Measurement And Evaluation in Education Unit 2 মনোবৈজ্ঞানিক অভীক্ষা

Measurement And Evaluation in Education Unit 2 মনোবৈজ্ঞানিক অভীক্ষা Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Measurement And Evaluation in Education Unit 2 মনোবৈজ্ঞানিক অভীক্ষা Bring Gender Equality to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Measurement And Evaluation in Education Unit 2 মনোবৈজ্ঞানিক অভীক্ষা can be of great value to excel in the examination.

Measurement And Evaluation in Education Unit 2 মনোবৈজ্ঞানিক অভীক্ষা

Join Telegram channel

Measurement And Evaluation in Education Unit 2 মনোবৈজ্ঞানিক অভীক্ষা Notes cover all the exercise questions in UGC Syllabus. The Measurement And Evaluation in Education Unit 2 মনোবৈজ্ঞানিক অভীক্ষা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

Psychological Tests

EDUCATION

MEASUREMENT AND EVALUATION IN EDUCATION

শৈক্ষিক পৰিমাপন আৰু মূল্যায়ন

১। জোখ সঁজুলি কি? [What is Tool?]

উত্তৰঃ আমি আমাৰ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কাম সম্পাদন কৰিবলৈ বিভিন্ন বস্তুৰ ব্যৱহাৰ কৰোঁ। কাৰ্য্য সম্পাদনত এনেদৰে যিবোৰ বস্তুৰ সহায় লওঁ সেইবোৰক চমুকৈ সঁজুলি বোলা হয়।

২। অভীক্ষা কি? [What is Test ?]

উত্তৰঃ এজন ব্যক্তি বা এটা দলৰ উচ্চ পৰ্যায়ৰ মানসিক গুণসমূহ, যেনে— বৃদ্ধি আর্জিত জ্ঞান, কৌশল অথবা ব্যক্তিত্বৰ আন কোনো বৈশিষ্ট্যক পৰিমাপ কৰিবৰ বাবে কিছুমান প্রশ্নমালা ব্যৱহাৰ কৰা হয়, যাক অভীক্ষা বোলা হয়।

৩। “মনোবৈজ্ঞানিক অভীক্ষা হৈছে এক সংগঠিত প্রশ্নাৱলীৰ অনুক্রম, যাক কিছুমান মানসিক প্রক্রিয়া, সংলক্ষণ বা বৈশিষ্ট্য পৰিমাণগগতভাৱে পৰিমাপন আৰু গুণগতভাৱে মূল্যায়ন কৰিবলৈ প্ৰস্তুত কৰা হয়।”- কোনে কৈছিল? [“A psychological test is an organised succession of stimuli designed to measure quantitatively or to evaluate qualitatively some mental process, trait or characteristics” – Who said this?]

উত্তৰঃ Freeman. 

৪। ব্যক্তিগত অভীক্ষা কি? [What is Individual Test?]

উত্তৰঃ ব্যক্তি তথা শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিভিন্ন বৈশিষ্ট্য বা সংলক্ষণসমূহ পৰিমাপ কৰিবৰ বাবে যি অভীক্ষা ব্যৱহাৰ কৰা হয় তাকে ব্যক্তিত্ব অভীক্ষা বোলা হয়। এই প্ৰকাৰৰ অভীক্ষাৰ দ্বাৰা ব্যক্তির সামাজিকতা, সততা, দায়িত্ববোধ, শ্রমশীলতা আদি বৈশিষ্ট্যসমূহৰ বিকাশ লাভ কিমান হৈছে তাক পৰিমাপ কৰা হয়। ব্যক্তিত্ব পৰিমাপনৰ বাবে ব্যক্তিত্বৰ প্ৰশ্নাবলী, ৰেটিং স্কেলৰ ‘ৰছাকৰ মহী চিহ্ন অভীক্ষা, কাহিনী সংবোধন অভীক্ষা,বাক্য সম্পূর্ণ অভীক্ষা, অনুসংগ অভীক্ষা ইত্যাদি কিছুমান উল্লেখযোগ্য অভীক্ষা আছে।

৫। সামূহিক অভীক্ষাৰ এটা উদাহৰণ দিয়া? [Give one example of Group Test]

উত্তৰঃ বেল এডজাস্টমেন্ট ইনভেন্টৰি [Bell Adjustment Inventory), আর্মি আনফা অভীক্ষা (The Ammy Alpha Test), আর্মি বিটা অভিক্ষা [Army Beta Test] ইত্যাদি হৈছে সামুহিক অভিক্ষাৰ উল্লেখযোগ্য উদাহৰণ।

৬। ব্যক্তিগত আৰু সামূহিক অভীক্ষাৰ মাজৰ পাৰ্থক্য কি? [What is the difference between Individual and Group Test?]

উত্তৰঃ ব্যক্তিগত অভীক্ষণ আৰু সামুহিক অভীক্ষ্ণণৰ মাজৰ পাৰ্থক্য

১) ব্যক্তিগত অভীক্ষা এবাৰত মাত্ৰ এজন অভীক্ষাৰ্থীৰ ওপৰত প্রয়োগ কৰিব পৰা যায়। অন্যহাতে সামুহিক অভীগণ এবাৰত এজনতকৈ অধিক অভীক্ষাৰ্থীৰ ওপৰত প্ৰয়োগ কৰিব পৰা যায়।

২) ব্যক্তিগত অভীক্ষা প্রস্তুত কৰোতে বেছি সময়ৰ প্ৰয়োজন হয়। কিন্তু সামূহিক অভীক্ষা প্রস্তুত কৰোতে তুলনামূলকভাৱে কম সময়ৰ প্রয়োজন হয়।

৩) ব্যক্তিগত অভীঙ্খা কম বয়সীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে সুবিধাজনক। অন্যহাতে সামূহিক অভীক্ষা কৈশোৰ স্তৰৰ বা প্ৰাপ্তবয়স্কলোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে সুবিধাজনক।

৪) ব্যক্তিগত অভীক্ষাত অভীক্ষকে পোনপটীয়াভাবে সম্পর্ক স্থাপন কৰি ব্যক্তিৰ সংলক্ষণসমূহ জুখিব পাৰে। কিন্তু সামূহিক অভীক্ষাত ব্যক্তিগত অভীক্ষাৰ নিচিনাকৈ অভীক্ষাৰ্থীৰ সৈতে ব্যক্তিগত সম্পর্ক স্থাপন কৰাটো সম্ভৱ নহয়।

৫) ব্যক্তিগত অভীক্ষাৰ মানদণ্ড বৰ বেছি ফলপ্রসূ নহয়। কিন্তু সামুহিক অভীক্ষাৰ মানদণ্ড ব্যক্তিগত অভীক্ষাতকৈ বেছি ফলপ্রসূ।

৬) ব্যক্তিগত অভীক্ষা সাধাৰণতে প্ৰয়োগ কৰা হয় নিদানমূলক প্রয়োজনৰ ভিত্তিত। কিন্তু সামূহিক অভীক্ষা সাধাৰণতে প্ৰয়োগ কৰা হয় শিক্ষামূলক, ঔদ্যোগিক, প্রশাসনিক আৰু সামাজিক প্ৰয়োজনৰ আধাৰত।

৭। বস্তুনিষ্ঠ অভীক্ষা কি? [What is objective Test?]

উত্তৰঃ ব্যক্তিনিষ্ঠ অভীক্ষা : ব্যক্তিনিষ্ঠ অভীক্ষা হৈছে এনে এক অভীক্ষা, যি অভীক্ষাত প্ৰাপ্তাংক প্ৰদান কৰোতে অভীক্ষকজনৰ নিজৰ মতামত প্ৰদান কৰাৰ সুবিধা থাকে। সেয়ে এই অভীক্ষাত প্ৰাপ্তাকে প্ৰদানৰ ক্ষেত্ৰত অভীক জনৰ ব্যক্তিগত প্ৰভাৱ পৰা দেখা যায়। ফলত ব্যক্তিনিষ্ঠ অভীক্ষাৰ প্ৰাপ্তাকে প্রদান কিছু সন্দেহজনক হয়।

উদাহৰণস্বৰূপে ৰচনাধর্মী অভীক্ষা এই শ্রেণী অভীক্ষাৰ উদাহৰণ।

৮। ব্যক্তিনিষ্ঠ অভীক্ষাৰ এটা উদাহৰণ লিখা? [Write one example of Subjective Test?]

উত্তৰঃ ৰচনাধর্মী অভীক্ষা এই শ্রেণী অভীক্ষাৰ উদাহৰণ। 

৯। শক্তি অভীক্ষাৰ অৰ্থ কি? [What is the meaning of Power Test?]

উত্তৰঃ শক্তি অভীক্ষাসমূহ হৈছে এনে কিছুমান অভীক্ষা, য’ত অভীক্ষাৰ্থীসকলক অভীক্ষাত উল্লেখ থকা প্ৰত্যেকটো প্ৰশ্নৰে উত্তৰ প্ৰদান কৰিবৰ বাবে অপর্যাপ্ত সময় প্ৰদান কৰা হয়। এই অভীক্ষাৰ জৰিয়তে অভীক্ষাৰ্থীৰ যিকোনো দিশত থকা জ্ঞানৰ পৰিসৰ জুখিবলৈ যত্ন কৰা হয়।

১০। ভাষাবিহীন অভীক্ষাৰ এটা উদাহৰণ দিয়া? [Give one example of Non-Verbal Test?] 

উত্তৰঃ Raven Progressive Matrices ভাষাবিহীন অভীক্ষাৰ এক উল্লেখযোগ্য উদাহৰণ।

১১। ভাষিক অভীক্ষা কি? [What is Verbal Test]

উত্তৰঃ যিবোৰ অভিক্ষাত ভাষাৰ ব্যৱহাৰ কৰা হয়, তেনে অভীক্ষাক ভাষিক অভীক্ষা বোলা হয়। এনেধৰণৰ অভীক্ষাত অভিক্ষাৰ নিৰ্দেশনাসমূহ তথা প্রশ্নসমূহ প্রস্তুত কৰোতে ভাষাৰ ব্যৱহাৰ কৰা হয় আৰু অভীক্ষাৰ্থীসকলে উত্তৰ বা প্ৰতিক্ৰিয়া প্ৰদান কৰোঁতেও ভাষাৰ ব্যৱহাৰ কৰিবলগীয়া হয়। অর্থাৎ উল্লেখ থকা প্রশ্নসমূহ পঢ়ি লিখিত ৰূপত উত্তৰ প্ৰদান কৰিব লাগে। স্মৃতি অভীক্ষা, যুক্তিমূলক অভীক্ষা ইত্যাদি হৈছে এই ভাষিক অভীক্ষাৰ উদাহৰণ।

১২। কৃতিত্ব অভিক্ষা কি?

উত্তৰঃ শৈক্ষিক তথা মনোবৈজ্ঞানিক ক্ষেত্ৰত সাধাৰণভাৱে ব্যৱহাৰ কৰা এক প্ৰকাৰৰ অভীক্ষা হৈছে কৃতিত্ব অভীক্ষা। কোনো এজন ব্যক্তিয়ে বিশেষভাৱে লোৱা শৈক্ষিক প্রশিক্ষণ বা নিৰ্দেশনাৰ পাছত কিমানখিনি জ্ঞান অর্জন কৰিলে তাক জানিবৰ বাবে ব্যৱহাৰ কৰা অভীক্ষাটোক কৃতিত্ব অভীক্ষা বোলা হয়। অর্থাৎ ব্যক্তি এজনে কোনো এটা ক্ষেত্ৰত কিমান পাৰদৰ্শিতা তথা কৃতিত্ব দেখাব পাৰিছে সেই বিষয়ে পৰিমাপণ কৰিবলৈ ব্যৱহাৰ কৰা অভীক্ষাই হ’ল কৃতিত্ব অভীক্ষা । সাধাৰণ কৃতিত্ব, অভীক্ষামালা, বিশেষ কৃতিত্ব অভীক্ষামালা এই কৃতিত্ব অভীক্ষৰ এক উল্লেখযোগ্য উদাহৰণ।

১৩। সম্পাদনী অভীক্ষাৰ এটা উদাহৰণ দিয়া? [What is the meaning of Performance Test?]

