাৰক। ইয়াৰ ফলত শিশুৰ ক্ৰিয়া-আচৰণ সংকুচিত হয়, মুক্ত আত্ম-প্ৰকাশৰ শিশু-সুলভ প্ৰবৃত্তি নোহোৱা হয় আৰু শিশু-ব্যক্তিত্ব বন্ধমনা আৰু ৰোগগ্রস্ত অন্তমূৰ্খতাত পৰিণত হয়।

(৪) প্ৰক্ষেপণ : নিজৰ ভুল আৰু ব্যৰ্থতা মানি নলৈ তাক অচেতনভাৱে ঢাকি ৰখাৰ উদ্দেশ্যেৰে আন ব্যক্তি বা বিষয়লৈ সেই ভুল নিক্ষেপ কৰা কৌশলক প্ৰক্ষেপণ বোলা হয়।ইয়াৰ যোগেদি নিজৰ ভুল-ক্ৰুটিৰ বাবে আনক জগৰীয়া কৰি প্ৰতিৰক্ষাৰ এক ভুৱা আত্ম-প্ৰত্যয় লাভ কৰা হয়। ল’ৰা- ছোৱালীয়ে খেলা-ধূলাত পৰাজিত হৈ বহু সময়ত সেই পৰাজয় মানি নলয় আৰু প্ৰতিপক্ষৰ লগত মৌখিক বিবাদ আৰু অৰিয়া-অৰিত অৱতীৰ্ণ হয়।খেলা-ধূলাৰ বেলিক ল’ৰা-ছোৱালীৰ মাজত হোৱা হাই-কাজিয়াৰো প্ৰধান কাৰণ হৈছে প্ৰক্ষেপণ কৌশল। সেইদৰে স্কুলত পঢ়া নোৱাৰিলে ‘শিশুক ভালদৰে নুবুজায়’ আৰু পৰীক্ষা বেয়া হ’লে ‘প্ৰশ্নকাকত টানকৈ কাটিছিল’আদি দোষাৰোপ কৰা সচৰাচৰ দেখা পোৱা যায়।

(৫) অস্বীকাৰকৰণ : সমায়োজনৰ এক সহজ-সৰলপ্ৰক্ৰিয়া হৈছে দুখদায়ক আৰু ব্যৰ্থতামূলক পৰিস্থিতিক সাধাৰণভাৱে অস্বীকাৰ কৰা।ইয়াৰ যোগেদি ব্যক্তিয়ে নিজকে ব্যৰ্থতা আৰু দোষণীয়তাৰ পৰা গা এৰাই চলিবলৈ চেষ্টা কৰে।ইয়াৰ ফলত উদ্ভৱ হব পৰা উৎকণ্ঠাৰ পৰা চেতন মনক ৰক্ষা কৰিব পাৰে।ই প্ৰক্ষেপণ কাৰ্যতকৈ কম দোষণীয়।শিশুক অভিযুক্তকৰণৰ সুৰত কোনো দোষণীয় ক্ৰিয়া-আচৰণ কোনে কৰিলে তাক সুধিলে-মই  নাজানো,মই কৰা নাই-আদি প্ৰৰিচিত উত্তৰ সচৰাচৰ পোৱা যায়।ই শিশুৰ বাবে ফাঁকি দিয়া আৰু মিছা কথা কোৱা বদ অভ্যাস একোটা গঢ় দি তোলে।

(৬) যুক্তিযুক্তকৰণ : নিজ ব্যৰ্থতাৰ বেদনা ঢাকি ৰাখি মনত এক ভুৱা সান্তনা লাভৰ বাবে ইয়াৰ যোগেদি চেষ্টা কৰা হয়।ব্যৰ্থতাৰ পৰিস্থিতি স্বাভাৱিক কৰি তুলিবৰ বাবে ইয়াক ব্যক্তিয়ে সান্তনা লাভৰ দৃষ্টিৰে যুক্তি দাঙি ধৰে আৰু নিজৰ মনক প্ৰত্যয় নিয়াবলৈ বিচাৰে।শিশু আচৰণত এনে কৌশল প্ৰয়োগৰ দৃষ্টান্ত বহুতো দেখা যায়।কোনো শিশুক সমনীয়াই আক্ৰমণ বা প্ৰহাৰ কৰিলে সি অসহায়ভাৱে মন্তৱ্য কৰে যে দেউতাকক বা কৃতপক্ষক সি কৈ দিব আৰু তেতিয়া তাৰ প্ৰতিশোধ তেওঁলোকে লব।পঢ়া-শুনা আৰু পৰীক্ষাৰ ফলাফলত অকৃতকাৰ্য হলে অথবা কোনো কাম সি কৰিব নোৱাৰিলে আন কোনো অকৃতকাৰ্য শিশুৰ লগত তাৰ তুলনা কৰি নিজৰ ব্যৰ্থতাক যুক্তিযুক্ত কৰিবলৈ বিচাৰে ।আঙুৰ খাবলৈ নোপোৱা বাবে আঙুৰ টেঙা ,মিঠাই খাবলৈ নোপোৱা বাবে মিঠাইবোৰ বেয়া আদি মন্তব্য দি বয়স্থকলেও শিশুৰ ব্যৰ্থতামূলক পৰিস্থিতি বহু সময়ত যুক্তিযুক্তকৰণ কৰি তুলিবলৈ চেষ্টা কৰে।

(৭) প্ৰতিগমন : ই হৈছে এবিধ অচেতন মনৰ প্ৰচেষ্টা যাৰ যোগেদি ব্যক্তিয়ে বৰ্তমানৰ দুখদায়ক পৰিস্হিতিৰ উপযুক্তভাৱে সন্মুখীন হ’ব নোৱাৰি অতীতৰ স্মৃতি বা ক্ৰিয়া-আচৰণৰ আশ্রয় লয়।এই ক্ষেত্ৰত ব্যক্তিয়ে সময়োপযোগী ক্ৰিয়া-আচৰণ গ্ৰহণৰ পৰিবৰ্তে অসহায় অৱস্থাত অতীতৰ স্মৃতি আৰু ক্ৰিয়াৰ মাজত আত্মগোপনৰহে চেষ্টা কৰে।শিশোৱে এনে পৰিস্থিতিৰ সন্মূখীন হৈ কেঁচুৱাৰ দৰে কন্দা,ঠুনুক ঠানাকভাৱে শব্দ-উচ্চাৰণ কৰা আৰু হাত-ভৰি আদি সঞ্চালন কৰা দেখা যায়।পৰিস্থিতিৰ হাত সাৰিবৰ বাবে এনে অৱস্থাত শিশুৰ আচৰণ তাৰ বয়সৰ অনুপাতে অধিক নিম্ন পৰ্যায়লৈ নামে।

(৮) চিনাক্তকৰণ : নিজ ব্যক্তিত্ব দুৰ্বল আৰু অনাকৰ্ষনীয় হোৱা হেতুকে আন শক্তিশালী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ আশ্রয় লোৱা আৰু তেনে লোকৰ ভাব-অনুভূতি আৰু আচৰণ নিজৰ বুলি গ্ৰহণ কৰা কাৰ্য্য হৈছে চিনাক্তকৰণ।ব্যক্তিৰ অচেতন মনৰ এবিধ প্ৰক্ৰিয়া যাৰ যোগেদি নিজৰ মন:পুত বা আদৰ্শ-ব্যক্তিৰ চিন্তা আৰু ক্ৰিয়া নিজৰ অজ্ঞাতেই গ্ৰহণ কৰা হয়।দেহ-মানসিকভাৱে অপৈনত শিশুৰ বেলিকা এনে প্ৰতিক্ৰিয়াৰ প্ৰৱণতা অধিক হয়।শিশোৱে ঘৰত দেউতাকৰ আৰু স্কুলত শিক্ষকৰ ক্ৰিয়া-আচৰণৰ নীৰৱ অনুকৰনেৰে নিজ ব্যক্তিত্ব চিনাক্তকৰণ কৰিবলৈ বিচাৰে ।কৈশোৰ কালত ল’ৰা-ছোৱালী নিজ ব্যক্তিত্বৰ সবলতা-দুৰ্বলতা আদিৰ প্ৰতি অধিক সচেতন হয়।সেইবাবে এই সময়ত নিজৰ মন:পুত আদৰ্শ ব্যক্তিৰ বীৰপূজা কৰি নিজ ব্যক্তিত্বৰ ভাব,চিন্তা আৰু ক্ৰিয়া গঢ় দি তুলিবলৈ বিচাৰে।উপন্যাস অধ্যয়ন আৰু কথাছবি চোৱা কাৰ্যই এই চিনাক্তকৰণ প্ৰক্ৰিয়াত তেওঁলোকৰ সহায় কৰে।

(৯) ক্ষতিপূৰণ : কোনো কোনো লোকে নিজ ব্যৰ্থতা আৰু পৰাজয়ৰ সানি গুচাবৰ বাবে বিকল্প উপায় বা পথ গ্ৰহণৰ যোগে দুৰ্বাৰ প্ৰচেষ্টা চলায়।নিজৰ দৈহিক সক্ষমতা, বৌদ্ধিক নিম্ন-মানবিশিষ্টতা অথবা আৰ্থিক দৰিদ্ৰতাৰ বাবে এনে লোকে হিনাত্মিকতাত ভোগে।সেইবাবে নিজ ব্যক্তিত্বৰ এই ক্ষতিপূৰণ কৰিবলৈ অচেতন মনত এক প্ৰৱণতাই ঠাই লয় আৰু সেই অনুক্ৰমে ক্ৰিয়া-কলপাত অক্ষম হোৱা ছাত্ৰই খেল-পথাৰত বিভিন্ন দৈহিক প্ৰতিযোগিতাত নামি ক্ষতিপূৰণৰ চেষ্টা কৰে।দৈহিকভাৱে অনাকৰ্ষণীয় ল’ৰা-ছোৱালীয়ে ভেকচন প্ৰতিযোগিতাত নামি নানা অংগী-ভংগীৰে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে।মৰম-চেনেহৰ পৰা বঞ্চিত হোৱা শিশোৱে সমাজ-বিৰোধী আৰু অপৰাধপ্ৰৱন ক্ৰিয়া-কলাপৰ যোগেদি ক্ষতিপূৰণৰ অসুস্থ পথ গ্ৰহণ কৰাটো বিশেষ মন কৰিবলগীয়া।

(১০) উন্নীতকৰণ : ব্যক্তিৰ প্ৰয়োজন আৰু আশা-আকাংক্ষাবোৰ তাৰ স্বাভাৱিক পথেদি পূৰণ কৰা সম্ভৱ হৈ নুঠিলে তাক সমাজৰ গ্ৰহণযোগ্যভাৱে পূৰণৰ এক সুস্থ বিকল্প পথ ৰচনা কৰা হয়।বহু সময়ত জীৱবৰ্ত্যাহং ভাবৰ পৰা সৃষ্টি হোৱা ব্যক্তিৰ প্ৰয়োজনবোৰ সমাজৰ বাবে গ্ৰহণযোগ্য হৈ নুঠে।সেইবাবে তাক সুস্থ আৰু সমাজৰ গ্ৰহণযোগ্য পথেৰে পূৰণৰ বাবে আন এক গঠণাত্মক উপায় উদ্ভাৱন কৰা হয়।তাৰ ফলত প্ৰয়োজনবোৰ  ব্যর্থ আৰু অৱদমিত হোৱাৰ পৰা ৰক্ষা পৰে,ব্যক্তিৰ ক্ৰিয়া-আচৰণৰ এক সুস্থ আৰু গঠণাত্মক পথ ৰচিত হয়।শিশুৰ যৌন প্ৰয়োজন তাৰ স্বাভাৱিক পথে পূৰণ কৰাটো সমাজে অনুমতি নিদিয়ে।সেইবাবে সংগীত, নৃত্য আৰু নানাবিধ খেলা-ধূলাৰ যোগেদি এই প্ৰয়োজন সমাজৰ গ্ৰহণযোগ্যভাৱে পূৰণৰ উন্নত আৰু বিকাশশীল পথ ৰচনা কৰা হয়।শিশু শিক্ষা ব্যৱস্থাৰো প্ৰধান উদ্দেশ্য হৈছে তাৰ জৈৱিক প্ৰবৃত্তি আৰু প্ৰয়োজনবোৰ উন্নীতকৰণৰ যোগে সুস্থ পথে নিয়ন্ত্ৰত আৰু পৰিচালিত কৰা।

ব্যক্তিত্ব সমায়োজনৰ কৌশলসমূহ হৈছে এক বহল পৰিসৰৰ মনোবৈজ্ঞানীক আৰু মনোৰোগ বিজ্ঞান সম্বন্ধীয় অধ্যয়নৰ বিষয়বস্তু। সকলো লোকেই অৱস্থা বিশেষে নিজ নিজ ব্যৰ্থতামূলক পৰিস্থিতিত আত্মসন্মান ৰক্ষা কৰিবলৈ আৰু অকৃতকাৰ্যতাৰ অপমান আৰু দোষনীয়তাৰ গ্লানি এৰাই চলিবলৈ অথবা নিজ মনত তাক লঘু বিবেচনা কৰিবলৈ এই কৌশলসমূহৰ সহায় লয়।ওপৰত ইয়াৰ কেতবোৰ সাধাৰণ আৰু শিশোৱে সচৰাচৰ গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ বিষয়েহে বৰ্ণনা কৰা হৈছে।শিশু-ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত ইয়াৰ কেতবোৰ কম অনিষ্টকাৰী আৰু কেতবোৰ অধিক অনিষ্টকাৰী।সি যি নহওক, এনেবোৰ প্ৰক্ৰিয়াৰ যোগেদিয়ে বিভিন্ন সুখ-দুখৰ পৰিস্থিতিত শিশোৱে সমায়োজন স্থাপন কৰে আৰু তাৰ ফলস্বৰূপে ব্যক্তিত্বৰ ক্ৰিয়া-আচৰণে আত্ম-প্ৰকাশ কৰে।

Q.4. Explain the influence of Family on mental health.

উত্তৰঃ  শিশু-মনোভাৱ গঠনত পৰিয়ালৰ ভূমিকা :-

ব্যক্তি, বিষয় আৰু পৰিস্হিতি প্ৰতি দৃষ্টিভংগী, সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ প্ৰতি বন্ধুত্ব আৰু সহযোগিতাৰ মনোভাৱ তথা সুস্থ ব্যক্তিত্বৰ বিকাশ আদি শৈশৱ মনোভাৱ গঠনৰ ওপৰতেই প্ৰধানকৈ নিৰ্ভৰ কৰে।শৈশৱ কালত এক দীঘলীয়া সময়ৰ বাবে মাক-দেউতাকৰ ওচৰত আশ্ৰয় আৰু নিৰ্ভৰশীল জীৱন কটাব লাগে। এই সময়খিনি শিশুৰ মনোভাৱ গঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ।শিশুৱে বিশেষকৈ মাকৰ ওপৰত তাৰ দৈহিক আৰু মানসিক প্ৰয়োজনবোৰ পূৰণৰ বাবে সততে নিৰ্ভৰশীল হয়।এনে অৱস্থাত মাকে তাৰ প্ৰতি যেনে প্ৰতিক্ৰিয়া কৰে সিয়ে শিশুমনত তাৰ মনোভাৱ গঠনৰ ভেঁটি স্থাপন কৰে।এই সময়ত শিশুৰ দেহ-মানসিক প্ৰয়োজনবোৰ মাতৃয়ে উপযুক্ত আৰু সন্তোষজনকভাৱে পূৰণ কৰে -নকৰা অৱস্থাই শিশুৰ মনত ইতিবাচক আৰু নেতিবাচক মনোভাৱ ৰচনা কৰে।মাতৃহাৰ শিশুৱে মাকৰ আদৰ-যত্ন আৰু মৰম-চেনেহৰ পৰা বঞ্চিত হৈ মাহীমাকৰ প্ৰতি যি নেতিবাচক মনোভাৱ গঢ় দি তোলে তাক সহজে অনুমান কৰিব পাৰি।এই সময়ত শিশুৱে মাক-দেউতাকৰ পৰা অধিক সময়ৰ বাবে আঁতৰি থাকিলে অথবা তেওঁলোকৰ পৰা কোনো কাৰণত পৃথক হৈ থাকিব লগা হ’লে সি পৰিয়ালৰ মাজত আৱেগিক নিৰাপত্তাৰ অভাৱ অনুভৱ কৰে।তাৰ মৌলিক প্ৰয়োজনবোৰ পূৰণৰ বাবে আনৰ ওচৰ চাপিব লাগে।এনে অৱস্থাই শিশুক পৰিয়ালৰ মাজত সচৰাচৰ লাভ কৰিব পৰা কেতবোৰ মানৱীয় অনুভূতিৰ পৰাও বঞ্চিত কৰে।মাক-দেউতাকৰ প্রতি শ্ৰদ্ধা-ভক্তি,মৰণ-চেনেহ,ভালপোৱা, সহানুভূতি, সহযোগিতা,সহৃদয়তা আদি মানৱীয় অনুভূতিবোৰৰ পৰা বঞ্চিত হয়।ইয়াৰ ফলত পৰিয়ালৰ লোকৰ মাজত পাৰস্পৰিকতা আৰু আৱেগিক বান্ধোন শিথিল হৈ পৰে আৰু শিশুৰ মনত এক অসুস্থ নেতিবাচক মনোভাৱে ঠাই লয়।এনে এটা অৱস্থাই শিশুৰ ব্যক্তিত্বত পেলোৱা প্ৰতিকূল প্ৰভাৱ সহজেই অনুমান কৰিব পাৰি।

পৰিয়ালৰ মাজত শিশুৱে দেউতাকক প্ৰতি ঘৰখনৰ কর্তৃত্বশীল ব্যক্তি স্বৰূপে আনুগত্য আৰু অনুশাসনৰ যি মনোভাৱ গঢ়ি তোলে সি স্কুলৰ শিক্ষক-শিক্ষয়ীত্ৰীসকলৰ প্ৰতিও সম্প্ৰসাৰিত হয়।স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী আৰু আন আন কৰ্মকৰ্তাসকল শিশুৰ বাবে হয় মাক-দেউতাকৰ প্ৰতিভূ অথবা প্ৰতিকল্প স্বৰূপ।গৃহ পৰিবেশত মাক-দেউতাকৰ প্রতি যেনে দৃষ্টিভংগী আৰু মনোভাৱ গ্ৰহণ কৰে শিক্ষকসকলৰ প্ৰতিও সি তেনে দৃষ্টি গ্ৰহণ কৰে।ঘৰত দেউতাকৰ কুশাসনৰ তলত অসন্তুষ্ট আৰু উগ্ৰ মনোভাৱৰ হৈ উঠা শিশুৱে স্কুলত শিক্ষকৰ প্ৰতি প্ৰয়োজনীয় আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গ্ৰহণ কৰিব নোৱাৰে।এই কথা বহলাই নক’লেও হ’ব যে প্ৰতিটো শিশুৱেই নিজ পৰিয়ালৰ অনুশাসন ব্যৱস্থাৰ প্ৰভাৱ শিক্ষানুষ্ঠানলৈ লগত কঢ়িয়াই লৈ যায়।

পৰিয়ালৰমাজত শিশুৱে লাভ কৰা জাতিগত, ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱৰ মনোভাৱেও স্কুলত আৰু সমাজৰ আন আন দিশত তাৰ মনোভাৱ আৰু আচৰণ প্ৰভাৱিত কৰে।শৈশৱ কালত শিশুৰ মনত জাতিভেদ, ধৰ্মভেদ অথবা সাংস্কৃতিক প্ৰভেদ সম্বন্ধে তেনে কোনো চেতনা নাথাকে।মাক-দেউতাক আৰু বয়সস্ত লোকসকলেহে তেওঁলোকৰ প্ৰভেদমূলক আচৰণ আৰু মনোভাৱৰ দ্বাৰা শিশুৰ মনত এই সম্বন্ধে সচেতনতাৰ ভাৱ আৰু প্ৰভেদৰ মনোভাৱ ক্ৰমে জগাই তোলে।উল্লেখযোগ্য যে ক্ৰিচৱেল নামৰ এজন লোকে আমেৰিকাৰ নিউয়ৰ্ক চিটিত নিগ্ৰো আৰু বগা আমেৰিকান ল’ৰা-ছোৱালীৰ মনত গাৰ ৰং সম্বন্ধে জাতিগত সচেতনতাৰ মনোভাৱ সৃষ্টি হোৱা বিষয়ে এক আকৰ্ষণীয় অধ্যয়ন কৰে।এই অধ্যয়নৰ পৰা জানিব পৰা যায় যে বয়সৰ অগ্ৰগতিৰ লগে লগে শিশুৱে বগা-ক’লা জাতিৰ আত্ম-সচেতনতা লাভ কৰি উঠে।এই ক্ষেত্ৰত এই কথাও জানিব পৰা হয় যে বগা আমেৰিকান সকলৰ ল’ৰা-ছোৱালী ক’লা নিগ্ৰোহকলৰ ল’ৰা-ছোৱালীতকৈ গাৰ বৰণ সম্বন্ধে জাতিগতভাৱে অধিক আত্ম-সচেতন।এনে অধ্যয়নৰ পৰা ক্ৰিচৱেলে মন্তব্য কৰিলে যে আমেৰিকান শিশুৰ মনত সৃষ্টি হোৱা জাতিগত মনোভাৱ সিহঁতৰ পৰিয়ালৰ মাক-দেউতাকসকলৰ প্ৰভাৱৰ প্ৰতিফলন মাথোন।আমাৰ দেশতো জাতি,ধৰ্ম,সংস্কৃতি সম্বন্ধে এনে অধ্যয়ন কৰিলে মূল্যৱান তথা পোৱা যাব পাৰে।

Q.5. ব্যৰ্থতা বা হতাশা, সংঘাত আৰু তাৰ পৰিনীতিসমূহৰ উপযুক্ত বিশ্লেষণ দাঙি ধৰা?

