Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ

Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ, College and University Answer Bank for BA, B.com, B.sc, and Post Graduate Notes and Guide Available here, Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ Solutions to each Unit are provided in the list of UG-CBCS Central University & State University Syllabus so that you can easily browse through different College and University Guide and Notes here. Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ Question Answer can be of great value to excel in the examination.

Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ

Join Telegram channel

Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ Notes cover all the exercise questions in UGC Syllabus. The Education In Pre-Independent India Unit 4 ১৯২১ চনৰ পৰা ১৯৪৭ চনলৈ শিক্ষাৰ বৃদ্ধি আৰু বিকাশ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every Unit and score well in the board exams.

১২। হাৰ্টগ কমিটীৰ পৰামৰ্শাৱলীৰ এটা মূল্যায়ন কৰা।

(Give an assessment of the recommendations of Hartog Committee.)

উত্তৰঃ হাৰ্টৰ্গ কমিটীৰ শিক্ষা প্রতিবেদনখনক চৰকাৰী ক্ৰিয়া-কলাপৰ এখন প্ৰশংসা-পত্ৰ স্বৰূপেও সমালোচনা কৰা হয়। কাৰণ এই প্রতিবেদনে সাধাৰণভাৱে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰবোৰৰ শিক্ষানীতি আৰু পদ্ধতিৰ প্ৰশংসা কৰি গৈছে। ৰাজকীয় শিক্ষানীতিৰ তেনে কোনো বিৰোধিতা কৰি আমূল পৰিৱৰ্তনৰ পৰামৰ্শ দিয়া নাই। সেইবাবে প্রতিবেদনখনৰ পৰামৰ্শাৱলীত তেনে কোনো নতুনত্ব পাব পৰা নাযায়। অৱশ্যে সেই সময়ৰ পৰিস্থিতিত তেনে এক পৰিৱৰ্তন প্রত্যাশিত বিধৰো নহয় । কাৰণ দ্বিতীয় মহাযুদ্ধৰ পৰিস্থিতি, অর্থনৈতিক সংকট, ৰাজনৈতিক অস্থিৰতা আদিয়ে শিক্ষাৰ অনুকূল পৰিৱেশ গঢ়ি তুলিব পৰা নাছিল। সেইবাবে চৰকাৰী শিক্ষানীতি সুদৃঢ়কৰণ (consolidation) আৰু শিক্ষাৰ সম্প্ৰসাৰণ নীতিৰ পৰিৱৰ্তে গুণগত মান উন্নত কৰিবলৈ বিচৰা চৰকাৰী নীতিকেই এই কমিটীয়ে সমৰ্থন কৰিছিল। এই প্ৰসংগত উল্লেখযোগ্য যে শিক্ষাৰ গুণমান উন্নত কৰাতকৈ শিক্ষা সম্প্ৰসাৰণৰ ওপৰতহে স্বদেশী আন্দোলনৰ নেতাসকলে গুৰুত্ব দিছিল। 

সেইবাবে কমিটীয়ে গ্ৰহণ কৰা শিক্ষানীতি ভাৰতীয়সকলৰ সমৰ্থনযোগ্য হৈ উঠা নাছিল। ইয়াৰ উপৰি হাৰ্টগ কমিটীয়ে শিক্ষাত লর্ড কাৰ্জনৰ নিয়ন্ত্ৰণ নীতিকেই সমর্থন কৰিছিল। কেন্দ্ৰীয় চৰকাৰে শিক্ষা বিষয় হস্তান্তৰ কৰাটো নিবিচাৰিছিল । কমিটীয়ে গ্ৰহণ কৰা এনে নীতিয়েও ভাৰতীয়সকলৰ সমৰ্থন লাভ কৰিব পৰা নাছিল।

অৱশ্যে ভাৰতীয় শিক্ষাত এই কমিটীৰ পৰামৰ্শাৱলীৰ এক ঐতিহাসিক তাৎপৰ্য সমূলি অস্বীকাৰ কৰিব নোৱাৰি৷ বিশেষকৈ প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত এই কমিটীয়ে কেতবোৰ বাস্তৱ সমস্যা আৰু পৰিস্থিতিৰ প্ৰতি আমাৰ দৃষ্টি আকর্ষণ কৰে। এই পৰ্যায়ৰ শিক্ষাৰ অপচয় আৰু অনুন্নয়নৰ সমস্যাই সকলোৰে দৃষ্টি আকর্ষণ কৰে। তাৰ উপযুক্ত সমাধানৰ বাবেও কেতবোৰ কাৰ্যকৰী আৰু সময়োপযোগী পৰামৰ্শ আগবঢ়ায়। ইয়াৰ উপৰি ভাৰতীয় শিক্ষাত সম্প্ৰসাৰণৰ নীতি গ্রহণে যে গুণ মানৰ ক্ষতি সাধন কৰিব পাৰে আৰু সেইবাবে এই দিশটোৰ ওপৰত গুৰুত্ব প্ৰদানৰ যে প্ৰয়োজন হৈ পৰিছে তাক আঙুলিয়াই দিয়ে। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো কমিটীয়ে ইয়াৰ লক্ষ্য আদৰ্শৰ দিশত থকা পূৰ্বৰ ভ্ৰান্তি গুচাই সময়োপযোগী আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হয়।

১৩। হার্টগ কমিটীৰ প্ৰতিবেদনৰ পৰিণতিৰ বিষয়ে আলোচনা কৰা।

(Discuss the result of the recommendations of Hartog Committee.)

উত্তৰঃ ১৯২৯ চনৰ হাৰ্টগ কমিটীৰ প্ৰতিবেদনৰ ফলস্বৰূপে দেশৰ শিক্ষা খণ্ডৰ অগ্ৰগতিৰ এক বিশ্লেষণাত্মক আলোচনা তলত দাঙি ধৰা হ’ল—

প্রাথমিক শিক্ষাঃ প্রাথমিক শিক্ষা খণ্ডত হার্টগ কমিটীয়ে সংখ্যাগত বিকাশতকৈও গুণগত বিকাশ সাধনত জোৰ দিছিল। স্থানীয় কর্তৃপক্ষবোৰে ভাল কাম কৰিব পৰা নাই বুলি জানি চৰকাৰী পৰিদৰ্শন আৰু নিয়ন্ত্ৰণৰ মত প্ৰকাশ কৰিছিল। শিক্ষকৰ দৰমহা আৰু অৱস্থাৰ উন্নতি কৰা, প্রশিক্ষণ দিয়া আৰু শিক্ষা পৰিদৰ্শন কৰাৰ ওপৰত গুৰুত্ব দিছিল। পাঠ্যক্ৰমত প্ৰয়োজনীয় বিষয় অধ্যয়নৰ বাবেও পৰামৰ্শ দিছিল। ইয়াৰ উপৰি স্কুলক গ্ৰাম্য উন্নয়ন কেন্দ্ৰত পৰিণত কৰি তোলাৰো মত প্ৰকাশ কৰিছিল। এনেবোৰ ব্যৱস্থাই প্রাথমিক শিক্ষাৰ গুণমান উন্নত কৰি তুলিব পাৰিছিল। কিন্তু আনহাতে জাতীয়তাবাদী নেতাসকলে, বিচৰা মতে এই শিক্ষাৰ সম্প্ৰসাৰণ হৈ উঠা নাছিল। উল্লেখযোগ্য যে ১৯২৯ চনৰ ভিতৰতেই দেশৰ প্ৰায়বোৰ ৰাজ্যতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰি তোলা আইন প্রণয়ন কৰা হৈছিল। কিন্তু একমাত্র পঞ্জাৱ ৰাজ্যৰ বাহিৰে আনবোৰ ৰাজ্যত এনে ব্যৱস্থাই সফলতা লাভ কৰি উঠিব নোৱাৰিলে ৷ অসমৰ কোনো অঞ্চলতে বাধ্যতামূলক আইন প্ৰৱৰ্তন লাভ কৰা নহ’ল। সেয়েহে শিক্ষাৰ গুণমান উন্নতকৰণৰ চৰকাৰী নীতিয়ে প্রাথমিক স্কুলৰ সংখ্যা হ্ৰাস কৰিহে তুলিলে। পৰিসাংখ্যিক তথ্যমতে ১৯৩১-৩২ চনত মুঠ স্কুলৰ সংখ্যা আছিল ১,৯৬,৭০৮ খন। ১৯৩৬৩৭ চনত সেই সংখ্যা কমি গৈ ১,৯২,২৪৪ খন হয়গৈ, এই ৫ বছৰৰ ভিতৰত প্ৰাথমিক স্কুলৰ সংখ্যা ৪,৪৫৪ খন কমি যোৱাটো হৈছে এক তাৎপর্যপূর্ণ ঘটনা। 

মাধ্যমিক শিক্ষাঃ প্রাথমিক শিক্ষাৰ তুলনাত মাধ্যমিক শিক্ষাৰ বিকাশৰ গতি আছিল সন্তোষজনক ৷ নগৰ অঞ্চলৰ লোকে শিক্ষাৰ প্ৰয়োজন অনুভব কৰি উঠিছিল। চৰকাৰী স্কুলৰ সংখ্যা আৰু চৰকাৰৰ অৰ্থ সাহায্য যথেষ্ট নাছিল যদিও ব্যক্তিগত শিক্ষা-উদ্যোগীসকলে এই পৰ্যায়ৰ শিক্ষা সম্প্ৰসাৰণ কৰি তুলিছিল। মেট্রিকুলেচন পৰীক্ষাত ছাত্ৰৰ অধিক ভিৰ হৈ উঠিছিল। অৱশ্যে মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ কাৰিকৰী শিক্ষাৰ বিকাশ হৈ উঠা নাছিল। ইয়াৰ ফলত মাধ্যমিক শিক্ষা বৃত্তিমুখী কৰি তুলিব পৰা নহৈছিল। এই পৰ্যায়ৰ শিক্ষা সম্প্ৰসাৰণ হৈ উঠাৰ আন এটা প্ৰধান কাৰণ হৈছে ছেদলাৰ আয়োগৰ পৰামৰ্শ ক্ৰমে শিক্ষাৰ মাধ্যম মাতৃভাষা কৰি তোলাটো। ইয়াৰ ফলত সৰ্বসাধাৰণ শ্ৰেণীলোকৰ ল’ৰা-ছোৱালীয়ে এই শিক্ষা সহজে আয়ত্ত কৰি উঠিব পৰা হয়। এনেবোৰ কাৰণতেই দেখা যায় যে প্রায় ১৫ বছৰৰ ভিতৰত স্কুলৰ সংখ্যা আৰু ছাত্ৰৰ সংখ্যা প্রায় দুগুণলৈ বৃদ্ধি পায়। প্রাপ্ত পৰিসংখ্যা মতে ১৯২১-২২ চনত স্কুলৰ সংখ্যা আছিল ৭,৫৩০ খন আৰু ছাত্ৰ সংখ্যা আছিল ১১,০৬,৮০৩ জন। ১৯৩৬৩৭ চনত ই বাঢ়ি গৈ স্কুলৰ সংখ্যা হয় ১৩,০৫৬ খন আৰু ছাত্ৰ সংখ্যা হয়গৈ ২২,৮৭,৮৭২ জন।

উচ্চ শিক্ষাঃ উচ্চ শিক্ষাৰ প্ৰসংগত হার্টগ কমিটীৰ প্ৰতিবেদনক চেদলাৰ আয়োগৰ পৰামৰ্শাৱলীৰ এক অনুসৰণ কাৰ্য (Follow up programme) স্বৰূপে বৰ্ণনা কৰিব পাৰি।

১৯১৭ চনৰ এই উচ্চ শিক্ষাৰ আয়োগখনৰ ফলস্বৰূপে দেশত বিশ্ববিদ্যালয়ৰ দ্ৰুত সম্প্ৰসাৰণ হৈ উঠে। দহ বছৰৰ ভিতৰত (১৯১৯-২৯) প্রায় ১০ খন নতুন বিশ্ববিদ্যালয় গঢ় লৈ উঠে। এই বিশ্ববিদ্যালয়বোৰৰ কাৰ্য পৰিসৰ বৃদ্ধি কৰা আৰু শৈক্ষিক মানদণ্ড উন্নত কৰি তোলা হয়। এই সময়ছোৱাক দেশৰ উচ্চ শিক্ষাৰ এক বিস্ফোৰণৰ কাল বুলিব পাৰি। হাৰ্টগ কমিটীয়ে এই বিশ্ববিদ্যালয়বোৰৰ দোষ-ত্রুটিসমূহ আঙুলিয়াই দিয়ে। ফলত সেইসমূহ গুচাবৰ বাবে প্রচেষ্টা চলোৱা হয়। কমিটীয়ে সংবদ্ধ কলেজবোৰৰ শিক্ষক নিযুক্তি বিশ্ববিদ্যালয়ে কৰাৰ পৰামৰ্শ দিয়ে। উচ্চ শিক্ষাতো ক্রমে নিবনুৱা সমস্যাই দেখা দিয়া বাবে বিশ্ববিদ্যালয় নিয়োগ বিভাগ স্থাপনৰ পৰামৰ্শ দিয়ে। কমিটীৰ পৰামৰ্শক্রমে আবাসিক আৰু শিক্ষাদানকাৰী বিশ্ববিদ্যালয়ৰ সংখ্যা বৃদ্ধি কৰি তোলা হয়। এনেবোৰ দিশৰ ব্যৱস্থা গ্রহণে উচ্চ শিক্ষাৰ বিকাশ সন্তোষজনক কৰি তোলে। এই সময়ছোৱাত কলেজৰ সংখ্যা আৰু ছাত্ৰ-ছাত্ৰীয়ো প্রায় দুগুণলৈ বৃদ্ধি পাই উঠে। পৰিসাংখ্যিক তথ্য মতে ১৯২১-২২ চনত বিশ্ববিদ্যালয়বোৰত শিক্ষাদান কৰা বিভাগ আৰু কলেজৰ সংখ্যা আছিল ২০৭ খন আৰু ইয়াৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৬৬,২৫৮ জন। ১৯৩৬-৩৭ চনত ক্ৰমে ৪৪৬ খন আৰু ১,২৬,২২৮ জন অধ্যয়নৰ ছাত্ৰ হয়গৈ।

১৪। বুনিয়াদী শিক্ষাৰ উৎপত্তি সম্পৰ্কে চমুকৈ লিখা।

(Write briefly about origin of Basic Education.) 

