Health Benefits of Alstonia scholaris | চতিয়না গছৰ উপকাৰিতা 

পৃথিৱীৰ ২,৫০,০০ বিধ উচ্চ উদ্ভিদেৰে ভৰপূৰ আৰু এই উদ্ভিদ সমূহৰ ভিতৰত ৮০,০০০ বিধ উদ্ভিদ হৈছে ঔষধি গুণেৰে পৰিপুষ্ট । পৃথিৱীৰ এই ঔষধি জাতীয় উদ্ভিদবোৰৰ ব্যৱহাৰ লোকো বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত । এনে এবিধ বনৌষধী গুণেৰে সমৃদ্ধ উদ্ভিদ হৈছে চতিয়না (Alstonia scholaris) । অতীজৰে পৰা বিভিন্ন ৰোগৰ নিৰাময়ৰ ক্ষেত্ৰত চতিয়না গছ ব্যৱহাৰ কৰি অহা হৈছে। এই  প্ৰৱন্ধটিত চতিয়না গছৰ স্বাস্থ্য সম্পৰ্কীয় উপকাৰিতাৰ Health Benefits of Alstonia scholaris বিষয়ে সাম্যক তথ্য বৰ্ণনা কৰা হৈছে।

Health Benefits of Alstonia scholaris
Join Telegram channel

Read Also: Health Benefits of Roselle | টেঙামৰাৰ উপকাৰিতা 

চতিয়না কি | What is Alstonia scholaris?

চতিয়না  এবিধ চিৰসেউজীয়া বনৌষধি উদ্ভিদ। চতিয়না গছক ইংৰাজীত Blackboard আৰু Devil tree বুলি কোৱা হয়। চতিয়না গছ Apocynaceae পৰিয়ালৰ অন্তৰ্গত । পৌৰাণিক কাহিনী আৰু জনপ্ৰিয় কল্পনাৰ আধাৰত এই গছক চয়তানৰ বাসস্থান বুলি গণ্য কৰা হয় লগতে পৰম্পৰাগত ঔষধত এই চতিয়না গছ ব্যৱহাৰ কৰা হয় । 

ʼ পোৱা যায় | Where is it found?

চতিয়না  দক্ষিণ চীন (South China), ক্ৰান্তীয় এছিয়া (Tropical Asia) আৰু অষ্ট্ৰেলিয়া (Australia)ৰ স্থানীয় গছ । এই চতিয়না গছ ভাৰতৰ লগতে অসমৰো বহুতো ঠাইত পোৱা যায় । 

কেতিয়া ব্যৱহাৰ কৰা হয় | When it is used?

চতিয়না  গছৰ বাকলি হৈছে মেলেৰিয়া ( malaria ), দাঁতৰ বিষ ( toothache ), Rheumatism আৰু সাপৰ কামোৰৰ (snake bite) বিৰুদ্ধে প্ৰতিকাৰৰ উৎস । জ্বৰ ( fever ), কাঁহ ( cough ), ডিঙিৰ ঘাঁ ( Sore throat ) আদিৰ চিকৎসাৰ বাবে চতিয়না গছৰ ‘Latex’ ব্যৱহাৰ কৰা হয় । আয়ুৰ্বেদৰ পৰামৰ্শ অনুসৰি দীৰ্ঘম্যাদী ছালৰ আলচাৰত চতিয়না গছৰ বাকলিৰ প্ৰলেপ স্থানীয়ভাৱে প্ৰয়োগ কৰা হয়। 

আকাৰআকৃতি আৰু প্ৰকৃতি | Appearance & Characteristics

এই গছজোপা বৃহৎ আকাৰৰ।  চতিয়না  গছ এজোপা ৪০ মিটাৰ মান ওখ হয়। চতিয়না গছৰ পাতবোৰ উপবৃত্তাকাৰ , আয়তকাৰ ১০ – ২০ ছেণ্টিমিটাৰ দীঘল হয়। এই গছৰ পাতবোৰ একে ঠাইতে  ছয়খিলা থোপ খাই থাকে। চতিয়না গছৰ পাতবোৰ ছিঙিলে দ্ৰুতগতিত বগা আঠা ওলায়। পাতবোৰ ওপৰফালে চকচকীয়া সেউজীয়া আৰু তলৰফালে বগা বা ধূসৰ বৰণৰ হয়। চতিয়না গছৰ ফুলবোৰ সেউজীয়া বগা বৰণৰ হয়। 