উত্তৰঃ এটি শিশু মূল্যতেই হৈছে এক প্ৰতিক্ৰিয়াশীল জীৱ।পৰিবেশ অনুযায়ী তাৰ দেহ-মনত কেতবোৰ প্ৰয়োজন,ইচ্ছা,আগ্ৰহ,অভিপ্ৰায় আদি সি স্বাভাৱিকতেই অনুভৱ কৰে।এইসমূহ পূৰণ আৰু তাৰ তৃপ্তি সাধনৰ বাবে যি পৰিবেশত বিভিন্ন প্ৰতিক্ৰিয়া আৰু আচৰণ প্ৰদৰ্শন কৰে।আনহাতে পৰিবেশো এনে বৈচিত্ৰপূৰ্ণ যে তাৰ সেই ইচ্ছা অভিপ্ৰায়সমূহ যথাযথভাৱে আৰু অবাধে পূৰণ কৰাটো কেতিয়াও সম্ভৱ নহয়।নানাবিধ দৈহিক, সামাজিক, সাংস্কৃতিক আৰু নৈতিক বাধা-নিষেধ পালন কৰি সি চলিব লাগে ।ফলত তাৰ জীৱবত্যাহং (ইড)ভাবৰ দ্বাৰা পৰিচালিত আশা-আকাংক্ষা আৰু ইচ্ছা-অভিপ্ৰায়বোৰ তাৰ আপোন ৰূপত পূৰণ কৰাত ব্যৰ্থ হয়।এনে ব্যৰ্থতা আমাৰ সকলোৰে জীৱনৰ বাবে এক  অব্যৰ্থ আৰু সৰ্বজনীন অভিজ্ঞতা বুলিব পাৰি।ব্যৰ্থতাৰ এনে অভিজ্ঞতা আৰু পৰিস্থিতিয়ে আমাৰ সকলোৰে ব্যক্তিত্ব গঠন আৰু সমায়োজন যি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে সি বিশেষভাৱে মন কৰিবলগীয়া।

শিশু আৰু বয়সস্ত সকলোৰ বাবে পৰিস্থিতি প্ৰতিকূল স্বৰূপ হৈ উঠা বিভিন্ন কাৰণত মনলৈ ব্যৰ্থতা আনিব পাৰে।এই কাৰণবাৰৰ  ভিতৰত তিনিটা কথা সাধাৰণ ভাবে উল্লেখ কৰিব পাৰি।যেনে-

(১) পুনৰুদ্দীপন বন্ধকৰণ।

(২) বাধাদান । আৰু

(৩) সংঘাত।

এই তিনিওটা অৱস্থাই ব্যক্তিৰ মনত অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে।দৈনন্দিন ব্যৱহার্য কেতবোৰ ক্ৰিয়া আচৰণৰ নিয়মিত পুনৰাবৃত্তি বন্ধ কৰা হ’লে মনলৈ ব্যৰ্থতাৰ ভাৱ আহে। উদাহৰণস্বৰূপে,খোৱা-বোৱা,শোৱা, আমোদ-প্ৰমোদ আদি নিয়মিতভাৱে কৰিবলৈ নোপোৱা বা নিদিয়া অৱস্থা এটা ব্যৰ্থতাৰ কাৰণ হ’ব পাৰে।দ্বিতীয়তে প্ৰয়োজন,ইচ্ছা,অভিপ্ৰায় আদিৰ দ্বাৰা প্ৰভাৱিত ক্ৰিয়া আচৰণবোৰ পুৰণত প্ৰত্যক্ষ বাধাদন কৰা কাৰ্য।যেনে-যাব নোৱাৰাকৈ দুৱাৰ বন্ধ কৰি ৰখা, প্ৰাকৃতিক দুৰ্যোগ সা-সম্পত্তি হানি কৰা, মানসিক বুদ্ধিহীনতা বা দৈহিক বিকলংগতাৰ বাবে প্ৰাপ্য সুবিধাৰ পৰা বঞ্চিত হোৱা, অৰ্থনৈতিক দুৰৱস্থা অথবা সামাজিক অস্পৃশ্যতাৰ বাবে সমাজত স্থান বা মানৰ পৰা বঞ্চিত হোৱা ইত্যাদি।তৃতীয়তে ব্যৰ্থতাৰ আন এটা কাৰণ হৈছে মনত সংঘাতৰ পৰিস্থিতি সৃষ্টি হোৱাটো।যেতিয়া কোনো দুটা সমপৰ্যায়ৰ আৰু সমানে আকৰ্ষণীয় বিষয়ৰ পৰা এটা বাদ দি আনটো নিৰ্বাচন কৰি লব লগা হয় তেতিয়া তাক স্থিৰ কৰিব নোৱাৰা অৱস্থাই দেখা দিলে মনত সংঘাতৰ সৃষ্টি হয়।উদাহৰণস্বৰূপে শিশুক মাক-দেউতাকে খেলিবলৈ তথা ফুৰিবলৈ যাবলৈ ক’লে ইয়াৰ কোনো এটাৰ প্রতি আকৰ্ষণ এৰিব নোৱাৰি তাৰ মনত সংঘাতৰ সৃষ্টি হয়।এই সংঘাতৰ ফলত ত্যাগ কৰিব লগা বিষয়ৰ প্ৰতি মনলৈ ব্যৰ্থতাৰ ভাৱ আহে।

ওপৰত উল্লেখ কৰা দেহ-মানসিক পৰিস্থিতিবোৰে ব্যক্তিৰ উদ্দেশ্য সাধন বিফল কৰি মনলৈ ব্যৰ্থতাৰ ভাৱ আনি দিয়ে।এনে লোকে ব্যৰ্থতামূলক পৰিস্থিতিৰ প্রতি বিভিন্ন ধৰনে সুস্থ-অসুস্থভাৱে প্ৰতিক্ৰিয়া কৰে।এনেবোৰ প্ৰতিক্ৰিয়া কোনো সময়ত মৃদু প্ৰতিবাদ কৰা বিধৰ হ’লেও কোনো কোনো সময়ত অতি উগ্ৰ আৰু দৈহিক আক্ৰমণমূলক হৈ উঠিব পাৰে।ইয়াৰ যোগেদি তেওঁ ক্ষতিপূৰণ বিচাৰি মানসিক উত্তেজনা উপশম কৰে আৰু নিজ পৰিবেশত সময়োজনৰ চেষ্টা কৰে।স্বাভাৱিক আৰু সুস্থ পথে মনৰ উদ্দেশ্য, প্ৰয়োজন আৰু অভিপ্ৰায়বোৰ পূৰণ কৰিব নোৱাৰি এইক্ষেত্ৰত ব্যক্তিয়ে অসুস্থ, অসমাজিক, ধ্বংসাত্মক আৰু প্ৰতিশোধমূলক আচৰণো গ্ৰহণ কৰে।ব্যৰ্থতাৰ ফলত সৃষ্টি হোৱা মানসিক উত্তেজনাৰ উপশম বিচাৰি নিজকে পৰিস্থিতিৰ পৰা প্ৰত্যহাৰ কৰে অথবা অলিক কল্পনা কৰে অথবা আন পক্ষক তাৰ বাবে দোষাৰোপ কৰে।ব্যক্তি আৰু পৰিস্থিতি সাপেক্ষে নিজ মনৰ অসন্তুষ্টি মৌখিকভাৱে অথবা দৈহিক প্ৰহাৰৰ  যোগেও ব্যক্ত কৰে।এইসমূহক ব্যক্তিত্বৰ সমায়োজন কৌশল বুলি জনা যায়।এই কৌশলসমূহ পৰিস্থিতিত পুনৰাবৃত্তিৰ যোগেদি অভ্যস্ত ক্ৰিয়াত পৰিণত হয় আৰু তাৰ ফলত ব্যক্তিত্ব আচৰণৰ এক স্থায়ী ৰূপ ধাৰণ কৰে সকলো লোকেই নিজ নিজ ব্যৰ্থতামূলক পৰিস্থিতিৰ উপশম কৰিবলৈ, মনক তাৰ পৰা প্ৰতিৰক্ষা কৰিবলৈ আৰু তাৰ যোগে পৰিস্থিতিত নিজকে সমায়োজন কৰি ল’বলৈ এনেবোৰ কৌশল কম-বেছি পৰিমাণে অৱলম্বন কৰিব লগা হয়।

Q.5. Discuss the role of education in formation of attitude in the child.

উত্তৰঃ শিশু-মনোভাৱ গঠনত শিক্ষাৰ ভূমিকা : পৰিবেশৰ চাৰিওফালে থকা বিভিন্ন ব্যক্তি,বিষয় আৰু পৰিস্থিতিৰ প্রতি শিশুৰ মনত এক সুস্থ মনোভাৱ গঢ়ি তোলাত সহায় কৰাটো শিক্ষাৰ এক প্ৰধান কৰ্তব্য।অসুস্থ শিক্ষা আৰু সামাজিক ব্যস্ততাৰ ফলত তাৰ মনত যাতে নেতিবাচক আৰু ধ্বংসাত্মক গঢ়ি উঠিব নোৱাৰে তাৰ প্ৰতি শিক্ষক-অভিভাৱকসকল বিশেষ সতৰ্ক হ’ব লাগে।ইতিপূৰ্বে গঢ়ি উঠা অসুস্থ মনোভাৱ সংশোধন কৰি সুস্থ দৃষ্টিভংগী লাভ কৰাত তাক সহায় কৰাটোও সমানেই গুৰুত্বপূৰ্ণ কথা।অভিজ্ঞতাৰ ফলস্বৰূপে মনোভাৱৰ সৃষ্টি হয়।সেইবাবে পৰিবেশ আৰু পৰিস্থিতিৰ আৱশ্যকীয় সাল-সলনি আৰু পৰিৱৰ্তন কৰি শিশুক সুস্থ অভিজ্ঞতা দিয়াব পাৰি আৰু তাৰ পূৰ্বৰ অসুস্থ মনোভাৱ গুচাই সুস্থ আৰু প্ৰয়োজনীয় মনোভাৱ গঢ়ি তুলিব পাৰি।শিশুৰ সুস্থ সামাজিক সমায়োজনৰ বাবে এনে এটা অৱস্থা অতি প্রয়োজনীয়।

বিভিন্ন ব্যক্তি,বিষয় আৰু পৰিস্থিতিয়ে শিশুৰ মনোভাৱ গঠন আৰু সংশোধন কৰিব পাৰে।স্কুলত কোনো এজন শিক্ষকৰ ভাল লগা আচৰণে,শ্ৰেণীত কোনো এজন ছাত্ৰৰ লগত বন্ধুত্ব স্থাপন, কোনো এক পাঠ্য-বিষয়ৰ মন:পুত অধ্যয়নে,সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীত কোনো এটা বিষয়ত সক্রিয় অংশগ্ৰহণে শিশুৰ মনোভাৱ বেয়াৰ পৰা ভালকৈ অথবা ভালৰ পৰা বেয়ালৈও পৰিৱৰ্তন কৰিব পাৰে।এনে বহুতো উদাহৰণ দিব পাৰি য’ত এজন ছাত্ৰই শিক্ষকৰ দুব্যৱহাৰৰ বাবে অথবা বিষয়বস্তু দুৰ্বোধ্য আৰু নিৰস কৰি তুলিবৰ বাবে অথবা সহপাঠীসকলে ৰেগিং কৰাৰ বাবে সেই শিক্ষক,সেই বিষয় আৰু সেই অনুষ্ঠানত নিজৰ অধ্যয়ন ত্যাগ কৰিছে।

বৰ্তমানে প্ৰায়ে দেখা যায় যে ঘৰুৱা পৰিবেশৰ অৰ্থনৈতিক দুৰৱস্থা,স্কুলৰ অসুস্থ শিক্ষা পৰিবেশ আৰু সমাজৰ অস্বাভাৱিক পৰিস্থিতিয়ে ল’ৰা-ছোৱালীৰ মনত অসুস্থ মনোভাৱ গঢ় দি তোলে।গৃহ,শিক্ষা, সমাজ আদি সকলো পৰিবেশতে বৰ্তমান আমি এক অসামঞ্জস্য আৰু বিসংগতিপূৰ্ণ জীৱন-যাপন কৰিছো।শিশুক সত্য আৰু ন্যায়ৰ পথ গ্ৰহণ কৰিবলৈ কৈ মাক-দেউতাকে বাস্তৱ ক্ষেত্ৰত অসৎ আৰু অন্যায় পথেৰে জীৱন নিৰ্বাহ কৰিছে।স্কুলত শিক্ষকে ছাত্ৰক আনৰ লগত সহযোগিতা কৰিবলৈ কৈ পৰীক্ষাত স্থান আৰু মান লাভৰ এক তুমুল প্ৰতিযোগিতালৈ ঠেলি দিছে।ছাত্ৰক কৰ্তব্যপৰায়ন ,সময়নিষ্ঠ আৰু পৰিশ্ৰমি হ’বলৈ উপদেশ দি শিক্ষকে নিজে তাৰ বিপৰীতে আচৰণ প্ৰদৰ্শন কৰাটো বৰ্তমান সাধাৰণ কথাত পৰিণত হৈছে।শিক্ষক অভিভাৱক আৰু সমাজৰ আদর্শৱান ব্যক্তিসকলৰ কথা আৰু কামৰ মাজত থকা বিশেষ ব্যৱধান ছাত্র-ছাত্ৰীসকলে এক বিভ্ৰান্তিকৰ মনোভাৱেৰে লক্ষ্য কৰিছে।সেইবাবে এনে বিসংগতিপূৰ্ণ সামাজিক পৰিবেশে বৰ্তমান ল’ৰা-ছোৱালীৰ মনোভাৱ অসুস্থ আৰু নেতিবাচক কৰি তোলাটো অতি স্বাভাৱিক।

এনে এটা সামাজিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত শিশুৰ মনোভাৱ সুস্থ আৰু গঠনাত্মক কৰি তোলাটো যিমানেই গুৰুত্বপূৰ্ণ সিমানেই ই কঠিন কাম।ইয়াৰ বাবে সমাজৰ সকলো দিশৰ এক সামূহিক আৰু সুসংবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন।বহুলভাৱে ক’বলৈ গ’লে সামাজিক জীৱনৰ দৰ্শন আৰু ক্ৰিয়া ইয়াৰ লগত ওতপ্ৰোতভাৱে জড়িত।সি যি কি নহওক, শিক্ষাৰ কাৰ্যকৰী দিশত শিশুৰ সুস্থ মনোভাৱ গঠন আৰু অসুস্থ মনোভাৱ সংশোধনৰ বেলিকা ল’ব লগা কেতবোৰ ভূমিকাৰ বিষয়ে নিম্নলিখিতভাৱে চমুকৈ উল্লেখ কৰিব পাৰি।

(১) শিশুৰ মনোভাৱ গঠনত গৃহ আৰু শিক্ষা পৰিবেশৰ অনুশাসন ব্যৱস্থাই বিশেষ প্ৰভাৱ পেলায়। এই দুই পৰিবেশতে শিক্ষক-অভিভাৱকসকলে গণতান্ত্ৰিক অনুশাসন ব্যৱস্থা গ্ৰহণ কৰা উচিত।এনে অৱস্থাৰ যোগেদি শিশুৱে নিজ অধিকাৰ আৰু কৰ্তব্য পালনত মুক্ত আৰু সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব পাৰে।নিজ অস্তিত্ব আৰু সন্মানৰ আত্ম-সচেতন হোৱাৰ লগতে সমাজৰ অন্যান্য লোকৰ প্ৰতিও তাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব পাৰে।এই অনুশাসন ব্যৱস্থাৰ ফলত শিশুৱে নিজ সামাজিক পৰিবেশত সুস্থ সমায়োজন স্থাপন কৰি ব্যক্তি, বিষয় আৰু পৰিস্থিতিৰ প্রতি সুস্থ দৃষ্টিভংগী আৰু মনোভাৱ গ্ৰহণ কৰিব পাৰে।

(২) স্কুলৰ আনুষ্ঠানিক শিক্ষা পৰিবেশত নিজৰ ভাব-অনুভূতি আৰু অভিজ্ঞতা আদি মুক্তভাৱে প্ৰকাশৰ সুবিধা শিক্ষকে দিব লাগে।ইয়াৰ বাবে সামূহিক আলোচনা, সামূহিক খেলা-ধূলা, নৃত্য-গীত আদিৰ যোগে আত্ম-প্ৰকাশৰ আৱশ্যকীয় পৰিবেশ ৰচনা কৰিব লাগে।এনে পৰিবেশত ছাত্ৰৰ ভূমিকা আৰু মুখ্য শিক্ষকৰ ভূমিকা গৌণ স্বৰূপেহে বিবেচিত হ’ব লাগে।শিশুৰ সকলো অভাৱ-অভিযোগ, অভিমত,অমত আদি শিক্ষকৰ দ্বাৰা যথোচিতভাৱে বিবেচিত হ’ব লাগে।কোনো শিশুৱেই কোনো ক্ষেত্ৰতে নিজকে অৱহেলিত বুলি ভাবিবৰ থল থাকিব নালাগে।

(৩) শিশুৰ মনোভাৱ গঠনৰ শিক্ষা-পদ্ধতিয়েও ভূমিকা গ্ৰহণ কৰে।ইয়াৰ বাবে শিক্ষা ক্ৰিয়াভিত্তিক আৰু বাস্তৱমূখী কৰি গঢ়ি তুলিব লাগে।শিশুৱে যি শিকে সি তাৰ বাস্তৱ জগতৰ অভিজ্ঞতাৰ লগত সম্বন্ধ-ৰক্ষাকাৰী হোৱা উচিত।শিশুৰ শিক্ষা বিষয় আৰু শিক্ষণ পদ্ধতি তাৰ বাস্তৱ জীৱনৰ বাবে অৰ্থপূৰ্ণ আৰু সংগতি ৰক্ষাকাৰী কৰি তুলিব লাগে।এনে শিক্ষাইহে শিশুৰ মনত সুস্থ ধাৰণা, দৃষ্টিভংগী আৰু মনোভাৱ গঢ় দি তুলিব পাৰে।

(৪) শিশুক সমূহীয়া জীৱন-যাপনৰ সুবিধা দান কৰি সুপৰিচালিত শিশু-সংগঠন আদিয়ে তাৰ মনোভাৱৰ আৱশ্যকীয় সংশোধন কৰিব পাৰে।স্কুলৰ দীঘলীয়া অৱসৰ সময়ত শিক্ষামূলক ভ্ৰমণৰ আয়োজন কৰা, কেম্প অথবা শিবিৰ পাতি অনুশাসিত জীৱনৰ অনুশীলন কৰা, শিশু-অনুষ্ঠান বা শিশু-সংঘঠন আদি স্থাপন কৰি পাৰস্পৰিক সহযোগিতা আৰু সহৃদয়তাৰ ভাব জগাই তোলা আদি কাৰ্য এই ক্ষেত্ৰত উল্লেখযোগ্য।স্কাইড,গাইড,ব্লুবাৰ্ড আদি অনুষ্ঠানৰ শিক্ষামূলক ভূমিকা এইখিনিতেই বিশেষ বিবেচনাযোগ্য।

(৫) শিশুৰ মনত সূক্ষ্ম দৃষ্টিভংগী দান কৰিবৰ বাবে সৌন্দৰ্যবোধক আৰু কলাত্মক অনুভূতি জগাই তোলাটোও প্ৰয়োজন।সুন্দৰ-অসুন্দৰৰ ভেদ ভাৱ শিশুমনক সৃষ্টি কৰিব পৰাকৈ শিক্ষাৰ ব্যৱস্থা কৰা উচিত।ইয়াৰ বাবে শিশুৰ বাহ্যিকভাৱে দৈহিক আচৰণৰ সুন্দৰতা ,চাফ-চিকুণতা আৰু গ্ৰহণযোগ্যতা আদিৰ জ্ঞান দিয়া আৰু তাৰ অনুশীলন কৰা উচিত।তেনে কৰিবলৈ শিক্ষা পৰিবেশৰ দৈহিক তথা বৈষয়িক প্ৰস্তুতিৰো প্ৰয়োজন।মানসিকভাৱে শিশুৱে সুন্দৰতা অনুভৱ কৰা, প্ৰশংসা কৰা আৰু তাক গ্ৰহণ কৰা আদিৰ প্ৰয়োজনীয় পৰিস্থিতি সৃষ্টি কৰি তুলিব লাগে।

(৬) শিক্ষাই শিক্ষাৰ্থীৰ জীৱনৰ প্ৰকৃত মূল্যবোধ উপলব্ধি কৰোৱাব পাৰিলে তাৰ মনত সুস্থ মনোভাৱ গঢ়ি উঠাটো সম্ভৱ হ’ব পাৰে।এই গোটেই প্ৰশ্নটো শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ আৰু তাৰ অন্তৰালত থকা শিক্ষা-দৰ্শনৰ ওপৰত বিশেষ নিৰ্ভৰশীল।শিক্ষাৰ সুস্থ দৰ্শনে তাৰ লক্ষ্য নিৰ্ধাৰণত সহায় কৰে আৰু এনে লক্ষ্যৰ গ্ৰহণযোগ্যতাও অধিক হয়।ইয়াৰ উপযুক্তভাৱে কাৰ্যকৰীকৰণেহে  শিশুক জীৱনৰ সুস্থ ধাৰণা, দৃষ্টিভংগী আৰু মনোভাৱ জগাই তুলিব পাৰে আৰু প্ৰকৃত মূল্যবোধ উপলব্ধি কৰাব পাৰে।

(৭) শিশুৰ দৃষ্টিভংগী আৰু মনোভাৱ সুস্থ আৰু গ্ৰহণযোগ্য কৰি তোলাটো নিৰ্ভৰ কৰে সমাজৰ নৈতিক মূল্যবোধ আৰু তাৰ মানদণ্ডৰ ওপৰত ।যি সমাজৰ লোকৰ ক্ৰিয়া-আচৰণত নৈতিক সচেতনতা অধিক সেই সমাজৰ শিশুৱে নৈতিক ক্ৰিয়া-আচৰণৰ যোগে সমাজৰ বিভিন্ন ব্যক্তি,বিষয় আৰু পৰিস্থিতিৰ প্রতি সুস্থ মনোভাৱ গ্ৰহণ কৰাটো স্বাভাৱিক।শিশু নৈতিকতা গ্ৰহণ আৰু বিকাশ সম্বন্ধে এই অধ্যায়ত ইতিপূৰ্বে বহলাই আলোচনা কৰা হৈছে।

Q.6. মানসিক স্বাস্থ্যত প্ৰভাৱ পেলোৱা কাৰক হিচাপে ঘৰখনৰ প্ৰভাৱ বাখ্যা কৰা?

