Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল

Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল and select needs one.

Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল Solutions for All Subject, You can practice these here…


প্ৰশ্ন :- (৩০) চামুটোকা লিখা :

() অসম আৰু মৌচুমী জলবায়ু

উত্তৰ : – অসম আৰু মৌচুমী জলবায়ু : – অসমত সাধাৰণতে মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । এই সময়ছোৱাত  দক্ষিণ – পশ্চিম মৌচুমী বায়ু প্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমিয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় ।

এই কালছোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় । অসমত বছৰি হোৱা মুঠ বৰষুণৰ প্ৰায় ৭০ শতাংশ এই তিনিমাহতে হয় । এই মৌচুমী কালতে অসমৰ প্ৰধান খেতি শালি ধান ৰোপন কৰা হয় ।

লগতে সমগ্ৰ ৰাজ্য জুৰি ইয়াৰ চাৰিওকাষৰ পাহাৰীয়া অঞ্চলত হোৱা অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলোবোৰ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে ।

() দক্ষিণপশ্চিম মৌচুমী বতাহ

উত্তৰ :- দক্ষিণ – পশ্চিম মৌচুমী বতাহ : – গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম ফালৰ পৰা প্ৰবাহিত হোৱা বতাহক দক্ষিণ – পশ্চিম মৌচুমী বতাহ বোলে । গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী  বতাহে কঢ়িয়াই অনা ডাৱৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশ আৰু বৰাক উপত্যকাৰ প্ৰায় তিনিফালৰ অঞ্চলসমূহত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে ।

দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে ।

() উত্তৰপূব মৌচুমী বতাহ

উত্তৰ : – উত্তৰ – পূব মৌচুমী বতাহ : – বৰ্ষাকাল শেষ হোৱাৰ পাছত অৰ্থাৎ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায় । উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰবাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ – পূবৰ পৰা দক্ষিণ  – পশ্চিম দিশলৈ বলে ।

ইয়াকে উত্তৰ – পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলে । সাধাৰণতে অক্টোবৰ আৰু নৱেম্বৰ দুমাহৰ বাবে অসমত প্ৰত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে । এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পোৱাৰ ভাগত কুঁৱলী পৰে ।

() অসমৰ বৰ্ষাকাল

উত্তৰ : – অসমৰ বৰ্ষাকাল : – অসমৰ বৰ্ষাকাল বুলি ক’লে মৌচুমী কালটোকে বুজায় । অসমত সাধাৰণতে মৌচুমী কাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । এই সময়ছোৱাত দক্ষিণ – পশ্চিম মৌচুমী বায়ু প্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় ।

এই কালছোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় । অসমত বছৰি হোৱা মুঠ বৰষুণৰ প্ৰায়  ৭০ শতাংশ এই তিনিমাহতে হয় । এই মৌচুমী কালতে অসমৰ প্ৰধান খেতি শালি ধান ৰোপন কৰা হয় ।

লগতে সমগ্ৰ ৰাজ্য জুৰি ইয়াৰ চাৰিওকাষৰ পাহাৰীয়া অঞ্চলত হোৱা অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলোবোৰ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে ।

() অসমৰ প্ৰাক্মৌচুমীকাল

উত্তৰ : – অসমৰ প্ৰাক্ – মৌচুমীকাল : – অসমত প্ৰাক্ – মৌচুমীকাল মাৰ্চ মাহৰ প্ৰথমৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজ কৰে । শীতকালৰ পিছতেই এইকালৰ আৰম্ভণি হয় বাবে ইয়াত লাহে লাহে উষ্ণতা বৃদ্ধি পাবলৈ ধৰে ।

প্ৰাক্  মৌচুমী কালৰ সময়ছোৱাত পোৱাৰ ভাগ আৰামদায়ক , উষ্ণ দুপৰীয়া , পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগৰ কেতিয়াবা অতি কম সময়ৰ বাবে বিজুলী ঢেৰেকণিৰে বৰষুণ হয় ।

এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণিৰে বৰষুণৰ সৃষ্টি হয় । মৌচুমী কালৰ আগতে হোৱা এই বৃষ্টিপাতে ধান , চাহ আৰু মৰাপাট খেতিত সহায় কৰে । অসমত এই প্ৰাক্ মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে ।

() অসমত বৰষুণৰ স্থানিক বিতৰণ

  উত্তৰ :- অসমৰ বৰষুণৰ স্থানিক বিতৰণ বিশেষকৈ বছৰটোৰ শীত আৰু গ্ৰীষ্মকালত মাজৰ উষ্ণতাৰ পাৰ্থক্যৰ ওপৰত নিৰ্ভৰশীল । গড় হিচাপে শীত কালৰ উষ্ণতাৰ পৰিমাণ প্ৰায় ৭° চে ছেণ্টিগ্ৰেড আৰু গ্ৰীষ্মকালত ৩৫° ছেণ্টিগ্ৰেড পৰ্যন্ত হয় । ৰাজ্য খনত বছৰি গড় প্ৰায় ২০০ ছেণ্টিমিটাৰ বৰষুণ হয় ।

অসমৰ বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য উল্লেখনীয় । ৰাজ্যখনৰ এখ সুকীয়া ভূ – প্ৰকৃতি তথা অৱস্থিত আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় ।

সাধাৰণতে পাহাৰীয়া আৰু ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰ উপৰি উজনি অসমৰ তিনিচুকীয়া , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আৰু শিৱসাগৰ জিলা ; নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ ছেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় ।

আনহাতে মধ্য অসমৰ নাগাওঁ আৰু কাৰ্বি আংলং জিলাত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয় । নাগাওঁ জিলাৰ লংকা , লামডিং অঞ্চলত বছৰি গড় বৰষুণ ১২৯ ছেণ্টিমিটাৰ পৰ্যন্ত হয় ।

তলত অসমৰ কেইখনমান ঠাইৰ বছৰি গড় বৰষুণৰ পৰিমাণ দেখুওৱা হৈছে –

 ঠাইৰ নাম                       বৰষুণ (চে. মি.)

(১) গুৱাহাটী                     ১৬৬

(২) ধুবুৰী                          ২৫৬     

(৩) বৰপেটা                      ২২৯

(৪) গোৱালপাৰা                  ২৪২

(৫)  নলবাৰী                       ২৪২

(৬) মঙলদৈ                       ১৮১

(৭) ৰঙিয়া                          ১৯০

(৮) তেজপুৰ                       ১৮২

(৯) নাগাওঁ                         ২০৩

(১০) উত্তৰ লখিমপুৰ          ৩৩৫

(১১) ডিব্ৰুগড়                   ২৭৩

(১২) শিৱসাগৰ                   ২৫০

(১৩) হাফলং                     ২২৭

(১৪) যোৰহাট                   ২২৭

(১৫) লামডিং                    ১২৯

(১৬) শিলচৰ                    ৩২৩

(ছ) অসমৰ প্ৰশাসনিক বিভাগ

উত্তৰ :- দেশ স্বাধীন হোৱাৰ সময়ত অসমত ১১ খন জিলা আছিল আৰু অৰুণাচলৰ ভালেখিনি অঞ্চলসহ অসমখন গৱৰ্ণৰৰ জৰিয়তে শাসিত হৈছিল । স্বাধীনতাৰ সময়ৰ পৰা ১৯৭১ চনৰ ভিতৰত নগা পাহাৰ জিলা ‘নাগালেণ্ড’ নামেৰে গাৰোপাহাৰ আৰু খাচী জয়ন্তীয়া পাহাৰ জিলা দুখন ‘মেঘালয়’ নামেৰে আৰু লুচাই পাহাৰ জিলা ‘মিজোৰাম’ নামেৰে ফাটি গৈ সময়ত একো একোখন ৰাজ্য হ’লগৈ ।

