Feminism Theory And Practice Unit 5 The Indian Experience

Feminism Theory And Practice Unit 5 The Indian Experience Notes, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Feminism Theory And Practice Unit 5 The Indian Experience Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Feminism Theory And Practice Unit 5 The Indian Experience Question Answer can be of great value to excel in the examination.

Feminism Theory And Practice Unit 5 The Indian Experience

Join Telegram channel

Feminism Theory And Practice Unit 5 The Indian Experience Notes cover all the exercise questions in UGC Syllabus. The Feminism Theory And Practice Unit 5 The Indian Experience provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

The Indian Experience

POLITICAL SCIENCE

FEMINISM THEORY AND PRACTICE

নাৰীবাদ : তত্ত্ব আৰু প্ৰয়োগ

Very objective type Questions

1. The family is the oldest source of Women’s oppression. (Write Yes/No)

Ans: Yes.

2. The International Women’s Day is observed on 26th January/8th March/24th October. 

Ans: 8th March.

3. The International Human rights Day is observed on 10th December/24th October/10th March.

Ans: 10th December.

4. In which year the UNO observed the year of women? (1971/1975/1985) 

Ans : 1975.

5. The International Day Against Women’s Oppression is observed on 10th December/8th March/25th November.

Ans: 8th March.

6. The Government of India passed the Domestic violence Act in the year (2005/2013/2000). 

Ans: 2005.

7. The Media is not neutral for Women (Write Yes or No)

Ans: Yes.

8. In modern times, the Press is controlled by the capitalist. (Write Yes or No)

Ans: Yes. 

9. The Family is the oldest source of women’s oppression. Write Yes/No.

Ans: Yes.

10. The Domestic Violence Prevention Act,was came into force in 1995/2005/2013.

Ans: 2005.

11. The International Women’s Day is observed on 26 January/8 March/24 October. 

Ans : 8 March.

12. The International Human Rights Day is observed on 10th December/24 October/10 March.

Ans: 10 December.

13. In which year the UNO observed the year of woman? 1971/1975/1985. 

Ans: 1975.

Short type questions

1. What do you mean by Women’s Oppression? 

Ans: মহিলাৰ বিৰুদ্ধে নির্যাতন শব্দটোৰ অৰ্থ হ’ল। লিংগভিত্তিক যিকোনো হিংসা বা কার্ষিক আক্রমণ, যিটোৰ ফলাফল হ’ব পৰা ফলাফল মহিলাৰ শাৰীৰিক, যৌন সম্পৰ্কীয়, মানসিক আঘাত বা নির্যাতন আৰু ইয়াৰ লগতে ব্যক্তিগত-ৰাজহুৱা জীৱনত তেনেকুৱা কাৰ্যক ভাবুকি বা বাধ্যতামূলকভাৱে অধিকাৰৰ পৰা বঞ্চিত কৰা আদি। সেই কাৰণে মহিলাৰ বিৰুদ্ধে হিংসা পৰিবেষ্টিত পৰিৱেশৰ পৰিসৰ যে সীমিত নহয়, তলত দিয়া বিষয়বোৰৰ ক্ষেত্ৰত বুজিব পাৰি।

(১) পৰিয়ালৰ ভিতৰত ঘটা শাৰীৰিক, যৌন আৰু মানসিক নির্যাতন, যেনে— বেয়াকৈ আঘাত কৰা, পৰিয়ালত ছোৱালী শিশুৰ প্ৰতি লিংগভিত্তিক দুর্ব্যৱহাৰ কৰা, যৌতুক সম্পৰ্কীয় দুৰ্য্যৱহাৰ-অত্যাচাৰ, স্ত্রী ইন্দ্ৰিয়ছেদন আৰু অন্যান্য মহিলাৰ ক্ষতিকাৰক পৰম্পৰাগত আচৰণ বা ব্যৱহাৰ, অ-সুলভ নাৰী হিংসা আৰু শোষণৰ সৈতে সম্পর্কিত হিংসা।

(২) একোটা সম্প্ৰদায়ৰ মাজত ঘটা শাৰীৰিক, লিংগভিত্তিক আৰু মানসিক হিংসা বা নির্যাতন যেনে— ধর্ষণ, লিংগভিত্তিক অপব্যৱহাৰ, লিংগভিত্তিক নিৰ্যাতন আৰু কৰ্মস্থলীত, শিক্ষানুষ্ঠানত বা অন্য কোনো ঠাইত ভাবুকি প্ৰদান, মহিলাৰ ব্যৱসায়িক সৰবৰাহ আৰু বলপূর্বক বেশ্যা বৃত্তিত জড়িত কাৰণ।

ওপৰত উল্লেখ কৰাবোৰৰ উপৰিও মহিলাৰ বিৰুদ্ধে নির্যাতনমূলক প্রজনন ক্ষমতাক অক্ষম কৰোৱা, বলপূর্বক গর্ভপাত কৰোৱা, বাধ্যতামূলকভাৱে গৰ্ভ প্ৰতিৰোধক ঔষধ সেৱন কৰোৱা, ছোৱালী শিশু হত্যা আৰু প্ৰসৱপূৰ্ণ লিংগ চিনাক্তকৰণ আৰু বাছনিকৰণ আদিকে৷ সামৰি লয়।

2. How far education curriculum is based towards the Male?

Ans: আমাৰ যি প্রচলিত শৈক্ষিক ব্যৱস্থা, পাঠ্যক্রম, বৈষম্যমূলক শিক্ষা ব্যৱস্থাৰ অন্তৰ্গত বিভিন্ন ধৰণৰ অসমতা আৰু বৈষম্যৰাজিয়ে মহিলাৰ প্ৰতি কৰা অন্যায় আৰু বঞ্চনাক একপ্ৰকাৰৰ আনুষ্ঠানিক স্বীকৃতি প্রদান কৰা পৰিলক্ষিত হয়। আমি যদি বিভিন্ন ধৰণৰ, সাহিত্য, নাটক, গল্প, কবিতা আদি লক্ষ্য কৰো তেন্তে এই সকলো বিলাকতে মহিলাসকলক উদ্দেশ্য প্রণোদিতভাবে অর্থাৎ সহমর্মিতা, ত্যাগৰ প্ৰতীক হিচাপে চিত্রায়িত কৰা দেখিবলৈ পোৱা যায়। এইবিলাক পঢ়িলে পুৰুষসকলৰ স্বাৰ্থৰ হৈ সেৱা কৰাৰ উদ্দেশ্যৰেই যেন মহিলাসকলৰ জন্ম এনে বোধ হয়। 

মহিলাসকলক এক মুক্ত আৰু স্বাধীন সত্ত্বা হিচাপে চিত্রায়িত কৰা লেখনি ৰাজিৰ সংখ্যা নিচেই নগণ্য। যদিওবা কোনো ৰচনাত নাৰীক পুৰুষৰ সমতুল্য কৰি উপস্থাপন কৰাৰ প্ৰয়াস কৰা হয়, তেনে পৰিস্থিতিত উক্ত প্রচেষ্টাক সকলো প্ৰকাৰে অৱদমিত কৰি ৰখাৰ প্ৰয়াস চলোৱা দেখা যায়। তছলিমা নাছৰিণৰ লেখনি বাজিয়েই ইয়াৰ এক সুন্দৰ নিদৰ্শন। এইবিলাক আন একো নহয় বৰং পিতৃতান্ত্ৰিকতাৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ বাবে চলোৱা প্ৰচেষ্টাৰেই ফলশ্রুতি মাথোন।

3. How the economic system affect the life of the Women? 

Ans: অর্থনীতি নাৰী নিৰ্যাতনৰ বিষয়টোৱে এক বিশেষ তাৎপর্যপূর্ণ স্থান গ্রহণ কৰিছে। সমগ্ৰ বিশ্বৰ মুঠ শ্রমিক শক্তিৰ আধা অংশই হৈছে মহিলা, কিন্তু তৎসত্ত্বেও মহিলা সমগ্র বিশ্ব ব্যাপি বিভিন্ন ধৰণৰ সমস্যাৰাজিৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হয়। সাধাৰণতে ৰাষ্ট্ৰ এখনৰ পুৰুষ মহিলা উভয়ৰে অৰ্থনৈতিক সহযোগিতাৰ জৰিয়তেহে ৰাষ্ট্ৰখন প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাতো সম্ভৱপৰ। দৈহিক শক্তিৰে মহিলা সকল পুৰুষৰ সমকক্ষ নহ’লেও কেতবোৰ কাম-কাজ নিষ্ঠা সহকাৰে সম্পাদন কৰাৰ ক্ষেত্ৰত মহিলাসকলৰ কৰ্মকুশলতা, অধ্যৱসায় নিপুণতা পুৰুষৰ তুলনাত কোনোপধ্যেই কম নহয়। যদিহে পুৰুষকলৰ দৰে মহিলাসকলকো কৰ্ম কৰাৰ সম সুযোগ সুবিধা প্ৰদান কৰিব পৰা যায় তেন্তে। অৰ্থনীতিৰ ক্ষেত্ৰখন সমৃদ্ধিশালী কৰাৰ জৰিয়তে মহিলাসকলে যে পুৰুষৰ সমান্তৰালভাৱে ৰাষ্ট্ৰ তথা সমাজৰ উত্তৰণৰ ক্ষেত্ৰত এক নির্ণায়ক ভূমিকাত অৱতীর্ণ হ’ব পাৰিব সেয়া নিশ্চিত। সাধাৰণতে মহিলাসকলে কর্মক্ষেত্ৰত বিভিন্ন ধৰণৰ বৈষম্যৰ মুখামুখি হ’বলগহীয়া হয় যাৰ পৰিপ্ৰেক্ষিতত পুৰুষৰ তুলনাত তেওঁলোক বহু পৰিমাণে অনগ্ৰসৰ হৈ আছে।

পুৰুষ আৰু মহিলাৰ মাজৰ কৰ্মৰ পৰিধিৰ মাজত ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ত যি বিভাজন সেই বিভাজনৰ ফলশ্রুতিতো মহিলাসকলে আতিশয্যৰ সন্মুখীন হ’বলগীয়া হৈছে। ঔদ্যোগিক বিপ্লৱৰ আগলৈকে এনে কোনোধৰণৰ ৰাজহুৱা ব্যক্তিগত পৰ্যায়ৰ বিভাজন নাছিল। সকলো ধৰণৰ উৎপাদন আৰু পুনঃ উৎপাদন কাৰ্যৰ প্ৰধান কেন্দ্ৰস্থল আছিল পৰিয়াল। পুৰুষ আৰু মহিলা উভয়েই সহযোগিতা আৰু বুজাপৰাৰ মনোভাবেৰে নিজ নিজ সামৰ্থ, দক্ষতাৰ ভিত্তি ভিন্ন কার্য সম্পাদন কৰিছিল। আন কথাত ক’বলৈ হ’লে শ্ৰমৰ উৎপাদনৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলা এজন আনজনৰ পৰিপূৰক আছিল। মুনাফা আহৰণৰ পৰিৱৰ্তে জীৱন ধাৰণৰ প্ৰয়োজনীয়তাৰ স্বাৰ্থতহে সকলো ধৰণৰ উৎপাদনী কার্য সম্পাদন কৰা হৈছিল। মহিলাসকলৰ পুনঃ উপাদনী কার্য অর্থাৎ সন্তান জন্ম দিয়া প্রতিপালন কৰাক উচ্চ মর্যাদা আৰু স্বীকৃতি প্ৰদান কৰা হৈছিল। শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ উপস্থিতি নাছিল। পৰিয়াল পৰিচালনাৰ ক্ষেত্ৰত মহিলাসকলে পুৰুষৰ তুলনাত অধিক সক্রিয় ভূমিকা গ্ৰহণ কৰিছিল।

মহিলাসকলে উৎপাদন আৰু পুনঃ উৎপাদনী কার্যত গ্রহণ কৰা সক্ৰিয় ভূমিকাক যথোচিত স্বীকৃতি দি গার্হস্থ্য মহিলা ধাৰণাটিৰ প্ৰচলন কৰা হৈছিল। ইয়াৰ পৰাই সেই সময়ত যে মহিলাকেন্দ্রিক পৰিয়ালৰ উপস্থিতি আছিল সেয়া সহজতে অনুমান কৰিব পাৰি। গতিকে ক’ব পাৰি যে ঔদ্যোগিক বিপ্লৱৰ পূৰ্বে যিহেতু ৰাজহুৱা আৰু ব্যক্তিগত পৰিধিৰ মাজত কোনোধৰণৰ বিভাজন নাছিল সেয়ে মহিলাসকলে কর্ম (অর্থনীতি) ক্ষেত্ৰত বিশেষ কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’ব লগা হোৱা নাছিল। 

কিন্তু মন কৰিবলগীয়া যে ঔদ্যোগিক বিপ্লৱৰ ফলস্বৰূপে উৎপাদনী কার্য বজাৰকেন্দ্ৰিক অৰ্থাৎ জীৱন ধাৰণৰ লগতে মুনাফা আহৰণৰ বাবেও আৰম্ভ কৰাৰ লগে লগে উৎপাদনী কার্যত পুৰুষসকলক নিয়োজিত কৰা হ’ল। তেতিয়াৰে পৰাই অৰ্থনীতিত নাৰী নিৰ্যাতনৰ সূত্ৰপাত হোৱা বুলিব পাৰি। পূৰ্বতে ব্যক্তিগত (পৰিয়াল) পৰ্যায়ত জীৱন ধাৰণৰ বাবে সম্পাদন কৰা আৱশ্যকীয় উৎপাদন কাৰ্যৰ পৰিধিৰ বাহিৰত গৈ পুৰুষসকলে ৰাজহুৱা পৰ্যায়ত উৎপাদনমুখী কাম-কাজৰ লগত নিয়োজিত হৈ পৰিছিল। এনেদৰে ৰাজহুৱা কাম-কাজত পুৰুষসকলৰ নিয়োজিত কৰণে পুৰুষসকলক অর্থনৈতিক মূল্য প্ৰদান কৰাৰ লগতে মহিলাসকলৰ তুলনাত পুৰুষসকল উচ্চ মর্যাদা সম্পন্ন বুলি স্বীকৃতি প্ৰদান কৰিলে।

