Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব

Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব, HS 1st year Anthropology notes, নৃগোষ্ঠী বর্ণনাতত্ত্ব class 12 নৃতত্ব Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 4 (খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব Notes for All Subject, You can practice these here.

চমু প্রশ্নোত্তৰ

১। গাৰোসকল ক’ত বাস কৰে ? তেওঁৰ আবাস ভূমিৰ বৰ্ণনা দিয়া ৷ 

উত্তৰঃ গাৰোসকল প্রধানত মেঘালয়ৰ পশ্চিম অঞ্চলত বাস কৰে ৷ তেওঁলোকৰ কিছুমানে খাচি পাহাৰ , অসমৰ কামৰূপ , গোৱালপাৰা , শিৱসাগৰ , গোলাঘাট , ডিব্ৰুগড় , দৰং , কাৰ্বি আলং জিলাত , পশ্চিমবংগ আৰু ত্ৰিপুৰাত বাস কৰে । 

গাৰোসকল পাহাৰ আৰু ভৈয়াম উভয় অঞ্চলত বাস কৰে । পাহাৰ আৰু ভৈয়ামৰ প্ৰাকৃতিক পৰিৱেশ বেলেগ বেলেগ । গাৰোসকলৰ বেছিভাগ লোকেই গাঁৱত বাস কৰে । অলপ সংখ্যক গাৰো পাহাৰ জিলাৰ সদৰ ঠাই তুৰা চহৰত বাস কৰে । 

গাৰোসকলৰ বাসভূমিৰ বৰ্ণনা তলত দিয়া হ’ল :- পাহাৰৰ গাৰোসকলে পাহাৰৰ এঢলীয়া ঠাইত ঘৰ সাজে । ঘৰোৱাৰ দীঘলে প্রায় ১৮ মিটাৰ মান আৰু বহলে প্রায় ৪ ’ / মিটাৰ । ঘৰবোৰ চাঙৰ ওপৰত সাজে ৷ চাংখন মাটিৰ সমানে সমানে আৰম্ভ কৰি একেবাৰে নামনিৰ ফালে প্রায় ৪ মিটাৰ মান ওখ হয় । চাঙৰ পৰা মুধলৈ প্ৰায় ২৫০ মিটাৰ মান হয় । ঘৰৰ খুটা আৰু মাৰলিবোৰ বৰ ডাঙৰ ডাঙৰ । ঘৰৰ বেৰাবোৰ বাঁহেৰে কেইবাতৰপীয়া কৰি সাজে । ঘৰৰ সন্মুখৰ ফালে সোমাজত এখন দুৱাৰ থাকে ৷ এই দুৱাৰখনৰ প্ৰায় ২ মিটাৰমান দুৰতহে ঘৰৰ চাংখন আৰম্ভ হয় । এইখিনি ঠাই চাং নোহোৱা এটা খোটালীৰ স্বৰূপ ৷ ই খোটালিৰ দুয়োফালে সৰু সৰু চাং পাতি খাদ্যৰ বাবে ৰখা গৰু বান্ধি থোৱা হয় । বেলেগ চাঙত ঘাঁহ , বাঁহতপাত ৰাখি খুওৱা হয় । 

চাংদুখনৰ মাজত ঠাইখিনি বৰষুণৰ দিনত উৰলেৰে ধান বানিবৰ কাৰণে ব্যৱহাৰ কৰা হয় । এই ঠাইখিনিক ‘ নোখ্ৰা ’ বোলা হয় । এইখিনি ঠাই আৰু ঘৰৰ চাংখনৰ মাজত আৰু এখন দুৱাৰ থাকে । এইখনহে প্রধান দুৱাৰ । দুৱাৰখনেৰে গ’লে ঘৰৰ প্ৰধান খোটালীটো পোৱা যায় । এই খোটালীটোক ‘ দোংৰামা ’ বোলা হয় । এই খোটালীৰ সোমাজত জুইশালখন থাকে । চাঙৰ ওপৰত মাটি লিপি জুইশাল খন বনোৱা হয় । এই খোটালীটো চ’ৰঘৰ হিচাপে ব্যৱহৃত হয় । ‘ চু’ও এই খোটালীতে ৰখা হয় । ইয়াৰ ওচৰতে এটা কোঠালী স্বামী – স্ত্ৰীৰ শোৱাৰ কাৰণে ৰখা হয় যাক ‘ দুন ’ বুলি কোৱা হয় । তাত আন মানুহে সোমোৱা নিষেধ ৷ 

‘ দুনৰ ’ বিপৰীত ফালে প্রায় ৯০ চেন্টিমিটাৰমান বহল এটা সৰু পথ ভিতৰলৈ গৈ চাংখনৰ শেষ ভাগত ওলায় । চাংখনৰ এই অংশটোক ‘ খালদিক ’ বোলা হয় । খালদিকৰ চাং অংশটোৰ বাঁহবোৰ পাতলকৈ ৰখা হয় কাৰণ এই অংশটো প্রস্তাব কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ৷ কোনো কোনো ঘৰৰ ‘ দোংৰানা এফালে আন এখন দুৱাৰ থাকে । এই দুৱাৰখনৰ বাহিৰত ছালবোৰ নোহোৱা এখন চাং থাকে । এই চাংক ‘ আলেং ’ বোলা হয় । দোৰাংমা খোটালীটোৰ মাজত এডাল খুটা থাকে । এই খুটাডালৰ ওপৰৰ ঠাইখিনিক পূজা পাতলৰ বাবে পবিত্র স্থান বুলি গণ্য কৰা হয় ৷ 

ভৈয়ামৰ গাৰোসকলে ওচৰৰ অসমীয়া লোকৰ ঘৰৰ নিচিনা ঘৰ সাজে । বৰ্ত্তমান যুগত গাৰো সকলৰো থকা মেলাৰ মান বাঢ়িছে বিশেষকৈ খৃষ্ট ধৰ্মত দীক্ষিত লোকসকলৰ । 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