উত্তৰঃ ঘৰখন হৈছে শিশুৰ প্ৰধান বিচৰণ ক্ষেত্ৰ য’ত পিতৃ-মাতৃ,আৰু ভাতৃ-ভগ্নীৰ ব্যৱহাৰিক দিশৰ জৰিয়তে শিশুৱে বিভিন্ন জ্ঞান আহৰণ কৰে ।যিহেতু প্ৰত্যেক শিশুৱে অনুকৰণৰ জৰিয়তে প্রথমে জ্ঞান আহৰণ কৰে, সেয়েহে ঘৰখনৰ প্ৰত্যকজন সদস্যৰ মাৰ্জিত আচাৰ-°ব্যৱহাৰে শিশুৰ সুস্থ মানসিক তথা বৌদ্ধিক বিকাশত অৰিহণা যোগায়।শিশুৰ মানসিক চৰিত্ৰৰ সুস্থ বিকাশৰ বাবে ঘৰখনৰ পৰিবেশ যাতে সুস্থ হয়, তাৰবাবে প্ৰত্যক পিতৃ-মাতৃ সজাগ হোৱা উচিত।সকলো শিশুৰ আচৰণ একে নহয়।কাৰোবাৰ যদি স্মৃতি শক্তি কম,কাৰোবাৰ প্রখৰ,কোনোবাটো যদি খিংখিঙীয়া স্বভাৱৰ, কোনোবাটো শান্ত প্ৰকৃতিৰ, কোনোবাই সহজে আনক অনুকৰণ কৰিব পাৰে,কোনোবাই নোৱাৰে আদি।সময়ৰ লগে লগে প্ৰত্যেক শিশুৰ নিজৰ যোগ্যতা অনুসৰি বিকাশ হয়।সেয়েহে পিতৃ-,মাতৃয়ে নিজৰ সন্তানক ভালদৰে নিৰীক্ষণ কৰি সিহঁতৰ সুস্থ বিকাশত অৰিহণা যোগাব লাগে।সামূহিকভাৱে প্ৰত্যেক পিতৃ-মাতৃয়েনিজৰ সন্তানৰ ক্ষেত্ৰত ল’বলগীয়া যত্নসমূহৰ কেইটামান দিশ হৈছে-

পিতৃ-মাতৃয়ে সন্তানৰ লগত যিমান পাৰে সিমান সময় কটাবলৈ চেষ্টা কৰিব লাগে, যাতে পিতৃ-মাতৃ আৰু সন্তানৰ মাজত এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ় লৈ উঠে।বন্ধুত্বপূৰ্ণ সম্পৰ্কত সন্তানে মনৰ কথা খুলি ক’ব সুবিধা পায়,যাৰ ফলত পিতৃ-মাতৃয়ে প্রতিটো কথাৰ গুৰুত্ব বুজি বেয়াখিনি ত্যাগ কৰি ভালখিনিৰ অৰ্জনেৰে শিশুটোক আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে।

প্ৰত্যেক শিশুৱে শিশুসুলভ চঞ্চলতাৰে কিছুমান দুষ্টামি কৰিব খোজে।তেনে ক্ষেত্ৰত খং বা দাবী -ধমকি নিদি কোনো অনুচিত কামত মৰমেৰে (ধৰি লওক-‘এনে কাম কৰিলে তুমি দুখ পাবা’ ‘তোমাৰ শিক্ষকে বেয়া পাব’ আদি)তেনে কাম নকৰিবলৈ বুজাব লাগে।খং বা দাবী ধমকি দিলে শিশুৰ জেদ ভাব বাঢ়ি যায়।

ডাঙৰ হোৱাৰ লগে লগে শিশুক নিজৰ কামবোৰ নিজে কৰিবলৈ দিব লাগে, যেনে-খেলাৰ পিছত খেলা সামগ্ৰীখিনি আগৰ জেগাত থোৱা,নিজে আহাৰ খোৱা আদি ।ইয়াৰ জৰিয়তে শিশুৱে আত্মনির্ভৰশীল হ’বলৈ শিকে।

লাজকুৰীয়া স্বভাৱৰ শিশুক বন্দু-বান্ধৱৰ লগত বাহিৰত খেলিবলৈ উদ্গনি যোগাব লাগে।এনে শিশুক তেওঁলোকে কৰা কামৰ বাবে আনৰ আগত কেতিয়াও লাজ দিব নালাগে।শিশু অনুষ্ঠানত ভাগ ল’বলৈ দিয়া, ঘৰলৈ  অহা আলহীৰ লগত কথা পাতিবলৈ দিয়া, মাজে মাজে ফুৰিবলৈ নিয়া আদিবোৰে শিশুৰ লাজকুৰীয়া স্বভাৱ নোহোৱা হোৱাত সহায় কৰে।

পিতৃ-মাতৃয়ে কেতিয়াও সন্তানক আনৰ লগত তুলনা কৰি হেয়জ্ঞান কৰিব নালাগে।

শিশুক সদায় ভাল কথা বা কামৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুৱাব লাগে।যেনে-অনুশাসন মানি চলা, ভদ্র আচৰণ,ডাঙৰক সন্মান, নিয়মানুৱৰ্তিতা আদি।

কেতিয়াবা শিশুৱে যিকোনো প্ৰতিযোগিতাত পিতৃ-মাতৃয়ে ভবা ধৰণে ফল দেখাব নোৱাৰিব পাৰে,তেনে ক্ষেত্ৰত নিজে হতাশা হৈ অথবা শিশুটোক নিৰুতসাহ নকৰি পিছলৈ আৰু ভাল কৰিব লাগিব ধৰণে উৎসাহ যোগাবহে লাগে।শিশুৰ কামৰ সময়সূচী থকাৰ দৰকাৰ যদিও দিনটোৰ অলপ সময় শিশুটিয়ে ভাল ধৰণে কটাবলৈ দিব লাগে।এনে কৰিলে শিশুৰ বাকী কামবোৰ সময়সূচী মতে কৰাৰ আগ্ৰহ থাকে।

সকলোতকৈ ডাঙৰ কথা, প্ৰত্যেক শিশুৰ কোনোবা নহয় কোনোবা বিষয়ত প্ৰতিভা থাকে, পিতৃ-মাতৃয়ে সেই প্ৰতিভা চিনি উলিয়াই শিশুৰ সৃষ্টিশীল মনক উৎসাহিত কৰি উদ্গনি যোগাবহে লাগে।

এটা বয়সত শিশুৱে স্বাধীন মনোভাৱ পোষণ কৰে আৰু তেতিয়া নিজৰ অধিপত্য দেখুৱাবলৈ যায়, তেনেক্ষেত্ৰত শিশুটিক জেদি বুলি খং বা দাবী ধমকি নিদি মৰমেৰে শুদ্ধ পথৰ সন্ধান দিব লাগে।

পিতৃ-মাতৃৰ সদ্ব্যৱহাৰ ,সৎ-চিন্তাই শিশুৰ নৈতিক চৰিত্ৰ গঠনত সহায় কৰে,পিতৃ-মাতৃৰ অপ্ৰীতিকৰ আচৰণে শিশুৰ চাৰিত্ৰিক দিশত নেতিবাচক প্ৰভাৱ পেলায়।ঘৰখনত পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ বাকী সদস্যৰ শাসন মৰম হোৱা উচিত।বেয়া কামৰ পৰিনীতি শিশুক সাধুকথাৰ মাধ্যমেৰে বুজালে শিশুৱে সাধাৰণতে তেনে কামৰ পৰা আঁতৰি থকা দেখা যায়।বৰ্তমানৰ শিশু ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ গঠনমূলক মনোভাৱ, সুদূৰ দৃষ্টিভংগী আৰু সহযোগিতা অত্যন্ত আৱশ্যক।

Q.7. Discuss the influence of  school environment for the development of children.

উত্তৰঃ শিশুৰ সামাজিকৰণত স্কুলৰ ভূমিকা :

স্কুলৰ বিভিন্ন দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত শিশুক সামাজিককৰণ কৰি তোলা দায়িত্ব অন্যতম স্বৰূপে গণ্য কৰিব পাৰি।সামাজিকৰণৰ অৰ্থ হৈছে সমাজৰ গ্ৰহণযোগ্য নীতি-নিয়ম আৰু সাংস্কৃতিক পৰম্পৰাৰ প্রতি সচেতনভাৱে অনুগামী কৰি তোলা।শিশু যিহেতু সমাজৰেই উওৰপুৰুষ সেইবাবে তেওঁলোকক সমাজৰ উত্তৰদায়িত্ব গ্ৰহণৰ বাবে উপযুক্ত কৰি তোলাটোও স্কুলৰেই কৰ্তব্য।স্কুলৰ এনে দায়িত্ব প্ৰদানৰ শিক্ষা আঁচনি কাৰ্য্যকৰী কৰি তোলাটো অৱশ্যে শিক্ষকৰ বাবে তেনেই সহজ কাম নহয়।সমাজৰ সকলো শ্ৰেণীৰ লোকক ইয়াৰ লগত জড়িত কৰি তোলা আৰু এই ক্ষেত্ৰত এক সমাজ-দৰ্শন গঢ় দি তোলাটো প্ৰয়োজন। ইয়াৰ বিস্তৃত আলোচনালৈ নগৈ এই সম্বন্ধে স্কুল-কৰ্তৃপক্ষই ল’ব লগা কেতবোৰ বাস্তৱ আৰু কাৰ্যকৰী ব্যৱস্থা তলত সংক্ষেপে উল্লেখ কৰিব পাৰি।

(১) প্ৰতিজন ছাত্ৰই মুক্তভাৱে আত্মপ্ৰকাশ আৰু বিকাশৰ এক গণতান্ত্ৰিক শিক্ষা পৰিবেশ স্কুলত গঢ় দি তুলিব লাগে।

(২) স্কুল-কৃতপক্ষই দমনমূলক অনুশাসন নীতি গ্ৰহণৰ পৰিবৰ্তে ছাত্ৰৰ আত্ম-অনুশাসন আৰু আত্ম-পৰিচালনাৰ নীতি উৎসাহিত কৰিব লাগে।

(৩) শিশুৰ ব্যক্তিমূখী আচৰণ সমাজমুখী কৰি তুলিবৰ বাবে স্কুলৰ পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচী তেনে ৰূপত গঢ় দি তুলিব লাগে।

(৪) গণতান্ত্ৰিক মূল্যবোধ আৰু আদৰ্শসমূহ,যেনে-বন্ধুত্ব, ভ্ৰাতৃত্ব, সহযোগিতা, সমতা, সামাজিক ন্যায় আদি ছাত্ৰৰ মনত গঢ়ি তুলিব লাগে।

(৫) ছাত্ৰ-ছাত্ৰীসকলৰ স্কুলে সমাজৰ সভ্যতা-সংস্কৃতিৰ লগত ভালদৰে পৰিচয় কৰাই দিব লাগে আৰু সেইসমূহৰ গ্ৰহণযোগ্যতা বিচাৰ কৰিবলৈ শিকাব লাগে।

(৬) সমাজৰ উপযুক্ত নেতৃত্ব প্ৰদানৰ বাবে প্ৰয়োজন হোৱা গুণসমূহ ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিত্বত বিকশাই তোলাৰ ব্যৱস্থা স্কুলে কৰিব লাগে।

(৭) ছাত্ৰ-ছাত্ৰীসকলক সামাজিক ক্ৰিয়াত জড়িকৰণৰ বাবে স্কুলে সামাজিক অনুষ্ঠান আদিত স্বেচ্ছাসেৱী দল গঠনৰ ব্যৱস্থা কৰিব লাগে।

(৮) সমাজৰ লোকৰ শস্তশিল্প আৰু কুটিৰ শিল্প আদি স্কুলৰ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰি সমাজৰ বৃত্তিয় পৰম্পৰাৰ প্রতি সচেতন কৰি তুলিব লাগে।

(৯) ছাত্ৰ-ছাত্ৰীয়ে দলগত ক্ৰিয়াত অংশগ্ৰহণ কৰিব পৰা কাৰ্যসূচী যেনে -সামাজিক সমস্যাৰ অধ্যয়নৰ বাবে প্ৰকল্প প্ৰস্তুত কৰা, সাংস্কৃতিক সমন্বয় আৰু জাতীয় সংহতি শিবিৰ স্থাপন কৰা আদি ব্যৱস্থা কৰিব লাগে।

(১০) স্কুলৰ ছাত্ৰ একতা সভা সু-সংগঠিত কৰি ছাত্র-ছাত্ৰীসকলৰ মাজত দলীয় মন অধিক শক্তিশালী আৰু সমাজমুখী কৰি তুলিব লাগে।

Q.8. ব্যক্তিত্ব-অপসমায়োজনা আৰু মানসিক ৰোগৰ কেতবোৰ লক্ষণ ব্যাখ্যা কৰা?

উত্তৰঃ সমাজৰ প্ৰচলিত আৰু গ্ৰহণযোগ্য নীতি -নিয়মৰ অনুৱৰ্তী কৰি সামাজিক পৰিবেশত নিজ ক্ৰিয়া-আচৰণ গঢ় দি তোলাই হৈছে সুস্থ সমায়োজন আৰু এনে কৰাত ব্যৰ্থ হৈ অসুস্থ আৰু অনুচিত ক্ৰিয়া-আচৰণ গঢ় দি তোলাকেই ব্যক্তিত্বৰ অপসমায়োজন বোলা হয়।অপসমায়োজনৰ ফলত ব্যক্তিৰ ক্ৰীয়া ব্যক্তিৰ ক্ৰিয়া-আচৰণ অসুস্থ আৰু অস্বাভাৱিক হোৱাই নহয়, ই কেতবোৰ দেহ-মানসিক ৰোগৰো সৃষ্টি কৰে।অপসমায়োজনৰ ফলত সৃষ্টি হোৱা ব্যক্তিৰ এই দেহ-মানসিক ৰোগৰ পৰিমাণ আৰু তাৰ পৰিসৰ বৰ্তমান অধিক বৃদ্ধি পাই আহিছে।আমাৰ আধুনিক সমাজ ব্যৱস্থাই প্ৰচলিত নীতি-নিয়মবোৰ অধিক জটিল কৰি তুলিবলৈ ধৰিছে।সামাজিক বিকাশৰ লগে লগে মানুহৰ প্ৰয়োজন,অভিপ্ৰায় আৰু আশা-আকাংক্ষাবোৰ ক্ৰমে বৃদ্ধি আৰু ভিন্নমূখী কৰি তুলিছে।আনহাতে আমাৰ নিত্য-নতুন আইন-কানুন, সামাজিক, প্ৰশাসনিক তথা অনুশাসন ব্যৱস্থা সমূহে সেইসমূহ পূৰণৰ পথ অধিক সীমিত আৰু সংকীৰ্ণ কৰি পেলাইছে।ফলত প্ৰয়োজন পূৰণৰ বিকল্প পথ বিচাৰি মানুহে অসুস্থ, অসামাজিক আৰু অপৰাধ-প্ৰৱন জীৱন-যাপন কৰিব লগা হৈছে এই অৱস্থাটো ক্ৰমে অধিক জটিলতাৰ ফালে লাহে আগ্ৰহৰ হ’ব ধৰিছে।সেইবাবে উন্নত দেশ আৰু মহানগৰবোৰতেই মানসিক ৰোগীৰ সংখ্যা দৰ্শৰ্নীয়ভাৱে বৃদ্ধি হোৱাটো মন কৰিবলগীয়া।অৱশ্যে এই দিশৰ আলোচনা ইয়াত বহলাবলৈ যোৱাটো আমাৰ উদ্দেশ্য নহয়।

এই প্ৰসংগত উল্লেখযোগ্য যে এনে সামাজিক অৱস্থাৰ এক নিশ্চিত প্ৰভাৱ শিশু-ব্যক্তিত্বত পৰে।বৰ্তমান মানসিক ৰোগৰ বিশেষজ্ঞ আৰু চিকিৎসকসকলে কেতবোৰ ৰোগগ্রস্ত লোকৰ প্ৰকৃত কাৰণ শৈশৱ কালত শিশু-ব্যক্তিত্বৰ বিকাশ প্ৰক্ৰিয়াত নিহিত থকাৰ কথা লক্ষ্য কৰিছে।সেইবাবে শিশু-ব্যক্তিত্বৰ প্ৰসংগত মানসিক ৰোগৰ কেতবোৰ লক্ষণ আৰু তাৰ ধৰণ-কৰণ সম্বন্ধে কিছু অৱগত হোৱাটো আমাৰ প্ৰয়োজন।

এটা শিশু অপসমযোজিত হোৱা আৰু মানসিকভাৱে ৰোগগ্রস্ত হোৱাৰ কেতবোৰ দীৰ্ষস্থায়ী লক্ষণ দেখিবলৈ পোৱা যায়।এই লক্ষণবোৰক দৈহিক,মানসিক আৰু আচৰণজনিত স্বৰূপে ঘাইকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি।এইবোৰ নিম্নলিখিতভাৱে উপস্থাপন কৰিব পাৰি দৈহিক লক্ষণ  :  

(১) দৈহিক ওজনৰ পৰিৱৰ্তন হোৱা।

(২) দেহৰ ছালত বেমাৰ হোৱা, যেনে-ছালৰ মসৃণতা নোহোৱা হৈ খহটা হোৱা, বগা দাগ ওলোৱা।

(৩) দেহৰ অভ্যন্তৰ ভাগৰ কেতবোৰ বেমাৰ, যেনে-মূৰ ঘূৰোৱা আৰু মূৰ কামুৰণি,হাঁপানী আৰু কফ হোৱা,বমি হোৱা অথবা তেনে ভাব অনুভৱ কৰা, বদহজম,ডায়েৰীয়া আৰু শৌচ কঠিন হোৱা,অত্যধিক প্ৰস্ৰাৱ কৰা আৰু নিদ্ৰা অৱস্থাত মূত্ৰস্খলন হোৱা।

(৪) অত্যধিক ভোক লগা অথবা ভোক নোহোৱা হোৱা।

(৫) দেহত অস্বাভাৱিক ভাগৰ কৰা।

(৬) দেহৰ কলা অংশত কিবা কাৰণত অথবা অকাৰণত বিষ অনুভৱ কৰা।

(৭) দেহ-সঞ্চালনাত্মক ক্ৰিয়া বাধাগ্ৰস্ত হোৱা, যেনে-লিখন আৰু কথন অক্ষমতা, সঞ্চালন ক্ৰিয়াত সমন্বয়ৰ অভাৱ হোৱা।

(৮) ইন্দ্ৰিয়সমূহৰ সংবেদন অনুভূতি কমি যোৱা, পক্ষাঘাতগ্ৰস্ত হোৱা।

মানসিক লক্ষণসমূহ :  

(১) স্মৃতি সম্বন্ধীয় অস্বাভাৱিকতা,যেনে-সম্পূৰ্ণ স্মৃতি বিলোপ হোৱা,নতুন কথা মনত ৰাখিব নোৱাৰা,পৰিচিত কথা বিকৃত ৰূপত মনলৈ অহা।

(২) শিক্ষণ অক্ষমতা, যেনে-পঠন অক্ষমতা, আখৰ জোটনি আৰু সংখ্যা-জ্ঞানৰ কঠিনতা।

(৩) সংবেদন আৰু সংবোধনৰ অস্বাভাৱিক, যেনে-অত্যধিক ভ্ৰান্ত প্ৰত্যক্ষ আৰু অমূল প্ৰত্যক্ষৰ প্ৰভাৱ, শীত-তাপ,স্পৰ্শ আৰু বিষ অনুভূতিৰ প্রতি অত্যধিক সংবেদনশীলতা,বিভিন্ন সংবেদন অনুভূতিৰ অভিজ্ঞতা লাভত খেলি-মেলি হোৱা।

(৪) চিন্তাশক্তিৰ স্বাভাৱিকতা,যেনে-বাস্তৱ-অবাস্তৱৰ পার্থক্য নৰখাকৈ চিন্তা কৰা বা স্বকীয়-চিন্তন, অযুক্তিকৰ কথাৰ চিন্তা কৰা, কোনো অপ্ৰয়োজনীয় কথা বাৰে বাৰে মনলৈ আনি মনোকষ্ট পোৱা।

(৫) বিচাৰসক্তিৰ অস্বাভাৱিকতা,যেনে-প্ৰত্যক্ষ আৰু বাস্তৱ অভিজ্ঞতাৰেও ভুল ভাঙিব নোৱাৰা অলৰ-অচৰ মনোভাৱ, অন্ধবিশ্বাস আৰু যুক্তিহীনতাৰ ওপৰত গুৰুত্ব দিয়া।

(৬) সচেতনতাৰ অভাৱ, যেনে-পৰিবেশ আৰু পৰিস্থিতিৰ প্রতি আওকণীয়া হৈ পৰা,উদ্দীপকৰ প্ৰতি সাধাৰণভাৱে প্ৰতিক্ৰিয়া কৰা ক্ষমতাও নোহোৱা হোৱা।

(৭) নিদ্ৰাত অস্বাভাৱিকতা আৰু বাধাগ্ৰস্ততা,যেনে-দিনৰ কৰ্ম ব্যস্ততাৰ মাজতো অকাৰণত নিদ্ৰালসতা অনুভৱ কৰা, ৰাতি টোপনি নোহোৱা, টোপনিত ভয় পাই সাৰ পোৱা, কথা কোৱা,চিৰ চিঞৰ-বাখৰ কৰা আৰু খোজকাঢ়ি আন ঠাইলৈ যোৱা।

(৮) আৱেগৰ অস্বাভাৱিকতা,যেনে-অহেতুক কথা বা কাৰণত অতিপাত ভয় কৰা, খং কৰা বা ক্ষুন্নতাৰ ভাৱ অনুভৱ কৰা, অযুক্তিকৰভাৱে দোষনিয়তাৰ ভাব আৰু উদ্বেগ অনুভৱ কৰা, উদাহীনতা আৰু হতাশা অনুভৱ কৰা,একোটা পৰিস্থিতিৰ প্ৰতি পৰস্পৰ বিৰোধ আৱেগ অনুভৱ কৰা, নৃত্য-গীত আৰু উত্তেজনামূলক কথা পতাৰ বেলিকা আৱেগৰ নিয়ন্ত্ৰণহীনতা প্ৰকাশ কৰা।

আচৰনজনিত লক্ষণসমূহ : (১)অসুস্থ আৰু অনুচিত ক্ৰিয়াৰ বাধ্যবাধকতা অনুভৱ কৰা, যেনে-অনাৱশ্যকভাৱে আনৰ বস্তু চুৰ কৰা আৰু বস্তু জ্বলোৱা।

(২) ঐচ্ছিকভাৱে কৰা সঞ্চালন ক্ৰিয়াৰ ক্ষমতা কমি যোৱা, যেনে-কোনো ক্ৰিয়াৰ বাবে ইচ্ছা-শক্তিৰ অভাৱ হোৱা হেতুকে নিস্ক্ৰিয় হৈ ৰৈ যোৱা, ক্ৰিয়া প্ৰদৰ্শনত বাধাগ্ৰস্ততা অনুভৱ কৰা, মুক আৰু মৌনতা অৱলম্বন কৰা।

(৩) মন : সঞ্চালন ক্ৰিয়াৰ মাত্ৰাধিক হোৱা, যেনে-অতিমাত্ৰা কথা কোৱা, চিঞৰি চিঞৰি সঁহা-কন্দা কৰা।

(৪) অভ্যস্ত ক্ৰিয়া-আচৰণৰ অসুস্থতা,যেনে-মূদ্ৰাদোষভাৱে চকু পিৰিকিওৱা,অংগ সঞ্চালন কৰা, মূৰ দুপিওৱা,নাক মোহৰা, মুখ মচা,আঙুলি চুপা,নখ কামোৰা আৰু ওঁঠ চেলেকা।

(৫) একোটা কামকে বাৰে বাৰে কৰাৰ প্ৰৱণতা,যেনে-সঘনে হাত-মুখ ধুই থকা,নিজৰ মুখ দাপোনত চাই থকা,চুলি ফণীয়াই থকা।

Q.9. শিশুৰ মানসিক স্বাস্থ্য গঠনত গৃহ পৰিবেশত পিতৃ-মাতৃৰ ভূমিকা আলোচনা কৰা?