উত্তৰঃ বুনিয়াদী শিক্ষাৰ উৎপত্তিৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ বিভিন্ন কার্য জড়িত হৈ থকা পৰিলক্ষিত হয়। তাৰ এক চমু আভাস তলত দাঙি ধৰা হ’ল—

টলষ্টয় ফার্ম (Tolstoy Farm): ১৮৯৩ চনতেই মহাত্মা গান্ধীয়ে এক বিচাৰ সংক্ৰান্তত ওকালতি কৰিবৰ বাবে দক্ষিণ আফ্রিকালৈ যায় আৰু তাত তেওঁ সুদীৰ্ঘ ২০ বছৰ কাল কটায়। এই সময়ছোৱাতেই আফ্রিকান আৰু ভাৰতীয় শিশুসকলৰ শিক্ষাৰ দুৰৱস্থাৰ প্ৰতি তেওঁৰ দৃষ্টি আকৰ্ষিত হয়। দক্ষিণ আফ্ৰিকাৰ ট্রাঞ্চভাল নামে ঠাইত তেওঁ ‘টলষ্টয়’ ফাৰ্ম স্থাপন কৰি নিজে এই অৱহেলিত শিশুসকলৰ শিক্ষাৰ বাবে এক পৰীক্ষামূলক ব্যৱস্থা উদ্ভাৱন কৰে।এই ফাৰ্ম আছিল এক প্ৰকাৰৰ গৃহ শিক্ষাৰ ব্যৱস্থা, তেওঁ পিতৃস্বৰূপে ঘৰুৱা পৰিৱেশত শিশুক শিক্ষা দিছিল। এই শিক্ষা আছিল ক্রিয়াভিত্তিক আৰু শিশুসকলে প্ৰতিদিনে ৮ ঘণ্টাকৈ দেহ-মন বিকাশৰ শিক্ষা লাভ কৰিছিল। এই শিক্ষা আছিল মৌখিক বিধৰ য’ত কিতাপৰ ব্যৱহাৰ কৰা হোৱা নাছিল। শিশুসকলে নিজ হাতৰ প্ৰয়োগ কৰি কেতবোৰ বৃত্তিমূলক শিক্ষাৰ অভিজ্ঞতা লাভ কৰিছিল। তেওঁৰ এই শিক্ষামূলক প্রথম পৰীক্ষা সফল হৈ উঠিছিল।

সাবমতি আশ্ৰম (Sabarmati Ashram): ১৯১৫ চনৰ জানুৱাৰী মাহত গান্ধীজীয়ে ভাৰতলৈ ঘুৰি আহে আৰু ৰবীন্দ্ৰনাথৰ শান্তি নিকেতনত প্ৰায় চাৰি মাহ শিক্ষকতা কৰে। ইয়াৰ পিছত তেওঁ নিজ ৰাজ্য গুজৰাটলৈ গৈ টলষ্টয় ফাৰ্মৰ আৰ্হিত ‘সাবৰমতি আশ্ৰম’ স্থাপন কৰে। ইয়াত স্থানীয় শিশু, মহিলা আৰু প্ৰাপ্ত বয়স্ক নিৰক্ষৰ সকলে একেলগে থকা, কাম কৰা আৰু শিক্ষা লাভ কৰা এক সাম্প্রদায়িক শিক্ষা ব্যৱস্থা গঢ় দি তোলে। ক্রিয়াভিত্তিক শিক্ষাৰ যোগেদি জীৱনৰ কেতবোৰ মৌলিক আদৰ্শ যেনে— সত্য, অহিংসা, নিস্বাৰ্থতা, আত্ম নিয়ন্ত্ৰণ, আত্মনিৰ্ভৰশীলতা আদি আয়ত্ত কৰি উঠিবলৈ শিকোৱা হৈছিল। ইয়াৰ ফলত তেওঁ আশ্ৰমৰ আধ্যাত্মিক পিতৃ অথবা ‘বাপু’ স্বৰূপে সম্মান কৰা হৈছিল। তেওঁৰ শিক্ষাৰ জনপ্রিয়তা ক্ৰমে সৰ্বভাৰতীয় দিশলৈ সম্প্ৰসাৰিত হয়।

সেৱাগ্রাম আশ্রম (Sewagram Ashram): ১৯৯৫ চনত ৱাৰ্ধাৰ পৰা ১১ মাইল দূৰত সেৱাগ্রাম অঞ্চলত তেওঁ আশ্ৰম স্থাপন কৰে। ইয়াৰ পৰাই তেওঁৰ বুনিয়াদী শিক্ষা আৰু ৰাজনৈতিক ক্ৰিয়া কলাপ পৰবৰ্তী কালত পৰিচালনা কৰিবলৈ লয়। শিক্ষা সম্বন্ধে তেওঁৰ নতুন ধাৰণা আৰু উপলব্ধি ‘হৰিৰ্জন’ নামৰ কাকতত এলানি প্রবন্ধ আকাৰে প্ৰকাশ কৰে। এই প্রবন্ধসমূহ জাতীয় নেতাসকলৰ মাজত ক্ৰমে জনপ্ৰিয় হৈ উঠিবলৈ ধৰে। ইয়াৰে ১৯৩৭ চনৰ ৩১ জুলাই লিখা এটা প্ৰবন্ধত তেওঁ প্ৰকাশ কৰে “এটা জাতি স্বৰূপে আমি শিক্ষাত ইমানেই পিচপৰা যে টকাৰ ওপৰত এই আঁচনি (শিক্ষা বিকাশ) নিৰ্ভৰ কৰিব লগা হ’লে এই প্ৰজন্মৰ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত আমাৰ কৰ্তব্য পূৰণৰ আশা কৰিব নোৱাৰো। সেইবাবে মই নিজৰ গঠনাত্মক নীতিৰ জনপ্ৰিয়তা হেৰুওৱাৰ দৰে বিপদৰ সন্মুখীন হৈও পৰামৰ্শ দিওঁ যে শিক্ষা আত্ম-নিৰ্ভৰশীল হোৱা উচিত। “তেওঁ আৰু কয়”, শিশুৰ শিক্ষা এটা উপযোগিতামূলক হস্তশিল্পৰ শিক্ষাৰ যোগেদি মই আৰম্ভ কৰিম আৰু প্ৰশিক্ষণ লাভ কৰা মুহূৰ্তৰে পৰা উৎপাদনক্ষম কৰি তুলিম।” সেয়েহে ক’ব পাৰি যে গান্ধীজীয়ে উদ্ভাৱন কৰা তেওঁৰ স্বাৱলম্বী আৰু উৎপাদনমুখী শিক্ষাৰ নতুন নীতি আৰু পদ্ধতিত গভীৰ বিশ্বাস আছিল।

১৫। বাধা শিক্ষা-সন্মিলন, ১৯৩৭ চনৰ বিষয়ে লিখা। 

(Write briefly about Wardha Education Conference, 1937.) 

উত্তৰঃ প্ৰাক্-স্বাধীনতা কালত জাতীয় শিক্ষা আন্দোলনে সংহতৰূপ ল’বলৈ সক্ষম হৈছিল গান্ধীজীৰ ‘নই তালিম’ বা বুনিয়াদী শিক্ষাৰ মাধ্যমত। মহা মানৱ মহাত্মা গান্ধীৰ শিক্ষা পৰিকল্পনা জাতীয় শিক্ষা আন্দোলনৰে পৰিণতি বুলি ক’ব পাৰি। ১৯৩৫ চনৰ ভাৰত শাসন আইন প্ৰৱৰ্তন হোৱাৰ পিছত দেশৰ সাতখন প্ৰদেশত ১৯৩৭ চনত কংগ্ৰেছী মন্ত্রীসভাই ভাৰ লয়, মন্ত্ৰীসভা গঠন হোৱাৰ বহু আগৰে পৰা কংগ্ৰেছৰ দাবী আছিল যে দেশত সার্বজনীন বিনামুলীয়া শিক্ষা ব্যৱস্থা হ’ব লাগে, মন্ত্ৰীত্ব গ্ৰহণ কৰাৰ পিছত ইয়াৰ দায়িত্ব মন্ত্ৰীসভাৰ হাতলৈ আহিল ৷ কংগ্ৰেছ মন্ত্রীসভাই যি সময়ত এই জটিল সমস্যাত ডুব গৈ আছিল, ঠিক সেই সময়তেই মহাত্মা গান্ধীয়ে জাতীয় শিক্ষা আঁচনি লৈ আগবাঢ়ি আহিল৷ ১৯৩৭ চনত হৰিজন নামৰ সংবাদপত্ৰত এই বৈপ্লৱিক আঁচনিৰ বিষয়ে গান্ধীজীয়ে লিখিছিল যে “জাতি হিচাপে শিক্ষাৰ ক্ষেত্ৰত আমি ইমানেই পিছপৰা যে জাতীয় উন্নতিৰ কাৰণে আমি আমাৰ দায়িত্ব পালন কৰিব নোৱাৰিম যদিহে আমি অৰ্থৰ নাটনিৰ কাৰণে ৰৈ যাব লগা হয় ৷ 

গতিকে আমাৰ শিক্ষা . স্বনিৰ্ভৰশীল হ’ব লাগিব ইত্যাদি।” এই শিক্ষা সাৰ্বজনীন আৰু স্বনিৰ্ভৰশীল কৰি তোলাৰ উদ্দেশ্যে ৱাৰ্ধাত ১৯৩৭ চনত দুদিনীয়াকৈ এখন সৰ্বভাৰতীয় শিক্ষা সন্মিলন আহ্বান কৰে, য’ত গান্ধীজীয়ে নিজে অধ্যক্ষতা কৰিছিল আৰু তাত কংগ্ৰেছ শাসিত ৭ খন ৰাজ্যৰ শিক্ষামন্ত্রীসকল বিশিষ্ট শিক্ষাবিদসকল, কংগ্ৰেছ নেতা কর্মীসকল উপস্থিত আছিল। এই সভাত প্রাথমিক শিক্ষা সম্বন্ধে চাৰিটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। সেইকেইটা হ’ল—

(ক) দেশৰ ৬ বছৰৰ পৰা ১৪ বছৰীয়া ল’ৰা-ছোৱালীক ৭ বছৰৰ কাৰণে বাধ্যতামূলক ৰূপে শিক্ষা দিব লাগিব।

(খ) এই শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগিব।

(গ) পৰিৱেশৰ প্ৰতি দৃষ্টি ৰাখি, এই সাতবছৰীয়া শিক্ষাৰ কালছোৱাত শিশুক হাতে কামে লগাই উৎপাদনমুখী শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। ইয়াৰ বাবে এবিধ প্রয়োজনীয় হস্ত শিল্পৰ শিক্ষা ল’বলৈ দিব লাগিব ।

(ঘ) এই শিক্ষাই শিক্ষকসকলৰ পাৰিশ্ৰমিকৰো কিছু অংশ যোগান ধৰিবলৈ সক্ষম হ’ব। উক্ত প্ৰস্তাৱসমূহৰ তিনিটা সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয়। কিন্তু চতুৰ্থ প্ৰস্তাৱটো সৰ্বসন্মতভাৱে গ্ৰহণ কৰিব পৰা নহ’ল। ৱাৰ্ধাৰ সন্মিলনৰ আঁচনি (Wardha Scheme) নামে জনা যায় আৰু ইয়াক জাতীয় শিক্ষা আঁচনি স্বৰূপে অভিহিত কৰা হয় ।

১৬৷ বুনিয়াদী শিক্ষাৰ অৰ্থ ব্যাখ্যা কৰা।

(Explain the meaning of Basic education.)

উত্তৰঃ বুনিয়াদী শিক্ষা হৈছে সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা। ব্যক্তিত্বৰ তিনিটা বহল দিশ দেহ, মন আৰু আত্মা এই শিক্ষাই সামৰি লয়। এই ধাৰণা গান্ধীজীয়ে দিয়া শিক্ষাৰ সংজ্ঞাত স্পষ্টভাৱে প্রকাশ পায় ৷ ‘হৰিজন’ নামে কাকতত প্ৰকাশ কৰা প্ৰবন্ধত সেয়েহে তেওঁ ব্যক্ত কৰে, “শিশু আৰু মানুহৰ দেহ, মন আৰু আত্মাৰ সর্বোৎকৃষ্ট গুণৰাশি সর্বাত্মকভাৱে উদ্‌ঘাটিত কৰি তোলাকেই ম‍ই শিক্ষা বুলি বুজো। কেৱল সাক্ষৰতা লাভেই শিক্ষা নহয়। (By education I mean an all round drawing out of the best in child and man-body, mind and Spirit. Literacy itself is not education.) শিক্ষাৰ এই ধাৰণা তেওঁ বুনিয়াদী শিক্ষাৰ যোগেদি বাস্তৱত কাৰ্যকৰী কৰি তুলিছিল। ব্যক্তিৰ দেহ, মন আৰু আত্মাৰ অন্তৰ্নিহিত গুণৰাশি তাৰ স্বাভাৱিক ৰূপত উদ্ঘাটন কৰি তুলিবৰ বাবে তেওঁ গ্ৰহণ কৰা শিক্ষাৰ মাধ্যম আছিল হস্তশিল্প। এই হস্তশিল্পৰ প্ৰয়োগে শিশুৰ হাত-ভৰি আদি দেহৰ অংগ প্ৰত্যংগ, স্নায়ু আৰু গ্ৰহনেন্দ্ৰিয়সমূহ সক্ষম আৰু কৰ্মক্ষম কৰি তুলিব পাৰে। দেহৰ গ্ৰহনেন্দ্ৰিয়সমূহৰ উপযুক্ত প্ৰয়োগেৰে পৰিৱেশৰ শুদ্ধ আৰু সঠিক জ্ঞান-ধাৰণা লাভ কৰি উঠি শিশুৰ মানসিক আৰু বৌদ্ধিক শক্তি ক্ষমতাসমূহ বিকশাই তুলিব পাৰে। 

হস্তশিল্পৰ যোগেদি পোৱা শিক্ষাই শিশুক উৎপাদনশীল, স্বাৱঁলম্বী আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে। এনে এটা অৱস্থাই ব্যক্তিমনত অহিংসা নীতিৰ নৈতিক আদর্শ গঢ় দি তুলি. আত্মিক অনুভূতি সমূহৰ বিকাশ সাধন কৰিব পাৰে। সেয়েহে দেহ-মন আৰু আত্মাৰ সৰ্বাত্মক বিকাশৰ এক স্বাভাৱিক উপায় বা শিক্ষাৰ মাধ্যম হৈছে হস্তশিল্প। এই হস্তশিল্পৰ যোগেদি শিক্ষা হৈছে এক সুনিশ্চিত আৰু সুপৰিকল্পিতভাৱে কৰা সমগ্ৰ ব্যক্তিত্ব বিকাশ আঁচনি। এনে কাৰণতে বুনিয়াদী শিক্ষাক শিল্পকেন্দ্রিক শিক্ষা বুলিও জনা যায়।

১৭। “বুনিয়াদী” শব্দৰ তাৎপৰ্য ব্যাখ্যা কৰা।

(Explain the significance of the term Basic.)