২। গাৰোসকলৰ কৃষি পদ্ধতি বর্ণনা কৰা ৷

উত্তৰঃ গাৰোসকলৰ জীৱিকাৰ প্ৰধান সম্বল হ’ল ঝুম খেতি । ইয়াৰ উপৰিও তেওঁলোকে চিকাৰ আৰু মাছ মাৰিও জীৱিকা নির্বাহ কৰে । খেতিৰ পৰা উৎপাদিত প্রধান শস্যবোৰ হ’ল ধান , কণীধান আৰু গোমধান । ঝুমখেতিক তেওঁলোকে আৰংগা গামা বা আগাচা আ বোলে। ঝুমখেতিৰ বাবে আঘোন পুহ মাহত এখন গাঁৱৰ গোটেই বাসিন্দাসকলে এটা অঞ্চল বাচি লয় । গাঁৱৰ প্ৰত্যেক পৰিয়ালে নিজ নিজ মাটিৰ অলপ অচৰপ হাবি কাটি সীমা থিক কৰি লয় । এই কাৰ্য্যক ‘ ওফাতা ’ বোলা হয় । মাঘ মাহত হাবি কাটি শেষ কৰা হয় । কাটি থোৱা হাবিবোৰ শুকোৱাৰ পিছত চ’ত মাহত বৰষুণ পৰাৰ আগে আগে গাঁৱৰ খেতিয়কসকলে একেলগে গৈ গধূলি কাটি থোৱা শুকান হাবি বননিত জুই লগাই দিয়ে । ইয়াৰ পিছত মানুহখিনিয়ে গাঁৱলৈ উভতি আহি ‘ আকাল মাক ’ নামেৰে উৎসৱ পালন কৰে । এই উৎসৱত সকলো মানুহেই ‘ চু ’ খায় আৰু ডেকা – গাভৰু সকলে গান গাই গাই ৰাতি ঘূৰি ফুৰে । উৎসৱৰ সামৰণিক ‘ দামা গো গাতা ’ বোলে ৷ ইয়াৰ পিছত ধান নপকালৈ ঢোল – শিঙা আদি বাদ্য যন্ত্ৰবোৰ বজোৱা নহয় ৷ 

আগাল মাকৰ উৎসৱৰ পিছৰে পৰা শস্যৰ গুটিৰ সিচিবলৈ আৰম্ভ কৰে। খৰি বন পুৰি শেষ হোৱা উৎপন্ন হোৱা ঠাইখিনি মাটিৰ ওপৰত ভালকৈ ছটিয়াই দিয়া হয় । তাৰ পিছত কণীধান , বেঙেনা , জলকীয়া , পাহাৰী লাই শাক ( মেজাক ) আদিৰ গুটি মিহলাই লৈ মাটিৰ ওপৰত ছটিয়াই দিয়া হয় । কচুৰ আগবোৰ , শিমলু , আলুৰ গা – গছৰ টুকুৰাবোৰ কোৰেৰে মাটি খান্দি ৰোৱা হয় । ধান , গোমধান , লাউ ৰঙালাউ আদিৰ গুটি এডালল বাঁহ বা কাঠৰ জোঙোৰ মাটিত সামান্য এটা গাঁত কৰি পেলোৱা হয় । চ’ত বহাগ বৰষুণ পৰাৰ লগে লগে সকলোবোৰ গজি উঠে । শাওণ মাহৰ শেষৰ ফালে কণীধানত গুটি ধৰে । 

ভাদ মাহত কণীধান পকিবলৈ ধৰে । তেতিয়া বনৰীয়া জন্তু আৰু চৰাইৰ পৰা শস্যবোৰ ৰক্ষা কৰিবলৈ সাবধানতা অবলম্বন কৰা হয় ৷ গাঁৱৰ পৰা খেতিপথাৰত দূৰিত হলে গাঁৱৰ গোটেইখিনি মানুহ গাওঁ এৰি খেতি পথাৰত খাকিবলৈ লয় । এই কাৰ্য্যক ‘ আবাখাতা ’ বোলে । তেওঁলোকে পথাৰত থাকিবলৈ অস্থায়ী ঘৰ সাজি লয় । ইয়াক ‘ আবা জামাদনে ’ বোলে । ধান পকিবলৈ আৰম্ভ কৰিলে ‘ ৰংচুগালা ’ অৰ্থাৎ চিৰা খোৱা উৎসৱ পালন কৰা হয় । এই উৎসৱ পালন কৰাৰ আগতে খেতিৰ শস্য খোৱা নিষেধ । আহিন কাতি মাহত ধান চপোৱা শেষ হ’লে মানুহখিনি আকৌ ঘৰলৈ ঘূৰি আহে । আৰু তেতিয়া এটা আহায়া নামে উৎসৱ পালন কৰে । 

এই সমছোৱাত বিভিন্ন বস্তু দেব দেৱীলৈ আগবঢ়ায় । লগতে ঘৰে ঘৰে ‘ চু’লাওপানী বনায় ৷ এই উৎসৱটো গাৰোসকলৰ প্ৰধান উৎসৱ ‘ বানগালাৰ ‘ আগজাননী হিচাপে পালন কৰা হয় । এই আহায়া উৎসৱৰ দুসপ্তাহমান পিছৰ পৰাই ‘ ৱানগালা ’ উৎসৱ পালন কৰা হয় এই উৎসৱত অন্যান্য গাওঁৰ পৰা ইট কুটুম্ববোৰ আহি গাওঁবোৰ চু ‘ পান কৰি নাচ গান কৰি ভোজ ভাত খায় । এই পৰ্ব ৩/৪ দিন ধৰি চলে । ডেকা ল’ৰা – ছোৱালীবোৰে নাচ – গান কৰি গাওঁবোৰ ঘূৰি ফুৰে । প্রত্যেক ঘৰৰ ‘ চু ’ শেষ হোৱাৰ লগে লগে ৱানগালা পৰ্বৰো শেষ হয় । এইদৰেই গাৰোসকলৰ ঝুম খেতিৰ বছৰ শেষ হয় । ঝুম খেতি এবাৰ কৰাৰ পিছত সেই মাটি ডখৰ হাবি জংঘলেৰে ভৰি নপৰে পৰ্যন্ত ৩/৪ বছৰলৈ পেলাই থোৱা হয় । সেই কাৰণে খেতিক স্থানান্তৰিত কৃষি বুলিও কোৱা হয়।

Sl. No.Contents
Chapter 1আবয়বিক নৃতত্ব
Chapter 2প্রাগঐতিহাসিক নৃতত্ত্ব
Chapter 3বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব
Chapter 4(ক) সামাজিক নৃতৃত্ব
Chapter 4(খ) নৃগোষ্ঠী বর্ণনাতত্ত্ব
Chapter 5পৰিস্থিতি বিজ্ঞান

৩। গাৰোসকলৰ সাজ – পাৰৰ বিষয়ে লিখা । 

উত্তৰঃ গাৰোসকলৰ সাজ – পাৰ অতি সাধাৰণ ধৰণৰ ৷ মতা মানুহে আগতে কেৱল কৌপিন ব্যৱহাৰ কৰিছিল । মাইকী মানুহে এখন এহাততকৈ কম বহলৰ গামোছা আকৃতিৰ কাপোৰ ককাঁলৰ তলপিনে মেৰিয়াই লৈছিল । তেওঁলোকৰ ককালৰ ওপৰ ভাগ গা খোলা ৰাখিছিল। গাৰোসকলৰ কৌপিনক ‘ গানদো ’ আৰু তিৰোতাৰ কাপোৰ খনক ‘ ৰেখিং ’ বা গামৰেখিং বোলা হয় ৷ পুৰণিকলীয়া সম্ভ্রান্ত লোক সকলে একোটা ডাঙৰ পাগুৰি মাৰিছিল । ডেকা – গাভৰুসকলেও উৎসৱ আদিত পাগুৰি মাৰিছিল । কিন্তু আজিকালি এনেকুৱা ধৰণৰ পোছাক পৰিধান কৰা দেখা নাযায় । 