উত্তৰঃ গৃহ পৰিবেশত মাক-দেউতাকৰ ভূমিকা : শিশুৰ সকলো দিশৰেই প্ৰথম আৰু প্ৰধান দায়িত্ব গ্ৰহণ কৰে মাক-দেউতাকে।তাৰ মানসিক স্বাস্থ্য ৰখাৰ বেলিকাও তেওঁলোকে এক বহল পৰিসৰত দায়িত্ব গ্ৰহণ কৰাটো প্ৰয়োজন।শিশু বিকাশৰ সমগ্র দিশসমূহৰ প্ৰতিয়েই এক সুসামজ্ঞস্য ৰূপত অন্তৰ্দৃষ্টিৰ প্ৰয়োগ কৰিব লাগে।শৈশৱ কালৰ অতি গুৰুত্বপূৰ্ণ প্ৰয়োজনবোৰৰ ভিতৰত তাৰ দৈহিক আৰু আবেগিক প্ৰয়োজনবোৰৰ কথা বিশেষ উল্লেখযোগ্য।এই দুয়োবিধ প্ৰয়োজন পুৰণত তেওঁলোকৰ ব্যৰ্থতাই হৈছে মানসিক ৰোগগ্রস্ততাৰ  প্ৰধান কাৰণ।শিশু স্বাভাৱিকতেই পৰনিৰ্ভৰশীল হোৱাৰ প্ৰতি লক্ষ্য ৰাখি তাৰ খোৱা-পিন্ধা আৰু অন্যান্য দৈহিক যতন লোৱাৰ ক্ষেত্ৰত যাতে সি কোনো ধৰণৰ ব্যৰ্থতা অনুভৱ কৰিব লগা নহয় তাৰ প্ৰতি চকু ৰাখিব লাগে।ইয়াৰ উপৰি দৈহিক সঞ্চালনমূলক খেলা-ধূলাবোৰৰ প্ৰয়োজনীয় সা-সুবিধা আৰু পৰিবেশ সি পাব লাগে।খেলাৰ প্ৰয়োজনীয়তা আগৰ বিভিন্ন প্ৰসংগত আলোচনা কৰি অহা হৈছে।শিশুৰ আবেগিক জীৱন অতি ঠুনুকা আৰু সংবেদনশীল হোৱা বাবে এই সম্বন্ধীয় প্ৰয়োজনবোৰৰ প্ৰভাৱ দৈহিক প্ৰয়োজনতকৈও অধিক জটিলতাপূৰ্ণ।ইতিপূৰ্বে প্ৰদান কৰা মানসিক ৰোগবোৰৰ তালিকাখনলৈ লক্ষ্য কৰিলেও এই কথা সহজে অনুমান কৰিব পাৰি।শিশুৱে গৃহ পৰিবেশত বিচৰা মৰম-চেনেহ,স্বাধীনতা, আৱেগিক নিৰাপত্তা আৰু সামাজিক মৰ্যাদা আদি যথোচিতভাৱে পূৰণ কৰিব পৰাৰ ওপৰতেই তাৰ মানসিক স্বাস্থ্যৰক্ষাৰ কৃতকাৰ্যতা মূলতে নিৰ্ভৰ কৰে।ঘৰুৱা জীৱনত ৰক্ষা কৰি নৈতিক, আধ্যাত্মিক আৰু অনুশাসনৰ মানদণ্ডই শিশুৰ ক্ৰিয়া-আচৰণত সুস্থতা আৰু সামাজিক গ্ৰহণযোগ্যতা প্রতিপন্ন কৰে।সেইবাবে এই দিশত মাক-দেউতাকৰ ভূমিকা অতি জটিল আৰু দায়িত্বপূৰ্ণ। পৰিয়ালত মানি চলা সামাজিক আৰু সাংস্কৃতিক নীতি- নিয়বোৰৰ পৰম্পৰাই যাতে শিশুৰ পৰিৱৰ্তিত পৰিস্থিতিত সুস্থ সমায়োজন স্থাপনত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতিও সতৰ্ক দৃষ্টি ৰাখিব লাগে।প্ৰয়োজন মতে পুৰণি হৈ পৰা আৰু বৰ্তমানৰ বাবে অপ্ৰচলিত হৈ পৰা সাংস্কৃতিক পৰম্পৰা সমূহৰ সংস্কাৰ সাধন কৰি তুলিব লাগে।ইয়াৰ বাবে অন্ধ আৰু ৰক্ষণশীল মনোভাৱ ত্যাগ কৰি প্ৰগতিশীল আৰু সময়সাপেক্ষে দৃষ্টিভংগী গ্ৰহণ কৰিব পাৰিব লাগে।ইয়াৰ উপৰিও পৰিয়ালৰ ভাই-ভনী,আত্মীয়-স্বজন আৰু বিশেষকৈ মাক-দেউতাকৰ মাজত থকা পাৰস্পৰিক বুজাপৰা, আত্মৰিকতা আৰু সহযোগিতাৰ মনোভাৱে শিশুৰ মনত আত্মবিশ্বাসৰ ভাৱ আৰু ইতিবাচক মনোভাৱ আৰু দৃষ্টিভংগী গঢ় দি তুলিব পাৰে।ঘৰুৱা পৰিবেশৰ এই মৰম-চেনেহ আৰু আন্তৰিকতাৰ বান্ধোন শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ দিশত অতি প্ৰয়োজনীয়।শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ বেলিকা অধিক বাস্তৱ আৰু কাৰ্যকৰীভাৱে মাক-দেউতাকে পালন কৰিবলগীয়া কেতবোৰ বিশেষ দায়িত্বশীল ভূমিকা তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) শিশুক যথোচি মৰম -চেনেহ দিব লাগে।

(২) ঘৰৰ উপযুক্ত পৰিবেশ প্ৰদান কৰিব লাগে।

(৩) শিশুক সমালোচনা কৰিব নালাগে।

(৪) শিশুক আন শিশুৰ লগত তুলনা কৰিব নালাগে।

(৫) শিশুক পৰিত্যক্ত অথবা অতিমাত্ৰা অৱদাৰ কৰিব নালাগে।

(৬) শিশুৰ উপস্থিতত কাজিয়া কৰিব নালাগে।

(৭) শিশুৰ ভৱিষ্যৎ সম্বন্ধে অধিক উদ্বিগ্ন হ’ব নালাগে।

(৮) শিশুৰ প্ৰতি ব্যৱহাৰ গণতান্ত্ৰিক হ’ব লাগে।

(৯) শিশুৰ যুক্তিসংগত প্ৰয়োজনবোৰ পূৰণ কৰিব লাগে।

(১০) আৱশ্যে অনুসৰি নিৰ্দেশনা দিব লাগে।

(১১) শিশুৰ মনত আত্মবিশ্বাসৰ ভাব গঢ়ি তুলিব লাগে।

Q.10. শিশুৰ মানসিক স্বাস্থ্যৰ গঠনত স্কুলৰ শিক্ষকৰ ভূমিকা কি? আলোচনা কৰা?

উত্তৰঃ স্কুলৰ শিক্ষা পৰিবেশ পৰিয়ালতকৈ অধিক নিয়ন্ত্ৰণ আৰু সুপৰিকল্পিত।বিকাশৰ সকলো সুস্থ-প্ৰভাৱৰ সমাবেশ ঘটাই শিশুৰ সুস্থ ব্যক্তিত্ব গঢ় দি তোলাই হৈছে স্কুলৰ প্ৰধান উদ্দেশ্য আৰু শিক্ষকৰ প্ৰধান কৰ্তব্য।সমাজৰ সকলো শ্ৰেণীৰ লোকেই শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ প্ৰকৃত ধাৰণা কৰিব পৰাটো আশা কৰিব নোৱাৰি।বহুতো অভিভাৱকে শিশুক নিয়ন্ত্ৰণ কৰিব নাজানি অথবা ঘৰৰ অসুস্থ আৰু প্ৰতিকূল পৰিবেশৰ পৰা শিশুক আঁতৰাই ৰাখিব বাবেও স্কুলত নামভৰ্তি কৰে।বৰ্তমান আমাৰ দেশত শিশুক সৰুতেই ভাল স্কুলত দিয়াৰ প্ৰয়োজনীয়তা প্ৰতিজন সচেতন আৰু সক্ষম অভিভাৱকেই অনুভৱ কৰে।প্ৰাথমিক আৰু পূৰ্ব-প্ৰাথমিক পৰ্যায়ৰ শিশু শিক্ষা-ব্যৱস্থাৰ প্ৰতি সমাজৰ লোক আগতকৈ অধিক সচেতন হোৱাটোৱে শিশুক মানসিক স্বাস্থ্যৰক্ষাৰ দিশত শিশুসকলক স্বাভাৱিকতেই একে বিশেষ দায়িত্ব দান কৰিছে।শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ দিশত শিক্ষকসকলৰ প্ৰয়োজনীয় ভূমিকা সম্বান্ধে তলত সংক্ষেপে উল্লেখ কৰা হৈছে।

(১) শিশুক সাধাৰণ দৈহিক আৰু মানসিক প্ৰয়োজনবোৰ শিক্ষকে বুজাবলৈ চেষ্টা কৰিব লাগে আৰু সেইবোৰ যথোচিতভাৱে স্কুলে পূৰণ কৰালৈ লক্ষ্য ৰাখিব লাগে।

(২) স্কুলত যাতে ল’ৰা-ছোৱালীয়ে নিজকে আচহুৱা আৰু অসহায় অনুভৱ কৰিব নোৱাৰে তাৰ বাবে গৃহ আৰু শিক্ষা পৰিবেশৰ মাজত ব্যৱধান হ্ৰাস কৰিব লাগে।

(৩) স্কুলৰ পৰিবেশত পাৰস্পৰিক সদ্ভাৱ, মৰম- চেনেহ,সহযোগিতা, স্বাধীনতা, স্ব-অধিকাৰৰ মনোভাৱ আৰু খেলাৰ মনোবৃত্তি আদি বজাই ৰাখি ছাত্ৰ-শিক্ষকৰ মাজত সুস্থ আৱেগিকতা গঢ়ি তুলিব লাগে।(৪)স্কুলৰ পাঠ্যসূচী আৰু কাৰ্যকৰী গতানুগতিক ক্ৰিয়া তৎপৰতাৰে সম্পাদন কৰিবলৈ নগৈ শিশুৰ মানসিক প্ৰস্তুতি আৰু প্ৰণোদনৰ প্রতি লক্ষ্য ৰাখি শিক্ষকে খেলাৰ মনোভাৱেৰেহে সম্পাদন কৰিব লাগে।

(৫) স্কুলৰ অনুশাসন ব্যৱস্থা গণতান্ত্ৰিক হ’ব লাগে যাতে সকলো শিশোৱে আত্ম-প্ৰকাশৰ অধিকাৰ লাভ কৰিব পাৰে আৰু তাৰ সুযোগ গ্ৰহণ কৰিব পাৰে।

(৬) প্ৰত্যেক শিশোৱেই নিজৰ অভাৱ-অভিযোগ আৰু অসুবিধাবোৰ শিক্ষকক ক’ব পৰাকৈ শিশুৰ মনত সাহস,আত্মবিশ্বাস আৰু আত্ম-প্ৰত্যয়ৰ ভাব গঢ়ি তুলিব লাগে।

(৭) অৱস্থা আৰু প্ৰয়োজনবিশেষে শিক্ষকে প্ৰশংসা,স্বীকৃতি আৰু পুৰস্কাৰ প্ৰদানৰ কৌশল গ্ৰহণ কৰিব লাগে।

(৮) পৰীক্ষাৰ অসুস্থ প্ৰতিযোগিতা আৰু নম্বৰৰ ভিত্তিত ছাত্ৰৰ কৃতিত্ব পৰ্য্যায়কৰণৰ ব্যৱস্থাৰে শিশুৰ মনত অনুচিত ভয়,উদ্বেগ আৰু অসুস্থ মনোভাৱৰ সৃষ্টি কৰিব নালাগে।

(৯) স্কুলৰ পাঠ্যসূচী শিশুৰ গ্ৰহণযোগ্য হোৱালৈ লক্ষ্য ৰাখিব লাগে আৰু সকলো বৌদ্ধিক মানদণ্ডৰ শিশোৱে তাত অংশগ্ৰহণ কৰিব পাৰিব লাগে।

(১০) স্কুলৰ কাৰ্যসূচীত নৃত্য-গীত আদি কলাত্মক বিষয়,নীতি-শিক্ষা আৰু যৌন শিক্ষা, হস্ত-শিল্প আৰু আজৰি সময় সাৰ্থকভাৱে কটোৱাৰ শিক্ষা-ব্যৱস্থা থাকিব লাগে।

(১১) শিক্ষকে প্ৰতিটো শিশুৱে ব্যক্তিগতভাৱে যত্ন লব পৰাকৈ শ্ৰেণীৰ ছাত্ৰসংখ্যা সীমিত কৰিব লাগে।

(১২) শিশুৰ মানসিক স্বাস্থ্যৰক্ষাৰ বিভিন্ন দিশৰ প্ৰতি চকু দিবলৈ শিক্ষকৰ ব্যক্তিগত মানসিক স্বাস্থ্যও অটুট থাকিব লাগে।

শিশু-ব্যক্তিত্বৰ সুস্থ বিকাশত কলাত্মক আৰু বিজ্ঞান-বিষয়ক দৃষ্টিভংগী জড়িত।মানৱ সভ্যতা-সংস্কৃতি আৰু শিক্ষা অভিজ্ঞতাৰ অগ্ৰগতিৰ লগে লগে এই কথাৰ প্রতি মানুহ অধিক সচেতন আৰু সক্ৰিয় হৈ উঠাটো পৰিলক্ষিত হৈছে।ইয়াৰ ব্যৱহাৰিক দিশত গৃহ আৰু স্কুলৰ শিক্ষা পৰিবেশত মাক-দেউতাক আৰু শিক্ষকৰ দায়িত্ব অধিক বৃদ্ধি কৰি তুলিছে।এই দায়িত্ব পালন নিচেই সহজ কথা নহয়।চাইল্ড ক্ৰাফট বা শিশু-শিল্প অথবা শিশু প্রতিপালন ব্যৱস্থাৰ প্ৰয়োজনীয়তা ক্ৰমবৰ্ধিতভাৱে অনুভৱ কৰি উঠা হৈছে যদিও এই বিষয়ৰ জটিলতা সময়ৰ লগে লগে অধিক বৃদ্ধি পাই আহিছে।মানুহৰ শিক্ষা-অভিজ্ঞতা আৰু উন্নত জীৱন-যাপন ব্যৱস্থাই নতুন নতুন প্ৰয়োজন আৰু সমস্যাৰ সৃষ্টি কৰিছে।ফলত মানুহৰ মন আৰু আচৰণ অধিক জটিলতাপূৰ্ণ আৰু সমস্যা জৰ্জৰিত হৈ পৰিছে।সেয়েহে ভৱিষ্যৎ সমাজৰ আশা-আকাংক্ষা আৰু জীৱনৰ প্ৰয়োজন পূৰণ কৰা আৰু বিকাশৰ গতিধাৰা নিৰ্ণয় কৰাৰ সকলো প্ৰকল্পনা ইয়াত নিহিত থাকে।শিশু হৈছে মানৱতাৰ ভৱিষ্যতৰ আশা-আশংকা আৰু স্বপ্নৰ প্ৰতীক।শিশুৰ বাবে কৰা চেষ্টা আৰু যত্ন সেয়েহে ভৱিষ্যতৰ বাবে অতি তাৎপৰ্যপূৰ্ণ এক সাৰ্থক বিনিয়োগ ব্যৱস্থা।এনে ব্যৱস্থাত ব্যক্তি, সমাজ, চৰকাৰ আৰু ইয়াৰ লগত জড়িত সকলো দিশৰেই আন্তৰিক সহযোগিতাৰ প্ৰয়োজন।

Q.11. মানসিক সু-স্বাস্থ্যৰ নীতিসমূহ আলোচনা কৰা?

উত্তৰঃ ১। আত্মবোধৰ নীতি : আত্ম মানে নিজ বা নিজক আৰু বোধ মানে জনা বা বুজি পোৱা।মানসিক সু-স্বাস্থ্য গঢ়ি তোলাৰ লগতে বৰ্তাই ৰাখিবৰ কাৰণে ব্যক্তিয়ে প্ৰথমে নিজক বুজি উঠিব লাগিব।এই নীতি অনুসৰি আমি প্ৰত্যেকেই নিজৰ সবলতা আৰু দুৰ্বলতাবোৰ বুজি লৈ সেইমতে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে।

২। আত্মনিয়ন্ত্ৰণৰ নীতি : মানসিক সুস্বাস্থ্যৰ বিকাশ আৰু বৰ্তাই ৰাখিবৰ কাৰণে আত্ম-নিয়ন্ত্ৰণৰ নীতি অপৰিহাৰ্য।শাস্তি বা শাস্তিৰ ভয় দেখুৱাই বাহিৰৰ পৰা অনুশাসন জাপি দিবলৈ যত্ন কৰিলে হিতে বিপৰীত হোৱাৰহে সম্ভাৱনা থাকে।আত্ম-সংযম আৰু আত্ম-নিয়ন্ত্ৰণৰ জৰিয়তেহে মানসিক স্বাস্থ্য সুৰক্ষিত হয়।

৩। যোগাত্মক মনোভাৱৰ নীতি : ব্যক্তিৰ মানসিক স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰ কৰে জীৱন আৰু জগত সম্পৰ্কীয় মনোভাৱৰ ওপৰত জীৱন সম্পৰ্কে একো একোটা যোগাত্মক দৃষ্টিভংগী গঢ়ি তুলি মানুহে আশাবাদী হবলৈ যত্ন কৰিব লাগে।তেতিয়াহে বাস্তৱ জীৱনৰ সমস্যাবোৰ সাহস আৰু ধৈৰ্যৰে মূখা-মূখী হব পৰা যায়।ঋণাত্মক মনোভাৱে মানসিক স্বাস্থ্যৰ ক্ষতি কৰে।

৪। দৈহিক সু-স্বাস্থ্যৰ নীতি : এটা সুস্থ শৰীৰতহে সুস্থ মন সৃষ্টি হয়।অৰ্থাৎ মানসিক স্বাস্থ্য নিৰ্ভৰ কৰে শাৰীৰিক স্বাস্থ্যৰ ওপৰত।সেয়েহে শাৰীৰিক সু-স্বাস্থ্য ৰক্ষাৰ কাৰণে আমি যত্নৱান হব লাগে।দৈহিকভাৱে দুৰ্বল আৰু অসুস্থ ব্যক্তিয়ে নিজকে মানসিক উদ্বিগ্নতা,দুচিন্তা,হতাশা আদিৰ পৰা মুক্ত কৰি ৰাখিব নোৱাৰে।আমাৰ দৈহিক অংগ- প্ৰত্যংগ, স্নায়ুতন্ত্ৰ,গ্ৰন্থিসমূহৰ কাৰ্যকলাপ আৰু ইন্দ্ৰিয় সমূহে মানসিক স্বাস্থ্যৰ গতি প্ৰকৃতি নিৰ্ণয় কৰে।

৫। আত্ম-গ্ৰহণযোগ্যতাৰ নীতি : মানসিক সু-স্বাস্থ্যৰ অন্যতম নীতি হ’ল আত্মসন্মান আৰু আত্ম-গ্ৰহণযোগ্যতাৰ নীতি।এই নীতি অনুসৰি ব্যক্তিয়ে নিজৰ ভাল গুণ,বেয়া গুণ,সবলতা-দুৰ্বলতা স্বীকাৰ কৰিব পাৰিব লাগে।যি সকল ব্যক্তিয়ে নিজক সন্মান আৰু গ্ৰহণ কৰিব পাৰে তেওঁলোকেহে মানসিক সু-স্বাস্থ্যৰ অধিকাৰী হব পাৰে।আনহাতে, যি লোকে সদায় নিজৰ অক্ষমতা আৰু জীৱনৰ সমস্যাৰবোৰৰ বিষয়ে অভিযোগ কৰি থাকে বা নিজৰ সংকটৰ বাবে আনক জগৰীয়া কৰি থাকে তেনেলোকৰ মানসিক স্বাস্থ্য ভালে নাথাকে।

৬। চাহিদা পূৰণৰ নীতি : মানুহৰ মানসিক স্বাস্থ্যৰ গতি-প্ৰকৃতি বহু পৰিমাণে নিৰ্ভৰ কৰে জৌবিক আৰু মনো-সামাজিক চাহিদাৰ পূৰণৰ ওপৰত।আহাৰ,বস্তু, নিৰাপত্তা আদি জৌবিক প্ৰয়োজনৰ সমান্তৰালভাৱে মৰম-চেনেহ,স্বাধীনতা, স্বীকৃতি, আত্ম-উপলব্ধি আদি মনো-সামাজিক চাহিদাবোৰ যথাবিহিতভাৱে পূৰণ হৈ থাকিলে ব্যক্তিৰ মানসিক স্বাস্থ্য সুৰক্ষিত থাকে।কিন্তু এই চাহিদাবোৰ পূৰণ নহলে বা পলমকৈ পূৰণ হলে মানুহ অপসমযোজিত হয়।

৭। ভাৰসমতাপূৰ্ণ আকাংক্ষাৰ নীতি : এই নীতি মতে মানুহৰ আকাংক্ষাৰ উচ্চ বা অতি নিম্ন স্তৰৰ হব নালাগে।ব্যক্তিৰ নিজৰ শক্তি সামৰ্থ্যই ঢুকি পোৱা অভিপ্ৰায় আৰু আকাংক্ষাহে নিৰ্ধাৰণ কৰিব লাগে। অতি উচ্চ স্তৰৰ আকাংক্ষা স্থিৰ কৰি ললে অযথা ব্যৰ্থতা আৰু হতাশাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে।

৮। ভাৰসাম্যতাপূৰ্ণ বিকাশৰ নীতি : মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল উদ্দেশ্য হ’ল ব্যক্তিৰ সামগ্ৰিক আৰু ভাৰসমতাপূৰ্ণ বিকাশ সাধন কৰা।সেই কাৰণে ব্যক্তিত্বৰ সকলো দিশ যেনে শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, নৈতিক আৰু নান্দনিক দিশৰ সংগতিপূৰ্ণ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ সুৰক্ষিত হয়।

৯। প্ৰত্যাহ্বান গ্ৰহণৰ : মানসিক সু-স্বাস্থ্যৰ গঠন আৰু ৰমষনাবেক্ষণৰ আন এটা নীতি হ’ল প্ৰত্যাহ্বান গ্ৰহণৰ নীতি। জীৱনত প্ৰত্যাহ্বান, ধুমুহা আৰু সমস্যা আহিবই।সেই কাৰণে কোৱা হয়-Life is not always the bed of roses,এই প্ৰত্যাহ্বান আৰু সমস্যাবোৰৰ মুখামুখি হৈ জীৱনত আগুৱাই যাবলগীয়া হয়।জীৱনৰ প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিবলৈ সাহস গোটাব নোৱাৰি পলাই ফুৰিলে নহব।এই প্ৰত্যাহ্বানবোৰক সহজভাৱে গ্ৰহণ কৰিবলৈ শিকিব লাগিব।তাকে নকৰিলে হতাশা, উদ্ভিগ্নতা আৰু দু:চিন্তাৰ গ্ৰাসত পৰি আমাৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটে।

১০। সামাজিক মানদণ্ড অনুসৰণৰ নীতি : সামাজিকভাৱে দক্ষ আৰু সামাজিক মানদণ্ড অনুসৰি আচৰণ প্ৰদৰ্শন কৰাটো সুস্থ মানসিক স্বাস্থ্যৰ পৰিচায়ক ।সামাজিক ৰীতি-নীতি আৰু প্ৰথা-পৰম্পৰা অনুসৰি আচৰণ কৰি এক সুস্থ আৰু সমযোজিত জীৱন নিৰ্বাহ কৰিবলৈ প্ৰয়াস কৰাটো সকলোবোৰ কাম্য।সামাজিকভাৱে বিচ্যুত আৰু বিপথগামী আচৰণ মানসিক অসুস্থতাৰ লক্ষণ।

Q.12. এজন সু-সমযোজিত ব্যক্তিৰ বৈশিষ্ট্যসমূহ কি কি?

