Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল

Class 9 Geography পাঠ-4 অসমৰ ভূগোলপাঠ-3 ভাৰতবৰ্ষৰ ভূগোল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Geography পাঠ-4 অসমৰ ভূগোল – সমাধান and select needs one.

Class 9 Geography পাঠ-4 অসমৰ ভূগোল – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Geography পাঠ-4 অসমৰ ভূগোল – সমাধান Solutions for All Subject, You can practice these here…


প্ৰশ্ন : –  (১০) অসমৰ জলবায়ু কোন শ্ৰেণীৰ অন্তৰ্গত ? ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ লিখা

উত্তৰ : – অসমৰ জলবায়ু উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত ।

ইয়াৰ বৈশিষ্ট্যসমূহ হ’ল –

(ক) অসমৰ মৌচুমী জলবায়ুৰ বাবে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে আৰু সেইবাবেই গ্ৰীষ্মকালত  সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰৰ নিম্নচাপৰ সৃষ্টি হয় ।

(খ) ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ উত্তৰ আৰু পূবে  বিস্তৃত হিমালয় পৰ্বত শ্রেণী আৰু ইয়াৰ ঠাল – ঠেঙুলীয়ে গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম দিশৰ পৰা প্ৰবাহিত উষ্ণ মৌচুমী বতাহক বাধা প্ৰদান কৰে ।

লগতে এই পৰ্বত শ্ৰেণীয়ে শীতকালত তিব্বত মালভূমিৰ দিশৰ পৰা ভাৰবর্ষৰ ফালে প্ৰবাহিত অতি ঠাণ্ডা বতাহৰ বিপদৰ পৰাও ৰাজ্যখনক ৰক্ষা কৰে ।

(গ) গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে ।

(ঘ) বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ – পশ্চিম মৌচুমী বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলটো যথেষ্ট পৰিমানে বৰষুণ দিয়ে ।

প্ৰশ্ন : –  (১১) গ্ৰীষ্মকালত অসমত বৰষুণ হোৱাৰ মূল কাৰণ কি ?

উত্তৰ :- অসমৰ জলবায়ুৰ ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত । সেয়েহে গ্ৰীষ্মকালত অসমত বেছিকৈ বৰষুণ হয় । গ্ৰীষ্মকালত দক্ষিণ – পশ্চিমে মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশত যথেষ্ট বৰষুণ হয় ।

অসমৰ গ্ৰীষ্মকালৰ বৰষুণ বিশেষকৈ আৰ্দ্ৰ দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ শৈলোৎক্ষেপন আৰু চক্ৰবাত প্ৰক্ৰিয়াৰ জৰিয়তে সৃষ্টি হয় ।

প্ৰশ্ন :- (১২) অসমৰ জলবায়ুত প্ৰভাৱ পেলোৱা ভৌগোলিক কাৰকসমূহ চমুকৈ আলোচনা কৰা

উত্তৰ :- অসমখন ভৌগোলিকভাৱে উপক্ৰান্তীয় মৌচুমী জলবায়ুৰ অন্তৰ্গত । এই ৰাজ্যখনত বছৰটোৰ গ্ৰীষ্মকালত অতিপাত বৃষ্টি , শীতকালত শুষ্ক অৱস্থা আৰু প্ৰায় সকলো সময়তে অত্যধিক আৰ্দ্ৰতা আৰু তুলনামূলকভাৱে কিছু নিম্ন উষ্ণতা বিৰাজ কৰে ।

অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ জলবায়ুও যথেষ্ট বৈচিত্ৰ্যময় কৰি তুলিছে ।

(ক) ভৌগোলিক অৱস্থান

(খ) ভূ – প্ৰকৃতি

(গ) আৰব সাগৰ

(ঘ) বঙ্গোপসাগৰ

(ঙ) ভাৰত মহাসাগৰ জলভাগ আৰু

(চ) দক্ষিণ – পশ্চিম আৰ্দ্ৰ মৌচুমী বায়ুপ্ৰবাহ আদি ।

ঋতুভেদে উত্তৰ – পশ্চিম ভাৰত ভূখণ্ডৰ পৰিবৰ্তিত বায়ুৰ চাপৰ প্ৰভাৱো অসমৰ জলবায়ুত পৰে ।ইয়াৰোপৰি স্থানীয়ভাৱে প্ৰবাহিত পাৰ্বত্য বতাহ , উপত্যকা বতাহ আৰু নদ – নদী তথা অন্যান্য জলভূমিৰ উপস্থিতিয়ে স্থানীয় পৰ্যায়ত জলবায়ুৰ বৈশিষ্ট্যত যথেষ্ট প্ৰভাৱ পেলায় ।