আজিকালি মাইকী মানুহে ভৰিৰ গোৰোহালৈকে আবৰা ৰং বিৰঙৰ ফুল থকা কাপোৰ কঁকালত মেৰিয়াই পিন্ধে । এই খনক ‘ দাকমান্দা ’ বোলা হয়। পুৰুষে শৰীৰৰ ওপৰ অংশ ঢাকিবলৈ গেঞ্জী পিন্ধে । গাঁৱৰ সাধাৰণ পুৰুষ সকলে হাফপেন্ট আৰু গেঞ্জী ব্যৱহাৰ কৰে । ভৈয়ামৰ ওচৰে পাজৰে থকা মতা মানুহে ধুতি নোলা পিন্ধে আৰু মাইকী মানুহে মেখেলা চাদৰ ব্যৱহাৰ কৰে । 

আধুনিক সংস্কৃতিৰ প্ৰভাৱৰ ৰূপৰেখা গাৰোসকলৰ সাজ – পোছাকৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায় । ইয়াৰ উপৰিও অসমীয়া সংস্কৃতিৰ লগত সংস্কৃতিক উপাদানৰ সংমিশ্ৰণৰ ফলস্বৰূপে ভৈয়ামত বাস কৰা গাৰোসকলে তেওঁলোকৰ পৌৰাণিক সাজপাৰ ত্যাগ কৰি বহু ক্ষেত্ৰত অসমীয়া সাজ – পাৰ পৰিধান কৰা দেখা যায় । 

৪। মিছিসকল কোন ? তেওঁলোক ক’তবাস কৰে ? তেওঁলোকৰ প্ৰধান জীৱিকা কি ? 

উত্তৰঃ মিছিংসকল অসমৰ ভৈয়ামত বাস কৰা এটা জনজাতি এওঁলোকে অবিভক্ত লক্ষীমপুৰ , শিৱসাগৰ আৰু দৰং জিলাত বাস কৰে আৰু শদিয়াৰ পৰা তেজপুৰলৈ বিস্তৃত হৈ আছে তেওঁলোকৰ জনসংখ্যা তিনি লাখৰো ওপৰ । সাধাৰণতে মিছিংসকল নদীৰ পাৰত চাংঘৰ সাজি বসবাস কৰে । চাংঘৰবিলাক বহতি নৈৰপৰা লম্ব ৰেখাৰ দৰে সজা হয়। নদীৰ পাৰত বাস কৰাৰ কাৰণে প্ৰতি বছৰে মিছিংসকল বানপানীৰ কবলত পৰে । মিছিংসকলৰ প্ৰধান জীৱিকা হৈছে কৃষি । 

৫। উত্তৰ – পূব ভাৰতৰ সাতখন ৰাজ্যত বসবাস কৰা একোটিকৈ জনজাতিৰ নাম লিখা । 

উত্তৰঃ সাতখন ৰাজ্যৰ একোটিকৈ জনজাতিৰ নাম হ’ল – 

( ক ) অসমৰাভা , মিছিং , কাৰ্বি
( খ ) মেঘালয়গাৰো , খাছি , জয়ন্তীয়া
( গ ) মিজোৰামমিজো , লুচাই
( ঘ ) ত্ৰিপুৰাত্ৰিপুৰী , ৰিয়াং , কুকী
( ঙ ) মণিপুৰমাও , পুৰুসকুকী , মেইটি
( চ ) নগভুমিআংগামী , আও , দেমা
( ছ ) অৰুনাচল প্রদেশআদি , আপাটানি , বাঞ্চ

৬। আওঁনগাসকল ক’ত বাস কৰে ? 

উত্তৰঃ আওঁনগাসকল নাগালেণ্ডত বাস কৰা এটা মুখ্য জনজাতি । তেওঁলোকৰ বেছিভাগেই মোককচাং জিলাত বাস কৰে । আওঁসকলৰ তিনিটা খেল আছে । যেনে— চোংলি , মংছেণ আৰু চাংকি । প্রত্যেক খেলৰে ভাষা বোলেগ বেলেগ । তেওঁলোকৰ চৰকাৰী ভাষা হ’ল চোংলি । আওঁনগাসকল মংগোলীয় প্রজাতিৰ । অতীজত আওঁসকল এটা নৰমুণ্ড চিকাৰী জনজাতি আছিল। শত্ৰুৰ মূৰ কাটি অনাটো তেওঁলোকৰ মাজত এটা সাহসিকতাৰ দৃষ্টান্ত আছিল আৰু ব্যক্তিগতভাৱে গৌৰৱ অনুভৱ কৰিছিল । সমাজে মুণ্ড চিকাৰীজনক নায়ক হিচাপে স্বীকৃতি দিছিল । কিন্তু বৃটিছৰ শাসন কালত এই প্ৰথাৰ প্ৰচলন অবৈধ বুলি উঠাই দিয়া হয় ৷ আওঁসকল এটা পিতৃ প্রধান জনজাতি । 

৭। আওঁনগাসকলৰ বয়স্তৰ পদ্ধতিৰ বিষয়ে কি জনা লিখা । বা আওঁনগাসকলৰ বয়স ভিত্তিক স্তৰ গাঁঠনি কি ? ইয়াৰ বিষয়ে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ আওঁনগাসকলৰ মাজত এটা নিৰ্দিষ্ট বয়সৰ সীমা অতিক্ৰম কৰা ডেকাসকলক লৈ এটা বয়সভিত্তিক সামাজিক গোট গঠন কৰা হয় । আওঁসকলৰ ভাষাত ইয়াক মোৰাং বোলা হয় । সাধাৰণতে ১৩/১৪ বছৰ অতিক্ৰম কৰা ডেকাসকলেহে মোৰাংৰ সদস্য ভুক্ত হ’ব পাৰে ৷ সেয়ে ইয়াক আওঁ নগাসকলৰ ডেকা চৰ হিচাপেও জনা যায় । প্রকৃততে মোৰাং হৈছে ডেকাসকলে বাস কৰা এটা ঘৰ । ইয়াৰ দৈৰ্ঘ্য ১৫ মিটাৰ আৰু বহল ৬ মিটাৰ । ঘৰটোৰ সন্মুখত মাটিৰ পৰা প্রায় ৯ মিটাৰ উচ্চতাত এখন মঞ্চ থাকে । ইয়াতেই বহি ডেকাসকলে বিভিন্ন আলাপ আলোচনা কৰে ৷ মোৰাত মহিলাৰ প্ৰবেশ নিষেধ । 

পৰম্পৰাগত নীতি অনুযায়ী প্রতি তিনি বছৰে এনাম ডেকা মোৰাংৰ ভৰ্ত্তি কৰা হয় । নতুনকৈ সোমাৱা সদস্যসকলক পুৰণি বয়োজ্যেষ্ঠ ডেকাসকলে বিভিন্ন কামত খটুৱায় লগে লগে সমাজত সংগঠনৰ পদ্ধতিবোৰো শিকিবলৈ ধৰে । 