চতিয়না   গছত শীতকালত গুটি ধৰে আৰু ফুল ফুলে শৰৎ কালত। ফুলবোৰ সুগন্ধি হয়। চতিয়না গছৰ ছালৰ ৰস কেঁহা হয়। জ্বৰ, চৰ্মৰোগ, কৃমিৰোধক, গ্ৰহণী, দন্তক্ষয়, শক্তিহীনতা, শ্বাসৰোগ, ৰক্তদোষ আদি বিভিন্ন ধৰণৰ ৰোগৰ নিৰাময়ত চতিয়না গছৰ পাত, ফুল, ঠাৰি আদিৰ ব্যৱহাৰ কৰা হয়।

চতিয়না গছৰ বিশেষ চৰিত্ৰ সমূহ হৈছে | Special characters of Alstonia scholaris

  • থলুৱা – ভাৰতৰ স্থানীয় (Indigenous – native to India) 
  • চীনা ৱাস্তুশাস্ত্ৰ মতে এক পবিত্ৰ উদ্ভিদ (Auspicious or Feng Shui plant) 
  • সুগন্ধি ফুল আৰু পাত (Fragrant flowers and leaves)
  • স্ক্ৰিণীংৰ বাবে ভাল (Good for Screening) 
  • চৰাইবোৰক আকৰ্ষিত কৰে (Attracts Birds) 
  • পখিলাবোৰক আকৰ্ষিত কৰে (Attracts Butterflies) 
  • মৌ – মাখিবোৰক আকৰ্ষিত কৰে (Attracts Bees) 
  • জন্তুৱে নাখায় (Animals not willing to Eat)
  • পতংগ বা মহৰ প্ৰতিৰোধক (Insects or mosquito Repellent)
  • খোৱা হ’লে বিষাক্ত  (Poisonous if eaten) 
  • ছাঁ সৃষ্টি কৰাৰ বাবে অনুমোদিত (Recommended for creating shade)
  • দ্ৰুতভাৱে গজা গছ (Quick growing trees) 
  • ৰাস্তাৰ মধ্যমত ৰোপণৰ বাবে উপযুক্ত (suitable for road median planting)
  • Suitable for avenue planting 
  • সমুদ্ৰতীৰৰ বাবে ভাল (Good for seaside) 
  • আদ্ৰ আৰু গৰম অঞ্চলত সৰ্বশ্ৰেষ্ঠ বৃদ্ধি হয় । (Grown best in humid and warm regions) 

চতিয়না গছ বিভিন্ন ভাষাত বিভিন্ন নামেৰে জনাজাত এই নাম সমূহ – 

  • হিন্দী ভাষাত  : Satauna, Chitvan, Chitvam 
  • সংস্কৃত ভাষাত : Saptaparni, Saptacchada 
  • তামিল ভাষাত : Ezilai Pillai
  • মালায়ালম  ভাষাত : Daivapalla
  • তেলেগু ভাষাত : Edakula Ponna, Edakulariti 
  • ইংৰাজী ভাষাত : Dita , Milkwood pine, Blackboard tree,  Devil tree 
  • বাংলা ভাষাত : Chatim 
  • পাঞ্জাৱী ভাষাত : Satauna 
  • মাৰাঠী ভাষাত : Satavina , Satveena
  • গুজৰাটী ভাষাত : Satvana , Saatvan 
  • কান্নাড়া  ভাষাত : Moddale 
  • চতিয়না গছৰ অনান্য নাম হ’ল ( common name ) : Devil tree, Ditabark, Milkypine, White pine , Palmira Alstonia, Milky, Pulai, Jelutong, Australian fever bark tree, Shaitan, Tin pet, Chatiyan wood।
  • চতিয়না গছৰ বৈজ্ঞনিক নাম হ’ল (Scientific Name): Alstonia scholaris

চতিয়না গছৰ বিজ্ঞানিক শ্ৰেণবিভাজন | Scientific classification of Alstonia scholaris: 