ইয়াৰ পৰিৱৰ্তে মহিলাসকলে ব্যক্তিগত পৰিধিৰ কাম-কাজৰ মাজতে সীমাবদ্ধ হৈ থাকিবলগীয়া হৈছিল অর্থাৎ পুৰুষসকলে ৰাজহুৱা পৰিধিৰ কাম-কাজসমূহত নিয়োজিত হ’বলগীয়া হোৱাৰ লগে লগে মহিলাসকলে এককভাৱে পাৰিবাৰিক কাম-কাজ সমূহ সম্পাদন কৰিবলগীয়া হৈছিল। এনেদৰে ৰাজহুৱা আৰু ব্যক্তিগত পৰ্যায়ৰ বিভাজনে সমাজত পুৰুষ আৰু মহিলাৰ মাজত সমতা বৃদ্ধি কৰে আৰু পুৰুষ আধিপত্যৰ সম্ভাৱনা অধিক প্রকট কৰি তোলে।

পিতৃতান্ত্রিক অর্থনৈতিক ব্যৱস্থাত অর্থনৈতিক অনুষ্ঠানসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত, পুৰুষে অধিক সম্পত্তি আহৰণ কৰে। অর্থনৈতিক কাম-কাজসমূহ পৰিচালনা কৰাৰ উপৰিও পুৰুষে বিভিন্ন উৎপাদনকৃত সামগ্ৰী ৰাজিৰ মূল্য নিৰ্ধাৰণ কৰে। অধিকাংশ উৎপাদন কাৰ্য মহিলাৰ দ্বাৰা সম্পাদন কৰা হয় যদিও এইক্ষেত্ৰত মহিলাসকলক কোনো স্বীকৃতি নাইবা যুক্তিসংগত মজুৰি আদায় দিয়া নহয়। তেওঁলোকৰ ৰাহী জমাৰ ক্ষেত্ৰত থকা অৰিহণা যিটোক নেকি মাৰিয়া মাইচে “ছাঁয়া কৰ্ম” বুলি অভিহিত, সেয়া গণ্য কৰা নহয় আৰু কোনো ক্ষেত্ৰতে মহিলা সকলৰ ঘৰুৱা কাম-কাজৰ মূল্য নির্ণয় কৰা নহয়। তাৰোপৰি মহিলা সকলৰ উৎপাদক আৰু শিশুৰ প্রতি পালনকাৰী হিচাপে গ্রহণ কৰা ভূমিকা আৰু শ্রমশক্তিক অর্থনৈতিক অৰিহণা হিচাপে কোনো ক্ষেত্ৰত বিবেচনা কৰা পৰিলক্ষিত নহয়।

উল্লেখনীয় যে মহিলাসকলৰ অৰ্থনৈতিক দুৰাৱস্থাই তেওঁলোকৰ ওপৰত নির্যাতন চলোৱাৰ পথ অতিকৈ সুগম কৰি তুলিছে। অর্থনৈতিক অভাৱৰ কাৰণৱশতঃ মহিলাসকলে মানৱীয় প্ৰমূল্যৰাজি হেৰুৱাবলগীয়াৰ উপক্ৰম হৈছে। এই প্ৰসংগতে অর্থনীতিৰ ক্ষেত্ৰখনত মহিলাসকলে নিৰ্যাতনৰ সন্মুখীন হোৱা বিভিন্ন দিশসমূহ তলত আলোচনা কৰা হ’ল—

১) সম্পত্তিৰ প্রাপ্য অধিকাৰৰ পৰা মহিলাসকলক বঞ্চিতকৰণ : সাধাৰণতে দেখা যায় যে মহিলাসকলৰ সম্পত্তিৰ অধিকাৰ নিজেই সীমিত। পৰিয়ালৰ প্ৰায়ভাগ সম্পত্তি আৰু উৎপাদনী উৎসসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্রিত হয় আৰু এইবিলাক এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ অতিক্ৰম কৰে। আন কথাত, সচৰাচৰ দেউতাকৰ পৰা পুত্ৰলৈ যায়। আনকি য’ত মহিলাসকলৰ তেনেবোৰ

সম্পদৰাজিৰ বিধিগত অধিকাৰ থাকে, তাতো সমগ্র শৃংখলিত প্রথাগত নিয়ম, আৱেগিক তথা মানসিক হেঁচা সামাজিক অনুমোদন আৰু কিছু কিছু সময়ত নীৰৱ সংগ্ৰাম আদিয়ে তেওঁলোকক প্ৰকৃত নিয়ন্ত্ৰণৰ অধিকাৰসমূহ বৃদ্ধি কৰাৰ পৰিৱৰ্তে হ্ৰাসহে কৰে। সকলো ক্ষেত্ৰতে তেওঁলোক পিচ পৰা অৱস্থাতে থাকে।

২) কৰ্মস্থলীত মহিলাৰ ওপৰত চলোৱা নিৰ্যাতন : কর্মস্থলীত পুৰুষে মহিলাৰ ওপৰত চলোৱা নির্যাতন বা হায়ৰাণিক মহিলাৰ জীৱনৰ এক বাস্তৱ নিয়মিত ঘটনা বুলিব পাৰি। সংগঠিত বা অসংগঠিত খণ্ড যিকোনো কর্মক্ষেত্ৰত মহিলাসকলে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ পৰিস্থিতিৰ মুখামুখি হ’ব লগা হয়। কৰ্মৰত মহিলাসকলে কর্মক্ষেত্ৰত বিভিন্ন সময়ত যৌন নির্যাতন, শাৰীৰিক আতিশয্য, অপমান আদি নীৰবে সহ্য কৰিবলগীয়া হয়। কর্মস্থলীত যৌন আতিশয্য চলোৱাতো মহিলাৰ মৰ্যাদা আৰু সন্মানৰ বাবে অপমানসূচক কাৰ্য আৰু এই অপকর্ম ত্যাগ কৰা উচিত।

কর্মস্থানত মহিলাসকলৰ ক্ষেত্ৰত যিকোনো নির্যাতন বা অশ্লীলতাহীনতাই মানসিক, সামাজিক আনকি অর্থনৈতিক ক্ষেত্ৰত গুৰুতৰভাৱে প্ৰভাৱ পেলায়। এইটোৱে মহিলা কর্মসকলক হয়ত্ব নতুন কাম বিচাৰি কার্যক্ষেত্র ত্যাগ কৰিবলৈ বাধ্য কৰায় নতুবা সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ বাধ্য কৰায়; যিটোৱে একে সময়তে কর্মস্থলীত পুৰুষ আধিপত্যতাক অধিক সবল আৰু স্থায়ী ৰূপ দিয়াত সহায় কৰে। সেয়ে, কৰ্মস্থলীত মহিলাৰ নির্যাতন সঠিকভাৱে নিঃশেষ কৰিব লাগে। অপৰাধ আইনৰ উপবন্ধত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪নং ধাৰাই তেনে ব্যক্তিৰ শাস্তিৰ বিধান কৰিছে যিজন ব্যক্তিয়ে কোনো মহিলাক আঘাত কৰে বা অপৰাধজনিত শক্তি প্রয়োগ কৰে। যদি এইটো ইচ্ছাকৃত হয় মহিলাগৰাকীৰ ভদ্রতাৰ ক্ষেত্ৰত নিষ্ঠুৰ আচৰণ হ’ব পাৰে। ভাৰতীয় দণ্ডবিধিৰ ৫০৯নং ধাৰাই মহিলাৰ মৰ্যাদাৰ ক্ষেত্ৰত আঘাত হানিব পৰা কোনো কার্য বা অংগী-ভংগীৰ বাবে শাস্তিৰ বিদান কৰিছে। শ্রম আইনৰ নীতি অনুযায়ী ১৯৭৬ চনৰ সমবেতন আইনৰ ৫নং উপবন্ধই নিয়োগ কৰ্তৃপক্ষক একে আৰু সমধর্মী কামত নিয়োগৰ ক্ষেত্ৰত আৰু নিয়োগৰ পৰৱৰ্তী পৰিস্থিতিৰ ক্ষেত্ৰত মহিলাৰ প্ৰতি অন্যায় আচৰণ প্ৰদৰ্শন কৰাত বাধা প্ৰদান কৰিছে। নিৰীক্ষক বা তদাৰকী বিষয়াৰ দ্বাৰা মহিলাৰ যৌন বা লিংগভিত্তিক নিৰ্যাতনৰ বাবে নিয়োগকাৰী দায়ী হোৱা উচিত।

ক্রমাগতভাৱে বাঢ়ি অহা সামাজিক ব্যাধিস্বৰূপ কর্মস্থলীত মহিলাৰ আতিশয্যৰ বিৰুদ্ধে মহামান্য উচ্চতম ন্যায়ালয়ে কিছুমান দিক্‌দর্শক পৰামৰ্শ আগবঢ়াইছিল আৰু লগতে প্ৰচলিত আইনৰ সংশোধন ঘটাই সামাজিকভাৱে কার্যকৰী আইন প্ৰণয়নৰ বাবে মহিলাৰ নিৰ্যাতনৰ নিৰ্ধাৰক হিচাপে তলত দিয়া কাৰ্যসমূহ অন্তর্ভুক্ত কৰিবলৈ পৰামৰ্শ দিছিল।

যৌন নির্যাতনে সাধাৰণতে তলত দিয়া ধৰণৰ কিছুমান অবাঞ্চিত যৌন সম্বন্ধীয় আচৰণক সংযুক্ত কৰে। যেনে—

১) শাৰীৰিক সম্পৰ্ক আৰু যৌন কাৰ্যৰ বাবে আগবঢ়া।

২) যৌন অনুগ্ৰহৰ কাৰণে অনুৰোধ বা দাবী কৰা।

৩) যৌনগন্ধী মন্তব্য।

৪) অশ্লীল কিতাপ বা ফটো প্ৰদৰ্শন কৰা।

৫) অন্য ধৰণৰ অবাঞ্চিত শাৰীৰিক, মৌখিক বা ইংগিতমূলক যৌনগন্ধী প্ৰকৃতিৰ আচৰণ।

৩) শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ ক্ষেত্ৰত অসমতা : মহিলাসকলে অর্থনৈতিক ক্ষেত্ৰত শ্ৰমৰ লিংগভিত্তিক বিভাজনৰ অসমতাৰ বলি হোৱা পৰিলক্ষিত হয়। ইতিমধ্যে উল্লেখ কৰি অহা হৈছে শ্ৰমৰ লিংগভিত্তিক বিভাজনে এক সামাজিক চিন্তাৰ আধাৰত পুৰুষ আৰু মহিলাৰ বাবে কিছুমান নিৰ্দিষ্ট কাম-কাজৰ পোষকতা কৰাক সূচায়। মহিলাসকলক তেওঁলোকৰ দক্ষতা, সক্ষমতা আৰু পছন্দৰ পৰিৱৰ্তে শাৰীৰিকভাৱে দুৰ্বল বুলি গণ্য কৰি উৎপাদনমূলক অর্থাৎ, অর্থনৈতিকভাৱে গুৰুত্বপূর্ণ কাম-কাজসমূহত নিয়োজিত হোৱাৰ পৰা বঞ্চিত কৰা হয়। ইয়াৰ ফলত অৰ্থনৈতিক গুৰুত্ব বা উপাৰ্জনৰ স্থল থকা বিভিন্ন ধৰণৰ কল-কাৰখানা, ব্যৱসায়িক প্রতিষ্ঠান আদিত পুৰুষৰ নিয়ন্ত্রণ বা আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হয়। এনে পৰিস্থিতিত যথোপযুক্ত যোগ্যতা থকা সত্ত্বেও মহিলাসকলে এনেবিলাক উৎপাদনমুখী কার্যকলাপত নিয়োজিত হোৱাৰ ক্ষেত্ৰত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।

৪) নিযুক্তিৰ ক্ষেত্ৰত বৈষম্যমূলক আচৰণ প্ৰদৰ্শন : চৰকাৰী খণ্ডতেই কিম্বা বেচৰকাৰী খণ্ডতেই হওক মহিলাসকলে নিযুক্তি লাভৰ ক্ষেত্ৰত চৰম বঞ্চনাৰ সন্মুখীন হোৱা দেখা যায়। শৈক্ষিক আৰু কাৰিকৰীগতভাৱে পুৰুষ-মহিলা উভয়েই সমানেই অৰ্হতাসম্পন্ন হোৱা সত্ত্বেও শাৰীৰিক অক্ষমতাৰ দোহাই দি মহিলাসকলক উপযুক্ত পদবীত নিযুক্তি লাভৰ পৰা সততে বঞ্চিত কৰি অহা পৰিলক্ষিত হয়। বিবাহিত মহিলাসকলৰ বেলিকা দেখা যায় যে বহু সময়ত তেওঁলোকে পৰিয়ালৰ স্বামী বা শাহুৰ অনিচ্ছাৰ কাৰণেও প্রয়োজনীয় অৰ্হতা থকা সত্ত্বেও উপযুক্ত পদবীত নিযুক্তি লাভ কৰিবলৈ অপাৰগ হয়। এয়েই নহয়, আনকি বহু সময়ত বিবাহিত মহিলাই নিজেও বিয়াৰ পিছত কোনো ধৰণৰ উৎপাদনমুখী কামত নিয়োজিত হ’বলৈ আগ্রহী নহয়। 

4. Discuss the role of media for improving the lot of women.

Ans: সাধাৰণতে জনসংযোগ, তথ্য সম্প্ৰচাৰ আৰু সম্প্ৰসাৰণৰ লগতে মত বিনিময় কৰা শ্ৰাব্য দৃশ্যৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ আহিলা হিচাপে যিবিলাকে যোগাযোগ, আমোদ প্ৰমোদৰ পথ সূচল কৰি তুলিছে, সেইসমূহক সামগ্ৰিকভাৱে বুলি অভিহিত কৰা হয়। জ্ঞানৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত এই সংবাদ মাধ্যমবিলাকৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমবিলাকে জনমত গঠনৰ ক্ষেত্ৰতো এক শক্তিশালী আহিলা হিচাপে কাম কৰে। 