উত্তৰঃ মনোবিজ্ঞানৰ যিবোৰ অভীক্ষাত কাম সম্পাদনৰ জৰিয়তে অভীক্ষাৰ প্ৰশ্নপদসমূহৰ সমাধান কৰে তেনেধৰণৰ অভীক্ষাক সম্পাদনী অভীক্ষা বোলা হয়। এনে অভীক্ষাত প্রয়োজন অনুসৰি মৌখিক ভাষা তথা কিছুমান ভঙ্গিমাৰ সহায়ত অভীক্ষাৰ নিৰ্দেশনাসমূহ অভীক্ষাৰ্থীক প্ৰদান কৰা হয়। সম্পাদনী অভীক্ষাৰ এটা উদাহৰণ হ’ল— ভাটিয়াৰ সম্পাদনী অভীক্ষামালা।

১৪। মৌখিক পৰীক্ষাৰ অৰ্থ কি? [What is the meaning of Oral Test?]

উত্তৰঃ যিবোৰ অভীক্ষাৰ প্ৰশ্নসমূহৰ প্ৰতিক্ৰিয়া মৌখিক ভাৱে প্ৰদান কৰিব লাগে তেনেধৰণৰ অভীক্ষাক মৌখিক অভীক্ষা বোলা হয়। এই অভীক্ষাৰ ব্যক্তিগত অভীক্ষাৰ লগত অলপ মিল থকা দেখা যায়, কিয়নো এই অভীক্ষাটো এটা সময় কেৱল মাত্ৰ এজন ব্যক্তিৰ সংলক্ষণ জুখিবলৈ যত্ন কৰা হয়। বিনে চাইমন কাঠি এই অভীক্ষাৰ উদাহৰণ।

১৫। বুদ্ধি অভীক্ষাৰ এটা উদাহৰণ দিয়া? [Give one example of Intelligence Test?] 

উত্তৰঃ বিনে ছাইমন কাঠি, ৰেক্সলাৰ কাঠি এই বুদ্ধি অভীক্ষাৰ উল্লেখযোগ্য উদাহৰণ।

১৬। অভিক্ষমতা অভীক্ষা কি? [What is Aptitude Test?]

উত্তৰঃ অভিক্ষমতা হৈছে ব্যক্তিৰ এক প্ৰকাৰৰ সামৰ্থ তথা গুণ, যিয়ে ব্যক্তিক বিভিন্ন ধৰণৰ জ্ঞান আৰু কৌশল আয়ত্ব কৰিবলৈ সহায় কৰে। আকৌ ব্যক্তিৰ এই অভীক্ষমতা গুণবোৰ পৰিমাপণ কৰিবলৈ মনোবিজ্ঞানত যিবোৰ অভিক্ষা ব্যৱহাৰ কৰা হয়, সেইবোৰ অভীক্ষাক অভিক্ষমতা অভীক্ষা বোলা হয়। অভিক্ষমতা অভীক্ষাৰ জৰিয়তে ব্যক্তিৰ এক নির্দিষ্ট পৰিসৰত বিশেষ কার্যৰ সম্ভাৱনীয় আৰু যোগ্যতাক পৰিমাপণ কৰা হয়। বহুমুখী অভিক্ষমতা অভীক্ষা [Multiple Aptitude Test],বিশেষ অভিক্ষমতা টেষ্ট | Special Aptitude Test] আদি হৈছে অভিক্ষমতা অভীক্ষাৰ উদাহৰণ। শৈক্ষিক নির্দেশক, বৃত্তিমূল নিৰ্দেশনা, পাৰদৰ্শিতাৰ ভৱিষ্যতবাণী ইত্যাদিৰ বাবে এই অভিক্ষমতা অভীক্ষাৰ প্ৰয়োজন ।

১৭। বুদ্ধি অভীক্ষাৰ অৰ্থ লিখা?

উত্তৰঃ ব্যক্তিৰ বুদ্ধি পৰিমাপণ কৰিবৰ বাবে যিবোৰ অভীক্ষা ব্যৱহাৰ কৰা হয়, তেনে অভীক্ষাক বুদ্ধি অভীক্ষা বোলা হয়। অর্থাৎ যিবোৰ অভীক্ষা ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্ৰ নিৰ্বাচন, শ্ৰেণীকৰণ, উন্নীতকৰণ তথা নিৰ্দেশনাৰ বাবে বুদ্ধিৰ পৰিমাপণ কৰা হয়, সেই অভীক্ষাসমূহেই হ’ল বুদ্ধি অভিক্ষা। বিনে ছাইমন কাঠি, ৱেক্সলাৰ কাঠি এই বুদ্ধি অভীক্ষাৰ উল্লেখযোগ্য উদাহৰণ

১৮। শিক্ষক নির্মিত অভীক্ষাৰ অৰ্থ কি? [What is the meaning of Teacher Made Test?]

উত্তৰঃ শ্ৰেণীকক্ষত শিক্ষকসকলে সাধাৰণতে ছাত্ৰ-ছাত্ৰী সকলৰ পাৰদৰ্শিতা পৰিমাপন কৰিবৰ বাবে যি অভীক্ষাৰ ব্যৱহাৰ কৰে, সেই অভীক্ষাসমূহক শিক্ষক নির্মিত অভীক্ষা বোলা হয়। এনে অভীক্ষাৰ দক্ষতা নিৰ্ভৰ কৰে শিক্ষকজনৰ অভীক্ষা নিৰ্মাণত থকা দক্ষতা আৰু জ্ঞানৰ ওপৰত। এই অভীক্ষাসমূহ শিক্ষকে নিজে নিজে তৈয়াৰ কৰে। বাবে কেতিয়াবা এনে অভীক্ষাৰ নিৰ্ভৰযোগ্যতা তথা বৈধতা কম দেখা যায়। তথাপিও কিন্তু এই শিক্ষক নির্মিত এনে অভীক্ষাসমূহে ছাত্র ছাত্ৰীৰ কৃতিত্ব তথা পাৰদৰ্শিতা মূল্যায়ণ কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগায়।

১৯। বৈধতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা?

উত্তৰঃ (i) বৈধতাই জোখ সঁজুলিৰ তথা অভীক্ষাৰ সত্যতাক নিৰূপণ কৰে। অর্থাৎ অভীক্ষা এটাই জুখিবলৈ বিচৰা সংলক্ষণটো কিমান দূৰ জুখিব পাৰিছে তাক সূচায় ৷

(ii) বৈধতাই অভীক্ষাৰ উদ্দেশ্যটো স্পষ্টকৈ দেখুৱাই দিয়ে; ই কোনো উদ্দেশ্য পূৰণৰ দিশটোক আঙুলিয়াই দিয়াত সহায় কৰে।

(iii) এটা অভীক্ষাৰ যথাৰ্থতা বৈধতাইহে নিৰূপণ কৰে।

(iv) বৈধতা হৈছে সকলোধৰণৰ মনোবৈজ্ঞানিক অভীক্ষাৰে এক অপৰিহাৰ্য গুণ।

২০। বাছনি প্ৰকাৰৰ অভীক্ষা কি? [What is Selection Type Test?]

উত্তৰঃ মনোবৈজ্ঞানিক অভীক্ষাৰ এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে বাছনি প্ৰকাৰৰ অভীক্ষা, যি অভীক্ষাত অভীক্ষাথীয়ে প্ৰদান কৰা উত্তৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। অর্থাৎ যি অভীক্ষাত অভীক্ষাৰ্থীয়ে প্রশ্নসমূহৰ সঠিক উত্তৰ বহু বিকল্পৰ মাজৰ পৰা নিৰ্বাচন কৰি অভীক্ষাটো সম্পূৰ্ণ কৰিব লাগে, তেনে অভীক্ষাক বাছনি অভীক্ষা বোলা হয়। এনে অভীক্ষাত এটা প্ৰশ্নৰ লগত চাৰিটা অথবা পাঁচটা বিকল্প উত্তৰ দিয়া থাকে আৰু অভীক্ষাৰ্থীয়ে উক্ত চাৰিটা বিকল্পৰ পৰা শুদ্ধ উত্তৰটো বাছনি কৰি উলিয়াব লাগে।

২১। বিষয়বস্তুমূলক বৈধতাৰ মূল দিশসমূহ কি কি?

উত্তৰঃ (i) বিষয়বস্তুমূলক বৈধতা নির্ণয় কৰোতে পাঠ্যক্ৰমখনক কিমান পৰিমাণে সামৰি প্ৰশ্নপদসমূহ প্ৰস্তুত কৰা হৈছে তাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্রয়োজন।

(ii) পাঠ্যক্ৰমত নথকা বিষয় প্রশ্নখাকতত অন্তর্ভূক্ত কৰিব নালাগে। 

(iii) প্রয়োজনীয় স্তৰলৈকেহে অভীক্ষাটোৱে ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰিব লাগে।

(iv) প্রশ্নকাকত প্ৰস্তুতিৰ সময়ত পাঠ্যক্ৰমৰ ওপৰত দক্ষতা থকা ব্যক্তিৰ লগত আলোচনা কৰিব পাৰি।

(v) অভীক্ষাৰ শেষত পৰিমাপন কৰোতে অভীক্ষাটোৰ বিষয়বস্তুত পাঠ্যক্ৰমখনৰ কিমান পৰিমাণে অন্তৰ্ভূক্ত হৈছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে।

২২। প্রশ্নসূচী সঁজুলিৰ পিতৃ কোন? [Who is the father of Questionnaire Tool?] 

উত্তৰঃ ছাৰ ফ্ৰান্সিচ গেল্টন।

২৩। শ্রেণী মানদণ্ডৰ অসুবিধাসমূহ কি কি?

উত্তৰঃ (i) একেটা শ্ৰেণীৰ একেখিনি ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন বিষয়ৰ মানদণ্ড তুলনা কৰিব নোৱাৰি।

(ii) শ্রেণী মানদণ্ড সহজে বিশ্লেষণ কৰাটো অতি কঠিন।

(iii) শ্রেণীমানদণ্ড নির্ধাৰণ কৰোঁতে এটা কথা অনুমান কৰি লোৱা হয় যে এটা শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰে কম বেছি পৰিমাণে পাঠ্যক্ৰমৰ বিষয়ে এক অভিজ্ঞতা থাকে। এই অনুমান প্রাথমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সঁচা হ’লেও উচ্চ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত সঁচা নহ’বও পাৰে।

২৪। চিহ্নাংকন সূচী কি? [What is checklist?]

উত্তৰঃ জোখ সঁজুলিৰ অন্যতম গুৰুত্বপূৰ্ণ তথা সৰল প্ৰকাৰ হৈছে চিহ্নাংকনসূচী। ই হৈছে এনে এক জোখ সঁজুলি, যাৰদ্বাৰা নিৰ্দিষ্ট কিছুমান সংলক্ষণ ব্যক্তিৰ গাত আছেনে নাই তাক নির্ণয় কৰিব পৰা যায়। এই সঁজুলিত ব্যক্তিৰ সংলক্ষণসমূহ নির্ণয় কৰিবৰ বাবে কিছুমান সংলক্ষণৰ এখন তালিকা প্রস্তুত কৰা থাকে। এই সংলক্ষণৰ তালিকাখন কেতিয়াব। বাক্যৰ আকাৰতো দিয়া থাকে। এই ক্ষেত্ৰত প্ৰতিটো বাক্যই একো একোটা সংলক্ষণক বুজায়। চিহ্নাংকন সূচীত থকা সংলক্ষণৰ তালিকাৰ সহায়ত অভীক্ষকে সংলক্ষণৰ তালিকা বা বাক্যবোৰ পঢ়ি যায় আৰু অভীক্ষাৰ্থীজনৰ গাত সেই সংলক্ষণটো আছেনে নাই সেইটো বিবেচনা কৰে। যদি ব্যক্তিৰ গাত সেই সংলক্ষণটো থাকে তেতিয়া ‘হয়’ আৰু যদি নাথাকে নহয় বুলি পূৰণ কৰিব লাগে। কেতিয়াবা অৱশ্যে অভীক্ষাৰ্থীজনৰ গাত থকা সন্তোষজনক সংলক্ষণৰ বাবে +1′, অসন্তোষজনক সংলক্ষণৰ বাবে আৰু সংলক্ষণ নথকা ‘-1’, অৰ্থত ‘0’ দিয়া হয়।

২৫। উপাখ্যানমূলক অভিলেখৰ এটা প্রকৃতি লিখা। [Write one nature of Anecdotal Record?] 

