ফকৰা যোজনা কাক বোলে ?
ফকৰা যোজনা হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়।[1] ফকৰা যোজনা -বোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহাৰ কৰা হয়। ইয়াক ইংৰাজী ভাষাৰ Proverb-অৰ লগত তুলনা কৰিব পাৰি।
কিছুমান ফকৰা যোজনাক “ডাকৰ বচন” বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই “প্ৰবাদ” বুজালেও অসমীয়া গঞাই এইবোৰ “ডাক পুৰুষ” বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে।
অসমীয়া ভাষাৰ ফকৰা যোজনা ভাণ্ডাৰটো যথেষ্ট ডাঙৰ। সৰল অথচ বুদ্ধিদীপ্ত এই প্ৰবাদবোৰ সাধাৰণ অসমীয়া মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা, দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ। ইহঁত অসমীয়া জাতিৰ বিশ্বাস, জাতিসত্তা, সমাজ ব্যৱস্থা আৰু বুৰঞ্জীৰ উৎকৃষ্ট সমল। পুৰণি হ’লেও যথেষ্টসংখ্যক ফকৰা যোজনা -ৰ প্ৰাসংগিকতা আজিও অটুত আছে। কথা কওঁতে বা লিখাৰ মাজত উপযুক্ত ফকৰা যোজনা -ৰ অলংকাৰ ব্যৱহাৰ কৰি লিখিব পাৰিলে বক্তাৰ ভাষাজ্ঞান উন্নত বুলি গণ্য কৰা হয়।
ফকৰা যোজনা অসমীয়া ব্যাকৰণ
তলত দিয়া ফকৰা যোজনা -ৰ সংকলনটো সম্পূৰ্ণ নহ’লেও যথেষ্ট প্ৰতিনিধিমূলক আৰু বিষয়টোৰ বিষয়ে ভালদৰে আভাস দিয়ে।
Read Also: Class 10 Assamese Grammar | অসমীয়া Class 10 ব্যাকৰণ
(অ)
★ অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ।
⇒ অভ্যাসৰ বলত মানুহে অতি কঠিন কামো অনায়াসে সমাধা কৰিব পাৰে। কৰ্ণৰ ছিদ্ৰৰ মাজেদি শৰনিক্ষেপ অসম্ভৱ যদিও অভ্যাসৰ বলত তেনে অসম্ভৱো কেতিয়াবা সম্ভৱ হ’ব পাৰে।
★ ভ্যাসে কৃতবিদ্যা, অনভ্যাসে হতবিদ্যা।
⇒ অভ্যাসে মানুহৰ হাত পৰিপক্ক কৰি ৰাখে, সেয়ে এনে বিদ্যা অধিক কাৰ্যকৰী হয়; আনহাতে চৰ্চা অবিহনে মানুহৰ বিদ্যা থাকিলেও সি কাৰ্যকৰী নহয়, ফলত সুফল সম্ভৱ হৈ নুঠে।
★ অতিথিও ৰওক, চাউলো সিজক।
⇒ উভয় কুল ৰক্ষা কৰাৰ অৰ্থত এনেদৰে কোৱা হয়। খৰতকীয়াকৈ অহা আলহীক কথা-বতৰাতো সঙ্গ দিব লাগে আকৌ খুৱাই-বুৱাই পঠিয়াবও লাগে। তেনেস্থলত দুয়োফালে তাল মিলাই চলাটো যথেষ্ট কঠিন। অৱশ্যে সাৰ্থক গৃহিণীয়ে এনে অসম্ভৱো সম্ভৱ কৰি তোলে।
★ পতিৰ লগত সতী মৰে, উলুৰ লগত বগৰী পোৰে।
⇒ দুষ্টৰ লগত থাকিলে কেতিয়াবা সাধুলোকো বিপদত পৰিবলগীয়া হয়। যেনেদৰে উলূবনত জুই দিওঁতে অকাৰণতে তাৰ মাজত থকা বগৰী গছো জ্বলি নি:শেষ হয়, তেনেদৰে দুষ্টলোকৰ লগত থাকিলে সাধুলোকো বিপদত পৰিবলগীয়া হয়।
★ অতি ধুনতীৰ ঘৰ নাশ, ধূনে কৰে সৰ্বনাশ।
⇒ অতিপাত ধুন-পেছ মাৰি ফুৰা তিৰোতাৰ ঘৰত অশান্তি হোৱাটো স্বাভাৱিক। এনে ঘৰুৱা অশান্তিয়ে কেতিয়াবা পৰিয়াললৈ সৰ্বনাশো মাতি আনিব পাৰে।
★ অতি মন্থনত গৰল উদয়, অতি দস্তত মৰণ মিলয়?
⇒ এটা কথাকে বাৰে বাৰে পুনৰাবৃত্তি কৰি থাকিলে মানুহৰ বিৰক্তি ওপজে আৰু তাৰ ফল বিষময় হ’ব পাৰে। তেনেদৰে অতি দস্তৰ পৰিণতি স্বৰূপে মৃত্যুও ঘটিব পাৰে।
★ অতি কথকীক কথাই খাই, বৈদ্যক খাই সাপে সাতখন ভাগৱত পঢ়াজনকো কিঞ্চিত চোৱে পাপে।
⇒ অতি জ্ঞানী লোকেও কেতিয়াবা কথাত উজুটি খাব পাৰে, তেনেদৰে বৈদ্যকো কেতিয়াবা অসৱধানতাবশত: সর্পই দংশন কৰিব পাৰে তেনেদৰে ধৰ্মিক লোকৰো অলকক্ষিতে পাপ হোৱা স্বাভাৱিক।
★ অকটন কটাৰী, আবদুৱা পো
ছেকচেকী তিৰোতা লাঠিয়ন গো ৷
⇒ অকৰ্মণ্য পুত্র, বদুবা কটাৰী আৰু লথিওৱা গাই-এই তিনিটাৰ ভিতৰত যিকেনো এটা থকা বা নথকাৰ মাজত কোনো প্ৰভেদ নাই। অনবৰত মুখবজাই থকা তিৰোতাই ঘৰত কেতিয়াও শান্তি দিব নোৱাৰে, অকৰ্মণ্য পুত্ৰয়ো পিতৃৰ মনত শান্তি দিব নোৱাৰে ৷
★ অধিক মাছত বগলী কণা, অধিক বাঢ়ৈত গূড় ধমনা ৷
⇒ লক্ষ্যভষ্ট হ’লে সাধাৰণতে পায়ো সুযোগ হেৰুওৱা হয় আৰু পৰিণতিত দুখ ভুগিবলগীয়া হয় ৷ বহুত মাছৰ মাজত বগলীয়ে স্থিৰ সিদ্ধান্ত ল’ব নোৱাৰাৰ দৰেই বাঢ়ৈ অধিক হ’লে গূড়ৰ পাগ ধৰা কঠিন।
★ অল্প অৰ্জন, বিস্তৰ ভোজন।
সেই পুৰুষ দৰিদ্ৰ লক্ষণ।।
⇒ নিজৰ অৰ্জন ক্ষমতাৰ প্ৰতি লক্ষ্য নকৰাকৈ অত্যধিক ভোজন কৰিলে তেনে পুৰুষে কেতিয়াও জীৱনত চহকী হ’ব নোৱাৰে।
★ অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰি সিজোৱা ৷
⇒ অবুজন অৰ্থাৎ মুৰ্খক জ্ঞান দিয়াটো যথেষ্ট টান কাম। তেনে অবোধ তথা জ্ঞানহীন লোকক উপদেশ দিলেও কোনো ফল নধৰে।
★ অন্তৰৰ সৌন্দৰ্যই নাই নাৰী,
মুখৰ সৌন্দৰ্যই নকৰে সুন্দৰী।
⇒মানুহৰ প্ৰকৃত সৌন্দৰ্য নিৰ্ভৰ কৰে অন্তৰৰ সৌন্দৰ্যৰ ওপৰত। বিশেষকৈ নাৰীৰ সৌন্দৰ্য মুখৰ কমনীয়তাৰ ওপৰত নির্ভৰ নকৰে, নির্ভৰ কৰে অন্তৰৰ পৱিত্ৰতা আৰু আভ্যন্তৰীণ সৌন্দৰ্যৰ ওপৰতহে ৷
★ অজ্ঞানীক জ্ঞান দি মনত পালো কষ্ট
কণীবোৰ পেলাই দি বাঁহো কৰিলে নষ্ট।।
⇒মূৰ্খক কেতিয়াও উপদেশ দিব নালাগে। তেনে উপদেশে উপকাৰীক অপকাৰহে কৰে আৰু শাৰীৰিক, মানসিক উভয় প্রকাৰৰ কষ্ট প্রদান কৰে। বান্দৰক উপদেশ দি টোকোৰা চৰাইয়ে নিজৰ কণী৷ আৰু বাঁহ হেৰুওৱা তাৰ উৎকৃষ্ট নিদৰ্শন।
★ অমৰ মৰে, লক্ষ্মীৰ গাত ফটাকাণি
মহাবীৰ লালকাল। মোৰ নাম নিৰ্ধনীয়ে ভাল।
⇒ শুনিবলৈ ভাল নাম এটা হ’লেই এজন লোক ভাল নহ’ব পাৰে, সেয়ে নামৰ পৰিৱৰ্তে মানুহৰ গুণৰ ওপৰতহে গুৰুত্ব দিব লাগে। অমৰৰো মৃত্যু হ’ব পাৰে। লক্ষ্মীৰ গাতো ভাল কাপোৰ নাথাকিব পাৰে, নিৰ্ধনীও ধনী হ’ব পাৰে। গতিকে নাম লৈ বিতৰ্ক অবান্তৰ।
★ অগ্নি, ব্যাধি, ঋণ—এই তিনিৰ নাৰাখিবা চিন।
⇒ অগ্নি, ব্যাধি আৰু ঋণৰ সামান্য পৰিমাণেও মানুহৰ জীৱনলৈ বিপদ কঢ়িয়াই আনিব পাৰে। সেয়ে ইয়াক প্ৰসাৰিত হ’বলৈ নিদি নিৰ্মূল কৰা উচিত।
★ অৰ্থই অনৰ্থৰ মূল ধনঞ্জয়।
অৰ্থৰ অভাৱে জাত কুল নবাচয়।।
⇒ ধনেই হৈছে মানৱ জীৱনৰ মূল সম্পদ। ধনে মানুহক বিপদৰ পৰা উদ্ধাৰ কৰাৰ দৰে কেতিয়াবা বিপদতো পেলাব পাৰে। গতিকে ধন উপাৰ্জন আৰু তাৰ সদ্-ব্যৱহাৰৰ বিষয়ে সতৰ্ক থকা উচিত।
★ অভাগা য’লৈ যায়, হূলে বিন্ধে বৰলে খায়।
⇒ দুৰ্ভগীয়া লোকৰ ক’তো শান্তি নাই। তেওঁলোক ক’তো বিপত্তিৰ পৰা হাত সাৰিব নোৱাৰে। দুখ-কষ্ট, বিপদ আদিয়ে তেওঁলোকক চৌদিশে আবৰি ৰাখে।
★ অন্য চিন্তা একাকাৰ, অৰ্থ চিন্তা চমৎকাৰ।
⇒ সকলো প্ৰকাৰৰ চিন্তাতকৈ ধনৰ চিন্তা ডাঙৰ। কিয়নো ধন অবিহনে মানুহে কেতিয়াও বিপদ-বিঘিনিৰ পৰা হাত সাৰিব নোৱাৰে।
★ অচিন আলহীক নিদিবা ঠাই, ল’ৰা-ছোৱালীক নিদিবা লাই।
⇒ অচিনাকি আলহীক ঠাই দিলে কেতিয়াবা বিপদত পেলাব পাৰে; তেনেদৰে সৰু ল’ৰা-ছোৱালীক অধিক মৰম কৰিলে তেওঁলোক নষ্ট হয়।
★ অকলশৰীয়া পহু, পোকৰে মূৰে খহু।
⇒ অকলশৰীয়া মানুহে ঘৰুৱা সকলো সমস্যা অকলেই চম্ভালিবলগীয়া হোৱাৰ কাৰণে তেওঁলোকৰ কামত অধিক জঞ্জাল হোৱা দেখা যায়।
★ অতি ডাঙৰ হৰিকথা, তাতোকৈ ডাঙৰ চাউলকঠা।
⇒ হৰিভক্তি কৰিবলৈ হ’লে শৰীৰত বল-শক্তিও থাকিব লাগিব। আহাৰৰ অবিহনে শৰীৰ শক্তিহীন হয়। গতিকে হৰিভক্তি প্রয়োজনীয় হ’লেও ভাতমুঠিৰ চিন্তাক অগ্ৰাধিকাৰ দিয়া বাঞ্ছনীয়।
★ অতিথি নুপূজে যাৰ ঘৰত, লক্ষ্মী নেথাকে তাৰ ঘৰত।
⇒ ঘৰৰ অতিথি সাক্ষাৎ লক্ষ্মীস্বৰূপ। যি গৃহস্থই অতিথিক অবহেলা কৰে, তেওঁলোকক ঐশ্বৰ্যৰ দেৱী লক্ষ্মীয়েও এৰি যায়।
(আ)
★ আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন?
⇒ পৃথিৱীৰ সকলো প্ৰকাৰৰ স্নেহতকৈ মাতৃস্নেহ শ্ৰেষ্ঠ। নৈৰ চিৰন্তন গতি প্ৰবাহৰ দৰেই মাতৃমস্নেহো চিৰন্তন আৰু ই জগতৰ সকলো প্রকাৰৰ স্নেহৰ তুলনাত শ্ৰেষ্ঠ।
★ আগফালে মাৰো ডাং, পাছফালে ধোবাং বাং।
⇒ আনক চহকী বুলি দেখুওৱাৰ কাৰণে প্রয়াস কৰা। দৰাচলতে কোনো ধৰণৰ আৰ্থিক নিৰাপত্তা নথকা লোকে নিজৰ লাওলোৱা স্বৰূপটো আনৰ আগত দেখুওৱাৰ ভয়ত গোপন কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰা।
★ আগ গুণি নুগুণে পাছ, লোভত মৰে বৰশীৰ মাছ ।
⇒ আগতে চিন্তা নকৰাকৈ যিকোনো কাম কৰিলে ভৱিষ্যতে তেনে কামে জীৱনলৈ বিপত্তি কঢ়িয়াই আনিব পাৰে। লোভত পৰি বৰশীৰ টোপ গিলিবলৈ গৈ মাছে বিপদত পৰাৰ দৰে মানুহেও বিপদৰ মুখামুখি হ’ব পাৰে।
★ আগলৈ চাই মাৰিলো হায়, পিছলৈ চাই সাৰথি নাই।
⇒ ভাবি-গুণি নোচোৱাকৈ কৰা কামে মানুহৰ বিপদ ঘটাব পাৰে। সেয়ে যিকোনো কাম কৰাৰ আগতে আগ-পাছ গুণিহে কাম কৰা উচিত।
★ আগ চাই আনিবা, পিছ চাই দিবা
তাৰ পৰিণাম পিছত পাবা।
⇒ ছোৱালী বিয়া কৰাওঁতে ছোৱালীক ৰূপ গুণ আৰু ঘৰধৰিব পৰা দিশটো চাইহে বিয়া কৰাব লাগে। তেনেদৰে বিয়া দিয়াৰ ক্ষেত্ৰতো দৰাঘৰৰ অৱস্থা, বংশ-পৰিয়াল, লৰাব স্বভাৱ-চৰিত্ৰ চাইহে বিয়া দিব লাগে।
★ আগতে আছিলো দোৱনী গাই, গোৱালে বুলিছিল আই।
এতিয়া হ’লো নেজ খুৰীয়া, জাকতো নিদিয়ে ঠাই।
⇒ উপাৰ্জন ক্ষমতা থকালৈকে মানুহে আনৰ পৰ৷ শ্ৰদ্ধা ভক্তি লাভ কৰে। কিন্তু উপাৰ্জনহীন হ’লে তেনে শ্ৰদ্ধাৰ পৰা বঞ্চিত হয়। গাখীৰতী গাইকহে গোৱালে আদৰ কৰাৰ দৰে উপাৰ্জনক্ষম লোককহে মানুহে আদৰ কৰে।
★ আইৰ ঘৰলৈ যাম, দুই হাতে খাম।
কণা-বিধাতাই বোলে মই পাছে পাছে যাম।
⇒ ভাগ্য বেয়া হ’লে মানুহে কেতিয়াও বিপদৰ পৰা হাত সাৰিব নোৱাৰে। মাকৰ ঘৰত গৈ সুখেৰে খোৱাৰ স্বপ্নও দুৰ্ভাগ্যৰ কাৰণে অসাৰ প্রতিপন্ন হ’ব পাৰে।
★ আকালৰ ভাত, নিদানৰ মাত।
⇒ আকালৰ সময়ত অন্নদান কৰিলে মানুহে পুণ্য অৰ্জন কৰে। তেনেদৰে বিপদৰ সময়ত মানুহৰ খবৰ লোৱা উচিত। তেতিয়া মানুহৰ সৈতে আন্তৰিকতা বৃদ্ধি হয়।
★ আৰ্জে নন্দ-গোৱালে, খায় বোন্দা শিয়ালে।
⇒ সৎ লোকে উপাৰ্জন কৰা ধন উপাৰ্জনকাৰীৰ প্রতি শ্ৰদ্ধা নথকা৷ লোকে জধে-মধে খৰচ কৰে আৰু তাৰ পৰিণতি ভোগ কৰে উপাৰ্জনকাৰীয়ে। তেওঁলোকৰ কষ্টৰ প্রতি দুষ্টলোকৰ সহানুভূতি নাথাকে।
★ আধি মাটি মৰগীয়া হাল-তাক নকৰি বহি থকাই ভাল।
⇒ এনেয়ে আধি খেতিৰ পৰা সুফল লাভ কৰিব নোৱাৰি, তাতে যদি মৰগীয়া হাল বাই আধি খেতি কৰা হয়, তেন্তে কষ্টহে বাঢ়ে, তাৰপৰ কোনো লাভ নহয়।
★ আছে গৰু নাবায় হাল, হোৱাতকৈ নোহোৱাই ভাল।
⇒ অকৰ্মণ্য মানুহৰ সৈতে সঙ্গত পৰিলে কোনোধৰণৰ সুফল লাভ নহয়। গৰু থাকিও পথাৰত হাল নাবালে যেনেকৈ গৰুহাল গোহালিত ৰখাৰ কোনো কাম নাথাকে৷
★ আহক বাৰিষা কাতক পাত, ৰৈ যা ভিনিহি খাই যা ভাত।
⇒ পাম পাম বুলি আশা পালি ৰৈ থাকিলে কেতিয়াও আশা পূৰণ নহয়। গতিকে নিষ্ফল আশা পৰিত্যাগ কৰা উচিত।
★ আহিল কণা গ’ল কণা, খাগৰি কাটিলে তিনি অনা।
⇒ পৃথিৱীত জন্ম লৈ মানুহে যদি সজ কাম কৰিব নোৱাৰে তেন্তে মানৱ জনম বৃথা। কোনো কামত একাগ্ৰতা নাথাকিলে কেৱল অহা-যোৱা কৰিলেই মানুহে কাম সম্পাদন কৰিব নোৱাৰে। কামৰ প্ৰতি আগ্ৰহ আৰু আনত্তৰিকতাও থাকিব লাগিব।
★ আকালৰ ভাত, আপদৰ মাত।
⇒ বিপদত খবৰ লোৱাটো মানুহ মাত্ৰৰে কৰ্তব্য। আকালৰ সময়ত অন্নদান কৰা আৰু আপদৰ সময়ত মাতযষাৰ লগোৱোটো মানৱীয়তাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ ।
★ আলচা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি।
⇒ আলচা কাম সময়মতে নকৰিলে তেনে কামৰ পৰা কোনো সুফল পোৱা নাযায়। আলচা কামে কেতিয়াবা অসুবিধাতো পেলাব পাৰে।
★ আবতৰীয়া বেঙেনাই মোক তোল মোক তোল কৰে।
⇒ অযোগ্যজনে উচ্চস্থানলৈ যাবৰ কাৰণে খাটনি ধৰাটো নিত্য নৈমিত্তিক ঘটনা। সেয়ে তোষামোদকাৰী সকলৰ পৰা নির্দিষ্ট দূৰত্ব ৰক্ষা কৰি চলা উচিত।
★ আছে কাপোৰ আছে জাৰ, নাই কাপোৰ নাই জাৰ।
⇒ মানুহৰ সুবিধা-অসুবিধা সকলো নিজৰ মনৰ ওপৰত নিৰ্ভৰশীল। সেয়ে অৱস্থা চাই ব্যৱস্থা কৰা দেখা যায়।
★ আজি ভিক্ষাৰিণী কালিলৈ পাটৰাণী। ৷
⇒ ভাগ্যৰ বলত কেতিয়াবা মানুহৰ জীৱনলৈ নভবা-নিচিন্তাকৈয়ে পৰিৱৰ্তন আহিব পাৰে। আজিৰ ভিক্ষাৰিণীয়েই কালিলৈ পাটৰাণী হ’বগৈ পাৰে। মুঠতে মানৱ জীৱন ভাগ্যৰ দ্বাৰা নিয়ন্ত্রিত।
★ আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভঙ্গ কৰা।
⇒ নিজৰ ক্ষতি সাধন কৰিও কিছুমান মানুহে আনৰ অপকাৰ কৰিব বিচাৰে ৷ মানুহৰ ঈর্ষাকাতৰ স্বভাৱে কেতিয়াবা আনৰ অপকাৰ কৰিবলৈ গৈ নিজৰোে ডাঙৰ অপকাৰ কৰিব পাৰে।
★ আপদ কালত বুদ্ধি হয় হত।
যুধিষ্ঠিৰে বুদ্ধি নুসুধিলে মাধৱত।।
⇒ মানুহে বিপদৰ সময়ত ধৈৰ্য ধৰা উচিত। কিয়নো বিপদৰ সময়ত মানুহৰ হিতাহিত চিন্তা নোহোৱা হয়। গতিকে ভূল সিদ্ধান্ত গ্ৰহণ কৰি নিজৰো বিপদ ঘটাব পাৰে।
★ আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা।
⇒ আদা আৰু কেতুৰিৰ দেখাত সাদৃশ্য থাকিলেও দৰাচলতে দুয়োবিধ বস্তু সমানেই মানুহৰ হিতকাৰী নহয়। কেতিয়াবা আযোগ্যজনেও যোগ্যজনৰ দৰে সন্মান বিচৰাৰ অৰ্থত এনেদৰে কোৱা হৈছে।
★ আদা ৰোৱে যি, ঠেঙুলি ভাঙে সি।
যিজনে কোনো কাম আৰম্ভ কৰে, তেওঁহে সেই কামৰ পৰিসমাপ্তি ঘটাব পাৰে। গতিকে কোনো কামৰ আদি-অন্ত জানৌতাজন সৰ্বদিশতে অভিজ্ঞ ৷
★ আহাৰ, নিদ্ৰা ভয়; বঢ়ালে বৃদ্ধি হয়।
⇒ অভ্যাসৰ যোগেদি মানুহে খাদ্যাভ্যাস, নিদ্ৰা আৰু ভয়ভাব নিয়ন্ত্ৰণ কৰিব পাৰে। এইবোৰ বঢ়ালে বাঢ়ে, কমালে কমে।
★ আহিন-কাতিত দোহে গাই; ষাঠি বছৰত বোলে আই।
⇒ আহিন-কাতি মাহত গৰুৰ গাখীৰ খিৰাবলৈ পোৱা আৰু ষাঠি বছৰলৈকে মাতৃক সম্বোধন কৰিবলৈ পোৱাটো পৰম সৌভাগ্যৰ কথা। এনে সৌভাগ্য সকলোৰে নঘটে।
★ আৰ্জে মানে নাটে, সীয়ে মানে ফাটে।
⇒ খৰচ কৰিব নাজানিলে অধিক উপাৰ্জন কৰিও কোনে ধৰণৰ সুফল লাভ কৰিব নোৱাৰি। ভাগ্য বেয়া হ’লে যত্ন কৰিলেও মানুহে কোনো ধৰণৰ সুফল নাপায়।
★ আঁতৰৰ বৌ-বৰালী; ওচৰৰ পুঠি-খলিহা।
⇒ আনৰ মূল্যবান বস্তুতকৈ ওচৰৰ কম মূল্যৰ বস্তুয়েও মানুহক বেছি উপকাৰ কৰিব পাৰে। সেয়ে দূৰৈৰ ভাল বস্তুৰ প্রতি হেঁপাহ ত্যাগ কৰ৷ উচিত।
★ আঁকৰীক নকৰিবা হেলা, আঁকৰীক পাবা বিপদৰ বেলা।
⇒ ৰূপৱতী নহ’লেও বিপদৰ সময়ত গুণৱতী তিৰোতাইহে মানুহক সহায় কৰে। সেয়ে গুণৱতী তিৰোতা দেখিবলৈ কেনেকুৱা তাত গুৰুত্ব নিদি তেওঁলোকৰ সেৱাৰ মনোভাৱ আৰু অন্তৰৰ সৌন্দৰ্যতহে গুৰুত্ব দিয়া উচিত।
★ আগফালে তেতেলী, পাছফালে ঔ;
সেইঘৰ মানুহ মৰিলনে নৌ।।
⇒ মানুহে ঘৰৰ সামপ্ৰিক মঙ্গলৰ কাৰণে ঘৰৰ আগফালে তেতেলী আৰু পিছফালে ঔগছ ৰোপণ নকৰে। এনে কাৰ্যৰ যোগেদি ভৱিষ্যতে ঘৰৰ অপায়-অমঙ্গল হ’ব পাৰে বুলি প্রচলিত ধাৰণাৰ বাবে তেনে কৰা হয়।
★ আগে ধন পাছে তিৰী, তেহে হ’বা ঘৰৰ গিৰী।
⇒ মানুহে বিয়া-বাৰু কৰোৱাৰ আগতে ধন উপাৰ্জনৰ দিশটোৰ প্রতি চকু দিয়া উচিত। আগতে ধন ঘটিহে বিয়া-বাৰুৰ চিন্তা কৰিব লাগে।