অৱশ্যে সংবাদ মাধ্যম বিলাকৰ সকাৰাত্মক ভূমিকাৰ লগতে ইবিলাকৰ অপপ্রয়োগে মহিলাৰ জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। সংবাদ মাধ্যমবিলাকে মহিলাকেন্দ্রিক ঘটনাৰাজিক অতিৰঞ্জিত কৰি শ্ৰোতা দৰ্শকৰ সন্মুখত উপস্থাপন কৰে। অনুৰূপ ধৰণে দূৰদৰ্শন, বোলছবি তথ্যচিত্ৰ ইণ্টাৰনেট, উপগ্রহীয় চেনেল ইত্যাদিবিলাকে মহিলাসকলক ভোগৰ সামগ্রী হিচাপে প্ৰক্ষেপ কৰাটো এক নিত্য নৈমিত্তিক বিষয় হিচাপে পৰিগণিত হৈছে। বহু সময়ত নামী দামী ব্যৱসায়িক প্রতিষ্ঠানসমূহে সংবাদ মাধ্যমবিলাকত মহিলাসকলক বিজ্ঞান প্ৰকাশৰ আহিলাস্বৰূপ প্ৰক্ষেপ কৰে। এনেদৰে যদিওবা বহু সংখ্যক মহিলায়ো বিজ্ঞাপনৰ মাধ্যমেৰে নিজৰ শাৰীৰিক অবয়ৱ আৰু সৌন্দৰ্য প্ৰদৰ্শনৰ জৰিয়তে নিজৰ জীৱিকা আহৰণৰ বাট মুকলি কৰিছে। 

তৎসত্ত্বেও ইবিলাকে মহিলাসকলৰ মান-মর্যাদা স্বাভিমানক কুঠাৰাঘাত হানিছে। তাৰোপৰি বহুক্ষেত্ৰত সংবাদ মাধ্যমৰ লগত জড়িত বিভিন্ন মহিলাসকল তেওঁলোকৰ গৰাকী বা আন সহকৰ্মীৰ দ্বাৰা যৌন নির্যাতন, ধর্ষণ, শাৰীৰিক-মানসিক উৎপীড়ন আদিৰ সন্মুখীন হ’বলগীয়া হয়। সংবাদ মাধ্যমৰ জৰিয়তে মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ নানান দিশসমূহ তলত আলোচনা কৰা হ’ল―

(১) মহিলাক বজাৰৰ পণ্য সামগ্রী হিচাপে উপস্থাপন : সম্প্রতি প্রায়বিলাক প্ৰচাৰ মাধ্যম পুঁজিপতি শ্ৰেণীৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু পৰিচালিত হোৱা দেখা যায়। এই শ্রেণীটোৱে নিজৰ অৰ্থনৈতিক স্বার্থসিদ্ধিৰ উদ্দেশ্যৰে নৈতিক প্ৰমূল্যৰাজিক জলাঞ্জলি দি সঙ্গীয়া জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ মহিলা একোগৰাকীক মডেল হিচাপে ব্যৱহাৰ কৰে। মডেলগৰাকীক অতি কম বস্ত্ৰ পৰিধান কৰোৱাই বিজ্ঞাপন প্ৰকাশৰ বাবে ব্যৱহাৰ কৰে। আন কথাত, মহিলাক বজাৰৰ পণ্য সামগ্ৰী ৰূপত তুলি ধৰা হয়। যাৰ জৰিয়তে সমগ্ৰ নাৰী জাতিৰ মান-মর্যাদা, স্বাভিমানক ভূ-লুণ্ঠিত কৰাৰ উপক্ৰম হৈছে। 

(২) প্ৰচাৰ মাধ্যমত প্ৰচাৰিত মহিলা বিষয়ক দৃশ্যাংশই নাৰী নিৰ্যাতনৰ মাত্ৰা বৃদ্ধিত অৱদান যোগায় : সাধাৰণতে এইটো ভবা হয় যে মহিলাৰ ওপৰত ঘৰুৱা আৰু সামাজিক পৰ্যায়ত চলা বিভিন্ন ধৰণৰ অপৰাধমূলক কার্য যেনে— কর্মস্থলীত যৌন উৎপীড়ন, ধর্ষণ, শাৰীৰিক-মানসিক নির্যাতন আদিক প্ৰচাৰ মাধ্যমবিলাকে সঠিক ৰূপত উপস্থাপন কৰি অপৰাধীক অভিযুক্ত কৰি ভুক্তভোগীজনক ন্যায় প্ৰাপ্তিৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াব পাৰে। কিন্তু বহু সময়ত আমি ইয়াৰ এখন বিপৰীত ছবিহে প্ৰত্যক্ষ কৰো। প্ৰচাৰ মাধ্যমবিলাকে উপৰোক্ত ধৰণৰ মহিলাজনিত ঘটনাৰাজিক আশ্চৰ্যকৰ বিষয় হিচাপে দেখুৱাবলৈ অপ্রয়োজনীয়ভাৱে অতিৰঞ্জিত কৰি উপভোক্তা সদৃশ শ্রোতা দৰ্শকৰ সন্মুখত সম্প্ৰচাৰ কৰে। সেয়েহে ভুক্তভোগী মহিলাগৰাকী বা মহিলাসকলে এক ব্যাপক মানসিক চাপত ভুগিবলগীয়া হয়। 

(৩) মহিলাসকলৰ প্ৰতি প্ৰচাৰ মাধ্যমবিলাকৰ পক্ষপাতমূলক ভূমিকা : মহিলাৰ তুলনাত পুৰুষৰ শক্তি, সামর্থ্য দক্ষতা আৰু প্ৰভাৱ আদিৰ ওপৰত প্ৰচাৰ মাধ্যমবিলাকে অধিক গুৰুত্ব আৰোপ কৰে। মহিলা এগৰাকী পুৰুষৰ অমানৱীয় আচৰণৰ বলি হ’লেও বহু সময়ত প্ৰচাৰ মাধ্যমবিলাকত ভুক্তভোগী মহিলাগৰাকীৰ ওপৰতহে দোষ জাপি দিয়া পৰিলক্ষিত হয়। বহুক্ষেত্ৰত মহিলা বিষয়ক কেতবোৰ স্পৰ্শকাতৰ একান্ত ব্যক্তিগত বিষয়ক ৰাজহুৱা কৰাৰ ভীতি প্ৰদৰ্শনেৰে একাংশ প্ৰচাৰ মাধ্যমৰ কৰ্মীক ব্লেকমেইলিং আদিৰ দৰে অনৈতিক কার্যতো লিপ্ত হোৱা দেখা যায়। এনেদৰে মহিলাসকলৰ ওপৰত প্ৰচাৰ মাধ্যমৰ জৰিয়তে মানসিকভাৱে হাৰাশাস্তি কৰাৰ পথো প্রকট হয়।

(৪) সংবাদ মাধ্যমত কৰ্মৰত মহিলা সংবাদকর্মীৰ নিৰাপত্তাহীনতা : বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত মহিলা সংবাদ কর্মীসকলেও প্ৰায়েই কৰ্মস্থানত নিৰাপত্তাহীনতাত ভুগিবলগীয়াৰ উপক্রম হয়। সাধাৰণতে সংবাদ মাধ্যমত কৰ্মৰত মহিলা সংবাদকর্মীসকলে সংবাদ আহৰণ আৰু বাতৰি পৰিৱেশনৰ সময়ত গোটেই দিনে-নিশাই জড়িত হৈ থাকিবলগীয়া হয়। ইয়াৰ ফলত বহু সময়ত মহিলা সংবাদকর্মীসকলে কৰ্মস্থানত সংশ্লিষ্ট মাধ্যমটোৰ গৰাকী বা আন কোনো সহকৰ্মীৰ নানা আতিশয্য তথা কামনাৰ বলি হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। তাৰোপৰি সংবাদ কৰ্মীসকলে সংবাদ আহৰণৰ উদ্দেশ্যেৰে বিভিন্ন স্থানলৈ যাওঁতে বিভিন্ন পক্ষৰ পৰা ভীতি প্রদর্শন শাৰীৰিক মানসিক নির্যাতন, অশালীন ব্যৱহাৰৰ মুখামুখিৰ সন্মুখীন হোৱাও দেখা যায়। 

আনকি মহিলা সংবাদকর্মী সকল ধৰ্ষণৰ বলি হোৱাৰ লগতে সন্ত্ৰাসজৰ্জৰিত অঞ্চলত গৈ সংবাদ সংগ্ৰহ কৰিবলৈ যাওঁতে শাৰীৰিকভাৱে বিকলাংগ হোৱাৰো উদাহৰণ ইতিহাসৰ পাতত একেবাৰে বিৰল নহয়। গতিকে এনেদৰে চালে দেখা যায় যে পুৰুষসকলে এনেবিলাক সামাজিক সাংস্কৃতিক আনুষ্ঠানিক ভিত্তিসমূহৰ জৰিয়তে মহিলাসকলৰ ওপৰত অধিকভাৱে নিয়ন্ত্রণ চলোৱাৰ সুবিধা লাভ কৰে আৰু ইয়াৰ জৰিয়তে তেওঁলোক (নিয়ন্ত্ৰকসকল) অর্থনৈতিক আৰু বস্তুগতভাবেও লাভান্বিত হোৱা পৰিলক্ষিত হয়।

(৫) নিৰ্যাতনৰ কাৰ্য বা ভাবুকি : ঘৰৰ ভিতৰত হওঁক বা সম্প্ৰদায়ৰ ভিতৰতে হওঁক, মহিলাসকলক ভীতিগ্ৰস্ত কৰা আৰু মহিলাৰ জীৱনৰ নিৰাপত্তাহীনতা হ’ল সমতাপ্রাপ্তিৰ আৰু উন্নয়ন তথা শান্তিপ্রতিষ্ঠাৰ ক্ষেত্ৰত প্ৰধান অন্তৰায়স্বৰূপ। নিৰ্যাতনৰ ভয়েই হৈছে মহিলাৰ গতিশীলতাৰ স্থায়ী বাধা আৰু ই তেওঁলোকৰ জাতিটোৰ (স্ত্ৰী জাতি) ৰাষ্ট্ৰীয় সম্পদৰ অন্তৰ্ভুক্তি আৰু মৌলিক কাৰ্যসমূহক সীমিত কৰে।

মহিলাৰ বিৰুদ্ধে নির্যাতনেই আছিল আন্তর্জাতিক নাৰী আন্দোলনৰ আলোচনা আৰু পৰ্যালোচনাৰ প্ৰথম মুখ্য বিষয়। নাৰীবাদী পণ্ডিতসকলে এই নির্যাতন বিভিন্ন ধৰণে তাত্ত্বিকতা প্ৰদান কৰিছে, যিসকলে কমেও এটা বিন্দুত সহমত প্ৰকাশ কৰিছে যে এই নির্যাতন হৈছে প্ৰণালীগত আৰু আনুষ্ঠানিক।

নির্যাতনক সম্পূৰ্ণৰূপে শেষ কৰিব নোৱাৰি। মহিলাৰ বিৰুদ্ধে নিৰ্যাতনৰ ঘটনা আন সকলো ধৰণৰ হিংস্ৰতাতকৈ অধিক ভয়ানক, য’ত আপত্তিজনক কাম কৰোতাজন অন্য কোনো নহয়, ভুক্তভোগীজনৰ অতি চিনাকি ব্যক্তি হয়, বা পৰিয়ালৰ একেবাৰে নিজা হয়। তেনে বহুতো গোচৰ আছে যিবোৰ ভয়তে পঞ্জীয়নভুক্ত কৰা নহয়, কাৰণ ভুক্তভোগীজনে বা ভুক্তভোগীজনৰ পৰিয়ালে সমাজৰ পৰা মানসিক নির্যাতন পাব পাৰে বা সমাজৰ পৰা বহিষ্কৃত হ’ব পাৰে। মহিলাৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰি আৰু নাৰীবাদী চিন্তাধাৰাৰ প্ৰভাৱৰ জৰিয়তে লিংগভিত্তিক ধাৰণাৰ পৰিৱর্তন কৰি তেনেবোৰ ঘটনাৰ ক্ষেত্ৰত থকা সামাজিক দৃষ্টিভংগীৰ পৰিৱৰ্তন কৰিব পাৰি। মহিলা সংগঠনসমূহে সমাজকর্মী আৰু বেচৰকাৰী সংগঠনসমূহে তেনে নিশ্চিত পৰিৱৰ্তন আনিব পাৰে।

Long Type Question

1. Explain Oppression on Women by Religion.

Ans: নাৰী নিৰ্যাতনৰ আহিলা হিচাপে পুৰুষ পৰিচালিত আৰু নিয়ন্ত্রিত সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম হৈছে ধর্ম। ধর্ম এক অনুভূতি, হৃদয়ৰ বিশ্বাস। মহাজাগতিক এক চূড়ান্ত শক্তিৰ অৱস্থিতিৰ ওপৰত থকা আনুগত্যমূলক তথা সত্যৰ ওপৰত প্রতিষ্ঠিত হৃদয়ৰ শুদ্ধ বিশ্বাসেই হৈছে ধৰ্ম। আনহাতে মানৱ কল্যাণৰ লগতে সৃষ্টিৰ অন্যান্য উপাদানসমূহৰ প্ৰতি থকা মানৱীয় কাৰ্যকৰণেই হৈছে ধর্ম। আনহাতে মানব কল্যাণৰ লগতে সৃষ্টিৰ অন্যান্য উপাদানসমূহৰ প্ৰতি থকা মানৱীয় কাৰ্যকৰণেই হৈছে ধৰ্ম। সমগ্ৰ বিশ্বজুৰি ধৰ্মই এহাতেদি জনগণৰ মাজত ঐক্য সংহতি অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা গ্ৰহণ কৰে আনহাতেদি ধর্ম আৰু ধৰ্মাৱলম্বী লোকসকলৰ কেতবোৰ সংকীৰ্ণ মনোবৃত্তিয়ে বিভিন্ন ধৰ্মাৱলম্বী লোসকলৰ মাজত সংঘাত, অসূয়া হিংসা বিদ্বেষ অপ্রীতিকৰ অপৰিৱেশৰ সূচনা কৰে। প্রাক ঐতিহাসিক কালৰে পৰাই ধৰ্মই মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ক্ষেত্ৰত অন্যতম কাৰক ৰূপে চিহ্নিত হৈ আহিছে।

সকলোবিলাক ধৰ্মৰ ৰীতি নীতিয়েই পুৰুষৰ আধিপত্য বিস্তাৰৰ স্বাৰ্থত কৌশলপূর্ণভাৱে উদ্ভাৱন কৰা হৈছে। ধৰ্মীয় ৰীতি-নীতি বিলাকত স্বামী ভক্তিৰ দোহাই দি মহিলাসকলক পুৰুষৰ অধীনস্থ কৰি ৰখাৰ প্ৰয়াস চলোৱা হৈছে। হিন্দু, ইছলাম, খ্ৰীষ্টিয়ান আদিকে ধৰি বিশ্বৰ মূল ধর্মসমূহে মহিলাসকলৰ ওপৰত নানা ধৰণে অৱদমন আৰু নিৰ্যাতন চলোৱাৰ পথ প্ৰশস্ত কৰি ৰাখিছে। এইক্ষেত্ৰত ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে অন্যান্য ধৰ্মৰ তুলনাত হিন্দু আৰু ইছলাম ধৰ্মৰ ক্ষেত্ৰত ধৰ্মৰ দোহাই দি নাৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ ছবিখন অতিকৈ স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে।

