Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা

Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা

Join Telegram channel

SEBA Class 9 General Science Chapter 7 জীৱৰ বিচিত্ৰতা Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

জীৱৰ বিচিত্ৰতা

Chapter – 7

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. আমি জীৱবিলাকক কিয় শ্রেণী বিভাজন কৰো?

উত্তৰঃ জীৱসমূহৰ বিষয়ে অধ্যয়নৰ সুবিধাৰ বাবে আমি জীৱবিলাকক শ্ৰেণী বিভাজন কৰো। 

2. তোমাৰ চাৰিওফালে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা, পার্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া?

উত্তৰঃ উদাহৰণ —

(i) আকৃতি : বেক্টেৰিয়াৰ আকাৰ মাত্ৰ কেইমাইক্ৰমিলিমিটাৰ আনহাতে নীল তিমি আৰু ৰেডউড ট্ৰি যাৰ আকাৰ আৰু উচ্চতা ক্ৰমে 30 মিটাৰ আৰু 100 মিটাৰ।

(ii) আয়ুস : কিছুমান সৰল গছ বহু হাজাৰ বছৰ ধৰি জীয়াই থাকে আনহাতে কিছুমান পতংগ মাত্ৰ কেইদিন মানতে মৃত্যু ঘটে।

(iii) বৰণ : কিছুমান জীৱ বৰণহীন। আনহাতে কিছুমান বিভিন্ন বৰণৰ জীৱ পোৱা যায়।

প্রশ্নাৱলী

1. জীৱজগতৰ শ্ৰেণীবিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিবা? 

(ক) সিহঁতে বসবাস কৰা স্থানক?

(খ) সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক ? আৰু কিয়? 

উত্তৰঃ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰ বেছি গুৰুত্বপূৰ্ণ। কাৰণ কোষকেন্দ্র থকানথকাৰ ওপৰত ভিত্তি কৰি কোষক প্রকোষকেন্দ্ৰীয় আৰু সংকোষকেন্দ্রীয় হিচাপে ভাগ কৰা হয় আৰু জীৱবিধক প্ৰকোষ কেন্দ্রীক বা সংকোষ কেন্দ্রীক হিচাপে ভাগ কৰা হয়। কোষৰ ওপৰত ভিত্তি কৰি জীৱৰ দেহৰ গঠন বেলেগ বেলেগ হয়।

2. জীৱজগতৰ শ্ৰেণীবিভাজনত প্রথম পৰ্য্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?

উত্তৰঃ কোষৰ চৰিত্ৰ। প্রকোষকেন্দ্রীয় নে সংকোষ কেন্দ্ৰীয়। 

3. কি চৰিত্ৰগত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে।

উত্তৰঃ (i) পুষ্টিৰ ওপৰত ভিত্তি কৰি : হৰিকণা থকা উদ্ভিদ বিলাকে নিজে খাদ্য প্রস্তুত কৰি লয়। আনহাতে প্রাণীয়ে নিজে নিজৰ খাদ্য প্রস্তুত কৰিব নোৱাৰে। 

(ii) উদ্ভিদৰ চলন নাই । আনহাতে প্ৰাণীৰ-চলন আছে।

(iii) উদ্ভিদৰ বৃদ্ধি অনির্দিষ্ট কাললৈ আনহাতে প্ৰাণীৰ বৃদ্ধি নিৰ্দিষ্ট সময়লৈ হয়।

(iv) উদ্ভিদকোষত কোষবেৰ থাকে। আনহাতে প্রাণীকোষত কোষবেৰ নাথাকে।

প্রশ্নাৱলী

1. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাকক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে?

উত্তৰঃ প্রকোষকেন্দ্ৰীয় জীৱবিলাক মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত। সংকোষকেন্দ্রীয় এককোষী জীৱবিলাক প্রতিষ্টা ৰাজ্যৰ অন্তৰ্ভুক্ত।

2. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱখিনিক তুমি কোনটো ৰাজ্যত অন্তর্ভুক্ত কৰিবা?

উত্তৰঃ প্রতিষ্ঠা।

3. শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্য সূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বর্গানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বর্গানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তর্ভুক্ত হয়? 

উত্তৰঃ আটাইতকৈ কম সংখ্যক জীৱ অন্তর্ভুক্ত হয় – প্রজাতিত।

আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয় – ৰাজ্যত।

প্রশ্নাৱলী

1. উদ্ভিদজগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?

উত্তৰঃ সমাংগদেহী উদ্ভিদ।

2. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পৃথক?

উত্তৰঃ 

ঢেঁকীয়াজাতীয় উদ্ভিদসপুষ্পক উদ্ভিদ
1. বীজ নাথাকে1. বীজ থাকে
2. ফুল নুফুলে2. ফুল ফুলে
3. ৰেণুৰ দ্বাৰা বংশ বিস্তাৰ কৰে।3. বীজৰ দ্বাৰা বংশ বিস্তাৰ কৰে

3. নগ্নবীজি উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পার্থক্য কি?

উত্তৰঃ

নগ্নবীজী উদ্ভিদগুপ্তবীজী উদ্ভিদ
1. বীজ নগ্ন অৱস্থাত থাকে।1. বীজ ফৰেৰে আবৃত বৈ থাকে।
2. প্রায়খিনিয়েই বৃক্ষজাতীয় উদ্ভিদ।2. তৃণ, বৃক্ষ আৰু লতাজাতীয়।
3. এইজাতীয় উদ্ভিদৰ ফুলবোৰ একলিংগী।3. এই জাতীয় উদ্ভিদৰ ফুলবোৰ উভয়লিংগী।

অনুশীলনী

1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধা কি কি?

উত্তৰঃ (i) বৰ্গীকৰণৰ ফলত জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰা সহজ হয়।

(ii) বৰ্গীকৰণৰ ফলত জীৱসমূহৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে জনা যায়।

(iii) বৰ্গীকৰণৰ ফলত জীৱৰ মাজৰ সাদৃশ্য আৰু বিসাদৃশ্যৰ বিষয়ে জানিব পাৰি।

2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্ট্যক বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা ?

উত্তৰঃ (i) কোষৰ প্ৰকৃতি শ্ৰেণীবিভাজনৰ প্ৰাথমিক বৈশিষ্ট্য। 

(ii) কোষৰ সংখ্যা।

3. জীৱজগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বর্ণনা কৰা।

উত্তৰঃ (i) কোষৰ প্ৰকৃতি : প্রকোষকেন্দ্রীয় বা সংকোষকেন্দ্রীয়। 

(ii) কোষৰ সংখ্যা : এককোষী বা বহুকোষী।

(iii) পুষ্টিৰ পদ্ধতি : স্বপুষ্টি নে পৰিপুষ্টি।

4. উদ্ভিদ ৰাজ্যৰ মুখ্য উপবিভাগসমূহ কি কি? এইবিলাকৰ কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে? 