সাধাৰণতে গ্ৰীষ্মকালত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলৰ বায়ু ইয়াৰ কাষৰীয়া পাহাৰীয়া অঞ্চলৰ তুলনাত কিছু উষ্ণ হৈ থাকে । এইবাবেই গ্ৰীষ্মকালত সমভূমি অঞ্চলত স্থানীয়ভাৱে এক প্ৰকাৰ নিম্ন চাপৰ সৃষ্টি হয় ।

আনহাতে গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে মেঘালয় মালভূমিকে ধৰি দক্ষিণৰ পাহাৰীয়া অঞ্চল অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ উত্তৰ – পূব অংশত যথেষ্ট বৰষুণৰ সৃষ্টি কৰে ।

ইয়াৰোপৰি বৰাক উপত্যকাৰ প্ৰায় তিনিওকাষে থকা পাহাৰীয়া অঞ্চলত দক্ষিণ – পশ্চিম মৌচুমী  বতাহে বাধাপ্ৰাপ্ত হৈ বৰাক সমভূমি অঞ্চলতো যথেষ্ট পৰিমাণে বৰষুণ দিয়ে ।

শীতকালত উষ্ণতা হ্ৰাস পাই ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত এক উচ্চ চাপৰ সৃষ্টি হয় । আনহাতে সেই সময়ত বঙ্গোপসাগৰত তুলনামূলকভাৱে এক নিম্নচাপে বিৰাজ কৰে ।

গ্ৰীষ্ম আৰু শীতকালৰ মাজত হোৱা এনে চাপৰ পাৰ্থক্যৰ বাবে শীতকালত বতাহৰ দিশৰো গ্ৰীষ্মকালৰ দক্ষিণ – পশ্চিম  মৌচুমীৰ সম্পূৰ্ণ ওলোটা হয় । সেয়েহে শীতকালত উজনি ব্ৰহ্মপুত্ৰ উপত্যকাত যি বায়ু প্ৰবাহৰ সৃষ্টি হৈ বঙ্গোপসাগৰৰ ফালে প্ৰবাহিত হয়  তাকে উত্তৰ – পূব মৌচুমী বতাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয় ।

শুষ্ক উত্তৰ – পূব মৌচুমী বতাহে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ পৰা কিছু জলীয়বাষ্প গ্ৰহণ কৰি শীতকালত কেতিয়াবা অসমৰ দক্ষিণ – পশ্চিম অংশত কিছু পৰিমানে বৰষুণ দিয়ে  । আনহাতে এই সময়ত বায়ুমণ্ডলত অৰ্দ্ৰতাৰ পৰিমাণ যথেষ্ট হ্ৰাস পায় ।

প্ৰশ্ন :- (১৩) অসমৰ প্ৰধান ঋতু কেইটা কি কি ? ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা

উত্তৰ :- অসমত প্ৰধান ঋতু চাৰিটা ।

সেই কেইটা হ’ল –

(১) প্ৰাক্ মৌচুমী কাল , 

(২)  মৌচুমী কাল  ,  

(৩)  প্ৰত্যাৱৰ্তিত মৌচুমী কাল  ,  

(৪) শুষ্ক শীতকাল ।

ঋতুভেদে উষ্ণতা আৰু বৰষুণৰ বিতৰণ সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ’ল –

(১)প্ৰাক্ মৌচুমী কাল : – অসমত প্ৰাক্ মৌচুমীকাল মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে’ মাহৰ শেষলৈকে বিৰাজ কৰে । শীতকালৰ পিছতেই এইকাল আহে বাবে আৰম্ভণিৰে পৰা লাহে লাহে বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি পাবলৈ ধৰে ।

