Class 9 Science Chapter 14 প্রাকৃতিক সম্পদ

Class 9 Science Chapter 14 প্রাকৃতিক সম্পদ, নৱম শ্ৰেণীৰ বিজ্ঞান প্ৰশ্নৰ উত্তৰ, Class 9 Science Question Answer to each chapter is provided in the list of SEBA বিজ্ঞান Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Science Chapter 14 প্রাকৃতিক সম্পদ Question Answer can be of great value to excel in the examination.

Class 9 Science Chapter 14 প্রাকৃতিক সম্পদ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

SEBA Class 9 General Science Chapter 14 প্রাকৃতিক সম্পদ Notes cover all the exercise questions in Assam Board SEBA Textbooks. The SEBA Class 9 Science Chapter 14 প্রাকৃতিক সম্পদ provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

প্রাকৃতিক সম্পদ

Chapter – 14

পাঠভিত্তিক ক্রিয়াকলাপৰ প্রশ্নোত্তৰ

1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মঙ্গল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পার্থক্য কেনে ধৰণৰ?

উত্তৰঃ

পৃথিৱীৰ বায়ুমণ্ডলশুক্ৰ আৰু মংগলৰ বায়ুমণ্ডল
(i) ইয়াত নাইট্ৰজেন আৰুঅক্সিজেন আছে। (i) নাইট্রজেন আৰু অক্সিজেন নাই।
(ii) কার্বন-ডাই-অক্সাইডৰ পৰিমাণ কম। 0.03%(ii) কার্বন-ডাই-অক্সাইডৰ পৰিমাণ বেছি। 95-75% 
(iii) জলীয় বাষ্প থাকে। (iii) জলীয় বাষ্প নাই।
(iv) জীৱ জয়াই থকাৰ অনুকূল পৰিবেশ।(iv) জীৱ জীয়াই থকাৰ প্ৰতিকূল পৰিবেশ।

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে?

উত্তৰঃ তলত দিয়া কাৰণসমূহৰ বাবে বায়ুমণ্ডলে এখন কম্পলৰ দৰে কাম কৰে —

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(i) বায়ু তাপৰ কুপৰিবাহী।

(ii) সূৰ্যৰ পৰা পোৱা তাপ বয়ুমণ্ডলে নির্দিষ্ট অনুপাতত ধৰি ৰাখি পৃথিৱীখনক এক সুস্থিৰ উষ্ণতাত ৰাখে।

(ii) দিনৰ ভাগত সূৰ্য্যৰ পোনপতীয়া তাপত পৃথিৱীৰ বেছিকৈ উষ্ণতা বৃদ্ধি হৈ যোৱাৰ পৰা বায়ুমণ্ডলে বাধা দি ৰাখে। গধূলিভাগত ইয়াৰ ওপৰিভাগে তাপ এৰি দিয়াৰ লাহে লাহে ঠাণ্ডা হ’বলৈ ধৰে।

3. বতাহ কিহে সৃষ্টি কৰে?

উত্তৰঃ সূৰ্য্যৰ ৰশ্মি পৃথিৱী পৃষ্ঠত পৰোতে ভূমণ্ডল পানীতকৈ বেছি উত্তাপিত হয়। ফলত মাটিৰ ওপৰৰ বায়ু সোনকালে উত্তাপিত হয় আৰু ওপৰলৈ উঠি যায়। সেই সময়ত পানীৰ ওপৰৰ শীতল বতাহ ভূ-মণ্ডললৈ গতি কৰে। বতাহৰ এই গতিয়ে শীতল বায়ুৰ সৃষ্টি কৰে। গতি প্রবল হ’লে বায়ুক বতাহ বুলি কোৱা হয়।

4. ডাৱৰ কেনেকৈ সৃষ্টি হয়?

উত্তৰঃ যেতিয়া দিনৰ ভাগত সূৰ্য্যৰ তাপত জলভাগ গৰম হয় তেতিয়া বেছিভাগ পানী বাষ্পীভূত হৈ বায়ুমণ্ডললৈ যায়। কিছু পৰিমাণে পানী জীৱৰ বিভিন্ন বিপাকীয় ক্ৰিয়াৰ ফলত বায়ুমণ্ডললৈ বাষ্প আকাৰে আহে। ফলত বায়ু গৰম হৈ পৰে। এই গৰম বায়ুৱে জলীয় বাষ্প ধৰি ৰাখে। গৰম বায়ু প্ৰসাৰণ হৈ লাহে লাহে ঠাণ্ডা হ’বলৈ ধৰে। ফলত পানীৰ কণিকা গোট মাৰি সৰু সৰু টোপালৰ আকাৰে ওলমি থাকে। ঘনীভৱনৰ ফলত বায়ুমণ্ডলত থকা ধূলি কণিকাবোৰেও বাষ্প আকাৰে পানী কণিকাবোৰ টোপাল আকাৰে ওলমি থাকে। ইয়াকে ডাৱৰ বোলে।

