Measurement And Evaluation in Education Unit 3 কিছুমান বিশেষ মনোবৈজ্ঞানীক অভীক্ষা

Measurement And Evaluation in Education Unit 3 কিছুমান বিশেষ মনোবৈজ্ঞানীক অভীক্ষা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Measurement And Evaluation in Education Unit 3 কিছুমান বিশেষ মনোবৈজ্ঞানীক অভীক্ষা Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Measurement And Evaluation in Education Unit 3 কিছুমান বিশেষ মনোবৈজ্ঞানীক অভীক্ষা can be of great value to excel in the examination.

Measurement And Evaluation in Education Unit 3 কিছুমান বিশেষ মনোবৈজ্ঞানীক অভীক্ষা

Join Telegram channel

Measurement And Evaluation in Education Unit 3 কিছুমান বিশেষ মনোবৈজ্ঞানীক অভীক্ষা Notes cover all the exercise questions in UGC Syllabus. The Measurement And Evaluation in Education Unit 3 কিছুমান বিশেষ মনোবৈজ্ঞানীক অভীক্ষা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Some Specific Psychological Tests

EDUCATION

MEASUREMENT AND EVALUATION IN EDUCATION

শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন

১। কৃতিত্ব অভীক্ষাৰ অৰ্থ লিখা। ইয়াৰ প্ৰকৃতি আৰু বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা। Write the meaning of an achievement test? Mention its nature and different types? 

উত্তৰঃ শৈক্ষিক অভীক্ষাৰ এটা প্ৰধান প্ৰকাৰ হ’ল কৃতিত্ব অথবা পাৰদৰ্শিতা অভীক্ষা । কৃতিত্ব অভীক্ষা বুলি ক’লে সেইবোৰ কৌশল বা অভীক্ষাক বুজা যায়, যিবোৰৰ দ্বাৰা ব্যক্তিৰ বিশেষ কোনো কাৰ্য সম্পাদনৰ দক্ষতা পৰিমাপ কৰা হয়। ই হ’ল কোনো ব্যক্তিৰ প্ৰাপ্তি, অথবা সম্পাদনা নিৰ্ধাৰণ কৰা সঁজুলি অর্থাৎ এজন ব্যক্তিয়ে এটা বিষয় কিমান আয়ত্ব কৰিব পাৰিছে বা এটা কাৰ্য সম্পাদন কৰিব পাৰিছে তাক নিধৰিণ কৰা কৌশলেই হ’ল কৃতিত্ব অভীক্ষা। উল্লেখযোগ্য যে কোনো এজন ব্যক্তিয়ে কর্ম সম্পাদনৰ দক্ষতা দুই ধৰণেৰে লাভ কৰিব পাৰে। যেনে (ক) জন্মগতভাৱে লাভ কৰা দক্ষতা আৰু (খ) বিশেষ প্ৰশিক্ষণৰ দ্বাৰা লাভ কৰা দক্ষতা।

কৃতিত্ব অভীক্ষাৰ প্ৰকাৰ : শৈক্ষিক কৃতিত্ব পৰিমাপনৰ বাবেই হওক নাইবা মানসিক সংলক্ষণ জুখিবৰ বাবেই হওক, যিকোনো এটা অভীক্ষা নিৰ্মাণ কৰোতে কিছুমান নিৰ্দিষ্ট নীতি-নিয়ম আৰু পদ্ধতি মানি চলিব লাগে ৷ এইদৰে অভীঙক্ষা নিৰ্মাণৰ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি- নিয়ম প্রয়োগ কৰা আৰু নকৰাৰ ওপৰত ভিত্তি কৰি কৃতিত্ব অভীনক্ষাক বহলভাৱে দুটা প্রধান ভাগত ভগাব পাৰি। যেনে-

১) শিক্ষক-নির্মিত অভীক্ষা। আৰু

২) প্রতিমানীকৃত অভীক্ষা। 

১) শিক্ষক-নির্মিত অভীক্ষা : সাধাৰণতে শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ শৈক্ষিক কৃতিত্ব জুখিবৰ বাবে শিক্ষকে নিজে প্রস্তুত কৰা অভীক্ষাকেই শিক্ষক নির্মিত অভীক্ষা বুলি কোৱা হয়। অর্থাৎ শিক্ষক-শিক্ষয়িত্ৰী সকলে নিজৰ শ্ৰেণীকোঠাত শিক্ষা প্ৰদানৰ বাবে উপযোগী কৰি তুলিবলৈ কোনো বিশেষ নীতি নিয়ম অনুসৰণ নকৰাকৈ নিজৰ আৰু ছাত্ৰ- ছাত্ৰীৰ সুবিধাৰ কাৰণে প্রস্তুত কৰি উলিওৱা অভীক্ষাই হ’ল শিক্ষক-নির্মিত অভীক্ষা।

চমু অৰ্থত শিক্ষাৰ্থীসকলৰ জ্ঞান, অভিজ্ঞতা আৰু শৈক্ষিক কৃতিত্ব পৰিমাপণ কৰিবৰ বাবে সাধাৰণ নীতি-নিয়মৰ মাজেৰে শিক্ষকসকলে প্ৰস্তুত কৰা অভীক্ষাকে শিক্ষক-নির্মিত অভীক্ষা বোলে । এনে অভীক্ষা নিৰ্মাণৰ বাবে প্ৰতিমানীকৃত অভীক্ষাৰ দৰে নীতি-নিয়ম মানি চলিব নালাগে অভীক্ষাৰ প্ৰশাসন আৰু মানদণ্ডৰ ক্ষেত্ৰতো কোনো নির্দিষ্ট নীতি-নিয়ম পালন কৰা নহয়। সেইবাবে শিক্ষক-নিৰ্মিত অভীন্যাবোৰক সাধাৰণ অভীক্ষা বুলিও অভিহিত কৰা হয় ।

মুঠতে, এই অভীক্ষাত অভীক্ষা প্ৰদানৰ নিয়ম, প্ৰাপ্তাংকন প্রণালী, প্রাপ্তাংকন সংকেত আদিৰ সম্পৰ্কত কোনো ধৰা বন্ধা নিয়ম মানি চলা নহয় বাবে ই বহু পৰিমাণে ব্যক্তিনিষ্ঠ হোৱা দেখা যায় ।

২) প্রতিমানীকৃত অভীক্ষা : প্রতিমানীকৃত অভীক্ষা হ’ল নির্ধাৰিত নিয়ম অনুসৰি বিশেষ পাৰদৰ্শিতা থকা ব্যক্তিসকলে অতি সাৱধানে আৰু পৰিকল্পিতভাৱে তথা উন্নত ধৰণে প্ৰস্তুত কৰা অভীক্ষা। এনে অভীক্ষাৰ প্ৰশ্নপদবোৰ বিজ্ঞানসন্মতভাৱে বিশ্লেষণ আৰু পৰীক্ষণ কৰা, নিখুঁতভাৱে লিখা আৰু অভীক্ষাটোৰ মানদণ্ড, নিৰ্ভৰযোগ্যতা, বৈধতা ইত্যাদি পাৰিসাংখিকীয় প্ৰক্ৰিয়াৰে নিৰ্ণয় কৰা হয়। সেয়ে এনে অভীক্ষাৰ প্ৰশ্ন পদবোৰ বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মতভাৱে অতি উন্নত। তদুপৰি প্ৰতিমানীকৃত অভীক্ষাৰ লগত প্ৰশাসনৰ নীতি-নিয়ম, প্রাপ্তংকন প্রণালী, প্রাপ্তাংকন সংকেত, নিৰ্ভৰযোগ্যতা, বৈধতা, মানদণ্ড আদি লিপিবদ্ধ কৰা থাকে।

মুঠতে, অভীক্ষা নিমণিৰ বাবে প্ৰয়োজনীয় আটাইবিলাক বিষয় আৰু নীতি-নিয়ম অনুসৰি প্ৰস্তুত কৰা অভীক্ষাকে প্ৰতিমানীকৃত অভীক্ষা বোলা হয় ।

২। প্রতিমানীকৃত অভীক্ষাৰ অৰ্থ লিখা। Write the meaning of standardized test?

উত্তৰঃ প্রতিমানীকৃত অভীক্ষা হ’ল নিৰ্ধাৰিত নিয়ম অনুসৰি বিশেষ পাৰদৰ্শিতা থকা ব্যক্তিসকলে অতি সাৱধানে আৰু পৰিকল্পিতভাৱে তথা উন্নত ধৰণে প্ৰস্তুত কৰা অভীক্ষা এনে অভীষাৰ প্রশ্নপদবোৰ বিজ্ঞানসন্মতভাৱে বিশেষণ আৰু পৰীক্ষণ কৰা, নিখুঁতভাৱে লিখা আৰু অভীক্ষাটোৰ মানদণ্ড, নিৰ্ভৰযোগ্যতা, বৈধতা ইত্যাদি পাৰিসাংখিকীয় প্ৰক্ৰিয়াৰে নিৰ্ণয় কৰা হয়। সেয়ে এনে অভীক্ষাৰ প্ৰশ্ন পদবোৰ বস্তুনিষ্ঠ আৰু বিজ্ঞানসন্মতভাৱে অতি উন্নত। তদুপৰি প্ৰতিমানীকৃত অভীক্ষাৰ লগত প্ৰশাসনৰ নীতি-নিয়ম, প্রাপ্তংকন প্রণালী, প্রাপ্তাংকন সংকেত, নিৰ্ভৰযোগ্যতা, বৈধতা, মানদণ্ড আদি লিপিবদ্ধ কৰা থাকে ।

মুঠতে, অভীক্ষা নিমণিৰ বাবে প্ৰয়োজনীয় আটাইবিলাক বিষয় আৰু নীতি- নিয়ম অনুসৰি প্ৰস্তুত কৰা অভীক্ষাকে প্রতিমানীকৃত অভীক্ষা বোলা হয় ।

৩। বুদ্ধি অভীক্ষাৰ সংজ্ঞা দিয়া?

উত্তৰঃ মানুহৰ এক বিশেষ মানসিক শক্তি বৃদ্ধিৰ কোনো সৰ্বসন্মত সংজ্ঞা আজিলৈকে মনোবৈজ্ঞানিকসকলে দিব পৰা নাই। নিজৰ অনুসন্ধান, অধ্যয়ন আৰু পৰীক্ষা-নিৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰি খ্যাতনামা মনঃসমীক্ষকসকলে নানাধৰণে এই বিমূৰ্ত শক্তিৰ সংজ্ঞা দিবলৈ প্ৰয়াস কৰিছে। তাৰে কেইটামানৰ উদ্ধৃতি তলত দিয়া হ’ল—

সু-প্রসিদ্ধ মনোবৈজ্ঞানিক টাৰ্মানৰ [Terman] মতে, বুদ্ধি হ’ল বিমূর্ত চিন্তনৰ ক্ষমতা। [Intelligence is the capacity for abstract thinking.]

বিনেৰ বিবেচনাত, বুদ্ধি হ’ল বিচাৰৰ ক্ষমতা, প্ৰথম পদক্ষেপ গ্ৰহণৰ ক্ষমতা, সংযোজনাৰ ক্ষমতা, উপলব্ধিৰ ক্ষমতা আৰু যুক্তি প্ৰদৰ্শন ক্ষমতা। [Intelligence is judgment of common sense, initiative, the ability to adapt oneself, to judges well, understand well, and reason well. ]

স্পিয়াৰমেনৰ মতে, বুদ্ধি হ’ল ত্রিবিধ মানসিক ক্ৰিয়া সম্পাদনৰ ক্ষমতা। এই ত্রিবিধ মানসিক ক্রিয়া হ’ল— অভিজ্ঞতা আহৰণ, সম্বন্ধ নিৰ্ণয়ন আৰু সহসম্বন্ধ বোধকৰ নিৰ্ণয়ন। [Intelligence is the ability for apprehension of experience, education of relation and education of correlates.]

ৰেক্স নাইটৰ মতে, বুদ্ধি হ’ল কোনো লক্ষ্যত উপনীত হ’বৰ কাৰণে কৰা সম্বন্ধমূলক সৃষ্টিধর্মী চিন্তনৰ ক্ষমতা। [Intelligence is the capacity for relation constructive thinking directed to the attainment of some end.]

বাৰ্টৰ মতে, বুদ্ধি হ’ল জন্মগত মানসিক বিচক্ষণতা। [Intelligence if the allround inborn mental efficiency.]

থর্নডাইকৰ মতে, সত্য আৰু বাস্তৱতাৰ দৃষ্টিকোণৰপৰা উত্তম প্ৰক্ৰিয়া কৰাৰ ক্ষমতাকে বুদ্ধি আখ্যা দিব পাৰি। [ Intelligence of the ability of the individual to make good responses from the standpoint of truth of fact.]

ষ্টাৰ্নৰ মতে, জীৱনৰ নতুন সমস্যা আৰু পৰিস্থিতিত উপযুক্ত সমযোজনাৰ কৰাৰ ক্ষমতাই হ’ল বুদ্ধি। [Intelligence is the general adaptability of new problems and conditions of life.]

বেলাৰ্ডৰ মতে, জ্ঞান, অনুৰাগ আৰু অভ্যাসজনিত সমপৰ্যায়ৰ অৱস্থাত পৰিমাপ কৰি পোৱা মানসিক বিচক্ষণতাই হ’ল বুদ্ধি। (Intelligence is the relative general efficiency of minds measured under similar conditions of knowledge, interest and habituation.)

৪। বুদ্ধি অভীক্ষাৰ বিভিন্ন তত্ত্বসমূহ ব্যাখ্যা কৰা?