উত্তৰঃ উদ্ভিদ জগতৰ আধুনিক বৰ্গীকৰণ সূত্র অনুসৰি দৈহিক গঠনৰ সৰলতা আৰু জটিলতাৰ ওপৰ ভিত্তি কৰি শ্ৰেণী বিভাগ কৰি লোৱা হৈছে।

প্রশ্নাৱলী

1. ৰন্ধী প্ৰাণীসমূহক একনলদেহী প্ৰাণীৰ পৰা কিদৰে পৃথক কৰিব পাৰি?

উত্তৰঃ

ৰন্ধী প্ৰাণীএকনলদেহী প্ৰাণী
1. প্ৰাণীবোৰৰ দেহত অসংখ্য চিত্র থাক।1. দেহ খণ্ডহীন চুঙাৰ দৰে,দেহগুহা নাথাকে।
2. খাদ্য গহ্বৰ থাকে।2. খাদ্য গহ্বৰ নাথাকে।
3. বহুৰূপিতা বিৰাজমান নহয়3. বছৰূপিতা বিৰাজমান।
4. কোষবোৰে কলা গঠন নকৰে।4. কোষবোৰে কলা গঠন কৰে।

2. বলয়ী প্রাণীসমূহক সন্ধীপদী প্ৰাণীৰ পৰা কিদৰে পৃথক কৰিব পাৰি।

উত্তৰঃ

বলয়ী প্রাণীসন্ধীপদী প্রাণী
1. প্রাণীবোৰৰ দেহটো কিছুমানআঙুঠিৰে গঠিত।1. প্ৰাণীবোৰৰ দেহ শিৰ, বক্ষ আৰু উদ এই তিনিটা অংশত বিভক্ত। 
2. দেহ দীঘলীয়া, দ্বি-পাৰ্শ্বভাৱেসমমিত আৰু ত্ৰি-স্তৰীত।2. দেহ দ্বি-পাৰ্শ্ব সমমিত ত্রিকোষস্তৰীত।

3. প্রকৃত দেহগুহা থাকে।
3. প্ৰকত দেহগুহা নাথাকে।

3. উভচৰ আৰু সৰীসৃপ প্রাণীসমূহৰ মাজত পাৰ্থক্য কি?

উত্তৰঃ

উভচৰসৰীসৃপ
1. প্রাণীবোৰে জীৱনৰ প্ৰথম চোৱা পানীত আৰু পিছৰ কালছোৱা মাটিতবাস কৰে। 1. ইহঁত প্ৰকৃতপক্ষত স্থলচৰ চতুস্পদী প্রাণী।
2. দেহৰ চৰ্ম সেমেকা গ্রন্থি যুক্ত আৰু বাকলিহীন।2. প্রাণীবোৰৰ দেহ বাকলি যুক্ত,খহটা আৰু গ্ৰন্থিহীন। 
3. প্রাণীবোৰৰ শ্বাসক্ৰিয়া ফুল, হাওঁফাওঁ আৰু দেহত্বকৰদ্বাৰা সম্পাদিত হয়।3. প্রাণীবোৰে সাধাৰণতে হাওঁফাওঁৰ দ্বাৰা শ্বাসক্রিয়া সম্পদান কৰে। 
4. চলন ক্ৰিয়াৰ বাবে দুযোৰ ঠেং থাকে।4. প্ৰাণীবোৰে বুকুত ভৰ দি চলনকার্য সম্পন্ন কৰে।

4. পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্রাণীসমূহ আৰু স্তন্যপ্ৰায়ীৰ প্ৰাণীসমূহৰ মাজত পার্থক্য কি কি?

উত্তৰঃ

পক্ষীস্তন্যপায়ী
1. পক্ষী শ্রেণীভুক্ত প্ৰাণীৰ গাতো পাখিৰে আবৃত।1. স্তন্যপায়ী প্রাণীবোৰৰ দেহত কম বা বেছি পৰিমাণে নোমেৰে আবৃত।
2. প্রাণীবোৰৰ হনুত দাঁত নাথাকেআৰু তাৰ সলনি ঠোট থাকে।2. প্রাণীবোৰৰ হনুত কেইবাপ্ৰকাৰৰ দাঁত থাকে।
3. মাইকী প্ৰাণীবোৰে কণী দিপোৱালি জগায়।3. মাইকী প্ৰাণীবোৰে সন্তানৰ জন্ম দিয়ে আৰু পোৱালিবোৰে সৰুতে মাকৰ গাখীৰ খায়।
4. বহিঃকর্ণ নাথাকে।4. এযোৰ বহিঃকর্ণ থাকে।

প্রশ্নাৱলী

1. গো প্রজাতি উন্নত কৰিবৰ কাৰণে কোনটো পদ্ধতি সাধাৰণতে ব্যৱহাৰ কৰা হয় আৰু কিয় কৰা হয়?

উত্তৰঃ গাখীৰৰ উৎপাদন কিছু পৰিমাণে নিৰ্ভৰ কৰে; গাইৰ দুগ্ধ কালৰ ওপৰত। দুগ্ধকাল হ’ল পোৱালী জগাৰ পাছত গাখীৰ উৎপাদনৰ সময়। বিদেশী প্রজাতি যেনে -জাৰ্চি, ব্রাউন চুইচ আদি দীৰ্ঘম্যাদি দুগ্ধকালৰ কাৰণে উপযুক্ত প্রজাতি। আনহাতে থলুৱা প্ৰজাতি যেনে— ৰেড চিন্ধি, সাহিৱাল আদি যথেষ্ট ৰোগ প্ৰতিৰোধী প্রজাতি। দুটা প্ৰজাতিৰ বৰ্ণসংকৰৰ ফলত দুয়োটা প্ৰজাতিৰ আকাংক্ষিত প্ৰকাৰ পাব পাৰি।

প্রশ্নমালা

1. দুগ্ধপাম আৰু হাঁহ কুকুৰা পাম পৰিচালনাৰ বাবে কি কি অনুশীলন সাধাৰণতে হাতত লোৱা হয়।

উত্তৰঃ দুগ্ধ পামৰ বাবে অনুশীলন :

(i) দেহৰপৰা লেটেৰা আৰু দুৰ্বল নোমবিলাক গুচাবলৈ নিতৌ চাফা কৰিব লাগে।

(ii) বায়ু চলাচলৰ সু-ব্যাৱস্থা থকা ঘৰত ৰখাৰ ব্যাৱস্থা কৰিব লাগে।

(iii) গোহালি ঘৰৰ মজিয়াখন হেলনীয়া হোৱা দৰকাৰ।

(iv) প্রয়োজনীয় আৱশ্যকীয় খাদ্য সময়ে সময়ে যোগান ধৰিব লাগে। 

(v) ৰোগৰ পৰা হাত সাৰি থাকিবলৈ ভেকচিন ব্যৱহাৰ কৰিব লাগে।

হাই কুকুৰাৰ বাবে অনুশীলনঃ

(i) পামঘৰৰ উষ্ণতা নিয়ন্ত্ৰণ আৰু চাফ-চিকুনকৈ ৰাখিব লাগে। 

(ii) উপযুক্ত খাদ্য যোগান ধৰিব লাগে।

(iii) ৰোগৰ পৰা হাত সাৰি থাকিবলৈ ভেকচিন ব্যৱহাৰ কৰিব লাগে।

(iv) পৰিবেশ শুকান হ’ব লাগে।

2. ব্ৰইলাৰ আৰু লেয়াৰৰ মাজত থকা পাৰ্থক্য কি আৰু সিহঁতৰ পৰিচালনাৰ মাজত পাৰ্থক্য কেনে ধৰণৰ?