উত্তৰঃএজন সু-সমযোজিত ব্যক্তিৰ বৈশিষ্ট্যসমূহ (Characteristics of a well-adjusted person): সু-সমযোজিত ব্যক্তিয়ে কিছুমান বিশেষ বৈশিষ্ট্য প্ৰদৰ্শন কৰে।এজন সু-সমযোজিত ব্যক্তিৰ আচৰণ আৰু কাৰ্যকলাপত নিম্নোক্ত 

বৈশিষ্ট্যসমূহ প্ৰতিফলিত হয়- 

১) আচৰণৰ নমনীয়তা : এজন সুস্থভাৱে সমযোজিত ব্যক্তিৰ আচৰণত নমনীয়তা বা শিথিলতা দেখিবলৈ পোৱা যায়।এনে ব্যক্তিয়ে যিকোনো নতুন আৰু পৰিৱৰ্তিত পৰিবেশৰ  সৈতে খাপ খাবলৈ বুলি নিজৰ আচৰণ আৰু কাৰ্যকলাপত পৰিৱৰ্তন সাধন কৰিব পাৰে।

২) নিজৰ সবলতা আৰু দুৰ্বলতা সম্পৰ্কে সচেতন : এজন সু-সমাযোজিত ব্যক্তি নিজৰ সবলতা আৰু দুৰ্বলতা সম্পৰ্কে সচেতন।সেয়েহে এনে ব্যক্তিয়ে নিজৰ সবলতা ব্যৱহাৰ কৰি লাভাম্বিত হ’ব পাৰে আৰু নিজৰ দুৰ্বলতাক স্বীকাৰ কৰি লয়।

৩) উপযুক্ত আকাংক্ষাৰ স্তৰ : এজন সু-সমযোজিত ব্যক্তিৰ আকাংক্ষাৰ স্তৰ নিজৰ সামৰ্থ্যৰ লগত ৰজিতা খাই পৰা বিধৰ।আকাংক্ষাৰ স্তৰ অতিকৈ উচ্চ পৰ্যায়ৰ হ’লে বিফলতাৰ সম্ভাৱনা থাকে আৰু অতিকৈ নিম্ন পৰ্য্যায়ৰ হলে শক্তি সামৰ্থ্য অথলে যায়।

৪) আত্মসন্মান আৰু অন্যৰ প্রতি সন্মান : সু-সমযোজিত ব্যক্তিৰ আত্ম-সন্মান থাকে।এনে ব্যক্তিয়ে নিজৰ সন্মান খৰ্ব হোৱা কাম নকৰে।এনে ব্যক্তিয়ে অন্য মানুহৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰে।

৫) সুস্থ জীৱন দৰ্শন : সুস্থভাৱে সমযোজিত ব্যক্তিৰ নিজস্ব একোটা সুস্থ জীৱন দৰ্শন থাকে।চৌপাশৰ পৰিবেশ-পৰিস্থিতি আৰু নিজৰ বিশ্বাস-পৰম্পৰাৰ আধাৰত এনে ব্যক্তিয়ে এক সামঞ্জস্যপূৰ্ণ আৰু সুস্থ জীৱন দৰ্শন গঢ়ি তোলে আৰু সেই অনুসৰি জীৱন নিৰ্বাহ কৰে।

৬) চিন্তনৰ পৰিপক্কতা : সু-সমযোজিত ব্যক্তিৰ চিন্তনত পৰিপক্কতা প্ৰতিফলিত হয়।এনে ব্যক্তিয়ে বিজ্ঞানসন্মতভাৱে সংশোষণ-বিশেষন কৰি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।

৭) আৱেগিক ভাৰসাম্যতা : সুস্থভাৱে সমযোজিত ব্যক্তিৰ আচৰণক আবেগিক ভাৰসমতা দেখিবলৈ পোৱা যায়।এনে ব্যক্তিয়ে প্ৰয়োজনীয় মুহূৰ্তত নিজৰ আবেগিক আচৰণৰ ওপৰত নিয়ন্ত্ৰণ সাব্যস্ত কৰিব পাৰে।

৮) সামাজিকভাৱে কৌশলী : সুস্থভাৱে সমযোজিত ব্যক্তিৰ সামাজিক দক্ষতা আৰু সামাজিকতা  মন কৰিবলগীয়া।এনে ব্যক্তিয়ে সামাজিক মানদণ্ড আৰু মূল্যবোধ অনুসৰি আচৰণ প্ৰদৰ্শন কৰিব পাৰে।

৯) জগত সম্বন্ধে বাস্তৱসন্মত দৃষ্টিভংগী : এনে ব্যক্তিয়ে জীৱন আৰু জগত সম্বন্ধে এক বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰে।অবাস্তৱ ধাৰন আৰু কল্পনা জগতৰ সলনি এনে লোকে বাস্তৱ জীৱনৰ ভেটিতহে কাম আৰু চিন্তা-চৰ্চা কৰাত আগ্ৰহী।

১০) মৌলিক চাহিদাবোৰৰ পূৰণ : সুস্থভাৱে সমযোজিত ব্যক্তিৰ ক্ষেত্ৰত প্ৰতিফলিত হোৱা অন্য এটা বৈশিষ্ট্য হ’ল যে এই লোকসকলৰ মৌলিক চাহিদাবোৰৰ পূৰণ হোৱা দেখা যায়।এনে লোক আবেগিক নিৰাপত্তাহীনতা আৰু সামাজিক আকাকীকত্বৰ দৰে জটিলতাৰ পৰা মুক্ত।

Q.13. What do you mean by behavioural problem of a child? Describe the types of behavioural problem of a childhood? সমস্যাজড়িত আচৰণ কাক বোলে?

উত্তৰঃ এজন ব্যক্তিয়ে প্ৰদৰ্শন কৰা বাহ্যিক আচৰণে তেওঁৰ মানসিক সুস্থতা-অসুস্থতাৰ অৱস্থাকেই আমাৰ চকুত দাঙি ধৰে।সৰ্বসাধাৰণ লোকে ইয়াৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিৰ স্বৰূপ বৰ্ণনা কৰিবলৈ বিচাৰে।অৱশ্যে সূক্ষ্ম বিবেচনাৰে চালে এজন লোকৰ আচৰণ স্বভাবিক বা অস্বাভাৱিক, সুস্থ বা অসুস্থ স্বৰূপে সঠিকভাৱে নিৰ্ণয় কৰাটো সহজ কথা নহয়।সুস্থ বা স্বাভাৱিক আচৰণ আৰু অসুস্থ বা অস্বাভাৱিক আচৰণৰ মাজত তেনে কোনো স্পষ্ট সীমাৰেখা টানিব পাৰা নাযায়।ইয়াৰ কোনো স্পষ্ট মাপ-কাঠি বা আদৰ্শ প্ৰতিমান বিজ্ঞানসন্মতভাৱে পাব পৰা নাযায়।ইয়াৰ উপৰিও এই প্ৰসংগত উল্লেখযোগ্য যে বিকাশৰ কোনো এক পৰ্য্যায়ত বয়সস্তসকলে শিশুৰ আচৰণ অস্বাভাৱিক অথবা অপ্ৰত্যাশিত স্বৰূপে বিবেচনা কৰিলেও শিশু-বিকাশৰ দৃষ্টিকোণৰ পৰা তাক অস্বাভাৱিক অথবা সমস্যাজড়িত বুলি কোৱাৰ কোনো যুক্তি নাথাকে।সেইবাবে এই ক্ষেত্ৰত ইয়াৰ স্পষ্ট ধাৰণা এটা আমাৰ মনত থকাটো প্ৰয়োজন।

মনোবৈজ্ঞানিক  দৃষ্টিকোণৰ পৰা সমস্যাজড়িত আচৰণ হৈছে যি আচৰণে ব্যক্তিৰ স্বাভাৱিক শিক্ষা-অভিজ্ঞতা আহৰণত আৰু সামাজিক আদান-প্ৰদান ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰে।এই আচৰণজনীত সমস্যাত পীড়িত হোৱা শিশুৱে সমাজৰ গ্ৰহণযোগ্য ক্ৰিয়া-আচৰণ তাৰ সামাজিক পৰিবেশত প্ৰদৰ্শন কৰিব নোৱাৰে।তাৰ আচৰণে সমাজৰ আন আন লোকৰ মনত অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে।সমাজৰ লোকৰ আশানুৰূপভাৱে ক্ৰিয়া-কলাপ প্ৰদৰ্শন কৰাত মানসিকভাৱে সি বাধা অনুভৱ কৰে।এনে আচৰণ সমস্যাজনিত  হৈ উঠে,যেতিয়া ই অস্বাভাৱিকতাৰ পুনৰাবৃত্তিয়ে এক চৰম অৱস্থালৈ গতি কৰে আৰু ই পুনৰাবৃত্তি কৰি সমাজৰ লোকৰ দৃষ্টিগোচৰ হয় আৰু সমস্যাজড়িত স্বৰূপে পৰিগণিত হয়।

অবশ্য এই কথা মন কৰিবলগীয়া যে কোনো শিশোৱে অস্বাভাৱিক, অস্বস্তিকৰ তথা বিৰক্তিকৰ আচৰণ কোনো এক বিশেষ পৰিস্হিতৰ প্ৰভাৱত পৰি প্ৰথমবাৰৰ বাবে আকস্মিকভাৱে প্ৰদৰ্শন কৰিলে তেনে আচৰণক সমস্যাজড়িত আচৰণ বুলি ক’ব নোৱাৰি।হয় এক সমূয়িকভাৱে সংঘটিত হোৱা দুৰ্ঘটনাহে মাথোন।কিন্তু যদি এনে অসুস্থ আচৰণ পৰিস্থিতি সাপেক্ষে সময়ে সময়ে পুনৰাবৃত্তি কৰে আৰু আনৰ বাবে সি-পৰিচিত বিৰক্তিকৰ হৈ উঠে তেতিয়া তাক সমস্যাজড়িত স্বৰূপে চিনাক্তকৰণ কৰিব পাৰি।এনে অৱস্থাত সৰু-সুৰা আপত্তিজনক আচৰণ,যেনে-খং ভাৱ দেখুওৱা,ৰুষ্টতা প্ৰকাশ কৰা, ফাঁকি দিয়া আৰু মিছা কথা কোৱা আদি আচৰনো সমস্যাজড়িত আচৰণৰ অন্তৰ্ভূক্ত হয়।মনোবিধ এলিজাবেথ হাৰলকৰ মতে শিশুৱে নিজ জীৱনত সুখ-স্বাচ্ছন্দ্য আৰু সুস্থ সমায়োজনত বাধাদন কৰা নিজৰ আচৰণকেই সমস্যাজড়িত আচৰণ স্বৰূপে বৰ্ণনা কৰিব পাৰি।এনে আচৰণে ব্যক্তিৰ জীৱনত ব্যাঘাতৰ সৃষ্টি কৰে আৰু অসন্তোষজনক কৰি তোলে।

শিশুৰ এই সমস্যাজড়িত আচৰণ তাৰ সামাজিক, সাংস্কৃতিক আৰু নৈতিক মানদণ্ডৰ যোগেদিও বিচাৰ কৰিব পাৰি।একো একোখন সমাজ আৰু একো একোটা সামাজিক দলৰ মাজত কেতবোৰ গ্ৰহণযোগ্য আদৰ্শ, নীতি-নিয়ম আৰু আৱৰণ আদি থাকে, যাক সেই দলৰ সকলো লোকেই মানি চলিব লাগে।এনে দলৰ এটি শিশুৱে যদি এই দলীয় আদৰ্শ আৰু আৱৰণ ভংগ কৰি নিজকে সামাজিক ক্ৰিয়াৰ ব্যতিক্ৰম আৰু আপত্তিজনক কৰি তোলে।তেন্তে শিশুক আমি সমস্যাজড়িত শিশু বুলি অভিহিত কৰিব পাৰো।কাৰণ তেনে শিশুৰ আচৰণ সকলোৰে বাবে অশান্তি আৰু দুঃচিন্তাৰ বিষয় হৈ উঠিব পাৰে।সেইবাবে সমস্যাজড়িত আচৰণক সমাজৰ প্ৰত্যাশিত আৱৰণৰ ব্যতিক্ৰম স্বৰূপেও বৰ্ণনা কৰিব পাৰি।এই সমস্যাজড়িত আচৰণ শিশু-আচৰণত দেখিবলৈ পোৱাটো অথবা এনে আচৰণ গঢ়ি উঠাটো মাক-দেউতাক আৰু শিক্ষকসকলৰ বাবে এক দুৰ্ভাগ্যজনক পৰিস্থিতি বুলিব পাৰি।এনে ধৰণৰ শিশু আমি সচৰাচৰ গৃহ আৰু শিক্ষা পৰিবেশত দেখিবলৈ পাওঁ আৰু ই শিক্ষক অভিভাৱকৰ বাবে উদ্বেগৰ কাৰণ হৈ উঠে।তথাপিও এই ক্ষেত্ৰত যথোচিত জ্ঞান-অভিজ্ঞতাৰ অভাৱৰ হেতুকে এনে সমস্যাৰ সন্মুখীন হোৱা আৰু তাৰ সমাধান কৰাটো সম্ভৱ হৈ উঠিব নোৱাৰে।উল্লেখযোগ্য যে সামাজিকভাৱে সু-প্ৰতিষ্ঠিত অতি বুদ্ধিমান লোকেও তেওঁৰ নিজ সন্তানৰ সমস্যাজড়িত আচৰণ সম্বন্ধে ৰহস্যজনকভাৱে নিজৰ অজ্ঞতা প্ৰকাশ কৰিব পাৰে।সমস্যাৰ জটিলতাই তেওঁলোকৰ মনত উদ্বেগ আৰু ব্যৰ্থতাৰ ভাৱ সৃষ্টি কৰিব পাৰে।সেয়েহে বহু সময়ত দেখা যায় যে মাক-দেউতাকৰ অজ্ঞতা আৰু উদাহীনতাৰ হেতুকে শিশুৰ এনে সমস্যাজড়িত আচৰণ অধিক জটিলতৰ হৈ উঠে।সেইবাবে এনে আচৰণক সম্যক জ্ঞান থকাটো অতি প্ৰয়োজন।

সমস্যাজড়িত আচৰণৰ বিভিন্ন প্ৰকাৰ : মনোবিজ্ঞানীসকলে শিশুৰ সমস্যাজড়িত আচৰণৰ চিনাক্তকৰণ কৰিবলৈ বিভিন্ন প্ৰচেষ্টা চলোৱা দেখা যায়।এই আচৰণবোৰৰ কেতবোৰ দৈহিক কাৰণজনিত আৰু কেতবোৰ গভীৰ মানসিক কাৰণ জড়িত।ইয়াক সেয়েহে বহুলভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে-দৈহিক আচৰণজনীত সমস্যা আৰু ব্যক্তিত্ব সমস্যা।এই দুয়োবিধৰে চমু বৰ্ণনা তলত দাঙি ধৰা হৈছে।

(ক) দৈহিক আচৰণজনিত সমস্যা : এইবিধ দৈহিক সমস্যাত ভোগা লোকৰ কেতবোৰ অসুস্থতা তাৰ অন্তৰ্নিহিত মানসিক দোষ-ক্ৰুটিৰ বাবে সংঘটিত হ’ব পাৰে।শিশুৰ এনেবোৰ আচৰণ তাৰ গৃহ পৰিবেশত দেখিবলৈ পোৱা যায়।এইসমূহ হৈছে-খোৱা -বোৱাৰ কঠিনতা,টোপনি নোহোৱা, টোপনিত প্ৰস্ৰাৱ কৰা,আঙুলি চুপা, নখ কামোৰা,দুৰ্ঘটনাৰ সৃষ্টি কৰা, দুঃস্বপ্ন দেখা, নিদ্ৰা ভ্ৰমণ, নিদ্ৰা কথন,দাঁত কৰচা, খংভাব দেখুওৱা, আবাধ্যতা,লেতেৰা স্বভাৱ,দন্দুৰা স্বভাৱ,বন্ধুত্ব স্থাপন কৰিব নোৱাৰা,অবাঞ্চিত বন্ধুত্ব বিচৰা ইত্যাদি।ইয়াৰ উপৰি শিশুৰ কেতবোৰ সমস্যাজড়িত আচৰণ দেখা পোৱা যায়, যি সমূহ তাৰ স্কুলৰ সামাজিক পৰিবেশ আৰু ওচৰ-চুবুৰীয়াৰপ্ৰতি আপত্তিজনকভাৱে প্ৰদৰ্শিত হয়।এইসমূহ হৈছে-“মিছা কথা কোৱা আৰু ফাঁকি দি চলা, আনৰ লগত যুজঁ কৰা, ধ্বংস কৰা, আনক জোকোৱা,দাদাগিৰী কৰা ইত্যাদি।ইয়াৰ বাদেও সমাজত কেতবোৰ জটিল সমস্যাৰ সৃষ্টি কৰা দোষনীয় আচৰণ পৰিলক্ষিত হয়।এইসমূহ হৈছে-অসমাজিকতা আৰু অপৰাধপ্ৰৱণতা,স্কুলৰ পৰা পলায়ন কৰা, ঘৰত জুই দিয়া, যৌন অপৰাধ কৰা, জুৱা খেলা, নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰা, নৰহত্যা কৰা, আত্মহত্যা কৰা ইত্যাদি।এই আচৰণবোৰৰ বিশেষত্ব এয়ে যে ই অবৈধ আৰু অনুচিত দৈহিক আচৰণত প্ৰকাশ পায়।ব্যক্তিৰ ব্যক্তিত্ব ই গভীৰ আৰু সামগ্ৰিকভাৱে প্ৰভাৱিত কৰি নোতোলে ।

(খ)ব্যক্তিৰ সমস্যা : সম্বন্ধীয় আচৰণৰ গুৰিতেই হৈছে ব্যক্তিত্বৰ সংলক্ষণবোৰৰ বিশৃংখলতা আৰু অসুস্থতা যি পৰিবেশ অপ-সমায়োজনৰ ফলস্বৰূপে গঢ় লৈ উঠে।অন্তমূৰ্খী আৰু বহিমুৰ্খী লক্ষণবোৰৰ অতিমাত্ৰা অৱস্থাৰ ফলস্বৰূপে এনেবোৰ ব্যক্তিত্ব সমস্যাই দেখা দিয়ে।অৱশ্যে এই ব্যক্তিত্ব সমস্যাবোৰ ব্যক্তিয়ে দৈহিক আৰু মানসিকভাৱে কিছু পৰিপক্ক অৱস্থা লাভ কৰি উঠাৰ পিছৰ পৰাহে শিশু-ব্যক্তিত্বত পৰিলক্ষিত হ’বলৈ ধৰে।নিচেই কম বয়সৰ চালুকীয়া শিশুৰ ক্ষেত্ৰত এনে সমস্যাজড়িত আচৰণ গঢ় লৈ উঠিব নোৱাৰে।পৰিস্থিতিৰ পৰা পোৱা অভিজ্ঞতাৰ কিছু পৈণত প্ৰাপ্তিয়েহে ব্যক্তিত্ব সমস্যাবোৰ গঢ় দি তোলে।এই সমস্যাজড়িত আচৰণবোৰ হৈছে-হিনাত্মিকা মনোভাৱত ভোগা,অকলশৰীয়া অনুভৱ কৰা, অতি লাজকুৰীয়া স্বভাৱ, অতিমাত্ৰা উত্তেজনা, আত্মকেন্দ্ৰিকতা,ঈৰ্ষাভাৱ, দিবাস্বপ্নৰ অত্যধিক প্ৰভাৱ, উদ্বেগ, অন্যমনস্কতা, গোপনীয়তা, সন্দেহ- পৰায়ণতা ইত্যাদি।

মনোবিজ্ঞানীসকলে শিশুৰ সমস্যাজড়িত আচৰণ সম্বন্ধে কৰি কেতবোৰ সচৰাচৰ পৰিলক্ষিত হোৱা অস্বভাৱিক আচৰণৰ তালিকা দাঙি ধৰিছে।

এই তালিকাত অন্তৰ্ভুক্ত আচৰণসমূহ তলত উল্লেখ কৰা দৈহিক আচৰণজনিত আৰু ব্যক্তিত্ব সংগঠন সম্বন্ধীয় দুয়োবিধ সমস্যাজড়িত আচৰকেই অন্তৰ্ভুক্ত কৰিব পাৰি।ইয়াক তলত উপস্থাপন কৰা হৈছে।

(১) শিক্ষাৰ অনগ্ৰসৰতা আৰু অকৃতকাৰ্যতা।

(২) কথন অক্ষমতা, যেনে-বাকস্খলন,বাক-অক্ষমতা আৰু নাকৰ উচ্চাৰণ।

(৩) খাদ্য পেটত ৰাখিব নোৱাৰি বমি কৰাৰ ভাব হোৱা।

(৪) অধিক আক্ৰমণাত্মক মনোভাৱ।

(৫) মিছা কথা কোৱা আৰু চুৰ কৰা।

(৬) ঘৰ আৰু স্কুলৰ পৰা পলায়ন কৰা।

(৭) খাবৰ বেলিকা বাধাগ্ৰস্ত হোৱা।

(৮) হতাশা আৰু উদাহীনতা।

(৯) সপোনত কথা কোৱা আৰু খোজ কঢ়া।

(১০) আবাধ্যতা আৰু উচ্ছশৃংখলতা।

(১১) অবিৰতভাৱে আঙুলি চুপা।

(১২) প্ৰত্যাহাৰ প্ৰবৃত্তি আৰু অপসৰণৰ আচৰণ।

(গ) শিশুৰ সমস্যাজড়িত আচৰণৰ কাৰণ : শিশু আচৰণ অসুস্থ আৰু অস্বভাৱিক কৰি তোলা।বিভিন্ন কাৰণ জড়িত হৈ থাকিব পাৰে।এইসমূহক বহলভাৱে দুটা ভাগত বিভক্ত কৰিব পাৰি, যেনে-বংশগতি সম্বন্ধীয় আৰু পৰিবেশ সম্বন্ধীয়।এই দুয়ো দিশৰে কিছু বহল আলোচনাৰ প্ৰয়োজন।

বংশগত কাৰণসমূহ : শিশুৱে জন্মগতভাৱে আয়ত্ব শক্তি-ক্ষমতাসমূহৰ দোষযুক্ততা সমস্যাজড়িত আচৰণৰ এটা প্ৰধান কাৰণ হৈ উঠিব পাৰে।জৌবিকভাৱে থকা দৈহিক অক্ষমতা আৰু অস্বাভাৱিকতাবোৰ স্বভাবিকতেই শিশু-বিকাশত বাধাৰ সৃষ্টি কৰে।শিশুৰ আচৰণ আৰু প্ৰতিক্ৰিয়া আদিৰ মূলতেই তাৰ জৈৱিক ক্ষমতা আৰু সম্ভাৱনীয়তাসমূহে নিৰ্ধাৰণ কৰে।দেহৰ অভ্যন্তৰ ভাগৰ অন্ত:ক্ষৰা গ্ৰন্থিসমূহৰ অস্বভাৱিক ক্ষৰণ ক্ৰিয়াই তাৰ মানসিক আচৰণ অস্বভাৱিক কৰি তুলিব পাৰে।জন্মগত এনে জৈৱিক অস্বভাৱিকতাই শিশুৰ ওপৰত মনোবিজ্ঞানিকপ্ৰভাৱ পেলাব পাৰে।অস্বভাৱিক দৈহিক গঠনে শিশু আৰু তাৰ মাক- দেউতাকৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়।শিশুৰ অস্বভাৱিক আৰু অপ্ৰত্যাশিত দৈহিক গঠনত মাক-দেউতাক চিন্তিত আৰু ব্যথিত হৈ পৰিব পাৰে।নিজকে অপৰাধী অনুভৱ কৰিব পাৰে আৰু ই তেওঁলোকৰ মনত অশান্তিৰ কাৰণস্বৰূপ হৈ উঠিব পৰে।দোষমুক্ত দৈহিক গঠনৰ ফলত শাৰীৰিকভাৱে অক্ষম হৈ উঠা শিশোৱে নিজকে হতাশা, নিৰাশ আৰু নিৰাপত্তাহীন অনুভৱ কৰি উঠিব পাৰে।এনে আৱেগিক অৱস্থাই শিশুক অপ-সমায়োজন অৱস্থালৈ ঠেলি দিব পাৰে।

ইয়াৰ ফলত ভীৰুতা,সংকুচতা,সন্দেহ-পৰায়নতা,প্ৰত্যাহাৰ আদি আচৰণ গঢ় দি তুলিব পাৰে।শিশুৰ জন্মগতভাৱে লাভ কৰা হীনবুদ্ধিৰ অৱস্থাই তাৰ শিক্ষা আহৰণত অনগ্ৰসৰতাৰ সৃষ্টি কৰিব পাৰে।ইয়াৰ ফলত শিক্ষক-অভিভাৱক সকলৰ যি সমালোচনা, ককৰ্থনা আদিও শুনিব লগা হয়।সেইবাবে জন্মগত বুদ্ধিহীনতাই শিশুৰ মনত ব্যৰ্থতা, অনগ্ৰসৰতা, হীনমন্যতা, পলায়ন আৰু প্ৰত্যাহাৰ প্ৰবৃত্তি আদি কেতবোৰ সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰিব পাৰে।