উত্তৰঃ বুদ্ধি সম্পর্কে মনোবৈজ্ঞানিকসকলে আগবঢ়োৱা মতবাদকেইটা তলত চমুকৈ উল্লেখ কৰা হ’ল।

১) ৰাজতন্ত্রমূলক তত্ত্ব [Monarchic Theory] : এই তত্ত্বৰ মতে বুদ্ধি এটি সর্বশক্তিমান মানসিক শক্তি আৰু ইয়াৰ অধীনত থাকি অন্যান্য মানসিক প্রক্রিয়াসমূহে কাৰ্য পৰিচালনা কৰে।

২) অভিজাতমূলক তত্ত্ব [ Oligarchic Theory] : এই তত্ত্ব মতে বুদ্ধি হ’ল কিছুমান বিশেষ বিশেষ শক্তিৰ সমন্বয় আৰু এই সন্মিলিত শক্তিয়ে ব্যক্তিৰ মানসিক কাৰ্য পৰিচালিত কৰে।

৩) অৰাজকতাবাদ তত্ত্ব [Anarchic Theory] : এই তত্ত্বৰ উদ্ভাৱনকাৰী স্পিয়ামেনৰ মতে বুদ্ধি হ’ল ‘সাধাৰণ আৰু ‘বিশেষ’ এই উপাদানৰ সমষ্টি, অর্থাৎ সমস্ত বৌদ্ধিক ক্রিয়া-কৰ্মত সাধাৰণভাৱে এক সামুহিক শক্তিৰ প্ৰকাশ দেখা যায়। – এই শক্তিকে তেওঁ ‘G’ নামৰ দিছে আৰু কৈছে যে মানসিক সক্রিয়তাসম্পন্ন সকলো কাৰ্যতে ইয়াৰ প্রয়োগ দেখা যায়। দ্বিতীয়তে কিছুমান বিশেষ বিশেষ ক্ৰিয়াৰ ক্ষেত্ৰত কিছুমান বিশেষ ধর্মী শক্তি নিয়োজিত হয়। এই শক্তিক তেওঁ ‘S’ বুলি কৈছে ‘G’ আৰু ‘S’ এই দুই উপাদানৰ ভেটিত গঢ়ি উঠা কাৰণে এই সিদ্ধান্তক দ্বি-উপাদান তত্ত্ব বুলি জনা যায়। প্রত্যেক ব্যক্তিয়ে এটি ‘G’ উপাদানৰ ভাণ্ডাৰ লৈ জন্মগ্ৰহণ কৰে, কিন্তু ‘S’ উপাদানৰ ক্ষেত্ৰত ইয়াৰ ব্যক্তিগত বিভিন্ন লক্ষণীয়।

৪) প্রাথমিক শক্তিবাদ তত্ত্ব [Primary Ability theory] : মার্কিন মনোবিজ্ঞানী থাষ্টোনে [Thurston] যি তত্ত্ব উদ্ভাৱন কৰিছে তাক প্রাথমিক শক্তিবাদ বুলি জনা যায় আৰু ই সাতোটি মূল যোগ্যতা বা সামৰ্থৰ ভেঁটিত গঢ় লৈ উঠিছে। তেওঁৰ মতে বুদ্ধি হ’ল এই সাতোটি প্রাথমিক শক্তিৰ সমষ্টি সেই সাতোটি শক্তি হ’ল—

১) ভাষাবোধ [Verbal comprehension]

২)  সংখ্যা ব্যৱহাৰ [Number facility]

৩) স্থান [Space]

৪) ভাষা উৎকর্ষ Word fluency]

৫) সহযোগী স্মৃতি [Associative memory] 

৬) উপলব্ধিমূলক শক্তি [Perceptual ability]

৭) আগমনমূলক বিচাৰ [Inductive reasoning)

৫) বহুকাৰক তত্ত্ব (Multiple Factor theory] : থমচন [Thurston] নামৰ এগৰাকী মনোবৈজ্ঞানিক এই তত্ত্বৰ জনক। তেওঁৰ মতে বুদ্ধি এটা শক্তি নহয়— ই বহু সংখ্যক বিশেষ শক্তিৰ যোগফল মাথোন। এই অসংখ্য মানসিক শক্তিৰ বৰ্ণনা কৰাটো সম্ভৱপৰ নহয়।

৬) সমূহ উপাদান তত্ত্ব [Group Factor theory] : এই তত্ত্ব অনুসৰি কিছুমান মানসিক যোগ্যতা ‘G’ উপাদান নাইবা ‘S’ উপাদান এটাৰো ভিতৰত নপৰে। অথচ সিহঁতৰ লগত সাধাৰণ বুদ্ধি আৰু বিশেষ বুদ্ধিৰ কিছু সম্পৰ্ক থাকে। ইয়াকে স্পিয়েমেনে সমূহকাৰক তত্ত্ব বুলি কয়।

৫। বুদ্ধি অভীক্ষা কি? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। Mention its What is intelligence test? characteristics?

উত্তৰঃ সাধাৰণতে বুদ্ধিক পৰিমাপ কৰিবৰ বাবে যি কৌশল অৱলম্বন কৰা হয় সেই কৌশলসমূহকে বুদ্ধি অভীক্ষা বুলি কোৱা হয়। বুদ্ধি যিহেতু এক বহল পৰিসৰৰ মানসিক যোগ্যতা সেয়েহে ব্যক্তিৰ মানসিক যোগ্যতা বা বুদ্ধিসমূহ জুখি উলিয়াব পৰাকৈ ব্যৱহাৰ কৰা পদ্ধতিসমূহেই হ’ল বুদ্ধি অভীক্ষা আনহাতে বুদ্ধি অভীষা বুলি কওঁতে এনে কিছুমান উদ্দীপকৰ সমষ্টিক বুজা যায়, যিবিলাকৰ প্ৰতি প্ৰদৰ্শন কৰা প্ৰতিক্ৰিয়া সমূহৰ যোগেদি এজন ব্যক্তিৰ বুদ্ধিৰ প্ৰকাশ ঘটে অর্থাৎ বুদ্ধিৰ পৰিচায়ক প্ৰতিক্ৰিয়া উৎপাদনকাৰী বা সৃষ্টিকাৰী উদ্দীপকৰ সমষ্টিকেই বুদ্ধি অভীক্ষা বুলি কোৱা হয় ৷

উল্লেখযোগ্য যে বুদ্ধি পৰিমাপণৰ জৰিয়তে শ্ৰেণীকোঠাত শিক্ষকে বিভিন্ন যোগ্যতা সম্পন্ন ছাত্র-ছাত্রীক অতি সহজে বাছি উলিয়াবলৈ সক্ষম হয় তদুপৰি ছাত্ৰ-ছাত্ৰীৰ মানসিক যোগ্যতা অনুসৰি বিভিন্ন নিৰ্দেশনা প্রদান কৰিবলৈ শিক্ষকসকলে ভিন ভিন কৌশল তথা পদ্ধতি ব্যৱহাৰ কৰি আহিছে যেনে-ব্যক্তিগত অভীক্ষা, সামূহিক অভীক্ষা, আমি-ৰআলফা অভীক্ষা, আর্মি অভীক্ষা আদি গতিকে ব্যক্তিৰ বুদ্ধিমত্তা বা মানসিক যোগ্যতাসমূহ জুখি উলিয়াবলৈ ব্যৱহাৰ কৰা এনেধৰণৰ অভীক্ষাসমূহকে চমু অৰ্থত বুদ্ধি অভীক্ষা বুলি ক’ব পাৰি।

বুদ্ধি অভীক্ষাৰ বৈশিষ্ট্যঃ ব্যক্তিৰ সাধাৰণ মানসিক যোগ্যতাসমূহ পৰীক্ষা কৰা তথা পৰিমাপ কৰাটোৱে হ’ল বুদ্ধি অভীক্ষাৰ প্ৰধান কাম বুদ্ধি অভীক্ষাৰ কাৰ্যাৱলীৰ অন্তৰালতে নিহিত হৈ থাকে ইয়াৰ প্ৰধান বৈশিষ্ট্য।

সেই বৈশিষ্ট্যসমূহ নিম্নলিখিত ধৰণৰ —

১) সাধাৰণ সংবেদনমূলক প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তে উচ্চ মানসিক ক্ষমতাৰ সহায়ত বুদ্ধি পৰিমাপ কৰা হয়।

২) বিভিন্ন মানসিক ক্ষমতাৰ পৰিপ্ৰেক্ষিতত বুদ্ধি পৰিমাপ কৰিলেও বুদ্ধি অভীক্ষাত ক্ষমতাসমূহ পৃথকে পৃথকে বিবেচনা নকৰি সামগ্রিক ৰূপত বুদ্ধিৰ সূচক নিৰ্ণয় কৰা হয়।

৩) বুদ্ধিৰ অভীক্ষাত ব্যক্তিৰ সম্পাদন ক্ষমতাৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি বুদ্ধিৰ সূচক হিচাপে অভীক্ষাৰ মানাংকসমূহ নিৰ্ণয় কৰা হয়। 

৪) বুদ্ধিৰ অভীক্ষাত বিভিন্ন প্ৰকাৰৰ মানসিক ক্ষমতা পৰিমাপনযোগ্য প্রশ্নপদ সন্নিৱিষ্ট কৰা হয়।

৫) বুদ্ধিৰ অভীক্ষাৰ প্ৰশ্নসমূহ সমাধান কৰোঁতে আৰ্জিত জ্ঞানৰ প্রয়োজন নহয়। 

৬। বুদ্ধি অভীক্ষাৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা। Discuss the needs of intelligence test? 

উত্তৰঃ বর্তমান বিভিন্ন ক্ষেত্ৰত বুদ্ধি অভীক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হয়। যেন—

১) অমূর্ত চিন্তনৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজনীয়তা উল্লেখযোগ্য ।

২) বুদ্ধি অভীক্ষাৰদ্বাৰা শিক্ষাৰ্থীৰ শৈক্ষিক বিষয়ৰ পশ্চাত্বৰ্তিতাৰ বিষয়ে জানিব পাৰি। 

৩) ছাত্র-ছাত্রী নাইবা ব্যক্তিৰ শৈক্ষিক পাঠ্যক্ৰম আৰু জীৱিকা নিৰ্বাচনৰ ক্ষেত্ৰত বুদ্ধি অভীক্ষ’ৰ অতিকৈ প্ৰয়োজন ।

৪) বুদ্ধি অভীক্ষা প্রয়োগ কৰি শিক্ষাৰ্থীয়ে লাভ কৰা প্ৰাপ্তাংকৰ ওপৰত ভিত্তি কৰি শৈক্ষিক নিৰ্দেশনা আৰু পৰামৰ্শ দিব পাৰি ৷

৫)  সামৰিক বা অসামৰিক বিভাগৰ চাকৰিৰ নিযুক্তিকৰণ, প্ৰশিক্ষণ আৰু উচ্চ পদোন্নতিৰ ক্ষেত্ৰত বুদ্ধি অভীক্ষা প্ৰয়োগ কৰা হয়।

৬) সমাজ বিজ্ঞানৰ অধ্যয়ন আৰু গৱেষণাত বুদ্ধি অভীক্ষ’ৰ অতিকৈ প্রয়োজন।

৭) ব্যক্তি পার্থক্য, জন্মগত ক্ষমতা, যোগ্যতা আদি বুজ ল’বলৈ বুদ্ধি অভীক্ষা প্ৰয়োগ কৰা হয়।

৭। ১৯০৫ চনৰ বিনে-ছাইমন মাপনী সম্পর্কে লিখা। বিনে ছাইমন মাপনীৰ বৈশিষ্ট্যসমূহ কি কি? Write about the Binet – Simon scale, 1905? What are the characteristics of Binet Simon scale? 