  • জগৎ / ৰাজ্য ( kingdom ) : Plantae 
  • অশ্ৰেণীকৃত ( clade ) : Tracheophytes 
  • অশ্ৰেণীকৃত ( clade ) : Angiosperms 
  • অশ্ৰেণীকৃত ( clade ) : Eudicots 
  • অশ্ৰেণীকৃত ( clade ) : Asteroids 
  • বৰ্গ ( order ) : Gentianales
  • পৰিয়াল ( family ) : Apocynaceae 
  • গণ ( Genus ) : Alstonia 
  • প্ৰজাতি ( Species ) : A.S 
  • বৈজ্ঞানিক নাম ( Scientific name ) : Alstonia scholaris

চতিয়না গছৰ উপকাৰিতা আৰু ব্যৱহাৰ | Benefits and Uses of Alstonia scholaris

১. মাজে মাজে হোৱা জ্বৰ নিৰাময় কৰে (Cures intermittent fever): মাজে  সময়ে হোৱা জ্বৰৰ বাবে চতিয়না   উপকাৰী । চতিয়না গছৰ বাকলি সংগ্ৰহ কৰি ওপৰৰ ছাল আঁতৰ কৰি ইয়াত সৰু টুকুৰা নহৰু আৰু সমান অনুপাত জীৰা গুটি যোগ কৰি জুচ তৈয়াৰ কৰি ইয়াক প্ৰতি চাৰি ঘণ্টাত ১৫/২০ মিলি লিটাৰ সেৱন কৰিলে এই ৰোগৰ পৰা নিৰাময় পাব পাৰি । 

২. মেদবহুলতা আৰু কলেষ্টেৰল (Obesity and Cholesterol): চতিয়না   মেদবহুলতা আৰু কলেষ্টেৰল বাবে উপকাৰী। চতিয়নাৰ সতেজ বাকলি আৰু পাতৰ ৰস ৰাতিপুৱা সেৱন কৰিব লাগে । ই মেদবহুলতা , হাইপাৰ কলেষ্টেৰল বিৰুদ্ধে অতি কাৰ্যকৰী । 

৩. জণ্ডিছ নিৰাময় কৰে (Cure Jaundice): চতিয়না   জণ্ডিছ ৰোগৰ বাবে উপকাৰী । ৫/১০ গ্ৰাম চতিয়না গছৰ বাকলিৰ পেষ্ট তৈয়াৰ কৰি দৈনিক ৰাতিপুৱা মাখন গাখীৰৰ সৈতে ১০/১৫ দিন সেৱন কৰিলে জণ্ডিছ ৰোগৰ পৰা নিৰাময় পাব পাৰি । 

৪. উফি আৰু মূৰৰ উকণি নিৰাময় কৰে (Cures Dandruff and Head Lice): উফি আৰু মূৰৰ উকণি নাশ কৰিবলৈ চতিয়না   বিশেষ উপকাৰী। চতিয়না গছৰ বাকলিৰ ডাঠ পেষ্ট তৈয়াৰ কৰি ইয়াৰ সৈতে ১৫০ মিলি লিটাৰ তিল তেল যোগ কৰি কম তাপত  পানীৰ পৰিমাণ সম্পূৰ্ণ হোৱালৈকে গৰম কৰি তাৰ পিছত ফিল্টাৰ  কৰি ইয়াক মূৰৰ ছালত প্ৰয়োগ কৰিব লাগে এই প্ৰয়োগে উফি আৰু মূৰৰ উকণিৰ সমস্যা নিৰাময় কৰে। 

৫. ফোঁহা নিৰাময় কৰে (Cures Abscess): নিম আৰু চতিয়না গছৰ মিহি পেষ্ট তৈয়াৰ কৰি তাত অলপ নিমখ মিহলাই গৰম কৰি ফোঁহাত লগালে উপকাৰ পোৱা যায়। 

৬. গ্ৰহণী নিৰাময় কৰে (Cures Diarrhea): গ্ৰহণী ৰোগৰ বাবে চতিয়না উপকাৰী। চতিয়না গছৰ বাকলিৰ জুচ তৈয়াৰ কৰি প্ৰতিদিনে দুবাৰকৈ সেৱন কৰিলে গ্ৰহণী ৰোগ নিৰাময় হয়।