উত্তৰঃ বুনিয়াদী শিক্ষা কি পৰিমানে ‘বুনিয়াদী’ অথবা ভাৰতীয় আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশৰ ভেটি এই শিক্ষাই কিদৰে স্থাপন কৰিব পাৰিছে সি আমাৰ বিচাৰ্য বিষয়। উল্লেখযোগ্য যে বুনিয়াদী শিক্ষা আছিল ইংৰাজসকলৰ ব্যয় বহুল ইংৰাজী মাধ্যমৰ শিক্ষাৰ প্রতি প্রত্যাহ্বান স্বৰূপ এক বিকল্প শিক্ষা ব্যৱস্থা। এই শিক্ষাই ভাৰতৰ সামাজিক জীৱনৰ বুনিয়াদী ৰচনা কৰাৰ সম্ভাবনীয়তা বহন কৰিছে। মাতৃভাষাক এই শিক্ষাৰ মাধ্যম স্বৰূপে লোৱা হৈছে। হস্তশিল্প আমাৰ ভাৰতীয় গ্ৰাম্য জীৱনৰ লোকৰ অতি পৰিচিত কুটিৰ শিল্প স্বৰূপে জনা যায় । এই হস্তশিল্পই হৈছে তেওঁলোকৰ অৰ্থনৈতিক জীৱনৰ আধাৰ, সাংস্কৃতিক জীৱনৰ পৰিচয় আৰু সাম্প্ৰদায়িক জীৱনৰ ঐক্য সাধনকাৰী। 

গাঁৱৰ নিৰক্ষৰ লোকসকলে তেওঁলোকৰ অৱসৰ সময় হস্তশিল্পৰ যোগেদিয়ে উৎপাদনশীলভাৱে কটায়। জীয়ৰীবোৱাৰীসকলে সূতা কটা আৰু কাপোৰ বোৱাৰ যোগেদি সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰি চলি আহিছে। হস্তশিল্পৰ শিক্ষাই সেয়েহে তেওঁলোকৰ আৰ্থিক আৰু সাংস্কৃতিক দিশৰ বুনিয়াদী প্রয়োজন পূৰণ কৰিব পাৰে। এই শিক্ষাই তেওঁলোকৰ গ্ৰাম্য জীৱনৰ আৰ্থিক আৰু সাংস্কৃতিক পৰিৱেশৰ লগত সুস্থ সমাযোজন স্থাপনতো সহায় কৰিব পাৰে। স্কুলৰ শিক্ষা অভিজ্ঞতা হস্তশিল্পৰ যোগেদি ছাত্ৰসকলৰ জীৱনৰ ওচৰ চপাই নিব পাৰি আৰু তাক অর্থপূর্ণ কৰি তুলিব পাৰি। ইয়াৰ উপৰি বুনিয়াদী শিক্ষাই শিশুৰ গঠনাত্মক প্রবৃত্তিৰ মৌলিক প্রয়োজন পূৰণ কৰিব পাৰে। এনেবোৰ কথাৰ বিবেচনাৰে সেয়েহে এই শিক্ষাক ‘বুনিয়াদী’ স্বৰূপে নামাকৰণ কৰাটো তাৎপর্যপূৰ্ণ হৈ উঠিছে।

১৮। বুনিয়াদী শিক্ষাৰ প্ৰধান নীতিসমূহ আলোচনা কৰা। 

(Discuss the Chief Principle of Basic Education.) 

উত্তৰঃ বুনিয়াদী শিক্ষাৰ প্ৰধান নীতিসমূহ তলত চমুকৈ আলোচনা কৰা হল—

(ক) মনোবৈজ্ঞানিক নীতি (Psychological Principle): বুনিয়াদী শিক্ষা মনোবৈজ্ঞানিক নীতিৰ ওপৰত প্রতিষ্ঠিত। এই শিক্ষাই শিক্ষার্থীক সম্পূৰ্ণৰূপে তত্ত্বমূলক শিক্ষাৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰে। শিক্ষাৰ্থীৰ বৌদ্ধিক আৰু ব্যৱহাৰিক বিধৰ অভিজ্ঞতাৰ মাজত ই সমতা স্থাপন কৰে আৰু দেহ মনৰ সমন্বয় সাধন কৰি সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা প্রদান কৰিবলৈ সক্ষম হয়।

(খ) সামাজিক নীতি (Social Principle): হস্তশিল্পৰ ব্যৱহাৰিক আৰু উৎপাদনমূলক ক্ৰিয়াৰ শিক্ষাই দেশৰ সকলো শিশুৰ মনত সামাজিক ভেদভাৱ, বাধা নিষেধ তথা পক্ষপাতমূলক মনোভাব গুচাব পাৰে। ই সমাজৰ শ্ৰমজীৱী আৰু বুদ্ধিজীৱী দুয়ো শ্ৰেণীৰ লোকৰ বাবে অনিষ্টকাৰী বিভেদভাব গুচাব পাৰে। সকলো শ্রেণীলোকৰ মনত শ্ৰমৰ প্ৰতি মৰ্যদাভাৱ গঢ়ি তুলিব পাৰে।

(গ) অর্থনৈতিক নীতি (Economic Principle): বুনিয়াদী শিক্ষাৰ আঁচনি দক্ষতাৰে আৰু যোগ্যতাৰে প্ৰয়োগ কৰিব পাৰিলে ই শিক্ষাৰ্থীৰ পৰৱৰ্তী জীৱনত উৎপাদন ক্ষমতা বৃদ্ধি কৰি তুলিব পাৰে। শিক্ষাৰ এই অর্থনৈতিক নীতিয়ে সৰ্বসাধাৰণ লোকৰ অন্ন-বস্ত্ৰৰ মৌলিক প্রয়োজনো পূৰণ কৰি তুলিব পাৰে।

(ঘ) শিক্ষামূলক নীতি (Educational Principle): বুনিয়াদী শিক্ষা আধুনিক শিশুশিক্ষা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই নীতি হৈছে ক্ৰিয়াৰ যোগেদি শিক্ষা নীতি। হস্তশিল্পত এই নীতি কাৰ্যকৰীকৰণৰ প্ৰচুৰ সম্ভাৱনীয়তা নিহিত হৈ আছে। স্কুলৰ বিভিন্ন বিষয় কাৰ্যকৰী ভাবে হস্তশিল্পৰ যোগেদি শিশুক শিকাব পাৰি। শিশুৱে ইয়াৰ যোগেদি সহযোগিতাৰে শিক্ষা আহৰণ কৰা, শিক্ষা-পৰিকল্পনা কৰা, ক্রিয়া প্রচেষ্টা আৰু ক্ৰিয়াৰ দায়িত্ব অনুভৱ কৰাটো সম্ভৱ হৈ উঠিব পাৰে। এই সকলোবোৰ হৈছে আধুনিক শিশু-শিক্ষাৰ মূল নীতি আৰু পদ্ধতি । ইয়াৰ যোগেদি প্ৰচলিত শিক্ষা পদ্ধতিৰ জড়তা, কৰ্ম-বিমুখতা আৰু বিভিন্ন বিষয় পৃথকীকৰণৰ নীতিৰে দিয়া শিক্ষাৰ অসুস্থ ব্যৱস্থা অন্ত পেলাব পাৰি। উল্লেখযোগ্য যে বুনিয়াদী শিক্ষা মানে পাঠ্যক্ৰমত হস্তশিল্পৰ আন এটা অতিৰিক্ত অধ্যয়নৰ বিষয় অন্তর্ভুক্ত কৰাটো নুবুজায়, বৰং হস্তশিল্পত নিহিত থকা শিক্ষাৰ সম্ভাৱনীয়তাক কাৰ্যকৰী কৰি তোলাটোকহে বুজায়।

১৯। বুনিয়াদী শিক্ষাৰ প্ৰধান সাংগঠনিক বৈশিষ্ট্যসমূহ আলোচনা কৰা। 

(Discuss the Salient features of Basic Education.) 

উত্তৰঃ তলত বুনিয়াদী শিক্ষাৰ প্ৰধান সাংগঠনিক বৈশিষ্ট্যসমূহ সংক্ষেপে আলোচনা কৰা হ’ল—

(ক) সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা (Education of total Personality): দেহ, মন আৰু আত্মা এই তিনিটা দিশেই সমগ্ৰ ব্যক্তিত্বৰ প্ৰয়োজনীয় অভিজ্ঞতা সামৰি লয়। বুনিয়াদী শিক্ষাৰ মূল উদ্দেশ্য হৈছে ব্যক্তিত্বৰ এই তিনিওটা দিশৰ সামঞ্জস্য ৰূপক বিকশাই তোলা। এই শিক্ষাৰ স্বাৱলম্বিতা, আত্ম নিৰ্ভৰশীলতা আদিৰ অহিংসা নীতিয়ে ব্যক্তিৰ আত্মিক অনুভূতি জগাই তুলিব পাৰে। সেয়েহে দেহ, মন আৰু আত্মাৰ সমগ্ৰ ব্যক্তিত্ব বিকাশৰ আঁচনি এই শিক্ষাত নিহিত আছে।

(খ) জ্ঞানৰ সহ-সম্বন্ধতা (Co-related aspect of knowledge): জ্ঞান অভিন্ন আৰু অবিভাজ্য স্বৰূপে বিবেচনা কৰি অধ্যয়নৰ বিষয়সমূহৰ মাজত সহ-সম্বন্ধ স্থাপনৰ নীতি ইয়াত গ্ৰহণ কৰা হয়। অধ্যয়নৰ বিষয়সমূহৰ মাজত সমন্বয় সাধনেৰেহে শিক্ষা সাৰ্থকভাৱে দিব পৰা যায় আৰু সেই শিক্ষাহে ছাত্ৰৰ বাবে অধিক অৰ্থপূৰ্ণ হৈ উঠিব পাৰে, এনে কথাত বিশ্বাস কৰা হয় ৷

(গ) হস্তশিল্পৰ মাধ্যমেৰে শিক্ষা (Education through Craft): হস্তশিল্পক কেৱল আৰ্থিক উৎপাদনৰ দৃষ্টিভংগীৰে আৰু ছাত্ৰসকলক উৎপাদনকাৰী আহিলাস্বৰূপে ইয়াত বিবেচনা কৰা হোৱা নাই । প্রকৃত পক্ষে হস্তশিল্পত শিক্ষাদানৰ প্ৰচুৰ সম্ভাৱনীয়তা নিহিত হৈ আছে আৰু ইয়াৰ পূৰ্ণ উপযোগ কৰাটোহে মুখ্য উদ্দেশ্য। সেয়েহে এই কথা মন কৰিবলগীয়া যে হস্তশিল্পক শিক্ষাদানৰ মাধ্যম বা অৱলম্বন স্বৰূপেহে প্ৰয়োগ কৰা হয়, মাথো অৰ্থ উপাৰ্জনৰ আহিলা স্বৰূপে নহয়।

(ঘ) শিক্ষাত স্বাৱলম্বিতা (Self-Supporting aspect in education): আধুনিক শিক্ষাত স্বাৱলম্বিতাৰ দিশ অস্বীকাৰ কৰিব নোৱাৰি। আমি যি শিক্ষা লাভ কৰো সেই শিক্ষাই আমাৰ অন্ন বস্ত্ৰৰ মৌলিক প্রয়োজন পূৰণ কৰি অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতা প্ৰদান কৰিব পাৰিব লাগে। তাৰ বাবে শিক্ষা বৃত্তীয় জীৱনৰ প্ৰয়োজন পূৰণমুখী কৰি তুলিব লাগে ৷ বুনিয়াদী শিক্ষা এই বৃত্তীয় লক্ষ্যৰ দ্বাৰা প্ৰভাৱিত।

(ঙ) শিক্ষাৰ মাধ্যম স্বৰূপে মাতৃভাষা (Mothertongue as medium of education): মাতৃভাষাৰ অবিহনে শিশু শিক্ষা স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত হৈ উঠিব নোৱাৰে। মাতৃভাষা হৈছে শিশুৰ আত্মপ্ৰকাশৰ সহজ মাধ্যম। সেয়েহে প্রাথমিক শিক্ষা সাৰ্বজনীন কৰি তুলিবৰ বাবে গান্ধীজীয়ে মাতৃভাষাৰ অধ্যয়নৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে। শিক্ষাত মাতৃভাষাৰ প্ৰয়োগেহে ভাৰতীয় শিশুসকলৰ মনত জাতীয় চেতনাৰ ভাব জগাই তুলিব পাৰে। এই উদ্দেশ্যেৰে ৱাৰ্ধা শিক্ষা সন্মিলনত মাতৃভাষা বুনিয়াদী শিক্ষাৰ মাধ্যমস্বৰূপে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