উত্তৰঃ বিজ্ঞানসন্মতভাৱে বৃদ্ধি পৰিমন কৰাৰ ক্ষেত্ৰত প্ৰথম অভীক্ষা প্ৰস্তুত কৰি উলিওৱা ব্যক্তিজনেই হৈছে আলফ্ৰেড বিনে। ১৯০৪ চনত ফ্ৰান্স চৰকাৰে সেই সময়ত পেৰিচৰ বিদ্যালয়সমূহৰ শিক্ষাদান ব্যৱস্থাৰ পৰা সমানে উপকৃত হ’ব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ প্রভেদ নিৰ্ধাৰণ কৰিবলৈ বিনেক দায়িত্ব অর্পণ কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল কমবুদ্ধিৰ শিক্ষাদান দিয়া । ফ্রান্স চৰকাৰৰ শিক্ষা বিভাগৰ নির্দেশ মর্মে আলফ্রেড কিনহে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক ছা‍ইমনৰ সহযোগত ১৯০৫ চনত সৰ্বপ্ৰথম বাৰৰ বাবে এক বিজ্ঞানসন্মত বুদ্ধি অভীক্ষা প্ৰকাশিত হৈছিল। তেওঁলোকৰ নাম অনুসৰি এই অভীক্ষাক বিনে ছাইমন মাপনী [Binet Simon Scale) নামেৰে জনা গৈছিল। অৱশ্যে এই অভীক্ষাৰ প্ৰকৃত নাম আছিল A metrical Scale of Intelligence | মনোবিজ্ঞানৰ ইতিহাসত এই অভীক্ষাকে বুদ্ধি পৰিমাপণৰ প্রথম প্রকাশিত অভীক্ষা হিচাপে বিবেচনা কৰা হয়।

বিনে ছাইমন মাপনীত দেখা পোৱা প্ৰধান বৈশিষ্ট্য সমুহ হ’ল—

১) ছাত্ৰ-ছাত্ৰীৰ সাধাৰণ বুদ্ধি পৰিমাপণ কৰাত অধিক গুৰুত্ব প্ৰদান ।

২) এই মাপনী কিছুমান প্রশ্নপদ বা সমস্যাৰে গঠিত।

৩) বিনে-ছাইমন মাপনীত প্রশ্নপদৰ বিভিন্নতা আৰু বৈচিত্র্যতা দেখা পোৱা যায়।

৪) ই বুদ্ধি পৰিমাপণৰ এক বিজ্ঞানসন্মত মাপনী।

৫)  ইয়াত বয়স অনুযায়ী প্রশ্নপদসমূহ বিভিন্ন পর্যায়ত ভাগ কৰি ক্ৰমবৰ্ধমান হাৰত সজোৱা হয়।

৬) এই মাপণীত সন্নিবিষ্ট কৰা প্ৰশ্নপদসমূহ সহজৰ পৰা জটিললৈ ক্ৰমবৰ্দ্ধমান ৰূপত সজোৱা হয়।

৭) ই মানীত বয়স অনুযায়ী প্রশ্নপদসমূহ নিৰ্ধাৰণ কৰা বাবে। ইয়াক বয়স মাপনী নামেৰেও অভিহিত কৰা হয় ।

৮) ই মাপনীত মানসিক বয়সৰ পৰিকল্পনা নির্ধাৰণ কৰা হয়। 

৯) ব্যাক্তিৰ বুদ্ধিমত্তাৰ পৰিমাণ জানিবৰ ব্যক্তিৰ মানসিক বয়সক প্ৰকৃত বয়সেৰে ভাগ কৰি তাৰ এটা অনুপাত উলিওৱাৰ ওপৰত এই মাপনীতে গুৰুত্ব দিছিল।

১০) ইয়াৰ প্ৰশ্নসদসমূহ আৰ্জিত জ্ঞান বা কৌশলৰ ওপৰত নিৰ্ভৰশীল নহয় । 

১১) যদিও বিনে ছাইমন মাপনীৰ প্ৰশ্নপদসমূহ আৰ্জিত জ্ঞানৰ ওপৰত নিৰ্ভৰশীল নহয় তথাপিও এই মাপনীত আৰ্জিত জ্ঞানৰ ওপৰত নিৰ্ভৰ কৰা বহুতো প্রশ্ন সন্নিবিষ্ট কৰা হৈছে।

৮। বিনে ছাইমন মাপনীৰ বুদ্ধি পৰীক্ষা সম্পর্কে এটি আলোচনা কৰা?

উত্তৰঃ মানুহৰ মানসিক যোগ্যতাৰ এটি বিশেষ ক্ষেত্ৰ বুদ্ধিৰ স্বৰূপ আৱিষ্কাৰ কৰাত ফ্ৰান্সৰ বিখ্যাত মনঃসমীক্ষক আলফ্রেদ বিনেই [Alfred Binet) বিশেষ ভূমিকা গ্রহণ কৰিছিল আৰু এই ক্ষেত্ৰত বিনেৰ অৱদানেই বিশ্বজোৰা স্বীকৃতি লাভ কৰিছে। পেচিব স্কুলসমূহৰ শোচনীয় ফলৰ দ্বাৰা চিন্তান্বিত হৈ ১৯০০ চনত পেৰিচৰ স্কুল কৰ্তৃপক্ষই সাধাৰণ ভাল বুদ্ধিৰ শিশুৰ পৰা ক্ষীণ বুদ্ধিৰ শিশুক পৃথক কৰি সিহঁতৰ কাৰণে বিশেষ ধৰণৰ শিক্ষা-ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত লৈছিল। বুদ্ধিৰ ভিত্তিত এনে পৃথকীকৰণৰ বাবে চৰম সিদ্ধান্ত নিবলৈ কৰ্তৃপক্ষই বিনেৰ ওচৰত দায়িত্ব অর্পণ কৰিছিল। বিনেই তেওঁৰ সহকৰ্মী চাইমনৰ লগ লাগি মানুহৰ বুদ্ধি সম্পর্কীয় প্রথম বৈজ্ঞানিক সিদ্ধান্ত উদ্ভাৱন কৰিছিল ১৯০৫ চনত। বিনে-চাইমনে উদ্ভৱনা কৰা এই বৃদ্ধি অভীক্ষাক ‘বিনে চাইমন অভীক্ষা’ [Binet – Simon scale! বুলি জনা যায়।

১৯০০ চনৰ পৰা ১৯১১ চনলৈ দুই তিনিবাৰ এই বুদ্ধি অভীক্ষাৰ সংশোধন কৰা হৈছিল। বিনেৰ মৃত্যুৰ পাছত এই বুদ্ধি অভীক্ষা সংশোধন কৰা হৈছিল। বিনেৰ মৃত্যুৰ পাছত এই বুদ্ধি অভীক্ষাক লৈ নানা দেশত কাম আৰম্ভ হয়। ইংলণ্ডত চিৰিল বাটে লণ্ডনৰ ল’ৰা ছোৱালীৰ ওপৰত এই অভীক্ষা প্ৰয়োগ কৰিছিল। আমেৰিকাত টাৰমানে এই অভীক্ষাৰ দুটা সংশোধিত সংস্কৰণ উলিয়ায়। প্ৰথমটো টেনফোর্ড সংশোধন [Stanford Revision] নামেৰে ১৯১৬ চনত প্ৰকাশ পায়। দ্বিতীয়টো ১৯৩৭ চনত টাৰমান আৰু মেৰিল | Terman and Merrill সংশোধন ৰূপত প্ৰকাশিত হৈছিল।

বুদ্ধি সম্পৰ্কীয় এনেবোৰ সত্য আৰু তথ্যৰ লগতে অন্যান্য মনোবৈজ্ঞানিক আবিস্তাৰৰ ফলত মানুহৰ যোগ্যতা সম্পৰ্কে বহু কথা জনাটো সম্ভৱ হৈ পৰিছে। যেনে—

১) বুদ্ধি এটা অতি জটিল মানসিক শক্তি বা যোগ্যতা।

২) বুদ্ধি বয়সৰ লগে লগে বৃদ্ধি পায়।

৩) মানুহৰ বুদ্ধিৰ কিছু উপাদান বহল পৰিসৰৰ আৰু কিছু উপাদান সংকীৰ্ণ পৰিসৰৰ প্ৰথম বিষক সাধাৰণ বুদ্ধি আৰু পাছৰ বিধক বিশেষ বুদ্ধি কোৱা হয়।

৪) মস্তিষ্কৰ নিৰ্দিষ্ট স্থানত যোগ্যতাবোৰৰ ক্ৰিয়াকেন্দ্ৰ নিৰ্ধাৰিত হৈ থাকে।

৫) মস্তিষ্ক আৰু স্নায়ুৱে যোগ্যতাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে। 

৬) মৌলিক শক্তি আৰু পাৰিবেশিক প্রভাৱৰ ফলস্বৰূপেই যোগ্যতা বা সামৰ্থ্যৰ স্বৰূপ প্ৰকাশ পায়।

৭) উদ্দীপক প্ৰতিক্ৰিয়াৰ সংযোগৰ ফলত দৈহিকভাৱে যোগ্যতাই গঢ় লয়। 

৯। ষ্টেনফোর্ড-বিনে অভীক্ষাৰ উদাহৰণ দি এটি আলোচনা কৰা?

Ans: বিনে-চাইমন স্কেলৰ ষ্টেনফোর্ড ৰিভিজনৰ M ফৰ্মৰ ১১ বছৰ বয়সৰ কাৰণে নিৰ্ধাৰিত কৰি দিয়া অভীক্ষাৰ উদাহৰণ তলত দিয়া হ’ল। এই অভীক্ষাত মুঠতে ৬টা প্রশ্ন বা সমস্যা কৰিবলৈ দিয়া হয়। যেনে—

১)  কাৰণ নিৰ্ণয়ৰ প্ৰশ্ন :

(ক) ল’ৰা-ছোৱালী কিয় মাক-দেউতাকৰ বাধ্য হ’ব লাগে তাৰ দুটা কাৰণ দেখুৱা। 

(খ) বৃটিছ দীপপুঞ্জত কিয় প্ৰচুৰ ৰে’লপথ থকা উচিত তাৰ দুটি কাৰণ দেখুওৱা।

২) স্মৃতিৰপৰা এধাৰ পুথিৰ মালাৰ পুর্নগঠন :

প্রথমে অভীক্ষকে অভীক্ষাৰ্থীৰ আগত এঘাৰখন পুথিসম্পন্ন এধাৰ পুথিৰ মালা তৈয়াৰ কৰিব আৰু অভীক্ষকে সেই ধাৰা ভালদৰে চাবলৈ নিৰ্দেশ দিব। ইয়াৰ পিছত সেই মালাধাৰ আঁতৰাই নি ঠিক তেনে ধৰণৰ আৰু এধাৰ মালা গাঁথিবলৈ ক’ব।

৩) ভাষামূলক অপসংগতি :

তলত উক্তিবোৰ এটা এটাকৈ অভীক্ষাৰ্থীক শুনোৱা হ’ল আৰু সোধা হ’ল ‘ইয়াৰ ভিতৰত মুৰ্খৰ দৰে কথা বা অসম্ভৱ বিষয় কোনখিনিত আছে?’

ক) মই এজন সু-সজ্জিত যুৱকক তেওঁৰ হাত দুখন চোলাৰ জেপত ভৰাই এডাল বেঁত ঘূৰাই ঘূৰাই যোৱা দেখিলো।

খ) দেউতাকে পুতেকলৈ লিখিলে, “চিঠিৰ ভিতৰত দহটা টকা পঠালো। যদি এই চিঠি নোপোৱা তেন্তে এখন টেলিগ্রাম দিবা।”

গ) মাৰ্চ কৰি থাকোতে ৩ জন সৈনিকে অভিযোগ কৰিলে যে তেওঁৰ বাহিৰে অন্য সকলো সৈন্যই ভুলভাৱে ভৰি পেলাই মাৰ্চ কৰি আছে।

ঘ) এজন দয়ালু লোকে ঘোঁৰাৰ পিঠিত এক বস্তা শষ্য লৈ গৈছিল। ঘোঁৰাৰ কষ্ট লাঘৱ কৰিবৰ কাৰণে তেওঁ ঘোড়াৰ ওপৰত উঠি নিজৰ পিঠিত বস্তুটো তুলি ল’লে ।

ঙ) এক ব্যক্তিয়ে তেওঁৰ বন্ধুক ক’লে, “তোমাৰ কবৰৰ মাটি খোচৰা মুৰ্গীবোৰ খোৱালৈকে যেন তুমি জীয়াই থাকা এয়ে মোৰ কামনা।”

৪) অমূর্ত শব্দ [Abstract word]

প্রশ্ন : তলৰ শব্দবোৰৰ অৰ্থ কি?

(ক) সম্পর্ক।

(খ) তুলনা কৰা।

(গ) জয় কৰা।

(ঘ) বাধ্যতা।

(ঙ) প্রতিহিংসা।

৫) তিনিটা বস্তুৰ ভিতৰত মিল :

কি কি বিষয়ত তলত দিয়া বস্তুবোৰৰ ভিতৰত মিল আছে?

ক) সাপ, গৰু আৰু চাতক চৰাই। 

খ) গোলাপ, আলু আৰু গছ। 

গ) পচমী, আৰু চামৰা। 

ঘ) চুৰিৰ ফাল, পইছা আৰু টুকুৰা।

ঙ) কিতাপ, শিক্ষক আৰু খবৰ কাগজ। 

৬। বাক্য মনত ৰাখা :

কোৱা হ’ল ― “ভালদৰে শুনি ম‍ই যি ক’লো তাক অবিকলভাৱে কৈ যোৱা। 

(ক) গ্রীষ্মকালীন ভ্ৰমণত ল’ৰা-ছোৱালীবোৰে সাঁতুৰিবলৈ খুব পুৱাতে শুই উঠে। 

(খ) সেতুৰ ওপৰেদি যিটো পথ কৰা গৈছে সেইপিনেদিয়ে যোৱাকালি আমি গাড়ীৰে ফুৰিবলৈ গৈছিলো।

বুদ্ধি অভীক্ষাৰ আদর্শ প্রশ্ন তালিকা : ১৯১১ চনত বিনেই বুদ্ধি অভীক্ষাৰ বাবে বয়স অনুসৰি যি আদৰ্শ প্রশ্ন তালিকা ৰচনা কৰিছিল তাৰে কেইটিমান উদাহৰণ তলত দিয়া হ’ল ―

১) এটি তিনিবছৰীয়া শিশুৰ পৰা আশা কৰা যায় যে সি 

ক) চকু, মুখ আৰু নাক দেখুৱাব পাৰিব। 

খ) দুটা অন্তৰ সংখ্যা শুনি পুনৰাবৃত্তি কৰিব পাৰিব।

গ) এখন ছবি দেখি তাৰ বৰ্ণনা দিব পাৰিব। 

ঘ) নিজৰ উপাধিটো ক’ব পাৰিব ।

ঙ) দুটা আখৰ থকা এটা বাক্য শুনি পুনৰবাৰ ক’ব পাৰিব। 

২) এটি চাৰি বছৰীয়া শিশুৰ পৰা আশা কৰিব পাৰি যে সি

ক) ল’ৰা নে ছোৱালী ক’ব পাৰিব।

খ) চাবি চুৰি আৰু মুদ্ৰাৰ নাম ক’ব পাৰিব।

গ) তিনি অঙ্কৰ সংখ্যা শুনি পুনৰবাৰ ক’ব পাৰিব । 

ঘ) দুডাল ৰেখা তুলনা কৰিব পাৰিব। 

৩) এটি পাঁচ বছৰীয়া শিশুৰপৰা আশা কৰিব পাৰিব

ক) দুটা ওজন তুলনা কৰিব পাৰিব।

খ) এটা সমবাহু চতুৰ্ভুজ দেখি নকল কৰিব পাৰিব।

গ) দহটা শব্দৰ এটা বাক্য শুনি পুনৰবাৰ ক’ব পাৰিব

ঘ) চাৰিটা পেনি (বা অনুৰূপ মুদ্রা) গণিব পাৰিব । 

ঙ) এটা সমকোণৰ দুটা অর্ধাংশ যোগ কৰিব পাৰিব।

১০। ১৯১৬ চনৰ ষ্টেনষউ সংস্কৰণ সম্পর্কে লিখা আৰু সমালোচনা মূলক আলোচনা কৰা। Write about the stanford revision of Binet Simon scale in 1916 and critically discuss?

