Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব

Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব, HS 2nd year Anthropology notes, আবয়বিক নৃতত্ব class 12 Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব and select needs one.

AHSEC Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব Question Answer is part of AHSEC All Subject Solutions. Here we have given Assam Board Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব Notes for All Subject, You can practice these here.

আবয়বিক নৃতত্ব

Chapter – 1

নৃতত্ত্ব

অতি চমু প্রশ্নোত্তৰ

১/ বংশগতি বিজ্ঞানৰ পিতা বুলি কাক কোৱা হয় ?

উত্তৰ :- গ্ৰেগৰ জোহান মেণ্ডেল।

২/ বংশগতিৰ লক্ষণ সমূহ কিদৰে প্ৰবাহিত হয় ?

উত্তৰ :- জিনৰ জৰিয়তে প্ৰবাহিত হয়।

৩/ মেণ্ডেলে বংশগতিৰ অধ্যয়ন কেতিয়া চলাইছিল ?

উত্তৰ :- ১৮৫৭ চনৰ পৰা ১৮৬৫ চনলৈ।

৪/ মেণ্ডেলে বংশগতিৰ সিদ্ধান্ত কেতিয়া প্ৰকাশ কৰিছিল ?

উত্তৰ :- ১৮৬৬ চনত।

৫/ মেণ্ডেলে বংশগতিৰ ওপৰত আগবঢ়োৱা সূএ সমূহ কোন খন আলোচনীত প্ৰকাশ কৰিছিল ?

উত্তৰ :- ‘বন’ৰ নেচাৰেল হিষ্টৰি ছ’ছাইটিৰ আলোচনীত।

৬/ মেণ্ডেলে বংশগতিৰ ওপৰত আগবঢ়োৱা সূএ সমূহ সকলো জীৱৰ ক্ষেত্ৰতে প্ৰযোজ্য হয়নে ?

উত্তৰ :- প্ৰযোজ্য হয়।

৭/ মেণ্ডেলে তেওঁৰ পৰীক্ষা সমূহ কিহৰ ওপৰত কৰিছিল ?

উত্তৰ :- মটৰ মাহৰ ওপৰত।

৮/ মেণ্ডেলৰ এক শংকৰ অনুপাতটো কিমান ?

উত্তৰ :- ৩:১ বা ১:২:১

৯/ এক শংকৰ অনুপাত নিৰ্ণয় কৰিবৰ কাৰণে মেণ্ডেলে কেইটা লক্ষণৰ মাজত সংকৰণ ঘটাইছিল ?

উত্তৰ :- দুটা বিপৰীত ধৰ্মা লক্ষণৰ মাজত সংকৰণ ঘটাইছিল। ওখ (TT) আৰু চাপৰ (tt)।

১০/ ‘জৈৱিক সুত্ৰিকাৰ দ্বাৰাই বংশগত লক্ষণবোৰ পুৰুষানুক্ৰমে চলে’ উক্ত প্ৰকল্পটো কোনে প্ৰমাণ কৰি দেখুৱাই ?

উত্তৰ :- টি, এইচ মৰগানে।

১১/ মানুহৰ কোষত থকা ক্ৰমজমৰ সংখ্যা কিমান ?

উত্তৰ :- মানুহৰ কোষত ২৩ যোৰ ক্ৰমজম থাকে। (৪৬ ডাল)

১২/ মাইট’ছিছৰ মুখ্য অৱস্থা কেইটা ?

উত্তৰ :- মাইটি’ছিছৰ মুখ্য অৱস্থা ৪ টা।

১৩/ প্ৰজাতি শ্ৰেণীকৰণৰ ব্যৱহৃত ২ টা নিকষৰ নাম লিখা ?

উত্তৰ :- এ, বি, অ’ ৰক্ত সমষ্টি আৰু চৰ্মবৰ্ণ।

১৪/ মুখ্য প্ৰজাতীয় নিকষসমূহ কি কি ?

উত্তৰ :-মুখ্য প্ৰজাতীয় নিকষসমূহ হ’ল – 

(ক) ছালৰ ৰং।

(খ) চুলি।

(গ) মুৰত আকৃতি।

(ঘ) মুখ মণ্ডলৰ আকৃতি।

(ঙ) নাকৰ আকৃতি।

(চ) চকু।

(ছ) শৰীৰৰ উচ্চতা।

(জ) এ. বি.অ’ ৰক্ত সমষ্টি।

(ঝ) হস্তাংগুলি চাপ ইত্যাদি।

১৫/ গাৰ ছালত কেইটা আৰু কি কি তৰপ থাকে ?