★ আৰ চিগা চুলি তাৰ চিগাচুলি।
মাৰি যাওঁ নেঘেৰী খোপা।।
⇒ লোকৰ বস্তুৰ ওপৰত মালিকীস্বত্ব খটুৱাবলৈ বিচাৰি কিছুমান মানুহে চেষ্টা কৰা দেখা যায়। এওঁলোকৰ নিজা একো নাথাকে, যেনেকৈ চুলি নথকা তিৰোতাই নেঘেৰী খোপা মাৰিবলৈ কৃত্ৰিম চুলিৰ সহায় লয়।
★ আপোন কি পৰ হ’ব, শিমলু কি চন্দন হ’ব।
⇒ আপোনজনেহে মানুহক বিপদত সহায় কৰিব পাৰে, পৰে কেতিয়াও মানুহক বিপদত সহায় নকৰে। শিমলু কেতিয়াও চন্দন হ’ব নোৱাৰাৰ দৰেই পৰ কেতিয়াও আপোনজনৰ দৰে হ’ব নোৱাৰে।
★ আদাৰে ভোজন, শিলিখাৰে শুদ্ধি
তেহে জানিবা শৰীৰ সিদ্ধি।
⇒ আহাৰৰ সৈতে আদা ভোজন কৰিলে শৰীৰৰ উপকাৰ হয়। তেনেদৰে, শিলিখাৰে মুখশুদ্ধি কৰিলেও শৰীৰৰ উপকাৰ হয়।
( ই )
★ ইপুৰীত দিলে সিপুৰীত পায়,
জ্ঞানীজনেহে ভাবি চায়।
⇒ মানুহে ইহজনমত কৰি লোৱা পুণ্যৰ ফল পৰজনমত ভোগ কৰিবলগীয়া হয়। সেয়ে জ্ঞানীজনে ইহজমনত জনকল্যাণৰ দিশটোৰ প্রতি সতৰ্ক থাকে।
★ ইয়াতে মাৰিলো টিপা, গড়গীও পালেগৈ শিপা।
⇒ কোনো এটা বাতৰি হঠাতে চৌদিশে বিয়পি পৰা বৰ্তমান জনসংযোগ মাধ্যমবোৰে ইমানেই ব্যাপকতা লাভ কৰিছে যে কোনো ৷ এটা৷ ঘটনাৰ প্ৰচাৰৰ বাবে বেছি সময়ৰ প্রয়োজন নহয়।
★ ইন্দ্ৰৰ সভাত ফেঁচাই কুৰুলিয়ায়।
⇒ জ্ঞানীলোকৰ মাজত কেতিয়াবা সাধাৰণ লোকে টুলুঙা মন্তব্য দিয়া দেখা যায়। ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলিৰ দৰেই জ্ঞানীলোকৰ সমাজত এইবোৰ ধৰ্তব্য নহয় ৷
( ঈ )
★ ঈশ্বৰে যি কৰে ভালকেহে কৰে।
বিপদত পৰিলেও সশ্বৰেহে তৰে।।
⇒ ঈশ্বৰেহে মানুহক কৰ্মফল প্রদান কৰে। সেয়ে তেওঁৰ প্রতি শ্ৰদ্ধাশীল হোৱা উচিত। কিয়নো বিপদ-আপদ, সুখ-সম্পদ সকলোৰে নিয়ন্ত্রণ কৰে ঈশ্বৰেই ৷
( উ )
★ উদৰ সাতপুৰুষ মৰিল কেঁচা মাছ খাই
বান্দৰৰ সাতপুৰুষ মৰিল ডাল কোবাই।
⇒ সূৰ্যৰ প্ৰকৃতিৰ কেতিয়াও পৰিৱৰ্তন নহয়। বংশত দোষ-দুৰ্বলতাক লৈয়েই পৃথিৱীত জীৱই বিচৰণ কৰে। সেয়ে জন্মগত প্ৰবৃত্তি আৰু আচৰণৰ পৰিৱৰ্তন অসম্ভৱ।
★ উদক ভেটা, চোৰক ঘৰ
ৰখীয়া পাতি নিগমে মৰ।
⇒ দুষ্টলোকক কেতিয়াও কেনোধৰণৰ দায়িত্ব দিব নালাগে। কাৰণ তেওঁলোকে কোনো দায়িত্বকে সুচাৰুৰূপে চম্ভালিবলৈ সক্ষম নহয়। ফলত উপকাৰতকৈ অপকাৰ অধিক হোৱা স্বাভাৱিক।
★ উদঙীয়া গৰু, ঢাকোন নোহোৱা চৰু।
⇒ গৰাকীবিহীন বস্তুৰ দায়িত্ব কোনেও গ্রহণ নকৰে। উদঙীয়া ঘৰুৱে যাৰে পতাৰে অনিষ্ট কৰিব পাৰে; ঢাকোন বিহীন চৰুত কোনো বস্তুৱেই সুৰক্ষিত নহয়।
★ উলঙ্গ দেশত ধোবাৰ প্রয়োজন নাই।
⇒ পৰিবেশে নিবিচৰা নিষ্প্রয়োজনীয় বস্তু ভাল হ’লেও মানুহে তাক গ্রহণ নকৰে। উলঙ্গ দেশত ধোৱাৰ প্রয়োজন নোহোৱাৰ দৰেই পৰিবেশ পৰিস্থিতি অনুসৰি মানুহে সম্পদৰ ব্যৱহাৰ কৰে।
★ উৰুখা ঘৰত বাৰিষা বাসা।
যুৱতী কন্যা ঘৰত ৰাখা।।
⇒ উৰুখা ঘৰত বাৰিষা বাস কৰা আৰু বিবাহ উপযুক্ত যুৱতী কন্যা ঘৰত ৰখা দুয়োটা কষ্টকৰ। সেয়ে যিমান সোনকালে সম্ভৱ ছোৱালী উলিয়াই দিয়া উচিত।
★ উটি আহিছে ঘোঘোৰাজান
পাচিটো নাই যদি খৰাহিটো আন ।
⇒ প্ৰাপ্তিৰ আশাত কোনো ব্যক্তি নিৰ্দিষ্ট ঠাইত উপস্থিত হওতে আনজনে ইতিকিং কৰি তেনেদৰে কোৱা দেখা যায়। জানৰ পানী পাচি বা খৰাহিৰে সংগ্ৰহ কৰাটো যে অমূলক, সেই কথা জানিও অনুৰূপ মন্তব্য কৰা হৈছে।
★ উনা ভাতে দুনা বল, অধিক ভাতে ৰসাতল।
⇒ কম আহাৰে মানুহৰ শাৰীৰিক শক্তি-সামথ্য বৃদ্ধি কৰে। আনহাতে অধিক খাদ্য গ্ৰহণ কৰিলে মানুহৰ বল-বুদ্ধি হ্ৰাস পায়, গতিকে ৰসাতলে যোৱা বুলি কোৱা হৈছে।
★ তাৰে সুযোগ গ্ৰহণ কৰি শাকৰ তৰকাৰীত পানী ঢলা মানে ৰান্ধনিৰ ওপৰত
প্রতিশোধ লোৱা। এঠাইত কাটিলে সাতঠাইত গজা। ৃ অতি উদণ্ড প্রকৃতিৰ লোকে য’তে-ত’তে অঘটন ঘটাই ফুৰে। গতিকে
★ তেনে লোকৰ গতি-বিধি নিৰীক্ষণ কৰি চলিব লাগে।
( ঋ )
★ ঋণৰ শেষ, অগ্নিৰ শেষ, ৰোগৰ শেষ
এইতিনিৰ নেৰাখিবা লেশ।
⇒ ঋণ, অগ্নি আৰু ৰোগ কেতিয়াও বৃদ্ধি হ’বৰ বাবে সুযোগ দিব নালাগে। যিমান পাৰি আৰম্ভণিতেই নিৰ্মূল কৰিব লাগে।
( এ )
★ একচন্দ্ৰে জগতৰ অন্ধকাৰ হৰে। অসংখ্য তৰাই তাক কদাপি নোৱাৰে ।
⇒ সজ সন্তান এটিয়ে সংসাৰত যিমান কাম কৰিব পাৰে, তেনে কাম বহুতো অসজ সন্তানে লগ লাগিও কৰিব নোৱাৰে। চন্দ্ৰই অকলশৰে জগত পোহৰ কৰাৰ দৰেই সজ সন্তানে অকলেই দেশ, জাতি আৰু বংশৰ নাম উজ্বলায় ।
★ একালৰ বৃন্দাবন, একালত পৰে ছন ।
⇒ কাৰো দিন সদায় একেদৰে নাযায়। একালৰ বৃন্দাবন একালত ছন পৰাৰ দৰেই মানুহৰ জীৱনলৈকো উত্থান-পতন অহা স্বাভাৱিক ।
★ এক বুঢ়ীৰ দুই কাম, ধান বানে চোহে আম ।
⇒ কোনো কামত অভিজ্ঞতা থকা লোকে সময়ৰ সদব্যবহাৰ কৰিবৰ কাৰণে একে সময়তে একাধিক কাম সম্পন্ন কৰিব পাৰে ।
★ এক বৰাই ধান খায়, এক বৰাই হান খায় ।
⇒ কোনো লোকে দোষ কৰে আৰু নিৰ্দোষী লোকে তাৰ বাবে শাস্তি ভোগ কৰে। গতিকে, দোষ কৰি চতুৰজন সাৰি যায় আৰু নিৰ্দোষীজনে দোষ নকৰাকৈয়ে শাস্তি পায় ।
★ এনেও কাণী, তেনেও কাণী ভালকৈ দিওঁ শাকত পানী ।
⇒ অবুজ বা দুৰ্বলজনৰ ওপৰত প্ৰতিশোধ লোৱাৰ মনোভাৱ ব্যক্ত কৰা হৈছে। কাণী ৰান্ধনীয়ে কেৰাহিত কিমান পানী দিয়ে ধৰিব নোৱাৰে, তাৰে সুযোগ গ্ৰহণ কৰি শাকৰ তৰকাৰীত পানী ঢলা মানে ৰান্ধনিৰ ওপৰত প্রতিশোধ লোৱা ।
★ এঠাইত কাটিলে সাতঠাইত গজা ।
⇒ অতি উদণ্ড প্রকৃতিৰ লোকে য’তে-ত’তে অঘটন ঘটাই ফুৰে। গতিকে তেনে লোকৰ গতি-বিধি নিৰীক্ষণ কৰি চলিব লাগে ।
★ এনেয়ে বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া ।
⇒ উলাহৰ মাজৰে অধিক আনন্দৰ বাবে সুযোগ আহি পৰা। আইতাকে নাতিনীয়েকক এনেয়ে ভাল পায়, তাতে নাতিনীয়েকৰ বিয়া আহি আইতাকৰ আনন্দৰ সীমা নোহোৱা হয় ।
★ এনেয়ে মৰিছোঁ খষিৰ শাপত;
তাতে দিলে ধানৰ ভাপত ।
⇒ শোকাতুৰ মানুহক আৰু অধিক শোক দিয়া অৰ্থত ব্যৱহৃত হয়। খাষিৰ শাপত থৰকাছুটি হেৰোওৱা জনক পূনৰ কষ্ট বঢ়াবৰ বাবে ধানৰ ভাপত দিয়া মানে কষ্টৰ ওপৰতে কষ্ট জাপি দিয়া।
★ এদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা ।
⇒ সৎ লোকক সন্মান প্রদান কৰা দেখি অসৎ লোকেও অনুৰূপ সন্মান লাভৰ কাৰণে বাঞ্ছা কৰা ।
★ এঘৰৰ পাতনাদ, এঘৰৰ জৰী,
এঘৰে পানী তোলে সুৰুক-হাৰাক কৰি ৷
⇒ লোকৰ বস্তুৰ ওপৰত অকৰ্তৃত্বশীল লোকে কতৃত্ব দেখুওৱা । নিজৰ বস্তু নোহোৱা কাৰণে কোনো বস্তুৰ প্ৰতি গুৰুত্ব কমকৈ দিয়া ।
★ একাদশীত কাটে, আঁউসীত বাতে;
সেইখন কাপোৰ মৰালৈ সাঁচে ৷
⇒ কাপোৰ বোৱা-কটাৰ কিছুমান নীতি-নিয়ম আছে। সাধাৰণতে আঁউসী একাদশীত তাঁত বোৱা নহয়। এনেদৰে বোৱা-কটা কাপোৰ মানুহৰ বাবে মঙ্গলজনক নহয় ।
( ও )
★ ওচৰৰ পুঠি-খলিহা, আঁতৰৰ ৰৌ-বৰালী।
⇒ সামান্য হ’লেও ওচৰৰ বস্তুৰ পৰা মানুহৰ উপকাৰ হয় ৷ সেয়ে দূৰৈৰ বস্তুলৈ আশা নকৰি ওচৰৰ বস্তুতেই সন্তুষ্ট থকা উচিত ।
★ ওচৰৰ আলহী নকৰে কাণ;
নৰীয়া পৰিলে উঠিব টান ।
⇒ প্রতিবেশীক কেতিয়াও অৱজ্ঞা কৰিব নাপায়। কিয়নো বিপদৰ সময়ত দূৰৈৰ আত্মীয়-কটুম্বতকৈ ওচৰত মানুহেহে আলপৈচান ধৰে ।
★ ওচৰ চুবুৰীয়াই নুশুনে মাত;
লক্ষ্মী থাকে সেইজনীৰ গাত।
⇒ সুলক্ষণী তিৰোতাৰ সাধাৰণতে বেছি কথা-বতৰা নকয়। এনেধৰণৰ অল্পভাষী তিৰোতাক সাধাৰণতে লক্ষ্মী তিৰোতা বুলি ধাৰণা কৰা হয় ।
★ ওঁঠৰ ওপৰে গোঁফৰ শাৰী ।
জানিবা তাই জীৱন্ততে বাৰী ।।
⇒ যি তিৰোতাই ওঁঠৰ ওপৰত গোফ জিলিকি থাকে তেনে তিৰোতাই সোনকালেই বৈধব্য জীৱন আঁকোৱালি ল’বলগীয়া হয় ।
★ ওৰণিয়ে কৰণিয়ে দেখিবলৈ ভাল,
ওৰণি গুচালে ওফোন্দা গাল ।
⇒ দেখাত সাধু প্ৰকৃতিৰ হ’লেও ভিতৰি দুষ্ট প্ৰকৃতিৰ লোক । তেওঁলোক দেখাতহে সাধু, অন্তৰখন পৱিত্ৰ নহয় ।
★ ওলাই দেখিবা যাক, শত্ৰু নেভাবিবা তাক ।
⇒ প্রতিবেশীক শত্ৰু বুলি ভাবিব নালাগে । কিয়নো বিপদে-আপদে তেওঁলোকেহে সহায় কৰে ।
★ ওৱাক নিন্দে কোৱাই ।
পুঠি-খলিহনাক নিন্দে ভোৰপেটী মোৱাই ।
⇒ গুণহীনে গুণীক সদায়েই নিন্দা কৰে, কিয়নো তেওঁলোকে নিজৰ চাৰিত্ৰিক উৎকৰ্ষ সাধন কৰিব নোৱাৰে।
( ক )
★ কপাল উঠা বুকু খাল, সেই পুৰুষৰ লক্ষণ ভাল ।
⇒ কপাল উঠা আৰু বুকুত খালযুক্ত পুৰুষ হ’ল সুলক্ষণযুক্ত পুৰুষ। তেনে লোকে সমাজৰ হিত সাধন কৰিব পাৰে ।
★ কথাত বঁটা পায়, কথাত কটা যায় ।
⇒ সজ কথাত সন্মান আৰু বেয়া কথাত ‘মানুহে শাস্তি’ পায়। গতিকে মানুহে সদায় সজ কথা ক’ব লাগে।
★ ক’ৰ পৰা আহিলি ক’ত দিলি ভৰি
চোতালখন ফাটি গ’ল চেৰ চেৰ কৰি ।
⇒ কাৰোবাক ইতিকিং কৰিবলৈ সাধাৰণতে এনেদৰে কোৱা হয়। যেন অমঙ্গলীয়া মানুহৰ আগমনে পৰিবেশটো অশোভনীয় কৰি তুলিলে ।
★ কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ ।
⇒ কথা কৈ থাকিলে কথা শেষ নহয়, বাঢ়ি যায়। তেনেদৰে খৰিকা সুমৱাই থাকিলে কাণৰ বিন্ধাও বাঢ়ি যায় ।
★ ক’লৈ যাওঁ গোপাল, ক’লৈ যাওঁ কৃপাল ।
⇒ চঞ্চল প্রকৃতিৰ লোকৰ কোনো কামতেই স্থিৰতা নাথাকে। তেওঁলোকে সকলো সময়তেই ছট্
ফটাই থাকে।
★ কটাৰী চিকুণ শিলত, তিৰোতা চিকুণ কিলত ।
⇒ তিৰোতাক শাসনত ৰাখিব লাগে আৰু কটাৰী ধৰাব লাগে। তেতিয়াহে দুয়োটা কাৰ্যক্ষম হৈ থাকে ।
★ ক’লৈ আয়ে কিল খায়, নক’লেও পিতাইয়ে চুৱাতে খায় ।
⇒ ক’লেও বিপদ নক’লেও বিপদ, তেনে দুধোৰ-মোধোৰ অৱস্থা। মাকৰ ভুলৰ কথা ক’লে কিলখোৱাটো স্বাভাৱিক, কিন্তু নক’লেও দেউতাকে চুৱাতে খাব লাগিব ।
★ কণা-কুঁজা, লেঙুৰ-পেঙুৰ–এই তিনি অতি টেঙৰ।
⇒ সাধাৰণতে কণা-কুঁজা আৰু লেঙেৰা-পেঙেৰা মানুহ বুদ্ধিত অতি পাকৈত। তেওঁলোকে শাৰীৰিক বাধা সত্বেও বুদ্ধি চিন্তাক সততে সজাগ কৰি ৰাখে ।
★ কাকনো বুলিম ককা, আটাইৰে দাড়ি-চুলি পকা ।
⇒ সকলো একে স্বভাৱৰ লোক। গতিকে কাৰো ওপৰত ভৰষা কৰিব নোৱাৰি, তেনে অৰ্থত ব্যৱহৃত ।
★ কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল ।
⇒ বলীৰ আগত নিৰ্বলীৰ দম্ভালি হাস্যকৰ। অথচ কিছুমান সময়ত বাঘ আৰু হৰিণাই একত্ৰে বিচৰণ কৰাটোও অস্বাভাৱিক নহয় ।
★ কাপোৰ নষ্ট হয় জাপত, ল’ৰা নষ্ট হয় বাপত ।
⇒ বহুত দিন ব্যৱহাৰ নোহোৱা বস্তু সাধাৰণতে বেয়া হয়। তেনেদৰে অসৎ পিতৃৰ পুত্ৰ কেতিয়াও ভাল হ’ব নোৱাৰে ।
★ কাকো দেখি ৰান্ধে বাঢ়ে, কাকো দেখি দুৱাৰ মাৰে।
⇒ সকলোকে সমানে বিতৰণ কৰা। কিছুমান স্বাৰ্থপৰ আৰু সংকীৰ্ণমনা মানুহে সকলোৰে প্রতি সমভাৱ প্ৰদৰ্শন নকৰে । ফলত মানুহ অবিচাৰৰ বলী হয়।
★ কাণত কচু, নাভিত তেল, সেইঘৰত নাই বৈদ্যৰ মেল ।
⇒ কচুৰ ঠাৰিৰে কণে খজুৱালে কাণৰ ভিতৰত কোনো ৰোগ নহয়। তেনেদৰে নাভিত তেল দিলেও স্বাস্থ্য ভালে থাকে। এনেদৰে নিয়মত চলা মানুহ সঘনে ডাক্তৰৰ কাষ চাপিব নালাগে ।
★ কাঠৰ মালা ফাটে ফুটে; মনৰ মালা কহা চুটে ।
⇒ শুদ্ধ মনেৰে সীশ্বৰ চিন্তা কৰিব লাগে। দেহ-মনৰ পৱিত্ৰতাৰ যোগেদিহে ঙ্শ্বৰৰ কৰুণা লাভ কৰিব পাৰি, তাৰ বাবে বাহ্যিকতাৰ প্ৰয়োজন নহয় ।
★ কাটক নেকাটক লো; পোহক নোপোহক পো।
⇒ ধাৰবিহীন হ’লেও লোহা লোহাই; পৰিয়ালৰ ভৰণ-পোষণ নল’লেও পুত্ৰ পুত্ৰই । গতিকে কোনোটোৱেই পেলাই দিবলগীয়া নহয় ।
★ কুমলীয়া আদা পাই, ভৰ্তি মোহাৰি খায় ।
⇒ অজনা মানুহ পাই ঠগি খোৱা । দুৰ্বল বা সাধাৰণ মানুহক বলী মানুহে সুযোগ বুজি অত্যাচাৰ কৰা অর্থত সাধাৰণতে প্রয়োগ হয় ।
★ কুকুৰৰ নেজত ধৰি সাগৰ পাৰ হোৱা ।
⇒ আনৰ ওপৰত নিৰ্ভৰ কৰি বিপদৰ পৰা পাৰ পাব বিচৰা। কুকুৰৰ নেজত ধৰি সাগৰ পাৰ হ’বলৈ কৰা প্রয়াস অমূলক যদিও কিছুমান মানুহে বিপদত পৰিলে যিকোনো পথ অবলম্বন কৰে ।
★ কুকুৰক ৰজা পাতিলেও চামৰাৰ জোতা কামুৰিবলৈ নেৰে ।
⇒ অসৎ লোকক ভাল দায়িত্ব দিলেও সি কেতিয়াও স্বভাৱৰ পৰিৱৰ্তন কৰিব নোৱাৰে। যাৰ যি স্বাভাৱিক প্ৰকৃতি সি সময়ত প্ৰকাশ পাবই ।
★ কুশৰ আগেৰে মদ খায়; পেটো নভৰে জাতিও যায় ।
⇒ সৎলোকক সামান্য দোষেও নিন্দনীয় কৰে। গতিকে দোষৰ পৰা মুক্ত হৈ নিজৰ সততা বজাই ৰাখিবলৈ যত্ন কৰা উচিত ।
★ কেকেঁটুৱাই তামোল খায়, নেউলক বান্ধি কিলায় ।
⇒ দোষীলোক সাৰি যায় আৰু আনৰ দোষৰ বাবে নিৰ্দোষীয়ে শাস্তি ভোগ কৰে। কেককেঁচুৱা আৰু নেউলৰ শাৰীৰিক সাদৃশ্যৰ বাবে মানুহে ভুল কৰি কেকেঁটুৱাৰ দোষৰ বাবে নেউলক শাস্তি বিহে ।
★ কোলাৰটো এৰি বোকাৰটোলৈ আশা কৰা ।
⇒ যিটো বস্তু সহজলভ্য, তালৈ আশা নকৰি দুৰ্লভ বস্তুৰ প্রতি আশা কৰা। সহজলভ্য বস্তু উপকাৰিতালৈ লক্ষ্য নকৰি অসম্ভৱ বস্তু প্রাপ্তিৰ বাবে আশা কৰা ।
★ কোটাৰ ঘৰৰ কুটি, লোকলৈ হুল পুতি আপুনি মৰে ফুটি ।
⇒ লোকৰ অহিত চিন্তিলে নিজেই বিপদত পৰিবলগীয়া হয়। আনক বিন্ধিবৰ কাৰণে হূল পুতি কেতিয়াবা মানুহ নিজেই ফুটি মৰা দেখা যায়। সেয়ে সাৱধানে থকা উচিত ।
★ কোনো কোনো পাকত, ঢেঁকীথোৰাও সোমায় নাকত ।
⇒ বিশেষ পৰিস্থিতিত কেতিয়াবা অসম্ভৱ কামো সহজে সমাধা হোৱা দেখা যায়। ঢেঁকীথোৰা নাকত সোমোৱা অসম্তৱ যদিও কেতিয়াবা তেনে কামো সম্ভৱ হৈ উঠিব পাৰে ।
★ কোনো মৰে হাড়ে, কোনো মৰে মঙহৰ ভাৰে ।
⇒ কিছুমান মানুহ সদায় বঞ্চিত হয় আৰু কিছুমান মানুহে অলপ আয়ানতে বিভিন্ন সম্পদ লাভ কৰে। যাৰ অভাৱ তেনেলোকৰ অভাৱ কেতিয়াও পূৰণ নহয় ।
★ কোকিল সুন্দৰ হয় সুৱদী মাতত।
ৰমণী সুন্দৰ হয় সতীত্ব গুণত ।।
⇒ কোকিলৰ সৌন্দৰ্য নিৰূপিত হয় তাৰ শুৱলা কণ্ঠৰ ওপৰত ভিত্তি কৰি আৰু নাৰীৰ সৌন্দৰ্য নিৰ্ভৰ কৰে সতীত্ব গুণৰ ওপৰত । দৈহিক সৌন্দৰ্যৰ ওপৰত নিভৰ কৰাতকৈ সেয়ে আভ্যস্তৰীণ সৌন্দৰ্যত গুৰুত্ব দিয়াটো বাঞ্ছনীয় ।
★ কহনা আছে ৰহনা নাই;
সাতহাল বায়, ন-মুঠিও নাই ।
⇒ মানুহে কথা কয়হে, কিন্তু কথামতে কাম নকৰে। ইয়াত মাত হ’লে চৈধ্য প্রসঙ্গ আৰু ন মুঠিয়ে নৱবিধ ভক্তিৰ কথা কোৱা হৈছে। মানুহে চৈধ্য প্ৰসঙ্গ কৰিলেও একান্ত ভক্তিভাবত নকৰা বাবে নৱৰসৰ ভিতৰত এবিধ ৰসৰো অভিব্যক্তি হোৱা দেখা নাযায়।
★ কেঁচু কুমতি গৈ পৰ্বত উঠিল ।
দেও দি গিৰিবৰ সাগৰে পৰিল ।।
⇒ ইয়াত কেঁচু-কুমতিক পঞ্চভূত। গিৰিবৰক জীৱ আৰু সাগৰক স্রশ্বৰৰ সৈতে ৰিজোৱা হৈছে। পঞ্চভূতৰে নিৰ্মিত শৰীৰ এদিন মৃত্যুৰ যোগেদি পৃঞ্চভূততে মিলি যায়। কেৱল সজকৰ্মৰ যোগেদিহে জীৱই সট্বৰত লীন যাবলৈ সক্ষম হয় ।
★ কুকুৰে কৰিলে বিয়া বাঘৰ জীয়াৰী
দেখিয়া ভালুক গৈলা, ঘৰবাৰী এৰি ।
⇒ ইয়াত ‘কুকুৰ’ মানে জীৱ, ‘ঘৰবাৰী’ মানে শৰীৰ, ‘বাঘ’ মানে গুৰু আৰু ‘জীয়াৰী’ মানে গুৰুমন্ত্ৰৰ সূচনা কৰা হৈছে। ভালুক হৈছে পাপৰ প্রতীক। সৎগুৰুৰ ওচৰৰ মন্তুপ্ৰহণ কৰিলে অৰ্থাৎ ধৰ্মগ্ৰহণ কৰিলে মানৱদেহ পাপমুক্ত হয় ।