উত্তৰঃ ১৯১৬ চনৰ ষ্টেনফ’ৰ্ড সংস্কৰণক টাৰমেন আৰু তেওঁৰ সহযোগীসকলে নতুন নতুন ক্ষেত্ৰত প্ৰয়োগ কৰি নিজস্ব সহ-সম্বন্ধ পদ্ধতিৰ জৰিয়তে ইয়াৰ নিৰ্ভৰযোগ্যতা নির্ণয় কৰিবলৈ যত্ন কৰিছিল। এনে প্ৰয়োগৰ ফলশ্ৰুতিত সহ-সম্বন্ধৰ মান পোৱা গৈছিল ৮০ ৰ পৰা ১৫ লৈকে। এই মান অতি উচ্চ হোৱা বাবে অভীক্ষাৰ নিৰ্ভৰযোগ্যতাও আছিল বিশ্বাসযোগ্য।

১৯১৬ চনৰ ষ্টেনফ’ৰ্ড বিনে মাপনীৰ বৈধতা, নিৰ্ভৰযোগ্যতা আৰু মানদণ্ডক লৈ যদিও টাৰমেন আৰু তেওঁৰ সহযোগীসকলে দাবী কৰে তথাপিও ই সমালোচনাৰ সন্মুখীন হ’ব লগা হ’ল বিশেষকৈ এই মাপনীত দেখা পোৱা ত্রুটিসমূহ হ’ল –

১) এই মাপনীৰ যোগেদি প্রাপ্তবয়স্ক সকলৰ মানসিক ক্ষমতাক উপযুক্তভাৱে পৰিমাপ কৰিব নোৱাৰি ।

২) এই অভীক্ষা যিহেতু কেলিফর্ণিয়া চহৰৰ প্ৰায় ১০০০ শিশুৰ ওপৰত প্ৰয়োগ কৰি পোৱা ফলাফলৰ ভিত্তিতে প্ৰতিমানীকৰণ কৰা হৈছিল, সেইহেতুকে ইয়াক বৈধ বুলি ভৱাটো উচিত নহয়। তদুপৰি এই ১০০০ শিশুৱে সমগ্ৰ আমেৰিকাৰ সকলো জনগোষ্ঠীৰ শিশুক প্রতিনিধিত্ব কৰিব পৰা নাছিল।

৩) এই অভীক্ষাৰ নিৰ্ধাৰণ পদ্ধতি, বস্তুনিষ্ঠতা আৰু বিভিন্ন পৰীক্ষকৰ ফলাফলৰ তুলনাৰ ক্ষেত্ৰত যথেষ্ট ভক্ৰুটী পৰিলক্ষিত হোৱাৰ ফলত ইয়াৰ নিৰ্ভৰযোগ্যতাও সন্দেহজনক বুলি বিবেচিত হৈছে।

৪) এই অভীক্ষাত ভাষিক, শব্দিক আৰু ভাৱাত্মক বিষয়ৰ প্রশ্নবোৰহে বেছিকৈ সন্নিবিষ্ট কৰাৰ বাবে অভীক্ষাটোৱে মৌখিকভাবে বাধাগ্ৰস্ত ব্যক্তিৰ মানসিক যোগ্যতা পৰিমাপ কৰাত ব্যৰ্থ হৈ পৰে। 

১১। বুদ্ধি অভীক্ষাৰ শ্ৰেণী বিভাজন কৰি বুদ্ধি অভীক্ষাৰ প্ৰয়োগ সম্পর্কে আলোচনা কৰা?

উত্তৰঃ বুদ্ধি অভীক্ষাৰ শ্ৰেণীবিভাগ | Classification of Intelligence tests]

মনোবৈজ্ঞানিকসকলে বুদ্ধি অভীক্ষাক কেইটামান বিভাগত ভাগ কৰিছে, যেনে—

১)  ভাষামূলক আৰু ভাষাবিহীন অভীক্ষা [Verbal test and Nonverbal test) : এনে অভীক্ষাত পৰীক্ষাৰ্থীয়ে লিখিত বা কথিত ভাষাৰ মাধ্যমত সমস্যাবোৰ সমাধান কৰিব লাগে।

২) সম্পাদনা অভীক্ষা [Performance test] : এই অভীক্ষাত ভাষাৰ পৰিৱৰ্তে কোনো কার্য্য দৈহিক অংগ-প্রত্যংগ সঞ্চালনাৰ দ্বাৰা সম্পাদিত কৰিবলৈ কোৱা হয়। পাছ এলং ষ্টেট [Pass Along test]. কোহৰ ব্লক ডিজাইন ষ্টেট [Koh’s Block Design test], মেন দ্রইং স্টেট [Men Drawing test] ইত্যাদি এই পৰ্যায়ত পৰে।

৩) ব্যক্তিগত আৰু যৌথ অভিজ্ঞতা [Individual and Group test) : যি অভীক্ষা এটা সময়ত অকল এজনৰ ওপৰতহে প্ৰয়োগ কৰিব পাৰি তাকেই ব্যক্তিগত অভীক্ষা আৰু যি অভীক্ষা একে সময়তে বহু পৰীক্ষাৰ্থীৰ ওপৰত প্ৰয়োগ কৰিব পাৰি তাক যৌথ অভীক্ষা বোলা হয়।

বুদ্ধি অভীক্ষাৰ প্ৰয়োগ (Uses of Intelligence test) : 

১) ব্যক্তিৰ মৌলিক প্রতিভা বা সম্ভাৱনা সম্পর্কে এনে অভীক্ষাই বাস্তৱ ক্ষেত্ৰত সম্যক জ্ঞান দান কৰা দেখা যায়।

২) এনে অভীক্ষাৰ ফলাফলৰপৰা শিশুৰ ভৱিষ্যত শিক্ষা দীক্ষা বা জীবিকা সম্পর্কে নির্দেশনা দিয়াটো সম্ভব হয়।

৩) বুদ্ধিৰ অভীক্ষাই শ্ৰেণীৰ বিভিন্ন শিশুক মৌলিক প্ৰতিভাৰ ভেঁটিত শ্ৰেণীভুক্ত কৰাত সহায় কৰে।

৪) বুদ্ধি অভীক্ষাই শিশুৰ অভিক্ষমতা সম্পর্কেও আলোকপাত কৰি ভৱিষ্যত কাৰ্যপন্থা স্থিৰ কৰাত সহায় কৰে। 

৫)  শিশু নিৰ্দেশনাৰ ক্ষেত্ৰতো বুদ্ধিৰ অভীক্ষা ব্যাপকভাৱে ব্যৱহৃত হোৱা দেখা যায়।

৬) বৃত্তি-নিৰ্দেশনাৰ [Vocational Guidance] ক্ষেত্ৰতো বুদ্ধি অভীক্ষা অপৰিহাৰ্য্য।

৭)  শিক্ষানুষ্ঠানত ছাত্ৰ ভৰ্তিকৰণৰ সময়তো সম্প্রতি এনে অভীক্ষাৰ ব্যাপক প্রয়োগ দেখা যায়।

৮) এনে অভীক্ষাৰ সহায়তে উন্নত বুদ্ধি আৰু হীন বুদ্ধিৰ শিশুৰ কাৰণে বিশেষ ধৰণৰ স্কুলৰ ব্যৱস্থা কৰাটো সম্ভৱ হয়।

১২। প্ৰৱণতা অভীক্ষা কি? What is aptitude test?

উত্তৰঃ প্রৱণতা অভীক্ষা হৈছে ব্যক্তিৰ কোনো এক নিৰ্দিষ্ট পৰিসৰত এক বিশেষ কাৰ্যৰ সম্ভাৱনীয় যোগ্যতাক পৰিমাপণ কৰিবলৈ প্ৰস্তুত কৰা এক সঁজুলি। অর্থাৎ এই প্ৰৱণতা অভীক্ষাত কোনো বিশষ ক্ষমতাৰ সাফল্যৰ সম্ভাৱনাক পৰিমাপ কৰা হয়। বিশেষকৈ বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত কিছুমান বিশেষ বিশেষ বৈশিষ্ট্য পৰিলক্ষিত হয়। সেই বৈশিষ্ট্যসমূহে একোজন ব্যক্তিৰ শৈক্ষিক বিষয় বা কোনো বৃত্তিত ভবিষ্যত সফলতাৰ নিৰ্দেশনা প্ৰদান কৰে। গতিকে উপযুক্ত সময়ত নির্দিষ্ট বৈশিষ্ট্যসমূহৰ পৰিমাপ কৰি প্ৰয়োজনীয় নিৰ্দেশনা আৰু প্ৰশিক্ষণ আদিৰ ব্যৱস্থা কৰিবৰ বাবে যিবোৰ অভীক্ষা প্ৰস্তুত কৰা হয় তেনেধৰণৰ অভীক্ষাকেই প্রৱণতা অভীক্ষা বুলি কোৱা হয়।

১৩। পার্থক্যমূলক প্ৰৱণতা অভীক্ষা গুণ আৰু দোষৰ আলোচনা কৰা?

উত্তৰঃ পার্থক্যমূলক প্ৰৱণতা অভাক্ষাৰ প্ৰধান গুণসমূহ হ’ল— 

১) এই অভীক্ষাৰ নিৰ্ভৰযোগ্যতাৰ মান অতি উচ্চ হোৱা দেখা যায়।

২) এই অভীক্ষাৰ দ্বাৰা মাধ্যমিক স্তৰৰ শিক্ষার্থী তথা প্রাপ্তবয়স্ক সকলৰ শৈক্ষিক আৰু বৃত্তিমূলক কাৰ্যসূচীৰ সফলতা অৰ্জনত ভৱিষ্যত নির্দেশনা প্রদানত সহায়ক হয় ।

৩) এই অভীক্ষামালাৰ বৈধতাৰ গুণাংক অতি বেছি।

৪) এই অভীক্ষামালাই ভাষামূলক যুক্তি, গাণিতিক যুক্তি আৰু বিমূর্ত যুক্তিৰ সহায়ত অতি সহজে অভীসক্ষাৰ্থীৰ বৌদ্ধিক ক্ষমতা পৰিমাপ কৰিব পাৰে।

৫) প্রয়োজনবোধে এই অভীক্ষামালাক পৃথকে পৃথকে ব্যৱহাৰ কৰি অভীসক্ষাৰ্থীৰ পৃথক পৃথক সম্ভাৱনীয়তাসমূহ সহজে পৰিমাপ কৰাত সক্ষম হ’ব পাৰে।

৬) এই অভীক্ষামালাত ভাষা আৰু সাংখ্যিক অভীক্ষাৰ মাজত উচ্চমানৰ সহ-সম্বন্ধ পোৱা যায়।

৭) এই অভীক্ষামালাৰ সহায়ত শিক্ষাৰ্থীৰ বিভিন্ন দিশৰ সম্ভাৱনীয়তাসমূহ পৰিমাপ কৰি নিৰ্দিষ্ট দিশত নির্দেশনা প্রদান কৰাত সহজ হৈ পৰে।

৮) এই অভীক্ষামালাৰ বিভিন্ন অংশৰ মানাংকসমূহ সহজে তুলনা কৰিব পৰা যায়।

পার্থক্যমূলক প্রবণতা অভীক্ষাৰ দোষ-

১) এই অভীক্ষামালা অষ্টম শ্ৰেণীৰ তলৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত সফলভাৱে প্ৰয়োগ কৰিব নোৱাৰি।

২) এই অভীক্ষামালা ভাষা ব্যৱহাৰত অক্ষম ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োগ যোগেদি পৰিমাপ কৰিব পৰা নাযায়।

৩) এই অভীক্ষামালা কেৱল বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বাবেহে বেছি উপযোগী, সাধাৰণ লোকৰ বাবে বিশেষ উপযোগী হোৱা দেখা নাযায়।

১৪। প্রবণতা অভীক্ষা দোষ-গুণ বিচাৰ কৰা?

