ফকৰা যোজনা – ভাব বহলাই লিখা,ফকৰা যোজনা ব্যাকৰণ, Fokora Jujona In Assamese, অসমীয়া ফকৰা যোজনা, Assamese Proverbs, Fokora Jujona In Assamese.
( ম )
★ মহন্তৰ চিন মাহনিত, বুঢ়াগৰুৰ চিন ঘাঁহনিত ।
⇒ কাৰ্যতহে মানুহৰ প্ৰকৃত স্বৰূপ বুজা যায়। সৎ আৰু সংযত ব্যক্তিয়ে সকলো সময়তেই ভাল আচৰণ কৰে। বুঢ়া গৰুৰ পৰিচয় ঘাঁহনিতহে পোৱা যায় ।
★ মই মৰিছো খাষিৰ শাপত, তই দিলিহি ধানৰ ভাপত ।
⇒ কোনো মানুহে কষ্ট ভোগ কৰি থকা সময়তে তেওঁক অতিৰিক্তভাৱে কষ্ট দিয়া। অৰ্থাৎ কষ্টৰ পৰিমান অসহনীয় হোৱা ।
★ মাকতকৈ জীয়েক কাজী, ঢেঁকী থোৰাৰে বাটে পাঁজি ।
⇒ কিছুমান মানুহে নিজকে কোনো কামত পাৰ্গত বুলি যাহিৰ কৰিব খোজে যদিও কামটো ভালদৰে কৰিব নোৱাৰি কামত আউল লগায়। গতিকে কাম নজনা মানুহৰ মুখৰ কথাই সাৰ ।
★ মাটি কিনিবা মাজ খাল, ছোৱালী আনিবা মাক ভাল ।
⇒ ধানখেতিৰ কাৰণে মাজখাল অৰ্থাৎ মাজত পানী ৰোৱা মাটি ভাল। তেনেদৰে ছোৱালী বিয়া কৰাবলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ প্রতি মনোনিবেশ কৰা বাঞ্ছনীয় ।
★ মাটি ভাল কৰে মৈয়ে, তিৰোতা ভাল কৰে পৈয়ে ।
⇒ ঘৰৰ পুৰুষজন ভাল হ’লে অনুৰূপভাৱে তিৰোতাজনীও ভাল হয়। গতিকে মৈয়ে মাটিৰ খলা-বমা সমান কৰি মাটিদৰা ভাল কৰাৰ দৰে পুৰুষৰ উপযুক্ত শাসনে তিৰোতাকো ভাল কৰে।
★ মাকে নেপাহৰে পুত্ৰৰ শোক, সাপে নেপাহৰে কঁকালৰ কোব ।
⇒ মাকে কেতিয়াও পুত্ৰৰ শোক নাপাহৰে। কাৰণ, পুত্ৰশোক মাকৰ কাৰণে আটইতকৈ ডাঙৰ শোক। তেনেদৰে সাপে কেতিয়াও কঁকালৰ কোব নাপাহৰে ।
★ মাতিলে ৰণলৈকো যায়, নেমাতিলে ভোজলৈকো নেযায় ।
⇒ মাতিলে যিকোনো কঠিন ক’মলৈয়ো যাব লাগে, আনকি যুদ্ধক্ষেত্ৰলৈয়ো পিছ হুহকিব নালাগে। কিন্তু নামাতিলে ভোজলৈয়ো যাব নালাগে ।
★ মাছৰ নানিবা সৰু কুটা। তিৰীৰ নানিবা বজাৰ লুটা ।
⇒ সৰু সৰু কীইট থকা মাছ আনিব নালাগে। তেনে মাছ বাছোতেই বহুত সময় যায়। তেনেদৰে বজাৰত ঘূৰি ফুৰা তিৰোতা আনিব নালাগে। ঘূৰি ফুৰা তিৰোতাই ভালদৰে ঘৰ চম্ভালিব নোৱাৰে ।
★ মাতৰ সোৱাদ বৌ, টেঙাৰ সোৱাদ ঔ ।