উত্তৰঃ  কণী উৎপাদনৰ বাবে পালন কৰা কুকুৰাক লেয়াৰ বোলা হয়। আনহাতে অকল মাংসৰ উৎপাদনৰ বাবে পালন কৰা কুকুৰাক ব্ৰইলাৰ বোলা হয়।

ব্ৰইলাৰ আৰু লেয়াৰ কুকুৰাৰ পামঘৰ, পুষ্টিকৰ আহাৰ আৰু পৰিবেশকিছু পৰিমাণে বেলেগ বেলেগ হয়।

ব্ৰইলাৰৰ দৈনিক যোগান ধৰা খাদ্যত উপযুক্ত চৰী আৰু প্ৰটিনৰ পৰিমাণ লেয়াৰক যোগান ধৰাতকৈ বেছি পৰিমানে থাকে।

ব্ৰইলাৰৰ খাদ্যত ভিটামিন ‘A’ আৰু ‘E’ ৰ পৰিমাণ বেছি।

প্রশ্নমালা

1. কি ধৰণে মাছ ধৰা হয়?

উত্তৰঃ মাছ ধৰা নাও আৰু বিভিন্ন প্ৰকাৰৰ জালৰ সহায়ত মাছ ধৰা হয়।

2. মিশ্ৰিত মীন পালনৰ সুবিধাসমূহ কি কি ?

উত্তৰঃ (i) দেশীয় আৰু আমদানিকৃত দুয়ো ধৰণৰ মাছৰ প্ৰজাতিয়েই এই পদ্ধতিৰ দ্বাৰা পালন কৰিব পাৰি। 

(ii) ধানখেতি আৰু মাছৰ খেতি একেলগে কৰিব পাৰি।

(iii) একেলগে বিভিন্ন প্রজাতিৰ মাছ পালন কৰিব পাৰি।

অতিৰিক্ত প্রশ্নোত্তৰঃ

1. কলা গঠন নোহোৱা উদ্ভিদখিনিক কি বুলি কোৱা হয়? 

উত্তৰঃ সমাংগদেহী উদ্ভিদ।

2. ফুল নুফুলা অথচ সংবহন কলা থকা উদ্ভিদৰ বিভাগটোৰ অন্তৰ্গত উদ্ভিদখিনিক কি বুলি কোৱা হয়?

উত্তৰঃ ঢেকীয়া জাতীয় উদ্ভিদ।

3. ফুলেৰে আবৃত কৰি ৰখা বীজ ধাৰণ কৰা উদ্ভিদখিনিক কি বুলি কোৱা হয়?

উত্তৰঃ গুপ্তবীজী।

4. কি চৰিত্ৰৰ ওপৰত ভিত্তি কৰি নগ্নবীজী উদ্ভিদখিনিক সপুষ্পক উদ্ভিদৰ পৰা পৃথক কৰা হয়?

উত্তৰঃ নগ্নবীজী উদ্ভিদৰ বীজবোৰ নগ্ন অবস্থাত থাকে। কিন্তু অইন সপুষ্পক উদ্ভিদৰ বীজবোৰ ফলেৰে আবৃত হৈ থাকে।

5. মটৰ মাহ, বুটমাহ, ধান আৰু ঘঁহু আদিৰ শিপাবোৰ গুচ্ছমূল নে মুখ্যমূল প্ৰকৃতিৰ?

উত্তৰঃ গুচ্ছমূল প্ৰকৃতিৰ।

6. গুচ্ছমূল প্ৰকৃতিৰ উদ্ভিদৰ পাতৰ সিৰাবিন্যাস কেনেকুৱা?

উত্তৰঃ সমান্তৰাল প্ৰকৃতিৰ।

7. গুচ্ছমূল প্ৰকৃতিৰ উদ্ভিদৰ পাতৰ কক্ষত মুকুল থাকে নে নাথাকে?

উত্তৰঃ মুকুল নাথাকে।

8. ফুলবিলাকত থকা পাহিৰ সংখ্যা কিমান?

উত্তৰঃ গুচ্ছমূল থকা উদ্ভিদৰ ফুল বিলাকত থকা পাহিৰ সংখ্যা তিনি বা তাৰ গুণিতক।

9. জীৱৰ দ্বিপদ নামকৰণৰ প্ৰবৰ্তক কোন? 

উত্তৰঃ কেৰোলাছ লিনিয়াছ।

10. প্রজাতি কি?

উত্তৰঃ প্ৰজাতি হ’ল জীৱৰ বৰ্গীকৰণৰ ক্ষুদ্রতম মৌলিক একক দৈহিক আৰু জনন সংক্রান্ত চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ মিল থকা জীৱৰ একোটা একক বা সমষ্টিক প্রজাতি বোলে।

11. গণ কি? 

উত্তৰঃ পৰস্পৰ সম্পৰ্ক থকা প্ৰজাতিবোৰৰ একোটা সমষ্টিক গণ বোলে।

12. জীৱৰ বৈজ্ঞানিক নামত কেইটা পদ থাকে আৰু কি কি ?

উত্তৰঃ দুটা পদ থাকে। পদবোৰৰ প্ৰথমটো গণ আৰু দ্বিতীয়টো প্ৰজাতি বুজায় ৷

13. মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত কেইটামান জীৱৰ নাম লিখা।

উত্তৰঃ ৰাইজবিয়াম, বেচিলাচ, ভিব্ৰিঅ’কলেৰি আৰু ডিপ্ল’ককাচ বেকটেৰিয়া।

14. পেনিছিলিন নামৰ প্ৰতিজৈৱিকবিধ কোনে আবিষ্কাৰ কৰিছিল।

উত্তৰঃ আলেকজেণ্ডাৰ ফ্লেমিংএ।

15. একবীজপত্রী উদ্ভিজ্জত কি মূল থাকে?

উত্তৰঃ  গুচ্ছমূল।

16. মছজাতীয় উদ্ভিজ্জৰ পাতৰ নিচিনা অংগক কি বোলে?

উত্তৰঃ কাইলইড বোলে।

17. মছজাতীয় উদ্ভিদৰ ৰেণু উৎপন্ন হোৱা অংগটোৰ নাম কি?

উত্তৰঃ মুণ্ডক বা কেপস্থুল। 

18. দ্বিবীজপত্রী উদ্ভিদৰ সাধাৰণতে ফুলৰ পাহি কিমান থাকে ?