প্ৰাক্ মৌচুমী কালৰ সময়ছোৱাত পোৱাৰ ভাগ আৰামদায়ক , উষ্ণ দুপৰীয়া , পৰিশ্ৰান্ত আবেলি আৰু সন্ধিয়া বা ৰাতিৰ ভাগত হঠাতে কেতিয়াবা অতিকম সময়ৰ বাবে বিজুলী ঢেৰেকণীৰে বৰষুণ হয় । এই সময়ত বায়ুমণ্ডলত এক প্ৰকাৰৰ অস্থিৰতাই বিৰাজ কৰে আৰু মাজে মাজে ধূলিৰ ধুমুহা আৰু গাজনি ঢেৰেকণীৰে বৰষুণৰ সৃষ্টি হয় ।

সময় অতিক্ৰম কৰাৰ লগে লগে এই কালছোৱাত কিছু সঘনে বেছি মাত্ৰাত বৰষুণ হ’বলৈ ধৰে । মৌচুমী কালৰ আগতে হোৱা এই বৃষ্টিপাতে ধান , চাহ  আৰু মৰাপাট খেতিত সহায়ক হয় । অসমত এই প্ৰাক্ মৌচুমীকালৰ সময়তে বসন্ত ঋতু বিৰাজ কৰে । এপ্ৰিল মাহৰ মাজভাগত ব’হাগ বিহু বা ৰঙালী বিহু পালন কৰা হয় ।

(২)মৌচুমী কাল : –  অসমত সাধাৰণতে মৌচুমীকাল জুন মাহৰ আৰম্ভণিৰে পৰা ছেপ্টেম্বৰ মাহৰ শেষলৈকে বিৰাজ কৰে । অসমত এইটোৱেই বৰ্ষাকাল । এই সময়চোৱাত দক্ষিণ – পশ্চিম মৌচুমী বায়ুপ্ৰবাহৰ প্ৰভাৱত ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰায় অবিৰতভাৱে মধ্যমীয়াৰ পৰা অতি বেছি পৰিমাণে বৰষুণ হয় ।

এই কালচোৱাৰ জুন , জুলাই আৰু আগষ্ট মাহত সৰ্বাধিক বৃষ্টিপাত হয় । উল্লেখযোগ্য যে অসমৰ বছৰি হোৱা মুঠ বৰষুণৰ (গড়ে প্ৰায় ২০০ ছেণ্টিমিটাৰ ) প্ৰায় ৭০ শতাংশ এই তিনিমাহতে হয় ।

এই মৌচুমীকালতে অসমৰ প্ৰধান খেতি শালি ধান ৰোপন কৰা হয় । লগতে সমগ্ৰ ৰাজ্য জুৰি তথা ইয়াৰ কেওকাষৰ পাহাৰীয়া অঞ্চলত হোৱা অতিপাত বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীকে ধৰি ইয়াৰ সকলোবোৰ উপনৈৰ জলপৃষ্ঠ বৃদ্ধি পাই প্ৰায়েই বানপানীৰ সৃষ্টি কৰে ।

(৩)প্ৰত্যাৱৰ্তিত মৌচুমী কাল : – ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে দক্ষিণ – পশ্চিম মৌচুমী বতাহ উভতিবলৈ ধৰে । অৰ্থাৎ এই সময়ত বৰ্ষাকাল শেষ হোৱাৰ ফলত উষ্ণতা আৰু বৃষ্টিপাত হ্ৰাস পায় ।

উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বায়ুৰ চাপ বৃদ্ধি পাবলৈ ধৰে আৰু সেয়ে বায়ুৰ প্ৰৱাহ সম্পূৰ্ণ ওলোটা হৈ উত্তৰ – পূবৰ পৰা দক্ষিণ – পশ্চিম দিশলৈ হয় । ইয়াকে উত্তৰ – পূব মৌচুমী প্ৰৱাহ বা প্ৰত্যাৱৰ্তিত মৌচুমী বতাহ বোলা হয় ।

সাধাৰণতে অক্টোবৰ আৰু নৱেম্বৰ দুমাহৰ বাবে অসমত প্ৰত্যাৱৰ্তিত মৌচুমী কাল বিৰাজ কৰে । এই সময়ছোৱাত উষ্ণতা হ্ৰাস পোৱাৰ ফলত ৰাতি আৰু পুৱাৰ ভাগত কুঁৱলী পৰে ।