পুৰণি তিনিবছৰৰ মূৰত নতুন এচাম ডেকা মোৰাংত সোমায় আৰু পুৰণি চামৰ পদোন্নতি পোৱাৰ তিনি বছৰ পিছত এইচামা ডেকাৰ মোৰাঙত থকাৰ অধিকাৰ নাথাকে ফলত মোৰাঙৰ পৰা ঘৰলৈ আহি বিয়া বাৰু কৰাই নিজ পৰিয়াল তথা গোত্ৰৰ কামত নিজকে নিয়োজিত কৰে । যথা সময়ত এই চামৰ পৰাই কিছুমানে পুৰোহিতৰ কাৰ্য্য হাতত লয় আৰু আন কিছুমানে শাসনব্যৱস্থা পৰিচালনা কৰাত সহায় কৰে । 

তেওঁলোকৰ তিনিতা খেল আছে । যেনে— ছোংলি , মংচেন আৰু চাংকি।এটা খেলত ১ বা ২ গোত্ৰৰ ডেকাসকল অন্তৰ্ভূক্ত হ’ব পাৰে । মোৰাংত ভর্তি হ’বলৈ বিভিন্ন খেলৰ মাজত ভিভিন্ন বয়সৰ সীমা নির্ধাৰিত কৰা থাকে । মোৰাঙত ডেকাসকলে সমাজৰ সকলো কাৰ্য্যৰ প্ৰশিক্ষণ লাভ কৰে । সেয়েহে দেখা যায় যে আও নগাসকলৰ সমাজ সংগঠণত মোৰাঙৰ যথেষ্ঠ ভূমিকা আছে ? মোৰাং হৈছে গাওঁ শাসনৰ এটা স্বায়ত্বশাসিত গোট । এই মোৰাং সংগঠণ আওঁসকলৰ পৰম্পৰাগত ভাৱে চলি অহা সাংস্কৃতিক সংস্থা বুলিও ক’ব পাৰি মোৰাং হ’ল ডেকাসকলৰ গাওঁ প্ৰতিৰক্ষা আৰু অৱসৰ বিনোদৰ তথা সামাজিক প্ৰশিক্ষণৰ শিবিৰ তথা কেন্দ্ৰস্থল । 

৮। আওঁনগাসকলৰ চাংকি খেলৰ মাজত থকা বয়সভিত্তিক মোৰাং সংগঠনৰ বিষয়ে চমুকৈ আলোচনা কৰা ।

উত্তৰঃ চাংকি খেলৰ মোৰাঙত প্রতি তিনি বছৰে ১২/১৪ বছৰ বয়সৰ দেওঁনা পাৰ হোৱাৰ লগে লগে ডেকাসকলে মোৰাঙত নতুন সদস্যভূক্ত হয় । নতুনকৈ ভৰ্ত্তি হোৱা ডেকা চামক অপৰিপক্ক দল বা নোজাবৰি হোৰিৰ বুলি কোৱা হয় । এওঁলোকে মোৰাঙত শুব লাগে আৰু বয়োজেষ্ঠ ডেকাবিলাকৰ আলপৈচান ধৰা আৰু যাবতীয় কাম – কাজ কৰিব লাগে। তিনিবছৰ পিছত পুনৰ এই দলটোৱে আন এটি পৰ্যায়ত উপনীত হয় আৰু তাৰ ঠাইত নতুন এচাম ডেকা অপৰিপক্ক দলত ভৰ্ত্তি হয় । তেতিয়া পুৰণি দলটোক পৰিপক্ক দলটোৱে ইচ্ছা কৰিলে মোৰাঙত নেওবও পাৰে আৰু তেওঁলোকৰ মোৰাঙৰ দায়িত্ব শেষ হ’লে বিয়া – বাৰু কৰাই ঘৰ সংসাৰ পাতিব পাৰে । 

তাৰ পিছত তেওঁলোকৰ কৰ্ত্তব্য হ’ব বিভিন্ন খা – খবৰ কঢ়িওৱা আৰু গাঁৱৰ বিভিক্ত কামৰ বাবে শ্রমদান কৰা । তিনি বছৰৰ পিছত তেওঁলোকক ‘ চুচেন বাহোৰি ’ ( মোৰাং নায়কৰ দল ) আখজ দিয়া হয় । তেতিয়া তেওঁলোকে মোৰাঙৰ শাসন ভাৰ লয় । তিনি বছৰ অতিবাহিত হোৱাৰ পিছত তেওঁলোকক ‘ ওকচাং ছামিচাৰিহোৰি ’ ( গোহৰিৰ ঠেং থোৱা ) বুলি আখ্যা দিয়া হয় । ইয়াৰ অৰ্থ হ’ল মোৰাঙত ভোজৰ বাবে মৰা গাহৰিৰ ঠেং তেওঁলোকে পায় । আগৰ তিনিবছৰৰ দৰে তেওঁলোকে একেই কামেই কৰিব লাগে । ইয়াৰ পাছত তিনিবছৰত তেওঁলোক কিছং মাৰাং গোত্ৰৰ নেতা হয় । এই সময়ছোৱাত মোৰাঙত তেওঁলোকৰ কৰিবলগীয়া -একো কাম নাথাকে । 

তেতিয়া তেওঁলোকে ডেকাকাল অতিক্ৰম কৰি বয়স্থ সম্প্ৰান্ত গাওঁলীয়া হৈ পৰে । ইয়াৰ পিছত তেওঁলোক তিনিবছৰ কাৰণে ‘ থোনৰি ’ ( বোজা ) কঢ়িওৱা বুলি জনাজাত হয় ৷ তেওঁলোকে গাঁৱৰ পৰিষদৰ সদস্যৰ মাংসৰ অংশীদাৰ হ’ব পাৰে । ইয়াৰ পিছত তেওঁলোকে তিনিবছৰৰ কাৰণে গাঁৱৰ পৰিষদ সদস্য ( টোটাৰি ) হয় আৰু বয়োজেষ্ঠসকলৰ পৰামৰ্শ অনুযায়ী গাওঁৰ কাম – কাজ পৰিচালনা কৰে । এই সময়ত তেওঁলোকে সকলোতকৈ অধিক মাংসৰ ভাগ পায় । ইয়াৰ পিছৰ তিনিবছৰত তেওঁলোকে মুজােম্বা টেমাম্বা হিচাপে পৰিগণিত হয় । তেওঁলোকৰ কোনো কোনোৰে পাটিৰ ( পুৰোহিত ) হিচাপে নিয়োজিত হয়।টাটাৰিসকলে প্রয়োজন বিশেষে এওঁলোকৰ পৰামৰ্শ সময়ে সময়ে লৈ থাকে । 