উত্তৰঃ পাঁচটা বা তাৰ গুণীতক সংখ্যক । 

19. ছাৰছিনেট ভাৰনেছন মানে কি?

উত্তৰঃ ঢেঁকীয়াৰ কুমলীয়া পাতবোৰ কুণ্ডলীকৃতভাৱে পাকখাই থকা চৰিত্ৰ ৷

20. ব্রণ কি?

উত্তৰঃ ঢেঁকীয়াৰ পূৰঠ পাতবিলাকৰ পিঠিৰফালে থকা ৰেণুথলীৰ একোটা থোপাক ব্রণ বোলে।

21. জীবজগতৰ পঞ্চৰাজ্য পদ্ধতি কোনে প্রবর্তন কৰিছিল? এই পদ্ধতি অনুসৰি বিভিন্ন ৰাজ্যসমূহৰ বৰ্ণনা দিয়া।

উত্তৰঃ জীৱজগতৰ পঞ্চৰাজ্য পদ্ধতি প্ৰৱৰ্তন কৰিছিল আমেৰিকাৰ জীৱবিজ্ঞানী  ৰবাৰ্ট এইচ্ হোৱাইটেকাৰে।

হোৱাইটেকাৰে সম্পূৰ্ণ জীৱজগতখনক পাঁচটা ৰাজ্যত বিভক্ত কৰে। এইবোৰ মনেৰা ৰাজ্য, প্ৰটিষ্টা ৰাজ্য, উদ্ভিদ ৰাজ্য, প্ৰাণী ৰাজ্য আৰু ভেঁকুৰ।

মনেৰা ৰাজ্য : এই ৰজ্যৰ অন্তৰ্গত জীৱবিলাক অতি সৰল। ইহঁত সাধাৰণতে এককোষীয়, কিন্তু কোষত প্ৰকৃত কোষকেন্দ্র নাথাকে। অর্থাৎ ইহঁত প্রকোষকেন্দ্ৰীয় প্ৰকাৰৰ কোষযুক্ত জীৱ। 

প্ৰটিষ্টা ৰজ্য : এই ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ এককোষীয় আৰু প্ৰকৃত কোষকেন্দ্রমুক্ত। অর্থাৎ, এইবোৰ প্ৰকোষকেন্দ্ৰীয় কোষযুক্ত জীৱ। ইহঁত

আণুবিক্ষণিক। জীৱবিলাকৰ কিছুমান বিশেষ আৰু উমৈহতীয়া বৈশিষ্ট্য হ’ল —

(i) প্রায়বিলাক জীৱ এককোষী আৰু জলজ।

(ii) জীৱকোষ সংকোষকেন্দ্ৰীয় আৰু কোষকেন্দ্ৰত ক্রমজম থাকে।

(iii) কোষপ্ৰসত বিভিন্ন প্ৰকাৰ কোষ অংগানু থাকে।

উদ্ভিদ ৰাজ্য : সকলোবিলাক উদ্ভিদেই এই ৰাজ্যৰ অন্তৰ্ভুক্ত। ইহঁত বহুকোষী। কোষবোৰ সংকোষকেন্দ্ৰীয় হোৱাৰ উপৰিও কোষবেযুক্ত। কোষবোৰ চেলুলজেৰে গঠিত। কোষত হৰিকণা থকাৰ বাবে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰি ল’ব পাৰে।

প্ৰাণীৰাজ্য : এককোষী বাবে আন সকলোবোৰ বহুকোষী প্রাণী এই ৰাজ্যৰ অন্তৰ্গত। ইহঁতৰ দেহ সংকোষকেন্দ্ৰীয় আৰু কোষাবৰণযুক্ত। উদ্ভিদকোষৰ দৰে ইহঁতৰ কোষত কোষৰে নাথাকে। দেহৰ গঠন অত্যন্ত জটিল। বিভিন্ন কোষৰ সমন্বয়ত কলা আৰু কলাৰ সমন্বয়ত অংগ আৰু অগংতন্ত্ৰৰ গঠন হয়। এই অংগতনত্ৰবিলাকৰ দ্বাৰা জীৱন কাৰ্য্য সম্পন্ন কৰে।

ভেঁকুৰ : এই ৰাজ্যৰ অন্তৰ্গত জীৱসমূহৰ কোষত হৰিৎকণা নাথাকে আৰু সেইবাবে ইহঁতে খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। ইহঁতে অন্যান্য জীৱিত বা মৃত জীৱৰ পৰা খাদ্য শোষণ কৰি পুষ্টি লাভ কৰে। কিছুমান জীৱ এককোষী যদিও বেছি সংখ্যক বহুকোষী। এইবোৰ জীৱৰ কোষবেৰখন কাইটিন নামৰ পদাৰ্থৰে গঠিত।

22. প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহৰ চৰিত্ৰসমূহ উল্লেখ কৰা। 

উত্তৰঃ (i) প্ৰায়বিলাক জীৱই এককোষী আৰু জলজ।

(ii) কোষত প্রকৃত কোষকেন্দ্ৰ আৰু ক্ৰম’জম থাকে। 

(iii) কোষবিলাকত প্ৰায়ে কেশ থাকে।

(iv) কিছুমান জীৱ স্বপুষ্ট আৰু অন্য কিছুমান পৰপুষ্ট।

(v) সাধাৰণতে অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে। 

23. ভেঁকুৰ ৰাজ্যৰ অন্তৰ্গত জীৱসমূহৰ চৰিত্ৰ বৰ্ণনা দিয়া।

উত্তৰঃ (i) এই ৰাজ্যৰ অন্তৰ্গত জীৱসমূহৰ কোষত হৰিকণা নাথাকে।

(ii) জীৱসমূহ পৰপোষী। ইহঁতে অন্যান্য জীৱিত বা মৃত জীৱৰ পৰা শোষণ প্ৰক্ৰিয়াৰে পুষ্টি লাভ কৰে।

(iii) কিছুমান জীৱ এককোষী যদিও সাধাৰণতে ইহঁত বহুকোষী। 

(iv) এই ৰাজ্যৰ জীৱসমূহৰ কোষবেৰখন কাইটিন নামৰ পদাৰ্থৰে গঠিত।

24. আদ্যপ্ৰাণী বুলিলে কি বুজা?