(৪) শুষ্ক শীতকাল :- অসমত নৱেম্বৰ মাহৰ শেষ বা ডিচেম্বৰ মাহৰ আৰম্ভণিৰ পৰা ফেব্ৰুৱাৰী মাহৰ শেষলৈকে শীতকাল । অসমত শীতকালৰ বৈশিষ্ট্য  হ’ল নিম্ন উষ্ণতা (১০° ছেণ্টিগ্ৰেডৰ তললৈ ) পুৱাৰ ভাগত ঘন কুঁৱলী আৰু বৰষুণৰ অভাৱত এক  অতি শুষ্ক অৱস্থা ।

সেয়ে বছৰটোৰ ডিচেম্বৰ আৰু জানুৱাৰী এই দুমাহ অতি শুকান আৰু জানুৱাৰী মাহটো অতিপাত ঠাণ্ডা হয় । অসমত এই শীতকালতে শালিধান চপোৱা হয় আৰু ভোগালী বিহু উদযাপন কৰা হয় ।

 প্ৰশ্ন :- (১৪)  অসমৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন বৰষুণ হোৱা ঠাই দুখনৰ নাম আৰু বৰষুণ পৰিমাণ লিখা ।

উত্তৰ :- অসমৰ সৰ্বোচ্চ বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল – উত্তৰ লক্ষীমপুৰ (৩৩৫    চে. মি. ) আৰু অসমৰ সৰ্বনিম্ন বৰষুণ হোৱা ঠাইখনৰ নাম হ’ল – লামডিং (১২৯ চে. মি. । )

প্ৰশ্ন :- (১৫) অসমৰ সকলো ঠাইত সমান পৰিমাণে কিয় বৰষুণ নহয় ?

উত্তৰ :- অসমৰ জলবায়ু মূলতঃ মৌচুমী বতাহৰ দ্বাৰা প্ৰভাৱান্বিত যদিও ৰাজ্যখনৰ ভৌগোলিক বৈচিত্ৰ্যই ইয়াৰ  জলবায়ুৰ ভিন্নতা আনিছে । ভৌগোলিক অৱস্থান , ভূ – প্ৰকৃতি , আৰব সাগৰ , বঙ্গোপসাগৰ , ভাৰত মহাসাগৰৰ জলভাগ আৰু দক্ষিণ – পশ্চিম আৰ্দ্ৰ মৌচুমী বতাহ আদিৰ তাৰতম্যৰ বাবে ৰাজ্যখনৰ জলবায়ুৰ বৈশিষ্ট্য সকলো ঠাইতে সমান নহয় ।

সেয়েহে অসমৰ মৌচুমী জলবায়ুৰ ভিন্নতাৰ বাবে অসমৰ সকলো ঠাইতে সমান পৰিমাণে বৰষুণ নহয় । যেনে –

(১) গ্ৰীষ্মকালত দক্ষিণ – পশ্চিম মৌচুমী বতাহে কঢ়িয়াই অনা ডাৱৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ – পূব অংশ আৰু বৰাক উপত্যকাৰ প্ৰায় তিনিওফালৰ  অঞ্চল সমূহত যথেষ্ট পৰিমাণে বৰষুণ দিয়ে ।

(২) আনহাতে মৌচুমী বতাহৰ শক্তি আৰু জলীয়বাষ্পৰ তাৰতম্যৰ বাবে পাহাৰৰ অনুবাত ঢালত বিশেষকৈ কাৰ্বি পাহাৰৰ পূবফালে থকা ডিমা – হাছাও পাহাৰৰ উত্তৰ আৰু পূবফালে বৰষুণ যথেষ্ট পৰিমাণে কম হয় । এনে কাৰণতেই নগাঁও জিলাৰ দক্ষিণ অংশত বৰষুণৰ পৰিমাণ যথেষ্ট কম হয় ।

(৩) অসমৰ মৌচুমী জলবায়ুৰ বাবে হিমালয় পৰ্বতশ্ৰেণীৰ পাদভূমি অঞ্চলত বৰষুণৰ পৰিমাণ সদায় বেছি হয় ।