উত্তৰঃ প্রৱণতা অভীক্ষাৰ প্ৰয়োজনীয়তায় গুণঃ

১) বিভিন্ন ক্ষেত্ৰৰ শিক্ষালাভ তথা প্ৰশিক্ষণৰ বাবে ব্যক্তিৰ ভিন ভিন প্ৰৱণতাৰ প্ৰয়োজন হয়। প্ৰৱণতা অভীক্ষাইব্যক্তিৰ কোনটো বিষয় বা কোনটো ক্ষেত্ৰত কৰি তোলে।

২) বিভিন্ন প্ৰকাৰৰ নিৰ্দেশনা আৰু পৰামৰ্শদানৰ ক্ষেত্ৰতো প্ৰৱণতা অবীক্ষাসমূহে যথেষ্ট সহায় কৰে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই আজিকালি শৈক্ষিক তথা বৃত্তিমূলক নিৰ্দ্দেশনা প্রদান কৰা পৰিলক্ষিত হয়।

৩) অন্তনির্হিত অভক্ষমতাৰ চিনাক্তকৰণ তথা অর্জিত অভিক্ষমতাসমূহক উৎসাহ প্রদানৰ বাবেও এই অভীক্ষাসমূহৰ প্রয়োজনীয়তা পৰিলক্ষিত হয়।

৪) ব্যক্তিৰ ভবিষ্যত কৰ্মক্ষেত্ৰৰ সফলতা বিফলতা আদি নিৰ্ভৰ কৰে তেওঁ নিৰ্ণয় কৰা ভবিষ্যতৰ কৰ্মৰ ওপৰত। প্ৰৱণতা অভীক্ষাসমূহে সেয়েহে ব্যক্তিক তেনে কর্ম নির্বাচিনত সহায় কৰে যিটোত তেওঁ ভৱিষ্যতে সফল হব পাৰে।

৫) প্ৰৱণতাৰ অভীক্ষাসমূহে পিতৃ-মাতৃক নিজ সন্তানৰ সম্ভাৱনীয়তাসমূহৰ বিষয়ে জানি উঠি সেইমতে পদক্ষেপ গ্ৰহণত সহায় কৰে।

৬) এই অভীক্ষাসমূহৰ ওপৰত ভিত্তি কৰি কৰা বিষয় নির্বাচনে ভৱিষ্যতে হব পৰা শৈক্ষিক অপচয় আৰু স্থবিৰতা ৰোধ কৰাতো সহায় কৰে।

প্ৰৱণতা অভীক্ষাৰ দোষসমূহঃ

১) প্ৰৱণতা অভীক্ষাসমূহ তুলনামূলকভাবে নতুন হোৱাৰ বাবে বহুক্ষেত্ৰত এই সমূহৰ নিৰ্ভৰযোগ্যতালৈ বহুতে সন্দেহৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হয়।

২) বহুসমালোচকৰ মতে প্ৰৱণতাৰ অভীক্ষাসমূহৰ পৰিসৰ যথেষ্ট ঠেক।

৩) বহুতে কব খোজে যে প্ৰৱণতাৰ অভীক্ষাসমূহে বহু সময়ত লক্ষ্যভষ্ট হৈ পৰি ব্যক্তিৰ প্ৰৱণতাৰ পৰিৱৰ্তে আন গুণৰহে পৰিমাপণ কৰে।

৪) প্ৰৱণতা অভীক্ষাসমূহৰ বৈধতা সম্পৰ্কেও বহুতে সন্দেহৰ দৃষ্টিৰে চোৱা পৰিলক্ষিত হয়।

৫) কিছু সমালোচকৰ মতে এই অভীক্ষা সমূহৰ বস্তুনিষ্ঠতা কম। অভীক্ষা প্রস্তুতকাৰী অথবা অভীক্ষা প্রয়োগকাৰীৰ ব্যক্তিগত প্ৰভাৱে বহুসময়ত এই অভীক্ষাবোৰৰ ব্যক্তি নিৰপেক্ষতাৰ মাত্ৰা হ্ৰাস কৰা দেখা যায়।

১৫। আত্ম-তথ্য সূচী বা ব্যক্তিত্বসূচী মানে কি? ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা। What is self-report inventories or personality inventories? Discuss its advantages and disadvantages.

উত্তৰঃ ব্যক্তিত্ব পৰিমাপণ কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সূচীপত্র পোৱা যায়। তেনেধৰণৰ সূচীপত্ৰসমূহৰ ভিতৰত এক উল্লেখযোগ্য সূচীপত্র হ’ল আত্ম-তথ্য সূচীপত্র বা ব্যক্তিত্ব সূচীপত্র। সাধাৰণতে কিছুমান বিশেষ উদ্দেশ্য আগত ৰাখি এজন ব্যক্তিয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব পৰাকৈ তেওঁৰ জীৱনৰ বিভিন্ন দিশ যেনে ৰুচি-অভিৰুচি, আশা-আকাংক্ষা, পৰিবেশ আচৰণ ইত্যাদি সাঙুৰি প্ৰস্তুত কৰা প্ৰশ্নসূচীকেই আত্ম-তথ্য সূচী বা ব্যক্তিত্ব সূচী বুলি কোৱা হয়। ১৯১৯ চনত মনোবিদ আৰ. এচ. উদ্ভৱৰ্থ এ প্রথম ব্যক্তিত্ব সূচীপত্র প্রকাশ কৰি উলিয়াইছিল।

আত্ম তথ্য সূচীপত্র বা ব্যক্তিত্ব সূচীপত্ৰ ব্যৱহাৰৰ প্ৰধান সুবিধাসমূহ হ’ল—

১) আত্ম-তথ্য সূচীপত্র পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ ব্যক্তিত্ব যথেষ্ট বস্তুনিষ্ঠভাৱে পৰিমাপ কৰি বৰ্ণনা কৰিব পৰা যায় ৷

২) এই পদ্ধতিৰ দ্বাৰা ব্যক্তিৰ সংলক্ষণসমূহৰ বিষয়ে এক স্পষ্ট ধাৰণা লাভ কৰিব পৰা যায়।

৩) ইয়াৰ দ্বাৰা একেলগে ব্যক্তিত্বৰ অনেক সংলক্ষণ পৰিমাপ কৰিব পৰা যায়।

৪) ব্যক্তিৰ একক সংলক্ষণ পৰিমাপ কৰিবৰ বাবেও এই পদ্ধতি সহায়ক হয়।

৫) এই পদ্ধতিত ব্যৱহৃত প্ৰশ্নপদসমূহৰ ক্ষেত্ৰত প্ৰদান কৰ। উত্তৰসমূহৰ ওপৰত ভিত্তি কৰি এজন ব্যক্তিৰ আচৰণগত, মনোভাৱমূলক আৰু অনুভূতিমূলক আদি দিশসমূহৰ বিষয়ে তাৎপর্যপূর্ণভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যায়।

৬) এই পদ্ধতিৰ দ্বাৰা বিভিন্ন ক্ষেত্ৰত অভিযোজন প্রক্রিয়াক সামগ্ৰিক ৰূপত বিচাৰ কৰিব পৰা যায় ।

আত্ম তথ্য সুচীপত্ৰৰ পদ্ধতিৰ প্ৰধান অসুবিধাসমূহ হ’ল—

১) আনত্ম-তথ্য সূচীপত্র যিহেতু এক আত্ম মূল্যায়নমূলক ব্যৱস্থা, গতিকে প্রশ্নপদসমূহৰ উত্তৰ প্ৰদানত অভীক্ষাৰ্থীৰ সততা বহু ক্ষেত্ৰত সন্দেহজনক হৈ পৰে। অৰ্থাৎ অভীক্ষাৰ্থীয়ে কেতিয়াবা সঁচা উত্তৰৰ পৰিৱৰ্তে সন্তোষজনক বুলি ভবা ধৰণেহে উত্তৰ দিয়া দেখা যায়।

২) বহু সময়ত অভীক্ষাৰ্থীয়ে তেওঁলোকৰ ব্যক্তিগত তথ্যসমূহ ইচ্ছাকৃতভাৱে গোপন কৰি ৰখাৰ ফলত অভীক্ষাৰ্থীয়ে কিমান পৰিমানে নিজকে প্ৰকাশ কৰিব খোজে তাৰ ওপৰতহে এই পদ্ধতিৰ সাৰ্থকতা নিৰ্ভৰ কৰে।

৩) এইপদ্ধতিৰ সকলোবোৰ প্ৰশ্নপদৰ উত্তৰ প্ৰদান কৰিব পৰাকৈ অভীক্ষার্থীজনে বহু ক্ষেত্ৰত নিজকে যথেষ্ট ভালকৈ নাজানিবও পাৰে । এনে হোৱাৰ ফলত ব্যক্তিৰ ব্যক্তিত্বক নিৰ্ভৰযোগ্যভাবে পৰিমাপ কৰিব পৰা নাযায়।

৪) এই পদ্ধতিত প্রশ্নোত্তৰৰ ক্ষেত্ৰত হয়,নহয় বা অনিশ্চিত আদি বিকল্প ব্যৱস্থা থকাৰ ফলত অভীভ্যাৰ্থীয়ে অনিশ্চিত উত্তৰ দি নিজকে গা এৰা দিব বিচাৰে।

৫) ব্যক্তিৰ ব্যক্তিত্ব যিহেতু বিভিন্ন সংলক্ষণৰ সমন্বিত প্ৰচেষ্টাত গঢ়ি উঠা এক সামগ্ৰিকৰূপ; সেইহেতু এই পদ্ধতিৰ নিৰ্দিষ্ট কিছুমান প্রশ্নপদে গতিশীল সামগ্রিক সংগঠনক উপযুক্তভাবে প্রকাশ কৰিব নোৱাৰিবও পাৰে।

৬) এই পদ্ধতিত অভীক্ষাৰ্থীৰ মানসিক সুস্থিৰতা নাথাকিলে শুদ্ধ উত্তৰ প্ৰদান কৰাত ব্যৰ্থ হ’বও পাৰে।

১৬। পর্যবেক্ষণ পদ্ধতিৰ অৰ্থ লিখা। ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা । Write the meaning of observation method? Mention its advantages and disadvantages?

উত্তৰঃ পর্যবেক্ষণ পদ্ধতি : ব্যক্তিত্ব পৰিমাপণৰ বিভিন্ন পদ্ধতিৰ ভিতৰত পৰ্যবেক্ষণ পদ্ধতি এক সহজ আৰু উত্তম পদ্ধতি। ইয়াৰ দ্বাৰা পর্যবেক্ষকে আচৰণৰ নমুনাক পৃথক কৰি উলিয়াব পাৰে। বিভিন্ন সময়ত ভিন ভিন পৰিস্থিতিত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ আচৰণ পৰ্যবেক্ষণ কৰি তেওঁলোকৰ বিষয়ে এই পদ্ধতিৰ যোগেদি নানা কথা জানিব পাৰে। কোনো ক্ষেত্ৰত শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ কাৰ্যকলাপত যোগদান কৰি তেওঁলোকৰ লগৰে এজন হৈ তেওঁলোকৰ আচৰণ পৰ্যবেক্ষণ কৰিব পাৰে। কেতিয়াবা আকৌ শিক্ষকে ছাত্র-ছাত্রীয়ে গম নোপোৱাকৈ দূৰৰ পৰা বা নিজক দেখা নিদিয়াকৈ অতি কৌশলেৰে ওচৰৰ পৰাই তেওঁলোকক পৰ্যবেক্ষণ কৰিব পাৰে।

পর্যবেক্ষণ পদ্ধতি ব্যৱহাৰ কৰাৰ প্ৰধান সুবিধাসমূহ হ’ল— 

ক) এই পদ্ধতি ব্যৱহাৰ কৰি অতি সহজে ব্যক্তিৰ ব্যক্তিত্ব পৰিমাপ কৰিব পাৰি।

খ) এই পদ্ধতি এজন ব্যক্তি বা এটা দলৰ ব্যক্তিক অধ্যয়ন কৰিবৰ বাবে অতি উপযোগী।

গ) এই পদ্ধতিৰ সহায়ত সকলো প্ৰকাৰৰ আৰু সকলো বয়সৰ শিক্ষার্থীক পৰ্যবেক্ষণ কৰিব পৰা যায় ।

ঘ) এই পদ্ধতিৰ দ্বাৰা প্ৰাকৃতিক পৰিৱেশতেই ব্যক্তিৰ প্ৰকৃত আচৰণ অধ্যয়ন কৰি তথ্য সংগ্ৰহ কৰিব পাৰি।

ঙ) কৌশলগতভাবেও শিক্ষাৰ্থীৰ আচৰণ পৰ্যবেক্ষণ কৰাত এই পদ্ধতি উপযোগী হোৱা দেখা যায় । 

পৰ্যবেক্ষণ পদ্ধতি ব্যৱহাৰ কৰাৰ প্ৰধান অসুবিধাসমূহ হ’ল — 

(ক) এই পদ্ধতিত কিছুমান বিশেষ ঘটনাহে লক্ষ্য ৰাখি বাকী দিশ কিছুমান সম্পূর্ণভাবে অৱজ্ঞা কৰা দেখা যায়।

(খ) পর্যবেক্ষণৰ নিৰপেক্ষতা, পর্যবেক্ষক অনুসাৰে বেলেগ বেলেগ হোৱা দেখা যায়। অর্থাৎ ইয়াত ব্যক্তিনিষ্ঠতাৰ প্ৰভাৱ পৰাৰ সম্ভাৱনীয়তা অধিক।

(গ) এই পদ্ধতিত একে ধৰণৰ ঘটনাকে বিভিন্ন পর্যবেক্ষকে ভিন্ন ধৰণে ব্যাখ্যা কৰা দেখা যায়।

(ঘ) এই পদ্ধতিত পর্যবেক্ষণৰ বৈধতা নিৰ্ধাৰণ কৰাটো অতি জটিল। 

ঙ) এই পদ্ধতিত যদিহে পর্যবেক্ষকজন সচেতন নহয় তেন্তে পৰ্যবেক্ষণৰ বৈধতা আৰু নিৰ্ভৰযোগ্যতা হাস পাই পাৰে।

(চ) কেতিয়াবা এই পদ্ধতিত পৰ্যবেক্ষণৰ জৰিয়তে বিচৰা ফলাফল সঠিকভাবে পোৱা দেখা নাযায়।

১৭। প্ৰক্ষেপন পদ্ধতিৰ অৰ্থ লিখা। ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। Write the meaning of projective method? Mention its characteristics.