উত্তৰঃ  যিবোৰ প্ৰাণীৰ দেহ মাত্ৰ এটা সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত, সেইবোৰক আদ্যপ্রাণী বোলে।

25. দুবিধ মুক্তজীৱি আৰু দুবিধ পৰজীৱি প্ৰটয’ৱা প্ৰাণীৰ নাম উল্লেখ কৰা। 

উত্তৰঃ মুক্তজীৱি প্ৰট’যৱা প্ৰাণী-

(i) এমিবা।

(ii) পেৰামেছিয়াম।

পৰজীৱি প্ৰট’যৱা প্ৰাণী-

(i) এণ্টামিবা।

(ii) প্লাজম’ডিয়াম।

26. প্ৰটষ’ৱা প্ৰাণীৰ চাৰিটা প্রধান চৰিত্ৰ উল্লেখ কৰা।

উত্তৰঃ (i) প্রাণীবোৰৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত।

(ii) কোষবোৰ সংকোষকেন্দ্রীয়।

(iii) প্ৰাণীবোৰৰ দেহ অতি সৰল, ক্ষুদ্ৰ আৰু আণুবিক্ষণিক। 

(iv) ইহঁতৰ বেছিভাগে পানীত বাস কৰে।

27. ৰঞ্জী প্ৰাণীবোৰ ঘাইকৈ কত বাস কৰে?

উত্তৰঃ সমুদ্ৰত বাস কৰে।

28. কোনবোৰ প্ৰাণীক স্পঞ্জ বুলি জনা যায়?

উত্তৰঃ ৰন্ধ্ৰীপ্ৰাণীবোৰক।

29. বহুরূপিতা মানে কি?

উত্তৰঃ একে প্ৰজাতিৰ প্ৰাণীৰ ক্ষেত্ৰত দুটা বা তাতকৈ অধিক সংখ্যক আকৃতিৰ জীৱ থকাৰ পৰিঘটনাটোক বহুৰূপিতা বোলে। 

30. ফিটাকৃমিৰ দেহত থকা চোষকৰ কাম কি?

উত্তৰঃ চোষকৰ দ্বাৰা ইহঁতে পোষকৰ দেহৰপৰা খাদ্য শোষণ কৰে।

31. কণীপৰা দুটা স্তন্যপায়ী প্ৰাণীৰ নাম লিখা। 

উত্তৰঃ (i) প্লেটিপাছ।

(ii) একিডনা।

32. ৰঞ্জীপ্ৰাণীৰ চাৰিটা চাৰিত্ৰিক বৈশিষ্ট্য লিখা। 

উত্তৰঃ (i) প্রাণীবোৰৰ দেহত অসংখ্য ৰন্ধ্ৰ বা ছিদ্র থাকে।

(iii) ৰন্ধ্ৰী প্ৰাণীবোৰে চলাচল কৰিব নোৱাৰে। 

(iii) প্ৰাণীবোৰ জলজ আৰু ঘাইকৈ সামুদ্রিক।

(iv) দেহ অসংখ্য কোষেৰে গঠিত কিন্তু কোষবোৰে কলা গঠন নকৰে।

33. সন্ধিপদী প্ৰাণীৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰঃ (i) এইবোৰ প্ৰাণীৰ দেহ সাধাৰণতে শিৰ, বক্ষ আৰু উদ এই তিনিটা ভাগত বিভক্ত।

(ii) প্রাণীবোৰ অমেৰুদণ্ডী।

(ii) বুকু অংশৰ পৰ ওলোৱা উপাংগসমূহ সন্ধিযুক্ত।

(iv) প্রাণীবোৰৰ এযোৰ পুঞ্জাক্ষি থাকে।

34. কোনবোৰ প্ৰাণীৰ দেহগুহাত ৰক্ত বা তেজ থাকে?

উত্তৰঃ মেৰুদণ্ডী প্ৰাণীৰ।

35. ৰন্ধীপ্ৰাণী অক্সিজেন কেনেকৈ লয়?

উত্তৰঃ ৰন্ধ্ৰীপ্ৰাণীৰ দেহত অসংখ্য ৰন্ধ বা ছিদ্র থাকে। ইয়াৰ সহায়ত ইহঁতে অক্সিজেন লয়।

36. উভচৰ প্ৰাণীসমূহৰ শ্বাসঅংগবোৰৰ নাম উল্লেখ কৰা ।

উত্তৰঃ ফুল, হাওঁফাওঁ আৰু ছাল।

37. হয় নে নহয় লিখা : 

(i) সাপ আৰু জেঠী জাতীয় প্ৰাণীবোৰ উষ্ণৰক্তী প্ৰাণী।

উত্তৰঃ নহয় ।

(ii) কেৱল পক্ষী আৰু স্তন্যপায়ী প্রাণীবোৰহে উষ্ণৰক্তী।

উত্তৰঃ নহয় ।

(iii) ফিটাকৃমিৰ পাচননলী অসম্পূর্ণ।

উত্তৰঃ হয় ।

(iv) কাৱৈমাছ অষ্টিকথিছ মাছৰ উদাহৰণ।

উত্তৰঃ হয় ।

(v) উভচৰ প্ৰাণঈৰ হৃৎপিণ্ড তিনি কোঠালিযুক্ত । 

উত্তৰঃ হয় ।

(vi) পক্ষীৰ কিছুমান প্ৰজাতিয়ে কণীৰ বদলি পোৱালিহে জন্ম দিয়ে।

উত্তৰঃ নহয়।

38. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i) অমেৰুদণ্ডী প্ৰাণীৰ কোনটো ভাগত ফিটাকৃমি অন্তৰ্ভুক্ত কৰা হৈছে?

(ক) একনলদেহী প্রাণী। 

(খ) বলয়ী প্রাণী।

(গ) চেপেটা কৃমি।

(ঘ) এইবোৰৰ এটাও নহয়।

উত্তৰঃ (গ) চেপেটা কৃমি।

(ii) অমেদণ্ডী প্রাণীসমূহৰ কোনটো ভাগত প্ৰথমে প্রকৃত দেহগুহা আবির্ভাব হৈছিল?

(ক) একনলদেহী প্রাণী।

(খ) ঘূৰণীয়া কৃমি।

(গ) ৰন্ধী প্রাণী।

(ঘ) খোলাধাৰী প্ৰাণী।

উত্তৰঃ (গ) ৰন্ধী প্রাণী।

(iii) কোনবিধ মাছৰ অন্তঃকংকাল উপাস্থিৰে গঠিত ?

(ক) বৰালি মাছ।

(খ) ছার্ক মাছ।

(গ) ৰৌ মাছ।

(ঘ) কাৱৈ মাছ।

উত্তৰঃ (খ) ছাৰ্ক মাছ।

(iv) ঘঁৰিয়ালৰ হৃদপিণ্ডৰ কোঠালিৰ সংখ্যা — 

(ক) 2 

খ) 3

(গ) 4

(ঘ) 5

উত্তৰঃ (গ) 4

39. পার্থক্য লিখা :

(i) অপৃষ্ঠদণ্ডী আৰু পৃষ্ঠদণ্ডী প্রাণী।

উত্তৰঃ

অপৃষ্ঠদণ্ডীপৃষ্ঠদণ্ডী
1. এইবোৰ প্ৰাণীৰ আকাৰসাধাৰণতে সৰু।1. এইবোৰ প্ৰাণীৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ আৰু কিছুমান বৃহৎ আকাৰৰ।
2. প্রাণীবোৰৰ শৰীৰত মেৰদণ্ড নাথাকে।2. প্রাণীবোৰৰ শৰীৰত মেৰদণ্ড নাথাকে।
3. স্নায়ুৰজ্জু দেহৰ অংকীয়ফালে থাকে3. স্নায়ুজ্জু দেহৰ পৃষ্ঠীয় দিশত থাকে।