উত্তৰঃ (ক) এই সঁজুলিয়ে ছাত্ৰ-ছাত্ৰীৰ বিষয়ে বুজি উঠাত শিক্ষকক সহায় কৰে।

২৬। নিৰূপক কাঠিৰ অৰ্থ কি? [What is the meaning Rating Scale?]

উত্তৰঃ অতি প্রাচীন কালৰে পৰা ব্যৱহাৰ হৈ অহা এক উন্নতমানৰ জোখ সঁজুলি হৈছে নিৰূপক কাঠি। এই নিৰূপক কাঠিকো ব্যক্তিৰ বিভিন্ন সংলক্ষণসমূহ মূল্যায়ন আৰু পৰিমাপন কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও এই সঁজুলিৰ সহায়ত কোনো এক নির্দিষ্ট সংলক্ষণৰ ক্ষেত্ৰত এজন ব্যক্তিৰ তুলনামূলক স্থান দেখুৱাবলৈ চেষ্টা কৰা হয়।

এজন পর্যবেক্ষকে আন এজন ব্যক্তিৰ আচৰণবোৰ বিচাৰ কৰি আচৰণবোৰৰ এটা সাংখ্যিক মান বা তুলনামূলক অৱস্থান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিক নিৰূপক কাঠি বোলে। অর্থাৎ নিৰূপক কাঠি হৈছে এনে এক কৌশল যাৰ দ্বাৰা কোনো বস্তু, ঘটনা অথবা ব্যক্তিক কিছুমান সংলক্ষণ প্রতিফলিত কৰিব পৰা বাক্যাংশৰ ভিত্তিত সাংখ্যিক মানেৰে এক আপেক্ষিক স্থান দিয়াৰ প্ৰণালী।

গতিকে নিৰূপক কাঠি মানে কোনো পর্যবেক্ষণীয় আচৰণক বিভিন্ন মাত্ৰাত বৰ্ণনা কৰিব পৰাকৈ বিভিন্ন বিন্দু বা স্থান থকা এবিধ কাঠি স্বৰূপ সঁজুলি।

২৭। পৰীক্ষণ পুনঃপৰীক্ষণ পদ্ধতিৰ প্ৰয়োজনীয় চৰ্তসমূহ কি কি?

উত্তৰঃ (i) অভীক্ষা দুটাত প্রভাৱ পেলোৱা অন্যান্য উপাদানবোৰে দুয়োবাৰতে যাতে একেধৰণৰ ক্ৰিয়া কৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব।

(ii) অভীক্ষাটোৱে দুয়োবাৰতে পৰিমাপন কৰা বৈশিষ্ট্যসমূহ সুস্থিৰ হৈ থাকিব লাগিব।

(iii) দুয়োটা অভীক্ষাতে যাতে অভীক্ষাৰ্থীৰ পাহৰণি আৰু অনুশীলনে প্রভাৱ পেলাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে।

(iv) দুয়োটা অভীক্ষা প্ৰয়োগৰ মাজত যাতে কোনো শিক্ষণ কার্য সংঘটিত নহয় তাৰ ওপৰতো গুৰুত্ব দিব লাগিব।

(v) একেটা অভীক্ষাৰ্থীৰ দলৰ ওপৰতে এটা অভীক্ষা দুবাৰ প্ৰয়োগ কৰিব লাগিব। 

(vi) দুয়োবাৰৰ অভীক্ষাত লাভ কৰা প্ৰাপ্তাংকৰ মাজত সহ-সম্বন্ধৰ গুণাংক নির্ণয় কৰিব লাগিব ।

(vii) কিমান দিনৰ ভিতৰত বা ব্যৱধানত অভীক্ষাটো পুনৰ প্ৰয়োগ কৰি নিৰ্ভৰযোগ্যতা নির্ণয় কৰিব পাৰি তাৰ বিধি উল্লেখ কৰা থাকিব লাগিব।

২৮। ভাল অভীক্ষাৰ ব্যৱহাৰিক বৈশিষ্ট্য এটা লিখা। [Write one characteristics of a good Test?]

উত্তৰঃ (i) সময় [Time] : সময় হৈছে যিকোনো অক্ষীক্ষাৰে এক এটি উল্লেখযোগ্য ব্যৱাহাৰিক বৈশিষ্ট্য। সেয়েহে অভীক্ষা এটাৰ প্ৰয়োগৰ সময়সীমা নিৰ্ধাৰণ কৰোতে গুৰুত্ব দিব লাগে যাতে সময়টো বৰ বেছি দীঘলীয়া নহয়। কাৰণ অভীক্ষাৰ বৈধতা আৰু নিৰ্ভৰযোগ্যতা বহুক্ষেত্ৰত নিৰ্ভৰ কৰে সময়ৰ ওপৰত।

২৯। “নিৰ্ভৰযোগ্যতা হ’ল স্থায়ী ফলাফল” – কোনে কৈছিল? [“Reliability means consistency” – Who said?]

উত্তৰঃ Ross.

৩০। দ্বি-খণ্ডিত পদ্ধতি কি? [What is Split-half Method ?]

উত্তৰঃ দ্বি-খণ্ডিত পদ্ধতি হল নিৰ্ভৰযোগ্যতা নিৰ্দ্ধাৰণ কৰাত সাধাৰণতে ব্যৱহাৰ কৰা এক গুৰুত্বপূর্ণ পদ্ধতি। এই পদ্ধতিত অভীক্ষা এটাক দুটা খণ্ডত ভাগ কৰা হয়। সেয়ে এই পদ্ধতিয়ে অভীক্ষাৰ সমরূপতাক বুজায়। যদি কোনো এটা অভীক্ষাৰ সকলো প্রশ্নপদে একে সংলক্ষণকে পৰিমাপন কৰে তেতিয়া অভীক্ষাটোক সমৰূপীঅভীভ্যা বুলি ধৰা হয়।এই পদ্ধতিত অভীক্ষাটোক সমানে দ্বিখণ্ডিত কৰিবলৈ যুগ্ম-অযুগ্ম পদ্ধতিৰ ব্যৱহাৰ কৰাৰ বাবে এই পদ্ধতিক যুগ্ম-অযুগ্ম পদ্ধতি বুলিও কয়। দ্বিখণ্ডিত পদ্ধতিত প্রথমে প্রশ্নসমূহ জটিলতাৰ স্তৰ অনুযায়ী সজোৱা হয়। ইয়াৰ পিছত এই পদ্ধতিৰ এটা ভাগত যুগ্ম সংখ্যা যেনে – ( ২, ৪, ৬, ৮) ইত্যাদি আৰু অন্য এটা ভাগত অযুগ্ম সংখ্যা যেনে (৩, ৫, ৭, ৯) ইত্যাদি ৰখা হয়। যাৰ ফলত অভীক্ষাথীয়ে দুটা অভীক্ষাংক লাভ কৰে। এনে ধৰণেৰে অভীক্ষাটো এবাৰ প্ৰয়োগৰ দ্বাৰাই দুই শ্ৰেণীৰ অভীক্ষাংক পোৱা যায়। এই দুই শ্ৰেণীৰ অভীক্ষাংকৰ পৰা গুণফল গুৰুত্ব সহসম্বন্ধ পদ্ধতি প্রয়োগ কৰি অৰ্দ্ধ অভীক্ষাৰ নিৰ্ভৰযোগ্যতা নির্ণয় কৰা হয় আৰু এই অৰ্দ্ধ অভীক্ষাৰ নিৰ্ভৰযোগ্যতা মানৰ ভিত্তিত সমগ্ৰ অভীক্ষাটোৰ নিৰ্ভৰযোগ্যতা নির্ণয় কৰা হয়।

৩১। কুডাৰ ৰিচাৰ্ডচন পদ্ধতিৰ এটা মূল দিশ উল্লেখ কৰা। [Mention one main aspect of Kuder – Richardson Method?]

উত্তৰঃ (ক) সকলো প্রশ্নপদ সমৰূপী হ’ব লাগে। প্রশ্নপদসমূহ যদি সমৰূপী হয় তেতিয়াহে একেটা সংলক্ষণ জুখিব পাৰিব।

৩২। বৈধতাৰ এটা সংজ্ঞা দিয়া। [Give definition of Validity?]

উত্তৰঃ  Linguist ৰ মতে, “কোনো এটা অভীক্ষাই জুখিবলৈ বিচৰা দিশটোক কিমান সঠিকভাবে জুখিব পাৰিছে তাকেই অভীক্ষাটোৰ বৈধতা বুলিব পাৰি।” [According to Lindquist “The validity of a test may be defined as the accuracy with which it measures that what it is intended to measure.]

৩৪। আপাত বৈধতা কি? [What is Face Validity?]

উত্তৰঃ আপাত বৈধতা হৈছে বৈধতাৰ এক অতি গুৰুত্বপূৰ্ণ ভাগ। সহজ অৰ্থত আপাত বুলি ক’লৈ সাধাৰণতে ওপৰে ওপৰে দৃষ্টি নিক্ষেপ কৰাটো বুজায়। যিবোৰ অভীক্ষা ওপৰে ওপৰে চালে অভীক্ষাটোৱে কি পৰিমাপন কৰিবলৈ বিচাৰিছে তাক ধৰিব পাৰি আৰু অভীক্ষাটোরে পৰিমাপন কৰিব খোজা বিষয়বস্তুটো পৰিমাপন কৰিব পাৰিব যেন লাগে তাকেই অভীক্ষাটোৰ আপাত বৈধতা বুলিব পাৰি। আপাত বৈধতা থকা অভীক্ষাই জুখিব বিচৰা সংলক্ষণটো পৰিমাপন কৰিব পাৰিলেনে নাই তাত গুৰুত্ব দিয়াতকৈ অভীক্ষাটোৱে দেখাত সেই সংলক্ষণসমূহ পৰিমাপন কৰিব পাৰিব যেন লাগিছেনে নাই সেইটোতহে বেছি গুৰুত্ব দিয়ে উদাহৰণস্বৰূপে তৈল উদ্যোগৰ চাকৰিত নিযুক্তি দিবৰ বাবে যিবোৰ অভীক্ষা প্রস্তুত কৰা হয় তেনেবোৰ অভীক্ষাত তৈল উদ্যোগৰ লগত জড়িত কিছুমান শব্দ যেনে— ৰিগ, খাদ, শোধন, খনন আদি অন্তভূক্ত কৰিলে অভীক্ষাটো দেখাৰ লগে লগে বৈধ যেন লাগিব।

গতিকে আপাত বৈধতাৰ উদ্দেশ্য হৈছে অভীক্ষাৰ্থীসকলৰ পৰা সক্রিয় সহযোগিতা আদায় কৰা। কাৰণ অভীক্ষাৰ্থীসকলে প্রশ্নসমূহ বৈধ যেন দেখিলেহে অভীক্ষাটোত সক্ৰিয় সহযোগিতা আগবঢ়াব। অভীক্ষাত অন্তর্ভূক্ত হোৱা অপ্রাসঙ্গিক প্ৰশ্নৰ দ্বাৰা অভীক্ষাৰ্থীসকলৰ আকাংক্ষিত সঁহাৰি পোৱাটো জটিল হ’ব। সেয়েহে অভীক্ষা এটাৰ প্রশ্নসমূহ আপাত দৃষ্টিত বৈধ হ’ব লাগে। তেনেহ’লে সকলো উপকৃত হ’ব তথা অভীক্ষাটো সফল হ’ব।

৩৫) বিষয়বস্তু বৈধতাৰ এটা মূল দিশ লিখা। [Write one main aspect of Content validity?] 