★ কচু কাটোতে কুঠাৰ ভাগিল, লোহাক বিন্ধিলে ঘূণে ।
⇒ মানুহৰ মন দুৰ্বল হ’লে, শৰীৰ অবশ হ’লে ৰিপু দমন কৰিবলৈ সক্ষম নহয়। গতিকে ৰিপুৰ বশীভূত হৈ পাপ কৰিলে শৰীৰ অশুচি হয়। ইয়াত কচু হৈছে ৰিপুৰ প্রতীক, ‘কুঠাৰ’–জ্ঞান, ‘লোহা’ শৰীৰৰ প্রতীক।
★ কণাই পঢ়ে, কলাই শুনে, বোবাই অৰ্থ গায় ।
পৰ্বতৰ টিঙত উজান উঠিছে, চকোলা পল লৈ যায়।
⇒ যি সকল জ্ঞানপিপাসু লোক, তেওঁলোকে কাৰো লগত কথা নপতাকৈ শুনে আৰু আনৰ মনৰ খুকুৰি ভাঙি ব্যাখ্যা দিব পাৰে। ইয়াত কণা, কলা আৰু বোবাই বাহ্যিক জগতৰ সকলো ধৰণৰ জাগতিকতাৰ পৰিৱৰ্তে আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে।
★ কথাত ৰস পায় যদি ক’ব জানে,
কৃষিত ৰস পাই নেমাৰিলে বানে ।
ভোজনত ৰস পাই যদি ৰান্ধে আয়ে ।
সঙ্গত ৰস পায় সাধু থাকে মানে ।
⇒ মানুহে কথা ক’ব জানিলে সি ৰসাল হয়, বানপানীয়ে নামাৰিলে কৃষি ৰসাল হয়, মাতৃৰ ৰন্ধন সদায় সুমিষ্ট হয় আৰু সাধু সন্তৰ মাজত ভক্তি ৰসৰ প্ৰাধান্য বৃদ্ধি পায় ।
★ কমাৰে কি জানে দুখীয়াৰ লো
যমে কি জানে একেটি পো ।
⇒ ভাগ্য অনুযায়ীহে মানুহে ফল পায়। কমাৰৰ হাতত দুখীয়াৰ লো বুলি কোনো গুৰুত্ব নথকাৰ দৰেই একেটি সম্তান বুলিও যমে তাত গুৰুত্ব নিদিয়ে। কৰ্মফল অনুসৰি সকলোৱে ফল লাভ কৰাটো নিশ্চিত।
★ কলো ৰওক ঢোকাতে, ঢোকাও ৰওক কলতে ।
⇒ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল হৈ চলা। হাউলিব ধৰা কলগছক ঢোকাই থিয় হৈ থকাত সহায় কৰাৰ দৰে ঢোকায়ো থিয় হৈ থকাত কলগছে সহায় কৰে ।
★ কটাৰী চিকুণ গুৱা। টোপনি চিকুণ পুৱা ।
ব্যঞ্জন চিকুণ হালধি। কুটনে চিকুণ খাৰলি ।।
⇒ তামোল কটাৰ সময়ত কটাৰীৰ চোকৰ বিষয়ে জানিব পাৰি। তেনেদৰে ৰাতিপুৱাহে মানুহৰ ভাল টোপনি আহে। হালধিয়ে ব্যঞ্জন সুস্বাদু কৰে আৰু ভালকৈ কুটা পাচলি খাবলৈ সোৱাদ হয় ।
★ কলীৰ হাতে নাখাও ভাত ।
ঘূৰি ঘূৰি কলিতেহে হাত ।।
⇒ বিধিৰ বিধান এৰিব নোৱাৰি। কলী বুলি যাক এলাগী কৰা যায়, বিপদৰ সময়ত তেওঁৰ ওচৰলৈকে পুনৰ ঘূৰি আহিবলগীয়া হয়। গতিকে কাকো এলাগী বুলি পৰিহাৰ কৰা উচিত নহয় ।
★ কাজী বুলি সকলোৱে জানে ।
কাজীক বিয়া কৰাই ঘৰলৈ নানে ।
⇒ কৰ্মপটু লোকক, গুণীলোকক মূৰ্খই ভাল নাপায় আৰু সেয়ে তেওঁলোকক আদৰ কৰাৰ পৰিৱৰ্তে অনাদৰ কৰে। গতিকে মূৰ্খলোকৰ ওচৰত গুণীৰ গুণৰ কোনো সমাদৰ নাই ।
★ কাজীৰ কঁকালত পাজি ।
অকাজীৰ কঁকালত মুগাৰ কাপোৰ, ষায় খম্ খম্ বাজি ।
⇒ কাজীসকলে অৰ্থৰ অভাৱত বৈ-কাটি-কাপোৰ বিক্ৰী কৰে আৰু অকাজীজনে তাক পিন্ধি গা ঘেলাই ফুৰে। গতিকে, নিধনী কাজীৰ কোনো সমাদৰ নাই।
★ কিঞ্চিৎ কৰিবা, বঞ্চিত নকৰিবা ।
⇒ সকলোকে অলপ হ’লেও দিবা, কাকো বঞ্চিত নকৰিবা। বঞ্চনাৰ ফলত বঞ্চিতজনে যি অভিশাপ দিয়ে, তাৰ ফলত মানুহৰ অমঙ্গল হয় ।
★ কুকুৰক নিদিবা লাই, চোতাল এৰি মজিয়ালৈ যায় ।
⇒ দুষ্টক’ কেতিয়াও আসৈ দিব নেলাগে। দুষ্টলোকক আশ্ৰয় দিলে তেওঁলোকে মানুহৰ অপকাৰ সাধন কৰে। সেয়ে দুষ্টলোকৰ পৰা দূৰৈত থকা বাঞ্ছনীয় ।
★ কৈবর্তৰ লগত মহৰা চিতল, মৰিয়াৰ লগত খুন্দো পিতল।
⇒ যিসকল বিদ্বান লোক, তেওঁলোক, সকলো কামতে পাকৈত। গতিকে প্রয়োজন অনুসৰি সকলোৰে লগত তাল মিলাই চলিব পাৰে ।
( খ )
★ খৰখৰীয়া পৈয়েক লঘোনে যায়;
লেধেমীৰ পৈয়েকে সাত সাজ খায় ।
⇒ খৰখেদাকৈ কাম কৰাজনৰ কাম ভাল নহয়। আনহাতে ধীৰে-স্থিৰে কাম কৰিলে কামৰ ফল শুভ হয়। সেয়ে ধীৰে-সুস্থিৰে কাম কৰিব লাগে ।
★ খাবলৈ নাই কণটো, বৰসবাহলৈ মনটো ।
⇒ যিসকলৰ কোনো বস্তু কিনাৰ শক্তি-সামৰ্থ্য নাই, তেনে লোকেহে খৰচ কৰাৰ কাৰণে বিবিধ কল্পনা কৰি থাকে। ধনহীন জনৰ কাৰণে বৰসবাহৰ আয়োজন কৰাটো ইমান সহজ নহয়।
★ খাবলৈ জানিলে চাউলেই চিৰা,
বহিব জানিলে মাটিয়েই পীৰা ।
⇒ অভিজ্ঞ লোকে সকলো কথাতে কৃতকাৰ্যতা লাভ কৰে। তেওঁলোকে যিকোনো পৰিবেশ-পৰিস্থিতিক নিজৰ আয়ত্তাধীন কৰি নিজৰ সমস্যা সমাধান কৰিবলৈ সক্ষম হয় ।
★ খাই কাৰ্শলা ডালত উঠিল, কাঠি চেলেকাৰ মৰণ মিলিল।
⇒ চতুৰ লোকে কাৰ্যসিদ্ধি কৰি আঁতৰি যায় আৰু অজলাসকল বিপদত পৰে। গতিকে তেনে লোকৰ পৰা যথাসম্ভৱ দূৰত্ব বজাই চলা উচিত।
★ খাবলৈ নেপালো জহাধানৰ ভাত,
শুনিবলৈ নেপালো অমাতৰ মাত ।
⇒ মনৰ আশা মনতেই মাৰ যোৱা। জহাধানৰ ভাত খোৱা আৰু অমাতৰ মাত শুনা সকলোৰে বাবে সম্ভৱ নহয়। একমাত্ৰ ভাগ্যশালীজনৰ পক্ষেহে তেনে কাৰ্য সম্ভৱ হৈ উঠে ।
★ খালেহে বুজিবা তিতা নে মধুৰ ।
গ’লৈহে বুজিবা বাট কত দূৰ ।।
⇒ ভূক্তভোগী সকলেহে কোনো কাৰ্যৰ পৰিণতি সম্পৰ্কে জ্ঞাত হয়। তিতা নে মিঠা তাৰ স্থিতি নোলোৱাকৈ ঠিৰাং কৰাটো যেনেদৰে সম্ভৱ নহয়, তেনেদৰে কোনো ঠাইলৈ নোযোৱাকৈ ঠাইখনৰ দূৰত্ব সম্পৰ্কে ধাৰণ কৰিব নোৱাৰি ।
★ খাবৰ সময়ত সাত ভাই;
কৰিবৰ সময়ত এজনো নাই ।
⇒ সাধাৰণতে কামৰ সময়ত মানুহ বিচাৰি পোৱা নাযায়। কিন্তু খাবৰ সময়ত সকলোবোৰ উবুৰি খায় পৰে ।
★ খুজি আনি কৰিবা দান;
তেহে পাবা বৈকুষ্ঠত স্থান ।
⇒ নিজৰ অভাৱ হ’লেও আনক অভাৱত সহায় কৰিব লাগে। আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী হ’ব পৰাটোহে প্রকৃত মানুহৰ লক্ষণ ।
★ খুৰ চিনিবা শাণত, নাৰী চিনিবা স্নানত ।
⇒ শাণ দিয়াৰ পাছতহে খুৰৰ চোক বৃদ্ধি হোৱাৰ দৰে স্নান কৰাৰ পাছতহে নাৰীৰ প্রকৃত স্বৰূপ দৃষ্টিগোচৰ হয় ।
★ খেতিৰ কৰিবা বাও, বাণিজ্যৰ কৰিবা নাও ।
⇒ সাধাৰণতে বাওখেতিত কষ্ট কম যদিও উৎপাদন যথেষ্ট হোৱাৰ কাৰণে লাভ হোৱা দেখা যায় । তেনেদৰে, জলপথৰ ব্যৱসায়ত অধিক লাভ হয় ।
★ খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ মাৰে ।
⇒ সাধাৰণতে হৃদয়হীন মানুহে কেতিয়াও সজ বিচাৰ নকৰে। তেওঁলোকে সকলো নীতি-নিয়ম ধৌৱাচাঙত তুলি নিজৰ স্বাৰ্থ অনুসাৰে কাম কৰে ।
★ খেনো মৰে হাড়ে হাড়ে, খেনো মৰে মঙহৰ ভাৰে ।
⇒ পোৱাই চৌদিশৰ পৰা পায় আৰু নোপোৱাৰ ভাগ্যত একোৱেই নাই। কিছুমানে হাড়-ছালেৰে জীৱন কটায় অথচ কিছুমান মঙহৰ ভৰত খোজকাঢ়িব নোৱাৰা হয় ।
( গ )
★ গছত গৰু উঠা, হোলোঙাৰে কাণ খজুওৱা ।
⇒ অসম্ভৱ কৰ্ম সম্পৰ্কে কল্পনা কৰা। গছত গৰু উঠাটো প্ৰকৃতি বিৰুদ্ধ কথা। তেনেদৰে কাণৰ সৰু হিদ্ত হোলোঙা মাৰি সুমুওৱাটো৷ সম্ভৱ নহয় ।
★ গছৰ গুটি খাবা, তাৰ নাম নক’বা ।
⇒ যিবিলাক কথা প্রকাশ পালে মানুহৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে, তেনে কথা প্রকাশ কৰাৰ পৰা বিৰত থাকিব লাগে ।
★ গছত কঁঠাল ওঁঠত তেল, নৌ খাওঁতেই ছেলবেল ।
⇒ কোনো কাম কৰাৰ আগতেই তাৰ ফলৰ আশা কৰা। গছত কঁঠাল থাকোঁতেই ওঁঠত তেল লগোৱা কথাটোৱে অত্যুৎসাহৰ সূচনা কৰে। অধিক আশা ভাল পায় ।
★ গৰুৰ আগত টোকাৰি বায়, কাণ জোকাৰি ঘাঁহ খায় ।
⇒ মূৰ্খক উপদেশ দিলে কোনো ধৰণৰ সুফল পোৱা নাযায়। ঘাঁহ খাই থকা গৰুৱে টোকাৰিলে কাণ নকৰাৰ দৰে মূৰ্খয়ো উপদেশলৈ কেৰেপ নকৰে ।
★ গালো নাম গ’ল উৰি, নাই তাৰ আঁতি গুৰি ।
⇒ মূৰ্খৰ আগত কোৱা সজ কথাৰো মূল্য নাথাকে। তেওঁলোকে কোনো কথাৰে গুৰুত্ব বুজি নাপায়। গতিকে মূরৰ্খলোকক কথা কোৱাৰ পৰা আঁতৰি থকা উচিত ।
★ গিৰি নোহোৱা গৰু, ঢাকোন নোহোৱা চৰু ।
⇒ গৰাকী নোহোৱা গৰু আৰু আপডাল নোহোৱা সম্পত্তি কেতিয়াও সুৰক্ষিত হৈ নাথাকে। এনে বস্তুৰ হানি-বিঘিনি ঘটাতো স্বাভাৱিক ।
★ গধূলি বেলিকা তৰিছে তাঁত, উজুটিত ছিঙিছে পৈয়েকৰ দাঁত ।
⇒ অসময়ত কাম আৰম্ভ কৰাৰ পৰিণতি কেতিয়াও ভাল নহয়। উদাহৰণ স্বৰূপে সন্ধিয়া সময়ত তীত তৰি ল’লে আউল লগাৰে সম্ভাৱনা অধিক ।
★ গাত নাই ছাল-বাকলি, মদ খাই তিনি-টেকেলি ।
⇒ দৰিদ্ৰই অধিক খৰচ কৰি ভাল খাবলৈ বিচৰা। মানুহে নিজৰ উপাৰ্জন চাই খৰচ কৰিব লাগে যদিও নিজৰ সামৰ্থ্য নথকাজনে খোৱাৰ নামত অধিক ধন অপৰব্যয় কৰিব বিচাৰে ।
★ গুৰুতকৈ শিষ্য শিয়ান; খুঁচৰি খুঁচৰি লয় গিয়ান ।
⇒ যিসকল জ্ঞানী ছাত্র-ছবাতী তেওঁলোকে নজনা কথাবোৰ শিক্ষকক সুধি জানি-বুজি লয়। গতিকে তেওঁলোক গুৰুতকৈ অধিক সচেতন হৈ থকা দেখা যায় ।
★ গুৰিয়াল নথকা নাও; তাত নুবুলিবা যাওঁ ।
⇒ গুৰিয়াল নথকা নাও যিকোনো মুহুৰ্ততে দূৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে। গতিকে তেনে নাৱত যাত্ৰা কৰাটো বিপজ্জনক। গতিকে নেতৃত্ববিহীন ঠাইত _ থকা অনুচিত ।
★ গোহালিৰ বৰ মুখা, খেৰ খাই তিনিপোলা, নাঙলটো দেখিলেই শোৱে ।
⇒ খোৱাতহে পাৰ্গত কামত অকামিলা। গোহালিৰ বৰমুগাই তিনি পোলা খেৰ খালেও নাঙললৈ ভয় কৰা মানে কামৰ বাবে অনুপযুক্ততাকে সুচাইছে ।
★ গোৱালে বখানে ঘি, মাকে বখানে জী ওচৰ-চুবুৰীয়াই যাক বখানে তাইহে মাকৰ জী ।।
⇒ আপোনজনতকৈ আনে ভাল বোলাৰ মূল্য বেছি। গোৱালে ঘি বখনা আৰু মাকে জীয়েকক বখনাতকৈ ওচৰ-চুবুৰীয়াইনো কি কয় সেইটো জানি লৈ কামত অগ্ৰসৰ হোৱা উচিত ।
★ গৰ্বত মৰে গজহস্তী, গপত মৰে গোম ।
শ খাওঁতে শগুণ মৰে, আঁজুৰি মৰে কোন ।
⇒ কপটীয়া লোকে লোভত পৰি অশাস্ত্ৰীয় কাম কৰি সোনকালে পতন মাতি অনা দেখা যায়। ইয়াত ‘শ’-শব্দই শাস্ত্রবৰ্জিত বস্তু, ‘ভৈম, শব্দই বিষয়ীলোক, হস্তী, গোম প্রভৃতিয়ে গবী আৰু কপটীয়া লোকক সূচাইছে ।
★ গছৰ গহৰা, মানুহৰ জহৰা, তাৰ হয় চেহেৰা ভাল । ভাল হ’লেও সতিনীৰ পো মাহী আই হয় কাল ।।
⇒ সাধাৰণতে গহৰা গছ আৰু জহৰা সম্তানৰ চেহেৰা. ভাল হয়। কিন্তু, সতিনীৰ পো ভাল হ’লেও মাহী আইয়ে সতিনীৰ সম্তানক ভাল চকুৰে নাচায় ।
★ গড় বান্ধি যুঁজিলে ৰথী। গড় নবন্ধাকৈ যুঁজিলে মহাৰথী ।
⇒ কোনোজনৰ আশ্রয় লৈ কাম কৰাজন ৰথী আৰু কাৰো আশ্রয় নোলোৱাকৈ স্বাধীনভাৱে কাম কৰাজন মহাৰথী ।
★ গুৰুক মানিবা, ভকতক মানিবা, সোদৰৰ ভাই ।
⇒ গুৰু ভকত, আৰু সোদৰৰ ভাইক মান-সতকাৰ কৰি থাকিলে মানুহৰ জীৱনত কোনো ধৰণ অপায়-অমঙ্গল নহয় ।
( ঘ )
★ ঘৰে প্ৰতি ঘৈণী, খালে প্ৰতি যখিনী ।
⇒ এজনৰ ঘৰত আন এজনৰ কৰ্তৃত্ব নচলে। প্রতিখন ঘৰতেই ঘৰৰ গৰাকীৰ কৰ্তৃত্ব থাকে। তাত আনৰ কৰ্তৃত্ব নচলে ।
★ ঘৰৰ কথা নক’বা পৰক, ঘৰখন হয় লৰক-ফৰক ।
⇒ নিজৰ ঘৰৰ কথা আনক ক’লে ঘৰ ভালে নাথাকে । সেয়ে নিজৰ ঘৰৰ গোপন কথা গোপনে ৰখা উচিত ।
★ ঘৰত নাই কণটো, বৰসবাহলৈ মনটো ।
⇒ কোনো এটা ডাঙৰ কাম কৰিবলৈ হ’লে হাতত ধন-বিত থকাটো প্রয়োজন । হাতত ধন-বিত নাথাকিলে বৰসবাহলৈ মন মেলি কোনো লাভ নাই ।
★ ঘৰত মিল নাই ইটিৰ সিটিৰ;
সি কি পাতিব আনত মিতিৰ।
⇒ নিজৰ ঘৰখন মিলাব নোৱাৰা মানুহে বাহিৰত বন্ধু বঢ়াব নোৱাৰে। গতিকে প্রথমে নিজৰ ঘৰখন ঠিক কৰিব লাগিব, পিছতহে বাহিৰৰ চিন্তা ।
★ ঘৈণীয়ে ঘৰ; ঘৈণী নহ’লে ঘৰ লৰফৰ।
⇒ তিৰোতাই সাধাৰণতে ঘৰখন পৰিপাটিকৈ ৰাখে। সেয়ে তিৰোতা নথকা ঘৰ পৰিপাটী হোৱা দেখা নাযায়।
★ ঘোঁৰাৰ ইচ্ছায় ঘোঁৰী, বিধাতাই থৈছে সুৰি ।
⇒ যাৰ কন্যা তাৰ বিবাহ। বিবাহ পূৰ্ব নির্দ্ধাৰিত। বিধিৰ বিধান মানে পূৰ্ব নিৰ্দ্ধাৰিত মতে নৰ-নাৰীৰ মিলন হয়। বিধাতাৰ এই নিবন্ধন কোনেও ছিন্ন কৰিব নোৱাৰে ।
( চ )
★ চহাই বেহা শিকিলে, ৰাতিক দিন যেন দেখিলে ।
⇒ নিধনীয়ে ধন পালে উত্ৰাৱল হয়। চহালোকে বেহা-বেপাৰত মনোনিবেশ কৰিলে তেওঁলোকে নিজকে সংযত কৰি ৰাখিব নোৱাৰে ।
★ চৰণেহে জানে মৰণৰ ঠাই, যৈকে লাগি তৈকে যায় ।
⇒ যাৰ য’ত মৰণ আহে, তেওঁ চুঁচুৰি-বাগৰি গৈ মৃত্যুকালত যথাস্থানত উপস্থিত হয়গৈ। গতিকে মৃত্যুকাল উপস্থিত হ’লে মানুহৰ পৰিত্ৰাণ নাই ।
★ চাপৰ মাৰিয়েই মণিকূট পোৱা ।
⇒ কামত হাত দিয়েই শ্রেষ্ঠ হ’লো বুলি যহোৱা। খোলত চাপৰ দিয়েই মণিকুটলৈ যোৱা মানে কামত নিপুণতা অৰ্জন নকৰাকৈ নিজৰ প্ৰভুত্ব বিস্তাৰ কৰা ।
★ চৰাই মৰে ৰৈ, মানুহ মৰে কৈ ।
⇒ ডালত পৰি থাকোতেই চিকাৰীৰ হাতত চৰাইৰ মৃত্যু হয়। অনুৰূপভাৱে মুখৰ কথাৰ বাবেই মানুহৰ বিপদ হয় ।
★ চুৰ কৰা মহাবিদ্যা, ধৰা পৰিলে শিলৰ খুন্দা ।
⇒ চুৰ কৰা ধন বিনা কন্টে পোৱা হয় যদিও কেনেবাকৈ ধৰা পৰিলে মানুহৰ বিপদ হোৱাটো স্বাভাৱিক। সেয়ে চুৰিকাৰ্যৰ পৰা আঁতৰি থকা উচিত ।
★ চূণৰ চোকোৰা, পাণৰ মকৰা, মাছ পাতত দিবা ছাই;
তাক খাই মৰিলে ষমৰ গাত দোষ নাই ।
⇒ বেয়া বস্তু খাই মানুহ মৰিলে তাৰ কাৰণে আনক দোষাৰোপ কৰি লাভ নাই। চূণৰ চোকোৰা আৰু পাণৰ মকৰা দুয়োটা বিষাক্ত। তাক খোৱাটো নিজৰেই অপৰাধ ।
★ চেলা ছাললৈ গ’ল, বিছা বীহলৈ গ’ল;
ঠেং ছিগা কেৰেলুৱাৰ মৰণ হ’ল ।
⇒ টেঙৰে কামৰ অলপ কৰিয়েই আঁতৰে, কিন্তু সৰলমনা জনে কষ্ট পায়ো আঁতৰি নাযায়। ফলত তেওঁলোকে কষ্ট ভোগ কৰিবলগীয়া হয় ।
★ চোৰে নেৰে চোৰ প্ৰকৃতি, কুকুৰে নেৰে ছাই
যাৰ যি প্ৰকৃতি মৰিলে লগতে যায় ।
⇒ মানুহৰ জন্মগত প্ৰকৃতিৰ কেতিয়াও পৰিৱৰ্তন নহয়। কিয়নো মানুহ জন্মগত প্ৰকৃতিৰ দাস। মৃত্যুপৰ্যন্ত মানুহে এনে প্রকৃতিৰ অধীন হৈ কাল অতিবাহিত কৰে ।
★ চোৰৰ বৰ বল, চোৰে বিচাৰে ক্ষমতা দখল ।
⇒ কুটনীতিজ্ঞই কৌশলেৰে ক্ষমতা হস্তগত কৰিব বিচাৰে। সাধাৰণতে এনে লোকৰ উদ্দেশ্য সৎ নহয় আৰু নিজৰ স্বাৰ্থসিদ্ধিৰ কাৰণে যিকোনো অসৎ পথ অবলম্বন কৰিবলৈ পিছ নোহোহকে ।
★ চোৰে ভাল নেদেখে চন্দ্ৰৰ জ্যোতি,
দৃষ্ট তিৰীৰ নাই পুত্ৰত ৰতি ।
⇒ দুষ্ট প্ৰকৃতিৰ তিৰোতাৰ নিজ পুত্ৰৰ প্রতি স্নেহ নাথাকে, তাৰ পৰিৱৰ্তে নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণৰ চিন্তাতহে ব্যক্ত থাকে চোৰে ৰাতিৰ পোহৰ ভাল নোপোৱাৰ দৰেই এনেলোকেও নিজ সন্তানৰ কথা চিন্তা নকৰে ।
★ চিতহৈ মাৰলী লেখো ।
দিনতে বৰে কৰি সপোন দেখোঁ ।
⇒ কাম নকৰি ফলৰ বাবে আশা পালি থাকিলে সুফল লাভ কৰিব নোৱাৰি। বিছনাত শুই ঘৰৰ মাৰলি হিচাপ কৰি থাকিলে দিবাস্বপ্মই কাকো সুখ দিব নোৱাৰে ৷
★ চোৰৰ বৰ বল, চোৰে বিচাৰে দৈ কল ।
⇒ অসংলোকে দুৰ্বলক দাবী কৰি বস্তু বিচাৰে। গতিকে অসৎ লোকৰ পৰা যথাসম্ভৱ আঁতৰি থকা উচিত ।
( ছ )
★ ছয় পো, বাৰ নাতি, তেহে কৰিবা কুঁহিয়াৰ খেতি ।
⇒ কুঁহিয়াৰ খেতিত যথেষ্ট জনবলৰ প্রয়োজন। সেয়ে অকলশৰীয়াকৈ এই খেতি কৰাতকৈ ভাই-ককাই লগ লাগিহে এনে খেতিত মনোনিবেশ কৰা উচিত ।
★ ছাতি, লাঠি টনা, সি নহ’লে দিনতে কণা ।
⇒ পুৰণি কালত মানুহে ইঠাইৰ পৰা সিঠাইলৈ যাওঁতে যাত্ৰাপথৰ সহায় হোৱাকৈ লগত কিছুমান সামগ্ৰী লৈ গৈছিল । এইবোৰে তেওঁলোকক যাত্ৰাপথত সহায় কৰিছিল ।
★ ছাগলে নেখাই কি, পাগলে নেগাই কি ?