উত্তৰঃ ব্যক্তিগত প্ৰভাৱৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যেৰে ব্যবহাৰ কৰা ব্যক্তিত্ব পৰিম।পণৰ পদ্ধতিবোৰৰ ভিতৰত এক উল্লেখযোগ্য তথা গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল প্ৰক্ষিপ্ত পদ্ধতি বা প্রক্ষেপন কৌশল। এই প্রক্ষেপন কৌশলত দুটা পৃথক পৃথক শব্দ জড়িত হৈ আছে। প্ৰথমটো হ’ল প্ৰক্ষেপন আৰু দ্বিতীয়টো হ’ল কৌশল। সাধাৰণতে প্ৰক্ষেপন’ শব্দৰ অৰ্থ হ’ল ‘বাহিৰৰ পৰা নিক্ষেপ কৰা’ কিন্তু মনোবিজ্ঞানত ইয়াৰ অর্থ হ’ল ‘এজন ব্যক্তিৰ অনাকাংক্ষিত সংলক্ষণ অথবা অভিপ্রায়সমূহ আন কোনো ব্যক্তি বা বস্তুৰ ওপৰত নিক্ষেপ কৰা বা দেখা”।

প্রক্ষেপন কৌশলত কিছুমান সাধাৰণ বৈশিষ্ট্য দেখা পোৱা যায়। যেনে ― 

১) এই পদ্ধতিত বিশেষকৈ উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

২) এই কৌশলত ব্যক্তিৰ নিজৰ আভ্যন্তৰীণ অনুভূতিবোৰ স্বতঃস্ফূর্তভাবে বহিপ্রকাশ ঘটে।

৩) এই পদ্ধতিৰ অভীক্ষাসমূহত ব্যৱহৃত উপকৰণসমূহ অসংগঠিত, অনির্ধাৰিত আৰু অর্থহীন হোৱা দেখা যায়।

৪) এই পদ্ধতিত ব্যবহৃত উদ্দীপকস্বৰূপ উপাদানসমূহ প্রত্যক্ষভাবে উপস্থাপন নকৰি পৰোক্ষভাবে উপস্থাপন কৰা হয়।

৫) ইয়াত অভীক্ষাৰ্থীয়ে নিজ ইচ্ছা অনুযায়ী প্রতিক্রিয়া প্রদান কৰাত স্বাধীনতা লাভ কৰে।

৬) এই পদ্ধতিত অভীক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াসমূহৰ শুদ্ধতা- অশুদ্ধতা বিচাৰ কৰা নহয়। 

৭) ইয়াত অভীক্ষাসমূহৰ উদ্দেশ্য যতদূৰ সম্ভৱ অভীক্ষাৰ্থী সকলৰ পৰা গোপনে ৰখা হয়।

১৮। প্রক্ষেপন কৌশলৰ সুবিধা আৰু অসুবিধাসমূহ ব্যাখ্যা কৰা। Explain the advantages and disadvantages of projective technique? 

উত্তৰঃ প্রক্ষেপন কৌশলৰ সুবিধাসমূহঃ প্রক্ষেপন কৌশলৰ সুবিধাসমূহৰ বাবে মনোবিদসকলে প্রক্ষেপন কৌশলক ব্যক্তিত্ব পৰিমাপণৰ সকলোতকৈ নিৰ্ভৰযোগ্য কৌশল হিচাপে বিবেচনা কৰি আহিছে। সেই সুবিধাসমূহ হ’ল—

১) মনোচিকিৎসা আৰু নৈদানিক ক্ষেত্ৰত এই অভীক্ষাসমূহৰ ব্যৱহাৰ অতি গুৰুত্বপূৰ্ণ।

২) প্রক্ষেপন কৌশলসমূহ বিভিন্ন বয়সৰ বিভিন্ন বৌদ্ধিক ক্ষমতাসম্পন্ন ব্যক্তিৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা যায় ৷

৩) এই অভীক্ষাসমূহৰ নিৰ্দেশনা অতি সহজ।

৪) এই অভীক্ষাসমূহ অশিক্ষিত ব্যক্তিৰ ক্ষেত্ৰতো সহজে প্রয়োগ কৰিব পৰা যায়।

৫) এই অভীক্ষাসমূহ ব্যক্তি নিৰপেক্ষ হোৱা বাবে ই নিৰ্ভৰযোগ্য হৈ পৰে।

৬) ব্যক্তিৰ ব্যক্তিত্বৰ অপ্ৰকট আৰু অচেতন দিশটোৰ অধ্যয়নৰ ক্ষেত্ৰত এই অভীক্ষাসমূহ বিশেষভাবে কার্যকৰী ।

৭) এই অভীক্ষাৰ যোগেদি ব্যক্তি মনৰ গোপনীয়তাক সহজে আৰু নিৰাপদে ৰক্ষা কৰি চলিব পাৰি।

প্রক্ষেপন কৌশলৰ অসুবিধাসমূহ : প্রক্ষেপন কৌশলৰ প্ৰয়োগৰ ক্ষেত্ৰত নানা ধৰণৰ অসুবিধা দেখা পোৱা যায়। যেনে –

১) প্রক্ষেপন কৌশলসমূহৰ সফল প্ৰয়োগৰ বাবে বিশেষ মনঃস্তাত্ত্বিক দক্ষতা সম্পন্ন ব্যক্তিৰ প্ৰয়োজন হয়।

২) এই অভীক্ষাসমূহ প্রয়োগৰ বাবে অভীক্ষক আৰু অভীসক্ষাৰ্থীৰ মাজত যি সৌহার্দ্যপূর্ণ সম্পর্ক স্থাপন কৰাৰ প্ৰয়োজন হয়, সেই সম্পর্ক গঢ়ি তোলাত নতুন পৰিস্থিতিত সম্ভৱ নহয়।

৩) এই কৌশলত অভীক্ষাৰ্থীৰ প্ৰতিক্ৰিয়াসমূহৰ তাৎপৰ্য নিৰ্ণয় কৰাও এক জটিল কার্য।

৪) এই অভীক্ষাসমূহৰ নিৰ্ভৰযোগ্যতা, বৈধতা আৰু প্ৰতিমানীকৰণৰ দিশত বিশেষজ্ঞ তথা বহু মনোবিজ্ঞানী সন্তুষ্ট হ’ব পৰা নাই।

৫) বিভিন্নজন সমালোচকে এই অভীক্ষাৰ ফলাফলৰ নিৰ্ভৰযোগ্যতাক সমালোচনা কৰি কয় যে অভীক্ষাৰ উপাদানবোৰ অভীক্ষাৰ্থীৰ বাবে যিদৰে প্ৰক্ষিপনমূলক, ঠিক সেইদৰে মূল্যায়নকাৰী বিশেষজ্ঞসকলৰ বাবেও প্ৰক্ষেপনমূলক হৈ ৰয়।

৬) এই অভীক্ষাসমূহে যিহেতু ব্যক্তিৰ অচেতন মনক প্ৰভাৱযুক্ত কৰি তোলে সেয়েহে ইয়াৰ বস্তুনিষ্ঠতা ৰক্ষা কৰাটো যথেষ্ট কঠিন হৈ পৰে।

৭) মনোবৈজ্ঞানিক অভীক্ষাৰ উপযুক্ত মানদণ্ড নিৰ্ণয়কৰণৰ দিশেৰে বিবেচনা কৰিলে দেখা যায় যে এই অভীক্ষাসমূহৰ গ্ৰহণযোগ্যতা অন্যান্য অভীক্ষাৰ তুলনাত যথেষ্ট কম।

১৯। শব্দ অনুষংগ অভীক্ষা মানে কি? এই অভীক্ষাৰ ব্যৱহাৰ আৰু সীমাবদ্ধতাসমূহ আলোচনা কৰা। What is word association test Discuss the uses and limitations of this test? 

উত্তৰঃ প্রক্ষেপন পদ্ধতিৰ অতি পুৰণি পদ্ধতিটোৱে হৈছে শব্দ অনুষংগ অভীক্ষা।

শব্দ অনুষংগ অভীক্ষাৰ ব্যৱহাৰ আৰ সুবিধা :

শব্দ অনুষংগ অভীক্ষাৰ সুবিধাসমূহৰ বাবে ইয়াক বিভিন্ন ক্ষেত্ৰত প্রয়োগ কৰা হয়। যেনে—

১) মানসিক জটিলতাসমূহ জানিবৰ বাবে নিদানমূলক গৱেষণাত ব্যৱহাৰৰ অতি উপযোগী অভীক্ষা।

২) এই অভীক্ষাক সাধাৰণতে ব্যক্তিৰ মানসিক প্রক্রিয়াসমূহ অধ্যয়নৰ বাবে ব্যক্তিগতভাৱে ব্যৱহাৰ কৰা হয়

৩) ব্যক্তিৰ আৱেগিক জটিলতাসমূহ বিশ্লেষণৰ বাবে এই অভীক্ষা ব্যৱহাৰ কৰিবলৈ সহজ হয়। 

৪) এই অভীক্ষাৰ জৰিয়তে সাধাৰণ আৰু মানসিক বিকাৰগ্ৰস্ত লোকৰ মাজত অতি সহজে পার্থক্য নির্ণয় কৰিব পাৰি।

৫) ব্যক্তিৰ মনোভাৱ আৰু আগ্রহ অধ্যয়ন কৰাৰ ক্ষেত্ৰতো ইয়াক ব্যৱহাৰ কৰা হয়।

৬) এই অভীক্ষাৰ দ্বাৰা এজন ব্যক্তিৰ সংবেগাত্মক সমস্যাৰ স্বৰূপ বুজিব পৰা যায়।

শব্দ অনুষংগ অভীক্ষাৰ সীমাবদ্ধতা বা অসুবিধা :

শব্দ অনুষংগ অভীক্ষাৰ সীমাবদ্ধতা বা অসুবিধাসমূহ হ’ল —

১) এই অভীক্ষা সম্পাদন কৰাৰ ক্ষেত্ৰত বহু সময়ৰ প্ৰয়োজন হয়; ফলত অভীক্ষাৰ্থীসকল বিৰক্তিকৰ হৈ পৰে।

২) ইয়াৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা ব্যক্তিত্ব পৰিমাপণৰ অন্যান্য অভীক্ষাতকৈ অতি কম। 

৩) এই অভীক্ষাত অভীক্ষাৰ্থীয়ে কেতিয়াবা কেতিয়াবা কিছুমান অপ্রাসংগিক তথা অনর্থক প্রতিক্রিয়া শব্দ প্ৰকাশ কৰাৰ ফলত অভীক্ষাটোৰ ফলপ্ৰসূতাত বাধা আহি পৰে ।

৪) কিছুমান উদ্দীপনাবিহীন আৰু অপভাষাৰ শব্দ প্ৰকাশ কৰি অভীক্ষাটোকে উপলুঙা কৰি পেলায়। 

৫) অভীক্ষার্থীয়ে বিভিন্ন উদ্দীপক শব্দৰ প্ৰতিক্ৰিয়া শব্দ হিচাপে কেতিয়াবা একেটা শব্দকে বাৰে বাবে প্ৰকাশ কৰি অভীক্ষাটোৰ মানদণ্ড হ্ৰাস কৰি পেলায় ।

৬) এই অভীক্ষাত অভীক্ষার্থীসকলে কেতিয়াবা অপ্ৰস্তুত আৰু ভয় ভাব কৰা দেখা যায়।

৭) এই অভীক্ষাই পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব লগা হোৱাৰ বাবে কিছুমান পৰিস্থিতিত ব্যক্তিত্বৰ সংলক্ষণসমূহ সঠিকভাবে পৰিমাপ কৰাত জটিলতা আহি পৰে ।

২০। ব’ৰছাক অভীক্ষাৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা কেনেকৈ পৰিমাপ কৰা হয়? 

উত্তৰঃ ৰ’ৰছাক অভীক্ষাৰ নিৰ্ভৰযোগ্যতাঃ ৰ’ছাক অভীক্ষাৰ নিৰ্ভৰযোগ্যতা নিম্নলিখিত পদ্ধতিৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় ৷

ক) সমান্তৰাল পদ্ধতি প্ৰয়োগ কৰি।

খ) অভীক্ষা পুনঃ অভীক্ষা পদ্ধতি প্ৰয়োগ কৰি।

গ) দ্বিখণ্ডিত পদ্ধতি প্ৰয়োগ কৰি।

ঘ) সমিলীকৰণ পদ্ধতি প্ৰয়োগ কৰি। আৰু

ঙ) প্রত্যক্ষণমূলক পদ্ধতি প্ৰয়োগ কৰি ইয়াৰ নিৰ্ভৰযোগ্যতা নিৰ্ধাৰণ কৰা হয় ।

ৰ’ছাক অভীক্ষাৰ বৈধতা : ৰ’ছাক অভীক্ষাৰ বৈধতা নিৰ্ধাৰণ কৰা প্ৰণালীসমূহ হ’ল—

ক) পৰিচিত দলৰ প্ৰয়োগ প্ৰণালী।

খ) চিকিৎসা সম্বন্ধীয় নিদানৰ লগত তুলনা কৰা প্ৰণালী।

গ) আচৰণৰ পৰ্যবেক্ষণৰ তুলনা কৰা প্ৰণালী।

ঘ) সমিলীকৰণ প্ৰণালী। আৰু

ঙ) পৰীক্ষামূলক প্রণালী।

২১। কাহিনী সংবোধন অভীক্ষা মানে কি? কাহিনী সংবোধন অভীক্ষাৰ নিৰ্ভৰযোগ্যতা আৰু বৈধতা কেনেকৈ নিৰূপন কৰা হয়? What is Thematic Apperception Test? How can assess the validity and reliability of the TAT?