(৪) দক্ষিণ – পশ্চিম মৌচুমী বতাহৰ এটা অংশ মেঘালয় মালভূমি অতিক্ৰম কৰি আৰু আন এটা অংশ ৰাজ্যখনৰ পশ্চিম ফালেদি সোমাই আহি নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত বৰষুণ দিয়ে ।

প্ৰশ্ন : – (১৬) অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ লিখা

উত্তৰ : – অসমৰ বৰষুণৰ স্থানিক বিতৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা হ’ল – অসমত গড় হিচাপে শীতকালত উষ্ণতাৰ পৰিমাণ প্ৰায় ৭° ছেণ্টিগ্ৰেড আৰু  গ্ৰীষ্মকালত  ৩৫° ছেণ্টিগ্ৰেড পৰ্যন্ত হয় । ৰাজ্যখনত বছৰি গড় হিচাপে প্ৰায় ২০০ চেণ্টিমিটাৰ বৰষুণ হয় ।

অৱশ্যে বিভিন্ন ঠাইৰ বৰষুণৰ পৰিমাণ অধ্যয়ন কৰিলে দেখা যায় যে ৰাজ্যখনত বৰষুণৰ স্থানিক তাৰতম্য আছে । ৰাজ্যখনৰ এক সুকীয়া ভূ – প্ৰাকৃতি তথা অৱস্থিতি আৰু ইয়াৰ কাষৰীয়া পাৰ্বত্য ভূমিৰ প্ৰভাৱে বৰষুণৰ বিতৰণৰ তাৰতম্য ঘটায় ।

সাধাৰণতে পাহাৰীয়া তথা ইয়াৰ পাদভূমি অঞ্চলত বৰষুণ বেছিকৈ হয় । ইয়াৰোপৰি উজনি অসমৰ তিনিচুকীয়া , ডিব্ৰুগড় , ধেমাজি , লখিমপুৰ আৰু শিৱসাগৰ জিলা , নামনি অসমৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলা আৰু দক্ষিণ অসমৰ কাছাৰ , কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বছৰি ২৫০ চেণ্টিমিটাৰতকৈ অধিক বৰষুণ হয় ।

আনহাতে মধ্য অসমৰ নগাঁও আৰু কাৰ্বিআংলং জিলাত বৰষুণৰ পৰিমাণ কেৱল ১২৯ চেণ্টিমিটাৰ ।

প্ৰশ্ন : – (১৭অসমত পোৱা মৃত্তিকাৰ প্ৰকাৰসমূহৰ চমু বৰ্ণনা দিয়া

উত্তৰ : –  অসমত পোৱা মৃত্তিকাবোৰক চাৰি প্ৰকাৰে ভাগ কৰিব পাৰি । যেনে –

(১)  পলসুৱা মৃত্তিকা ,

(২) গিৰিপদ মৃত্তিকা  ,  

(৩)  পাহাৰীয়া মৃত্তিকা , 

(৪) কংকৰ মৃত্তিকা ।

 (১)পলসুৱা মৃত্তিকা  :-  অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমভূমি অঞ্চলত বিস্তৃতভাৱে  পলসুৱা মাটি পোৱা যায় । নদী আৰু উপনৈবিলাকে কঢ়িয়াই অনা পলস সমভূমিত বছৰ বছৰ ধৰি জমা হোৱাৰ ফলত পলসুৱা মাটি গঠন হৈছে ।

পলসুৱা মাটি সাধাৰণতে সাৰুৱা হয় । পলসুৱা মাটি দুই প্ৰকাৰৰ । যেনে –

(ক) নতুন পলসুৱা মাটি আৰু

(খ) পুৰণি পলসুৱা মাটি ।

নতুন পলসুৱা মাটি বিশেষকৈ কোকৰাঝাৰ , বৰপেটা , নলবাৰী , কামৰূপ , দৰং , শোণিতপুৰ , লখিমপুৰ , আৰু ধেমাজি জিলাৰ উত্তৰ অংশৰ গিৰিপদ অঞ্চল আৰু দক্ষিণৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ নতুন পলসুৱা মাটিৰ মাজৰ অঞ্চলবোৰত পোৱা যায় ।

