Class 7 Science Chapter 16 পানী: এক অমূল্য সম্পদ

Class 7 Science Chapter 16 পানী: এক অমূল্য সম্পদ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 7 Science Chapter – 16 পানী: এক অমূল্য সম্পদ – সমাধান and select needs one.

SEBA Class 7 Science Chapter – 16 পানী: এক অমূল্য সম্পদ – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Class 7 Science Chapter – 16 পানী: এক অমূল্য সম্পদ – সমাধান Solutions for All Subject, You can practice these here…

পানী : এক অমূল্য সম্পদ

পাঠ: ১৬

অনুশীলনী

প্রশ্ন১: শুদ্ধ – অশুদ্ধ লিখা । 

( a ) পৰিষ্কাৰ পানী মাটিত জমা হােৱা পৰিমাণ নদী আৰু হ্রদত জমা হােৱাতকৈ বহুত বেছি । 

উত্তৰঃ শুদ্ধ ।

( b ) গাঁৱত বাস কৰা লােকৰ বাবে পানী জমা কৰাটো এটা সমস্যা । 

উত্তৰঃ অশুদ্ধ ।

( C ) খেতিৰ বাবে নদীৰ পানী একমাত্র উৎস । 

উত্তৰঃ অশুদ্ধ ।

( d ) বৰষুণ হ’ল একমাত্র পানীৰ উৎস । 

উত্তৰঃ  ( a ) শুদ্ধ । 

প্রশ্ন২: ভূ – জল পুনৰুদ্ধাৰ ( recharged ) কি দৰে হয় বাখ্যা কৰা । 

উত্তৰঃ বৰষুণৰ পানী মাটিৰ মাজেদি সৰকি গৈ মাটিৰ তলত জমা হয় । নৈ , বিল , পুখুৰী আদিৰ পানীও একেদৰে মাটিৰ মাজেদি সৰকি চেপা খাই মাটিৰ তলত জমা হয় । এই পানীবােৰ কঠিন , শিল , মাটিৰ কণাৰ মাজত থকা ফাঁকত জমা হৈ থাকে । ইয়াকে ভূ জল পুনৰুদ্ধাৰ বােলা হয় । 

প্রশ্ন৩: এখন চুবুৰীত থকা 50 ঘৰ পৰিয়ালৰ মাজত 10 টা টিউবৱেল আছে । সেই ঠাইৰ ৱাটাৰ টেবুলৰ ওপৰত পৰা দীর্ঘদিনীয়া প্রভাব কি হ’ব ? 

উত্তৰঃ পানী ব্যৱহাৰ বেছি হােৱাৰ ফলত তাৰ ৱাটাৰ টেবুলৰ অৱক্ষয় হ’ব । ফলত ভূ • জলৰ ক্ষেত্ৰত ব্যাঘাত জন্মিব । ইয়াৰ ফলত ভূ – জল ক্রমান্বয়ে গভীৰৰ পৰা গভীৰতালৈ  যাব আৰু এটা সময়ত অঞ্চলটোত পানীৰ নাটনি হ’ব । 

প্রশ্ন৪: তােমাক এখন বাগিছা চোৱাচিতা কৰাৰ দায়িত্ব দিয়া হৈছে । তুমি পানীৰ ব্যৱহাৰ কেনেকৈ কমাবা ? 

উত্তৰঃ পানীৰ ব্যৱহাৰ কমাবলৈ –

( i ) বাগিছাত থকা নলাৰ দ্বাৰা পানী বাহিৰলৈ নােযােৱাৰ ব্যৱস্থা কৰা । 

( ii ) সাপ বা শহাপহুৰ গাঁত পূৰ কৰা । 

( iii ) বাগিছাৰ ফুলৰ গুৰিলৈ সৰু সৰু নলাৰ দ্বাৰা পানী যােগান ধৰাৰ ব্যৱস্থা কৰা ৷ 

প্রশ্ন৫: ৱাটাৰ টেবুল অৱক্ষয়ৰ কাৰকবােৰৰ বাখ্যা কৰা । 

উত্তৰঃ ৱাটাৰ টেবুল অৱক্ষয়ৰ কাৰকবােৰ হ’ল— 

( i ) জনসংখ্যা বৃদ্ধি :- জনসংখ্যা বৃদ্ধিৰ বাবে পানীৰ ব্যৱহাৰাে অধিক পৰিমাণে বৃদ্ধি পাইছে । ঘৰ বনােৱা , দোকান , কাৰ্যালয় , ৰাস্তা ঘাট বন্ধোৱা আদিৰ বাবেও পানীৰ ব্যৱহাৰ বেছি হৈছে । মুক্ত ঠাইৰ পৰিমানো কমি গৈছে । পকী কৰাৰ বাবে মাটিয়ে পানী শােষণ বহু পৰিমাণে কমিছে । গতিকে ৱাটাৰ টেবুলৰ অৱক্ষয় ঘটিছে । 