⇒ বৌৰ মাতত মধুৰতা থাকে, গতিকে সোৱাদ। ওঁটেঙাৰ তৰকাৰীৰ সোৱাদেই সুকীয়া। অন্য টেঙাই ইয়াৰ জোৰ ল’ব নোৱাৰে ।
★ মাছে গৰকা পাচলি চাবা, শাহুৱে গৰকা বোৱাৰী বাবা ।
⇒ শাহু থকা বোৱাৰী কাম-কাজত যথেষ্ট পৈণত হয়। কাৰণ, তেওঁলোকে দেখি-শুনি বহুত কথা শিকিব পাৰে। তেনেদৰে মাছ দি পাচলি ৰান্ধিলে সোৱাদ বৃদ্ধি পায় ।
★ মিতিৰৰ আগত ক’বা, হাতীৰ কপানত খুচিবা ।
⇒ মানুহ স্পষ্টবাদী হোৱা ভাল। আত্মীয়-কুটুম্বৰ আগত কথা ক’লে ভাল বুজাবুজি নাথাকে। তেনেদৰে, হাতীৰ কপালত খুচিব লাগে, তেতিয়াহে বশ কৰিব পাৰি ।
★ মুখতে বঁটা পায়, মুখতে কটা যায় ।
⇒ ভাল কথাই মানুহৰ মন আকৰ্ষণ কৰে আৰু তাৰ বাবে মানুহ পুৰস্কৃতও হয়। বেয়া কথাৰ পৰিণতি ভয়াবহ। তাৰ বাবে মানুহে অপমান পাবলগীয়া হয় ।
★ মূৰত ল’লৈ ওকণীয়ে খায়, মাটিত থ’লে পৰুৱাই পায় ।
⇒ মানুহে কেতিয়াবা চেনেহত আকুল হৈ শিশুৰ প্রতি অতি মৰম প্ৰদৰ্শন কৰে। অত্যন্ত মৰমত তেওঁলোকে শিশুক ক’ত থ’ব ভাবি পাৰ নাপায় ।
★ মেলত থাকি নেমাতে উচিত, পাপে পায় কিঞ্চিৎ কিঞ্চিৎ ।
⇒ সমাজত উপস্থিত থাকি উচিত কথা নক’লে পাপ হয়। গতিকে সভাসমাজত হোৱা আলোচনাৰ দোষ-ক্ৰুটিসমূহ দেখুৱাই দিয়া উচিত ।
★ মৌপিয়া চটকে পৰ্বত লয় তুলি। ঢোল যেন কণী পাৰে চুঙাৰ বাদুলি ।
⇒ ক্ষুদ্ৰ হৈয়ো অসম্ভৱ কাম কৰিব পাৰিব বুলি ফিটাহি মৰা। কামটো অসম্ভব ধুলি জানিও কেতিয়াবা কিছুমান মানুহে সেইটো কৰা সম্ভৱ বুলি ফিটাহি মৰা দেখা যায়। মুঠতে অসম্ভৱ কথা কোৱা ।
★ মাতৃগমন কৰিবা, সুবৰ্ণ হৰিবা, অতিথিক নিদিবা ঠাই
মহন্তসকলক মৰিয়াই মাৰিবা, তেহে বৈকুণ্ঠক পায় ।
⇒ জ্ঞান পাবলৈ হ’লে গুৰুৰ ওচৰলৈ যাব লাগে। গুৰুৰ উপদেশৰ যোগেদি জ্ঞানলাভ কৰিব পাৰি। অসৎ ভাবক কেঙ্ঘমও মনত ঠাই দিব নালাগে আৰু ৰিপুবোৰ দমন কৰিব লাগে। তেতিয়াহে মুক্তি সম্ভৱ। (মাতৃ-জ্ঞান। সুবৰ্ণ-গুৰুৰ উপদেশ, অতিথি-অসৎ ভাৱ। মহন্ত–ৰিপুসমূহ ।)
★ মোৰ পো দুষ্ট, মোকে মাৰে, মোকে কাটে, মোকে কৰে তুষ্ট ।
⇒ ভগৱানৰ অংশস্বৰূপ অনেক জীৱক মানুহে বধ কৰে। আনহাতে বহুতো জীৱ বধ কৰি, বলি দি ভগৱানক সন্তুষ্ট কৰে। গতিকে ভগৱানক সন্তুষ্ট কৰিবলৈ মানুহে চেষ্টা কৰে। (ভগৱানৰ পো-মানুহ। তুষ্টকৰা-সম্তুষ্ট কৰা ।)