উত্তৰঃ ক) বিষয়বস্তুমূলক বৈধতা নির্ণয় কৰোতে পাঠ্যক্ৰমখনক কিমান পৰিমাণে সামৰি প্রশ্নপদসমূহ প্ৰস্তুত কৰা হৈছে তাৰ ওপৰত গুৰুত্ব দিয়াটো অতি প্রয়োজন।

৩৬। ভৱিষ্যত বৈধতাৰ অৰ্থ লিখা। [Write the meaning of Predictive Validity?]

উত্তৰঃ সাধাৰণতে ভৱিষ্যত বৈধতাৰ দ্বাৰা অভীক্ষাৰ্থীৰ ভৱিষ্যতৰ আচৰণ কি হ’ব তথা পাৰদৰ্শিতাৰ পূৰ্বানুমান কৰা হয়। অর্থাৎ কোনো এটা অভীক্ষাই ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যত সম্পর্কে দিয়া মতামত যদি পাছলৈ মিলি যায় তেতিয়া সেই অভীক্ষাক ভৱিষ্যৎবাণীমূলক অভিক্ষা বুলি নামাকৰণ কৰিব পাৰি।

ভবিষ্যতবাণীমূলক বৈধতাৰ বাবে অভীক্ষাটোৰ অভীক্ষাংকসমূহক কিছুমান মানৰ লগত তুলনা কৰা হয় আৰু তুলনা কৰা মানসমূহক নির্ণায়ক মান হিচাপে ধৰা হয়। উদাহৰণস্বৰূপে কোনো এখন শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীক নামভৰ্ত্তিকৰণ আশা কৰাৰ ধৰণেৰে নম্বৰৰ মিল দেখা পোৱা যায় তেন্তে সেই প্ৰৱেশ পৰীক্ষাটোক ভবিষ্যৎবাণীমূলক বৈধতা থকা অভীক্ষা বুলি গণ্য কৰা হয়। এইধৰণৰ অভীক্ষাত পৰীক্ষা লোৱা আৰু তাৰপৰা লাভ কৰা ফলাফলৰ মাজত যথেষ্ট সময়ৰ ব্যৱধান থাকে। গতিকে এনে অভীক্ষা ভৱিষ্যতৰ বৃত্তি নির্বাচন বা অভিক্ষমতা পৰীক্ষা ইত্যাদিৰ ক্ষেত্ৰতহে বিশেষ প্রযোজ্য হয়।

৩৭। বস্তুনিষ্ঠতা কি? [ What is objectivity?]

উত্তৰঃ অভীঙ্গাৰ প্ৰাপ্তাংকৰ বস্তুনিষ্ঠতা বুলি ক’লে অভীক্ষাটোত অভীক্ষাথীয়ে লাভ কৰা প্ৰাডতাংকত অভীক্ষকৰ প্ৰভাৱ নপৰাটোকে বুজায়। দেখা যায় যে একেটা অভীক্ষাৰে প্ৰাপ্তাংক নির্ণয় বিভিন্ন জন অভীক্ষকে কৰিব পাৰে। হয়তু বিভিন্নজন ব্যক্তিয়ে কৰা অভীক্ষাৰ নিৰ্ণয়ৰ ফলাফল একেও হ’ব পাৰে বা বেলেগো হ’ব পাৰে। অৰ্থাৎ যদি বিভিন্ন অভীক্ষকে একেটা অভীক্ষাতে কৰা প্ৰাপ্তাংক প্ৰণালীৰ সাদৃশ্য থাকে তেতিয়া অভীক্ষাটো বস্তুনিষ্ঠ বুলি কোৱা হয়। আনহাতে সাদৃশ্য নাথাকিলে অভীক্ষাটো বস্তুনিষ্ঠ অভীক্ষা বুলি কোৱা নহয়। সেয়েহে অভীক্ষাৰ প্ৰাপ্তাংক প্ৰদানত অভীক্ষকজনৰ ব্যক্তিগত বিচাৰ, বুদ্ধি, মনৰ অৱস্থা, মনৰ অনুভূতি আদিয়ে কোনো ধৰণৰ প্ৰভাৱ পেলাব নালাগিব।

৩৮) অভীক্ষা এটা বস্তুনিষ্ঠ হোৱাৰ চৰ্ত এটা উল্লেখ কৰা। [Mention one condition for objectivity of a Test?] 

উত্তৰঃ (ক) অভীক্ষাই পৰিমাপ কৰিব খোজা সংলক্ষণসমূহ স্পষ্ট আৰু বিজ্ঞানসন্মত হ’ব লাগিব।

৩৯। বৈধতাৰ দুটা বৈশিষ্ট্য লিখা?

Ans: (i) বৈধতাই জোখ সঁজুলিৰ তথা অভীক্ষাৰ সত্যতাক নিৰূপণ কৰে। অর্থাৎ অভীক্ষা এটাই জুখিবলৈ বিচৰা সংলক্ষণটো কিমান দূৰ জুখিব পাৰিছে তাক সূচায়

(ii) বৈধতাই অভীক্ষাৰ উদ্দেশ্যটো স্পষ্টকৈ দেখুৱাই দিয়ে; ই কোনো উদ্দেশ্য পূৰণৰ দিশটোক আঙুলিয়াই দিয়াত সহায় কৰে।

৪০।  বয়সভিত্তিক মানদণ্ড কি? [What is Age Norm?]

উত্তৰঃ এটা অভীক্ষাত এক নির্দিষ্ট বয়সব ব্যক্তিয়ে অংশগ্ৰহণ কৰি অভীক্ষাটোত তেওঁলোকে লাভ কৰা মূলপ্রাপ্তাংকৰ গাণিতিক গড়েই হৈছে সেই বয়সৰ লোকৰ বাবে বয়সভিত্তিক মানদণ্ড। অর্থাৎ বয়সভিত্তিক মানদণ্ড হৈছে কোনো এক নির্দিষ্ট সামর্থ বা সংলক্ষণ জোখোতে কোনো এক প্রতিনিধি স্বৰুপ নমুনা দলৰ অন্তৰ্গত নিৰ্দিষ্ট বয়সৰ স্তৰৰ অভীক্ষাৰ্থীয়ে লাভ কৰা গড় মান।

ব্যক্তিৰ বয়সৰ লগে লগে প্ৰণালীবদ্ধভাৱে পৰিৱৰ্তন তথা বাঢ়ি অহা কিছুমান সংলক্ষণ যেনে ওজন, উচ্চতা, সাধাৰণ বৌদ্ধিক ক্ষমতা আদি সংলক্ষণ জুখিবলৈ বয়সভিত্তিক মাননগুক অতি সুন্দৰভাৱে ব্যৱহাৰ কৰিব পৰা যায়। বয়সভিত্তিক মানদণ্ডৰ এটা অসুবিধাও আছে। কিয়নো এনে মানদণ্ডই ব্যক্তিৰ কিছুমান সংলক্ষণ যেনে ‘বিমূঢ় শিক্ষণ’, ‘শব্দ জ্ঞান”, “দৃষ্টি প্ৰদৰতা” আদি মূল্যায়ণ কৰিব নোৱাৰে।

৪১। শ্রেণীমানদণ্ডৰ এটা সুবিধা উল্লেখ কৰা। [Mention one merit of Grade Norm.] 

উত্তৰঃ (ক) শ্রেণীমানদণ্ড শৈক্ষিক আৰু মনোবৈজ্ঞানিক অভীক্ষাত বহুলভাৱে ব্যৱহাৰ কৰিব পাৰি।

৪২। শতাংশী মানদণ্ডৰ এটা অসুবিধা লিখা। [Write one demerit of Percentile Norm.] 

উত্তৰঃ  (ক) শতাংশী মানদণ্ডৰ শতাংশৰ এককবোৰৰ জোখ স্কেলৰ সকলো অংশতে সমান নহয়।

৪৩। মানক অভীক্ষাকে মানদণ্ড কি? [What is Standardized Norm]

উত্তৰঃ মানক অভীক্ষাংক মানদণ্ড মানক অভীক্ষাংক হৈছে— আটাইতকৈ সুবিধাজনক অভীক্ষাংক য’ত প্ৰত্যেকটো ব্যক্তিগত অভীক্ষাংকক গড় অভীক্ষাংকৰ পৰা মান বিচ্যুতিৰ অভীক্ষাংকৰ এককত প্ৰকাশ কৰা হয়। মানক অভীক্ষাংকৰ ভিত্তিত নির্মিত হোৱা মানদণ্ডক সেয়ে অভীক্ষাংক মানদণ্ড বোলা হয়। অর্থাৎ মানক অভীক্ষাংক মানদণ্ড হৈছে এনে এক মানদণ্ড, য’ত প্ৰতিটো ব্যক্তিগত অভীক্ষাংকক মানক অভীক্ষাংকৰে সূচিত কৰা হয়।

৪৪। জেদ অভীক্ষাংকৰ এটা ধৰ্ম লিখা। [Write one properties of Z Score]

উত্তৰঃ (ক) জেদ অভীক্ষাংকই গড়ৰ পৰা অভীক্ষাটোৰ দূৰত্ব নিৰ্ণয় কৰে।

৪৫। টি-অভীক্ষাংকৰ উদ্ভাবক কোন? [Who is propounded of T-Score?]

উত্তৰঃ Mc. Call.

৪৬। ষ্টেনাইন স্কেলৰ অৰ্থ লিখা। [Write the meaning of Stanine Scale]

উত্তৰঃ ‘T’ ― অভীক্ষাকেৰ এটা পৰিৱৰ্তিত ৰূপ হ’ল টেনাইন স্কেল। এই ‘টেনাইন’ নামৰ শব্দটো আমেৰিকা যুক্তৰাষ্ট্ৰ বায়ুসেনা বিভাগত কৰ্মৰত মনোবিজ্ঞানীসকলে দ্বিতীয় মহাযুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিল। ‘Stanine’ এই শব্দটো Standard আৰু Nine শব্দ দুটাৰ পৰা উদ্ভৱ হৈছে। অভীক্ষাংক বিশ্লেষণৰ ই হৈছে এক অতি উল্লেখযোগ্য পদ্ধতি।

এই পদ্ধতিত স্বাভাবিক ক্ষমতাসনা জনসমষ্টিক 9 টা ভাগত বিভক্ত কৰা হয়। সেয়েহে এই স্কেলত বিন্দুবোৰৰ পৰা আৰম্ভ হৈ 9 লৈকে থাকে। য’ত স্কেলডালৰ নিম্নতম একক হৈছে ‘।’ আৰু উচ্চতম একক হৈছে ‘9’ আৰু ইয়াৰ গড় হৈছে 5 আৰু মানক বিচ্যুতি হৈছে 1.96 বা প্রায় 2। যেতিয়া এই স্কেলত কেঁচা তথ্যবিলাকক ষ্টেনাইন স্কৰলৈ ৰূপান্তৰ কৰা হয় তেতিয়া সেইবোৰে স্বতঃস্ফূর্তভাবে এডাল স্বাভাৱিক ৰেখাৰ আকৃতি লয় । প্ৰথমে কেঁচা তথ্য বিলাক আকাৰ অনুসৰি সজাই লৈ ষ্টেনাইন স্কেললৈ ৰূপান্তৰ কৰি তাৰ পাছত প্ৰসামান্য বক্ৰু ৰেখা অনুসৰি প্ৰতিটো ষ্টেনাইন অভীক্ষাং বিন্দুক শতাংশলৈ পৰিৱৰ্তন কৰা হয়। এয়ে হৈছে ষ্টেনাইন স্কেলৰ মূল দিশ।

৪৭। প্রয়োগশীলতাৰ এটা প্রকৃতি উল্লেখ কৰা। [Write one nature of Administrability.]