⇒ ছাগলীয়ে বাচ-বিচাৰ নোহোৱাকৈ যিকোনো বস্তু মুখত দিয়াৰ দৰে পাগলেই লাগবান্ধহীন কথা কয়। গতিকে ইতিকিংসূচক বাক্য হিচাপে প্ৰয়োগ কৰা হৈছে ।
( জ )
★ জয়কালত ভয় নাই, মৃত্যুকালত ঔষধ নাই ।
⇒ ভাগ্য ভাল হ’লে ক’তো বিপদ নাই। বেয়া হ’লে মানুহক বিপদে হেঁচা মাৰি ধৰে ।
★ জাত চাই পাত, কঠীয়া চাই ভাত ।
⇒ বংশ অনুসৰি সতি-সন্ততি হয়। ভাল ধানৰ কঠীয়া ভাল হয়।
★ জীৱন-যৌৱন ধন বিজুলী মেঘৰ ।
সুপাত্ৰত দান জানা শ্ৰেষ্ঠতৰ ।
⇒ জীৱন, যৌৱন, ধন এইবোৰ অতি ক্ষপ্তেকীয়া। মেঘৰ বিজুলীৰ দৰে ৷ নিমিষতে নোহোৱা হৈ যায়। মানুহে সুপাত্ৰত দান দিলে ভৱিষ্যৎ মঙ্গল হয় ।
★ জীয়াতে নিদিলে কাণীপুঠি,
মৰিলে কি দিব বাৰু, আঙঠি ।
⇒ জীৱিত কালত সেৱা-শুশ্ৰাষা নোপোৱা বৃদ্ধজনে মৃত্যুকাল উপস্থিত হোৱাত আদৰ-যত্ন পাম বুলি চিন্তা কৰাটো অমূলক ।
★ জীৰ নাতি জপনাকাটি, পোৰ নাতি ধৰে ছাটি ।
⇒ জীয়াৰীৰ নাতি ক্ষন্তেকীয়া, তেওঁলোক আহে আৰু যায়। পুত্ৰৰ নাতিহে চিৰলগৰীয়া। তেওঁলোক সদায় লগত থাকে ।
★ জোঁৱাইয়ে নিলেও নিয়া, যমে নিলেও নিয়া ।
⇒ বিবাহিতা জীৰ পৰা আশা কৰা অমূলক। কাৰণ জোঁৱাই আৰু যমৰ পৰা কোনোৱে আশা নকৰে। বিয়া দিয়াৰ সময়ত সম্পূৰ্ণ আশা ত্যাগ কৰিয়েই তেওঁলোকক জোঁৱাইৰ হাতত অৰ্পণ কৰা হয় ।
★ জনম, মৰণ, বিবাহ, ভাগ্যৰ ওপৰত নিৰ্বাহ ।
⇒ মানুহৰ জীৱন সম্পূৰ্ণ ভাগ্যৰ ওপৰত নির্ভৰশীল। জন্ম, মৃত্যু, বিবাহ প্ৰভৃতি প্ৰতিটো কাৰ্যই ভাগ্যৰ দ্বাৰা নিয়ন্ত্রিত মানুহে ইয়াত নিজববীয়াকৈ একো কৰিব নোৱাৰে ।
★ জীয়াই থাকিলে ভাতে আঁতিব, মৰিলে গাঁতে আঁতিব ।
⇒ জীৱৰ জন্মৰ লগে লগেই তেওঁলোকৰ মুখত ভাতমুঠি দিয়াৰ চিন্তাই মানুহক ব্যাকুল কৰে। কিন্তু, পৃথিৱীত জন্মগ্ৰহণ কৰা প্ৰতিটো জীৱৰ বাবেই নিৰ্দ্ধাৰিত পৰিমাণৰ খাদ্য মজুত থাকে। তেনেকৈ মৃত্যুৰ পিছতো শৱদাহ কৰিবলৈ ঠাইৰ অভাৱ নহয় ।
★ জ্ঞানীৰ কি সৰু-বৰ, গুৰুৰ কি ভিন-পৰ ।
⇒ জ্ঞানীলোকৰ ওচৰত কোনো ধৰণৰ ভেদাভেদ নাথাকে। সেয়ে গুৰুক ভিন দেখা উচিত নহয় ।
★ জ্ঞানীক ভাত দিলে তলমূৰকৈ খায় ।
অজ্ঞানীক ভাত দিলে চালে-বেৰে চায় ।
⇒ জ্ঞানীলোক সকলো ক্ষেত্ৰতে অনুকৰণীয়। কিয়নো তেওঁলোকৰ আচাৰআচাৰণ, চাল-চলন সকলোতে সুকীয়া বৈশিষ্ট্য বিদ্যমান। আনহাতে জ্ঞানহীন লোকে কোনো কথাতেই মনোযোগী নহয় ।
( ট )
★ টান মাটি দেখিলে বিড়ালীয়েও নোখোঁচৰে ।
⇒ ধনবান আৰু শক্তিশালী লোকলৈ সকলোৱে ভয় কৰে আৰু সেয়ে তেওঁলোকৰ কোনো ধৰণৰ অপকাৰ কৰিবলৈ নিবিচাৰে। বিড়ালীয়ে টান মাটি নোখোচৰাৰ দৰেই কোনেও শক্তিশালী লোকৰ বিৰোধিতা নকৰে ।
★ টিক্ বলধা ওলায় মাটি, মাক ভালে জীয়েক জাতি ।
⇒ যাৰ বলধ হাল চোকা আৰু ঘৰৰপৰা ওলায়েই খেতিৰ মাটি পায়, তেওঁৰ পক্ষে খেতি-বাতি কৰাত কোনো ধৰণৰ অসুবিধা নহয়। আনহাতে মাকৰ চৰিত্ৰৰ ওপৰতেই জীয়েকৰ চৰিত্ৰ নিৰ্ভৰশীল।
★ টোপোলাটো দেখি টোপোলা যাঁচে
ৰ-ৰ টোপোলা তোলৈকো আছে ।
⇒ আনক দিব থ’ব পাৰিলেহে নিজেও আনৰ পৰা পোৱাৰ আশা কৰিব পাৰে। গতিকে দান দিলেহে প্রতিদান পোৱা সম্ভৱ ।
★ টোপনি চিকুণ পুৰ্বা, কটাৰী চিকুণ গুৱা ।
⇒ পুৱাৰ সময়ত সাধাৰণতে ভাল টোপনি আহে। কটাৰীৰ চোক থাকিলেহে তেনে কটাৰীৰে তামোল কাটিব পাৰি। অন্যথা নোৱাৰি ।
★ টেঙাৰ সোৱাদ ওঁ, মাতৰ সোৱাদ বৌ ।
⇒ ঔটেঙাৰ সকলো টেঙাৰ ভিতৰত সুস্বাদু আৰু সুমিষ্ট। তেনেদৰে সাদৰী আৰু মৰমিয়াল তিৰোতাসকলৰ ভিতৰত ‘বৌ’ প্ৰধান। বৌয়েকৰ মিঠা মাতে দেওৰ-ননদ প্ৰমুখ্য কৰি ঘৰখন ধৰি ৰাখে ।
★ ঠন ঠন মদনগোপাল ।
⇒ অভিমানীয়ে বহাতে আনৰ পৰা সুবিধা লাভ কৰিব বিচাৰে। তেওঁলোকৰ যেন লৰচৰ কৰিবলৈ সময় নাই। আন সকলোৱে তেওঁলোকক পৰি সোৱা কৰিব ।
★ ঠেক মন যাৰ, মান নাই তাৰ ।
⇒ ঠেক মনৰ মানুহে কোনো ধৰণৰ মান-সন্মান নাপায়। কাৰণ তেওঁলোকৰ সংকীৰ্ণ মনে ব্যক্তিগত সীমা অতিক্ৰম কৰি সামূহিক চিন্তা কৰিবলৈ নোৱাৰে ।
★ ঠেং নৌপাওঁতেই টোকনৰ ইমানখিনি ।
⇒ অলপ বিদ্যা আহৰণ কৰোঁতেই ভেমত ওফন্দি ফুৰা লোকৰ প্রসঙ্গত এনেদৰে কোৱা হয়। কিয়নো অলপীয়া বিদ্যাৰ পৰিণতি ভয়ংকৰ হয় ।
★ ঠাই চাই কৰিবা বসতি, আধা অন্য আধা জ্ঞাতি ।
⇒ মানুহে বসবাস কৰিবৰ কাৰণে ঠাই নিৰ্বাচন কৰোঁতে সততে সতৰ্ক হোৱা উচিত। এনে ঠাইত নিজৰ জ্ঞাতি কুটুম্বৰ লগতে অন্য লোক থাকিলেও তাৰ পৰিমান সমান হোৱা উচিত ।
★ ঠলাঁতী তিৰোতা পাঁচি পতা পৈ, যেনে তেনে আছে ঘৰখন ৰৈ ।
⇒ লোকৰ ওপৰত খোৱা তিৰোতাই যদি কোনোবা হেবাং স্বামীৰ সৈতে সংসাৰ কৰে তেন্তে তেওঁলোকৰ পাৰিবাৰিক জীৱনত বেমেজালি ঘটা স্বাভাৱিক। ইয়াত ঠলাতী মানে ঘৰ আৰু পাঁচিপতা মানে এগৰাকী
পত্নী বিয়োগ হোৱা পুৰুষক বুজাইছে ।
( ড )
★ ডাঙৰে কৰিলে লীলা, সৰুৱে কৰিলে ধৰি-বান্ধি কিলা ।
⇒ ক্ষমতাশালী লোকে দোষ কৰিলে তেনে দোষ ধৰিবলৈ কোনোৱে সাহস নকৰে। আনহাতে সামান্য লোকক তেওঁলোকে কৰা সামান্য দোষৰ বাবেই শাস্তি বিহা হয় ।
★ ডাকে ফেঁচা, ফুলে বাঁহ, গিৰী নিজীয়ে ছয় মাহ ।
⇒ বাৰীত বীহ ফুলিলে, ফেঁচাই ডাক দিলে তেনে কাৰ্যক বিপদৰ আগজাননী বুলি গণ্য কৰা হয়। এনে অৱস্থাত ঘৰৰ গৰাকীৰ মৃত্যু আসন্ন বুলি বিবেচনা কৰা হয় ।
★ ডুবযোৱা বেলি, কোনেও নোখোজে হাতমেলি ।
⇒ বয়স হ’লে অথবা অৱস্থাৰ অৱনতি ঘটিলে তেনে লোক আনৰ শ্ৰদ্ধাৰ পৰা বঞ্চিত হয়। সূৰ্যোদয়ৰ সময়ত সূৰ্যক নমস্কাৰ জনোৱা হয়। কিন্তু সূৰ্যাত্তৰ সময়ত কোনেও তেনে নকৰে। এই কথা সকলোতে প্রযোজ্য ।
★ ডুব মাৰি মাছ খায়, কোনেও তাৰ ফুট নেপায় ।
⇒ দেখাত শাস্ত-শিষ্ট। কিন্তু ভিতৰি কুঁট-কৌশলী লোকক কোনোৱে বিশ্বাস নকৰে। এনে লোকে আনক দেখুৱাই নম্ৰভাৱ প্ৰদৰ্শন কৰে, কিন্তু ভিতৰত গোপনে নিজৰ স্বাৰ্থ পুহি ৰাখে ।
★ ডেকাল’ৰাৰ ভকত নাই, গাভৰু ছোৱালীৰ শপত খায় ।
⇒ যৌৱনৰ প্রভাৱত ডেকা ল’ৰাই যিকোনো আচৰণ কৰিব পাৰে। কিয়নো সেই সময়ত তেওঁলোকৰ মনবোৰ চঞ্চল হৈ থাকে। তেওঁলোকে কাৰোবাৰ নামত শপত খালেও সেই শপত সোনকালে পাহৰি যাব পাৰে ।
( ঢ )
★ ঢাল নাই তৰোৱাল নাই, নিধিৰাম চৰ্দাৰ ।
⇒ সঁজুলিৰ অভাৱ হ’লে অভিজ্ঞ আৰু পাৰদশী লোকেও কোনো কাম কৰিব নোৱাৰে। সৈনিকে যেনেদৰে ঢাল-তৰোৱাল অবিহনে যুদ্ধ কৰিব নোৱাৰে তেনেদৰে অভিজ্ঞ লোকেও সঁজুলিৰ অভাৱত কাম কৰিব নোৱাৰে ।
★ ঢাকোন নাইকিয়া চৰু, গোৱাল নাইকিয়া গৰু ।
⇒ গৰাকীবিহীন কোনো বস্তু ভালে নাথাকে। চৰুত ঢাকোন নাথাকিলে যেনেকৈ খাদ্য সুৰক্ষিত হৈ নাথাকে, তেনেদৰে, গোৱালবিহীন গৰুয়েও যাৰে-তাৰে খেতিৰ অনিষ্ট কৰিব পাৰে ।
★ ঢেঁকীত ম’হে খায়, উৰলত ফৰফৰায় ।
⇒ লোকৰ কথাত লোকে গা পাতি লোৱা। ঢেঁকী আৰু উৰল পৰস্পৰ সংযুক্ত হ’লেও স্বকীয় অস্তিত্ব বিদ্যমান। তেনে পৰিস্থিতিত ঢেঁকীত ম’হে খালে তাৰ প্ৰতিক্ৰিয়া উৰলত হোৱা অস্বাভাৱিক ।
★ ঢেঁকীশাল ফুৰিলে খুদ চাউলৰ অভাৱ নাই ।
⇒ অভাৱত সহায় বিচাৰি গ’লে সহায় পোৱা যায়। ঢেঁকীশালত খুঁদ চাউল থাকেই। গতিকে কেইবাটাও ঢেঁকীশাললৈ গ’লে খুঁদচাউলৰ অভাৱ পূৰণ হোৱাটো নিশ্চিত ।
★ ঢোলৰ কোবতকৈ ওঁঠৰ কোব বেছি ।
⇒ মূল মানুহৰ কোনো খবৰেই নাই, অথচ পালি-পহৰীয়াই কথাৰ বাট আগছি ধৰি কাৰ্যসিদ্ধিত বাধা জন্মোৱা।
★ ঢোল হেন কণী পাৰে চুঙাৰ বাদুলী ।
⇒ সৰুৰ মুখত কেতিয়াবা বৰ বৰ কথা শুনা যায়। চুঙাৰ বাদুলী অতি ক্ষুদ্ৰ আকাৰৰ প্ৰাণী। তেনে বাদুলীয়ে ঢোলৰ সমান ডাঙৰ কণী পাৰিব নোৱাৰে ।
★ ঢৌটোকে ৰৌটো কৰা ।
⇒ মিছাকে সঁচা কৰিব বিচাৰে। ৰৌ মাছ থাকিলে সাধাৰণতে পানীত ঢৌ তোলে। কিন্তু, কোনোবাই যদি পানীৰ ঢৌটোকে ৰৌ বুলি পতিয়ন নিয়াব বিচাৰে তেন্তে সেয়া অস্বাভাৱিক ।
( ত )
★ তপত ভাতৰ ধোঁৱাই খোৱা ।
⇒ উপকাৰীক অপকাৰ কৰি, পাই থকা বা লাভ কৰি অহা সুবিধাৰ পৰ৷ বঞ্চিত কৰা। তপত ভাতৰ ধোঁৱাই কাৰো অনিষ্ট সাধন নকৰে। গতিকে ধোঁৱাই খোৱা কথাষাৰ অমূলক ।
★ তাহানিয়েই খালো টেঙা, এতিয়াহে পালেহি জেঙা ।
⇒ পূৰ্বৰ কষ্ট পাৰ হোৱাৰ পিছত আকৌ সেই জঞ্জাল উপস্থিত হোৱা । অৰ্থাৎ বিপত্তিৰ শেষ নোহোৱা ।
★ তিনিটা উধানৰ মাজত কুকুৰটো শুলে, কথমপি চৰুটো নুচুলে ।
⇒ নিজকে নিৰদেবী প্রতিপর কৰিবৰ কাৰণে চেষ্টা কৰা আৰু তাৰ বাৰে প্রয়োজনীয় যুক্তি প্ৰদৰ্শন কৰা। চৰু বুলিলে সাধাৰণতে উ মূল। এতিয়া যদি তিনিটা উধানৰ মাজত কুকুৰ শুই যায়, তাৰ পিছত চৰুটো ৰক্ষা পৰাৰ কিবা যুক্তি থাকেনে ?