পৰিবেশীয় কাৰণসমূহ : শিশুৰ দেহ-মানসিক বিকাশত পৰিবেশে এক সামগ্ৰিক প্ৰভাৱ পেলায়।প্ৰকৃত অৰ্থত ক’বলৈ গ’লে পৰিবেশেইহে শিশুৰ জন্মগত জৈৱিক গুণসমূহৰ বাস্তৱ আৰু কাৰ্যকৰী ৰূপায়ন কৰিব পাৰে।চালুকীয়া অৱস্থাত শিশুৰ পৰিবেশ গৃহ পৰিবেশৰ মাজতেই আৱদ্ধ থাকে।এই পৰিবেশতেই সি তাৰ দৈহিক-মানসিক প্ৰয়োজনসমুহ পূৰণ কৰি উঠিব লাগে।সেইবাবে গৃহ পৰিবেশে তাৰ এনেকুৱা প্ৰয়োজন পূৰণ কৰিব পাৰিব লাগে,যাৰ ফলত শিশোৱে ব্যক্তিগতভাৱে নিৰাপত্তা অনুভৱ কৰিব পাৰে আৰু অন্যান্য লোকৰ বাবে নিজ আচৰণ গ্ৰহণযোগ্য কৰি তুলিব পাৰে।গৃহ পৰিবেশত সি বিভিন্ন জনৰ লগত সংস্পৰ্শ লাভ কৰিব আৰু সম্বন্ধ স্থাপন কৰিব লাগে।এই পৰিবেশৰ আৱেগিক পৰিচিতি,অনুশাসন ব্যৱস্থা, আৰ্থ-সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ আদিয়ে শিশুক সুস্থ-অসুস্থভাৱে প্ৰভাৱিত কৰি তোলে।গৃহ পৰিবেশৰ এনেবোৰ প্ৰভাৱৰ মাজত অপসমযোজিত হৈ উঠা শিশোৱে নিজকে অবাঞ্চিত আৰু অপ্ৰত্যাশিত স্বৰূপে অনুভৱ কৰি উঠিব লগা হয়।মাক-দেউতাকৰ মৰম-আদৰ-যত্নৰ পৰা বঞ্চিত হোৱা শিশোৱে সেইবাবে অসমাজিক আৰু অপৰাধ-প্ৰৱণতাৰ অসুস্থ ক্ৰিয়া-আচৰণ প্ৰদৰ্শন কৰে।পৰিয়ালত নিৰাপত্তাৰ অভাৱ,আত্ম-সন্মানহীনতা,মাক-দেউতাকৰ মাজত দ্বন্দ্বব আৰু অসুস্থ সম্বন্ধ,অৰ্থনৈতিক দৰিদ্ৰতাৰ অৱস্থা আদিয়ে শিশু আচৰণৰ সমস্যাজড়িত কৰি তুলিব পাৰে।ইয়াৰ উপৰিও শিশুৰ বাই-ভনীৰ মাজত মৰম-চেনেহ আৰু মিলাপ্ৰীতিৰ অভাৱ, হাই-কাজিয়া আদিৰ অৱস্থাই শিশুৰ মনত ইৰ্ষা, হিংসা,প্ৰতিদ্বন্দিতা, অসমাজিকতা,ধ্বংসাত্মক ক্ৰিয়া আদি সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰিব পাৰে।

ওচৰ-চুবুৰীয়া লোকসকলৰ পৰিয়ালৰ পৰিস্থিতিয়েও শিশু-পৰিবেশ স্বৰূপে তাৰ ওপৰত সুস্থ-অসুস্থ প্ৰভাৱ পেলাব পাৰে।ওচৰ-চুবুৰীয়াৰ অসুস্থ পৰিবেশৰ প্ৰভাৱৰ ফলত বহুতো শিশোৱে কেতবোৰ অসমাজিকতা আৰু অপৰাধ-প্ৰৱণতাৰ মনোভাৱ আৰু আচৰণ গ্ৰহণ কৰি উঠে।এনে আচৰণৰ ফলত শিশুৰ মিছা কথা কোৱা।চুৰ কৰা, ধূমপান কৰা, অদৃশ্য আৰু একথ্য বিষয়ৰ চিন্তা-চৰ্চা কৰা, অনুচিত লগ-সংগ বিচৰা আদি ক্ৰিয়া-কলাপ সচৰাচৰ পৰিলক্ষিত হয়।ইয়াৰ উপৰি শিশু ওচৰ-চুবুৰীয়াৰ লোকবসতি অঞ্চল শিল্পকেন্দ্ৰ অথবা মহানগৰীৰ কদৰ্য অঞ্চলবোৰত অৱস্থিত হলে শিশু -আচৰণ অসমাজিক আৰু অপৰাধমূলক হৈ উঠাটো স্বাভাৱিক।

স্কুলৰ শিক্ষা-পৰিবেশো তাৰ দোষযুক্ততাৰ ফলত শিশুৰ বাবে সমস্যাজড়িত আচৰণৰ কাৰণ হৈ উঠিব পাৰে।স্কুলৰ শিক্ষা-পৰিবেশে আৰু শিক্ষণ পদ্ধতি আদিৰ কেতবোৰ মৌলিকভাৱে দোষযুক্ত প্ৰতিকূল প্ৰভাৱ নিহিত থাকিব পাৰে।উল্লেখযোগ্য যে বহুতো স্কুলত শিশু-প্ৰকৃতি আৰু তাৰ প্ৰয়োজনীযতাতকৈ পূৰ্ব-নিৰ্ধাৰিত শিক্ষা বিষয়হে শিক্ষকৰ বাবে প্ৰধান বিবেচ্য বিষয় স্বৰূপে গণ্য কৰা হয়।বৰ্তমানেও তেনে অনুষ্ঠানত শিশুৰ পুথিগত বিদ্যাৰ অৰ্জিত জ্ঞান আৰু নম্বৰ আহৰণ কৰাত অধিক গুৰুত্ব দিয়া হয়।এনে অৱস্থাই শিশুৰ শিক্ষা-পৰিবেশ প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্ববিতা আদিৰ অসুস্থ পৰিবেশত পৰিণত কৰি তোলে,যাৰ ফলত দৈহিক আৰু মানসিকভাৱে শিশু ক্ষতিগ্ৰস্ত হৈ পৰে।স্কুলৰ শ্ৰেণী পৰিবেশত ছাত্ৰ-সংখ্যা বৃদ্ধি হৈ শিক্ষকৰ নিয়ন্ত্ৰণহীন হৈ পৰে।ইয়াৰ ফলত ছাত্ৰৰ ব্যক্তিগত প্ৰয়োজন আৰু সমস্যা আদিৰ প্ৰতি শিখকে চকু দিয়াটো অসম্ভৱ হৈ উঠে।এনে শিক্ষা পৰিবেশ আৰু শিক্ষণ পদ্ধতিয়ে শিশুৰ আত্মপ্ৰকাশ আৰু বিকাশৰ পথ বন্ধ কৰি তুলিব পাৰে।স্কুলৰ বৈষয়িক অৱস্থা অতি জৰাজীৰ্ণ হৈ পৰে, যাৰ ফলত পাঠ্যক্ৰমৰ কাৰ্যসূচী আৰু সহ-পাঠক্ৰমৰ খেলা-ধূলা, নৃত্য-গীত আদিৰ সা-সুবিধা প্ৰায় নথকাৰ দৰে হয়।ইয়াৰ ফলত শিশুমনৰ আৱেগ-অনুভূতিৰ স্বতঃ স্ফুৰ্ত প্ৰকাশ আৰু বিকাশৰ সম্ভাৱনীয়তা মুঠেও নাথাকে।সেইবাবে ক’ব পাৰি যে স্কুলীয়া পৰিবেশত অসুস্থতা আৰু বৈষয়িক সা-সুবিধাৰ সীমাবদ্ধতাই শিশুমনৰ বৌদ্ধিক প্ৰয়োজন পুৰাণত পৰিৱৰ্তে সমস্যাজড়িত আচৰণৰ সৃষ্টি কৰি তুলিব পাৰো।

ওপৰত কৰা আলোচনাৰ পৰা এই কথা স্পষ্ট হৈ যে শিশুৰ দৈহিক, মানসিক আৰু আৱেগিক প্ৰয়োজনসমূহ তাৰ পৰিবেশে যথোচিতভাৱে পূৰণ কৰাত ব্যৰ্থ হ’লে শিশুৰ সমস্যাজড়িত আচৰণৰ সৃষ্টি হয়।শিশুক তাৰ মৰমৰ পৰা বঞ্চিত কৰিলে,নিৰাপত্তা, স্বীকৃতি আৰু আত্ম-মৰ্যাদা দান কৰিব নোৱাৰিলে শিশু-আচৰণ সমস্যাজড়িত স্বৰূপে আত্মপ্ৰকাশ কৰি উঠে।এনে আচৰণক পুনৰাবৃত্তিৰ যোগে স্থায়ী ৰূপদান কৰি জটিলতা বৃদ্ধি কৰে।

Q.14. What are the cause of behavioural problem of child? Describe how to remove these problems.

উত্তৰঃ শিশুৰ কেতবোৰ বিশেষ সমস্যাজড়িত আচৰণ:- 

শিশুৰ সমস্যাজড়িত আচৰণে প্ৰাপ্তবয়স্ক সকলক প্ৰভাৱিত আৰু পীড়িত কৰে।এনে আচৰণ সাধাৰণভাৱে সমাজৰ লোকসকলক আৰু ব্যক্তিগতভাৱে মাক-দেউতাকক পীড়িত কৰি তোলে।সেইবাবে এই আচৰণসমূহৰ কিছু বহলাই আলোচনাৰ প্ৰয়োজন আছে।এনে আচৰণৰ লগত পৰিচিত হ’ব পাৰিলে, এই সম্বন্ধে উদ্ভৱ হ’ব পৰা সমস্যা কিছু পৰিমাণে লাঘৱ কৰিব পৰা যায়।তলত শিশুৰ কেতবোৰ পৰিচিত আচৰণৰ স্বৰূপ বৰ্ণনা কৰিবলৈ চেষ্টা কৰা হৈছে।

চালুকীয়া শিশুৰ সমস্যাজড়িত আচৰণ : নিচেই চালুকীয়া শিশুৰ আচৰণজনিত সমস্যাসমূহ স্বাভাৱিকতেই দৈহিক প্ৰয়োজনমূখী।শিশুৰ খোৱা-বোৱা,টোপনি যোৱা আদি দৈনন্দিন ক্ৰিয়া-কলাপৰ মাজতেই এই সমস্যাজড়িত আচৰণবোৰ আবদ্ধ হৈ থাকে।এই সময়ত তাৰ মানসিক জীৱনৰ অভিজ্ঞতা আৰু অনুভূতি আদি অত্যন্ত সীমিত বিধৰ হৈ থাকে।শিশুৰ দৈহিক সুস্থতা আৰু স্বাস্থ্যৰক্ষাৰ ব্যাঘাত জম্মোৱা আৰু সমস্যাৰ সৃষ্টি কৰা কেতবোৰ আচৰণ এই সময়ত পৰিলক্ষিত হয়।এইসমূহ হৈছে-খোৱাৰ সমস্যা, নিদ্ৰাৰ সমস্যা, বিছনাত প্ৰস্ৰাৱ কৰা, দুৰ্ঘটনাৰ সৃষ্টি কৰা, কদৰ্যতা সৃষ্টি কৰা ইত্যাদি।

খোৱাৰ সমস্যা : এইবিধ আচৰণৰ সমস্যা প্ৰায় শিশুৰ ক্ষেত্ৰতে সচৰাচৰ দেখিবলৈ পোৱা যায় খাবৰ সময়ত এনে শিশুৱে খোৱা বস্তুৰ প্ৰতি প্ৰতিকূল মনোভাৱ আৰু আচৰণ প্ৰদৰ্শন কৰে।খাবলৈ নিবিচৰা কাৰ্যই মাতৃক চিন্তিতও কৰি তোলে।খুৱাবলৈ বল প্ৰয়োগ কৰা কাৰ্যই শিশু আৰু মাতৃ উভয়ৰ প্ৰতি অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।এনে পৰিস্থিতিত মাতৃৰ বিশেষ সংযম আৰু সুবিবেচনাৰ প্ৰয়োজন হয়।উল্লেখযোগ্য যে প্ৰতিটো শিশুৰ বাবে নতুন খাদ্যৰ জুতি সহজভাৱে গ্ৰহণ কৰাত সময় আৰু অভ্যাসৰ প্ৰয়োজন হয়।কোনো শিশোৱে আশা কৰাতকৈ কম পৰিমাণৰ খাদ্য গ্ৰহণ কৰিলে শিশু-বিশেষজ্ঞৰ পৰামৰ্শ ল’ব লাগে।গুৰু আহাৰ গ্ৰহণৰ পূৰ্বে শিশুক পাতলীয়া বিধৰ আহাৰ খোওৱাৰ ব্যৱস্থা কৰিব নালাগে।শিশুক বলপূৰ্বকভাৱে খুৱাবলৈ চেষ্টা কৰাৰ পৰিৱৰ্তে খোৱাৰ পৰিস্থিতি সুখদায়ক আৰু আনন্দদায়ক কৰি তুলিব লাগে।স্বাভাৱিক অৱস্থাত কম পৰিমাণে হ’লেও চেষ্টা কৰিব লাগে।প্ৰয়োজনতকৈ অধিক খুওৱাৰ প্ৰচেষ্টা এৰাই চলিব লাগে।

নিদ্ৰাৰ সমস্যা : নিদ্ৰা বা টোপনি যোৱাৰ বেলিকাও কোনো কোনো শিশুৰ বাবে সমস্যাৰূপে দেখা দিব পাৰে।অৱশ্যে ই খোৱাৰ সমস্যাতকৈ কিছু কম গুৰুত্বপূৰ্ণ।শিশুকালত সচৰাচৰ টোপনিৰ পৰিমাণ অধিক থাকে।তথাপিও দেখা যায় যে ভিন ভিন শিশুক নিদ্ৰাৰ প্ৰয়োজন কম বেছি পৰিমাণৰ হয় ।এই কথাও মনকৰিবলগীয়া যে শিশোৱে যথোচিত সময়ৰ বাবে টোপনি নগলে সি তাৰ দৈহিক স্বাস্থ্যৰ ক্ষতিসাধন কৰি তুলিব পাৰে।উল্লেখযোগ্য যে শিশুৰ পৰিবেশ অশান্ত বা উত্তেজনাকৰ দৃশ্য দেখিলে বা গল্প আদি শুনিলে সি শিশুমনত আৱেগিক উত্তেজনাৰ সৃষ্টি কৰে।বহুতো শিশোৱে অন্ধকাৰৰ প্ৰতিও ভয় কৰে,যাৰ ফলত নিদ্ৰা বাধাপ্ৰাপ্ত হয়।সেইবাবে এনেবোৰ পৰিস্থিতিৰ প্ৰতি সাৱধান হ’ব লাগে।নিদ্ৰাৰ সময় আৰু পৰিস্থিতি শিশুৰ প্ৰয়োজন অনুসৰি পুনৰ নিৰ্ধাৰণ কৰি ল’ব লাগে।টি. ভি.,ৰেডিঅ’আদিৰ পৰা হ’ব পৰা বাধাপ্ৰাপ্ত হোৱা পৰিস্থিতিৰ পৰাও শিশুক আঁতৰাই ৰাখি নিদ্ৰাৰ শান্ত পৰিবেশ গঢ় দি তুলিব লাগে।

বিছনাত প্ৰস্ৰাৱ কৰা : শিশুৱে ৰাতি বিছনাত প্ৰস্ৰাৱ কৰাটো মানুহৰ বাবে পৰিচিত এক বিৰক্তিকৰ অভিজ্ঞতা বুলিব পাৰি।নিচেই চালুকীয়া শিশুৰ এনে কাৰ্যত অৱশ্যে তেনে কোনো অস্বাভাৱিকতা নাথাকে।এনে শিশুৱে সচৰাচৰ একোটা দিনত ১৮-১৯ বাৰলৈকে প্ৰস্ৰাৱ কৰিব লাগে।এই সময়ত শিশুৰ দেহ-ৰাসায়নিকভাৱে বৰ্জন ক্ৰিয়াৰ মাত্ৰা অধিক হয় আৰু প্ৰায় ৩ বছৰ ৬ মাহলৈকে এই কাৰ্যত শিশুৰ নিয়ন্ত্ৰণ ক্ষমতা নাথাকে।৪ বছৰ বয়সৰ পৰিসৰ পৰা শিশুৱে নিদ্ৰিত অৱস্থাত প্ৰস্ৰাৱ কৰা কাৰ্যহে বিশেষ চিন্তা আৰু সমস্যাৰ কাৰণস্বৰূপে হৈ উঠিব পাৰে।বিশেষজ্ঞসকলৰ মতে শিশুৰ এনে কাৰ্যৰ লগত দৈহিক আৰু মনোবৈজ্ঞানীক কাৰণ নিহিত হৈ থকাৰ কথা লক্ষ্য কৰা হয়।শিশু-পৰিবেশ অধিক উত্তেজনাকৰ হৈ উঠিলে অথবা শিশুৱে আৱেগিক বাধাগ্ৰস্ততা অনুভৱ কৰি উঠিলে সি তাৰ দেহত ৰাসায়নিক প্ৰক্ৰিয়াৰ সৃষ্টি কৰে।এনে কাৰ্যৰ লগত শিশুৰ স্বপ্নও জড়িত হৈ থাকিব পাৰে।শিশু-মনত ইৰ্ষাভাৱ, মাক-দেউতাকৰ সমালোচনামূলক আদিও ইয়াৰ কাৰণ স্বৰূপে উল্লেখ কৰিব পাৰি।ইয়াৰ প্ৰতিকাৰ স্বৰূপে ক’ব পাৰি যে শিশুক দৈহিক শাস্তি দিয়া, গালি-শপনি পৰা, সমালোচনা কৰা আদি উত্তেজনাকৰ পৰিস্থিতিৰ পৰা বয়সস্থসকল বিৰত থাকিব লাগে।শিশুৰ নিদ্ৰা অৱস্থাত প্ৰস্ৰাৱ কৰা কাৰ্যৰ বাবে তাক অভিযুক্ত কৰিব নালাগে,বৰং পৰিস্থিতি শান্ত আৰু স্বাভাৱিক কৰি তোলাৰহে প্ৰচেষ্টা চলাব লাগে।

দুৰ্ঘটনাৰ সৃষ্টি কৰা : শৈশৱ কালত শিশুৱে সঘনে দৈহিকভাৱে দুৰ্ঘটনাত পতিত হোৱা বা তেনে দুৰ্ঘটনা সৃষ্টি কৰাটো এক পৰিচিত সমস্যা স্বৰূপে বিবেচনা কৰিব পাৰি।নিচেই চালুকীয়া শিশুৱে দৈহিকভাৱে গতি কৰিব নোৱাৰা অৱস্থাত এনে দুৰ্ঘটনা পোৱা নাযায় যদিও তাৰ সঞ্চালন ক্ষমতা বিকাশৰ লগে লগে দৈহিক দুৰ্ঘটনাৰ মাত্ৰা বৃদ্ধি হয়।এনে দুৰ্ঘটনা মুখ,হাত,ভৰি,মুৰতেই  সৰ্বাধিক হোৱাটোও লক্ষ্য কৰা হয়।কোনো কোনো সময়ত মুখলৈ যিকোনো বস্তু নিও দুৰ্ঘটনাৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।শিশুৰ প্ৰায় ছয় মাহ বয়সৰ পৰা তিনি বছৰ বয়সলৈ এনে দুৰ্ঘটনা সৃষ্টি কৰা পৰিস্থিতি সৰ্বাধিক হৈ উঠে।উল্লেখযোগ্য যে শিশুৱে সৃষ্টি কৰা দুৰ্ঘটনাবোৰৰ হৃস্বম্যাদী আৰু দীৰ্ঘম্যাদী প্ৰভাৱ তাৰ দৈহিক বিকাশত পৰিব পাৰে।দুৰ্ঘটনাৰ পৰিস্থিতিয়ে পিতৃ-মাতৃক সময়ে সময়ে উত্তেজিত কৰি তুলিলেও ই শিশুৰ বাবে আদৰ্শ শিক্ষা-স্বৰূপ হৈ উঠিবও পাৰে।দুৰ্ঘটনাৰ পৰিস্থিতি আৰু অভিজ্ঞতাই শিশুক বিপদজনক পৰিস্থিতিৰ প্ৰতি সাৱধান কৰি তুলিব পাৰে।অৱশ্যে কেতবোৰ শিশুৰ প্ৰকৃতি এনে যে সি দুৰ্ঘটনাৰ সৃষ্টি কৰি তোলাৰ যোগেদিহে শান্ত হয়।শিশুৰ স্বাভাৱিক কৌতুহল প্ৰবৃত্তিযেই তাক কোনো কোনো সময়ত দুৰ্ঘটনা সৃষ্টিৰ প্ৰতি উদ্যত কৰিব পাৰে।সেইবাবে অভিভাৱকসকলে লক্ষ্য কৰিব লাগে যাতে দুৰ্ঘটনাই শিশুৰ গুৰুত্বৰ বিধৰ দৈহিক ক্ষতিসাধন কৰিব নোৱাৰে আৰু এই দুৰ্ঘটনা তাৰ বাবে শিক্ষামূলক হৈ উঠে।

কদৰ্যতাৰ সৃষ্টি কৰা : শিশুৱে এটা সময়ত তাৰ ক্ৰিয়া-আচৰণবোৰ কৰ্দয়তাপূৰ্ণ স্বাভাৱিক নীতি-নিয়ম বিৰোধী কৰি তোলে তাৰ দ্বাৰা বয়সস্তসকলৰ মনত অস্বস্তি আৰু বিৰক্তিৰ ভাৱ সৃষ্টি কৰে।বিশেষকৈ ২-৪ বছৰ বয়সৰ ভিতৰত তাৰ মনত এক নেতিবাচক মনোভাৱ গঢ় লৈ উঠে।ইয়াৰ ফলত কোনো বস্তু ভাঙি পেলোৱা, লেতেৰা বা অপৰিষ্কাৰ কৰি পেলোৱা, খেলি-মেলি কৰা, আনক প্ৰহাৰ কৰা, আনৰ কথা নুশুনি নকৰিবলগীয়া কাম কৰা আৰু নক’ব লগা কথা কোৱা আদি আচৰণৰ প্ৰৱণতা পৰিলক্ষিত হয়।এই সময়তে সাধাৰণতে সি আনৰ দৃষ্টিত দুষ্ট আৰু বেয়া ল’ৰা হৈ পৰে।এনে প্ৰৱণতা কোনো কোনো শিশুৰ ক্ষেত্ৰত মাত্ৰাধিক্য হৈ পৰি চিন্তাৰ কাৰণ হৈ উঠিব পাৰে।তিনি বছৰ বয়সত সি প্ৰাক-প্ৰাথমিক স্কুললৈ গ’লে অথবা ঘৰৰ পৰিবেশৰ পৰা ওলাই সমনীয়াৰ খেলা-ধূলাৰ পৰিবেশলৈ গ’লে তেনে অসুস্থ আৰু কৰ্দয় আচৰণ প্ৰদৰ্শন কৰে।ইয়াৰ ফলত সি দলৰ পৰাও বহিস্কাৰ হ’ব লগা হয়।এনে শিশুক শাস্তি প্ৰদান কৰাৰ পৰিবৰ্তে তাৰ ক্ৰিয়া-আচৰণবোৰ পৰিপাটিকৈ আৰু সুন্দৰভাৱে কৰিবলৈ শিকাব লাগে।নৃত্য-গীত,চিত্ৰাংকণ, হস্ত-শিল্প আদি বিষয়ৰ প্ৰণালীবদ্ধ শিক্ষাদানেৰে এনে কৰ্দয আচৰণৰ অসুস্থতা গুচাই স্বাভাৱিক অৱস্থালৈ আনিব পৰা যায়।