হিন্দু আৰু ইছলাম ধৰ্মৰ গোড়া নীতি-নিয়ম আৰু ধৰ্মীয় আচাৰ বিধিবিলাকৰ দ্বাৰা মহিলাসকল পুৰুষৰ দ্বাৰা যুগ যুগ ধৰি নিৰ্যাতিত হৈ আহিছে। হিন্দু মহিলাৰ ক্ষেত্ৰত দীঘলকৈ ওৰণি লোৱা, ডাঙৰকৈ কপালত সেন্দূৰৰ ফোঁট লোৱা, ছোৱালীয়ে কপালত ফোঁট লোৱা, ঋতুস্ৰাৱৰ সময়ত মহিলাসকলক অশুচি বুলি গণ্য কৰা, কন্যা সন্তানক শিৱ লিংগৰ পূজা-অৰ্চনাৰ বাবে উৎসাহিত কৰা, স্বামীৰ চৰণ চুই সেৱা কৰা, পত্নীৰ জীৱন্ত কালত স্বামীৰ মৃত্যু হ’লে তেনে মহিলাক অপৱিত্ৰ বুলি বিবেচনা কৰা আদিৰ অন্তৰালত পুৰুষৰ দ্বাৰা মহিলাৰ নিৰ্যাতনৰ ধাৰণাটোৱেই অন্তর্নিহিত হৈ আছে।

একেদৰে ইছলাম ধৰ্মৰ ৰীতি অনুসৰি মহিলাৰ নিজস্ব সত্ত্বা নাই। ইছলাম ধৰ্মত নাৰীৰ স্বকীয় সত্ত্বাক সম্পূৰ্ণৰূপে অগ্ৰাহ্য কৰাই নহয় বৰং নাৰীক পুৰুষৰ সম্ভোগৰ দ্ৰব্য হিচাপেহে গণ্য কৰা হয়। ইছলাম ধর্মৰ এনে ধ্যান-ধাৰণাৰ বশৱৰ্তী হৈয়েই ইছলামিক ৰাষ্ট্ৰবিলাকত মহিলাসকল পুৰুষৰ দ্বাৰা যুগ যুগ ধৰি বঞ্চিত, নির্যাতিত, শোষিত, নিষ্পেষিত হৈ অহাৰ প্ৰতিচ্ছবি এখন দেখিবলৈ পোৱা যায়। 

ইছলামিক সমাজত প্ৰচলিত ‘পর্দা প্রথা’ ইয়াৰ এক সুন্দৰ নিদৰ্শন। মুছলমান সমাজত পৰ্দা প্ৰথাৰ দোহাই দি বিবাহিতা মুছলমান মহিলাসকলক বোৰ্খা পিন্ধিহে ঘৰৰ চাৰিবেৰৰ বাহিৰলৈ যাবলৈ বাধ্য বাধকতা আৰোপ কৰা দেখা যায়। উল্লেখযোগ্য যে পৰ্দা প্ৰথাৰ প্ৰচলন থকাৰ পৰিপ্ৰেক্ষিততেই মুছলমান মহিলাসকলে সামাজিক জীৱনত মুক্ত মনেৰে বিচৰণ কৰিব নোৱাৰে আৰু ইয়াৰ লগে লগে পাৰিবাৰিক জীৱনতো আত্মনিৰ্ধাৰণৰ অধিকাৰ উপভোগৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

অনুৰূপ ধৰণে, খ্ৰীষ্টিয়ান ধর্মইয়ো পুৰুষৰ তুলনাত মহিলাসকলৰ স্থান সমাজত বহু পৰিমাণে অৱনমিত কৰিছে। খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰধান ধর্মগ্রন্থ বাইবেলতো সন্নিবিষ্ট ১০টা নীতিত মহিলাসকলক পুৰুষৰ নিয়ন্ত্রণাধীন কৰি ৰখাৰ লগতে মহিলাসকলক দাসী, পোহনীয়া জন্তুৰ সৈতে তুলনা কৰা হৈছে। খ্ৰীষ্টিয়ান ধৰ্মৰ বাইবেলত সন্নিৱিষ্ট উক্ত ১০টা নীতিত পুৰুষৰ আধিপত্যকে পোষকতা কৰা পৰিলক্ষিত হয়।

আধুনিক ধৰ্মৰ ধাৰণা হৈছে পিতৃতান্ত্রিক— যিয়েই পুৰুষ কর্তৃত্বক শ্রেষ্ঠ হিচাপে ব্যাখ্যা কৰে। যিসকলে পুৰুষতন্ত্ৰক বিশ্বাস কৰে তেওঁলোকে পিতৃতান্ত্রিক শৃংখলাক অতি স্বাভাৱিকভাৱে প্রায়োগিক বুলি উত্থাপন কৰে। ক্ষমতাৰ স্ত্ৰীমতবাদ, যিটো আনুষ্টানিক ধর্মসমূহৰ বিকাশৰ আগতে চলিছিল, ক্রমাগতভাৱে সেইটো দুৰ্বল হৈছে। দেৱীৰ অস্তিত্বক স্থানান্তৰিত কৰাৰ প্ৰয়াস চলিছে। সকলো প্রধান ধর্মকেই উচ্চ শ্ৰেণীৰ আৰু উচ্চ বৰ্ণৰ পুৰুষৰ দ্বাৰা সৃষ্টি, ব্যাখ্যা আৰু নিয়ন্ত্ৰণ কৰা হৈছে। তেওঁলোকে নৈতিকতা, আচৰণ আৰু আনকি আইন আদিৰ ব্যাখ্যা দিছে। 

তেওঁলোকে পুৰুষ আৰু মহিলাৰ কৰ্তব্যও নিৰ্ধাৰণ কৰি দিছে আৰু উভয়ৰ মাজত সম্পর্কও নির্ণয় কৰি দিছে। তেওঁলোকে ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণত প্ৰভাৱ বিস্তাৰ কৰিছে আৰু সমাজত এক প্রধান শক্তি হিচাপে কাৰ্য কৰি আছে। দক্ষিণ এছিয়াৰ দেশসমূহত তেওঁলোকৰ ক্ষমতা আৰু অৱস্থিত সবল। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যদিও এজন ব্যক্তিৰ বিধিগত চিনাক্তকৰণ যেনে— বিয়াৰ ক্ষেত্ৰত, বিবাহ বিচ্ছেদৰ ক্ষেত্ৰত আৰু উত্তৰাধিকাৰিতা আদিৰ ক্ষেত্ৰত তেওঁৰ ধৰ্মৰ দ্বাৰা এইবোৰ নিৰ্ধাৰণ কৰা হয়। এনে ধৰণৰ যথেষ্ট ব্যাখ্যা আছে যে কেনেকৈ প্ৰতিটো ধর্মই মহিলাসকলক কনিষ্ঠ, অপবিত্র, অসন্মানীয় বুলি বিবেচনা কৰে, কেনেকৈ সেইবোৰে নৈতিকতা আৰু আচৰণৰ দৰে দুই ধৰণৰ স্থানৰ সৃষ্টি কৰে, কেনেকৈ ধৰ্মীয় আইনে প্রায়েই পথভ্রষ্ট মহিলাৰ বিৰুদ্ধে উগ্রতা প্রয়োগক ন্যায্যতা প্রদান কৰে ইত্যাদি।

2. Discuss how the State violates Women’s rights in India.

Ans: মহিলাসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰ ব্যৱস্থা বহু পৰিমাণে জগৰীয়া। প্ৰকৃতাৰ্থত ক’বলৈ হ’লে ৰাষ্ট্ৰ হৈছে সামগ্ৰিক ৰূপত পুৰুষৰ আধিপত্য বিস্তাৰৰ এক আহিলা। ৰাষ্ট্ৰৰ বিভিন্ন কাৰ্যকলাপৰ জৰিয়তে পুৰুষৰ আধিপত্য বিস্তাৰৰ পূৰ্ণ প্ৰতিফলন ঘটা দেখিবলৈ পোৱা যায়। প্রায়বিলাক ৰাষ্ট্ৰতে সংশ্লিষ্ট ৰাষ্ট্ৰখনৰ নায়ক ( Actors) বিলাকৰ জৰিয়তে নাৰীৰ অধিকাৰ আৰু স্বতন্ত্রতা উলংঘন হোৱা পৰিলক্ষিত হয়। 

সাধাৰণতে ৰাষ্ট্ৰই ইয়াৰ বিভিন্ন অভিকৰণ সমূহ (যেনে— আৰক্ষী, সেনাবাহিনী, ন্যায়পালিকা)ৰ ওপৰত আইন শান্তি শৃংখলা, নিৰাপত্তা বজাই ৰখাৰ লগতে জনগণৰ জীৱন, সম্পত্তি আৰু স্বাধীনতাৰ নিৰাপত্তা প্ৰদানৰ দায়িত্ব ন্যস্ত কৰা হয়। কিন্তু মন কৰিবলগীয়া দিশটো হ’ল যে এই ৰাষ্ট্ৰীয় অভিকৰণসমূহে ৰাষ্ট্ৰীয় আইন শান্তি শৃংখলা ৰক্ষা কৰাৰ দোহাই দি নাগৰিকৰ মৌলিক স্বাধীনতাসমূহ নিৰ্মমভাৱে উলংঘন কৰা পৰিলক্ষিত হয় যাৰ ফলত পুৰুষ আৰু মহিলা উভয়ে বিভিন্ন প্ৰকাৰে আতিশয্যৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। 

ৰাষ্ট্ৰৰ দ্বাৰা মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত কংগো, ছোমালিয়া, ইজিপ্ত, শ্রীলংকা আৰু ইৰাক আদিৰ দেশৰ নাম বিশেষভাবে উল্লেখনীয়। অৱশ্যে আমাৰ দেশ ভাৰতবৰ্ষতো ৰাষ্ট্ৰৰ দ্বাৰা নাৰী নিৰ্যাতনৰ উদাহৰণ একেবাৰে নোহোৱা নহয়। উদাহৰণ স্বৰূপে, জম্মু আৰু কাশ্মীৰ, উত্তৰ পূব অঞ্চলত (মণিপুৰত) বহু দশক ধৰি ‘সশস্ত্র সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন’ ১৯৫৬ বলৱৎ কৰা হৈ আহিছে। যাৰ ফলস্বৰূপে উক্ত অঞ্চলসমূহত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ লগতে মানৱীয় অধিকাৰসমূহকো সঘনে উলংঘন কার্য চলি আহিছে। মণিপুৰত বলৱৎ হৈ থকা ‘আফচপা’ বৰ্খাস্তকৰণৰ বাবে সুদীৰ্ঘ ছবছৰ ধৰি মণিপুৰৰ যুৱতী ইৰ ‘মচানু শর্মিলাই দাবী জনাই আহিছিল। 

২০০৪ চনৰ ১১ জুলাই তাৰিখে সন্দেহযুক্ত ‘আছাম ৰাইফলছ’ৰ সেনাবাহিনীয়ে এগৰাকী যুৱতীক ঘৰৰ পৰা ধৰি নি ধৰ্ষণ কৰি শেষত গুলীয়াই হত্যা কৰিছিল। আনকি হত্যাকাৰীয়ে গোপন অংগতো গুলীয়াই ‘ধৰ্ষণ’ৰ সকলো প্ৰমাণ নিশ্চিহ্ন কৰি থৈ গ’ল। ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে মণিপুৰত জুই জ্বলিল। এই আকস্মিক খবৰটোৱে ২০০৪ চনৰ ১৫ জুলাই তাৰিখে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমত জোকাৰি গ’ল। মণিপুৰৰ ঐতিহাসিক ‘কাংলা ফ’ৰ্টৰ সন্মুখত এজাক পঞ্চাশোর্ধ মহিলাই নগ্ন হৈ ‘আছামছ ৰাইফলছ’ সেনাবাহিনীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে। অৱশেষত ১৯৫৮ চনৰ ১৫ আগষ্টত কার্যকৰী হোৱা আফপা মণিপুৰৰ পৰা উঠাই দিয়া হয়।

আৰক্ষী হেফাজত (Police Custody )ত মহিলাৰ ওপৰত নির্যাতন, বলাৎকাৰ আৰু হেফাজতত মহিলাৰ মৃত্যু ৰাষ্ট্ৰৰ দ্বাৰা মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ আন এক তাৎপর্যপূর্ণ দিশ। বহুক্ষেত্ৰত দেখা যায় যে সন্ত্রাসবাদী কার্যকলাপ, হত্যা, লুণ্ঠন বা অন্য কোনো ধৰণৰ অসামাজিক কার্যকলাপত লিপ্ত থকাৰ অভিযোগত আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীক হেফাজতত ৰাখি অভিযুক্তগৰাকীৰ ওপৰত আৰক্ষীৰ লোকে শাৰীৰিক আৰু অমানৱীয় অত্যাচাৰ চলোৱা সততে দেখা যায়।

সমাজত থকা প্ৰায় সকলোবোৰ ৰাজনৈতিক অনুষ্ঠানৰ সকলো স্তৰতেই (একেবাৰে গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় সংসদ পর্যন্ত পুৰুষ শ্রেণীৰ নিয়ন্ত্ৰণ বিদ্যমান। মাত্ৰ এমুঠিমান মহিলাহে ৰাজনৈতিক দল আৰু সংগঠনসমূহৰ লগত জড়িত— যিসকলে নেকি আমাৰ দেশৰ ভাগ্য নিৰ্ণয়ত অৰিহণা যোগায়। 

যেতিয়া কিছুমান মহিলা গুৰুত্বপূৰ্ণ ৰাজনৈতিক পদবীত অধিষ্ঠিত হয় যেনে— শ্ৰীমাভু বন্দৰনায়ক, ইন্দিৰা গান্ধী, বেনজিৰ ভুট্টো, খালেদা জিয়া, ছোনিয়া গান্ধী, মায়াৱতী, জয়াললিতা, আনোৱাৰা টাইমুৰ আদিয়ে নিজৰ চেষ্টা আৰু অধ্যৱসায়ৰ বলত এইবোৰ আহৰণ কৰে। ঠিক তেনেকৈ ভাৰতবৰ্ষৰ উচ্চতম পদবী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰতিভা দেৱী সিং পাটিলকো এইক্ষেত্ৰত এক সবল উদাহৰণ হিচাপে ল’ব পাৰি। তেওঁলোকৰ লগত সাধাৰণতে কিছুমান সংগঠন, শক্তিশালী ৰাজনৈতিক ব্যক্তি আদি জড়িত থাকে আৰু তেওঁলোকে পুৰুষৰ দ্বাৰা প্ৰণয়ন কৰা নীতি আৰু কাৰ্য বাস্তৱত ৰূপায়িত কৰে। অৱশ্যে ভাৰতৰ তুলনাত দক্ষিণ এছিয়াৰ দেশসমূহত মহিলাৰ প্ৰতিনিধিত্ব তুলনামূলকভাৱে কম হোৱা পৰিলক্ষিত হয়।