(চ) সাংস্কৃতিক পৰম্পৰা (Cultural heritage): গান্ধীজীৰ শিক্ষা ব্যৱস্থাক বুনিয়াদী বোলা হয় এই বাবে যে ই ভাৰতৰ গ্ৰাম্য জীৱনৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষাকাৰী বিধৰ। মাতৃভাষা শিক্ষাৰ মাধ্যম কৰি তোলাৰ উপৰিও স্থানীয় হস্তশিল্প বা কুটিৰ শিল্পসমূহ এই শিক্ষাৰ অপৰিহাৰ্য উপাদান স্বৰূপে লোৱা হৈছে৷ ভাৰতীয় সাংস্কৃতিক জীৱনৰ লগত শিশুক পৰিচয় কৰাই দিবৰ বাবে আমাৰ কুটিৰ শিল্পসমূহৰ শিক্ষাৰ সম্ভাৱনীয়তা প্ৰচুৰ। শিশুক সামাজিক সাংস্কৃতিক উত্তৰাধিকাৰী স্বৰূপে গঢ় দি তোলাটো হৈছে সমাজৰ উত্তৰ দায়িত্ব। এই কথাৰ সাৰ্থকতা আমি শিল্পকেন্দ্রিক বুনিয়াদী শিক্ষাৰ যোগেদি অনুভৱ কৰিব পাৰো।

(ছ) দর্শন-ভিত্তিকতা ( Philosophical basis): বুনিয়াদী শিক্ষাৰ আদৰ্শ আধুনিক শিক্ষাৰ সময়োপযোগী শিক্ষা দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। শিক্ষাৰ প্ৰায়োগিকতা, উপযোগিতা আৰু উৎপাদনশীলতাৰ আদৰ্শেৰে এই শিক্ষা পৰিপুষ্ট। শিক্ষাৰ এই কেইটা দার্শনিক আদৰ্শইহে আজিৰ মানুহৰ শিক্ষাৰ প্ৰয়োজন উপযুক্তভাৱে পূৰণ কৰি তুলিব পাৰে।

(জ) সুনাগৰিকতাৰ শিক্ষা (Education for Good Citizenship): বুনিয়াদী শিক্ষাত সুনাগৰিকতাৰ শিক্ষা উপাদানো নিহিত হৈ আছে। হস্তশিল্পৰ শিক্ষাই শিশুক সুনাগৰিকতাৰ প্রয়োজনীয় গুণসমূহ আয়ত্ব কৰিবলৈ শিকায়। ধৰ্মীয়, সামাজিক আৰু সাম্প্রদায়িক ভেদাভেদ ভাব গুচাই বুনিয়াদী শিক্ষাই শিশুৰ মনত সহযোগিতা, সহৃদয়তা আৰু পাৰস্পৰিক নিৰ্ভৰতাৰ ভাব গঢ়ি তুলিব পাৰে। ·

(ঝ) বাস্তৱ জীৱনৰ সৈতে সম্পর্ক স্থাপন (Relation with real life): শিশুৰ বাস্তৱ জীৱনৰ লগত খাপ খোৱাকৈ পাঠ্যসূচী আৰু কৰ্ম তালিকা প্রস্তুত কৰা প্ৰচেষ্টাটো বুনিয়াদী শিক্ষাৰ এটা মূল উদ্দেশ্য আছিল।

(ঞ) অহিংসা নীতি আৰু বিশ্বপ্ৰেম (Non-Violence and Universal love): গান্ধীজী আছিল অহিংসা নীতিত অটল বিশ্বাসী যাৰ বাবে তেওঁৰ শিক্ষাৰ যি নৱ পৰিকল্পনা দেশবাসীৰ আগত দাঙি ধৰিছিল তাত অহিংসা, সত্য, ন্যায়, বিশ্বপ্ৰেমৰ আদৰ্শ ইত্যাদিও অধিক গুৰুত্ব দিয়াটো বুনিয়াদী শিক্ষা আঁচনিৰ প্ৰধান লক্ষ্য।

২০। ভাৰতবৰ্ষত বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ কাৰণসমূহ আলোচনা কৰা ৷ 

(Discuss the Causes of failure of basic education in India.) 

উত্তৰঃ ভাৰতবৰ্ষত বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ কাৰণ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) আঁচনিখনৰ প্ৰতি ভাৰতীয় মানুহৰ আন্তৰিকতাহীনতাক বুনিয়াদী শিক্ষা কৃতকার্য হ’ব নোৱাৰাৰ প্ৰধান কাৰণ বুলি উল্লেখ কৰিব পাৰি।

(খ) ভুল মনোভাৱ আৰু ভুল প্ৰয়োগ ব্যৱস্থা হ’ল বুনিয়াদী শিক্ষা ভাৰতত অকৃতকার্য হোৱাৰ আন এটি প্রধান কাৰণ। নগৰৰ শিক্ষিত শ্ৰেণীৰ লোকে এই শিক্ষা তেওঁলোকৰ সন্তানৰ বাবে অনুপযুক্ত বুলি ভাবে আৰু গাওঁ অঞ্চলত নিৰক্ষৰ পিচপৰা আৰু দুখীয়া শ্ৰেণীৰ লোকসকলৰ বাবে এই শিক্ষা উপযুক্ত স্বৰূপে ভুলকৈ আৰু সংকীৰ্ণভাৱে উপলব্ধি কৰে।

(গ) উপযুক্ত প্রশিক্ষণ প্রাপ্ত শিক্ষকৰ অভাৱ হ’ল বুনিয়াদী শিক্ষা অকৃতকার্য হোৱাৰ আন এটি প্রধান কাৰণ৷

(ঘ) অনুপযুক্ত আৰু ত্রুটিপূৰ্ণ পাঠ্যক্ৰম হ’ল বুনিয়াদী শিক্ষা অকৃতকাৰ্য হোৱাৰ উল্লেখযোগ্য কাৰণ।

(ঙ) বুনিয়াদী শিক্ষাৰ উপযুক্ত পাঠ্যপুথিৰ অভাৱ হ’ল ইয়াৰ অকৃতকাৰ্যতাৰ আন এটি প্ৰধান কাৰণ।

(চ) বুনিয়াদী শিক্ষা ভাৰতবৰ্ষত অকৃতকাৰ্য হোৱাৰ আন এটি প্রধান কাৰণ হ’ল গতানুগতিক পৰীক্ষা পদ্ধতি ।

(ছ) প্রথম তিনিটা পাঁচ বছৰীয়া পৰিকল্পনাত বুনিয়াদী শিক্ষা ব্যৱস্থালৈ যি অৰ্থৰ সাহাৰ্য আৰু দৃষ্টি প্ৰদান কৰিব লাগিছিল সেয়া কৰা পৰিলক্ষিত নহ’ল।

(জ) শিল্পৰ ওপৰত অধিক গুৰুত্ব দিয়াত শিক্ষাৰ উদ্দেশ্য ফলৱৰ্তী নহ’ল, শিক্ষকসকলেও অধিক বেতনৰ আশাত অধিক সময় কেৱল শিল্প কার্যতে ছাত্র-ছাত্রীক আৱদ্ধ ৰখাত তেওঁলোকৰ শিক্ষাৰ প্ৰতি অনিহা আহে যাৰ বাবে বুনিয়াদী শিক্ষা ভাৰতবৰ্ষত অকৃতকার্য হ’ব লগাত পৰিল ৷

(ঝ) ভাৰত চৰকাৰে জাতীয় শিক্ষানীতি ঘোষণা কৰোতে বুনিয়াদী শিক্ষাৰ উন্নতিৰ অৰ্থে কোনো নিৰ্দেশ নিদিলে, যাৰ বাবে এই শিক্ষা কৃতকার্য হ’ব নোৱাৰিলে।

২১। বুনিয়াদী শিক্ষাৰ প্ৰধান সবলতাসমূহ উল্লেখ কৰা।

(Mention the main strength of Basic Education.) 

উত্তৰঃ বুনিয়াদী শিক্ষাৰ প্ৰধান সবলতাসমূহৰ তলত উল্লেখ কৰা হ’ল—

(ক) বুনিয়াদী শিক্ষা শিশুকেন্দ্ৰিক ধাৰণাৰ ওপৰত প্ৰতিষ্ঠিত। ই শিশুৰ গঠনাত্মক প্রবৃত্তি প্ৰশিক্ষণৰ ওপৰত বিশ্বাস কৰে।

(খ) এই শিক্ষা পদ্ধতিয়ে গতানুগতিক শিক্ষা ব্যৱস্থাৰ জড়তা আৰু নিষ্ক্রিয়তা গুচাই শশুক সক্ৰিয় আৰু ক্ৰিয়া জড়িত কৰি তুলিব পাৰে।

(গ) শিশুৱে নিজৰ হাত দুখনৰ ক্ৰিয়া পটুতাৰে ব্যৱহাৰ কৰি সৃষ্টিৰ আনন্দ পাব পাৰে৷ এনে ক্রিয়াই বৌদ্ধিক শক্তি ক্ষমতাসমূহো অধিক সক্ষম কৰি তুলিব পাৰে। 

(ঘ) বুনিয়াদী শিক্ষাই শিশুক মাতৃভাষাৰ শিক্ষাত অগ্ৰাধিকাৰ প্ৰদান কৰে, যাৰ বাবে ইয়াক প্ৰকৃত ৰূপত ভাৰতীয় বুলি ক’ব পাৰি৷

(ঙ) বুনিয়াদী শিক্ষা জীৱনৰ বাবে অৰ্থপূৰ্ণ আৰু উদ্দেশ্য প্রণোদিত কৰি তোলা হৈছে, যাৰ ফলত প্ৰাথমিক শিক্ষাৰ অপচয় ৰোধ কৰিব পৰা যায়৷

(চ) বুনিয়াদী শিক্ষা ভাৰতবৰ্ষৰ আৰ্থ-সামাজিত আৰু সাংস্কৃতিক দিশৰ ওপৰত প্ৰতিষ্ঠিত, যি এনেবোৰ দিশৰ প্ৰয়োজন পূৰণ কৰি তুলিব পাৰে৷

(ছ) দেশৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰাকৈ ইয়াত বৃত্তিমূলক শিক্ষাৰ সম্ভাৱনীয়তা নিহিত হৈ থাকে৷

(জ়) ই গান্ধীজীৰ অহিংসা নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱা বাবে ভাৰতীয় লোকৰ নৈতিক জীৱন গঢ় দি তুলিব পাৰে।

(ঝ)এই শিক্ষাই এহাতে ভাৰতীয় পৰম্পৰা আৰু আনহাতে বৰ্তমান সমাজৰ বৈষয়িক প্ৰয়োজনৰ মাজত যোগসূত্র স্থাপন কৰি তুলিব পাৰে। 

(ঞ) বুনিয়াদী শিক্ষা হৈছে প্ৰকৃত অৰ্থত সমগ্ৰ ব্যক্তিত্বৰ শিক্ষা। ইয়াৰ যোগেদি ব্যক্তিৰ দেহ-মন আৰু আত্মাৰ উৎকৰ্ষ সাধন কৰি তুলিব পৰা যায়৷

২২। বুনিয়াদী শিক্ষাৰ দুৰ্বলতাসমূহ উল্লেখ কৰা।

(Mention the weakness of Basic Education.

উত্তৰঃ তলত বুনিয়াদী শিক্ষাৰ দুৰ্বলতাসমূহ উল্লেখ কৰা হ’ল—

(ক) এক নির্দিষ্ট হস্তশিল্পৰ যোগেদি সকলো বিসয়ৰ শিক্ষাদানৰ ব্যৱস্থা স্বাভাৱিক আৰু কাৰ্যকৰী বিধৰ হৈ উঠিব নোৱাৰে৷

(খ) শিশুৱে দিনে তিনি ঘণ্টাৰো অধিক সময় হাতে কামে হস্তশিল্পৰ কাম কৰাটো বিজ্ঞানসন্মত শিক্ষানীতি বুলি বিবেচনা কৰিব নোৱাৰি৷

(গ) শিশুৰ স্বাভাৱিক দেহ মানসিক প্রয়োজন অনুসৰি মুক্ত পৰিৱেশৰ খেলা-ধূলাৰ প্ৰতি ইয়াত মনোযোগ দিয়া হোৱা নাই।

(ঘ) কম বয়সীয়া শিশুক হস্তশিল্পৰ যোগেদি দিয়া শিক্ষা অতি কষ্টসাধ্য, ব্যয়বহুল আৰু ইয়াৰ বাবে বিশেষ প্রশিক্ষণ প্রাপ্ত শিক্ষকৰো প্ৰয়োজন।

(ঙ) শিল্পকেন্দ্রিক শিক্ষা ব্যৱস্থাই স্কুলৰ শিক্ষা পৰিৱেশ কাৰখানালৈ আৰু শিক্ষাৰ্থীসকলক অৰ্থ-উপার্জনকাৰী একো একোটা যন্ত্ৰলৈ পৰিণত কৰিব পাৰে।

(চ) হস্তশিল্পৰ পৰা উপাৰ্জন হোৱা ধনেৰে এখন স্কুল বৰ্তমান সমাজত স্বাৱলম্বী হৈ চলিব নোৱাৰে।

(ছ) হস্তশিল্পক মাধ্যম স্বৰূপে লৈ স্কুলৰ সকলোবোৰ বিষয়ৰ লগত সহ-সম্বন্ধ ৰক্ষা কৰি শিক্ষা দিয়া ব্যৱস্থা স্বাভাৱিক হৈ উঠিব নোৱাৰে।

(জ) বুনিয়াদী শিক্ষা গাঁৱৰ পিচপৰা শ্ৰেণীলোকসকলৰ বাবে অর্থনৈতিক দিশত সহায়কাৰী হৈ উঠিলেও নগৰ অঞ্চলৰ লোকৰ বাবেই উপযোগী নহয় ।

(ঝ) বৰ্তমান সময়ত ইংৰাজী আন্তর্জাতিক ভাষা আৰু মাধ্যম হোৱা সময়ত ইয়াৰ সম্পূৰ্ণ বহিষ্কাৰকৰণৰ ব্যৱস্থাই ছাত্ৰসকলৰ বিশেষ ক্ষতি সাধন কৰিব।

(ঞ) বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ প্ৰচুৰ সম্ভাৱনীয়তাৰ দিশত কেৱল সূতা কটা আৰু কাপোৰ বোৱা কাৰ্যৰ শিক্ষাই দেশৰ শিল্প উদ্যোগৰ বিকাশতো বিৰূপ প্ৰভাৱ পেলাব। 

(ট) বুনিয়াদী শিক্ষাই কেৱল প্ৰাথমিক শিক্ষা পৰ্যায়তহে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। আনহাতে মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্ৰতি তেনে গুৰুত্ব আৰোপ কৰা নাই ।

(ঠ) শিশুৰ নৈতিক অনুভূতি বিকাশৰ বাবে প্ৰয়োজন হোৱা নৈতিক শিক্ষাদানৰ ব্যৱস্থা ইয়াত কৰা হোৱা নাই ।

২৩। আধুনিক সমাজত বুনিয়াদী শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে আলোচনা কৰা।

(Discuss the relevance of Basic Education at Present Society.) 