উত্তৰঃ ভাল জোখ সঁজুলিৰ অন্য এক গুৰুত্বপূৰ্ণ কাৰিকৰী বৈশিষ্ট্য হৈছে প্ৰয়োগশীলতা। অর্থাৎ এটা ভাল অভীক্ষা কোনো অসুবিধা নোহোৱাকৈ প্ৰয়োগ কৰিব পাৰিব লাগিব। অভীক্ষা এটা প্ৰস্তুত কৰাৰ পাছতে বিভিন্ন প্ৰকাৰৰ নমুনা দলৰ ওপৰত প্ৰয়োগ কৰা হয়, যাৰ ফলত অভীক্ষাটো কিমান পৰিমাণে প্ৰয়োগ কৰিবৰ বাবে উপযোগী তাক জানিব পাৰি। অভীক্ষাৰ পৰিচালনা যদি সহজ নহয় তেতিয়া অভীক্ষাটোক ভাল অভীক্ষা হিচাপে গন্য কৰিব নোৱাৰি। সেয়েহে অভীক্ষাৰ বিধিপুথি এখন থাকিব লাগে য’ত অভীক্ষাৰ্থীক দিবলগীয়া নির্দেশনা যেনে— প্রাপ্তাংকন প্রণালী, প্রাপ্তাংক সংকেত, মানদণ্ড, তালিকা আদি উল্লেখ থাকে আৰু যাৰ সহায়ত অভীক্ষাটো সুন্দৰ ভাৱে পৰিচালনা কৰিবলৈ। সহজ হয়।

৪৯। সঁজুলিৰ অৰ্থ কি? সঁজুলিৰ বিভিন্ন প্ৰকাৰসমূহ বিষয়ে আলোচনা কৰা। [Which is the meaning of Tool? Discuss about the different types of Tools?]

উত্তৰঃ আমি আমাৰ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কাম সম্পাদন কৰিবলৈ বিভিন্ন বস্তুৰ ব্যৱহাৰ কৰোঁ। কাৰ্য্য সম্পাদনত এনেদৰে যিবোৰ বস্তুৰ সহায় লওঁ সেইবোৰক চমুকৈ সঁজুলি বোলা হয়। এনে সঁজুলিবোৰে আমাৰ কামবোৰ কম সময়ত তথা নিখুঁতভাবে সম্পাদন কৰাত সহায় করে। শিক্ষাদানো এটা কৰ্ম যিটোৰ ওপৰত শিক্ষাপ্রক্রিয়া তথা শিক্ষার্থীৰ ভবিষ্যত নিৰ্ভৰশীল। সেয়ে শিক্ষাদান কাৰ্যাৰ সফলতাৰ বাবে শিক্ষকে বিভিন্ন প্ৰকাৰৰ সঁজুলিৰ সহায় লয়। এই সঁজুলিবোৰ প্ৰস্তুত কৰোতে মনোবিজ্ঞানৰ সহায় লোৱা হয়। মনোজ্ঞানে বিভিন্ন পৰিস্থিতিত শিক্ষার্থীর বিভিন্ন ধৰণৰ যোগ্যতা, দক্ষতা,কতীত্ব আদিৰ পৰিমাপন বা জোখ কৰিবলৈ বিভিন্ন প্ৰকাৰৰ আহিলা বা সঁজুলি সাজি উলিয়ায় তথ্য এইবোৰৰ প্ৰয়োগৰ জৰিয়তে শিক্ষকে নিজৰ শিক্ষাদান অধিক কাৰ্যকৰী ৰূপত প্ৰদান কৰি আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হয়। এনেদৰে প্ৰস্তুত কৰা আহিলাবোৰকে পৰিমাপন আৰু মূল্যায়ণৰ জোখ সঁজুলি বোলা হয়। এইবোৰে শিক্ষার্থী তথা ব্যক্তিৰ ব্যক্তিত্বৰ বিভিন্ন সংলক্ষণ, তেওঁলোকৰ বুদ্ধি, মনোভার আগ্রহ, অভিৰুচি, অভিক্ষমতা, মনোযোগ, সম্প্রতি, শৈক্ষিক কৃতিত্ব আদিৰ পৰিমাপন তথা মূল্যায়ন কৰে। গতিকে চমুকৈ কবলৈ গলে। শিক্ষাৰ্থীসকলৰ মানসিক যোগ্যতা, জ্ঞান, শক্তি, সামর্থ, শৈক্ষিক অগ্রগতি, আকাংশিত আচৰণৰ পৰিৱৰ্তন আদি গুণবোৰ শিক্ষাদানৰ কাৰ্যত সঁজুলি সমূহক জোখ সঁজুলি বোলা হয়।

জোখ সঁজুলিৰ প্ৰকাৰ : বর্তমান সময়ত শিক্ষাদান কার্যত মূল্যায়ন আৰু পৰিমাপনৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰৰ জোখ সঁজুলি ব্যৱহাৰ কৰা দেখা যায়। সেয়েহে এই ক্ষেত্ৰত ব্যৱহাৰ হোৱা বিভিন্ন প্ৰকাৰৰ জোখ সঁজুলিসমূহ হ’ল—

ক) অভিক্ষা : মনোবৈজ্ঞানিক অভিক্ষা মানে হৈছে পৰিমাপন আৰু মূল্যায়ন প্ৰক্ৰিয়াত ব্যৱহাৰ হোৱা জোখ সঁজুলিৰ এক অতি গুরুত্বপূর্ণ প্ৰকাৰ । যাৰ সহায়ত বৰ্তমান সময়ত শিক্ষাদান প্ৰক্ৰিয়াটো সফল কৰিব পাৰি। অভিধানিক অৰ্থত অভীক্ষাৰ অৰ্থ হৈছে পৰীক্ষা তথা এলানি প্রশ্ন, যাৰ সহায়ত প্ৰয়োজনীয় তথ্য আহৰণ কৰা হয়। মনোবৈজ্ঞানিক দৃষ্টিকোণৰ পৰা আকৌ ই হৈছে এক প্ৰতিমানীকৃত প্রক্রিয়া, যি প্ৰক্ৰিয়াক ভাষিত অথবা ভাষাবিহীনভাৱে ছাত্ৰ-ছাত্ৰীৰ এটা বা তাতোধিক সংলক্ষণ পৰিমাণগত তথা গুণগতভাবে মূল্যায়ন আৰু পৰিমাপন কৰিবলৈ ব্যৱহাৰ কৰা হয়।

খ) সাক্ষাৎকাৰ : সাক্ষাৎকাৰ হৈছে জোখ সঁজুলিৰ অন্য এক গুৰুত্বপূৰ্ণ ভাগ। ই তথ্য আহৰণৰ এক অতি উল্লেখযোগ্য মাধ্যম। পেছাত শিক্ষক, উকীল, চিকিৎসক, সাংবাদিক আদিয়ে বিভিন্ন দিশৰ তথ্য আহৰণৰ বাবে এই জোখ সঁজুলি ব্যৱহাৰ কৰে। ই হৈছে এক অতি সহজ জোখ সঁজুলি শিক্ষাদান প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে শিক্ষকসকলে এই জোখ সঁজুলি ব্যৱহাৰ কৰে। বৰ্তমান সময়ত যিকোনো ক্ষেত্ৰত চাকৰিত নিয়োগৰ ক্ষেত্ৰত উপযুক্ত প্রার্থীক নির্বাচন কৰিবৰ বাবে এই সঁজুলি হৈছে এক অতি গুৰুত্বপূৰ্ণ মাধ্যম। সাক্ষাৎকাৰ হৈছে এনে এটা সঁজুলি বা কৌশল, য’ত অভীক্ষাৰ্থীৰ সৈতে মুখামুখি সম্পৰ্ক স্থাপন কৰি তেওঁৰ ব্যক্তিত্ব সম্পৰ্কীয় তথা পাতি সংগ্ৰহ কৰিবলৈ যত্ন কৰা হয়।এই সঁজুলিত অভীক্ষকে অভিক্ষাৰ্থীজনক সন্মুখত বহুৱাই লৈ কিছুমান প্রশ্ন মৌখিকভাৱে সুধি যায় আৰু অভীক্ষাৰ্থীজনে সেইবোৰ উত্তৰ দি যায়। পূৰ্বানিৰ্ধাৰিত প্ৰশ্নবোৰৰ প্ৰতিক্ৰিয়াস্বৰূপে অভীক্ষাৰ্থীয়ে যিবোৰ উত্তৰ প্ৰদান কৰে সেইবোৰৰ বিশ্লেষণ কৰি তেওঁৰ বিষয়ে প্রয়োজনীয় তথ্য আহৰণ কৰা হয়। মুঠতে সাক্ষাৎকাৰ হ’ল অভীক্ষক আৰু অভীক্ষাৰ্থীৰ মাজত সংঘটিত হোৱা এনে এক পৰিস্থিতি, য’ত অভীক্ষার্থীয়ে নিজে তেওঁৰ ব্যক্তিত্ব সম্পৰ্কীয় তথ্য-পাতিবোৰ মুখামুখিভাবে ব্যক্ত কৰে।

গ) প্রশ্নসূচী : জোখ সঁজুলিৰ অন্য এটা গুৰুত্বপূৰ্ণ ভাগ হৈছে প্রশ্নসূচী। প্রশ্নসূচী হ’ল এলানি প্ৰশ্নৰ সমষ্টি, যাৰ জৰিয়তে ছাত্র-ছাত্রী তথা অভীক্ষাৰ্থীৰ পৰা বিভিন্ন তথ্য আহৰণ কৰিব পৰা যায়। ছাৰ ফ্রান্সিচ গেস্টনএ এই প্রশ্নসূচী সঁজুলিটো পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল আৰু সেয়ে তেওঁক এই জোখ সঁজুলিৰ জন্মদাতা বুলিব পাৰি।

Good ৰ ম’তে, “সাধাৰণ অৰ্থত প্ৰশ্নসূচী নামৰ শব্দটোৱে এনে এটা সঁজুলিক নিৰ্দেশ কৰে, যিটোৱে প্ৰশ্নৰ উত্তৰ পাবলৈ এখন প্ৰশ্নসূচী ব্যৱহাৰ কৰে, যিখন উত্তরদাতাই নিজেই পূৰা কৰিব লাগে।” [According to Good, “In general the word questionnaire refers to a device for securing answers to question by using a form which the respondent feels himself”]

Baar, Devis and Johnson ৰ মতে, প্ৰশ্নসূচী হৈছে প্ৰশ্নৰ এক প্রণালীবদ্ধ সংগঠন, যিবোৰ কোনো জনসমষ্টিৰ নমুনাদলৰ ওপৰত প্ৰয়োগ কৰি তাৰ পৰা যাৱতীয় তথ্য আহৰণ কৰা হয়।” [According to Baar, Devis and Johnson, “A questionnaire is a systematic compilation of questions that are submitted to a sampling of population from which the information is desired.”]