৭. মূৰ বিষ নিৰাময় কৰে (Cures Headache): চতিয়না গছ মূৰৰ বিষৰ বাবে উপকাৰী ।  : চতিয়না গছৰ বাকলিৰ পেষ্ট তৈয়াৰ কৰি ইয়াক গৰম কৰি কপালত বেণ্ডেজ হিচাপে প্ৰয়োগ কৰিলে বা চতিয়না গছৰ কোমল পাতৰ প্ৰলেপ কপালত লগালে মূৰৰ বিষ নিৰময় হয় । 

৮. যকৃতৰ ওপৰত চতিয়নাৰ প্ৰভাৱ (Alstonia Scholaris effect on Liver): পশু ওপৰত কৰা এক অধ্যয়নে সূচায় যে চতিয়না উদ্ভিদত Hepatoprotective গুণ আছে। ভাৰতত দেখা গৈছে যে চতিয়না   উদ্ভিদৰ নিষ্কাশন যকৃতৰ ক্ষতি হ্ৰাস কৰা আৰু যকৃতৰ স্থাপত্য পুনৰুদ্ধাৰ কৰাত কাৰ্যকৰী । 

৯. মেলেৰিয়া ৰোগ নিৰাময় কৰে (Cures Malaria): চতিয়না   উদ্ভিদ মেলেৰিয়া ৰোগৰ প্ৰতিৰোধ হিচাপে কাৰ্য কৰে। চতিয়না গছৰ বাকলিৰ ৰস বা গুৰি ২৫ গ্ৰামকৈ দৈনিক তিনিবাৰকৈ তিনিদিন সেৱন কৰিলে মেলেৰিয়া ৰোগৰ পৰা নিৰাময় পাব পাৰি । 

১০. শ্বাস ৰোগ, হাঁপানী, কাঁহ নিৰাময় কৰে (Cures Respiratory disease, Asthma, Cough):  শ্বাস ৰোগ, হাঁপানী , কাঁহ আদি ৰোগৰ বাবে চতিয়না উদ্ভিদ উপকাৰী । চতিয়না গছৰ ফুলৰ শুকান গুৰি এক গ্ৰাম , আধাকাপ পৰিমাণৰ কুহুমীয়া পানীৰ সৈতে মিহলি  কৰি দৈনিক ২-৩ বাৰ খালে শ্বাস ৰোগ, হাঁপানী , কাঁহ আদি ৰোগৰ পৰা নিৰাময় লাভ কৰিব পাৰি । 

১১. বাত বিষ নিৰাময় কৰে (Cures Arthritis): বাত বিষৰ পৰা আৰোগ্য লাভ কৰিব বাবে চতিয়না   বিশেষ উপকাৰী। চতিয়না গছৰ শিপাৰ জুচ প্ৰস্তুত কৰি দিনে দুবাৰকৈ সেৱন কৰিলে বাত বিষৰ পৰা সকাহ পাব পাৰি । 

১২. বদহজম, গ্ৰেষ্ট্ৰাইটিছ (Indigestion / Gastritis): চতিয়না গছৰ বাকলিৰ গুৰি ১/২ চাহ চামুচ পানীত উতলাই ফিল্টাৰ  কৰি দিনত এবাৰকৈ সেৱন বদহজম, গ্ৰেষ্ট্ৰাইটিছ নিৰাময় পাব পাৰি।

যদিও এই উদ্ভিদ বিধ ঔষধি গুণেৰে পৰিপুষ্ট আৰু বহু ৰোগৰ বাবে উপকাৰী তথাপিও ইয়াক চিকিৎসকৰ পৰামৰ্শ অনুসৰি ব্যৱহাৰ কৰা উচিত ।