উত্তৰঃ বৰ্তমান শিক্ষা জগতত বহুতো ন ন শিক্ষা পদ্ধতি উদ্ভাৱন কৰা হৈছে আৰু তাৰ পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে। কিন্তু ইয়াৰ কোনোটোৱেই সম্পূৰ্ণ দোষমুক্ততা দাবী কৰিব নোৱাৰে৷ গান্ধীজীয়ে তেওঁ বুনিয়াদী শিক্ষা ভাৰতৰ সেই সময়ৰ আর্থিক, সামাজিক আৰু সাংস্কৃতিক পটভূমিত পৰীক্ষামূলকভাবে ৰচনা কৰিছিল। সেইবাবে তেওঁ নিজেও এই শিক্ষা পদ্ধতি সম্পূৰ্ণৰূপে নির্ভুল বুলি দাবী কৰা নাছিল। ইয়াৰ দোষ-দুৰ্বলতা আছিল। এইসমূহ গুচাই আৱশ্যকীয় সংস্কাৰ সাধনৰ উপায় নথকাও নহয়। গান্ধীজীয়েও বুনিয়াদী, শিক্ষাৰ প্ৰচলনৰ ক্ষেত্ৰত স্থান, কাল আৰু পৰিস্থিতিৰ প্ৰভাৱ অনুসৰি আৱশ্যকীয় সালসলনি কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল। তেওঁ মত প্ৰকাশ কৰিছিল যে এই শিক্ষা স্থানীয় প্রয়োজন অনুসৰি সংশোধন আৰু সমাযোজন কৰি তোলা উচিত। তেওঁ এই শিক্ষা গতিশীল আৰু পৰিবৰ্তনশীল কৰি তোলাটো বিচাৰিছিল।

প্রকৃতপক্ষে ক’বলৈ গ’লে বুনিয়াদী শিক্ষা ইয়াৰ ভুল নীতিৰ বাবে আমাৰ দেশত ব্যৰ্থ হোৱা নাই; বৰং ইয়াৰ ভুল কাৰ্যকৰীকৰণৰ বাবে ব্যৰ্থ হৈছিল। বৰ্তমান আমাৰ পাশ্চাত্য শিক্ষাৰ প্রতি অত্যুৎসাহী শাসক বৰ্গৰ এক শ্রেণী ক্ষমতা প্ৰিয় আৰু আত্ম সচেতন লোকৰ ভ্ৰান্তিমূলক ধাৰণা আৰু সংকীৰ্ণ মনোভাবেহে বুনিয়াদী শিক্ষা ব্যৰ্থ কৰি তুলিলে। অপ্রিয় হ’লেও এই কথা স্বীকাৰ কৰিব লাগিব যে দেশৰ বৰ্তমান শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে গণতান্ত্রিক আৰু সৰ্বসাধাৰণ লোকৰ প্ৰয়োজনমুখী হৈ উঠা নাই। অবাঞ্চিতভাৱে হ’লেও ভাৰতৰ শিক্ষা ব্যৱস্থাত এক সুবিধাজনকবাদী শাসক বৰ্গৰ লোকে বিশেষ সা-সুবিধা ভোগ কৰি আহিছে। স্বাধীনতাৰ অর্ধশতিকা সময় অতিক্ৰম কৰি উঠিও বৰ্তমান আমাৰ সামাজিক জীৱনত শিক্ষাৰ ক্ষেত্ৰত বৈষম্য অনগ্ৰসৰতা আৰু অসমতা বৰ্তি আছে। বুনিয়াদী শিক্ষা কেৱল হস্তশিল্প প্রধান, আর্থিক উৎপাদনমুখী আৰু দুখীয়া, গাঁৱলীয়া, পিছ পৰা শ্ৰেণীৰ লোকৰ বাবেহে উপযোগী স্বৰূপে বিবেচনা কৰা হ’ল ৷ গান্ধীজীৰ এই শিক্ষাত নিহিত থকা অহিংস, গণতান্ত্রিক শিক্ষা ব্যৱস্থাৰ গভীৰ উপলব্ধি আৰু বাস্তৱ মূল্যায়ন কৰি উঠিব পৰা নহ’ল ৷

গান্ধীজীয়ে কৈছিল “বুনিয়াদী শিক্ষাক সাধাৰণতে হস্তশিল্পৰ যোগেদি শিক্ষা স্বৰূপে ব্যাখ্যা কৰা হয়। ই কিছু পৰিমানেহে সত্য, সম্পূৰ্ণ সত্য নহয়। নই তালিমৰ মূল উৎস ইয়াতকৈও গভীৰ।ই ব্যক্তিগত আৰু সামূহিক জীৱনত সত্য আৰু অহিংসাৰ ওপৰত প্ৰতিষ্ঠিত।” (Basic education is generally interpreted as education through craft. This is true to a Certain extent, but this is not the whole truth. The roots of Nai Talim go deeper. It is based on truth and non-Violence in individual and collective life.)

বৰ্তমান সময়ত গান্ধীজীৰ বুনিয়াদী শিক্ষা ব্যৱস্থাৰ ওপৰত বিস্তৃত অধ্যয়ন আৰু গৱেষণা কাৰ্য কৰা হৈছে। এনে অধ্যয়নৰ পৰা অনুভৱ কৰি উঠা হৈছে যে দেশৰ বৰ্তমান সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ পৰিপ্ৰেক্ষিতত বুনিয়াদী শিক্ষাৰ নীতিতকৈ আন অধিক উপযুক্ত নীতি আৰু পদ্ধতি আমাৰ নাই। সেইবাবে বুনিয়াদী শিক্ষা সময়ৰ উপযোগীকৈ প্ৰয়োগৰ ব্যৱস্থা নিৰ্ধাৰণ কৰাটো প্রয়োজন। মন কৰিবলগীয়া যে স্বাধীনোত্তৰ কালৰ দেশৰ শিক্ষা আয়োগ কেইখনে গান্ধীজীৰ শিক্ষা আঁচনিৰ মৌলিকতা অস্বীকাৰ কৰিব পৰা নাই। ৰাধাকৃষ্ণণ আয়োগে পৰামৰ্শ দিয়া গ্ৰাম্য বিশ্ববিদ্যালয় (Rural University), মুডালিয়াৰ আয়োগে পৰামৰ্শ দিয়া বহুমুখী বিদ্যালয় (Multi-purpose School) আৰু কোঠাৰী আয়োগে দিয়া কর্ম অভিজ্ঞতা আঁচনি (Work-experience programme) মূলতে গান্ধীজীৰ শিল্পকেন্দ্ৰিক বুনিয়াদী শিক্ষা আঁচনিৰ দ্বাৰা অনুপ্রাণিত আঁচনি। শেহতীয়াকৈ ১৯৭৭ চনৰ ঈশ্বৰ ভাই পেটেল কমিটীয়ে ‘কর্ম-অভিজ্ঞতাৰ’ এক নতুন সংস্কাৰণ আৰু নামাকৰণ কৰি তুলিছে। 

ইয়াক ‘সামাজিকভাৱে উপযোগী উৎপাদনমূলক ক্রিয়া’ (Socially useful productive work or SUPW) স্বৰূপে জনা যায়। ইয়াৰ মৌলিক ধাৰণা, অনুপ্ৰেৰণা আৰু কাৰ্যসূচী ক গান্ধীজীৰ বুনিয়াদী শিক্ষা আঁচনিৰ পৰাই লোৱা হৈছে। নবেল পুৰস্কাৰপ্ৰাপ্ত বিখ্যাত লেখক ড°গুণাৰ মাৰ্ডেলে (Dr. Gunner Myrdal) মত প্ৰকাশ কৰে যে ভাৰতীয় স্কুলবোৰত কবুনিয়াদী প্রাথমিক শিক্ষাদান পদ্ধতিৰ আদৰ্শ সংস্কাৰ সাধনৰ উপায় স্বৰূপ হৈ উঠিব পাৰে। সেয়েহে ক’ব পাৰি যে গান্ধীজীৰ বুনিয়াদী শিক্ষা ব্যৱস্থা আমাৰ দেশত ভুল পৰিচালনাৰ বাবে অকৃতকার্য হ’ল যদিও ইয়াৰ মৌলিক ধাৰণা আৰু আদৰ্শই বৰ্তমানেও ভাৰতীয় শিক্ষাক অনুপ্ৰেৰণা যোগাই আহিছে। দেশৰ শিক্ষাৰ সম্ভাৱনীয়াত পূৰ্ণ ভৱিষ্যত গান্ধীজীৰ বুনিয়াদী শিক্ষাইহে আমাক দিব পাৰে। স্বাধীনোত্তৰ কালৰ শিক্ষাৰ অগ্ৰগতিয়ে এই কথা প্রতিপন্ন কৰি তোলে।

২৪। বৃত্তীয় আৰু কাৰিকৰী শিক্ষা সম্বন্ধে উড-এবট্‌, ১৯৩৭ চনৰ প্ৰতিবেদনৰ ‘পৰামৰ্শসমূহ উল্লেখ কৰা।

(Mention the recommendations of Wood-Abbott on vocational and Technical Education.) 

উত্তৰঃ ১৯৩৭ চনৰ উড-এবট্‌ প্রতিবেদনত বৃত্তীয় আৰু কাৰিকৰী শিক্ষা (Vocational and Technical Education) সম্বন্ধে দিয়া পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) সাধাৰণ শিক্ষা কাৰিকৰী শিক্ষাৰ অংশ বিশেষ হৈ উঠিব লাগে আৰু ইয়াৰ যোগেদি দেশৰ তাত্ত্বিক আৰু বৈষয়িক দুয়ো দিশৰ বিকাশ হৈ উঠিব লাগে। 

(খ) সাধাৰণ শিক্ষা ইয়াৰ প্ৰথম পৰ্যায় আৰু বৃত্তীয় শিক্ষা দ্বিতীয় পর্যায় স্বৰূপে বিবেচিত হ’ব লাগে ৷

(গ) বৃত্তীয় শিক্ষাৰ অধ্যয়নৰ বিষয় স্থানীয় লোকসকলৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰা হ’ব লাগে।

(ঘ) সাধাৰণ শিক্ষা আৰু বৃত্তীয় শিক্ষাৰ অনুষ্ঠান পৃথক হ’ব লাগে। 

(ঙ) বৃত্তীয় শিক্ষাৰ নিম্ন আৰু উচ্চ দুটা পৰ্যায় থাকিব লাগে। নিম্ন পৰ্যায়ৰ ছাত্ৰসকল মজলীয়া স্কুলৰ পৰা আৰু উচ্চ পৰ্যায়ৰ ছাত্ৰসকল উচ্চতৰ মাধ্যমিক শিক্ষাৰ পৰা আহিব লাগে।

(চ) নিম্ন পৰ্যায়ৰ বৃত্তীয় শিক্ষা তিনি বছৰীয়া আৰু উচ্চ পৰ্যায়ৰ শিক্ষা দুবছৰীয়া হ’ব লাগে।

(ছ) বৃত্তীয় শিক্ষা সুসংগঠিত কৰি তুলিবৰ বাবে প্ৰত্যেক ৰাজ্যতে বৃত্তীয় শিক্ষা উপদেষ্টা পরিষদ (Anandin1uAdvisory Council) গঠন কৰিব লাগে।

(জ) বৃত্তীয় শিক্ষাৰ স্কুলবোৰ শিল্প কেন্দ্ৰৰ ওচৰত স্থাপিত হ’ব লাগে। 

(ঝ) যিসকল লোকে ইতিমধ্যে চাকৰিত নিযুক্ত হৈ আছে তেওঁলোকৰ বাবে অংশকালীন বৃত্তীয় শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(ঞ) শিল্প আৰু ব্যৱসায় প্রতিষ্ঠানবোৰে তেওঁলোকৰ কৰ্মচাৰীসকলক বৃত্তীয় শিক্ষাৰ বাবে উৎসাহিত কৰিব লাগে।

২৫। সাধাৰণ শিক্ষা সম্বন্ধে উড-এবট্‌ প্রতিবেদনৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Wood-Abbott report on General Education.) “