★ মনক বান্ধিবা মনক চাটিবা, মনক নিদিবা লাই । অবুজন মনক বুজাব নোৱাৰি যেন গজমুখী গাই ।
⇒ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত। মনৰ ফুচুলনিত পৰি বিপথগামী হ’লে মানুহে সংসাৰত সুখ লাভ কৰিব নোৱাৰে, ধ্বংসৰ পথতহে গতি কৰে ।
★ মন হৈ জাৰিলে চিত হৈ চালিলে জ্ঞান হৈ মলখু বাচে
নিশ্চয় জানিবা সেইজন লোকৰ তত্ত্বজ্ঞান আছে ।
⇒ মানুহে শৃঙ্খলিত আৰু পৰিশীলিত জীৱন-যাপন কৰিব লাগে। শৃঙ্খলিত জীৱনেই একমাত্ৰ জ্ঞানীৰ পৰিচয়। মন আৰু চিতৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ হ’লে সংযম শিক্ষা অপৰিহাৰ্য ।
★ মাজমূৰত নাই চুলি, পৈয়েকে মাতে ৰূপহী বুলি ।
⇒ গুণৱতী তিৰোতা দেখিবলৈ কুজী হ’লেও জ্ঞানী পুৰুষে তেওঁলোকক ৰূপৱতী দেখে ।
★ মানুহ হ’ব ঘূণীয়া, দেশ হ’ব ধুনীয়া
বৃক্ষৰ গুটি হৰিব, পথাৰত হৰিব ধান,
★ ডেকা হব কথকী, বুঢ়াৰ হেৰাব মান ।
⇒ কলিকালত সংসাৰৰ যথেষ্ট পৰিৱৰ্তন সাধিত হ’ব। মানুহৰ কায়িক পৰিৱৰ্তন ঘটিব, গছৰ গুটি, পথাৰৰ ধান হ্লাস পাব। ডেকাসকলে অপ্ৰয়োজনীয় কথাৰ মহলা মাৰিব আৰু বুঢ়াসকলৰ মান নোহোৱা হ’ব ।
★ মাছ লোভ, ধন লোভ, তিৰি লোভ তিনি ।
ইয়াতে সোমায় থাকে অশেষ বিঘিনি ।
⇒ মানুহৰ কিছুমান বিষয়ত জন্ম লোভ মঙ্গলজনক নহয়। বিশেষকৈ মাছ লোভ, ধন লোভ, আৰু তিৰী লোভ প্রভৃতি তিনিপ্ৰকাৰৰ লোভে মানুহক বিপদত পেলায় ।
★ মুখ চিকুণ গুৱা, তিৰী চিকুণ ওৰণি লোৱা ।
লিখনি চিকুণ কাপ, বাৰীৰ চিকুণ ঢাপ ।
⇒ মানুহৰ মুখত চোবাই থকা তামোলখনে সৌন্দৰ্য বৃদ্ধি কৰে। ঢাপ মৰা বাৰী আৰু ওৰণি লোৱা তিৰোতা ধুনীয়া দেখি। তেনেদৰে ভাল কলমে আখৰ ধুনীয়া কৰে ।
★ মাংসত বাঢ়ে মাংস, ঘিউত বাঢ়ে বল ।
দধিত কহে চন্দ্ৰ, শাকত বাঢ়ে মল ।
⇒ মাংস খালে শৰীৰৰ মাংস বাঢ়ে। ঘিউ খালে বল বাঢ়ে। দৈ খালে সৌন্দৰ্য বাঢ়ে আৰু শাক-পাচলি খালে পাকস্থলী পৰিষ্কাৰ হয় আৰু শক্তি বাঢ়ে ৷
See Next page No Below…

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.