সেইদৰে নগাঁও জিলাৰ কপিলী নৈৰ সমভূমি অঞ্চলতো কিছু পৰিমাণৰ পুৰণি পলসুৱা মাটি পোৱা যায় । আনহাতে , বৰাক সমভূমিত বৰাক নদীৰ সক্ৰিয় প্লাৱনভূমি আৰু দক্ষিণৰ অসম মিজোৰাম সীমাৰ পাহাৰীয়া মাটিৰ মাজৰ ঠেক দীঘলীয়া অঞ্চলটোত পুৰণি পলসুৱা মাটি দেখা যায় ।

সাধাৰণতে পুৰণি পলসুৱা মাটিৰ স্তৰ ডাঠ আৰু দেখাত মুগা বৰণীয়া । এই মাটি কম – বেছি পৰিমানে অম্লীয় আৰু ই সূক্ষ্মৰ পৰা মোটা দানাযুত্ত পলসেৰে গঠিত ।

প্রশ্ন :- (১৮) অসমত মৃত্তিকাৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি ?

উত্তৰঃ – ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ দৰে অসমৰ মৃত্তিকাও কিছুমান প্ৰাকৃতিক আৰু মানৱ সৃষ্ট কাৰকৰ দ্বাৰা আক্ৰান্ত । ইয়াৰ ফলত মৃত্তিকাৰ ভৌতিক আৰু ৰাসায়নিক গুণবোৰ নষ্ট হৈ মৃত্তিকাৰ অৱক্ষয় হৈছে ।

প্ৰাকৃতিক কাৰকবিলাকৰ ভিতৰত পাহাৰৰ ঢালত প্ৰাকৃতিক কাৰণত হোৱা ভূমিক্ষয় , সমভূমি আৰু নিম্নভূমি অঞ্চলত সৃষ্টি হোৱা জলবন্ধন সমস্যাই এই  অৱক্ষয়ৰ  কাৰণ । মৃত্তিকাৰ অৱক্ষয়ৰ ক্ষেত্ৰত বৰ্তমান সময়ত প্ৰাকৃতিক কাৰকবোৰতকৈ মানৱ সৃষ্ট কাৰকবোৰ বেছি সক্ৰিয় হৈ পৰিছে ।

মানৱ সৃষ্ট কাৰকবোৰৰ ভিতৰত –

(১) গছ – গছনি কটাৰ ফলত বৃদ্ধি হোৱা পৃষ্ঠ জলপ্ৰবাহৰ দ্বাৰা হোৱা পৃষ্ঠ মৃত্তিকা ক্ষয় ।

(২) এঢলীয়া ভূমিত অবৈজ্ঞানিকভাৱে মাটি চহাই খেতি কৰা ।

(৩) পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতি ।

(৪) মানুহৰ বসতি তথা অন্যান্য  কাৰ্যৰ দ্বাৰা উদ্ভৱ হোৱা কৃত্ৰিম জলবন্ধন সমস্যা আৰু

(৫) অধিক শস্য উৎপাদনৰ বাবে খেতি – পথাৰত অত্যাধিক মাত্ৰাত ৰাসায়নিক সাৰ প্ৰয়োগ আদিয়েই প্ৰধান ।

Sl. No.Contents
HISTORY (ইতিহাস)
পাঠ-1ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন
পাঠ-2ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ
পাঠ-3মোৱামৰীয়া গণ বিদ্ৰোহ
পাঠ-4মানৰ অসম আক্ৰমণ
পাঠ-5অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি
GEOGRAPHY (ভূগােল)
পাঠ-1ভূ-পৃষ্ঠৰ পৰিৱৰ্তন
পাঠ-2বায়ুমণ্ডল গঠন, বায়ুৰ চাপ আৰু বায়ু প্ৰবাহ
পাঠ-3ভাৰতবৰ্ষৰ ভূগোল
পাঠ-4অসমৰ ভূগোল
POLITICAL SCIENCE AND ECONOMICS
পাঠ-1ভাৰতৰ ৰাজনৈতিক দল
পাঠ-2চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
পাঠ-3অৰ্থনীতিৰ মৌলিক বিষয়সমূহ
পাঠ-4মূল অৰ্থনৈতিক সমস্যাসমূহ

প্ৰশ্ন : – (১৯) বৰ্তমান অসমৰ জনসংখ্যা কিমান ?