৯। মিছিংসকলৰ মাজত প্ৰচলিত কৃষি পদ্ধতি সম্বন্ধে এটি চমু আভাষ দিয়া ।

উত্তৰঃ মিছিংসকলে খেতি পথাৰত নাঙল ব্যৱহাৰ কৰে । তেওঁলোকে খেতি পথাৰত গৰুৰে কেতিয়াবা ম’হৰেও হাল বায় ৷ এওঁলোকৰ খেতিৰ প্ৰধান শস্য হ’ল ধান ৷ বিশেষকৈ এওঁলোক আহুধানৰ ওপৰত নিৰ্ভৰশীল।শালিধানৰ খেতিও সময়ে সময়ে কৰা দেখা যায় । ধানখেতিৰ উপৰিও তেওঁলোকে অন্যান্য খেতি কৰে যেনে – সৰিয়হ , গোমধান , মাটিমহ , মিঠা আলু , আলু , তিয়হ , জলকীয়া , আদা , হালধী , কল , কপাহ ইত্যাদি । 

খেতিপথাৰত হালবোৱা , নিৰনি কৰা আদি পৰিশ্ৰমৰ কামবোৰ মতা মানুখিনিয়ে কৰে । মাইকী মানুহেও খেতি পথাৰত কিছুমান কামত মাতা মানুহক সহায় কৰে । যেনে – ৰোৱা পুতা – শস্যৰ মাজত গজা অলাগতিয়াল বনবোৰ চাফা কৰা , চাহ জলপানৰ যোগান ধৰা ইত্যাদি৷ ল’ৰা – ছোৱালীবোৰেও খেতি পথাৰত কিছু সহায় কৰি দিয়ে ৷ তেতিয়া শস্যবোৰ ৰোপন কৰা হয় তেতিয়া ল’ৰা – ছোৱালীবোৰে ৰাতি পুৱাই খেতি পথাৰলৈ গৈ গৰু , চৰাইৰ পৰা শস্যবোৰ ৰক্ষা কৰে । আহুখেতি সাধাৰণতে ‘ ফেব্ৰুৱাৰী ’ মাহত আৰম্ভ কৰে আৰু ‘ আগষ্ঠ ’ মাহত এই খেতি চপায় ৷ এই সময়ছোৱাত তেওঁলোকে আলি আই লিগাং নামে উৎসৱ পালন কৰে । এই উৎসৱটোকে কৃষিভিত্তিক উৎসৱ বুলিও জনা যায় । 

শালি খেতি ‘ মে ’ মাহৰ পৰা আৰম্ভ কৰে আৰু ‘ ডিচেম্বৰ’ত এই খেতিৰ চপোৱা কাম সমাধান হয় । এতিয়া মিচিংসকলৰ মাজত শালি খেতিয়েই বৰ প্ৰিয় হৈ পৰিছে । খেতি কৰা পদ্ধতি অন্যান্য অজনজাতিয় লোকৰ নাঙল খেতিৰ নিচিনা একে । এতিয়া কপাহৰ খেতিটো মিচিং সকলে বৰ গুৰুত্ব দিছে । কপাহৰ পৰা তেওঁলোকে নিজে কাপোৰ তৈয়াৰ কৰি লয় । বিশেষকৈ মিজিম ( গাডু ) তৈয়াৰ কৰি সেইবোৰ নিজেও ব্যৱহাৰ কৰে আৰু বজাৰত বিক্ৰী কৰি কিছু আর্থিকভাৱে লাভবান হয় । আগতে মিচিংসকলে আয়াক নামেৰে এবিধ খেতি কৰিছিল আৰু তাৰ পৰা আপং তৈয়াৰ কৰিছিল । এতিয়া ইয়াৰ প্ৰচলন কম । 

খেতিৰ উপৰিও মিচিংসকলে চিকাৰ আৰু মাছ মৰা কাৰ্য্যতো ব্যস্ত থাকে।দলবদ্ধ ভাৱে চিকাৰ কৰা কাৰ্য্য তেওঁলোকৰ মাজত প্ৰচলিত আছে । মাছ মৰা কাৰ্য্য খৰালি মাহত বেছিকৈ হয় । মিছিংসকলৰ মুখ্য খাদ্য হ’ল ভাত । তেওঁলোকৰ মাজত গাহৰি আৰু কুকুৰাৰ মাংস বৰ প্রিয় ৷ শুকান মাছো তেওঁলোকে খায় আৰু আলহী অতিথিৰ বাবে শুকাই থৈ দিয়ে । মিছিংসকলে দিনত দুৱাৰ ভাত গ্ৰহণ কৰে । প্ৰত্যেক পৰিয়ালেই আপং ( লাওপানী ) ঘৰতেই তৈয়াৰ কৰে । আপং তেওঁলোকে ঘৰত চাহৰ নিচিনা খায় , আপংৰে অতিথিসকলক অল্যায়িত কৰে ৷ আপং সাধাৰণতে তিৰোতাসকলে তৈয়াৰ কৰে ৷ 

ৰচনাধর্মী প্রশ্নোত্তৰ

১। উত্তৰ – পূব ভাৰতত থকা ৰাজ্যসমূহৰ নামবোৰ লিখা । 

উত্তৰঃ উত্তৰ – পূব ভাৰতত সাত খন ৰাজ্য আছে । যেনে— অসম , মেঘালয় , অৰুনাচল প্রদেশ , নাগালেণ্ড , মিজোৰাম , মণিপুৰ আৰু ত্ৰিপুৰা ৷ 

২। ঝুম খেতি কৰা দুটা জনজাতিৰ নাম লিখা । 

উত্তৰঃ দুটা ঝুম খেতি কৰা জনজাতিৰ নাম হ’ল – মেঘালয়ৰ গাৰো আৰু অৰুণাচলৰ ৱাঞ্চু ।

৩। মিচিংসকলে খেতি কৰা প্ৰধান শস্যসমূহৰ নাম লিখা । 

উত্তৰঃ মিচিংসকলে প্রধানত ‘ পাহু ’ ধানৰ খেতি কৰে যদিও মাজে মাজে শালি খেতিও কৰে । ইয়াৰ উপৰিও তেওঁলোকে সৰিয়হ , মিঠা আলু , তিয়হ , মাটিমাহ , কপাহ , গোমধান , আদা , হালধী , জলকীয়া আদিৰো খেতি কৰে । 

৪। গাৰোসকলে খেতি কৰা প্ৰধান শস্যবোৰৰ নাম লিখা । 

উত্তৰঃ গাৰোসকলে খেতি কৰা শস্যসমূহ হ’ল কণীধান , মাকৈ , শিমলু আলু , আদা , জলকীয়া , ৰঙালাও , বেঙেনা , কচু , গোমধান , লাইশাক , মিঠাআলু , আহুজাতীয় ধান ইত্যাদি । 

৫। মিচিংসকল কোন ? তেওংলোকে বসবাস কৰা অঞ্চলসমূহ কি কি ? 

উত্তৰঃ মিচংসকল অসমৰ ভৈয়ামত বাস কৰা এটা জনগোষ্ঠী । তেওঁলোকে অসমৰ অবিভক্ত জিলা লক্ষীমপুৰ , শিৱসাগৰ দৰং জিলা আৰু শদিয়াৰ পৰা তেজপুৰলৈ বিয়পি আছে । 

৬। আওঁনগাসকলৰ মাজত থকা খেলসমূহ কি কি ? 