উত্তৰঃ উডে আগবঢ়োৱা সাধাৰণ শিক্ষাৰ পৰামৰ্শাৱলীৰ ভিতৰত প্ৰাথমিক শিক্ষা সম্বন্ধে দিয়া পৰামৰ্শ বিশেষভাৱে উল্লেখযোগ্য। ইয়াৰ পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) প্ৰাথমিক শিক্ষাত প্ৰশিক্ষণপ্রাপ্ত শিক্ষকৰ ব্যৱস্থা কৰিব লাগে।

(খ) মহিলা শিক্ষকৰ সংখ্যা বৃদ্ধি কৰিব লাগে।

(গ) প্ৰাথমিক শিক্ষকসকলৰ উন্নতিৰ বাবে নৰ্মাল স্কুলবোৰে প্ৰাক কৰ্মকালীন শিক্ষা (preservice education) তিনিবছৰৰ বাবে খুলিব লাগে।

(ঘ) বিদেশত প্ৰশিক্ষণৰ বাবে শিক্ষক আৰু পৰিদৰ্শকসকলক নির্বাচন কৰিব লাগে। 

(ঙ) প্ৰাথমিক স্কুলৰ পাঠ্যক্ৰম চিন্তামূলক আৰু পুথিগত হোৱাৰ পৰিৱৰ্তে অধিক ক্রিয়াভিত্তিক কৰি তুলিব লাগে ।

(চ) গ্ৰাম্য অঞ্চলৰ মজলীয়া স্কুলৰ পাঠ্যক্রম পৰিৱেশৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰা হ’ব লাগে।

(ছ) মজলীয়া স্কুলত মাতৃভাষা শিক্ষাৰ মাধ্যম হ’ব লাগে আৰু ইংৰাজী ভাষাত এই পর্যায়ত শিক্ষা দিব নালাগে।

(জ) মাধ্যমিক পর্যায়ত ইংৰাজী ভাষাৰ অধ্যয়ন বাধ্যতামূলক হ’ব লাগে ৷ 

(ঝ) শিক্ষাৰ পাঠ্যক্ৰমত কলা আৰু হস্তশিল্প বিষয় অন্তর্ভুক্ত কৰিব লাগে। 

(ঞ) ছোৱালীসকলৰ শিক্ষাৰ প্ৰতি বিশেষ মনোযোগ দিব লাগে।

২৬। উড-এবট্‌ প্রতিবেদনৰ এটি সমীক্ষা দিয়া।

(Give an assessment of the Wood-Abbott report.) 

উত্তৰঃভাৰতবৰ্ষত দীর্ঘদিন ধৰি ইংৰাজৰ শাসনকালত বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ দিশত অৱহেলা কৰি অহা হৈছিল। সেইবাৰে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে দেশৰ এক সময়োপযোগী বিষয়ৰ ওপৰত অধ্যয়ন কৰিবৰ বাবে কমিটী গঠনৰ পৰামৰ্শ দিয়াটো আৰু তাৰ বাবে ইংলেণ্ডৰ বিশেষজ্ঞক নিয়োগ কৰাটো উৎসাহজনক কথা। দেশৰ কাৰিকৰী শিক্ষা বিকাশৰ দিশত উড-এবট্ কমিটী প্রতিবেদন এক ঐতিহাসিক পদক্ষেপ বুলিব পাৰি। দেশৰ সাধাৰণ শিক্ষা সময়ৰ পৰিবৰ্তিত প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি বৃত্তিমুখী কৰি তোলাৰ বিশেষ প্রয়োজন আছিল ৷ এই প্রয়োজন পূৰণ কৰিবৰ বাবে কমিটীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। বুৰঞ্জীবিদসকলে সেয়েহে লক্ষ্য কৰে যে কুৰি শতিকাৰ ২০ আৰু ৩০ দশক কেইটা ভাৰতীয় শিক্ষাৰ সংস্কাৰ সাধনৰ বাবে কৰা চৰকাৰী প্ৰচেষ্টাৰ দিশত অতি গুৰুত্বপূৰ্ণ আৰু স্মৰণীয় সময়।

অৱশ্যে এনেবোৰ চৰকাৰী প্ৰচেষ্টা কাৰ্যকৰীকৰণৰ বাবে সেই সময়ৰ পৰিস্থিতি মুঠেই অনুকূল নাছিল। দুখনকৈ বিশ্ব-মহাযুদ্ধৰ প্ৰভাৱ, অর্থনৈতিক দুৰৱস্থা আৰু ৰাজনৈতিক অস্থিৰতা আদিয়ে স্বাভাৱিকতেই কাৰিকৰী শিক্ষা বিকাশৰ বিষয় তল পেলাইছিল। সেই হেতুকে উড-এবট্ কমিটীৰ বৃত্তীয় আৰু কাৰিকৰী শিক্ষা সম্বন্ধীয় পৰামৰ্শসমূহ কাৰ্যকৰী কৰি তুলিব পৰা নহ’ল ৷ তথাপিও এই কথা ক’ব পাৰি যে এই প্রতিবেদনে ভাৰতৰ বৃত্তিমুখী শিক্ষাৰ সংস্কাৰ সাধনৰ দিশত পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰে।

২৭। শিক্ষক প্রশিক্ষণ সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee on training of teachers.) 

উত্তৰঃ শিক্ষক প্রশিক্ষণ সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) বিশ্ববিদ্যালয়ত শিক্ষা বিভাগ খোলাকে আদি কৰি নতুন প্রশিক্ষণ কলেজ স্থাপন কৰিব লাগে। ইয়াৰ যোগেদি হাইস্কুলৰ বাবে প্ৰয়োজন হোৱা প্ৰায় ১ লাখ ৮০ হেজাৰ প্রশিক্ষণপ্রাপ্ত শিক্ষকৰ সৃষ্টি কৰিব লাগে।

(খ) হাইস্কুলৰ শিক্ষাৰ শেষৰফালে এই উদ্দেশ্যে উপযুক্ত ছাত্ৰ-ছাত্ৰীক নির্বাচন কৰিব লাগে। বিশেষকৈ মহিলা শিক্ষকৰ প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি এনে কৰিব লাগে।

(গ) প্ৰাক-স্নাতক (under graduate) শিক্ষকসকলৰ বাবে তিনিবিধ প্ৰশিক্ষণ অনুষ্ঠান থাকিব লাগে। সেইবোৰ হৈছে প্ৰাক প্ৰাথমিক, বুনিয়াদী আৰু উচ্চ বুনিয়াদী পৰ্যায়ৰ শিক্ষক।

(ঘ) শিক্ষকসকলৰ দৰমহা আৰু চাকৰিৰ অন্যান্য সা-সুবিধা থাকিব লাগে।

(ঙ) সকলো পৰ্যায়ৰ শিক্ষকৰ বাবেই পুনৰুদ্দীপন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে। 

(চ) শিক্ষক প্রশিক্ষণ বিনামূলীয়া কৰি তুলিব লাগে।

২৮। কাৰিকৰী আৰু বৃত্তীয় শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee on Vocational and Technical Education.)

উত্তৰ‍ঃ কাৰিকৰী আৰু বৃত্তীয় শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) কাৰিকৰী শিক্ষা সম্বন্ধে পূৰ্বৰ উড-এবট্‌ প্রতিবেদনৰ পৰামৰ্শাৱলীৰ প্ৰতি মনোযোগ প্ৰদান কৰিব লাগে।

(খ) দেশৰ শিল্প উদ্যোগবোৰৰ বাবে চাৰি প্ৰকাৰৰ কৰ্মচাৰীৰ প্ৰয়োজন, তেওঁলোক হৈছে — মুখ্য প্রশাসক, গৌণ প্রশাসক, সুনিপুণ হস্তশিল্পী আৰু নিপুণতাহীন কর্মী।

(গ) মুখ্য প্রশাসকৰ বাবে কাৰিকৰী হাইস্কুলত প্রশিক্ষণ লোৱা সকলে বিশ্ববিদ্যালয়ৰ কাৰিকৰী বিভাগত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰিব। এনে ব্যক্তি বিশেষভাৱে নিৰ্বাচিত হ’ব লাগে।

(ঘ) গৌণ প্রশাসকসকল হৈছে ফ’ৰমেন (Foreman) আৰু দায়িত্বশীল কৰ্মী। কাৰিকৰী স্কুলৰ শিক্ষা সম্পূৰ্ণ কৰাসকল ইয়াৰ বাবে উপযুক্ত হ’ব।

(ঙ) সুনিপুণ হস্তশিল্পীসকল কাৰিকৰী হাইস্কুলত উত্তীৰ্ণ হোৱা হ’ব লাগে। 

(চ) নিপুণতাহীন কর্মীসকল উচ্চ বুনিয়াদী আৰু মজলীয়া স্কুলত হস্তশিল্পৰ প্ৰশিক্ষণ লোৱা হ’ব লাগে।

(ছ) কাৰিকৰী শিক্ষা বিভাগৰ বাবে অংশকালীন আৰু পূৰ্ণকালীন দুয়োবিধ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে ৷

(জ) কাৰিকৰী শিক্ষাৰ বাবে মুঠ আর্থিক ব্যয় মোটামুটি ১০ কোটি টকা ধার্য কৰিব লাগে।

২৯। জাতীয় শিক্ষা আঁচনি স্বৰূপে চার্জেণ্ট কমিটীৰ প্ৰধান প্ৰস্তাৱসমূহ উল্লেখ কৰা। 

(Mention the major proposals of the Sargent Committee as a National Scheme of Education.) 

উত্তৰঃ জাতীয় বিকাশৰ বাবে জাতীয় শিক্ষা ব্যৱস্থা গঢ় দি তুলিবলৈ চার্জেণ্ট কমিটীৰ প্রতিবেদনত লোৱা প্ৰস্তাৱসমূহ তলত উল্লেখ কৰা হ’ল—

(ক) ৩ বছৰৰ পৰা ৬ বছৰ বয়সলৈকে প্ৰাক-প্রাথমিক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 

(খ) প্রাথমিক বা বুনিয়াদী শিক্ষা দুটা পৰ্যায়ত বিভক্ত কৰিব লাগে, যেনে— নিম্ন বুনিয়াদী (৬-১১ বছৰ) আৰু উচ্চ বুনিয়াদী (১১-১৪ বছৰ)।

(গ) হাইস্কুলৰ শিক্ষা নিৰ্বাচিতভাৱে ১১-১৭ বছৰৰ ভিতৰত দিব লাগে।

(ঘ) ইণ্টাৰমিভিয়েট পৰ্যায়ৰ শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ডিগ্রী পাঠ্যক্ৰম তিনিবছৰীয়া কৰিব লাগে।  

(ঙ) কাৰিকৰী, বাণিজ্য আৰু সুকুমাৰ কলা আদি বিষয়ৰ শিক্ষা পূৰ্ণকালীন আৰু অংশকালিনভাৱে প্ৰদান কৰিব লাগে ৷

(চ) ২০ বছৰ সময়সীমাৰ ভিতৰত প্ৰাপ্তবয়স্ক লোকৰ নিৰক্ষৰতা গুচাব লাগে। শিক্ষকৰ নিযুক্তি, প্রশিক্ষণ আৰু চাকৰিৰ অৱস্থা উন্নত কৰিব লাগে।

(জ) দৈহিক আৰু মানসিকভাৱে বাধাগ্রস্ত লোকৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিব লাগে ৷ 

(ঝ) নিয়োগ বিষয়া (Employment Bureau) নিযুক্ত কৰি চাকৰিৰ অৱস্থা উন্নত কৰি তুলিব লাগে।

(ঞ) সমাজৰ লোকসকলৰ বাবে অৱসৰ সময়ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 

(ট) বাধ্যতামূলকভাৱে ছাত্ৰসকলৰ শৰীৰ শিক্ষা, শৰীৰ পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

(ঠ) কেন্দ্ৰ আৰু ৰাজ্যবোৰত সুসংগঠিত শিক্ষাবিভাগ স্থাপন কৰি তুলিব লাগে। 

৩০। প্রাক-প্রাথমিক শিক্ষা সম্বন্ধে চার্জেন্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee on preprimary Education.)

উত্তৰঃ প্ৰাক-প্রাথমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) জাতীয় শিক্ষা আঁচনিত নাৰ্চাৰী স্কুলসমূহ অন্তৰ্ভুক্ত কৰিব লাগে। প্রচলিত ব্যৱস্থাত এই শিক্ষাৰ অৱস্থা তেনেই উপেক্ষণীয়।

(খ) ৩-৬ বছৰ বয়সৰ শিশুক এই স্কুলত ভৰ্তি কৰিব লাগে।

(গ) নগৰ অঞ্চলত য’ত অধিক সংখ্যক শিশু পোৱা যায় তাত এই স্কুলৰ পৃথক ব্যৱস্থা কৰিব লাগে।

(ঘ) গ্ৰাম্য অঞ্চলত এই নাৰ্চাৰী স্কুলবোৰ নিম্ন বুনিয়াদী স্কুলৰ লগত সংযোগ কৰিব লাগে।

(ঙ) এই স্কুলবোৰত কণ কণ শিশুহঁতৰ ভাল আচৰণ, অভ্যাস গঠন আৰু সামাজিক জ্ঞান অভিজ্ঞতা আদি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে ৷

(চ) সাধাৰণ শিক্ষাৰ দ্বাৰা এই পৰ্যায়ৰ শিক্ষা ব্যৱস্থা গধুৰ কৰি তুলিব নালাগে।

(ছ) প্রাক-প্রাথমিক শিক্ষা বিনামূলীয়া কৰি তুলিব লাগে।

(জ) এই শিক্ষা বাধ্যতামূলক কৰি তুলিব নোৱাৰিলেও শিশুসকল স্বেচ্ছাই স্কুললৈ যাবৰ বাবে অভিভাৱকসকলক প্ৰৰোচিত কৰিব লাগে ৷

(ঝ) নাৰ্চাৰী স্কুলৰ শিক্ষকসকল মহিলা হোৱাটো নিয়ম কৰিব লাগে আৰু তেওঁলোক এই দিশত প্ৰশিক্ষণ প্রাপ্ত হ’ব লাগে৷

(ঞ) এই শিক্ষা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হৈ উঠিলে মুঠ খৰচ ৩ কোটি ১৮ লাখ ৪০ হেজাৰ টকা হৈ উঠিব।

৩১। প্রাথমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটী, ১৯৪৪ৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee, 1944 on Primary Education.)