★ তিৰোতাই চাই হাতলৈ, মাকে চাই মুখলৈ ।
⇒ স্বামীয়ে কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহোঁতে হাতত কি লৈ আহিছে, সেইটোহে পত্নীয়ে প্ৰত্যক্ষ কৰে। আনহাতে মাকে প্ৰত্যক্ষ কৰে পুতেকৰ মুখখন ৷ ইয়াতেই দুগৰাকী নাৰীৰ দৃষ্টিভংগীৰ পাৰ্থক্য ।
★ তিতাও তিতা নেমুটেঙাৰ পাত ।
তাতোতকৈ তিতা মাহী আইৰ মাত ।
⇒ ৰহ যি বেয়া, তাৰ সকলো বেয়া। নেমুটেঙাৰ পাততকৈ মাহীআইৰ মাত অধিক তিতা বোলা কথাষাৰিয়ে অসমীয়া সমাজত মাহীমাকৰ এখনি ঋণাত্মক প্ৰতিচ্ছবি তুলি ধৰিছে । নেপোৱা
★ তিৰী মিৰি-ভাটৌ, কোৱা–এই চাৰিৰ আসৈ নেগোৱা ।
⇒ তিৰোতা, মিৰি সম্প্ৰদায়ৰ মানুহ, ভাটো চৰাই আৰু মন বুজা টান৷ তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে স্বামী অথবা গৰাকীক অতি সহজেই প্ৰতাৰণা কৰিব পাৰে ।
★ তিৰোতাৰ শুৱনি মাতত, হাতীৰ শুৱনি দাঁতত ।
⇒ তিৰোতাৰ মুখৰ মাতযাৰ যদি শুৱলা আৰু মিঠা হয়, তেন্তে সি মাতষাৰৰ লগতে পৰিৱেশটোৰ সৌন্দৰ্য বৃদ্ধি কৰে। তেনেদৰে হাতীৰ সৌন্দৰ্যৰ মূলতেই তাৰ দাঁতৰ কথা উল্লেখ কৰিব পাৰি ।
★ তিৰীয়ে বিচাৰে ধনৱন্ত পৈ, নদীয়ালে বিচাৰে মাছৱতী নৈ ।
⇒ তিৰোতাই নিজৰ ভৱিষ্যত সুখ-সমৃদ্ধিৰ কাৰণে সততে ধনৱান স্বামী কামনা কৰে। তেনেদৰে নদীয়ালে মাছ থকা নদী কামনা কৰে, যাতে অৰ্থনৈতিকভাৱে লাভৱান হয় ।
★ তেজ ধুলে উটে, মঙহ ধুলে নুটে ।
⇒ আপোন লোকৰ মনত ক্ষোভ থাকিলেও তেওঁলোকে পৰিয়ালৰ কোনো সদস্য বিপদত পৰিলে সহায়ৰ বাবে হাত আগবঢ়ায়। গতিকে তেজমঙহৰ সম্পৰ্ক অতি নিকট ।
★ তোমাৰ হয় ধন নাশ, শত্ৰুৱে পাই আশ ৷
⇒ শত্ৰুৱে সদায় আনৰ বেয়াটোকেই কামনা কৰে। গতিকে ধননাশ হোৱাটোত শত্ৰুৱে আনন্দ পোৱাটো স্বাভাৱিক ।
★ তিনিটা উধানৰ মাজত কুকুৰটি, ঈশ্বৰেহে ৰক্ষা কৰিলে পাগটি ।
⇒ (ইয়াত উধান-ভক্তিমাতৃ, কুকুৰ-শৰীৰৰ ৰিপু, পাগ-জীৱ)
ভক্তিমাতৃয়ে দাঙি ধৰি থকা কাৰণে ৰিপুবোৰে ক্রিয়া কৰিব নোৱাৰাত জীৱই তৰণৰ উপায় পায়। গতিকে ভক্তিত আশ্রয় গ্ৰহণ কৰা উচিত ।
★ তুলা আৰু অগনিৰ কন্দল লাগিল ।
তুলাৰ ভয়ত পাছে অগনি পলাল ।
⇒ ইয়াত তুলা-হৰিকীৰ্তন, অগনি-পাপ, ৰিপু) অৰ্থাৎ হৰিনাম কীৰ্তনৰ ধ্বনি শুনি পাপবোৰ পলাই আঁতৰি গ’ল ।
★ তলে গোবধ, ওপৰে ব্ৰহ্মবধ ।
⇒ সীমাহীন বিপদ। কেনিও নিস্তাৰ পাব নোৱাৰা অৱস্থা । চৌদিশৰ পৰা বিপদে আগুৰি ধৰা ।
★ তাঁতৰ তাহোনে ল’ৰাৰ তাহোনে সমান ।
⇒ (তোহোন–এঠা দি সূতা জোৰোৱা)
সূতা যোৰাই কাপোৰ বোৱা আৰু যত্ন কৰি সম্তান ডাঙৰ-দীঘল কৰা সমানেই কষ্টকৰ কাম ।
★ তিৰীলতা, তিৰীপতা, তিৰীক নক’বা সঁচা কথা ।
⇒ তিৰোতাই কোনো কথা গোপনে ৰাখিব নোৱাৰে, সেইকাৰণে তেওঁলোকক কেতিয়াও গোপন কথা ক’ব নালাগে ।
( থ )
★ থলত থল ৰজা, পোতা পুখুৰীত বাকেই ৰজা ।
⇒ সাধাৰণ লোক হ’লেও তেওঁলোকৰ নিজা বস্তুৰ ওপৰত অধিকাৰ থাকে আৰু তেওঁলোকে প্রয়োজনত সেই অধিকাৰ সাব্যস্ত কৰিব বিচাৰে। পোতা পুখুৰীত বাকৰ অবাধ আধিপত্য ।
★ থুপুৰীৰ পৈ, মাজত ফটা ছৈ ।
খায় কাটি কতনা, এই তিনিৰ যমৰ যাতনা ।
⇒ কিছুমান কাম অতি কনষ্টকৰ । এনে কামে জীৱনো কষ্টকৰ কৰি তোলে । অকাজী তিৰোতাৰ সংসাৰ চলোৱা, ফটা চৈৰে নাও বোৱা, আনৰ কাপোৰ বৈ ভাত খোৱা, আদি কাম যথেষ্ট কষ্টদায়ক ।
( দ )
★ দশ দেশ ঘূৰে যি, দহ কথা শিকে সি ।
⇒ দেশভ্ৰমণৰ ফলত মানুহে নানা বিষয়ত জ্ঞান লাভ কৰে। সেয়ে মানুহে ঘৰতে বহি নাথাকি ইঠাই-সিঠাই ফুৰি অভিজ্ঞতা আহৰণ কৰিব লাগে ।
★ দহো আঙুলিয়ে খায়, বুঢ়াই হেঁচুকিলেহে যায় ।
⇒ আনে কাম কৰিলেও অভিজ্ঞ তথা বয়সস্থ লোকৰ সহযোগতহে কাম পৰিপূৰ্ণ হৈ উঠে। সেয়ে যিকোনো কামৰ পৰিপাটিৰ বাবে পৰিপক মানুহৰ প্রয়োজন ।
★ দৰিদ্ৰ লংকালৈ যায়, সাগৰ শুকাই মাণিকো লুকায় ।
⇒ দুখীয়াৰ দুখ-কষ্টৰ কেতিয়াও অৱসান নহয়। দৰিদ্ৰ লংকালৈ গ’লে সাগৰো শুকায়, মাণিকো লুকায় ।
★ দিনৰ পৰ্বত ৰাতিৰ জুই, তাক নেদেখি থাকিবা শুই ।
⇒ দিনৰ পোহৰত বহু দূৰৈত থকা পৰ্বতটো অতি ওচৰতে থকা যেন লাগে। তেনেদৰে ৰাতিৰ জুইকুৰাও কাষতে থকা যেন লাগে। সেয়ে দিনৰ পৰ্বত আৰু ৰাতিৰ জুইৰ কাষলৈ অগ্ৰসৰ হোৱা উচিত নহয় ।
★ দিনটো যায়, ক্ষণটো নাযায় ।
⇒ যিকোনো সময়তে বিপদ আহিব পাৰে, সেয়ে সতৰ্ক থকা উচিত। কিয়নো, সৰ্তৰ্ক ব্যক্তিৰ সোনকালে বিপদ নহয়। চকুৰ পচাৰতে কেতিয়া কাৰ কি বিপদ হয় ধৰিব নোৱাৰি ।
★ দিব-থ’ব পাৰিলে ভাই-ভনী, দিব নোৱাৰিলে কোৰোকাণি ।
⇒ আনক দিব পাৰিলে মৰম পায়, দিব নোৱাৰিলে মৰম-চেনেহৰ সলনি অৱজ্ঞা কৰিবলৈ ধৰে। গৃতিকে সামৰ্থ্য অনুসাৰে দিয়া-লোৱাৰ ভাব ৰাখিব লাগে ।
★ দুখীয়াৰ নুগুচে দুখ, ঘাটে ঘাটে পানী খাই শুকাই কিয় মুখ ।
⇒ ভাগ্য শূন্য হ’লে মানুহে হেজাৰ চেষ্টা কৰিও দুখৰ পৰা পৰিত্ৰাণ লাভ কৰিব নোবাৰে। দুখীয়াৰ জীৱনটোৱেই দুখ আৰু নিৰ্যাতনৰ এটা ক্ৰমাগত প্রবাহ মাত্র ।
★ দুষ্টৰ একাল, সম্তৰ সৰ্বতিকাল ।
⇒ দুষ্ট লোকৰ সোনকালে বিনাশ হয়। তাৰ বিপৰীতে সন্তলোক দীৰ্ঘদিনলৈ সমাজত প্রভাৱ বিস্তাৰ কৰি থাকে ।
★ দেখোতে চিতল পিঠিতে কাঁইট ।
⇒ ভাবধাৰাতে মানুহৰ চৰিত্ৰ ধৰা পৰে। চিতল মাছৰ পিঠিত কীইট থকাটো সাধাৰণ কথা। কাঁইট নেদেখিলেও মানুহে চিতল মাছ চিনিব পাৰে ।
★ দোকানীয়ে বিচাৰে নগৰ, ৰজাই বিচাৰে জগৰ ।
⇒ দোকানীবোৰে সদায়েই চহকী হ’ব বিচাৰে। গতিকে তেওঁলোকে নগৰ বিচাৰি ফুৰে। আনহাতে ৰজাই সদায় কাৰ ক’ত ছিদ্ৰ পাই তাকেহে বিচাৰি ফুৰে ।
★ ধনীৰ ঘৰলৈ নিৰ্ধনী যায়, দূৰতে দেখি দুৱাৰ জপায় ।
⇒ সাধাৰণতে ধনী মানুহে নিৰ্ধনী মানুহক অবজ্ঞা কৰে। সেই কাৰণেই দুখীয়া মানুহ তেওঁলোকৰ ওচৰলৈ যোৱা দেখি দূৰতে বিদূৰ কৰিব বিচাৰে আৰু দুৱাৰ জপাই দিয়ে ।
★ ধন-সোণ বাহুৰ বল, পুত্ৰ-কন্যা কৰ্মৰ ফল ।
⇒ ধন-সোণ মানুহৰ বাহুৰ বলত সংগ্ৰহ হয়। তেনেদৰে পুত্ৰ-কন্যা মানুহৰ নিজৰ কৰ্মফল অনুসৰি ওপজে ।
★ ধানটোৱে প্রতি কণটো, মানুহটোৱে প্ৰতি মনটো ।
⇒ প্রতিটো ধানতেই একোটা কণ থকাৰ দৰেই প্ৰতিজন মানুহৰ একোটা মন থাকে। মনেই মানুহক সংসাৰ কাৰ্য পৰিচালনাত সহায় কৰে ।
★ ধান পকে মানে টুনীৰ মৰণ ।
⇒ টুনীৰ জীৱন ধানৰ ওপৰত নিৰ্ভৰশীল। গতিকে ধান নপকিলে টুনীয়ে নাখাই মৰিব লাগিব। অৰ্থাৎ সুখ-সম্পদৰ আশা পালি থাকোঁতেই মৰণৰ কাষ চপা ।
★ ধানপুৰীয়া কঁটাল পাতৰ তলত লুকাল ।
⇒ কিছুমান লোকে নিজকে ডাঙৰ মানুহ বুলি জহায় যদিও আনৰ বিপদ দেখিলে পিছ হোহকা মাৰে। গতিকে বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়াৰ নোৱাৰা লোক যিমান ডাঙৰ হ’লেও তেওঁলোকৰ পৰা কোনো লাভ নহয় ।
★ ধন দিলে ধোবাই মেখেলাও কোৱায় ।
⇒ ধন ল’লে মানুহে যিকোনো কাম কৰিবলৈ বাধ্য হয়। মেখেলা ধোৱা কামটো পুৰুষৰ বাবে লাজৰ কথা যদিও ধোবাৰ কাৰণে সেইটো বৃত্তি বা ব্যৱসায়। গতিকে লাজ কৰাৰ প্ৰশ্ন নুঠে ।
( ন )
★ নক’লেও নোৱাৰো ফটা মুখ; ক’লেও লাগে ৰাইজৰ দোষ ।
⇒ কথা মানেই বতাহ। কৈ পেলোৱা কথা ইকাণ-সিকাণকৈ সহস্ৰকাণ হয়। গতিকে কিছুমান কথা ক’লে আনৰ অপকাৰ হ’ব বুলি জানিও ক’বলগীয়া হয় আৰু ফলত মানুহে মুখ ওফোন্দায় ।
★ নম্ৰভাষিণী সুন্দৰী তিৰী, সেইজনী জানা পদ্রিনী নাৰী ।
⇒ সুন্দৰী আৰু সুলক্ষিণী তিৰোতা সাধাৰণতে মধুৰভাষিণী হয়। এনে নাৰীৰ মাতত মোহনীয় আকৰ্ষণ থাকে। সাধাৰণতে পদ্মিনী নাৰীসকল অনুৰূপ লক্ষণযুক্ত হয় ।
★ নতে নপৰা, পুৰণি হ’লে ছপৰা ।’
⇒ নতুনতে কোৱা কথাৰ গুৰুত্ব পাছলৈ লাহে লাহে কমি যায়। সেয়ে সময়ৰ লগে লগে কথা আৰু কামৰ গুৰুত্ব নোহোৱা হয় ।
★ নমৰে মানে চাবা নুবুৰে মানে বাবা ।
⇒ শেষ সময়লৈকে বচোৱাৰ চেষ্টা কৰা। মৃত্যুৰ আগ মুহূৰ্তলৈকে আপোনজনক পৰিচৰ্যা কৰিব লাগে। যাতে শান্তিৰে চকু মুদিব পাৰে ।
★ নাই বুলিলেও হাতীৰ পেটত একলহ পানী থাকে ।
⇒ হাতী অতি প্রকাণ্ড জীৱ। গতিকে তাৰ পেটত কমপক্ষেও একলহ পানী থকাটো স্বাভাৱিক। তেনেদৰে চহকী মানুহৰ হাতত কমপেক্ষও সামান্য ধনবিত মজুত থাকে ।
★ নাকটো কাটিলে নকৰে কাণ; নখটো কাটিলে ধৰি-বান্ধি আন ।
⇒ কেতিয়াবা মানুহে ডাঙৰ দোষ কৰিও সাৰি যায় অথচ সামান্য দোষতে শাস্তি ভোগ কৰে। মানুহৰ নখ কটা সামান্য কাৰ্য। কিন্তু নাক কটাতো কঠিন কাৰ্য। তেনে পৰিস্থিতিত নখ কাটিলে শাস্তি বিহা কথাটো অমূলক ।
★ নাই চাউল-পাত ৰান্ধ শুদা-ভাত, গাখীৰে মিঠৈৰে খাওঁ।
⇒ অভাৱত খাবলৈ বিচাৰিলে, মানুহে কেতিয়াবা বিদুপকৰা দেখা যায়। চাউল-পাত নোহোৱাকৈ ভাত ৰান্ধি খোৱাটো অসম্ভৱ কথা। গতিকে ইয়াত ইতিকিং কৰাৰ ভাৱনা সোমাই আছে ।
★ নাই বুলিলেও নেৰে; কুঁহিয়াৰ পেৰাদি পেৰে ।
⇒ সীমাহীন চেষ্টা কৰা। কেতিয়াবা মানুহে কিবা বস্তু পাবৰ কাৰণে বা কোনো কথা উলিয়াবৰ কাৰণে সীমাহীন প্রয়াস কৰা দেখা যায়। এনেদৰে বাৰে বাৰে কৰা চেষ্টাক কুঁহিয়াৰ পেৰা কাৰ্যৰ সৈতে ৰিজোৱা হৈছে ।
★ নিলাজৰ লাজ নাই। কেকোঁৰাৰ মূৰ নাই ।
⇒ অবোধ মানুহে বেয়া কাম কৰি কেতিয়াও লঙজ্জাবোধ নকৰে। তেওঁলোক নিলাজ হোৱা বাবেই বাৰে বাৰে একেবোৰ কাম কৰি মানুহৰ গৰিহণাৰ পাত্ৰ হয় ।
★ নিলগৰ টৌ নিলগতে মাৰ নিওৱা
⇒ কোনো বিপদে নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিব নাপাওঁতেই তাক নিয়ন্ত্ৰণ কৰা। গতিকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰা ।
★ নীচলোকে উচ্চপদ পায়, তেৰীয়াকৈ পাগ মাৰি ঘূৰি ঘূৰি চায় ।
⇒ সাধাৰণ লোকে উচ্চপদ পায় পিছত কাকো কেৰেপ নকৰি গপত গঙ্গাটোপ হৈ ঘূৰি ফুৰে। গতিকে সৰুক বৰ বিষয় দিয়া উচিত নহয় ।
★ নাক-কাণৰ ভয়ে খুৰ পলাই যায়।
পাছে পাছে গৈ তাক হীসিয়া খেদয় ।
⇒ ইয়াত নাক-কাণ মানে হৈছে হৰিনাম আৰু খুৰ হৈছে পাপ। হৰিনামৰ ধ্বনি শুনি পাপ দূৰতে বিদূৰ হয়। হৰিনামৰ ধ্বনিয়ে পাপক নিৰ্মূল কৰে ।
★ নিজেও নাজানে বুদ্ধি, আনক নলয় সুধি ।
⇒ মদগৰ্বী লোকে নিজেও কোনো বুদ্ধি নাজানে আৰু আনৰ উপদেশ নলয়। গতিকে এনে মানুহৰ কোনো ধৰণৰ পৰিৱৰ্তন আশা কৰিব নোৱাৰি ।
★ নোপোৱাই পোৱাদি পোৱা, কুকুৰে খোৱাদি খোৱা ।
⇒ আশাৰ বস্তু পাই ব্যাকুল হোৱা। কিছুমান মানুহে খাবলৈ পাই কুকুৰে খোৱাদি ওপৰা-ওপৰিকৈ খায় ।
★ নেখাওঁ নেখাওঁ বুলি জিকা দিলে ভাঁপত,
পৈ্-পে্কৈ খাই নিলে এটাও নেৰিলে পাতত ।
⇒ কিছুমান মানুহে কোনো বিষয়ৰ প্রতি আকাংক্ষা নোহোৱা যেন দেখুৱায়। কিন্তু তেওঁলোকৰ কৰ্মৰ পৰা প্রমাণিত হয় যে তেওঁলোকে বিষয়টোৰ প্ৰতি আগ্ৰহী ।
( প )
★ পঁইতা পালমৰা, কৰকৰা লৰমৰা ।
তপত, দিনটোলৈ গা-টো শকত ।
⇒ তপত ভাতেহে মানুহৰ গাটো সবলকৈ ৰাখে। পঁইতা ভাত সোনকালে হজম হয়। ক্ৰকৰা ভাতো সিমান কাৰ্যকৰী নহয়। অন্তত: তপত ভাতৰ সমান ।
★ পঢ়াই পঢ়ে ৰোৱে পাণ, এই তিনিয়ে নিচিন্তে আন ।
⇒ শিক্ষক-ছাত্ৰই সততে পঢ়াত ব্যত্ত হৈ থাকিব লাগে। তেতিয়াহে তেওঁলোকে নিজৰ অধ্যয়নত আগবাঢ়িব পাৰে। তেনেদৰে পাণৰ খেতিয়কে বাৰীৰ যত্ন লোৱা আৱশ্যক ।
★ পৰৰ ওপৰত খোৱা, ভটীয়া নাৱত যোৱা ।
⇒ কিছুমান মানুহে কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ আনৰ ওপৰত নিৰ্ভৰ কৰি যাবলৈ বিচাৰে। ভটিয়া নাৱত যোৱা মানুহৰ দৰে বিনাকষ্টই ফলভোগ কৰিব বিচাৰে ।
★ পৰোপকাৰে দেহ শুচি, অনুতাপে মন শুচি ।
⇒ দান কৰিলে ধন শুচি হয়। অনুৰূপভাৱে পৰোপকাৰত দেহ শুচি হয় আৰু অনুতাপত মন শুচি হয় ।
★ পথাৰৰ আগৰ শিমলু যেনিয়ে তেনিয়ে পোন ।
⇒ যুক্তিৰ বলত দোষীও নিৰ্দোষী, সচাও মিছা হয়। গতিকে যুক্তিৰে যিকোনো কথা সাব্যস্ত কৰিব পাৰি ।
★ পৰ্বতত কাছকণী, ভৈয়ামত বাণ; বৰলাক খোজে শুকান ধান ।
⇒ যিটো বস্তু যাৰ হাতত নাই, তেনে ব্যক্তিৰ পৰা সেই বস্তুটো পাবলৈ বাঞ্ছা কৰা। বৰলাক শুকান ধান বিচৰা আৰু পৰ্বতত কাছকণী বিচৰা দুয়োটা সমাৰ্থক কথা ।
★ পণশু নকৰিবা শৰ, মৰাও নানিবা জীয়াও নানিবা,
শুদাহতে নপশিবা ঘৰ ।
⇒ ঈশ্বৰক সপ্তুষ্ট কৰিবৰ কাৰণে জীৱবধ কৰাৰ প্রয়োজন নহয়। ভক্তি অটুট থাকিলে জীৱবধ নকৰাকৈ পুণ্য অৰ্জন কৰি পৰকাললৈ পুণ্য অৰ্জন কৰিব পাৰি ।
★ পদূলি শুঙাৰ খেল, যাৰ ঘৰত গাভৰু তাৰ ঘৰত মেল ।
⇒ গাভৰু থকা মানুহৰ ঘৰলৈ ডেকা ল’ৰাৰ আহ-যাহ বেছি হয়। চঞ্চল ডেকাই গাভৰু থকা গৃহস্থৰ পদূলিয়ে পদূলিয়ে ঘূৰি ফুৰে ।
★ পানীত নামিব যিমান, তিতিৰ সিমান ।
⇒ মানুহে যিমান দলৈকে নামে, সিমানেই কাপোৰ তিতে। গতিকে কোনো কাম কৰোঁতে চাই-চিতি কৰিব লাগে ।
★ পাবা চৰাই ভাঙিবা পাখি, ৰন্ধা ভাত নথ’বা ৰাখি ।
⇒ সময়ত পোৱা সুযোগৰ সদব্যবহাৰ কৰিব লাগে। কোনো কাম পিছলৈ পেলাই থ’ব নালাগে। তেনে কৰিলে বিপদত্ত পৰিবলগা হয় ।
★ পিতৃৰ অবিহনে সংসাৰৰ পৰে ভাৰ। মাতৃ অবিহনে ভোজন চাৰখাৰ ।
⇒ পিতৃ অবিহনে পুত্ৰই সংসাৰৰ দায়িত্ব বহন কৰিবলগীয়া হয়, মাতৃৰ অবিহনে সময়মতে আহাৰমুঠি গ্ৰহণ কৰাত অসুবিধা হয় ।
★ পুহত ফল, মাঘত জল; তাক খালে হয় গাত বল।
⇒ পুত্ৰমহত কল আৰু মাঘমাহত জল অৰ্থাৎ পানী খোৱাটো খাদ্যৰ কাৰণে প্রশান্ত। শৰীৰৰ বল-বীৰ্য বৃদ্ধিত এনে খাদ্যাভাসে সহায় কৰে ।
★ পুৰুষ প্রকৃতি হ’বা একেমতি। তেহে সিজিব হৰি ভকতি ।
⇒ পুৰুষ আৰু নাৰী দুয়ো একত্ৰিত হৈ ভক্তি কৰিলেহে হৰিভক্তি কাৰ্য সিদ্ধি হয়। উভয়ৰে মনৰ মিল নাথাকিলে সংসাৰত সুখ-শান্তি আশা কৰিব নোৱাৰি ।
★ পুৰিলেহে সোণ, জানি তাৰ গুণ ।
⇒ অগ্নিত” দাহ কৰিলেহে সোণৰ সৌন্দৰ্য বৃদ্ধি পায় আৰু ইয়াৰ শুদ্ধতা সম্পৰ্কে জানিব পাৰি। দুখ-কষ্ট দিলে বা অতিক্ৰম কৰিলে সুখী-জ্ঞানী জনৰ যশ বাঢ়েহে ।
★ পুঠি-দৰিকণা পাবলৈ নাই, ৰৌ -বৰালীলৈ জাকৈ বায় ।
⇒ মানুহে পৰিবেশ-পৰিস্থিতিৰ প্রতি চকু দি কাম কৰিব লাগে। অভাৱৰ সময়ত, সামান্য বস্তু এটাও পাবলৈ নোহোৱা সময়ত অধিকলৈ আশা কৰাটো পুঠি দৰিকণা নোপোৱাৰ সময়ত ৰৌ-বৰালীলৈ আশা কৰাৰ লেখীয়া ।
★ পূজিব লাগে তুলসী তলত, পূজিলে কি হ’ব সিজুৰ তলত ।
⇒ জ্ঞানীৰ ওচৰতহে সেৱা-পূজা কৰা প্রয়োজন। তাকে নকৰি মূৰ্খৰ ওচৰত সেৱা পূজা কৰাৰ পৰা কোনো ফল পোৱা নাযায়। তুলসী তলত নুপূজি সিজুৰ তলত পূজা কৰি একো লাভ নহয় ।
★ পুৰুষৰ ৰণ, তিৰোতাৰ বিয়ন ।
⇒ সন্তান প্রসৱ কৰ্ম নাৰীৰ বাবে আটাইতকৈ কষ্টকৰ কাম। পুৰুষৰ ৰণ বা যুদ্ধ যেনেদৰে কষ্টকৰ নাৰীৰ সন্তান প্রসৱো অতি কষ্টকৰ ।
★ পেটৰ ভোকে যি কৰে, মুখৰ লাজে কি কৰে ।
⇒ কেতিয়াবা অত্যধিক ক্ষুধা নিবাৰণৰ কাৰণে মানুহে নীতি-নিয়ম ভঙ্গ কৰা দেখা যায়। ক্ষুধাৰ তীৱতাই কোনো নীতি নামানে, ধৰ্মোপদেশলৈ বাট নাচায় ।
★ পানীত নচলে নাও বামত চলয় ।
সন্ধ্যাত উপজি যিটো তেখনে মৰয় ।।
⇒ জ্ঞানীক হৰিকথাৰ উপদেশ দিলে চিৰদিন মনত ৰাখে। আনহাতে অজ্ঞানীয়ে উপদেশ গ্ৰহণ কৰি তেতিয়াই ত্যাগ কৰে। সেইবাবে মানুহ চাই উপদেশ দিব লাগে ।
ইয়াত পানী-অজ্ঞানী লোক, বাম-জ্ঞানীলোক, নাও-হৰিনাম, সন্ব্যা–সময়, তেখনে মৰয়–অৰ্থাৎ গ্রহণ কৰিয়েই এৰে ।
★ পাছি পাছি কৰি মাছ ধৰয় জালত
শুদা ভাত খায় যিটো অমিয়া ঘৰত ।
⇒ কপটীয়া প্রকৃতিৰ লোকে মুখেৰে হৰিনাম ল’লেও দৃঢ়ভাব নথকা কাৰণে তাৰ ফল নেপায়। সেইজনৰ মৃত্যু হ’লৈ পৰলোকত তেওঁ পূণ্যৰ ফল নাপায় ।
ইয়াৰ মাছ–নামবস্তু, জাল-মুখ, ঘৰ-পৰলোক ।
★ পুখুৰীত পানী খাই চৌপাশে বুৰে ।
বাহত পক্ষী নাই জাকে জাকে উৰে ।
⇒ জ্ঞানহীনক কেউফালৰ পৰা বিপদে আগুৰি ধৰে। জ্ঞানীজনৰ অন্তৰৰ পৰা পক্ষীৰূপী ৰিপুবোৰ আঁতৰি যায় ।
ইয়াত পুখুৰীত-অন্তৰত, পানী-জ্ঞান, বাহ-দেহ, পক্ষী-কামক্ৰোধ প্ৰভৃতি ৰিপুবোৰ। চৌপাশে ঘূৰে–বিপদে আগুৰে ।
★ পৰৰ ছিদ্ৰ খোজে খোজে পায়, নিজৰ চিদ্ৰ একোৱে নাই ।
⇒ মানুহে সদায় আনৰ দোষহে দেখে, কেতিয়াও নিজৰ দোষ নেদেখে ।
আনৰ দোষ ধৰা আৰু সমালোচনা কৰাটোৱেই হৈছে মানুহৰ নিয়ম ।
★ পাণৰ গুৰিত দিবা মাটি, মাহেকে-পষেক থাকক ছাতি ।
⇒ পাণৰ গুৰিত মাটি দি ওখকৈ ৰাখিব লাগে যাতে পানী জমা নহয়। মাহেকে-পষেকে ওচৰৰ হাবিবন পৰিষ্কাৰ কৰি পাণৰ লতাবোৰ তমালেৰে বান্ধি দিব লাগে ।
★ পৰ্বতত আছে সোণ, তাক বিচাৰি যায় কোণ ?