উত্তৰ :- গাৰ ছালত ২টা তৰপ থাকে ওপৰৰ তৰপটোক উপচৰ্ম বা মাখিছাল আৰু তলৰটোক চৰ্ম বোলে।

১৬/ গাৰ ৰং কি কি কনিকাৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰ :- গাৰ ৰং নিৰ্ভৰ কৰা কণিকাবোৰ হৈছে মেলানিন, মেলানইড্, কেৰোটিন, বিজাৰিত হিম’গ্লবিন, অক্সিহিম’গ্লবিন ইত্যাদি। এই কণিকাবোৰ যিমানেই বেছি থাকে সিমানেই গাৰ ৰং গাঢ় বা ক’লা হয়।

১৭/ গাৰ ছালৰ ৰং অনুযায়ী মানুহক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ?

উত্তৰ :- গাৰ ছালৰ ৰং অনুযায়ী মানুহক প্ৰধানকৈ ৩টা ভাগত ভগাব পাৰি।যেনে – 

(ক) শ্বেতবৰ্ণ।

(খ) পীতবৰ্ণ।

(গ) কৃষ্ণবৰ্ণ।

১৮/ নেএচ্ছেদ ভাঁজ কোন প্ৰজাতিৰ বৈশিষ্ট্য ?

উত্তৰ :- মংগোলীয় প্ৰজাতিৰ।

১৯/ কৃষ্ণবৰ্ণ কোন সকললোকৰ মাজত দেখিবলৈ পোৱা যায় ?

উত্তৰ :- মূলতঃ নিগ্ৰ’ প্ৰজাতিৰ লোকসকলৰ মাজত দেখিবলৈ পোৱা যায়- মেলানেচীয়, পাপুৱান, অষ্ট্ৰেলীয় আদি লোকসকলো কৃষ্ণবৰণৰ।

২০/ মংগোলীয় প্ৰজাতিৰ গাৰ ছালৰ বৰণ কি ?

উত্তৰ :- পীতবৰ্ণ।

২১/ ককেছীয় প্ৰজাতিৰ গাৰ ছালৰ বৰণ কি ?

উত্তৰ :- শ্বেতবৰ্ণ।

২২/ মংগোলীয় প্ৰজাতিৰ এটা বিশেষ প্ৰজাতীয় লক্ষণ লিখা ?

উত্তৰ :- নেএচ্ছেদ ভাঁজ।

২৩/ চকুৰ উদ্ধপল্লৱ উলমি আহি চকুৰ অন্তঃকোণৰ পৰা বহিঃকোনলৈ ঢাকি ৰাখিলে তেনে নেত্ৰচ্ছেদ কি বোলা হয় ?

উত্তৰ :- সম্পূৰ্ণ মংগোলীয় নেত্ৰচ্ছেদ ভাঁজ।

২৪/ মুখমণ্ডলীয় প্ৰক্ষিপ্ততা সাধাৰণতে কোন প্ৰজাতিত দেখা যায় ?

উত্তৰ :- নিগ্ৰ’প্ৰজাতিৰ মাজত দেখা যায়।

২৫/ কিমান চনত আৰু প্রথম কোনে মানৱ প্ৰজাতিৰ শ্ৰেণীকৰণ কৰিছিল ?

উত্তৰ :- চুইডেনৰ উদ্ভিদ বিদ্যা অধ্যাপক প্ৰখ্যাত প্ৰকৃতি বিদ্যা বিদ কালৰ্লিনিয়াছে ১৭৩৫ চনত মানৱ প্ৰজাতিৰ প্ৰথম শ্ৰেণীকৰণ কৰিছিল।

২৬/ সমগ্র মানৱগোষ্ঠীক কেইটা আৰু কি কি মূখ্য প্ৰজাতিৰ ভাগ কৰা হৈছে ?

উত্তৰ :- তিনিটা মূখ্য প্ৰজাতিত ভাগ কৰা হৈছে আৰু প্ৰধান ভাগ তিনিটা হ’ল মংগোলীয়, ককেছীয় আৰু নিগ্ৰ’।

২৭/ তিনিটা প্ৰজাতিৰ ভিতৰত কোনটো প্ৰজাতিৰ মানুহৰ সংখ্যা আটাইতকৈ বেছি ?

উত্তৰ :- মংগোলীয় প্ৰজাতিৰ।

২৮/ অসমৰ জনজাতিবোৰ প্ৰধানকৈ কোন প্ৰজাতিৰ অন্তৰ্গত ?