আনহাতে অসমৰ আগৰ জিলবোৰ আয়তনত যথেষ্ট ডাঙৰ হোৱাৰ বাবে প্ৰশাসনৰ সুবিধাৰ বাবে বিশেষকৈ উন্নয়নমূলক যোজনাবোৰ অধিক ফলপ্ৰসু কৰিবৰ বাবে আগৰ জিলবোৰ পুনৰ গঠন কৰা হয় ।

এইদৰে যোৱা শতিকাৰ শেষত অসমৰ ২৩ খন জিলা গঠিত হৈছিল । ইয়াৰ পিছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি অনুসৰি ‘বড়োলেণ্ড’ টেৰিটৰিয়েল কাউঞ্চিলৰ অধীনত তিনিখন নতুন জিলা আৰু এখন পুৰণি জিলাক সম্প্রসাৰিতভাৱে পূৰ্ণগঠন কৰা হয় । ইয়াৰ নতুন জিলাকেইখন হ’ল – চিৰাং , বাগছা আৰু ওদালগুৰি ।

আনহাতে পুৰণি জিলাখন হৈছে কোকৰাঝাৰ । এই চাৰিখন জিলাক একেলগে বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট (B. T. A. D.) নামেৰে জনা যায় ।

 ইয়াৰ পাছত বৰ্তমান গুৱাহাটী মহানগৰৰ সৰ্বাংগীন উন্নয়নৰ বাবে বৃহত্তৰ গুৱাহাটী অংশটো কামৰূপ জিলাৰ পৰা ফালি আনি ‘কামৰূপ (গুৱাহাটী) মেট্ৰ’পলিটান’ নামৰ এখন সুকীয়া জিলা গঠন কৰা হয় ।কামৰূপৰ বাকী অংশক নাম দিয়া হ’ল ‘কামৰূপ গ্ৰাম্য জিলা’ । 

এইদৰে অসমত এতিয়া ২৭ খন প্ৰশাসনিক জিলা আছে ।

() জিলা পৰ্যায়ত অসমৰ জনসংখ্যা

উত্তৰ :- অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১ নিযুত । কিছুমান প্ৰশাসনিক সা – সুবিধা আৰু অসুবিধাৰ লগতে ৰাজখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা – আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্য খনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে ।

বৰ্তমান অসমত সৰ্বমুঠ ২৭ খন জিলা আছে । এই ২৭ খন জিলাৰ ভিতৰত ৪ খন বি. টি. এ. ডি. অন্তৰ্গত জিলা আছে । জনসংখ্যা হিচাপত নগাওঁ জিলাৰ জনসংখ্যা সৰ্বোচ্চ (২.৮ নিযুত ) আৰু ডিমা – হাছাও সৰ্বনিম্ন (২.১ লাখ ) ।

তলত অসমৰ জিলা কেইখনৰ জনসংখ্যা আৰু মাটিকালিৰ পৰিমাণ দিয়া হৈছে ।

Class 9 Geography Path 4 Solutions

() বি. টি. . ডি

উত্তৰ :- ২০০৩ চনৰ ৩০ অক্টোবৰত অসম চৰকাৰৰ বিজ্ঞপ্তি অনুসৰি ‘বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (B T C) ৰ অধীনত তিনিখন ( চিৰাং , বাগছা আৰু ওদালগুৰি ) নতুন জিলা আৰু এখন পুৰণি জিলা (কোকৰাঝাৰ) ৰ সম্প্ৰসাৰিতভাৱে পুনৰ গঠন কৰা হয় ।

এই জিলা চাৰিখনক ‘বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্ট্ৰিক্ট’ (B T A D) নামেৰে জনা যায় । B T A D ৰ সম্পূৰ্ণ নাম Bodoland Territorial Area Districts .

SEBA Class 9 Social Science (সমাজ বিজ্ঞান) Questions Answer

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top