বিশেষকৈ ব্যক্তিত্ব অধ্যয়নৰ সঁজুলি হিচাপে প্ৰশ্নসূচী যথেষ্ট জনপ্রিয় আৰু বহুলভাৱে সমাদৃত সেয়েহে এই সঁজুলিত বিজ্ঞানসন্মতভাৱে প্রশ্নবোৰ ক্ৰম অনুসৰি সজাই লৈ স্পষ্ট ৰূপত সকলোৱে বুজি পোৱাকৈ দেখাত আকর্ষণীয় ভাৱে প্ৰস্তুত কৰা হয়। যাৰ ফলত ব্যক্তিৰ বিষয়ে প্রত্যক্ষ আৰু নিৰ্ভৰযোগ্যভাৱে প্ৰয়োজনীয় বহু তথ্য আহৰণ কৰিব পাৰি।

ঘ) পর্যবেক্ষণ : পর্যবেক্ষন হৈছে জোখ সঁজুলিৰ আন এটি গুৰুত্বপূৰ্ণ প্ৰকাৰ শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ আচৰণ মূল্যায়নৰ ই এক অতি ফলপ্রসূ মনোবৈজ্ঞানিক প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ সহায়ত ব্যক্তি তথা যত্ৰ-ছাত্ৰীৰ আচৰণৰ নিয়ন্ত্ৰণ আৰু পৰিৱৰ্তন নকৰাকৈ পৰ্যবেক্ষণ কৰা হয় আৰু ফলাফলসমূহ সুন্দৰ কৈ টুকি ৰাখি পৰৱৰ্তী পৰ্যায়ত ইয়াৰ এটা ভাল ব্যাখ্যা কৰা হয়। অৰ্থাৎ পৰ্যবেক্ষণ হৈছে এনে এক প্রক্রিয়া, য’ত এক বা তাতোধিক ব্যক্তিয়ে নিজ নিজ জীৱনত ঘটা কিছুমান ঘটনা উদ্‌ঘাটন কৰে আৰু পৰিকল্পিত আঁচনিৰ সহায়ত উদ্‌ঘাটন কৰা ঘটনাসমূহ ব্যাখ্যা কৰে।

গতিকে পর্যবেক্ষণ হ’ল এবিধ প্রণালীবদ্ধ আৰু বিজ্ঞানসন্মত তথ্য আহৰণৰ সঁজুলি, যিয়ে এক স্বাভাৱিক আৰু অকৃত্ৰিম পৰিবেশত ব্যক্তিৰ আচৰণৰ বিষয়ে অধ্যয়ন কৰাত সহায় কৰে। ই হৈছে উদ্দেশ্যমূলক। কিয়নো এই সঁজুলিত পর্যবেক্ষকসকলে নিৰীক্ষণ কৰিবলৈ লোৱাৰ আগতে ব্যক্তিৰ আচৰণৰ কোনবিলাক দিশ অধ্যয়ন কৰিব তাৰ বিষয়ে প্রথমে নিৰ্ধাৰণ কৰি লোৱা হয়। এই সঁজুলিৰ সহায়ত যি তথ্য পাতি সংগ্ৰহ কৰা হয়, সেইবোৰৰ গ্ৰহণযোগ্যতা আৰু নিৰ্ভৰশীলতা গুণটো অতি বেছি হয়। সেয়েহে এই সঁজুলিক পৰিমাপন আৰু, মূল্যায়ন প্ৰক্ৰিয়াৰ এক অতি জনপ্ৰিয় আৰু লেখত ল’বলগীয়া জোখ সঁজুলি হিচাপে আখ্যা দিব পাৰি।

(ঙ) চিহ্নাংকন সূচী : জোখ সঁজুলিৰ অন্যতম গুৰুত্বপূর্ণ তথ্য সৰল প্ৰকাৰ হৈছে চিহ্নাংকনসূচী। ই হৈছে এনে এক জোখ সঁজুলি, যাৰদ্বাৰা নিৰ্দিষ্ট কিছুমান সংলক্ষণ ব্যক্তিৰ গাত আছেনে নাই তাক নির্ণয় কৰিব পৰা যায়। এই সঁজুলিত ব্যক্তিৰ সংলক্ষণসমূহ নির্ণয় কৰিবৰ বাবে কিছুমান সংলক্ষণৰ এখন তালিকা প্ৰস্তুত কৰা থাকে। এই সংলক্ষণৰ তালিকাখন কেতিয়াব। বাক্যৰ আকাৰতো দিয়া থাকে। এই ক্ষেত্ৰত প্ৰতিটো বাক্যই একো একোটা সংলক্ষণক বুজায়। চিহ্নাংকন সূচীত থকা সংলক্ষণৰ তালিকাৰ সহায়ত অভীক্ষকে সংলক্ষণৰ তালিকা বা বাক্যবোৰ পঢ়ি যায় আৰু অভীক্ষাৰ্থীজনৰ গাত সেই সংলক্ষণটো আছেনে নাই সেইটো বিবেচনা কৰে। যদি ব্যক্তিৰ গাত সেই সংলক্ষ ণটো থাকে তেতিয়া হয়’ আৰু যদি নাথাকে নহয় বুলি পূৰণ কৰিব লাগে। কেতিয়াবা অৱশ্যে অভীক্ষাৰ্থীজনৰ গাত থকা সন্তোষজনক সংলক্ষণৰ বাবে +1′, অসন্তোষজনক সংলক্ষণৰ বাবে আৰু সংলক্ষণ নথকা ‘-1’, অর্থত ‘0’ দিয়া হয়।

চ) উপখখ্যানমূলক অভিলেখ : উপাখ্যানমূলক অভিলেখ হ’ল শিক্ষকসকলে শিক্ষাদান প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা এনে এবিধ জোখ সঁজুলি যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে সময়ে সময়ে প্ৰদৰ্শন কৰা আচৰণবিলাক পৰ্যবেক্ষণ কৰি সেইবিলাকৰ অভিলেখ তথা লিপিবন্ধ কৰি ৰখা হয়। ছাত্র-ছাত্রীৰ এনে শৈক্ষিক সামাজিক, নৈতিক আদি দিশত প্ৰদৰ্শন কৰা আচৰণ সমূহৰ বিষয়ে টুকি ৰখা অভিলেখে তেওঁলোকৰ বিষয়ে বুজি উঠাত বিশেষভাৱে সহায় কৰে।

Green আৰু আন কেইজনমান শিক্ষাবিদৰ মতে, “শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাৰ বস্তুনিষ্ঠ ব্যাখ্যা কৰাকেই উপাখ্যানমূলক অভিলেখ বোলা হয়। শিক্ষকজনে পৰ্যবেক্ষণ কৰা বিশেষ ঘটনাসমূহৰ ই এক লিখিত বর্ণনা।” [According to Green and others, “An anecdotal record is an objective description by the teacher of a significant occurrence or episode in life of the pupil. It is the written description of a specific incidents which a teacher has observed.”]

গতিকে ছাত্র-ছাত্রীসকলে শৈক্ষিক প্ৰক্ৰিয়াত সময়ে সময়ে প্রদর্শন কৰা আচৰণসমূহ পর্যবেক্ষণৰ যোগেদি অভিলেখ কৰি ৰাখি পৰৱৰ্তী কালত সেইবোৰৰ দ্বাৰা মূল্যায়ন কৰাত যি সঁজুলিয়ে সহায় কৰে সেই সঁজুলিয়ে হ’ল উপাখ্যানমূলক অভিলেখ ।

ছ) নিৰূপক কাঠি : অতি প্ৰাচীন কালৰে পৰা ব্যৱহাৰ হৈ অহা এক উন্নতমানৰ জোখ সঁজুলি হৈছে নিৰূপক কাঠি। এই নিৰূপক কাঠিকো ব্যক্তিৰ বিভিন্ন সংলক্ষণসমূহ মূল্যায়ন আৰু পৰিমাপন কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও এই সঁজুলিৰ সহায়ত কোনো এক নিৰ্দিষ্ট সংলক্ষণৰ ক্ষেত্ৰত এজন ব্যক্তিৰ তুলনামূলক স্থান দেখুৱাবলৈ চেষ্টা কৰা হয়।

এজন পর্যবেক্ষকে আন এজন ব্যক্তিৰ আচৰণবোৰ বিচাৰ কৰি আচৰণবোৰৰ এটা সাংখ্যিক মান বা তুলনামূলক অৱস্থান প্ৰদান কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিক নিৰূপক কাঠি বোলে। অর্থাৎ নিৰূপক কাঠি হৈছে এনে এক কৌশল যাৰ দ্বাৰা কোনো বস্তু, ঘটনা অথবা ব্যক্তিক কিছুমান সংলক্ষণ প্রতিফলিত কৰিব পৰা বাক্যাংশৰ ভিত্তিত সাংখ্যিক মানেৰে এক আপেক্ষিক স্থান দিয়াৰ প্ৰণালী।

গতিকে নিৰূপক কাঠি মানে কোনো পর্যবেক্ষনীয় আচৰণক বিভিন্ন মাত্ৰাত বৰ্ণনা কৰিব পৰাকৈ বিভিন্ন বিন্দু বা স্থান থকা এবিধ কাঠি স্বৰূপ সঁজুলি ।

৫০।  মনোবৈজ্ঞানিক অভীক্ষা বুলিলে কি বুজা? অভীক্ষাৰ শ্রেণীকৰণৰ বিষয়ে বৰ্ণনা কৰা। [What do you mean by Psychological Test? Describe the classification of Test?]

উত্তৰঃ এজন ব্যক্তি বা এটা দলৰ উচ্চ পৰ্যায়ৰ মানসিক গুণসমূহ, যেনে – বৃদ্ধি আর্জিত জ্ঞান, কৌশল অথবা ব্যক্তিৰ আন কোনো বৈশিষ্ট্যক পৰিমাপ কৰিবৰ বাবে কিছুমান প্রশ্নমালা ব্যৱহাৰ কৰা হয়, যাক অভীক্ষা বোলা হয়। অভীক্ষাৰ দ্বাৰা ব্যক্তিৰ আচৰণ বা সংলৰ যিকোনো এটা দিশকহে পৰিমাপ কৰিব পাৰি। ব্যক্তিৰ আচৰণ বা সংলক্ষণক বা বৈশিষ্ট্যসমূহক বিজ্ঞানসন্মতভাৱে পৰিমাপ কৰা আহিলা সমূহকে মনোবৈজ্ঞানিক অভীক্ষা বোলা হয়। অর্থাৎ বিজ্ঞানসন্মতভাৱে ব্যক্তিৰ বুদ্ধি, আর্জিত জ্ঞান, দক্ষতা, কৌশল, ব্যক্তিৰ বৈশিষ্ট্য আদিক পৰিমাপ কৰিবৰ বাবে ব্যৱহাৰ কৰা আহিলাসমূহৰ যিখিনি গুণ থাকিব লাগে সেইখিনি সূচাব পৰাকৈ গঠন কৰা অভীক্ষাকে মনোবৈজ্ঞানিক অভীক্ষা বোলা হয়।

মনোবৈজ্ঞানিক অভীক্ষা সম্পৰ্কত বিখ্যাত মনোবিদ এফ. এছ ক্রিমেনে মত পোষণ কৰে যে—“মনোবৈজ্ঞানিক অভীক্ষা হৈছে ভাষামূলক বা ভাষাহীন প্ৰতিক্ৰিয়াৰ নমুনা বা আন আচৰণৰ সহায়ত ব্যক্তিত্বৰ এক বা একাধিক দিশ বস্তুনিষ্ঠভাবে পৰিমাপ কৰাৰ এবিধ প্রতিমানীকৃত আহিলা।” (Psychological test is a standardized instrument designed to measure objectively one or more aspects of a total personality by means of samples of verbal or non-verbal responses, or by means of other behaviors.”)