⇒ ভাল ফল থাকিলেও জটিল কামলৈ মানুহে কেতিয়াও আগ্ৰহ নকৰে। জটিল কাম সমাধা কৰিব পাৰিলেহে কামৰ পৰা সুফল আশা কৰিব পাৰি ।
★ পো-লৈ বুলি ছোৱালী চাওঁ, ঘূৰি ঘূৰি মোলৈকে পাওঁ ।
⇒ আনৰ হিত সাধন কৰে৷ বুলি গৈ নিজৰ স্বাৰ্থ পূৰণ কৰা কপটীয়া লোক, বি নিজৰ শভিলাধ আৰু আকাংক্ষা পূৰণৰ দুৰাকাংক্ষা পুৰি ৰাখি দেখুৱাই আনৰ স্বাৰ্থৰ কথা কয় ।
★ পুত্ৰক চিনিবা বিবাহৰ পৰে, মিত্ৰক চিনিবা বিপদে কেনে কৰে ।
⇒ বিয়াৰ পিছত সাধাৰণতে ল’ৰাৰ প্রকৃতি পৰিৱৰ্তন হয়। সেয়ে বিবাহৰ পিছতহে পুত্ৰক চিনি পোৱা যায়। বিপদৰ সময়ত হে মানুহৰ মিত্ৰ বা বন্ধুৰ প্রকৃত পৰিচয় পোৱা যায় ।
★ পাতল ওঠেৰে যাৰ কোটমেৰা কেশ ।
সেইজনী তিৰোতাৰ ৰণচণ্ডী বেশ ।
⇒ পাধাৰণতে পাতল ওঁঠৰ কেঁকোৰা চুলিৰ তিৰোতা খঙাল আৰু কুলক্ষণীয বুলি ধাৰণা কৰা হয়। গতিকে তেনে তিৰোতাৰ পৰা নিৰাপদ দূৰ বজাই ৰখা উচিত ।
( ফ )
★ ফটা কেঁথা তিতে মানে গালৈ গধুৰ ।
⇒ কৰ্তব্য কাম পিছলৈ পেলাই থ’লে শেষত নিজলৈকে বিপদ হয়। সেয়ে কৰিবলগীয়া কাম পেলাই নথৈ তাক সময়মতে সম্পাদন কৰিব লাগে ।
★ ফটা হক চিটা হক পাটৰ টঙালি ।
কণা হক কুঁজা হক ভূঞাৰ পোৱালি ।
⇒ দুখীয়া হ’লেও উচ্চ বংশৰ একোটা স্বকীয় মৰ্যাদা আছে। তেনে বংশগত মৰ্যাদাৰ কাৰণেই মানুহে তেওঁলোকক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।
★ ফুল ফুলিলে গোন্ধ ওলায়। কৰ্ম অনুযায়ী ফল পায় ।
⇒ গুণী-জ্ঞানী লোকৰ গুণ গৰিমা চৌদিশে বিয়পি পৰে । সুগন্ধি ফুলৰ সুৰভি-নিৰ্ণয় চৌদিশ বিয়পাই দিয়াৰ দৰে মানুহে নিজৰ কৰ্ম অনুসৰি ফল পায় ।
★ ফুলৰ ভাল পদুম। ৰজাৰ ভাল খাটাং হুকুম ।
⇒ ভাল লোকৰ কথাৰ কেতিয়াও লৰচৰ নহয়। পদুম ফুল সকলোবোৰ ফুলতকৈ উত্তম। তেনেদৰে কোনো কাম পেলাই নথৈ ততাতৈয়াকৈ সমাধা কৰাটোহে ভাল প্ৰশাসকৰ নিয়ম ।
★ ফোটে লগুণে গোবিন্দই; ভকতিৰ লেশমানো নাই ।
⇒ কিছুমান মানুহে ফোট লগুণ লৈ ভকত বোলাই চৌদিশে ভেশচন কৰি ঘূৰি ফুৰে। আচলতে এওঁলোকৰ অন্তৰত লেশমানো ভকতি নাই, সেয়ে বাহ্যিকভাৱে ভকতৰ সাজ পৰিধান কৰে ।
★ ফোপজহী ৰঙাই ; ধানদোনৰ পিঠা খুন্দি গাঁওখনক জনায় ।
⇒ কোনো মানুহে যশৰ আশাত চম্ভালিব নোৱৰা কাম আৰম্ভ কৰি শেষত লাজত পৰে। গতিকে নিজৰ শক্তি সামৰ্থ্য অনুসৰিহে মানুহে কাম কৰা উচিত ।
( ব )
★ বগা ভাত দেখিলে কাউৰীৰ অভাৱ নাই ।
⇒ ৰঙচঙীয়া বস্তুৰ প্রতি মানুহৰ আকৰ্ষণ বেছি। সেয়ে এনে বস্তুৱে মানুহক সহজে আকৰ্ষণ কৰে। ভাত দেখিলে কাউৰীয়ে জাক পাতি আহে ।
★ বগলীয়ে মাছ য’ত পায় ত’ত যায়, নেপালে থাকে শুদা পেটে ।
⇒ সঞ্চয়ৰ যোগেদি মানুহে বিপদত নিজকে সুৰক্ষা প্রদান কৰে। কিন্তু যিসকলে সঞ্চয় কৰিব নাজানে তেওঁলোক অযথা বিপদত পৰে ।
★ বলী-নিৰ্বলীৰ কিহৰ হতাহতি, ধনী-দুখীয়াৰ কিহৰ মিলাপ্ৰীতি ।
⇒ মানুহে সমানে সমানে প্রতিযোগিতা কৰিব লাগে। বলী-নিৰ্বলী আৰু ধনী-দুখীয়াৰ মাজত প্রতিযোগিতা, শত্ৰুতা অথব৷ মিতিৰালিয়ে শোভা নাপায় ।
★ বঙহে মঙহ খায়, বঙহ নহ’লে মঙহ পেলনি যায় ।
⇒ বংশ-গোত্ৰৰ মানুহে শত্ৰুতা কৰিলে সেই শত্ৰুতাই মাৰাত্মক ৰূপ ধাৰণ কৰে। আনহাতে বংশ পৰিয়াল নাথাকিলে বিপদত ৰক্ষা কৰৌতাও নাথাকে ।
★ বৰাৰ ঘৰত তৰাৰ গাঁঠি; সিনো যাব কেই ৰাতি ।
⇒ মোল নুবুজা মানুহৰ হাতত কোনো বস্তু দীৰ্ঘদিন সুৰক্ষিত হৈ নাথাকে । সেয়ে মোল নুবুজা মানুহৰ হাতত ভাল বস্তুৰ দায়িত্ব অৰ্পণ কৰ৷ অনুচিত ।
★ বনৰ বাঘে নেখায়, মনৰ বাঘে খায় ।
⇒ বিপদ নাথাকিলেও ভয়াতুৰ লোকসকলে মনতে বিপদৰ শংকা কৰি সময় অতিবাহিত কৰে। দৰাচলতে বনৰ বাঘে নাখালেও তেওঁলোকক মনৰ বাঘে অৱশ্যে সংহাৰ কৰে ।
★ বৰশী বোৱা মাছ, কটনা কটা ভাত ।
⇒ কিছুমান মানুহে বহু কষ্ট কৰি জীৱিকা নিৰ্বাহ কৰে। বৰশীৰে মাছ ধৰা আৰু বোৱনী হৈ ভাত মোকোলোৱা যথেষ্ট কষ্টকৰ। (ইয়াৰ কটনা কটা সকল আনৰ কাপোৰ বোৱা)।
★ বহিব জানিলে মাটিয়েই পীৰা; খাব জানিলেই চাউলেই চিৰা
⇒ অভিজ্ঞ আৰু সকলে৷ দিশতে পার্গত মানুহে সকলে কাম নিয়াৰিবৈ কৰিব পাৰে। কোনে কাম নিয়াৰিকৈ কৰিবলৈ হ’লে নিদিষ্ট বিষয়ৎ পৰিপক্তা অনিবাৰ্য ।
★ বহুভাগ্যে পুত্ৰৱৰ্তী নাৰী, বহুভাগ্যে তামোল-পাণৰ বাৰী ।
⇒ ভাগ্যৰ বলতহে পুত্ৰৱতী নাৰী পত্নীহিচাপে পায়। বহু সময়ত মানুহে পুত্ৰমুখ দৰ্শনৰ আশাত হাহাকাৰ কৰি মৰে। কিন্তু, এয়া ভাগ্য বা ধৰ্মৰ নিবন্ধন। তেনেদৰে তামোল-পাণৰ বাৰীও বহু ভাগ্য আৰু পুৰুষাৰ্থৰ বলতহে সম্ভৱ হয় ।
★ বৰৰ দায় পিছলি যায়, সৰুৰ দায় খুচৰি খায় ।
⇒ ডাঙৰ লোকে দোষ কৰিলে সাৰি যায় কিন্তু সৰুলোকে দোষ কৰিলে দোষৰ বাবে শাস্তি পায়। গতিকে ডাঙৰ আৰু প্রভাৱশালী লোকে যিকোনো অন্যায় আচৰণ কৰিব পাৰে ।
★ বাৰহাত জালৰ তেৰহাত কটা; ভাল সাৰিলি বাপৰ বেটা
ৰৌ-বৰালী সৰকি গ’ল পুঠি খলিহা পাহে পাহে ৰ’ল ।
⇒ সাধু সন্তসকলে ভাগৱত পুৰাণৰ গভীৰতাত প্রৱেশ কৰি শাস্ত্ৰ সিদ্ধি কৰ্মৰ দ্বাৰা সংসাৰৰ মায়াজাল ফালি মুক্তি ধামলৈ গতি কৰে। আনহাতে পাৰ্থিৱ মায়াত বন্দী সংসাৰী লোকসকলে নিজৰ অজ্ঞতাৰ কাৰণে পুন: পুন: জন্মলাভ কৰি সাংসাৰিক নিকাৰ যাতনা ভোগ কৰে ।
(ইয়াত বাৰ্হাত জাল–দ্বাদশস্কন্ধ ভাগৱত, ফটা–ফঁহিয়াই ব্যাখ্যা কৰা। ৰৌ-বৰালী –‘ভাত, সাধু-সম্ত, পুঠি খলিহা-তমৃগুণী সংসাৰী লোক ।)
★ বাঘ মাৰিলো, সিংহ মাৰিলো, ন’’কলো মুখৰ লাজে ।
সাত দিন খাপ দি নিগনি এটা মাৰিলে তাতে ধনঞ্জয় ঢোল বাজে ।
⇒ কোনোৱে মহৎ কাম কৰিও প্রকাশ নকৰে। কিন্তু আন কোনোৱে সামান্য কাম এটা কৰিয়েই জহাই ফুৰে। বাঘ, সিংহ বধ কৰিও আনৰ আগত প্রকাশ কৰিবলৈ লাজপোৱাৰ বিপৰীতে কিছুমান মানুহে নিগনি একোটা বধ কৰিয়েই চৌদিশ বিয়পাই দিয়ে ।
★ বালীলৈ যিপাট, সুগ্ৰীৱলৈয়ো সেই পাত ।
⇒ প্রৰোচনাৰে আনৰ ক্ষতি কৰিলে তেনে লোকে নিজেও ক্ষতিৰ সন্মুখীন ই’বলগীয়া হয়। ৰামচন্দ্ৰৰ হাতৰ যিপাট শৰে বালীক বধ কৰিছিল।, সেই পাত শৰে সুগ্ৰীৱকো বধ কৰিব পাৰে। সেইকথা জনা উচিত ।
★ বাটত পালো কমাৰ, দা গঢ়ি দিয়া আমাৰ ।
⇒ হঠাত কোনোলোকক লগ পাই স্বাৰ্থ আদায় কৰিবলৈ বিচৰা মানুহৰ অভাৱ নাই। তেওঁলোকে যিকোনো সময়তে মানুহক কিছুমান বিশেষ কামলৈ অনুৰোধ কৰা দেখা যায় ।
★ বান্ধিলে মন শিলৰ খুঁটি, মেলিলে মন ঘোঁৰা ছুটি ।
⇒ মন অতি চঞ্চল আৰু তাক বান্ধি ৰাখিব পাৰিলে সি শিলৰ খুঁটিৰ দৰে স্থিৰ আৰু অচল হৈ থাকে। কিন্তু, তাকে মেলি দিলে সি অচঞ্চল হয় আৰু তাৰ যোগেদি ইয়াক নিয়ন্তুণ কৰা কঠিন হয় ।
★ বাঘৰ চকুৰে চাবা, হাতীৰ খাৱনেৰে খুৱাৰা ।
⇒ তলতীয়া লোকৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে। বাঘৰ চকুৰে চালেহে তেওঁলোকে কাম নিয়াৰিকৈ কৰিবলৈ বিচাৰিব। খোৱা-বোৱাৰ সময়ত তেওঁলোকক মৰম কৰিব লাগে ।
★ বাতি খালে আঁতি যায়; লুকাই খালে ঢুকাই যায় ।
⇒ মুকলি মনেৰে ভগাই খালে কেতিয়াও খাদ্যৰ নাটনি নহয়। আনহাতে ভগাই নাখালে বস্তুবোৰ লুকুৱাওতে লুকুৱাওতে শেষ হৈ যায় ।
★ বাপ জনমে নাই গাই; কড়িয়া লৈ খীৰাবলৈ যায় ।
⇒ অভাৱী লোকে বহুত বস্তু পাই কেতিয়াবা অহংভাব প্ৰদৰ্শন কৰা দেখা যায়। নিজৰ ঘৰত গাইৰ মুখ নেদেখা মানুহে কড়িয়া লৈ গাই খীড়াবলৈ যোৱাৰ প্ৰসঙ্গত তেনেদৰে কোৱা হৈছে ।
★ বাঘে ঘোঙে লগে চৰে; কাকো পালে কেৱে নেৰে ।
⇒ বাঘ-ঘোঙ প্ৰভৃতি হিংসুক জন্তু। সিহঁত বনত চৰে যদিও পৰস্পৰ মুখামুখি হ’লে শত্ৰুতা আচৰণ কৰিবলৈ পিছ নোহোহকে ।
★ বাঘে ছাগে হালে হালে, একে ঘাটে পানী খালে ।
⇒ বিপদৰ সময়ত শত্ৰুমিত্ৰ সকলো লগ হোৱা দেখা যায়। দেশত সুশাসন চলি থাকিলে দুৰ্দন্ত সকলেও সেও মানি চলা দেখা যায়। তেতিয়া সংঘাত নাথাকে, সম্পূৰ্ণ হ্ৰাস পায় ।
★ বাজনাৰ শুৱনি বাঁহী, পুৰুষ শুৱনি হাঁহি ।
⇒ বাঁহী এবিধ সুবাদ্য। এই বাদ্যৰ সাৱলীল সুৰে সকলোকে মুগ্ধ কৰে৷ পুৰুষৰ হাঁহিয়েও তেনেদৰে মানুহক মুগ্ধ কৰে ।
★ বাগৰি ফুৰা শিলত শেলুৱৈ নধৰে, উৰি ফুৰা চৰহিত তেল নধৰে ।
⇒ একে ঠাইতে ৰৈ থকা শিলতহে শেলুৱৈ ধৰি বাগৰি ফুৰা শিলত শেলুৱৈ নধৰে। অস্থিৰভাৱে কৰা কামৰো কোনো ফল নধৰে। যেনেদৰে উৰি ফুৰা চৰাইত তেল খুব কমেইহে ধৰে ।
★ বিশ্বাসঘাতক সৰ্পৰ তুল; পুনৰ তুমি নকৰিবা ভুল ।
⇒ বিশ্বাসঘাতক লোকক সৰ্পৰ সৈতে তুলনা কৰা হৈছে। সাপে কঁকালৰ কোব নাপাহৰা দৰেই বিশ্বাসঘাতক সকলেও সততে প্ৰতাৰণা কৰিব পাৰে। গতিকে তেওঁলোকৰ পৰা সতৰ্ক থকা বাঞ্ছলীয় ।
★ বুঢ়ীৰ কি বন আছে, শাকৰ বন পেলাই বাছে ।
⇒ কাম নোহোৱা মানুহে কৰা কামটোকেই লুটিয়াই বগৰাই কৰে। কাম নাইকিয়া বুঢ়ীয়েও শাক বাহোতে বন পেলাই পুনৰ বাছে বুলি কোৱা হৈছে ।
★ বুঢ়াৰ কথা নুশুন ডেকা, টানত পৰি কিয় কেঁকা ।
⇒ সাধুৰ উপদেশ নামানি কামৰ বেয়া ফল পাই দুখ প্রকাশ কৰা। বিপদৰ সময়ত অভিজ্ঞ লোকৰ পৰামৰ্শ ল’ব লাগে। তেতিয়া বিপদৰ বাবে চিন্তিত হ’বলগীয়া নহয় ।
★ বুধ বৃহস্পতি শুকুৰ; তিনিদিন থাকিলে অতিথি হয় কুকুৰ ।
⇒ কোনো গৃহস্থৰ ঘৰত আলহী বেছিদিন থকা উচিত নহয়। তিনিদিনৰ বেছি থাকিলে আলহীয়ে সন্মান হেৰুৱাবলগীয়া হয় ।
★ বেশ্যা তিৰীৰ সঙ্গত বাস; সেই গৃহে সৰ্বনাশ ।
⇒ তিৰোতাৰ চৰিত্ৰৰ ওপৰতেই একোটা পৰিয়ালৰ সুখ-শান্তি নিৰ্ভৰ কৰে। কিন্তু, তিৰোতা যদি দু:চৰিত্ৰ হয় তেন্তে সেই গৃহত শান্তি বিৰাজ নকৰে ।
★ বেজীক দেখি চালনীয়ে হাঁহে; তোৰ গাত ফুটা আছে ।
⇒ ঘোৰ অপৰাধীয়ে কেতিয়াবা সামান্য দোষীক নিন্দা কৰা দেখা যায়। বেজীৰ ফুটা দেখি চালনীয়ে হঁহা মানে নিজৰ দোষ নেদেখা। গতিকে পৰশ্ৰীকাতৰ প্ৰকৃতিৰ লোক ।
★ বেজীৰ জলাকো মনে, কুঠাৰৰ কোবকো নমনে ।
⇒ কেতিয়াবা মানুহে ক্ষুদ্ৰ দোষৰ কাৰণে শাস্তি পায়, অথচ ডাঙৰ ডাঙৰ দোষীবোৰে দোষ কৰি সাৰি যায় ।
★ বোবাই কয়, কলাই শুনে, সকলো হয় ভাগ্যৰ গুণে ।
⇒ ভাগ্য ভালে থাকিলে অসম্তৱো সম্তৱ হৈ উঠে। ভাগ্যৰ বলত সকলো ধৰণৰ প্ৰতিৱন্ধক আঁতৰি যায় ।
★ বাঘৰ গালত চৰ হৰিণে মাৰিলে ।
হৰিণাৰ পাৱে পৰি বাঘেও কান্দিলে ।।
⇒ মনে বেয়া কাম কৰিবলৈ ইচ্ছা প্রকাশ কৰিলে জ্ঞানৰূপ অংকুশে বিন্ধি তাক ঘূৰাই আনে। লগতে মনলৈ অনুশোচনাও আহে ৷ (বাঘ-উগ্রমনহৰিণ-শান্তমূৰ্তি জ্ঞান)
★ বাটে বাটে যাব, ওঁষধৰ গছ পাবা, পাতো নানিবা,ছালো নানিবা। পতাত নলগাবা মিহিকৈ বতিবা, জিভাত নলগাবা টপৰাই গিলিবা ।
⇒ মৰুময় সংসাৰত আহি গুৰুৰ ওচৰলৈ গৈ নি:সন্দেহে গুৰুমন্ত্ৰ ভালদৰে বুজিবলৈ অন্ত:কৰণেৰে তাক গ্ৰহণ কৰা উচিত। সংসাৰ সমুদ্ৰৰ পাৰ পাবলৈ হ’লে এনে গুৰুমন্ত্ৰ গ্ৰহণ কৰাটো অতি আৱশ্যকীয়। (বাট–গুৰুৰ ওচৰলৈ যোৱা পথ, গছ-গুৰু, ওষধ-গুৰুমন্ত্ৰ। পাত ছালঅদৰ্কাৰী কথা, মিহিকৈ বটা-ভালকৈ বুজা। ইত্যাদি।)
★ বাৰকুৰি বোন্দা ধৰি গৰ্মাছ আনে ।
চেলেকা-চেলেকি কৰি গীত-মাত শুনে ।
⇒ (ইয়াত বাৰকুৰি–বাৰকুৰি বৰগীত, গৰৈ মাছ–পৰম ভকত ৷)
এগৰাকী পৰম ভকতে ভক্তি সহকাৰে বৰগীত গায় আৰু ভকতসকলে তাক অতি আগ্ৰহেৰে শ্ৰৱণ কৰে ।
★ বজালেই কাঁহপাত্ৰ ভগা-ভাল চিনি
কথা ক’লে চিনি লোক কতদূৰ জ্ঞানী ।
⇒ কাঁহৰ পাত্ৰ বজালেই ভালনে ফটা সেই কথা গম পাব পাৰি। তেনেদৰে জ্ঞানীলোকৰ পৰিচয় পাব পাৰি তেওঁলোকৰ কথাত ।
★ বাই-ভনী খেৰৰ সনি, ভাৰ্যা আছে গলৰ মণি ।
⇒ পৰিয়ালৰ আন সদস্যতকৈ সাধাৰণতে তিৰোতাৰ ওপৰত মানুহৰ অধিক আস্থা দেখা যায়। তাৰ তুলনাত বাই-ভনীৰ ওপৰত মানুহে বিশেষ গুৰুত্ব নিদিয়ে ৷
★ ‘বাৰীৰ তামোল কেৰ্কেটুৱাই খায় ।
ভকতক দিলে অথলে যায় ।’
⇒ মানুহে ঘৰৰ বস্তু নষ্ট হ’লেও আনক দিব নোখোজে। সাধাৰণতে কৃপণ প্ৰকৃতিৰ লোকসকলৰ হাতৰ পৰা কোনো বস্তু সৰি নপৰে ।
★ বাহিৰত বৰচুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ ।
⇒ নিজৰ দাল-দৰিদ্ৰ ৰূপটো আনক নেদেখুৱাই সাজি-কাচি ধুন-পেচ মাৰি ফুৰা লোকসকলৰ ক্ষেত্ৰত এনেদৰে কোৱা হৈছে ।
★ বেঁত ফালিবা আগে, বাঁহ ফালিবা পাছে ।
⇒ বেঁত আগফালৰ পৰা আৰু বাঁহ পাছফালৰ পৰা ফালিব লাগে। তেতিয়া কোনো কষ্ট নোহোৱাকৈ বেঁত-বাঁহৰ কাম কৰিব পাৰি ৷
★ বতৰ চিকুণ কণিয়া। তিৰীৰ চিকুণ লেনীয়া ।
তিৰীৰ চিকুণ ওৰণি লোৱা। গৰুৰ চিকুণ হামোৰ-কামোৰ খোৱা ।
⇒ কিনকিনীয়া বৰষুণত খেতি ভাল হয়। লেনীয়া মাতৰ তিৰোতা সাধাৰণতে সুৱাগী হয়। ওৰণি লোৱা তিৰোতা শুৱনি দেখি আৰু হামোৰ-কামোৰকৈ খোৱা গৰু চিকুণ হয় ।
★ বাটত দিবা জেং ভকতলৈ মেলিবা ঠেং ।
গুৰুলৈ দিবা পিঠি। বৈকুণ্ঠলৈ যাবা উঠি ।
⇒ ভকতক প্ৰণাম কৰোঁতে ভৰি মেলি অষ্টাঙ্গে প্ৰণাম জনোৱা উচিত। গুৰুৰ ওচৰত খৰচি মাৰি তত্ব শিকিলে গুৰুৰ ওচৰলৈ যোৱাৰ প্রয়োজন নাথাকে। গতিকে মুক্তিলাভৰ বাবে গুৰু-ভকতৰ সেৱা অনিবাৰ্য্য ।
( ভ )
★ ভয়ত ভগৱন্ত পলায়, কিললৈ বাসুদেৱ ডৰায় ।
⇒ ক্ষমতাশালী লোকলৈ সকলোৱে ভয় কৰে। গতিকে কোনেও তেনে লোকৰ বিৰুদ্ধাচৰণ নকৰে ।
★ ভকতত কৰিবা দান, তেহে পাবা বৈকুণ্ঠত স্থান ।
⇒ ভকতক দান কৰিলেহে পুণ্য হয়। সৎকৰ্মত ভকত বৈষ্ণৱক দান কৰিলে মানুহৰ বৈকুণ্ঠত স্থান লাভ হয়।
★ ভাল ভাল ঘোঁৰাই নেপাই ঘাঁহ। ভতুৱা ঘোঁৰাই বিচাৰে মাহ ।
⇒ ভাল লোকেও নোপোৱা বস্তু কেতিয়াবা সাধাৰণ লোকে বিচাৰি হাবাথুৰি খায়। ভাল ঘোঁৰাই ঘাঁহ বিচাৰি নোপোৱা ঠাইত ভতুৱা ঘোঁৰাই মাহ বিচাৰি আমনি কৰে ।
★ ভাতৰ তিতা খাব পাৰি, মাতৰ তিতা খাব নোৱাৰি ।
⇒ মানুহে খোৱা-বস্তুৰ লগত তিতা মিহলি হ’লেও খাব পাৰে কিন্তু, আনৰ তিতা কথা শুনিব নোৱাৰে ।
★ ভাতে-কাপোৰে গিৰি, পিন্ধনে-উৰণে তিৰী ।
⇒ অভাৱশূণ্য ঘৰখনহে প্ৰকৃত ঘৰ। অভাৱ-অনাটন নথকা ঘৰত আনন্দ বিৰাজ কৰে। সাজ-পাৰতহে নাৰীৰ সৌন্দৰ্য প্ৰকাশ পায় ।
★ ভক্তি নাই ভকতৰ বেশ মাত্ৰ ধৰে ।
ফল নাই বিৰিখৰ টুপ টুপ সৰে ।
⇒ কিছুমান মানুহৰ অন্তৰত ভক্তিভাৱ নাই আৰু আনক দেখুৱাবলৈ ভকতৰ বেশ ধাৰণ কৰি ফুৰে। ভক্তিৰ তত্ব নজনা লোকৰ পৰা তেনে তত্ব শুনিবলৈ আগ্ৰহ কোনেও নকৰে ।
★ ভাল কাপোৰ নষ্ট হয় জাপত, পুত্ৰ নষ্ট হয় নুসুধি বাপত ।
⇒ দেউতাকক নোসোধাকৈ চলা পুত্ৰ নষ্ট হয়। তেনেদৰে ব্যৱহাৰ নকৰাকৈ থকা কাপোৰ জাপতে নষ্ট হয় ।
★ ভাল কৃষি নষ্ট হয় মাজে ল’লৈ বাট ।
ভাল নাৰী নষ্ট হয় নিতৌ বেহালে হাত ।
⇒ খেতিপথাৰৰ মাজেদি মানুহ অহা-যোৱা কৰিলে ভাল খেতিও নষ্ট হয়। তেনেদৰে নিতৌ হাত বেহালে ভাল নাৰীও নষ্ট হয় ।
★ ভালে পায় ভালক, জাবৰে পায় খালক ।
⇒ ভালৰ লগত সাধাৰণতে মানুহ ভাল হয়। সেইকাৰণে ভাল সঙ্গ লোৱা উচিত। বেয়া সঙ্গত থাকিলে মানুহ বেয়া হয় । খালত জাবৰ জমা হোৱাৰ দৰেই ভাল মানুহো বেয়া সঙ্গত পৰি বেয়া হয় ।
★ ভাল ঘৰৰ বান্দীকো আনিবা, বেয়া ঘৰৰ সুন্দৰাকো নানিবা ।
⇒ ভাল ঘৰৰ বান্দীও বিয়া-বাৰুৰ কাৰণে উপযুক্ত কাৰণ, তেওঁলোক প্ৰয়োজনীয় সাংসাৰিক জ্ঞান অভিজ্ঞতা আহৰণ কৰি ৰুচিবোধ উন্নত কৰে। আনহাতে বেয়া পৰিবেশত ডাঙৰ-দীঘল হোৱা সুন্দৰীও প্ৰত্যাখ্যান যোগ্য ।
★ ভায়ে ভায়ে দ্বন্ধ লাগে পৰে পায় আশ;
স্বামী-স্ৰীৰ দ্বন্ঘ লাগে ঘৰতে বনবাস ।
⇒ ভাই-ককাইৰ মাজত হোৱা দ্বন্দ পৰক আসৈ দিয়ে। আনহাতে স্বামী স্ত্রীৰ মাজত হোৱা দ্বন্দ্বই ঘৰুৱা শান্তি বিঘ্নিত কৰি পৰিয়াললৈ দুখ আৰু অশান্তি কঢ়িয়াই আনে ।
★ ভাণ্ড পৰশি লৱণু থবা, শিষ্য পৰশি তত্ত্ব ক’বা ৷
⇒ পাত্ৰ ভালনে বেয়া চাইহে তাত বস্তু থ’ব লাগে। তেতিয়াহে বস্তু সুৰক্ষিত থাকে। তেনেদৰে শিষ্যৰ স্বৰূপ চাইহে তেওঁলোকক তত্ত্বকথা প্ৰদান কৰিব লাগে। সকলো শিষ্যকে সকলো কথা কোৱা অনুচিত ।
★ ভকতে নেমাৰে যদি ভাই, বামুণে নেমাৰে যদি গায়,
মহন্তই নেখায় যদি মদ, পাব ক’ত পৰমপদ ?
