Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল

Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Geography পাঠ-4 অসমৰ ভূগোল – সমাধান and select needs one.

Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Social Science Geography Chapter 4 অসমৰ ভূগোল Solutions for All Subject, You can practice these here…


প্ৰশ্ন :- (২২) নৈপৰীয়া অৰণ্যৰ গুৰুত্ব আৰু বৰ্তমানৰ সংকট সম্পর্কে চমুকৈ লিখা

উত্তৰ : – নৈপৰীয়া অৰণ্যৰ গুৰুত্ব হ’ল –  

(১) নৈ – বিলৰ কাষৰীয়া অঞ্চলৰ জীপাল ভূ – ভাগত যি অৰণ্য দেখা যায় তাক নৈ – পৰীয়া অৰণ্য বুলি কোৱা হয় । এনে অৰণ্যত সাধাৰণতে কিছু ওখ গছৰ লগতে ঘাঁহজাতীয় উদ্ভিদৰ প্ৰাধান্য বেছি ।

(২) নল , খাগৰি , তৰা , কৌপাত , বেত , ঝাও , কঁহুৱা আদি চাপৰ গছ বা ঘাঁহজাতীয় উদ্ভিদৰ বাবে নৈপৰীয়া অৰণ্যবোৰ বিশেষ উপযোগী ।

(৩) কাজিৰঙা , ডিব্ৰু – চৈখোৱা , পবিতৰা , ওৰাং , আদি ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যবোৰ প্ৰধানকৈ নৈপৰীয়া অঞ্চলত অৱস্থিত । বৰ্তমান এই অৰণ্যসমূহত থকা নৈপৰীয়া এলেকাসমূহলৈ বিভিন্ন কাৰণত জনবসতি সম্প্রসাৰিত হোৱাৰ ফলত এই অৰণ্যৰ দ্ৰুত গতিত সংকুচিত হৈছে ।

জনবসতিৰ আগমনে অৰণ্যখনক বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন কৰিছে । জনবসতীয়ে অৰণ্যখনৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰিছে । লগতে গছ – গছনি , জীৱ – জন্তুৰ বাসস্থান বিনষ্ট কৰিছে ।

প্ৰশ্ন : – (২৩) কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অৱস্থান আৰু মাটিকালি লিখা

উত্তৰ :- কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অৱস্থান হ’ল – গোলাঘাট , নগাঁও , আৰু শোণিতপুৰ জিলা । ইয়াৰ মাটিকালি ৮৫৮. ৯৮ বৰ্গ কিলোমিটাৰ ।

প্ৰশ্ন : – (২৪) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম আৰু অৱস্থান লিখা

উত্তৰ :- অসমত পাঁচখন ৰাষ্ট্ৰীয় উদ্যান আছে ।

সেইকেইখনৰ অৱস্থান সহ তলত দিয়া হ’ল –

  ৰাষ্ট্ৰীয় উদ্যানৰ          অৱস্থান (জিলা) নাম

১/ কাজিৰঙা         –     গোলাঘাট , নগাঁও আৰু শোণিতপুৰ

২/ মানস              –     চিৰাং আৰু বাগছা

৩/ ওৰাং              –     ওদালগুৰি আৰু শোণিতপুৰ

৪/ নামেৰী            –     শোণিতপুৰ

৫/ ডিব্ৰু-ছৈখোৱা   –     ডিব্ৰুগড় আৰু তিনিচুকীয়া ।

প্ৰশ্ন : – (২৫) অভয়াৰণ্যসমূহে কেনেকৈ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে লিখা

উত্তৰ :- প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানবোৰৰ ভূমিকা সুদূৰপ্ৰসাৰী । এইবোৰ মানুহৰ ধ্বংসাত্মক প্ৰভাৱৰ পৰা সুৰক্ষিত । এই সুৰক্ষিত বনাঞ্চলবোৰত হাতী , গড় , বাঘ , বনৰীয়া ম’হ , নানাবিধ হৰিণা আৰু বিভিন্ন প্ৰজাতিৰ বান্দৰৰ লগতে বহুতো বন্যপ্ৰাণী আছে ।

ঘাঁহনি , গছ – গছনি আৰু আৰ্দ্ৰভূমিৰে ভৰা এই সুৰক্ষিত বনাঞ্চলবোৰে দেশ – বিদেশৰ বহুতো পৰ্যটকক আকৰ্ষণ কৰে । সেইবোৰক ভালদৰে সুৰক্ষা দিয়াৰ বাবে আমাৰ ৰাজ্যখনৰ জৈৱ – বৈচিত্ৰ্যৰ ভৱিষ্যত বহু পৰিমানে নির্ভৰ কৰে অসমত মুঠতে ১৮ খন অভয়াৰণ্য আৰু ২ খন প্ৰস্তাৱিত অভয়াৰণ্যসহ মুঠতে ২০ খন অভয়াৰণ্য আছে ।

প্ৰশ্ন : – (২৬) স্বাধীনতাৰ পিছত কালছোৱাত অসমত প্ৰশাসনিক বিভাগৰ পৰিৱৰ্তন সম্পৰ্কে লিখা

উত্তৰ :- ব্ৰিটিছৰ শাসনকালত অসমৰ পৰিসীমা যথেষ্ট ডাঙৰ আছিল । কিন্তু স্বাধীনতাৰ পিছৰ কালছোৱাত অসমৰ প্ৰশাসনিক বিভাগৰ যথেষ্ট পৰিৱৰ্তন