উত্তৰ :- বৰ্তমান অসমৰ জনসংখ্যা ২০১১ চনৰ লোকপিয়ল মতে ৩১. ১৬ নিযুত । অৰ্থাৎ ৩ কোটি ১১ লাখ ৬৯ হাজাৰ ২৭২ ।

প্ৰশ্ন : – (২০) অসমৰ অৰণ্যসমূহক কি কি ভাগত ভাগ কৰিব পাৰি

উত্তৰ ;- অসমৰ অৰণ্যসমূহক পাঁচটা ভাগত ভাগ কৰিব পাৰি । যেনে

(১) ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য ।

(২) ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য ।

(৩) ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য ।

(৪) নৈপৰীয়া অৰণ্য আৰু

(৫) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য ।

(১)ক্ৰান্তীয় চিৰসেউজীয়া অৰণ্য : –  ৰাজ্যখনৰ অতি বেছি বৰষুণ হোৱা ঠাইবোৰত এই অৰণ্য দেখা যায় । বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত এই অৰণ্য পোৱা যায় বাবে ইয়াক বৰ্ষাৰণ্য (Rain forest )  বুলিও কোৱা হয় ।

অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা , তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই প্ৰকাৰৰ অৰণ্য দেখা যায় । সাধাৰণতে চিৰসেউজীয়া অৰণ্য তিনিতৰপীয়া ।

এই তৰপকেইটা হ’ল –

(১) প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত । অসমৰ চিৰসেউজীয়া অৰণ্যত হোলোং , মেকাই আদি অতি অতি ওখ গছ পোৱা যায় ।

(২) দ্বিতীয় তৰপটো কিছু কম ওখ গছৰ দ্বাৰা গঠিত । এই তৰপত সাধাৰণতে নাহৰ , চিয়া নাহৰ , আমাৰি আদি গছ দেখা যায় ।

(৩) তৃতীয় তৰপটো চাপৰ গছ – বন আদিৰ দ্বাৰা গঠিত । চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা , তৰা , বাঁহ – বেত , কপৌফুল আদি পোৱা যায় ।

(২)ক্ৰান্তীয় অৰ্ধচিৰসেউজীয়া অৰণ্য : – ব্ৰহ্মপুত্ৰ উপত্যকাৰ উত্তৰ অংশৰ ডাৱৰ অঞ্চল , কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পাহাৰীয়া অঞ্চলৰ কিছু অংশ আৰু বৰাক উপত্যকাৰ দক্ষিণ ভাগত অৰ্ধচিৰসেউজীয়া অৰণ্য দেখা যায় । এই অৰণ্যত নাহৰ , বনচোম , চাম , শিৰীষ , ঔ , গন্ধসৰৈ , অগৰু , পমা আদি গছ – গছনি পোৱা যায় ।

ইয়াৰ উপৰি বাঁহ – বেত , ঢেকীয়া আদি যথেষ্ট পৰিমাণে পোৱা যায় । পাহাৰৰ পাদদেশীয় আলেকাবোৰলৈ জনবসতি আৰু ৰাস্তা – ঘাটৰ প্ৰসাৰ ঘটাত ৰাজ্যখনৰ অৰ্ধসেউজীয়া অৰণ্যও যথেষ্ট পৰিমাণে আক্ৰান্ত হৈছে ।

(৩)ক্ৰান্তীয় আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য : – নামনি ব্ৰহ্মপুত্ৰ উপত্যকা , কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা আৰু বৰাক উপত্যকাৰ কিছু কিছু অংশত এই অৰণ্য পোৱা যায় । সাধাৰণতে বাৰ্ষিক বৃষ্টিপাত ২০০ – ২৫০ চে . মি . হোৱা এলেকাবোৰত এই অৰণ্যৰ প্ৰাধান্য বেছি । পৰ্ণপাতী অৰণ্যৰ বেছিভাগ গছৰে খৰালি পাত সৰে ।

আচলতে শীতকালত পাতসৰা উদ্ভিদক পৰ্ণপাতী উদ্ভিদ বোলে । শাল , মাকৰিশাল , গমাৰী , আমলখি , ভোমোৰা , গোহোৰা , খকন , শিমলু আদি অসমৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্যৰ প্ৰধান গছ – গছনি ।