উত্তৰঃ প্রক্ষেপন কৌশলৰ অন্তৰ্ভূক্ত ব্যক্তিত্ব পৰিমাপণৰ আন এক উল্লেখযোগ্য অভীক্ষা হৈছে কাহিনী সংবোধন অভীক্ষা। 

কাহিনী সংবোধন অভীক্ষাৰ নিৰ্ভৰযোগ্যতা : 

কাহিনী সংবোধন অভীক্ষাৰ নিৰ্ভৰযোগ্যতা তিনিটা উপায়েৰে নিৰ্ণয় কৰা হয় যেনে—

১) একেবোৰ কাহিনীকে বিভিন্ন বিশ্লেষণকাৰীক অধ্যয়ন কৰিবলৈ দিয়াৰ পিছত সেই ফলাফলৰ সাদৃশ্যতা তুলনা কৰা পদ্ধতিৰ দ্বাৰা।

২) অভীক্ষা পুনঃ অভীক্ষা পদ্ধতি প্ৰয়োগৰ দ্বাৰা। অর্থাৎ একে অভীক্ষার্থীয়েই ভিন্ন সময়ত পুনঃ অভীক্ষাৰ কাহিনীৰ সাদৃশ্য অধ্যয়নেৰে নিৰ্ভৰযোগ্যতা নিৰ্ধাৰণ কৰা হয় ৷

৩) দ্বি-খণ্ডিত পদ্ধতিৰ দ্বাৰা কাহিনী সংবোধন অভীক্ষাৰ নিৰ্ভৰযোগ্যতা নিৰ্ধাৰণ কৰা হয় ।

কাহিনী সংবোধন অভীক্ষাৰ বৈধতা :

কাহিনী সংবোধন অভীক্ষাৰ বৈধতা নিৰ্ণয় কৰাৰ ক্ষেত্ৰত নিম্নলিখিত প্রণালী সমূহ বিশেষভাৱে উল্লেখযোগ্য।

১) সমিলীকৰণ পদ্ধতিৰ দ্বাৰা ইয়াৰ বৈধতা নিৰ্ধাৰণ কৰিব পৰা যায়।

২) কিছুমান পৰিচিত ব্যক্তিৰ সংলক্ষণ বা দলৰ বৈশিষ্ট্য সমূহৰ লগত তেওঁলোকৰ ওপৰত প্ৰয়োগ কৰি পোৱা কাহিনী সংবোধন অভীক্ষাৰ ফলাফল তুলনাৰ যোগেদি অভীক্ষাৰ বৈধতা নিৰ্ণয় কৰা হয়।

৩) ব্যক্তিৰ আত্মজীৱনীৰ পৰা পোৱা সামগ্ৰী আৰু কাহিনী সংবোধন অভীষা প্ৰয়োগ কৰি পোৱা ফলাফলৰ ব্যাখ্যাৰ লগত তুলনা কৰি বৈধতা নিৰ্ণয় কৰা হয়।

৪) কাহিনী সংবোধন অভীক্ষাৰ দ্বাৰা পোৰা ফলাফলসমূহ ৰ’ৰছাক অভীক্ষাৰ ফলাফলৰ লগত তুলনা কৰি বৈধতা নিৰ্ধাৰণ কৰিব পাৰি।

৫) মানসিক ৰোগী সকলক মানসিক চিকিৎসাৰ পৰা পোৱা ফলাফল আৰু কাহিনী সংবোধন অভীক্ষা প্রয়োগ কৰি পোৱা ফলাফলৰ লগত তুলনা কৰি বৈধতা নিৰ্ধাৰণ কৰা হয়।

২২। কাহিনী সংবোধন অভীক্ষাৰ সুবিধা আৰু অসুবিধাসমূহ আলোচনা কৰা ৷ Discuss the advantages and disadvantages of TAT?

উত্তৰঃ কাহিনী সংবোধন অভীক্ষাৰ সুবিধা বা গুণ :

১) এই অভীক্ষাৰ দ্বাৰা ব্যক্তি মনৰ আৱেগ-অনুভূতি, আশা আকাংক্ষা, সংঘাতমূলক উপাদান, সমাযোজনৰ প্রকৃতি আদি দিশসমূহ সহজে উপলব্ধি কৰিব পাৰি।

২) এই অভীক্ষাৰ জৰিয়তে ব্যক্তিৰ কল্পনা শক্তিৰ পৰিচয় পাব পাৰি।

৩) ব্যক্তিৰ গতিশীল ব্যক্তিত্বৰ বৈশিষ্ট্যসমূহক অতি ভালকৈ নিৰীক্ষণ কৰিব পাৰি

৪) ব্যক্তিৰ মানসিক ৰোগৰ কাৰণ উদ্‌ঘাটন কৰিবৰ বাবে এই অভীক্ষা অতি উপযোগী।

৫) এই অভীক্ষাক শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি ৷

৬) এই অভীক্ষাত অভীক্ষাৰ্থীক প্ৰতিক্ৰিয়া প্ৰকাশৰ বাবে স্বাধীনতা প্ৰদান কৰাৰ লগতে কোনোধৰণৰ সময়সীমা বান্ধি অভীক্ষাৰ্থীক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি নোতোলে।

৭) এই অভীক্ষা অতি নিৰ্ভৰযোগ্য আৰু প্ৰণালীবদ্ধ

কাহিনী সংবোধন অভীক্ষাৰ অসুবিধা বা দোষঃ

এই অভীক্ষা যদিও ব্যক্তিত্ব পৰিমাপণৰ সকলোতকৈ নিৰ্ভৰযোগ্য কৌশল তথাপিও ইয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা দেখা পোৱা যায়। যেনে—

১) এই অভীঙ্গাত অভীক্ষাৰ্থীসকলে বৰ্ণনা কৰা কাহিনী বা গল্পসমূহৰ বিশ্লেষণ, মূল্যায়ন আৰু ব্যাখ্যা প্ৰদান কাৰ্য অতি সহজ নহয়। ইয়াৰ বাবে পাৰদৰ্শী তথা অভিজ্ঞতাপুষ্ট ব্যক্তিৰ প্ৰয়োজন ।

২) এই অভীক্ষা প্ৰয়োগৰ ক্ষেত্ৰত অভীক্ষক আৰু অভীক্ষাৰ্থীৰ মাজত কেতিয়াবা আন্তৰিকতাপূৰ্ণ সম্পর্ক স্থাপন কৰাত অসুবিধাই দেখা দিয়ে।

৩) এই অভীক্ষাত মানদণ্ড অভাৱৰ ফলত বিশেষজ্ঞ সকলৰ বাবে অভীক্ষাৰ পাৰে।

২৩। চমু টোকা লিখা : [Write short notes]

(ক) বুদ্ধ্যাংক।

উত্তৰঃ বিনেৰ বুদ্ধি অভীক্ষাত প্রশ্নমূলক সমস্যাবোৰ বয়স অনুযায়ী সহজৰপৰা জটিললৈ ক্ৰমাগতভাৱে সমদূৰত্বত সজোৱা থাকে। এই প্রশ্নৰ উত্তৰপৰাই কোনো শিশুৰ মানসিক পৰিপক্কন স্বাভাৱিকভাৱে অগ্ৰসৰ হৈছেনে নাই তাক জানিব পাৰি। উদাহৰণ স্বৰূপে ধৰা হওক যে এটি আঠ বছৰীয়া শিশুৱে যদি আঠ বছৰৰ কাৰণে নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ দিব পাৰে, কিন্তু ন বছৰীয়াৰ কাৰণে থোৱা প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হয়, তেন্তে বুলিব লাগিব যে শিশুৰ মানসিক বয়স আঠ বছৰ। সি যদি মাত্র সাত বছৰৰ শিশুৰ বাবে নিৰ্ধাৰিত প্ৰশ্নৰহে উত্তৰ দিব পাৰে তেন্তে তাৰ মানসিক বয়স হ’ব সাত বছৰ। আনহাতে সি যদি তাতোকৈ ওপৰৰ প্ৰশ্নমালাৰ উত্তৰ কৰিব পাৰে দহবছৰীয়া শিশুৰ কাৰণে থোৱা প্রশ্নৰ উত্তৰ দিব পাৰে তেন্তে তাৰ মানসিক আয়ুস হ’ব দহ বছৰ। এইদৰে মানসিক বয়সে মানুহৰ মানসিক পৰিপক্কতাৰে সম্ভেদ দিয়ে।

মানসিক বয়সক প্রকৃত বয়সেৰে [chronological age of calendar age] : ভাগ কৰিলে যি ভাগফল পোৱা যায় তাকেই বুদ্ধ্যিাংক [I.Q.] বোলে। অর্থাৎ ই হ’ল প্রকৃত বয়স আৰু মানসিক বয়সৰ অনুপাত [Ratio]। বুদ্ধ্যাংক উলিওৱা সূত্ৰটো হ’ল—

বুদ্ধ্যাংক (I.Q.) = MA/CA×100 য’ত MA= Mental Age আৰু CA= Chronological Age

এইমতে বিচাৰ কৰিলে দেখা যায় যে—

ক) এটা ল’ৰাৰ যদি মানসিক বয়স আঠ আৰু প্ৰকৃত বয়সো আঠ হয়, তেন্তে তাৰ বুদ্ধ্যাংক ১০০ হ’ব। 

খ) কিন্তু সেই ল’ৰাটিৰ যদি মানসিক বয়স মাত্র ছয় হে হয়, তেন্তে তাৰ বুদ্ধ্যাংক হ’ব ৭৫ 

গ) আনহাতে সেই ল’ৰাটোৰ প্ৰকৃত বয়স আঠ হ’লেও যদি মানসিক বয়স দহ হয়, তেন্তে বুদ্ধ্যাংক হ’ব ১২৫

খ) মানসিক বয়স।

উত্তৰঃ মানসিক বয়সৰ ধাৰণাটি প্রথমে আগবঢ়াইছিল মনোবিদ বিনেই। তেওঁৰ এই মানসিক ধাৰণাই বুদ্ধি অভীক্ষাত অভূতপূর্ব সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। বিশেষকৈ মানসিক বয়সৰ ধাৰণাটি ১৯১৬ চনৰ ষ্টেনফ’ৰ্ড বিনে ছাইমন মাপনীৰ সংস্কৰণৰ পাছতেই বুদ্ধ্যাংক নিৰ্ণয় কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। বিনেই মানসিক বয়সৰ ধাৰণা। অনুসৰি কোনো শিক্ষাৰ্থীয়ে যদি ৮ বছৰ বয়সৰ বাবে নিৰ্দিষ্ট কৰি ৰখা সকলো প্ৰশ্নৰ শুদ্ধকৈ উত্তৰ দিব পাৰে তেনে ক্ষেত্ৰত সেই শিক্ষাৰ্থীজনৰ জন্মৰ পৰা প্ৰকৃত বয়স যিমানেই নহওক কিয় তেওঁৰ কিন্তু মানসিক বয়স ৮ বছৰ বুলিয়েই ধৰি লোৱা হ’ব। সেইদৰে ৯ বছৰ বয়সৰ বাবে নিৰ্দিষ্ট কৰি ৰখা প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ দিলে ৯ বছৰ, ১০ বছৰ বয়সৰ বাবে নিৰ্দিষ্ট কৰি ৰখা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে ১০ বছৰ বুলি ধৰা হ’ব। কিন্তু ২০ বছৰীয়া শিক্ষার্থী এজনে যদি কেৱল ১২ বছৰ বয়সৰ বাবে নির্দিষ্ট কৰি ৰখা প্রশ্নবোৰৰহে শুদ্ধ উত্তৰ দিবলৈ সক্ষম হ’ল তেন্তে তেওঁৰ মানসিক বয়স হ’ব ১২ বছৰ গতিকে এজন ব্যক্তিৰ মানসিক যোগ্যতাৰ যিটো স্তৰ সেই স্তৰটোকে মানসিক বয়স বোলা হয়। অর্থাৎ চমু অৰ্থত মানসিক সামর্থ্যই হ’ল মানসিক বয়স । বুদ্ধ্যাংক নিৰ্ণয় কৰা সূত্ৰৰ সহায়তেই মানসিক বয়স নিৰ্ধাৰণ কৰিব পাৰি।