(ক) ১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ছিলেট (বৰ্তমান বাংলাদেশৰ অন্তর্গ ) অংশটো অসমৰ পৰা বিচ্ছিন্ন হৈ পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) লগ লাগিছিল । ফলত সেই সময়ত অসমত ১১  খন জিলা আছিল আৰু শ্বিলং অসমৰ ৰাজধানী আছিল ।

(খ) ১৯৬৩ চনৰ নাগালেণ্ড , ১৯৭০ চনত মেঘালয় আৰু ১৯৭১ চনত মিজোৰাম অসমৰ ৰাজ্যৰ পৰা পৃথক হয় । ১৯৭৩ চনতে গুৱাহাটীৰ দিছপুৰত অসমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হয় ।

(গ) ১৯৭১ চানৰ পৰা ২০১৪ চনলৈকে অসমৰ মাটিকালি তথা ভৌগোলিক সীমা আৰু পৰিসৰ একেই আছে । ২০১১ চনৰ লোকপিয়ল মতে অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা ৩১.১৬ নিযুত ।

(ঘ) কিছুমান প্ৰশাসনিক সা – সুবিধা আৰু অসুবিধাৰ লগতে ৰাজ্যখনত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ আশা – আকাংক্ষা পূৰণ কৰিবলৈ ৰাজ্যখনৰ একে পৰিসৰতে নতুন নতুন জিলা গঠন কৰা হৈছে ।

বৰ্তমান অসমত সৰ্বমুঠ ২৭ খন জিলা আছে । এই ২৭ খন জিলাৰ ভিতৰত ৪ খন বি. টি. এ. ডি. অন্তর্গত জিলা আছে ।

প্ৰশ্ন :- (২৭) অসমৰ বৰ্তমান জিলা কেইখন আৰু সদৰ ঠাইৰ নাম লিখা

উত্তৰ :- অসমত বৰ্তমান ৩৩ খন জিলা আছে ।

এই জিলাসমূহৰ সদৰ ঠাইসহ তলত দিয়া হ’ল –

 জিলাৰ নাম                                 জিলা সদৰ

(১) ধুবুৰী                   –                   ধুবুৰী

(২) কোকৰাঝাৰ          –                 কোকৰাঝাৰ

(৩) গোৱালপাৰা         –                  গোৱালপাৰা

(৪) বঙাইগাঁও            –                   বঙাইগাঁও

(৫) চিৰাং                 –                    কাজলগাঁও

(৬) বৰপেটা             –                    বৰপেটা

(৭) নলবাৰী               –                   নলবাৰী

(৮) বাগছা                –                   মছলপুৰ

(৯) কামৰূপ গ্ৰাম্য       –                আমিন গাঁও

(১০) কামৰূপ মহানগৰ  –              গুৱাহাটী

(১১) দৰং                  –                  মঙ্গলদৈ

(১২) ওদালগুৰি           –                 ওদালগুৰি

(১৩) শোণিতপুৰ          –                 তেজপুৰ

(১৪) লখিমপুৰ             –                লখিমপুৰ

(১৫) ধেমাজি              –                 ধেমাজি

(১৬) নগাঁও                –                 নগাওঁ

,(১৭) মৰিগাঁও             –                 মৰিগাঁও

(১৮) গোলাঘাট           –                গোলাঘাট

(১৯) যোৰহাট             –                যোৰহাট

(২০) শিৱসাগৰ            –                 শিৱসাগৰ

(২১) ডিব্ৰুগড়              –               ডিব্ৰুগড়

(২২) তিনিচুকীয়া           –               তিনিচুকীয়া

(২৩) কাৰ্বি আংলং         –               ডিফু

(২৪) ডিমা হাছাও          –               হাফলং

(২৫) কৰিমগঞ্জ              –              কৰিমগঞ্জ

(২৬) কাছাৰ                –               শিলচৰ

(২৭) হাইলাকান্দি         –               হাইলাকান্দি ।

(২৮) বিশ্বনাথ              –                বিশ্বনাথ চাৰিআলি

(২৯) চৰাইদেউ           –               সোণাৰি

(৩০) হোজাই             –               হোজাই

(৩১) মাজুলী              –                গড়মূৰ

(৩২) দক্ষিণ শালমাৰা    –                হাটশিঙিমাৰ মানকাচৰ

(৩৩) পশ্চিম কাৰ্বি       –                 হামৰেন ,আংলং

প্ৰশ্ন :- (২৮) অসমৰ মাটিকালি কিমান ? ৰাজ্যখনৰ ৰাজধানী অৱস্থিত ? ইয়াৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা

উত্তৰ :- অসমৰ বৰ্তমান মাটিকালি ৭৮,৪৩৮ বৰ্গ কিলোমিটা । অসমৰ ৰাজধানী দিছপুৰ । মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ জিলাখন হ’ল কাৰ্বি আংলং (মাটিকালি ১০,৪৩৪ বৰ্গ কিলোমিটাৰ ) আৰু আটাইতকৈ সৰু জিলাখন হ’ল কামৰূপ ( মাটিকালি ৬২৭ বৰ্গ কিলোমিটাৰ ) ।

প্ৰশ্ন :- (২৯) ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা কিমান ? জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু জিলাখনৰ নাম লিখা

উত্তৰ :- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যা ৩ কোটি ১২ লাখ ।জনসংখ্যা অনুসৰি ৰাজ্যখনৰ আটাইতকৈ ডাঙৰ জিলাখন হ’ল নাগাওঁ (২.৮ নিযুত )  আৰু আটাইতকৈ সৰু জিলাখনৰ নাম হ’ল ডিমা – হাছাও (২.১ লাখ ) ।


Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top