চতিয়না উদ্ভিদক কিদৰে ব্যৱহাৰ কৰিব | How to use Alstonia scholaris  

  • চতিয়না   গছৰ বাকলি হাঁপানি, হৃদৰোগ, দীৰ্ঘম্যাদী আলচাৰ আৰু অনান্য ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। 
  • প্ৰদাহ হ্ৰাস কৰিবলৈ আৰু অনান্য ঘাঁহ আৰোগ্য কৰিবলৈ  চতিয়না গছৰ বাকলিৰ পেষ্ট বনাই ব্যৱহাৰ কৰা হয়। 
  • জ্বৰ, দুৰ্বলতা, পক্ষাঘাত, দাঁত বিষ, দেহ বিষ আৰু আমাশয় সমস্যাৰ চিকিৎসাৰ বাবে চতিয়না গছৰ বাকলি, পাত ব্যৱহাৰ কৰা হয়। 
  • দীৰ্ঘম্যাদী ডায়েৰিয়া আৰু আমাশয় বাবে চতিয়নাৰ বাকলি উপযোগী।
  • চতিয়না পাতৰ পৰা তৈয়াৰ কৰা প্ৰলেপ ছালৰ ৰোগৰ বিৰুদ্ধে এক ভাল প্ৰতিকাৰ হিচাপে প্ৰতিবেদিত হৈছে। 
  • সংক্ৰমিত ঘাঁহ  পৰিষ্কাৰ কৰিবলৈ চতিয়না পাতৰ গুৰি ব্যৱহাৰ কৰা হয়। 
  • টিউমাৰৰ চিকিৎসাৰ বাবে চতিয়নাৰ পাত আৰু লেটেক্স (latex) বাহ্যিক ভাৱে প্ৰয়োগ কৰা হয়।
  • চতিয়নাৰ শুকান পাতবোৰ প্ৰত্যাশিত (expectorant ) হিচাপে ব্যৱহাৰ কৰা হয়।
  • পাতল শৌচ ( Slimy Stools ) হ’লে চতিয়না গছৰ বাকলিৰ গুৰি ৰাতি সেৱন কৰিব লাগে। 
  • কৃমি নাশ কৰিবলৈ চতিয়না  গছৰ শিপাৰ গুৰি কুহুমিয়া পানীৰ সৈতে মিহলাই সেৱন কৰিব লাগে। 
  • চতিয়না গছৰ ফুলৰ গুৰি মূৰ বিষ নিৰাময় কৰিব বাবে ব্যৱহাৰ কৰা হয়। 

চতিয়না উদ্ভিদৰ অপকাৰীতা |Side effects of Alstonia scholaris 

চতিয়না উদ্ভিদৰ উপকাৰিতাৰ লগতে কিছু অপকাৰীতাও আছে । সেই সমূহ হ’ল – 

  • গৰ্ভৱতী মহিলাই চতিয়না ব্যৱহাৰ কৰাৰ পৰা দূৰে থকা ভাল । 
  • চতিয়না উদ্ভিদৰ পৰা পৰাগৰ ফলত এলাৰ্জিক প্ৰতিক্ৰিয়া হ’ব  পাৰে । 
  • চতিয়না উদ্ভিদত এনে এক পদাৰ্থ থাকে যি ভৰ্তি নাক, খিঙখিঙীয়া হোৱা, এলাৰ্জিক প্ৰতিক্ৰিয়া, চকুৰ সমস্যা, বৃক্কৰ সমস্যা, হতাশা, আৰু মানসিক প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰে। 
  • কোনো লোকৰ যদি দীৰ্ঘম্যাদী স্বাস্থ্য অৱস্থা আছে বা কোনো ঔষধ গ্ৰহণ কৰি আছে, তেনে ক্ষেত্ৰত চতিয়না গ্ৰহণ কৰাৰ আগত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

সামৰণি | Conclusion

উক্ত প্ৰৱন্ধটিৰ দ্বাৰা আপোনি নিশ্চয় চতিয়না ৰ এক সাম্যক পৰিচয় পালে। ইয়াৰ বিভিন্ন নাম, ৰাসায়নিক উপাদান, উপকাৰ, অপকাৰ তথা অন্যান্য গুণাগুণৰ বিষয়ে জানিবলৈ পালে।  আশা কৰোঁ উক্ত প্ৰবন্ধটিত উল্লেখ থকা তথ্যসমূহে আপোনাক বিভিন্ন সমস্যাত ভিন্ন ধৰণে উপকৃত কৰিব। ধন্যবাদ !

Read Also: Health Benefits of Tea Tree Oil | চাহ গছৰ তেলৰ  লাভালাভ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top