⇒ ভকতে যদি ৰিপু দমন কৰিব নোৱাৰে, বামুণে যদি বেদ অধ্যয়ন নকৰে, সাধু-মসন্তই যদি লোভ-মোহ, কাম আদি ৰিপুবোৰ দমন কৰিব নোৱাৰে, তেন্তে ভকতি নৰয়, ঈশ্বৰক নেপায়। (ইয়াত ভাই-মন ভাই। খায়-বেদ । মদ-ৰিপুসমূহ ইত্যাদি ।)
★ ভক্তিয়াৰ পো ভক্তি কৰে, ভক্তিৰ নাই কণ,
নাই নাই গুণ নাই, প্রসাদ খাবৰ মন ।
⇒ গুৰুৰ ওচৰত শৰণ লৈ ভক্ততত্ব গ্ৰহণ কৰি যদি কোনোবাই হৰিনাম স্বৰূপ অমৃতক আওকাণ কৰে, তেনে লোকে কেৱল বিষয়সুখত মজি থকাটোহে বিচাৰে, ভক্তিপৰায়ণ নহয়। (ভক্তিয়াৰ–গুৰু, পো-শিষ্য। প্রসাদ-বিষয়সুখ ।)
★ ভাইৰ সমান বন্ধু নাই, বিপদৰ বন্ধু পাবলৈ নাই ।
⇒ ভাইৰ সমান বন্ধু নাই, তেওঁলোকে বিপদৰ সময়ত বন্ধুৰ দৰেই সহায় কৰে। তেনেদৰে বন্ধুৰ চিন বিপদতহে, সম্পদৰ সময়ত বহুতো বন্ধু পোৱা যায়। কিন্তু বিপদত সকলোৱে গা এৰা দিয়ে ।
★ ভোকত ভাত, পিয়াহত পানী, তাক নেখালে বল হয় হানি ।
⇒ মানুহৰ শাৰীৰিক শক্তি সাম্যৰ্থ অটুট ৰাখিবলৈ হ’লে ভোকত ভাত আৰু পিয়াহত পানী খোৱাটো অতি গুৰুত্বপূৰ্ণ কথা। সময়মতে প্ৰয়োজনীয় খাদ্য গ্ৰহণ নকৰিলে স্বাস্থ্য হানি হয় ।
( ম )
★ মহন্তৰ চিন মাহনিত, বুঢ়াগৰুৰ চিন ঘাঁহনিত ।
⇒ কাৰ্যতহে মানুহৰ প্ৰকৃত স্বৰূপ বুজা যায়। সৎ আৰু সংযত ব্যক্তিয়ে সকলো সময়তেই ভাল আচৰণ কৰে। বুঢ়া গৰুৰ পৰিচয় ঘাঁহনিতহে পোৱা যায় ।
★ মই মৰিছো খাষিৰ শাপত, তই দিলিহি ধানৰ ভাপত ।
⇒ কোনো মানুহে কষ্ট ভোগ কৰি থকা সময়তে তেওঁক অতিৰিক্তভাৱে কষ্ট দিয়া। অৰ্থাৎ কষ্টৰ পৰিমান অসহনীয় হোৱা ।
★ মাকতকৈ জীয়েক কাজী, ঢেঁকী থোৰাৰে বাটে পাঁজি ।
⇒ কিছুমান মানুহে নিজকে কোনো কামত পাৰ্গত বুলি যাহিৰ কৰিব খোজে যদিও কামটো ভালদৰে কৰিব নোৱাৰি কামত আউল লগায়। গতিকে কাম নজনা মানুহৰ মুখৰ কথাই সাৰ ।
★ মাটি কিনিবা মাজ খাল, ছোৱালী আনিবা মাক ভাল ।
⇒ ধানখেতিৰ কাৰণে মাজখাল অৰ্থাৎ মাজত পানী ৰোৱা মাটি ভাল। তেনেদৰে ছোৱালী বিয়া কৰাবলৈ হ’লে মাকৰ স্বভাৱ-চৰিত্ৰ প্রতি মনোনিবেশ কৰা বাঞ্ছনীয় ।
★ মাটি ভাল কৰে মৈয়ে, তিৰোতা ভাল কৰে পৈয়ে ।
⇒ ঘৰৰ পুৰুষজন ভাল হ’লে অনুৰূপভাৱে তিৰোতাজনীও ভাল হয়। গতিকে মৈয়ে মাটিৰ খলা-বমা সমান কৰি মাটিদৰা ভাল কৰাৰ দৰে পুৰুষৰ উপযুক্ত শাসনে তিৰোতাকো ভাল কৰে।
★ মাকে নেপাহৰে পুত্ৰৰ শোক, সাপে নেপাহৰে কঁকালৰ কোব ।
⇒ মাকে কেতিয়াও পুত্ৰৰ শোক নাপাহৰে। কাৰণ, পুত্ৰশোক মাকৰ কাৰণে আটইতকৈ ডাঙৰ শোক। তেনেদৰে সাপে কেতিয়াও কঁকালৰ কোব নাপাহৰে ।
★ মাতিলে ৰণলৈকো যায়, নেমাতিলে ভোজলৈকো নেযায় ।
⇒ মাতিলে যিকোনো কঠিন ক’মলৈয়ো যাব লাগে, আনকি যুদ্ধক্ষেত্ৰলৈয়ো পিছ হুহকিব নালাগে। কিন্তু নামাতিলে ভোজলৈয়ো যাব নালাগে ।
★ মাছৰ নানিবা সৰু কুটা। তিৰীৰ নানিবা বজাৰ লুটা ।
⇒ সৰু সৰু কীইট থকা মাছ আনিব নালাগে। তেনে মাছ বাছোতেই বহুত সময় যায়। তেনেদৰে বজাৰত ঘূৰি ফুৰা তিৰোতা আনিব নালাগে। ঘূৰি ফুৰা তিৰোতাই ভালদৰে ঘৰ চম্ভালিব নোৱাৰে ।
★ মাতৰ সোৱাদ বৌ, টেঙাৰ সোৱাদ ঔ ।
⇒ বৌৰ মাতত মধুৰতা থাকে, গতিকে সোৱাদ। ওঁটেঙাৰ তৰকাৰীৰ সোৱাদেই সুকীয়া। অন্য টেঙাই ইয়াৰ জোৰ ল’ব নোৱাৰে ।
★ মাছে গৰকা পাচলি চাবা, শাহুৱে গৰকা বোৱাৰী বাবা ।
⇒ শাহু থকা বোৱাৰী কাম-কাজত যথেষ্ট পৈণত হয়। কাৰণ, তেওঁলোকে দেখি-শুনি বহুত কথা শিকিব পাৰে। তেনেদৰে মাছ দি পাচলি ৰান্ধিলে সোৱাদ বৃদ্ধি পায় ।
★ মিতিৰৰ আগত ক’বা, হাতীৰ কপানত খুচিবা ।
⇒ মানুহ স্পষ্টবাদী হোৱা ভাল। আত্মীয়-কুটুম্বৰ আগত কথা ক’লে ভাল বুজাবুজি নাথাকে। তেনেদৰে, হাতীৰ কপালত খুচিব লাগে, তেতিয়াহে বশ কৰিব পাৰি ।
★ মুখতে বঁটা পায়, মুখতে কটা যায় ।
⇒ ভাল কথাই মানুহৰ মন আকৰ্ষণ কৰে আৰু তাৰ বাবে মানুহ পুৰস্কৃতও হয়। বেয়া কথাৰ পৰিণতি ভয়াবহ। তাৰ বাবে মানুহে অপমান পাবলগীয়া হয় ।
★ মূৰত ল’লৈ ওকণীয়ে খায়, মাটিত থ’লে পৰুৱাই পায় ।
⇒ মানুহে কেতিয়াবা চেনেহত আকুল হৈ শিশুৰ প্রতি অতি মৰম প্ৰদৰ্শন কৰে। অত্যন্ত মৰমত তেওঁলোকে শিশুক ক’ত থ’ব ভাবি পাৰ নাপায় ।
★ মেলত থাকি নেমাতে উচিত, পাপে পায় কিঞ্চিৎ কিঞ্চিৎ ।
⇒ সমাজত উপস্থিত থাকি উচিত কথা নক’লে পাপ হয়। গতিকে সভাসমাজত হোৱা আলোচনাৰ দোষ-ক্ৰুটিসমূহ দেখুৱাই দিয়া উচিত ।
★ মৌপিয়া চটকে পৰ্বত লয় তুলি। ঢোল যেন কণী পাৰে চুঙাৰ বাদুলি ।
⇒ ক্ষুদ্ৰ হৈয়ো অসম্ভৱ কাম কৰিব পাৰিব বুলি ফিটাহি মৰা। কামটো অসম্ভব ধুলি জানিও কেতিয়াবা কিছুমান মানুহে সেইটো কৰা সম্ভৱ বুলি ফিটাহি মৰা দেখা যায়। মুঠতে অসম্ভৱ কথা কোৱা ।
★ মাতৃগমন কৰিবা, সুবৰ্ণ হৰিবা, অতিথিক নিদিবা ঠাই
মহন্তসকলক মৰিয়াই মাৰিবা, তেহে বৈকুণ্ঠক পায় ।
⇒ জ্ঞান পাবলৈ হ’লে গুৰুৰ ওচৰলৈ যাব লাগে। গুৰুৰ উপদেশৰ যোগেদি জ্ঞানলাভ কৰিব পাৰি। অসৎ ভাবক কেঙ্ঘমও মনত ঠাই দিব নালাগে আৰু ৰিপুবোৰ দমন কৰিব লাগে। তেতিয়াহে মুক্তি সম্ভৱ। (মাতৃ-জ্ঞান। সুবৰ্ণ-গুৰুৰ উপদেশ, অতিথি-অসৎ ভাৱ। মহন্ত–ৰিপুসমূহ ।)
★ মোৰ পো দুষ্ট, মোকে মাৰে, মোকে কাটে, মোকে কৰে তুষ্ট ।
⇒ ভগৱানৰ অংশস্বৰূপ অনেক জীৱক মানুহে বধ কৰে। আনহাতে বহুতো জীৱ বধ কৰি, বলি দি ভগৱানক সন্তুষ্ট কৰে। গতিকে ভগৱানক সন্তুষ্ট কৰিবলৈ মানুহে চেষ্টা কৰে। (ভগৱানৰ পো-মানুহ। তুষ্টকৰা-সম্তুষ্ট কৰা ।)
★ মনক বান্ধিবা মনক চাটিবা, মনক নিদিবা লাই । অবুজন মনক বুজাব নোৱাৰি যেন গজমুখী গাই ।
⇒ মনৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত। মনৰ ফুচুলনিত পৰি বিপথগামী হ’লে মানুহে সংসাৰত সুখ লাভ কৰিব নোৱাৰে, ধ্বংসৰ পথতহে গতি কৰে ।
★ মন হৈ জাৰিলে চিত হৈ চালিলে জ্ঞান হৈ মলখু বাচে
নিশ্চয় জানিবা সেইজন লোকৰ তত্ত্বজ্ঞান আছে ।
⇒ মানুহে শৃঙ্খলিত আৰু পৰিশীলিত জীৱন-যাপন কৰিব লাগে। শৃঙ্খলিত জীৱনেই একমাত্ৰ জ্ঞানীৰ পৰিচয়। মন আৰু চিতৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিবলৈ হ’লে সংযম শিক্ষা অপৰিহাৰ্য ।
★ মাজমূৰত নাই চুলি, পৈয়েকে মাতে ৰূপহী বুলি ।
⇒ গুণৱতী তিৰোতা দেখিবলৈ কুজী হ’লেও জ্ঞানী পুৰুষে তেওঁলোকক ৰূপৱতী দেখে ।
★ মানুহ হ’ব ঘূণীয়া, দেশ হ’ব ধুনীয়া
বৃক্ষৰ গুটি হৰিব, পথাৰত হৰিব ধান,
★ ডেকা হব কথকী, বুঢ়াৰ হেৰাব মান ।
⇒ কলিকালত সংসাৰৰ যথেষ্ট পৰিৱৰ্তন সাধিত হ’ব। মানুহৰ কায়িক পৰিৱৰ্তন ঘটিব, গছৰ গুটি, পথাৰৰ ধান হ্লাস পাব। ডেকাসকলে অপ্ৰয়োজনীয় কথাৰ মহলা মাৰিব আৰু বুঢ়াসকলৰ মান নোহোৱা হ’ব ।
★ মাছ লোভ, ধন লোভ, তিৰি লোভ তিনি ।
ইয়াতে সোমায় থাকে অশেষ বিঘিনি ।
⇒ মানুহৰ কিছুমান বিষয়ত জন্ম লোভ মঙ্গলজনক নহয়। বিশেষকৈ মাছ লোভ, ধন লোভ, আৰু তিৰী লোভ প্রভৃতি তিনিপ্ৰকাৰৰ লোভে মানুহক বিপদত পেলায় ।
★ মুখ চিকুণ গুৱা, তিৰী চিকুণ ওৰণি লোৱা ।
লিখনি চিকুণ কাপ, বাৰীৰ চিকুণ ঢাপ ।
⇒ মানুহৰ মুখত চোবাই থকা তামোলখনে সৌন্দৰ্য বৃদ্ধি কৰে। ঢাপ মৰা বাৰী আৰু ওৰণি লোৱা তিৰোতা ধুনীয়া দেখি। তেনেদৰে ভাল কলমে আখৰ ধুনীয়া কৰে ।
★ মাংসত বাঢ়ে মাংস, ঘিউত বাঢ়ে বল ।
দধিত কহে চন্দ্ৰ, শাকত বাঢ়ে মল ।
⇒ মাংস খালে শৰীৰৰ মাংস বাঢ়ে। ঘিউ খালে বল বাঢ়ে। দৈ খালে সৌন্দৰ্য বাঢ়ে আৰু শাক-পাচলি খালে পাকস্থলী পৰিষ্কাৰ হয় আৰু শক্তি বাঢ়ে ৷
( য )
★ যমপুৰ নিদান ঠাই, ইয়াত দিলেহে তাত পায় ।
⇒ ইহলোকত কৰা কামৰ শুভফল পৰলোকত ভোগ কৰিবলৈ পোৱা যায়। সেয়েহে জীয়াই থকা কালছোৱাত যিমান পাৰি পুন্য আচৰণ কৰিব লাগে, সজ কামৰ যোগেদি ।
★ য’তে-ত’তে নক’বা কথা, য’তে-ত’তে নোদোৱাবা মাথা ।
⇒ মানুহে সদায় পাত্ৰ চাইহে কাম কৰিব লাগে। যাৰে-তাৰে আগত প্রয়োজনীয় কথা ক’ব নালাগে। যাৰে-তাৰে ওচৰত মূৰ দোৱাব নালাগে।
★ যদিও হয় মুনিজন, তেওঁ সোধে তিনিজন ।
⇒ জ্ঞানীজনেও দুই-তিনিজনৰ লগত আলোচনা কৰিহে কাম কৰে। তেনেদৰে আনৰ দিহা-পৰামৰ্শ লৈ কৰা কামৰ পৰিণতি সদায়েই শুভপ্রদ হয় ।
★ যাৰ যহত শাকে-সেন্দুৰ, তাক পাতে ভোকোৰা এন্দুৰ ।
⇒ কিছুমান মানুহে উপকাৰ পাই পিছৰ পৰ্যায়ত উপকাৰীক অৱজ্ঞা কৰা দেখী যায়। তেনে অকৃতজ্ঞ লোকৰ পৰা ভৱিষ্যতে সাৱধানে থকা উচিত ।
★ যাৰ লোণ খাবা, তাৰ গুণ গাবা ।
⇒ জীৱিকা দিয়াজনৰ গুণ গোৱা উচিত। কেতিয়াও তেনে লোকৰ প্ৰতি অকৃতজ্ঞ হোৱা উচিত নহয় ।
★ যাৰ কন্যা তাৰ বিবাহ ।
⇒ মানুহৰ বিবাহ পূৰ্ব-নিৰ্দ্ধাৰিত বিধান অনুসৰিহে সম্পন্ন হয়। গতিকে যাৰ সৈতে বিধাতাই যোৰা পাতি থৈছে, সেইমতেই বিয়া হোৱা স্বাভাৱিক ।
★ যাৰ নাই তিৰী, সিনো কিহৰ গিৰী ?
⇒ গৃহস্থালিৰ সাৰ্থকতা নিৰ্ভৰ কৰে তিৰোতা বা গৃহিণীৰ কাৰ্যক্ষতাৰ ওপৰত। যাৰ তিৰোতা নাই, তেনে মানুহে ভালদৰে গৃহস্থালি,চম্তালিব নোৱাৰে ।
★ যাৰ প্ৰতি বৃহস্পতি পোন; তাৰ ঘৰত নবয় কোন ?
