Class 4 Environmental Studies Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ

Class 4 Environmental Studies Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ Solutions, Class 4 Environmental Studies Textual Question Answer, Class 4 Environment Study Question Answer PDF to each chapter is provided in the list so that you can easily browse throughout different chapter Assam SEBA Board Class 4 Environmental Studies Notes and select needs one.

Class 4 Environmental Studies Chapter 11 অসমৰ প্ৰাকৃতিক সম্পদ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 4 Environment Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 4 Environment Notes for All Subject, You can practice these here.

Chapter – 11

অনুশীলনী

১। উত্তৰ লিখা- 

(ক) প্রাকৃতিক সম্পদ কাক বোলে?

 উত্তৰঃ আমাৰ পৃথিৱীখন বায়ু, পানী, মাটি, খনিজ পদাৰ্থ, অৰণ্য আৰু বন্যপ্ৰাণীৰে ভৰপূৰ। এইবোৰ প্রত্যেকেই একো একোটা সম্পদ। প্রকৃতিত পোৱা এই সম্পদবোৰেই হৈছে প্রাকৃতিক সম্পদ।

(খ) খনিজ সম্পদ কাক বোলে? 

উত্তৰঃ ভূ-গৰ্ভত খাৰুৱা তেল, প্রাকৃতিক গেছ, কয়লা, চূণশিল আদি পোৱা যায়। ভূ-গর্ভত পোৱা এই সম্পদবোৰেই হৈছে খনিজাত বা খনিজ সম্পদ। 

(গ) অসমৰ প্ৰধান খনিজ সম্পদসমূহ কি কি?

উত্তৰঃ অসমৰ খনিজ সম্পদসমূহ হৈছে ভূ-গর্ভত খাৰুৱা তেল, প্রাকৃতিক গেছ, কয়লা, চূণশিল আদি।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(ঘ) অসমক কিয় ‘পনীয়া সোণৰ ৰাজ্য’ বুলি কোৱা হয়?

উত্তৰঃ অসম খাৰুৱা তেলৰ ক্ষেত্ৰত অসম  ভাৰতৰ ভিতৰতে এখন চহকী ৰাজ্য। সেয়েহে অসমক ‘পনীয়া সোণৰ ৰাজ্য’ বুলি কোৱা হয়। 

(ঙ) জলজ সম্পদ কি?

উত্তৰঃ নদ-নদী, খাল-বিল, পুখুৰী, আদিৰ পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰোঁ। পানীত বিভিন্ন প্রাণী যেনে- মাছ, কাছ, ঘৰিয়াল, শিহু আদি থাকে। এইবোৰ আমাৰ বৰ উপকাৰী। পানীত থকা উদ্ভিদ আৰু প্ৰণীসমূহ আমাৰ জলজ সম্পদ। 

(চ) অসমক কিয় নদী মাতৃক দেশ’ বুলি কোৱা হয়? 

উত্তৰঃ নদ-নদী বেছি থকা বাবে অসমক ‘নদী মা দেশ’ বুলি কোৱা হয়।

(ছ) তিনিবিধ বনজ সম্পদৰ নাম লিখা।

উত্তৰঃ তিনিবিধ বনজ সম্পদৰ নাম হৈছে- গছ- গছনি, জীৱ-জন্তু, আৰু চৰাই-চিৰকটি। 

২। আমি কিয় প্রাকৃতিক সম্পদবোৰৰ সদব্যৱহাৰ কৰিব লাগে?

উত্তৰঃ সকলো প্রাকৃতিক সম্পদসমূহ অতি মূল্যৱান। সেয়ে আমি এই মূল্যৱান প্রাকৃতিক সম্পদসমূহ সদব্যৱহাৰ কৰিব লাগে যাতে এইবোৰ প্ৰকৃতিৰ বুকুৰ পৰা নিঃশেষ হৈ নাযায়। 

৩। শুদ্ধ উত্তৰটোত ‘✓’ চিন দিয়া-

(ক) আলকতৰা কয়লাখনিত পোৱা যায়। 

উত্তৰঃ অশুদ্ধ।

(খ) চুণশিল এবিধ বনজ সম্পদ।

উত্তৰঃ অশুদ্ধ।

(গ) প্রাকৃতিক সম্পদৰ আমি সদব্যৱহাৰ কৰিব লাগে।

উত্তৰঃ শুদ্ধ। 

(ঘ) অসমৰ কাৰ্বি আংলং জিলাত খাৰুৱা তেল প্ৰচুৰ পৰিমাণে পোৱা যায়। 

উত্তৰঃ অশুদ্ধ।

(ঙ) ভূ-গৰ্ভত পোৱা খাৰুৱা তেল পোনে পোনে ব্যৱহাৰৰ বাবে উপযোগী।

উত্তৰঃ অশুদ্ধ। 

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা-

‘ক’‘খ’ 
কয়লাবনজ সম্পদ।
খাৰুৱা তেলজলজ সম্পদ।
গঁড় হাতীখনিজ সম্পদ
পানীত থকা প্রাণীসমূহপনীয়া সোণ

উত্তৰঃ

‘ক’‘খ’ 
কয়লাখনিজ সম্পদ।
খাৰুৱা তেলপনীয়া সোণ।
গঁড় হাতীবনজ সম্পদ।
পানীত থকা প্রাণীসমূহজলজ সম্পদ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top