উত্তৰ :- মংগোলীয় প্ৰজাতিৰ।

২৯/ শ্ৰীলংকাৰ ভেদ্দাসকল কোন মুখ্য প্ৰজাতিৰ অন্তৰ্গত।

উত্তৰ :- ককেছীয় প্ৰজাতিৰ।

৩০/ আফ্ৰিকাৰ পিগমি হিচাপে কোন জনগোষ্টীক জনা যায় ?

উত্তৰ :- নিগ্ৰীল ‘সকলক।

৩১/ প্ৰাক-দ্ৰাৱিড়ায়লকলৰ বৰণ কেনেকুৱা ?

উত্তৰ :- কৃষ্ণ বৰ্ণৰ।

৩২/ নাৰ্ভক সকল কোন প্ৰজাতিৰ অন্তৰ্গত ?

উত্তৰ :- ককেচীয়।

৩৩/ নেগ্ৰিলসকল ক’ত বাস কৰে ?

উত্তৰ :- কংগোত বাস কৰে।

৩৪/ ভেদ্দাসকল ক’ত বাস কৰে ?

উত্তৰ :- শ্ৰীলংকাত বাস কৰে।

৩৫/ এস্কিম’সকল ক’ৰ বাসিন্দা ?

উত্তৰ :- উত্তৰ মেৰুৰ।

৩৬/ আন্দামানী সকলৰ দৈহিক উচ্চতা কেনেকুৱা ?

উত্তৰ :- পিগমি।

৩৭/ আইনু সকল ক’ত বাস কৰে ?

উত্তৰ :- উত্তৰ জাপানত।

৩৮/ বুছমেন সকলৰ বাসস্থান ক’ত ?

উত্তৰ :- কালাহাৰি মৰুভূমিত।

৩৯/ আইনু সকল কোন প্ৰজাতিৰ ?

উত্তৰ :- ককেচীয়া।

৪০/ নিগ্ৰ’ সকলৰ এটা শাৰীৰিক লক্ষণ উল্লেখ কৰা ?

উত্তৰ :- মুখমন্দলীৰ প্ৰক্ষিপ্ততা।

৪১/ ভেডডাসকল কোন প্ৰজাতিৰ অন্তৰ্গত ?

উত্তৰ :- অষ্ট্ৰেলীয়া বা প্ৰাচীন ককেছীয়া।

(খ) চমু আৰু ৰচনাধৰ্মী প্ৰশ্নোত্তৰ :

১/ প্ৰজাতি বুলিলে কি বুজা ? মুখ্য প্ৰজাতি কেইটাৰ নাম লিখা ?

উত্তৰ :- নৃতাত্বিক অৰ্থত প্ৰজাতি মানে এটা মানৱ গোট যাক আনুবংশিক লক্ষণৰ দ্বাৰা আন এটা মানৱ গোষ্ঠীৰ পৰা পৃথক কৰিব পাৰি। গতিকে বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত উমৈহতীয়া শাৰীৰিক লক্ষণৰ ভিক্তিত বিভক্ত কৰা মানৱ গোটকে প্ৰজাতি বোলা হয়। প্ৰত্যেক প্ৰজাতিয়ে এটা অন্তঃবৈৰ্বাহিক গোট। অৰ্থাৎ প্ৰজাতিৰ অন্তৰ্গত লোকৰ বিয়াবাৰু সাধাৰণতে প্ৰজাতিৰ মাজতেই সীমাবদ্ধ থাকে।

মুখ্য প্ৰজাতি তিনি প্ৰকাৰৰ। সেইকেইটা হ’ল- 

(ক) ক’কেচীয়া।

(খ) মংগোলীয়।

(গ) নিগ্ৰ’ প্ৰজাতি।

২/ নেএচ্ছেদ ভাঁজ কাক বোলে ? ই কেই প্ৰকাৰৰ ?

উত্তৰ :- চকুৰ উধ্বনেএ পল্লৱৰ পৰা যেতিয়া এডোখৰ চৰ্ম ওলমি আহি চকুৰ বহিঃকোণৰ পৰা অন্ত:কোণলৈ ঢাকি ৰাখে তাকেই নেএচ্ছেদ ভাঁজ বোলে। মংগোলীয় সকলৰ প্ৰায় সকলো মানুহৰ চকুত নেএচ্ছেদ ভাঁজ দেখিবলৈ পোৱা যায়।