উত্তৰঃ তলত প্ৰাথমিক শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা হ’ল — 

(ক) বুনিয়াদী স্কুলবোৰক নিম্ন আৰু উচ্চ বুনিয়াদী স্বৰূপে দুটা ভাগত বিভক্ত কৰিব লাগে।

(খ) নিম্ন বুনিয়াদী শিক্ষা ৬-১০ বছৰ বয়সৰ বাবে আৰু উচ্চ বুনিয়াদী ১১-১৪ বছৰ বয়সৰ বাবে হ’ব লাগে।

(গ) এই পৰ্যায়ৰ শিক্ষা দ্রুত গতিৰে বাধ্যতামূলক, বিনামূলীয়া আৰু সাৰ্বজনীন কৰি তুলিব লাগে।

(ঘ) নিম্ন-বুনিয়াদী স্কুলত প্ৰতি ৩০ জন ছাত্ৰৰ বাবে, উচ্চ বুনিয়াদী স্কুলত প্ৰতি ২৫ জন ছাত্ৰৰ বাবে আৰু হাইস্কুলত প্ৰতি ২০ জন ছাত্ৰৰ বাবে এজনকৈ শিক্ষক নিযুক্ত হ’ব লাগে। 

(ঙ) নিম্ন বুনিয়াদী স্কুলত ইংৰাজী ভাষা শিকাব নালাগে, কিন্তু উচ্চ বুনিয়াদী পৰ্যায়ত ৰাজ্যিক চৰকাৰৰ অনুমোদন ক্ৰমে ইংৰাজী শিকোৱাৰ ব্যৱস্থা কৰিব লাগে। ইংৰাজীৰ অধ্যয়ন ঐচ্ছিক বিধৰ কৰি তুলিব নালাগে ৷

(চ) শিক্ষাৰ মাধ্যম ছাত্ৰসকলৰ মাতৃভাষা হ’ব লাগে।

(ছ) শাৰীৰিক শিক্ষা আৰু সংগঠিত খেলা-ধূলা আদিৰ ব্যৱস্থা কৰিব লাগে। 

(জ) হস্তশিল্পৰ যোগেদি শিক্ষাৰ খৰচ বহন কৰা নীতি পৰিহাৰ কৰিব লাগে।

(ঝ) বুনিয়াদী শিক্ষাৰ পৰা অ-বুনিয়াদী স্কুললৈ ছাত্ৰৰ পৰিৱৰ্তন পঞ্চম শ্ৰেণীৰ পিছত ‘কৰা হ’ব লাগে আৰু ইয়াৰ বাবে প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগে।

(ঞ) কোনো শিক্ষকৰেই মাহিলি দৰমহা ২০ টকাৰ কম হ’ব নালাগে। 

(ট) প্রশিক্ষণ প্রাপ্ত মহিলা শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি তুলিব লাগে।

(ঠ) উপযুক্ত প্রশিক্ষণ প্রাপ্ত শিক্ষক থাকিলেহে বুনিয়াদী স্কুল স্থাপন কৰিব লাগে। 

(ড) বুনিয়াদী শিক্ষা দানৰ আঁচনি প্রথমে গাওঁ অঞ্চলত আৰম্ভ কৰিব লাগে। 

(ঢ) এই পৰ্যায়ৰ শিক্ষাত বহিঃপৰীক্ষাৰ পৰিৱৰ্তে আভ্যন্তৰীণ পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(ণ) উচ্চ বুনিয়াদী পৰ্যায়ৰ পাঠ্যক্ৰমত ছোৱালীৰ বাবে উপযুক্ত বিষয়, যেনে— ৰন্ধন, লন্দ্ৰিৰ কাম, বেজিৰ কাম, শিশু-যতন, প্রাথমিক চিকিৎসা (First aid) আদি বিষয় অন্তর্ভুক্ত কৰিব লাগে।

(ত) এইবিধ শিক্ষাৰ সম্বন্ধে পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়ন কৰিবৰ বাবে কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে (C.A.B.E) এখন Standing Committee প্ৰস্তুত কৰি তুলিব লাগে আৰু ইয়াত হিন্দুস্থানী তালিমী সংঘৰ প্রতিনিধি অন্তর্ভুক্ত কৰিব লাগে।

(থ) কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যত বুনিয়াদী শিক্ষাত হোৱা পৌনঃপুনিক খৰচৰ ( recurring expenditure) অর্ধেক পৰিমাণ বহন কৰিব লাগে।

(দ) স্কুলত উৎপাদন কৰা হস্তশিল্পৰ দ্ৰব্যসমূহ বজাৰত বিক্ৰী কৰিৱৰ বাবে প্ৰতিখন ৰাজ্যতে একোখন কেন্দ্রীয় কার্যালয় গঠন কৰিব লাগে।

৩২। মাধ্যমিক শিক্ষা সম্বন্ধে ১৯৪৪ চনৰ চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee, 1944 on Secondary Education.)

উত্তৰঃ মাধ্যমিক শিক্ষা সম্বন্ধে ১৯৪৪ চনৰ চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল —

(ক) যিসকল ছাত্ৰৰ উচ্চ শিক্ষাৰ বাবে বিশেষ যোগ্যতা আৰু অভিৰুচি থাকে তেনে ছাত্ৰকহে এই পৰ্যায়ৰ শিক্ষাৰ বাবে অন্তৰ্ভুক্ত কৰিব লাগে।

(খ) এই পৰ্যায়ৰ শিক্ষা ৬ বছৰীয়া হ’ব লাগে আৰু ই ছাত্ৰ-ছাত্ৰীৰ ১১-১৭ বছৰ বয়সৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগে ৷ ১১ বছৰৰ কম বয়সৰ ল’ৰা-ছোৱালীক এই শিক্ষাৰ বাবে অন্তর্ভুক্ত কৰিব নালাগে৷

(গ) ছাত্ৰৰ নামভৰ্তিকৰণৰ বেলিকা যোগ্যতা আৰু আগ্ৰহ অভিৰুচি আদিৰ প্ৰতি দৃষ্টি ৰাখিব লাগে৷

(ঘ) হাইস্কুল প্ৰধানকৈ শৈক্ষিক আৰু কাৰিকৰী এই দুই ধৰণৰ হ’ব লাগে আৰু ইয়াৰ পাঠ্যক্রম সেইমতে প্রস্তুত কৰিব লাগে।

(ঙ) এই পৰ্যায়ৰ বাবে শিক্ষা মাচুল গ্ৰহণ কৰিব লাগে।

(চ) দুখীয়া ছাত্ৰক বৃত্তি প্ৰদান কৰিব লাগে, যাতে তেওঁলোকে এই শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা নহয় ৷

(ছ) নিম্ন মাধ্যমিক পৰ্যায়ৰ ছাত্ৰই এখন স্কুলৰ পৰা আন এখন স্কুললৈ স্থানান্তৰিত হোৱাৰ সুবিধা পাব লাগে।

(জ) এই পৰ্যায়ৰ শিক্ষাত ছোৱালীৰ বাবে গার্হস্থ্য বিজ্ঞান বিষয় অধ্যয়নৰ সুবিধা থাকিব লাগে।

(ঝ) মাধ্যমিক শিক্ষাৰ মাধ্যম মাতৃভাষা হ’ব লাগে আৰু ইংৰাজী ভাষাকো দ্বিতীয় বাধ্যতামূলক ভাষা স্বৰূপে শিক্ষা দিব লাগে।

(ঞ) ছাত্ৰসকলক নিজৰ ওপৰত ঠিয় দিব পৰাকৈ আত্ম- নিৰ্ভৰশীল কৰি তোলাটো এই পৰ্যায়ৰ শিক্ষাৰ লক্ষ্য হ’ব লাগে।

(ট) উপযুক্ত শিক্ষকৰ আকৰ্ষণ কৰি তুলিবৰ বাবে সকলোবোৰ স্বীকৃতি প্রাপ্ত স্কুলৰ শিক্ষকৰ দৰমহা কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদে অনুমোদন কৰা অনুসৰি হ’ব লাগে। 

(ঠ) এই পৰ্যায়ৰ শিক্ষাৰ বাবে নূন্যতম বাৰ্ষিক ব্যয় ৫০ কোটি টকা হ’ব লাগে।

৩৩। বিশ্ববিদ্যালয় শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee on University Education.)

উত্তৰঃ বিশ্ববিদ্যালয় শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল— 

(ক) স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম তিনি বছৰীয়া হ’ব লাগে।

(খ) ইণ্টাৰমিডিয়েট পর্যায় তুলি দিব লাগে। একাদশ শ্রেণী হাইস্কুলৰ লগত সংযোগ কৰিব লাগে আৰু দ্বাদশ শ্রেণী বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্ত কৰিব লাগে।

(গ) বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰাৰ বেলিকা কঠোৰ নীতি-নিয়ম গ্ৰহণ কৰিব লাগে। যিকোনো ছাত্রকেই উচ্চ শিক্ষা গ্ৰহণৰ বাবে নামভৰ্তি কৰিব নালাগে।

(ঘ) উচ্চ শিক্ষাৰ মানদণ্ড উন্নত কৰি তুলিবৰ বাবে উপযুক্ত শিক্ষকক নিযুক্তি দিব লাগে।

(ঙ)  শিক্ষকৰ দৰমহা আৰু চাকৰিৰ অৱস্থা উন্নত কৰি তুলিব লাগে।

(চ) এই পৰ্যায়ৰ শিক্ষাত ছাত্ৰ আৰু শিক্ষকৰ মাজত নিকট সম্বন্ধ স্থাপন কৰিব লাগে।

(ছ) টিউটৰিয়েল শ্ৰেণী আৰু উন্নত গৱেষণাৰ ব্যৱস্থা এই পৰ্যায়ত কৰিব লাগে।

(জ) চার্জেণ্ট কমিটীৰ প্ৰতিবেদনে বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission) গঠনৰ পৰামৰ্শ দিয়ে।

(ঝ) এই পৰ্যায়ৰ শিক্ষাৰ বাৰ্ষিক ব্যয় ৬ লাখ ৭২ হেজাৰ টকা ধার্য কৰা হয়৷

৩৪। প্রাপ্ত বয়স্কৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee on adult education.)

উত্তৰঃ জাতীয় শিক্ষা বিকাশৰ আঁচনিত প্রাপ্ত বয়স্কৰ শিক্ষা সম্বন্ধে ১৯৪৪ চনৰ চাৰ্জেণ্ট কমিটীয়ে দিয়া পৰামৰ্শসমূহ তলত উল্লেখ কৰা হ’ল

(ক) ১০-৪০ বছৰ বয়সৰ ভিতৰত থকা নিৰক্ষৰ লোকসকলৰ বাবে প্রাপ্ত বয়স্ক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে ৷

(খ) নিৰক্ষৰ সকলৰ বাবে সাধাৰণ শিক্ষা আৰু কাৰিকৰী শিক্ষা দুয়োবিধকে অন্তর্ভুক্ত কৰিব লাগে।

(গ) পাঠ্যক্ৰমত লিখা-পঢ়া আৰু অংক কৰাৰ উপৰিও বুৰঞ্জী, ভূগোল, অর্থনীতি, পৌৰবিজ্ঞান, স্বাস্থ্যবিজ্ঞান আদি বিষয় অন্তর্ভুক্ত কৰিব লাগে।

(ঘ) এইবিধ শিক্ষাৰ বাবে ভ্ৰাম্যমান পুথিভঁৰাল, চিনেমা প্ৰদৰ্শন, চিত্র প্রদর্শনী, গ্রামোফোন, লোকনৃত্য, লোকগীত, নাট্যাভিনয় আদিৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) পুৰুষ আৰু মহিলা সকলৰ বাবে পৃথক বয়স্ক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। 

(চ) প্রাপ্ত বয়স্ক লোকৰ শিক্ষা আঁচনি ২০ বছৰীয়া সময়সীমাৰ এক আঁচনি স্বৰূপে গঢ় দি তুলিব লাগে ৷

(ছ) এই শিক্ষাৰ দায়িত্ব ৰাজ্যিক চৰকাৰৰ হ’ব লাগে যদিও স্বেচ্ছাসেৱী অনুষ্ঠানবোৰৰ সহায় ল’ব লাগে।

(জ) এই শিক্ষাৰ বাবে আর্থিক ব্যয় বছৰি প্ৰায় ৩ কোটি টকা ধার্য কৰা হ’ব লাগে ৷

৩৫। বাধাগ্রস্ত শিশুৰ শিক্ষা সম্বন্ধে চার্জেন্ট কমিটীৰ পৰামৰ্শসমূহ উল্লেখ কৰা। 

(Mention the recommendations of Sargent Committee on Education of the Handicapped children.)