(ii) একনলদেহী আৰু ঘূৰণীয়া কৃমি।

উত্তৰঃ

একনলদেহীঘূৰণীয়া কৃমি
1. সকলোবোৰ প্ৰাণীয়েই জলচৰ।1. প্ৰাণীবোৰ সেমেকা মাটি নাইবাপানীত বাস কৰে।
2. প্ৰাণীবোৰৰ দেহ খণ্ডহীন চুঙাৰ দৰে আৰু শৰীৰৰ ভিতৰত এমূৰে মুকলি গহ্বৰ এটা থাকে।2. দেহ দ্বিপাৰ্শ্বিকভাৱে সমমিত । নলী সদৃশ আৰু দুইপ্রান্ত জোঙা।
3. প্ৰাণীবোৰৰ ক্ষেত্ৰত বহুরূপিতা পৰিলক্ষিত হয়।3.বহুৰূপিতা পৰিলক্ষিত নহয়।
4. দেহত খাজ দেহগহ্বৰবা চিলেণ্টৰণ থাকে।4. দেহত কূট গহ্বৰ থাকে।

(iii) প্ৰটকৰ্ডাটা আৰু কৰ্ডাটা।

উত্তৰঃ

প্রটকর্ডাটাকর্ডাটা
1. প্রাণীসমূহৰ দেহত অস্থি বা হাড় নাথাকে ।1. প্রাণঈবোৰৰ দেহত অস্থি থাকে।
2. এইবোৰ প্ৰাণী ঘাইকৈ সামুদ্রিক।2. প্রাণীবোৰৰ কিছুমান জলচৰ, কিছুমান স্থলচৰ আৰু কিছুমান উবচৰ ৷
3. প্রাণীবোৰৰ দেহৰ ছাল ডাঠ।3. প্রাণীবোৰৰ ছাল সাধাৰণকে কোমল।

(iv) শীতলৰক্তী আৰু উষ্ণৰক্তী :

উত্তৰঃ

শীতলৰক্তীউষ্ণৰক্তী
1. শীতলৰক্তী প্ৰাণীবোৰৰ কিছুমান অমেৰুদণ্ডী আৰু কিছুমান মেৰুদণ্ডী।1. উষ্ণৰক্তী প্ৰাণীবোৰ উন্নত আৰু মেৰুদণ্ডী।
2. প্রাণীবোৰৰ দেহৰ উষ্ণতাপৰিবেশৰ উষ্ণতা অনুযায়ীপৰিবৰ্তনশীল।2. প্রজাতি বিশেষে প্রাণীবোৰৰ দেহৰ উষ্ণতা এক নিৰ্দিষ্ট মানত থাকে।
3. মৎস, উভচৰ আৰু সৰীসৃপৰবাহিৰে অন্য সকলোবোৰ শীতলৰক্তী প্ৰাণীৰ তেজত লোহিত ৰক্ত কণিকাবিহীন।3. প্রাণীবোৰৰ তেজ লোহিত ৰক্ত কণিকাযুক্ত আৰু সেইবাবে ৰঙা ।

40. শুদ্ধ উত্তৰটো বাছি উলিওৱা। 

(i) জীৱৰ বৰ্গীকৰণ বিন্যাসৰ ক্ষুদ্রতম এককটো হ’ল গণ/প্রজাতি/গোত্র।

উত্তৰঃ প্রজাতি‌।

(ii) প্রকোষকেন্দ্রীয় কোষেৰে গঠিত জীৱবিলাক প্ৰচিষ্টা/মনেৰা ৰাজ্যৰ অন্তর্গত।

উত্তৰঃ মনেৰা ।

(iii) জীৱৰ আধুনিক বৰ্গীকৰণৰ ধাৰণা অনুসৰি হোৱাইটেকাৰে জীৱজগতক দুই/তিনি/পাচখন ৰাজ্যত বিভক্ত কৰিছে।

উত্তৰঃ পাঁচখন ।

(iv) জীৱৰ দ্বিপদ নামাকৰণ পদ্ধতি লেমাৰ্ক/লিনিয়াছ/এৰিষ্টটলে উদ্ভাৱন কৰিছিল। 

উত্তৰঃ নেটাম ।

(v) বেক্টেৰিয়াবিলাক প্রকোষকেন্দ্ৰীয় কোষেৰে / সংকোষকেন্দ্ৰীয় কোষেৰে গঠিত।

উত্তৰঃ প্রকোষকেন্দ্রীয় ।

(vi) গুপ্তবীজী উদ্ভিদৰ লগত সাদৃশ্য থকা এজোপা নগ্নবীজী উদ্ভিদ হ’ল ছাইকাছ/ নেটাম / যুজা।

উত্তৰঃ লিনিয়াছ ।

(vii) প্রায় ‘ফাইটাৰ অন্তৰ্গত উদ্ভিদৰ দেহত সংবহন কলা থাকে / নেথাকে। 

উত্তৰঃ নাথাকে ।

(viii) ঢেকীয়াজাতীয় উদ্ভিদৰ ৰেণুধানী বহন কৰা পাতবিলাকক ৰেণুপত্র / ৰেণুস্থলী বোলে।

উত্তৰঃ ৰেণুস্থলী।

41. পার্থক্য লিখাঃ

(i) মনেৰা ৰাজ্য আৰু প্ৰটিষ্টা ৰাজ্য।

উত্তৰঃ

মনেৰাপ্রটিষ্টা
1. এই ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক অতি সৰল।1. এই ৰাজ্যৰ জীৱবিলাক সৰল যদিও মনেৰা ৰাজ্যৰ জীৱতকৈ উন্নত।
2. মনেৰা ৰাজ্যৰ জীৱবোৰ প্রকোষকেন্দ্ৰীয়।2. প্রতিষ্টা ৰাজ্যৰ জীৱবোৰ সংকোষকেন্দ্রীয়।

(ii) শেলাই আৰু ভেঁকুৰ।

উত্তৰঃ

শেলাইভেঁকুৰ
1. এইবোৰ হৈছে উদ্ভিদজগতৰ নিম্নখাপৰ উদ্ভিদ। ইহঁতৰ কোষ হৰিকণা যুক্ত৷1. ভেঁকুৰবোৰ হৰিকণাবিহীন এককোষী বা বহুকোষী জীৱ।
2. শেলাইবোৰে নিজৰ খাদ্য প্ৰস্তুত কৰি লব পাৰে।2. এইবোৰে পৰজীৱি, মৃতজীৱি বা সহজীৱি হিচাপে জীৱণধাৰণ কৰে।
3. উদ্ভিদ যদিও শেলাইৰ ডাল, পাত আৰু শিপা নাথাকে।3. ইহঁত প্ৰকৃতাৰ্থত উদ্ভিদ নহয় ৷