(৪) নৈপৰীয়া অৰণ্য  : –  অসম এখন নদীমাতৃক ৰাজ্য । ৰাজ্যখনৰ প্ৰাকৃতিক পৰিৱেশ বহু পৰিমাণে নৈ , বিল , আদিৰ দ্বাৰা নিয়ন্ত্ৰিত । নৈ – বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ – ভাগত এই ধৰণৰ অৰণ্য দেখা যায় । এনে অৰণ্যৰ নৈ  পৰীয়া অৰণ্য বুলি কোৱা হয় ।

এসময়ত অসমৰ বহু ঠাই নৈপৰীয়া অৰণ্যৰ আগুৰি আছিল । এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহ জাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি । গছৰ ভিতৰত চোম , সোৱালু , উৰিয়াম , মজ , ঔ , আজাৰ আদি প্ৰধান ।

নল , খাগৰি , তৰা , বেত , ঝাও , কঁহুৱা আদি চাপৰ গছ বা মাহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া আলেকাবোৰ বিশেষ উপযোগী । কাজিৰঙা , ডিব্ৰু – চৈখোৱা , পবিতৰা , ওৰাং আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্য প্ৰধানকৈ নৈপৰীয়া অঞ্চলতে অৱস্থিত ।

(৫) ক্ৰান্তীয় শুষ্ক বা শুকান পৰ্ণপাতী অৰণ্য  : – সাধাৰণতে নৈৰ পৰা কিছু আঁতৰত প্লাৱনভূমিৰ শুকান পৰিৱেশত এই অৰণ্য দেখা যায় । এই অৰণ্যত দুই ধৰণৰ উদ্ভিদ পোৱা যায় ।  যেনে(১) ওখ গছ : শিশু , ভেককৰ  , শিমলু , খৈৰা , বগৰি আদি প্রধান ওখ গছ ।

(২) ঘাঁহজাতীয় উদ্ভিদ :–  বিৰিণা , খাগৰি , উলু , কুশৱন আদি প্ৰধান ঘাঁহজাতীয় উদ্ভিদ । নৈপৰীয়া জীপাল অঞ্চলৰ অৰণ্যৰ কাষৰীয়া কিছু শুকান বলিয়া আলেকাবোৰত শুষ্ক পৰ্ণপাতী অৰণ্য দেখা যায় ।

প্ৰশ্ন : – (২১বৰ্ষাৰণ্য কাক বোলে ? অসমৰ বৰ্ষাৰণ্যৰ বৈশিষ্ট্য লিখা

উত্তৰ :- বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ ৩০০ চেণ্টিমিটাৰ বা তাতোকৈ বেছি হোৱা ঠাইত যিবোৰ অৰণ্য পোৱা যায় তাকে বৰ্ষাৰণ্য  বুলি কোৱা হয় । অৰুণাচল প্ৰদেশৰ নামনিৰ পাহাৰৰ পাদদেশীয় এলেকা , তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ দক্ষিণ অংশ আৰু বৰাক উপত্যকাৰ পাহাৰীয়া অঞ্চলত এই অৰণ্য পোৱা যায় ।

অসমৰ বৰ্ষাৰণ্যৰ প্ৰধান বৈশিষ্ট্য হ’ল – এই চিৰসেউজীয়া অৰণ্যসমূহৰ তিনিতৰপিয়া হোৱাটো পৰিলক্ষিত হয় । ইয়াৰ –  

(১) প্ৰথম তৰপটো অতি ওখ গছৰ দ্বাৰা গঠিত । অসমৰ চিৰসেউজীয়া অৰণ্যত হোলোং , মেকাই আদি অতি অতি ওখ গছ পোৱা যায় ।

(২) দ্বিতীয় তৰপটো কিছু কম ওখ গছৰ দ্বাৰা গঠিত । এই তৰপত সাধাৰণতে নাহৰ , চিয়া নাহৰ , আমাৰি আদি গছ দেখা যায় ।

(৩) তৃতীয় তৰপটো চাপৰ গছ – বন আদিৰ দ্বাৰা গঠিত । চিৰসেউজীয়া অৰণ্যত গছৰ উপৰি নানা বিধ লতা , তৰা , বাঁহ – বেত , কপৌফুল আদি পোৱা যায় ।


Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top