5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্রস্তুত কৰা।

উত্তৰঃ (i) জীৱাষ্ম ইন্ধনৰ দহনৰ ফলত বায়ু প্ৰদূষণ হয়।

(ii) শিল্প উদ্যোগৰ পৰা ওলোৱা ধোৱাই বায়ু প্ৰদূষিত কৰে। 

(iii) নিউক্লিয় বিয়েক্টৰ পৰা নিৰ্গত কিছুমান তেজস্ক্রিয় পদাৰ্থৰ পৰা বায়ু প্ৰদূষণ হয়।

প্রশ্নসমূহ

1. জীৱসমূহক পানীৰ কিয় প্রয়োজন হয়? 

উত্তৰঃ সকলোবিলাক কোষীয় প্ৰক্ৰিয়া পানীৰ দ্বাৰাই সংঘটিত হয়। আমাৰ দেহৰ ভিতৰত সংঘটিত সকলোবিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদার্থসমূহ কোষৰ ভিতৰত পানীত দ্রবীভূত হৈ থাকে। দ্রবীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহণ হয়। সেইকাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থাকিবলৈ সম্ভব হৈছে। স্থলজ পানীক নির্মল পানী অথৱা অলুণীয়া পানীৰ প্ৰয়োজন কিয়নো ইহঁতৰ শৰীৰে লুণীয়া পানীত থকা অধিক পৰিমাণৰ দ্রবীভূত লৱণ গ্ৰহণ কৰিব নোৱাৰে। গতিকে স্থলজ প্রাণী আৰু উদ্ভিদ দুয়োবিধকে জীয়াই থাকিবৰ বাবে পানী অতিকৈ সহজলভ্য হোৱা দৰকাৰ।

2. নগৰ, মহানগৰ, গাওঁ অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি ? তুমি ক’ত বাস কৰা?

উত্তৰঃ (i) নির্মল পানী পৰ্বৰ্তত বৰফ হিচাপে পোৱা যায়। 

(ii) মাটিৰ তলৰ পানী, হ্রদ, নদী, নিজৰা আদিতো নির্মল পানী পোৱা যায়।

(iiii) এই পানীবোৰ মানুহৰ ব্যাৱহাৰৰ বাবে উপযোগী। 

3. কি কি কাৰ্য্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে?

উত্তৰঃ (i) কল কাৰখানৰ পৰা ওলোৱা দুষিত পদাৰ্থ পানীৰ লগত মিহলি হলে। 

(ii) শস্যৰ পথাৰত ব্যাৱহাৰ কৰা ৰাসায়নিক সাৰ, কিটনাশক আদিৰ প্ৰয়োগৰ ফলত পানী দূষিত হয়।

(iii) জলবিদ্যুত প্রকল্পসমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰাৰ ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি পায়। নদীৰ পানীৰ উষ্ণতা প্ৰভাৱিত কৰা আন এক কাৰণ হ’ল নদী বান্ধৰ পৰা উলিয়াই দিয়া বৃহৎ পৰিমাণৰ পানী। উষ্ণতা বৃদ্ধিৰ ফলত পানী দূষিত হয়।

প্রশ্নসমূহ

1. মাটি কেনেকৈ গঠন হয়?

উত্তৰঃ অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাক্তৰ ভাগি চূৰ্ণ-বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু ইয়াকেই মাটি বুলি কোৱা হয়। তলত দিয়া কাৰক সমূহৰ দ্বাৰা মাটিৰ সৃষ্টি হয়।

(i) সূৰ্য্য : দিনৰ ভাগত সূৰ্য্যৰ তাপত শিলাস্তৰ প্ৰসাৰণ হয় আৰু ৰাতি ঠাণ্ডা হোৱাৰ ফলত সংকোচন হয়। শিলাখণ্ডৰ সকলো অংশ একে সময়তে সংকোচন আৰু প্ৰসাৰম নহয় ফলত ইয়াত ফাঁক সৃষ্টি হয়। ফলত ডাঙৰ ডাঙৰ শিলাস্তৰ সৰু সৰু খণ্ডত বিভক্ত হয়।