(iii) ব্ৰায় ‘ফাইটা আৰু ঢেঁকীয়া জাতীয় উদ্ভিদৰ।

উত্তৰঃ

ব্ৰায় ‘ফাইটাঢেঁকীয়া জাতীয়
1. এইবিলাক উদ্ভিদৰ দেহৰ গঠন বহুকোষীয়, কিন্তু সংবহন কলাবিহীন1. এইবিলাক উদ্ভিদৰ দেহ সুগঠিত আৰু সংবহন কলাযুক্ত ৷
2. এইবিলাক উদ্ভিদৰ দেহটো সমকায় বা কিছুমান ক্ষেত্ৰত পাত, কাণ্ড, মূল আদিৰ নিচিনা অংগৰে গঠিত।2. এইবিলাক উদ্ভিদৰ দেহটো তুলনামুলকভাৱে উন্নত আৰু পাত, কাণ্ড, শিপা আদিৰে সুপুষ্ট।
3. এইবিলাক উদ্ভিদ সাধাৰণতে জেকা, সেমেকা বা ৰদ নপৰা ঠাইত জন্মে।3. ঢেঁকীয়া জাতীয় উদ্ভিদ পৃথিৱীৰ সকলো ঠাইৰে সকলো জলবায়ুতে জন্মে।

(iv) নগ্নবীজী আৰু গুপ্তবীজী উদ্ভিদ।

উত্তৰঃ

নগ্নবীজীগুপ্তবীজী
1. এই বিভাগৰ অন্তৰ্গত উদ্ভিদৰ বীজ ফুলৰ পৰা উৎপন্ন হয়, কিন্তু ফলেৰে আবৃত হৈ নাথাকে।1. এই বিভাগৰ উদ্ভিদৰ বীজ ফুলৰ পৰা উৎপন্ন হয় আৰু ফলেৰে আবৃত হৈ থাকে।
2. ইহঁতৰ প্ৰায়বিলাক বৃক্ষজাতীয় আৰু শকত তথা বহুবর্ষী।2. গুপ্তবীজী উদ্ভিদবিলাক শাক-বন জাতীয়ৰপৰা জোপোহা, বৃক্ষ আৰু কিছুমান লতা জাতীয়
3. এই জাতীয় উদ্ভিদৰ ফুলবোৰ একলিংগী।3. ফুলবোৰ উভয়লিংগী।

(v) একবীজপত্ৰী আৰু দ্বিবীজপত্রী উদ্ভিদ।

উত্তৰঃ

একবীজ পত্রীদ্বিবীজ পত্রী
1. একবীজপত্রী উদ্ভিদৰ বীজত এটা বীজপত্র থাকে।1. দ্বিবীজপত্রী উদ্ভিদবিলাকৰ বীজত দুটা বীজপত্র থাকে।
2. পাতৰ সিৰাবিন্যাস সমান্তৰাল।2. পাতৰ সিৰাবিন্যাস জাল সিৰাবিন্যাস।
3. পাতৰ কক্ষত কক্ষমুকুল নাথাকে।3. পাতৰ কক্ষৰ কক্ষমুকুল থাকে।
4. শিপাৰ গঠন গুচ্ছমূল । 4. শিপাবোৰ মুখ্যমূল জাতীয় ৷
5. পাতত উপপত্ৰ নাথাকে।5. পাতত উপপত্র থাকে।

(vi) বৰ্গ আৰু গোত্র।

উত্তৰঃ

বর্গগোত্র
1. কেইবাটাও ওচৰ সম্বন্ধীয় গোত্ৰৰ সমন্বয়ত একোটা বৰ্গৰ সৃষ্টি হয় । 1. কেইবাটাও ওচৰ সম্পৰ্কীয় গণৰ সমষ্টিৰে একোটা গোত্ৰৰ সৃষ্টি হয় ।
2. একোটা বৰ্গ কিছুমান গোত্ৰৰ ওপৰত নিৰ্ভৰশীল।2. একোটা গোত্র গণৰ ওপৰত নিৰ্ভৰশীল কিন্তু বৰ্গৰ ওপৰত নিৰ্ভৰশীল নহয় ৷
3. একোটা বৰ্গ তুলনামূলকভাৱে গোত্ৰতকৈ বৃহৎ সমষ্টি।3. গোত্র তুলনামূলকভাৱে বৰ্গতকৈ ক্ষুদ্র সমষ্টি।

42. শুদ্ধ নে অশুদ্ধ লিখা।

(i) জীৱৰ বৰ্গীকৰণৰ বিন্যাসটোৰ বৃহত্তম এককটো বৰ্গ।

উত্তৰঃ অশুদ্ধ ।

(ii) জীৱৰ বৈজ্ঞানিক নামত দুটা পদ থাকে। 

উত্তৰঃ‌‌‌ শুদ্ধ ।

(iii) আলেকজেণ্ডাৰ ফ্লেমিং নামৰ বিজ্ঞানীজনে পেনিছিলিন আবিষ্কাৰ কৰিছিল।

উত্তৰঃ‌‌‌ শুদ্ধ ।

(iv) নেটাম গুপ্তবীজী উদ্ভিদ।

উত্তৰঃ‌‌‌ অশুদ্ধ ।

(v) লেমাৰ্ক দ্বিপদ নামাকৰণ উদ্ভাবন কৰিছিল।

উত্তৰঃ‌‌‌ অশুদ্ধ ।

(vi) একবীজপত্রী উদ্ভিদৰ পাতৰ কক্ষত মুকুল থাকে।

উত্তৰঃ‌‌‌ অশুদ্ধ ।

45. কন্ড্রিকথিছ আৰু অষ্টিকথিছৰ মাজত থকা দুটা পার্থক্য লিখা আৰু প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ‌‌‌‌‌ পার্থক্য :

(i) কন্ড্রিকথিছ মাছবোৰৰ অকংকাল উপস্থিৰে গঠিত। কিন্তু অষ্টিকপিছ মাছবোৰৰ কংকাল অস্থিৰে গঠিত।

(ii) কণ্ডিকথিছ মাছবোৰ বিশেষকৈ সাগৰীয়। আনহাতে অষ্টিকথিছ মাছবোৰ সাধাৰণতে পানীত বাস কৰে।

উদাহৰণ :

কন্ড্রিকথিছ : – ছাৰ্ক আৰু ট্রাইগন।

অষ্টিকথিছ :- মাগুৰ আৰু ভকুৱা।

44. কশেৰুকাযুক্ত প্রাণীসমূহৰ প্ৰধান ভাগকেউটা উল্লেখ কৰা আৰু প্ৰত্যেকৰে দুটাকৈ প্ৰধান চৰিত্ৰ লিখা।

উত্তৰঃ‌‌‌‌ কশেৰুকাযুক্ত প্রাণীসমূহক প্ৰধানকৈ পাঁচটা শ্ৰেণীত ভাগ কৰা হয় – মৎস্য, পক্ষী, উভচৰ, সৰীসৃপ আৰু স্তন্যপায়ী।