যি কি নহওক, ৰাষ্ট্ৰৰ দ্বাৰা মহিলাৰ ওপৰত নিৰ্যাতন চলোৱাৰ ক্ষেত্ৰত তিনিটা প্ৰধান দিশ পৰিলক্ষিত হয়—

(১) ৰাষ্ট্ৰত সামৰিক বাহিনীৰ অভিযানৰ সময়ত ব্যাপক হাৰত নাৰীৰ ওপৰত নিৰ্যাতন সংঘটিত হয়। 

(২) ৰাষ্ট্ৰৰ দ্বাৰা গৃহীত আৰু বলবৎকৃত আইনসমূহৰ দ্বাৰা পুৰুষতন্ত্রক সবল ৰূপত প্রতিষ্ঠা কৰি নাৰীৰ অধিকাৰ উলংঘন কৰা পৰিলক্ষিত হয়।

(৩) মহিলাৰ বাবে সকলো ক্ষেত্রতে আছুতীয়াকৈ ৰখা যি সংৰক্ষণমূলক ব্যবস্থা সেই ব্যৱস্থা বহু সময়ত মহিলাসকলক পুৰুষসকলৰ অধীনত এক আহিলা যেনহে বোধ হয়।

3. In What ways the family can be considered as an institution of Women’s Oppression.

Ans: পৰিয়াল হৈছে সামাজিক অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম গুৰুত্বপূর্ণ, ই সমাজৰ এক মৌলিক উপাদান। কেট মিলেটৰ মতে, পৰিয়াল হৈছে পিতৃতান্ত্রিকতাৰ প্রধান অনুষ্ঠান, সমাজৰ ক্ষমতাৰ সংৰচনাৰ ই মূল অংশস্বৰূপ, কিন্তু ‘পৰিয়াল’ বোলা এই ব্যৱস্থাটোৱেই সম্ভৱ আটাইতকৈ বেছি পিতৃতান্ত্রিক বা পুৰুষপ্রধান চৰিত্ৰৰ। এজন পুৰুষ পৰিয়ালটোৰ বা ঘৰখনৰ মুৰব্বী হিচাপে বিবেচনা কৰা হয়। পৰিয়ালৰ ভিতৰত তেওঁ মহিলাসকলৰ যৌন জীৱন, শ্রম বা উৎপাদন, পুনঃউৎপাদন আৰু গতিশীলতাক নিয়ন্ত্রণ কৰে। পৰিয়ালত এক অধিঃক্রমিক পদ্ধতি বিৰাজমান, য’ত পুৰুষজন শ্রেষ্ঠ আৰু আধিপত্যৰ অধিকাৰী, মহিলাসকল সদায় বহতীয়া আৰু নিয়ন্ত্রিত।

নাৰীবাদীসকলৰ মতে, মহিলাসকলক তলত উল্লেখ কৰা নানান ক্ষেত্ৰসমূহত পৰিয়ালৰ ভিতৰত বিভিন্ন ৰূপত শোষণ, নির্যাতন আৰু বঞ্চনাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়। তলত ইবিলাক বহুলভাবে আলোচনা কৰা হয়—

(১) মহিলাৰ উৎপাদন বা শ্রম শক্তি : পুৰুষে মহিলাৰ উৎপাদন ক্ষমতাক ঘৰৰ ভিতৰত আৰু বাহিৰৰ বেতনযোগ্য কাম উভয় ক্ষেত্ৰতে শোষণ আৰু নিয়ন্ত্রণ চলায়। ঘৰুৱা জীৱনত মহিলাই ওৰেটো জীৱন তেওঁলোকৰ ল’ৰা-ছোৱালী, স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ বাবে সকলো ধৰণৰ সেৱা অবৈতনিকভাৱে আগবঢ়ায়, যাক চিলভিয়া ওৱালাৰে পিতৃতান্ত্রিক উৎপাদনৰ পথ বুলি কৈছে। মহিলাৰ শ্ৰমক তেওঁলোকৰ পৰিয়ালৰ স্বামী আৰু অন্যসকলৰ দ্বাৰা হস্তক্ষেপ কৰা হয়, যিসকলে একেলগে বাস কৰে।

(২) মহিলাৰ পুনঃউৎপাদন কার্য বা ক্ষমতাৰ ওপৰত নিয়ন্ত্ৰণ : সময়ৰ বিভিন্ন স্তৰত দেখা গৈছে যে পুৰুষে মহিলাৰ পুনঃউৎপাদন ক্ষমতাক নিয়ন্ত্ৰণ কৰে। বহুতো সমাজত তেওঁলোকে কিমানজন সন্তান বিচাৰে, কেতিয়া পাব বিচাৰে, তেওঁলোকে গৰ্ভনিৰোধক ব্যৱহাৰ কৰিব নে নকৰে নাইবা গৰ্ভধাৰণ বন্ধ কৰিব নে নকৰে ইত্যাদিবোৰ সিদ্ধান্ত গ্ৰহণ কৰাত মহিলাসকলৰ কোনো স্বাধীনতা নাথাকে। 

ব্যক্তিগত জীৱনৰ নিয়ন্ত্ৰণৰ বাহিৰেও পুৰুষ সকলে নানান অনুষ্ঠান যেনে— গীর্জা বা ৰাষ্ট্ৰ (ধৰ্ম আৰু ৰাজনীতি) আদিতো নিয়ন্ত্রণ অথবা আধিপত্য চলায় আৰু মহিলাৰ পুনঃউৎপাদন ক্ষমতাৰ বিষয়তো নীতি-নিয়ম আদি নিৰ্ধাৰণ কৰে। এইবোৰক আনুষ্ঠানিক নিয়ন্ত্ৰণ বুলিব পাৰি। উদাহৰণস্বৰূপে, কেথলিক গীর্জাসমূহত পুৰুষ অধিক্ৰমিক কর্তৃত্বই সিদ্ধান্ত গ্ৰহণ কৰে। মহিলাই সন্তান কেতিয়া আৰু কিমানসংখ্যক সন্তান বিচাৰে বা পছন্দ কৰে সেইবোৰৰ ক্ষেত্ৰত স্বাধীনতা পোৱাৰ বাবে অৱধাৰিতভাৱে মহিলাসকলৰ দ্বাৰা যি সংগ্ৰাম চলি আছে তাৰ পৰাই বাস্তৱিকতে বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰতেই এই পুৰুষকেন্দ্ৰিক নিয়ন্ত্রণ কিমান শক্তিশালী তাৰেই ইংগিত বহন কৰে। আধুনিক কালত পিতৃতান্ত্ৰিক ৰাষ্ট্ৰই ইয়াৰ পৰিয়াল পৰিকল্পনা আঁচনিৰ জৰিয়তে মহিলাৰ পুনঃউৎপাদনী ক্ষমতাক নিয়ন্ত্ৰণ কৰে। ৰাষ্ট্ৰযন্ত্ৰই দেশৰ সন্তোষজনক জনসংখ্যাৰ আকাৰ নিৰ্ধাৰণ কৰে আৰু ফলস্বৰূপে সক্রিয়ভাৱে মহিলাসকলক ল’ৰা-ছোৱালী জন্ম দিয়াৰ বাবে উৎসাহিত বা নিৰুৎসাহিত কৰে। ভাৰতবৰ্ষত কঠোৰভাৱে পৰিয়ালৰ আকাৰ সীমিত কৰাৰ বাবে এক আক্রমণাত্মক জন্ম নিয়ন্ত্রণ আঁচনি আছে। 

মালয়েছিয়াত দেশৰ ঔদ্যোগিক উৎপাদনৰ কাৰণে এক সন্তোষজনক পৰিধিৰ ঘৰুৱা বজাৰ নিশ্চিতকৰণৰ বাবে মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে উদ্‌গনি দিয়া হয়। ইউৰোপত মহিলাসকলক অধিক সন্তান জন্ম দিয়াৰ বাবে বিভিন্ন উত্তেজনাৰ সৃষ্টি কৰি প্রলোভিত কৰা হয়। তেওঁলোকক সম্পূর্ণ প্রাপ্য আদায় দিয়া হয় আৰু অংশকালীন চাকৰিয়ালৰ কাৰণে বহু দীঘলীয়া মাতৃত্বৰ ছুটি, সন্তান পালনৰ সুবিধা আদি প্ৰদান কৰা হয়। আনহাতে আন কিছুমান দেশত আকৌ পুৰুষৰ পিতৃত্বৰ ছুটি আদিৰো নিয়ম আছে।

পিতৃতান্ত্রিকতাই মহিলাসকলক অকল মাতৃ হ’বলৈ হেঁচা দিয়ে এনে নহয়— ই তেওঁলোকৰ মাতৃত্বৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰে। মাতৃত্বৰ এই ধাৰণাক মহিলা নিৰ্যাতনৰ এক ভিত্তি বুলি বিবেচনা কৰা হয়, কাৰণ এইটোৱে পুংলিংগ আৰু স্ত্রীলিংগ চৰিত্ৰৰ শ্ৰেণীৰ সৃষ্টি কৰে— যিয়েই পিতৃতান্ত্রিকতাক স্থায়ী কৰে। এইটোৱে ৰাজহুৱা আৰু ব্যক্তিগত জীৱনৰ মাজৰ প্ৰভেদক শক্তিশালী ৰূপত প্রতিষ্ঠিত কৰে। ই মহিলাৰ গতি আৰু বিকাশৰ ধাৰাক সীমিত কৰে আৰু পুৰুষৰ আধিপত্যক পুনঃস্থাপন কৰে।

(৩) মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্রণ : এইটো মহিলাৰ ওপৰত নিৰ্যাতন চলোৱা অন্য এটা গুৰুত্বপূর্ণ বিষয়। মহিলাসকলে তেওঁলোকৰ যৌন সম্ভোগৰ ক্ষেত্ৰত নিজা নিজা পুৰুষসকলৰ প্রয়োজন আৰু ইচ্ছা অনুযায়ী যৌন সেৱা আগবঢ়াবলৈ বাধ্য থাকে। প্রত্যেক সমাজতে বিবাহৰ বাহিৰত মহিলাৰ যৌনতা প্ৰদৰ্শনত বাধা দিয়াৰ বাবে সম্পূৰ্ণ নৈতিক আৰু বিধিগত শাসন ব্যৱস্থাৰ প্ৰচলন আছে। অন্যহাতে প্ৰচলিত ধাৰা অনুযায়ী পুৰুষৰ অবাধ যৌন সম্বন্ধৰ ক্ষেত্ৰত এক অন্ধতা প্ৰদৰ্শন কৰা হৈছে। অন্য এটা মীৰত পুৰুষসকলে তেওঁলোকৰ ঘৈণীয়েক, জীয়েক বা অন্য মহিলাসকলক যৌন সম্পৰ্কৰ ক্ষেত্ৰত তেওঁলোকক নিয়ন্ত্রণলৈ আনিব পাৰে। মহিলাৰ যৌনতাৰ ওপৰত নিয়ন্ত্ৰণ চলোৱাৰ বাবে তেওঁলোকৰ কাপোৰ, আচৰণ আৰু চাল-চলন আদিত সাৱধানেৰে পৰিয়াল, সামাজিক, সাংস্কৃতিক, ধর্মীয় আচৰণ বিধিৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হয়।

(৪) মহিলাৰ গতিশীলতাৰ ওপৰত নিয়ন্ত্ৰণ : মহিলাৰ যৌনতা, উৎপাদন, পুনঃউৎপাদনী শক্তিক নিয়ন্ত্ৰণ কৰাৰ বাবে পুৰুষে মহিলাৰ গতিশীলতাক নিয়ন্ত্রণ কৰাৰ আৱশ্যক হয়। প্ৰথাৰ বলবৎকৰণ, ঘৰুৱা ঠাই এৰাৰ ক্ষেত্ৰত সীমাবদ্ধতা আৰোপকৰণ (পৰিয়াল) ব্যক্তিগত আৰু ৰাজহুৱাৰ (সামাজিক) মাজত বিভাজন, দুই বিপৰীত লিংগৰ মাজত বাৰ্তালাপৰ ক্ষেত্ৰত সীমাবদ্ধতা আদি সকলোবোৰেই মহিলাৰ গতিশীলতা আৰু স্বাধীনতাৰ ওপৰত এনেদৰে নিয়ন্ত্ৰণ আৰোপ কৰে যে এইবোৰ তেওঁলোকৰ বাবেহে। আন কথাত এইবোৰ স্ত্রীলিংগ বিশেষৰহে; কাৰণ পুৰুষসকল তেনে দমন বা নিয়ন্ত্ৰণৰ অধীন নহয়।

(৫) সম্পত্তি আৰু অন্যান্য অর্থনৈতিক উৎসসমূহ : সচৰাচৰ দেখা যায় যে পৰিয়ালৰ প্ৰায়ভাগ সম্পত্তি আৰু উৎপাদনী উৎসসমূহ পুৰুষৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু এইবিলাক এজন পুৰুষৰ পৰা আন এজন পুৰুষলৈ অতিক্ৰম কৰে। আন কথাত সচৰাচৰ দেউতাকৰ পৰা পুত্ৰলৈ যায়। আনকি য’ত মহিলাসকলৰ তেনেবোৰ সম্পদৰাজিৰ বিধিগত অধিকাৰ থাকে, তাতো সমগ্র শৃংখলিত প্রথাগত নিয়ম, আৱেগিক তথা মানসিক হেঁচা সামাজিক অনুমোদন আৰু কিছু কিছু সময়ত নীৰৱ সংগ্ৰাম আদিয়ে তেওঁলোকক প্ৰকৃত নিয়ন্ত্ৰণৰ অধিকাৰসমূহ বৃদ্ধি কৰাৰ পৰিৱৰ্তে হ্ৰাসহে কৰে। সকলো ক্ষেত্ৰতে তেওঁলোক পিচপৰা অৱস্থাতে থাকে।