গ) চাৰুকলা প্ৰৱণতা অভীক্ষা।

উত্তৰঃ চাৰুকলা প্ৰৱণতা অভীক্ষাঃ ব্যক্তিৰ চাৰুকলাৰ সম্ভাৱনীয়তাসমূহ পৰিমাপণৰ উদ্দেশ্যে যিবোৰ অভীক্ষা প্রস্তুত । এনে অভীক্ষাত চিত্ৰৰ সৌন্দৰ্য উপলব্ধি কৰিব পৰা আৰু চিত্ৰ আঁকিব পৰা ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ইয়াৰ প্ৰশ্নপদ হিচাপে অভীক্ষাৰ্থীৰ সন্মুখত কিছুমান বস্তুৰ দুটা চিত্র বা নক্সা প্ৰদৰ্শন কৰি কোনটো ভাল লাগিছে ক’বলৈ দিয়াৰ লগতে চিত্র আঁকিবলৈও দিয়া হয় । উল্লেখযোগ্য যে এই সম্ভাৱনীয়তাসমূহ বিচাৰকৰণৰ অৰ্থে কোনো নিৰ্দিষ্ট মান নথকাৰ বাবে কেতিয়াবা এনে ধৰণৰ অভীক্ষাসমূহ প্রতিমানীকৰণ কৰাত অসুবিধাজনক হৈ পৰে। তৎস্বতেও চারুকলা পৰিমাপণৰ বাবে বহুতো অভীক্ষা পোৱা যায়। তেনে কিছুমান অভীক্ষা তলত চমুকৈ উল্লেখ কৰা হ’ল—

১) প্রগ্রেভচৰ নক্সা বিচাৰকৰণ অভীক্ষাঃ এই অভীক্ষাত ব্যক্তিৰ শিল্পীসূলভ ক্ষমতাৰ লগত মুক্ত কিছুমান মৌলিক বৈশিষ্ট্য প্রত্যক্ষণৰ ক্ষমতা বিচাৰ কৰা হয় ইয়াত অন্তৰ্ভুক্ত ক্ষমতাসমূহ হৈছে – এক্য, বৈচিত্র্য, প্রাধান্য, সাম্য, ধাৰাবাহিকতা, সামঞ্জস্য, সমানুপাত আৰু ছন্দবদ্ধতা। এই অভীক্ষাত মুঠ ৯০ টা অংশত বিভক্ত বিমূর্ত নক্সা আছে । প্রত্যেক বৈশিষ্ট্য প্ৰকাশ কৰি নক্সা অঁকা হয় অভীক্ষাৰ্থীয়ে নক্সাসমূহৰ পৰা নক্সা পছন্দ কৰিব লাগে। তেওঁলোকৰ পছন্দ অনুযায়ী মানাংক প্ৰদানৰ ব্যৱস্থা আছে। অভীক্ষাটোৰ সম্পূৰ্ণ পাৰদৰ্শিতাক এটা সংখ্যা মানব দ্বাৰা প্ৰকাশ কৰা হয় ।

২) মেইয়াৰৰ শিল্প বিচাৰকৰণ অভীক্ষাঃ এই অভীক্ষাত বাস্তৱ বস্তুৰ প্ৰতিৰূপ হিচাপে কিছুমান নক্সা ব্যৱহাৰ কাৰ হয় । ইয়াৰ প্ৰশ্নপদ হিচাপে ১০০ যোৰ ক’লা আৰু বগা ৰঙৰ প্ৰকৃত বস্তুৰ প্ৰতিৰূপ বা চিত্র অভীক্ষাৰ্থীক প্ৰদান কৰা হয়। প্রত্যেকযোৰ চিত্ৰৰ এটা আদর্শস্থানীয় আৰু এটা বিকৃত ৰূপৰ। অভীক্ষাৰ্থীয়ে ছবি দুখনৰ ভাল আৰু বেয়াৰ মাজৰ পাৰ্থক্য নির্ণয় কৰি সৌন্দৰ্য অটুট থকা বা আদর্শস্থানীয় ছবিখন বাছি উলিয়াব লাগে।

এনেদৰে অভীক্ষাটোৰ সামগ্রিক মানৰ ওপৰত ভিত্তি কৰি অভীক্ষাৰ্থীৰ ক্ষমতা নিৰ্ণয় কৰা হয়। এই অভীক্ষাক বিশেষকৈ হাইস্কুল, কলেজ আৰু প্ৰাপ্তবয়স্ক স্তৰত প্ৰয়োগ কৰিব পাৰি।

৩) হৰ্ণৰ শিল্প প্ৰৱণতা অভীক্ষা : হৰ্ণৰ এই অভীক্ষাৰ যোগেদি তিনিটা পৰ্যায়ত ব্যক্তিৰ শিল্পসুলভ প্ৰৱণতাসমূহ পৰিমাপন কৰা হয় । প্রথম পৰ্যায়ত অভীক্ষাৰ্থীক কিছুমান সাধাৰণ বস্তু যেনে ঞ্চ কিতাপ, গিলাচ, চেপেনা আদি আঁকিবলৈ দিয়া হয়। দ্বিতীয় পৰ্যায়ত ৰেখা, ত্রিভুজ, চতুৰ্ভুজ আদিৰ সহায়ত কিছুমান কাল্পনিক তথা বিমূর্ত চিত্র অংকন কৰিবলৈ দিয়া হয়। আনহাতে তৃতীয় পৰ্যায়ত কিছুমান ৰেখা অংকন কৰা ১২ খন আয়তাকাৰ কাৰ্ড অভীক্ষাৰ্থীক দিয়া হয়। প্ৰতিখন কাৰ্ডৰ ৰেখাবোৰক ভিত্তি কৰি অভীক্ষাৰ্থীয়ে একো একোখন ছবি আঁকিব লাগে। হৰ্নৰ অভীক্ষা স্কুল আৰু কলেজ স্তৰত বিশেষ উপযোগী।

ঘ) বৃত্তিমূলক প্ৰৱণতা অভীক্ষা।

উত্তৰঃ (খ) বৃত্তিমূলক প্ৰৱণতা অভীক্ষা : ব্যক্তিক বিভিন্ন বৃত্তিত নিয়োগ কৰাৰ উদ্দেশ্যেৰে ব্যক্তিৰ ভিন ভিন বৃত্তিৰ সম্ভাৱনীয়তাসমূহ পৰিমাপণ কবিৰ বাবে যি অভীক্ষা প্ৰস্তুত কৰা হয় তেনে অভীক্ষাকেই বৃত্তিমূলক প্ৰৱণতা অভীক্ষা বুলি কোৱা হয় যেনে -চিকিৎসা অভিযান্ত্রিক আৰু ভৌতিক বিজ্ঞান প্ৰৱণতা অভীক্ষা আদি উল্লেখযোগ্য। এই অভীক্ষাসমূহৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হ’ল ।

১) চিকিৎসা বিজ্ঞানৰ প্ৰৱণতাঃ এই অভীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীৰ চিকিৎসাৰ প্ৰতি থকা সম্ভাৱনীয়তা পৰিমাপণ কৰা হয়। বিশেষকৈ চিকিৎসা মহাবিদ্যালয়ত শিক্ষাৰ্থীক নামভৰ্তিকৰণৰ বাছনি পৰীক্ষাত এই অভীক্ষা প্ৰয়োগ কৰা দেখা যায় । এনে ধৰণৰ অভীক্ষাত চিকিৎসা বিজ্ঞানৰ লগত সম্পৰ্ক থকা কিছুমান দিশৰ ওপৰত গুৰুত্ব দিয়া হয়। যেনে— বৈজ্ঞানিক আৰু ওষধৰ নামৰ শব্দবিলাক সহজে আহৰণ কৰিব পৰা ক্ষমতা, বৈজ্ঞানিক সূত্ৰ আৰু তথ্য বুজি পোৱা, লিখিত বিৱৰণ পঢ়ি তাৰ অৰ্থ বুজি পোৱা, বিষয়বস্তু মমত ৰাখিব পৰা শক্তি ইত্যাদি ।

২) আইনৰ প্ৰৱণতা : চিকিৎসা বিজ্ঞানৰ প্ৰৱণতা অভীক্ষাৰ দৰেই আইনৰ প্ৰৱণতা থকা শিক্ষাৰ্থীক আইনৰ পাঠ্যক্ৰম গ্ৰহণৰ বাবে বাছনি কৰোঁতে আইনৰ প্ৰৱণতা অভীক্ষাৰ সহায় লোৱা হয়। মনোবিজ্ঞানী আৰু বিশেষজ্ঞসকলে আইনৰ অধ্যয়নত কৃতকার্যতা লাভ কৰিবলৈ হ’লে আৰু ভৱিষ্যতে উপযুক্ত আইনজীবী হ’বলৈ হ’লে শিক্ষাৰ্থীসকলৰ বাবে তলত উল্লেখ কৰা যোগ্যতাসমূহ আৱশ্যক বুলি মন্তব্য কৰিছে।

ক) খৰকৈ পঢ়িব পৰা আৰু আপেক্ষিকভাৱে জটিল বিষয়সমূহ সহজে বুজি পোৱা ।

খ) মনত ৰাখিব পৰা আৰু স্পষ্টকৈ মনত পেলাব পৰা।

গ) তুলনামূলক যুক্তি দশোৱা । 

ঘ) বহুতো তথ্যৰ পৰা যুক্তিসংগত আৰু অযুক্তিসংগত তথ্য বাছিব পৰা। 

ঙ) আৰোহাত্মক আৰু অৱহাৰোত্মক ভাৱে যুক্তি দৰ্শাব পৰা ।

চ) নতুন শব্দ আয়ত্ব আৰু প্ৰয়োগ কৰিব পৰা। উল্লেখযোগ্য এই অভীক্ষাৰ দ্বাৰা আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পাণ্ডিত্য বিষয়ক কৃতিত্বৰ গুণাগুণ পূর্বানুমান নির্ণয় কৰাৰ বাবে প্ৰচেষ্টা কৰা হয় যদিও আইনবৃত্তি উন্নতির মাত্রা অথবা কৃতিত্বৰ পূৰ্বানুমান কৰিব পৰা নাযায় ।

৩) বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰৱণতাঃ ব্যক্তিৰ বিজ্ঞান আৰু যান্ত্ৰিক বৃত্তিৰ সম্ভাব্য উন্নতিৰ পৰিমাপণ কৰিবৰ বাবে প্ৰস্তুত কৰা অভীক্ষাসমূহেই হ’ল বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰৱণতা । এনে অভীক্ষাৰ প্রশ্নপদসমূহ যেনে – পৰীক্ষামূলক মনোবৃত্তি, যুক্তি, অসংগতি আৰু জান্ত যুক্তি বুজিব পৰাৰ ক্ষমতা, সাৱধানতা আৰু খৰচি মাৰি চাব জনা, মান অনুযায়ী পৰীক্ষামূলক তথ্যপাতি বাছি উলিওৱা আৰু সজাব পৰা শক্তি ইত্যাদি। বিজ্ঞান আৰু অভিযান্ত্ৰিক প্ৰৱণতা পৰিমাপণৰ বাবে প্রস্তুত কৰা কেইটামান উল্লেখযোগ্য অভীক্ষা হ’ল—

ক) ষ্টেনফার্ড বিজ্ঞান প্ৰৱণতা অভীক্ষা। 

খ) অভিযান্ত্ৰিক আৰু ভৌতিক বিজ্ঞান প্ৰৱণতা অভীক্ষা। 

গ) প্ৰাৰম্ভিক অভিযান্ত্রিক যোগ্যতা অভীক্ষা। 

ঘ) মিন্নেছ’টা ইঞ্জিনিয়াৰিং এনালজিজ। 

ঙ) অডভান্স টেষ্ট ইন ইঞ্জিনিয়াৰিং। 

ঙ) ব্যক্তিনিষ্ঠ পদ্ধতি। 

উত্তৰঃ এই পদ্ধতিত প্রত্যেক ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব সম্পৰ্কীয় তথ্যবোৰ নিজে যোগান ধৰিব লাগে অথবা তেওঁৰ বন্ধু-বান্ধৱ বা আত্মীয় স্বজনৰ পৰা সংগ্ৰহ কৰা হয় ব্যক্তিয়ে নিজৰ ব্যক্তিত্ব সম্পৰ্কীয় তথ্যবোৰ নিজেই যোগান ধৰাৰ বাবে এই পদ্ধতিক আত্ম-মূল্যায়ণ পদ্ধতি বুলিও কোৱা হয় বস্তুনিষ্ঠ পদ্ধতিৰ অন্তৰ্গত জনপ্রিয় আহিলাসমূহ হ’ল ―

ক) ব্যক্তিত্বসূচী। 

খ) আত্মজীৱনী পদ্ধতি। 

গ) [Case-history Method ]

ঘ) সাক্ষাৎকাৰ। 

(ঙ) প্রশ্নসূচী। 

চ) বস্তুনিষ্ঠ পদ্ধতি। 

উত্তৰঃ লোকৰ দ্বাৰা ব্যক্তিৰ বাহ্যিক আচৰণৰ অধ্যয়ন আৰু পৰ্যবেক্ষণৰ ভিত্তিত ব্যক্তিত্ব পৰিমাপণ কৰা পদ্ধতিকে বস্তুনিষ্ঠ বা ব্যক্তি নিৰপেক্ষ পদ্ধতি বুলি কোৱা হয় অর্থাৎ ব্যক্তিৰ নিজস্ব বা ওচৰ সম্বন্ধীয় লোকে আগবঢ়োৱা বৰ্ণনাৰ ওপৰত নিৰ্ভৰ নকৰি যেতিয়া ব্যক্তিৰ বাহ্যিক আচৰণ পৰ্যবেক্ষণ কৰি ব্যক্তিত্বৰ মূলায়ন কৰা হয়, সেই পদ্ধতিয়েই হৈছে বস্তুনিষ্ঠ পদ্ধতি। বস্তুনিষ্ঠ পদ্ধতিৰ অন্তৰ্গত কেইটামান গুৰুত্বপূৰ্ণ পদ্ধতি হ’ল—

ক) পর্যবেক্ষণ পদ্ধতি।

খ) চিহ্নাংকন সূচী।

গ) সমাজমিতি পদ্ধতি।

ঘ) নিৰূপক কাঠি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top