( ii ) কল কাৰখানা আদিত বহু পৰিমাণৰ পানী ব্যৱহাৰ হয় । এই পানী ভু – গর্ভস্থ পানীৰ পৰা তুলি অনাৰ ফলত ৱাটাৰ টেবুলৰ অৱক্ষয় ঘটে । 

( iii ) জনসংখ্যা বৃদ্ধিৰ বাবে খেতিৰ পৰিমাণ বাঢ়িছে । ফলত খেতিয়তসকলেও ভূ গৰ্ভৰ পৰা জলসিঞ্চন কৰিব লগা হৈছে ।

প্রশ্ন৬: খালী ঠাই পূৰ কৰা । 

( a ) মানুহে ভূ – জল ……….আৰু………..ৰ দ্বাৰা

 লাভ কৰে । 

উত্তৰঃ মানুহে ভূ – জল টিউবৱেল আৰু দমকল ৰ 

দ্বাৰা লাভ কৰে । 

( b ) পানীৰ অৱস্থা তিনিটা হ’ল  ……… , ………….আৰু ………….। 

উত্তৰঃ পানীৰ অৱস্থা তিনিটা হ’ল গােটা,তৰল, আৰু গেছীয়

( C ) পানী থকা ভূ – পৃষ্ঠৰ তৰপটোক …….বোলে ।

উত্তৰঃ পানী থকা ভূ – পৃষ্ঠৰ তৰপটোক একুইফাৰ বোলে ।

( d ) মাটিৰ মাজেৰে পানী সৰকি যােৱা পদ্ধতিটোক …………বােলে ।

উত্তৰঃ মাটিৰ মাজেৰে পানী সৰকি যােৱা পদ্ধতিটোক চেকুন ( infiltration ) বোলে ।

Sl. No.Contents
পাঠ-1উদ্ভিদৰ পুষ্টি
পাঠ-2প্ৰাণীৰ পুষ্টি
পাঠ-3তন্তৰ পৰা তন্তজলৈ
পাঠ-4তাপ
পাঠ-5এছিড, ক্ষাৰ আৰু লৱণ
পাঠ-6ভৌতিক আৰু ৰাসায়নিক পৰিবর্তন
পাঠ-7বতৰ, জলবায়ু আৰু জলবায়ু লগত জীৱৰ অভিযােজন
পাঠ-8বতাহ ধুমুহা আৰু ঘূর্ণীবতাহ
পাঠ-9মাটি
পাঠ-10জীৱৰ শ্বাস-প্রশ্বাস ( শ্বসন )
পাঠ-11প্রাণী আৰু উদ্ভিদৰ পৰিবহন তন্ত্র
পাঠ-12উদ্ভিদ প্রজনন
পাঠ-13গতি আৰু সময়
পাঠ-14বিদ্যুৎ প্রবাহ আৰু ইয়াৰ ক্রিয়া
পাঠ-15পোহৰ
পাঠ-16পানী: এক অমূল্য সম্পদ
পাঠ-17বননি: আমাৰ জীৱন ৰেখা
পাঠ-18বর্জিত পানীৰ কথা

প্রশ্ন৭: তলৰ কোনটো পানীৰ নাটনিৰ বাবে দায়বদ্ধ নহয় ? 

( i ) কল-কাৰখানাৰ দ্রুত বৃদ্ধি 

( ii ) জনসংখ্যা বৃদ্ধি 

( iii ) প্রচণ্ডবৰষুণ  

( iv ) পানীৰ উৎসৰ নিয়ন্ত্রণ 

উত্তৰঃ ( iii ) প্রচণ্ড ব্ৰষুণ । 

প্রশ্ন৮: শুদ্ধটো বাছি উলিওৱা : পানীৰ পৰিমাণ  

( i ) হৃদ আৰু নদীত সদায় স্থিৰ । 

( ii ) ভূ – গর্ভস্থ জলৰ ক্ষেত্ৰত সদায় স্থিৰ । 

( iii ) সাগৰ আৰু মহাসাগৰত সদায় স্থিৰ । 

( iv ) পৃথিৱীতে সদায় স্থিৰ ।

উত্তৰঃ ( iv ) পৃথিৱীতে সদায় স্থিৰ । 

প্রশ্ন৯: ভূ – গর্ভস্থ জল আৰু ৱাটাৰ টেবুল দেখুৱাই এটা মােটামুটিকৈ চিত্র অংকণ কৰা । 

উত্তৰঃ নিজে চেষ্টা কৰা । ( পাঠ্যপুথিৰ মতে অংকন কৰা )

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top