4. Elaborate the various steps adopted in international level for the elimination of Women’s Oppression.

Ans: মহিলাৰ বিৰুদ্ধে হোৱা নিৰ্যাতন, হিংসা আদিৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ তত্বাৱধানত বিভিন্ন সংস্থাবিলাকে পদক্ষেপ হাতত লৈছে। এই প্ৰচেষ্টাসমূহৰ ভিতৰত আছে মহিলাৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্য নিৰ্মূলকৰণৰ সন্মিলন বা চমুকৈ CEDAW, নাৰীৰ অধিকাৰ সম্পৰ্কীয় বিশ্ব সন্মিলন (ভিয়েনা) জনসংখ্যা আৰু বিকাশ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় অধিৱেশন (কাইৰো) আৰু চতুৰ্থ বিশ্ব মহিলা সন্মিলন, ১৯৯৫ (বেইজিং) আদি। বিশ্ব মহিলা সন্মিলন, ১৯৯৫ (বেইজিং)ৰ কৌশলগত উদ্দেশ্য আছিল এক বৃহৎ আৰু বহুমুখী অনুশাসনমূলক সূত্ৰ গ্ৰহণৰ পৰামৰ্শ দিয়া যাতে পৰিয়াল, সম্প্রদায় আৰু ৰাষ্ট্ৰক মহিলাৰ বিৰুদ্ধে কৰা হিংসাৰ পৰা মুক্ত কৰিবলৈ প্ৰত্যাহ্বানমূলক কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে।

উল্লেখনীয় যে নাৰীৰ মৌলিক অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষণাবেক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আন বহুতো চুক্তিপত্র ৰাষ্ট্ৰবিলাকৰ মাজত স্বাক্ষৰিত হৈছে। এই চুক্তিপত্ৰবিলাক তলত  উল্লেখ কৰা হ’ল―

১। নাৰীৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্য নির্মূলকৰণ সন্মিলন।

২। বিবাহিত মহিলাৰ জাতীয়তা সম্পৰ্কীয় চুক্তি।

৩। বিবাহ পঞ্জীয়নৰ বয়স আৰু বিবাহৰ ন্যূনতম বয়সৰ সন্মতি সম্পৰ্কীয় চুক্তি।

৪। পুৰুষ-মহিলাৰ সমবেতন চুক্তি।

ৰাষ্ট্ৰসংঘই নাৰীৰ উৎকৰ্ষ সাধন আৰু সকলো প্ৰকাৰৰ বৈষম্য দূৰীকৰণৰ উদ্দেশ্যে দুখন আয়োগ গঠন কৰে। সেই আয়োগ দুখন হৈছে—

(ক) নাৰীৰ মৰ্যাদা উন্নীতকৰণ আয়োগ।

(খ) নাৰীৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্য দূৰীকৰণ সমিতি।

উল্লেখযোগ্য যে নাৰীৰ অধিকাৰ বিষয়ক সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰেই সন্মিলিত ৰাষ্ট্ৰসংঘই ১৯৭৫-১৯৮৫ এই দশকটোক ‘আন্তর্জাতিক মহিলা দশক’ ৰূপে ঘোষণা কৰিছিল। অনুৰূপধৰণে, ১৯৭৫ বৰ্ষটো আন্তর্জাতিক মহিলা বৰ্ষৰূপে ঘোষণা কৰিছিল। প্ৰতি বছৰে ৮ মাৰ্চ তাৰিখটো মহিলা দিৱসৰূপে পালন কৰা হৈ আহিছে। সন্মিলিত ৰাষ্ট্ৰসংঘই ২৫ নৱেম্বৰ তাৰিখটো আন্তৰ্জাতিক নাৰী নিৰ্যাতন বিৰোধী দিৱস হিচাপে পালন কৰিবলৈ ৰাষ্ট্ৰ সম্প্ৰদায়ৰ প্ৰতি জনোৱা আহ্বানৰ প্ৰতি বিশ্বৰ প্ৰায়বিলাক ৰাষ্ট্ৰই সন্মান জনাইছে। ১৯৮৫ চনৰ ১ জুলাই তাৰিখে ৰাষ্ট্ৰসংঘই মহিলা উন্নয়ন পুঁজি নামেৰে এক স্বতন্ত্র সংস্থা গঠন কৰে। ইতিমধ্যে চৰকাৰ আৰু সমাজৰ দ্বাৰা মহিলাৰ বিৰুদ্ধে বাঢ়ি অহা নিৰ্যাতনৰ গতিক চিনাক্তকৰণ কৰি আঁতৰ কৰিব পৰা যায়।

5. কর্মস্থানত নাৰী নির্যাতন প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ সন্দৰ্ভত গঠন হোৱা আইনখনৰ বিষয়ে লিখা?

Ans: সমাজৰ বিভিন্ন প্ৰান্তত শোষিতসকলৰ ভিতৰত নাৰীয়েই হৈছে একমাত্ৰ, যি শোষকৰ লগত একেলগে আৰু অন্তৰংগহৈ বাস। কৰে। নাৰীজনিত অপৰাধ কেৱল নির্দিষ্ট ধর্মৰ মাজত বা কেৱল দৰিদ্ৰ আৰু অশিক্ষিত শ্ৰেণীৰ মাজত সংঘটিত হোৱা অপৰাধ নহয়, ইয়াৰ বিপৰীতে ই বিস্তাৰিত হৈ থাকে সমাজৰ যিকোনো ক্ষেত্রলৈ অর্থাৎ পৰিয়ালৰ পৰা ৰাজপথলৈ, চিকিৎসাগৃহৰ পৰা সেনাৰ ছাউনিলৈ অথবা শিক্ষানুষ্ঠানৰ পৰা কৰ্মস্থানলৈ।

১৯৯২ চনত ৰাজস্থানত সংঘটিত ভাৱৰী দেৱীৰ ধৰ্ষণ আৰু ধর্ষণ কাণ্ডত জড়িত হৈ পৰা আইনী প্ৰক্ৰিয়াৰ মেৰ-পাকে প্ৰথমবাৰৰ বাবে কৰ্মক্ষেত্ৰত নাৰীৰ যৌন নির্যাতন বিষয়টো ভাৰতৰ সচেতন মহলৰ মাজলৈ লৈ আনে। বর্ণবৈষম্য, বাল্যবিবাহ আদিৰে জুৰুলা হৈ থকা ৰাজস্থানৰ ভাটেৰী নামৰ গাঁওখনৰ বাল্য বিবাহ প্রথাত বাধা দিয়াৰ হেতু উচ্চ বৰ্ণৰ বহু লোকৰ বাবে নাৰীৰ উন্নয়ন সম্পৰ্কীয় এক প্ৰকল্পৰ তৃণমূল পৰ্যায়ৰ সমাজকর্মী, নিম্ন বৰ্ণৰ ভাৱৰী দেৱী শত্ৰু হৈ উঠিছিল। 

১৯৯২ চনৰ ২২ ছেপ্টেম্বৰত ভাৱৰীয়ে পতি মোহনলালৰ লগত পথাৰত কাম কৰি থকা অৱস্থাত পাঁচজন লোকে মোহনলালক মাৰ-পিট কৰি অচেতন কৰি তোলে আৰু ভাৱৰীক দলবদ্ধ ধৰ্ষণ কৰে।

ভাৱৰী দেৱীৰ ধৰ্ষণ কাণ্ডই ন্যায় ব্যৱস্থাৰ লেহেমীয়া, বৈষম্যমূলক স্বৰূপক নগ্নভাৱে উদঙাই দিছিল। প্ৰথমাৱস্থাত আৰক্ষীয়ে এই অভিযোগ ল’বলৈ অস্বীকাৰ কৰে এই যুক্তিত যে ধৰ্ষণ হ’ব পৰাকৈ ভাৱৰী দেৱী আকর্ষণীয় নহয় আৰু বয়সিয়াল। পাছত আৰক্ষীয়ে অভিযোগ লয় যদিও স্বাস্থ্যপৰীক্ষাৰ বাবে ভাৱৰী উপস্থিত হোৱা জয়পুৰৰ চিকিৎসা কৰ্মীসকলে মেজিষ্ট্ৰেটৰ নিৰ্দেশ নোপোৱালৈকে পৰীক্ষা নকৰাৰ সিদ্ধান্ত লয় আৰু মেজিষ্ট্রেটে তেওঁৰ কৰ্মৰ সময় পাৰ হৈ যোৱাৰ অজুহাতত পৰৱৰ্তী দিনৰ বাবে ভাৱৰীক অপেক্ষা কৰিবলৈ কয়, যাৰ ফলস্বৰূপে ভাৰতৰ আইন অনুসৰি ‘vaginal swab’ ধৰ্ষণৰ ২৪ ঘণ্টাৰ ভিতৰত লোৱাটো বাধ্যতামূলক যদিও ভাৱৰীৰ ক্ষেত্ৰত ইয়াক ৪৮ ঘণ্টাৰ পাছত লোৱা হয়। 

ধৰ্ষণৰ দুবছৰ পাছত আৰম্ভ হোৱা জিলা পৰ্যায়ৰ তদন্তত পাঁচজনকৈ বিচাৰকৰ সাল-সলনিৰ পাছত অৱশেষত ষষ্ঠ বিচাৰকৰ অধীনত অভিযুক্তসকলক নির্দোষী ঘোষণা কৰা হয়। বিচাৰকৰ যুক্তি অনুযায়ী ভাৱৰী দেৱীৰ স্বাস্থ্য পৰীক্ষা ৪৮ ঘণ্টাৰ পাছত কৰা হৈছিল আৰু ধর্ষণ সংঘটিত হোৱাৰ সময়ত ভাৱৰীৰ পতি অচেতন অৱস্থাত আছিল, গতিকে বিচাৰকে ভাৱৰীয়ে মিছাকৈ অভিযোগ অনা সম্ভব বুলি ৰায় দিয়ে। বিচাৰকৰ মতে উচ্চ বৰ্ণৰ পুৰুষ, (যাৰ মাজত এজন ব্ৰাহ্মণ আছিল) তেওঁলোকে নিম্ন বৰ্ণৰ এগৰাকী নাৰীক ধৰ্ষণ নকৰে। অভিযুক্তসকলৰ দুজনৰ মাজত খুৰা-ভতিজাৰ সম্পৰ্ক থকাৰ বাবে ক’ৰ্টে ৰায় দিয়ে যে ভাৰতৰ দৰে দেশৰ গাঁৱৰ এজন খুৰাকে ভতিজাকৰ সন্মুখত ধৰ্ষণ সংঘটিত কৰাটো কেতিয়াও সম্ভৱ হ’ব নোৱাৰে। এই ৰায়দানৰ ফলত সৃষ্টি হোৱা অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ বাবে ৰাজস্থানৰ বিশাখা নাৰী সংগঠনৰ নেতৃত্বত বিচাৰলানি ভাৰতৰ উচ্চতম ন্যায়লয়লৈ প্ৰেৰণ কৰা হয়। ৰাজস্থান চৰকাৰৰ বিৰুদ্ধে বিশাখা নাৰীসংগঠনৰ এই পদক্ষেপৰ বাবে ১৯৯৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত কৰ্মস্থানত নাৰীৰ যৌনউৎপীড়নৰ প্রাথমিক সংজ্ঞানিৰ্ধাৰণ কৰা হয় আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কৰ্মস্থানত মহিলাৰ যৌন নিৰ্যাতন প্ৰতিৰোধ আইনৰ বাবে বিশাখা গাইড লাইন গঠন কৰি তোলা হয়। 

এই ঘটনাৰ কোনো উচিত ন্যায় ভাৱৰী দেৱীয়ে পোৱা নাই (ইতিমধ্যে দুজন অভিযুক্তৰ মৃত্যু হৈছে), কিন্তু ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমর্থন তথা ১৯৯৪ চনত Neerja Bhanu Memorial Award আৰু ১৯৯৫ চনত চীনৰ বেইজিঙত অনুষ্ঠিত United Nations 4th world Conference on Women অলৈ ভাৱৰী দেৱীক আমন্ত্ৰিত কৰা হয়।

১৯৯৭ চনৰ পৰা এক দীঘলীয়া সময়ৰ পাছত ২০১৩ চনত কৰ্মস্থানত মহিলাৰ যৌন নির্যাতন (প্ৰতিৰোধ, নিষিদ্ধকৰণ আৰু প্ৰতিকাৰ) আইনখন নতুনকৈ গঠন কৰি তোলা হয়। এই নতুন আইনে বিশাখা গাইড লাইনৰ ‘কৰ্মস্থান’ৰ পৰম্পৰাগত সংজ্ঞাক ভংগ কৰি ইয়াক বহল পৰিসৰত সংজ্ঞাবদ্ধ কৰিছে। ‘কর্মস্থান’ শব্দটোক ইয়াত নিয়োগকৰ্তাই যোগান ধৰা যান-বাহন আদিকো সামৰি মহিলাৰ নিয়োগৰ সৈতে জড়িত ব্যক্তিগত, ৰাজহুৱা আদি ক্ষেত্ৰ, চৰকাৰী মালিকানাধীন-নিয়ন্ত্রণাধীন প্রতিষ্ঠান, চিকিৎসালয়, নাৰ্ছিং হোম, বৃত্তিমূলক শিক্ষামূলক-ক্রীড়া-প্রশিক্ষণ-অনুষ্ঠান, অনান্য অনানুষ্ঠানিক কৰ্মৰ ক্ষেত্ৰ (যেনে ইটা ভাতা, বিউটি পাৰ্লাৰ, পাব, ক্লাবঘৰ, বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান আদি) আৰু নিয়োগজড়িত কর্তব্যত থাকোতে মহিলাই পৰিদৰ্শন কৰা সকলো ঠাইলৈ সম্প্ৰসাৰিত কৰা হৈছে ।

ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (ক) দফা আৰু নতুন আইনখনে দিয়া সংজ্ঞা অনুসৰি যৌনউৎপীড়ন মৌখিক, অ-মৌখিক, লিখিত, শাৰীৰিক, চিত্রায়িত আৰু বৈদ্যুতিক আদি যিকোনো ৰূপতেই হ’ব পাৰে। শাৰীৰিক সান্নিধ্য আৰু শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ, যৌন অনুগ্ৰহৰ বাবে অনুৰোধ বা দাবী কৰা, পর্নগ্রাফি বা অশ্লীল ছবি দেখুওৱা, যৌনগন্ধী মন্তব্য কৰা, অ-মৌখিক যৌনপ্রস্তাব-কার্য বা যৌনপ্ৰকৃতিৰ আচৰণ আদি সকলো যৌনগন্ধী ঘটনাক এই আইনে ইয়াৰ পৰিসৰত আগুৰি লৈছে। যৌনউৎপীড়নৰ গুৰুতৰ পৰ্যায়কেই নহয়, লঘুৰূপ যেন লগা যৌন-উৎপীড়নকো এই আইনখনৰ অন্তৰ্ভুক্ত কৰা হৈছে। কাৰণ প্ৰাৰম্ভিক অৱস্থাত সাধাৰণভাৱে দিয়া যৌনগন্ধী ইংগিতসমূহেই ধৰ্ষণৰ প্ৰচেষ্টা বা ধৰ্ষণৰ দৰে চৰম পৰ্যায়লৈ বৃদ্ধি পাব পাৰে। এনেক্ষেত্ৰত মহিলা এগৰাকীয়ে এক যৌনগন্ধী ইংগিত সহ্য কৰি থকা মানেই ইংগিত দিওঁতাক পৰৱৰ্তী পৰ্যায়লৈ অৰ্থাৎ এক ধর্ষণকাণ্ডলৈ উৎসাহিত কৰা কাৰ্য।

এই আইন অনুসৰি নিয়োগকর্তাই ব্যৱসায়িক প্রতিষ্ঠান, বৃহৎ সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ শাখা বা প্ৰশাসনীয় বিভাগ আদি য’ত ১০ বা ততোধিক কৰ্মচাৰীক কামত নিয়োগ কৰা হৈছে, তাত একোখন আভ্যন্তৰীণ অভিযোগ কমিটি [Internal Complaint Committee বা ICC] গঠন কৰাটো নিতান্তই বাধ্যতামূলক। নিয়োগকৰ্তাৰ বাবে কেতবোৰ কৰ্তব্য, যেনে সজাগতা সৃষ্টিৰ বাবে কর্মশালা-আলোচনাচক্র আদিৰ আয়োজন, ভুক্তভোগী মহিলাৰ বাবে প্ৰতিকাৰৰ ব্যৱস্থা সুনিশ্চিত কৰা আদি তালিকাভুক্ত কৰাৰ উপৰি কোনো ব্যৱসায়স্থানলৈ আগমন ঘটা মহিলা ব্যৱসায়ী বা ব্যৱসায় সংক্রান্তত অহা মহিলা অতিথিসকলকো অভিযোগ দাখিল কৰাৰ অধিকাৰ এই আইনে প্ৰদান কৰিছে। আভ্যন্তৰীণ অভিযোগ কমিটিৰ গঠন প্ৰণালীত দুভাগৰ এভাগ সদস্যই মহিলা হোৱাটো বাধ্যতামূলক। 

যিগৰাকী নিয়োগকৰ্তাই আভ্যন্তৰীণ অভিযোগ কমিটি গঠন কৰাত ব্যৰ্থ হয়, তেওঁ জৰিমনা ৫০,০০০ টকালৈকে ভৰিব লগা হ’ব আৰু লগতে অনুষ্ঠান চলাই যোৱাৰ অনুজ্ঞাপত্ৰও হেৰুৱাব লগা হ’ব পাৰে। আনহাতেদি কোনো কর্মস্থানত ১০ জনতকৈ কমসংখ্যক কৰ্মচাৰী থাকে, য’ত আভ্যন্তৰীণ অভিযোগ কমিটি গঠন হোৱা নাই আৰু যদিহে কোনো গোচৰ উৎপত্তি হয় তেতিয়া স্থানীয় অভিযোগ কমিটিত [Local Complaint Committee বা LCC) অভিযোগ দাখিল কৰিব পাৰিব। স্থানীয় অভিযোগ কমিটিবোৰ জিলাপৰ্যায়ত বা তাতোকৈ নিম্নস্তৰত জিলা-প্রশাসকে গঠন কৰে। আভ্যন্তৰীণ অভিযোগ কমিটি আৰু স্থানীয় অভিযোগ কমিটিৰ গঠনপ্রণালীত কোন কোন সদস্য থাকিব তাৰবাবেও এই আইনে নির্দিষ্ট নিয়ম বান্ধি দিছে। এই আভ্যন্তৰীণ কমিটি বা স্থানীয় কমিটিত ভুক্তভোগী মহিলাই গোচৰপঞ্জীয়ন কৰি ইয়াৰ সহযোগত ন্যায় তথা বিচাৰৰ বাবে আইনগত প্রতিবেদন দাখিল কৰিব পাৰিব। ভুক্তভোগী মহিলাই পাব পৰা ক্ষতিপূৰণৰ উপৰি বিচাৰ প্ৰক্ৰিয়া চলি থকা সময়ত ভুক্তভোগী মহিলাই ICC লৈ সাময়িক বা অস্থায়ী উপশম বিচাৰি আবেদন কৰাৰ সুবিধা এই আইনে প্ৰদান কৰিছে। তদন্ত প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ নিৰ্দিষ্ট সময়ো ধাৰ্য কৰি দিয়া হৈছে। ICCয়ে অপৰাধৰ ওপৰত ভিত্তি কৰি অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থালৈ জৰিমণা বিহিব পাৰে আৰু বেছি গুৰুতৰ অপৰাধৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধি আইনৰ (IPC) সহায় ল’ব পাৰিব। এগৰাকী ভুক্তভোগী মহিলাই ভাৰতীয় দণ্ডবিধি আইন আৰু কৰ্মস্থানত মহিলাৰ যৌননির্যাতন প্ৰতিৰোধ আইনৰ অধীনত সমান্তৰালভাৱে আইনী প্ৰক্ৰিয়া চলাই যাব পাৰে। আনহাতে, কোনো মহিলাই যদি কু অভিপ্রায়েৰে মিছা অভিযোগ উত্থাপন কৰিব বিচাৰে বা কোনো অভিযোগকাৰীয়ে দাখিল কৰা প্ৰমাণবোৰ যদি মিছা প্রমাণিত হয়, তেন্তে তেনে অভিযোগকাৰীৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱাৰ বিষয়েও এই আইনে উল্লেখ কৰিছে।

কৰ্মস্থানত মহিলাৰ যৌনউৎপীড়ন সম্পূৰ্ণৰূপে মষিমূৰ কৰাৰ উদ্দেশ্যে গঠিত এই আইন কিন্তু সমালোচনাৰ ঊৰ্ধত নহয়। প্রধানতঃ এই আইন নগৰকেন্দ্ৰিক বাবে কৃষিখণ্ডৰ মহিলাসকল, পথ নির্মাণ আদিত জড়িত নাৰী আৰু সামৰিকবাহিনীৰ মহিলাসকলৰ বিষয়ে উল্লেখ কৰা নাই বুলি অভিযোগ উত্থাপন হয়। অথচ সামৰিকবাহিনীত পুৰুষৰ দমনশক্তিৰ প্ৰভাৱো বেছি আৰু দেশৰ অধিকাংশ মহিলায়েই বৃহৎ কৃষিখণ্ডকো সাঙুৰি আছে। 

কিছু সমালোচকৰ মতে এই আইনে কর্মস্থানত মহিলা-পুৰুষৰ মাজত মুকলি পৰিৱেশ সৃষ্টিত ব্যাঘাত জন্মাব। পুৰুষ কৰ্মচাৰীসকল সকলো সময়তে সজাগ হৈ থাকিব লাগিব। তেওঁলোকে মহিলা সহকৰ্মীৰ লগত যিকোনো আন্তৰিক বা বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰাৰ বাবে সংকোচ আৰু অস্বস্তি বোধ কৰিবলৈ ল’ব, যিয়ে কর্মস্থানত এক অস্বাস্থ্যকৰ পৰিবেশৰ জন্ম দিব। আন কিছু সমালোচকে দাবী কৰে যে এই আইন বৈষম্যমূলক কাৰণ ইয়াক প্ৰধানতঃ মহিলাৰ স্বাৰ্থক প্রাধান্য দি গঠন কৰা হৈছে, পুৰুষৰ বাবে নহয়। কিন্তু বহু সমীক্ষাই ইতিমধ্যে পোহৰলৈ আনিছে যে পুৰুষো কৰ্মস্থানত তেওঁলোকৰ নিয়োগকর্তা মহিলা বা দমনশীল মহিলাৰ দ্বাৰা নিৰ্যাতিত হয়। এই আইনক একাংশ স্বার্থান্বেষী নাৰীয়ে নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাৰ সম্ভাৱনা থাকি যায়। আনহাতে মিছা অভিযোগ দাখিল কৰা নাৰীৰ বিৰুদ্ধে যি কাৰ্যপন্থা লোৱাৰ কথা এই আইনে উল্লেখ কৰিছে, সেয়াই একাংশ ভুক্তভোগী নাৰীক অভিযোগ দাখিল কৰিবলৈহে বাধা দিব, কাৰণ সকলো অপৰাধৰে প্ৰমাণ যুগুত কৰাটো সম্ভৱহৈ নুঠিবও পাৰে। অথবা প্রমাণ যুগুত কৰিলেও তাকো একাংশ স্বার্থান্বেষীয়ে ভুল প্রমাণিত কৰি সমগ্ৰ ঘটনাৰ মোৰ আন দিশে নিয়াৰ সুৰুঙা থাকিযায়। 

কৰ্মস্থানত নাৰী পুৰুষ উভয়কে নিয়োগকর্তাই কেতিয়াবা কামৰ মূল্যাংকন হিচাপে কেতবোৰ মন্তব্য বা feedback দিয়ে যিবিলাক সকলো সময়তে ধনাত্মক নহয় যদিও প্রফেছনেল কাম-কাজত ফলদায়কো। কিন্তু এই আইন অনুসৰি মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত বৰ্তমান বা ভৱিষ্যতৰ কামৰ অৱস্থানৰ সম্পর্কে ভাবুকিজনক কথা ক’ব নোৱাৰিব। গতিকে তেনে মন্তব্যসমূহক ভাবুকিৰ স’তে একাকাৰ কৰি কোনো নাৰীয়ে আইনক বিপথে নিয়াৰ সম্ভাৱনাও থাকি যায়। এইবিলাকৰ উপৰিও এই আইনখনে নিৰ্ধাৰণ কৰা শাস্তি, নিয়োগকৰ্তাৰ সংজ্ঞা আদিকলৈও বহু অভিযোগ উত্থাপন হৈছে।

প্ৰকৃতাৰ্থত নাৰীৰ বাবে পৃথককৈ কেতবোৰ আইনৰ কিয় প্রয়োজন হয়? তথ্য অনুসৰি ২০১৫ চনত বিশ্বৰ ৭৭ক্ম পুৰুষ আৰু ৫৫ক্ম মহিলা কর্মনিয়োজিত (যাৰ অর্থনৈতিক মূল্য আছে)। কিন্তু UN পৰিসংখ্যা অনুসৰি ১৯৯৫-২০১৫ চনৰ ভিতৰত দক্ষিণ এছিয়াত কর্মনিয়োজিত নাৰীৰ সংখ্যা ক্রমান্বয়ে কমি আহিছে আৰু ইয়াৰ কাৰণ হৈছে প্ৰধানত এই সময়ছোৱাত ভাৰতৰ কৰ্মনিয়োজনত মহিলাৰ অংশগ্রহণ ৩৫ক্মৰ পৰা ২৭ক্ম হোৱা হেতু। এয়া হৈছে ভাৰতত নাৰীৰ বাবে নিৰাপদ কর্মস্থানৰ পৰিবেশ সৃষ্টি নোহোৱাৰ লক্ষণ (কম পাৰিশ্রামিক, কৰ্মৰ গুণাগুণৰ উপৰি)। National Commission of Womenৰ তথ্য অনুসৰি ভাৰতত কৰ্মক্ষেত্ৰত নাৰীৰ যৌনউৎপীড়নৰ পৰিসংখ্যা ২০১২ চনত ১৬৭, ২০১৩ চনত ২৪৯ আৰু ২০১৪ চনত ৫২৬ অৰ্থাৎ বৃদ্ধিহৈ আহিছে। ‘সু গৃহিণী’ৰ সংজ্ঞাৰে নাৰীৰ স্থান পাকঘৰতে সীমাবদ্ধ কৰি ৰখা আৰু নাৰীৰ মানসিক বুদ্ধিমতাৰ পৰিৱৰ্তে শৰীৰক প্ৰধানতঃ গুৰুত্ব দিয়া মানসিকতাৰ পৰা আমাৰ সমাজ যে এতিয়াও মুক্ত হোৱা নাই তাক এই পৰিসংখ্যাবিলাকে প্ৰমাণ কৰে। 

যেতিয়ালৈকে সামগ্রিকভাৱে অর্থনৈতিক কাঠামোৰ পৰিৱৰ্তন নহয় তথা নাৰী-পুৰুষ ৰূপান্তৰকামীকে [transgender] ধৰি সামগ্রিকভাৱে সমাজৰ প্ৰতিজন ব্যক্তিৰ সমমর্যাদা, সম-অধিকাৰ তথা বিকাশৰ বাবে সম সুবিধাৰ সৃষ্টিৰ বাবে সমাজ বিফল হ’ব, তেতিয়ালৈকে সমাজৰ শোষিতসকলৰ অধিকাৰৰ বিষয়টো সুকীয়াকৈ উত্থাপিত হৈ থাকিব। তেতিয়ালৈকে এনে আইনৰ প্ৰয়োজনীয়তাও থাকিব আৰু ব্যক্তিগত পর্যায়ত দুই-একপুৰুষ এনে আইনী প্ৰক্ৰিয়াৰ দ্বাৰা মিছা অভিযোগত অভিযুক্ত হোৱাৰ ঘটনাও ঘটি থাকিব। 

6. ঘৰুৱা হিংসাৰ বলি মহিলাৰ অধিকাৰসমূহ কি কি?