নেএচ্ছেদ ভাঁজ চাৰি প্ৰকাৰৰ – 

(ক) সম্পূৰ্ণ মংগোলীয় নেএচ্ছেদ ভাঁজ।

(খ) অন্তঃনেএচ্ছেদ ভাঁজ।

(গ) বহিঃনেএচ্ছেদ ভাঁজ।

(ঘ) মধ্য নেএচ্ছেদ ভাঁজ।

৩/ প্ৰজাতিৰ বিষয়ে ইউনোস্কোৱে আগবঢ়োৱা যিকোনো দুটা বিবৃত্তিৰ বিষয়ে লিখা ।

উত্তৰ :- ১৯৫০ চনত পেৰিচৰ বৈঠকত সমাজবৈজ্ঞানিক সকল আৰু ১৯৫২ চনত নৃতত্ববিদ আৰু আনুবংশিক বৈজ্ঞানিক সকলৰ যৌথ প্ৰচেষ্টাত প্ৰজাতিৰ ওপৰত থকা মানুহৰ ভ্ৰান্ত ধাৰণা দূৰ কৰাৰ উদ্দেশ্য বিবৃত্তি আগবঢ়োৱা হৈছিল।

(ক) প্ৰজাতি শ্ৰেণীকৰণৰ বাবে কেৱল আবয়বিক অৰ্থাৎ দেহতাত্বিক আৰু শৰীৰক্ৰিয়াত্মক লক্ষণবোৰহে ব্যৱহাৰৰ উপযুক্ত।

(খ) আনুবংশিক পাৰ্থক্যবোৰে বিভিন্ন মানৱগোষ্টীৰ মাজত থকা সামাজিক আৰু সাংস্কৃতিক পাৰ্থক্যবোৰ নিৰ্দ্ধাৰণ নকৰে।

৪/ প্ৰজাতিয় নিকষ বুলিলে কি বুজা ? দুটা নিকষ উল্লেখ কৰা।

উত্তৰ :- বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত কোনো মানৱগোটৰ আবয়কিক লক্ষণ বা বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয়। এই লক্ষণ বা বৈশিষ্ট্য সমূহৰ কিছুমান হাতেৰে স্পৰ্শ কৰি, চকুৰে চাই চিনাক্ত কৰিব পাৰি আনহাতে এনে কিছুমান লক্ষণ বা বৈশিষ্ট্য আছে যিবোৰ চিনাক্ত কৰিবৰ কাৰণে যন্ত্ৰপাতিৰ সহায় লোৱা হয়। প্ৰজাতিৰ এনে বৈশিষ্ট্য বা লক্ষণবোৰকেই প্ৰজাতিৰ নিকষ বোলা হয়।

দুটা প্ৰজাতিয় নিকষ হ’ল – চৰ্মবৰ্ণ, মুৰৰ আকৃতি।

৫/ বংশগতি বুলিলে কি বুজা ?

উত্তৰ :- বংশগতিৰ দ্বাৰা আবয়বিক তথা চাৰিত্ৰিক বৈশিষ্টসমূহ সন্তানে পিতৃ মাতৃৰ পৰা আহৰণ কৰে। পিতৃপুৰুষৰ পৰা পৰৱৰ্তী পুৰুষলৈ বংশগত লক্ষণসমূহ বা বৈশিষ্ট্যসমূহ জন্মগত ভাবে প্ৰবাহিত হোৱা প্ৰক্ৰিয়াক বংশগতি বোলা হয়।

৬/ অনুবংশিক বিজ্ঞান বুলিলে কি বুজা ?

উত্তৰ :- বংশগত লক্ষণ সমূহ জিনৰ জৰিয়তে পূৰ্বপুৰুষৰ পৰা উত্তৰ পুৰুষলৈ প্ৰবাহিত হয়।

বংশগত লক্ষণ বা বৈশিষ্ট্যসমূহ কিদৰে জন্মগত ভাৱে আহৰণ কৰা হয় বা এই বৈশিষ্ট্য সমূহ কিদৰে বংশানুক্ৰমে পৰিবাহিত হৈ থাকে আৰু প্ৰবাহিত হৈ থকা লক্ষণ সমূহৰ মাজত থকা সাদৃশ্য আৰু বৈসাদৃশ্য সমূহৰ ওপৰত আনুবংশিক বিজ্ঞানে অধ্যয়ন কৰে।

৭/  ৰক্ত সমষ্টিৰ আবিস্কাৰক কোন ? বিভিন্ন ৰক্ত সমষ্টিৰ নাম লিখা।

উত্তৰ :- ৰক্ত সমষ্টিৰ আবিস্কাৰক হ’ল ৰ্কাল লাণ্ডষ্টাইনাৰ। বিভিন্ন ৰক্তসমষ্টি সমূহৰ নাম হ’ল- 

(ক) এ, বি, অ’।আৰু 

(খ) এবি।

1 thought on “Class 12 Anthropology Chapter 1 আবয়বিক নৃতত্ব”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top