অসুস্থ ক্ৰিয়াৰে মনোযোগ আকৰ্ষণ কৰা : শিশুৰ এটা স্বভাৱ-সুলভ প্ৰৱণতা হৈছে সি সকলোৰে মনোযোগৰ কেন্দ্ৰবিন্দু হোৱা।সকলোৱে তাৰ প্ৰতি মনোযোগ দিয়াটো আৰু প্ৰশংসা, স্বীকৃতি আৰু মৰ্যাদা দান কৰাটো সি বিচাৰে।শিশু-মনৰ এনে ইচ্ছা,প্ৰবৃত্তি আৰু প্ৰয়োজন স্বাভাৱিকভাৱে পূৰণ ন’হলে সি অস্বাভাৱিক আৰু অসুস্থ আচৰণ প্ৰদৰ্শনেৰে তাক পূৰণৰ চেষ্টা চলায় আৰু তাৰ দ্বাৰা আনৰ দৃষ্টি তথা মনোযোগ আকৰ্ষণ কৰিবলৈ বিচাৰে।উল্লেখযোগ্য যে সি তাৰ কোনো কাম কামেৰে বয়সস্তসকলৰ মনোযোগ আকৰ্ষণ কৰিব নোৱাৰিলে অসুস্থ আৰু আপত্তিজনক ক্ৰিয়াৰে সহজে মনোযোগ আকৰ্ষণ কৰিব পাৰে।উদাহৰণস্বৰূপে শিশুৱে নিজে তাৰ কাপোৰ-কানি পিন্দিব পৰা কাৰ্যৰ প্ৰশংসা পাব নোৱাৰিলে বিকৃত ৰূপত কেতিয়াবা নিজকে সজাই তুলি দেখুৱায়।এনে বিকৃত ৰূপৰ ক্ৰিয়া প্ৰৱণতাই শিশু-আচৰণ অস্বাভাৱিক কৰি তোলে।ইয়াৰ প্ৰতিকাৰ কৰিবৰ বাবে বয়সস্তসকলে শিশুৰ অসুস্থ আৰু অস্বাভাৱিক আচৰণবোৰৰ প্রতি মনোযোগ দিয়াৰ পৰিবৰ্তে তাৰ প্ৰশংসনীয় ক্ৰিয়া-আচৰণৰ প্ৰতি প্ৰয়োজনীয় স্বীকৃতি আৰু মনোযোগে প্ৰদান কৰিব লাগে।ভাল ক্ৰিয়া-আচৰণৰ প্ৰতি তেওঁলোকে স্বীকৃতি আৰু মনোযোগে শিশুক উৎসাহিত কৰি তোলে আৰু তাৰ পুনৰাবৃত্তিয়ে আচৰণৰ স্থায়ী ৰূপ দান কৰে।

বাল্যকালৰ কেতবোৰ সমস্যা জড়িত আচৰণ : বাল্যকালৰ সমস্যা জড়িত আচৰণবোৰ অধিক মানসিক জটিলতাপূৰ্ণ আৰু শিশুৰ জীৱনত দীৰ্ঘম্যাদী প্ৰভাৱযুক্ত হৈ উঠাটো লক্ষ্য কৰিব পাৰি।এই অসুস্থ আচৰণবোৰে শিশুৰ নিজ পৰিবেশত সমায়োজন স্থাপন কৰাত আৰু ব্যক্তিত্বৰ সুস্থ বিকাশত প্রতিবন্ধকতা স্বৰূপে দেখা 

দিয়ে। পিতৃ-মাতৃ,শিক্ষক-অভিভাৱক সকলোৰে বাবেই এই সমস্যা জড়িত আচৰণবোৰ বাস্তৱিকতেই সমস্যা স্বৰূপ হৈ উঠে।ইয়াৰ স্বৰূপ জানি উঠাটো,ইয়াৰ প্ৰতি সাৱধানতা অৱলম্বন কৰাটো আৰু প্ৰয়োজনীয় প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাটো এক দায়িত্বপূৰ্ণ কৰ্তব্য স্বৰূপে বিবেচনা কৰিব পাৰি।তলত ইয়াৰ কেতবোৰ বৰ্ণনা কৰা হৈছে।

খং ভাব দেখুওৱা : শিশুৰ সচৰাচৰ খং ভাব দেখুওৱা আচৰণ পৰিস্থিতিত পৰিলক্ষিত হয়।এনে আচৰণ বহু সময়ত মাক-দেউতাক আৰু শিক্ষকৰ বাবেও শিশুৰ প্ৰতি খঙৰ কাৰণ স্বৰূপ হৈ উঠিব পাৰে।এনেবিধ খঙৰ ৰুষ্ট ব্যৱহাৰ শিশুৱে বিভিন্ন আচৰণ প্ৰদৰ্শনেৰে প্ৰকাশ কৰি তোলে।এইসমূহ হৈছে-অতিপাত চিঞৰা আৰু চিঞৰি চিঞৰি কন্দা, বস্তু দলিওৱা,গুৰিওৱা,মাটিত বাগৰা ইত্যাদি।এনে উগ্ৰ আৰু অনিয়ন্ত্ৰিত আচৰণেৰে শিশুৱে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অথবা আনৰ ওপৰত নিয়ন্ত্ৰণৰ ভাব প্ৰকাশ কৰিবলৈ প্ৰদৰ্শন কৰিব পাৰে।মনোবিজ্ঞানীসকলে এনে আচৰণৰ বিভিন্ন কাৰণ দাঙি ধৰিছে।শিশুৱে পাবলৈ বিচৰা বস্তু, সন্মান,মৰ্যাদা বা মৰম লাভ কৰিব নোৱাৰিলে অথবা কোনোবাই তাৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰিলে অথবা যিকোনো সন্মানজনক বুলি ভাবি লোৱা প্ৰতিযোগিতাত পৰাস্ত হ’লে এনে উগ্ৰ আচৰণ প্ৰদৰ্শন কৰিব পাৰে।ই তাৰ মনৰ বিৰক্তিকৰ পৰিস্থিতি আৰু তিক্ততা প্ৰকাশত সহায় কৰে।দৈহিক অসুস্থতা বা ক্লান্তিও ইয়াৰ কাৰণ হৈ উঠিব পাৰে।ইয়াৰ উপৰি আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু নিজৰ অক্ষমতা আৰু হীনাত্মিকভাব গুচাবৰ বাবেও এনে অসুস্থ আচৰণ শিশুৱে প্ৰদৰ্শন কৰিব পাৰে। মাক- দেউতাক আৰু শিক্ষক-অভিভাৱকসকলে শিশুৰ এনে খং ভাব প্ৰকাশৰ বেলিকা বিশেষ সাৱধান হ’ব লাগে।শিশুৰ খঙৰ বেলিকা তেওঁলোকে ধৈৰ্য আৰু আত্ম-নিয়ন্ত্ৰণৰ ভাব প্ৰদৰ্শন কৰিব লাগে।তেওঁলোকে শিশুৰ উগ্ৰ পৰিস্থিতিত কটু কথা বা বাক্য প্ৰয়োগ কৰি পৰিস্থিতিৰ ঘটাব নালাগে।ইয়াৰ পৰিবৰ্তে শিশুক সহানুভূতিৰে জানিবলৈ আৰু তাৰ প্ৰয়োজনসমূহৰ বুজ ল’বলৈহে চেষ্টা কৰিব লাগে।অৱশ্যে শিশুৱে খং প্ৰদৰ্শনৰ বাস্তৱ পৰিস্হিতিত এনে সহানুভূতিশীলতাৰ ভূমিকা গ্ৰহণ কৰাটো তেওঁলোকৰ বাবে অতি কঠিন কাম।তথাপিও ই অতি প্ৰয়োজনীয় স্বৰূপে বিবেচনা কৰিব পাৰি।তেওঁলোকে এনে পৰিস্থিতিত শিশুৰ উগ্ৰ আচৰণৰ কাৰণ বিশেষণ কৰিবলৈ নগৈ তাক উপেক্ষা কৰাৰ মনোভাৱ আৰু দৃষ্টিভংগীহে গ্ৰহণ কৰিব লাগে।এনে পৰিস্থিতিৰ সমালোচনা কৰা আৰু শিশুক দোষী সাব্যস্ত কৰা মনোভাৱে অধিক ক্ষতিসাধন কৰে।ইয়াৰ উপৰি শিশু-মনৰ এই খনৰ পৰিস্থিতি সাম কটাবলৈ তেওঁলোকে অন্য কোনো বিষয়ৰ প্ৰতি শিশুৰ মনোযোগ ঢাল খুৱাবলৈ চেষ্টা কৰিব লাগে।

আক্ৰমণাত্মক আচৰণ : এনে আচৰণে শিশু-মনৰ ব্যৰ্থতা আৰু ক্ৰোধভাবৰ মুক্ত প্ৰকাশ বা অভিব্যক্তি বুলিব পাৰি।এই আক্ৰমনাত্মক মনোভাৱ আৰু আচৰণ শিশোৱে বিভিন্ন উপায়ে প্ৰদৰ্শন কৰে।এইসমূহ হৈছে-প্ৰহাৰ কৰা, ধ্বংস কৰা, দৈহিকভাৱে যুজঁ কৰা, কামোৰা, গুৰিওৱা ইত্যাদি।শিশুৰ নিজ প্ৰভাৱ,প্ৰভুত্ব আৰু আত্ম-প্ৰতিষ্ঠাভাব কাৰ্যকৰী কৰি তুলিবৰ বাবে এনে হিংসাত্মক আৰু আক্ৰমনাত্মক ক্ৰিয়া-কলাপ প্ৰদৰ্শন কৰে।আনক দৈহিকভাৱে ক্ষতিসাধন কৰাৰ মনোবৃত্তিয়ে এনে আচৰণ প্ৰদৰ্শনত ইন্ধন যোগাব পাৰে।

আক্ৰমনাত্মক আচৰণবোৰে শিশুৰ কেতবোৰ প্ৰয়োজনীয় উদ্দেশ্য সাধন কৰি তুলিব পাৰে।উল্লেখযোগ্য যে আক্ৰমনাত্মক আচৰণে শিশু-মনৰ ব্যৰ্থতা ভাব উপশম কৰিব পাৰে।এই কথা লক্ষ্য কৰা হৈছে যে শিশুৰ ওপৰত মাক-দেউতাকৰ দমনমূলক প্ৰভাৱ অথবা তেওঁলোকে শিশুক ভাল নোপোৱা বুলি শিশোৱে গ্ৰহণ কৰা মনোভাৱৰ বাবে সচৰাচৰ এনে আচৰণ শিশোৱে প্ৰদৰ্শন কৰিব পাৰি।ইয়াৰ উপৰি পৰিয়ালৰ মাজত পিতৃ-মাতৃৰ বিবাদ,কঠোৰ অনুশাসন ব্যৱস্থা, তেওঁলোকৰ কটু সমালোচনা আৰু আন কেতবোৰ ব্যৰ্থতামূলক পৰিস্থিতি এনে আচৰণৰ কাৰণ স্বৰূপ হৈ উঠিব পাৰে।সেইবাবে স্কুল আৰু গৃহ পৰিবেশত দমনমূলক পৰিস্থিতি শিশুৰ এনে সমস্যা জড়িত আচৰণৰ প্ৰধান কাৰণ বুলিব পাৰি।

ইয়াৰ উপৰিও দৈহিকভাৱে শিশুৰ অন্ত:ক্ষৰা গ্ৰন্থিৰ অস্বাভাৱিক ক্ষৰণ ক্ৰিয়া শিশুৰ উগ্ৰ আক্ৰমনাত্মক আচৰণৰ কাৰণ হৈ উঠিব পাৰে।

এনেবিধ আচৰণৰ উপযুক্তভাৱে সন্মুখীন হ’বৰ বাবে শিশু-মনৰ নিৰাপত্তাহীনতা,অপৰ্যাপ্ততা আৰু অপৰাধপ্ৰৱণতাৰ মনোভাৱ গুচাবলৈ চেষ্টা কৰিব লাগে।শিশুক তাক খং ভাব প্ৰকাশৰ প্ৰয়োজনীয় সুবিধা আৰু উপযুক্ত পৰিস্থিতি প্ৰদান কৰিব লাগে।তাক এই কথা প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিব লাগে যে আনৰ প্ৰতি খং ভাব প্ৰকাশ কৰাটো এটা স্বাভাৱিক কথা আৰু ইয়াত কোনো দোষণীয়তাৰ ভাৱ নাথাকে।এনে মনোভাৱ গ্ৰহণৰ অন্তৰালত থকা উদ্দেশ্য এয়ে যে তাৰ যোগেদি শিশোৱে নিজৰ ৰুক্ষ ভাব স্বাভাৱিক অৱস্থালৈ আনিব পাৰে আৰু সি নিজৰ আক্ৰমনাত্মক আচৰণ সংশোধন কৰি তুলিব পাৰে।তাৰ ফলত সঘনে পৰিস্থিতিত সি প্ৰদৰ্শন কৰা আক্ৰমনাত্মক আচৰণ গুচাব পাৰে।ইয়াৰ উপৰি শিশোৱে তাৰ মনৰ অবদমিত আৱেগ-অনুভূতিসমূহ প্ৰকাশৰ প্ৰয়োজনীয় পথ সৃষ্টি কৰিব লাগে।ইয়াৰ বাবে খেলা-ধূলা, হাতৰ কাম, বাগান পৰিচালনা কৰা, চিত্ৰত ৰঙৰ প্ৰয়োগ কৰা, নাট্যভিনয় কৰা আদি কাৰ্যৰ সুবিধা প্ৰদান কৰিব লাগে।মাক-দেউতাকসকলে শিশুৰ আক্ৰমনাত্মক আচৰণৰ মূল কাৰণ বা ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্যৰ বুজ ল’বলৈ চেষ্টা কৰিব লাগে।এনে আচৰণ প্ৰদৰ্শন কৰিব পৰা পৰিস্থিতিও তেওঁলোকে এৰাই চলিব লাগে।

চুৰ কৰা : শিক্ষক-অভিভাৱকসকলৰ সচৰাচৰ চিন্তিত কৰি তোলা শিশুৰ এটি পৰিচিত আচৰণ হৈছে চুৰ কৰা।এনে চৌৰ্য প্ৰবৃত্তিৰ আইন ভংগকাৰী দোষনীয় প্ৰবৃত্তিৰ ভাব প্ৰথম অৱস্থাত শিশুৰ আচৰণত দেখা পোৱা নাযায়।ক্ৰমান্বয়ে তাৰ বয়স আৰু অভিজ্ঞতাৰ লগে লগে শিশোৱে ক্ৰমে গৰাকী বা বস্তুৰ মলিকী-স্বত্বৰ প্ৰবৃত্তি অনুভৱ কৰিবলৈ ধৰে।ইয়াৰ ফলত সি নিজৰ আৰু আনৰ বস্তুৰ মাজত পাৰ্থক্য অনুভৱ কৰি উঠে।এনে অভিজ্ঞতাৰ বাবেই আনৰ বস্তু নিজৰ কৰি সংগ্ৰহ কৰিবলৈ অসুস্থ প্ৰবৃত্তি জাগি উঠে।ইয়েই হৈছে শিশুৰ চুৰ কৰা মুল কাৰণ।অৱশ্যে মনোবিজ্ঞানীসকলে শিশুৱে চুৰ কৰা বিভিন্ন দেহ-মানসিক কাৰণ দাঙি ধৰে।কোৱা হয় যে শিশুৱে নিজৰ গৃহ পৰিবেশত কৰা অসুস্থ অপসমায়োজনৰ ফলত চৌৰ্য প্ৰবৃত্তি আৰু আচৰণ প্ৰদৰ্শন কৰে।ঘৰৰ পৰিবেশ অসুস্থ হ’লে আৰু শিশুক ব্যক্তিগত প্ৰয়োজন পুৰণত  ই অসমৰ্থ হ’লে তাৰ মনত অসুস্থ আৱেগিক উত্তেজনাৰ সৃষ্টি কৰে।এনে উত্তেজনা সি চুৰ কৰা কাৰ্যৰ যোগেদি প্ৰকাশ কৰি আৱেগৰ উপশম কৰিব পাৰি।সেইবাবে চুৰ কৰা কাৰ্যই শিশু-মনৰ বিদ্ৰোহী মনোভাৱ আৰু অস্বস্তি আদি গুচোৱাত সহায় কৰে।মাক-দেউতাকৰ অসুস্থ আৰু নিৰ্দয় আচৰণে বহু সময়ত শিশুক চুৰ কৰিবলৈ মানসিকভাৱে উদ্যত কৰে।ইয়াৰ উপৰি শিশুৰ মনত হোৱা নিৰাপত্তাৰ অভাৱ আৰু অপৰ্যাপ্ততাৰ অনুভূতিয়েই তাক চুৰ কৰিবলৈ উদ্যত কৰে।যি শিশুৱে গৃহ পৰিবেশত প্রয়োজনীয় স্বীকৃতি আৰু সন্মান স্বাভাৱিকভাৱে লাভ কৰিব নোৱাৰে তেনে শিশুৱে চুৰ কৰা অসমাজিক আৰু দোষণীয় ক্ৰিয়াৰ যোগেদি অসুস্থভাৱে লাভ কৰাৰ প্ৰবৃত্তি অনুভৱ কৰি উঠে।এনে কাৰ্যই শিশুৰ মনত তাৰ ক্ষতিপূৰণৰ মনোভাৱ আৰু আত্ম-তৃপ্তি লাভ কৰাত সহায় কৰে।এনে কাৰণতে শিশুৱে আনৰ টকা-পইচা আৰু বস্তু চুৰ কৰি প্ৰয়োজনীয় মানসিক তৃপ্তি লাভ কৰি উঠিব পাৰে।শিশুৰ চুৰ কৰা এনে সমস্যাজড়িত আচৰণৰ সন্মুখীন হ’বৰ বাবে শিক্ষক-অভিভাৱকসকলে শিশুৰ মানসিক পৰিৱৰ্তন সাধন কৰিবলৈ চেষ্টা কৰিব লাগে।শিশুৱে যাতে গৃহ আৰু শিক্ষা পৰিবেশত আৱেগিক নিৰাপত্তা আৰু পৰ্যাপ্ততা অনুভৱ কৰি উঠিব পাৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিব লাগে।শিশু-মনৰ প্ৰয়োজনীয় স্বীকৃতি, সন্মান আদি যাতে ক্ষুন্ন হৈ পৰিব নোৱাৰে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে।শিশুৰ মনত বিশ্বাসহীনতা অসন্তোষ ভাব আদি যাতে গঢ়ি উঠিব নোৱাৰে তাৰ প্ৰতিও চকু ৰাখিব লাগে।ইয়াৰ বিপৰীতে শিশুৰ মনত বিশ্বাস, আত্ম-সন্মান আৰু আত্ম-উপলব্ধিৰ মনোভাৱ গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগে।দৈহিক শান্তি অথবা শিশুৰ প্ৰতি কঠোৰ ব্যৱহাৰ এৰাই চলিব লাগে।গৃহ আৰু শিক্ষা পৰিবেশে শিশুৰ মনত আত্মবিশ্বাস জগাই তুলিব পৰা অৱস্থা এটা সৃষ্টি কৰিব লাগে।শিশুমনৰ মনোভাৱ সুস্থ পথেদি পৰিচালিত কৰিবলৈ আজৰি সময়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।এনে এক অৱস্থাইহে শিশুৰ মানসিক স্বাস্থ্য ঘূৰাই অনাত আৰু তাৰ মনত আত্ম-বিশ্বাস আৰু আত্ম-প্ৰত্যয়ৰ ভাব জগাই তোলাত সহায় কৰিব পাৰে।

বাক্ -অস্বাভাৱিকতা : শিশুৰ ভাষা বিকাশৰ কালছোৱাত বাক্-,অস্বাভাৱিকতাৰ সমস্যা সচৰাচৰ পৰিলক্ষিত হয়।ই আংশিকভাৱে দৈহিক আৰু আংশিকভাৱে মনোবৈজ্ঞানীক বুলি ক’ব পাৰি।শিশুৰ এই বাক্-অস্বাভাৱিকতাৰ ভিতৰত বাক্-স্খলন আৰু বাক্-অক্ষমতা বিশেষভাৱে আমাৰ চকুত পৰে।এই দুয়োবিধেই হৈছে শিশুৰ কথন অক্ষমতাৰ নিৰ্দশন।বাক্-স্খলন হৈছে এবিধ আপেক্ষিকভাৱে কম অনিষ্টকাৰী অৱস্থা আৰু বাক্-অক্ষমতা হৈছে এক গুৰুত্বৰ বিধৰ প্ৰভাৱ।বাক্-স্খলনৰ বেলিকা শিশোৱে কেতবোৰ শব্দৰ প্ৰথম আখৰটো উচ্চাৰণ কৰিব নোৱাৰি তাক বাৰে বাৰে চেষ্টা কৰাৰ প্ৰৱণতা পৰিলক্ষিত হয়।উদাহৰণস্বৰূপে ‘দ-দ-দ দমন’, ‘ভ-ভ-ভ ভদ্র’ ইত্যাদি।আনহাতে বাক্-অক্ষমতা ইয়াতকৈ কিছু গুৰুত্বৰ বিধৰ হয়।ইয়াত শিশুৱে একো একোটা শব্দ সমূলি উচ্চাৰণ কৰিব নোৱাৰি হতাশা , ব্যৰ্থতা আৰু অস্বস্তিৰ এক আৱেগিক উত্তেজনা অনুভৱ কৰি উঠে আৰু সি মুখমণ্ডলত প্ৰকাশ পায়।এনে অৱস্থাত শিশুৰ আবেগৰুদ্ধ অৱস্থাৰ সৃষ্টি হয়।এনে ব্যৰ্থতা আৰু অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি হোৱা কাৰণ এয়ে যে এনে শিশুৰ মনত আৱেগিক আৰু অনুভূতিক অৱস্থাই মনৰ ভাব-অনুভূতি প্ৰকাশত বাধাৰ সৃষ্টি কৰে।অৱশ্যে এটা সময়ত সকলো শিশোৱেই মনৰ ভাৱ-অনুভূতিৰ প্ৰৱণতা আৰু তাৰ প্ৰকাশ মাধ্যমৰ সীমাবদ্ধতাৰ হেতুকে কম-বেছি পৰিমাণে বাক্-অস্বাভাৱিকতাত ভোগে।

বিশেষজ্ঞসকলে এনে কথন অক্ষমতাৰ কেতবোৰ কাৰণ নিৰ্ণয় কাৰি দেখুৱাইছে।তেওঁলোকৰ মতে অতিমাত্ৰা আবেগৰ প্ৰভাৱ আৰু দোষযুক্ত অংগ-সঞ্চালন ক্ৰিয়াৰ বাবেই ই সংগটিত হয়। ইয়াৰ উপৰি আন কেতবোৰ পৰিস্থিতি , যেনে-পৰিয়াল পৰিবেশৰ অপ্ৰত্যাশিত পৰিৱৰ্তন, মৰমৰ ব্যক্তিজন আঁতৰি যোৱা,মনত ঈৰ্ষাভাৱৰ সৃষ্টি হোৱা, অকৃতকাৰ্যতাৰ ভয়,নিৰাপত্তাৰ অভাৱ আৰু কঠোৰ অনুশাসনৰ অৱস্থা আদি ইয়াৰ বাবে দায়ী।সেয়েহে এনে কথন অক্ষমতাৰ গভীৰ মনোবৈজ্ঞানীক প্ৰভাৱ জড়িত হৈ থাকে।ইয়াক গুচাবৰ বাবে অথবা ইয়াৰ প্ৰভাৱ লাঘৱ কৰিবৰ বাবে সুস্থ আৱেগিক পৰিবেশ সৃষ্টি কৰি তোলা প্ৰয়োজন।এনে পৰিবেশত শিশোৱে নিৰাপত্তা, আত্ম-সন্মান আৰু স্বাধীনতা অনুভৱ কৰিব পাৰিব লাগে।ইয়াৰ দৈহিক দৃষ্টিকোণৰ পৰাও ক’ব পাৰি যে শিশুক তাৰ অংগ-সঞ্চালন ক্ষমতাৰ বিজ্ঞানসন্মতভাৱে দিয়া প্ৰশিক্ষণৰ যোগেদি স্বভাবিক অৱস্থালৈ আনিব পৰা যায়।

Q.15. হতাশ নিৰাময়ৰ বাবে কেইটামান পৰামৰ্শ দিয়া?