(ii) পানী : পানীয়ে দুই ধৰণে মাটি গঠন কৰাত সহায় কৰে। সূৰ্য্যৰ তাপত শিলাক্তৰত ফাঁক মেলাত পানী ফাঁকবোৰত সোমাই পৰে। কালক্ৰমত ফাঁকত জমা হোৱা পানী যদি গোট মাৰে তেতিয়া ডাঙৰ হ’বলৈ ধৰে। বহুদিন ধৰি কঠিন শিলাক্তৰৰ ওপৰেদি পানী বৈ যোৱাৰ ফলত পানীয়ে ডাঙৰ ডাঙৰ শিলবোৰ তললৈ খহাই আনে। তললৈ নামি আহোতে ইটো সিটো শিলৰ লগত খুন্দা খুন্দিৰ ফলত সৰু সৰু কণিকাত পৰিণত হয়। পানীয়ে এই সৰু সৰু কণিকাবোৰক তল স্তৰলৈ বোঁৱাই আনে আৰু তৰপ তৰপকৈ জমা হ’বলৈ ধৰে। এনেকৈ শিলাস্তৰৰ আদিম অৱস্থানৰ পৰা বহুদূৰত মাটি গঠন হয়।

(iii) বতাহ : পানীৰ দৰে বতাহেও ডাঙৰ ডাঙৰ শিলাখণ্ডক তললৈ জোৰেৰে খহাই আনোতে ঘঁহনি খায় সৰু সৰু শিলৰ কণিকালৈ পৰিণত হয়। এনেকৈ এঠাইৰ পৰা আন ঠাইলৈ বালিৰ কণিকাবোৰ কঢ়িয়াই অনা কণিকাবোৰ কোনো ঠাইত জমা হয় আৰু ক্ৰমে ই মাটিলৈ পৰিণত হয়।

(iv) লাইকেন জাতীয় জীৱ সমূহেও মাটিগঠন কৰাত অৰিহণা যোগায়। লাইকেন জাতীয় জীৱসমূহে কিছুমান পদাৰ্থৰ সৃষ্টি কৰে আৰু এই পদাৰ্থবোৰে শিলাস্তৰৰ ওপৰত পাউদাৰ জাতীয় পদাৰ্থৰ তৰপ গঠন কৰে আৰু পাছলৈ ই মাটিত পৰিণত হয়। এই মাটিত মছ জাতীয় উদ্ভিদ গজিবলৈ ধৰে এইবিধ উদ্ভিদৰ শিপাবোৰে শিলাখণ্ডক ভাঙি সৰু সৰু ফাঁক কৰে। লাহে লাহে ডাঙৰ উদ্ভিদৰ শিপাবোৰ এই হফাঁকত সোমাই সৰু সৰু শিলৰ কণিকাতে পৰিণত কৰে। পাছলৈ ইয়াৰ পৰা ক্ষুদ্ৰ ক্ষুদ্র কণিকা আৰু লাহে লাহে মাটিলৈ পৰিণত হয়। 

2. মাটি ক্ষয়ীভবন কি ?

উত্তৰঃ প্রাকৃতিক কিছুমান কাৰকৰ দ্বাৰা বা মানুহৰ কাৰ্য্যৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰৰ অপসাৰণ কৰাকে মাটিৰ ক্ষয়ীভৱন বুলি কোৱা হয়।

3. মাটি ক্ষয়ীভবণৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত লবা?

উত্তৰঃ মাটি ক্ষয়ীভবনৰ পৰা ৰক্ষা কৰিবলৈ তলত দিয়া ব্যাৱস্থাসমূহ হাতত ল’ব পাৰি –

(i) গছ-গছনি ৰুব লাগে।

(ii) মাটিৰ ওপৰেৰে পানীৰ যোৱাৰ সু-ব্যাৱস্থা কৰিব লাগে।

(iii) পৰিকল্পিতভাৱে কৃষিকাৰ্য্য কৰিব লাগে।

(iv) পৰিকল্পিতভাৱে গৃহনির্মাণ আৰু পথ নিৰ্মাণ কৰা প্ৰয়োজন।

(v) ঘাঁহ বন গজিবলৈ দিলে মাটিৰ অংক্ষয় বোধ হয়। 

(vi) নদীৰ পাৰসমূহত শক্তিশালী শিলৰ বান্ধ দি গৰাৰহনীয়া ৰোধ কৰিব পাৰি।

প্রশ্নসমূহ

1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায় ?