⇒ বিধিৰ কৃপা থাকিলেহে মানুহ বোৱাবলৈ পোৱা যায়। গতিকে, যাৰ প্রতি বৃহস্পতি সুপ্ৰসন্ন, তেওঁৰ ঘৰত অনেক লোকে খটাতো স্বাভাৱিক ।
★ যি পহু মাৰিবা বনত, সি কথা ৰাখিবা মনত ।
⇒ গোপন আৰু গুৰুত্বপূৰ্ণ কথা সদায় মনত ৰখা উচিত। তেনে কথা গোপনে ৰাখিব লাগে আৰু কোনো পৰিস্থিতিতে কেতিয়াও প্ৰকাশ কৰিব নেলাগে ।
★ যেতিয়া পৰিব কালৰ বেহা; পাটীৰ তিৰীয়ে বুলিব পেহা ।
⇒ কালৰ বিড়ম্বনাত কেতিয়াবা পাটীৰ তিৰোতায়ো অৱজ্ঞা কৰিব পাৰে। সেয়ে সদায় সাৱধানে থকা উচিত ।
★ যেতিয়া মাৰিব ঢোলত চাপৰ তেতিয়া ল’ব মূৰত কাপোৰ ।
⇒ সময়ৰ কাম সময়মতেহে কৰ| উচিত। সময়ৰ কাম সময়ত কৰিলেহে তাৰ সমুচিত ফল পোৱা যায়। ঢোলত চাপৰ মৰাৰ সময়তহে মূৰত গামোচা বান্ধিব লাগে।
★ যোৰৰো যোৰ পাভ যোৰ, এটা কাণকটা, এটা গৰুচোৰ ।
⇒ এহাল দুষ্ট পতি-পত্নীৰ ঘৰ-সংসাৰ কেনে হ’ব সেয়া সহজেই অনুমেয়। এজনৰো চৰিত্ৰ গ্ৰহণযোগ্য নহয়, গতিকে দুয়ো তালমিলাই সংসাৰধৰ্ আচৰণ কৰিব ।
★ যমপুৰ নিদান ঠাই, ইয়াত দিলেহে তাত পায় ।
⇒ ইহলোকত কৰা কামৰ শুভফল পৰলোকত ভোগ কৰিবলৈ পোৱা যায়। সেয়েহে জীয়াই থকা কালছোৱাত যিমান পাৰি পুন্য আচৰণ কৰিব লাগে, সজ কামৰ যোগেদি ।
★ যাৰ হাতে খোৱা নাই, তেওঁ কিমানৰ ৰান্ধনী
যাক দেখা নাই, তেওঁ কিমান শুৱনি ।
⇒ কোনো মানুহক নেদেখাকৈ তেওঁৰ বিষয়ে মন্তব্য দিয়া কঠিন। ঠিক তেনেদৰে, যাৰ হাতৰ ৰন্ধন খাদ্য খোৱা নাই তেওঁ কেনে প্রকাৰৰ ৰান্ধনী হ’ব সেই বিষয়ে মন্তব্য দিয়া কঠিন ।
★ যাকে বুলিলো আপোন, সি ভৰালে ছপোন ।
⇒ এই পৃথিৱীত কাকো আপোন বুলি গ্ৰহণ কৰিব নোৱাৰি। কিয়নো যাকেই আপোন বুলি ভবা যায় তেৱেঁই ভবাতকৈ অধিক ক্ষতিহে কৰে ।
( ৰ )
★ ৰজাই ভাল দেখে যাক, ভেটিও নেলাগে তাক ।
⇒ ক্ষমতাশালী লোকে যদি কেতিয়াবা কাৰোবাক ভাল পায় তেন্তে তেওঁৰ কেতিয়াও কোনো অভাৱ নাথাকে। অতি সোনকালেই তেওঁৰ সকলো অভাৱ পূৰণ হয় ।
★ ৰজাৰ চিকুণ খাজানা, বিয়াৰ চিকুণ বাজানা ।
⇒ ৰাজ্য চলাবৰ কাৰণে ৰজাক খাজনা দিব লাগে, তেতিয়াহে ৰাজ্য ভালদৰে চলে। ঠিক তেনেকৈ, বিয়াঘৰত বাজনা নহ’লে উৰুঙা লাগে ।
★ ৰজাৰ দ্বন্ঘ্ত কটা যায়। তিৰোতাৰ দ্বন্ঘত পঁইতা খায় ।
⇒ ৰজাৰ দ্বন্দ্বত মানুহৰ ফাঁচি পৰ্যন্ত হ’ব পাৰে। তেনেদৰে তিৰোতাৰ সৈতে হোৱা দ্বন্দ্বৰ পৰিণতি স্বৰূপে উপবাসে কটাবলগীয়া হয় ।
★ ৰণত পৰি কলীয়া; তেল নাইকিয়া ফপৰীয়া ।
⇒ অৱস্থাপন্ন লোকো কেতিয়াবা পৰিস্থিতিৰ কবলত পৰি দুৰ্বল হ’ব পাৰে। সেয়ে পৰিবেশ-পৰিস্থিতিয়েহে মানুহৰ ভাগ্য নিয়ন্ত্ৰণ কৰে ।
★ ৰহাৰ ৰহদৈ, টিপামৰ ভাদৈ, শ’লগুৰিৰ আঘোনী বাই ।
তিনিও ডিঙিত ধৰি কান্দিব লাগিছে সম্বন্ধ কুটা গছো নাই ।
⇒ সম্বন্ধ নাথাকিলেও সকলো লোকে কোনো এটা মহৎ উদ্দেশ্য সাধনৰ কাৰণে সহোদৰৰ দৰে স্নেহ প্ৰীতিৰ ডোলেৰে বান্ধ খাব পাৰে। তাত আচৰিত হ’বলগীয়া একো নাই ।
★ ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে ।
⇒ মানৱ জীৱনৰ নিৰাপত্তা নিৰ্ভৰ কৰে ইশ্বৰৰ কৰুণাৰ ওপৰত। ইনশ্বৰে মাৰিম বুলিলে কোনেও ৰক্ষা কৰিব নোৱাৰে আৰু ৰক্ষা কৰিম বুলিলে কোনেও মাৰিব নোৱাৰে ৷
★ ৰামে মাৰিলেও মৰা, ৰাৱণে মাৰিলেও মৰা ।
⇒ ভাগ্যক ধিয়াই কোনো বিপদপূৰ্ণ কামৰ ফালে আগবঢ়া। ৰাৱণৰ নিৰ্দেশমতে মাৰীচে সোণৰ হৰিণৰ ৰূপ লৈছিল। কিয়নো তাকে নকৰিলে ৰাৱণৰ হাতত মৰিব লাগিব, আনহাতে তেনে কৰিলে ৰামৰ হাতত মৰিব লাগিব ।
★ ৰৌ-বৰালী সৰকি গ’ল, পুঠি খলিহা পাহে পাহে ৰ’ল ।
⇒ বিজ্ঞ আৰু জ্ঞানী লোকসকলে বিপদৰ পৰা| হাত সাৰিব পাৰে। আনহাতে অজ্ঞসকলে তাৰ বাবে কষ্ট ভোগ কৰে ।
★ ৰাম নামে কাম নাই, কৃষ্ণ নামে মৰি ।
হৰি নামে খাগৰিখৰি, কোন নামে তৰি ।
⇒ ভাটৌৰ দৰে কেৱল ষ্টশ্বৰৰ নাম লৈ কোনো লাভ নাই। শৰণীয়া হৈ জীৱনৰ উৎসৰ্গা কৰি কামনাশূন্যভাৱে ট্শ্বৰৰ নাম গ্ৰহণ কৰিলেহে সংসাৰ সাগৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰি। সেয়ে কেৱল মুখেৰে নাম লোৱাৰ পৰিৱৰ্তে নামৰ প্রতি আত্তৰিকতা থাকিব লাগিব।
(ইয়াত কাম-কামনা, তৰি-তৰণ, ৰাম-কৃষ্ণ-হৰি-ঈশ্বৰৰ নাম)
★ ৰৌমাছৰ মূৰত কুৰুৱাৰ বাঁহ, ৰৌনো কিমতে জীয়ে ।
বেজীৰ আগত ৰান্ধোন-বাঢ়োন। উধানে কানি কঠা সিয়ে ।
⇒ জ্ঞানৰ বলত মনে কুৰুৱাস্বৰূপ ৰিপুবোৰ দমন কৰি ৰাখিব পাৰে। উদাহৰণ স্বৰূপে জ্ঞানে মনক সংযত কৰি কানি-কঠাৰূপী পাপৰ পৰা বিৰত কৰিব নোৱাৰিলে বেজীস্বৰূপ মৰুময়, সংসাৰত কষ্ট ভোগে ।
(ৰৌমাছ-মন, কুৰুৱা-অনিষ্টকাৰী ৰিপু, কানিকঠা-পাপ, উধান–জ্ঞান আৰু বেজী–মৰুময় সংসাৰ ।
★ ৰৌমাছে কণী পাৰে, গছৰ আগত চিলনীয়ে কি খাই জীয়ে ।
বেজীৰ আগত নাচন-বাগোন, উধানে কানি-কঠা সীয়ে ।
⇒ তত্বদৰ্শী ভকতে গধুৰ তত্ব ব্যাখ্যা কৰৌতে সহজ-সৰল ভকতে কেতিয়াবা তড্বিক কথাবোৰ বুজাত অসুবিধা হয়। জ্ঞানে বিপদমনৰ উপায় দি মৰুময় কঁইচীয়া সংসাৰৰ পৰা পৰিত্ৰাণ লাভ কৰাৰ উপায় দিব পাৰে যদিও তত্ত্বজ্ঞান উপলব্ধি কৰিব নোৱাৰে । (ৰৌমাছ-সাধু-সন্ত, কণী-তত্ববস্তু, উধান-জ্ঞান, চিলনী-সহজ-সৰল ভকত, বেজী-সংসাৰ, কানি কঠা-পাপ ।)
★ ৰাজহুৱা কথাই ফটা জালে সমান ।
⇒ কিছুমান ৰাজহুৱা কথা খামখেয়ালিযুক্ত, বিশৃ্খল আৰু সাৰশূন্য ইয়। গঁতিকে এনে খামখেয়ালিযুক্ত বিশৃঙ্খল বিষয়ৰ পৰা আঁতৰি থকা বাঞ্ছনীয় ।
★ ৰজাৰ দোষত ৰাজ্য নষ্ট প্ৰজাই কষ্ট পায়
ঘৈণীৰ দোষত ৰাজ্য নষ্ট লক্ষ্মীয়ে এৰি যায় ।
⇒ ৰজাৰ দোষত ৰাজ্য নষ্ট হয় আৰু তাৰ পৰিণতি স্বৰূপে প্রজাা সাধাৰণে কষ্ট ভোগ কৰে। তেনেদৰে পত্নীৰ দোষত গৃহ নষ্ট হয় আৰু লক্ষ্মীয়ে এৰি যায় ।
( ল )
★ লৰাই পানী পেলাই বৰ পিছলি পৰে ।
⇒ সৰুৱে কৰা অবিবেচক কাৰ্যত ডাঙৰ জড়িত হৈ ভৱিষ্যতৰ কাৰণে বিপদ চপাই লোৱা দেখা যায়। সেই কাৰণে সৰু ল’ৰা-ছোৱালীৰ অবিবেচক কাৰ্যত ডাঙৰে গুৰুত্ব দিয়া উচিত নহয় ।
★ লাও যিমান ডাঙৰ নহওক সদায় পাতৰ তল ।
⇒ মানুহ গুণে-জ্ঞানে হ’লেও সাধাৰণতে ঘৰৰ মুৰব্বীজনৰ অধীনত চলিব লাগে। বিশেষকৈ নাৰী যিমানেই শিক্ষিতা নহওক, স্বামীৰ অধীনতা স্বীকাৰ কৰিবলগীয়া হয় ।
★ লাজত নবয় ভাৰ, জোলোঙাই ছিঙে কামিহাড়
⇒ লাজত পৰি কোনো এটা কাম সহজভাৱে নকৰাৰ পৰিণতিস্বৰূপে কান্ধত জোলোঙাৰ ভাৰ বৈ কষ্ট পাবলগীয়া হয় ।
★ লুইত প্ৰসন্ন হ’লৈ ভগা নাৱেৰেও পাৰ হ’ব পাৰি ।
⇒ কৰ্তৃত্বশীল লোকৰ শুভ দৃষ্টি থাকিলে সৰু-সুৰা বিপদৰ পৰা সহজে হাত সাৰিব পাৰি। সেয়ে শক্তিশালী লোকৰ প্ৰিয়ভাজন হৈ চলিব লাগে ।
★ ল’লে নাম গ’ল উৰি, তাৰ নাথাকিল আঁতিগুৰি ।
⇒ নাম ল’লে বতাহত উৰি যোৱাৰ দৰে অতীতৰ স্মৃতিও কেতিয়াবা নষ্ট হৈ যাব পাৰে ।
★ লৰাৰ ভাগৰ যিমান, খেদাৰ ভাগৰো সিমান ।
⇒ দৌৰি আঁতৰি যোৱা আৰু তাৰ পিছে পিছে খেদি যোৱা এই দুজনৰ মাজত দুয়োৰে কষ্ট সমানেই হয়, দৌৰাৰ ভাগৰে দুয়োজনৰ সমানেই ক্লান্ত কৰি তোলে। গতিকে সমানেই কষ্ট ভোগ কৰা ।
( শ )
★ শষ্যো হৰিব, মৎসো হৰিব, হৰিব বিৰিখৰ গুটি
সাধু মহন্তৰ বাক্য লৰিব, লৰিব ধৰ্মৰ খুঁটি ।
⇒ কলিকালত সকলো বস্তুৰে অভাৱ হ’ব। গতিকে শস্য-মত্স্য হাস পাব আৰু পৰিৱৰ্তন সুচিত হ’ব। ধাৰ্মিকে নিজৰ বাক্য পালন নকৰিব আৰু ফলস্বৰূপে ধৰ্মীয় নীতি-নিয়মত পৰিৱর্তন সূচিত হ’ব ।
★ শগুণে সদায় শ-লৈ চায়, ৰাজহংসই চাই স্বৰ্গলৈ ।
⇒ দুষ্টলোকে সদায় বেয়া দিশতহে চকু দিয়ে। শগুণৰ দৃষ্টি সদায় মৰাশৰ ওপৰত। আনহাতে ভাললোকে আনৰ ভালটোহে দেখে, গতিকে ৰাজহংস সদৃশ ভাললোকৰ দৃষ্টি সদায় ভাল কথাৰ ওপৰত নিবদ্ধ হৈ থাকে ।
★ শালক মিৰিকাই হাঁহে, তয়ো অকাজী ময়ো অকাজী ভালেতো গৰাকী নাহে ।
⇒ মূৰ্খই আনকো মূৰ্খ বুলি ভাবে আৰু তেওঁলোকক লৈ সমালোচনা কৰে। অকাজী তিৰোতাক বিয়া কৰাবলৈ কোনেও নিবিচাৰে ।
★ শাহুৱে গৰকা বোৱাৰী বাবা, মাছে গৰকা পাচলি খাবা ।
⇒ শাহু আৰু বোৱাৰীৰ মাজত সু-সম্পৰ্ক থাকিলে বহু কথা শিকাটো সহজ হয় বোৱাৰীৰ বাবে। তেনেদৰে পাচলিৰ আঞ্জাখনত মাছ দিলে মাছৰ সংযোগত আঞ্জাখন সুমিষ্ট হয় ।
★ শিয়ালৰ জাক জাক সিংহৰ এটা ।
⇒ জাক জাক শিয়ালে যি কৰিব নোৱাৰে এটা সিংহই তাক সাৰ্থকভাৱে কৰি দেখুৱায়। গতিকে শত শিয়ালতকৈ এটা সিংহই শ্ৰেষ্ঠ ।
★ শুনা কথাত নিদিবা কাণ, দেখিলেও ল’বা তিনিটা প্রমাণ ।
⇒ শুনা কথাত কাণ দিয়া অনুচিত। তেনেদৰে নিজ চকুৰে দেখা কথাতো প্রমাণ লৈহে কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰা উচিত ।
★ শুনিব নোৱাৰি ন-চহকীৰ মাত, খাব নোৱাৰি ন-চাউলৰ ভাত ।
⇒ নতুন চহকীবোৰ সাধাৰণতে অহংকাৰী হয়। তেনেদৰে নতুন চাউলৰ ভাতে পেটত নুসুজে, অসুখ কৰে ।
★ শাল-শিঙি দুয়ো হ’ল ভকত, কুচিয়া আতাক তুমি আনিও লগত ।
⇒ ভাগৱত, পুৰাণ, গীতা, বেদ আদি শাস্ত্ৰৰ সঙ্গ লৈ পৱিত্ৰভাৱেৰে ধৰ্মপথত অগ্ৰসৰ হ’লে মানুহে জীৱনত উন্নতি কৰিব পাৰে। তেতিয়াহে ধৰ্ম ৰক্ষিত হয়। (শাল-শিঙি-গীতা, ভাগৱত, কুচিয়া-বেদ ।)
★ শৰ্য্যাত শুচি তিৰীৰ পাৱ, পানীৰ শুচি অজাতিৰ নাৱ ।
⇒ তিৰোতাই শয্যাৰ ৰূপ চৰায়। গতিকে শয্যাত তেওঁলোকৰ পাৱ শুৱনি হয়। ঠিক তেনেদৰে, নাৱযাত্ৰাত জাতি-অজাতিৰ প্রশ্ন নুঠে, সকলোৱে একলগে যাত্ৰা কৰিব পাৰে ।
★ শাল সোণাৰু কহিৰৰ এপাল, ইকৰাই বোলে মই নিতিতিলে যাম কতকাল ।
⇒ শাল সোণাৰু আৰু কহিৰ আদি কাঠ পুৰঠ হ’লে দীৰ্ঘদিন তিষ্ঠি থাকে। তেনেদৰে ইকৰা নিতিতাকৈ থাকিলে বহু দিন যায় ৷
( স )
★ সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ ।
⇒ নিজৰ সমকক্ষজনৰ লগতহে যিকোনো কাম কৰা ভাল। তেতিয়া হৰা জিকাৰ প্রশ্ন নুঠে। অন্যথা, সমকক্ষ নহ’লে লাজত পৰিবলগীয়া হ’ব পাৰে ।
★ সন্তৰ লগত ফুৰিবা খাবা গুৱাপাণ, দুষ্টৰ লগত যাব নাক কাণ ।
⇒ সন্তৰ লগত থাকিলে মানুহে সন্মান পায়। আনহাতে দুষ্টৰ লগত থাকিলে সন্মান হেৰুৱাবলগীয়া হয় ।
★ সত্যতকৈ ধৰ্ম নাই, অসত্যতকৈ পাপ নাই ।
⇒ সত্যই হৈছে পৰম ধৰ্ম। মানুহ সদায় সূতপথত চলিব লাগে। অসত্য পথ পাপৰ পথ; এনে পথত চলিলে যথেষ্ট লটি-ঘটি হ’বলগীয়া হয় ।
★ সদৌ চৰায়ে মাছ খায়, মাছৰোকাৰহে নাম ।
⇒ চতুৰ লোকসকলে দোষ কৰি সাৰি যায় আৰু অজলাসকল বিপদত পৰে। সকলো চৰায়ে মাছ খায় যদিও মাছৰোকাৰহে বদনাম হয় ।
★ সাপে নেপাহৰে কঁকালৰ কোব, মাকে নেপাহৰে পুত্ৰৰ শোক ।
⇒ আধামৰাকৈ এৰিলে সাপে কেতিয়াবা অপকাৰ কৰিব পাৰে। তেনেদৰে পুত্ৰশোক মাকৰ বাবে অতি অসহনীয় ।
★ সাপে মূৰত খায়, ধৰণী ধৰিবলৈ ঠাই নাই ।
⇒ সাপে যেতিয়া তালুত দংশন কৰে তেতিয়া বেজে ধৰণী ধৰিবলৈ ঠাই বিচাৰি নাপায়। অর্থাৎ তালুত বা মূৰত দংশিলে মৃত্যু অনিবাৰ্য্য ।
★ ‘সাপে খায়, বাঘে বায়, যদি মৰে জলে ।
যাৰ যিবা হ’ব লাগে নিজ কৰ্মফলে ।
⇒ মানুহৰ যদি সৰ্প দংশন, বাঘৰ আক্ৰমণ বা পানীত পৰি মৃত্যু হয় তেন্তে সেয়া ভাগ্যৰ নিবন্ধন বুলি ধৰি ল’ব লাগিব। এইসমূহ পৰিস্থিতিত বিধিৰ লিখন মতে মানুহে ফলভোগ কৰে ।
★ সাধুক চিনিবা লেনদেন কৰি বিত;
কথাত চিনিবা লোক মূৰ্খ নে পণ্ডিত ।
⇒ মানুহৰ স্বৰূপ চিনিবৰ কাৰণে ধন-বিতৰ লেনদেন কৰি চাব লাগে। মানুহ কিমান ভাল-বেয়া সেয়া কথা-বতৰাৰ মাজেদি ধৰিব পাৰি ।
★ সাতে তিতা, দাঁতে লোণ, উদৰৰ পুৰিবা তিনি কোণ ।
⇒ সপ্তাহত এদিন তিতা খাব লাগে, লোণেৰে দাঁত ঘঁহিব লাগে আৰু পেট পূৰাই আহাৰ খাব নেলাগে। এই নিয়ম মানি চলিলে স্বাস্থ্যৰ কোনো হানি নহয় ।
★ সাঁতোৰ সাঁতোৰ নিজ বাহুবলে, সাঁতুৰিব নোৱাৰিলে যা ৰসাতলে ।
⇒ মানুহে নিজৰ শক্তি সামৰ্থ্য অনুসৰি কাম কৰিব লাগে। শক্তি নাথাকিলে আনৰ সহায় লৈ কাম কৰিম বুলি ভবাটো অৰ্থহীন। নিজে নোৱাৰিলে আন কোনোৱে সহায় নকৰে ।
★ সুবাট দূৰ গমন, তাক নিদিবা এৰি ।
বয়সীয়া ছোৱালীকে বিয়া কৰাবা, তেও নানিবা বাৰী ।
⇒ ভাল পথেৰে দূৰ যাত্ৰা কৰিব লাগে। তেতিয়া কোনো বিঘিনি নহয়। বয়সীয়া হ’লেও গাভৰু ছোৱালী বিয়া কৰাব লাগে। কেতিয়াও বিধৱা নাৰীৰ সৈতে বিয়া পাতিব নালাগে ।
★ সোণাৰীয়ে সোণ চিনে, বৰাই চিনে কচু। কথা-চহকীয়ে কথা চিনে, হীহে চিনে কেঁচু ।
⇒ যিসকল মানুহ যি বৃত্তিৰ সৈতে জড়িত সেই বিষয়ৰ বিস্তৰ জ্ঞান তেওঁলোকৰ থাকে। তেনে জ্ঞান আৰু অভিজ্ঞতাৰ বাবেই সোণাৰীৰ সোণৰ বিষয়ত দক্ষতা অধিক। কথাচহকীৰ বাবে কথা আৰু হাঁহৰ বাবে কেঁচুৰ গুৰুত্ব অধিক ।
★ সন্ধ্যা আলহী সাক্ষাৎ দামোদৰ ।
তাক যি অৱমাননা কৰে গুৰু-ভকতৰ অন্তৰ ।
⇒ সন্ধ্যা সময়ত অহা আলহীক কেতিয়াও বিমুখ কৰিব নাপায়। তেওঁক ঈশ্বৰ জ্ঞান কৰিব লাগে। অন্যথা গুৰু ভকতৰ দোষে চোৱে ।
★ সুকাজত বিকাজ হ’ল, মাক নোহোৱাকৈ জীয়েক হ’ল ।
⇒ ক্ষণজন্মা পুৰুষে পূৰ্বজন্মৰ সুকৃতি স্বৰূপে পূৰ্বজন্মৰ অভিজ্ঞতা সঞ্চয় কৰে। গতিকে মাতৃগৰ্ভত থাকোঁতেই তেওঁলোকে জ্ঞান লাভ কৰি পৰিপক হৈ জন্ম ধৰে
(ইয়াত-জীয়েক মানে তত্ত্বজ্ঞানক সুচোৱা হৈছে ।)
★ সাগৰত মৌ, পৰ্বতত ঢৌ ,
বাপেকৰ তিৰী নাই–পূতেকৰ সাত বৌ ।
⇒ পৰম ভকত সাধু সমাজলৈ গৈ-নামৰসৰ মধুপান কৰে। মনে জ্ঞানৰূপী পিতৃৰ সহায়ত তত্ত্বজ্ঞান লাভ কৰে। ভক্তিৰ বলত সপ্তবৈকুণ্ঠৰ তত্ব আহৰণ কৰি পৰলোকৰ পথ পশস্ত কৰে ।
★ সাপে খায় লেখি, বাঘে খায় দেখি ।
⇒ অদৃষ্টৰ কৰ্মফল অনুসৰিহে মানুহে সৰ্পদংশনত মৃত্যু লাভ কৰে। আনহাতে বাঘে দেখি খায় ।
★ সবাতোকৈ ডাঙৰ হৰিকথা, তাতোকৈ ডাঙৰ চাউলকঠা ।
⇒ হৰিনাম সকলোতকৈ শ্ৰেষ্ঠ যদিও গাত শক্তি নাথাকিলে হৰি ভক্তি কৰিব নোৱাৰি। শৰীৰৰ শক্তিৰ কাৰণে আহাৰৰ প্রয়োজন। সেয়ে চাউলকঠাৰ প্রসঙ্গ অবতাৰণা কৰা হৈছে ।
( হ )
★ হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও ।
⇒ কেতিয়াবা সৃথলোকৰো ভুল হ’ব পাৰে। হাতীৰ ভৰি পিছলাৰ দৰেই ভুলক্ৰমে ডাঙৰ লোকো বিপদত পৰিব পাৰে ।
★ হ’ব ছলি বুলিব বাপ, তেহে গুচিব মনৰ তাপ ।
⇒ সোণালী ভৱিষ্যতৰ আশাত মগ্ন হৈ থকা। সন্তান জন্ম হ’ব আৰু ‘পিতৃ’ বুলি সম্বোধন ধৰিব বুলি আশাত বন্দী হৈ সোণালী ভৱিষ্যতৰ কল্পনা কৰা ।
★ হাতে চুলে মৰাৰ নাম, পাতত বহিলে খোৱাৰ সমান ।
⇒ মানীলোকৰ হাতত ধৰিলে মৰাৰ তুল্য হয়। সেইদৰে খোৱাপাতত বহিলে খোৱাৰ তুল্য হয় ।
★ হাতৰ নিব, কাণৰ নিব, দহো আঙুলি কোনে নিব ?
⇒ চোৰে হাতৰ-কাণৰ গহনা চুৰ কৰি নিব পাৰে। কিন্তু দহ আঙুলিৰ বলত সকলো প্ৰকাৰৰ উপাৰ্জন কৰিবলৈ পাৰি। গতিকে ক্ষতি কৰিলেও কৰ্মপটু মানুহৰ সম্পদৰ অভাৱ নঘটে ।
★ হাতী চোৰ সাৰি যায়, বেঙেনা চোৰে কিল খায় ।
⇒ মানুহে ডাঙৰ ডাঙৰ অপৰাধ কৰি অপৰাধৰ পৰা হাত সাৰে কিন্তু, কেতিয়াবা সাধাৰণ অপৰাধ কৰিয়েই মানুহ বিপদত পৰে ।
★ হাঁহ চোৰৰ মূৰত পাখি, কঁঠালচোৰৰ এঠাই সাক্ষী ।
⇒ দোষীৰ ভাব-গতি আৰু কথা-বতৰাই দোষৰ ইঙ্গিত বহন কৰে। গতিকে চুৰ কৰিলে চোৰৰ ভাব-ভঙ্গী আৰু আচৰণত ধৰা পৰে ।
★ হালবোৱা অহা-যোৱা, মৈ মৰাহে টান ।
তেও নহয় মোৰ বাহি-বনৰ মান ।
⇒ আনৰ টান কামকো প্ৰাধান্য নিদি নিজৰ সাধাৰণ কামটোকে অধিক গুৰুত্ব দিয়া। তিৰোতাই নিজৰ বাহীবনৰ কামখিনিহে ডাঙৰ বুলি ভাবে ।
★ হাল বায় ৰাতিৰ পৰা, ভাত নাটে কাতিৰ পৰা ।
⇒ পদ্ধতি নজনাজনে বেছি কৰিও কোনো ধৰণৰ সুফল নাপায়। গতিকে কোনো কাম সুচাৰুৰূপে সম্পাদন কৰিবলৈ হ’লে কৰ্মপদ্ধতি ভালদৰে আয়ত্ত কৰিব লাগিব ।
★ হাজাৰ দিয়া মছলা বাটি, লোণ নহ’লে সকলো মাটি ।
⇒ আঞ্জাৰ জুটি নিৰ্ভৰ কৰে নিমখৰ সঠিক প্রয়োগৰ ওপৰত। মছলা অধিক দিলেও তাৰ অনুপাতে যদি নিমখ দিয়া নহয়, তেন্তে আঞ্জাৰ স্বাদ নুঠে ।
★ হিংসুক যায় অধ:পাতে, দুখীয়াই খাই পেটে-ভাতে ।
⇒ সৰল মনৰ দুখীয়া লোকে পেটে-ভাতে খাই কোনোমতে জীয়াই থাকে। কিন্তু হিংসুক প্রকৃতিৰ লোক অধ:পতনে যায় ।
★ হেঁপাই আনিলে তিৰী, বোন্দা হ’ল ওপৰতে গিৰী ।
⇒ এজনে কৰা উপাৰ্জনৰ ওপৰত আন এজনে প্ৰভুত্ব বিস্তাৰ কৰা ।
★ হাবুঙত লোণ সস্তা, দেহাৰ বা কি অৱস্থা ।
⇒ দূৰৈত বস্তু সস্তা হ’লেও দেহাৰ অৱস্থাটো ভাবি-চিন্তিহে দূৰলৈ যাত কৰিব লাগে । অন্যথা কষ্ট বাঢ়ে, খৰচো বাঢ়ে ।
★ হাতীত বাগি, বাঘত থৰ, ম’হৰ পৰ, ভালুকত লৰ ।
⇒ বন্যজস্তৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিবলৈ হ’লে কিছুমান বিষয়ত পূৰ্বজ্ঞান থকা বাঞ্ছনীয়। হাতীত বাগি দিব লাগে, বাঘ দেখিলে থৰ হৈ ৰ’ব লাগে আৰু ভালুক দেখিলে দৌৰি পলাব লাগে ।
( ক্ষ )
★ ক্ষন্তেকৰ ভোজ খাওতা নাই ।
⇒ ক্ষন্তেকৰ পিছতে মানুহৰ বিপদ ঘটিব পাৰে, বা মৃত্যু হ’ব পাৰে। সেই কথা মনত ৰাখিহে কাম কৰা উচিত। কিয়নো সময়ৰ প্রতিশোধ কোনেও বাধা দিব নোৱাৰে ।
★ ক্ষুদ্ৰ ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ হয় ।
⇒ কেতিয়াবা সৰু এটা কথাৰ পৰাই ডাঙৰ ঘটনা সংঘটিত হ’ব পাৰে অথবা জটিল সমস্যাৰ সৃষ্টি হ’ব পাৰে। ফিৰিঙতিৰ পৰা খাগুৱদাহ হোৱাৰ দৰে সৰু কথাৰ পৰাই ডাঙৰ ঘটনা হ’ব পাৰে ।
ফকৰা যোজনা – ভাব বহলাই লিখা,ফকৰা যোজনা ব্যাকৰণ, Fokora Jujona In Assamese, অসমীয়া ফকৰা যোজনা, Assamese Proverbs, Fokora Jujona In Assamese.
Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.