উত্তৰঃ আওঁসকলৰ মাজত তিনিতা খেল আছে যেনে— নোংলি , মংছেন আৰু চাংকি । 

৭। উত্তৰ – পূৰ্বাঞ্চলৰ চাৰিটা ঝুম খেতিয়ক সম্প্ৰদায়ৰ নাম লিখা ৷ 

উত্তৰঃ উত্তৰ – পূৰ্বাঞ্চলৰ চাৰিটা ঝুম খেতিয়ক সম্প্ৰদায়ৰ নাম হ’ল – গাৰো , ৱাঞ্চু , নৱটে , ডফলা । 

৮ । চমুটোকা লিখা : 

( ক ) বুলিয়াং সংগঠন ।

উত্তৰঃ আপাটানি সমাজত প্ৰচলিত বুলিয়াং সংগঠণ হৈছে এটা অনানুষ্ঠানিক গাওঁ পৰিষদ । আপাটানি সমাজ কোনো কেন্দ্ৰীয় শাসিত কৃপক্ষৰ দ্বাৰা পৰিচালিত নোহোৱাৰ বাবে এনে গাওঁ পৰিষদ গঠন কৰা হয় । এই পৰিষদে গাওঁৰ উন্নয়নৰ বাবে কাৰ্য্য পৰিচালনা কৰে ৷ বুলিয়াং হৈছে সমাজৰ কিছুমান গুণী জ্ঞানী , কর্মঠ আৰু সামাজিক পদমর্যদা থকা ব্যক্তিৰ দ্বাৰা গঠিত এটি গোট । আপাটানিসকলৰ মাজত তিনি ধৰণৰ বুলিয়াং দেখা যায় ৷ যেনে – আকা বুলিয়াং , য়াপা বুলিয়াং , আজাং বুলিয়াং । 

আকা বুলিয়াং সমাজৰ প্রখ্যাত লোকসকলৰ দ্বাৰা গঠিত তেওঁলোক জ্ঞান , অভিজ্ঞতা আৰু বয়সৰ কাৰণে আকা বুলিয়াংৰ স্থায়ীসদস্য হয় । য়াপা বুলিয়াঙৰ সদস্যসকল কর্মনিষ্ঠ । সামজিক সিদ্ধান্তবোৰ লোৱাটো তেওঁলোকৰ দায়িত্ব কিন্তু সকলো ক্ষেত্ৰতে আকা বুলিয়াঙৰ পৰামৰ্শ লয়৷ আজাং বুলিয়াং যুবকসকলৰ দ্বাৰা গঠিত । আজাং বুসিলাঙে যুবকসকলৰ চাহিদাসমূহ দাঙি ধৰে আৰু য়াপা বুলিয়াঙক সহায় কৰে ৷ আজাং বুলিয়াঙৰ সদস্যই নিজৰ একনিষ্ঠ আৰু দক্ষ নেতৃত্বৰ কাৰণে য়াপা বুলিয়া ভৰসদস্যলৈ উন্নতি হ’ব পাৰে ৷ 

( খ ) আওনগাৰ ডেকা চাং।

উত্তৰঃ নগাভূমিৰ বাসিন্দা আও নগাসকলৰ মাজত বয়সৰ ভিত্তিত গঢ়ি উঠা সামাজিক গোটসমূহৰ প্ৰাধান্য যথেষ্ঠ আৰু সুস্পষ্টভাবে দেখা যায় । প্ৰতিখন আওঁ গাঁৱৰে সন্মুখ ভাগত একোতা অতি চকুত লগাকৈ সুন্দৰভাৱে সজ্জিত ঘৰ দেখা যায় । এই ঘৰটোক মেৰাংঘৰ বা ডেকা হিচাপে জনা যায় । আওঁনগাসকলৰ ভাষাত ইয়াক অৰিচু নামে জনাজাত ৷ মেৰাংঘৰ বা ডেকা চাঙেই হৈছে আওঁ ডেকাহঁতৰ নৈতিক শিক্ষা আৰু সামাজিক দায়িত্ববোধ অনুশীলনৰ স্থান । সেয়ে আওঁ সমাজে কোনো মুখিয়াল বা ৰজা নথকাকৈয়ে সুচাৰুৰূপে গাঁৱৰ সমাজ ব্যৱস্থা মেৰাংৰ জৰিয়তে পৰিচালিত হৈয়ে থাকে এই শাসন ব্যৱস্থা সম্পূর্ণ গণতান্ত্রিক পদ্ধতিৰে হয় । 

( গ ) গাৰোসকলৰ এটা কৃষি উৎসৱ।

উত্তৰঃ গাৰোসকল মূলতঃ ঝুম খেতিয়ক । ঝুম খেতিয়েই তেওঁলোকৰ জীৱন নিৰ্বাহৰ প্ৰধান উপায় । গাৰোসকলে ঝুমখেতিৰ আৰম্ভণিৰ পৰাই কৃষিৰ লগত জড়িত উৎসৱসমূহ পালন কৰা দেখা যায় । পৰ্য্যায়ক্রমে এওঁলোকৰ কৃষি উৎসৱসমূহ হ’ল – 

( ক ) ওফাতা ।

( খ ) আগাল মাছা ।

( গ ) ৰংচুগালা ।

( ঘ ) আহায়া । আৰু 

( ঙ ) ৱানগালা । 

ৱানগালা উৎসৱেই হৈছে কৃষিৰ গলত জড়িত প্রধান তথা শেষ উৎসৱ । ঝুম পথাৰৰ পৰা শস্যসমূহ চপাই গাওঁলৈ আহি গাৰোসকলে আহায়া উৎসৱ পালন কৰে আৰু ইয়াৰ পিছত কৃষিকাৰ্য্যৰ সামৰণি উৎসৱ হিচাপে ৱানগালা পালন কৰে ৷ সকলো গাওঁবাসী মিলি তেওঁলোকৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰি নাচ – গানেৰে এই উৎসৱ পালন কৰা দেখা যায় । ৱানগালাৰ এটি প্রধান অংগ হৈছে ঘৰতে তৈয়াৰী ‘ চু’ৰে সকলোকে আপ্যায়িক কৰাটো । 

( ঘ ) আলি আই লিগাং।

উত্তৰঃ মিচিংসকলে বসন্ত কালত উদযাপন কৰা এটি কৃষি ভিত্তিক উৎসৱ । প্রাচীন কালত কোনো নির্দিষ্ট দিনত এই উৎসৱ অনুষ্ঠিত কৰা নহৈছিল যদিও আজিকালি মিচিং সকলে ফাগুন মাহৰ প্ৰথম বুধবাৰটো আলি – আই – লিগাং পালন কৰে। 