মনোবৈজ্ঞানিক অভীক্ষাৰ প্ৰকাৰঃ মনোবৈজ্ঞানিক অভীক্ষাসমূহক বিভিন্ন শ্রেণীত শ্রেণীভুক্ত কৰা হৈছে। সেইসমূহ তলত আলোচনা কৰা হ’ল—

১) বুদ্ধি অভীক্ষাঃ বিভিন্ন বয়সৰ ব্যক্তিৰ বুদ্ধি বা সাধাৰণ মানসিক ক্ষমতা পৰিমাপ কৰিবৰ বাবে ব্যৱহাৰ কৰা অভীক্ষাকে বুদ্ধি অভীক্ষা বোলা হয়। বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰা বুদ্ধি অভীক্ষাবোৰৰ ভিতৰত ১৯০৫ চনত প্ৰস্তুত কৰা বিনে চাইমন অভীক্ষাই হৈছে প্ৰথম বুদ্ধি অভীক্ষা। বৰ্তমান পৃথিৱীৰ বিভিন্ন ঠাইত বিনে চাইমন অভীক্ষাৰ বিভিন্ন সংস্কৰণ প্ৰস্তুত হৈ উঠিছে। এই সংস্কৰণবোৰৰ উপৰি বুদ্ধি পৰিমাপনৰ বাবে ৱেছলাৰ বুদ্ধি অভীক্ষা, আর্মি আলফা অভীক্ষা আৰু আমি বিটা অভীক্ষা বিশেষভাৱে উল্লেখযোগ্য।

২) আগ্ৰহৰ অভীক্ষাঃ যি অভীক্ষাৰ দ্বাৰা ব্যক্তিৰ আগ্ৰহৰ প্ৰকৃতি আৰু মাত্ৰা পৰিমাপ কৰা হয় তেনে অভীক্ষাকে আগ্ৰহৰ অভীক্ষা বোলা হয় শিক্ষাৰ্থীৰ শিক্ষা আৰু বৃত্তিগত সাফল্য লাভত সহায় কৰিবৰ বাবে শিক্ষাৰ্থীৰ আগ্ৰহৰ প্ৰকৃতি জানিবৰ বাবে নিৰ্ভৰযোগ্য আগ্ৰহৰ অভীক্ষা প্ৰস্তুত কৰা হয়। ষ্ট্ৰঙৰ ভকেশ্যনেল ব্লাংক অভীক্ষা, কুডাৰৰ প্ৰিফাৰেন্স ৰেকৰ্ড আদি উল্লেখযোগ্য আগ্ৰহৰ অভীক্ষা।

৩) বিশেষ অভিক্ষমতাৰ অভীক্ষা : ব্যক্তিৰ বিশেষ অভিক্ষমতা সম্পৰ্কে জানিবৰ বাবে ব্যৱহাৰ কৰা অভীক্ষাকে বিশেষ অভিক্ষমতা অভীক্ষা বুলি কোৱা হয়। বিশেষ অভিক্ষমতা অভীক্ষাবোৰৰ ভিতৰত যন্ত্রমূলক অভিক্ষমতা অভীক্ষা, আইন সংক্রান্তীয় অভিক্ষমতা অভীক্ষা, কেৰাণী চাকৰিৰ দক্ষতা সংক্রান্তীয় অভিক্ষমতা অভীক্ষা, চাৰুকলা সংক্ৰান্তীয় অভিক্ষমতা অভীক্ষা আদি উল্লেখযোগ্য।

৪) পার্থক্যমূলক অভিক্ষমতা অভীক্ষা : যি অভীক্ষাৰ দ্বাৰা ব্যক্তিৰ যুক্তি ক্ষমতা, স্থান প্রত্যক্ষণ ক্ষমতা সংখ্যা জ্ঞান ক্ষমতা আদি বিভিন্ন ধৰণৰ অভিক্ষমতা পৰিমাপ কৰা হয় তাকে পার্থক্যমূলক অভিক্ষমতা অভীক্ষা বোলা হয়।

৫) মনোভাৱৰ অভীক্ষা : শিক্ষার্থী বা ব্যক্তিয়ে নিজ পৰিৱেশৰ বিভিন্ন বস্তু, ঘটনা, ধাৰণা আৰু বৈশিষ্ট্যৰ প্ৰতি কেনেধৰণৰ মনোভাৱ গঢ়ি তোলে সেই সম্পৰ্কে পৰিমাপ কৰা অভীক্ষাকে মনোভাৱৰ অভীক্ষা বোলা হয়। মনোভাৱ পৰিমাপ কৰিবৰ বাবে বর্তমান বহুতো মনোভাৱৰ অভীক্ষা প্ৰস্তুত হৈ উঠিছে। যেনে—লিকার্ট স্কেল, থাল্টোনৰ স্কেল আদি ।

৬) ব্যক্তিত্ব অভীক্ষাঃ ব্যক্তি তথা শিক্ষাৰ্থীৰ ব্যক্তিত্বৰ বিভিন্ন বৈশিষ্ট্য বা সংলক্ষণসমূহ পৰিমাপ কৰিবৰ বাবে যি অভীক্ষা ব্যৱহাৰ কৰা হয় তাকে ব্যক্তিত্ব অভীক্ষা বোলা হয়। এই প্ৰকাৰৰ অভীক্ষাৰ দ্বাৰা ব্যক্তিৰ সামাজিকতা, সততা, দায়িত্ববোধ, শ্রমশীলতা আদি বৈশিষ্ট্যসমূহৰ বিকাশ লাভ কিমান হৈছে তাক পৰিমাপ কৰা হয়। ব্যক্তিত্ব পৰিমাপনৰ বাবে ব্যক্তিত্বৰ প্ৰশ্নাৱলী, ৰেটিং স্কেল,ৰ’ৰছাকৰ মহী চিহ্ন অভীক্ষা, কাহিনী সংবোধন অভীক্ষা,বাক্য সম্পূর্ণ অভীক্ষা, অনুসংগ অভীক্ষা ইত্যাদি কিছুমান উল্লেখযোগ্য অভীক্ষা আছে।

৭) কৃতিত্বৰ অভীক্ষাঃ যিবোৰ অভীক্ষা পাৰদৰ্শী অভীক্ষা প্রস্তুতকাৰীয়ে কোনো বিষয়ৰ শিক্ষাৰ নিৰ্দিষ্ট স্তৰৰ বাবে নিৰ্ধাৰিত অংশ সাৱধানে বিচাৰ বিশ্লেষণ কৰি আৰু মনোবৈজ্ঞানিক অভীক্ষা নিৰ্মাণৰ সকলো নীতি-নিয়ম অনুসৰণ কৰি প্ৰস্তুত কৰে তেনে অভীক্ষাবোৰক প্রতিমানীকৃত শৈক্ষিক কৃতিত্বৰ অভীক্ষা বোলা হয়। এনে অভীক্ষাৰ নিৰ্ভৰযোগ্যতা, বৈধতা নির্ণয় কৰা অভীক্ষা প্রয়োগ আৰু স্ক’ৰ নিৰ্ণয়ৰ ক্ষেত্ৰত উপযুক্ত নির্দেশ দিয়াৰ লগতে পদ বিশ্লেষণৰ দ্বাৰা পদসমূহৰ কঠিনতাৰ ভৰ আৰু পাৰ্থক্য নির্ণায়ক ক্ষমতাও নির্ণয় কৰি দিয়া হয়। এনে অভীক্ষা প্রতিমানীকৃত দলৰ স্ক’ৰ বিভাজনৰ লগত তুলনা কৰিব পৰাকৈ বয়স নম বা দুয়োটা নিৰ্ধাৰণ কৰি ৰখা হয়। কিছুমান নির্বাচিত বিশেষ দক্ষ ব্যক্তিৰ সহায়ত কিছুমান নিৰ্দিষ্ট তথা নিৰ্ধাৰিত নীতি-নিয়ম অনুসৰণ কৰি প্ৰস্তুত কৰা প্ৰশ্নকাকতৰ জৰিয়তে লোৱা অভীক্ষা বা পৰীক্ষাক প্ৰতিমানীকৃত পৰীক্ষা বা অভীক্ষা বোলা হয়। এনে অভীক্ষাৰ প্রশ্ন পদসমূহ বজাৰতো কিনিবলৈ পোৱা যায়।

৫১। ব্যক্তিগত অভীক্ষাৰ ব্যাখ্যা কৰা। ব্যক্তিগত অভীক্ষা আৰু সামূহিক অভীক্ষাৰ মাজৰ পাৰ্থক্যসমূহৰ বিষয়ে আলোচনা কৰা। [Explain Individual Test. Discuss about the difference between Individual Test and Group Test.]

উত্তৰঃ ব্যক্তিগত অভীক্ষা হৈছে অভীক্ষাৰ এক অতি উল্লেখযোগ্য ভাগ, যাৰ সহায়ত এটা সময়ত কেবল মাত্ৰ এজন ব্যক্তিৰ সংলক্ষণ জুখিবলৈ চেষ্টা কৰা হয়। এনে ব্যক্তিগত অভীক্ষাসমূহ বিদ্যালয়ৰ মনোবৈজ্ঞানিক পৰামৰ্শদাতাসকলে ছাত্র- ছাত্রীসকলক অভিৰুচিত কৰিবলৈ আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া পৰ্য্যবেক্ষণ কৰিবলৈ ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে— ক’হৰ ব্লক ডিজাইন অভীক্ষা, বিনেচাইমন কাঠী ইত্যাদি। এই অভীক্ষা সমূহে বর্তমান সময়তো ছাত্ৰ-ছাত্ৰী তথা ব্যক্তিৰ সংলক্ষণ জুখি লৈ শিকন শিক্ষণ প্রক্রিয়া সফল কৰাত সহায় কৰে।

ব্যক্তিগত অভীক্ষণ আৰু সামূহিক অভীক্ষণৰ মাজৰ পাৰ্থক্য :

১) ব্যক্তিগত অভীক্ষা এবাৰত মাত্ৰ এজন অভীক্ষাৰ্থীৰ ওপৰত প্ৰয়োগ কৰিব পৰা যায়। অন্যহাতে সামূহিক অভীক্ষণ এবাৰত এজনতকৈ অধিক অভীক্ষাৰ্থীৰ ওপৰত প্ৰয়োগ কৰিব পৰা যায় ৷

২) ব্যক্তিগত অভীক্ষা প্রস্তুত কৰোতে বেছি সময়ৰ প্ৰয়োজন হয়।

কিন্তু সামুহিক অভীঙ্খা প্রস্তুত কৰোতে তুলনামূলকভাৱে কম সময়ৰ প্রয়োজন হয়।

৩) ব্যক্তিগত অভীঙ্ক্ষা কম বয়সীয়া ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে সুবিধাজনক। অন্যহাতে সামূহিক অভীক্ষা কৈশোৰ স্তৰৰ বা প্রাপ্তবয়স্কলোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ বাবে সুবিধাজনক।

৪) ব্যক্তিগত অভীক্ষাত অভীক্ষকে পোনপটীয়াভাবে সম্পর্ক স্থাপন কৰি ব্যক্তিৰ সংলক্ষণসমূহ জুখিব পাৰে। কিন্তু সামূহিক অভীক্ষাত ব্যক্তিগত অভীক্ষাৰ নিচিনাকৈ অভীক্ষাৰ্থীৰ সৈতে ব্যক্তিগত সম্পর্ক স্থাপন কৰাটো সম্ভৱ নহয়।

৫) ব্যক্তিগত অভীক্ষাৰ মানদণ্ড বৰ বেছি ফলপ্রসূ নহয়। কিন্তু সামুহিক অভীক্ষাৰ মানদণ্ড ব্যক্তিগত অভীক্ষাতকৈ বেছি ফলপ্রসূ।

৬) ব্যক্তিগত অভীক্ষা সাধাৰণতে প্ৰয়োগ কৰা হয় নিদানমূলক প্রয়োজনৰ ভিত্তিত। কিন্তু সামূহিক অভীক্ষা সাধাৰণতে প্ৰয়োগ কৰা হয় শিক্ষামূলক, ঔদ্যোগিক, প্রশাসনিক আৰু সামাজিক প্ৰয়োজনৰ আধাৰত।

৫২। এটা ভাল জোখ সঁজুলি ব্যৱহাৰিক বৈশিষ্ট্যসমূহ বর্ণনা কৰা। [Discuss the practical characteristics of a good test.]