উত্তৰঃ বাধাগ্রস্ত শিশুৰ শিক্ষা সম্বন্ধে চার্জেণ্ট কমিটীৰ পৰামৰ্শসমূহ তলত উল্লেখ কৰা হল—

(ক) দৈহিক আৰু মানসিক বাধাগ্রস্ত সকলৰ শিক্ষা জাতীয় শিক্ষা ব্যৱস্থাৰ অপৰিহাৰ্য অংশ বিশেষ হ’ব লাগে আৰু চৰকাৰৰ শিক্ষা বিভাগে ইয়াৰ দায়িত্ব ল’ব লাগে।

(খ) বাধাগ্রস্ত শিশুসকলক স্বাভাৱিক সকলৰ পৰা পৃথক কৰিব নালাগে। যেতিয়া তেওঁলোকৰ অৱস্থা গুৰুতৰ বিধৰ হয় তেনে অৱস্থাতহে পৃথক স্কুললৈ বা অনুষ্ঠানলৈ পঠাব লাগে।

(গ) আংশিকভাৱে বাধাগ্রস্ত শিশুৰ বাবে সাধাৰণ স্কুলতে বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

(ঘ) অন্ধ আৰু কাণেৰে নুশুনাসকলৰ বাবে প্ৰশিক্ষণ প্রাপ্ত শিক্ষকৰ তলত বিশেষ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে।

(ঙ) এনেবিধ শিক্ষক প্ৰশিক্ষণৰ বাবে কেন্দ্ৰীয় প্ৰশিক্ষণ অনুষ্ঠান স্থাপন কৰিব লাগে। 

(চ) নিৰ্ভৰযোগ্য তথ্যৰ অভাৱৰ বাবে এইসকল ছাত্ৰৰ শিক্ষাৰ প্ৰয়োজনীয় ব্যৱস্থাৰ বাবে কিমান আর্থিক ব্যয় হ’ব তাক স্থিৰ কৰিব পৰা নাযায়।

৩৬। ১৯৪৪ চনৰ চাৰ্জেণ্ট কমিটীৰ সফলতাসমূহ উল্লেখ কৰা।

(Mention the merits of Sargent Committee of 1944.) 

উত্তৰঃ তলত ১৯৪৪ চনৰ চার্জেণ্ট কমিটীৰ সফলতাসমূহ উল্লেখ কৰা হ’ল—

(ক) ভাৰতীয় শিক্ষাত সামগ্ৰিক ৰূপত জাতীয় শিক্ষা আঁচনিৰ ধাৰণা চার্জেণ্ট কমিটীয়ে প্ৰদান কৰে।ইয়াৰ ফলত শিক্ষাৰ অ’ত ত’ত সামান্য পৰিৱৰ্তন আৰু সংশোধন কৰাৰ পৰিৱৰ্তে এক সামূহিক শিক্ষা দর্শন গঢ় দি তুলিবলৈ চেষ্টা কৰা হয়।

(খ) শিক্ষাৰ বিভিন্ন পৰ্যায়ত আৰু বিভিন্ন দিশত কোনো পক্ষপাতমূলক মনোভাব গ্রহণ নকৰাকৈ তাক প্ৰকৃত ৰূপত অধ্যয়ন আৰু পৰামৰ্শ দান কৰে। ভাৰতীয়সকলৰ মনত ইংৰাজৰ প্রতি কোনো সন্দেহৰ অৱকাশ ইয়াত পাব পৰা নাযায়।

(গ) প্রতিবেদনখনৰ যোগেদি ভাৰতীয় শিক্ষা আন্তর্জাতিকতাৰ মানদণ্ডলৈ নিবলৈ চেষ্টা কৰা হয় ৷ এই উদ্দেশ্যে ইংলেণ্ডৰ বিকাশশীল পৰিৱৰ্তনসমূহ এই দেশত প্ৰয়োগৰ পৰামৰ্শ দিয়া হয়।

(ঘ) প্রতিবেদনখনত এই কথা স্পষ্ট কৰি দিবলৈ বিচৰা হয় যে শিক্ষকসকলেই দেশৰ সকলোবোৰ শিক্ষা আঁচনি কাৰ্যকৰীকৰণৰ কেন্দ্ৰবিন্দু স্বৰূপ, সেইবাবে তেওঁলোকৰ সামাজিক মানদণ্ড উন্নত কৰি তোলা উচিত।

(ঙ) সৰ্বপ্ৰথম বাৰৰ বাবে এই প্রতিবেদনে দেশত প্ৰাক্‌-প্রাথমিক শিক্ষা, প্রাপ্ত বয়স্কৰ শিক্ষা আৰু বাধাগ্ৰস্ত শিশুৰ শিক্ষাৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। এইসমূহ শিক্ষাৰ দিশ জাতীয় শিক্ষা আঁচনিৰ অন্তৰ্ভুক্ত কৰা হয়।

(চ) গান্ধীজীৰ বুনিয়াদী শিক্ষা অগ্রাহ্য নকৰি ইয়াক ভাৰতীয় শিক্ষা আঁচনিত অন্তৰ্ভুক্ত কৰা হয়। সেয়েহে ইয়াৰ যোগেদি বুনিয়াদী শিক্ষাই ইংৰাজ সকলৰো অনুমোদন লাভ কৰি উঠে। 

(ছ) পূৰ্বৰ নিম্ন পৰিশ্ৰাৱন নীতি পৰিহাৰ কৰি ভাৰতীয় শিক্ষাত সাৰ্বজনীনতাৰ নীতি চৰকাৰীভাৱে গ্ৰহণ কৰা হয়। প্রাথমিক শিক্ষা বাধ্যতামূলক কৰা, প্রাপ্তবয়স্ক লোকৰ শিক্ষা ব্যৱস্থা কৰা আদি হৈছে এই নীতিৰ কাৰ্যকৰীকৰণ ব্যৱস্থা।

(জ) এই প্রতিবেদনৰ পৰামৰ্শাৱলীয়ে ভাৰতৰ পৰৱৰ্তী কালৰ শিক্ষা জাতীয় জীৱনৰ প্রয়োজনমুখী কৰি তোলাত বিশেষ সহায় কৰে। স্বাধীনোত্তৰ কালৰ শিক্ষা আয়োগ কেইখনে ইয়াৰ পৰা বিশেষ প্ৰেৰণা লাভ কৰে।

৩৭। ১৯৪৪ চনৰ চাৰ্জেণ্ট কমিটীৰ বিফলতাসমূহ উল্লেখ কৰা।

(Mention the demerits of Sargent Committee of 1944.)

উত্তৰঃ ১৯৪৪ চনৰ চাৰ্জেণ্ট কমিটীৰ বিফলতাসমূহ তলত চমুকৈ উল্লেখ কৰা হ’ল— 

(ক) ভাৰতীয় সমালোচকসকলৰ দৃষ্টিৰে কোৱা হয় যে এই শিক্ষা প্রতিবেদন এক মৌলিক প্রতিবেদন নহয়। ইয়াক ইংৰাজসকলে ইতিপূৰ্বে প্ৰদান কৰা শিক্ষা আয়োগ আৰু শিক্ষাকমিটীবোৰৰ পৰামৰ্শাৱলীৰ এক জোৰা তাপলি মৰা ব্যৱস্থা বুলিহে ক’ব পাৰি৷ 

(খ) ভাৰতীয় শিক্ষা বিকাশৰ বাবে ইয়াত ধাৰ্যকৰা ৪০ বছৰ সময় যথেষ্ট অধিক। ইমান দীৰ্ঘদিনৰ বাবে শিক্ষা বিকাশ কৰিবলৈ দেশে অপেক্ষা কৰিব নোৱাৰে। আমাৰ দ্ৰুত বিকাশৰ বাবে এখন খৰতকীয়া আঁচনিৰহে প্ৰয়োজন আছিল।

(গ) সমালোচনাৰ দৃষ্টিৰে কোৱা হয় যে প্রতিবেদনখনে ভাৰতীয় শিক্ষাক ইংলেণ্ডৰ শিক্ষা অগ্রগতিতকৈ প্রায় অর্ধশতিকা পিচুৱাই ৰখাৰহে অভিসন্ধি কৰিছিল। কাৰণ ৪০ বছৰত সেই দেশৰ শিক্ষাই আৰু অধিক আগুৱাই যাব, যাৰ ফলত ভাৰতীয় শিক্ষা পিছুৱাই ৰ’ব।

(ঘ) চার্জেণ্ট কমিটীয়ে বুনিয়াদী শিক্ষাত আত্ম-নিৰ্ভৰশীলতাৰ নীতি অগ্রাহ্য কৰে। অথচ গান্ধীজীয়ে ভাৰতৰ আৰ্থ-সামাজিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাত এই আত্মনিৰ্ভৰশীলতাৰ নীতি গ্ৰহণ কৰিছিল।

(ঙ) জাতীয় শিক্ষা আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলগীয়া কেতবোৰ গুৰুত্বপূৰ্ণ দিশ ইয়াত বাদ পৰিছে। সেইবোৰৰ ভিতৰত স্ত্রী শিক্ষা, সমাজৰ পিচপৰা আৰু দুৰ্বল শ্ৰেণীৰ শিক্ষা, জাতীয় সংহতিৰ শিক্ষা আদি বিশেষভাৱে উল্লেখযোগ্য।

(চ) চার্জেণ্টৰ শিক্ষা আঁচনি আছিল অতিপাত ব্যয়বহুল, যাক ভাৰতৰ আৰ্থিক পৰিস্থিতিত কাৰ্যকৰী কৰি তোলাটো সম্ভৱপৰ নহয়। উল্লেখযোগ্য যে এই আঁচনি কাৰ্যকৰীকৰণৰ বাবে প্ৰতিবছৰে ৩১৩ কোটি টকাৰ প্ৰয়োজন হৈছিল আৰু ইয়াৰ অধিকাংশ ধন সৰ্বসাধাৰণ লোকেই বহন কৰিব লাগিছিল।

(ছ) এই প্রতিবেদনখন দেশৰ জাতীয় শিক্ষাৰ আঁচনি স্বৰূপে বর্ণনা কৰাৰ পৰিৱৰ্তে ইংলেণ্ডৰ শিক্ষা বিকাশৰ এখন প্ৰতিলিপি স্বৰূপেহে গণ্য কৰিব পাৰি। ইংলেণ্ডৰ শিক্ষা আদৰ্শ তাৰ হুবহু ৰূপত ভাৰতৰ বাবে গ্রহণযোগ্য নহয়।

(জ) এই শিক্ষা আঁচনি ইংৰাজসকলে এই দেশত কাৰ্যকৰীকৰণৰ বাবে অধিক ‘পলম হৈ গৈছিল আৰু সেইবাবে ইযাক এখন দায়িত্বহীন আঁচনি বুলিহে ক’ব পাৰি। ৪০ বছৰীয়া এখন সুদীৰ্ঘ আঁচনি কেৱল ৩ বছৰৰ পিছতে ইংৰাজসকলে এৰি থৈ গৈছিল।

৩৮। ১৯৪৪ চনৰ চার্জেণ্ট প্রতিবেদনৰ পৰিণতি বর্ণনা কৰা।

(Explain the result of the Sargent Report, 1944.)

উত্তৰঃ ১৯৪৪ চনৰ চার্জেণ্ট কমিটীৰ প্ৰতিবেদনৰ যুদ্ধোত্তৰ কালৰ শিক্ষা আঁচনি কেন্দ্ৰীয় শিক্ষা উপদেষ্টা পৰিষদত দাখিল কৰা হয়। ইয়াৰ পৰামৰ্শসমূহ পৰিষদে অনুমোদন কৰে আৰু কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰি তাক কাৰ্যকৰীকৰণৰ চেষ্টা কৰে। অৱশ্যে ইয়াৰ বাবে তেওঁলোকৰ কৰ্তৃত্বত সময় আছিল মাত্র ৩ বছৰ। ১৯৪৭ চনত ইংৰাজে শাসনৰ সকলো দায়িত্ব ভাৰতীয়সকলৰ হাতত অৰ্পণ কৰে। কিন্তু তথাপিও এই প্রতিবেদনৰ ফলত হোৱা শিক্ষাৰ অগ্ৰগতি উপেক্ষণীয় বুলিব নোৱাৰি। এইক্ষেত্ৰত গ্ৰহণ কৰা শিক্ষাৰ কেতবোৰ কাৰ্যকৰী ব্যৱস্থা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—

(ক) কেন্দ্ৰীয় চৰকাৰৰ তলত ১৯৪৫ চনত শিক্ষা বিভাগ স্থাপন কৰা হয় আৰু শিক্ষাৰ প্রশাসনিক দক্ষতা বৃদ্ধি কৰি তোলা হয়।

(খ) কমিটীৰ পৰামৰ্শামতে ১৯৪৫ চনত বিশ্ববিদ্যালয় অনুদান কমিটী গঠন কৰা হয় আৰু ইয়াক ১৯৫৬ চনত অধিক ক্ষমতা প্ৰদান কৰি বৰ্তমানৰ বিশ্ববিদ্যালয় অনুদান আয়োগ গঠন কৰি তোলা হয়।

(গ) ৰাজ্য চৰকাৰবোৰক শিক্ষাৰ বাবে পঞ্চবার্ষিক পৰিকল্পনা আঁচনি গ্ৰহণৰ বাবে পৰামৰ্শ দিয়া হয়। ১৯৪৬ চনত কোনো কোনো ৰাজ্যত এই আঁচনি প্ৰস্তুত কৰি তোলে৷

(ঘ) ৰাজ্য চৰকাৰবোৰক নিজ নিজ অঞ্চলত আঁচনিখনৰ কেতবোৰ দিশ কাৰ্যকৰীকৰণৰ বাবে ১৯৪৭ চনৰ সময়ছোৱাত ৪০ কোটি টকা প্ৰদান কৰা হয়।

(ঙ) আঁচনিখনৰ কাৰ্যকৰীকৰণ ৪০ বছৰৰ পৰিৱৰ্তে ১৬ বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰি তোলা হয়।

(চ) দিল্লীত সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা কমিটী আৰু পলিটেকনিক স্কুল কমিটী গঠন কৰি তোলা হয়।

(ছ) শিক্ষক-প্রশিক্ষণ, শিক্ষকৰ দৰমহা, প্রাপ্তবয়স্কৰ শিক্ষা, কাৰিকৰী শিক্ষা, পলিটেকনিক শিক্ষা, ভাৰতীয় ছাত্ৰৰ বিদেশত শিক্ষা গ্ৰহণ আদিৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হয় ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top