আলি – আই লিগাং মানে হ’ল বীজ মূল ৰোপন উৎসৱ ৷ মিচিংসকলে আহুখেতিৰ আগে আগে ফাগুণ মাহৰ এই উৎসৱ পালন কৰে । ফাগুণ মাহৰ প্ৰথম বুধবাৰটোত মদপান কৰি , নাচি বাগি , ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই ধৰিত্ৰী আইৰ কোলাত মুঠি মুঠি আহুধানৰ বীজ সিচিদিয়াই এই উৎসৱৰ মূল বিষয়বস্তু । সাধাৰণতে আলি – আই – লিগাং উৎসৱ দুপৰীয়া আহাৰ দুপ পৰীয় ৷ আহাৰ আৰু মাছৰ ৰন্ধনেৰে আৰম্ভ কৰা হয় আৰু গাওঁবাসীয়ে পৰম্পৰাগত বাদ্য সামগ্ৰীৰে তেওঁলোকৰ লোক সংগীতৰে অঞ্চলটি মুখৰিত কৰি তুলে । যথাসময়ত গাওঁৰ মুৰব্বীয়ে আৰু প্ৰতি ঘৰৰ পৰিয়ালৰ মুৰব্বীয়ে সৰু এডৰা মাটিত আধানৰ বীজ ৰোপন কৰে । এই উৎসৱ সচৰাচৰ তিনিদিন ধৰি চলি থাকে । এই সময়ছোৱাত মিচিংসকলে অইন কাম – কাজ কৰাৰ পৰা সম্পূর্ণভাবে বিৰত থাকে ৷ 

( ঙ ) মোৰাং সংগঠন।

উত্তৰঃ আওঁসকলৰ মোৰাং সংগঠণ এটা প্রধান সংস্থা । প্ৰতিৰক্ষাৰ বাবে প্রত্যেক আওগাঁৱৰ চাৰিওফালে বেৰ থাকে আৰু এখন প্ৰৱেশদ্বাৰা থাকে। প্রবেশদ্বাৰৰ ওপৰত এটা মোৰাং থাকে । আওঁসকলৰ মোৰাং সংগঠণ এটা পৰম্পৰাগত সংস্কৃতি । মোৰাং হ’ল এটা ডেকাসকলৰ গাওঁৰ প্ৰতিৰক্ষা আৰু অৱসৰ বিনোদনৰ স্থায়ী শিবিৰ ই ডেকাসকলৰ প্ৰশিক্ষণ কেন্দ্রও । গতিকে সামাজিক জীৱনত মেৰাংৰ এটা বিশেষ ভূমিকা আছে।মেৰাঙং ডেকা চাং বুলিও কোৱা হয় । মেৰাং হ’ল প্রায় ১৫ মিটাৰ ( ৫০ ফুট ) দীঘল আৰু ৬ মিটাৰ ( ২০ ফুট ) বহলৰ এটা ঘৰ । ইয়াৰ সন্মুখৰ ফালে মাটিৰ পৰা প্ৰায় ৯ মিটাৰ ( ৩০ ফুট ) উচ্চতাত এখন ডাঙৰ মঞ্চ থাকে আৰু তাতে আঙাগত সকলৰ লগত বহি আলাপ আলোচানা কৰা হয় । মেৰাংত মহিলাৰ প্ৰৱেশ নিষেধ ৷ ডেকাসকলৰ বয়সৰ ভিত্তিতহে মেৰাঙত ভর্তি হ’ব পাৰে । মোৰাং সংগঠনটোকে বয়সভিত্তিক গোট ব্যৱস্থা বুলিও কোৱা হয় । 

( চ ) মিচিংসকলৰ নাঙল খেতি।

উত্তৰঃ মিচিংসকল অসময় ভৈয়াম অঞ্চলৰ জনজাতি । এওঁলোকৰ মুখ্য জীৱিকা হ’ল কৃষি । কৃষি পদ্ধতিত এওঁলোকে নাঙল ব্যৱহাৰ কৰে বাবে এওঁলোকক নাঙল খেতিয়ক বোলা হয় । এওঁলোকৰ খেতিৰ প্ৰধান উৎপাদিত শস্য হৈছে ধান ৷ এওঁলোক বিশেষকৈ আহুধানৰ ওপৰত নিৰ্ভৰশীল । শালিধানৰ খেতি মাজে সময়েহে কৰা দেখা যায় । ধান খেতিৰ বাহিৰেও তেওঁলোকে কৰা অন্যান্য খেতিসমূহ হ’ল , সৰিয়হ , গোমধান ,  মাটিমাহ , মিঠা আলু , আলু, তিয়হ , জলকীয়া আদা হালধী, কল , কপাহ আদি । খেতিৰ মূল কামসমূহ পুৰুষৰ দ্বাৰা কৰা হয় যদিও সৰু সৰু কামত মহিলা আৰু ল’ৰা – ছোৱালীয়ে সহায় কৰা দেখা যায় । এওঁলোকৰ আহুধানৰ খেতি সচৰাচৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হয় আৰু আগষ্ট মাহত খেতি চপোৱ হয় । খেতি উঠাৰ পিছত এওঁলোকে আলি আয় লিগাং নামৰ এক কৃষি উৎসৱৰ আয়োজন কৰে । 

( ছ ) খাপ খেতি।

উত্তৰঃ নাঙলবিহীন কৃষিৰ বিভিন্ন পদ্ধতিৰ ভিতৰত থাপ খেতি অন্যতম । পাহাৰৰ গাত সুবিধা অনুযায়ী বহলকৈ কোৰেৰে খাপ কাটি লৈ শস্য উৎপাদন কৰা কৃষি পদ্ধতিকে খাপ খেতি বা বেদিকা কৃষি বোলা হয় । খাপৰ দাঁতিবোৰ শিল , জাঁৱৰ আদিৰে সুন্দৰকৈ বান্ধি লোৱা হয় । দূৰৈৰ নিজৰাৰ পৰা বাহঁ জোৰা দি নলীৰ সৃষ্টি কৰি খাপবোৰত পানীৰ যোগান ধৰা হয় ৷ গৰুৰ গোবৰ যোগান ধৰি মাটিৰ উৰ্বৰতা বঢ়োৱা হয় । এই খেতিৰ প্রধান আহিলা হৈছে চুটি নালযুক্ত লোৰ কোৰ । আংগামী নগাসকল পাকৈত বেদিকা কৃষক। এওঁলোকে একেডৰা মাটিতে বছৰৰ পিছত বছৰ ধৰি খাপ খেতি কৰি শস্য উৎপাদন কৰে ।

৯। আপাটানিসকলৰ সামাজিক সংগঠণ বুলিলে কি বুজা ? 