মৎস্য শ্ৰেণীৰ বৈশিষ্ট :

(i) এইবোৰ জলচৰ আৰু শীতলৰক্তী প্ৰাণী।

(ii) প্ৰাণীবোৰে শ্বাসক্ৰিয়াৰ প্ৰধানত ফুল ব্যৱহাৰ কৰে।

পক্ষী শ্ৰেণীৰ বৈশিষ্ট্য :

(i) এই শ্রেণীভুক্ত প্রাণীবোৰ উষ্ণৰক্তী আৰু দ্বিপদী।

(ii) প্ৰাণীবোৰৰ অগ্ৰপদদুটা ৰূপান্তৰিত হৈ ডেউকাৰ সৃষ্টি কৰে।

উভচৰ প্ৰাণীৰ বৈশিষ্ট্য :

(i) উভচৰ প্ৰাণীবোৰে জীৱনৰ প্ৰথম চোৱাকাল পানীত আৰু পিচৰ কালচোৱা বামত বাস কৰে।

(ii) প্ৰাণীবোৰ শীতলৰক্তী।

সৰীসৃপৰ বৈশিষ্ট্য :

(i) প্ৰাণীবোৰ শীতলৰক্তী আৰু দেহ বাকলিযুক্ত।

(ii) প্রাণীবোৰৰ দুযোৰ ঠেং থাকে কিন্তু ইহঁতে বুকুত ভৰ দি জীৰণি লয়।

স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্যঃ

(i) প্ৰাণীবোৰে সন্তান জন্ম দিয়ে আৰু পোৱালিবোৰে মাকৰ গাখীৰ খায়।

(ii) প্ৰাণীবোৰ উষ্ণৰক্তী আৰু দেহত কম বেছি পৰিমাণে নোম থাকে।

45. খালী ঠাই পূৰ কৰাঃ

(i) এণ্টামিবাই মানুহৰ দেহত —— ৰোগ কৰে।

উত্তৰঃ গ্ৰহণী ।

(ii) —— নামৰ প্ৰটযোৱাই মানুহৰ দেহত মেলেৰীয়া ৰোগ কৰে।

উত্তৰঃ প্লাজম’ডিয়াম ।

(iii) ৰঞ্জীপ্ৰাণীৰ দেহত পানী চলাচল কৰোৱা তন্ত্ৰটোৰ নাম —— ।

উত্তৰঃ নলতন্ত্র ।

(iv) উপস্থিৰে গঠিত অন্তঃকংকালযুক্ত মাছবোৰক —— বোলা হয়।

উত্তৰঃ কন্ড্রিকথিছ ।

(v) প্ৰট’কৰ্ডাটা প্ৰাণীৰ দেহৰ ভৰবহণকাৰী লেহুকা দণ্ডডালক ———  বোলে।

উত্তৰঃ পৃষ্ঠদণ্ড ।

(vi) পক্ষীৰ শ্বাস অংগৰ নাম —— ।

উত্তৰঃ হাওঁফাওঁ‌।

46. পশুপালন কি ? পশুপালনত প্ৰধানকৈ কি কি দিশ সামৰি লোৱা হয়? 

উত্তৰঃ বৈজ্ঞানিক পদ্ধতিৰে পৰিচালনা কৰি পোহ পালন কৰা পশুধনক পশুপালন বুলি কোৱা হয়। পশুপালনত প্ৰধানকৈ খাদ্যযোগান, প্রজনন আৰু ৰোগ নিয়ন্ত্ৰণ আদি সামৰি লোৱা হয়।

47. ভাৰতীয় গৰু আৰু মহৰ প্ৰজাতি একোটাৰ বৈজ্ঞানিক নাম লিখা।

উত্তৰঃ গৰু প্ৰজাতি — বচ ইন্দিকাচ।

মহৰ প্ৰজাতি — বচ কেবেলিচ।

48. গাখীৰ দিয়া জন্তুবিলাকৰ আবশ্যকীয় খাদ্য কি কি?

উত্তৰঃ (ক) দেহ গঠনৰ বাবে আৱশ্যকীয় খাদ্য।

(খ) দুগ্ধ উৎপাদনৰ বাবে প্ৰয়োজনীয় খাদ্য।

49. মেৰিকালচাৰ কি?

উত্তৰঃ মীন ক্ষেত্ৰত মৎস্য ভাণ্ডাৰৰ হ্ৰাস পোৱালৈ লক্ষ্য ৰাখি ইয়াৰ চাহিদা পূৰণ মীন পালন প্ৰক্ৰিয়াৰ দ্বাৰাহে কৰিব পাৰি। ইয়াক মেৰিকালচাৰ বুলি কোৱা হয়।

50. বৈজ্ঞানিক নাম লিখোতে মানিবলগীয়া নিয়মকেইটা কি কি ? 

উত্তৰঃ (i) ‘জাতিৰ’ নামৰ প্ৰথম আখৰটো বৰফলাত লিখা হয়।

(ii) ‘প্ৰজাতি’ৰ নামটো সৰু ফলা আখৰেৰে লিখা হয়। 

(iii) বৈজ্ঞানিক নামটো মুদ্ৰণত ‘ইটালিক’ কৰি ৰখা হয়।

(iv) হাতে লিখা অৱস্থাত বৈজ্ঞানিক নামটোৰ ‘জাতি আৰু প্ৰজাতি’ বেলেগ বেলেগ তলত আঁচ টনা হয়।

প্রশ্নাৱলী 

1. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বুলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?

উত্তৰঃ জীৱজগতৰ কিছুমান ভাগৰ জীৱ বিলাকৰ দেহৰ অবয়ব প্রাচীন কালৰ জীৱতকৈ বেছি পৰিবৰ্তন বা ৰূপান্তৰ নঘটে। তেনে জীৱবোৰক নিম্নস্তৰৰ জীৱ বোলে।

ক্রমবিকাশৰ গতিধাৰাক জীৱৰ দেহ অবয়ব বা আৰ্হি সৰল পৰ্যায়ৰ পৰা জটিল পৰ্যায়ৰ ফালে ধাবিত হয়। নিম্নস্তৰৰ জীৱবোৰ সৰল পৰ্যায়ৰ আৰু উচ্চস্তৰৰ জীৱবিলাক জটিল পৰ্য্যায়ৰ।

2. উচ্চস্তৰীয় জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয়। কিয়? 

উত্তৰঃ উচ্চস্তৰীয় জীৱ সমূহ জটিল জীৱসমূহৰ সৈতে একে। কাৰণ ইহঁতে দেহৰ আৰ্হিটো এনেকৈ অভিযোজন কৰি লয় যাতে সিঁহতে তুলনামূলকভাৱে পিছতীয়াকৈ উদ্ভৱ হৈয়ো বর্তমান কালৰ পৰিবেশৰ লগত খাপ খাই থাকিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top