উত্তৰঃ অভীক্ষা হৈছে পৰিমাণ আৰু মূল্যায়নৰ মূল ভিত্তি। সেয়ে এই অভীক্ষাসমূহ উপযুক্ত নহ’লে ইহঁতৰ ব্যৱহাৰৰ পৰা লাভ কৰা ফলাফলসমূহ নিৰ্ভৰযোগ্য নহয়। কোনো এটা অভীক্ষা আমি কিমান নির্ভরযোগ্য তথা ভাল আপাত দৃষ্টিত কৈ দিব নোৱাৰো সেয়েহে ভাল অভীক্ষাৰ কিছুমান বৈশিষ্ট্য থাকে আৰু যিবোৰ যদি এটা অভীক্ষাত নিহিত হৈ থাকে তেতিয়া আমি সেই মনোবৈজ্ঞানিক অভীক্ষাতো সকলোৰে বাবে নিৰ্ভৰযোগ্য তথা ভাল বুলি ক’ব পাৰো । এইক্ষেত্ৰত মনোবৈজ্ঞানিক অভীষাৰ দুই প্ৰকাৰৰ বৈশিষ্ট্য দেখিবলৈ পাওঁ। ইয়াৰ প্ৰথমটো হৈছে ব্যৱহাৰিক বৈশিষ্ট্য আৰু দ্বিতীয়টো হৈছে কাৰিকৰী বৈশিষ্ট্য। তলত এই দুইপ্ৰকাৰৰ বৈশিষ্ট্যৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল

ক) এটা ভাল অভীক্ষাৰ ব্যৱহাৰিক বৈশিষ্ট্যসমূহ :

১) সময় [Time] : সময় হৈছে যিকোনো অক্ষীক্ষাৰে এক এটি উল্লেখযোগ্য ব্যৱহাৰিক বৈশিষ্ট্য। সেয়েহে অভীক্ষা এটাৰ প্ৰয়োগৰ সময়সীমা নিৰ্ধাৰণ কৰোতে গুৰুত্ব দিব লাগে যাতে সময়টো বৰ বেছি দীঘলীয়া নহয় । কাৰণ অভীক্ষাৰ বৈধতা আৰু নিৰ্ভৰযোগ্যতা বহুক্ষেত্ৰত নিৰ্ভৰ কৰে সময়ৰ ওপৰত।

২) ব্যয় [Cost] : ভাল অভীক্ষাৰ অন্য এক ভাল লক্ষণ হৈছে মিতব্যয়ীতা। সেয়ে অভীক্ষা এটা বৰ বেছি ব্যয় বহুল হ’ব নালাগে । যদি ব্যয় বহুল হয় তেতিয়া সকলোৱে সেই অভীসক্ষাটো ব্যৱহাৰ কৰিব নোৱাৰিব।

৩) আপাত বৈধতা [Face Validity] : অভীক্ষাটো ব্যৱহাৰ কৰি কি সংলক্ষণ পৰিমাপন কৰিব সেয়া ওপৰে ওপৰে চালেই বুজি পোৱা বিধৰ হ’ব লাগে। আৰু এই গুণেই হৈছে আপাত বৈধতা, যি অভীক্ষাৰ অন্য এক গুৰুত্বপূৰ্ণ ব্যৱহাৰিক বৈশিষ্ট্য।

৪) উদ্দেশ্য [Purpose] : যিকোনো অভীক্ষাৰে উদ্দেশ্য স্পষ্ট হ’ব লাগে। কৰিব দিশটো সঠিকভাৱে মূল্যায়ন কৰিব পাৰে।

৫) মূল্যাংকনৰ সুবিধা : অভীক্ষা এটা ভাল অভীসা হ’বলৈ হ’লে অভীক্ষাটোত মূল্যাংকনৰ সুবিধা থাকিব লাগিব। যদি উপযুক্ত মূল্যাংকনৰ সুবিধা নাথাকে তেনে অভীক্ষক আমাৰ বাবে ভাল অভীক্ষ বুলি ক’ব নোৱাৰি। 

৬) অভীক্ষাংকসমূহৰ অর্থবহতা : অভীক্ষাৰ সহায়ত লাভ কৰা অভীক্ষাংকৰ অৰ্থ থাকিব লাগিব। অভীক্ষাংকসমূহ যদি অর্থহীন হয়। তেতিয়া সেই অভীক্ষাক ভাল অভীক্ষা বুলিব নোৱাৰি।

৫৩। পৰীক্ষণ পুনঃপৰীক্ষণ পদ্ধতিৰ সুবিধা- অসুবিধাসমূহ লিখা?

উত্তৰঃ পৰীক্ষণ পুনঃপৰীক্ষণ পদ্ধতিৰ সুবিধা :

(i) এই পদ্ধতিৰে নিৰ্ভৰযোগ্যতা নির্ণয় কৰা আটাইতকৈ সহজ পদ্ধতি। সেয়ে এই পদ্ধতিটো সকলোৱে খুউৰ সহজতে নিৰ্ভৰযোগ্যতা নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰে ।

(ii) এই পদ্ধতিৰ দ্বাৰ। নিৰ্ভৰযোগ্যতা নির্ণয় কৰিলে দুবাৰ অভীক্ষা প্ৰস্তুত কৰাৰ অসুবিধা নাথাকে।

(iii) মনোবিজ্ঞানৰ প্ৰায় সকলোধৰণৰ অভীক্ষাৰ নিৰ্ভৰযোগ্যতা নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এই পদ্ধতি ব্যৱহাৰ কৰিব পাৰি।

পৰীক্ষণ পুনঃপৰীক্ষণ পদ্ধতিৰ অসুবিধাসমূহ :

(i) এই পদ্ধতিয়ে একেটা অভীক্ষাক দুবাৰ প্ৰয়োগৰ পৰিস্থিতিত অভীক্ষাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিক স্থিতি অপৰিৱৰ্তনীয় তথ্য একেই থাকে বুলি ধৰি লয় যদিও বাস্তৱত সেয়া হৈ নুঠে। অভীক্ষাৰ্থীৰ ক্ষেত্ৰত সম্পূৰ্ণ একে হৈ নাথাকে।

(ii) অভীক্ষাটো প্ৰথমবাৰ প্ৰয়োগ আৰু দ্বিতীয়বাৰ প্ৰয়োগৰ ব্যৱধান বেছি হ’লে মাজৰ সময়ছোৱাত অভীস্যার্থয়ে নতুন কথাৰ শিকাৰ সুবিধা পায় অথবা কম সয়মৰ ভিতৰত অনুষ্ঠিত হ’লে প্ৰথমবাৰ মুখস্থ কৰা বিষয়বস্তুৰ তাৎক্ষণিক স্মৃতিৰ প্ৰভাৱ পৰে, ফলত দ্বিতীয়বাৰ বেছিনম্বৰ পোৱাৰ সম্ভাৱনা থাকে।

(iii) এই পদ্ধতিত অভীক্ষাটো এবাৰ প্ৰয়োগ কৰাৰ পিছত দ্বিতীয়বাৰ কিমান সময় তথা দিনৰ ভিতৰত কৰিলে সুবিধা হয় তাক লৈ এটা সমস্যাৰ সৃষ্টি হোৱা দেখা যায়। গতিকে এই পদ্ধতিৰ কিছুমান অসুবিধা থাকিলেও কিন্তু অভীক্ষাৰ নিৰ্ভৰযোগ্যতা নিৰূপণ কৰাৰ ক্ষেত্ৰত ই যে এক সহজ সৰল পদ্ধতি যিটো আওকান কৰিব নোৱাৰি।

৫৪।  নিৰ্ভৰযোগ্যতাত প্ৰভাৱ পেলোৱা উপাদানসমূহ ব্যাখ্যা কৰা?

উত্তৰঃ নিৰ্ভৰযোগ্যতাত প্ৰভাৱ পেলোৱা আভ্যন্তৰীণ উপাদানসমূহ হ’ল ―

(i) অভীক্ষাৰ দৈৰ্ঘ্য : অভীক্ষা এটাৰ দৈৰ্ঘ্যতাই নিৰ্ভৰযোগ্যতাত বহুখিনি প্রভাৱ পেলায়। অভীক্ষা এটা যিমানে দীঘলীয়া হয় ইয়াৰ নিৰ্ভৰযোগ্যতা সিমানে বেছি হয়। কিন্তু যদি অভীক্ষাৰ দৈৰ্ঘ্যতা সীমাহীনভাবে বঢ়াই দিলেও অভীক্ষার্থীয়ে আমনি পায়। সেয়ে অভীক্ষা এটাৰ দৈৰ্ঘ্যতা এটা সীমাৰ ভিতৰত ৰাখি সমতুল্য আকৃতিৰ প্ৰস্তুত কৰিলে নিৰ্ভৰযোগ্যতা বেছি হোৱাৰ আশা কৰিব পাৰি।

(ii) প্রশ্নসমূহৰ সমৰূপতা : অভীক্ষাৰ প্ৰশ্নসমূহে যদি একেলগে বিভিন্ন দিশ জোখে আৰু প্ৰশ্নসমূহৰ মাজত যদি আন্তঃসম্বন্ধ নাথাকে তেতিয়া তেনে অভীক্ষাৰ নিৰ্ভৰযোগ্যতা কম হয়। আনহাতে যদি প্রশ্নসমূহে একে জাতীয় সংলক্ষণ জোখে আৰু যদি প্রশ্নসমূহৰ মাজত যদি আতঃসম্বন্ধ বেছিতথা সমৰূপৰ হয় তেতিয়া অভীক্ষাটোৰ নির্ভৰযোগ্যতাও বেছি হয়।

(iii) প্রশ্নসমূহৰ জটিলতাৰ স্তৰ : অভীক্ষা এটাত ব্যৱহাৰ হোৱা প্রশ্নসমূহ সহজ আৰু জটিল প্ৰশ্নৰ সংমিশ্ৰণ হোৱা উচিত। কিন্তু প্রশ্নসমূহ যদি অতি বেছি সহজ হয় অথবা অতি বেছি কঠিন হয় তেতিয়া ইয়াৰ নিৰ্ভৰযোগ্যতাও নিম্নমানৰ হয়।

(iv) পার্থক্য নির্ণায়ক ক্ষমতা : অভীক্ষাত উল্লিখিত প্রশ্নপদসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ দক্ষতা তথা সামৰ্থৰ পাৰ্থক্য বিচাৰি উলিয়াব পাৰিব লাগিব। যদি অভীক্ষাটোত সকলোৱে একে নম্বৰ পায় আৰু একেধৰণৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে তেতিয়া অভীক্ষাটোৰ নিৰ্ভৰযোগ্যতা নাথাকে।

(v) অভীক্ষকৰ নিৰ্ভৰযোগ্যতা : অভীক্ষকৰ নিৰ্ভৰযোগ্যতা হৈছে কিমান পৰিমানে দুজন অভীক্ষকে পৰীক্ষা কৰা একেখন উত্তৰ কাকতৰ নম্বৰ প্ৰায় সমপৰ্যায়ৰ হয় নে নহয় সেইটো। যদি এজন অভীক্ষকে উত্তৰ কাকতখনত 50 নম্বৰ দিয়ে আৰু একেখন উত্তৰ কাকততে অন্য এজন অভীক্ষকে 20 নম্বৰ দিয়ে তেতিয়াও অভীক্ষাটোৰ নিৰ্ভৰযোগ্যতা নাথাকে।

অভীক্ষা এটাৰ নিৰ্ভৰযোগ্যতাত বহুতো উপাদানে প্ৰভাৱ পেলায়। সেয়ে এইক্ষেত্ৰত অভীক্ষকে সতর্কতাৰে অভীক্ষাৰ জোখ সঁজুলিসমূহ ব্যৱহাৰ কৰিলে নিৰ্ভৰযোগ্যতা হ্রাস হোৱাৰ সম্ভাৱনা কম থাকে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top