উত্তৰঃ আপাটানিসকল হৈছে অৰুণাচল প্ৰদেশত বাস কৰা এটা জন – জাতি । আপাটানিসকলক দুটা শ্ৰেণীত ভগাব পাৰি । মিতে আৰু মুৰা । মিতেসকল উচ্চ বংশীয় আৰু মুৰাসকল দাস বংশীয় বা নিম্ন বংশীয় । মুৰাসকল দৰাচলতে দাস বুলি পৰিগণিত ৷ মুক্তি পায় নিজববীয়াকৈ ঘৰ বাৰী কৰিলেও তেওঁলোকক নিম্ন শ্ৰেণীৰ বুলি গণ্য কৰা হয় । মিতে আৰু মূৰাৰ মাজত বিয়া আৰু নিষিদ্ধ ৷ মুৰাসকলে ডফলা আৰু মিৰিৰ লগত বৈবাহিক সম্বন্ধ কৰিব পাৰে ৷ কিন্তু মিতেসকলে তেনে কৰিলে সমাজে শাস্তি বিহে । 

আপাটানিসকলৰ সকলোৰে ওপৰত কতৃত্ব লাভ কৰিবলৈ কোনো কেন্দ্ৰীয় কৃতপক্ষ নাই । কিন্তু বুলিয়াং নামে এটা অ আনুষ্ঠানিক গাওঁ পৰিষদ আছে । এই পৰিষদে গাঁৱৰ সাধাৰণ কাম কৰ্মবোৰ পৰিচালনা কৰে । বুলিয়াং গঠিত হয় কিছুমান দক্ষ আৰু গুণীলোকৰ দ্বাৰা ৷ সাধাৰণতে উচ্চ বংশৰ ধণী , প্ৰভাৱশালী আৰু সামাজিক পদ মৰ্য্যদা থকা লোকৰ পৰা এজন বা দুজন বুলিয়াংৰ সদস্য লোৱা হয় ৷ বুলিয়াং তিনি প্ৰকাৰৰ আছে । যেনে — আকা বুলিয়াং , য়াপো বুলিয়াং , আজাং বুলিয়াং । আকা বুলিয়াং সমাজৰ প্ৰখ্যাত লোকসকলৰ দ্বাৰা গঠিত । তেওঁলোকৰ জ্ঞান অভিজ্ঞতা আৰু বয়সৰ কাৰণে আকা বুলিয়াংৰ স্থায়ী সদস্য হয় । য়াপা বুলিয়াংৰ সদস্যসকলে কর্মনিষ্ঠ । 

সামাজিক সিদ্ধান্তবোৰ লোৱা তেওঁলোকৰ দায়িত্ব। কিন্তু তেওঁলোকে সকলো ক্ষেত্ৰতে আকা বুলিয়াংৰ পৰামৰ্শ লয় । আজাং বুলিয়াংৰ যুৱকসকলৰ দ্বাৰা গঠিত হয় । আজাং বুলিয়াং যুৱকসকলৰ চাহিদাসমূহ দাঙি ধৰে আৰু য়াপা বুলিয়াংক সহায় কৰে । আজাং বুলিয়াংৰ সদস্যই নিজৰ একনিষ্ঠতা আৰু দক্ষ নেতৃত্বৰ কাৰণে য়াপা বুলিয়াংৰ সদস্যলৈ উন্নতী হ’ব পাৰে । 

১০। আপাটানিসকলৰ বিবাহ পদ্ধতিৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ আপাটানিসকলৰ ল’ৰা – ছোৱালীয়ে নিজে নিজে দৰা বা কইনা বাছি লয় , তাৰ পিছত অভিভাৱকক জনায় । পিছত সামাজিক প্রথা অন্ধসাৰে অভিভাৱকে বিয়াৰ ব্যৱস্থা কৰে । বিয়াৰ সময়ত দৰাই ছোৱালীৰ দেউতাক বা অভিভাৱকক গা ধন দিয়ে । ছোৱালীৰ পৰিয়ালৰ বংশ মৰ্যদাৰ ওপৰত গা – ধণৰ মূল্য নিৰ্ভৰ কৰে । গা – ধন হিচাপে মেথোন , গাহৰী , তিব্বতীয় ঘন্টা , তিব্বতীয় তৰুৱাল , এড়ি চাদৰ দিয়ে । বিয়াৰ সময়ত ছোৱালীয়ে ঘৰৰ পৰা লগত উপযুক্ত পৰিমাণৰ চাউল , ঘেঁহু , মঙহ আৰু কানি কাপোৰ আনিব লাগে । 

আপাটানিসকলৰ মাজত সাধাৰণতে একক পতি – পত্নী বিবাহ প্রচলিত । অর্থাৎ এজন পুৰুষে এজনী নাৰীকহে বিয়া কৰায় । তেওঁলোকৰ মাজত বহুপত্নী বিবাহৰো প্ৰচলন আছে । কিন্তু বহুপতি বিবাহ নিষিদ্ধ ৷ সাধাৰণতে সন্তান সন্ততি নাথাকিলে বহুপত্নী বিবাহ সম্পাদিত হয় । 

আপাটানিসকলৰ মাজত গোত্ৰ বৰ্হি বিবাহ অতি কঠোৰ ভাবে পালন কৰা দেখা যায় । তেওঁলোকৰ মাজত শ্রেণী অন্তবিবাহহে প্রচলিত । অগ্রগণ্য বিলিংগ সথেদৰৰ সন্ততি বিবাহ ( Preferential cross cousin marriage ) আপাটানি সমাজত দেখা যায় । পত্নীৰ বায়েক বা ভনীয়েকৰ লগত বিবাহ সম্পাদিত হ’ব পাৰে । ভায়েকৰ বিধবা পত্নীকো বিয়া কৰোৱাত কোনো বাধা নাই । 

১১। জাতিৰ সংজ্ঞা দিয়া ৷ 

উত্তৰঃ জাতিক ইংৰাজী কাষ্ট ( Cost ) বুলি কোৱা হয় ৷ পৰ্তুগীজ ভাষাত কাষ্ট শব্দৰ পৰা ইংৰাজীত কাষ্ট শব্দটো ওলাইছে বুলি কোনো কোনো পণ্ডিতে কয় । ইয়াৰ অৰ্থ হৈছে পবিত্র বা জাতি । এটা বিশেষ জন্মগত সামাজিক গোটক জাতি বুলিব পাৰি । এই গোটটোৱে বিবাহ আৰু খাদ্য সংক্রান্তত কিছুমান নীতি – নিয়ম পালন কৰি চলে। ভাৰতবৰ্ষত জাত বা জাতিৰ অৰ্থ হ’ল জন্ম বা বংশানুক্রম গতিকে কোনো এটা জাতিৰ সদস্যসকলক কোনো এজন পূৰ্বপুৰুষৰ সতি সন্ততি বুলি বিশ্বাস কৰা হয় ৷ আৰু তেওঁলোকৰ ব্যৱসায়ও একে । 

জাতিৰ সংজ্ঞা হ’ল জাতি এটা অন্তবৈবাহিত গোট বা এনেকুৱা বিভিন্ন গোটৰ সমষ্টি যাৰ এটা বিশেষ নাম আৰু পৰম্পৰাগত ব্যৱসায় থাকে , যাৰ বংশানুক্ৰমৰ উৎস একেটা আৰু যাৰ মাজত একাত্মবোধ আৰু সমাজত এটা বিশেষ পদমর্যদা থাকে , তদুপৰি যাৰ খাদ্য , পানীয় বস্তু আৰু সামাজিক চলন ফুৰণত কিছু নিয়ন্ত্রণ থাকে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top