উত্তৰঃ জলচক্ৰত পানী জুলীয়া, গেছীয় আৰু কঠিন তিনিওটা অৱস্থাত পোৱা যায়। মাটিৰ তলৰ পানী, ভূ-পৃষ্ঠৰ পানী, জলীয় বাষ্প, বৰষুণ, মেঘ আদি অবস্থাত জলচক্ৰত পানী পোৱা যায়।

2. জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাইট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা।

উত্তৰঃ প্ৰ’টিন আৰু নিউক্লিক এচিড। (DNA আৰু RNA)

3. বায়ুত CO₂ৰ পৰিমাণ বৃদ্ধি কৰা তিনিটা মানুহৰ দ্বাৰা সংঘটিত কাৰ্য্যকলাপ উল্লেখ কৰা। 

উত্তৰঃ (i) কলকাৰখানাত ইন্ধনৰ দহনৰ ফলত পৰিবহণ ব্যাৱস্থাত বিভিন্ন পদাৰ্থৰ দহনৰ ফলত।

(ii) বনাঞ্চল ধ্বংসৰ ফলত।

(iii) জনসংখা বৃদ্ধিৰ ফলত। 

4. সেউজ গৃহ প্রভাব কি ?

উত্তৰঃ বায়ুমণ্ডলত থকা কিছুমান বিশেষ গেছক সেউজ গৃহ গেছ বুলি কোৱা হয়। এই গেছবোৰ হৈছে কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড আৰু ক্লৰ ফৰকাৰ্বন। এই গেছবোৰে বায়ুমণ্ডলৰ পৰা প্ৰতিফলিত হোৱা বিকিৰণবোৰক মহাকাশলৈ যাবলৈ নিদি পুণৰ পৃথিৱীলৈ ঘুৰাই পঠিয়ায়। বায়ুমণ্ডলত ক্ৰিয়া কৰা এই গেছবোৰৰ প্ৰভাবক সেউজ গৃহ প্রভাব বুলি কোৱা হয়। সেউজ গৃহ প্রভাবৰ কাৰণে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাইছে আৰু গোলকীয় উত্তাপ বাঢ়িবলৈ লৈছে। 

5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায় ?

উত্তৰঃ (i) অক্সিজেন O₂ ৰূপত। 

(ii) অ’যন O₂ৰূপত।

অনুশীলনী

1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি? 

উত্তৰঃ বায়ুমণ্ডলে কোনো অঞ্চলৰ বতৰ নিয়ন্ত্ৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা লয়। পৃথিৱীখনৰ চাৰিওফালৰ বায়ুমণ্ডলে এক নিৰ্দিষ্ট বিন্দুৰ ওপৰলৈ ইয়াৰ ইষ্ণতা বাঢ়িবলৈ নিদিয়ে। বায়ুমণ্ডল নথকা হ’লৈ সূৰ্য্যৰ ৰস্মিয়ে পৃথিৱীৰ পৰিধিৰ উষ্ণতা এনেধৰণেৰে বৃদ্ধি কৰিলেহেতে যে নৈ, সাগৰ আৰু মহাসাগৰৰ পানী সম্পূৰ্ণৰূপে বাষ্পীভূত হ’লহেতেন। বায়ুমণ্ডলৰ অজন স্তৰটোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে – সেয়া হৈছে ওজন তৰপটোৱে সূৰ্য্যৰ পৰা অহা অনিষ্টকাৰী অতিবেঙুনী ৰশ্মিবোৰ শোষণ কৰি লয়। অতি বেঙুণী ৰশ্মি শোষণ হোৱাটো পৃথিৱীৰ প্ৰাণীৰ কাৰণে অতি গুৰুত্বপূৰ্ণ, কিয়নো এই ৰশ্মি বায়ুমণ্ডলত প্রবেশ কৰিলে উদ্ভিদ আৰু জীৱ-জন্তুৰ মাৰাত্মক অনিষ্ট সাধন হ’ব। বায়ুমণ্ডলৰ উষ্ণতা উচ্চতা বৃদ্ধিৰ লগে লগে কমি যায়, কিন্তু সমতাপ মণ্ডল বা স্ট্রেট স্ফিয়াৰত আকৌ বাঢ়িবলৈ ধৰে। পৃথিৱীৰ পৰিধিৰ পৰা পানী বাষ্পীভূত হৈ বায়ুমণ্ডলৰ ওপৰলৈ উঠি যায় শীতল অঞ্চলত ঘণীভূত হয়। ইয়াৰ ফলত ডাৱৰৰ সৃষ্টি হয়। এই ডাৱৰক বতাহে কঢ়িয়াই লৈ যায় আৰু পিছত পানীভাগ বৰষুণ হিচাপে তললৈ পৰে।

2. পানী জীৱৰ বাবে প্ৰয়োজন কিয়? 