Ans: বহু ঘৰৰ বন্ধ দুৱাৰৰ পিছফালে একোখন নৰক সৃষ্টি হয়। এই নৰকত মহিলা শাৰীৰিক, মানসিকভাবে নির্যাতিত হয়। কিন্তু এই নৰকৰ কথা কেতিয়াবাহে পোহৰলৈ আহে। কিয়নো আক্রান্ত মহিলাগৰাকীয়েই নীৰৱে থাকে। তেওলোকে ভাৱে মৌন হৈ পৰিস্তিতিক গ্ৰহণ কৰি লোৱাটোৱে একমাত্র বিকল্প। মানুহে কয় বিবাহ সৰগতে ঠিক হয়, কিন্তু এনে বহু পীড়িত মহিলাৰ বাৱে বিবাহ যে মর্ত্যৰ নৰক সদৃশ হৈ পৰে। গার্হস্থ্য হিংসা এতিয়া এটা আন্তঃৰাষ্টীয় সমস্যা। এই হিংসাই সামৰি লয় শাৰীৰিক, মানসিক আৰু যৌন উৎপীড়ন । পৰুষ-মহিলা দুয়ো ঘৰুৱা হিংসাৰ বলি হ’ব পাৰে, কিন্তু মহিলাই মূলতঃ আক্রান্ত হয়। ৰাষ্ট্ৰসংঘৰ জনসংখ্যা প্রতিবেদন অনুসৰি ভাৰতৰ দুই-তৃতীয়াংশ বিবাহিতা মহিলাই ঘৰুৱা হিংসাৰ বলি আৰু ১৫ৰ পৰা ৪৯ বছৰৰ ৭০ শতাংশ এনে মহিলা প্ৰহাৰ, ধৰ্ষণ অথবা বলপূর্বক সম্ভোগৰ বলি হয়। সামগ্রিকভাৱে ৫৫ শতাংশতকৈ অধিক মহিলাই ঘৰুৱা হিংসাৰ বলি।

ভাৰতৰ মহিলাসকলক এনে হিংসা পৰা সুৰক্ষিত কৰিবলৈ সংসদে গাহ্ৰস্থ হিংসা প্ৰতিৰোধ আইন, ২০০৫ত অনুমোদন জনায়। এই আইনৰ ৪(১) নং ধাৰাত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে এই কথা বিশ্বাস কৰিবলৈ কাৰণ বিচাৰি পায় যে তেওঁ ঘৰুৱা হিংসাৰ বলি হৈছে বা হ’ব পাৰে তেও সুৰক্ষা বিষয়াক জনাব পাৰে। প্ৰটেকচন অফিচাৰ’ বা এই সুৰক্ষা বিষয়াক ৰাজ্য চৰকাৰে নিযুক্তি দিয়ে। অসমত সাধাৰণতে জিলা সামাজিক কল্যাণ বিষয়া, মহিলা আৰু শিশু কল্যাণ বিষয়া বা শিশু উন্নয়ণ প্রজেক্ট বিষয়াক সংশ্লিষ্ট জিলাৰ প্ৰটেকচন অফিচাৰ হিচাপে নিযুক্তি দিয়া হয়। এনে বিষয়াসকলে সংশ্লিষ্ট প্রথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ নিয়ন্ত্ৰণত কাৰ্যনিৰ্বাহ কৰে। এই আইন হৈছে এখন দেৱানী আইন-যি ঘৰুৱা হিংসাৰ বলিসকলক নিৰাপত্তা আৰু সহযোগ আগবঢ়ায়। যেতিয়া ঘৰুৱা হিংসাৰ অভিযোগ এজন আৰক্ষী বিষয়া, প্রটেকচেন অফিচাৰ, সেৱা প্ৰদানকাৰী বা দণ্ডাধীশক জনোৱা হয়,তেন্তে আক্রন্ত ব্যক্তিক নিম্নোক্ত কথাসমূহ জনোৱাটো তেওঁলোকৰ কৰ্তব্য।

(ক) এই আইনৰ অধীনতত নিৰ্দিষ্ট সাহায্য লাভৰ বাবে আবেদন জনোৱাৰ অধিকাৰ।

(খ) সেৱা প্ৰদানকাৰী সেৱাৰ কথা।

(গ) প্ৰটেকচন অফিচাৰ সেৱাৰ কথা।

(ঘ) legal services authorities act, 1987’ৰ অধীনত বিনামূলীয়া আইনী সেৱাৰ অধিকাৰ। 

(ঙ) য’ত প্ৰয়োজন হয় তাত ভাৰতীয় দণ্ডবিধিৰ ৪৯৮ (ক) ধাৰাৰ অধীনত অভিযোগ দাখিলৰ অধিকাৰ।

এই আইনৰ অধীনত অভিযোগকাৰী মহিলাগৰাকীয়ে নিৰপত্তা, আৱাস, জিন্মা, ক্ষতিপূৰণ, আশ্ৰয় আৰু চিকিৎসাৰ সাহায্য বিচাৰিব পাৰি। এই গোচৰৰ মীমাংসা দুমাহ বা ৬০ দিনৰ ভিতৰত হ’ব লাগে। অৱশ্যে অত্যধিক গোচৰৰ হেচাৰ বাবে এয়া প্ৰায় অসম্ভৱ। এই আইনে ‘লিভ ইন’ সম্পর্ককো স্বীকৃতি দিয়ে। গতিকে যদি এগৰাকী মহিলা যদি লিভ ইন সংগীৰ দ্বাৰা নিৰ্যাতিত হয়, তেন্তে তেৱো এই আইনৰ সহায় ল’ব পাৰে।

এই আইনৰ অধীনত প্ৰটেকচন অফিচাৰে দণ্ডাধীশলৈ এখন ঘৰুৱা ঘটনাৰ প্ৰতিবেদন পঠিয়ায়। এই প্রতিবেদন আৰক্ষী থানা, আক্ৰান্ত ব্যক্তি আৰু সেৱা প্ৰদানকাৰীলৈও পঠিওৱা হয়। প্রটেকচন অফিচাৰে অভিযোগকাৰীক ফলপ্ৰসূভাৱে সহযোগ আৰু পথ প্ৰদৰ্শন কৰি আশ্ৰয়, চিকিৎসা সেৱা, আইনী সাহায্য প্রদানৰ ব্যৱস্থা লাভত সহায় কৰিব লাগে। লগতে দণ্ডাধীশৰ ওচৰত আবেদন দাখিলৰ ক্ষেত্ৰতো আক্ৰান্তৰ হৈ ভূমিকা ল’ব লাগে প্ৰটেকচন অফিচাৰে। দণ্ডাধীশে সাধাৰণতে অভিযোগ পোৱাত ৩ দিনৰ ভিতৰতে আৱেদনৰ শুনানি ল’ব লগে। দণ্ডাধীশে যিকোনো পর্যায়ত আক্রান্ত ব্যক্তিক সেৱা প্ৰদানকাৰীৰ অধিনত পৰামৰ্শ লোৱাৰ নিৰ্দেশ দিব পাৰে। সেৱা প্ৰদানকাৰীৰ অধীনত পৰামৰ্শ লোৱাৰ নিৰ্দেশ দিব পাৰে। সেৱা প্রদানকাৰী [Service providers] হ’ল সেইগৰাকী ব্যক্তি যি এই আইনৰ ১০ নম্বৰ ধাৰাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। 

দণ্ডাধীশে এগৰাকী কল্যাণ বিশেষজ্ঞ (বিশেষকৈ মহিলা) ৰ সেৱাও নিজৰ সহযোগৰ বাবে গ্ৰহণ কৰিব পাৰে। ১৪ নম্বৰ ধাৰাৰ অধীনত দণ্ডাধীশে পদকীয়াৰ বক্তব্য গ্ৰহণ কৰি আৰু ঘৰুৱা হিংসা হোৱা বা হোৱাৰ সম্ভাৱনা থকাৰ বিষয়ে নিশ্চিত হৈ পদকীয়া পক্ষক যিকোনো ঘৰুৱা হিংসাৰপৰা বিৰত থকাৰ বাৱে প্ৰটেকচন অৰ্ডাৰ বা নিৰাপত্তাৰ নিৰ্দেশ দিব পাৰে। পদকীয়া পক্ষৰ ভিতৰত আক্ৰান্ত ব্যক্তিৰ সৈতে ঘৰুৱা সম্পর্ক থকা আৰু স্বামী বা পুৰুষ সংগীৰ সম্পৰ্কীয়সকল পৰে। দণ্ডাধীশে আবাস আৰু বিত্তীয় সাহায্যৰ নিৰ্দেশো দিব পাৰে। এই ‘প্রটেকচন অৰ্ডাৰ’ ভংগ হোৱাটো বিচাৰযোগ্য, জামিনৰ অযোগ্য অপৰাধ আৰু ইয়াৰ শাস্তি এবছৰ পৰ্যন্ত হ’ব পাৰে। সামগ্ৰিকভাৱে এই আইনৰ অধীনত মহিলা মূল অধিকাৰসমূহ হ’ল―

১। বিবাদৰ সময়তো মহিলাগৰাকীয়ে তেওঁৰ স্বামী বা সংগীৰ সৈতে ঘৰত থকিব পাৰে।

২। এই আইনে আক্রান্ত মহিলাই জৰুৰীকালীন সাহায্য লাভৰ প্রয়োজনীয়তাক স্বীকৃতি দিছে। এই সহয্য তেওঁক স্বামীয়ে দিব। 

৩। ঘৰুৱা হিংসাৰ বলি এগৰাকী মহিলাই আৰক্ষী, আশ্ৰয় গৃহ আৰু চিকিৎসাৰ অধিকাৰ লাভ কৰিব।

চমুটোকা লিখা :

(ক) গার্হস্থ্য হিংসা আৰু আইন

Ans: অতীতৰ পৰাই ভাৰতীয় সমাজ ব্যৱস্থাত পুৰুষৰ আধিপত্য চলি আহিছে। যাৰ বাবে নাৰী সদায়ে পুৰুষৰ অধীনত চলিব লগা হয়। অতীতৰ পৰায়েই নাৰী সদায় নিৰ্যাতনৰ বলি হৈ আহিছে। বৰ্তমান সমাজত ঘৰুৱা নিৰ্যাতন বা হিংসা ডাঙৰ সমস্যা হিচাপে দেখা দিছে। এজনী নৱবিবাহিতাই বহুতো আশা লৈ এখন অচিন ঘৰলৈ যায় আৰু তাই বিচাৰে অলপ মৰম, চেনেহ আৰু সন্মান, কিন্তু আমাৰ সমাজত এনে কিছুমান ঘৰ আছে যৌতুক বা অন্য কাৰণত ছোৱালীজনীৰ ওপৰত নিৰ্যাতন চলায়।

ঘৰুৱা হিংসা অকল শাৰীৰিক শাস্তিতে সীমিত নাথাকে। যদি এজনী ছোৱালীক মানসিকভাৱে নির্যাতন চলায়, এই নির্যাতনো ঘৰুৱা হিংসাৰ ভিতৰত পৰে। যৌন নির্যাতনো হৈছে ঘৰুৱা হিংসাৰ এটা অংশ। 

নাৰীৰ ওপৰত চলোৱা ঘৰুৱা নিৰ্যাতনৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আইন ব্যৱস্থা গ্রহণ কৰিছে। নাৰী নিৰ্যাতন ৰোধ কৰাৰ বাবে ঘৰুৱা হিংসা আইন ২০০৫ আইনখন ভাৰতৰ সাংসদত উত্থাপন কৰিছিল। এই আইনখনৰ প্রধান উদ্দেশ্য হৈছে নাৰীৰ ওপৰত যিবোৰ হিংসা চলি আছে সেইবোৰ ৰোধ কৰা আৰু দোষীক উচিত শাস্তি দিয়া।

ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯৮A দফাৰ অধীনত বিভিন্ন ব্যবস্থা গ্ৰহণ কৰিছে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে। যেতিয়া গিৰীয়েক নতুবা গিৰীয়েকৰ কোনোবা সম্পৰ্কীয়ই ছোৱালীজনীক মানসিক বা শাৰীৰিকভাৱে নিৰ্যাতন চলায় তেতিয়া এই ধাৰাৰ ভিতৰত দোষীক শাস্তি দিয়ে। শাস্তি হিচাপে তিনি বছৰৰ কাৰাদণ্ড আৰু কেতিয়াবা বঢ়াবও পাৰি আৰু লগতে জৰিমনাও দিব লাগে।

বৰ্তমান আমাৰ সমাজত বিভিন্ন বেচৰকাৰী প্ৰতিষ্ঠান গঢ় লৈ উঠিছে আৰু এই প্ৰতিষ্ঠানবোৰে নাৰীৰ ওপৰত চলোৱা ঘৰুৱা নিৰ্যাতনৰ বিৰুদ্ধে উঠি পৰি লাগিছে। ‘National Crime Records Bureau’ ৰ মতে ভাৰতত নাৰীৰ ওপৰত চলি আহা নিৰ্যাতন ২০১২ চনৰ ভিতৰত ৬.৪ শতাংশ বৃদ্ধি পাইছে।

এষাৰ কথা আছে, নিৰ্যাতন কৰাজনতকৈ নির্যাতন সহি থকাজন বেছি দোষী। আমাৰ সমাজত বহু নাৰীয়ে নিজৰ পৰিয়ালটোৰ বাবে, ল’ৰা-ছোৱালীৰ বাবে নিৰ্যাতন সহি থাকে, এই নিৰ্যাতনৰ বিৰুদ্ধে মাত নিদিয়ে আৰু নাৰীৰ এই মৌনতাৰ বাবে দিনে দিনে বৃদ্ধি পাইছে এই নির্যাতন। গতিকে যিয়ে নির্যাতন সহি আছে। প্রত্যেকজনী মহিলাই ইয়াৰ বিৰুদ্ধে মাত মাতিব লাগে। আমাৰ সমাজত এনে কিছুমান মানুহও আছে যিসকলে এনে ধৰণৰ ঘৰুৱা হিংসা জড়িত ঘটনাৰ সম্ভেদ পাইও আওকান কৰে। মোৰ ধাৰণাত এনে ধৰণৰ ঘটনাবোৰ মানৱতাবিৰোধী আৰু এনে ঘৰুৱা হিংসা জড়িত ঘটনাৰ সম্ভেদ পোৱাসকলে অন্তত মানৱতাৰ খাটিৰত হ’লেও ভুক্তিভোগীক সহায়ৰ হাত আগবঢ়োৱা উচিত। আমাৰ এটি ক্ষুদ্র সহায়ে যদি ভুক্তভোগীক অলপ হ’লেও সকাহ দিব পাৰে তেনেহ’লে আমি তেনেকুৱা সমর্থন আগবঢ়োৱা উচিত।

সমাজৰ প্ৰত্যেক মহিলাই ঘৰুৱা হিংসা জড়িত আইনৰ বিষয়ে জ্ঞান থকা উচিত। সমাজৰ আৰু ভূক্তভোগীৰ মৌনতাই বহু সময়ত দোষীক উৎসাহিত কৰে। সেয়েহে সমাজৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে পদক্ষেপ লোৱা উচিত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top