উত্তৰঃ সকলো ব্যক্তিয়েই নিজৰ জীৱনত কম-বেছি পৰিমাণে বিভিন্ন ধৰণৰ হতাশাজনক পৰিস্থিতিৰ সৈতে মুখা-মুখি হবলগীয়াত পৰে।হতাশাৰ গ্ৰাসত পৰি মানুহ মানসিক অস্বস্তি আৰু উৎকণ্ঠাত ব্যতিব্যস্ত হৈ পৰে ।হতাশাগ্ৰস্ত মুহূৰ্তবোৰত মানুহ বিবুদ্ধিত পৰি ক’ৰ পৰা আৰম্ভ কৰিম,কি আৰম্ভ কৰিম,কোনটো পথেৰে যাম- এই প্ৰশ্নবোৰত বিৱত হয়।হতাশাই সৃষ্টি কৰা মানসিক ভাৰসমতাহীন অৱস্থাই ব্যক্তিক ইমানেই অসুবিধাত পেলায় মানুহে পোনপটীয়া আৰু সৃজনশীলতাৰে কাম-চিন্তা কৰিব নোৱাৰা হৈ পৰে ।হতাশাই প্ৰকৃতাৰ্থত মানুহক কোঙা কৰি পেলায়।হতাশাই ব্যক্তিৰ মনোজগত ইমানেই অৱনমিত কৰে যে বহুতো হতাশাই সৃষ্টি কৰা মানসিক জটিলতাৰ সৈতে তাল মিলাব নোৱাৰি আত্মহত্যা পৰ্যন্ত আগবাঢ়ি যায়।

হতাশগ্ৰস্ততা নিৰাময়ৰ বাবে কেইটামান উপায় তলত আলোচনা কৰা হৈছে হ’ল-

১। পৰামৰ্শদান : ব্যক্তিৰ হতাশগ্ৰস্ততা নিৰাময়ৰ এটা প্ৰধান উপায় হ’ল অভিজ্ঞ মনোবিজ্ঞানীৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰা।হতাশগ্ৰস্ততাই আনি দিয়া মানসিক জটিলতাৰ পৰা হাত সাৰিবলৈ ব্যক্তিয়ে সংকোচবিহীনভাৱে অভিজ্ঞ পৰামৰ্শদাতাৰ ওচৰলৈ যাব লাগে।আজিকালি শিক্ষানুষ্ঠানবোৰত পৰামৰ্শদাতাৰ নিয়োগ কৰাৰ ধাৰা এটা ইতিমধ্যে আৰম্ভ হৈছে।

২। আত্ম-বিশ্বাস গঢ়ি তোলা : হতাশগ্ৰস্ততাৰ পৰা মুক্তি লাভ কৰাৰ আন এটা উপায় হ’ল ব্যক্তিৰ আত্ম-বিশ্বাস গঢ়ি তোলা।বহু সময়ত মানুহে আকস্মিক বাধা আৰু দুৰ্ভাগ্যজনক পৰিস্থিতিৰ কাৰণেহে ব্যৰ্থতাৰ সন্মুখীন হবলগীয়াত পৰে।এনেবোৰ ক্ষেত্ৰত ব্যক্তিজনৰ দুৰ্বলতা আৰু অক্ষমতাৰ প্ৰশ্নটো নাহে।সেয়েহে আত্ম-বিশ্বাস আৰু মনোবল গঢ়ি তুলি পুনৰ সফলতা লভিবলৈ প্ৰয়াস কৰাটোহে দৰকাৰী কথা।

৩। আত্ম-মূল্যায়ন : হতাশাৰ পৰা পৰিত্ৰাণ পাবলৈ বা হতাশজনক পৰিস্থিতিৰ পৰা আঁতৰি থাকিবলৈ হলে আত্ম- মূল্যায়নৰ প্ৰয়োজন।নিজৰ শক্তি-সমথ্যৰ উমান নাপালে উচ্চাকাংক্ষী লোকে বিফলতাৰ সন্মুখীন হৈ হতাশগ্ৰস্ত হবলগীয়াত পৰে।

৪। সমস্যাৰ সঠিক বিশ্লেষণ : হতাশা নিৰাময়ৰ কাৰণে হতাশাৰ উৎস বা হতাশা সৃষ্টি হোৱা সমস্যাটো পুংখানুপুংখভাৱে বিশ্লেষণ কৰিব লাগে।পৰিস্থিতিৰ গভীৰতালৈ গৈ পুনৰ বিশ্লেষণে মানুহক হতাশাজনক অৱস্থাৰ পৰা উদ্ধাৰ কৰিব পাৰে।

৫। যোগ আৰু ধ্যান : সাম্প্ৰতিক সময়ত উদ্ভৱ হোৱা বহু মানসিক সমস্যাৰ পৰা মুক্তি লাভ কৰাত যোগ আৰু ধ্যানে ব্যক্তিক সহায় কৰে।বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ ৰাজযোগ আৰু হঠযোগই মানুহক মানসিক চাপ,হতাশা, মানসিক অন্ত্দ্বব্দ আদিৰ পৰা উদ্ধাৰ কৰিব পাৰে।আধুনিক মানৱ সমাজত যোগচর্চা জনপ্ৰিয় হোৱাৰ মুল কাৰণ এইটোৱেই।

৬। হতাশা সহিষুতাৰ বিকাশ : আমি যিমানেই চেষ্টা নকৰো লাগে কিছুমান ক্ষেত্ৰত হতাশাৰ সৃষ্টি হবই।সেয়েহে, হতাশাক জয় কৰিব পাৰিব লাগিব।হতাশজনক পৰিস্থিতিয়ে আনি দিয়া মানসিক অস্বস্তিত ভাগি নপৰি নতুনকৈ চিন্তা কৰিব পাৰিব লাগিব।বিভিন্ন মনোবিজ্ঞানসন্মত কৌশল প্ৰয়োগ কৰি হতাশা সহিষুতা বৃদ্ধি কৰিব পৰা যায়।

৭। উপয়োজন : হতাশা নিৰাময়ৰ আন এটা পন্থা হ’ল উপয়োজন বা আত্ম-পৰিৱৰ্তন।জীৱ বিজ্ঞানৰ ভাষাত ইয়াক অনুকূলন (Adaptation)বুলি কোৱা হয়।এই পন্থামতে,হতাশা নাইকিয়া কৰিবলৈ বা হতাশাৰ পৰা দূৰত থাকিবলৈ হ’লে আমি নিজকে পৰিৱৰ্তন কৰিব লাগিব।নিজৰ অসমৰ্থতা আৰু বিফলতাক স্বীকাৰ আপোচমুলক স্হিতি গ্ৰহণ কৰিব লাগিব।

Q.16. মানসিক সংঘাত কি? মানসিক সংঘাতৰ কাৰণসমূহ বিশ্লেষণ কৰা?

উত্তৰঃ সংঘাতৰ কাৰণ : সংঘাত হ’ল একাধিক অভিপ্ৰায়ে উৎপন্ন কৰা এবিধ দেহ-মানসিক অস্থিৰ অৱস্থা।এনেদৰে দুটা বা ততোধিক অভিপ্ৰায় সমান্তৰালভাৱে জাগ্ৰত হলে মানসিক সংঘাতৰ উৎপত্তি হয়।মানসিক সংঘাতৰ মূল কাৰণবোৰ তলত আলোচনা কৰা হ’ল-

(১) ঘৰুৱা পৰিবেশ : ঘৰৰ সদস্যহসকলৰ মাজত থকা অস্বাস্থ্যকৰ আৰু অসন্তোষজনক সম্পদ বা শিশু প্ৰতিপালনৰ ভুল পদ্ধতিয়ে শিশুৰ মাজত মানসিক সংঘাত সৃষ্টি কৰে।মাক-দেউতাকৰ অত্যধিক যতন বা অত্যধিক দমনীয়তা বা উদাহীনতাই শিশুসকলক মানসিক সংঘাতৰ সমস্যাত ভোগায়।

(২) বিদ্যালয় পৰিবেশ : শিশুসকলৰ মাজত মানসিক সংঘাত উৎপত্তি হোৱাৰ আন এবিধ কাৰণ হ’ল বিদ্যালয়ৰ অসুস্থ পৰিবেশ।শিক্ষকৰ দমনীয়তা, শিক্ষাদানৰ ভুল পদ্ধতি, আত্ম-প্ৰকাশৰ সুবিধাৰ পৰা বঞ্চিত কৰা, সহপাঠী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বিপৰীতমূখী আচৰণ আদিয়ে শিশুৰ মানসিক সংঘাত সৃষ্টি কৰে।

সংঘাতৰ কাৰণ : সংঘাত হ’ল একাধিক অভিপ্ৰায়ে উৎপন্ন কৰা এবিধ দেহ-মানসিক অস্থিৰ অৱস্থা।এনেদৰে দুটা বা ততোধিক অভিপ্ৰায় সমান্তৰালভাৱে জাগ্ৰত হলে মানসিক সংঘাতৰ উৎপত্তি হয়।মানসিক সংঘাতৰ মূল কাৰণবোৰ তলত আলোচনা কৰা হ’ল-

(১) ঘৰুৱা পৰিবেশ : ঘৰৰ সদস্যহসকলৰ মাজত থকা অস্বাস্থ্যকৰ আৰু অসন্তোষজনক সম্পদ বা শিশু প্ৰতিপালনৰ ভুল পদ্ধতিয়ে শিশুৰ মাজত মানসিক সংঘাত সৃষ্টি কৰে।মাক-দেউতাকৰ অত্যধিক যতন বা অত্যধিক দমনীয়তা বা উদাহীনতাই শিশুসকলক মানসিক সংঘাতৰ সমস্যাত ভোগায়।

(২) বিদ্যালয় পৰিবেশ : শিশুসকলৰ মাজত মানসিক সংঘাত উৎপত্তি হোৱাৰ আন এবিধ কাৰণ হ’ল বিদ্যালয়ৰ অসুস্থ পৰিবেশ।শিক্ষকৰ দমনীয়তা, শিক্ষাদানৰ ভুল পদ্ধতি, আত্ম-প্ৰকাশৰ সুবিধাৰ পৰা বঞ্চিত কৰা, সহপাঠী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰ বিপৰীতমূখী আচৰণ আদিয়ে শিশুৰ মানসিক সংঘাত সৃষ্টি কৰে।

(৩) আত্ম-বিশ্বাসৰ অভাৱ : আত্ম-ধাৰণা আৰু আত্ম-বিশ্বাসৰ অভাৱত মানসিক সংঘাত সৃষ্টি হয়।আত্ম-বিশ্বাসৰ অভাৱত ব্যক্তিয়ে  কোনটো এৰো কোনটো ধৰো এই দোধোৰ-মোধোৰ পৰিস্থিতিৰ পৰে।আত্ম-বিশ্বাসৰ অভাৱত সৱল দৃঢ়তাৰে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে সংঘাতৰ উৎপত্তি হয়।

(৪) মানসিক চাপ : প্ৰৱল মানসিক চীপ আৰু দমনশীলতাই সংঘাত সৃষ্টি কৰে।মানসিক চীপৰ প্রভাৱত  দেহ-মনত সৃষ্টি হোৱা অস্থিৰতা আৰু উৎকণ্ঠাৰ প্ৰভাৱত মানুহে কি কৰো কি নকৰো এনে দোমোজাত পৰে।এটা দোদুল্যমান অৱস্থাৰ সৃষ্টি হয়।

(৫) সামাজিক আৰু সাংস্কৃতিক পৰিবেশ : বিভিন্ন সামাজিক আৰু সাংস্কৃতিক কাৰকে ব্যক্তিৰ মানসিক সংঘাত সৃষ্টি কৰে।সমাজত প্ৰচলিত পৰম্পৰা, অন্ধবিশ্বাস প্ৰথা,অসুস্থ মনোভাৱ আদিৰ ফলত মানসিক সংঘাতৰ উৎপত্তি হয়।

(৬) অস্পষ্ট অভিপ্ৰায় : অভিপ্ৰায়ৰ অস্পষ্টতাই ব্যক্তিৰ মনত সংঘাত বা অনদ্বন্দ্ব সৃষ্টি কৰে।সন্মুখত আহি পৰা দুটা অভিপ্ৰায়ৰ ভিতৰত কোনোটোৱেই যদি স্পষ্ট ৰূপত ধৰা নিদিয়ে তেতিয়া সংঘাতৰ সৃষ্টি হয়।কোনটো এৰো কোনটো ধৰো।এই সমস্যাৰ পৰা আঁতৰি এটা সিদ্ধান্তত উপনীত হবলৈ লক্ষ্য আৰু অভিপ্ৰায়ৰ স্পষ্টতা থাকিব লাগিব।

(৭) পৰিকল্পনাৰ অভাৱ : পৰিকল্পনাৰ অভাৱত মানসিক সংঘাতৰ উৎপত্তি হয়।আগতীয়া চিন্তা-চৰ্চা হলে সংঘাত বা অন্তৰ্দন্দৰ সনষ্টি হয়।

Q.17. সংঘাত নিৰাময়ৰ বাবে কেইটামান পৰামৰ্শ দিয়া?

উত্তৰঃ সংঘাত নিৰাময়ৰ উপায়(Measures for resolving conflicts)আমি প্ৰত্যেকেই নিজৰ জীৱন বিভিন্ন মুহূৰ্তত মানসিক সংঘাতৰ সন্মুখীন হ’বলগীয়াত পৰো প্ৰত্যেকটো সংঘাতময় পৰিস্থিতিয়ে আমাক হতাশাৰ স্তৰলৈ নাযায়।কিছুমান পৰিস্থিতিয়ে আমাক হতাশাৰ স্তৰলৈ লৈ যায় যদিও সকলোবোৰ হতাশজনক পৰিস্থিতিত আমি মানিসিকভাৱে ভাঙি পৰি বিহুল নহও।হতাশা সহিষ্ণু গুণৰ কাৰণে আমি বহুসময়ত নিজকে মানসিক জটিলতাৰ পৰা বচাই ৰাখিব পাৰো।কিন্তু যি সকল লোকৰ হতাশা সহিষ্ণুতা কম তেনে লোক অপসমাযোজিত হোৱাৰ সম্ভাৱনা থাকে।

মানসিক সংঘাত প্ৰতিৰোধ কৰি মানসিক স্বাস্থ্য প্ৰতিৰক্ষা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ কথা।অন্তদৃষ্টি আৰু বুদ্ধিদীপ্ততাৰে সংঘাতময় পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আমি যত্নৱান হোৱা উচিত।মানসিক সংঘাত নিৰাময়ৰ উপায়বোৰ তলত আলোচনা কৰা হ’ল-

(ক) বাস্তৱতাক স্বীকাৰ কৰি লোৱা : সময়ত মানুহে বাস্তৱৰ পৰা আঁতৰি গৈ এখন উপৰোৱা আৰু কৃত্ৰিম পৃথিৱীত বসবাস কৰে।এনে গুণৰ বশৱতী হৈ মানুহে নিজৰ শক্তি সমৰ্থি বাহিৰৰ লক্ষ্য আৰু উদ্দেশ্য ঠিৰাং কৰি লৈ পিছত সমস্যাত পৰে।সেয়েহে বাস্তৱতাৰ লগত ৰজিতা খোৱাইহে আগবাঢ়িব লাগে।সাল-সলনি কৰাটোহে বুদ্ধিমানৰ কাম।আৰু এনেবোৰ ব্যক্তিয়ে নিজকে বহুত সংঘাতময় পৰিস্থিতিৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।

(খ) সমস্যাৰ বিশ্লেষণ : নিৰাময় কৰাৰ দ্বিতীয়টো উপায় হ’ল সমস্যা বা পৰিস্থিতিটোৰ সঠিক বিশ্লেষণ।সাধাৰণতে দেখা যায় যে যেতিয়া আমি সংঘাতময় পৰিস্থিতিত পৰো তেতিয়া কেৱল এবিধ বিকল্পৰ কথাহে ভাৱো।সেই বিকল্পৰ যোগেদি সমস্যাটোৰ সমাধানসূত্ৰ নাপালে আমাৰ চিন্তাশক্তি স্থবিৰ হৈ যায় আৰু উদ্বৈগ্নতাত ভুগিবলৈ আৰম্ভ কৰো।কিন্তু বুধিয়ক মানুহে যিমান পাৰি সিমান বিকল্প চিন্তাৰ দুৱাৰ মুকলি কৰি প্ৰতিটো বিকল্পৰ সুবিধা অসুবিধা বিশ্লেষণ কৰি এটা সমাধানসূত্ৰ ঠিৰাং কৰিবলৈ যত্নৱান হয়।সমস্যা বা পৰিস্থিতিৰ সঠিক বিশ্লেষণৰ জৰিয়তে সংঘাতময় পৰিস্থিতি নিৰাময় কৰিব পৰা যায়।

(গ) লক্ষ্যৰ অগ্ৰাধিকাৰকৰণ : আমি জানো যে মানসিক সংঘাত তেতিয়াই সৃষ্টি হয় যেতিয়া দুই বা ততোধিক লক্ষ্য আৰু অভিপ্ৰায় একে সময়তে উৎপত্তি হয়।সেয়েহে, এনে দোদুল্যমান অৱস্থাত প্ৰতিটো লক্ষ্যৰে সুবিধা অসুবিধাবোৰ চালি-জাৰি চাই এটা সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। উদাহৰণ স্বৰূপে, এজন ছাত্ৰই যদি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি কৰাটোও বিচাৰিছে আৰু একে সময়তে দূৰদৰ্শনত চলি থকা সুন্দৰ চিনেমা উপভোগ কৰিবলৈও মন গৈছে, এনে দুই বিপৰীতমূখী অভিপ্ৰায় সংঘাতময় পৰিস্থিতিত ধনাত্মক-ঋণাত্মক দুয়োটা দিশ চাই কোনোবা এটা লক্ষ্যক অগ্ৰাধিকাৰ দিব লাগিব।

(ঘ) আগ্ৰহৰ বিচ্যুতকৰণ : মানসিক সংঘাতৰ পৰা মুক্তি লাভ কৰিবৰ কাৰণে আমাৰ প্ৰয়োজন সাপেক্ষে আমাৰ আগ্ৰহক এটা দিশৰ পৰা অন্য এটা দিশলৈ ঢাল খোৱাই নিবলগীয়া হয়।আগ্ৰহ নথকা বিষয় এটাকো আগ্ৰহেৰে গ্ৰহণ কৰি তাতো সন্তুষ্টি লাভ কৰিবলৈ যত্ন কৰিবলগীয়া হয়।নতুন বিষয় এটাত পৰিস্থিতিৰ বাধ্যবাধকতাত পৰি আগ্ৰহ সৃষ্টি কৰি মানসিক জটিলতা নিৰাময় কৰিব পৰা যায়।

(ঙ) মূল্য-বিচাৰৰ ব্যৱহাৰ : মানসিক সংঘাতময় পৰিস্থিতিত সঠিক মূল্য বিচাৰৰ যোগেদি আগুৱাই গলে সংঘাত নিৰাময় কৰিব পৰা যায়।ব্যক্তিয়ে নিজৰ মূল্যবিচাৰ আৰু বুদ্ধিদীপ্ততাৰ যোগেদি দোদুল্যমান পৰিস্থিতিৰ অৱসান ঘটাব পাৰিব লাগে।নিজৰ বিবেকৰ বিচাৰৰ আধাৰত এটা সিদ্ধান্তত উপনীত হৈ তাতে সন্তুষ্টি লাভ কৰিবলৈ যত্নৱান হ’ব লাগে।তাকে নকৰিলে, সিদ্ধান্ত লোৱাৰ আগত বা পিছতো মানসিক অস্তিৰতাত কটাবলগীয়া হয়।

(চ) চিন্তাৰ নমনীয়তা : মানসিক সংঘাত নিৰাময় কৰিবৰ কাৰণে ব্যক্তিৰ চিন্তা আৰু কৰ্মত নমনীয়তা আনিব পাৰিব লাগিব।দৃঢ় আৰু সংৰক্ষণশীল মনোভাৱ মানসিক সংঘাতৰ মাত্ৰা বৃদ্ধি কৰে।সেয়েহে এৰা ধৰা আৰু শীতল মনোভাৱ প্ৰদৰ্শন কৰি সংঘাতময় পৰিস্থিতিৰ পৰা নিজক ৰক্ষণাবেক্ষণ কৰাটোহে বুদ্ধিমানৰ কাম ।পৰিস্থিতিত পৰি নিজৰ কাম আৰু চিন্তাত সংশোধনী আনিব পৰাটো অতি প্ৰয়োজনীয়।

(ছ) আত্মবিশ্বাস : মানসিক সংঘাতৰ মুহূৰ্তবোৰত আনত্ম-বিশ্বাসে মহৌষধৰ দৰে কাম কৰে।ব্যক্তিয়ে নিজৰ শক্তি-সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখি সিদ্ধান্ত লব পাৰিব লাগিব।এজন ব্যক্তিয়ে যদি একে সময়তে এহাতে বিদ্যালয়ৰ শিক্ষকতাৰ নিযুক্তি পত্ৰ আৰু আনহাতে শিক্ষা সঞ্চালকৰ কাৰ্যালয়ৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি পত্ৰও লাভ কৰে তেতিয়া সেই দোদুল্যমান পৰিস্থিতিত আত্মবিশ্বাসৰ বিশেষ প্ৰয়োজন হয়।যিটো চাকৰিয়েই নহওক ,কামত যোগদান কৰি সফল আৰু সন্মানেৰে দায়িত্ব পালন কৰি যাব পাৰিম বুলি নিজকে পতিয়ন নিয়াব পৰা বিশ্বাস থাকিব লাগিব।তেনে আত্ম বিশ্বাসেয়ে ব্যক্তিজনক সংঘাতময় পৰিস্থিতিটোৰ পৰা সবলভাৱে উদ্ধাৰ কৰিব পাৰিব।

(জ) পৰামৰ্শ গ্ৰহণ : মানসিক সংঘাত নিৰাময়ৰ কাৰণে গ্ৰহণ কৰিব পৰা আন এবিধ উপায় হ’ল অভিজ্ঞ লোকৰ পৰামৰ্শ গ্ৰহণ কৰা।যেতিয়া দুই বা ততোধিক অভিপ্ৰায় একে সময়তে উপন্ন হয় সেইক্ষেত্ৰত এটা সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে সেই নিৰ্দিষ্ট ক্ষেত্ৰৰ অভিজ্ঞ আৰু দক্ষ ব্যক্তিৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিলে সুফল পোৱা যায়।

Leave a Reply

Scroll to Top
adplus-dvertising