উত্তৰঃ তলত দিয়া কাৰণবোৰৰ বাবে পানী জীৱৰ বাবে অপৰিহাৰ্য্য :

(i) পানী নহ’লৈ জীৱন ধাৰণ সম্ভব নহয়।

(ii) শৰীৰৰ শতকৰা 60-70 ভাগ পানীয়ে আগুৰি থাকে। 

(iii) আমাৰ শৰীৰৰ ভিতৰত হোৱা সকলোবোৰ বিক্ৰিয়াত ব্যাৱহাৰ হোৱা দ্ৰব্যবোৰ পানীত দ্রবীভূত হৈ থাকে। 

(iv) পদাৰ্থসমূহ পৰিবহনৰ বাবে পানীৰ আৱশ্যক।

(v) পানীৰ ঘনত্ব প্লট’প্লাজমৰ ঘনত্বৰ সমান।

(vi) পানী উৎকৃষ্ট দ্ৰাৱক।

3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূর্ণভাৱে আত্মনির্ভৰশীলনে?

উত্তৰঃ মাটিৰ কাৰ্য্য –

(i) উদ্ভিদৰ বৃদ্ধিত মাটিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদ্ভিদক প্রয়োজনীয় পানী, খনিজ লবণ, মাটিত পোৱা যায়।

(ii) উদ্ভিদৰ শিপাই মাটিত খামুচি ধৰি দৃঢ়ভাৱে থিয় হৈ থাকে। 

(iii) খাদ্য শস্য, ঘাঁহ বন, বিভিন্ন ধৰণৰ উদ্ভিদে মাটিত বংশবৃদ্ধি কৰে যিবোৰে আমাৰ প্ৰয়োজনীয় খাদ্য যোগান ধৰি আছে। 

(iv) মাটিৰ ওপৰত স্থলজ প্রাণীসমূহে বসবাস কৰি আছে। পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল নহয়।

4. বতৰৰ আগলি বতৰা কেনেকৈ পোৱা যায় ?

উত্তৰঃ তলত দিয়াবোৰৰ অধ্যয়নৰ জৰিয়তে বতৰৰ আগলি বতৰা পোৱা যায়—

(i) বতাহৰ গতিৰ সহায়ত পৃথিৱীৰ বিভিন্ন ঠাইৰ জলবায়ুৰ বিষয়ে জানিব পাৰি।

(ii) বতাহৰ ধৰণৰ পৰা বৰষুণৰ প্ৰকৃতিৰ বিষয়ে জানিব পাৰি। 

(iii) আপেক্ষিক আদ্রতা।

(iv) মেগৰ গঠনৰ পৰা।

5. মানুহৰ বিভিন্ন কাৰ্য্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নির্দিষ্ট অঞ্চলত এই কাৰ্য্যকলাপৰ চিনাক্ত কৰিব পাৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি?

উত্তৰঃ মানুহৰ কাৰ্য্যকলাপৰ দ্বাৰা সৃষ্টি হোৱা বায়ু, মাটি আৰু পানী প্ৰদূষণ ৰোধ কৰিব পাৰি। যিবোৰ কাৰকৰ দ্বাৰা পৰিবেশ প্ৰদূষিত হৈ আছে সেইবোৰ প্ৰথমতে চিনাক্ত কৰা প্ৰয়োজন। এই কাৰকবোৰৰ ব্যাৱহাৰ কমকৈ কৰি প্ৰদূষণৰ মাত্রা কমাব পাৰি।

6. বনাঞ্চলসমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্রভাব পেলায় এটা টোকা লিখা। 

উত্তৰঃ তলত দিয়া ধৰণে বনাঞ্চলে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত প্রভাব পেলায়—

(i) উদ্ভিদৰ শিপাই মাটি অৱক্ষয়ত বাধা দিয়ে।

(ii) উদ্ভিদে বতৰৰ পৰিবৰ্তন ঘটায় থাকে।

(iii) বনাঞ্চলৰ পৰা খাদ্য পোৱা যায়।

(iv) বনাঞ্চলে অক্সিজেন এৰি দিয়ে ফলত বায়ুত অক্সিজেনৰ মাত্ৰা সুস্থিৰ অৱস্থাত থাকে।

(v) বনাঞ্চলে বৰষুণৰ বৃদ্ধিত সহায় কৰে। 

(vii) বনাঞ্চলে প্ৰদুষণৰ মাত্ৰা কমাই ৰাখে।

অতিৰিক্ত প্রশ্নোত্তৰঃ

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top